ভিজন:
ইন্টাৰনেটত অসমীয়া ভাষাত ইছলাম সম্পর্কে জ্ঞানকোষ প্ৰস্তুত কৰা।

মিচন:
islamEnc.in এটি দাৱাতি, গৱেষণাধর্মী আৰু শিক্ষামূলক ৱেবছাইট। ইয়াৰ লক্ষ্য হৈছে – ইছলামৰ মূল গ্ৰন্থবোৰৰ অনুবাদ তথা বিভিন্ন মছলা মাছাইল সম্পর্কীয় প্রশ্নাৱলীৰ গৱেষণানির্ভৰ, দলিলভিত্তিক আৰু যিমানদূৰ সম্ভৱ বিস্তাৰিত আৰু সহজভাষাত উত্তৰ প্রদান কৰা।

এই এপ্লিকেচন আৰু ৱেবছাইটৰ সকলো তথ্য তত্ত্বাৱধান কৰে শ্বাইখ ৰফিকুল ইছলাম বিন হাবীবুৰ ৰহমান (হাফিযাহুল্লাহ্) চাহাবে। এই এপ্লিকেচনে মুছলিম-অমুছলিম সকলো প্রশ্নকাৰীৰ ইছলামিক শ্বৰীয়াহ সম্পর্কীয় অথবা মনস্তাত্বিক আৰু সামাজিক যিকোনো প্রশ্নক আদৰণি জনায়।

লক্ষ্য-উদ্দেশ্য:
(১) কোৰআনৰ অসমীয়া অনুবাদ সহজলভ্য কৰা৷
(২) বুখাৰী মুছলিমকে আদি কৰি হাদীছৰ অন্যান্য গ্ৰন্থবোৰৰ অসমীয়া অনুবাদ উপলব্ধ কৰা৷
(৩) অসমীয়া ভাষাত অনুবাদ হোৱা নিৰ্ভৰযোগ্য ইছলামী কিতাপসমূহ পাঠকৰ বাবে সহজলভ্য কৰা৷
(৪) ইছলাম প্রচাৰ আৰু দাৱাত প্ৰদান কৰা।
(৫) ইছলামী জ্ঞানৰ প্রসাৰ আৰু মুছলমানৰ অজ্ঞতা দূৰীকৰণ।
(৬) দলিলভিত্তিক শ্বাৰয়ি প্রশ্নোত্তৰ প্রদানৰ মাধ্যমত মানুহৰ চাহিদা পূৰণ কৰা।
(৭) ইছলাম সম্পর্কে সন্দেহ সৃষ্টিকাৰী ব্যক্তিবর্গৰ সন্দেহ-সংশয়ৰ উত্তৰ প্রদান কৰা।
(৮) জ্ঞানগত, শিক্ষাগত আৰু সামাজিক পৰামর্শ প্ৰদানৰ মাধ্যমত জীৱনঘনিষ্ঠ বিভিন্ন বিষয়ত মানুহক দিশ-নির্দেশনা প্রদানকৰা।

নীতি:
এই এপ্লিকেচন তথা ৱেবছাইটে আহলে ছুন্নত অল-জামাআতৰ আকীদা আৰু ছালাফে চলেহীনৰ জ্ঞানবোধ প্রচাৰ কৰে।

এই ৱেবছাইটে সর্বোচ্চ চেষ্টা কৰে, যাতে তথ্যসমূহ গ্রন্থিত হয় কোৰআন আৰু ছুন্নাহৰ দলিলভিত্তিক। লগতে ইমাম আবু হানিফা (ৰাহিমাহুল্লাহ), ইমাম মালিক (ৰাহিমাহুল্লাহ), ইমাম শ্বাফেয়ী (ৰাহিমাহুল্লাহ) আৰু আহমাদ বিন হাম্বল (ৰাহিমাহুল্লাহ)ক যথাযথ মৰ্যাদা দিয়ে তথা তেওঁলোকৰ মন্তব্যক গুৰুত্ব দিয়ে, পূৰ্বৱৰ্তী আৰু পৰৱৰ্তী অন্যান্য আলিমসকলৰ মন্তব্যকো কোৰআন হাদীছৰ আধাৰত উচিত মৰ্যাদা দিয়ে।

এই ৱেবছাইটে অযথা তর্ক, গালি-শপনি, অশোভনীয় কথা আৰু নিষ্ফল বিবাদ ইত্যাদি এৰাই চলে, যিবোৰত কোনো ধৰণৰ কল্যাণ নাই।

আমি আল্লাহৰ ওচৰত দুআ কৰোঁ তেওঁ যেন আমাক এই পথত অবিচল ৰাখে, হিদায়তৰ ওপৰত সুদৃঢ় ৰাখে, আৰু তেওঁ যি পছন্দ কৰে আৰু ভালপায়, আমাক যাতে সেইটো কৰিবলৈ তাওফীক প্ৰদান কৰে।