chapter_note_beforechapterchapter_note_afterhadith_numberhadith_arabichadith_assamesehadith_note
পৰিচ্ছেদ : 1, কেনেকৈ ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ প্ৰতি অহীৰ সূচনা হৈছিল ?1حَدَّثَنَا الحُمَيْدِيُّ عَبْدُ اللَّهِ بْنُ الزُّبَيْرِ, قَالَ: حَدَّثَنَا سُفْيَانُ, قَالَ: حَدَّثَنَا يَحْيَى بْنُ سَعِيدٍ الأَنْصَارِيُّ, قَالَ: أَخْبَرَنِي مُحَمَّدُ بْنُ إِبْرَاهِيمَ التَّيْمِيُّ, أَنَّهُ سَمِعَ عَلْقَمَةَ بْنَ وَقَّاصٍ اللَّيْثِيَّ, يَقُولُ: سَمِعْتُ عُمَرَ بْنَ الخَطَّابِ رَضِيَ اللَّهُ عَنْهُ عَلَى المِنْبَرِ قَالَ: سَمِعْتُ رَسُولَ اللَّهِ صَلَّى اللَّهُ عَلَيْهِ وَسَلَّمَ يَقُولُ: " إِنَّمَا الأَعْمَالُ بِالنِّيَّاتِ, وَإِنَّمَا لِكُلِّ امْرِئٍ مَا نَوَى , فَمَنْ كَانَتْ هِجْرَتُهُ إِلَى دُنْيَا يُصِيبُهَا , أَوْ إِلَى امْرَأَةٍ يَنْكِحُهَا, فَهِجْرَتُهُ إِلَى مَا هَاجَرَ إِلَيْهِ.... ‘আলক্বামাহ ইবনু অক্কাছ আল-লায়ছী ৰাহিমাহুল্লাহৰ পৰা বৰ্ণিত। তেখেতে কৈছে, মই ‘ওমৰ ইবনুল খাত্তাব ৰাদ্বিয়াল্লাহু আনহুক মিম্বাৰৰ ওপৰত থিয় হৈ কওঁতে শুনিছোঁ, তেওঁ কৈছেঃ মই আল্লাহৰ ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামক কওঁতে শুনিছোঁঃ “কামৰ (প্ৰাপ্য হ’ব) নিয়্যত অনুযায়ী। আৰু মানুহে তাৰ নিয়্যত অনুযায়ী প্ৰতিফল পাব। এতেকে যাৰ হিজৰত হ’ব ইহকাল লাভৰ বাবে অথবা কোনো মহিলাক বিবাহ কৰাৰ উদ্দেশ্যে- তেন্তে তাৰ হিজৰত সেই উদ্দেশ্যেই গৃহীত হ’ব, যাৰ বাবে সি হিজৰত কৰিছে”। (সংশ্লিষ্ট হাদীছসমূহঃ ৫৪, ২৫২৯, ৩৮৯৮, ৫০৭০, ৬৬৮৯, ৬৯৫৩; মুছলিম ২৩/৪৫ হাদীছ নং ১৯০৭, আহমদ ১৬৮) (আধুনিক প্ৰকাশনী ১, ইছলামিক ফাউণ্ডেশ্বন ১)
পৰিচ্ছেদ : 22حَدَّثَنَا عَبْدُ اللَّهِ بْنُ يُوسُفَ, قَالَ: أَخْبَرَنَا مَالِكٌ, عَنْ هِشَامِ بْنِ عُرْوَةَ, عَنْ أَبِيهِ, عَنْ عَائِشَةَ أُمِّ المُؤْمِنِينَ رَضِيَ اللَّهُ عَنْهَا, أَنَّ الحَارِثَ بْنَ هِشَامٍ رَضِيَ اللَّهُ عَنْهُ سَأَلَ رَسُولَ اللَّهِ صَلَّى اللَّهُ عَلَيْهِ وَسَلَّمَ فَقَالَ: يَا رَسُولَ اللَّهِ, كَيْفَ يَأْتِيكَ الوَحْيُ ؟ فَقَالَ رَسُولُ اللَّهِ صَلَّى اللَّهُ عَلَيْهِ وَسَلَّمَ: " أَحْيَانًا يَأْتِينِي مِثْلَ صَلْصَلَةِ الجَرَسِ , وَهُوَ أَشَدُّهُ عَلَيَّ, فَيُفْصَمُ عَنِّي وَقَدْ وَعَيْتُ عَنْهُ مَا قَالَ, وَأَحْيَانًا يَتَمَثَّلُ لِيَ المَلَكُ رَجُلًا فَيُكَلِّمُنِي فَأَعِي مَا يَقُولُ " قَالَتْ عَائِشَةُ رَضِيَ اللَّهُ عَنْهَا: وَلَقَدْ رَأَيْتُهُ يَنْزِلُ عَلَيْهِ الوَحْيُ فِي اليَوْمِ الشَّدِيدِ البَرْدِ, فَيَفْصِمُ عَنْهُ وَإِنَّ جَبِينَهُ لَيَتَفَصَّدُ عَرَقًا.... উম্মুল মু’মিনীন ‘আইশ্বাহ ৰাদ্বিয়াল্লাহু আনহাৰ পৰা বৰ্ণিত। হাৰিছ ইবনু হিশ্বাম ৰাদ্বিয়াল্লাহু আনহুৱে আল্লাহৰ ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামক সুধিলে, ‘হে আল্লাহৰ ৰাছুল! আপোনাৰ ওচৰত অহী কেনেকৈ আহে?’ আল্লাহৰ ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামে ক’লেঃ “কোনো কোনো সময়ত ই ঘণ্টা বজাৰ দৰে মোৰ ওচৰত আহে। আৰু এই ধৰণটোৱেই মোৰ ওপৰত আটাইতকৈ বেদনাদায়ক হয়, আৰু মোৰ পৰা এই অৱস্থা শেষ হোৱাৰ লগে লগে মই তেওঁৰ (ফিৰিস্তাৰ) পৰা সেইটো মুখস্থ কৰি লওঁ যিটো তেওঁ কয়, আকৌ কেতিয়াবা মালাকে (ফিৰিস্তাই) মানুহৰ ৰূপ ধাৰণ কৰি মোৰ লগত কথা কয়। তেওঁ যি কয়, মই সেয়া মুখস্থ কৰি লওঁ”। ‘আইশ্বাহ ৰাদ্বিয়াল্লাহু আনহাই কৈছে, “মই তীব্ৰ শীতৰ সময়তো তেখেতক অহী অৱতীৰ্ণ অৱস্থাত দেখিছোঁ। অহী শেষ হোৱাৰ লগে লগে তেখেতৰ কপালৰ পৰা ঘাম নিগৰি পৰিছে”।(সংশ্লিষ্ট হাদীছসমূহঃ ৩২১৫; মুছলিম ৪৩/২৩, হাদীছ নং ২৩৩৩, আহমদ ২৫৩০৭, ২৬২৫৮) (আ. প্ৰ. ২, ই. ফা. ২)
পৰিচ্ছেদ : 33

 حَدَّثَنَا يَحْيَى بْنُ بُكَيْرٍ، قَالَ: حَدَّثَنَا اللَّيْثُ، عَنْ عُقَيْلٍ، عَنِ ابْنِ شِهَابٍ، عَنْ عُرْوَةَ بْنِ الزُّبَيْرِ، عَنْ عَائِشَةَ أُمِّ المُؤْمِنِينَ أَنَّهَا قَالَتْ: أَوَّلُ مَا بُدِئَ بِهِ رَسُولُ اللَّهِ صَلَّى اللَّهُ عَلَيْهِ وَسَلَّمَ مِنَ الوَحْيِ الرُّؤْيَا الصَّالِحَةُ فِي النَّوْمِ، فَكَانَ لاَ يَرَى رُؤْيَا إِلَّا جَاءَتْ مِثْلَ فَلَقِ الصُّبْحِ، ثُمَّ حُبِّبَ إِلَيْهِ الخَلاَءُ ، وَكَانَ يَخْلُو بِغَارِ حِرَاءٍ فَيَتَحَنَّثُ فِيهِ - وَهُوَ التَّعَبُّدُ - اللَّيَالِيَ ذَوَاتِ العَدَدِ قَبْلَ أَنْ يَنْزِعَ إِلَى أَهْلِهِ، وَيَتَزَوَّدُ لِذَلِكَ، ثُمَّ يَرْجِعُ إِلَى خَدِيجَةَ فَيَتَزَوَّدُ لِمِثْلِهَا، حَتَّى جَاءَهُ الحَقُّ وَهُوَ فِي غَارِ حِرَاءٍ، فَجَاءَهُ المَلَكُ فَقَالَ: اقْرَأْ، قَالَ: " مَا أَنَا بِقَارِئٍ "، قَالَ: " فَأَخَذَنِي فَغَطَّنِي حَتَّى بَلَغَ مِنِّي الجَهْدَ ثُمَّ أَرْسَلَنِي، فَقَالَ: اقْرَأْ، قُلْتُ: مَا أَنَا بِقَارِئٍ، فَأَخَذَنِي فَغَطَّنِي الثَّانِيَةَ حَتَّى بَلَغَ مِنِّي الجَهْدَ ثُمَّ أَرْسَلَنِي، فَقَالَ: اقْرَأْ، فَقُلْتُ: مَا أَنَا بِقَارِئٍ، فَأَخَذَنِي فَغَطَّنِي الثَّالِثَةَ ثُمَّ أَرْسَلَنِي، فَقَالَ: { اقْرَأْ بِاسْمِ رَبِّكَ الَّذِي خَلَقَ . خَلَقَ الإِنْسَانَ مِنْ عَلَقٍ . اقْرَأْ وَرَبُّكَ الأَكْرَمُ } " فَرَجَعَ بِهَا رَسُولُ اللَّهِ صَلَّى اللَّهُ عَلَيْهِ وَسَلَّمَ يَرْجُفُ فُؤَادُهُ، فَدَخَلَ عَلَى خَدِيجَةَ بِنْتِ خُوَيْلِدٍ رَضِيَ اللَّهُ عَنْهَا، فَقَالَ: " زَمِّلُونِي زَمِّلُونِي " فَزَمَّلُوهُ حَتَّى ذَهَبَ عَنْهُ الرَّوْعُ ، فَقَالَ لِخَدِيجَةَ وَأَخْبَرَهَا الخَبَرَ: " لَقَدْ خَشِيتُ عَلَى نَفْسِي " فَقَالَتْ خَدِيجَةُ: كَلَّا وَاللَّهِ مَا يُخْزِيكَ اللَّهُ أَبَدًا، إِنَّكَ لَتَصِلُ الرَّحِمَ ، وَتَحْمِلُ الكَلَّ ، وَتَكْسِبُ المَعْدُومَ ، وَتَقْرِي الضَّيْفَ، وَتُعِينُ عَلَى نَوَائِبِ الحَقِّ، فَانْطَلَقَتْ بِهِ خَدِيجَةُ حَتَّى أَتَتْ بِهِ وَرَقَةَ بْنَ نَوْفَلِ بْنِ أَسَدِ بْنِ عَبْدِ العُزَّى ابْنَ عَمِّ خَدِيجَةَ وَكَانَ امْرَأً تَنَصَّرَ فِي الجَاهِلِيَّةِ، وَكَانَ يَكْتُبُ الكِتَابَ العِبْرَانِيَّ، فَيَكْتُبُ مِنَ الإِنْجِيلِ بِالعِبْرَانِيَّةِ مَا شَاءَ اللَّهُ أَنْ يَكْتُبَ، وَكَانَ شَيْخًا كَبِيرًا قَدْ عَمِيَ، فَقَالَتْ لَهُ خَدِيجَةُ: يَا ابْنَ عَمِّ، اسْمَعْ مِنَ ابْنِ أَخِيكَ، فَقَالَ لَهُ وَرَقَةُ: يَا ابْنَ أَخِي مَاذَا تَرَى ؟

فَأَخْبَرَهُ رَسُولُ اللَّهِ صَلَّى اللَّهُ عَلَيْهِ وَسَلَّمَ خَبَرَ مَا رَأَى، فَقَالَ لَهُ وَرَقَةُ: هَذَا النَّامُوسُ الَّذِي نَزَّلَ اللَّهُ عَلَى مُوسَى، يَا لَيْتَنِي فِيهَا جَذَعًا ، لَيْتَنِي أَكُونُ حَيًّا إِذْ يُخْرِجُكَ قَوْمُكَ، فَقَالَ رَسُولُ اللَّهِ صَلَّى اللَّهُ عَلَيْهِ وَسَلَّمَ: " أَوَ مُخْرِجِيَّ هُمْ "، قَالَ: نَعَمْ، لَمْ يَأْتِ رَجُلٌ قَطُّ بِمِثْلِ مَا جِئْتَ بِهِ إِلَّا عُودِيَ، وَإِنْ يُدْرِكْنِي يَوْمُكَ أَنْصُرْكَ نَصْرًا مُؤَزَّرًا . ثُمَّ لَمْ يَنْشَبْ وَرَقَةُ أَنْ تُوُفِّيَ، وَفَتَرَ الوَحْيُ.

... উম্মুল মু’মিনীন ‘আয়িশ্বাহ ৰাদ্বিয়াল্লাহু আনহাৰ পৰা বৰ্ণিত। তেখেতে কৈছে, আল্লাহৰ ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওচৰত সৰ্বপ্ৰথম যি অহী আহিছিল, সেয়া আছিল নিদ্ৰাৱস্থাত নেক সপোনৰ মাধ্যমত। যি সপোন তেখেতে দেখা পাইছিল সেয়া একেবাৰে প্ৰভাতৰ কিৰণৰ নিচিনা প্ৰকাশিত (বাস্তৱ প্ৰমাণিত) হৈছিল। তাৰ পিছত তেখেতে নিৰ্জনতা পছন্দ কৰিবলৈ ধৰিলে আৰু তেওঁ ‘হিৰা’ৰ গুহাত নিৰ্জনে অৱস্থান কৰি ইবাদত কৰিবলৈ ধৰিলে। নিজ পৰিয়ালৰ ওচৰত উভতি আহি কিছুমান খাদ্যসামগ্ৰী লগত লৈ আকৌ উভতি যায়- এনেকৈ তাত তেখেতে কেই ৰাতিমান ‘ইবাদতত মগ্ন থাকে, তাৰ পিছত খাদীজাহ ৰাদ্বিয়াল্লাহু আনহাৰ ওচৰত উভতি আহি আকৌ সেই একেই সময়ৰ বাবে খাদ্যদ্ৰব্য লৈ গুচি যায়। এনেকৈ ‘হিৰা’ গুহাত অৱস্থানকালত তেখেতৰ ওচৰত সত্য উদ্ভৱ হয়। তেখেতৰ ওচৰত এজন মালাক (ফিৰিস্তা) আহি ক’লে, ‘পঢ়া’। আল্লাহৰ ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামে ক’লেঃ ‘‘মই পঢ়িব নোৱাৰোঁ”। তেখেত (চাল্লাল্লাহু আলাইহি অছাল্লাম) এ ক’লেঃ ‘তাৰ পিছত তেওঁ মোক আঁকোৱালি ধৰি এনেকৈ চাপ দিলে যে, মই ক্লান্ত হৈ পৰিলোঁ। তাৰ পিছত তেওঁ মোক এৰি দিলে, আকৌ ক’লে ‘পঢ়া’। মই ক’লোঁঃ ‘মই পঢ়িব নোৱাৰোঁ।’ তেওঁ দ্বিতীয়বাৰ মোক আঁকোৱালি ধৰি এনেকৈ চাপ দিলে যে, মই ভাগৰি পৰিলোঁ। তাৰ পিছত তেওঁ মোক এৰি দিলে, আৰু ক’লে ‘পঢ়া’। মই উত্তৰত ক’লোঁ, ‘মই পঢ়িব নোৱাৰোঁ।’ তাৰ পিছত তেওঁ মোক আকৌ আঁকোৱালি ধৰি এনেকৈ চাপ দিলে যে, মই আকৌ ক্লান্ত হৈ পৰিলোঁ। তাৰ পিছত তেওঁ মোক এৰি দিলে, আৰু ক’লেঃ ‘‘পঢ়া তোমাৰ প্ৰতিপালকৰ নামত, যিয়ে সৃষ্টি কৰিছে। তেওঁ মানুহক আলাক্বৰ (ৰক্তপিণ্ডৰ) পৰা সৃষ্টি কৰিছে। পঢ়া, কাৰণ তোমাৰ প্ৰতিপালক মহামহিম।’’- (ছুৰা ‘আল-আলাক্ব ৯৬/১-৩)।
তাৰ পিছত এই আয়াতসমূহ লৈ আল্লাহৰ ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামে- প্ৰত্যাৱৰ্তন কৰিলে। তেখেতৰ হৃদয় কঁপি আছিল। তেওঁ খাদীজাহ বিন্তে খুৱাইলিদ ৰাদ্বিয়াল্লাহু আনহাৰ ওচৰত আহি ক’লে, ‘মোক চাদৰেৰে আবৃত কৰা’, ‘মোক চাদৰেৰে আবৃত কৰা।’ তেতিয়া তেওঁ তেখেতক চাদৰেৰে আবৃত কৰিলে। যেতিয়া শংকা দূৰ হ’ল। তেতিয়া তেখেতে খাদীজাহ ৰাদ্বিয়াল্লাহু আনহাৰ ওচৰত ঘটনা বৃত্তান্ত জনাই দিলে আৰু ক’লে, মই মোৰ জীৱনক লৈ ভয় কৰি আছোঁ। খাদীজাহ ৰাদ্বিয়াল্লাহু আনহাই ক’লে, ‘আল্লাহৰ শপত, কেতিয়াও নহয়। আল্লাহে আপোনাক কেতিয়াও লাঞ্ছিত নকৰিব। আপুনি দেখোন আত্মীয়-স্বজনৰ লগত সদাচৰণ কৰে, অসহায়-দৰিদ্ৰসকলৰ দায়িত্ব বহন কৰে, নিঃসহায়ক সহযোগিতা কৰে, অতিথিক সমাদৰ কৰে আৰু সত্য পথৰ দুৰ্দশাগ্ৰস্তক সহায় কৰে’। তাৰ পিছত তেখেতক লৈ খাদীজাহ ৰাদ্বিয়াল্লাহু আনহাই তেখেতৰ খুৰাৰ ল’ৰা ৱৰাক্বাহ ইবনে নাওফাল ইবনে ‘আব্দিল আছাদ ইবনে ‘আব্দিল ‘উযযাহ’ৰ ওচৰত গ’ল, যিয়ে অজ্ঞতা যুগত ‘ঈছায়ী ধৰ্ম গ্ৰহণ কৰিছিল। তেখেতে ইব্ৰানী ভাষা লিখিব পাৰিছিল আৰু আল্লাহৰ তাওফীক অনুযায়ী ইব্ৰানী ভাষাত ইঞ্জীলৰ অনুবাদ কৰিছিল। তেওঁ অতিবৃদ্ধ আছিল আৰু অন্ধ হৈ পৰিছিল। খাদীজাহ ৰাদ্বিয়াল্লাহু আনহাই তেখেতক ক’লে, ‘হে (মোৰ) খুৰাৰ ল’ৰা! আপোনাৰ ভতিজাৰ কথা শুনক।’ ৱৰাক্বাহে তেখেতক সুধিলে, ‘ভতিজা! তুমি কি দেখিছা?’ আল্লাহৰ ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামে যি দেখিছিল, সকলো ভাঙি-পাতি ক’লে। তেতিয়া ৱৰাক্বাহে তেখেতক ক’লে, এইজন সেই বাৰ্তাবাহক যাক আল্লাহে মূছা আলাইহিচ্ছালামৰ ওচৰত প্ৰেৰণ কৰিছিল। হায়! মই যদি সেইদিনা থাকিলোহেঁতেন। হায়! মই যদি সেইদিনা জীৱিত থাকিলোহেঁতেন, যিদিনা তোমাৰ সম্প্ৰদায়ৰ লোকে তোমাক বহিষ্কাৰ কৰিব।’ আল্লাহৰ ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামে ক’লে, ‘সিহঁতে মোক বহিষ্কাৰ কৰিব নেকি?’ তেখেতে ক’লে, ‘হয়, তুমি যি লৈ আহিছা এনেকুৱা (অহী) যিয়েই লৈ আহিছে তাৰেই লগত বৈৰিতাপূৰ্ণ আচৰণ কৰা হৈছে। সেইদিনা যদি মই থাকোঁ, তেন্তে মই তোমাক পূৰ্ণ-সাহায্য কৰিম।’ ইয়াৰ কিছুদিন পিছতে ৱৰাক্বাহে ইন্তিকাল কৰিলে। আৰু অহীৰো বিৰতি ঘটিল।
(সংশ্লিষ্ট হাদীছসমূহঃ ৩৩৯২, ৪৯৫৩, ৪৯৫৫, ৪৯৫৬, ৪৯৫৭, ৬৯৮২; মুছলিম ১/৭৩ হাদীছ নং ১৬০, আহমদ ২৬০১৮) (আ. প্ৰ. ৩, ই. ফা. ৩)
4

 قَالَ ابْنُ شِهَابٍ: وَأَخْبَرَنِي أَبُو سَلَمَةَ بْنُ عَبْدِ الرَّحْمَنِ، أَنَّ جَابِرَ بْنَ عَبْدِ اللَّهِ الأَنْصَارِيَّ، قَالَ: وَهُوَ يُحَدِّثُ عَنْ فَتْرَةِ الوَحْيِ فَقَالَ فِي حَدِيثِهِ: " بَيْنَا أَنَا أَمْشِي إِذْ سَمِعْتُ صَوْتًا مِنَ السَّمَاءِ، فَرَفَعْتُ بَصَرِي، فَإِذَا المَلَكُ الَّذِي جَاءَنِي بِحِرَاءٍ جَالِسٌ عَلَى كُرْسِيٍّ بَيْنَ السَّمَاءِ وَالأَرْضِ، فَرُعِبْتُ مِنْهُ، فَرَجَعْتُ فَقُلْتُ: زَمِّلُونِي زَمِّلُونِي " فَأَنْزَلَ اللَّهُ تَعَالَى: { يَا أَيُّهَا المُدَّثِّرُ . قُمْ فَأَنْذِرْ } إِلَى قَوْلِهِ { وَالرُّجْزَ فَاهْجُرْ } . فَحَمِيَ الوَحْيُ وَتَتَابَعَ.

تَابَعَهُ عَبْدُ اللَّهِ بْنُ يُوسُفَ، وَأَبُو صَالِحٍ، وَتَابَعَهُ هِلاَلُ بْنُ رَدَّادٍ، عَنِ الزُّهْرِيِّ، وَقَالَ يُونُسُ، وَمَعْمَرٌ بَوَادِرُهُ.

... জাবিৰ ইবনু ‘আব্দিল্লাহ আনছাৰী ৰাদ্বিয়াল্লাহু আনহুৱে অহী স্থগিত হোৱা প্ৰসঙ্গত বৰ্ণনা কৰিছে যে, আল্লাহৰ ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ “মই খোজকাঢ়ি আছিলোঁ, হঠাৎ আকাশৰ পৰা এটা শব্দ শুনিবলৈ পাই ওপৰলৈ দৃষ্টিপাত কৰিলোঁ। দেখিলোঁ, সেই ফিৰিস্তা, যিজন হিৰা গুহাত মোৰ ওচৰলৈ আহিছিল, আকাশ আৰু পৃথিৱীৰ মাজত এখন আসনত উপবিষ্ট। এই দৃশ্য দেখি মই শংকিত হ’লোঁ। তৎক্ষণাত মই উভতি আহি ক’লোঁ, ‘মোক চাদৰেৰ আবৃত কৰা, মোক চাদৰেৰে আবৃত কৰা।’ তাৰ পিছত আল্লাহ তা‘আলাই অৱতীৰ্ণ কৰিলে, ‘‘হে বস্ত্ৰাবৃত! (১) উঠা, আৰু সতৰ্ক কৰা” এই আয়াতৰ পৰা “ অপৱিত্ৰতাৰ পৰা দূৰৈত থকা।’’ এই পৰ্যন্ত। (ছুৰা মুদ্দাচ্ছিৰ ৭৪/১-৫) ইয়াৰ পিছত অহী ধাৰাবাহিকভাৱে অৱতীৰ্ণ হ’বলৈ ধৰিলে।
‘আব্দুল্লাহ ইবনু ইউছুফ ৰাহিমাহুল্লাহ আৰু আবূ ছলেহ্ ৰাহিমাহুল্লাহে অনুৰূপ বৰ্ণনা কৰিছে। আৰু হিলাল ইবনু ৰাদ্দাদ ৰাহিমাহুল্লাহ যুহৰী ৰাহিমাহুল্লাহৰ পৰা অনুৰূপ বৰ্ণনা কৰিছে। আৰু ইউনুছ আৰু মা’মাৰ ৰাহিমাহুমাল্লাহে فواده -শব্দৰ স্থলত بَوَادِرُهُ শব্দ উল্লেখ কৰিছে।
(সংশ্লিষ্ট হাদীছসমূহঃ ৩২৩৮, ৪৯২২, ৪৯২৩, ৪৯২৪, ৪৯২৫, ৪৯২৬, ৪৯৫৪, ৬২১৪; মুছলিম ১/৩৮ হাদীছ নং ১৬১, আহমাদ ১৫০৩৯) (আ. প্ৰ. ৩ শেষাংশ, ই. ফা. ৩ শেষাংশ)
পৰিচ্ছেদ : 45حَدَّثَنَا مُوسَى بْنُ إِسْمَاعِيلَ، قَالَ: حَدَّثَنَا أَبُو عَوَانَةَ، قَالَ: حَدَّثَنَا مُوسَى بْنُ أَبِي عَائِشَةَ، قَالَ: حَدَّثَنَا سَعِيدُ بْنُ جُبَيْرٍ، عَنِ ابْنِ عَبَّاسٍ فِي قَوْلِهِ تَعَالَى: { لاَ تُحَرِّكْ بِهِ لِسَانَكَ لِتَعْجَلَ بِهِ } قَالَ: كَانَ رَسُولُ اللَّهِ صَلَّى اللَّهُ عَلَيْهِ وَسَلَّمَ يُعَالِجُ مِنَ التَّنْزِيلِ شِدَّةً ، وَكَانَ مِمَّا يُحَرِّكُ شَفَتَيْهِ - فَقَالَ ابْنُ عَبَّاسٍ: فَأَنَا أُحَرِّكُهُمَا لَكُمْ كَمَا كَانَ رَسُولُ اللَّهِ صَلَّى اللَّهُ عَلَيْهِ وَسَلَّمَ يُحَرِّكُهُمَا، وَقَالَ سَعِيدٌ: أَنَا أُحَرِّكُهُمَا كَمَا رَأَيْتُ ابْنَ عَبَّاسٍ يُحَرِّكُهُمَا، فَحَرَّكَ شَفَتَيْهِ - فَأَنْزَلَ اللَّهُ تَعَالَى: { لاَ تُحَرِّكْ بِهِ لِسَانَكَ لِتَعْجَلَ بِهِ إِنَّ عَلَيْنَا جَمْعَهُ وَقُرْآنَهُ } قَالَ: جَمْعُهُ لَكَ فِي صَدْرِكَ وَتَقْرَأَهُ: { فَإِذَا قَرَأْنَاهُ فَاتَّبِعْ قُرْآنَهُ} قَالَ: فَاسْتَمِعْ لَهُ وَأَنْصِتْ: { ثُمَّ إِنَّ عَلَيْنَا بَيَانَهُ } ثُمَّ إِنَّ عَلَيْنَا أَنْ تَقْرَأَهُ، فَكَانَ رَسُولُ اللَّهِ صَلَّى اللَّهُ عَلَيْهِ وَسَلَّمَ بَعْدَ ذَلِكَ إِذَا أَتَاهُ جِبْرِيلُ اسْتَمَعَ فَإِذَا انْطَلَقَ جِبْرِيلُ قَرَأَهُ النَّبِيُّ صَلَّى اللَّهُ عَلَيْهِ وَسَلَّمَ كَمَا قَرَأَهُ.... ইবনু ‘আব্বাছ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত। মহান আল্লাহৰ বাণীঃ ‘‘অহী দ্ৰুত আয়ত্ত কৰাৰ বাবে আপুনি অহী অৱতীৰ্ণ হোৱাৰ সময়ত আপোনাৰ জিভা দ্ৰুত সঞ্চালন নকৰিব।’’ (ছুৰা ক্বিয়ামাহ ৭৫/১৬)- ইয়াৰ ব্যাখ্যাত ইবনু ‘আব্বাছ ৰাদ্বিয়াল্লাহু আনহুৱে কৈছেঃ আল্লাহৰ ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামে অহী অৱতৰণৰ সময়ত সেইটো আয়ত্ত কৰিবলৈ বৰ কষ্ট কৰিছিল আৰু প্ৰায়ে তেওঁ নিজৰ উভয় ওঁঠ সঞ্চালন কৰিছিল।’ ইবনু ‘আব্বাছ ৰাদ্বিয়াল্লাহু আনহুৱে কৈছে, ‘মই তোমালোকক দেখুৱাবলৈ ওঁঠ দুটা সঞ্চালন কৰিছোঁ যেনেকৈ আল্লাহৰ ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামে সঞ্চালন কৰিছিল।’ ছা‘ঈদ ৰাহিমাহুল্লাহে (তেখেতৰ শিষ্যসকলক) কৈছে, ‘মই ইবনু ‘আব্বাছ ৰাদ্বিয়াল্লাহু আনহুক যেনেকৈ তেখেতৰ ওঁঠ দুটা সঞ্চালন কৰোঁতে দেখিছোঁ, তেনেকৈ মোৰ ওঁঠ দুটা সঞ্চালন কৰিছোঁ।’ এই বুলি কৈ তেওঁ নিজৰ ওঁঠ দুটা সঞ্চালন কৰিছিল। এই বিষয়ে আল্লাহ তা‘আলাই অৱতীৰ্ণ কৰিছেঃ ‘‘অহী দ্ৰুত আয়ত্ত কৰাৰ বাবে আপুনি অহী অৱতীৰ্ণ হোৱাৰ সময়ত নিজৰ জিভা দ্ৰুত সঞ্চালন নকৰিব, ইয়াৰ সংৰক্ষণ আৰু পাঠ কৰোৱাৰ দায়িত্ব আমাৰ’’- (ছুৰা ক্বিয়ামাহ ৭৫/১৬)।
ইবনু ‘আব্বাছ ৰাদ্বিয়াল্লাহু আনহুৱে কৈছে, ‘‘ইয়াৰ অৰ্থ হৈছেঃ আপোনাৰ অন্তৰত সেয়া হিফাজত কৰা আৰু আপোনাৰ দ্বাৰা সেয়া পাঠ কৰোৱাৰ দায়িত্ব আমাৰ। ‘‘এতেকে আমি যেতিয়া ইয়াক পাঠ কৰোঁ, তেতিয়া আপুনি সেই পাঠৰ অনুসৰণ কৰক’’- (ছুৰা ক্বিয়ামাহ ৭৫/১৮)। ইবনু ‘আব্বাছ ৰাদ্বিয়াল্লাহু আনহুৱে কৈছেঃ অৰ্থাৎ মনোযোগ সহকাৰে শুনক আৰু মৌন হৈ থাকক। ‘‘তাৰ পিছত ইয়াৰ বিশদ বৰ্ণনাৰ দায়িত্ব নিশ্চিতভাৱে আমাৰেই’’- (ছুৰা ক্বিয়ামাহ ৭৫/১৯)। অৰ্থাৎ আপুনি সেয়া পাঠ কৰিব, এইটোও আমাৰ দায়িত্ব। ইয়াৰ পিছৰ পৰা যেতিয়াই আল্লাহৰ ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওচৰত জিব্ৰীল আলাইহিচ্ছালাম আহিছিল, তেতিয়া তেখেতে মনোযোগ সহকাৰে কেৱল শুনিছিল। জিব্ৰীল গুচি যোৱাৰ পিছত তেওঁ যেনেকৈ পাঠ কৰিছিল, তেনেকৈ আল্লাহৰ ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামেও পাঠ কৰিছিল।
(৪৯২৭, ৪৯২৮, ৪৯২৯, ৫০৪৪, ৭৫২৪; মুছলিম ৪/৩২ হাদীছ নং ৪৮৪, আহমদ ৩১৯১) (আ. প্ৰ. ৪, ই. ফা. ৪ শেষাংশ)
পৰিচ্ছেদ : 56حَدَّثَنَا عَبْدَانُ قَالَ : أَخْبَرَنَا عَبْدُ اللهِ قَالَ : أَخْبَرَنَا يُونُسُ ، عَنِ الزُّهْرِيِّ (ح) وَحَدَّثَنَا بِشْرُ بْنُ مُحَمَّدٍ قَالَ : أَخْبَرَنَا عَبْدُ اللهِ قَالَ : أَخْبَرَنَا يُونُسُ وَمَعْمَرٌ ، عَنِ الزُّهْرِيِّ نَحْوَهُ قَالَ : أَخْبَرَنِي عُبَيْدُ اللهِ بْنُ عَبْدِ اللهِ ، عَنِ ابْنِ عَبَّاسٍ ، قَالَ : كَانَ رَسُولُ اللهِ صلى الله عليه وسلم أَجْوَدَ النَّاسِ ، وَكَانَ أَجْوَدُ مَا يَكُونُ فِي رَمَضَانَ حِينَ يَلْقَاهُ جِبْرِيلُ ، وَكَانَ يَلْقَاهُ فِي كُلِّ لَيْلَةٍ مِنْ رَمَضَانَ فَيُدَارِسُهُ الْقُرْآنَ فَلَرَسُولُ اللهِ صلى الله عليه وسلم أَجْوَدُ بِالْخَيْرِ مِنَ الرِّيحِ الْمُرْسَلَةِ.... ইবনু ‘আব্বাছ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত। তেওঁ কৈছেঃ আল্লাহৰ ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লাম আছিল সৰ্বশ্ৰেষ্ঠ দানশীল, ৰমাজানত তেখেতে আৰু অধিক দানশীল হৈছিল, যেতিয়া জিব্ৰীল আলাইহিচ্ছালামে তেখেতৰ লগত সাক্ষাৎ কৰিছিল। আৰু ৰমাজানৰ প্ৰতিটো ৰাতিয়েই জিব্ৰীল আলাইহিচ্ছালামে তেখেতৰ লগত দেখা কৰিছিল আৰু তেওঁলোকে এজনে আনজনক কোৰআন তিলাৱত কৰি শুনাইছিল। নিশ্চয় আল্লাহৰ ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লাম ৰহমতৰ বায়ুতকৈও অধিক দানশীল আছিল।
(১৯০২, ৩২২০, ৩৫৫৪, ৪৯৯৭; মুছলিম ৪৩/১২ হাদীছ নং ৩২০৮, আহমদ ৩৬১৬, ৩৪২৫) (আ. প্ৰ. ৫, ই. ফা. ৫)
পৰিচ্ছেদ : 67

 حَدَّثَنَا أَبُو الْيَمَانِ الْحَكَمُ بْنُ نَافِعٍ قَالَ : أَخْبَرَنَا شُعَيْبٌ ، عَنِ الزُّهْرِيِّ ، قَالَ : أَخْبَرَنِي عُبَيْدُ اللهِ بْنُ عَبْدِ اللهِ بْنِ عُتْبَةَ بْنِ مَسْعُودٍ أَنَّ عَبْدَ اللهِ بْنَ عَبَّاسٍ أَخْبَرَهُ أَنَّ أَبَا سُفْيَانَ بْنَ حَرْبٍ أَخْبَرَهُ أَنَّ هِرَقْلَ أَرْسَلَ إِلَيْهِ فِي رَكْبٍ مِنْ قُرَيْشٍ ، وَكَانُوا تُجَّارًا بِالشَّامِ ، فِي الْمُدَّةِ الَّتِي كَانَ رَسُولُ اللهِ صلى الله عليه وسلم مَادَّ فِيهَا أَبَا سُفْيَانَ وَكُفَّارَ قُرَيْشٍ فَأَتَوْهُ وَهُمْ بِإِيلِيَاءَ فَدَعَاهُمْ فِي مَجْلِسِهِ وَحَوْلَهُ عُظَمَاءُ الرُّومِ ثُمَّ دَعَاهُمْ وَدَعَا بِتَرْجُمَانِهِ ، فَقَالَ : أَيُّكُمْ أَقْرَبُ نَسَبًا بِهَذَا الرَّجُلِ الَّذِي يَزْعُمُ أَنَّهُ نَبِيٌّ ، فَقَالَ : أَبُو سُفْيَانَ فَقُلْتُ أَنَا أَقْرَبُهُمْ نَسَبًا ، فَقَالَ : أَدْنُوهُ مِنِّي وَقَرِّبُوا أَصْحَابَهُ فَاجْعَلُوهُمْ عِنْدَ ظَهْرِهِ ثُمَّ قَالَ لِتَرْجُمَانِهِ قُلْ لَهُمْ إِنِّي سَائِلٌ هَذَا عَنْ هَذَا الرَّجُلِ فَإِنْ كَذَبَنِي فَكَذِّبُوهُ فَوَاللَّهِ لَوْلاَ الْحَيَاءُ مِنْ أَنْ يَأْثِرُوا عَلَيَّ كَذِبًا لَكَذَبْتُ عَنْهُ ثُمَّ كَانَ أَوَّلَ مَا سَأَلَنِي عَنْهُ أَنْ قَالَ كَيْفَ نَسَبُهُ فِيكُمْ قُلْتُ هُوَ فِينَا ذُو نَسَبٍ ، قَالَ : فَهَلْ قَالَ هَذَا الْقَوْلَ مِنْكُمْ أَحَدٌ قَطُّ قَبْلَهُ قُلْتُ : لاَ ، قَالَ : فَهَلْ كَانَ مِنْ آبَائِهِ مِنْ مَلِكٍ قُلْتُ : لاَ قَالَ فَأَشْرَافُ النَّاسِ يَتَّبِعُونَهُ أَمْ ضُعَفَاؤُهُمْ فَقُلْتُ بَلْ ضُعَفَاؤُهُمْ قَالَ أَيَزِيدُونَ أَمْ يَنْقُصُونَ قُلْتُ بَلْ يَزِيدُونَ ، قَالَ : فَهَلْ يَرْتَدُّ أَحَدٌ مِنْهُمْ سَخْطَةً لِدِينِهِ بَعْدَ أَنْ يَدْخُلَ فِيهِ قُلْتُ : لاَ ، قَالَ : فَهَلْ كُنْتُمْ تَتَّهِمُونَهُ بِالْكَذِبِ قَبْلَ أَنْ يَقُولَ مَا ، قَالَ : قُلْتُ : لاَ ، قَالَ : فَهَلْ يَغْدِرُ قُلْتُ : لاَ وَنَحْنُ مِنْهُ فِي مُدَّةٍ لاَ نَدْرِي مَا هُوَ فَاعِلٌ فِيهَا قَالَ وَلَمْ تُمْكِنِّي كَلِمَةٌ أُدْخِلُ فِيهَا شَيْئًا غَيْرُ هَذِهِ الْكَلِمَةِ قَالَ : فَهَلْ قَاتَلْتُمُوهُ قُلْتُ نَعَمْ قَالَ فَكَيْفَ كَانَ قِتَالُكُمْ إِيَّاهُ قُلْتُ الْحَرْبُ بَيْنَنَا وَبَيْنَهُ سِجَالٌ يَنَالُ مِنَّا وَنَنَالُ مِنْهُ قَالَ مَاذَا يَأْمُرُكُمْ قُلْتُ يَقُولُ اعْبُدُوا اللَّهَ وَحْدَهُ ، وَلاَ تُشْرِكُوا بِهِ شَيْئًا وَاتْرُكُوا مَا يَقُولُ آبَاؤُكُمْ وَيَأْمُرُنَا بِالصَّلاَةِ وَالصِّدْقِ وَالْعَفَافِ وَالصِّلَةِ فَقَالَ لِلتَّرْجُمَانِ قُلْ لَهُ سَأَلْتُكَ عَنْ نَسَبِهِ فَذَكَرْتَ أَنَّهُ فِيكُمْ ذُو نَسَبٍ فَكَذَلِكَ الرُّسُلُ تُبْعَثُ فِي نَسَبِ قَوْمِهَا وَسَأَلْتُكَ هَلْ قَالَ أَحَدٌ مِنْكُمْ هَذَا الْقَوْلَ فَذَكَرْتَ أَنْ لاَ فَقُلْتُ لَوْ كَانَ أَحَدٌ قَالَ هَذَا الْقَوْلَ قَبْلَهُ لَقُلْتُ رَجُلٌ يَأْتَسِي بِقَوْلٍ قِيلَ قَبْلَهُ وَسَأَلْتُكَ هَلْ كَانَ مِنْ آبَائِهِ مِنْ مَلِكٍ فَذَكَرْتَ أَنْ لاَ قُلْتُ فَلَوْ كَانَ مِنْ آبَائِهِ مِنْ مَلِكٍ قُلْتُ رَجُلٌ يَطْلُبُ مُلْكَ أَبِيهِ وَسَأَلْتُكَ هَلْ كُنْتُمْ تَتَّهِمُونَهُ بِالْكَذِبِ قَبْلَ أَنْ يَقُولَ مَا قَالَ فَذَكَرْتَ أَنْ لاَ فَقَدْ أَعْرِفُ أَنَّهُ لَمْ يَكُنْ لِيَذَرَ الْكَذِبَ عَلَى النَّاسِ وَيَكْذِبَ عَلَى اللهِ وَسَأَلْتُكَ أَشْرَافُ النَّاسِ اتَّبَعُوهُ أَمْ ضُعَفَاؤُهُمْ فَذَكَرْتَ أَنَّ ضُعَفَاءَهُمُ اتَّبَعُوهُ وَهُمْ أَتْبَاعُ الرُّسُلِ وَسَأَلْتُكَ أَيَزِيدُونَ أَمْ يَنْقُصُونَ فَذَكَرْتَ أَنَّهُمْ يَزِيدُونَ وَكَذَلِكَ أَمْرُ الإِيمَانِ حَتَّى يَتِمَّ وَسَأَلْتُكَ أَيَرْتَدُّ أَحَدٌ سَخْطَةً لِدِينِهِ بَعْدَ أَنْ يَدْخُلَ فِيهِ فَذَكَرْتَ أَنْ لاَ وَكَذَلِكَ الإِيمَانُ حِينَ تُخَالِطُ بَشَاشَتُهُ الْقُلُوبَ وَسَأَلْتُكَ هَلْ يَغْدِرُ فَذَكَرْتَ أَنْ لاَ وَكَذَلِكَ الرُّسُلُ لاَ تَغْدِرُ وَسَأَلْتُكَ بِمَا يَأْمُرُكُمْ فَذَكَرْتَ أَنَّهُ يَأْمُرُكُمْ أَنْ تَعْبُدُوا اللَّهَ ، وَلاَ تُشْرِكُوا بِهِ شَيْئًا وَيَنْهَاكُمْ عَنْ عِبَادَةِ الأَوْثَانِ وَيَأْمُرُكُمْ بِالصَّلاَةِ وَالصِّدْقِ وَالْعَفَافِ فَإِنْ كَانَ مَا تَقُولُ حَقًّا فَسَيَمْلِكُ مَوْضِعَ قَدَمَيَّ هَاتَيْنِ وَقَدْ كُنْتُ أَعْلَمُ أَنَّهُ خَارِجٌ لَمْ أَكُنْ أَظُنُّ أَنَّهُ مِنْكُمْ فَلَوْ أَنِّي أَعْلَمُ أَنِّي أَخْلُصُ إِلَيْهِ لَتَجَشَّمْتُ لِقَاءَهُ وَلَوْ كُنْتُ عِنْدَهُ لَغَسَلْتُ عَنْ قَدَمِهِ ثُمَّ دَعَا بِكِتَابِ رَسُولِ اللهِ صلى الله عليه وسلم الَّذِي بَعَثَ بِهِ دِحْيَةُ إِلَى عَظِيمِ بُصْرَى فَدَفَعَهُ إِلَى هِرَقْلَ فَقَرَأَهُ فَإِذَا فِيهِ بِسْمِ اللهِ الرَّحْمَنِ الرَّحِيمِ مِنْ مُحَمَّدٍ عَبْدِ اللهِ وَرَسُولِهِ إِلَى هِرَقْلَ عَظِيمِ الرُّومِ سَلاَمٌ عَلَى مَنِ اتَّبَعَ الْهُدَى أَمَّا بَعْدُ فَإِنِّي أَدْعُوكَ بِدِعَايَةِ الإِسْلاَمِ أَسْلِمْ تَسْلَمْ يُؤْتِكَ اللَّهُ أَجْرَكَ مَرَّتَيْنِ فَإِنْ تَوَلَّيْتَ فَإِنَّ عَلَيْكَ إِثْمَ الأَرِيسِيِّينَ ، وَ{يَا أَهْلَ الْكِتَابِ تَعَالَوْا إِلَى كَلِمَةٍ سَوَاءٍ بَيْنَنَا وَبَيْنَكُمْ أَنْ لاَ نَعْبُدَ إِلاَّ اللَّهَ ، وَلاَ نُشْرِكَ بِهِ شَيْئًا ، وَلاَ يَتَّخِذَ بَعْضُنَا بَعْضًا أَرْبَابًا مِنْ دُونِ اللهِ فَإِنْ تَوَلَّوْا فَقُولُوا اشْهَدُوا بِأَنَّا مُسْلِمُونَ} قَالَ أَبُو سُفْيَانَ فَلَمَّا قَالَ مَا قَالَ وَفَرَغَ مِنْ قِرَاءَةِ الْكِتَابِ كَثُرَ عِنْدَهُ الصَّخَبُ وَارْتَفَعَتِ الأَصْوَاتُ وَأُخْرِجْنَا فَقُلْتُ لأَصْحَابِي حِينَ أُخْرِجْنَا لَقَدْ أَمِرَ أَمْرُ ابْنِ أَبِي كَبْشَةَ إِنَّهُ يَخَافُهُ مَلِكُ بَنِي الأَصْفَرِ فَمَا زِلْتُ مُوقِنًا أَنَّهُ سَيَظْهَرُ حَتَّى أَدْخَلَ اللَّهُ عَلَيَّ الإِسْلاَمَ.

وَكَانَ ابْنُ النَّاظُورِ صَاحِبُ إِيلِيَاءَ وَهِرَقْلَ سُقُفًّا عَلَى نَصَارَى الشَّامِ يُحَدِّثُ أَنَّ هِرَقْلَ حِينَ قَدِمَ إِيلِيَاءَ أَصْبَحَ يَوْمًا خَبِيثَ النَّفْسِ فَقَالَ بَعْضُ بَطَارِقَتِهِ قَدِ اسْتَنْكَرْنَا هَيْئَتَكَ قَالَ ابْنُ النَّاظُورِ ، وَكَانَ هِرَقْلُ حَزَّاءً يَنْظُرُ فِي النُّجُومِ فَقَالَ لَهُمْ حِينَ سَأَلُوهُ إِنِّي رَأَيْتُ اللَّيْلَةَ حِينَ نَظَرْتُ فِي النُّجُومِ مَلِكَ الْخِتَانِ قَدْ ظَهَرَ فَمَنْ يَخْتَتِنُ مِنْ هَذِهِ الأُمَّةِ قَالُوا لَيْسَ يَخْتَتِنُ إِلاَّ الْيَهُودُ فَلاَ يُهِمَّنَّكَ شَأْنُهُمْ وَاكْتُبْ إِلَى مَدَايِنِ مُلْكِكَ فَيَقْتُلُوا مَنْ فِيهِمْ مِنَ الْيَهُودِ فَبَيْنَمَا هُمْ عَلَى أَمْرِهِمْ أُتِيَ هِرَقْلُ بِرَجُلٍ أَرْسَلَ بِهِ مَلِكُ غَسَّانَ يُخْبِرُ عَنْ خَبَرِ رَسُولِ اللهِ صلى الله عليه وسلم فَلَمَّا اسْتَخْبَرَهُ هِرَقْلُ قَالَ اذْهَبُوا فَانْظُرُوا أَمُخْتَتِنٌ هُوَ أَمْ لاَ فَنَظَرُوا إِلَيْهِ فَحَدَّثُوهُ أَنَّهُ مُخْتَتِنٌ وَسَأَلَهُ ، عَنِ الْعَرَبِ فَقَالَ هُمْ يَخْتَتِنُونَ فَقَالَ هِرَقْلُ هَذَا مَلِكُ هَذِهِ الأُمَّةِ قَدْ ظَهَرَ ثُمَّ كَتَبَ هِرَقْلُ إِلَى صَاحِبٍ لَهُ بِرُومِيَةَ ، وَكَانَ نَظِيرَهُ فِي الْعِلْمِ وَسَارَ هِرَقْلُ إِلَى حِمْصَ فَلَمْ يَرِمْ حِمْصَ حَتَّى أَتَاهُ كِتَابٌ مِنْ صَاحِبِهِ يُوَافِقُ رَأْيَ هِرَقْلَ عَلَى خُرُوجِ النَّبِيِّ صلى الله عليه وسلم وَأَنَّهُ نَبِيٌّ فَأَذِنَ هِرَقْلُ لِعُظَمَاءِ الرُّومِ فِي دَسْكَرَةٍ لَهُ بِحِمْصَ ثُمَّ أَمَرَ بِأَبْوَابِهَا فَغُلِّقَتْ ثُمَّ اطَّلَعَ ، فَقَالَ : يَا مَعْشَرَ الرُّومِ هَلْ لَكُمْ فِي الْفَلاَحِ وَالرُّشْدِ ، وَأَنْ يَثْبُتَ مُلْكُكُمْ فَتُبَايِعُوا هَذَا النَّبِيَّ فَحَاصُوا حَيْصَةَ حُمُرِ الْوَحْشِ إِلَى الأَبْوَابِ فَوَجَدُوهَا قَدْ غُلِّقَتْ فَلَمَّا رَأَى هِرَقْلُ نَفْرَتَهُمْ وَأَيِسَ مِنَ الإِيمَانِ قَالَ رُدُّوهُمْ عَلَيَّ وَقَالَ إِنِّي قُلْتُ مَقَالَتِي آنِفًا أَخْتَبِرُ بِهَا شِدَّتَكُمْ عَلَى دِينِكُمْ فَقَدْ رَأَيْتُ فَسَجَدُوا لَهُ وَرَضُوا عَنْهُ فَكَانَ ذَلِكَ آخِرَ شَأْنِ هِرَقْلَ. رَوَاهُ صَالِحُ بْنُ كَيْسَانَ ، وَيُونُسُ وَمَعْمَرٌ ، عَنِ الزُّهْرِيِّ.

... আব্দুল্লাহ ইবনু ‘আব্বাছ ৰাদ্বিয়াল্লাহু আনহুৱে বর্ণনা কৰিছে যে, আবূ চুফিয়ান ইবনু হৰবে তেওঁক কৈছে, ৰজা হিৰাক্লিয়াচে এদিনাখন তেওঁৰ ওচৰলৈ মানুহ পঠিয়ালে। তেওঁ তেতিয়া ব্যৱসায় উপলক্ষে কুৰাইছসকলৰ কাফিলাৰ লগত ছিৰিয়াত আছিল। আল্লাহৰ ৰাছূল চাল্লাল্লাহু আলাইহি অছাল্লামে সেই সময়ত আবূ চুফিয়ান আৰু কুৰাইছসকলৰ লগত নির্দিষ্ট সময়ৰ বাবে সন্ধিত আৱদ্ধ আছিল। আবূ চুফিয়ানে তেওঁৰ সঙ্গীসহ হিৰাক্লিয়াচৰ ওচৰলৈ আহিল আৰু তেতিয়া হিৰাক্লিয়াচ জেৰুযালেমত আছিল। হিৰাক্লিয়াচে তেওঁলোকক নিজৰ ওচৰলৈ মাতি পঠিয়ালে। তেওঁৰ ওচৰত তেতিয়া ৰোমৰ নেতৃস্থানীয় ব্যক্তিবৰ্গ উপস্থিত আছিল। ইয়াৰ পিছত তেওঁলোকক ওচৰলৈ মাতিলে আৰু দোভাষীক মাতিলে। তাৰ পিছত প্ৰশ্ন কৰিলে, ‘যিজন ব্যক্তিয়ে নিজকে নবী বুলি দাবী কৰিছে- তোমালোকৰ মাজত বংশৰ ফালৰ পৰা তেখেতৰ আটাইতকৈ নিকটাত্মীয় কোন’? আবূ চুফিয়ানে কৈছে, ‘মই ক’লোঁ, বংশৰ ফালৰ পৰা ময়েই তেওঁৰ নিকটাত্মীয়।’ তেওঁ ক’লে, ‘তেওঁক মোৰ একেবাৰে ওচৰলৈ আনা আৰু তেওঁৰ সঙ্গীসকলক তেওঁৰ পিছফালে বহিবলৈ দিয়া।
ইয়াৰ পিছত তেওঁ নিজৰ দোভাষীক ক’লে, ‘তেওঁলোকক কৈ দিয়া, মই এওঁৰ ওচৰত সেই ব্যক্তি সম্পর্কে কিছুমান প্ৰশ্ন কৰিম, যদি এওঁ মোৰ ওচৰত মিছা কথা কয়, তেতিয়া লগে লগে তোমালোকে তেওঁক মিছলীয়া বুলি ক’বা। আবূ চুফিয়ানে ক’লে, ‘আল্লাহৰ শপত! মোৰ যদি এইখিনি লাজ নাথাকিলহেঁতেন যে, তেওঁলোকে মোক মিছলীয়া বুলি প্রচাৰ কৰিব, তেনেহ’লে মই নিশ্চয় তেওঁৰ বিষয়ে মিছা ক’লোহেঁতেন।’
ইয়াৰ পিছত তেওঁ তেখেতৰ সম্পৰ্কে মোক সৰ্বপ্ৰথম যি প্ৰশ্ন কৰিছিল সেয়া হৈছে, ‘বংশমৰ্যাদাৰ ফালৰ পৰা তোমালোকৰ মাজত তেওঁ কেনেকুৱা?’ মই ক’লোঁ, ‘তেখেত আমাৰ মাজত বৰ সম্ভ্ৰান্ত বংশৰ।’ তেওঁ ক’লে, ‘তোমালোকৰ মাজত ইয়াৰ পূৰ্বে আৰু কেতিয়াবা কোনোবাই এনেকুৱা কথা কৈছেনে?’ মই ক’লোঁ, ‘নাই।’ তেওঁ ক’লে, ‘তেওঁৰ পূর্বপুৰুষৰ মাজত কোনোবাই বাদশ্বাহ আছিল নেকি?’ মই ক’লোঁ, ‘নাই।’ তেওঁ ক’লে, ‘সম্ভ্ৰান্ত মৰ্যাদাৱান শ্রেণীৰ লোকসকলে তেওঁৰ অনুসৰণ কৰে, নে দুৰ্বল লোকসকলে?’ মই ক’লোঁ, ‘দুৰ্বল লোকসকলে।’ তেওঁ ক’লে, ‘তেওঁলোকৰ সংখ্যা বাঢ়িছে, নে কমিছে?’ মই ক’লোঁ, ‘তেওঁলোক বাঢ়িয়েই আছে।’ তেওঁ ক’লে, ‘তেওঁৰ ধর্মত সোমাই কোনোবাই অসন্তুষ্ট হৈ সেয়া ত্যাগ কৰিছে নেকি?’ মই ক’লোঁ, ‘নাই।’ তেওঁ ক’লে, ‘তেওঁৰ দাবীৰ পূর্বে তোমালোকে কেতিয়াবা তেওঁক মিছাৰ অভিযোগত অভিযুক্ত কৰিছা নেকি?’ মই ক’লোঁ, ‘নাই।’ তেওঁ ক’লে, ‘তেওঁ সন্ধি ভঙ্গ কৰে নেকি?’ মই ক’লোঁ, ‘নকৰে। কিন্তু আমি তেখেতৰ সৈতে এটি নির্দিষ্ট সময়ৰ সন্ধিত আৱদ্ধ হৈ আছোঁ। নাজানো, ইয়াৰ ভিতৰত তেওঁ কি কৰিব।’ আবূ চুফিয়ানে ক’লে, ‘এই কথাটোৰ বাহিৰে নিজৰ ফালৰ পৰা আন কোনো কথা যোগ কৰাৰ সুযোগেই মই পোৱা নাই।’ তেওঁ ক’লে, ‘তোমালোকে তেখেতৰ লগত কেতিয়াবা যুদ্ধ কৰিছা নেকি?’ মই ক’লোঁ, ‘হয়।’ তেওঁ ক’লে, ‘তেখেতৰ লগত তোমালোকৰ যুদ্ধৰ পৰিণাম কি হৈছে?’ মই ক’লোঁ, ‘তেখেতৰ আৰু আমাৰ মাজত যুদ্ধৰ ফলাফল কুঁৱাৰ বাল্টিৰ দৰে।’ কেতিয়াবা তেখেতৰ পক্ষত যায়, আকৌ কেতিয়াবা আমাৰ পক্ষত আহে।’ তেওঁ ক’লে, ‘তেওঁ তোমালোকক কিহৰ আদেশ দিয়ে?’ মই ক’লোঁ, ‘তেওঁ কয়- তোমালোকে এক আল্লাহৰ ইবাদত কৰা আৰু তেওঁৰ সৈতে কাকো অংশীদাৰ সাব্যস্ত নকৰিবা আৰু তোমালোকৰ পূর্বপুৰুষসকলে যি কয় সেয়া ত্যাগ কৰা। আৰু তেওঁ আমাক ছালাত আদায় কৰিবলৈ, সত্য কথা কোৱাৰ, চাৰিত্রিক নিষ্কলুষতাৰ আৰু আত্মীয়সকলৰ সৈতে সদাচৰণ কৰাৰ নির্দেশ দিয়ে।’
ইয়াৰ পিছত তেওঁ দোভাষীক ক’লে, ‘তুমি তেওঁক কোৱা, মই তোমাৰ ওচৰত তেওঁৰ বংশ সম্পৰ্কে প্ৰশ্ন কৰিছোঁ। তুমি তাৰ উত্তৰত উল্লেখ কৰিছা যে, তেওঁ তোমালোকৰ মাজত সম্ভ্ৰান্ত বংশৰ। প্ৰকৃততে ৰাছূলসকলক তেওঁলোকৰ কওমৰ উচ্চ বংশতেই পঠোৱা হৈ থাকে। তোমাক প্ৰশ্ন কৰিছোঁ, এই কথা তোমালোকৰ মাজত ইতিপূৰ্বে আন কোনোবাই কৈছে নেকি? তুমি কৈছা, ‘নাই।’ সেয়ে মই কৈছোঁ, পূৰ্বে যদি কোনোবাই এনেকুৱা ক’লেহেঁতেন, তেন্তে মই নিশ্চয় ক’লোহেঁতেন, এওঁ এনেকুৱা এজন ব্যক্তি, যিয়ে তেওঁৰ পূৰ্বসূৰীৰ কথাৰেই অনুসৰণ কৰিছে। মই তোমাক প্ৰশ্ন কৰিছোঁ, তেওঁৰ পূৰ্বপুৰুষৰ মাজত কোনো বাদশ্বাহ আছিল নেকি? তুমি তাৰ উত্তৰত কৈছা, ‘নাই।’ সেয়ে মই কৈছোঁ যে, তেওঁৰ পূৰ্বপুৰুষৰ মাজত যদি কোনো বাদশ্বাহ থাকিলহেঁতেন, তেন্তে মই ক’লোহেঁতেন, এওঁ এনেকুৱা এজন ব্যক্তি যিয়ে তেওঁৰ পিতৃ-পুৰুষৰ বাদশ্বাহী ওভতাই পাব বিচাৰে। মই তোমাক প্ৰশ্ন কৰিছোঁ- ইয়াৰ পূৰ্বে কেতিয়াবা তোমালোকে তেওঁক মিছাৰ অভিযোগত অভিযুক্ত কৰিছা নেকি? তুমি কৈছা, ‘নাই।’ ইয়াতে মই বুজিলোঁ, এনেকুৱা হ’ব নোৱাৰে যে, কোনোবাই মানুহৰ কাৰণে মিছা পৰিত্যাগ কৰিব আৰু আল্লাহৰ কাৰণে মিছা ক’ব (এইটো হ’ব নোৱাৰে)। মই তোমাক প্ৰশ্ন কৰিছোঁ, সম্ভ্ৰান্ত লোকে তেওঁৰ অনুসৰণ কৰে, নে সাধাৰণ লোকে? তুমি কৈছা, সাধাৰণ লোকে তেওঁৰ অনুসৰণ কৰে। আৰু বাস্তৱতো এই শ্ৰেণীৰ লোকসকলেই হয় ৰাছূলসকলৰ অনুসাৰী। মই তোমাক প্ৰশ্ন কৰিছোঁ, তেওঁলোক সংখ্যাত বাঢ়িছে নে কমিছে? তুমি কৈছা, বাঢ়িছে। প্রকৃতপক্ষে ঈমানে পূৰ্ণতা লাভ কৰা পৰ্যন্ত এনেকুৱাই হৈ থাকে। মই তোমাক প্ৰশ্ন কৰিছোঁ, তেওঁৰ দ্বীনত প্রৱেশ কৰি কোনোবাই অসন্তুষ্ট হৈ তাক ত্যাগ কৰে নেকি? তুমি কৈছা, ‘নকৰে।’ ঈমানৰ স্নিগ্ধতা অন্তৰৰ লগত মিলি গ’লে ঈমান এনেকুৱাই হয়। মই তোমাক প্ৰশ্ন কৰিছোঁ, তেওঁ সন্ধি ভঙ্গ কৰে নেকি? তুমি কৈছা, ‘কৰা নাই।’ প্ৰকৃতপক্ষে ৰাছূলসকল এনেকুৱাই হয়, তেওঁলোকে সন্ধি ভঙ্গ নকৰে। মই তোমাক প্ৰশ্ন কৰিছোঁ, তেওঁ তোমালোকক কিহৰ আদেশ দিয়ে? তুমি কৈছা, তেওঁ তোমালোকক এক আল্লাহৰ বন্দেগী কৰাৰ আৰু তেওঁৰ সৈতে কাকো অংশীদাৰ স্থাপন নকৰাৰ নির্দেশ দিয়ে। তেওঁ তোমালোকক নিষেধ কৰে মূর্তিপূজা কৰিবলৈ আৰু তোমালোকক আদেশ কৰে ছালাত আদায় কৰিবলৈ, সত্য কথা ক’বলৈ আৰু সচ্চৰিত্রৱান হ’বলৈ। তুমি যি কৈছা সেয়া যদি সত্য হয়, তেনেহ’লে শীঘ্রেই তেওঁ আমাৰ এই দুই ভৰিৰ তলৰ স্থানৰ অধিকাৰী হ’ব। মই নিশ্চিত জানিছিলোঁ, তেওঁৰ আৱির্ভাব হ’ব; কিন্তু তেওঁ যে তোমালোকৰ মাজৰ পৰা হ’ব, এই কথা ভাৱিব পৰা নাছিলোঁ। যদি জানিলোহেঁতেন যে, মই তেওঁৰ ওচৰত উপস্থিত হ’ব পাৰিম, তেওঁৰ লগত সাক্ষাৎ কৰাৰ কাৰণে মই যিকোনো কষ্ট সহ্য কৰিলোহেঁতেন। আৰু মই যদি তেওঁৰ ওচৰত থাকিলোহেঁতেন¸ তেনেহ’লে নিশ্চয় তেওঁৰ ভৰি দুখন ধুই দিলোহেঁতেন। ইয়াৰ পিছত তেওঁ আল্লাহৰ ৰাছূল চাল্লাল্লাহু আলাইহি অছাল্লামৰ সেই পত্রখন আনিবলৈ নির্দেশ দিলে, যিখন তেওঁ দিহ্ইয়াতুল কালবী ৰাদ্বিয়াল্লাহু আনহুক দি বছৰাৰ শাসকৰ মাধ্যমত হিৰাক্লিয়াচৰ ওচৰলৈ প্রেৰণ কৰিছিল। তেওঁ সেইখন পঢ়িলে। তাত (লিখা) আছিল-
বিছমিল্লা-হিৰ ৰহমা-নিৰ ৰাহীম ((আৰম্ভ কৰিছোঁ) পৰম কৰুণাময় অসীম দয়ালু আল্লাহৰ নামত)। আল্লাহৰ বান্দা আৰু তেওঁৰ ৰাছূল মুহাম্মাদ চাল্লাল্লাহু আলাইহি অছাল্লামৰ তৰফৰ পৰা ৰোম সম্ৰাট হিৰাক্লিয়াচৰ প্ৰতি। - শান্তি (বৰ্ষিত হওক) তেওঁৰ প্ৰতি, যিয়ে হিদায়তৰ অনুসৰণ কৰে। তাৰ পিছত মই আপোনাক ইছলামৰ দাৱাত দিছোঁ। ইছলাম গ্রহণ কৰক! শান্তিত থাকিব। আল্লাহে আপোনাক দ্বিগুণ প্ৰতিদান দান কৰিব। আৰু যদি মুখ ঘূৰাই নিয়ে, তেনেহ’লে সকলো প্ৰজাৰ পাপেই আপোনাৰ ওপৰত পৰিব।
“কোৱা, ‘হে কিতাবীসকল! আহা সেই কথাৰ পিনে যিটো আমাৰ আৰু তোমালোকৰ মাজত মিল আছে; সেয়া হৈছে- আমি যেন একমাত্ৰ আল্লাহৰ বাহিৰে আন কাৰো ইবাদত নকৰোঁ, তেওঁৰ লগত আন কাকো অংশী স্থাপন নকৰোঁ আৰু আমাৰ মাজৰ কোনোৱে যাতে ইজনে সিজনক ৰব হিচাপে গ্ৰহণ নকৰে’। তথাপিও যদি সিহঁতে মুখ ঘূৰাই লয়, তেনেহ’লে তোমালোকে কোৱা, ‘তোমালোকে সাক্ষী থাকা যে, নিশ্চয় আমি মুছলিম” [ছূৰা আলে ইমৰান- ৬৪]
আবূ চুফিয়ানে কৈছে, ‘হিৰাক্লিয়াচে যেতিয়া তেওঁৰ বক্তব্য শেষ কৰিলে আৰু পত্র পাঠ কৰাও শেষ হ’ল, তেতিয়া তাত হুলস্থুল আৰম্ভ হৈ গ’ল, চিঞৰ-বাখৰ আৰু হৈ-হাল্লাই চৰম পৰ্যায় পালে আৰু মোক বাহিৰ কৰি দিয়া হ’ল। মোক বাহিৰ কৰি দিয়াত মই মোৰ সঙ্গীসকলক ক’লোঁ, আবূ কাবশ্বাৰ ল’ৰাৰ বিষয় দেখোন বৰ শক্তিশালী হৈ উঠিছে, বনূ আচফাৰ (ৰোম)-ৰ বাদশ্বাহেও তেওঁক ভয় পাইছে! তাৰ পৰা মই বিশ্বাস ৰাখিলোঁ, তেওঁ শীঘ্রেই জয়ী হ’ব। অৱশেষত আল্লাহ তা‘আলাই মোক ইছলাম গ্রহণৰ তাওফীক দান কৰিলে।
ইবনু নাতূৰ আছিল জেৰুযালেমৰ শাসনকৰ্তা আৰু হিৰাক্লিয়াচৰ বন্ধু আৰু ছিৰিয়াৰ খ্ৰীষ্টানসকলৰ পাদ্রী। তেওঁ ক’লে, ‘হিৰাক্লিয়াচে যেতিয়া জেৰুযালেমলৈ আহিছিল, তেতিয়া এদিনাখন তেওঁক অত্যন্ত মলিন দেখা গৈছিল। তেওঁৰ এজন বিশিষ্ট সহচৰে ক’লে, ‘আমি আপোনাৰ চেহেৰা আজি ইমান মলিন দেখিছোঁ কিয়, ইবনু নাতূৰে ক’লে, হিৰাক্লিয়াচ আছিল জ্যোতিৰ্বিদ, জ্যোতিৰ্বিদ্যাত তেওঁৰ দক্ষতা আছিল। তেওঁলোকে প্ৰশ্ন কৰিলে আৰু উত্তৰত তেওঁ ক’লে, ‘আজি নিশা মই তাৰকাৰাজিৰ ফালে চাই দেখিবলৈ পালোঁ, খৎনাকাৰীসকলৰ বাদশ্বাহ আৱিৰ্ভূত হৈছে। বৰ্তমান যুগত কোন জাতিয়ে খাৎনা কৰে’? তেওঁলোকে ক’লে, ‘ইয়াহূদ জাতিৰ বাহিৰে কোনেও খাৎনা নকৰে। কিন্তু তেওঁলোকৰ ক্ষেত্ৰত আপুনি মুঠেও চিন্তাগ্ৰস্থ নহ’ব। আপোনাৰ ৰাজ্যৰ চহৰসমূহত লিখি পঠাওক, তেওঁলোকে যেন সেই এলেকাৰ সকলো ইয়াহূদীক হত্যা কৰি পেলায়।’ তেওঁলোকে যেতিয়া এই বিষয়ত ব্যতিব্যস্ত আছিল, তেতিয়া হিৰাক্লিয়াচৰ ওচৰলৈ জনৈক ব্যক্তিক হাজিৰ কৰোৱা হ’ল, যাক গাচ্ছানৰ শাসনকৰ্তাই পঠিয়াইছিল। তেওঁ আল্লাহৰ ৰাছূল চাল্লাল্লাহু আলাইহি অছাল্লাম সম্পৰ্কে খবৰ দিছিল। হিৰাক্লিয়াচে তেওঁৰ ওচৰৰ পৰা খবৰ জানি লৈ ক’লে, ‘তোমালোকে এওঁক লৈ গৈ চোৱা! এওঁৰ খাৎনা হৈছে নে নাই।’ তেওঁলোকে তেওঁক লৈ গৈ চাই আহি সংবাদ দিলে, তেওঁৰ খাৎনা হৈছে। হিৰাক্লিয়াচে তেওঁক আৰবসকলৰ বিষয়ে প্ৰশ্ন কৰাত তেওঁ উত্তৰ দিলে, ‘তেওঁলোকে খাৎনা কৰে।’ ইয়াৰ পিছত হিৰাক্লিয়াচে তেওঁলোকক ক’লে, ‘এওঁৱেই হৈছে [ অৰ্থাৎ আল্লাহৰ ৰাছূল চাল্লাল্লাহু আলাইহি অছাল্লাম হৈছে] এই উম্মতৰ বাদশ্বাহ। তেওঁ আৱিৰ্ভূত হৈছে।’ ইয়াৰ পিছত হিৰাক্লিয়াচে ৰোমত তেওঁৰ বন্ধুৰ প্ৰতি চিঠি লিখিলে। তেওঁ জ্ঞানত তেওঁৰ সমকক্ষ আছিল। পিছত হিৰাক্লিয়াচে হিমচলৈ গুচি গ’ল। হিমচত থাকোঁতেই তেওঁৰ ওচৰত তেওঁৰ বন্ধুৰ চিঠি আহিল, যিয়ে নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ আৱিৰ্ভাব আৰু তেৱেঁই যে প্ৰকৃত নবী, এই ক্ষেত্ৰত হিৰাক্লিয়াচৰ মতক সমৰ্থন কৰিছিল। তাৰ পিছত হিৰাক্লিয়াচে তেওঁৰ হিমচৰ প্ৰাসাদত ৰোমৰ নেতৃস্থানীয় ব্যক্তিসকলক মাতিলে আৰু প্ৰাসাদৰ সকলো দুৱাৰ বন্ধ কৰাৰ আদেশ দিয়াত দুৱাৰ বন্ধ কৰা হ’ল। ইয়াৰ পিছত তেওঁ সন্মুখলৈ আহি ক’লে, হে ৰোমৰ অধিবাসীসকল! তোমালোকে মঙ্গল, হিদায়াৎ আৰু তোমালোকৰ ৰাষ্ট্ৰৰ স্থায়িত্ব বিচৰানে? তেনেহ’লে এই নবীৰ বায়’আত গ্ৰহণ কৰা।’ এই কথা শুনি তেওঁলোকে বন্য গাধৰ দৰে দ্ৰুত নিঃশ্বাস পেলাই দুৱাৰৰ ফালে দৌৰিলে, কিন্তু তেওঁলোকে দুৱাৰ বন্ধ দেখিবলৈ পালে। হিৰাক্লিয়াচে যেতিয়া তেওঁলোকৰ অনীহা লক্ষ্য কৰিলে আৰু তেওঁলোকৰ ঈমানৰ পৰা নিৰাশ হৈ গ’ল, তেতিয়া ক’লে, ‘তেওঁলোকক মোৰ ওচৰলৈ ওভোতাই আনা।’ তেওঁ ক’লে, ‘মই অলপ আগতে যি কথা কৈছোঁ, তাৰ দ্বাৰা তোমালোকে তোমালোকৰ দ্বীনৰ ওপৰত কিমানখিনি অটল আছা, কেৱল তাৰ পৰীক্ষা কৰিছিলোঁ। এতিয়া গম পালোঁ।’ এই কথা শুনি তেওঁলোকে তেওঁক ছাজদাহ কৰিলে আৰু তেওঁৰ প্ৰতি সন্তুষ্ট হ’ল। এইটোৱেই আছিল হিৰাক্লিয়াচৰ সৰ্বশেষ অৱস্থা।
আবূ ‘আব্দিল্লাহে (বুখাৰী ৰাহিমাহুল্লাহে) কৈছে, চলেহ ইবনু ক্বায়চান, ইউনুচ আৰু মা’মাৰ ৰাহিমাহুমুল্লাহে হাদীছটো যুহৰী ৰাহিমাহুল্লাহৰ পৰা বৰ্ণনা কৰিছে।’
(৫১, ২৬৮১, ২৮০৪, ২৯৪১, ২৯৭৮, ৩১৭৪, ৪৫৫৩, ৫৯৮০, ৬২৬০, ৭১৯৬, ৭৫৪১ দ্ৰষ্টব্য) (আ. প্ৰ. ৬, ই. ফা. ৬)
আবূ কাবশ্বা: এই নামেৰে জনৈক ব্যক্তি প্ৰতিমা পূজাৰ বিৰোধী আছিল বুলি আল্লাহৰ ৰাছূল (চাল্লাল্লাহু ‘আলাইহি অছাল্লাম)-ক তেওঁৰ ল’ৰা অৰ্থাৎ আবূ কাবশ্বা বোলা হৈছে। এই বিষয়ে আৰু কেইটামান বৰ্ণনা আছে।