আক্বীদাহ বিভাগ

  • তোমাৰ ৰব্ব বা প্ৰতিপালক কোন?

    উত্তৰ – মোৰ প্ৰতিপালক হৈছে আল্লাহ, যিয়ে মোক আৰু গোটেই বিশ্বজগতক তেওঁৰ নিয়ামতেৰে প্ৰতিপালন কৰি আছে।

    ইয়াৰ প্ৰমাণ হৈছে আল্লাহৰ এই বাণীঃ

    ﴿ اَلْحَمْدُ لِلّٰهِ رَبِّ الْعٰلَمِيْنَ ﴾

     অৰ্থঃ সকলো ধৰণৰ হামদ (প্ৰশংসা) বিশ্বজগতৰ ৰব্ব (প্ৰতিপালক) আল্লাহৰ বাবে। (ছুৰা আল-ফাতিহাঃ ২)

  • তোমাৰ দ্বীন বা ধৰ্ম কি?

    উত্তৰ- মোৰ দ্বীন বা ধৰ্ম হৈছে ইছলাম। ইছলামৰ অৰ্থ হৈছে, আল্লাহক একক বুলি মানি তেওঁৰ ওচৰত আত্মসমৰ্পন কৰা, বিনয়ী হৈ তেওঁৰ আনুগত্য কৰা, মুশ্বৰিক আৰু শ্বিৰ্কৰ পৰা বিৰত থকা।
    মহান আল্লাহে কৈছেঃ

    ﴿ اِنَّ الدِّيْنَ عِنْدَ اللّٰهِ الْاِسْلَامُ …﴾

    অৰ্থঃ নিশ্চয় ইছলামেই হৈছে আল্লাহৰ ওচৰত একমাত্ৰ (পছন্দনীয়) দ্বীন। (ছুৰা আলে-ইমৰাণঃ ১৯)

  • তোমাৰ নবী কোন?

    উত্তৰ- মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লাম।

    মহান আল্লাহে

    ﴿مُّحَمَّدٌ رَّسُولُ اللّٰهِ …﴾

     অৰ্থঃ মুহাম্মদ হৈছে আল্লাহৰ ৰাছুল… (ছুৰা আল-ফাতাহঃ ২৯)

  • তাওহীদৰ কলিমা উল্লেখ কৰা, আৰু ইয়াৰ অৰ্থ কি?

    উত্তৰ- কলিমা তাওহীদ হৈছে “লা ইলা-হা ইল্লাল্লাহ” আৰু ইয়াৰ অৰ্থ হৈছে, “আল্লাহৰ বাহিৰে ইবাদতৰ যোগ্য আন কোনো সত্য উপাস্য নাই”।

    মহান আল্লাহে কৈছেঃ

    ﴿فَاعْلَمْ أَنَّهُ لَا إِلَهَ إِلَّا اللّٰه …﴾

    অৰ্থঃ জানি থোৱা যে, নিশ্চয় আল্লাহৰ বাহিৰে আন কোনো সত্য ইলাহ নাই। (ছুৰা মুহাম্মদঃ ১৯)

  • সৰ্বশক্তিমান আল্লাহ ক'ত আছে?

    উত্তৰ- আল্লাহ আকাশত আৰছৰ ওপৰত আছে তথা সকলো সৃষ্টিৰ ওপৰত আছে। যেনে আল্লাহ তাআলাই কৈছেঃ

    ﴿ اَلرَّحْمٰنُ عَلَي الْعَرْشِ اسْتَوٰي ﴾

     অৰ্থঃ পৰম কৰুণাময় (ৰহমান) আৰছৰ ওপৰত উঠিছে। (ছুৰা ত্বা-হাঃ ৫)

    আৰু কৈছেঃ

    ﴿ وَهُوَ الْقَاهِرُ فَوْقَ عِبَادِهٖﵧ وَهُوَ الْحَكِيْمُ الْخَبِيْرُ ١٨ ﴾

    অৰ্থঃ আৰু তেৱেঁই নিজ বান্দাসকলৰ ওপৰত পূৰ্ণ নিয়ন্ত্ৰণকাৰী, আৰু তেওঁ প্ৰজ্ঞাময়, সম্যক অৱহিত। (ছুৰা আল-আনআমঃ ১৮)

  • মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লাম আল্লাহৰ ৰাছুল, এই সাক্ষ্য দিয়াৰ অৰ্থ কি?

    উত্তৰ- ইয়াৰ অৰ্থ হৈছেঃ নিশ্চয় আল্লাহে তেখেতক বিশ্বজগতৰ বাবে সুসংবাদ প্ৰদানকাৰী আৰু সতৰ্ককাৰী হিচাপে প্ৰেৰণ কৰিছে।

    গতিকে অনিবাৰ্য হৈছেঃ

    ১- তেখেতৰ আদেশৰ অনুসৰণ কৰা।

    ২- তেখেতে দিয়া সংবাদক সত্য বুলি বিশ্বাস কৰা।

    ৩- তেখেতৰ অবাধ্যতা নকৰা।

    ৪- চৰীয়ত মুতাবিক আল্লাহৰ ইবাদত কৰা, অৰ্থাৎ ছুন্নতৰ অনুসৰণ কৰা আৰু বিদআত পৰিত্যাগ কৰা।

    যেনেঃ আল্লাহ তাআলাই কৈছেঃ

    ﴿ مَنْ يُّطِعِ الرَّسُوْلَ فَقَدْ اَطَاعَ اللّٰهَﵐ…﴾

     অৰ্থঃ যিয়ে ৰাছুলৰ আনুগত্য কৰে, তেওঁ প্ৰকৃততে আল্লাহৰ অনুসৰণ কৰে। (ছুৰা নিছাঃ ৮০),

    পৱিত্ৰ মহান আল্লাহে আৰু কৈছেঃ

    ﴿ وَمَا يَنْطِقُ عَنِ الْهَوٰي ٣ﷀ  اِنْ هُوَ اِلَّا وَحْيٌ يُّوْحٰي ٤ﶫ ﴾

     অৰ্থঃ আৰু তেওঁ মনে সজা কথা নকয়। এয়া হৈছে কেৱল অহী, যিটো তেওঁৰ প্ৰতি অহীৰূপে প্ৰেৰণ কৰা হয়, (ছুৰা আন-নাজমঃ ৩-৪)

    সৰ্বশক্তিমান আল্লাহে আৰু কৈছেঃ

    ﴿ لَقَدْ كَانَ لَكُمْ فِيْ رَسُوْلِ اللّٰهِ اُسْوَةٌ حَسَنَةٌ لِّمَنْ كَانَ يَرْجُوا اللّٰهَ وَالْيَوْمَ الْاٰخِرَ وَذَكَرَ اللّٰهَ كَثِيْرًا ﴾

     অৰ্থঃ অৱশ্যে তোমালোকৰ বাবে আছে আল্লাহৰ ৰাছুলৰ মাজত উত্তম আদৰ্শ, সেই ব্যক্তিৰ বাবে যিয়ে আল্লাহ আৰু শেষ দিৱসৰ আশা পোষণ কৰে আৰু যিয়ে আল্লাহক বেছি বেছি স্মৰণ কৰে। (ছুৰা আল-আহঝাবঃ ২১)

  • মহান আল্লাহে আমাক কিয় সৃষ্টি কৰিছে?

    উত্তৰ- আমাক একমাত্ৰ তেওঁৰ ইবাদতৰ বাবে সৃষ্টি কৰিছে, তেওঁৰ কোনো অংশীদাৰ নাই।

    আমাক কোনো খেল-ধেমালিৰ উদ্দেশ্যে সৃষ্টি কৰা নাই।

    যেনে- আল্লাহে কৈছেঃ

    ﴿ وَمَا خَلَقْتُ الْجِنَّ وَالْاِنْسَ اِلَّا لِيَعْبُدُوْنِ ﴾

    অৰ্থঃ মই জিন আৰু মানুহক কেৱল এইকাৰণেই সৃষ্টি কৰিছোঁ যে, সিহঁত কেৱল মোৰেই ইবাদত কৰিব। (ছুৰা আজ-জাৰিয়াতঃ ৫৬)

  • ইবাদত কাক বোলে?

    ইবাদত হৈছে এনেকুৱা এটা অৰ্থপূৰ্ণ নাম, যাৰ দ্বাৰা প্ৰকাশ্য-অপ্ৰকাশ্য প্ৰত্যেক সেই কথা আৰু কৰ্মক বুজায় যিটোক আল্লাহে ভাল পায় তথা যাৰ দ্বাৰা তেওঁ সন্তুষ্ট হয়।

    প্ৰকাশ্য ইবাদত যেনে- মৌখিকভাৱে আল্লাহক স্মৰণ কৰা, তাছবীহ (ছুবহানাল্লাহ পঢ়া), তাহমীদ (আলহাম্দুলিল্লাহ পঢ়া), তাকবীৰ (আল্লাহু আকবাৰ) পাঠ কৰা, নামাজ আদায় কৰা, হজ্জ কৰা আদি।

    অপ্ৰকাশ্য ইবাদত যেনে- ভৰসা কৰা, ভয় কৰা, আশা কৰা আদি।

  • আমাৰ ওপৰত থকা আটাইতকৈ ডাঙৰ কৰ্তব্যটো কি?

    উত্তৰ- আমাৰ ওপৰত থকা আটাইতকৈ ডাঙৰ কৰ্তব্যটো হৈছে আল্লাহৰ তাওহীদ বা তেওঁৰ একত্ববাদ স্বীকাৰ কৰা।

  • তাওহীদৰ প্ৰকাৰসমূহ কি কি?

    উত্তৰ- তাওহীদুৰ ৰুবুবিয়্যাহঃ অৰ্থাৎ আল্লাহৰ প্ৰতি এই বুলি ঈমান পোষণ কৰা যে, তেৱেঁই হৈছে সৃষ্টিকৰ্তা, জীৱিকাদাতা, মালিক তথা নিয়ন্ত্ৰণকাৰী, তেওঁ একক তেওঁৰ কোনো অংশীদাৰ নাই।

    তাওহীদুল উলুহিয়্যাহঃ একমাত্ৰ আল্লাহৰেই ইবাদত কৰা, আল্লাহৰ বাহিৰে আন কাৰো ইবাদত নকৰা।

    তাওহীদুল আছমা অচচিফাতঃ কোৰআন আৰু হাদীছত বৰ্ণিত আল্লাহৰ নাম আৰু গুণাৱলীসমূহৰ প্ৰতি ঈমান পোষণ কৰা, কোনো ধৰণৰ উপমা, সাদৃশ্যতা আৰু অস্বীকাৰ নকৰাকৈ।

    তাওহীদৰ উক্ত এই তিনি প্ৰকাৰৰ প্ৰমাণ হৈছে আল্লাহ তাআলাৰ এই বাণীঃ

    ﴿ رَبُّ السَّمٰوٰتِ وَالْاَرْضِ وَمَا بَيْنَهُمَا فَاعْبُدْهُ وَاصْطَبِرْ لِعِبَادَتِهٖﵧ هَلْ تَعْلَمُ لَهٗ سَمِيًّا ﴾

    অৰ্থঃ তেৱেঁই আকাশসমূহ, পৃথিৱী আৰু এই দুয়োৰে মাজত যি যি আছে সেই সকলোৰে ৰব্ব। সেয়ে কেৱল আপুনি তেওঁৰেই ইবাদত কৰক আৰু তেওঁৰ ইবাদতত ধৈৰ্য্য ধাৰণ কৰক। আপুনি তেওঁৰ সমনাম গুণ সম্পন্ন কাৰোবাক জানেনে? (ছুৰা মাৰয়ামঃ ৬৫)

  • আটাইতকৈ ডাঙৰ গুনাহটো কি?

    উত্তৰ- আল্লাহৰ সৈতে শ্বিৰ্ক কৰা।

    যেনে- আল্লাহে কৈছেঃ

    ﴿اِنَّ اللّٰهَ لَا يَغْفِرُ اَنْ يُّشْرَكَ بِهٖ وَيَغْفِرُ مَا دُوْنَ ذٰلِكَ لِمَنْ يَّشَآءُﵐ وَمَنْ يُّشْرِكْ بِاللّٰهِ فَقَدِ افْتَرٰ٘ي اِثْمًا عَظِيْمًا﴾

    অৰ্থঃ নিশ্চয় আল্লাহে তেওঁৰ লগত অংশী স্থাপন কৰাক ক্ষমা নকৰে। ইয়াৰ বাহিৰে অন্যান্য অপৰাধসমূহ যাক ইচ্ছা ক্ষমা কৰে আৰু যিয়ে আল্লাহৰ লগত আনক অংশী কৰে সি নিশ্চয় মহাপাপ ৰচনা কৰে। (ছুৰা আন-নিছাঃ ৪৮)

  • শ্বিৰ্ক আৰু ইয়াৰ প্ৰকাৰসমূহ উল্লেখ কৰা?

    উত্তৰ- ইবাদতৰ যিকোনো এটা প্ৰকাৰ আল্লাহৰ বাহিৰে আনৰ বাবে কৰা বা কাৰোবাক আল্লাহৰ সমকক্ষ স্থিৰ কৰা নাইবা তেওঁৰ চিফাতৰ সমতুল্য বুলি জ্ঞান কৰাকে শ্বিৰ্ক বোলে।

    ইয়াৰ প্ৰকাৰসমূহঃ

    শ্বিৰ্কে আকবাৰ বা ডাঙৰ শ্বিৰ্কঃ উদাহৰণস্বৰূপে আল্লাহৰ বাহিৰে আনৰ ওচৰত দুআ কৰা, অথবা আল্লাহৰ বাহিৰে আনৰ সন্মুখত ছাজদাহ কৰা, নাইবা আল্লাহৰ বাহিৰে আনৰ উদ্দেশ্যে জীৱ-জন্তু জবেহ কৰা।

    শ্বিৰ্কে আচগৰ বা সৰু শ্বিৰ্কঃ উদাহৰণস্বৰূপে আল্লাহৰ বাহিৰে আনৰ শপত খোৱা, অথবা তাবিজ ব্যৱহাৰ কৰা অৰ্থাৎ কোনো ক্ষয়-ক্ষতিৰ পৰা ৰক্ষা পাবলৈ নাইবা কোনো উপকাৰ সাধন কৰিবলৈ কোনো বস্তু ওলোমাই ৰখা। এইদৰে ৰিয়াও হৈছে শ্বিৰ্কে আচগৰ, (লোকক দেখুৱাবলৈ কৰা আমলক ৰিয়া বোলে) উদাহৰণস্বৰূপে মানুহক দেখুৱাবলৈ উত্তমভাৱে নামাজ আদায় কৰা।

  • আল্লাহৰ বাহিৰে আন কোনোবাই গায়েব জানেনে?

    উত্তৰ- একমাত্ৰ আল্লাহৰ বাহিৰে আন কোনেও গায়েব নাজানে।

    যেনে- আল্লাহে কৈছেঃ

    ﴿قُلْ لَّا يَعْلَمُ مَنْ فِي السَّمٰوٰتِ وَالْاَرْضِ الْغَيْبَ اِلَّا اللّٰهُﵧ وَمَا يَشْعُرُوْنَ اَيَّانَ يُبْعَثُوْنَ ﴾

    অৰ্থঃ কোৱা, ‘আল্লাহৰ বাহিৰে আকাশসমূহ আৰু পৃথিৱীৰ কোনেও গায়েব নাজানে। আনকি সিহঁতে উপলব্ধিও কৰিব নোৱাৰে যে সিহঁতক কেতিয়া উত্থিত কৰা হ’ব’। (ছুৰা আন-নামলঃ ৬৫)

  • ঈমানৰ আৰকান কেইটা আৰু কি কি?

    উত্তৰ- ঈমানৰ আৰকান হৈছে ছয়টা। যেনে-

    ১- আল্লাহৰ প্ৰতি ঈমান পোষণ কৰা।

    ২- ফিৰিস্তাসকলৰ প্ৰতি ঈমান পোষণ কৰা।

    ৩- অৱতীৰ্ণ হোৱা কিতাবসমূহৰ প্ৰতি ঈমান পোষণ কৰা।

    ৪- তেওঁ প্ৰেৰণ কৰা ৰাছুলসকলৰ প্ৰতি ঈমান পোষণ কৰা।

    ৫- শেষ দিৱসৰ প্ৰতি ঈমান পোষণ কৰা।

    ৬- ভাগ্যৰ মঙ্গল অমঙ্গলৰ প্ৰতি ঈমান পোষণ কৰা।

    ইয়াৰ প্ৰমাণ হৈছে মুছলিমসকলৰ মাজত বিখ্যাত সেই হাদীছে জিব্ৰীল, যিটো হাদীছত উল্লেখ আছে যে, জিব্ৰীল আলাইহিচ্ছালামে নবী চাল্লাল্লাহু আলাইহি অছাল্লামক কৈছিলঃ “মোক ঈমান সম্পৰ্কে জ্ঞান দিয়ক”। তেখেতে (ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে) কৈছিল: “ঈমান হৈছে- আল্লাহৰ প্ৰতি, তেওঁৰ ফিৰিস্তাসকলৰ প্ৰতি, তেওঁৰ কিতাবসমূহৰ প্ৰতি, তেওঁৰ ৰাছুলসকলৰ প্ৰতি আৰু আখিৰাতৰ প্ৰতি ঈমান পোষণ কৰা, লগতে তাকদীৰৰ (ভাগ্যৰ) ভাল-বেয়াৰ ওপৰত বিশ্বাস স্থাপন কৰা।”

  • ঈমানৰ আৰকানসমূহৰ ব্যাখ্যা কৰা।

    উত্তৰ- আল্লাহৰ প্ৰতি ঈমান পোষণ কৰা

    আল্লাহৰ প্ৰতি এই বুলি ঈমান পোষণ কৰা যে, তেৱেঁই তোমাক সৃষ্টি কৰিছে আৰু তেৱেঁই তোমাক জীৱিকা প্ৰদান কৰিছে। একমাত্ৰ তেৱেঁই গোটেই সৃষ্টিজগতৰ মালিক আৰু পৰিচালক তথা নিয়ন্ত্ৰণকাৰী।

    তেৱেঁই ইবাদতৰ যোগ্য, তেওঁৰ বাহিৰে আন কোনো সত্য উপাস্য নাই।

    তেৱেঁই মহান, সৰ্বোচ্চ তথা পূৰ্ণাংগ সত্ত্বা, সকলো প্ৰকাৰ প্ৰশংসা একমাত্ৰ তেওঁৰেই। তেওঁৰ বাবে আছে সুন্দৰ সুন্দৰ নাম আৰু উচ্চ গুণবিশিষ্ট চিফাত। তেওঁৰ কোনো সমকক্ষ নাই তথা অংশীদাৰো নাই। তেওঁক একোৰেই তুলনা কৰিব নোৱাৰি।

    ফিৰিস্তাসকলৰ প্ৰতি ঈমান

    তেওঁলোক হৈছে আল্লাহৰ এটা সৃষ্টি, আল্লাহে তেওঁলোকক নূৰেৰে সৃষ্টি কৰিছে। তথা তেওঁলোকক তেওঁৰ ইবাদতৰ বাবে আৰু তেওঁৰ নিৰ্দেশ মতে পূৰ্ণাংগ আনুগত্য কৰিবলৈ সৃষ্টি কৰিছে।

    তেওঁলোকৰ মাজৰ এজন হৈছে জিব্ৰীল আলাইহিচ্ছালাম, তেওঁ নবীসকলৰ প্ৰতি অহীলৈ অৱতৰণ কৰিছিল।

    ঐশী গ্ৰন্থসমূহৰ প্ৰতি ঈমান

    ইয়াৰ দ্বাৰা সেইসমূহ গ্ৰন্থক বুজোৱা হৈছে যিবোৰ গ্ৰন্থক আল্লাহে ৰাছুলসকলৰ ওপৰত অৱতীৰ্ণ কৰিছিল।

    যেনে- কোৰআন অৱতীৰ্ণ কৰিছিল মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওপৰত।

    ইঞ্জীল অৱতীৰ্ণ কৰিছিল ঈছা আলাইহিচ্ছালামৰ ওপৰত।

    তাওৰাত অৱতীৰ্ণ কৰিছিল মুছা আলাইহিচ্ছালামৰ ওপৰত।

    ঝাবূৰ অৱতীৰ্ণ কৰিছিল দাঊদ আলাইহিচ্ছালামৰ ওপৰত।

    ইয়াৰ ওপৰিও ইব্ৰাহীম আৰু মুছা আলাইহিমাচ্ছালামৰ ওপৰত অৱতীৰ্ণ কৰিছিল ছহিফাসমূহ।

    ৰাছুলসকলৰ প্ৰতি ঈমান

    তেওঁলোকক আল্লাহে তেওঁৰ বান্দাসকলৰ ওচৰলৈ প্ৰেৰণ কৰিছিল, যাতে তেওঁলোকে সিহঁতক শিক্ষা প্ৰদান কৰে, লগতে জান্নাত আৰু কল্যাণৰ সুসংবাদ দিয়ে, আৰু যাতে সিহঁতক বেয়া কৰ্ম আৰু জাহান্নামৰ পৰা সতৰ্ক কৰে।

    তেওঁলোকৰ মাজত সৰ্বোত্তম হৈছে, দৃঢ়প্ৰতিজ্ঞ ৰাছুলসকল। তেওঁলোক হৈছেঃ

    নূহ আলাইহিচ্ছালাম।

    ইব্ৰাহীম আলাইহিচ্ছালাম।

    মুছা আলাইহিচ্ছালাম।

    ঈছা আলাইহিচ্ছালাম।

    মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লাম।

    শেষ দিৱসৰ প্ৰতি ঈমান

    ইয়াৰ দ্বাৰা মৃত্যুৰ পিছৰ জীৱন যেনে, কবৰ, কিয়ামত দিৱস, পুনৰুত্থান আৰু হিচাপ-নিকাচ দিৱস আদিক বুজোৱা হৈছে, য’ত ফয়চালা হোৱাৰ পিছত জান্নাতীসকলে জান্নাতত আৰু জাহান্নামীসকলে জাহান্নামত অৱস্থান কৰিব।

    ভাগ্যৰ মঙ্গল অমঙ্গলৰ প্ৰতি ঈমান পোষণ কৰা

    এই বিশ্বাস পোষণ কৰা যে, বিশ্বজগতত সংঘটিত হোৱা প্ৰতিটো বস্তু সম্পৰ্কে নিশ্চয় আল্লাহ অৱগত, আৰু তেওঁ এইবোৰ লাওহে মাহফুজত লিপিবদ্ধ কৰি ৰাখিছে, তথা এইবোৰ তেওঁৰ ইচ্ছামতেই অস্তিত্ব লাভ কৰে আৰু সৃষ্টি হয়।

    আল্লাহ তাআলাই কৈছেঃ

    ﴿اِنَّا كُلَّ شَيْءٍ خَلَقْنٰهُ بِقَدَرٍ ﴾

    অৰ্থঃ নিশ্চয় আমি প্ৰতিটো বস্তু তাকদীৰ অনুসৰি সৃষ্টি কৰিছোঁ। (ছুৰা আল-ক্বামাৰঃ ৪৯)

    তাকদীৰৰ প্ৰতি ঈমানৰ ভিতৰত চাৰিটা বিষয় অন্তৰ্ভুক্ত আছেঃ

    প্ৰথম: এই কথাৰ প্ৰতি ঈমান পোষণ কৰা যে, আল্লাহ তাআলা সৰ্ব বিষয়ে সৰ্বজ্ঞ প্ৰতিটো বস্তুৰ পূৰ্বৰ পৰাই তেওঁ সেই বিষয়ে অৱগত, সেই বস্তুটো অস্তিত্বলৈ অহাৰ পূৰ্বেও তেওঁ অৱগত আছিল আৰু অস্তিত্বলৈ অহাৰ পিছতো তেওঁ অৱগত।

    ইয়াৰ প্ৰমাণ হৈছে আল্লাহৰ এই বাণীঃ

    ﴿اِنَّ اللّٰهَ عِنْدَهٗ عِلْمُ السَّاعَةِﵐ وَيُنَزِّلُ الْغَيْثَﵐ وَيَعْلَمُ مَا فِي الْاَرْحَامِﵧ وَمَا تَدْرِيْ نَفْسٌ مَّاذَا تَكْسِبُ غَدًاﵧ وَمَا تَدْرِيْ نَفْسٌۣ بِاَيِّ اَرْضٍ تَمُوْتُﵧ اِنَّ اللّٰهَ عَلِيْمٌ خَبِيْرٌ ٣٤﴾

    অৰ্থঃ নিশ্চয় আল্লাহ, তেওঁৰ ওচৰতেই আছে কিয়ামতৰ সঠিক জ্ঞান, তেৱেঁই বৰষুণ অৱতীৰ্ণ কৰে আৰু তেৱেঁই জানে মাতৃগৰ্ভত যি আছে। কোনোৱেই নাজানে অহাকালি সি কি উপাৰ্জন কৰিব আৰু কোনোৱেই নাজানে কোন ঠাইত তাৰ মৃত্যু ঘটিব। নিশ্চয় আল্লাহ সৰ্বজ্ঞ, সম্যক অৱহিত। (ছুৰা লুক্বমানঃ ৩৪)

    দ্বিতীয়ঃ নিশ্চয় আল্লাহে প্ৰতিটো বস্তু সম্পৰ্কে লাওহে মাহফুজত লিখি ৰাখিছে। প্ৰতিটো বস্তু যিটো অস্তিত্ব লাভ কৰিছে আৰু যিটো ভৱিষ্যতে অস্তিত্ব লাভ কৰিব সেই সকলোবোৰ আল্লাহে তেওঁৰ ওচৰত থকা গ্ৰন্থত লিপিবদ্ধ কৰি ৰাখিছে।

    ইয়াৰ প্ৰমাণ হৈছে আল্লাহৰ এই বাণীঃ

    ﴿وَعِنْدَهٗ مَفَاتِحُ الْغَيْبِ لَا يَعْلَمُهَا٘ اِلَّا هُوَﵧ وَيَعْلَمُ مَا فِي الْبَرِّ وَالْبَحْرِﵧ وَمَا تَسْقُطُ مِنْ وَّرَقَةٍ اِلَّا يَعْلَمُهَا وَلَا حَبَّةٍ فِيْ ظُلُمٰتِ الْاَرْضِ وَلَا رَطْبٍ وَّلَا يَابِسٍ اِلَّا فِيْ كِتٰبٍ مُّبِيْنٍ﴾

    অৰ্থঃ আৰু গায়েবৰ চাবি-কাঠি আছে তেওঁৰেই ওচৰত, তেওঁৰ বাহিৰে কোনেও সেয়া নাজানে। স্থল আৰু সাগৰৰ অন্ধকাৰসমূহত যি আছে সেয়া কেৱল তেৱেঁই অৱগত, তেওঁৰ অজানিতে গছৰ এটা পাতো নসৰে। মাটিৰ অন্ধাকাৰত এনে কোনো শস্যকণাও অংকুৰিত নহয় অথবা ৰসযুক্ত নাইবা শুকান এনে কোনো বস্তু নাই যিটো স্পষ্ট কিতাবত নাই। (ছুৰা আল-আনআমঃ ৫৯)

    তৃতীয়ঃ এই কথাৰ প্ৰতি বিশ্বাস পোষণ কৰা যে, বিশ্বজগতত সংঘটিত হোৱা প্ৰতিটো ঘটনা আল্লাহৰ ইচ্ছাতেই সংঘটিত হয়। একোৱেই তেওঁৰ ইচ্ছাৰ বাহিৰে সংঘটিত নহয়। সেইটো তেওঁৰ নিজৰ কাৰ্যসম্পৰ্কীয় বিষয় হওক অথবা তেওঁৰ সৃষ্টিৰ কাৰ্যসম্পৰ্কীয় বিষয় হওক।

    ইয়াৰ প্ৰমাণ হৈছে আল্লাহৰ এই বাণীঃ

    ﴿لِمَنْ شَآءَ مِنْكُمْ اَنْ يَّسْتَقِيْمَ ٢٨ﶠ وَمَا تَشَآءُوْنَ اِلَّا٘ اَنْ يَّشَآءَ اللّٰهُ رَبُّ الْعٰلَمِيْنَ ٢٩ﶒ ﴾

    অৰ্থঃ সেই ব্যক্তিৰ বাবে, তোমালোকৰ মাজৰ যিয়ে সৰল পথত চলিব বিচাৰে। তোমালোকে ইচ্ছা কৰিব নোৱাৰা, যেতিয়ালৈকে বিশ্বজগতৰ প্ৰতিপালক আল্লাহে ইচ্ছা নকৰে। (ছুৰা আত-তাকৱীৰঃ ২৮-২৯)

    চতুৰ্থঃ এই কথাৰ প্ৰতি ঈমান পোষণ কৰা যে, সমগ্ৰ সৃষ্টিজগৎ, আৰু সিহঁতৰ সত্ত্বা, গুণ আৰু কৰ্ম তৎপৰতাসহ প্ৰতিটো বস্তু আল্লাহৰে সৃষ্টি।

    ইয়াৰ প্ৰমাণ হৈছে আল্লাহৰ এই বাণীঃ

    ﴿وَاللّٰهُ خَلَقَكُمْ وَمَا تَعْمَلُوْنَ ﴾

    অৰ্থঃ ‘অথচ আল্লাহেই সৃষ্টি কৰিছে তোমালোকক আৰু তোমালোকে যি তৈয়াৰ কৰা সেইটোকো তেৱেঁই সৃষ্টি কৰিছে’। (ছুৰা আচ-চা-ফফা-তঃ ৯৬)