chapter-note-beforechapterchapter-note-afterhadith-numberhadith-arabichadith-assamesehadith-note
পৰিচ্ছেদ : 1, নবী ছাল্লাল্লাহু ‘আলাইহি অছাল্লামৰ বাণীঃ ইছলাম পাঁচটা স্তম্ভৰ ওপৰত প্রতিষ্ঠিত।وَهُوَ قَوْلٌ وَفِعْلٌ وَيَزِيدُ وَيَنْقُصُ قَالَ اللهُ تَعَالَى : }لِيَزْدَادُوا إِيمَانًا مَعَ إِيمَانِهِمْ وَزِدْنَاهُمْ هُدًى{ }وَيَزِيدُ اللهُ الَّذِينَ اهْتَدَوْا هُدًى{ }وَالَّذِينَ اهْتَدَوْا زَادَهُمْ هُدًى وَآتَاهُمْ تَقْوَاهُمْ{ وَقَوْلُهُ }وَيَزْدَادَ الَّذِينَ آمَنُوا إِيمَانًا{ وَقَوْلُهُ }أَيُّكُمْ زَادَتْهُ هَذِهِ إِيمَانًا{ فَأَمَّا الَّذِينَ آمَنُوا فَزَادَتْهُمْ إِيمَانًا وَقَوْلُهُ جَلَّ ذِكْرُهُ }فَاخْشَوْهُمْ فَزَادَهُمْ إِيمَانًا{ وَقَوْلُهُ تَعَالَى }وَمَا زَادَهُمْ إِلاَّ إِيمَانًا وَتَسْلِيمًا{ وَالْحُبُّ فِي اللهِ وَالْبُغْضُ فِي اللهِ مِنَ الإِيْمَانِ وَكَتَبَ عُمَرُ بْنُ عَبْدِ الْعَزِيزِ إِلَى عَدِيِّ بْنِ عَدِيٍّ إِنَّ لِلْإِيمَانِ فَرَائِضَ وَشَرَائِعَ وَحُدُودًا وَسُنَنًا فَمَنْ اسْتَكْمَلَهَا اسْتَكْمَلَ الإِيْمَانَ وَمَنْ لَمْ يَسْتَكْمِلْهَا لَمْ يَسْتَكْمِلْ الإِيْمَانَ فَإِنْ أَعِشْ فَسَأُبَيِّنُهَا لَكُمْ حَتَّى تَعْمَلُوا بِهَا وَإِنْ أَمُتْ فَمَا أَنَا عَلَى صُحْبَتِكُمْ بِحَرِيصٍ وَقَالَ إِبْرَاهِيمُ صلى الله عليه وسلم }وَلَكِنْ لِيَطْمَئِنَّ قَلْبِي{ وَقَالَ مُعَاذُ بْنُ جَبَلٍ اجْلِسْ بِنَا نُؤْمِنْ سَاعَةً وَقَالَ ابْنُ مَسْعُودٍ الْيَقِينُ الإِيْمَانُ كُلُّهُ وَقَالَ ابْنُ عُمَرَ لاَ يَبْلُغُ الْعَبْدُ حَقِيقَةَ التَّقْوَى حَتَّى يَدَعَ مَا حَاكَ فِي الصَّدْرِ وَقَالَ مُجَاهِدٌ }شَرَعَ لَكُمْ{ مِنْ الدِّينِ أَوْصَيْنَاكَ يَا مُحَمَّدُ وَإِيَّاهُ دِينًا وَاحِدًا وَقَالَ ابْنُ عَبَّاسٍ }شِرْعَةً وَمِنْهَاجًا{ سَبِيلاً وَسُنَّةًআল্লাহৰ ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামৰ বাণী: ইছলামৰ স্তম্ভ হৈছে পাঁচটা– মুখেৰে স্বীকাৰ কৰা আৰু কাৰ্য্যত পৰিণত কৰাটোৱে হৈছে ঈমান, আৰু ঈমান হ্ৰাস হয় আৰু বৃদ্ধিও হয়। আল্লাহ তা’আলাই কৈছেঃ “যাতে তেওঁলোকে নিজৰ ঈমানৰ সৈতে ঈমান বৃদ্ধি কৰি লয়”। (ছুৰা ফাতাহঃ ৪) “আৰু যিসকলে সুপথত চলে আল্লাহে তেওঁলোকৰ হিদায়ত বৃদ্ধি কৰি দিয়ে”। (ছুৰা মাৰয়ামঃ ৭৬) “আৰু যিসকলে সঠিক পথ অৱলম্বন কৰিছে, আল্লাহে তেওঁলোকক সৎ পথত আৰু অধিক অগ্ৰগতি দান কৰে আৰু তেওঁলোকক তেওঁলোকৰ তাক্বৱা প্ৰদান কৰে”। (ছুৰা মুহাম্মদঃ ১৭) “যাতে মুমিন সকলৰ দৃঢ় প্ৰত্যয় জন্মে আৰু বিশ্বাসস্থাপনকাৰী সকলৰ বিশ্বাস অধিক বদ্ধমূল হয়।” (ছুৰা মুদ্দাচ্চিৰঃ ৩১) আল্লাহ তা’আলাই আৰু কৈছেঃ–“এইটোৱে তোমালোকৰ মাজত কাৰ ঈমান বৃদ্ধি কৰিলে, এতেকে যিসকলে ঈমান আনিছে ই তেওঁলোকৰেই ঈমান বৃদ্ধি কৰিছে।” (ছুৰা আত-তাওবাহ ১২৪) লগতে তেওঁ আৰু কৈছেঃ “গতিকে তোমালোকে সিহঁতক ভয় কৰা কিন্তু এই কথাই তেওঁওলোকৰ ঈমান আৰু বৃদ্ধিহে কৰিলে।” (ছুৰা আলে ইমৰান ১৭৩) ‘‘আৰু এই ঘটনাই তেওঁলোকৰ ঈমান আৰু আনুগত্যহে বৃদ্ধি কৰিলে।”(ছুৰা আহযাবঃ ২২)
আৰু আল্লাহৰ বাবে ভালপোৱা আৰু আল্লহৰ বাবেই ঘৃণা কৰা ঈমানৰ অংশ। ‘ওমৰ ইবনু আব্দিল আযীয ৰাহিমাহুল্লাহে আদী ইবনু আদী ৰাহিমাহুল্লাহুৰ ওচৰলৈ এখন পত্ৰ লিখিছিল– ঈমানৰ কিছুমান ফৰজ আৰু কিছুমান হুকুম-আহকাম, বিধি-নিষেধ আৰু ছুন্নত আছে। যিয়ে সেই সকলো পৰিপূৰ্ণভাৱে আদায় কৰিব তাৰ ঈমান পৰিপূৰ্ণ হ’ব। আৰু যিয়ে সেয়া পৰিপূৰ্ণভাৱে আদায় নকৰে তাৰ ঈমান পৰিপূৰ্ণ নহয় । মই জীয়াই থাকিলে অচিৰেই এই বিলাক মই তোমালোকৰ আগত ব্যক্ত কৰিম, যাতে তোমালোকে তাৰ ওপৰত আমল কৰিব পাৰা। আৰু যদি মোৰ মৃত্যু হয় তেনেহ’লে জানি লবা, তোমালোকৰ সাহচৰ্য্যত থকাৰ বাবে মই আকাঙ্ক্ষিত নহয়’।
ইব্ৰাহিম (আলাইহিচ ছালামে) কৈছিল– কিন্তু এয়া কেৱল মোৰ চিত্ত প্ৰশান্তিৰ বাবে। (ছুৰা আল-বাক্কাৰাহঃ ২৬০) মু’আয ৰাদ্বিয়াল্লাহু আনহুৱে কৈছেঃ– ‘আঁহা আমাৰ লগত বহা, কিছুসময় ঈমান তাজা (আলোচনা) কৰো’। ইবনে মাছউদ ৰাদ্বিয়াল্লাহু আনহুৱে কৈছেঃ– ‘এক্বীন হৈছে পূৰ্ণ ঈমান’। ইবনু ওমৰ ৰাদ্বিয়াল্লাহু আনহুৱে কৈছেঃ ‘বান্দাই প্ৰকৃত তাক্বৱা তেতিয়ালৈকে লাভ কৰিব নোৱাৰে, যেতিয়ালৈকে তাৰ মনত যি বিষয়ে সন্দেহৰ সৃষ্টি হৈছে সেয়া পৰিত্যাগ নকৰে’। মুজাহিদ ৰাহিমাহুল্লাহে এই আয়াতৰ ব্যাখ্যাত কৈছেঃ– “তেঁৱেই তোমালোকৰ বাবে দ্বীনৰ (জীৱন ব্যৱস্থাৰ) নীতি নিয়ম নিৰ্দ্ধাৰণ কৰি দিছে, যি নীতি নিয়মৰ আদেশ তেওঁ নূহক দিছিল”। (ছুৰা আশ্ব-শ্বুৰাঃ ১৩) অৰ্থাৎ হে মুহাম্মদ! মই আপোনাক আৰু নূহক একেই দ্বীনৰ আদেশ কৰিছো। ইবনু আব্বাছ ৰাদ্বিয়াল্লাহু আনহুৱে কৈছেঃ– “শ্বিৰআতাওঁ অমিনহাজা, অৰ্থাৎ পথ আৰু পন্থা” (ছুৰা আল-মায়িদা ৪৮)।
পৰিচ্ছেদ : 2, তোমালোকৰ দুআ অৰ্থাৎ তোমালোকৰ ঈমানহাদীছ - 8حَدَّثَنَا عُبَيْدُ اللَّهِ بْنُ مُوسَى، قَالَ: أَخْبَرَنَا حَنْظَلَةُ بْنُ أَبِي سُفْيَانَ، عَنْ عِكْرِمَةَ بْنِ خَالِدٍ، عَنِ ابْنِ عُمَرَ، رَضِيَ اللَّهُ عَنْهُمَا قَالَ: قَالَ رَسُولُ اللَّهِ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ " بُنِيَ الإِسْلاَمُ عَلَى خَمْسٍ: شَهَادَةِ أَنْ لاَ إِلَهَ إِلَّا اللَّهُ وَأَنَّ مُحَمَّدًا رَسُولُ اللَّهِ، وَإِقَامِ الصَّلاَةِ، وَإِيتَاءِ الزَّكَاةِ، وَالحَجِّ، وَصَوْمِ رَمَضَانَ "... ইবনে ওমৰ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেখেতে কৈছেঃ আল্লাহৰ ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ – ইছলামৰ স্তম্ভ হৈছে পাঁচটা– (১) এই কথাৰ সাক্ষ্য প্ৰদান কৰা যে, আল্লাহৰ বাহিৰে প্ৰকৃত আন কোনো উপাস্য নাই আৰু মুহাম্মাদ চাল্লাল্লাহু আলাইহি অছাল্লাম নিশ্চয় আল্লাহৰ ৰাছুল (২) চালাত প্ৰতিষ্ঠা কৰা, (৩) যাকাত আদায় কৰা, (৪) হজ্জ কৰা, (৫) আৰু ৰমজান মাহৰ চিয়াম ব্ৰত (ৰোজা) পালন কৰা।
সংশ্লিষ্ট হাদীছসমূহ ৪৫১৪; মুছলিম ১/৫ হাদীছ নং ১৬, আহমদ ৬০২২, ৬৩০৯) (আ.প্ৰ. ৭, ই.ফা. ৭)
পৰিচ্ছেদ : 3হাদীছ - 9حَدَّثَنَا عَبْدُ اللَّهِ بْنُ مُحَمَّدٍ الجُعْفِيُّ، قَالَ: حَدَّثَنَا أَبُو عَامِرٍ العَقَدِيُّ، قَالَ: حَدَّثَنَا سُلَيْمَانُ بْنُ بِلاَلٍ، عَنْ عَبْدِ اللَّهِ بْنِ دِينَارٍ، عَنْ أَبِي صَالِحٍ، عَنْ أَبِي هُرَيْرَةَ رَضِيَ اللَّهُ عَنْهُ، عَنِ النَّبِيِّ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ قَالَ «الإِيمَانُ بِضْعٌ وَسِتُّونَ شُعْبَةً، وَالحَيَاءُ شُعْبَةٌ مِنَ الإِيمَانِ... আবূ হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ– ঈমানৰ ষাঠি টাতকৈয়ো অধিক শাখা-প্ৰশাখা আছে। আৰু ‘হায়া বা লাজ’ হৈছে ঈমানৰ এটা শাখা।
(মুছলিম ১/১২ হাদীছ নং ৩৫, আহমদ ৯৩৭২) (আ.প্ৰ. ৮, ই.ফা. ৮)
পৰিচ্ছেদ : 4হাদীছ - 10حَدَّثَنَا آدَمُ بْنُ أَبِي إِيَاسٍ، قَالَ: حَدَّثَنَا شُعْبَةُ، عَنْ عَبْدِ اللَّهِ بْنِ أَبِي السَّفَرِ، وَإِسْمَاعِيلَ بْنِ أَبِي خَالِدٍ، عَنِ الشَّعْبِيِّ، عَنْ عَبْدِ اللَّهِ بْنِ عَمْرٍو رَضِيَ اللَّهُ عَنْهُمَا، عَنِ النَّبِيِّ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ قَالَ: «المُسْلِمُ مَنْ سَلِمَ المُسْلِمُونَ مِنْ لِسَانِهِ وَيَدِهِ، وَالمُهَاجِرُ مَنْ هَجَرَ مَا نَهَى اللَّهُ عَنْهُ» قَالَ أَبُو عَبْدِ اللَّهِ: وَقَالَ أَبُو مُعَاوِيَةَ، حَدَّثَنَا دَاوُدُ هُوَ ابْنُ أَبِي هِنْدٍ، عَنْ عَامِرٍ، قَالَ: سَمِعْتُ عَبْدَ اللَّهِ يَعْنِي ابْنَ عَمْرٍو، عَنِ النَّبِيِّ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ وَقَالَ عَبْدُ الأَعْلَى، عَنْ دَاوُدَ، عَنْ عَامِرٍ، عَنْ عَبْدِ اللَّهِ، عَنِ النَّبِيِّ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ... আব্দুল্লাহ ইবনু আমৰ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, আল্লাহৰ ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ– তেৱেঁই প্ৰকৃত মুছলিম, যাৰ জিভা আৰু হাতৰ পৰা সকলো মুছলিম নিৰাপদে থাকে আৰু তেৱেঁই প্ৰকৃত মুহাজিৰ, যিজনে আল্লাহে নিষেধ কৰা কাম পৰিত্যাগ কৰে। আবু আব্দিল্লাহে কৈছেঃ আবু মুআবিয়াই কৈছে যে, আমাৰ ওচৰত দাউদ ইবনে আবি হিন্দে আমিৰৰ সূত্ৰত বৰ্ণনা কৰিছে, তেওঁ কৈছে যে, মই আব্দুল্লাহ ইবনু আমৰ ৰাদ্বিয়াল্লাহু আনহুক ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৰা হাদীছ বৰ্ণনা কৰোঁতে শুনিছো। আকৌ আব্দুল আলাই কৈছে, তেওঁ দাউদৰ পৰা, তেওঁ আমিৰৰ পৰা আৰু তেওঁ আব্দুল্লাহৰ পৰা আৰু তেখেত নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৰা বৰ্ণনা কৰিছে।
((সংশ্লিষ্ট হাদীছসমূহ ৬৪৮৪; মুছলিম ১/১৪ হাদীছ নং ৪০, আহমদ ৬৭৬৫) (আ.প্ৰ. ৯, ই.ফা. ৯)
পৰিচ্ছেদ : 5হাদীছ - 11حَدَّثَنَا سَعِيدُ بْنُ يَحْيَى بْنِ سَعِيدٍ القُرَشِيُّ ، قَالَ: حَدَّثَنَا أَبِي، قَالَ: حَدَّثَنَا أَبُو بُرْدَةَ بْنُ عَبْدِ اللَّهِ بْنِ أَبِي بُرْدَةَ، عَنْ أَبِي بُرْدَةَ، عَنْ أَبِي مُوسَى رَضِيَ اللَّهُ عَنْهُ، قَالَ: قَالُوا يَا رَسُولَ اللَّهِ، أَيُّ الإِسْلاَمِ أَفْضَلُ؟ قَالَ: «مَنْ سَلِمَ المُسْلِمُونَ مِنْ لِسَانِهِ، وَيَدِهِ .... আবূ মুছা ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেখেতে কৈছেঃ– তেওঁলোকে (ছাহাবাসকলে) সুধিলে, ‘হে আল্লাহৰ ৰাছুল! ইছলামত কোনটো কাম উত্তম’? তেখেতে ক’লে: ‘যাৰ জিভা আৰু হাতৰ পৰা মুছলিমসকল নিৰাপদে থাকে’।
(মুছলিম ১/১৪ হাদীছ নং ৪২, আহমদ ৬৭৬৫) (আ.প্ৰ. ১০, ই.ফা. ১০)
পৰিচ্ছেদ : 6হাদীছ - 12حَدَّثَنَا عَمْرُو بْنُ خَالِدٍ، قَالَ: حَدَّثَنَا اللَّيْثُ، عَنْ يَزِيدَ، عَنْ أَبِي الخَيْرِ، عَنْ عَبْدِ اللَّهِ بْنِ عَمْرٍو رَضِيَ اللَّهُ عَنْهُمَا، أَنَّ رَجُلًا سَأَلَ النَّبِيَّ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ: أَيُّ الإِسْلاَمِ خَيْرٌ؟ قَالَ: «تُطْعِمُ الطَّعَامَ، وَتَقْرَأُ السَّلاَمَ عَلَى مَنْ عَرَفْتَ وَمَنْ لَمْ تَعْرِفْ.... আব্দুল্লাহ ইবনু ‘আমৰ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত জনৈক ব্যক্তিয়ে আল্লাহৰ ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামক সুধিলে– ইছলামত কোনটো আমল অতি উত্তম? তেখেতে কলে– তুমি (আনক) খাদ্য খুৱাবা আৰু চিনাকী অচিনাকী সকলোকে চালাম দিবা।
(সংশ্লিষ্ট হাদীছসমূহ ২৮, ৬২৩৬; মুছলিম ১/১৪ হাদীছ নং ৪২, আহমদ ৬৭৬৫) (আ.প্ৰ. ১১, ই.ফা. ১১)
পৰিচ্ছেদ : 7হাদীছ - 13حَدَّثَنَا مُسَدَّدٌ، قَالَ: حَدَّثَنَا يَحْيَى، عَنْ شُعْبَةَ، عَنْ قَتَادَةَ، عَنْ أَنَسٍ رَضِيَ اللَّهُ عَنْهُ، عَنِ النَّبِيِّ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ وَعَنْ حُسَيْنٍ المُعَلِّمِ، قَالَ: حَدَّثَنَا قَتَادَةُ، عَنْ أَنَسٍ عَنِ النَّبِيِّ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ قَالَ: «لاَ يُؤْمِنُ أَحَدُكُمْ، حَتَّى يُحِبَّ لِأَخِيهِ مَا يُحِبُّ لِنَفْسِهِ... আনাছ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ তোমালোকে প্ৰকৃত মুমিন কেতিয়াও হব নোৱাৰিবা যেতিয়ালৈকে নিজৰ বাবে পছন্দ কৰা বস্তু নিজ ভাতৃৰ বাবেও পছন্দ নকৰিবা।
(মুছলিম ১/১৭ হাদীছ নং ৪৫, আহমদ ১২৮০১, ১৩৮৭৫) (আ.প্ৰ. ১২, ই.ফা. ১২)
পৰিচ্ছেদ : 8হাদীছ - 14حَدَّثَنَا أَبُو اليَمَانِ، قَالَ: أَخْبَرَنَا شُعَيْبٌ، قَالَ: حَدَّثَنَا أَبُو الزِّنَادِ، عَنِ الأَعْرَجِ، عَنْ أَبِي هُرَيْرَةَ رَضِيَ اللَّهُ عَنْهُ، أَنَّ رَسُولَ اللَّهِ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ قَالَ: «فَوَالَّذِي نَفْسِي بِيَدِهِ، لاَ يُؤْمِنُ أَحَدُكُمْ حَتَّى أَكُونَ أَحَبَّ إِلَيْهِ مِنْ وَالِدِهِ وَوَلَدِهِ .... আবূ হূৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, আল্লাহৰ ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ– সেই সত্ত্বাৰ শপত! যাৰ হাতত মোৰ প্ৰাণ আছে, তোমালোক কেতিয়াও প্ৰকৃত মুমিন হ’ব নোৱাৰা যেতিয়ালৈকে তোমালোকে নিজৰ পিতৃ-মাতৃ, আৰু সন্তান-সন্ততিতকৈ মোক অধিক ভাল নোপোৱা।
(আ.প্ৰ. ১৩, ই.ফা. ১৩)
পৰিচ্ছেদ : 8হাদীছ - 15حَدَّثَنَا يَعْقُوبُ بْنُ إِبْرَاهِيمَ، قَالَ: حَدَّثَنَا ابْنُ عُلَيَّةَ، عَنْ عَبْدِ العَزِيزِ بْنِ صُهَيْبٍ، عَنْ أَنَسٍ، عَنِ النَّبِيِّ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ، ح وحَدَّثَنَا آدَمُ، قَالَ: حَدَّثَنَا شُعْبَةُ، عَنْ قَتَادَةَ، عَنْ أَنَسٍ، قَالَ: قَالَ النَّبِيُّ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ «لاَ يُؤْمِنُ أَحَدُكُمْ، حَتَّى أَكُونَ أَحَبَّ إِلَيْهِ مِنْ وَالِدِهِ وَوَلَدِهِ وَالنَّاسِ أَجْمَعِينَ... আনাছ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, আল্লাহৰ ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ– তোমালোকৰ কোনেও প্ৰকৃত মুমিন হব নোৱাৰে, যেতিয়ালৈকে মই তাৰ ওচৰত তাৰ পিতৃ-মাতৃ, সন্তান-সন্ততি আৰু সকলো মানুহতকৈ অধিক প্ৰিয়পাত্ৰ নহওঁ।
(মুছলিম ১/১৬ হাদীছ নং ৪৪, আহমদ ১২৮১৪) (আ.প্ৰ. ১৪, ই.ফা. ১৪)
পৰিচ্ছেদ : 9হাদীছ - 16حَدَّثَنَا مُحَمَّدُ بْنُ المُثَنَّى، قَالَ: حَدَّثَنَا عَبْدُ الوَهَّابِ الثَّقَفِيُّ، قَالَ: حَدَّثَنَا أَيُّوبُ، عَنْ أَبِي قِلاَبَةَ، عَنْ أَنَسِ بْنِ مَالِكٍ رَضِيَ اللَّهُ عَنْهُ، عَنِ النَّبِيِّ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ قَالَ: " ثَلاَثٌ مَنْ كُنَّ فِيهِ وَجَدَ حَلاَوَةَ الإِيمَانِ: أَنْ يَكُونَ اللَّهُ وَرَسُولُهُ أَحَبَّ إِلَيْهِ مِمَّا سِوَاهُمَا، وَأَنْ يُحِبَّ المَرْءَ لاَ يُحِبُّهُ إِلَّا لِلَّهِ، وَأَنْ يَكْرَهَ أَنْ يَعُودَ فِي الكُفْرِ كَمَا يَكْرَهُ أَنْ يُقْذَفَ فِي النَّارِ "... আনাছ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ– যি ব্যক্তিৰ মাজত তিনিটা গুণ আছে, তেওঁহে ঈমানৰ সোৱাদ লাভ কৰে। (১) আল্লাহ আৰু তেওঁৰ ৰাছুল তাৰ ওচৰত আন সকলোতকৈ অধিক প্ৰিয় হোৱা, (২) একমাত্ৰ আল্লাহৰ বাবেই কাৰোবাক ভালপোৱা, (৩) কুফৰীলৈ উভতি যোৱাক জুইত নিক্ষিপ্ত হোৱাৰ দৰে অপছন্দ কৰা।
(সংশ্লিষ্ট হাদীছসমূহ ২১, ৬০৪১, ৬৯৪১; মুছলিম ১/১৫ হাদীছ নং ৪৩, আহমদ ১২০০২) (আ.প্ৰ. ১৫, ই.ফা. ১৫)
পৰিচ্ছেদ : 10হাদীছ - 17حَدَّثَنَا أَبُو الوَلِيدِ, قَالَ: حَدَّثَنَا شُعْبَةُ, قَالَ: أَخْبَرَنِي عَبْدُ اللَّهِ بْنُ عَبْدِ اللَّهِ بْنِ جَبْرٍ, قَالَ: سَمِعْتُ أَنَسًا عَنِ النَّبِيِّ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ قَالَ: «آيَةُ الإِيمَانِ حُبُّ الأَنْصَارِ, وَآيَةُ النِّفَاقِ بُغْضُ الأَنْصَارِ... আনাছ ইবনু মালিক ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ– ঈমানৰ আলামত হৈছে আনচাৰসকলক ভালপোৱা আৰু মুনাফিকৰ চিহ্ন হৈছে আনচাৰসকলৰ প্ৰতি শত্ৰুতা পোষণ কৰা।
(সংশ্লিষ্ট হাদীছসমূহ৩৭৮৪; মুছলিম ১/৩৩ হাদীছ নং ৭৪, আহমদ ১৩৬০৮) (আ.প্ৰ. ১৬, ই.ফা. ১৬)
পৰিচ্ছেদ : 11হাদীছ - 18حَدَّثَنَا أَبُو اليَمَانِ, قَالَ: أَخْبَرَنَا شُعَيْبٌ, عَنِ الزُّهْرِيِّ, قَالَ: أَخْبَرَنِي أَبُو إِدْرِيسَ عَائِذُ اللَّهِ بْنُ عَبْدِ اللَّهِ, أَنَّ عُبَادَةَ بْنَ الصَّامِتِ رَضِيَ اللَّهُ عَنْهُ وَكَانَ شَهِدَ بَدْرًا وَهُوَ أَحَدُ النُّقَبَاءِ لَيْلَةَ العَقَبَةِ: أَنَّ رَسُولَ اللَّهِ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ قَالَ, وَحَوْلَهُ عِصَابَةٌ مِنْ أَصْحَابِهِ: «بَايِعُونِي عَلَى أَنْ لاَ تُشْرِكُوا بِاللَّهِ شَيْئًا, وَلاَ تَسْرِقُوا, وَلاَ تَزْنُوا, وَلاَ تَقْتُلُوا أَوْلاَدَكُمْ , وَلاَ تَأْتُوا بِبُهْتَانٍ تَفْتَرُونَهُ بَيْنَ أَيْدِيكُمْ وَأَرْجُلِكُمْ, وَلاَ تَعْصُوا فِي مَعْرُوفٍ, فَمَنْ وَفَى مِنْكُمْ فَأَجْرُهُ عَلَى اللَّهِ, وَمَنْ أَصَابَ مِنْ ذَلِكَ شَيْئًا فَعُوقِبَ فِي الدُّنْيَا فَهُوَ كَفَّارَةٌ لَهُ, وَمَنْ أَصَابَ مِنْ ذَلِكَ شَيْئًا ثُمَّ سَتَرَهُ اللَّهُ فَهُوَ إِلَى اللَّهِ, إِنْ شَاءَ عَفَا عَنْهُ وَإِنْ شَاءَ عَاقَبَهُ» فَبَايَعْنَاهُ عَلَى ذَلِكَ... আবু ইদ্ৰীছ আয়েজুল্লাহ বিন আব্দুল্লাহে কৈছে যে, উবাদা বিন চামিত ৰাদ্বিয়াল্লাহু আনহু যিজন বদৰৰ যুদ্ধত অংশ গ্ৰহণকাৰী আৰু লায়লাতুল আকাবাৰ এজন নকীব, তেখেতে বৰ্ণনা কৰিছে যে, আল্লাহৰ ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওচৰত এজন ছাহাবীৰ উপস্থিতিত তেখেতে কৈছিল– ‘তোমালোকে মোৰ ওচৰত এই বিষয়ে বায়’আত গ্ৰহণ কৰা যে, আল্লাহৰ লগত কাকো অংশীদাৰ সাব্যস্ত নকৰিবা, চুৰি নকৰিবা, ব্যভিচাৰ নকৰিবা, তোমালোকৰ সন্তানক হত্যা নকৰিবা, কাৰো ওপৰত মিছা অপবাদ নিদিবা, সৎ কামত অবাধ্যতা নকৰিবা। তোমালোকৰ ভিতৰত যিয়ে এইবোৰ পূৰ্ণ কৰিব, তাৰ পুৰষ্কাৰ আল্লাহৰ ওচৰত আছে। আৰু কোনোবাই যদি ইয়াৰ কোনো এটাত লিপ্ত হয়, আৰু পৃথিৱীতেই তাক শাস্তি দিয়া হয় তেন্তে সেইটো হ’ব তাৰ বাবে কাফফাৰা। আৰু যদি কোনোবাই ইয়াৰ কোনো এটাত লিপ্ত হৈ পৰাৰ পিছত আল্লাহে সেয়া গোপন কৰি ৰাখে তেন্তে সেয়া আল্লাহৰ ইচ্ছাধীন। আল্লাহে ইচ্ছা কৰিলে মাৰ্জ্জনা কৰি দিব পাৰে আৰু ইচ্ছা কৰিলে শাস্তিও প্ৰদান কৰিব পাৰে। আমি ইয়াৰ ওপৰত বায়’আত গ্ৰহণ কৰিলো।
(সংশ্লিষ্ট হাদীছসমূহ ৩৮৯২, ৩৮৯৩, ৩৯৯৯, ৪৮৯৪, ৬৭৮৪, ৬৮০১, ৬৮৭৩, ৭০৫৫, ৭১৯৯, ৭২১৩, ৭৪৬৮; মুছলিম ২৯/১০ হাদীছ নং ১৭০৯, আহমদ ২২৭৪১) (আ.প্ৰ. ১৭, ই.ফা. ১৭)
পৰিচ্ছেদ : 12হাদীছ - 19حَدَّثَنَا عَبْدُ اللَّهِ بْنُ مَسْلَمَةَ, عَنْ مَالِكٍ, عَنْ عَبْدِ الرَّحْمَنِ بْنِ عَبْدِ اللَّهِ بْنِ عَبْدِ الرَّحْمَنِ بْنِ أَبِي صَعْصَعَةَ, عَنْ أَبِيهِ, عَنْ أَبِي سَعِيدٍ الخُدْرِيِّ رَضِيَ اللَّهُ عَنْهُ, أَنَّهُ قَالَ: قَالَ رَسُولُ اللَّهِ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ: «يُوشِكُ أَنْ يَكُونَ خَيْرَ مَالِ المُسْلِمِ غَنَمٌ يَتْبَعُ بِهَا شَعَفَ الجِبَالِ وَمَوَاقِعَ القَطْرِ, يَفِرُّ بِدِينِهِ مِنَ الفِتَنِ.... আবূ চা’ঈদ খুদৰী ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেখেতে কৈছেঃ আল্লাহৰ ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ– সেই দিন বেছি দূৰত নহয়, যিদিনা মুছলিমৰ উত্তম সম্পদ হ’ব কেইটামান ছাগলী, যি কেইটা লৈ সি ফিৎনাৰ পৰা বাচিবলৈ ধৰ্ম সহকাৰে পলায়ন কৰিব পাহাৰৰ শৃঙ্গলৈ অথবা বৰষুণ দিয়া স্থানলৈ।
(সংশ্লিষ্ট হাদীছসমূহ ৩৩০০, ৩৬০০, ৬৪৯৫, ৭০৮৮) (আ.প্ৰ. ১৮, ই.ফা. ১৮)
পৰিচ্ছেদ : 13হাদীছ - 20حَدَّثَنَا مُحَمَّدُ بْنُ سَلاَمٍ, قَالَ: أَخْبَرَنَا عَبْدَةُ, عَنْ هِشَامٍ, عَنْ أَبِيهِ, عَنْ عَائِشَةَ, قَالَتْ: كَانَ رَسُولُ اللَّهِ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ إِذَا أَمَرَهُمْ, أَمَرَهُمْ مِنَ الأَعْمَالِ بِمَا يُطِيقُونَ, قَالُوا: إِنَّا لَسْنَا كَهَيْئَتِكَ يَا رَسُولَ اللَّهِ, إِنَّ اللَّهَ قَدْ غَفَرَ لَكَ مَا تَقَدَّمَ مِنْ ذَنْبِكَ وَمَا تَأَخَّرَ, فَيَغْضَبُ حَتَّى يُعْرَفَ الغَضَبُ فِي وَجْهِهِ, ثُمَّ يَقُولُ: «إِنَّ أَتْقَاكُمْ وَأَعْلَمَكُمْ بِاللَّهِ أَنَا... আইশ্বা ৰাদ্বিয়াল্লাহু আনহাৰ পৰা বৰ্ণিত, তেখেতে কৈছেঃ আল্লাহৰ ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামে ছাহাবীসকলক কোনো কামৰ নিৰ্দেশ দিলে সামৰ্থ অনুসৰি নিৰ্দেশ দিছিল। এবাৰ তেওঁলোকে ক’লে– ‘হে আল্লাহৰ ৰাছুল! আমিতো আপোনাৰ দৰে নহয়, নিশ্চয় আল্লাহ তা’আলাই আপোনাৰ পূৰ্বৱৰ্তী আৰু পৰৱৰ্তী সকলো গুনাহ মাফ কৰি দিছে’। এয়া শুনি তেখেত ক্ৰোধান্বিত হ’ল আৰু ক্ৰোধৰ চিহ্ন তেখেতৰ চেহেৰাত প্ৰকাশ পালে। তাৰ পিছত তেখেতে ক’লে– তোমালোকতকৈ মই আল্লাহক অধিক ভয় কৰো আৰু বেছিকৈ জানো।
(আ.প্ৰ. ১৯, ই.ফা. ১৯)
পৰিচ্ছেদ : 14হাদীছ - 21حَدَّثَنَا سُلَيْمَانُ بْنُ حَرْبٍ, قَالَ: حَدَّثَنَا شُعْبَةُ, عَنْ قَتَادَةَ, عَنْ أَنَسِ بْنِ مَالِكٍ رَضِيَ اللَّهُ عَنْهُ, عَنِ النَّبِيِّ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ قَالَ: ثَلاَثٌ مَنْ كُنَّ فِيهِ وَجَدَ حَلاَوَةَ الإِيمَانِ: مَنْ كَانَ اللَّهُ وَرَسُولُهُ أَحَبَّ إِلَيْهِ مِمَّا سِوَاهُمَا, وَمَنْ أَحَبَّ عَبْدًا لاَ يُحِبُّهُ إِلَّا لِلَّهِ عَزَّ وَجَلَّ, وَمَنْ يَكْرَهُ أَنْ يَعُودَ فِي الكُفْرِ, بَعْدَ إِذْ أَنْقَذَهُ اللَّهُ, مِنْهُ كَمَا يَكْرَهُ أَنْ يُلْقَى فِي النَّارِ ... আনাছ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ– তিনিটা গুণ থকা ব্যক্তিয়ে ঈমানৰ সোৱাদ পায়, (১) যি ব্যক্তিৰ ওচৰত আল্লাহ আৰু তেওঁৰ ৰাছুল আন সকলোতকৈ প্ৰিয়, (২) আৰু যি ব্যক্তিয়ে একমাত্ৰ আল্লাহৰ খাতিৰত কোনো বান্দাক ভালপায় (৩) লগতে আল্লাহ তা’আলাই কুফৰৰ পৰা মুক্তি দিয়াৰ পিছত যিয়ে পুনৰ কুফৰীলৈ প্ৰত্যাৱৰ্তন কৰাক জুইত নিক্ষেপ কৰাৰ দৰেই অপছন্দ কৰে।
(সংশ্লিষ্ট হাদীছ নং ১৬) (আ.প্ৰ. ২০, ই.ফা. ২০)
পৰিচ্ছেদ : 15হাদীছ - 22حَدَّثَنَا إِسْمَاعِيلُ, قَالَ: حَدَّثَنِي مَالِكٌ, عَنْ عَمْرِو بْنِ يَحْيَى المَازِنِيِّ, عَنْ أَبِيهِ, عَنْ أَبِي سَعِيدٍ الخُدْرِيِّ رَضِيَ اللَّهُ عَنْهُ, عَنِ النَّبِيِّ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ قَالَ: «يَدْخُلُ أَهْلُ الجَنَّةِ الجَنَّةَ, وَأَهْلُ النَّارِ النَّارَ», ثُمَّ يَقُولُ اللَّهُ تَعَالَى: «أَخْرِجُوا مِنَ النَّارِ مَنْ كَانَ فِي قَلْبِهِ مِثْقَالُ حَبَّةٍ مِنْ خَرْدَلٍ مِنْ إِيمَانٍ. فَيُخْرَجُونَ مِنْهَا قَدِ اسْوَدُّوا, فَيُلْقَوْنَ فِي نَهَرِ الحَيَا, أَوِ الحَيَاةِ - شَكَّ مَالِكٌ - فَيَنْبُتُونَ كَمَا تَنْبُتُ الحِبَّةُ فِي جَانِبِ السَّيْلِ, أَلَمْ تَرَ أَنَّهَا تَخْرُجُ صَفْرَاءَ مُلْتَوِيَةً» قَالَ وُهَيْبٌ: حَدَّثَنَا عَمْرٌو: الحَيَاةِ, وَقَالَ: خَرْدَلٍ مِنْ خَيْرٍ... আবূ ছা’ঈদ খুদৰী ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত। নবী চাল্লাল্লাহু অছাল্লামে কৈছেঃ– জান্নাতীসকলে জান্নাতত আৰু জাহান্নামীসকলে জাহান্নামত প্ৰৱেশ কৰিব। তাৰ পিছত আল্লাহ তা’আলাই (ফিৰিস্তাসকলক) ক’ব– যাৰ অন্তৰত সৰিয়হৰ এটা দানাৰ সমান ঈমান আছে তাক জাহান্নামৰ পৰা উলিয়াই আনা। তেতিয়া সিহঁতক জাহান্নামৰ পৰা এনে অৱস্থাত উলিয়াই অনা হ’ব যে সিহঁত পুৰি ক’লা হৈ পৰিছে। তাৰ পিছত সিহঁতক বৰষুণত বা হায়াতৰ নদীত (বৰ্ণনাকাৰী মালিক ৰাহিমাহুল্লাহে শব্দ দুটাৰ কোনটো সঠিক সেই সম্পৰ্কে সন্দেহ প্ৰকাশ কৰিছে) নিক্ষেপ কৰা হ’ব, ফলত সিহঁত সতেজ হৈ উঠিব যিদৰে নদীৰ পাৰৰ ঘাঁহ বনৰ বীজ গজি উঠে। তুমি দেখা পোৱা নাইনে সেইবিলাক কেনেকুৱা হালধীয়া ৰঙৰ হয় আৰু ঘনকৈ গজি উঠে? উহাইব ৰাহিমাহুল্লাহে কৈছেঃ ‘আমৰ ৰাহিমাহুল্লাহে আমাৰ ওচৰত الْحَيَا ৰ স্থলত الْحَيَاةِ আৰু خَرْدَلٍ مِنْ إِيمَانٍ ৰ স্থলত خَرْدَلٍ مِنْ خَيْرٍ বর্ণনা কৰিছে।
(সংশ্লিষ্ট হাদীছসমূহ ৪৫৮১, ৪৯১৯, ৬৫৬০, ৬৫৭৪, ৭৪৩৮, ৭৪৩৯; মুছলিম ১/৮২ হাদীছ নং ১৮৪) (আ.প্ৰ. ২১, ই.ফা. ২১)
পৰিচ্ছেদ : 15হাদীছ - 23حَدَّثَنَا مُحَمَّدُ بْنُ عُبَيْدِ اللَّهِ, قَالَ: حَدَّثَنَا إِبْرَاهِيمُ بْنُ سَعْدٍ, عَنْ صَالِحٍ, عَنِ ابْنِ شِهَابٍ, عَنْ أَبِي أُمَامَةَ بْنِ سَهْلِ بْنِ حُنَيْفٍ, أَنَّهُ سَمِعَ أَبَا سَعِيدٍ الخُدْرِيَّ, يَقُولُ: قَالَ رَسُولُ اللَّهِ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ: «بَيْنَا أَنَا نَائِمٌ, رَأَيْتُ النَّاسَ يُعْرَضُونَ عَلَيَّ وَعَلَيْهِمْ قُمُصٌ, مِنْهَا مَا يَبْلُغُ الثُّدِيَّ, وَمِنْهَا مَا دُونَ ذَلِكَ, وَعُرِضَ عَلَيَّ عُمَرُ بْنُ الخَطَّابِ وَعَلَيْهِ قَمِيصٌ يَجُرُّهُ». قَالُوا: فَمَا أَوَّلْتَ ذَلِكَ يَا رَسُولَ اللَّهِ? قَالَ: «الدِّينَ... আবু উমামা বিন ছাহল বিন হুনাইফে আবূ ছা’ঈদ খুদৰী ৰাদ্বিয়াল্লাহু আনহুৰ পৰা শুনিছে যে– আল্লাহৰ ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ– ‘এবাৰ মই টোপনি অৱস্থাত সপোনত দেখিলো যে, মানুহক মোৰ ওচৰলৈ অনা হৈছে, তেওঁলোকৰ পিন্ধোনত আছিল কামীচ, কাৰোবাৰ কাপোৰ বুকুলৈকে আৰু কিছুমানৰ কাপোৰ তললৈকে নামি আছে। আৰু ওমৰ ইবনুল খাত্তাব ৰাদ্বিয়াল্লাহু আনহুক মোৰ ওচৰলৈ অনা হ’ল এনে অৱস্থাত যে, তেওঁৰ পোছাক আছিল অতি দীঘল যিটো তেওঁ টানি উঠাই লৈছিল। ছাহাবীসকলে অনুৰোধ কৰিলে, হে আল্লাহৰ ৰাছুল! আপুনি (এই সপোনৰ) কি তা’বীৰ কৰিছে? তেখেতে ক’লে– ‘এই পোছাকৰ দ্বাৰা দ্বীন বুজোৱা হৈছে’।
(সংশ্লিষ্ট হাদীছসমূহ ৩৬৯১, ৭০০৮, ৭০০৯; মুছলিম ৪৪/২ হাদীছ নং ২৩৯০, আহমদ ১১৮১৪) (আ.প্ৰ. ২২, ই.ফা. ২২)
পৰিচ্ছেদ : 16হাদীছ - 24حَدَّثَنَا عَبْدُ اللَّهِ بْنُ يُوسُفَ, قَالَ: أَخْبَرَنَا مَالِكُ بْنُ أَنَسٍ, عَنِ ابْنِ شِهَابٍ, عَنْ سَالِمِ بْنِ عَبْدِ اللَّهِ, عَنْ أَبِيهِ, أَنَّ رَسُولَ اللَّهِ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ مَرَّ عَلَى رَجُلٍ مِنَ الأَنْصَارِ, وَهُوَ يَعِظُ أَخَاهُ فِي الحَيَاءِ, فَقَالَ رَسُولُ اللَّهِ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ: «دَعْهُ فَإِنَّ الحَيَاءَ مِنَ الإِيمَانِ... ছালিম ইবনে আব্দুল্লাহে তেওঁৰ পিতৃ আব্দুল্লাহ ইবনু ‘ওমৰ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণনা কৰিছে যে, এদিনাখন আল্লাহৰ ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লাম এজন আনচাৰী লোকৰ কাষেৰে অতিক্ৰম কৰি আছিল। সেই আনচাৰিজনে তেওঁৰ ভায়েকক অধিক লজ্জা ত্যাগৰ বাবে নচীহত কৰি আছিল। ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে ক’লেঃ– “তাক এৰি দিয়ক কাৰণ লজ্জা হৈছে ঈমানৰ অংগ”।
(সংশ্লিষ্ট হাদীছসমূহ ৬১১৮; মুছলিম ১/১২ হাদীছ নং ৩৬, আহমদ ৪৫৫৪) (আ.প্ৰ. ২৩, ই.ফা. ২৩)
পৰিচ্ছেদ : 17হাদীছ - 25حَدَّثَنَا عَبْدُ اللَّهِ بْنُ مُحَمَّدٍ المُسْنَدِيُّ, قَالَ: حَدَّثَنَا أَبُو رَوْحٍ الحَرَمِيُّ بْنُ عُمَارَةَ, قَالَ: حَدَّثَنَا شُعْبَةُ, عَنْ وَاقِدِ بْنِ مُحَمَّدٍ, قَالَ: سَمِعْتُ أَبِي يُحَدِّثُ, عَنِ ابْنِ عُمَرَ, أَنَّ رَسُولَ اللَّهِ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ قَالَ: «أُمِرْتُ أَنْ أُقَاتِلَ النَّاسَ حَتَّى يَشْهَدُوا أَنْ لاَ إِلَهَ إِلَّا اللَّهُ, وَأَنَّ مُحَمَّدًا رَسُولُ اللَّهِ, وَيُقِيمُوا الصَّلاَةَ, وَيُؤْتُوا الزَّكَاةَ, فَإِذَا فَعَلُوا ذَلِكَ عَصَمُوا مِنِّي دِمَاءَهُمْ وَأَمْوَالَهُمْ إِلَّا بِحَقِّ الإِسْلاَمِ, وَحِسَابُهُمْ عَلَى اللَّهِ... ইবনু ওমৰ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, আল্লাহৰ ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ– যেতিয়ালৈকে মানুহে এই সাক্ষ্য নিদিব যে, আল্লাহৰ বাহিৰে আন কোনো সত্যা উপাস্য নাই আৰু মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লাম হৈছে আল্লাহৰ ৰাছুল। লগতে চালাত প্ৰতিষ্ঠা নকৰালৈকে, যাকাত আদায় নিদিয়ালৈকে সিহঁতৰ লগত যুদ্ধ চলাই নিয়াৰ বাবে মোক নিৰ্দেশ কৰা হৈছে। আৰু যদি সিহঁতে এইবোৰ মানি লয় তেন্তে মোৰ ফালৰ পৰা সিহঁতে নিজৰ জীৱন আৰু সম্পত্তিৰ নিৰাপত্তা লাভ কৰিব; অৱশ্যে ইছলামৰ বিধান অনুযায়ী কোনো কাৰণ থাকিলে সেয়া স্বতন্ত্ৰ কথা আৰু সিহঁতৰ হিচাপৰ ভাৰ আল্লাহৰ ওপৰত অৰ্পিত।
(মুছলিম ১/৮ হাদীছ নং ২২) (আ.প্ৰ. ২৪, ই.ফা. ২৪)
পৰিচ্ছেদ : 18হাদীছ - 26حَدَّثَنَا أَحْمَدُ بْنُ يُونُسَ, وَمُوسَى بْنُ إِسْمَاعِيلَ, قَالاَ: حَدَّثَنَا إِبْرَاهِيمُ بْنُ سَعْدٍ, قَالَ: حَدَّثَنَا ابْنُ شِهَابٍ, عَنْ سَعِيدِ بْنِ المُسَيِّبِ, عَنْ أَبِي هُرَيْرَةَ, أَنَّ رَسُولَ اللَّهِ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ سُئِلَ: أَيُّ العَمَلِ أَفْضَلُ? فَقَالَ: «إِيمَانٌ بِاللَّهِ وَرَسُولِهِ». قِيلَ: ثُمَّ مَاذَا? قَالَ: «الجِهَادُ فِي سَبِيلِ اللَّهِ» قِيلَ: ثُمَّ مَاذَا? قَالَ: «حَجٌّ مَبْرُورٌ... আবূ হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বর্ণিত, আল্লাহৰ ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামক সোধা হ’ল, ‘কোনটো ‘আমল উত্তম?’ তেখেতে ক’লে: ‘আল্লাহ আৰু তেওঁৰ ৰাছুলৰ ওপৰত বিশ্বাস স্থাপন কৰা’। সোধা হ’ল– ‘তাৰ পিছত কোনটো’? তেখেতে ক’লে: ‘আল্লাহৰ ৰাস্তাত জিহাদ কৰা’। প্রশ্ন কৰা হ’ল, ‘তাৰ পিছত কোনটো?’ তেখেতে ক’লে : ‘মাকবূল হজ্জ সম্পাদন কৰা’।
(সংশ্লিষ্ট হাদীছসমূহ ১৫১৯; মুছলিম ১/৩৬ হাদীছ নং ৮৩) (আ.প্ৰ. ২৫, ই.ফা. ২৫)
পৰিচ্ছেদ : 19হাদীছ - 27حَدَّثَنَا أَبُو اليَمَانِ, قَالَ: أَخْبَرَنَا شُعَيْبٌ, عَنِ الزُّهْرِيِّ, قَالَ: أَخْبَرَنِي عَامِرُ بْنُ سَعْدِ بْنِ أَبِي وَقَّاصٍ, عَنْ سَعْدٍ رَضِيَ اللَّهُ عَنْهُ, أَنَّ رَسُولَ اللَّهِ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ أَعْطَى رَهْطًا وَسَعْدٌ جَالِسٌ, فَتَرَكَ رَسُولُ اللَّهِ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ رَجُلًا هُوَ أَعْجَبُهُمْ إِلَيَّ, فَقُلْتُ: يَا رَسُولَ اللَّهِ مَا لَكَ عَنْ فُلاَنٍ فَوَاللَّهِ إِنِّي لَأَرَاهُ مُؤْمِنًا, فَقَالَ: «أَوْ مُسْلِمًا» فَسَكَتُّ قَلِيلًا, ثُمَّ غَلَبَنِي مَا أَعْلَمُ مِنْهُ, فَعُدْتُ لِمَقَالَتِي, فَقُلْتُ: مَا لَكَ عَنْ فُلاَنٍ؟ فَوَاللَّهِ إِنِّي لَأَرَاهُ مُؤْمِنًا, فَقَالَ: «أَوْ مُسْلِمًا». ثُمَّ غَلَبَنِي مَا أَعْلَمُ مِنْهُ فَعُدْتُ لِمَقَالَتِي, وَعَادَ رَسُولُ اللَّهِ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ, ثُمَّ قَالَ: «يَا سَعْدُ إِنِّي لَأُعْطِي الرَّجُلَ, وَغَيْرُهُ أَحَبُّ إِلَيَّ مِنْهُ, خَشْيَةَ أَنْ يَكُبَّهُ اللَّهُ فِي النَّارِ» وَرَوَاهُ يُونُسُ, وَصَالِحٌ, وَمَعْمَرٌ, وَابْنُ أَخِي الزُّهْرِيِّ, عَنِ الزُّهْرِيِّ... ছা’দ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, আল্লাহৰ ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামে এদল লোকক কিবা দান কৰিলে, সেই সময়ত ছা’দ ৰাদ্বিয়াল্লাহু আনহু সেই ঠাইতে বহি আছিল। ছা’দ ৰাদ্বিয়াল্লাহু আনহুৱে কৈছে যে, ‘আল্লাহৰ ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামে সিহঁতৰ মাজৰ এজন লোকক একো নিদিলে, অথচ বাকী লোকসকলতকৈ এইজন ব্যক্তি মোৰ দৃষ্টিত অধিক পছন্দৰ আছিল। সেয়ে মই আৰজ কৰিলো, ‘হে আল্লাহৰ ৰাছুল! আপুনি এইজন ব্যক্তিক একো নিদিলে কিয়? আল্লাহৰ শপত! মইতো তেওঁক মুমিন বুলিয়ে জানো’। তেখেতে ক’লে– ‘নহয়, মুছলিম’। তেতিয়া কিছুসময় মই নীৰৱে থাকিলো। তাৰ পিছত তেওঁৰ বিষয়ে মই যি জানো সেয়া কোৱাৰ প্ৰবল ইচ্ছা হোৱাত মই পুনৰ ক’লো– ‘আপুনি এইজন ব্যক্তিক একো নিদিলে কিয়? আল্লাহৰ শপত! মইতো তেওঁক মুমিন বুলিয়ে জানো’। তেখেতে ক’লে– ‘নহয়, মুছলিম’। তেতিয়া আকৌ কিছুসময় নীৰবে থাকি তেওঁৰ বিষয়ে যি জানো সেয়া কোৱাৰ প্ৰবল ইচ্ছা হোৱাত মই পুনৰ মোৰ বক্তব্য ব্যক্ত কৰিলো। আল্লাহৰ ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামে পুনৰ একেই উত্তৰ দিলে, তাৰ পিছত ক’লে– ‘হে চা’দ, মই কেতিয়াবা ব্যক্তি বিশেষক দান কৰো, অথচ অন্য লোক মোৰ ওচৰত তেওঁতকৈ অধিক প্ৰিয়। সেয়া এই আশংকাত যে, তেওঁ ঈমানৰ পৰা ঘূৰি যাব পাৰে ফলত আল্লাহ তা’আলাই তেওঁক অধোমুখে জাহান্নামত নিক্ষেপ কৰিব’।
এই হাদীছটো ইউনুচ, ছলেহ, মা‘মাৰ আৰু যুহৰী ৰাহিমাহুল্লাহৰ ভায়েকৰ পুতেকে যুহৰী ৰাহিমাহুল্লাহৰ পৰা বর্ণনা কৰিছে।
(সংশ্লিষ্ট হাদীছসমূহ ১৪৭৮; মুছলিম ১/৬৮ হাদীছ নং ১৫০) (আ.প্ৰ. ২৬, ই.ফা. ২৬)
[1]মুৰজি’আহসকলৰ মতে একমাত্ৰ অন্তৰেৰে বিশ্বাস কৰাটোৱেই হৈছে ঈমান। মুখেৰে স্বীকাৰ কৰাটো ৰুকন বা চৰ্ত নহয় আৰু আমল ঈমানৰ বাস্তৱৰ বাহিৰত। ঈমান পোষণ কৰাৰ পিছত গুনাহৰ কাম ক্ষতিকৰ নহয়, আনকি কবিৰা গুনাহ কৰিলেও একো নহয়। এয়া মুৰজিআহসকলৰ আক্বীদাহ (মিৰআত ৩৬ পৃষ্ঠা)
পৰিচ্ছেদ : 20হাদীছ - 28حَدَّثَنَا قُتَيْبَةُ, قَالَ: حَدَّثَنَا اللَّيْثُ, عَنْ يَزِيدَ بْنِ أَبِي حَبِيبٍ, عَنْ أَبِي الخَيْرِ, عَنْ عَبْدِ اللَّهِ بْنِ عَمْرٍو, أَنَّ رَجُلًا سَأَلَ رَسُولَ اللَّهِ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ: أَيُّ الإِسْلاَمِ خَيْرٌ? قَالَ: «تُطْعِمُ الطَّعَامَ, وَتَقْرَأُ السَّلاَمَ عَلَى مَنْ عَرَفْتَ وَمَنْ لَمْ تَعْرِفْ.... আব্দুল্লাহ ইবনু আমৰ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা দ্বাৰা বৰ্ণিত, এজন ব্যক্তিয়ে আল্লাহৰ ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামক সুধিলে– ‘ইছলামৰ কোনটো কাম আটাইতকৈ উত্তম?’ তেখেতে ক’লে– “মানুহক আহাৰ কৰোৱা আৰু চিনাকী অচিনাকী সকলোকে ছালাম দিয়া”। (সংশ্লিষ্ট হাদীছ নং ১২) (আ.প্ৰ. ২৭, ই.ফা. ২৭)
পৰিচ্ছেদ : 21, স্বামীৰ প্ৰতি অকৃতজ্ঞতা আৰু এটা কুফৰ এটা কুফুৰতকৈ সৰু প্ৰসঙ্গহাদীছ - 29حَدَّثَنَا عَبْدُ اللَّهِ بْنُ مَسْلَمَةَ, عَنْ مَالِكٍ, عَنْ زَيْدِ بْنِ أَسْلَمَ, عَنْ عَطَاءِ بْنِ يَسَارٍ, عَنِ ابْنِ عَبَّاسٍ, قَالَ: قَالَ النَّبِيُّ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ: «أُرِيتُ النَّارَ فَإِذَا أَكْثَرُ أَهْلِهَا النِّسَاءُ, يَكْفُرْنَ» قِيلَ: أَيَكْفُرْنَ بِاللَّهِ؟ قَالَ: يَكْفُرْنَ العَشِيرَ, وَيَكْفُرْنَ الإِحْسَانَ, لَوْ أَحْسَنْتَ إِلَى إِحْدَاهُنَّ الدَّهْرَ, ثُمَّ رَأَتْ مِنْكَ شَيْئًا, قَالَتْ: مَا رَأَيْتُ مِنْكَ خَيْرًا قَطُّ... ইবনু আব্বাছ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ “মোক জাহান্নাম দেখুৱা হৈছে, তাত মই দেখা পাইছো, তাৰ অধিবাসীসকলৰ বেছি ভাগেই হৈছে নাৰী; কাৰণ সিহঁতে কুফৰী কৰে”। সোধা হ’ল, সিহঁতে আল্লাহৰ লগত কুফৰী কৰে নেকি? তেখেতে ক’লে– “সিহঁতে স্বামীৰ অবাধ্য হয় আৰু অকৃতজ্ঞ হয়”। তুমি যদি দীঘলীয়া সময়ো সিহঁতৰ লগত সদ্ব্যৱহাৰ কৰা, আৰু তাৰ পিছত তোমাৰ মাজত সামান্য অৱহেলা দেখা পালেই কয় যে ‘মই তোমাৰ পৰা কেতিয়াও ভাল ব্যৱহাৰ পোৱা নাই’।
(সংশ্লিষ্ট হাদীছসমূহ ৪৩১, ৭৪৮, ১০৫২, ৩২০২, ৫১৯৭; মুছলিম ৮/১ হাদীছ নং ৮৮৪, আহমদ ৩০৬৪) (আ.প্ৰ. ২৮, ই.ফা. ২৮)
পৰিচ্ছেদ : 22, পাপ কাম জাহিলী যুগৰ অভ্যাস। শ্বিৰ্কৰ বাদে আন গুনাহত লিপ্ত হোৱা ব্যক্তিক কাফিৰ কোৱা নহয়।হাদীছ - 30حَدَّثَنَا سُلَيْمَانُ بْنُ حَرْبٍ, قَالَ: حَدَّثَنَا شُعْبَةُ, عَنْ وَاصِلٍ الأَحْدَبِ, عَنِ المَعْرُورِ بْنِ سُوَيْدٍ, قَالَ: لَقِيتُ أَبَا ذَرٍّ بِالرَّبَذَةِ, وَعَلَيْهِ حُلَّةٌ, وَعَلَى غُلاَمِهِ حُلَّةٌ, فَسَأَلْتُهُ عَنْ ذَلِكَ, فَقَالَ: إِنِّي سَابَبْتُ رَجُلًا فَعَيَّرْتُهُ بِأُمِّهِ, فَقَالَ لِي النَّبِيُّ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ: «يَا أَبَا ذَرٍّ أَعَيَّرْتَهُ بِأُمِّهِ؟ إِنَّكَ امْرُؤٌ فِيكَ جَاهِلِيَّةٌ, إِخْوَانُكُمْ خَوَلُكُمْ, جَعَلَهُمُ اللَّهُ تَحْتَ أَيْدِيكُمْ, فَمَنْ كَانَ أَخُوهُ تَحْتَ يَدِهِ, فَلْيُطْعِمْهُ مِمَّا يَأْكُلُ, وَلْيُلْبِسْهُ مِمَّا يَلْبَسُ, وَلاَ تُكَلِّفُوهُمْ مَا يَغْلِبُهُمْ, فَإِنْ كَلَّفْتُمُوهُمْ فَأَعِينُوهُمْ.... মা’ৰূৰ ৰাহিমাহুল্লাহৰ পৰা বৰ্ণিত, তেখেতে কৈছেঃ– মই এবাৰ ৰাবাযা নামৰ স্থানত আবূ যৰ ৰাদ্বিয়াল্লাহু আনহুক লগ পালো। তেতিয়া তেওঁ এযোৰ কাপোৰ (লুঙী আৰু চাদৰ) পিন্ধি আছিল আৰু তেওঁৰ দাসৰ পিন্ধনতো একেই ধৰণৰ পোছাক আছিল। মই তেখেতক ইয়াৰ কাৰণ সোধাত তেখেতে ক’লে– এবাৰ মই জনৈক ব্যক্তিক গালি পাৰিছিলো আৰু মই তাক তাৰ মাকৰ বিষয়ে লাজ দিছিলো। তেতিয়া নবী চাল্লাল্লাহু আলাইহি অছাল্লামে মোক কৈছিল, হে আবূ যৰ! তুমি তাক তাৰ মা সম্পৰ্কে লাজ দিছা? তুমি এজন এনেকুৱা ব্যক্তি যাৰ মাজত এতিয়াও অন্ধকাৰ যুগৰ স্বভাৱ বিদ্যমান আছে। মনত ৰাখিবা, তোমালোকৰ দাস-দাসী তোমালোকৰেই ভাই। আল্লাহ তা’আলাই সিহঁতক তোমালোকৰ অধীনস্থ কৰি দিছে। গতিকে যাৰ ভাই তাৰ অধীনত থাকিব, সি যেন তাক নিজে যি খায় সেইটোৱেই খুৱায় আৰু নিজে যি পিন্ধে সেইটোৱে যেন পিন্ধায়। সিহঁতক এনেকুৱা কোনো কাম কৰিবলৈ নিদিবা যি কাম কৰিবলৈ অধিক কষ্ট হয়, আৰু যদি এনেকুৱা কোনো কষ্টৰ কাম কৰিবলৈ দিয়া, তেনেহ’লে তোমালোকেও তাৰ লগত উক্ত কামত সহযোগ কৰিবা।
(সংশ্লিষ্ট হাদীছসমূহ ২৫৪৫, ৬০৫০; মুছলিম ২৭/১০ হাদীছ নং ১৬৬১, আহমদ ২১৪৮৮) (আ.প্ৰ. ৩০, ই.ফা. ৩০)
পৰিচ্ছেদ : 23, মুমিনসকলৰ দুটা দলে কাজিয়াত লিপ্ত হ’লে তোমালোকে সিহঁতৰ মাজত মীমাংসা কৰি দিবা।” (হুজুৰাতঃ ৯)হাদীছ - 31حَدَّثَنَا عَبْدُ الرَّحْمَنِ بْنُ المُبَارَكِ, حَدَّثَنَا حَمَّادُ بْنُ زَيْدٍ, حَدَّثَنَا أَيُّوبُ, وَيُونُسُ, عَنِ الحَسَنِ, عَنِ الأَحْنَفِ بْنِ قَيْسٍ, قَالَ: ذَهَبْتُ لِأَنْصُرَ هَذَا الرَّجُلَ, فَلَقِيَنِي أَبُو بَكْرَةَ فَقَالَ أَيْنَ تُرِيدُ؟ قُلْتُ: أَنْصُرُ هَذَا الرَّجُلَ, قَالَ: ارْجِعْ فَإِنِّي سَمِعْتُ رَسُولَ اللَّهِ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ يَقُولُ: «إِذَا التَقَى المُسْلِمَانِ بِسَيْفَيْهِمَا فَالقَاتِلُ وَالمَقْتُولُ فِي النَّارِ», فَقُلْتُ يَا رَسُولَ اللَّهِ هَذَا القَاتِلُ فَمَا بَالُ المَقْتُولِ قَالَ: «إِنَّهُ كَانَ حَرِيصًا عَلَى قَتْلِ صَاحِبِهِ.... আহনাফ ইবনু কাইছ ৰাহিমাহুল্লাহুৰ পৰা বৰ্ণিত, তেখেতে কৈছেঃ মই (চিফফীনৰ যুদ্ধত) এই ব্যক্তিক (আলী ৰাদ্বিয়াল্লাহু আনহুক) সহায় কৰিবলৈ গৈ আছিলো। আবূ বাকৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ লগত দেখা হোৱাত তেখেতে মোক সুধিলে– ‘তুমি ক’লৈ গৈ আছা’? মই ক’লো– ‘মই অমুক ব্যক্তিক সহায় কৰিবলৈ গৈ আছো’। তেখেতে ক’লে– ‘উভতি যোৱা, কাৰণ মই আল্লাহৰ ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামক কোৱা শুনিছো যে, দুজন মুছলিমে তৰোৱাল লৈ মুখামুখি হ’লে হত্যাকাৰী আৰু নিহত ব্যক্তি উভয়ে জাহান্নাম যাব’। মই সুধিলো, ‘হে আল্লাহৰ ৰাছুল! এই হত্যাকাৰীজন অপৰাধী ঠিক, কিন্তু নিহত ব্যক্তিৰ অপৰাধ কি’? তেখেতে ক’লে, ‘নিশ্চয় সিও নিজৰ সন্মুখৰ জনক হত্যা কৰিবলৈ উদগ্ৰীৱ আছিল’। (সংশ্লিষ্ট হাদীছসমূহ ৬৮৭৫, ৭০৮৩; মুছলিম ৫২/৪ হাদীছ নং ২৮৮৮, আহমদ ২০৪৪৬) (আ.প্ৰ. ২৯, ই.ফা. ২৯)
পৰিচ্ছেদ : 24, জুলুমৰ প্ৰকাৰসমূহ।হাদীছ - 32حَدَّثَنَا أَبُو الوَلِيدِ, قَالَ: حَدَّثَنَا شُعْبَةُ, ح قَالَ: وحَدَّثَنِي بِشْرُ بْنُ خَالِدٍ أَبُو مُحَمَّدٍ العَسْكَرِيُّ, قَالَ: حَدَّثَنَا مُحَمَّدُ بْنُ جَعْفَرٍ, عَنْ شُعْبَةَ, عَنْ سُلَيْمَانَ, عَنْ إِبْرَاهِيمَ, عَنْ عَلْقَمَةَ, عَنْ عَبْدِ اللَّهِ, قَالَ: لَمَّا نَزَلَتْ: {الَّذِينَ آمَنُوا وَلَمْ يَلْبِسُوا إِيمَانَهُمْ بِظُلْمٍ} [الأنعام: 82] قَالَ أَصْحَابُ رَسُولِ اللَّهِ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ: أَيُّنَا لَمْ يَظْلِمْ؟ فَأَنْزَلَ اللَّهُ عَزَّ وَجَلَّ: {إِنَّ الشِّرْكَ لَظُلْمٌ عَظِيْمٌ} (لقمان: 13)... আব্দুল্লাহ (ইবনু মাছউদ) ৰাদ্বিয়াল্লাহু আনহুৱে বৰ্ণনা কৰিছে, যেতিয়া এই আয়াত অৱতীৰ্ণ হল, “যিসকলে ঈমান আনিছে আৰু নিজৰ ঈমানক জুলুমৰ লগত মিশ্ৰিত কৰা নাই....” (ছূৰা আন-আমঃ ৮২) তেতিয়া ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ ছাহাবাসকলে কলে, আমাৰ মাজত এনেকুৱা কোন আছে যিয়ে জুলুম কৰা নাই? তেতিয়া আল্লাহ তা’আলাই এই আয়াত অৱতীৰ্ণ কৰিলে: “নিশ্চয় শ্বিৰ্ক হৈছে আটাইতকৈ ডাঙৰ জুলুম”। (ছূৰা লুকমানঃ ১৩)।
(সংশ্লিষ্ট হাদীছসমূহ ৩৩৬০ ৩৪২৮, ৩৪২৯, ৪৬২৯, ৪৭৭৬, ৬৯১৮, ৬৯৩৭; মুছলিম ১/৫৬ হাঃ ১২৬, আহমাদ ৪০৩১) (আ.প্ৰ. ৩১, ই.ফা. ৩১)
পৰিচ্ছেদ : 25, মুনাফিকৰ চিহ্নহাদীছ - 33حَدَّثَنَا قَبِيصَةُ بْنُ عُقْبَةَ, قَالَ: حَدَّثَنَا سُفْيَانُ, عَنِ الأَعْمَشِ, عَنْ عَبْدِ اللَّهِ بْنِ مُرَّةَ, عَنْ مَسْرُوقٍ, عَنْ عَبْدِ اللَّهِ بْنِ عَمْرٍو أَنَّ النَّبِيَّ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ قَالَ: أَرْبَعٌ مَنْ كُنَّ فِيهِ كَانَ مُنَافِقًا خَالِصًا, وَمَنْ كَانَتْ فِيهِ خَصْلَةٌ مِنْهُنَّ كَانَتْ فِيهِ خَصْلَةٌ مِنَ النِّفَاقِ حَتَّى يَدَعَهَا: إِذَا اؤْتُمِنَ خَانَ, وَإِذَا حَدَّثَ كَذَبَ, وَإِذَا عَاهَدَ غَدَرَ, وَإِذَا خَاصَمَ فَجَرَ تَابَعَهُ شُعْبَةُ, عَنِ الأَعْمَشِ... আবূ হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, আল্লাহৰ ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ মুনাফিকৰ চিহ্ন হৈছে তিনিটা : (১) কথা ক’লে, মিছা কথা কয়, (২) অংগীকাৰ কৰিলে ভংঙ্গ কৰে আৰু (৩) আমানত ৰখা হলে বিশ্বাসঘাতকতা কৰে।(সংশ্লিষ্ট হাদীছসমূহ ২৬৮২,২৭৪৯,৬০৯৫; মুছলিম ১/২৫ হাদীছ নং ৫৯, আহমদ ৯১৬২) (আ.প্ৰ. ৩২, ই.ফা. ৩২)
পৰিচ্ছেদ : 25, মুনাফিকৰ চিহ্নহাদীছ - 34حَدَّثَنَا قَبِيصَةُ بْنُ عُقْبَةَ, قَالَ: حَدَّثَنَا سُفْيَانُ, عَنِ الأَعْمَشِ, عَنْ عَبْدِ اللَّهِ بْنِ مُرَّةَ, عَنْ مَسْرُوقٍ, عَنْ عَبْدِ اللَّهِ بْنِ عَمْرٍو أَنَّ النَّبِيَّ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ قَالَ: أَرْبَعٌ مَنْ كُنَّ فِيهِ كَانَ مُنَافِقًا خَالِصًا, وَمَنْ كَانَتْ فِيهِ خَصْلَةٌ مِنْهُنَّ كَانَتْ فِيهِ خَصْلَةٌ مِنَ النِّفَاقِ حَتَّى يَدَعَهَا: إِذَا اؤْتُمِنَ خَانَ, وَإِذَا حَدَّثَ كَذَبَ, وَإِذَا عَاهَدَ غَدَرَ, وَإِذَا خَاصَمَ فَجَرَ تَابَعَهُ شُعْبَةُ, عَنِ الأَعْمَشِ... আব্দুল্লাহ ইবনু আমৰ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ চাৰিটা স্বভাৱ যাৰ মাজত আছে সি হৈছে খাঁটি মুনাফিক। যাৰ মাজত তাৰে এটা স্বভাৱ আছে, সি সেইটো পৰিত্যাগ নকৰালৈকে তাৰ মাজত মুনাফিকৰ এটা স্বভাৱ ৰৈ যায়– (১) আমানত ৰখা হ’লে বেইমানী কৰে, (২) কথা ক’লে মিছা কথা কয়, (৩) অংগীকাৰ কৰিলে ভংঙ্গ কৰে, (৪) বিবাদত লিপ্ত হ’লে অশ্লীল ভাষাৰে গালি পাৰে। শ্বু’বা ৰাহিমাহুল্লাহে আ’মাশ্ব ৰাহিমাহুল্লাহৰ পৰা হাদীছ বৰ্ণনা কৰোতে চুফিয়ান ৰাহিমাহুল্লাহক অনুসৰণ কৰিছে।
(সংশ্লিষ্ট হাদীছসমূহ ২৪৫৯, ৩১৭৮; মুছলিম ১/২৫ হাদীছ নং ৫৮, আহমদ ৬৭৮২) (আ.প্ৰ. ৩৩, ই.ফা. ৩৩)
পৰিচ্ছেদ : 26, লায়লাতুল ক্কদৰৰ ৰাতি জাগৰণ কৰি ইবাদত কৰা ঈমানৰ অন্তৰ্ভূক্তহাদীছ - 35حَدَّثَنَا أَبُو اليَمَانِ, قَالَ: أَخْبَرَنَا شُعَيْبٌ, قَالَ: حَدَّثَنَا أَبُو الزِّنَادِ, عَنِ الأَعْرَجِ, عَنْ أَبِي هُرَيْرَةَ قَالَ: قَالَ رَسُولُ اللَّهِ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ: «مَنْ يَقُمْ لَيْلَةَ القَدْرِ, إِيمَانًا وَاحْتِسَابًا, غُفِرَ لَهُ مَا تَقَدَّمَ مِنْ ذَنْبِهِ... আবূ হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেখেতে কৈছেঃ আল্লাহৰ ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ– যি ব্যক্তিয়ে ঈমানৰ সৈতে নেকীৰ আশাত কদৰৰ ৰাতি জাগৰণ কৰি ইবাদত কৰিব, তাৰ পূৰ্বৰ গুনাহ মাফ কৰি দিয়া হ’ব।
(সংশ্লিষ্ট হাদীছসমূহ ৩৭, ৩৮, ১৯০১, ২০০৮, ২০০৯, ২০১৪; মুছলিম ২/২৫ হাদীছ নং ৭৬০) (আ.প্ৰ. ৩৪, ই.ফা. ৩৪)
পৰিচ্ছেদ : 27, জিহাদ ঈমানৰ অন্তৰ্ভূক্তহাদীছ - 36حَدَّثَنَا حَرَمِيُّ بْنُ حَفْصٍ, قَالَ: حَدَّثَنَا عَبْدُ الوَاحِدِ, قَالَ: حَدَّثَنَا عُمَارَةُ, قَالَ: حَدَّثَنَا أَبُو زُرْعَةَ بْنُ عَمْرِو بْنِ جَرِيرٍ, قَالَ: سَمِعْتُ أَبَا هُرَيْرَةَ عَنِ النَّبِيِّ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ قَالَ: «انْتَدَبَ اللَّهُ لِمَنْ خَرَجَ فِي سَبِيلِهِ, لاَ يُخْرِجُهُ إِلَّا إِيمَانٌ بِي وَتَصْدِيقٌ بِرُسُلِي, أَنْ أُرْجِعَهُ بِمَا نَالَ مِنْ أَجْرٍ أَوْ غَنِيمَةٍ, أَوْ أُدْخِلَهُ الجَنَّةَ, وَلَوْلاَ أَنْ أَشُقَّ عَلَى أُمَّتِي مَا قَعَدْتُ خَلْفَ سَرِيَّةٍ, وَلَوَدِدْتُ أَنِّي أُقْتَلُ فِي سَبِيلِ اللَّهِ ثُمَّ أُحْيَا, ثُمَّ أُقْتَلُ ثُمَّ أُحْيَا, ثُمَّ أُقْتَلُ.... আবূ যুৰ্’আহ বিন আমৰ বিন জাৰীৰ ৰাহিমাহুল্লাহৰ পৰা বৰ্ণিত, তেখেতে কৈছে, ‘মই আবূ হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুক আল্লাহৰ ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৰা কোৱা শুনিছো, তেখেতে কৈছে: যি ব্যক্তি আল্লাহৰ ৰাস্তাত ওলায়, তেওঁ যদি একমাত্ৰ আল্লাহ আৰু তেওঁৰ ৰাছুলসকলৰ প্ৰতি ঈমানৰ কাৰণে বাহিৰ হৈছে, তেন্তে আল্লাহ তা’আলাই ঘোষণা কৰে যে, মই তাক তাৰ নেকী বা গনীমত (আৰু বাহন) সহ ঘৰলৈ ঘূৰাই আনিম অথবা তাক জান্নাতত প্ৰৱেশ কৰাম।
আৰু মোৰ উম্মতৰ কাৰণে কষ্টদায়ক হ’ব বুলি যদি নাভাবিলোহেঁতেন তেন্তে কোনো সেনাদলৰ লগত নগৈ বহি নাথাকিলোহেঁতেন। মই অৱশ্যে এইটো ভালপাওঁ যে, মই আল্লাহৰ ৰাস্তাত মৃত্যু বৰণ কৰো, তাৰ পিছত পুনৰ জীৱিত হওঁ, পুনৰ মৃত্যু কৰো, পুনৰ জীৱিত হওঁ, আকৌ পুনৰ নিহত হওঁ।
(সংশ্লিষ্ট হাদীছসমূহ ২৭৮৭, ২৭৯৭, ২৯৭২, ৩১২৩, ৭২২৬, ৭২২৭, ৭৪৫৭, ৭৪৬৩; মুছলিম ৩৩/২৮ হাদীছ নং ১৮৭৬, আহমদ ৯১৯৮, ৯৪৮১, ৯৪৮৪) (আ.প্ৰ. ৩৫, ই.ফা. ৩৫)
পৰিচ্ছেদ : 28, ৰমজানৰ ৰাতিত নফল ইবাদত কৰা ঈমানৰ অন্তৰ্ভূক্তহাদীছ - 37حَدَّثَنَا إِسْمَاعِيلُ, قَالَ: حَدَّثَنِي مَالِكٌ, عَنِ ابْنِ شِهَابٍ, عَنْ حُمَيْدِ بْنِ عَبْدِ الرَّحْمَنِ, عَنْ أَبِي هُرَيْرَةَ أَنَّ رَسُولَ اللَّهِ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ قَالَ: «مَنْ قَامَ رَمَضَانَ إِيمَانًا وَاحْتِسَابًا, غُفِرَ لَهُ مَا تَقَدَّمَ مِنْ ذَنْبِهِ.... আবূ হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, আল্লাহৰ ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ– ‘যি ব্যক্তিয়ে ৰমজানৰ ৰাতিত ঈমানৰ সৈতে পুণ্যৰ আশাত ইবাদত কৰিব, তেওঁৰ পূৰ্বৰ গুনাহ মাফ কৰি দিয়া হয়।
(সংশ্লিষ্ট হাদীছ নং ৩৫) (আ.প্ৰ. ৩৬, ই.ফা. ৩৬)
পৰিচ্ছেদ : 29, ছোৱাবৰ আশাত ৰমজানৰ চিয়াম পালন কৰা ঈমানৰ অন্তৰ্ভূক্তহাদীছ - 38حَدَّثَنَا مُحَمَّدُ بْنُ سَلاَمٍ, قَالَ: أَخْبَرَنَا مُحَمَّدُ بْنُ فُضَيْلٍ, قَالَ: حَدَّثَنَا يَحْيَى بْنُ سَعِيدٍ, عَنْ أَبِي سَلَمَةَ, عَنْ أَبِي هُرَيْرَةَ قَالَ: قَالَ رَسُولُ اللَّهِ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ: «مَنْ صَامَ رَمَضَانَ, إِيمَانًا وَاحْتِسَابًا, غُفِرَ لَهُ مَا تَقَدَّمَ مِنْ ذَنْبِهِ.... আবূ হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেখেতে কৈছেঃ আল্লাহৰ ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে: যি ব্যক্তিয়ে ঈমানৰ সৈতে পুণ্যৰ আশাত ৰমজানৰ চিয়াম পালন কৰিব, তেওঁৰ পূৰ্বৰ গুনাহ মাফ কৰি দিয়া হয়।
((সংশ্লিষ্ট হাদীছ নং ৩৫) (আ.প্ৰ. ৩৭, ই.ফা. ৩৭)
পৰিচ্ছেদ : 30, দ্বীন হৈছে অতিসহজ।হাদীছ - 39 حَدَّثَنَا عَبْدُ السَّلاَمِ بْنُ مُطَهَّرٍ, قَالَ: حَدَّثَنَا عُمَرُ بْنُ عَلِيٍّ, عَنْ مَعْنِ بْنِ مُحَمَّدٍ الغِفَارِيِّ, عَنْ سَعِيدِ بْنِ أَبِي سَعِيدٍ المَقْبُرِيِّ, عَنْ أَبِي هُرَيْرَةَ, عَنِ النَّبِيِّ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ قَالَ: «إِنَّ الدِّينَ يُسْرٌ, وَلَنْ يُشَادَّ الدِّينَ أَحَدٌ إِلَّا غَلَبَهُ, فَسَدِّدُوا وَقَارِبُوا, وَأَبْشِرُوا, وَاسْتَعِينُوا بِالْغَدْوَةِ وَالرَّوْحَةِ وَشَيْءٍ مِنَ الدُّلْجَةِ.... আবূ হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে: নিশ্চয় দ্বীন হৈছে সহজ, দ্বীনকলৈ যিয়ে অতিৰঞ্জিত কৰে, দ্বীন তাৰ ওপৰত জয়ী হয়, গতিকে তোমালোকে মধ্যপন্থা অৱলম্বন কৰা আৰু মধ্যপন্থাৰ নিকটৱৰ্তী হোৱা, আৰু আশাবাদী হোৱা, পুৱা-গধূলি আৰু ৰাতিৰ কিছু অংশত (ইবাদতৰ জৰিয়তে) সহায় প্ৰাৰ্থনা কৰা।
((সংশ্লিষ্ট হাদীছসমূহ ৫৬৭৩, ৬৪৬৩, ৭২৩৫) (আ.প্ৰ. ৩৮, ই.ফা. ৩৮)
পৰিচ্ছেদ : 31, ছালাত ঈমানৰ অন্তৰ্ভূক্ত।হাদীছ - 40 حَدَّثَنَا عَمْرُو بْنُ خَالِدٍ, قَالَ: حَدَّثَنَا زُهَيْرٌ, قَالَ: حَدَّثَنَا أَبُو إِسْحَاقَ, عَنِ البَرَاءِ بْنِ عَازِبٍ, أَنَّ النَّبِيَّ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ كَانَ أَوَّلَ مَا قَدِمَ المَدِينَةَ نَزَلَ عَلَى أَجْدَادِهِ, أَوْ قَالَ أَخْوَالِهِ مِنَ الأَنْصَارِ, وَأَنَّهُ «صَلَّى قِبَلَ بَيْتِ المَقْدِسِ سِتَّةَ عَشَرَ شَهْرًا, أَوْ سَبْعَةَ عَشَرَ شَهْرًا, وَكَانَ يُعْجِبُهُ أَنْ تَكُونَ قِبْلَتُهُ قِبَلَ البَيْتِ, وَأَنَّهُ صَلَّى أَوَّلَ صَلاَةٍ صَلَّاهَا صَلاَةَ العَصْرِ, وَصَلَّى مَعَهُ قَوْمٌ» فَخَرَجَ رَجُلٌ مِمَّنْ صَلَّى مَعَهُ, فَمَرَّ عَلَى أَهْلِ مَسْجِدٍ وَهُمْ رَاكِعُونَ, فَقَالَ: أَشْهَدُ بِاللَّهِ لَقَدْ صَلَّيْتُ مَعَ رَسُولِ اللَّهِ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ قِبَلَ مَكَّةَ, فَدَارُوا كَمَا هُمْ قِبَلَ البَيْتِ, وَكَانَتِ اليَهُودُ قَدْ أَعْجَبَهُمْ إِذْ كَانَ يُصَلِّي قِبَلَ بَيْتِ المَقْدِسِ, وَأَهْلُ الكِتَابِ, فَلَمَّا وَلَّى وَجْهَهُ قِبَلَ البَيْتِ, أَنْكَرُوا ذَلِكَ. قَالَ زُهَيْرٌ: حَدَّثَنَا أَبُو إِسْحَاقَ, عَنِ البَرَاءِ فِي حَدِيثِهِ هَذَا: أَنَّهُ مَاتَ عَلَى القِبْلَةِ قَبْلَ أَنْ تُحَوَّلَ رِجَالٌ وَقُتِلُوا, فَلَمْ نَدْرِ مَا نَقُولُ فِيهِمْ, فَأَنْزَلَ اللَّهُ تَعَالَى: {وَمَا كَانَ اللَّهُ لِيُضِيعَ إِيمَانَكُمْ} (البقرة: 143)... বাৰা (ইবনু আযিব) ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত যে নবী চাল্লাল্লাহু আলাইহি অছাল্লামে মদিনালৈ হিজৰত কৰি সৰ্বপ্ৰথম আনচাৰসকলৰ মাজত তেখেতৰ নানাৰ গোত্ৰত (আবূ ইছহাক ৰাহিমাহুল্লাহে কৈছেঃ) অথবা মামাসকলৰ গোত্ৰত আহি অৱস্থান কৰিছিল। তেখেতে ষোল্ল অথবা সোতৰ মাহ বাইতুল মাকদিছৰ পিনে ছালাত আদায় কৰিছিল, কিন্তু তেওঁৰ পছন্দ আছিল যে, কিবলা বাইতুল্লাহৰ পিনে হওঁক। আৰু তেখেতে বায়তুল্লাহৰ পিনে সৰ্বপ্ৰথম যিটো ছালাত আদায় কৰিছিল সেয়া আছিল আচৰৰ ছালাত আৰু তেখেতৰ লগত এদল লোকেও এই ছালাত আদায় কৰিছিল। তেওঁৰ লগত যিসকলে ছালাত আদায় কৰিছিল তাৰ ভিতৰৰে এজন লোক এটা মছজিদ ওচৰেৰে গৈ আছিল, তাত মুছল্লীসকল তেতিয়া ৰুকু অৱস্থাত আছিল। তেতিয়া তেখেতে ক’লে– ‘মই আল্লাহক সাক্ষী থৈ কৈছো, এইমাত্ৰ মই আল্লাহৰ ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামৰ লগত মক্কাৰ পিনে মুখ কৰি ছালাত আদায় কৰি আহিলো। তেতিয়া তেওঁলোকে যি অৱস্থাত আছিল সেই অৱস্থাতে বায়তুল্লাহৰ পিনে মুখ ঘূৰাই ল’লে। ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামে যেতিয়া বায়তুল মাকদিছৰ ফালে মুখ কৰি ছালাত আদায় কৰিছিল, তেতিয়া ইহুদী আৰু আহলে-কিতাবসকলে বৰ আনন্দ পাইছিল; কিন্তু তেখেতে যেতিয়া বায়তুল্লাহৰ পিনে মুখ কৰি ছালাত আদায় কৰিবলৈ ধৰিলে তেতিয়া সিহঁতে এইটোক বৰ অপছন্দ কৰিলে। যুহায়ৰ ৰাহিমাহিল্লাহে কৈছেঃ আবূ ইছহাক ৰাহিমাহুল্লাহে বাৰা ইবনু আযিব ৰাদ্বিয়াল্লাহু আনহুৰ পৰা মোৰ ওচৰত যিটো হাদীছ বৰ্ণনা কৰিছে, তাত এই কথাও আছে যে, কিবলা পৰিবৰ্তনৰ আগতেই বহু কেইজন লোকৰ মৃত্যু হৈছিল আৰু শ্বাহাদাত বৰণ কৰিছিল, তেওঁলোকৰ বিষয়ে আমি কি কম সেয়া আমাৰ জ্ঞাত নাছিল। তেতিয়া আল্লাহ তা’আলাই এই আয়াত অৱতীৰ্ণ কৰিলে: {وَمَا كَانَ اللهُ لِيُضِيعَ إِيمَانَكُمْ} ‘‘আল্লাহ তা‘আলা এনেকুৱা নহয় যে, তেওঁ তোমালোকৰ ছালাত বিনষ্ট কৰিব”।
((সংশ্লিষ্ট হাদীছসমূহ ৩৯৯, ৪৪৭৬, ৪৪৯২, ৭২৫২; মুছলিম ৫/২ হাদীছ নং ৫২৫, আহমদ ১৮৫৬৪, ১৮৭৩২) (আ.প্ৰ. ৩৯, ই.ফা. ৩৯)
পৰিচ্ছেদ : 32হাদীছ - 41قَالَ مَالِكٌ: أَخْبَرَنِي زَيْدُ بْنُ أَسْلَمَ, أَنَّ عَطَاءَ بْنَ يَسَارٍ, أَخْبَرَهُ أَنَّ أَبَا سَعِيدٍ الخُدْرِيَّ أَخْبَرَهُ أَنَّهُ سَمِعَ رَسُولَ اللَّهِ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ يَقُولُ: إِذَا أَسْلَمَ العَبْدُ فَحَسُنَ إِسْلاَمُهُ, يُكَفِّرُ اللَّهُ عَنْهُ كُلَّ سَيِّئَةٍ كَانَ زَلَفَهَا, وَكَانَ بَعْدَ ذَلِكَ القِصَاصُ: الحَسَنَةُ بِعَشْرِ أَمْثَالِهَا إِلَى سَبْعِ مِائَةِ ضِعْفٍ, وَالسَّيِّئَةُ بِمِثْلِهَا إِلَّا أَنْ يَتَجَاوَزَ اللَّهُ عَنْهَا ... আবূ ছা’ঈদ খুদৰী ৰাদ্বিয়াল্লাহু আনহুৱে বৰ্ণনা কৰিছে, তেখেতে আল্লাহৰ ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামক কোৱা শুনিছে যে, বান্দাই যেতিয়া ইছলাম গ্ৰহণ কৰে আৰু তাৰ ইছলাম উত্তম হয়, তেতিয়া আল্লাহ তা’আলাই তেওঁৰ পূৰ্বৰ সকলো গুনাহ মাফ কৰি দিয়ে, তাৰ পিছতে আৰম্ভ হয় প্ৰতিফল– এটা পূণ্যৰ বিনিময়ত দহৰ পৰা সাতশ গুণ পৰ্যন্ত প্ৰতিফল দিয়া হয় আৰু এটা পাপ কামৰ বিনিময়ত ঠিক তাৰ সমপৰিমান বেয়া প্ৰতিফল দিয়া হয়। অৱশ্যে আল্লাহে যদি ক্ষমা কৰি দিয়ে সেয়া বেলেগ কথা।
(আ.প্ৰ. অনুচ্ছেদ পৃঃ ৪৯, ই.ফা. পৰিচ্ছেদ ৩১)
পৰিচ্ছেদ : 32হাদীছ - 42حَدَّثَنَا إِسْحَاقُ بْنُ مَنْصُورٍ, قَالَ: حَدَّثَنَا عَبْدُ الرَّزَّاقِ, قَالَ: أَخْبَرَنَا مَعْمَرٌ, عَنْ هَمَّامِ بْنِ مُنَبِّهٍ, عَنْ أَبِي هُرَيْرَةَ, قَالَ: قَالَ رَسُولُ اللَّهِ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ: إِذَا أَحْسَنَ أَحَدُكُمْ إِسْلاَمَهُ: فَكُلُّ حَسَنَةٍ يَعْمَلُهَا تُكْتَبُ لَهُ بِعَشْرِ أَمْثَالِهَا إِلَى سَبْعِ مِائَةِ ضِعْفٍ, وَكُلُّ سَيِّئَةٍ يَعْمَلُهَا تُكْتَبُ لَهُ بِمِثْلِهَا... আবূ হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেখেতে কৈছেঃ আল্লাহৰ ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে: তোমালোকৰ ভিতৰত কোনোবাই যেতিয়া উত্তম ৰূপে ইছলামৰ ওপৰত প্ৰতিষ্ঠিত থাকে, তেতিয়া তেওঁ যি আমল কৰে প্ৰত্যেকটোৰ বিনিময়ত দহৰ পৰা সাতশ গুণ পৰ্যন্ত (পূণ্য) লিখা হয়। আৰু তেওঁ যি পাপ কাম কৰে তাৰ প্ৰত্যেকটোৰ বিনিময়ত ইয়াৰ সমপৰিমাণ পাপ লিখা হয়।
(মুছলিম ১/৫৯ হাদীছ নং ১২৯, আহমদ ৮২২৪) (আ.প্ৰ. ৪০, ই.ফা. ৪০)
পৰিচ্ছেদ : 33হাদীছ - 43 حَدَّثَنَا مُحَمَّدُ بْنُ المُثَنَّى, حَدَّثَنَا يَحْيَى, عَنْ هِشَامٍ, قَالَ: أَخْبَرَنِي أَبِي, عَنْ عَائِشَةَ, أَنَّ النَّبِيَّ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ دَخَلَ عَلَيْهَا وَعِنْدَهَا امْرَأَةٌ, قَالَ: «مَنْ هَذِهِ؟» قَالَتْ: فُلاَنَةُ, تَذْكُرُ مِنْ صَلاَتِهَا, قَالَ: «مَهْ, عَلَيْكُمْ بِمَا تُطِيقُونَ, فَوَاللَّهِ لاَ يَمَلُّ اللَّهُ حَتَّى تَمَلُّوا» وَكَانَ أَحَبَّ الدِّينِ إِلَيْهِ مَادَامَ عَلَيْهِ صَاحِبُهُ.... আইশ্বা ৰাদ্বিয়াল্লাহু আনহাৰ পৰা বৰ্ণিত যে, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে এদিন তেখেতৰ ওচৰত এগৰাকী মহিলাক দেখা পাই সুধিলে: ‘এওঁ কোন’? আইশ্বা ৰাদ্বিয়াল্লাহু আনহাই উত্তৰ দিলে– ‘অমুক মহিলা’, এই বুলি কৈ তেওঁ তাইৰ ছালাতৰ বিষয়ে উল্লেখ কৰিলে। আল্লাহৰ ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামে ক’লে– ‘ৰ’বা, তোমালোকৰ যিমান সামৰ্থ আছে সিমানেই কৰা উচিত। আল্লাহৰ শপত! আল্লাহ তা’আলা তেতিয়ালৈকে (ছোৱাব দিবলৈ) বিৰত নহয়, যেতিয়ালৈকে তোমালোকে নিজে পৰিশ্ৰান্ত হৈ নপৰা। আল্লাহৰ ওচৰত অধিক পছন্দনীয় আমল সেইটোৱে, যিটো আমলকাৰীয়ে নিয়মিত কৰে’।
((সংশ্লিষ্ট হাদীছসমূহ ১১৫১; মুছলিম ২/৩১ হাদীছ নং ৭৮৫, আহমদ ২৪৯৯) (আ.প্ৰ. ৪১, ই.ফা. ৪১)
পৰিচ্ছেদ : 34হাদীছ - 44 حَدَّثَنَا مُسْلِمُ بْنُ إِبْرَاهِيمَ, قَالَ: حَدَّثَنَا هِشَامٌ, قَالَ: حَدَّثَنَا قَتَادَةُ, عَنْ أَنَسٍ, عَنِ النَّبِيِّ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ قَالَ: «يَخْرُجُ مِنَ النَّارِ مَنْ قَالَ لاَ إِلَهَ إِلَّا اللَّهُ, وَفِي قَلْبِهِ وَزْنُ شَعِيرَةٍ مِنْ خَيْرٍ, وَيَخْرُجُ مِنَ النَّارِ مَنْ قَالَ لاَ إِلَهَ إِلَّا اللَّهُ, وَفِي قَلْبِهِ وَزْنُ بُرَّةٍ مِنْ خَيْرٍ, وَيَخْرُجُ مِنَ النَّارِ مَنْ قَالَ لاَ إِلَهَ إِلَّا اللَّهُ, وَفِي قَلْبِهِ وَزْنُ ذَرَّةٍ مِنْ خَيْرٍ» قَالَ أَبُو عَبْدِ اللَّهِ: قَالَ أَبَانُ, حَدَّثَنَا قَتَادَةُ, حَدَّثَنَا أَنَسٌ, عَنِ النَّبِيِّ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ: «مِنْ إِيمَانٍ» مَكَانَ «مِنْ خَيْرٍ».... আনাছ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে: যি ব্যক্তিয়ে ‘লা-ইলাহা ইল্লাল্লাহ’ স্বীকাৰ কৰিব, তাৰ অন্তৰত যদি এটা যৱ পৰিমাণো পূণ্য থাকে তেন্তে তাক জাহান্নামৰ পৰা উলিয়াই আনা হ’ব। আৰু যিয়ে ‘লা-ইলাহা ইল্লাল্লাহ’ স্বীকাৰ কৰিব, তাৰ অন্তৰত যদি এটি গমৰ দানা পৰিমাণো পূণ্য থাকে তেন্তে তাক জাহান্নামৰ পৰা উলিয়াই আনা হ’ব। আৰু যিয়ে ‘লা-ইলাহা ইল্লাল্লাহ’ স্বীকাৰ কৰিব, তাৰ অন্তৰত যদি এটি অণু পৰিমাণো নেকী থাকে তেন্তে তাক জাহান্নামৰ পৰা উলিয়াই আনা হ’ব
আবূ আব্দুল্লাহে কৈছেঃ আবান ৰাহিমাহুল্লাহে কৈছে যে, আমাক কাতাদাই হাদীছ বৰ্ণনা কৰিছে, আৰু তেওঁ কৈছে, আমাক আনাছ ৰাদ্বিয়াল্লাহু আনহুৱে ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৰা হাদীছ বৰ্ণনা কৰিছে– তাত ‘নেকী বা পূণ্য’ৰ স্থলত ‘ঈমান’ শব্দটো ব্যৱহাৰ কৰিছে।
((সংশ্লিষ্ট হাদীছসমূহ ৪৪৭৬, ৬৫৬৫, ৭৪১০, ৭৪৪০, ৭৫০৯, ৭৫১০, ৭৫১৬; মুছলিম ১/৮৪ হাঃ ১৯৩, আহমাদ ১২১৫৪) (আ.প্ৰ. ৪২, ই.ফা. ৪২)
পৰিচ্ছেদ : 34হাদীছ - 45حَدَّثَنَا الحَسَنُ بْنُ الصَّبَّاحِ, سَمِعَ جَعْفَرَ بْنَ عَوْنٍ, حَدَّثَنَا أَبُو العُمَيْسِ, أَخْبَرَنَا قَيْسُ بْنُ مُسْلِمٍ, عَنْ طَارِقِ بْنِ شِهَابٍ, عَنْ عُمَرَ بْنِ الخَطَّابِ, أَنَّ رَجُلًا, مِنَ اليَهُودِ قَالَ لَهُ: يَا أَمِيرَ المُؤْمِنِينَ, آيَةٌ فِي كِتَابِكُمْ تَقْرَءُونَهَا, لَوْ عَلَيْنَا مَعْشَرَ اليَهُودِ نَزَلَتْ, لاَتَّخَذْنَا ذَلِكَ اليَوْمَ عِيدًا. قَالَ: أَيُّ آيَةٍ؟ قَالَ: {اليَوْمَ أَكْمَلْتُ لَكُمْ دِينَكُمْ وَأَتْمَمْتُ عَلَيْكُمْ نِعْمَتِي وَرَضِيتُ لَكُمُ الإِسْلاَمَ دِينًا} [المائدة: 3] قَالَ عُمَرُ: «قَدْ عَرَفْنَا ذَلِكَ اليَوْمَ, وَالمَكَانَ الَّذِي نَزَلَتْ فِيهِ عَلَى النَّبِيِّ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ, وَهُوَ قَائِمٌ بِعَرَفَةَ يَوْمَ جُمُعَةٍ. ... ওমৰ ইবনুল খাত্তাব ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, জনৈক ইহুদীয়ে তেওঁক ক’লে: ‘হে আমিৰুল মু’মিনীন! আপোনালোকৰ কিতাপত এটা আয়াত আছে, যিটো আপোনালোকে পাঠ কৰি থাকে, সেই আয়াতটো যদি আমাৰ ইহুদী জাতিৰ ওপৰত অৱতীৰ্ণ হ’লহেতেন, তেন্তে অৱশ্যে আমি সেই দিনটোক উত্সৱ হিচাপে পালন কৰিলোহেঁতেন’। তেখেতে সুধিলে, ‘কোনটো আয়াত’? সি ক’লে– “আজি তোমালোকৰ বাবে তোমালোকৰ দ্বীন পৰিপূৰ্ণ কৰি দিলো আৰু তোমালোকৰ প্ৰতি মোৰ নিয়ামত সম্পূৰ্ণ কৰিলো আৰু ইছলামক তোমালোকৰ দ্বীন হিচাপে মনোনীত কৰিলো”। (ছূৰা মায়িদাঃ ৩)। ওমৰ ৰাদ্বিয়াল্লাহুৱে ক’লে– এই আয়াতটো কোন দিনা আৰু কোন স্থানত নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওপৰত অৱতীৰ্ণ হৈছিল সেয়া আমি জানো; তেখেত সিদিনা আৰাফা ময়দানত থিয় হৈ আছিল আৰু দিনটো আছিল জুম্মাৰ দিন।
((সংশ্লিষ্ট হাদীছসমূহ ৪৪০৭, ৪৬০৬, ৭২৬৮; মুছলিম ৪৩/১ হাদীছ নং ৩০১৭) (আ.প্ৰ. ৪৩, ই.ফা. ৪৩)
পৰিচ্ছেদ : 35হাদীছ - 46حَدَّثَنَا إِسْمَاعِيلُ, قَالَ: حَدَّثَنِي مَالِكُ بْنُ أَنَسٍ, عَنْ عَمِّهِ أَبِي سُهَيْلِ بْنِ مَالِكٍ, عَنْ أَبِيهِ, أَنَّهُ سَمِعَ طَلْحَةَ بْنَ عُبَيْدِ اللَّهِ, يَقُولُ: جَاءَ رَجُلٌ إِلَى رَسُولِ اللَّهِ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ مِنْ أَهْلِ نَجْدٍ ثَائِرَ الرَّأْسِ, يُسْمَعُ دَوِيُّ صَوْتِهِ وَلاَ يُفْقَهُ مَا يَقُولُ, حَتَّى دَنَا, فَإِذَا هُوَ يَسْأَلُ عَنِ الإِسْلاَمِ, فَقَالَ رَسُولُ اللَّهِ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ: «خَمْسُ صَلَوَاتٍ فِي اليَوْمِ وَاللَّيْلَةِ». فَقَالَ: هَلْ عَلَيَّ غَيْرُهَا؟ قَالَ: «لاَ, إِلَّا أَنْ تَطَوَّعَ». قَالَ رَسُولُ اللَّهِ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ: «وَصِيَامُ رَمَضَانَ». قَالَ: هَلْ عَلَيَّ غَيْرُهُ؟ قَالَ: «لاَ, إِلَّا أَنْ تَطَوَّعَ». قَالَ: وَذَكَرَ لَهُ رَسُولُ اللَّهِ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ الزَّكَاةَ, قَالَ: هَلْ عَلَيَّ غَيْرُهَا؟ قَالَ: «لاَ, إِلَّا أَنْ تَطَوَّعَ». قَالَ: فَأَدْبَرَ الرَّجُلُ وَهُوَ يَقُولُ: وَاللَّهِ لاَ أَزِيدُ عَلَى هَذَا وَلاَ أَنْقُصُ, قَالَ رَسُولُ اللَّهِ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ: «أَفْلَحَ إِنْ صَدَقَ.... ত্বলহা বিন ‘উবাইদুল্লাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেখেতে কৈছেঃ– জনৈক নাজদবাসীয়ে আল্লাহৰ ৰাছুল চাল্লাল্লাহ আলাইহি অছাল্লামৰ ওচৰত আহিল, যাৰ চুলিবোৰ ফনিওৱা নাছিল। তেওঁৰ কথাবোৰ মৃদুভাৱে শুনা গৈছিল কিন্তু তেওঁ কি কৈ আছিল সেয়া বুজি পোৱা নাছিলো। অৱশেষত তেওঁ ওচৰলৈ আহি ইছলাম সম্পৰ্কে প্ৰশ্ন কৰিবলৈ ধৰিলে। আল্লাহৰ ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামে ক’লে: ‘দিনে-ৰাতি পাঁচ ওৱাক্ত ছালাত’। তেওঁ ক’লে– ‘মোৰ ওপৰত ইয়াৰ বাহিৰেও আৰু কোনো ছালাত আছে নেকি?’ তেখেতে ক’লে: ‘নাই, কিন্তু নফল ছালাত আদায় কৰিব পাৰা’। আল্লাহৰ ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামে ক’লে: ‘আৰু ৰমজানৰ চিয়াম’। তেওঁ ক’লে: মোৰ ওপৰত ইয়াৰ বাহিৰেও চওম আছে নেকি? তেখেতে ক’লে: ‘নাই, কিন্তু নফল চওম আদায় কৰিব পাৰা’। বৰ্ণনাকাৰীয়ে কৈছেঃ আল্লাহৰ ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামে তেওঁক যাকাতৰ কথা কোৱাত তেওঁ ক’লে: ‘মোৰ ওপৰত ইয়াৰ বাহিৰেও আৰু যাকাত আছে নেকি’? তেখেতে ক’লে– ‘নাই, কিন্তু নফল চদকা-খাইৰাত হিচাপে দিব পাৰা’। বৰ্ণনাকাৰীয়ে কৈছেঃ– উক্ত ব্যক্তিজনে এই বুলি কৈ গুচি গ’ল যে, “আল্লাহৰ শপত! মই ইয়াতকৈ বেছিও নকৰো, আৰু কমো নকৰো”। তেতিয়া আল্লাহৰ ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামে ক’লে, ‘তেওঁ যদি সঁচাকে কৈছে, তেন্তে সফলতা নিশ্চিত’।
((সংশ্লিষ্ট হাদীছসমূহ ১৮৯১, ২৬৭৮, ৬৯৫৬; মুছলিম ১/২ হাদীছ নং ১১, আহমদ ১৩৯০) (আ.প্ৰ. ৪৪, ই.ফা. ৪৪)
পৰিচ্ছেদ : 36হাদীছ - 47حَدَّثَنَا أَحْمَدُ بْنُ عَبْدِ اللَّهِ بْنِ عَلِيٍّ المَنْجُوفِيُّ, قَالَ: حَدَّثَنَا رَوْحٌ, قَالَ: حَدَّثَنَا عَوْفٌ, عَنِ الحَسَنِ, وَمُحَمَّدٍ, عَنْ أَبِي هُرَيْرَةَ أَنَّ رَسُولَ اللَّهِ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ قَالَ: «مَنِ اتَّبَعَ جَنَازَةَ مُسْلِمٍ, إِيمَانًا وَاحْتِسَابًا, وَكَانَ مَعَهُ حَتَّى يُصَلَّى عَلَيْهَا وَيَفْرُغَ مِنْ دَفْنِهَا, فَإِنَّهُ يَرْجِعُ مِنَ الأَجْرِ بِقِيرَاطَيْنِ, كُلُّ قِيرَاطٍ مِثْلُ أُحُدٍ, وَمَنْ صَلَّى عَلَيْهَا ثُمَّ رَجَعَ قَبْلَ أَنْ تُدْفَنَ, فَإِنَّهُ يَرْجِعُ بِقِيرَاطٍ» تَابَعَهُ عُثْمَانُ المُؤَذِّنُ, قَالَ: حَدَّثَنَا عَوْفٌ, عَنْ مُحَمَّدٍ, عَنْ أَبِي هُرَيْرَةَ, عَنِ النَّبِيِّ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ نَحْوَهُ.... আবূ হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণনা কৰিছে যে, আল্লাহৰ ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে: যি ব্যক্তিয়ে ঈমানৰ সৈতে আৰু পূণ্যৰ আশাত কোনো মুছলিমৰ জানাজাৰ অনুগমন কৰি জানাজাৰ ছালাত আদায় কৰে আৰু দাফন সম্পন্ন হোৱা পৰ্যন্ত লগত থাকে, তেওঁ দুই কীৰাত ছোৱাব লৈ উভতিব। প্ৰতিটো কীৰাত হৈছে উহুদ পাহাৰৰ সমান আৰু যি ব্যক্তিয়ে কেৱল জানাযাৰ ছালাত আদায় কৰি দাফন নকৰাকৈ ঘূৰি আহে তেওঁ এক কীৰাত ছোৱাব লৈ উভতি আহিব। ‘উচমান আল-মুআয্যিন ৰাহিমাহুল্লাহে কৈছেঃ আমাক আউফে মুহাম্মদৰ পৰা হাদীছ বৰ্ণনা কৰিছে, তেওঁ আবূ হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ সূত্ৰত নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৰা এই একেই হাদীছ বৰ্ণনা কৰিছে।
((সংশ্লিষ্ট হাদীছসমূহ ১৩২৩, ১৩২৫) (আ.প্ৰ. ৪৫, ই.ফা. ৪৫)
পৰিচ্ছেদ : 37হাদীছ - 48حَدَّثَنَا مُحَمَّدُ بْنُ عَرْعَرَةَ, قَالَ: حَدَّثَنَا شُعْبَةُ, عَنْ زُبَيْدٍ, قَالَ: سَأَلْتُ أَبَا وَائِلٍ عَنْ المُرْجِئَةِ, فَقَالَ: حَدَّثَنِي عَبْدُ اللَّهِ أَنَّ النَّبِيَّ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ قَالَ: «سِبَابُ المُسْلِمِ فُسُوقٌ, وَقِتَالُهُ كُفْرٌ.... যুবাইদ ৰাহিমাহুল্লাহুৰ পৰা বৰ্ণিত, তেখেতে কৈছেঃ– মই আবূ ওৱাইল ৰাহিমাহুল্লাহক ‘মুৰজিআ’ (এটা পথভ্ৰষ্ট দল) সম্পৰ্কে সোধাত তেখেতে কৈছেঃ আব্দুল্লাহ (ইবনু মাছউদে) মোক হাদীছ বৰ্ণনা কৰিছে, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ “মুছলিমক গালি দিয়া ফাচিকী কাৰ্য আৰু তাৰ লগত যুদ্ধ কৰা কুফৰী”।
((সংশ্লিষ্ট হাদীছসমূহ ৬০৪৪,৭০৭৬; মুছলিম ১/২৮, হাদীছ নং ৬৪, আহমদ ৩৬৪৭) (আ.প্ৰ. ৪৬, ই.ফা. ৪৬)
পৰিচ্ছেদ : 37হাদীছ - 49 أَخْبَرَنَا قُتَيْبَةُ بْنُ سَعِيدٍ, حَدَّثَنَا إِسْمَاعِيلُ بْنُ جَعْفَرٍ, عَنْ حُمَيْدٍ, حَدَّثَنِي أَنَسُ بْنُ مَالِكٍ, قَالَ: أَخْبَرَنِي عُبَادَةُ بْنُ الصَّامِتِ, أَنَّ رَسُولَ اللَّهِ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ خَرَجَ يُخْبِرُ بِلَيْلَةِ القَدْرِ, فَتَلاَحَى رَجُلاَنِ مِنَ المُسْلِمِينَ فَقَالَ: «إِنِّي خَرَجْتُ لِأُخْبِرَكُمْ بِلَيْلَةِ القَدْرِ, وَإِنَّهُ تَلاَحَى فُلاَنٌ وَفُلاَنٌ, فَرُفِعَتْ, وَعَسَى أَنْ يَكُونَ خَيْرًا لَكُمْ, التَمِسُوهَا فِي السَّبْعِ وَالتِّسْعِ وَالخَمْسِ.... উবাদাহ ইবনু চামিত ৰাদ্বিয়াল্লাহু আনহুৱে বৰ্ণনা কৰিছে যে, আল্লাহৰ ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামে লায়লাতুল কদৰ সম্পৰ্কে জনোৱাবলৈ বাহিৰলৈ ওলাই আহিল। সেই সময়ত দুজন মুছলিমে কাজিয়া কৰি আছিল। তেখেতে ক’লে: ‘মই তোমালোকক লায়লাতুল কদৰ সম্পৰ্কে জনাবলৈ আহিছিলো; কিন্তু অমুক অমুকে কাজিয়াত লিপ্ত থকা বাবে (লায়লাতুল কদৰৰ নিৰ্দ্দিষ্ট তাৰিখ সম্পৰ্কে দিয়া জ্ঞানটো আল্লাহ তাআলাই) উঠাই ল’লে, তোমালোকৰ বাবে হয়তো এইটোৱেই মংগলজনক যে, তোমালোকে সেয়া অনুসন্ধান কৰা (ৰমজানৰ) ২৭, ২৯ আৰু ২৫ তম ৰাতিত’।
((সংশ্লিষ্ট হাদীছসমূহ ২০২৩, ৬০৪৯) (আ.প্ৰ. ৪৭, ই.ফা. ৪৭)
পৰিচ্ছেদ : 38হাদীছ - 50حَدَّثَنَا مُسَدَّدٌ, قَالَ: حَدَّثَنَا إِسْمَاعِيلُ بْنُ إِبْرَاهِيمَ, أَخْبَرَنَا أَبُو حَيَّانَ التَّيْمِيُّ, عَنْ أَبِي زُرْعَةَ, عَنْ أَبِي هُرَيْرَةَ, قَالَ: كَانَ النَّبِيُّ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ بَارِزًا يَوْمًا لِلنَّاسِ, فَأَتَاهُ جِبْرِيلُ فَقَالَ: مَا الإِيمَانُ? قَالَ: «الإِيمَانُ أَنْ تُؤْمِنَ بِاللَّهِ وَمَلاَئِكَتِهِ, وَكُتُبِهِ, وَبِلِقَائِهِ, وَرُسُلِهِ وَتُؤْمِنَ بِالْبَعْثِ». قَالَ: مَا الإِسْلاَمُ؟ قَالَ: الإِسْلاَمُ: أَنْ تَعْبُدَ اللَّهَ, وَلاَ تُشْرِكَ بِهِ شَيْئًا, وَتُقِيمَ الصَّلاَةَ, وَتُؤَدِّيَ الزَّكَاةَ المَفْرُوضَةَ, وَتَصُومَ رَمَضَانَ . قَالَ: مَا الإِحْسَانُ؟ قَالَ: «أَنْ تَعْبُدَ اللَّهَ كَأَنَّكَ تَرَاهُ, فَإِنْ لَمْ تَكُنْ تَرَاهُ فَإِنَّهُ يَرَاكَ», قَالَ: مَتَى السَّاعَةُ؟ قَالَ: مَا المَسْئُولُ عَنْهَا بِأَعْلَمَ مِنَ السَّائِلِ, وَسَأُخْبِرُكَ عَنْ أَشْرَاطِهَا: إِذَا وَلَدَتِ الأَمَةُ رَبَّهَا, وَإِذَا تَطَاوَلَ رُعَاةُ الإِبِلِ البُهْمُ فِي البُنْيَانِ, فِي خَمْسٍ لاَ يَعْلَمُهُنَّ إِلَّا اللَّهُ ثُمَّ تَلاَ النَّبِيُّ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ: {إِنَّ اللَّهَ عِنْدَهُ عِلْمُ السَّاعَةِ} [لقمان: 34] الآيَةَ, ثُمَّ أَدْبَرَ فَقَالَ: «رُدُّوهُ» فَلَمْ يَرَوْا شَيْئًا, فَقَالَ: «هَذَا جِبْرِيلُ جَاءَ يُعَلِّمُ النَّاسَ دِينَهُمْ» قَالَ أَبُو عَبْدِ اللَّهِ: جَعَلَ ذَلِكَ كُلَّهُ مِنَ الإِيمَانِ.... আবূ হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেখেতে কৈছেঃ এদিনাখন আল্লাহৰ ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লাম জনসন্মুখত উপস্থিত থকা সময়ত জীব্ৰীল আলাইহিচ ছালাম (এজন মানুহৰ আকৃতিত তেখেতৰ ওচৰলৈ) আহি সুধিলে– “ঈমান কি?” তেখেতে ক’লে, “ঈমান হৈছে, আপুনি বিশ্বাস কৰিব লাগিব আল্লাহৰ প্ৰতি, ফিৰিস্তাসকলৰ প্ৰতি, ঐশীপুথিসমূহৰ প্ৰতি, আল্লাহৰ লগত সাক্ষাতৰ প্ৰতি, আৰু ৰাছুলসকলৰ প্ৰতি, আৰু পুনৰুত্থানৰ প্ৰতি”। মানুহজনে সুধিলে– ‘ইছলাম কি?’ তেখেতে ক’লে– “ইছলাম হৈছে, আল্লাহৰ লগত আন কাকো অংশীদাৰ নকৰাকৈ ইবাদত কৰা, ছালাত প্ৰতিষ্ঠা কৰা, ফৰজ যাকাত আদায় কৰা আৰু ৰমজানৰ চিয়াম ব্ৰত পালন কৰা”। ব্যক্তিজনে সুধিলে, ‘ইহছান কি’? তেখেতে ক’লে– “আপুনি এনেকৈ আল্লাহৰ ইবাদত কৰিব যেনিবা আপুনি আল্লাহক দেখি আছে আৰু যদি এনেকুৱা অনুভৱ নহয় তেন্তে এইটো ভাৱিব যে, তেওঁ আপোনাক দেখি আছে”। ব্যক্তিজনে আকৌ সুধিলে– ‘কিয়ামত কেতিয়া সংঘটিত হ’ব?’ তেখেতে ক’লে, ‘এই সম্বন্ধে প্ৰশ্নকাৰীতকৈ উত্তৰদাতা বেছি জ্ঞাত নহয়, কিন্তু মই আপোনাক কিয়ামতৰ আগজাননীসমূহ কৈ দিছো, সেয়া হৈছে– দাসীয়ে যেতিয়া মালিকক প্ৰসৱ কৰিব আৰু উটৰ সাধাৰণ ৰখীয়াসকলে যেতিয়া ডাঙৰ ডাঙৰ অট্টালিকা নিৰ্মাণত প্ৰতিযোগিতা কৰিব। কিয়ামতৰ জ্ঞান সেই পাঁচটা বিষয়ৰ অন্তৰ্ভূক্ত, যিটো আল্লাহৰ বাহিৰে আন কোনেও নাজানে”। তাৰ পিছত আল্লাহৰ ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামে এই আয়াতটো সম্পূৰ্ণ তিলাৱত কৰিলে: ‘ নিশ্চয় কিয়ামতৰ সঠিক জ্ঞান একমাত্ৰ আল্লাহৰ ওচৰত................। (ছূৰা লুক্কমানঃ ৩৪)।
ইয়াৰ পিছত সেই ব্যক্তিজন গুচি গ’ল, তাৰ পিছত তেখেতে ক’লে: তোমালোকে তেওঁক ঘূৰাই আনা’। কিন্তু তেওঁলোকে তেওঁক বিচাৰি নাপালে। তেতিয়া তেখেতে ক’লে: তেখেত আছিল জিব্ৰাইল আলাইহিচ ছালাম, মানুহক দ্বীন শিকাবলৈ আহিছিল। আবূ আব্দুল্লাহ বুখাৰী ৰাহিমাহুল্লাহে কৈছে, আল্লাহৰ ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামে এইবোৰ বিষয়ক ঈমানৰ অন্তৰ্ভূক্ত কৰিছে।
(সংশ্লিষ্ট হাদীছসমূহ ৪৭৭৭; মুছলিম ১/১ হাদীছ নং ৯) (আ.প্ৰ. ৪৮, ই.ফা. ৪৮)
পৰিচ্ছেদ : 39হাদীছ - 51 حَدَّثَنَا إِبْرَاهِيمُ بْنُ حَمْزَةَ, قَالَ: حَدَّثَنَا إِبْرَاهِيمُ بْنُ سَعْدٍ, عَنْ صَالِحٍ, عَنِ ابْنِ شِهَابٍ, عَنْ عُبَيْدِ اللَّهِ بْنِ عَبْدِ اللَّهِ, أَنَّ عَبْدَ اللَّهِ بْنَ عَبَّاسٍ, أَخْبَرَهُ قَالَ: أَخْبَرَنِي أَبُو سُفْيَانَ بْنُ حَرْبٍ, أَنَّ هِرَقْلَ, قَالَ لَهُ: سَأَلْتُكَ هَلْ يَزِيدُونَ أَمْ يَنْقُصُونَ؟ فَزَعَمْتَ أَنَّهُمْ يَزِيدُونَ, وَكَذَلِكَ الإِيمَانُ حَتَّى يَتِمَّ, وَسَأَلْتُكَ هَلْ يَرْتَدُّ أَحَدٌ سَخْطَةً لِدِينِهِ بَعْدَ أَنْ يَدْخُلَ فِيهِ؟ فَزَعَمْتَ أَنْ لاَ, وَكَذَلِكَ الإِيمَانُ, حِينَ تُخَالِطُ بَشَاشَتُهُ القُلُوبَ لاَ يَسْخَطُهُ أَحَدٌ ... আব্দুল্লাহ ইবনু আব্বাছ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেখেতে কৈছে, আবূ চুফিয়ান ইবনু হাৰব ৰাদ্বিয়াল্লাহু আনহুৱে মোৰ ওচৰত বৰ্ণনা কৰিছে, হিৰাক্লিয়াচে তেখেতক কৈছিল, ‘মই তোমাক সুধিছিলো ঈমানদাৰসকলৰ সংখ্যা বাঢ়িছে নে কমিছে’? তুমি উত্তৰ দিছিলা– ‘তেওঁলোকৰ সংখ্যা (দিনক দিনে) বাঢ়িছে’। প্ৰকৃততে ঈমানৰ ক্ষেত্ৰত এনেকুৱাই হয় যেতিয়ালৈকে পূৰ্ণতা লাভ নকৰে। আৰু মই তোমাক সুধিছিলো, ‘কোনোবাই দ্বীন গ্ৰহণ কৰাৰ পিছত অপছন্দ কৰি পুনৰ উভতি (মুৰতাদ হৈ) যায় নেকি’? তুমি উত্তৰ দিছিলা– ‘নহয়’। প্ৰকৃততে ঈমান এনেকুৱাই, ঈমানৰ সোৱাদ অন্তৰত মিহলি হৈ গ’লে কোনেও অপছন্দ নকৰে।
((সংশ্লিষ্ট হাদীছ নং ৭) (আ.প্ৰ. ৪৯, ই.ফা. ৪৯)
পৰিচ্ছেদ : 40হাদীছ - 52 حَدَّثَنَا أَبُو نُعَيْمٍ, حَدَّثَنَا زَكَرِيَّاءُ, عَنْ عَامِرٍ, قَالَ: سَمِعْتُ النُّعْمَانَ بْنَ بَشِيرٍ, يَقُولُ: سَمِعْتُ رَسُولَ اللَّهِ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ يَقُولُ: الحَلاَلُ بَيِّنٌ, وَالحَرَامُ بَيِّنٌ, وَبَيْنَهُمَا مُشَبَّهَاتٌ لاَ يَعْلَمُهَا كَثِيرٌ مِنَ النَّاسِ, فَمَنِ اتَّقَى المُشَبَّهَاتِ اسْتَبْرَأَ لِدِينِهِ وَعِرْضِهِ, وَمَنْ وَقَعَ فِي الشُّبُهَاتِ: كَرَاعٍ يَرْعَى حَوْلَ الحِمَى, يُوشِكُ أَنْ يُوَاقِعَهُ, أَلاَ وَإِنَّ لِكُلِّ مَلِكٍ حِمًى, أَلاَ إِنَّ حِمَى اللَّهِ فِي أَرْضِهِ مَحَارِمُهُ, أَلاَ وَإِنَّ فِي الجَسَدِ مُضْغَةً: إِذَا صَلَحَتْ صَلَحَ الجَسَدُ كُلُّهُ, وَإِذَا فَسَدَتْ فَسَدَ الجَسَدُ كُلُّهُ, أَلاَ وَهِيَ القَلْبُ ... নুমান বিন বাশ্বীৰ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেখেতে কৈছেঃ ‘মই আল্লাহৰ ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৰা শুনিছো যে, ‘হালাল স্প্ষ্ট আৰু হাৰামো স্পষ্ট, আৰু এই দুটাৰ মাজত আছে কিছুমান সন্দেহজনক বিষয়, যিবোৰ বহুতেই নাজানে। যি ব্যক্তিয়ে এই সন্দেহজনক বিষয়সমূহৰ পৰা দূৰৈত থাকিব, তেৱেঁই নিজৰ দ্বীন আৰু মৰ্যাদা ৰক্ষা কৰিব পাৰিব। আৰু যি ব্যক্তিয়ে সন্দেহজনক বিষয়সমূহত লিপ্ত হৈ পৰিব, তাৰ উদাহৰণ হৈছে সেই ৰখীয়াৰ দৰে, যিয়ে তাৰ পশুপাল ৰজাৰ সংৰক্ষিত চৰণভূমিৰ আশে পাশে চৰিয়ায়, অচিৰেই পশুবিলাক তাত সোমাই পৰাৰ আশংকা থাকে। মনত ৰাখিবা! প্ৰত্যেক ৰজা-বাদশ্বাহৰেই একোখন সংৰক্ষিত এলেকা থাকে। আৰু জানি থোৱা! আল্লাহৰ পৃথিৱীত তেওঁৰ সংৰক্ষিত এলেকা হৈছে তেওঁৰ নিষিদ্ধ কামসমূহ। জানি থোৱা! শৰীৰত এনে এডোখৰ মাংসৰ টুকুৰা আছে, যি ডোখৰ ঠিক থাকিলে গোটেই শৰীৰ ঠিকে থাকে আৰু সেইডোখৰ বেয়া হ’লে গোটেই শৰীৰ বেয়া হৈ যায়, সেই মাংসৰ টুকুৰাটো হৈছে ‘অন্তৰ’।
(সংশ্লিষ্ট হাদীছসমূহ ২০৫১; মুছলিম ২২/২০ হাদীছ নং ১৫৯৯, আহমদ ১৮৩৯৬, ১৮৪০২) (আ.প্ৰ. ৫০, ই.ফা. ৫০)
পৰিচ্ছেদ : 41হাদীছ - 53 حَدَّثَنَا عَلِيُّ بْنُ الجَعْدِ, قَالَ: أَخْبَرَنَا شُعْبَةُ, عَنْ أَبِي جَمْرَةَ, قَالَ: كُنْتُ أَقْعُدُ مَعَ ابْنِ عَبَّاسٍ يُجْلِسُنِي عَلَى سَرِيرِهِ فَقَالَ: أَقِمْ عِنْدِي حَتَّى أَجْعَلَ لَكَ سَهْمًا مِنْ مَالِي فَأَقَمْتُ مَعَهُ شَهْرَيْنِ, ثُمَّ قَالَ: إِنَّ وَفْدَ عَبْدِ القَيْسِ لَمَّا أَتَوُا النَّبِيَّ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ قَالَ: «مَنِ القَوْمُ؟ - أَوْ مَنِ الوَفْدُ؟ -» قَالُوا: رَبِيعَةُ. قَالَ: «مَرْحَبًا بِالقَوْمِ, أَوْ بِالوَفْدِ, غَيْرَ خَزَايَا وَلاَ نَدَامَى», فَقَالُوا: يَا رَسُولَ اللَّهِ إِنَّا لاَ نَسْتَطِيعُ أَنْ نَأْتِيكَ إِلَّا فِي الشَّهْرِ الحَرَامِ, وَبَيْنَنَا وَبَيْنَكَ هَذَا الحَيُّ مِنْ كُفَّارِ مُضَرَ, فَمُرْنَا بِأَمْرٍ فَصْلٍ, نُخْبِرْ بِهِ مَنْ وَرَاءَنَا, وَنَدْخُلْ بِهِ الجَنَّةَ, وَسَأَلُوهُ عَنِ الأَشْرِبَةِ: فَأَمَرَهُمْ بِأَرْبَعٍ, وَنَهَاهُمْ عَنْ أَرْبَعٍ, أَمَرَهُمْ: بِالإِيمَانِ بِاللَّهِ وَحْدَهُ, قَالَ: «أَتَدْرُونَ مَا الإِيمَانُ بِاللَّهِ وَحْدَهُ» قَالُوا: اللَّهُ وَرَسُولُهُ أَعْلَمُ, قَالَ: «شَهَادَةُ أَنْ لاَ إِلَهَ إِلَّا اللَّهُ وَأَنَّ مُحَمَّدًا رَسُولُ اللَّهِ, وَإِقَامُ الصَّلاَةِ, وَإِيتَاءُ الزَّكَاةِ, وَصِيَامُ رَمَضَانَ, وَأَنْ تُعْطُوا مِنَ المَغْنَمِ الخُمُسَ» وَنَهَاهُمْ عَنْ أَرْبَعٍ: عَنِ الحَنْتَمِ وَالدُّبَّاءِ وَالنَّقِيرِ وَالمُزَفَّتِ , وَرُبَّمَا قَالَ: «المُقَيَّرِ» وَقَالَ: «احْفَظُوهُنَّ وَأَخْبِرُوا بِهِنَّ مَنْ وَرَاءَكُمْ... আবূ জামৰাহ ৰাহিমাহুল্লাহুৰ পৰা বৰ্ণিত, তেখেতে কৈছেঃ ‘মই ইবনু আব্বাছ ৰাদ্বিয়াল্লাহু আনহুৰ লগত উঠা বহা কৰিছিলো, তেখেতে মোক তেওঁৰ আসনতো বহিব দিছিল’। এবাৰ তেখেতে ক’লে– ‘তুমি মোৰ লগত থাকি যোৱা, মই তোমাক মোৰ ধন সম্পদৰ পৰা এটা অংশ দিম’। মই তেখেতৰ লগত দুমাহ থাকিলো। তাৰ পিছত তেখেতে এদিনাখন ক’লে যে, আব্দুল কায়েচৰ এটি প্ৰতিনিধি দল আল্লাহৰ ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওচৰত অহাত তেখেতে সুধিলে, ‘তোমালোক কোন গোত্ৰৰ’? অথবা ক’লে ‘তোমালোক কোন প্ৰতিনিধি দলৰ’? তেওঁলোকে ক’লে – ‘ৰাবী’আ গোত্ৰৰ’। তেখেতে ক’লে– ‘স্বাগতম সেই গোত্ৰ বা প্ৰতিনিধি দলক, যি দলে অপদস্থ বা লজ্জিত নোহোৱাকৈ আগবাঢ়ি আহিছে। তেওঁলোকে কলে’– ‘হে আল্লাহৰ ৰাছুল! শ্বাহৰুল হাৰামৰ বাহিৰে আন কোনো সময়ত আমি আপোনাৰ ওচৰলৈ আহিব নোৱাৰো, আমাৰ আৰু আপোনাৰ মাজত ‘মুযাৰ’ গোত্ৰীয় কাফিৰসকলৰ বসবাস। গতিকে আমাক কিছুমান স্পষ্ট নিৰ্দেশ দিয়ক যাতে আমি আমাৰ এৰি থৈ অহা লোকসকলক অৱগত কৰিব পাৰো আৰু আমিও জান্নাতত প্ৰৱেশ কৰিব পাৰো। তেওঁলোকে পানীয় সম্বন্ধেও সুধিছিল।
তেতিয়া তেখেতে তেওঁলোকক চাৰিটা বিষয়ৰ আদেশ দিলে আৰু চাৰিটা বিষয়ে নিষেধ কৰিলে। তেওঁলোকক এক আল্লাহৰ প্ৰতি বিশ্বাস স্থাপনৰ নিৰ্দেশ দি ক’লে, ‘এক আল্লাহৰ প্ৰতি কিদৰে বিশ্বাস স্থাপন কৰিব লাগে সেই বিষয়ে তোমালোকে অৱগত আছানে’? তেওলোকে ক’লে– ‘আল্লাহ আৰু তেওঁৰ ৰাছুলেই অধিক জ্ঞাত’। তেখেতে ক’লে, সেয়া হৈছে, এই বুলি সাক্ষ্য দিয়া যে, আল্লাহৰ বাহিৰে প্ৰকৃত আন কোনো উপাস্য নাই আৰু মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লাম আল্লাহৰ ৰাছুল লগতে ছালাত প্ৰতিষ্ঠা কৰা, যাকাত আদায় কৰা, ৰমজানৰ চিয়াম ব্ৰত পালন কৰা আৰু তোমালোকে যুদ্ধত আহৰণ কৰা সম্পদৰ পৰা এক-পঞ্চমাংশ দান কৰা। নিষেধ কৰা বিষয় চাৰিটা হৈছে, সেউজীয়া কলহ, শুকান লাওৰ খোল, খেজুৰ গছৰ গুৰিৰ পৰা তৈয়াৰী বাচন আৰু আলকাতৰাৰ দ্বাৰা ৰং কৰা পাত্ৰ [1] । বৰ্ণনাকাৰীয়ে কৈছে, (মুজাফ্ফাতৰ স্থলত) কেতিয়াবা আল-মুকায়্যাৰ উল্লেখ কৰিছে, দুয়োটা শব্দৰ অৰ্থ একে। তেখেতে আৰু কৈছে– তোমালোকে এই বিষয় কেইটা ভালকৈ মুখস্থ কৰি লোৱা আৰু আনকো অৱগত কৰোৱা।
((সংশ্লিষ্ট হাদীছসমূহ ৮৭, ৫২৩, ১৩৯৮, ৩০৯৫, ৩৫১০, ৪৩৬৮, ৪২৬৯, ৬১৭৬, ৭২৬৬, ৭৫৫৬; মুছলিম ১/৬ হাদীছ নং ১৭) (আ.প্ৰ. ৫১, ই.ফা. ৫১)
[1] এই পাত্ৰবোৰত সেই সময়ত সুৰা প্ৰস্তুৰ কৰা হৈছিল।
পৰিচ্ছেদ : 42হাদীছ - 54 حَدَّثَنَا عَبْدُ اللَّهِ بْنُ مَسْلَمَةَ, قَالَ: أَخْبَرَنَا مَالِكٌ, عَنْ يَحْيَى بْنِ سَعِيدٍ, عَنْ مُحَمَّدِ بْنِ إِبْرَاهِيمَ, عَنْ عَلْقَمَةَ بْنِ وَقَّاصٍ, عَنْ عُمَرَ أَنَّ رَسُولَ اللَّهِ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ قَالَ: «الأَعْمَالُ بِالنِّيَّةِ, وَلِكُلِّ امْرِئٍ مَا نَوَى, فَمَنْ كَانَتْ هِجْرَتُهُ إِلَى اللَّهِ وَرَسُولِهِ فَهِجْرَتُهُ إِلَى اللَّهِ وَرَسُولِهِ, وَمَنْ كَانَتْ هِجْرَتُهُ لدُنْيَا يُصِيبُهَا, أَوِ امْرَأَةٍ يَتَزَوَّجُهَا, فَهِجْرَتُهُ إِلَى مَا هَاجَرَ إِلَيْهِ.... ওমৰ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, আল্লাহৰ ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ “কৰ্মসমূহ সংকল্পৰ লগত সম্পৃক্ত আৰু প্ৰতিজন মানুহৰ প্ৰাপ্য তেওঁৰ সংকল্প অনুযায়ী দিয়া হয়। গতিকে যাৰ হিজৰত হ’ব আল্লাহ আৰু তেওঁৰ ৰাছুলৰ উদ্দেশ্যে, তাৰ হিজৰত আল্লাহ আৰু ৰাছুলৰ উদ্দেশ্যে বুলিয়ে ধৰা হ’ব। আৰু যাৰ হিজৰত হ’ব দুনিয়া অৰ্জনৰ বাবে অথবা কোনো নাৰীক বিবাহ কৰাৰ উদ্দেশ্যে, তেন্তে তাৰ হিজৰত সেই উদ্দেশ্যেই হ’ব যি উদ্দেশ্যে সি হিজৰত কৰিছে”।
((সংশ্লিষ্ট হাদীছ নং ১; মুছলিম ৩৩/৪৫ হাদীছ নং ১৯০৭, আহমদ ১৬৮) (আ.প্ৰ. ৫২, ই.ফা. ৫২)
পৰিচ্ছেদ : 42হাদীছ - 55حَدَّثَنَا حَجَّاجُ بْنُ مِنْهَالٍ, قَالَ: حَدَّثَنَا شُعْبَةُ, قَالَ: أَخْبَرَنِي عَدِيُّ بْنُ ثَابِتٍ, قَالَ: سَمِعْتُ عَبْدَ اللَّهِ بْنَ يَزِيدَ, عَنْ أَبِي مَسْعُودٍ عَنِ النَّبِيِّ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ قَالَ: «إِذَا أَنْفَقَ الرَّجُلُ عَلَى أَهْلِهِ يَحْتَسِبُهَا فَهُوَ لَهُ صَدَقَةٌ.... আবূ মাছউদ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বর্ণিত, আল্লাহৰ ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে: যেতিয়া কোনো মানুহে নিজৰ পৰিয়ালৰ কাৰণে পূণ্যৰ আশাত কৰা খৰছ কৰে তেতিয়া সেইটো তাৰ বাবে হয় চাদাকাহ।
((সংশ্লিষ্ট হাদীছসমূহ ৪০০৬, ৫৩৫১) (আ.প্ৰ. ৫৩, ই.ফা. ৫৩)
পৰিচ্ছেদ : 42হাদীছ - 56 حَدَّثَنَا الحَكَمُ بْنُ نَافِعٍ, قَالَ: أَخْبَرَنَا شُعَيْبٌ, عَنِ الزُّهْرِيِّ, قَالَ: حَدَّثَنِي عَامِرُ بْنُ سَعْدٍ, عَنْ سَعْدِ بْنِ أَبِي وَقَّاصٍ, أَنَّهُ أَخْبَرَهُ أَنَّ رَسُولَ اللَّهِ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ قَالَ: «إِنَّكَ لَنْ تُنْفِقَ نَفَقَةً تَبْتَغِي بِهَا وَجْهَ اللَّهِ إِلَّا أُجِرْتَ عَلَيْهَا, حَتَّى مَا تَجْعَلُ فِي فَمِ امْرَأَتِكَ.... ছা’আদ ইবনু আবি অক্কাচ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বর্ণিত, আল্লাহৰ ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে: ‘তুমি আল্লাহৰ নৈকট্য অর্জনৰ উদ্দেশ্যে যিটোৱে ব্যয় নকৰা কিয়, তোমাক তাৰ প্রতিদান নিশ্চিতৰূপে প্রদান কৰা হ’ব। আনকি তুমি তোমাৰ স্ত্রীৰ মুখত যি তুলি দিয়া তাৰো প্ৰতিদান দিয়া হ’ব’।
(সংশ্লিষ্ট হাদীছসমূহ ১২৯৫, ২৭৪২, ২৭৪৪, ৩৯৩৬, ৪৪০৯, ৫৩৫৪, ৫৬৫৯, ৫৬৬৮, ৬৩৭৩, ৬৭৩৩; মুছলিম ২৫/১ হাদীছ নং ১৬২৮, আহমদ ১৫৪৬) (আ.প্ৰ. ৫৪, ই.ফা. ৫৪)
পৰিচ্ছেদ : 43হাদীছ - 57حَدَّثَنَا مُسَدَّدٌ, قَالَ: حَدَّثَنَا يَحْيَى, عَنْ إِسْمَاعِيلَ, قَالَ: حَدَّثَنِي قَيْسُ بْنُ أَبِي حَازِمٍ, عَنْ جَرِيرِ بْنِ عَبْدِ اللَّهِ, قَالَ: «بَايَعْتُ رَسُولَ اللَّهِ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ عَلَى إِقَامِ الصَّلاَةِ, وَإِيتَاءِ الزَّكَاةِ, وَالنُّصْحِ لِكُلِّ مُسْلِمٍ.... জাৰীৰ বিন ‘আব্দুল্লাহ (আল-বাজালী) ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বর্ণিত, তেখেতে কৈছে: মই আল্লাহৰ ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওচৰত বায়‘আত গ্রহণ কৰিছো ছালাত প্ৰতিষ্ঠা কৰাৰ, যাকাত প্রদান কৰাৰ আৰু সকলো মুছলিমৰ মঙ্গল কামনা কৰাৰ ওপৰত।
(সংশ্লিষ্ট হাদীছসমূহ ৫২৪, ১৪০১, ২১৫৭, ২৭১৪, ২৭১৫, ৭২০৪; মুছলিম ১/২৩ হাদীছ নং ৫৬, আহমদ ৩২৮১) (আ.প্ৰ. ৫৫, ই.ফা. ৫৫)
পৰিচ্ছেদ : 43হাদীছ - 58 حَدَّثَنَا أَبُو النُّعْمَانِ, قَالَ: حَدَّثَنَا أَبُو عَوَانَةَ, عَنْ زِيَادِ بْنِ عِلاَقَةَ, قَالَ: سَمِعْتُ جَرِيرَ بْنَ عَبْدِ اللَّهِ, يَقُولُ يَوْمَ مَاتَ المُغِيرَةُ بْنُ شُعْبَةَ, قَامَ فَحَمِدَ اللَّهَ وَأَثْنَى عَلَيْهِ, وَقَالَ: عَلَيْكُمْ بِاتِّقَاءِ اللَّهِ وَحْدَهُ لاَ شَرِيكَ لَهُ, وَالوَقَارِ, وَالسَّكِينَةِ, حَتَّى يَأْتِيَكُمْ أَمِيرٌ, فَإِنَّمَا يَأْتِيكُمُ الآنَ. ثُمَّ قَالَ: اسْتَعْفُوا لِأَمِيرِكُمْ, فَإِنَّهُ كَانَ يُحِبُّ العَفْوَ, ثُمَّ قَالَ: أَمَّا بَعْدُ, فَإِنِّي أَتَيْتُ النَّبِيَّ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ قُلْتُ: أُبَايِعُكَ عَلَى الإِسْلاَمِ فَشَرَطَ عَلَيَّ: «وَالنُّصْحِ لِكُلِّ مُسْلِمٍ» فَبَايَعْتُهُ عَلَى هَذَا, وَرَبِّ هَذَا المَسْجِدِ إِنِّي لَنَاصِحٌ لَكُمْ, ثُمَّ اسْتَغْفَرَ وَنَزَلَ.... যিয়াদ ইবনু ইলাকা ৰাহিমাহুল্লাহৰ পৰা বৰ্ণিত, তেখেতে কৈছে- 'মুগীৰাহ ইবনু শু'বাহ ৰাদ্বিয়াল্লাহু আনহুৰ ইন্তেকালৰ দিনা মই জাৰীৰ ইবনু আব্দুল্লাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা শুনিছো, তেখেতে মিম্বৰত থিয় হৈ আল্লাহৰ প্ৰশংসা আৰু চানা বৰ্ণনা কৰি কৈছিল- তোমালোকে এক আল্লাহক ভয় কৰা যাৰ কোনো অংশীদাৰ নাই আৰু নতুন নেতাৰ আগমন নোহোৱালৈকে শৃংখলা বজাই ৰাখিবা অতি সোনকালে তোমালোকৰ নেতাৰ আগমন হ’ব'। তাৰ পিছত তেখেতে ক’লে, তোমালোকৰ নেতাৰ বাবে ক্ষমা প্ৰাৰ্থনা কৰা, কাৰণ তেওঁ ক্ষমা কৰা পছন্দ কৰে। তাৰ পিছত ক’লে (আম্মা বা’দু)- 'এদিনাখন মই আল্লাহৰ ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওচৰত আহি আৰজ কৰিলো, মই আপোনাৰ ওচৰত ইছলামৰ ওপৰত বায়'আত লব বিচাৰো'। তেখেতে অন্যান্য বিষয়ৰ সৈতে মোৰ ওপৰত চৰ্ত দি ক’লে- 'সকলো মুছলিমৰ বাবে মঙ্গল কামনা কৰিবা'। মই তেতিয়া উক্ত চৰ্তৰ ওপৰত তেখেতৰ ওচৰত বায়'আত ল’লো। 'এই মছজিদৰ প্ৰতিপালকৰ শপত! মই তোমালোকৰ মঙ্গলকামনাকাৰী'। তাৰ পিছত তেখেতে আল্লাহৰ ওচৰত ক্ষমা প্ৰাৰ্থনা কৰিলে আৰু মিম্বৰৰ পৰা নামি আহিল।
(সংশ্লিষ্ট হাদীছ নং ৫৮)। (আ.প্ৰ. ৫৬, ই.ফা. ৫৬)।