chapter-note-beforechapterchapter-note-afterhadith-numberhadith-arabichadith-assamesehadith-note
পৰিচ্ছেদঃ ১- ইল্ম বা জ্ঞান অৰ্জন কৰাৰ গুৰুত্বوَقَوْلِ اللهِ تَعَالَى }يَرْفَعْ اللهُ الَّذِينَ آمَنُوا مِنْكُمْ وَالَّذِينَ أُوتُوا الْعِلْمَ دَرَجَاتٍ وَاللهُ بِمَا تَعْمَلُونَ خَبِيرٌ{وَقَوْلِهِ عَزَّ وَجَلَّ وَقُلْ }رَبِّ زِدْنِي عِلْمًا{আল্লাহ তা’আলাৰ বাণীঃ “তোমালোকৰ ভিতৰত যিসকলে ঈমান আনিছে, আৰু যিসকলক জ্ঞান দান কৰা হৈছে, আল্লাহে তেওঁলোকক উচ্চ মৰ্যাদা প্ৰদান কৰিব। আৰু তোমালোকৰ কাৰ্য্যকলাপ সম্পৰ্কে আল্লাহ সবিশেষ অৱহিত।” (ছুৰা আল-মুজাদালাহঃ ১১)
পৱিত্ৰ কোৰআনত আৰু কোৱা হৈছেঃ “হে মোৰ প্ৰতিপালক! মোৰ জ্ঞান বৃদ্ধি কৰি দিয়া”। (ছুৰা ত্বাহাঃ ১১৪)
পৰিচ্ছেদঃ ২- আলোচনা চলি থকা অৱস্থাত ইল্ম সম্পৰ্কে প্ৰশ্ন উত্থাপন কৰিলে আলোচনাৰ শেষত প্ৰশ্ন কাৰীক উত্তৰ দিয়া সম্পৰ্কেহাদীছ - 59حَدَّثَنَا مُحَمَّدُ بْنُ سِنَانٍ، قَالَ: حَدَّثَنَا فُلَيْحٌ، ح وحَدَّثَنِي إِبْرَاهِيمُ بْنُ المُنْذِرِ، قَالَ: حَدَّثَنَا مُحَمَّدُ بْنُ فُلَيْحٍ، قَالَ: حَدَّثَنِي أَبِي قَالَ: حَدَّثَنِي هِلاَلُ بْنُ عَلِيٍّ، عَنْ عَطَاءِ بْنِ يَسَارٍ، عَنْ أَبِي هُرَيْرَةَ قَالَ: بَيْنَمَا النَّبِيُّ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ فِي مَجْلِسٍ يُحَدِّثُ القَوْمَ، جَاءَهُ أَعْرَابِيٌّ فَقَالَ: مَتَى السَّاعَةُ؟ فَمَضَى رَسُولُ اللَّهِ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ يُحَدِّثُ، فَقَالَ بَعْضُ القَوْمِ: سَمِعَ مَا قَالَ فَكَرِهَ مَا قَالَ. وَقَالَ بَعْضُهُمْ: بَلْ لَمْ يَسْمَعْ، حَتَّى إِذَا قَضَى حَدِيثَهُ قَالَ: «أَيْنَ - أُرَاهُ - السَّائِلُ عَنِ السَّاعَةِ» قَالَ: هَا أَنَا يَا رَسُولَ اللَّهِ، قَالَ: «فَإِذَا ضُيِّعَتِ الأَمَانَةُ فَانْتَظِرِ السَّاعَةَ»، قَالَ: كَيْفَ إِضَاعَتُهَا؟ قَالَ: «إِذَا وُسِّدَ الأَمْرُ إِلَى غَيْرِ أَهْلِهِ فَانْتَظِرِ السَّاعَةَ.আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেখেতে কৈছে: এদিনাখন আল্লাহৰ ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামে এখন মজলিচত জনসন্মুখত আলোচনা কৰি থাকোঁতে এজন বেদুইনে তেখেতৰ ওচৰলৈ আহি সুধিলে– “কিয়ামত কেতিয়া সংঘটিত হ’ব”? আল্লাহৰ ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামে কোনো উত্তৰ নিদি আলোচনা অব্যাহত ৰাখিলে। তাকে দেখি কিছুমান লোকে ক’ব ধৰিলে যে, মানুহজনে যি প্ৰশ্ন কৰিছে সেয়া আল্লাহৰ ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামে শুনিছে কিন্তু তাৰ প্ৰশ্নটো তেখেতে পছন্দ কৰা নাই আকৌ কিছুমানে ক’লে যে, তেখেতে হয়তো প্ৰশ্নটো শুনাই পোৱা নাই। আলোচনা শেষ হোৱাৰ পিছত আল্লাহৰ ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামে সুধিলে– “কিয়ামত সম্পৰ্কে প্ৰশ্ন কৰা মানুহ জন ক’ত”? তেওঁ উত্তৰ দিলে– ‘হে আল্লাহৰ ৰাছুল, মই ইয়াতে আছোঁ’,তেতিয়া আল্লাহৰ ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামে ক’লে– “যেতিয়া আল-আমানাহ অৰ্থাৎ সততা, বিশ্বাস বা মানসিক দায়িত্ব আৰু আল্লাহে নিৰ্দেশ কৰা সকলো কৰ্তব্য হেৰাই যাব, তেতিয়াই শেষ বিচাৰৰ দিন সমাগত”। বেদুইনজনে পুনৰ সুধিলে– “কেনেকৈ হেৰাই যাব”? ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে ক’লে– “যেতিয়া ক্ষমতা বা কৰ্ত্তৃত্ব অনুপযুক্ত মানুহৰ হাতলৈ গুচি যাব, তেতিয়াই কিয়ামতৰ অপেক্ষা কৰিবা।”
(সংশ্লিষ্ট হাদীছঃ ৬৪৯৬)
পৰিচ্ছেদঃ ৩- উচ্চস্বৰে ইল্মৰ আলোচনা।হাদীছ - 60حَدَّثَنَا أَبُو النُّعْمَانِ عَارِمُ بْنُ الفَضْلِ، قَالَ: حَدَّثَنَا أَبُو عَوَانَةَ، عَنْ أَبِي بِشْرٍ، عَنْ يُوسُفَ بْنِ مَاهَكَ، عَنْ عَبْدِ اللَّهِ بْنِ عَمْرٍو، قَالَ: تَخَلَّفَ عَنَّا النَّبِيُّ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ فِي سَفْرَةٍ سَافَرْنَاهَا فَأَدْرَكَنَا - وَقَدْ أَرْهَقَتْنَا الصَّلاَةُ - وَنَحْنُ نَتَوَضَّأُ، فَجَعَلْنَا نَمْسَحُ عَلَى أَرْجُلِنَا، فَنَادَى بِأَعْلَى صَوْتِهِ: «وَيْلٌ لِلْأَعْقَابِ مِنَ النَّارِ» مَرَّتَيْنِ أَوْ ثَلَاثًا.আব্দুল্লাহ বিন আমৰ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেখেতে কৈছে, কোনো এখন ভ্ৰমণত ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লাম আমাতকৈ পিছ পৰি গৈছিল আৰু কিছু সময় পিছত আমাৰ ওচৰলৈ আহি পাইছিল, ইফালে আমি (আচৰৰ) চালাত আদায় কৰোঁতে পলম কৰি পেলাইছিলোঁ আৰু আমি অজু কৰি আছিলোঁ। আমি কোনোমতে পানীৰে আমাৰ ভৰি তিয়াইছিলোঁ, তাকে দেখি ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে উচ্চস্বৰে ক’লে– “পানীৰে নিতিতা বা শুকান হৈ থকা ভৰিৰ গুৰুহাৰ বাবে জাহান্নামত শাস্তি ভুগিব লাগিব”।এই কথা দুই অথবা তিনিবাৰ কৈছিল।
(সংশ্লিষ্ট হাদীছসমূহঃ ৯৬, ১৬৩; মুছলিম ২/৯ হাদীছ নং ২৪১, আহমদ ৬৮২৩)
পৰিচ্ছেদঃ ৪-মুহাদ্দিছৰ উক্তি: হাদ্দাচানা, আখবাৰানা ও আম্বাআনাহুমাইদী ৰাহিমাহুল্লাহে বৰ্ণনা কৰিছে যে, ইবনু ওৱাইনাহ ৰাহিমাহুল্লাহৰ মতে حَدَّثَنَا وَأَخْبَرَنَا وَأَنْبَأَنَا وَسَمِعْتُ একে অৰ্থবোধক। ইবনু মাচউদ ৰাদ্বিয়াল্লাহু আনহুৱে কৈছে, حَدَّثَنَا رَسُولُ اللهِ صلى الله عليه وسلم وَهُوَ الصَّادِقُ الْمَصْدُوقُ আল্লাহৰ ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামে আমাৰ ওচৰত হাদীছ বৰ্ণনা কৰিছে; তেখেত সত্যবাদী আৰু সত্যবাদীৰূপে স্বীকৃত। শ্বাক্বীক্ব ৰাহিমাহুল্লাহে আব্দুল্লাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণনা কৰিছে, سَمِعْتُ النَّبِيَّ صلى الله عليه وسلم كَلِمَةً ‘মই নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৰা এনে উক্তি শুনিছোঁ’……। হুযাইফাহ ৰাদ্বিয়াল্লাহু আনহুৱে কৈছে, حَدَّثَنَا رَسُولُ اللهِ حَدِيثَيْنِ‘আল্লাহৰ ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামে আমাৰ ওচৰত দুটা হাদীছ বৰ্ণনা কৰিছিল। আবুল আলিয়াহ ৰাহিমাহুল্লাহে ইবনু আব্বাছ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণনা কৰিছে, يَرْوِي عَنْ رَبِّهِ عَنِ النَّبِيِّ صلى الله عليه وسلم ‘নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৰা তেখেতে তেখেতৰ প্ৰতিপালকৰ পৰা বৰ্ণনা কৰিছে........। আনাছ ৰাদ্বিয়াল্লাহু আনহুৱে কৈছে,عَنِ النَّبِيِّ صلى الله عليه وسلم فِيمَا يَرْوِيهِ عَنْ رَبِّهِ عَزَّ وَجَلَّ ‘নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৰা যিটো তেখেতে তেখেতৰ প্ৰতিপালকৰ পৰা বৰ্ণনা কৰিছে........। আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৱে কৈছে, عَنِ النَّبِيِّ صلى الله عليه وسلم يَرْوِيهِ عَنْ رَبِّكُمْ عَزَّ وَجَلَّ ‘নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৰা বৰ্ণিত যিটো তেখেতে তোমালোকৰ সৰ্বশক্তিমান আৰু সুমহান প্ৰতিপালকৰ পৰা বৰ্ণনা কৰিছে..........।হাদীছ - 61حَدَّثَنَا قُتَيْبَةُ بْنُ سَعِيدٍ، حَدَّثَنَا إِسْمَاعِيلُ بْنُ جَعْفَرٍ، عَنْ عَبْدِ اللَّهِ بْنِ دِينَارٍ، عَنِ ابْنِ عُمَرَ، قَالَ: قَالَ رَسُولُ اللَّهِ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ: «إِنَّ مِنَ الشَّجَرِ شَجَرَةً لاَ يَسْقُطُ وَرَقُهَا، وَإِنَّهَا مَثَلُ المُسْلِمِ، فَحَدِّثُونِي مَا هِيَ» فَوَقَعَ النَّاسُ فِي شَجَرِ البَوَادِي قَالَ عَبْدُ اللَّهِ: وَوَقَعَ فِي نَفْسِي أَنَّهَا النَّخْلَةُ، فَاسْتَحْيَيْتُ، ثُمَّ قَالُوا: حَدِّثْنَا مَا هِيَ يَا رَسُولَ اللَّهِ قَالَ: «هِيَ النَّخْلَةُ.ইবনু ওমৰ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেখেতে কৈছেঃ এদিনাখন আল্লাহৰ ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামে সুধিছিল যে, গছ-গছনিৰ মাজত এনেকুৱা এজোপা গছ আছে, যাৰ পাত নসৰে আৰু সেই গছজোপা মুছলিমৰ উদাহৰণ, তোমালোকে কোৱাচোন সেইজোপা কি গছ? তেতিয়া সকলোৱে জঙ্গলত থকা গছ গছনিৰ নাম মনত পেলাবলৈ ধৰিলে। আব্দুল্লাহ ৰাদ্বিয়াল্লাহু আনহু কৈছে, তেওঁৰ ধাৰণা হৈছিল সেইজোপা হৈছে খেজুৰ গছ, কিন্তু তেওঁ সৰু হোৱাৰ বাবে ক’বলৈ লাজ কৰিছিল। তেনেতে ছাহাবাসকলে ক’লে– ‘হে আল্লাহৰ ৰাছুল! আপুনিয়ে আমাক কওক সেইজোপা কি গছ’? তেখেতে ক’লে– ‘সেইজোপা হৈছে, খেজুৰ গছ’।
(সংশ্লিষ্ট হাদীছসমূহঃ ৬২, ৭২, ১৩১, ২২০৯, ৪৬৯৮, ৫৪৪৪, ৫৪৪৮, ৬১২২, ৬১৪৪, মুছলিম ৫০/১৫ হাদীছ নং ২৮১১, আহমদ ৬৪৭৭)
পৰিচ্ছেদঃ ৫- শিক্ষাৰ্থীৰ জ্ঞান পৰীক্ষা কৰাৰ উদ্দেশ্যে শিক্ষকে কোনো বিষয় উত্থাপন কৰাহাদীছ - 62حَدَّثَنَا خَالِدُ بْنُ مَخْلَدٍ، حَدَّثَنَا سُلَيْمَانُ، حَدَّثَنَا عَبْدُ اللَّهِ بْنُ دِينَارٍ، عَنِ ابْنِ عُمَرَ، عَنِ النَّبِيِّ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ قَالَ: «إِنَّ مِنَ الشَّجَرِ شَجَرَةً لاَ يَسْقُطُ وَرَقُهَا، وَإِنَّهَا مَثَلُ المُسْلِمِ، حَدِّثُونِي مَا هِيَ» قَالَ: فَوَقَعَ النَّاسُ فِي شَجَرِ البَوَادِي قَالَ عَبْدُ اللَّهِ: فَوَقَعَ فِي نَفْسِي أَنَّهَا النَّخْلَةُ، فَاسْتَحْيَيْتُ، ثُمَّ قَالُوا: حَدِّثْنَا مَا هِيَ يَا رَسُولَ اللَّهِ، قَالَ: «هِيَ النَّخْلَةُ.ইবনু ওমৰ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেখেতে কৈছেঃ এদিনাখন আল্লাহৰ ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামে সুধিছিল যে, গছ-গছনিৰ মাজত এনেকুৱা এজোপা গছ আছে, যাৰ পাত নসৰে আৰু সেই গছজোপা হৈছে মুছলিমৰ উদাহৰণ, তোমালোকে কোৱাচোন সেইজোপা কি গছ? তেতিয়া সকলোৱে জঙ্গলত থকা গছ-গছনিৰ নাম মনত পেলাবলৈ ধৰিলে।আব্দুল্লাহ ৰাদ্বিয়াল্লাহু আনহুৱে কৈছে, তেওঁৰ ধাৰণা হৈছিল সেইজোপা হৈছে খেজুৰ গছ, কিন্তু তেওঁ সৰু হোৱাৰ বাবে ক’বলৈ লাজ কৰিছিল। তেনেতে ছাহাবসকলে ক’লে– ‘হে আল্লাহৰ ৰাছুল! আপুনিয়ে আমাক কওক সেইজোপা কি গছ’? তেখেতে ক’লে– ‘সেইজোপা হৈছে, খেজুৰ গছ’।
(সংশ্লিষ্ট হাদীছঃ ৬১)
পৰিচ্ছেদঃ৬– হাদীছ অধ্যয়ন আৰু মুহাদ্দিছৰ সন্মুখত সেয়া বৰ্ণনা কৰাহাছান (বাছৰী), ছুফিয়ান ছাউৰী আৰু মালিক ৰাহিমাহুল্লাহৰ মতে মুহাদ্দিছৰ সন্মুখত পাঠ কৰা বৈধ। কিছু সংখ্যক মুহাদ্দিছে ওস্তাদৰ সন্মুখত পাঠ কৰাৰ সপক্ষে যিমাম ইবনু চা’লবা ৰাদ্বিয়াল্লাহু আনহুৰ হাদীছ বৰ্ণনা কৰিছে। তেখেতে আল্লাহৰ ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামক কৈছিল– “পাঁচ ওৱাক্ত চালাত আদায় কৰা সম্পৰ্কে আল্লাহে আপোনাক নিৰ্দেশ দিছে নেকি? তেখেতে কৈছিল– “হয়”। বৰ্ণনাকাৰীয়ে কৈছে– এইবোৰেই আল্লাহৰ ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামৰ সন্মুখত পাঠ কৰা বুজায়। যিমাম ৰাদ্বিয়াল্লাহু আনহুৱে তেখেতৰ জাতিৰ লোকসকলৰ আগত এই নিৰ্দেশসমূহ অৱগত কৰে আৰু তেখেতসকলে সেয়া মানি লয়। (ইমাম) মালিক ৰাহিমাহুল্লাহে তেখেতৰ মতৰ সমৰ্থনত লিখিত দলীলক প্ৰমাণ হিচাপে বৰ্ণনা কৰিছে, যিবোৰ মানুহৰ সন্মুখত পাঠ কৰা হ’লে তেখেতসকলে কয়, “অমুকে আমাক সাক্ষী বনাইছে”। শিক্ষকৰ সন্মুখত পাঠ কৰাত পাঠকে কয়, “অমুকে মোক পঢ়োৱাইছে”।
হাছান (বছৰী) ৰাহিমাহুল্লাহৰ পৰা বৰ্ণিত, তেখেতে কৈছেঃ শিক্ষকৰ সন্মুখত শিক্ষাৰ্থীয়ে পাঠ কৰাত কোনো বাধা নাই। উবাইদুল্লাহ ইবনু মুছা ৰাহিমাহুল্লাহে ছুফিয়ান ৰাহিমাহুল্লাহৰ জৰিয়তে বৰ্ণনা কৰিছে যে, তেখেতে কৈছে, যেতিয়া মুহাদ্দিছৰ সন্মুখত (কোনো হাদীছ) পাঠ কৰা হয় তেতিয়া “হাদ্দাছানী (অৰ্থাৎ তেখেতে মোৰ ওচৰত হাদীছ বৰ্ণনা কৰিছে) বুলি কোৱাত কোনো আপত্তি নাই। বৰ্ণনাকাৰীয়ে কৈছে– “মই আবু আচিমক মালিক আৰু ছুফিয়ান ৰাহিমাহুমাল্লাহৰ পৰা বৰ্ণনা কৰা শুনিছোঁ যে, “শিক্ষকৰ সন্মুখত পাঠ কৰা অথবা শিক্ষকে নিজেই পাঠ কৰা একেই পৰ্যায়ভুক্ত”।
হাদীছ - 63حَدَّثَنَا عَبْدُ اللَّهِ بْنُ يُوسُفَ، قَالَ: حَدَّثَنَا اللَّيْثُ، عَنْ سَعِيدٍ هُوَ المَقْبُرِيُّ، عَنْ شَرِيكِ بْنِ عَبْدِ اللَّهِ بْنِ أَبِي نَمِرٍ، أَنَّهُ سَمِعَ أَنَسَ بْنَ مَالِكٍ، يَقُولُ: بَيْنَمَا نَحْنُ جُلُوسٌ مَعَ النَّبِيِّ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ فِي المَسْجِدِ، دَخَلَ رَجُلٌ عَلَى جَمَلٍ، فَأَنَاخَهُ فِي المَسْجِدِ ثُمَّ عَقَلَهُ، ثُمَّ قَالَ لَهُمْ: أَيُّكُمْ مُحَمَّدٌ؟ وَالنَّبِيُّ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ مُتَّكِئٌ بَيْنَ ظَهْرَانَيْهِمْ، فَقُلْنَا: هَذَا الرَّجُلُ الأَبْيَضُ المُتَّكِئُ. فَقَالَ لَهُ الرَّجُلُ: يَا ابْنَ عَبْدِ المُطَّلِبِ فَقَالَ لَهُ النَّبِيُّ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ: «قَدْ أَجَبْتُكَ». فَقَالَ الرَّجُلُ لِلنَّبِيِّ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ: إِنِّي سَائِلُكَ فَمُشَدِّدٌ عَلَيْكَ فِي المَسْأَلَةِ، فَلاَ تَجِدْ عَلَيَّ فِي نَفْسِكَ؟ فَقَالَ: «سَلْ عَمَّا بَدَا لَكَ» فَقَالَ: أَسْأَلُكَ بِرَبِّكَ وَرَبِّ مَنْ قَبْلَكَ، آللَّهُ أَرْسَلَكَ إِلَى النَّاسِ كُلِّهِمْ؟ فَقَالَ: «اللَّهُمَّ نَعَمْ». قَالَ: أَنْشُدُكَ بِاللَّهِ، آللَّهُ أَمَرَكَ أَنْ نُصَلِّيَ الصَّلَوَاتِ الخَمْسَ فِي اليَوْمِ وَاللَّيْلَةِ؟ قَالَ: «اللَّهُمَّ نَعَمْ». قَالَ: أَنْشُدُكَ بِاللَّهِ، آللَّهُ أَمَرَكَ أَنْ نَصُومَ هَذَا الشَّهْرَ مِنَ السَّنَةِ؟ قَالَ: «اللَّهُمَّ نَعَمْ». قَالَ: أَنْشُدُكَ بِاللَّهِ، آللَّهُ أَمَرَكَ أَنْ تَأْخُذَ هَذِهِ الصَّدَقَةَ مِنْ أَغْنِيَائِنَا فَتَقْسِمَهَا عَلَى فُقَرَائِنَا؟ فَقَالَ النَّبِيُّ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ: «اللَّهُمَّ نَعَمْ». فَقَالَ الرَّجُلُ: آمَنْتُ بِمَا جِئْتَ بِهِ، وَأَنَا رَسُولُ مَنْ وَرَائِي مِنْ قَوْمِي، وَأَنَا ضِمَامُ بْنُ ثَعْلَبَةَ أَخُو بَنِي سَعْدِ بْنِ بَكْرٍ وَرَوَاهُ مُوسَى بْنُ إِسْمَاعِيلَ، وَعَلِيُّ بْنُ عَبْدِ الحَمِيدِ، عَنْ سُلَيْمَانَ بْنِ المُغِيرَةِ، عَنْ ثَابِتٍ، عَنْ أَنَسٍ، عَنِ النَّبِيِّ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ بِهَذَا.আনাছ ইবনু মালিক ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেখেতে কৈছে: এদিনাখন আমি মছজিদত আল্লাহৰ ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামৰ সৈতে বহি আছিলোঁ। তেতিয়া এজন ব্যক্তি উটত আৰোহণ কৰি আহি মছজিদ প্ৰাঙ্গনত প্ৰৱেশ কৰি উটটো বান্ধি ছাহাবাসকলৰ পিনে লক্ষ্য কৰি সুধিলে– “আপোনালোকৰ মাজত মুহাম্মদ কোন? সেই সময়ত আল্লাহৰ ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লাম তেওঁলোকৰ ওচৰতেই আউজি বহি আছিল।আমি ক’লোঁ, “আউজি বহা বগাকৈ সেই ধুনীয়া ব্যক্তিজনেই হৈছে তেখেত”।
তেতিয়া ব্যক্তিজনে তেখেতক লক্ষ্য কৰি ক’লে– “হে আব্দুল মুত্তালিবৰ পুত্ৰ”! ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে ক’লে– “মই আপোনাৰ প্ৰশ্নৰ উত্তৰ দিবলৈ সাজু আছোঁ”। তেতিয়া ব্যক্তিজনে ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামক উদ্দেশ্যি ক’লে– “মই আপোনাক কেইটামান কঠিন প্ৰশ্ন কৰিব বিচাৰোঁ, ফলত আপুনি যেন মোৰ ওপৰত অসন্তুষ্ট নহয়”। ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে ক’লে– “আপোনাৰ যি প্ৰশ্ন কৰিব মন যায় কৰক।”তেতিয়া ব্যক্তিজনে ক’লে– “মই আপোনাৰ আৰু আপোনাৰ পূৰ্বৱৰ্ত্তীসকলৰ প্ৰতিপালকৰ শপত খাই সুধিব বিচাৰোঁ যে, আল্লাহে আপোনাক সমগ্ৰ মানৱ জাতিৰ প্ৰতি ৰাছুল হিচাপে প্ৰেৰণ কৰিছে নেকি? ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে ক’লে– “আল্লাহক সাক্ষী থৈ কৈছোঁ, হয়, নিশ্চয়”। তেতিয়া ব্যক্তিজনে পুনৰ প্ৰশ্ন কৰিলে– “মই আপোনাক আল্লাহৰ শপত খাই সুধিছোঁ, আমাক দিনে আৰু ৰাতি পাঁচ বাৰ ছালাত আদায় কৰিবলৈ আল্লাহে নিৰ্দেশ দিছে নেকি”? তেখেতে উত্তৰ দিলে–“আল্লাহক সাক্ষী থৈ কৈছোঁ, হয়”। তেতিয়া ব্যক্তিজনে পুনৰ সুধিলে– “মই আপোনাক আল্লাহৰ শপত খাই সুধিছোঁ, আল্লাহে আমাক বছৰৰ এটা মাহ (ৰমজান)ত চিয়াম পালন কৰিবলৈ নিৰ্দেশ দিছে নেকি”? তেখেতে উত্তৰ দিলে–“আল্লাহক সাক্ষী থৈ কৈছোঁ, হয়, নিৰ্দেশ দিছে”। ব্যক্তিজনে আকৌ সুধিলে– “মই আপোনাক আল্লাহৰ শপত খাই সুধিছোঁ, আল্লাহে আপোনাক ধনী মানুহৰ পৰা যাকাত সংগ্ৰহ কৰি দুখীয়া মানুহৰ মাজত বিতৰণ কৰিবলৈ নিৰ্দেশ দিছে নেকি? উত্তৰত তেখেতে ক’লে–“আল্লাহক সাক্ষী থৈ কৈছোঁ, হয় দিছে”। তাৰ পিছত সেই ব্যক্তিজনে ক’লে– “আপোনালৈ অহা নিৰ্দেশৰ (চৰীয়তৰ) ওপৰত মই ঈমান আনিছোঁ, মই মোৰ গোত্ৰৰ মানুহখিনিৰ প্ৰতিনিধি হিচাপে আহিছোঁ, মোৰ নাম যিমাম ইবনু চা’লাবা ‘বনি চা’দ ইবনু বকৰ’ গোত্ৰৰ ভাতৃ।
মুছা আৰু আলী ইবনু আব্দুল হামীদ ৰাহিমাহুল্লাহে ছুলাইমান বিন মুগীৰাৰ পৰা তেওঁ ছাবিতৰ পৰা আৰু তেওঁ আনাছ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা আৰু আনাছ ৰাদ্বিয়াল্লাহু আনহুৱে নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৰা অনুৰূপ বৰ্ণনা কৰিছে।
পৰিচ্ছেদঃ ৭-শ্বায়খ কৰ্তৃক ছাত্ৰক হাদীছৰ কিতাপ প্ৰদান কৰা আৰু আলিমৰ পৰা ‘ইল্মৰ কথা লিখি বিভিন্ন দেশত প্ৰচাৰ কৰা সম্পৰ্কে।আনাছ ৰাদ্বিয়াল্লাহু আনহুৱে কৈছেঃ উচমান ৰাদ্বিয়াল্লাহু আনহুৱে কোৰআনৰ কিছুমান প্ৰতিলিপি প্ৰস্তুত কৰি বিভিন্ন দেশলৈ প্ৰেৰণ কৰিছিল। আব্দুল্লাহ ইবনু ওমৰ ৰাদ্বিয়াল্লাহু আনহু, ইয়াহইয়া ইবনু ছা’ঈদ আৰু মালিক ৰাহিমাহুল্লাহে এই কাৰ্যক বৈধ বুলি ভাবিছে। হিযাজবাসীসকলৰ কিছুমানে মুনাৱালাহ বা নিৰ্দ্দিষ্ট ছাত্ৰক হাদীছ বৰ্ণনাৰ অনুমতি প্ৰদানৰ ক্ষেত্ৰত নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ এই হাদীছৰ সহায়ত দলীল দিয়ে যে, তেখেতে এটা সেনাদলৰ প্ৰধানক এখন চিঠি দি কৈছিল যে, তুমি অমুক স্থানত উপস্থিত নোহোৱালৈকে চিঠিখন কেতিয়াও নপঢ়িবা। ফলত সেনা প্ৰধানজনে উক্ত স্থানত উপস্থিত হোৱাৰ পিছত জনগণৰ সন্মুখত চিঠিখন পঢ়ি শুনায় আৰু আল্লাহৰ ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামৰ নিৰ্দেশনা তেওঁলোকক জনাই দিয়ে।হাদীছ - 64حَدَّثَنَا إِسْمَاعِيلُ بْنُ عَبْدِ اللَّهِ، قَالَ: حَدَّثَنِي إِبْرَاهِيمُ بْنُ سَعْدٍ، عَنْ صَالِحٍ، عَنِ ابْنِ شِهَابٍ، عَنْ عُبَيْدِ اللَّهِ بْنِ عَبْدِ اللَّهِ بْنِ عُتْبَةَ بْنِ مَسْعُودٍ، أَنَّ عَبْدَ اللَّهِ بْنَ عَبَّاسٍ أَخْبَرَهُ أَنَّ رَسُولَ اللَّهِ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ " بَعَثَ بِكِتَابِهِ رَجُلًا وَأَمَرَهُ أَنْ يَدْفَعَهُ إِلَى عَظِيمِ البَحْرَيْنِ فَدَفَعَهُ عَظِيمُ البَحْرَيْنِ إِلَى كِسْرَى، فَلَمَّا قَرَأَهُمَزَّقَهُ فَحَسِبْتُ أَنَّ ابْنَ المُسَيِّبِ قَالَ: فَدَعَا عَلَيْهِمْ رَسُولُ اللَّهِ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ «أَنْ يُمَزَّقُوا كُلَّ مُمَزَّقٍ.আব্দুল্লাহ ইবনু আব্বাছ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, আল্লাহৰ ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামে জনৈক ব্যক্তিক চিঠি এখন দি বাহৰাইনৰ গভৰ্ণৰক প্ৰদান কৰিবলৈ নিৰ্দেশ দিলে। বাহৰাইনৰ গভৰ্ণৰে চিঠিখন পাৰস্যৰ সম্ৰাটক প্ৰদান কৰিলে। কিন্তু তেওঁ চিঠিখন পঢ়াৰ পিছত টুকুৰা টুকুৰকৈ ছিঙি পেলালে। [বৰ্ণনাকাৰী ইবনু শ্বিহাবে কৈছে] মোৰ মনত পৰে যে, ইবনু মুছাইয়্যিব ৰাহিমাহুল্লাহে কৈছেঃ (এই ঘটনাৰ খবৰ পাই) আল্লাহৰ ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামে সিহঁতৰ ওপৰত বদদু’আ কৰিছে যে, সিহঁতকো যেন সম্পূৰ্ণৰূপে টুকুৰা টুকুৰ কৰি পেলোৱা হয়।
(সংশ্লিষ্ট হাদীছসমূহঃ ২৯৩৯, ৪৪২৪, ৭২৬৪ )
হাদীছ - 65حَدَّثَنَا مُحَمَّدُ بْنُ مُقَاتِلٍ أَبُو الحَسَنِ المَرْوَزِيُّ، أَخْبَرَنَا عَبْدُ اللَّهِ، قَالَ: أَخْبَرَنَا شُعْبَةُ، عَنْ قَتَادَةَ، عَنْ أَنَسِ بْنِ مَالِكٍ، قَالَ: كَتَبَ النَّبِيُّ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ كِتَابًا - أَوْ أَرَادَ أَنْ يَكْتُبَ - فَقِيلَ لَهُ: إِنَّهُمْ لاَ يَقْرَءُونَ كِتَابًا إِلَّا مَخْتُومًا، فَاتَّخَذَ خَاتَمًا مِنْ فِضَّةٍ، نَقْشُهُ: مُحَمَّدٌ رَسُولُ اللَّهِ، كَأَنِّي أَنْظُرُ إِلَى بَيَاضِهِ فِي يَدِهِ، فَقُلْتُ لِقَتَادَةَ مَنْ قَالَ: نَقْشُهُ مُحَمَّدٌ رَسُولُ اللَّهِ؟ قَالَ أَنَسٌ.আনাছ ইবনু মালিক ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেখেতে কৈছেঃ নবী চাল্লাল্লাহু আলাইহি অছাল্লামে এখন পত্ৰ লিখিলে অথবা লিখিবলৈ ইচ্ছা প্ৰকাশ কৰিলে। তেতিয়া তেখেতক কোৱা হ’ল, সিহঁতে (ৰোমবাসী আৰু অনাৰবীসকলে) চীল মোহৰ নথকা কোনো পত্ৰ পাঠ নকৰে। ফলত তেখেতে ৰূপৰ আঙুঠি এটা (মোহৰ হিচাপে) তৈয়াৰ কৰি ল’লে, য’ত খোদিত আছিল (মুহাম্মাদুৰ ৰাছুলুল্লাহ)। মই যেনিবা তেখেতৰ হাতত সেই আঙুঠিৰ শুভ্ৰতা দেখা পাই আছোঁ। [শ্বু’বা ৰাহিমাহুল্লাহে কৈছে) মই কাতাদাহ ৰাহিমাহুল্লাহক ক’লোঁ, মুহাম্মাদুৰ ৰাছুলুল্লাহ লিখা আছিল বুলি কোনে কৈছে? তেখেতে ক’লে– আনাছ ৰাদ্বিয়াল্লাহু আনহুৱে কৈছে।
(সংশ্লিষ্ট হাদীছসমূহঃ ২৯৩৮, ৫৮৭০, ৫৮৭২, ৫৮৭৪, ৫৮৭৫, ৫৮৭৭, ৭১৬২; মুছলিম ৩৭/১২ হাদীছ নং ২০৯২, আহমদ ১২৯৪০)
পৰিচ্ছেদঃ ৮ - মজলিছ বা বৈঠকৰ শেষৰ ফালে বহা আৰু মজলিছৰ মাজত খালী ঠাই দেখি তাত বহা সম্পৰ্কেহাদীছ - 6666- حَدَّثَنَا إِسْمَاعِيلُ، قَالَ: حَدَّثَنِي مَالِكٌ، عَنْ إِسْحَاقَ بْنِ عَبْدِ اللَّهِ بْنِ أَبِي طَلْحَةَ، أَنَّ أَبَا مُرَّةَ، مَوْلَى عَقِيلِ بْنِ أَبِي طَالِبٍ أَخْبَرَهُ عَنْ أَبِي وَاقِدٍ اللَّيْثِيِّ، أَنَّ رَسُولَ اللَّهِ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ بَيْنَمَا هُوَ جَالِسٌ فِي المَسْجِدِ وَالنَّاسُ مَعَهُ إِذْ أَقْبَلَ ثَلاَثَةُ نَفَرٍ، فَأَقْبَلَ اثْنَانِ إِلَى رَسُولِ اللَّهِ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ وَذَهَبَ وَاحِدٌ، قَالَ: فَوَقَفَا عَلَى رَسُولِ اللَّهِ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ، فَأَمَّا أَحَدُهُمَا: فَرَأَى فُرْجَةً فِي الحَلْقَةِ فَجَلَسَ فِيهَا، وَأَمَّا الآخَرُ: فَجَلَسَ خَلْفَهُمْ، وَأَمَّا الثَّالِثُ: فَأَدْبَرَ ذَاهِبًا، فَلَمَّا فَرَغَ رَسُولُ اللَّهِ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ قَالَ: «أَلاَ أُخْبِرُكُمْ عَنِ النَّفَرِ الثَّلاَثَةِ؟ أَمَّا أَحَدُهُمْ فَأَوَى إِلَى اللَّهِ فَآوَاهُ اللَّهُ، وَأَمَّا الآخَرُ فَاسْتَحْيَا فَاسْتَحْيَا اللَّهُ مِنْهُ، وَأَمَّا الآخَرُ فَأَعْرَضَ فَأَعْرَضَ اللَّهُ عَنْهُ.৬৬) .....আবু ৱাক্কিদ আল-লায়ছী ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, আল্লাহৰ ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লাম এদিনাখন মছজিদত জনসন্মুখত বহি থকা অৱস্থাত হঠাৎ তিনিজন মানুহ আহি উপস্থিত হ’ল। তেওঁলোকৰ মাজৰ দুজনে আল্লাহৰ ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামৰ ফালে আগবাঢ়ি আহিল আৰু আনজন গুছি গ’ল। আবু ৱাক্কিদ ৰাদ্বিয়াল্লাহু আনহুৱে কৈছে, উক্ত লোক দুজনে ক্ষন্তেক সময় আল্লাহৰ ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওচৰত থিয় হৈ থাকি এজনে মজলিছৰ মাজত খালী স্থান দেখা পাই সেই স্থানতে বহি পৰিল আৰু আনজন বৈঠকৰ শেষৰ ফালে গৈ বহিল, আৰু তৃতীয় ব্যক্তিজন ঘূৰি গ’ল। যেতিয়া আল্লাহৰ ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামে বৈঠক শেষ কৰিলে, তেতিয়া (ছাহাবাসকলক লক্ষ্য কৰি) ক’লে– “মই তোমালোকক এই তিনিজন ব্যক্তিৰ বিষয়ে একো নকম নেকি? তেওঁলোকৰ এজনে আল্লাহৰ ওচৰত আশ্ৰয় প্ৰাৰ্থনা কৰিছিল বাবে আল্লাহে তেওঁক আশ্ৰয় দিলে, আনজনে লাজ কৰিছিল, সেয়ে আল্লাহেও তেওঁৰ ক্ষেত্ৰত লাজ কৰিলে আৰু তৃতীয়জনে মজলিছত যোগ দিয়াৰ পৰা অনিচ্ছা প্ৰকাশ কৰাত আল্লাহেও তাৰ পৰা মুখ ঘূৰাই নিলে।
(সংশ্লিষ্ট হাদীছঃ৪৭৪, মুছলিম ৩৯/১০ হাদীছ নং ৬১৭৬, আহমদ ২১৯৬৬)
পৰিচ্ছেদঃ ৯ - নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ বাণী– “যিসকলৰ ওচৰত হাদীছ পৌঁচাই দিয়া হয় তেওঁলোকৰ মাজত এনেকুৱা লোকো আছে যিয়ে শ্ৰোতাতকৈ (বৰ্ণনাকাৰীতকৈ) অধিক আয়ত্ত কৰি ৰাখিব পাৰে”হাদীছ - 6767- حَدَّثَنَا مُسَدَّدٌ، قَالَ: حَدَّثَنَا بِشْرٌ، قَالَ: حَدَّثَنَا ابْنُ عَوْنٍ، عَنِ ابْنِ سِيرِينَ، عَنْ عَبْدِ الرَّحْمَنِ بْنِ أَبِي بَكْرَةَ، عَنْ أَبِيهِ، ذَكَرَ النَّبِيَّ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ قَعَدَ عَلَى بَعِيرِهِ، وَأَمْسَكَ إِنْسَانٌ بِخِطَامِهِ - أَوْ بِزِمَامِهِ - قَالَ: «أَيُّ يَوْمٍ هَذَا»، فَسَكَتْنَا حَتَّى ظَنَنَّا أَنَّهُ سَيُسَمِّيهِ سِوَى اسْمِهِ، قَالَ: «أَلَيْسَ يَوْمَ النَّحْرِ» قُلْنَا: بَلَى، قَالَ: «فَأَيُّ شَهْرٍ هَذَا» فَسَكَتْنَا حَتَّى ظَنَنَّا أَنَّهُ سَيُسَمِّيهِ بِغَيْرِ اسْمِهِ، فَقَالَ: «أَلَيْسَ بِذِي الحِجَّةِ» قُلْنَا: بَلَى، قَالَ: «فَإِنَّ دِمَاءَكُمْ، وَأَمْوَالَكُمْ، وَأَعْرَاضَكُمْ، بَيْنَكُمْ حَرَامٌ، كَحُرْمَةِ يَوْمِكُمْ هَذَا، فِي شَهْرِكُمْ هَذَا، فِي بَلَدِكُمْ هَذَا، لِيُبَلِّغِ الشَّاهِدُ الغَائِبَ، فَإِنَّ الشَّاهِدَ عَسَى أَنْ يُبَلِّغَ مَنْ هُوَ أَوْعَى لَهُ مِنْهُ.৬৭) .....আবু বাকৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেখেতে এবাৰ নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ বিষয়ে উল্লেখ কৰি কৈছে– (মিনাত) নবী চাল্লাল্লাহু আলাইহি অছাল্লামে তেওঁৰ উটৰ ওপৰত বহিল, উটৰ নাকী আন এজন ব্যক্তিয়ে ধৰি আছিল। তেখেতে সুধিলে: ‘আজি কি দিন’? আমি সকলোৱে নীৰৱে থাকি ধাৰণা কৰিছিলোঁ অচিৰেই তেখেতে এই দিনটোৰ এটা বেলেগ নাম দিব। তেখেতে ক’লে– ‘আজি কুৰবানীৰ দিন নহয়নে’? আমি ক’লোঁ– ‘হয়’। তেখেতে সুধিলে– “এইটো কি মাহ”? আমি আকৌ নীৰৱে থাকি ধাৰণা কৰিছিলোঁ অচিৰেই তেখেতে ইয়াৰ এটা বেলেগ নাম দিব। তেখেতে ক’লে– “এইটো যুলহিজ্জ মাহ নহয় জানো”? আমি ক’লোঁ- ‘হয়’। তেখেতে ক’লে– “তোমালোকৰ তেজ, তোমালোকৰ ধন-সম্পদ, তোমালোকৰ সন্মান তোমালোকৰ পৰস্পৰৰ বাবে হাৰাম বা মৰ্যাদাসম্পন্ন, যেনেকৈ তোমালোকৰ আজিৰ এই দিন, এই মাহ, আৰু এই চহৰ মৰ্যাদাসম্পন্ন। ইয়াত উপস্থিত থকা ব্যক্তিসকলে (মোৰ এই বাণী) অনুপস্থিত ব্যক্তিসকলৰ ওচৰত যাতে পৌঁচাই দিয়ে, কাৰণ উপস্থিত ব্যক্তিয়ে হয়তো এনে ব্যক্তিৰ ওচৰত পৌঁচাই দিব, যিয়ে এই বাণীক তেওঁতকৈ অধিক বিশদ ভাৱে আয়ত্ত কৰি ৰাখিব পাৰিব”।
(সংশ্লিষ্ট হাদীছসমূহঃ১০৫, ১৭৪১, ৩১৯৭, ৪৪০৬, ৪৬৬২, ৫৫৫০, ৭০৭৮, ৭৪৪৭; মুছলিম ২৮/৯, হাদীছ নং ১৬৭৯, আহমদ ২০৪০৮)
পৰিচ্ছেদঃ ১০ - কথা আৰু কৰ্মৰ আগত জ্ঞান অৰ্জন কৰা আৱশ্যকلِقَوْلِ اللهِ تَعَالَى }فَاعْلَمْ أَنَّهُ لآ إِلَهَ إِلاَّ اللهُ{ فَبَدَأَ بِالْعِلْمِ
আল্লাহ তাআলাই কৈছে: “এতেকে জানি থোৱা, নিশ্চয় আল্লাহৰ বাহিৰে আন কোনো প্ৰকৃত ইলাহ নাই”। (ছুৰা মুহাম্মদঃ ১৯)। এতেকে এই আয়াতৰ আৰম্ভণিতেই আল্লাহে ‘ইল্মৰ কথা কৈছে।
وَأَنَّ الْعُلَمَاءَ هُمْ وَرَثَةُ الْأَنْبِيَاءِ وَرَّثُوا الْعِلْمَ مَنْ أَخَذَهُ أَخَذَ بِحَظٍّ وَافِرٍ وَمَنْ سَلَكَ طَرِيقًا يَطْلُبُ بِهِ عِلْمًا سَهَّلَ اللهُ لَهُ طَرِيقًا إِلَى الْجَنَّةِ وَقَالَ جَلَّ ذِكْرُهُ }إِنَّمَا يَخْشَى اللهَ مِنْ عِبَادِهِ الْعُلَمَاءُ{ وَقَالَ }وَمَا يَعْقِلُهَا إِلاَّ الْعَالِمُونَ وَقَالُوا لَوْ كُنَّا نَسْمَعُ أَوْ نَعْقِلُ مَا كُنَّا فِي أَصْحَابِ السَّعِيرِ{ وَقَالَ }هَلْ يَسْتَوِي الَّذِينَ يَعْلَمُونَ وَالَّذِينَ لاَ يَعْلَمُونَ{ وَقَالَ النَّبِيُّ صلى الله عليه وسلم مَنْ يُرِدْ اللهُ بِهِ خَيْرًا يُفَقِّهْهُ فِي الدِّينِ وَإِنَّمَا الْعِلْمُ بِالتَّعَلُّمِ وَقَالَ أَبُو ذَرٍّ لَوْ وَضَعْتُمْ الصَّمْصَامَةَ عَلَى هَذِهِ وَأَشَارَ إِلَى قَفَاهُ ثُمَّ ظَنَنْتُ أَنِّي أُنْفِذُ كَلِمَةً سَمِعْتُهَا مِنْ النَّبِيِّ صلى الله عليه وسلم قَبْلَ أَنْ تُجِيزُوا عَلَيَّ لَأَنْفَذْتُهَا وَقَالَ ابْنُ عَبَّاسٍ }كُونُوا رَبَّانِيِّينَ{ حُلَمَاءَ فُقَهَاءَ وَيُقَالُ الرَّبَّانِيُّ الَّذِي يُرَبِّي النَّاسَ بِصِغَارِ الْعِلْمِ قَبْلَ كِبَارِهِ.

নবীসকলৰ উত্তৰাধিকাৰী হৈছে আলিমসকল। তেখেতসকল উত্তৰাধিকাৰী হৈছে জ্ঞানৰ, যিয়ে জ্ঞান অৰ্জন কৰে তেওঁ বিৰাট অংশ লাভ কৰে। যি ব্যক্তিয়ে ইল্ম অৰ্জনৰ পথত অগ্ৰসৰ হয়, আল্লাহ তাআলাই তেওঁৰ বাবে জান্নাতৰ পথ সুগম কৰি দিয়ে। আল্লাহ তাআলাই কৈছে: আল্লাহৰ বান্দাসকলৰ ভিতৰত আলিমসকলেই তেওঁক (অধিক) ভয় কৰে (ছুৰা ফাতিৰঃ২৮)। আল্লাহ তাআলাই আকৌ কৈছে: আলিমসকলৰ বাহিৰে সেয়া আন কোনেও অনুধাৱন নকৰে (ছুৰা আল-আনকাবুতঃ ৩৪)। আন এঠাইত আল্লাহে কৈছে: সিহঁতে ক, ‘আমি যদি শুনিলোহেঁতেন বা উপলব্ধি কৰিলোহেঁতেন, তেনেহলে আমি জাহান্নামবাসী নহলোহেঁতেন (ছুৰা মুল্কঃ১০)। তেওঁ আৰু কৈছে: কোৱা, যিসকলে জানে আৰু যিসকলে নাজানে, সিহঁত উভয়েসমান হব পাৰেনে”? (ছুৰা যুমাৰঃ ৯)। নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে: আল্লাহে যাৰ কল্যাণ বিচাৰে, তেওঁক দ্বীনৰইল্ম দান কৰে।অধ্যয়ন বা শিকাৰ মাধ্যমতহে জ্ঞান অৰ্জন হয়। আবু যৰ ৰাদ্বিয়াল্লাহু আনহুৱে তেওঁৰ ডিঙিৰ ফালে ইঙ্গিত কৰি কৈছে, তোমালোকে যদি মোৰ ইয়াত তৰোৱাল ৰাখা, আৰুমই যদি গম পাওঁ যে, তোমালোকে তৰোৱাল চলোৱাৰ আগতে মই কিবা এটা কবলৈসুযোগ পাম তেন্তে মই নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৰা যি শুনিছো সেয়া অৱশ্যে কৈ শুনাম।ইবনুআব্বাছৰাদ্বিয়াল্লাহু আনহুৱে কৈছে, كُونُوارَبَّانِيِّينَ ‘‘ অৰ্থাৎতোমালোকে ৰব্বানী হোৱা’’ (ছুৰা আলেইমৰানঃ ৭৯)। ইয়াতرَبَّانِيِّينَ অর্থাৎ প্রজ্ঞাৱান, আলিম আৰু ফকীহ হোৱা। আৰুرَبَّانِيসেই ব্যক্তিক কোৱা হয় যি ব্যক্তিয়ে মানুহক ডাঙৰ বিষয়ত জ্ঞান দিয়াৰ পূর্বে সৰুবিষয়ৰ ওপৰত শিক্ষা দিয়ে।

পৰিচ্ছেদ: ১১ – মানুহ যাতে বিৰক্ত হৈ নপৰে, সেয়ে আল্লাহৰ ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামে উপদেশ আৰু(ইল্ম) শিক্ষা দানৰ সময়ত উপযুক্ত সময়ৰ প্ৰতি লক্ষ্য ৰাখিছিল।হাদীছ - 68حَدَّثَنَا مُحَمَّدُ بْنُ يُوسُفَ، قَالَ: أَخْبَرَنَا سُفْيَانُ، عَنِ الأَعْمَشِ، عَنْ أَبِي وَائِلٍ، عَنِ ابْنِ مَسْعُودٍ، قَالَ: كَانَ النَّبِيُّ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ «يَتَخَوَّلُنَا بِالْمَوْعِظَةِ فِي الأَيَّامِ، كَرَاهَةَ السَّآمَةِ عَلَيْنَا.... ইবনু মাছউদ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেখেতে কৈছেঃনবী চাল্লাল্লাহু আলাইহি অছাল্লামে আমাৰ প্ৰতি লক্ষ্য ৰাখি নিৰ্দ্দিষ্ট দিনত উপদেশ দিছিল, যাতে আমি বিৰক্ত নহওঁ।
(সংশ্লিষ্ট হাদীছসমূহঃ৭০, ৬৪১১; মুছলিম ৫০/১৯ হাদীছ নং ২৮২১, আহমদ ৪০৬০)
হাদীছ - 69حَدَّثَنَا مُحَمَّدُ بْنُ بَشَّارٍ، قَالَ: حَدَّثَنَا يَحْيَى بْنُ سَعِيدٍ، قَالَ: حَدَّثَنَا شُعْبَةُ، قَالَ: حَدَّثَنِي أَبُو التَّيَّاحِ، عَنْ أَنَسِ بْنِ مَالِكٍ، عَنِ النَّبِيِّ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ، قَالَ: «يَسِّرُوا وَلاَ تُعَسِّرُوا، وَبَشِّرُوا، وَلاَ تُنَفِّرُوا.... আনাছ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃতোমালোকে সহজ পন্থা অৱলম্বন কৰা, কঠিন পন্থা অৱলম্বন নকৰিবা, মানুহক সু-সংবাদ দিবা, বিৰক্ত নকৰিবা।
(সংশ্লিষ্ট হাদীছঃ৬১২৫, মুছলিম ৩২/৩ হাদীছ নং ১৭৩৪, আহমদঃ ১৩১৭৪)
পৰিচ্ছেদঃ ১২- ইল্ম শিক্ষাৰ্থীসকলৰ বাবে দিন নিৰ্দ্দিষ্ট কৰা সম্পৰ্কেহাদীছ - 70حَدَّثَنَا عُثْمَانُ بْنُ أَبِي شَيْبَةَ، قَالَ: حَدَّثَنَا جَرِيرٌ، عَنْ مَنْصُورٍ، عَنْ أَبِي وَائِلٍ، قَالَ: كَانَ عَبْدُ اللَّهِ يُذَكِّرُ النَّاسَ فِي كُلِّ خَمِيسٍ فَقَالَ لَهُ رَجُلٌ: يَا أَبَا عَبْدِ الرَّحْمَنِ لَوَدِدْتُ أَنَّكَ ذَكَّرْتَنَا كُلَّ يَوْمٍ؟ قَالَ: أَمَا إِنَّهُ يَمْنَعُنِي مِنْ ذَلِكَ أَنِّي أَكْرَهُ أَنْ أُمِلَّكُمْ، وَإِنِّي أَتَخَوَّلُكُمْ بِالْمَوْعِظَةِ، كَمَا كَانَ النَّبِيُّ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ يَتَخَوَّلُنَا بِهَا، مَخَافَةَ السَّآمَةِ عَلَيْنَا ".আবু ওৱাইল ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেখেতে কৈছেঃ ইবনু মাছউদ ৰাদ্বিয়াল্লাহু আনহুৱে প্ৰতি বৃহস্পতিবাৰে জনগণক উপদেশ দিছিল। তেখেতক কোনো এজন ব্যক্তিয়ে সুধিলে, ‘হে আবু আব্দুৰ ৰহমান! মই পছন্দ কৰোঁ, আপুনি আমাক দৈনিক নচীহত কৰক। তেখেতে ক’লে– এনে কৰাত বাধা আছে, কাৰণ মই তোমালোকক ক্লান্ত কৰিব নিবিচাৰোঁ, মই নচীহত কৰাৰ ক্ষেত্ৰত তোমালোকৰ অৱস্থাৰ প্ৰতি লক্ষ্য ৰাখোঁ। যিদৰে নবী চাল্লাল্লাহু আলাইহি অছাল্লামে ভাগৰি পৰাৰ আশংকাত আমাৰ প্ৰতি লক্ষ্য ৰাখিছিল। (সংশ্লিষ্ট হাদীছঃ ৬৮)
পৰিচ্ছেদঃ ১৩ আল্লাহে যাৰ মঙ্গল বিচাৰে, তাক তেওঁ দ্বীনৰ জ্ঞান দান কৰেহাদীছ - 71حَدَّثَنَا سَعِيدُ بْنُ عُفَيْرٍ، قَالَ: حَدَّثَنَا ابْنُ وَهْبٍ، عَنْ يُونُسَ، عَنِ ابْنِ شِهَابٍ، قَالَ: قَالَ حُمَيْدُ بْنُ عَبْدِ الرَّحْمَنِ، سَمِعْتُ مُعَاوِيَةَ، خَطِيبًا يَقُولُ سَمِعْتُ النَّبِيَّ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ يَقُولُ: «مَنْ يُرِدِ اللَّهُ بِهِ خَيْرًا يُفَقِّهْهُ فِي الدِّينِ، وَإِنَّمَا أَنَا قَاسِمٌ وَاللَّهُ يُعْطِي، وَلَنْ تَزَالَ هَذِهِ الأُمَّةُ قَائِمَةً عَلَى أَمْرِ اللَّهِ، لاَ يَضُرُّهُمْ مَنْ خَالَفَهُمْ، حَتَّى يَأْتِيَ أَمْرُ اللَّهِ.হুমাইদ বিন আব্দুৰ ৰহমান ৰাহিমাহুল্লাহৰ পৰা বৰ্ণিত, তেখেতে কৈছেঃ “মই মু’আবিয়া ৰাদ্বিয়াল্লাহু আনহুক খুতবাত কোৱা শুনিছোঁ, তেখেতে নবী চাল্লাল্লাহু আলাইহি অছাল্লামক কওঁতে শুনিছে- আল্লাহে যাৰ মঙ্গল বিচাৰে, তাক তেওঁ দ্বীনৰ জ্ঞান (ইল্ম) দান কৰে। মই কেৱল বিতৰণকাৰীহে মাত্ৰ, আল্লাহেই(জ্ঞান) দাতা। কিয়ামত পৰ্যন্ত এই উম্মত সদায় আল্লাহৰ হুকুমৰ ওপৰত প্ৰতিষ্ঠিত থাকিব, বিৰোধকাৰীসকলে তেওঁলোকৰ কোনো ক্ষতি কৰিব নোৱাৰিব। (সংশ্লিষ্ট হাদীছসমূহঃ ৩১১৬, ৩৬৪১, ৭৩১২, ৭৪৬০; মুছলিম ১২/৩৩ হাদীছ নং ১০৩৭; আহমদ ১৬৮৪৯)
পৰিচ্ছেদঃ ১৪- ইল্মৰ ক্ষেত্ৰত সঠিক অনুধাৱনহাদীছ - 72حَدَّثَنَا عَلِيُّ بْنُ عَبْدِ اللَّهِ، حَدَّثَنَا سُفْيَانُ، قَالَ: قَالَ لِي ابْنُ أَبِي نَجِيحٍ، عَنْ مُجَاهِدٍ، قَالَ: صَحِبْتُ ابْنَ عُمَرَ إِلَى المَدِينَةِ فَلَمْ أَسْمَعْهُ يُحَدِّثُ عَنْ رَسُولِ اللَّهِ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ إِلَّا حَدِيثًا وَاحِدًا، قَالَ: كُنَّا عِنْدَ النَّبِيِّ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ فَأُتِيَ بِجُمَّارٍ، فَقَالَ: «إِنَّ مِنَ الشَّجَرِ شَجَرَةً، مَثَلُهَا كَمَثَل المُسْلِمِ»، فَأَرَدْتُ أَنْ أَقُولَ: هِيَ النَّخْلَةُ، فَإِذَا أَنَا أَصْغَرُ القَوْمِ، فَسَكَتُّ، قَالَ النَّبِيُّ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ: «هِيَ النَّخْلَةُ.মুজাহিদ (ৰাহিমাহুল্লাহ)ৰ দ্বাৰা বৰ্ণিত, তেখেতে কৈছে – “মই এবাৰ ইবনে উমৰ ৰাদ্বিয়াল্লাহু আনহুৰ লগত মদিনা পৰ্যন্ত ভ্ৰমণ কৰা সময়ত তেখেতে আল্লাহৰ ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৰা এটা মাত্ৰ হাদীছ বৰ্ণনা কৰা শুনিছিলোঁ”। তেখেতে কৈছিল – আমি এদিনাখন নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ কাষত আছিলোঁ, তেতিয়া তেখেতৰ ওচৰলৈ খেজুৰ গছৰ (গা-গছৰ কোমল অংশ) অনা হ’ল, তেখেতে ক'লে– গছ-গছনিৰ ভিতৰত এনে এজোপা গছ আছে, যাৰ দৃষ্টান্ত মুছলমানৰ দৰে। তেতিয়া মই ইচ্ছা কৰিছিলোঁ যে কওঁ– সেয়া হৈছে খেজুৰ গছ, কিন্তু উপস্থিত লোকসকলৰ মাজত মই বয়সত সৰু আছিলোঁ বাবে নিৰৱে থাকিলোঁ। তেতিয়া নবী চাল্লাল্লাহু আলাইহি অছাল্লামে ক'লে– সেয়া হৈছে, খেজুৰ গছ। (সংশ্লিষ্ট হাদীছঃ ৬১)
পৰিচ্ছেদ: ১৫-ইল্ম আৰু হিকমতৰ ক্ষেত্ৰত সমতুল্য হোৱাৰ উৎসাহ‘ওমৰ ৰাদ্বিয়াল্লাহু আনহুৱে কৈছিল– তোমালোকে নেতা হোৱাৰ পূৰ্বে জ্ঞান অৰ্জন কৰি লোৱা। আবু আব্দুল্লাহ (বুখাৰীয়ে) কৈছেঃ নেতা হোৱাৰ পিছতো জ্ঞান অৰ্জন কৰা। কাৰণ নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ ছাহাবাসকলে বৃদ্ধ বয়সতো জ্ঞান অৰ্জন কৰিছিল।হাদীছ - 73حَدَّثَنَا الحُمَيْدِيُّ، قَالَ: حَدَّثَنَا سُفْيَانُ، قَالَ: حَدَّثَنِي إِسْمَاعِيلُ بْنُ أَبِي خَالِدٍ، عَلَى غَيْرِ مَا حَدَّثَنَاهُ الزُّهْرِيُّ، قَالَ: سَمِعْتُ قَيْسَ بْنَ أَبِي حَازِمٍ، قَالَ: سَمِعْتُ عَبْدَ اللَّهِ بْنَ مَسْعُودٍ قَالَ: قَالَ النَّبِيُّ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ: " لاَ حَسَدَ إِلَّا فِي اثْنَتَيْنِ: رَجُلٌ آتَاهُ اللَّهُ مَالًا فَسُلِّطَ عَلَى هَلَكَتِهِ فِي الحَقِّ، وَرَجُلٌ آتَاهُ اللَّهُ الحِكْمَةَ فَهُوَ يَقْضِي بِهَا وَيُعَلِّمُهَا "ক্কায়েচ বিন হাযিম ৰাহিমাহুল্লাহে কৈছেঃ “মই আব্দুল্লাহ ইবনু মাচউদ ৰাদ্বিয়াল্লাহু আনহুক কোৱা শুনিছোঁ যে, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ কেৱল দুটা বিষয়ত ঈৰ্ষা কৰা বৈধ। (১) সেই ব্যক্তিৰ ওপৰত যাক আল্লাহে সম্পদ দান কৰিছে আৰু বৈধ পন্থাত অকাতৰে ব্যয় কৰাৰ ক্ষমতা দিছে (২) আৰু সেই ব্যক্তিৰ ওপৰত যাক আল্লাহে প্ৰজ্ঞা দান কৰিছে আৰু তাৰ দ্বাৰা তেওঁ বিচাৰ নিষ্পত্তি কৰে আৰু আনকো শিক্ষা দিয়ে। (সংশ্লিষ্ট হাদীছসমূহঃ ১৪০৯, ৭১৪১, ৭৩১৬; মুছলিম ৬/৪৭, হাদীছ নং ৮১৬, আহমদ ৩৪৫১)
পৰিচ্ছেদ:১৬-সাগৰৰ তীৰত খাজিৰ আলাইহিচ্ছলামৰ ওচৰলৈ মুছা আলাইহিচ্ছালামৰ ভ্ৰমণ।আল্লাহ তা’আলাৰ বাণী: “মই এই চৰ্তত আপোনাক অনুসৰণ কৰিব পাৰিমনে যে, সত্য পথৰ যি জ্ঞান আপোনাক দান কৰা হৈছে তাৰ পৰা মোকো শিক্ষা দিব।” (ছুৰা কাহাফঃ ৬৬)।হাদীছ - 74حَدَّثَنِي مُحَمَّدُ بْنُ غُرَيْرٍ الزُّهْرِيُّ، قَالَ: حَدَّثَنَا يَعْقُوبُ بْنُ إِبْرَاهِيمَ، قَالَ: حَدَّثَنِي أَبِي، عَنْ صَالِحٍ، عَنِ ابْنِ شِهَابٍ، حَدَّثَهُ أَنَّ عُبَيْدَ اللَّهِ بْنَ عَبْدِ اللَّهِ أَخْبَرَهُ عَنِ ابْنِ عَبَّاسٍ أَنَّهُ تَمَارَى هُوَ وَالحُرُّ بْنُ قَيْسِ بْنِ حِصْنٍ الفَزَارِيُّ فِي صَاحِبِ مُوسَى، قَالَ ابْنُ عَبَّاسٍ: هُوَ خَضِرٌ، فَمَرَّ بِهِمَا أُبَيُّ بْنُ كَعْبٍ، فَدَعَاهُ ابْنُ عَبَّاسٍ فَقَالَ: إِنِّي تَمَارَيْتُ أَنا وَصَاحِبِي هَذَا فِي صَاحِبِ مُوسَى، الَّذِي سَأَلَ مُوسَى السَّبِيلَ إِلَى لُقِيِّهِ، هَلْ سَمِعْتَ النَّبِيَّ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ يَذْكُرُ شَأْنَهُ؟ قَالَ: نَعَمْ، سَمِعْتُ رَسُولَ اللَّهِ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ يَقُولُ: " بَيْنَمَا مُوسَى فِي مَلَإٍ مِنْ بَنِي إِسْرَائِيلَ جَاءَهُ رَجُلٌ فَقَالَ: هَلْ تَعْلَمُ أَحَدًا أَعْلَمَ مِنْكَ؟ " قَالَ مُوسَى: لاَ، فَأَوْحَى اللَّهُ عَزَّ وَجَلَّ إِلَى مُوسَى: بَلَى، عَبْدُنَا خَضِرٌ، فَسَأَلَ مُوسَى السَّبِيلَ إِلَيْهِ، فَجَعَلَ اللَّهُ لَهُ الحُوتَ آيَةً، وَقِيلَ لَهُ: إِذَا فَقَدْتَ الحُوتَ فَارْجِعْ، فَإِنَّكَ سَتَلْقَاهُ، وَكَانَ يَتَّبِعُ أَثَرَ الحُوتِ فِي البَحْرِ، فَقَالَ لِمُوسَى فَتَاهُ: (أَرَأَيْتَ إِذْ أَوَيْنَا إِلَى الصَّخْرَةِ فَإِنِّي نَسِيتُ الحُوتَ وَمَا أَنْسَانِيهِ إِلَّا الشَّيْطَانُ أَنْ أَذْكُرَهُ)، قَالَ: (ذَلِكَ مَا كُنَّا نَبْغِي فَارْتَدَّا عَلَى آثَارِهِمَا قَصَصًا)، فَوَجَدَا خَضِرًا، فَكَانَ مِنْ شَأْنِهِمَا الَّذِي قَصَّ اللَّهُ عَزَّ وَجَلَّ فِي كِتَابِهِ "ইবনু আব্বাছ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেখেতৰ আৰু হুৰ্ৰ ইবনু কায়েচ ইবনু হিচনিল ফাযাৰীৰ মাজত মুছা আলাইহিচ্ছালামৰ সঙ্গী সম্পৰ্কে বাদানুবাদ হ’ল। ইবনু আব্বাছ ৰাদ্বিয়াল্লাহু আনহুৱে ক’লে তেখেত আছিল খাজিৰ (আলাইহিচ্ছালাম), সেই সময়তে ঘটনা ক্ৰমে উবায় ইবনু কা’ব ৰাদ্বিয়াল্লাহু আনহু তেওঁলোকৰ ওচৰেদি গৈ আছিল। ইবনু আব্বাছ ৰাদ্বিয়াল্লাহু আনহুৱে তেখেতক মাতি ক’লে– মই আৰু মোৰ এই ভায়ে মুছা (আলাইহিচ্ছালামৰ) সেই সহচৰজনৰ বিষয়ে বাদানুবাদ কৰি আছোঁ, যাক সাক্ষাত কৰিবলৈ মুছা (আলাইহিচ্ছালামে) আল্লাহৰ ওচৰত সঠিক পথৰ সন্ধান বিচাৰিছিল- আপুনি বাৰু নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৰা তেখেতৰ বিষয়ে কিবা কোৱা শুনিছে নেকি? তেখেতে ক’লে– হয়, আল্লাহৰ ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ–
এদিনাখন মুছা (আলাইহিচ্ছালাম) বনী ইচৰাইলৰ কোনো এখন বৈঠকত উপস্থিত আছিল। তেনেতে তেখেতৰ ওচৰলৈ এজন ব্যক্তি আহি প্ৰশ্ন কৰিলে– “আপুনি জনামতে আপোনাতকৈ অধিক জ্ঞানী আন কোনোবা আছেনে”? মুছা (আলাইহিচ্ছালামে) ক’লে– নাই। তেতিয়া আল্লাহ তা’আলাই মুছা (আলাইহিচ্ছালামৰ) ওচৰলৈ ‘অহী’ প্ৰেৰণ কৰি ক’লে: “হয় আছে, মোৰ বান্দা খাজিৰ”। তেতিয়া মুছা (আলাইহিচ্ছালামে) তেখেতক সাক্ষাত কৰিবলৈ পথৰ সন্ধান বিচাৰিলে। তেতিয়া আল্লাহ তা’আলাই মাছক তেখেতৰ বাবে নিদৰ্শন বনাই দিলে আৰু তেখেতক কোৱা হ’ল যেতিয়া আপুনি মাছটো হেৰাই পেলাব, তেতিয়া আপুনি (মাছৰ চিহ্ন অনুসৰণ কৰি) উভতি যাব, কাৰণ ইয়াৰ কিছু সময়ৰ ভিতৰতে আপুনি তেখেতৰ লগত সাক্ষাত লাভ কৰিব পাৰিব। তেতিয়া তেখেতে সমুদ্ৰত উক্ত মাছৰ নিদৰ্শন অনুসৰণ কৰি আগুৱাই গ’ল। মুছা (আলাইহিচ্ছালামক) তেওঁৰ সংগী যুৱকে কৈছিলঃ
(কোৰআন মজীদৰ ভাষাত): সি ক’লে, ‘আপুনি লক্ষ্য কৰিছিলনে, যেতিয়া আমি শিলাখণ্ডত বিশ্ৰাম লৈছিলোঁ তেতিয়া মাছৰ কি ঘটিছিল? মাছটোৰ কথা মই আপোনাক জনাবলৈ পাহৰিয়ে গৈছিলোঁ, চয়তানেহে সেইটোৰ কথা মোক পাহৰাই দিছিল; আৰু মাছটোৱে আশ্চৰ্যজনক ভাৱে নিজৰ পথ বনাই সাগৰত নামি গৈছিল। তেওঁ ক’লে, ‘আমি সেই স্থানটোৰেই অনুসন্ধান কৰি আছোঁ’। তাৰ পিছত তেওঁলোকে নিজৰ পদচিহ্ন অনুসৰণ কৰি উভতি গ’ল। (ছুৰা কাহাফঃ ৬৩-৬৪)
আৰু তেওঁলোকে খাজিৰ আলাইহিচ্ছালামক লগ পালে। এইটোৱে তেওঁলোকৰ ঘটনা, যিটো আল্লাহে তেওঁৰ কিতাপত বৰ্ণনা কৰিছে। (সংশ্লিষ্ট হাদীছসমূহঃ ২২৬৭, ২৭২৮, ৩২৭৮, ৩৪০০, ৩৪০১, ৪৭২৫, ৪৭২৬, ৪৭২৭, ৬৬৭২, ৭৪৭৮)
পৰিচ্ছেদ: ১৭- নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ উক্তি– “হে আল্লাহ! তুমি তাক কিতাপৰ শিক্ষা দান কৰা।হাদীছ - 75حَدَّثَنَا أَبُو مَعْمَرٍ، قَالَ: حَدَّثَنَا عَبْدُ الوَارِثِ، قَالَ: حَدَّثَنَا خَالِدٌ، عَنْ عِكْرِمَةَ، عَنِ ابْنِ عَبَّاسٍ قَالَ: ضَمَّنِي رَسُولُ اللَّهِ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ وَقَالَ: «اللَّهُمَّ عَلِّمْهُ الكِتَابَইবনু আব্বাছ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেখেতে কৈছেঃ– আল্লাহৰ ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামে এবাৰ মোক সাবটি ধৰি কৈছিল– ‘হে আল্লাহ! তুমি এওঁক কিতাপৰ (কোৰআন) জ্ঞান দান কৰা’। (সংশ্লিষ্ট হাদীছসমূহঃ ১৪৩, ৩৭৫৬, ৭২৭০; মুছলিম ৪৪/৩০; হাদীছ নং ২৪৭৭, আহমদ ২৩৯৭, ২৮৮১, ৩০২৩)
পৰিচ্ছেদ:১৮-ল’ৰা সন্তানৰ শুনা কথা গ্ৰহণযোগ্য হোৱাৰ সময়সীমা কি?হাদীছ - 76حَدَّثَنَا إِسْمَاعِيلُ بْنُ أَبِي أُوَيْسٍ، قَالَ: حَدَّثَنِي مَالِكٌ، عَنِ ابْنِ شِهَابٍ، عَنْ عُبَيْدِ اللَّهِ بْنِ عَبْدِ اللَّهِ بْنِ عُتْبَةَ، عَنْ عَبْدِ اللَّهِ بْنِ عَبَّاسٍ، قَالَ: «أَقْبَلْتُ رَاكِبًا عَلَى حِمَارٍ أَتَانٍ، وَأَنَا يَوْمَئِذٍ قَدْ نَاهَزْتُ الِاحْتِلاَمَ، وَرَسُولُ اللَّهِ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ يُصَلِّي بِمِنًى إِلَى غَيْرِ جِدَارٍ، فَمَرَرْتُ بَيْنَ يَدَيْ بَعْضِ الصَّفِّ، وَأَرْسَلْتُ الأَتَانَ تَرْتَعُ، فَدَخَلْتُ فِي الصَّفِّ، فَلَمْ يُنْكَرْ ذَلِكَ عَلَيَّআব্দুল্লাহ ইবনু আব্বাছ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেখেতে কৈছেঃ মই প্ৰাপ্তবয়স্ক হোৱাৰ নিকটৱৰ্তী বয়সত মাইকী গাধ এজনীৰ পিঠিত আৰোহণ কৰি আহিলোঁ, সেই সময়ত আল্লাহৰ ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লাম মিনাত ছালাত আদায় কৰি আছিল, আৰু তেখেতৰ সন্মুখত কোনো বেৰ নাছিল। ফলত মই কোনোবা এটা শাৰীৰ সন্মুখেদি পাৰ হৈ গাধ জনীক চৰিবলৈ এৰি দিলোঁ, আৰু মই এটা শাৰীত থিয় হ’লোঁ, কিন্তু মোক কোনেও বাধা দিয়া নাছিল। (সংশ্লিষ্ট হাদীছসমূহঃ ৪৯৩, ৮৬১, ১৮৫৭, ৪৪১২; মুছলিম৪/৪৭ হাদীছ নং ৫০৪, আহমদ ১৮৯১)
হাদীছ - 77حَدَّثَنِي مُحَمَّدُ بْنُ يُوسُفَ، قَالَ: حَدَّثَنَا أَبُو مُسْهِرٍ، قَالَ: حَدَّثَنِي مُحَمَّدُ بْنُ حَرْبٍ، حَدَّثَنِي الزُّبَيْدِيُّ، عَنِ الزُّهْرِيِّ، عَنْ مَحْمُودِ بْنِ الرَّبِيعِ، قَالَ: «عَقَلْتُ مِنَ النَّبِيِّ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ مَجَّةً مَجَّهَا فِي وَجْهِي وَأَنَا ابْنُ خَمْسِ سِنِينَ مِنْ دَلْوٍমাহমুদ ইবনুৰ–ৰবী ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেখেতে কৈছেঃমোৰ মনত আছে, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে এবাৰ বাল্টিৰ পৰা পানী লৈ মোৰ মুখৰ ওপৰত কুলি কৰি দিছিল, তেতিয়া মই আছিলোঁ ৫ বছৰ বয়সৰ শিশু। (সংশ্লিষ্ট হাদীছসমূহঃ ১৮৯, ৮৩৯, ১১৮৫, ৬৩৫৪, ৬৫২২ দ্ৰষ্টব্য)
পৰিচ্ছেদ: ১৯-জ্ঞান অন্বেষণৰ উদ্দেশ্যে ওলাই যোৱাজাবিৰ ইবনু আব্দুল্লাহ ৰাদ্বিয়াল্লাহু আনহুৱে মাত্ৰ এটা হাদীছৰ বাবে আব্দুল্লাহ ইবনু উনাইচ ৰাদ্বিয়াল্লাহু আনহুৰ ওচৰলৈ এক মাহৰ পথ অতিক্ৰম কৰি গৈছিল।হাদীছ - 78حَدَّثَنَا أَبُو القَاسِمِ خَالِدُ بْنُ خَلِيٍّ قَاضِي حِمْصَ قَالَ: حَدَّثَنَا مُحَمَّدُ بْنُ حَرْبٍ، قَالَ: حَدَّثَنَا الأَوْزَاعِيُّ، أَخْبَرَنَا الزُّهْرِيُّ، عَنْ عُبَيْدِ اللَّهِ بْنِ عَبْدِ اللَّهِ بْنِ عُتْبَةَ بْنِ مَسْعُودٍ، عَنِ ابْنِ عَبَّاسٍ، أَنَّهُ تَمَارَى هُوَ وَالحُرُّ بْنُ قَيْسِ بْنِ حِصْنٍ الفَزَارِيُّ فِي صَاحِبِ مُوسَى، فَمَرَّ بِهِمَا أُبَيُّ بْنُ كَعْبٍ، فَدَعَاهُ ابْنُ عَبَّاسٍ فَقَالَ: إِنِّي تَمَارَيْتُ أَنَا وَصَاحِبِي هَذَا فِي صَاحِبِ مُوسَى الَّذِي سَأَلَ السَّبِيلَ إِلَى لُقِيِّهِ، هَلْ سَمِعْتَ رَسُولَ اللَّهِ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ يَذْكُرُ شَأْنَهُ؟ فَقَالَ أُبَيٌّ: نَعَمْ، سَمِعْتُ النَّبِيَّ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ يَذْكُرُ شَأْنَهُ يَقُولُ: " بَيْنَمَا مُوسَى فِي مَلَإٍ مِنْ بَنِي إِسْرَائِيلَ، إِذْ جَاءَهُ رَجُلٌ فَقَالَ: أَتَعْلَمُ أَحَدًا أَعْلَمَ مِنْكَ؟ قَالَ مُوسَى: لاَ، فَأَوْحَى اللَّهُ عَزَّ وَجَلَّ إِلَى مُوسَى: بَلَى، عَبْدُنَا خَضِرٌ، فَسَأَلَ السَّبِيلَ إِلَى لُقِيِّهِ، فَجَعَلَ اللَّهُ لَهُ الحُوتَ آيَةً، وَقِيلَ لَهُ: إِذَا فَقَدْتَ الحُوتَ فَارْجِعْ، فَإِنَّكَ سَتَلْقَاهُ، فَكَانَ مُوسَى صَلَّى اللَّهُ عَلَيْهِ يَتَّبِعُ أَثَرَ الحُوتِ فِي البَحْرِ، فَقَالَ فَتَى مُوسَى لِمُوسَى: (أَرَأَيْتَ إِذْ أَوَيْنَا إِلَى الصَّخْرَةِ فَإِنِّي نَسِيتُ الحُوتَ وَمَا أَنْسَانِيهِ إِلَّا الشَّيْطَانُ أَنْ أَذْكُرَهُ)، قَالَ مُوسَى: (ذَلِكَ مَا كُنَّا نَبْغِي فَارْتَدَّا عَلَى آثَارِهِمَا قَصَصًا)، فَوَجَدَا خَضِرًا، فَكَانَ مِنْ شَأْنِهِمَا مَا قَصَّ اللَّهُ فِي كِتَابِهِ "ইবনু আব্বাছ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেখেতৰ আৰু হুৰ্ৰ ইবনু কায়েচ ইবনু হিচনিল ফাযাৰীৰ মাজত মুছা আলাইহিচ্ছালামৰ সঙ্গী সম্পৰ্কে বাদানুবাদ হ’ল। সেই সময়তে ঘটনা ক্ৰমে উবায় ইবনু কা’ব ৰাদ্বিয়াল্লাহু আনহু তেওঁলোকৰ ওচৰেদি গৈ আছিল। ইবনু আব্বাছ ৰাদ্বিয়াল্লাহু আনহুৱে তেখেতক মাতি ক’লে– মই আৰু মোৰ এই ভায়ে মুছা (আলাইহিচ্ছালামৰ) সেই সহচৰজনৰ বিষয়ে বাদানুবাদ কৰি আছোঁ, যাক সাক্ষাত কৰিবলৈ মুছা (আলাইহিচ্ছালামে) আল্লাহৰ ওচৰত সঠিক পথৰ সন্ধান বিচাৰিছিল- আপুনি বাৰু নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৰা তেখেতৰ বিষয়ে কিবা কোৱা শুনিছে নেকি? উবাই ৰাদ্বিয়াল্লাহু আনহুৱে ক’লে– হয়, আল্লাহৰ ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামে এই বিষয়টো উল্লেখ কৰি কৈছেঃ–
এদিনাখন মুছা (আলাইহিচ্ছালাম) বনী ইচৰাইলৰ কোনো এখন বৈঠকত উপস্থিত আছিল। তেনেতে তেখেতৰ ওচৰলৈ এজন ব্যক্তি আহি প্ৰশ্ন কৰিলে– “আপুনি জনামতে আপোনাতকৈ অধিক জ্ঞানী আন কোনোবা আছেনে”? মুছা (আলাইহিচ্ছালামে) ক’লে– নাই। তেতিয়া আল্লাহ তা’আলাই মুছা (আলাইহিচ্ছালামৰ) ওচৰলৈ ‘অহী’ প্ৰেৰণ কৰি ক’লে: “হয় আছে, মোৰ বান্দা খাজিৰ”। তেতিয়া মুছা (আলাইহিচ্ছালামে) তেখেতক সাক্ষাত কৰিবলৈ পথৰ সন্ধান বিচাৰিলে। তেতিয়া আল্লাহ তা’আলাই মাছক তেখেতৰ বাবে নিদৰ্শন বনাই দিলে আৰু তেখেতক কোৱা হ’ল যেতিয়া আপুনি মাছটো হেৰাই পেলাব, তেতিয়া আপুনি (মাছৰ চিহ্ন অনুসৰণ কৰি) উভতি যাব, কাৰণ ইয়াৰ কিছু সময়ৰ ভিতৰতে আপুনি তেখেতৰ লগত সাক্ষাত লাভ কৰিব পাৰিব। তেতিয়া তেখেতে সমুদ্ৰত উক্ত মাছৰ নিদৰ্শন অনুসৰণ কৰি আগুৱাই গ’ল। মুছা (আলাইহিচ্ছালামক) তেওঁৰ সংগী যুৱক (ইউশ্বা ইবনে নুনে) কৈছিলঃ
(কোৰআন মজীদৰ ভাষাত): সি ক’লে, ‘আপুনি লক্ষ্য কৰিছিলনে, যেতিয়া আমি শিলাখণ্ডত বিশ্ৰাম লৈছিলোঁ তেতিয়া মাছৰ কি ঘটিছিল? মাছটোৰ কথা মই আপোনাক জনাবলৈ পাহৰিয়ে গৈছিলোঁ, চয়তানেহে সেইটোৰ কথা মোক পাহৰাই দিছিল; আৰু মাছটোৱে আশ্চৰ্যজনক ভাৱে নিজৰ পথ বনাই সাগৰত নামি গৈছিল। তেওঁ ক’লে, ‘আমি সেই স্থানটোৰেই অনুসন্ধান কৰি আছোঁ’। তাৰ পিছত তেওঁলোকে নিজৰ পদচিহ্ন অনুসৰণ কৰি উভতি গ’ল। (ছুৰা কাহাফঃ ৬৩-৬৪)
আৰু তেওঁলোকে খাজিৰ আলাইহিচ্ছালামক লগ পালে। এইটোৱে তেওঁলোকৰ ঘটনা, যিটো আল্লাহে তেওঁৰ কিতাপত বৰ্ণনা কৰিছে। (সংশ্লিষ্ট হাদীছঃ ৭৪)
পৰিচ্ছেদ: ২০– ইল্ম বা জ্ঞান অন্বেষণকাৰী আৰু জ্ঞান প্ৰদানকাৰীৰ গুৰুত্বহাদীছ - 79حَدَّثَنَا مُحَمَّدُ بْنُ العَلاَءِ، قَالَ: حَدَّثَنَا حَمَّادُ بْنُ أُسَامَةَ، عَنْ بُرَيْدِ بْنِ عَبْدِ اللَّهِ، عَنْ أَبِي بُرْدَةَ، عَنْ أَبِي مُوسَى، عَنِ النَّبِيِّ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ قَالَ: «مَثَلُ مَا بَعَثَنِي اللَّهُ بِهِ مِنَ الهُدَى وَالعِلْمِ، كَمَثَلِ الغَيْثِ الكَثِيرِ أَصَابَ أَرْضًا، فَكَانَ مِنْهَا نَقِيَّةٌ، قَبِلَتِ المَاءَ، فَأَنْبَتَتِ الكَلَأَ وَالعُشْبَ الكَثِيرَ، وَكَانَتْ مِنْهَا أَجَادِبُ، أَمْسَكَتِ المَاءَ، فَنَفَعَ اللَّهُ بِهَا النَّاسَ، فَشَرِبُوا وَسَقَوْا وَزَرَعُوا، وَأَصَابَتْ مِنْهَا طَائِفَةً أُخْرَى، إِنَّمَا هِيَ قِيعَانٌ لاَ تُمْسِكُ مَاءً وَلاَ تُنْبِتُ كَلَأً، فَذَلِكَ مَثَلُ مَنْ فَقُهَ فِي دِينِ اللَّهِ، وَنَفَعَهُ مَا بَعَثَنِي اللَّهُ بِهِ فَعَلِمَ وَعَلَّمَ، وَمَثَلُ مَنْ لَمْ يَرْفَعْ بِذَلِكَ رَأْسًا، وَلَمْ يَقْبَلْ هُدَى اللَّهِ الَّذِي أُرْسِلْتُ بِهِ» قَالَ أَبُو عَبْدِ اللَّهِ: قَالَ إِسْحَاقُ: وَكَانَ مِنْهَا طَائِفَةٌ قَيَّلَتِ المَاءَ، قَاعٌ يَعْلُوهُ المَاءُ، وَالصَّفْصَفُ المُسْتَوِي مِنَ الأَرْضِ.আবু মুছা ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত যে, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ আল্লাহ তাআ’লাই মোক যি হিদায়ত আৰু জ্ঞান দি প্ৰেৰণ কৰিছে, তাৰ উদাহৰণ হৈছে মাটিৰ ওপৰত পৰা প্ৰবল বৰষুণৰ দৰে। কিছুমান ভূমি হৈছে উৰ্বৰ, যি ভূমিয়ে পানী শুহি লৈ প্ৰচুৰ পৰিমাণে ঘাঁহ পাত, গছ-তৃণলতা আদি উৎপাদন কৰে, আৰু কিছুমান ভূমি থাকে কঠিন, যিয়ে পানী সঞ্চয় কৰি ৰাখে, পিছত আল্লাহ তাআ’লাই সেই পানীৰ দ্বাৰা মানুহৰ উপকাৰ সাধন কৰে– মানুহে নিজেও পান কৰে, জীৱ-জন্তুকো পান কৰায় আৰু তাৰ দ্বাৰা খেতিবাতি কৰে। আকৌ কিছুমান ভূমি আছে, একেবাৰে মসৃণ আৰু সমতল, এনেকুৱা ভূমিয়ে পানীও সঞ্চয় কৰি নাৰাখে আৰু গছ তৃণলতাও উৎপাদন নকৰে। এইটোৱে হৈছে– সেই ব্যক্তিৰ উদাহৰণ যিয়ে দ্বীনৰ জ্ঞান অৰ্জন কৰে আৰু আল্লাহ তাআ’লাই মোক দি পঠোৱা বাণীৰ দ্বাৰা উপকৃত হয়, ফলস্বৰূপে তেওঁ নিজেও শিক্ষা অৰ্জন কৰে আৰু আনকো শিকায়। লগতে এইটো সেই ব্যক্তিৰো উদাহৰণ যিয়ে এই জ্ঞানৰ ফালে মূৰ দাঙি নাচায় আৰু আল্লাহৰ ফালৰ পৰা মোক যি হিদায়ত দি প্ৰেৰণ কৰা হৈছে সেয়াও গ্ৰহণ নকৰে।

আবূ ‘আব্দুল্লাহ (বুখাৰী) ৰাহিমাহুল্লাহে কৈছে: ইছহাক ৰাহিমাহুল্লাহে আবূ উচামাহ ৰাহিমাহুল্লাহৰ পৰা বৰ্ণনা কৰিছে, তেখেতে قلت ৰ স্থলত قَيَّلَتْ (ধৰি ৰখা) ব্যৱহাৰ কৰিছে। قاع হৈছে এনেকুৱা ভূমি য’ত পানী জমা হৈ থাকে। আৰু الصَّفْصَفُহৈছে সমতল ভূমি। (মুছলিম ৪৩/৫ হাদীছ নং ২২৮২, আহমদ ১৯৫৯০)
পৰিচ্ছেদ: ২১– ইল্ম বা জ্ঞানৰ বিলুপ্তি আৰু মূৰ্খতাৰ প্ৰসাৰৰাবী’আহ ৰাহিমাহুল্লাহে কৈছে– “যাৰ ওচৰত সামান্যতমো জ্ঞান আছে, তেওঁনিজকে অপমানিত কৰা উচিত নহয়।হাদীছ - 80حَدَّثَنَا عِمْرَانُ بْنُ مَيْسَرَةَ، قَالَ: حَدَّثَنَا عَبْدُ الوَارِثِ، عَنْ أَبِي التَّيَّاحِ، عَنْ أَنَسِ بْنِ مَالِكٍ، قَالَ: قَالَ رَسُولُ اللَّهِ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ: " إِنَّ مِنْ أَشْرَاطِ السَّاعَةِ: أَنْ يُرْفَعَ العِلْمُ وَيَثْبُتَ الجَهْلُ، وَيُشْرَبَ الخَمْرُ، وَيَظْهَرَ الزِّنَا. "আনাছ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেখেতে কৈছে– আল্লাহৰ ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে যে, কিয়ামতৰ কিছুমান আলামত হৈছে এই যে, ইল্ম হ্ৰাস পাব, অজ্ঞতাই প্ৰসাৰতা লাভ কৰিব, মদ্যপান বৃদ্ধি পাব আৰু জিনা বা ব্যভিচাৰ বিস্তাৰ লাভ কৰিব। (সংশ্লিষ্ট হাদীছসমূহঃ ৮১, ৫২৩১, ৫৫৭৭, ৬৮০৮; মুছলিম ৪৭/৪ হাদীছ নং ২৬৭১, আহমদ ১৩০৯৩, ১৪০৮০)
হাদীছ - 81حَدَّثَنَا مُسَدَّدٌ، قَالَ: حَدَّثَنَا يَحْيَى، عَنْ شُعْبَةَ، عَنْ قَتَادَةَ، عَنْ أَنَسِ بْنِ مَالِكٍ، قَالَ: لَأُحَدِّثَنَّكُمْ حَدِيثًا لاَ يُحَدِّثُكُمْ أَحَدٌ بَعْدِي، سَمِعْتُ رَسُولَ اللَّهِ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ يَقُولُ: " مِنْ أَشْرَاطِ السَّاعَةِ: أَنْ يَقِلَّ العِلْمُ، وَيَظْهَرَ الجَهْلُ، وَيَظْهَرَ الزِّنَا، وَتَكْثُرَ النِّسَاءُ، وَيَقِلَّ الرِّجَالُ، حَتَّى يَكُونَ لِخَمْسِينَ امْرَأَةً القَيِّمُ الوَاحِدُ"আনাছ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেখেতে কৈছেঃ মই আপোনালোকক এনেকুৱা এটা হাদীছ বৰ্ণনা কৰিম, যিটো হাদীছ মোৰ পিছত আপোনালোকক কোনেও বৰ্ণনা নকৰিব। মই আল্লাহৰ ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামক কোৱা শুনিছোঁ কিয়ামতৰ আলামতৰ অন্যতম কিছুমান আলামত হৈছে এই যে, ইল্ম হ্ৰাস পাব, অজ্ঞতাই প্ৰসাৰ লাভ কৰিব, মদ্যপান বৃদ্ধি পাব আৰু জিনা বা ব্যভিচাৰ বিয়পি পৰিব, নাৰীৰ সংখ্যা বৃদ্ধি পাব আৰু পুৰুষৰ সংখ্যা কমি যাব, এনেকুৱা এটা পৰ্য্যায় পাব যে, প্ৰতি পঞ্চাশ গৰাকী নাৰীৰ বিপৰীতে কেৱল এজন পুৰুষ তত্ত্বাৱধায়ক থাকিব। (সংশ্লিষ্ট হাদীছঃ ৮০)

পৰিচ্ছেদ: ২২জ্ঞানৰ উপকাৰিতা

হাদীছ - 82حَدَّثَنَا سَعِيدُ بْنُ عُفَيْرٍ ، قَالَ: حَدَّثَنِي اللَّيْثُ، قَالَ: حَدَّثَنِي عُقَيْلٌ، عَنِ ابْنِ شِهَابٍ، عَنْ حَمْزَةَ بْنِ عَبْدِ اللَّهِ بْنِ عُمَرَ، أَنَّ ابْنَ عُمَرَ، قَالَ: سَمِعْتُ رَسُولَ اللَّهِ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ قَالَ: «بَيْنَا أَنَا نَائِمٌ، أُتِيتُ بِقَدَحِ لَبَنٍ، فَشَرِبْتُ حَتَّى إِنِّي لَأَرَى الرِّيَّ يَخْرُجُ فِي أَظْفَارِي، ثُمَّ أَعْطَيْتُ فَضْلِي عُمَرَ بْنَ الخَطَّابِ» قَالُوا: فَمَا أَوَّلْتَهُ يَا رَسُولَ اللَّهِ؟ قَالَ: «العِلْمَ»ইবনু ওমৰ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেখেতে কৈছেঃ মই আল্লাহৰ ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামক কোৱা শুনিছোঁ– “এদিনাখন মই নিদ্ৰা অৱস্থাত থাকোঁতে সপোনত মোৰ ওচৰত এক পিয়লা গাখীৰ অনা হৈছিল আৰু মই সেয়া পি খাইছিলোঁ, মোৰ মনত এনে লাগিল যেনিবা সেই পৰিতৃপ্তি মোৰ নখেৰে ওলাই আছে, অৱশিষ্টখিনি মই ওমৰ ইবনুল-খাত্তাবক দিলোঁ”। ছাহাবাসকলে ক’লে– হে আল্লাহৰ ৰাছুল! আপুনি এই সপোনৰ ব্যাখ্যা কি বুলি ভাবে? উত্তৰত তেখেতে ক’লে– সেয়া হৈছে, ইল্ম বা জ্ঞান। (সংশ্লিষ্ট হাদীছসমূহঃ ৩৬৮১, ৭০০৬, ৭০০৭, ৭০২৭, ৭০৩২; মুছলিম ৪৩/২ হাদীছ নং ২৩৯১, আহমদ ৫৫৫৫)
পৰিচ্ছেদ: ২৩- প্ৰাণী বা অন্য বাহনৰ ওপৰত থিয় হৈ থকা অৱস্থাত ফতোৱা দিয়াহাদীছ - 83حَدَّثَنَا إِسْمَاعِيلُ، قَالَ: حَدَّثَنِي مَالِكٌ، عَنِ ابْنِ شِهَابٍ، عَنْ عِيسَى بْنِ طَلْحَةَ بْنِ عُبَيْدِ اللَّهِ، عَنْ عَبْدِ اللَّهِ بْنِ عَمْرِو بْنِ العَاصِ، أَنَّ رَسُولَ اللَّهِ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ وَقَفَ فِي حَجَّةِ الوَدَاعِ بِمِنًى لِلنَّاسِ يَسْأَلُونَهُ، فَجَاءهُ رَجُلٌ فَقَالَ: لَمْ أَشْعُرْ فَحَلَقْتُ قَبْلَ أَنْ أَذْبَحَ؟ فَقَالَ: «اذْبَحْ وَلاَ حَرَجَ» فَجَاءَ آخَرُ فَقَالَ: لَمْ أَشْعُرْ فَنَحَرْتُ قَبْلَ أَنْ أَرْمِيَ؟ قَالَ: «ارْمِ وَلاَ حَرَجَ» فَمَا سُئِلَ النَّبِيُّ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ عَنْ شَيْءٍ قُدِّمَ وَلاَ أُخِّرَ إِلَّا قَالَ: «افْعَلْ وَلاَ حَرَجَ».‘আব্দুল্লাহ ইবনু আমৰ ইবনুল আচ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, আল্লাহৰ ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লাম বিদায়ী হজ্জৰ দিনা মিনাত জনসন্মুখত (বাহনৰ ওপৰত) থিয় হ’ল। লোকসকলে তেখেতক বিভিন্ন মাছআলা-মাছাইল সুধিলে, এজন ব্যক্তিয়ে তেখেতৰ ওচৰলৈ আহি ক’লে– মই ভুলতে কুৰবানী দিয়াৰ আগতে মূৰৰ চুলি খুৰাই পেলাইছোঁ, তেখেতে ক’লে– জবেহ কৰা, কোনো অসুবিধা নাই। আন এজন ব্যক্তিয়ে আহি সুধিলে, মই ভুলক্ৰমে চয়তানক শিলগুটি মৰাৰ আগতে কুৰবানী কৰি পেলাইছোঁ। তেখেতে ক’লে– শিলগুটি মাৰা, কোনো অসুবিধা নাই। আব্দুল্লাহ ইবনু আমৰ ৰাদ্বিয়াল্লাহু আনহুৱে কৈছে– সেই দিনা নবী চাল্লাল্লাহু আলাইহি অছাল্লামক আগতে কৰা বা পিছত কৰা যি কামৰ বিষয়েই সোধা হৈছিল, তেখেতে কেৱল এটাই উত্তৰ দিছিল– কৰা, কোনো ক্ষতি নাই। (সংশ্লিষ্ট হাদীছসমূহঃ ১২৪, ১৭৩৬, ১৭৩৭, ১৭৩৮, ৬৬৬৫; মুছলিম ১৫/৫৭ হাদীছ নং ১৩০৬, আহমদ ৬৪৯৯)হানাফী মজহব মতে কাফফাৰা দিব লাগে, কিন্তু ইয়াৰ কোনো ছহীহ হাদীছভিত্তিক দলীল নাই, বৰং ই এটা হাদীছ বিৰোধী মত
পৰিচ্ছেদ: ২৪- হাত আৰু মূৰৰ ইঙ্গিতেৰে ফতোৱাৰ উত্তৰ প্ৰদান সম্পৰ্কেহাদীছ - 84حَدَّثَنَا مُوسَى بْنُ إِسْمَاعِيلَ، قَالَ: حَدَّثَنَا وُهَيْبٌ، قَالَ: حَدَّثَنَا أَيُّوبُ، عَنْ عِكْرِمَةَ، عَنِ ابْنِ عَبَّاسٍ أَنَّ النَّبِيَّ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ سُئِلَ فِي حَجَّتِهِ فَقَالَ: ذَبَحْتُ قَبْلَ أَنْ أَرْمِيَ؟ فَأَوْمَأَ بِيَدِهِ، قَالَ: «وَلاَ حَرَجَ» قَالَ: حَلَقْتُ قَبْلَ أَنْ أَذْبَحَ؟ فَأَوْمَأَ بِيَدِهِ: «وَلاَ حَرَجَ»ইবনু আব্বাছ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, হজ্জৰ সময়ত নবী চাল্লাল্লাহু আলাইহি অছাল্লামক সোধা হ’ল– মই শিলগুটি দলিওৱাৰ আগতেই জবেহ (কুৰবানী) কৰিছোঁ। (ইবনু আব্বাছ ৰাদ্বিয়াল্লাহু আনহুৱে কৈছে) তেতিয়া আল্লাহৰ ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামে হাতেৰে ইঙ্গিত দি কৈছিল– কোনো অসুবিধা নাই। আন এজন ব্যক্তিয়ে সুধিলে– মই জবেহ কৰাৰ পূৰ্বেই মূৰ খুৰাইছোঁ। তেখেতে হাতেৰে ইঙ্গিত দি ক’লে– কোনো অসুবিধা নাই। (সংশ্লিষ্ট হাদীছসমূহঃ ১৭২১, ১৭২২, ১৭২৩, ১৭৩৪, ৬৬৬৬ দ্রষ্টব্য)
হাদীছ - 85حَدَّثَنَا المَكِّيُّ بْنُ إِبْرَاهِيمَ، قَالَ: أَخْبَرَنَا حَنْظَلَةُ بْنُ أَبِي سُفْيَانَ، عَنْ سَالِمٍ، قَالَ: سَمِعْتُ أَبَا هُرَيْرَةَ عَنِ النَّبِيِّ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ قَالَ: «يُقْبَضُ العِلْمُ، وَيَظْهَرُ الجَهْلُ وَالفِتَنُ، وَيَكْثُرُ الهَرْجُ»، قِيلَ يَا رَسُولَ اللَّهِ، وَمَا الهَرْجُ؟ فَقَالَ: «هَكَذَا بِيَدِهِ فَحَرَّفَهَا، كَأَنَّهُ يُرِيدُ القَتْلَ»আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে: (শেষ জামানাত) ইল্ম উঠাই লোৱা হ’ব, অজ্ঞতা আৰু ফিতনা বিয়পি পৰিব আৰু ‘হাৰ্জ” বাঢ়ি যাব। সোধা হ’ল– হে আল্লাহৰ ৰাছুল! ‘হাৰ্জ’ কি? তেখেতে হাতৰ দ্বাৰা ইঙ্গিত কৰি ক’লে– ‘এনেকুৱা’– তেখেতে যেনিবা ইয়াৰ দ্বাৰা ‘হত্যা’ৰ কথা বুজাইছিল। (সংশ্লিষ্ট হাদীছসমূহঃ ১০৩৬, ১৪১২, ৩৬০৮, ৪৬৩৫, ৬০৩৭, ৬৫০৬, ৬৯৩৫, ৭০৬১, ৭১১৫, ৭১২১)
হাদীছ - 86حَدَّثَنَا مُوسَى بْنُ إِسْمَاعِيلَ، قَالَ: حَدَّثَنَا وُهَيْبٌ، قَالَ: حَدَّثَنَا هِشَامٌ، عَنْ فَاطِمَةَ، عَنْ أَسْمَاءَ، قَالَتْ: أَتَيْتُ عَائِشَةَ وَهِيَ تُصَلِّي فَقُلْتُ: مَا شَأْنُ النَّاسِ؟ فَأَشَارَتْ إِلَى السَّمَاءِ، فَإِذَا النَّاسُ قِيَامٌ، فَقَالَتْ: سُبْحَانَ اللَّهِ، قُلْتُ: آيَةٌ؟ فَأَشَارَتْ بِرَأْسِهَا: أَيْ نَعَمْ، فَقُمْتُ حَتَّى تَجَلَّانِي الغَشْيُ، فَجَعَلْتُ أَصُبُّ عَلَى رَأْسِي المَاءَ، فَحَمِدَ اللَّهَ عَزَّ وَجَلَّ النَّبِيُّ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ وَأَثْنَى عَلَيْهِ، ثُمَّ قَالَ: " مَا مِنْ شَيْءٍ لَمْ أَكُنْ أُرِيتُهُ إِلَّا رَأَيْتُهُ فِي مَقَامِي، حَتَّى الجَنَّةُ وَالنَّارُ، فَأُوحِيَ إِلَيَّ: أَنَّكُمْ تُفْتَنُونَ فِي قُبُورِكُمْ - مِثْلَ أَوْ - قَرِيبَ - لاَ أَدْرِي أَيَّ ذَلِكَ قَالَتْ أَسْمَاءُ - مِنْ فِتْنَةِ المَسِيحِ الدَّجَّالِ، يُقَالُ مَا عِلْمُكَ بِهَذَا الرَّجُلِ؟ فَأَمَّا المُؤْمِنُ أَوِ الموقن - لاَ أَدْرِي بِأَيِّهِمَا قَالَتْ أَسْمَاءُ - فَيَقُولُ: هُوَ مُحَمَّدٌ رَسُولُ اللَّهِ، جَاءَنَا بِالْبَيِّنَاتِ وَالهُدَى، فَأَجَبْنَا وَاتَّبَعْنَا، هُوَ مُحَمَّدٌ ثَلاَثًا، فَيُقَالُ: نَمْ صَالِحًا قَدْ عَلِمْنَا إِنْ كُنْتَ لَمُوقِنًا بِهِ. وَأَمَّا المُنَافِقُ أَوِ المُرْتَابُ - لاَ أَدْرِي أَيَّ ذَلِكَ قَالَتْ أَسْمَاءُ - فَيَقُولُ: لاَ أَدْرِي، سَمِعْتُ النَّاسَ يَقُولُونَ شَيْئًا فَقُلْتُهُ "আচমা ৰাদ্বিয়াল্লাহু আনহাৰ পৰা বৰ্ণিত, তেখেতে কৈছে– “মই আইশ্বা ৰাদ্বিয়াল্লাহু আনহাৰ ওচৰত আহিলোঁ, তেতিয়া তেখেতে ছালাত আদায় কৰি আছিল, মই ক’লোঁ– ‘মানুহৰ কি হৈছে’? তেখেতে আকাশৰ পিনে ইঙ্গিত কৰিলে (সূৰ্য গ্ৰহণ লাগিছে বুলি)। ইয়াৰ পিছত তেওঁ দেখা পালে যে, সকলো মানুহ (ছালাতুল ‘কুচুফ’ৰ বাবে) থিয় হৈছে। আইশ্বা ৰাদ্বিয়াল্লাহু আনহাই ক’লে, ছুবহানাল্লাহ! মই ক’লোঁ, এইটো কোনো নিদৰ্শন নেকি? তেখেতে মূৰৰ ইঙ্গিতেৰে ক’লে– ‘হয়’ তেতিয়া ময়ো (ছালাতৰ বাবে) থিয় হ’লোঁ, অৱশেষত এনেকুৱা হ’ল যে (দীৰ্ঘ সময় থিয় হৈ থকাৰ বাবে) মই অজ্ঞান হোৱাৰ উপক্ৰম হ’লোঁ, গতিকে মই মোৰ মূৰত পানী ঢলা আৰম্ভ কৰিলোঁ, পিছত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে আল্লাহৰ হাম্দ আৰু ছানা পাঠ কৰিলে আৰু ক’লে–মোক যিবোৰ আগতে দেখুওৱা নাছিল, সেয়া মই মোৰ এই স্থানৰ পৰাই দেখা পালোঁ, আনকি জান্নাত আৰু জাহান্নামো। তাৰ পিছত আল্লাহ তাআ’লাই মোৰ ওচৰত অহী প্ৰেৰণ কৰিলে– ‘দাজ্জালৰ দৰে (কঠিন) পৰীক্ষা অথবা ইয়াৰ সমপৰ্যায়ৰ বিপদ দি তোমালোকক কবৰত পৰীক্ষা কৰা হ’ব’।
ফাতিমা ৰাদ্বিয়াল্লাহু আনহাই কৈছেঃ আচমা ৰাদ্বিয়াল্লাহু আনহাইمثل (অনুৰূপ) শব্দ কৈছিল নে, قريب (সমপৰ্যায়ৰ) শব্দ ব্যৱহাৰ কৰিছিল, সেয়া মোৰ সঠিককৈ মনত নাই। (কবৰৰ ভিতৰত) কোৱা হ’ব, ‘এই ব্যক্তি সম্পর্কে তুমি কি জানা?’ তেতিয়া মু’মিন ব্যক্তি বা মু’কিন (বিশ্বাসী) ব্যক্তিয়ে [ফাতিমা ৰাদ্বিয়াল্লাহু আনহাই কৈছে] আচমা ৰাদ্বিয়াল্লাহু আনহাই কোনটো শব্দ কৈছিল মোৰ সঠিককৈ মনত নাই। উত্তৰত ক’ব, ‘তেখেত হৈছে মুহাম্মাদ চাল্লাল্লাহু আলাইহি অছাল্লাম, তেখেত আল্লাহৰ ৰাছুল। আমাৰ ওচৰত স্পষ্ট দলিল-প্ৰমাণ আৰু হিদায়ত লৈ আহিছিল, আমি সেয়া গ্ৰহণ কৰিছিলোঁ আৰু পালন কৰিছিলোঁ। তেখেত হৈছে মুহাম্মাদ চাল্লাল্লাহু আলাইহি অছাল্লাম। এনেকৈ তিনিবাৰ ক’ব, তেতিয়া তাক কোৱা হ’ব, ‘আৰামৰ সৈতে শুই থাকা, আমি জানিলোঁ যে, তুমি (পৃথিৱীত) তেখেতৰ ওপৰত বিশ্বাসী আছিলা’। আনহাতে মুনাফিক বা মুৰতাব (সন্দেহ পোষণকাৰী), ফাতিমা ৰাদ্বিয়াল্লাহু আনহাই কৈছে, এই দুটা শব্দৰ পৰা আচমা ৰাদ্বিয়াল্লাহু আনহাই কোনটো কৈছিল মোৰ সঠিক মনত পৰা নাই। এনেকুৱা ব্যক্তিয়ে ক’ব, ‘মই একোৱে নাজানো, মানুহক (তেখেতৰ বিষয়ে) যি কোৱা শুনিছোঁ, ময়ো তাকেই কৈছোঁ’। (সংশ্লিষ্ট হাদীছসমূহঃ ১৮৪, ৯২২, ১০৫৩, ১০৫৪, ১০৬১, ১২৩৫, ১৩৭৩, ২৫১৯, ২৫২০, ৭২৮৭; মুছলিম ১০/২ হাদীছ নং ৯০৫, আহমদ ২৬৯৯১)
পৰিচ্ছেদ: ২৫– আব্দুল কাইছ গোত্ৰৰ প্ৰতিনিধি দলক ঈমান আৰু ইল্মৰ ৰক্ষণাবেক্ষণ তথা পৰৱৰ্তীসকলক সেয়া জনাই দিয়াৰ উদ্দেশ্যে নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ উদ্ধুদ্ধকৰণমালিক ইবনুল হুৱাইৰিচ ৰাদ্বিয়াল্লাহু আনহুৱে কৈছেঃ নবী চাল্লাল্লাহু আলাইহি অছাল্লামে আমাক উদ্দেশ্য কৰি কৈছিল, তোমালোকে নিজৰ জাতিৰ ওচৰলৈ ওভতি যোৱা আৰু তেওঁলোকক শিক্ষা দান কৰাগৈহাদীছ - 87حَدَّثَنَا مُحَمَّدُ بْنُ بَشَّارٍ، قَالَ: حَدَّثَنَا غُنْدَرٌ، قَالَ: حَدَّثَنَا شُعْبَةُ، عَنْ أَبِي جَمْرَةَ، قَالَ: كُنْتُ أُتَرْجِمُ بَيْنَ ابْنِ عَبَّاسٍ وَبَيْنَ النَّاسِ، فَقَالَ: إِنَّ وَفْدَ عَبْدِ القَيْسِ أَتَوُا النَّبِيَّ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ فَقَالَ: «مَنِ الوَفْدُ أَوْ مَنِ القَوْمُ» قَالُوا: رَبِيعَةُ فَقَالَ: «مَرْحَبًا بِالقَوْمِ أَوْ بِالوَفْدِ، غَيْرَ خَزَايَا وَلاَ نَدَامَى» قَالُوا: إِنَّا نَأْتِيكَ مِنْ شُقَّةٍ بَعِيدَةٍ، وَبَيْنَنَا وَبَيْنَكَ هَذَا الحَيُّ مِنْ كُفَّارِ مُضَرَ، وَلاَ نَسْتَطِيعُ أَنْ نَأْتِيَكَ إِلَّا فِي شَهْرٍ حَرَامٍ، فَمُرْنَا بِأَمْرٍ نُخْبِرُ بِهِ مَنْ وَرَاءَنَا، نَدْخُلُ بِهِ الجَنَّةَ. فَأَمَرَهُمْ بِأَرْبَعٍ وَنَهَاهُمْ عَنْ أَرْبَعٍ: أَمَرَهُمْ بِالإِيمَانِ بِاللَّهِ عَزَّ وَجَلَّ وَحْدَهُ، قَالَ: «هَلْ تَدْرُونَ مَا الإِيمَانُ بِاللَّهِ وَحْدَهُ؟» قَالُوا: اللَّهُ وَرَسُولُهُ أَعْلَمُ، قَالَ: «شَهَادَةُ أَنْ لاَ إِلَهَ إِلَّا اللَّهُ، وَأَنَّ مُحَمَّدًا رَسُولُ اللَّهِ، وَإِقَامُ الصَّلاَةِ، وَإِيتَاءُ الزَّكَاةِ، وَصَوْمُ رَمَضَانَ، وَتُعْطُوا الخُمُسَ مِنَ المَغْنَمِ» وَنَهَاهُمْ عَنِ الدُّبَّاءِ وَالحَنْتَمِ وَالمُزَفَّتِ " قَالَ شُعْبَةُ: رُبَّمَا قَالَ: «النَّقِيرِ» وَرُبَّمَا قَالَ: «المُقَيَّرِ» قَالَ: «احْفَظُوهُ وَأَخْبِرُوهُ مَنْ وَرَاءَكُمْআবু জামৰা ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেখেতে কৈছেঃ মই ইবনু আব্বাছ ৰাদ্বিয়াল্লাহু আনহু আৰু মানুহৰ মাজত অনুবাদৰ কাম কৰিছিলোঁ। এদিনাখন ইবনু আব্বাছ ৰাদ্বিয়াল্লাহু আনহুৱে ক’লে,‘আব্দুল কাইছ গোত্ৰৰ প্ৰতিনিধি দল নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওচৰলৈ অহাত তেখেতে সুধিলে, তোমালোক কোন প্ৰতিনিধি দলৰ? অথবা কৈছিল– তোমালোক কোন সম্প্ৰদায়ৰ? তেওঁলোকে ক’লে– ‘ৰাবী’আহ গোত্ৰৰ’। তেখেতে ক’লে– ‘স্বাগতম এই গোত্ৰক বা প্ৰতিনিধি দলক, এওঁলোকে কোনো ধৰণৰ অপদস্থ বা লাঞ্ছিত নোহোৱাকৈয়ে আহিছে। তেওঁলোকে ক’লে– আমি বহু দূৰৰ পৰা আপোনাৰ ওচৰলৈ আহিছোঁ। আমাৰ আৰু আপোনাৰ মাজত আছে কাফিৰসকলৰ ‘মুজাৰ’ জাতিৰ বাসস্থান। আমি নিষিদ্ধ মাহৰ বাহিৰে আপোনাৰ ওচৰত আহিবলৈ সক্ষম নহয়। গতিকে আমাক এনে কিছুমান পৰামৰ্শ দিয়ক, যিবিলাক আমি আমাৰ এৰি থৈ অহা লোকসকলক জনাব পাৰোঁ আৰু তাৰ দ্বাৰা আমি জান্নাতত প্ৰৱেশ কৰিব পাৰোঁ’। তেতিয়া তেখেতে তেওঁলোকক চাৰিটা কামৰ নিৰ্দেশ দিলে আৰু চাৰিটা কামৰ পৰা নিষেধ কৰিলে। তেওঁলোকক এক আল্লাহৰ ওপৰত বিশ্বাস স্থাপনৰ আদেশ দিলে আৰু ক’লে, এক আল্লাহৰ ওপৰত বিশ্বাস স্থাপন কেনেকৈ হয় জানানে’? তেওঁলোকে ক’লে– ‘আল্লাহ আৰু তেওঁৰ ৰাছুলেহে ভালদৰে জানে’। তেখেতে ক’লে– ‘সেয়া হৈছে সাক্ষী দিয়া যে, আল্লাহৰ বাহিৰে আন কোনো সত্য ইলাহ নাই আৰু মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লাম আল্লাহৰ ৰাছুল, ছালাত প্ৰতিষ্ঠা কৰা, যাকাত আদায় কৰা আৰু ৰমজান মাহৰ চিয়াম পালন কৰা আৰু তোমালোকে ‘গণীমত’ৰ সম্পদৰ পৰা এক-পঞ্চমাংশ দান কৰিবা। তেওঁলোকক নিষেধ কৰিছিল– শুকান লাউৰ বাকলি, সেউজীয়া কলহ আৰু আলকাতৰাৰ দ্বাৰা ৰং কৰা পাত্ৰ ব্যৱহাৰ কৰিবলৈ। শ্বু’বাই কৈছে, কেতিয়াবা (আবূ জামাৰাই) খেজুৰ গছৰ পৰা তৈয়াৰ কৰা পাত্ৰৰ কথাও কৈছে, আকৌ তেখেতে কেতিয়াবা النَّقِيرِ -ৰ স্থলত الْمُقَيَّرِবুলি কৈছে। ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে, তোমালোকে এইখিনি মনোযোগ সহকাৰে মনত ৰাখিবা আৰু তোমালোকৰ পিছত যিসকল মানুহ আছে, তেওঁলোকক জনাই দিবা। (সংশ্লিষ্ট হাদীছঃ ৫৩)
পৰিচ্ছেদ: ২৬- উদ্ভৱ হোৱা মাছআলাৰ বাবে ভ্ৰমণ কৰা আৰু নিজৰ পৰিয়ালক শিক্ষা প্ৰদান কৰা প্ৰসংঙ্গ।হাদীছ - 88حَدَّثَنَا مُحَمَّدُ بْنُ مُقَاتِلٍ أَبُو الحَسَنِ، قَالَ: أَخْبَرَنَا عَبْدُ اللَّهِ، قَالَ: أَخْبَرَنَا عُمَرُ بْنُ سَعِيدِ بْنِ أَبِي حُسَيْنٍ، قَالَ: حَدَّثَنِي عَبْدُ اللَّهِ بْنُ أَبِي مُلَيْكَةَ، عَنْ عُقْبَةَ بْنِ الحَارِثِ، أَنَّهُ تَزَوَّجَ ابْنَةً لِأَبِي إِهَابِ بْنِ عُزَيْزٍ فَأَتَتْهُ امْرَأَةٌ فَقَالَتْ: إِنِّي قَدْ أَرْضَعْتُ عُقْبَةَ وَالَّتِي تَزَوَّجَ، فَقَالَ لَهَا عُقْبَةُ: مَا أَعْلَمُ أَنَّكِ أَرْضَعْتِنِي، وَلاَ أَخْبَرْتِنِي، فَرَكِبَ إِلَى رَسُولِ اللَّهِ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ بِالْمَدِينَةِ فَسَأَلَهُ، فَقَالَ رَسُولُ اللَّهِ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ: «كَيْفَ وَقَدْ قِيلَ» فَفَارَقَهَا عُقْبَةُ، وَنَكَحَتْ زَوْجًا غَيْ.উকবাহ ইবনুল হাৰিছ ৰাদ্বিয়াল্লাহু আনহুৱে বৰ্ণনা কৰিছে– তেওঁ আবূ ইহাব ইবনু উঝাইজ ৰাদ্বিয়াল্লাহু আনহুৰ কন্যাক বিবাহ কৰাৰ পিছত তেওঁৰ ওচৰত এগৰাকী মহিলা আহি ক’লে– “মই উকবাহ (ৰাদ্বিয়াল্লাহু আনহু)ক আৰু উকবাই যাক বিবাহ পাতিছে (আবূ ইহাবৰ কন্যা) উভয়কে পিয়াহ খুৱাইছোঁ। উকবাই তেওঁক ক’লে– তুমি যে মোক পিয়াহ খুৱাইছা, সেয়া মই নাজানো। কাৰণ ইতিপূৰ্বে এই কথা তুমি মোক জনোৱাও নাছিলা। তাৰ পিছত তেওঁ ভ্ৰমণ কৰি মদিনাহ লৈ গৈ আল্লাহৰ ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামক সুধিলে, তেতিয়া আল্লাহৰ ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামে ক’লে– এই কথা জনাৰ পিছত তুমি কেনেকৈ তাইৰ লগত সংসাৰ কৰিবা? তাৰ পিছত উকবাই তেওঁৰ স্ত্ৰীক এৰি দিলে আৰু সেই মহিলাই আন এজন স্বামীৰ লগত বিবাহ বন্ধনত আৱদ্ধ হ’ল। (সংশ্লিষ্ট হাদীছসমূহঃ ২০৫২, ২৬৪০, ২৬৫৯, ২৬৬০, ৫১০৪)
পৰিচ্ছেদ: ২৭- পাল-পাতি ইল্ম শিক্ষা লোৱা প্ৰসংঙ্গহাদীছ - 89حَدَّثَنَا أَبُو اليَمَانِ، أَخْبَرَنَا شُعَيْبٌ، عَنِ الزُّهْرِيِّ، ح قَالَ أَبُو عَبْدِ اللَّهِ: وَقَالَ ابْنُ وَهْبٍ، أَخْبَرَنَا يُونُسُ، عَنِ ابْنِ شِهَابٍ، عَنْ عُبَيْدِ اللَّهِ بْنِ عَبْدِ اللَّهِ بْنِ أَبِي ثَوْرٍ، عَنْ عَبْدِ اللَّهِ بْنِ عَبَّاسٍ، عَنْ عُمَرَ، قَالَ: كُنْتُ أَنَا وَجَارٌ لِي مِنَ الأَنْصَارِ فِي بَنِي أُمَيَّةَ بْنِ زَيْدٍ وَهِيَ مِنْ عَوَالِي المَدِينَةِ وَكُنَّا نَتَنَاوَبُ النُّزُولَ عَلَى رَسُولِ اللَّهِ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ، يَنْزِلُ يَوْمًا وَأَنْزِلُ يَوْمًا، فَإِذَا نَزَلْتُ جِئْتُهُ بِخَبَرِ ذَلِكَ اليَوْمِ مِنَ الوَحْيِ وَغَيْرِهِ، وَإِذَا نَزَلَ فَعَلَ مِثْلَ ذَلِكَ، فَنَزَلَ صَاحِبِي الأَنْصَارِيُّ يَوْمَ نَوْبَتِهِ، فَضَرَبَ بَابِي ضَرْبًا شَدِيدًا، فَقَالَ: أَثَمَّ هُوَ؟ فَفَزِعْتُ فَخَرَجْتُ إِلَيْهِ، فَقَالَ: قَدْ حَدَثَ أَمْرٌ عَظِيمٌ. قَالَ: فَدَخَلْتُ عَلَى حَفْصَةَ فَإِذَا هِيَ تَبْكِي، فَقُلْتُ: طَلَّقَكُنَّ رَسُولُ اللَّهِ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ؟ قَالَتْ: لاَ أَدْرِي، ثُمَّ دَخَلْتُ عَلَى النَّبِيِّ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ فَقُلْتُ وَأَنَا قَائِمٌ: أَطَلَّقْتَ نِسَاءَكَ؟ قَالَ: «لاَ» فَقُلْتُ: اللَّهُ أَكْبَرُ৮৯) .....ওমৰ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেখেতে কৈছেঃ মই আৰু মোৰ আনচাৰী প্ৰতিৱেশী এজনে বনি উমাইয়্যা বিন জায়েদৰ মহল্লাত বাস কৰিছিলোঁ। এই মহল্লাটো মদিনাৰ ওখ ঠাইত অৱস্থিত। আমি দুজনে পাল-পাতি আল্লাহৰ ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওচৰত উপস্থিত হৈছিলোঁ, এদিন তেওঁ গৈছিল আৰু এদিন মই গৈছিলোঁ। যিদিনা মই যাওঁ অহী প্ৰভৃতিৰ খবৰ আনি মই তেওঁক দিওঁ আৰু যিদিনা তেওঁ যায় সেইদিনাৰ খবৰ আনি তেওঁ মোক দিয়ে। এদিনাখন মোৰ আনচাৰী বন্ধুজনৰ পাল থকা দিনা তেওঁ আহিল আৰু (সেই ঠাইৰ পৰা ঘূৰি গৈ) মোৰ দুৱাৰত জোৰে জোৰে আঘাত কৰিব ধৰিলে। (মোৰ নাম লৈ) ক’ব ধৰিলে– তেওঁ ইয়াত আছেনে? মই আতংকিত হৈ তেওঁৰ ওচৰলৈ ওলাই আহিলোঁ। তেওঁ ক’লে এটা ডাঙৰ ঘটনা ঘটিছে [আল্লাহৰ ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামে তেখেতৰ স্ত্ৰীসকলক তালাক দিছে]। মই তেতিয়াই (মোৰ কন্যা) হাফছা ৰাদ্বিয়াল্লাহু আনহাৰ ওচৰলৈ গ’লোঁ। তেওঁ তেতিয়া কান্দি আছিল, মই সুধিলোঁ- আল্লাহৰ ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামে তোমালোকক তালাক দিছে নেকি? তেওঁ ক’লে, মই নাজানো। তেতিয়া মই নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওচৰলৈ গ’লোঁ আৰু থিয় হৈয়ে সুধিলোঁ: আপুনি আপোনাৰ স্ত্ৰীসকলক তালাক দিছে নেকি? উত্তৰত তেখেতে ক’লে– নহয়।মই তেতিয়া ক’লোঁ,‘আল্লাহু আকবাৰ’। (সংশ্লিষ্ট হাদীছসমূহঃ২৪৬৮, ৪৯১৩, ৪৯১৫, ৫১৯১, ৫২১৮, ৫৮৪৩, ৭২৫৬, ৭২৬৩)
পৰিচ্ছেদ: ২৮- অপছন্দনীয় কিবা দেখিলে ওৱাজ-নচীহত বা শিক্ষা প্ৰদানৰ সময়ত খং কৰা।হাদীছ - 90حَدَّثَنَا مُحَمَّدُ بْنُ كَثِيرٍ، قَالَ: أَخْبَرَنَا سُفْيَانُ، عَنِ ابْنِ أَبِي خَالِدٍ، عَنْ قَيْسِ بْنِ أَبِي حَازِمٍ، عَنْ أَبِي مَسْعُودٍ الأَنْصَارِيِّ قَالَ: قَالَ رَجُلٌ يَا رَسُولَ اللَّهِ، لاَ أَكَادُ أُدْرِكُ الصَّلاَةَ مِمَّا يُطَوِّلُ بِنَا فُلاَنٌ، فَمَا رَأَيْتُ النَّبِيَّ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ فِي مَوْعِظَةٍ أَشَدَّ غَضَبًا مِنْ يَوْمِئِذٍ، فَقَالَ: «أَيُّهَا النَّاسُ، إِنَّكُمْ مُنَفِّرُونَ، فَمَنْ صَلَّى بِالنَّاسِ فَلْيُخَفِّفْ، فَإِنَّ فِيهِمُ المَرِيضَ، وَالضَّعِيفَ، وَذَا الحَاجَةِ৯০) ......আবূ মাচউ’দ আনচাৰী ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেখেতে কৈছেঃ জনৈক ব্যক্তিয়ে ক’লে– হে আল্লাহৰ ৰাছুল! মই ছালাতত (জামাতত) উপস্থিত থাকিব নোৱাৰোঁ, কাৰণ অমুক ব্যক্তিয়ে আমাক লৈ বৰ দীঘলীয়া ছালাত আদায় কৰে। [আবূ মাচউ’দ ৰাদ্বিয়াল্লাহু আনহুৱে কৈছে] মই নবী চাল্লাল্লাহু আলাইহি অছাল্লামক কোনো নচীহতৰ বৈঠকত সিদিনাৰ তুলনাত ইমান ৰাগাম্বিত হোৱা দেখা নাছিলোঁ। (খং অৱস্থাতেই) তেখেতে ক’লে– হে মানৱ সম্প্ৰদায়! তোমালোকে মানুহৰ মাজত বিৰক্তি কিয় সৃষ্টি কৰা? এতেকে (জানি থোৱা) যিয়ে মানুহৰ ইমামতি কৰিব সি যেন দীঘলীয়া নকৰে। কাৰণ তেওঁলোকৰ মাজত বেমাৰী, দুৰ্বল আৰু কৰ্মব্যস্ত লোকো থাকিব পাৰে। (সংশ্লিষ্ট হাদীছসমূহঃ৭০২, ৭০৪, ৬১১০, ৭১৫৯)
হাদীছ - 91حَدَّثَنَا عَبْدُ اللَّهِ بْنُ مُحَمَّدٍ، قَالَ: حَدَّثَنَا عَبْدُ المَلِكِ بْنُ عَمْرٍو العَقَدِيُّ، قَالَ: حَدَّثَنَا سُلَيْمَانُ بْنُ بِلاَلٍ المَدِينِيُّ، عَنْ رَبِيعَةَ بْنِ أَبِي عَبْدِ الرَّحْمَنِ، عَنْ يَزِيدَ مَوْلَى المُنْبَعِثِ عَنْ زَيْدِ بْنِ خَالِدٍ الجُهَنِيِّ أَنَّ النَّبِيَّ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ سَأَلَهُ رَجُلٌ عَنِ اللُّقَطَةِ، فَقَالَ: «اعْرِفْ وِكَاءَهَا، أَوْ قَالَ وِعَاءَهَا، وَعِفَاصَهَا، ثُمَّ عَرِّفْهَا سَنَةً، ثُمَّ اسْتَمْتِعْ بِهَا، فَإِنْ جَاءَ رَبُّهَا فَأَدِّهَا إِلَيْهِ» قَالَ: فَضَالَّةُ الإِبِلِ؟ فَغَضِبَ حَتَّى احْمَرَّتْ وَجْنَتَاهُ، أَوْ قَالَ احْمَرَّ وَجْهُهُ، فَقَالَ: «وَمَا لَكَ وَلَهَا، مَعَهَا سِقَاؤُهَا وَحِذَاؤُهَا، تَرِدُ المَاءَ وَتَرْعَى الشَّجَرَ، فَذَرْهَا حَتَّى يَلْقَاهَا رَبُّهَا» قَالَ: فَضَالَّةُ الغَنَمِ؟ قَالَ: «لَكَ، أَوْ لِأَخِيكَ، أَوْ لِلذِّئْبِ.৯১) .....জায়েদ ইবনু খালিদ আল-জুহানী ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, জনৈক ব্যক্তিয়েনবী চাল্লাল্লাহু আলাইহি অছাল্লামকহেৰাই পোৱা বস্তুৰ বিষয়ে সুধিলে, তেখেতে ক’লে, উক্ত বস্তু বান্ধি ৰখা ৰছি, অথবা কৈছে, পাত্ৰ আদি ভালদৰে চিনাক্ত কৰি মনত ৰাখিবা, তাৰ পিছত এবছৰ পৰ্যন্ত সেই বিষয়ে ৰাজহুৱা ঘোষণা কৰা। তাৰ পিছত (মালিক পোৱা নগলে) তুমি সেয়া ব্যৱহাৰ কৰিব পাৰিবা।যদি তাৰ মালিক আহি পায় তেন্তে তাক কি দিবা। তেওঁ পুনৰ সুধিলে– হেৰুৱা উটৰ ক্ষেত্ৰত কি কৰিব লাগিব? এই কথা শুনাৰ লগে লগেআল্লাহৰ ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লাম ইমান ক্ৰোধান্বিত হ’ল যে, তেখেতৰ গাল দুখন ৰঙা হৈ পৰিল অথবা বৰ্ণনাকাৰীয়ে কৈছে– তেওঁৰ মুখমণ্ডল ৰঙা হৈ পৰিল। তেখেতে ক’লে: উটক লৈ তোমাৰকিহৰ অসুবিধা? তাৰ আছে পানী সঞ্চিত কৰিব পৰা ঠাই লগতে আছে মজবুত ভৰি। লগতেই পানীৰ ওচৰলৈ যাব পাৰে আৰু গছৰ পাতো নিজে খাব পাৰে,গতিকে তাক এৰি দিয়াইতিমধ্যে তাৰ মালিকে তাক বিচাৰি পাব। তেতিয়া প্ৰশ্নকাৰীয়েপুনৰ সুধিলে– হেৰাই যোৱা ছাগলী পালে? তেখেতে ক’লে– সেইটো তোমাৰ হ’ব, অথবা তোমাৰ ভাইৰ নাইবা হ’ব বাঘৰ।(সংশ্লিষ্ট হাদীছসমূহঃ ২৩৭২, ২৪২৭, ২৪২৮, ২৪২৯, ২৪৩৬, ২৪৩৮, ৫২৯২, ৬১১২)
হাদীছ - 92حَدَّثَنَا مُحَمَّدُ بْنُ العَلاَءِ، قَالَ: حَدَّثَنَا أَبُو أُسَامَةَ، عَنْ بُرَيْدٍ، عَنْ أَبِي بُرْدَةَ، عَنْ أَبِي مُوسَى، قَالَ: سُئِلَ النَّبِيُّ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ عَنْ أَشْيَاءَ كَرِهَهَا، فَلَمَّا أُكْثِرَ عَلَيْهِ غَضِبَ، ثُمَّ قَالَ لِلنَّاسِ: «سَلُونِي عَمَّا شِئْتُمْ» قَالَ رَجُلٌ: مَنْ أَبِي؟ قَالَ: «أَبُوكَ حُذَافَةُ» فَقَامَ آخَرُ فَقَالَ: مَنْ أَبِي يَا رَسُولَ اللَّهِ؟ فَقَالَ: «أَبُوكَ سَالِمٌ مَوْلَى شَيْبَةَ» فَلَمَّا رَأَى عُمَرُ مَا فِي وَجْهِهِ قَالَ: يَا رَسُولَ اللَّهِ، إِنَّا نَتُوبُ إِلَى اللَّهِ عَزَّ وَجَلَّ.৯২) ....আবূ মুছা ৰাদ্বিয়াল্লাহু আনহুৰ পৰাবৰ্ণিত, তেখেতে কৈছে, নবী চাল্লাল্লাহু আলাইহি অছাল্লামক কেইটামান অপছন্দনীয় বিষয় সম্পৰ্কে সোধা হৈছিল। প্ৰশ্নৰ সংখ্যা অধিক হোৱাত তেখেতে ৰাগাম্বিত হৈলোকসকলক ক’লে: ‘তোমালোকে মোক যি ইচ্ছা প্ৰশ্ন কৰা’। এজনে সুধিলে, ‘মোৰ পিতা কোন’? তেখেতে ক’লে: ‘তোমাৰ পিতা হুযাফাহ’। আন এজন ব্যক্তিয়ে থিয় হৈ ক’লে, ‘হে আল্লাহৰ ৰাছুল! মোৰ পিতা কোন’? তেখেতে ক’লে, তোমাৰ পিতা শ্বায়বাৰ দাস,ছালিম’। তেতিয়া ওমৰ ৰাদ্বিয়াল্লাহু আনহুৱে আল্লাহৰ ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামৰ চেহেৰাৰ অৱস্থা দেখি ক’লে, ‘হে আল্লাহৰ ৰাছুল! আমি মহিমান্বিত আল্লাহৰ ওচৰত তাওবাহ কৰিছো’। (সংশ্লিষ্ট হাদীছঃ৭২৯১; মুছলিম ৪৩/৩৭ হাদীছ নং ২৩৬০)
পৰিচ্ছেদ: ২৯- ইমাম বা মুহাদ্দিছৰ ওচৰত আঁঠু পাৰি বহাহাদীছ - 93حَدَّثَنَا أَبُو اليَمَانِ، قَالَ: أَخْبَرَنَا شُعَيْبٌ، عَنِ الزُّهْرِيِّ، قَالَ: أَخْبَرَنِي أَنَسُ بْنُ مَالِكٍ أَنَّ رَسُولَ اللَّهِ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ خَرَجَ، فَقَامَ عَبْدُ اللَّهِ بْنُ حُذَافَةَ فَقَالَ: مَنْ أَبِي؟ فَقَالَ: «أَبُوكَ حُذَافَةُ» ثُمَّ أَكْثَرَ أَنْ يَقُولَ: «سَلُونِي» فَبَرَكَ عُمَرُ عَلَى رُكْبَتَيْهِ فَقَالَ: رَضِينَا بِاللَّهِ رَبًّا وَبِالإِسْلاَمِ دِينًا وَبِمُحَمَّدٍ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ نَبِيًّا فَسَكَتَ.৯৩) .....আনাছ ইবনু মালিক ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, এদিনাখনআল্লাহৰ ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লাম ওলাই আহোঁতে আব্দুল্লাহ ইবনু হুযাফাহ থিয় হৈ সুধিলে, ‘মোৰ পিতা কোন’? তেখেতে ক’লে: ‘তোমাৰ পিতা হুযাফাহ’। তাৰ পিছত তেখেতে বাৰে বাৰে কব ধৰিলে, ‘তোমালোকে মোক প্ৰশ্ন কৰা’। ওমৰ ৰাদ্বিয়াল্লাহু আনহুৱে তেতিয়াআঁঠু পাৰি বহি ক’লে: আমিআল্লাহক প্ৰতিপালক হিচাপে, ইছলামক দ্বীন হিচাপে আৰু মুহাম্মাদ চাল্লাল্লাহু আলাইহি অছাল্লামক নবী হিচাপেসন্তুষ্টচিত্তে গ্ৰহণ কৰিছো। তাৰ পিছত আল্লাহৰ ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামে নিৰব হ’ল। (সংশ্লিষ্ট হাদীছসমূহঃ৫৪০, ৭৪৯, ৪৬২১, ৬৩৬২, ৬৪৬৮, ৬৪৮৬, ৭০৮৯, ৭০৯০, ৭০৯১, ৭২৯৪, ৭২৯৫; মুছলিম ৪৩/৩৭ হাদীছ নং ২৩৫৯, আহমাদ ১২৬৫৯)
পৰিচ্ছেদ: ৩০-ভালকৈ বুজাবৰ বাবে কোনো কথা তিনিবাৰ কোৱা।فَقَالَ أَلاَ وَقَوْلُ الزُّورِ فَمَا زَالَ يُكَرِّرُهَا وَقَالَ ابْنُ عُمَرَ قَالَ النَّبِيُّ صلى الله عليه وسلم هَلْ بَلَّغْتُ ثَلاَثًا.
নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে: ‘মিছা কথাৰ পৰা সাৱধান’! এই কথাষাৰ তেখেতে বাৰে বাৰে কৈ আছিল। ইবনু ওমৰ ৰাদ্বিয়াল্লাহু আনহুৱে কৈছে, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে (বিদায় হজ্জত)কৈছে, ‘মই পৌঁচাই দিছোনে’? এইকথা তেখেতে তিনিবাৰ কৈছিল।
হাদীছ - 94حَدَّثَنَا عَبْدَةُ، قَالَ: حَدَّثَنَا عَبْدُ الصَّمَدِ، قَالَ: حَدَّثَنَا عَبْدُ اللَّهِ بْنُ المُثَنَّى، قَالَ: حَدَّثَنَا ثُمَامَةُ بْنُ عَبْدِ اللَّهِ، عَنْ أَنَسٍ عَنِ النَّبِيِّ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ أَنَّهُ كَانَ «إِذَا سَلَّمَ سَلَّمَ ثَلاَثًا، وَإِذَا تَكَلَّمَ بِكَلِمَةٍ أَعَادَهَا ثَلاَثًا.৯৪) ....আনাছ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেখেতে কৈছেঃনবী চাল্লাল্লাহু আলাইহি অছাল্লামে যেতিয়া ছালাম দিছিল, তিনিবাৰ দিছিল আৰু যেতিয়া কোনো কথা কৈছিল তেতিয়া তিনিবাৰ কৈছিল। (সংশ্লিষ্ট হাদীছসমূহঃ৯৫, ৬২৪৪)
হাদীছ - 95حَدَّثَنَا عَبْدَةُ بْنُ عَبْدِ اللَّهِ الصَّفَارُ، حَدَّثَنَا عَبْدُ الصَّمَدِ، قَالَ: حَدَّثَنَا عَبْدُ اللَّهِ بْنُ المُثَنَّى، قَالَ: حَدَّثَنَا ثُمَامَةُ بْنُ عَبْدِ اللَّهِ، عَنْ أَنَسٍ عَنِ النَّبِيِّ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ أَنَّهُ كَانَ «إِذَا تَكَلَّمَ بِكَلِمَةٍ أَعَادَهَا ثَلاَثًا، حَتَّى تُفْهَمَ عَنْهُ، وَإِذَا أَتَى عَلَى قَوْمٍ فَسَلَّمَ عَلَيْهِمْ، سَلَّمَ عَلَيْهِمْ ثَلاَثًا.৯৫) ....আনাছ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছে, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে যেতিয়া কোনো কথা কৈছিল, সেই কথা ভালকৈ বুজি পোৱাৰবাবে তিনিবাৰ কৈছিল আৰু যেতিয়া তেখেতে কোনো গোত্ৰৰ ওচৰত আহি ছালামদিছিল, তেতিয়া তেখেতে তেওঁলোকৰ প্ৰতি তিনিবাৰ ছালাম দিছিল। (সংশ্লিষ্ট হাদীছঃ৯৪)
হাদীছ - 96حَدَّثَنَا مُسَدَّدٌ، قَالَ:حَدَّثَنَا أَبُو عَوَانَةَ، عَنْ أَبِي بِشْرٍ، عَنْ يُوسُفَ بْنِ مَاهَكَ، عَنْ عَبْدِ اللَّهِ بْنِ عَمْرٍو قَالَ: تَخَلَّفَ رَسُولُ اللَّهِ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ فِي سَفَرٍ سَافَرْنَاهُ، فَأَدْرَكَنَا وَقَدْ أَرْهَقْنَا الصَّلاَةَ، صَلاَةَ العَصْرِ، وَنَحْنُ نَتَوَضَّأُ، فَجَعَلْنَا نَمْسَحُ عَلَى أَرْجُلِنَا فَنَادَى بِأَعْلَى صَوْتِهِ «وَيْلٌ لِلْأَعْقَابِ مِنَ النَّارِ مَرَّتَيْنِ أَوْ ثَلاَثًا.৯৬) .....আব্দুল্লাহ ইবনু আমৰ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছে, কোনো এখন ভ্ৰমণত আল্লাহৰ ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লাম আমাতকৈ পিছপৰি আছিল কিন্তুএটা সময়ত তেখেত আহিআমাৰ কাষ পালে। ইফালে আমাৰ (আছৰৰ) ছালাত আদায় কৰোতে পলম হৈছিল আৰু আমি অজু কৰি আছিলো। আমি আমাৰ ভৰি কোনোমতে পানীৰ দ্বাৰা তিয়াইছিলো। তেখেতে উচ্চস্বৰে ক’লে: ভৰিৰ গুৰুহা (শুকান থকাৰ) বাবে জাহান্নামৰ শাস্তি আছে। তেখেতে এই কথা দুবাৰ অথবা তিনিবাৰ কৈছিল। (সংশ্লিষ্ট হাদীছঃ৬০)
পৰিচ্ছেদ: ৩১-নিজৰ দাসী আৰু পৰিয়ালবৰ্গক শিক্ষা দিয়াসম্পৰ্কেহাদীছ - 97أَخْبَرَنَا مُحَمَّدٌ هُوَ ابْنُ سَلاَمٍ، حَدَّثَنَا المُحَارِبِيُّ، قَالَ: حَدَّثَنَا صَالِحُ بْنُ حَيَّانَ، قَالَ: قَالَ عَامِرٌ الشَّعْبِيُّ: حَدَّثَنِي أَبُو بُرْدَةَ، عَنْ أَبِيهِ، قَالَ: قَالَ رَسُولُ اللَّهِ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ: " ثَلاَثَةٌ لَهُمْ أَجْرَانِ: رَجُلٌ مِنْ أَهْلِ الكِتَابِ، آمَنَ بِنَبِيِّهِ وَآمَنَ بِمُحَمَّدٍ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ، وَالعَبْدُ المَمْلُوكُ إِذَا أَدَّى حَقَّ اللَّهِ وَحَقَّ مَوَالِيهِ، وَرَجُلٌ كَانَتْ عِنْدَهُ أَمَةٌ فَأَدَّبَهَا فَأَحْسَنَ تَأْدِيبَهَا، وَعَلَّمَهَا فَأَحْسَنَ تَعْلِيمَهَا، ثُمَّ أَعْتَقَهَا فَتَزَوَّجَهَا فَلَهُ أَجْرَانِ "، ثُمَّ قَالَ عَامِرٌ: أَعْطَيْنَاكَهَا بِغَيْرِ شَيْءٍ، قَدْ كَانَ يُرْكَبُ فِيمَا دُونَهَا إِلَى المَدِينَةِ.৯৭) ....আবূ বুৰদাহ ৰাদ্বিয়াল্লাহু আনহুৱে তেখেতৰ পিতৃৰ পৰা বৰ্ণনা কৰি কৈছে, আল্লাহৰ ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে, তিনি ধৰণৰ লোকৰ বাবে দুটা পুণ্য আছে: (১) আহলে কিতাবৰ সেই ব্যক্তি যিয়ে তেওঁৰ নবীৰ ওপৰত ঈমান আনিছে আৰু মুহাম্মাদ চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওপৰতো ঈমান আনিছে, (২) যিজন ক্ৰীতদাসে আল্লাহৰ হক্ক আদায় কৰাৰ লগতে তেওঁৰ মালিকৰ হকো আদায় কৰে, (৩)এনেকুৱা ব্যক্তি যাৰ এজনী দাসী আছিল, তাইক তেওঁ সুন্দৰভাৱে আদব-কায়দা শিকাইছিল আৰু দ্বীনি শিক্ষাৰে শিক্ষিত কৰিছিল, তাৰপিছত তাইক মুক্ত কৰি দি বিবাহ কৰিছিল। এনেকুৱাব্যক্তিৰ বাবে দুটা পুণ্য আছে। ইয়াৰ পিছত বৰ্ণনাকাৰী আমিৰ ৰাহিমাহুল্লাহে (তেওঁৰ ছাত্ৰক) কৈছে, তোমাক কোনো বিনিময় নোহোৱাকৈ হাদীছটো শিকালো অথচ পূৰ্বতে ইয়াতকৈয়ো সৰু হাদীছৰ কাৰণে মানুহে দূৰ দূৰণিৰ পৰা ভ্ৰমণ কৰি মদিনালৈ আহিছিল। (সংশ্লিষ্ট হাদীছসমূহঃ২৫৪৪, ২৫৪৭, ২৫৫১, ৩০১১, ৩৪৪৬, ৫০৮৩; মুছলিম ১/৭০ হাদীছ নং ১৫৪, আহমদ ১৯৭৩২)
পৰিচ্ছেদ: ৩২-আলিমৰ জৰিয়তে নাৰীসকলক উপদেশ প্ৰদান কৰা আৰু দ্বীনি শিক্ষা প্ৰদান প্ৰসঙ্গহাদীছ - 98حَدَّثَنَا سُلَيْمَانُ بْنُ حَرْبٍ، قَالَ: حَدَّثَنَا شُعْبَةُ، عَنْ أَيُّوبَ، قَالَ: سَمِعْتُ عَطَاءً، قَالَ: سَمِعْتُ ابْنَ عَبَّاسٍ، قَالَ: أَشْهَدُ عَلَى النَّبِيِّ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ - أَوْ قَالَ عَطَاءٌ: أَشْهَدُ عَلَى ابْنِ عَبَّاسٍ: أَنَّ رَسُولَ اللَّهِ صلى اللهُ عَلَيْهِ وَسَلَّمَ - «خَرَجَ وَمَعَهُ بِلاَلٌ، فَظَنَّ أَنَّهُ لَمْ يُسْمِعْ فَوَعَظَهُنَّ وَأَمَرَهُنَّ بِالصَّدَقَةِ، فَجَعَلَتِ المَرْأَةُ تُلْقِي القُرْطَ وَالخَاتَمَ، وَبِلاَلٌ يَأْخُذُ فِي طَرَفِ ثَوْبِهِ» قَالَ أَبُو عَبْدِ اللَّهِ: وَقَالَ: إِسْمَاعِيلُ، عَنْ أَيُّوبَ، عَنْ عَطَاءٍ، وَقَالَ: عَنْ ابْنِ عَبَّاسٍ، أَشْهَدُ عَلَى النَّبِيِّ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ.৯৮) ....ইবনু আব্বাছ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেখেতে কৈছে, মই নবী চাল্লাল্লাহু আলাইহি অছাল্লামক সাক্ষী থৈ কৈছো অথবা পৰবৰ্তী সময়ৰ বৰ্ণনাকাৰী আত্বা ৰাহিমাহুল্লাহে কৈছে, মই ইবনু আব্বাছক সাক্ষী ৰাখি কৈছো যে, নবী চাল্লাল্লাহু আলাইহি অছাল্লাম (ঈদৰ দিনা পুৰুষৰ শাৰীৰ পৰা) ওলাই আহিল, তেওঁৰ লগত আছিল বিলাল ৰাদ্বিয়াল্লাহু আনহু। তেখেতে ধাৰণা কৰিছিল যে, দূৰত্ব থকাৰ কাৰণে মহিলাসকলে তেখেতৰ নচীহত শুনা পোৱা নাছিল,গতিকে তেখেতে তেওঁলোকক নচীহত কৰিলে আৰু দান খায়ৰাত কৰিবলৈ উপদেশ দিলে। তেতিয়া মহিলাসকলে কাণৰ কাণফুলি আৰু হাতৰ আঙুঠি আদি দান কৰিব ধৰিলে আৰু বিলাল ৰাদ্বিয়াল্লাহু আনহুৱে কাপোৰৰ এটা কোণত সেইবোৰ গ্ৰহণ কৰিব ধৰিলে।
আবু আব্দুল্লাহ (বুখাৰী) ৰাহিমাহুল্লাহে কৈছে, ইছমাইল ৰাহিমাহুল্লাহে আত্বা ৰাহিমাহুল্লাহৰ সুত্ৰত কৈছে যে, ইবনু আব্বাছ ৰাদ্বিয়াল্লাহু আনহুৱে কৈছে, মই নবী চাল্লাল্লাহু আলাইহি অছাল্লামক সাক্ষী থৈ কৈছো। (সংশ্লিষ্ট হাদীছসমূহঃ৮৬৩, ৯৬২, ৯৬৪, ৯৭৫, ৯৭৭, ৯৭৯, ৯৮৯, ১৪৩১, ১৪৪৯, ৪৮৯৫, ৫২৪৯, ৫৮৮০, ৫৮৮১, ৫৮৮৩, ৭৩২৫; মুছলিম ৮/১ হাদীছ নং ৮৮৪, আহমদ ৩০৬৪)
পৰিচ্ছেদ: ৩৩- হাদীছৰ প্ৰতি লোভহাদীছ - 99حَدَّثَنَا عَبْدُ العَزِيزِ بْنُ عَبْدِ اللَّهِ، قَالَ: حَدَّثَنِي سُلَيْمَانُ، عَنْ عَمْرِو بْنِ أَبِي عَمْرٍو، عَنْ سَعِيدِ بْنِ أَبِي سَعِيدٍ المَقْبُرِيِّ، عَنْ أَبِي هُرَيْرَةَ أَنَّهُ قَالَ: قِيلَ يَا رَسُولَ اللَّهِ مَنْ أَسْعَدُ النَّاسِ بِشَفَاعَتِكَ يَوْمَ القِيَامَةِ؟ قَالَ رَسُولُ اللَّهِ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ: «لَقَدْ ظَنَنْتُ يَا أَبَا هُرَيْرَةَ أَنْ لاَ يَسْأَلُنِي عَنْ هَذَا الحَدِيثِ أَحَدٌ أَوَّلُ مِنْكَ لِمَا رَأَيْتُ مِنْ حِرْصِكَ عَلَى الحَدِيثِ أَسْعَدُ النَّاسِ بِشَفَاعَتِي يَوْمَ القِيَامَةِ، مَنْ قَالَ لاَ إِلَهَ إِلَّا اللَّهُ، خَالِصًا مِنْ قَلْبِهِ، أَوْ نَفْسِهِ.৯৯) .....আবূ হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেখেতে কৈছে, (এদিনাখন) আল্লাহৰ ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামক প্ৰশ্ন কৰা হ’ল– হে আল্লাহৰ ৰাছুল! কিয়ামতৰ দিনা আপোনাৰ ছুপাৰিচ লাভৰ ক্ষেত্ৰত সকলোতকৈ অধিক সৌভাগ্যৱান কোন হ’ব? আল্লাহৰ ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামে ক’লে, হে আবূ হুৰাইৰাহ! মই ভাৱিছিলো, এই হাদীছৰ বিষয়ে তোমাৰ পূৰ্বে মোক কোনেও নুসুধিব। কাৰণ মই দেখিছো, হাদীছৰ প্ৰতি তোমাৰ বিশেষ লোভ আছে।কিয়ামতৰ দিনা মোৰ শ্বাফা’আত লাভৰ বাবে সকলোতকৈ সৌভাগ্যৱান হ’ব সেই ব্যক্তি, যিয়ে একনিষ্ঠভাৱে মনে প্ৰাণেلآإِلَهَإِلاَّاللهُ(আল্লাহৰ বাহিৰে প্রকৃত আন কোন ইলাহ নাই)ৰ স্বীকৃতি দিব। (সংশ্লিষ্ট হাদীছঃ৬৫৭০)
পৰিচ্ছেদ: ৩৪-কেনেকৈ (দ্বীনি ইল্ম) জ্ঞান উঠাই লোৱা হ’বوَكَتَبَ عُمَرُ بْنُ عَبْدِ الْعَزِيزِ إِلَى أَبِي بَكْرِ بْنِ حَزْمٍ انْظُرْ مَا كَانَ مِنْ حَدِيثِ رَسُولِ اللهِ صلى الله عليه وسلم فَاكْتُبْهُ فَإِنِّي خِفْتُ دُرُوسَ الْعِلْمِ وَذَهَابَ الْعُلَمَاءِ وَلاَ تَقْبَلْ إِلاَّ حَدِيثَ النَّبِيِّ صلى الله عليه وسلم وَلْتُفْشُوا الْعِلْمَ وَلْتَجْلِسُوا حَتَّى يُعَلَّمَ مَنْ لاَ يَعْلَمُ فَإِنَّ الْعِلْمَ لاَ يَهْلِكُ حَتَّى يَكُونَ سِرًّا
حَدَّثَنَا الْعَلاَءُ بْنُ عَبْدِ الْجَبَّارِ قَالَ حَدَّثَنَا عَبْدُ الْعَزِيزِ بْنُ مُسْلِمٍ عَنْ عَبْدِ اللهِ بْنِ دِينَارٍ بِذَلِكَ يَعْنِي حَدِيثَ عُمَرَ بْنِ عَبْدِ الْعَزِيزِ إِلَى قَوْلِهِ ذَهَابَالْعُلَمَاءِ
‘ওমৰ ইবনু আব্দিল ‘আযীয ৰাহিমাহুল্লাহে আবূ বকৰ ইবনু হাযম ৰাহিমাহুল্লাহলৈ এখন চিঠিত লিখিছিল: অনুসন্ধান কৰা, আল্লাহৰ ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামৰ যিকোনো হাদীছ পালেই সেয়া লিপিবদ্ধ কৰি ৰাখিবা। মই ধৰ্মীয় জ্ঞান লোপ পোৱাৰ আৰু আলিমসকল বিদায় লোৱাৰ আশংকা কৰিছো।জানি থোৱা!নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ হাদীছৰ বাহিৰেআন একো গ্ৰহণ নকৰিবা আৰু প্ৰত্যেকেই ধৰ্মীয় জ্ঞানৰ প্ৰচাৰ আৰু প্ৰসাৰ ঘটোৱা উচিত আৰু তেওঁলোকে যেন একেলগে বহি (ধর্মীয় জ্ঞানৰ চর্চা কৰে), যাতে যিয়ে নাজানে তেওঁ যেন শিক্ষা গ্রহণ কৰিব পাৰে। কাৰণ জ্ঞান গোপন নোহোৱা লৈকে বিলুপ্ত নহ’ব।
‘আলা’ ইবনু ‘আব্দিল জাব্বাৰ ৰাহিমাহুল্লাহে আব্দুল আজীজ বিন মুছলিমৰ সূত্ৰত বৰ্ণনা কৰিছে যে, ‘আব্দুল্লাহ ইবনু দ্বীনাৰ ৰাহিমাহুল্লাহৰ সূত্রত বর্ণিত ৰেৱায়তত ‘উমৰ ইবনু ‘আব্দিল-‘আযীযৰ উপৰোক্ত হাদীছত ‘বিজ্ঞ ব্যক্তিসকল বিদায় লব’ এই পর্যন্ত বর্ণিত আছে।
হাদীছ - 100حَدَّثَنَا إِسْمَاعِيلُ بْنُ أَبِي أُوَيْسٍ، قَالَ : حَدَّثَنِي مَالِكٌ، عَنْ هِشَامِ بْنِ عُرْوَةَ، عَنْ أَبِيهِ، عَنْ عَبْدِ اللَّهِ بْنِ عَمْرِو بْنِ العَاصِ قَالَ: سَمِعْتُ رَسُولَ اللَّهِ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ يَقُولُ: «إِنَّ اللَّهَ لاَ يَقْبِضُ العِلْمَ انْتِزَاعًا يَنْتَزِعُهُ مِنَ العِبَادِ، وَلَكِنْ يَقْبِضُ العِلْمَ بِقَبْضِ العُلَمَاءِ، حَتَّى إِذَا لَمْ يُبْقِ عَالِمًا اتَّخَذَ النَّاسُ رُءُوسًا جُهَّالًا، فَسُئِلُوا فَأَفْتَوْا بِغَيْرِ عِلْمٍ، فَضَلُّوا وَأَضَلُّوا» قَالَ الفِرَبْرِيُّ: حَدَّثَنَا عَبَّاسٌ، قَالَ: حَدَّثَنَا قُتَيْبَةُ، حَدَّثَنَا جَرِيرٌ، عَنْ هِشَامٍ نَحْوَهُ.১০০) ....আব্দুল্লাহ ইবনু আমৰ ইবনুল আচ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেখেতে কৈছে, ‘মই আল্লাহৰ ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৰা শুনিছো তেখেতে কৈছে, আল্লাহে তেওঁৰ বান্দাসকলৰ অন্তৰৰ পৰা ইল্ম উঠাই নলয়, বৰং দ্বীনৰ আলিমসকলক উঠাই লোৱাৰ মাধ্যমেই ইল্ম উঠাই লয়। যেতিয়া কোনো আলিম অৱশিষ্ট নাথাকিব তেতিয়া মানুহে মূৰ্খসকলকেই নেতা বনাই লব। সিহঁতক কিবা সুধিলে নজনাকৈয়ে ফতোৱা প্ৰদান কৰিব। ফলত সিহঁত নিজেও পথভ্ৰষ্ট হ’ব আৰু আনকো পথভ্ৰষ্ট কৰিব।
ফিৰাবৰীয়ে কৈছে, আমাক হাদীছ বৰ্ণনা কৰিছে আব্বাছে, তেওঁ কৈছে আমাক হাদীছ বৰ্ণনা কৰিছে কুতাইবাই, তেওঁ কৈছে আমাক হাদীছ বৰ্ণনা কৰিছে জৰীৰে আৰু জাৰীৰে হিশ্বামৰ অনুৰূপ হাদীছ বৰ্ণনা কৰিছে। (সংশ্লিষ্ট হাদীছঃ ৭৩০৭; মুছলিম ৪৭/৪, হাদীছ নং ২৬৭৩, আহমদ ৬৫২১)
পৰিচ্ছেদ: ৩৫-নাৰীসকলৰ জ্ঞান লাভৰ বাবে পৃথককৈ দিন নিৰ্দ্ধাৰণ কৰা যাবনে?হাদীছ - 101حَدَّثَنَا آدَمُ، قَالَ: حَدَّثَنَا شُعْبَةُ، قَالَ: حَدَّثَنِي ابْنُ الأَصْبَهَانِيِّ، قَالَ: سَمِعْتُ أَبَا صَالِحٍ ذَكْوَانَ، يُحَدِّثُ عَنْ أَبِي سَعِيدٍ الخُدْرِيِّ قَالَتِ النِّسَاءُ لِلنَّبِيِّ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ: غَلَبَنَا عَلَيْكَ الرِّجَالُ، فَاجْعَلْ لَنَا يَوْمًا مِنْ نَفْسِكَ، فَوَعَدَهُنَّ يَوْمًا لَقِيَهُنَّ فِيهِ، فَوَعَظَهُنَّ وَأَمَرَهُنَّ، فَكَانَ فِيمَا قَالَ لَهُنَّ: «مَا مِنْكُنَّ امْرَأَةٌ تُقَدِّمُ ثَلاَثَةً مِنْ وَلَدِهَا، إِلَّا كَانَ لَهَا حِجَابًا مِنَ النَّارِ» فَقَالَتِ امْرَأَةٌ: وَاثْنَتَيْنِ؟ فَقَالَ: «وَاثْنَتَيْنِ»১০১) ....আবূ ছা’ঈদ খুদৰী ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেখেতে কৈছেঃমহিলাসকলে এদিন নবী চাল্লাল্লাহু আলাইহি অছাল্লামক ক’লে, পুৰুষসকলে আপোনাৰ ওচৰত আমাতকৈ প্ৰাধান্য লাভ কৰি আছে।গতিকে আপুনি নিজেই আমাৰ বাবে এটা দিন নিৰ্দ্ধাৰণকৰি দিয়ক। তেখেতে তেওঁলোকৰ লগত বিশেষ এটা দিনৰ বাবে প্ৰতিশ্ৰুতি দিলে।সেইদিনা তেখেতে মহিলাসকলক সাক্ষাত কৰিলে আৰুনচীহত কৰিলে আৰু নিৰ্দেশ দিলে। তেখেতে তেওঁলোকক কোৱা কথাসমূহৰ ভিতৰত এই কথাওআছিল যে, তোমালোকৰ ভিতৰত যাৰ তিনিটা সন্তানৰ মৃত্যু হ’ব, তাইৰ বাবে সিহঁত জাহান্নামৰ প্ৰতিবন্ধক হৈ থিয় দিব। তেতিয়া এগৰাকী মহিলাই সুধিলে– দুটা সন্তানৰ মৃত্যু হ’লে? তেখেতে ক’লে– দুটাৰ মৃত্যু হ’লেও। (সংশ্লিষ্ট হাদীছসমূহঃ১২৪৯, ৭৩১০; মুছলিম ৪৫/৪৭, হাদীছ নং ২৬৩৩, আহমদ ১১২৯৬)
হাদীছ - 102حَدَّثَنَا مُحَمَّدُ بْنُ بَشَّارٍ، قَالَ: حَدَّثَنَا غُنْدَرٌ، قَالَ: حَدَّثَنَا شُعْبَةُ، عَنْ عَبْدِ الرَّحْمَنِ بْنِ الأَصْبَهَانِيِّ، عَنْ ذَكْوَانَ، عَنْ أَبِي سَعِيدٍ الخُدْرِيِّ، عَنِ النَّبِيِّ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ بِهَذَا وَعَنْ عَبْدِ الرَّحْمَنِ بْنِ الأَصْبَهَانِيِّ، قَالَ: سَمِعْتُ أَبَا حَازِمٍ، عَنْ أَبِي هُرَيْرَةَ قَالَ: «ثَلاَثَةً لَمْ يَبْلُغُوا الحِنْثَ.১০২) ....আবূ ছা’ঈদ খুদৰী ৰাদ্বিয়াল্লাহু আনহুৱে নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৰা অনুৰূপ বৰ্ণনা কৰিছে। আব্দুৰ ৰহমান আল-আচবাহানী ৰাহিমাহুল্লাহে কৈছেঃ মই আবু হাজীমৰ পৰা শুনিছো, আবূ হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেখেতে কৈছে: এনেকুৱা তিনিজন সন্তান, যিসকল প্ৰাপ্তবয়স্কহোৱা নাছিল। (১২৫০ দ্রষ্টব্য)
পৰিচ্ছেদ: ৩৬-কোনো কথা শুনি, বুজি নাপালে জনাৰ কাৰণে পুনৰাবৃত্তি কৰা।হাদীছ - 103حَدَّثَنَا سَعِيدُ بْنُ أَبِي مَرْيَمَ، قَالَ: أَخْبَرَنَا نَافِعُ بْنُ عُمَرَ، قَالَ: حَدَّثَنِي ابْنُ أَبِي مُلَيْكَةَ، أَنَّ عَائِشَةَ، زَوْجَ النَّبِيِّ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ: كَانَتْ لاَ تَسْمَعُ شَيْئًا لاَ تَعْرِفُهُ، إِلَّا رَاجَعَتْ فِيهِ حَتَّى تَعْرِفَهُ، وَأَنَّ النَّبِيَّ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ قَالَ: «مَنْ حُوسِبَ عُذِّبَ» قَالَتْ عَائِشَةُ: فَقُلْتُ أَوَلَيْسَ يَقُولُ اللَّهُ تَعَالَى: {فَسَوْفَ يُحَاسَبُ حِسَابًا يَسِيرًا} [الانشقاق: 8] قَالَتْ: فَقَالَ: " إِنَّمَا ذَلِكِ العَرْضُ، وَلَكِنْ: مَنْ نُوقِشَ الحِسَابَ يَهْلِكْ.১০৩) ....ইবনু আবি মুলাইকাহ ৰাদ্বিয়াল্লাহু আনহুৱে কৈছে, নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ স্ত্ৰী ‘আইশ্বা’ ৰাদ্বিয়াল্লাহু আনহাই কোনো কথা শুনি, বুজি নাপালে আকৌ প্ৰশ্ন কৰিছিল। এবাৰ নবী চাল্লাল্লাহু আলাইহি অছাল্লামে ক’লে, “(কিয়ামতৰ দিনা) যাৰ হিচাপ লোৱা হ’ব তাক শাস্তি দিয়া হ’ব”। আইশ্বা ৰাদ্বিয়াল্লাহু আনহাইকৈছে- মই সুধিলো– আল্লাহ তাআ’লাই এই ঘোষণা কৰা নাই নেকি যে, فَسَوْفَيُحَاسَبُحِسَابًايَسِيرًا তাৰ হিচাপ-নিকাচ সহজে লোৱা হ’ব) (ছূৰা ইনশ্বিক্বাকঃ ৮)। তেতিয়া তেখেতে ক’লে: সেয়া হৈছে হিচাপ প্ৰকাশ কৰা, কিন্তু যাৰ হিচাপ পুঙ্খানুপুঙ্খৰূপে লোৱা হ’ব সি ধ্বংসপ্ৰাপ্ত হ’ব। (সংশ্লিষ্ট হাদীছসমূহঃ ৪৯৩৯, ৬৫৩৬, ৬৫৩৭; মুছলিম ৫১/১৮, হাদীছ নং ২৮৭৬, আহমদ ২৪২৫৫)
পৰিচ্ছেদ: ৩৭-উপস্থিত থকা ব্যক্তিয়ে যেন অনুপস্থিত ব্যক্তিক ইল্ম পৌঁচাই দিয়ে।قَالَهُ ابْنُ عَبَّاسٍ عَنِ النَّبِيِّ صلى الله عليه وسلم.
ইবনু ‘আব্বাছ ৰাদ্বিয়াল্লাহু আনহু নাবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৰা সেয়া বর্ণনা কৰিছে।
হাদীছ - 104
 حَدَّثَنَا عَبْدُ اللَّهِ بْنُ يُوسُفَ، قَالَ: حَدَّثَنِي اللَّيْثُ، قَالَ: حَدَّثَنِي سَعِيدٌ هُوَ ابْنُ أَبِي سَعِيدٍ، عَنْ أَبِي شُرَيْحٍ، أَنَّهُ قَالَ لِعَمْرِو بْنِ سَعِيدٍ: - وَهُوَ يَبْعَثُ البُعُوثَ إِلَى مَكَّةَ - ائْذَنْ لِي أَيُّهَا الأَمِيرُ، أُحَدِّثْكَ قَوْلًا قَامَ بِهِ النَّبِيُّ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ الغَدَ مِنْ يَوْمِ الفَتْحِ، سَمِعَتْهُ أُذُنَايَ وَوَعَاهُ قَلْبِي، وَأَبْصَرَتْهُ عَيْنَايَ حِينَ تَكَلَّمَ بِهِ: حَمِدَ اللَّهَ وَأَثْنَى عَلَيْهِ، ثُمَّ قَالَ: " إِنَّ مَكَّةَ حَرَّمَهَا اللَّهُ، وَلَمْ يُحَرِّمْهَا النَّاسُ، فَلاَ يَحِلُّ لِامْرِئٍ يُؤْمِنُ بِاللَّهِ وَاليَوْمِ الآخِرِ أَنْ يَسْفِكَ بِهَا دَمًا، وَلاَ يَعْضِدَ بِهَا شَجَرَةً، فَإِنْ أَحَدٌ تَرَخَّصَ لِقِتَالِ رَسُولِ اللَّهِ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ فِيهَا، فَقُولُوا: إِنَّ اللَّهَ قَدْ أَذِنَ لِرَسُولِهِ وَلَمْ يَأْذَنْ لَكُمْ، وَإِنَّمَا أَذِنَ لِي فِيهَا سَاعَةً مِنْ نَهَارٍ، ثُمَّ عَادَتْ حُرْمَتُهَا اليَوْمَ كَحُرْمَتِهَا بِالأَمْسِ، وَلْيُبَلِّغِ الشَّاهِدُ الغَائِبَ " فَقِيلَ لِأَبِي شُرَيْحٍ مَا قَالَ عَمْرٌو قَالَ: أَنَا أَعْلَمُ مِنْكَ يَا أَبَا شُرَيْحٍ لاَ يُعِيذُ عَاصِيًا وَلاَ فَارًّا بِدَمٍ وَلاَ فَارًّا بِخَرْبَةٍ
১০৪) .....আবূ শুৰাইহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত যে, তেখেতে ‘আমৰ ইবনু ছা’ঈদ (মদিনাৰগভৰ্ণৰ)ক মক্কালৈ সেনা বাহিনীপ্ৰেৰণ কৰাৰ সময়ত কৈছিল– হে আমাৰ নেতা!আপুনি অনুমতি দিলে মইএনেকুৱা এটা হাদীছ বৰ্ণনা কৰিম, যিটো মক্কা বিজয়ৰ পিছদিনা আল্লাহৰ ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছিল। মোৰ দুই কাণে সেয়া শুনিছে, আৰু মোৰ হৃদয়ে সেয়া আয়ত্ত কৰিছে আৰু মোৰ দুচকুৱে সেয়া দেখিছে। তেখেতে আল্লাহৰ গুণগান আৰু প্ৰশংসা বৰ্ণনা কৰি ক’লে: মক্কাক আল্লাহে হাৰাম কৰিছে, কোনো মানুহে তাক হাৰাম কৰা নাই। সেয়েযি ব্যক্তিয়ে আল্লাহ আৰু আখিৰাতত বিশ্বাস ৰাখে, তাৰ বাবে তাত ৰক্তপাত কৰা, সেই ঠাইৰ গছ-গছনি কটা বৈধ নহয়। কোনোবাই যদি আল্লাহৰ ৰাছুলৰ (সেই ঠাইত) কৰা যুদ্ধক দলীল হিচাপে দাঙি ধৰে তেতিয়াহ’লে তোমালোকে তাক কবা– আল্লাহ তাআ’লাই তেওঁৰ ৰাছুলক ইয়াৰ অনুমতি দিছিল, কিন্তু তোমালোকক দিয়া নাই। আৰু মোক সিদিনা কিছু সময়ৰ বাবেহে অনুমতি দিছিল।তাৰ পিছত আকৌ ইয়াৰ নিষিদ্ধ হোৱাৰ মৰ্যাদা ঘূৰাই দিয়া হৈছে। উপস্থিত থকাসকলে যেন এই বাণী অনুপস্থিতসকলক জনাই দিয়ে। তাৰ পিছত আবূ শুৰাইহ ৰাদ্বিয়াল্লাহু আনহুক প্ৰশ্ন কৰা হ’ল, আপোনাৰ এই হাদীছ শুনি আমৰে কি ক’লে? [আবূ শুৰাইহ ৰাদ্বিয়াল্লাহু আনহুৱে উত্তৰ দিলে] তেখেতে কৈছে: হে আবূ শুৰাইহ! (এই বিষয়ে) মই তোমাতকৈ অধিক জানো। মক্কাই কোনো বিদ্ৰোহীক, হত্যাকাৰী পলাতক আচামীক আৰুচোৰক আশ্ৰয় নিদিয়ে। (সংশ্লিষ্ট হাদীছসমূহঃ১৮৩২,৪২৯৫; মুছলিম ১৫/৮২, হাদীছ নং ১৩৫৪, আহমদ ১৬৩৭৩, ২৭২৩৪)
হাদীছ - 105حَدَّثَنَا عَبْدُ اللَّهِ بْنُ عَبْدِ الوَهَّابِ، قَالَ: حَدَّثَنَا حَمَّادٌ، عَنْ أَيُّوبَ، عَنْ مُحَمَّدٍ، عَنِ ابْنِ أَبِي بَكْرَةَ، عَنْ أَبِي بَكْرَةَ، ذُكِرَ النَّبِيُّ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ قَالَ: «فَإِنَّ دِمَاءَكُمْ وَأَمْوَالَكُمْ - قَالَ مُحَمَّدٌ وَأَحْسِبُهُ قَالَ - وَأَعْرَاضَكُمْ، عَلَيْكُمْ حَرَامٌ، كَحُرْمَةِ يَوْمِكُمْ هَذَا، فِي شَهْرِكُمْ هَذَا، أَلاَ لِيُبَلِّغِ الشَّاهِدُ مِنْكُمُ الغَائِبَ». وَكَانَ مُحَمَّدٌ يَقُولُ: صَدَقَ رَسُولُ اللَّهِ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ، كَانَ ذَلِكَ «أَلاَ هَلْ بَلَّغْتُ» مَرَّتَيْنِ১০৫) ....আবূ বাকৰাহ ৰাদ্বিয়াল্লাহু আনহুৱে নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ বিষয়ে উল্লেখ কৰি কৈছে যে, তোমালোকৰ প্ৰাণ, তোমালোকৰ সম্পত্তি, বৰ্ণনাকাৰী মুহাম্মাদ ৰাহিমাহুল্লাহে কৈছে যে, মোৰ মনত পৰে, তেখেতে কৈছিল: আৰু তোমালোকৰ মান সন্মান (অন্য মুছলমানৰ বাবে) এই চহৰত এই দিনৰ দৰেই মৰ্যাদা সম্পন্ন। শুনা! (মোৰ এই বাণীক যেন) তোমালোকৰ উপস্থিত থকা ব্যক্তিসকলে অনুপস্থিত ব্যক্তিক জনাই দিয়ে। বৰ্ণনাকাৰী মুহাম্মাদ ৰাহিমাহুল্লাহে কৈছে: আল্লাহৰ ৰাছুলচাল্লাল্লাহু আলাইহি অছাল্লামে সত্য কৈছে, আৰু সেইটোৱেই হৈছে। তাৰ পিছত আল্লাহৰ ৰাছুলচাল্লাল্লাহু আলাইহি অছাল্লামে দুবাৰকৈ ক’লে, হে লোকসকল! ‘মই জনাই দিয়া নাইনে?’ (সংশ্লিষ্ট হাদীছঃ৬৭)
পৰিচ্ছেদ: ৩৮- নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওপৰত মিথ্যাৰোপ কৰাৰ গুনাহহাদীছ - 106حَدَّثَنَا عَلِيُّ بْنُ الجَعْدِ، قَالَ: أَخْبَرَنَا شُعْبَةُ، قَالَ: أَخْبَرَنِي مَنْصُورٌ، قَالَ: سَمِعْتُ رِبْعِيَّ بْنَ حِرَاشٍ، يَقُولُ: سَمِعْتُ عَلِيًّا، يَقُولُ: قَالَ النَّبِيُّ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ: «لاَ تَكْذِبُوا عَلَيَّ، فَإِنَّهُ مَنْ كَذَبَ عَلَيَّ فَلْيَلِجِ النَّارَ১০৬) ....আলি ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত,নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে, তোমালোকে মোৰ ওপৰত মিথ্যাৰোপ নকৰিবা, কাৰণ যিয়ে মোৰ ওপৰত মিথ্যা আৰোপ কৰিব সি ব্যক্তি জাহান্নামত যাব। (মুছলিম মুকাদ্দামা, দ্বিতীয় অধ্যায়, হাদীছ নং ২)
হাদীছ - 107حَدَّثَنَا أَبُو الوَلِيدِ، قَالَ: حَدَّثَنَا شُعْبَةُ، عَنْ جَامِعِ بْنِ شَدَّادٍ، عَنْ عَامِرِ بْنِ عَبْدِ اللَّهِ بْنِ الزُّبَيْرِ، عَنْ أَبِيهِ، قَالَ: قُلْتُ لِلزُّبَيْرِ: إِنِّي لاَ أَسْمَعُكَ تُحَدِّثُ عَنْ رَسُولِ اللَّهِ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ كَمَا يُحَدِّثُ فُلاَنٌ وَفُلاَنٌ؟ قَالَ: أَمَا إِنِّي لَمْ أُفَارِقْهُ، وَلَكِنْ سَمِعْتُهُ يَقُولُ: «مَنْ كَذَبَ عَلَيَّ فَلْيَتَبَوَّأْ مَقْعَدَهُ مِنَ النَّارِ১০৭) ...আব্দুল্লাহ ইবনু’য-যুবাইৰ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছে– মই মোৰ পিতা যুবাইৰক ক’লো: মই আপোনাক অমুক অমুকৰ দৰে আল্লাহৰ ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামৰ হাদীছ বৰ্ণনা কৰোতে শুনা নাই। তেখেতে ক’লে: ‘জানি থোৱা, মই তেখেতৰ পৰা দূৰত নাছিলো, কিন্তু মই তেখেতক কোৱা শুনিছো যে, যি ব্যক্তিয়ে মোৰ ওপৰত মিথ্যা আৰোপ কৰিব, সি যেন তাৰ ঠিকনা জাহান্নামত বনাই লয়। (সেই কাৰণেই মই হাদীছ বৰ্ণনা নকৰো)’। (মুছলিম মুকাদ্দামা, দ্বিতীয় অধ্যায়, হাদীছ নং ৩)
হাদীছ - 108حَدَّثَنَا أَبُو مَعْمَرٍ، قَالَ: حَدَّثَنَا عَبْدُ الوَارِثِ، عَنْ عَبْدِ العَزِيزِ، قَالَ أَنَسٌ: إِنَّهُ لَيَمْنَعُنِي أَنْ أُحَدِّثَكُمْ حَدِيثًا كَثِيرًا أَنَّ النَّبِيَّ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ قَالَ: «مَنْ تَعَمَّدَ عَلَيَّ كَذِبًا، فَلْيَتَبَوَّأْ مَقْعَدَهُ مِنَ النَّارِ১০৮) ....আনাছ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেখেতে কৈছে, তোমালোকৰ সন্মুখত বহুতো হাদীছ বৰ্ণনা কৰোতে এই কথাটো প্ৰতিবন্ধক হৈ পৰে যে, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে: ‘যি ব্যক্তিয়ে ইচ্ছাকৃতভাৱে মোৰ ওপৰত মিথ্যাৰোপ কৰে সি যেন নিজৰ ঠিকনাজাহান্নামত বনাই লয়।
হাদীছ - 109حَدَّثَنَا مَكِّيُّ بْنُ إِبْرَاهِيمَ، قَالَ: حَدَّثَنَا يَزِيدُ بْنُ أَبِي عُبَيْدٍ، عَنْ سَلَمَةَ، قَالَ: سَمِعْتُ النَّبِيَّ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ يَقُولُ: «مَنْ يَقُلْ عَلَيَّ مَا لَمْ أَقُلْ فَلْيَتَبَوَّأْ مَقْعَدَهُ مِنَ النَّارِ১০৯) .....ছালামা ইবনু আকওৱা ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছে– “মই নবী চাল্লাল্লাহু আলাইহি অছাল্লামক কোৱা শুনিছো, ‘যি ব্যক্তিয়ে মোৰ ওপৰত এনে কথা কয়, যি কথা মই কোৱা নাই, তেনে ব্যক্তিয়ে যেন নিজৰ ঠিকনা জাহান্নামত বনাই লয়’।
হাদীছ - 110حَدَّثَنَا مُوسَى، قَالَ: حَدَّثَنَا أَبُو عَوَانَةَ، عَنْ أَبِي حَصِينٍ، عَنْ أَبِي صَالِحٍ، عَنْ أَبِي هُرَيْرَةَ عَنِ النَّبِيِّ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ قَالَ: «تَسَمَّوْا بِاسْمِي وَلاَ تَكْتَنُوا بِكُنْيَتِي، وَمَنْ رَآنِي فِي المَنَامِ فَقَدْ رَآنِي، فَإِنَّ الشَّيْطَانَ لاَ يَتَمَثَّلُ فِي صُورَتِي، وَمَنْ كَذَبَ عَلَيَّ مُتَعَمِّدًا فَلْيَتَبَوَّأْ مَقْعَدَهُ مِنَ النَّارِ১১০) ....আবূ হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে: ‘মোৰ নামেৰে তোমালোকে নাম ৰাখিবা; কিন্তু মোৰ উপনামেৰে (কুন্নিয়াতেৰে) তোমালোকে নাম নাৰাখিবা। মোক যি ব্যক্তিয়ে সপোনত দেখিছে, সি মোক সঁচাকৈয়ে দেখা পাইছে। কাৰণ চয়তানে মোৰ ৰূপ ধাৰণ কৰিব নোৱাৰে। আৰু যি ব্যক্তিয়ে ইচ্ছাকৃতভাৱে মোৰ ওপৰত মিথ্যাৰোপ কৰে, সি যেন জাহান্নামত নিজৰ আসন তৈয়াৰ কৰি লয়। (সংশ্লিষ্ট হাদীছসমূহঃ৩৫৩৯, ৬১৮৮, ৬১৯৭, ৬৯৯৩; মুছলিম মুকাদ্দামা, দ্বিতীয় অধ্যায়, হাদীছ নং ৪)
পৰিচ্ছেদ: ৩৯ ইলম লিপিবদ্ধ কৰা।হাদীছ - 111حَدَّثَنَا مُحَمَّدُ بْنُ سَلاَمٍ، قَالَ: أَخْبَرَنَا وَكِيعٌ، عَنْ سُفْيَانَ، عَنْ مُطَرِّفٍ، عَنِ الشَّعْبِيِّ، عَنْ أَبِي جُحَيْفَةَ، قَالَ: قُلْتُ لِعَلِيِّ بْنِ أَبِي طَالِبٍ: هَلْ عِنْدَكُمْ كِتَابٌ؟ قَالَ: " لاَ، إِلَّا كِتَابُ اللَّهِ، أَوْ فَهْمٌ أُعْطِيَهُ رَجُلٌ مُسْلِمٌ، أَوْ مَا فِي هَذِهِ الصَّحِيفَةِ. قَالَ: قُلْتُ: فَمَا فِي هَذِهِ الصَّحِيفَةِ؟ قَالَ: العَقْلُ، وَفَكَاكُ الأَسِيرِ، وَلاَ يُقْتَلُ مُسْلِمٌ بِكَافِرٍ "১১১) ....আবূ জুহাইফাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত,তেওঁ কৈছে: মই আলী ৰাদ্বিয়াল্লাহু আনহুক সুধিলো, আপোনালোকৰ ওচৰত কিবা লিপিবদ্ধ আছেনে? তেখেতে ক’লে: ‘আল্লাহৰ কিতাপ আছে আৰু এজন মুছলিমক জ্ঞান দান কৰা আল্লাহ প্ৰদত্ত বিবেক, বুদ্ধি আৰু এই চহীফাত যি লিপিবদ্ধ আছে তাৰ বাহিৰে আন একো নাই। তেওঁ [আবূ জুহাইফাহ ৰাদ্বিয়াল্লাহু আনহুৱে] ক’লে, মই সুধিলো এই চহীফাত কি লিখা আছে? তেখেতে ক’লে– ‘হত্যাকাৰীয়ে মৃতকৰ আত্মীয়ক দিব লগা ক্ষতিপূৰণ আৰু বন্দী মুক্তিৰ বাবে দিব লগা ক্ষতিপূৰণৰ বিধান, আৰু এই বিধানো আছে যে,‘কাফিৰ হত্যাৰ বিনিময়ত কোনো মুছলিমক হত্যা কৰা নহ’ব’। (সংশ্লিষ্ট হাদীছসমূহঃ১৮৭০, ৩০৪৭, ৩১৭২, ৩১৭৯, ৬৭৫৫, ৬৯০৩, ৬৯১৫, ৭৩০০ দ্রষ্টব্য)
হাদীছ - 112حَدَّثَنَا أَبُو نُعَيْمٍ الفَضْلُ بْنُ دُكَيْنٍ، قَالَ: حَدَّثَنَا شَيْبَانُ، عَنْ يَحْيَى، عَنْ أَبِي سَلَمَةَ، عَنْ أَبِي هُرَيْرَةَ: أَنَّ خُزَاعَةَ قَتَلُوا رَجُلًا مِنْ بَنِي لَيْثٍ - عَامَ فَتْحِ مَكَّةَ - بِقَتِيلٍ مِنْهُمْ قَتَلُوهُ، فَأُخْبِرَ بِذَلِكَ النَّبِيُّ صلّى الله عليه وسلم، فَرَكِبَ رَاحِلَتَهُ فَخَطَبَ، فَقَالَ: «إِنَّ اللَّهَ حَبَسَ عَنْ مَكَّةَ القَتْلَ، أَوِ الفِيلَ» - قَالَ أَبُو عَبْدِ اللَّهِ كَذَا، قَالَ أَبُو نُعَيْمٍ وَاجْعَلُوهُ عَلَى الشَّكِّ الفِيلَ أَوِ القَتْلَ وَغَيْرُهُ يَقُولُ الفِيلَ - وَسَلَّطَ عَلَيْهِمْ رَسُولَ اللَّهِ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ وَالمُؤْمِنِينَ، أَلاَ وَإِنَّهَا لَمْ تَحِلَّ لِأَحَدٍ قَبْلِي، وَلَمْ تَحِلَّ لِأَحَدٍ بَعْدِي، أَلاَ وَإِنَّهَا حَلَّتْ لِي سَاعَةً مِنْ نَهَارٍ، أَلاَ وَإِنَّهَا سَاعَتِي هَذِهِ حَرَامٌ، لاَ يُخْتَلَى شَوْكُهَا، وَلاَ يُعْضَدُ شَجَرُهَا، وَلاَ تُلْتَقَطُ سَاقِطَتُهَا إِلَّا لِمُنْشِدٍ، فَمَنْ قُتِلَ فَهُوَ بِخَيْرِ النَّظَرَيْنِ: إِمَّا أَنْ يُعْقَلَ، وَإِمَّا أَنْ يُقَادَ أَهْلُ القَتِيلِ ". فَجَاءَ رَجُلٌ مِنْ أَهْلِ اليَمَنِ فَقَالَ: اكْتُبْ لِي يَا رَسُولَ اللَّهِ، فَقَالَ: «اكْتُبُوا لِأَبِي فُلاَنٍ». فَقَالَ رَجُلٌ مِنْ قُرَيْشٍ: إِلَّا الإِذْخِرَ يَا رَسُولَ اللَّهِ، فَإِنَّا نَجْعَلُهُ فِي بُيُوتِنَا وَقُبُورِنَا؟ فَقَالَ النَّبِيُّ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ: «إِلَّا الإِذْخِرَ إِلَّا الإِذْخِرَ» قَالَ أَبُو عَبْدِ اللَّهِ: يُقَالُ: يُقَادُ بِالقَافِ فَقِيلَ لِأَبِي عَبْدِ اللَّهِ أَيُّ شَيْءٍ كَتَبَ لَهُ؟ قَالَ: كَتَبَ لَهُ هَذِهِ الخُطْبَةَ১১২) ....আবূ হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত যে, মক্কা বিজয়ৰ সময়ত খুযা’আহ গোত্ৰই লাইচ গোত্ৰৰ জনৈক ব্যক্তিক হত্যা কৰিলে।এই হত্যা আছিল সিহঁতৰ এজন নিহত ব্যক্তিৰ প্ৰতিশোধ। তাৰ পিছত এই খবৰ নবী চাল্লাল্লাহু আলাইহি অছাল্লামক জনোৱা হ’ল। তেতিয়া তেখেতে উটৰ ওপৰত উঠি ভাষণ দিলে যে, আল্লাহ তাআ’লাই মক্কাৰ পৰা হত্যা বা হাতী ৰোধকৰিছে। (সংশ্লিষ্ট হাদীছসমূহঃ ২৪৩৪, ৬৮৮০ দ্রষ্টব্য)
আবু আব্দুল্লাহ (ইমাম বুখাৰী ৰাহিমাহুল্লাহে) কৈছে, আল্লাহৰ ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামে ‘হত্যা’ কৈছিল নে ‘হাতী’ কৈছিল এই বিষয়ে বৰ্ণনাকাৰী আবূ নু’আইমে সন্দেহ পোষণ কৰিছে।অন্যান্যসকলে কেৱল‘হাতী’ শব্দ উল্লেখ কৰিছে। অৱশ্যে মক্কাবাসীসকলৰ ওপৰত আল্লাহৰ ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লাম আৰু মুমিনসকলক (যুদ্ধৰ মাধ্যমত) বিজয়ী কৰা হৈছে। জানিথোৱা! মক্কাত যুদ্ধ কৰাৰ অনুমতি মোৰ আগতে কাকো দিয়া হোৱা নাছিল আৰু মোৰ পিছতো কাকো দিয়া নহ’ব।জানি থোৱা! মোক দিনৰকিছু সময়ৰ বাবেহে অনুমতি দিয়া হৈছিল। জানি থোৱা! মই এই কথা কোৱাৰ সময়তেই সেয়া অবৈধ কৰা হৈছে। সাৱধান! ইয়াৰ জোপোহা বা গছ কটা নিষেধ কৰা হৈছে আৰু পৰি থকা বস্তু উঠাই লোৱা নিষেধ কৰা হৈছে।অৱশ্যে মালিক বিচাৰি ঘোষণা দিয়াৰ উদ্দেশ্যে সেয়াউঠাব পাৰিব। নিহত ব্যক্তিৰ আত্মীয়ৰ ক্ষেত্ৰত দুটা ব্যৱস্থাৰ যিকোনো এটা গ্ৰহণ কৰাৰ অনুমতি দিছে। হত্যাৰ বিনিময়ত ক্ষতিপূৰণ গ্ৰহণ কৰিব নহলে‘কিচাচ’ৰ সিদ্ধান্ত গ্ৰহণ কৰিব। সেই সময়ত য়ামানবাসী জনৈক ব্যক্তি আহি ক’লে, হে আল্লাহৰ ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লাম! এই কথাখিনি মোক লিখিতভাৱে দিয়ক।তেখেতে ছাহাবীসকলক ক’লে: তোমালোকে অমুকৰ পিতৃক লিখি দিয়া। তাৰ পিছত জনৈক কুৰাইছ বংশৰ লোকে [আব্বাছ ৰাদ্বিয়াল্লাহু আনহুৱে] ক’লে, হে আল্লাহৰ ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লাম!গছ-গছনি কটাৰ নিষেধাজ্ঞাৰ ভিতৰত‘ইযখিৰক’ (এবিধ দীঘল ঘাঁহ) অন্তৰ্ভুক্ত নকৰিব। কাৰণ সেই ঘাঁহেৰে আমি আমাৰ ঘৰ আৰু কবৰৰ কামত ব্যৱহাৰ কৰো’। আল্লাহৰ ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামে ক’লে: ‘ইযখিৰ ব্যতীত, ইযখিৰ ব্যতীত’।
হাদীছ - 113حَدَّثَنَا عَلِيُّ بْنُ عَبْدِ اللَّهِ، قَالَ: حَدَّثَنَا سُفْيَانُ، قَالَ: حَدَّثَنَا عَمْرٌو، قَالَ: أَخْبَرَنِي وَهْبُ بْنُ مُنَبِّهٍ، عَنْ أَخِيهِ، قَالَ: سَمِعْتُ أَبَا هُرَيْرَةَ، يَقُولُ: «مَا مِنْ أَصْحَابِ النَّبِيِّ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ أَحَدٌ أَكْثَرَ حَدِيثًا عَنْهُ مِنِّي، إِلَّا مَا كَانَ مِنْ عَبْدِ اللَّهِ بْنِ عَمْرٍو، فَإِنَّهُ كَانَ يَكْتُبُ وَلاَ أَكْتُبُ» تَابَعَهُ مَعْمَرٌ، عَنْ هَمَّامٍ، عَنْ أَبِي هُرَيْرَةَ১১৩) ....আবূ হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেখেতে কৈছে:নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ ছাহাবীসকলৰ ভিতৰত ‘আব্দুল্লাহ ইবনু আমৰ ৰাদ্বিয়াল্লাহু আনহু’ৰ বাহিৰে মোতকৈ অধিক হাদীছআন কাৰো ওচৰত নাই। কাৰণ তেওঁ লিখিছিল আৰু মই লিখা নাছিলো। মা’মাৰ ৰাহিমাহুল্লাহে হাম্মাম ৰাহিমাহুল্লাহৰ সূত্ৰত আবূ হুৰাইৰাহৰাদ্বিয়াল্লাহু আনহুৰ পৰা অনুৰূপ বৰ্ণনা কৰিছে।
হাদীছ - 114حَدَّثَنَا يَحْيَى بْنُ سُلَيْمَانَ، قَالَ: حَدَّثَنِي ابْنُ وَهْبٍ، قَالَ: أَخْبَرَنِي يُونُسُ، عَنِ ابْنِ شِهَابٍ، عَنْ عُبَيْدِ اللَّهِ بْنِ عَبْدِ اللَّهِ، عَنِ ابْنِ عَبَّاسٍ، قَالَ: لَمَّا اشْتَدَّ بِالنَّبِيِّ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ وَجَعُهُ قَالَ: «ائْتُونِي بِكِتَابٍ أَكْتُبْ لَكُمْ كِتَابًا لاَ تَضِلُّوا بَعْدَهُ» قَالَ عُمَرُ إِنَّ النَّبِيَّ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ غَلَبَهُ الوَجَعُ، وَعِنْدَنَا كِتَابُ اللَّهِ حَسْبُنَا. فَاخْتَلَفُوا وَكَثُرَ اللَّغَطُ، قَالَ: «قُومُوا عَنِّي، وَلاَ يَنْبَغِي عِنْدِي التَّنَازُعُ» فَخَرَجَ ابْنُ عباس يَقُولُ: «إِنَّ الرَّزِيَّةَ كُلَّ الرَّزِيَّةِ، مَا حَالَ بَيْنَ رَسُولِ اللَّهِ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ وَبَيْنَ كِتَابِهِ১১৪) ....ইবনু আব্বাছ ৰাদ্বিয়াল্লাহু আনহুৰপৰা বৰ্ণিত, তেখেতে কৈছে– নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰঅসুখ যেতিয়া বৃদ্ধি পালে তেতিয়া তেখেতে ক’লে, ‘মোৰ ওচৰলৈ লিখাৰ সামগ্ৰী লৈ আহা, মই তোমালোকক এনে কথা লিখি দিম যাৰ ফলত তোমালোকে কেতিয়াও পথভ্ৰষ্ট নহ’বা’। ওমৰ ৰাদ্বিয়াল্লাহু আনহুৱে ক’লে– নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ ৰোগৰ যন্ত্ৰণা প্ৰবল হৈছে (এনে অৱস্থাত কিবা কোৱা বা লিখা তেখেতৰ বাবে কষ্ট হ’ব) আৰু আমাৰ হাতত আল্লাহৰ কিতাপ আছে, সেয়াই আমাৰ বাবে যথেষ্ট। এই কথাত ছাহাবাসকলৰ মাজত মতানৈক্য দেখা দিলে আৰু হুলস্থূল হ’ব ধৰিলে। তেতিয়া আল্লাহৰ ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামে ক’লে– ‘তোমালোকে মোৰ ওচৰৰ পৰা উঠি যোৱা, মোৰ ওচৰত হাই-কাজিয়া কৰা অনুচিত’। ইবনু আব্বাছ ৰাদ্বিয়াল্লাহু আনহুৱেএইখিনি বৰ্ণনা কৰি হাদীছ বৰ্ণনা কৰা স্থানৰ পৰা এই বুলি কৈ উঠি আহিল– “হায় বিপদ, সাংঘাটিক বিপদ! আল্লাহৰ ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লাম আৰু তেখেতৰ কথাৰ মাজত যিটো বাধা সৃষ্টি হ’ল। (সংশ্লিষ্ট হাদীছসমূহঃ৩০৫৩, ৩১৬৮, ৪৪৩১, ৪৪৩২, ৫৬৬৯, ৭৩৬৬ দ্রষ্টব্য)
পৰিচ্ছেদ: ৪০- ৰাতি ‘ইল্মশিক্ষা দান কৰা আৰু ওৱাজ-নচীহত কৰা।হাদীছ - 115حَدَّثَنَا صَدَقَةُ، أَخْبَرَنَا ابْنُ عُيَيْنَةَ، عَنْ مَعْمَرٍ، عَنِ الزُّهْرِيِّ، عَنْ هِنْدٍ، عَنْ أُمِّ سَلَمَةَ، وَعَمْرٍو، وَيَحْيَى بْنِ سَعِيدٍ، عَنِ الزُّهْرِيِّ، عَنْ هِنْدٍ، عَنْ أُمِّ سَلَمَةَ، قَالَتْ: اسْتَيْقَظَ النَّبِيُّ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ ذَاتَ لَيْلَةٍ فَقَالَ: «سُبْحَانَ اللَّهِ، مَاذَا أُنْزِلَ اللَّيْلَةَ مِنَ الفِتَنِ، وَمَاذَا فُتِحَ مِنَ الخَزَائِنِ، أَيْقِظُوا صَوَاحِبَاتِ الحُجَرِ، فَرُبَّ كَاسِيَةٍ فِي الدُّنْيَا عَارِيَةٍ فِي الآخِرَةِ১১৫) ....উম্মু ছালামা ৰাদ্বিয়াল্লাহু আনহাৰ পৰা বৰ্ণিত, তেখেতে কৈছে– এদিনাখন ৰাতি নবী চাল্লাল্লাহু আলাইহি অছাল্লামে টোপনিৰ পৰা উঠি ক’লে: ‘ছুবহানাল্লাহ! এই ৰাতিত কিমান যে বিপদ-আপদ নামি আহিছে আৰু কিমান যে ভাণ্ডাৰ মুকলি কৰি দিয়া হৈছে! কাষৰ ঘৰৰ আন আন মহিলা সকলকো জনাই দিয়া যে, ‘বহু মহিলা আছে যিসকল পৃথিৱীত পোছাক পৰিহিতা কিন্তু আখিৰাতত হ’ব বিবস্ত্ৰ’। (সংশ্লিষ্ট হাদীছসমূহঃ১১২৬, ৩৫৯৯, ৫৮৪৪, ৬২১৮, ৭০৬৯ দ্রষ্টব্য)
পৰিচ্ছেদ: ৪১-নিশা ইল্মৰ আলোচনা কৰাহাদীছ - 116حَدَّثَنَا سَعِيدُ بْنُ عُفَيْرٍ، قَالَ: حَدَّثَنِي اللَّيْثُ، قَالَ: حَدَّثَنِي عَبْدُ الرَّحْمَنِ بْنُ خَالِدِ بْنِ مُسَافِرٍ، عَنِ ابْنِ شِهَابٍ، عَنْ سَالِمٍ، وَأَبِي بَكْرِ بْنِ سُلَيْمَانَ بْنِ أَبِي حَثْمَةَ، أَنَّ عَبْدَ اللَّهِ بْنَ عُمَرَ، قَالَ: صَلَّى بِنَا النَّبِيُّ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ العِشَاءَ فِي آخِرِ حَيَاتِهِ، فَلَمَّا سَلَّمَ قَامَ، فَقَالَ: «أَرَأَيْتَكُمْ لَيْلَتَكُمْ هَذِهِ، فَإِنَّ رَأْسَ مِائَةِ سَنَةٍ مِنْهَا، لاَ يَبْقَى مِمَّنْ هُوَ عَلَى ظَهْرِ الأَرْضِ أَحَدٌ১১৬) .....আব্দুল্লাহ ওমৰ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেখেতে কৈছে– নবী চাল্লাল্লাহু আলাইহি অছাল্লামে তেখেতৰ জীৱনৰ শেষৰ ফালে আমাকলৈ ঈছাৰ ছালাত আদায় কৰিলে। ছালাম ফিৰোৱাৰ পিছত থিয় হৈ ক’লে: তোমালোকে এই ৰাতিৰ বিষয়ে জানানে? বৰ্তমান যিসকলে পৃথিৱীত আছে, এশ বছৰৰ মূৰত তেওঁলোকৰ কোনো জীৱিত নাথাকিব। (সংশ্লিষ্ট হাদীছসমূহঃ৫৬৪, ৬০১; মুছলিম ৪৪/৫৩, হাদীছ নং ২৫৩৬)
হাদীছ - 117حَدَّثَنَا آدَمُ، قَالَ: حَدَّثَنَا شُعْبَةُ، قَالَ: حَدَّثَنَا الحَكَمُ، قَالَ: سَمِعْتُ سَعِيدَ بْنَ جُبَيْرٍ، عَنِ ابْنِ عَبَّاسٍ، قَالَ: بِتُّ فِي بَيْتِ خَالَتِي مَيْمُونَةَ بِنْتِ الحَارِثِ زَوْجِ النَّبِيِّ صلّى الله عليه وسلم وَكَانَ النَّبِيُّ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ عِنْدَهَا فِي لَيْلَتِهَا، فَصَلَّى النَّبِيُّ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ العِشَاءَ، ثُمَّ جَاءَ إِلَى مَنْزِلِهِ، فَصَلَّى أَرْبَعَ رَكَعَاتٍ، ثُمَّ نَامَ، ثُمَّ قَامَ، ثُمَّ قَالَ: «نَامَ الغُلَيِّمُ» أَوْ كَلِمَةً تُشْبِهُهَا، ثُمَّ قَامَ، فَقُمْتُ عَنْ يَسَارِهِ، فَجَعَلَنِي عَنْ يَمِينِهِ، فَصَلَّى خَمْسَ رَكَعَاتٍ، ثُمَّ صَلَّى رَكْعَتَيْنِ، ثُمَّ نَامَ، حَتَّى سَمِعْتُ غَطِيطَهُ أَوْ خَطِيطَهُ، ثُمَّ خَرَجَ إِلَى الصَّلاَةِ১১৭) ....ইবনু আব্বাছ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেখেতে কৈছে, মই মোৰ মাহী, নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ স্ত্ৰী মায়মূনা বিন্তে হাৰিছ ৰাদ্বিয়াল্লাহু আনহাৰ ঘৰত এনিশা আছিলো। নবী চাল্লাল্লাহু আলাইহি অছাল্লাম সেই নিশা তাতেই আছিল।নবী চাল্লাল্লাহু আলাইহি অছাল্লাম ইশ্বাৰ ছালাত আদায় কৰি নিজৰ ঘৰত আহিল আৰু চাৰি ৰাকাত ছালাত আদায় কৰি শুই গ’ল। কিছু সময়ৰ পিছত উঠি ক’লে– ল’ৰাটো শুলে নেকি? বা এনে ধৰণৰ কোনো কথা কৈছিল। তাৰ পিছত তেখেত ছালাতত থিয় হ’ল, ময়ো তেখেতৰ বাওঁফালে থিয় হ’লো, তেখেতে মোক সোঁফাললৈ টানি আনিলে আৰু পাঁচ ৰাকাত ছালাত আদায় কৰিলে। তাৰপিছত আৰু দুই ৰাকাত আদায় ছালাত আদায় কৰিলে আৰু শুই পৰিল। অৱশেষত মই তেখেতৰ নাকৰ শব্দ শুনা পাইছিলো, তাৰ পিছত তেখেত উঠি (ফজৰৰ) ছালাতৰ বাবে ওলাই গ’ল। (সংশ্লিষ্ট হাদীছসমূহঃ১৩৮, ১৮৩, ৬৯৭, ৬৯৮, ৬৯৯, ৭২৬, ৮৫৯, ১১৯৮, ৪৫৬৯, ৪৫৭০, ৪৫৭১, ৪৫৭২, ৫৯১৯, ৬২১৫, ৬৩১৬, ৭৪৫২ দ্রষ্টব্য)
পৰিচ্ছেদ: ৪২- ইল্ম আয়ত্ত কৰা।হাদীছ - 118حَدَّثَنَا عَبْدُ العَزِيزِ بْنُ عَبْدِ اللَّهِ، قَالَ: حَدَّثَنِي مَالِكٌ، عَنِ ابْنِ شِهَابٍ، عَنِ الأَعْرَجِ، عَنْ أَبِي هُرَيْرَةَ، قَالَ: " إِنَّ النَّاسَ يَقُولُونَ أَكْثَرَ أَبُو هُرَيْرَةَ، وَلَوْلاَ آيَتَانِ فِي كِتَابِ اللَّهِ مَا حَدَّثْتُ حَدِيثًا، ثُمَّ يَتْلُو {إِنَّ الَّذِينَ يَكْتُمُونَ مَا أَنْزَلْنَا مِنَ البَيِّنَاتِ وَالهُدَى} [البقرة: 159] إِلَى قَوْلِهِ {الرَّحِيمُ} [البقرة: 160] إِنَّ إِخْوَانَنَا مِنَ المُهَاجِرِينَ كَانَ يَشْغَلُهُمُ الصَّفْقُ بِالأَسْوَاقِ، وَإِنَّ إِخْوَانَنَا مِنَ الأَنْصَارِ كَانَ يَشْغَلُهُمُ العَمَلُ فِي أَمْوَالِهِمْ، وَإِنَّ أَبَا هُرَيْرَةَ كَانَ يَلْزَمُ رَسُولَ اللَّهِ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ بِشِبَعِ بَطْنِهِ، وَيَحْضُرُ مَا لاَ يَحْضُرُونَ، وَيَحْفَظُ مَا لاَ يَحْفَظُونَ"১১৮) .....আবূ হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেখেতে কৈছে: মানুহে কয়, আবূ হুৰাইৰা ৰাদ্বিয়াল্লাহু আনহুৱে অধিক হাদীছ বৰ্ণনা কৰে, কিন্তু জানিথোৱা, কিতাপত যদি দুটা আয়াত নথকাহেঁতেন, তেন্তে মই এটা হাদীছো বৰ্ণনা নকৰিলোহেঁতেন। তাৰ পিছত তেখেতে তিলাৱত কৰিলে: “নিশ্চয় যিসকলে সু-স্পষ্ট নিদৰ্শনসমূহ আৰু হিদায়ত গোপন কৰে যিটো আমি অৱতীৰ্ণ কৰিছো, মানুহৰ বাবে কিতাবত সেয়া স্পষ্টভাৱে ব্যক্ত কৰাৰ পিছত, সিহঁতক আল্লাহে অভিশাপ কৰে আৰু অভিশাপকাৰীসকলেও সিহঁতক অভিশাপ কৰে।কিন্তু যিসকলে তাওবা কৰিছে আৰু নিজকে সংশোধন কৰিছে আৰু সত্যক সুস্পষ্টভাৱে ব্যক্ত কৰিছে। এতেকে মই তেওঁলোকৰ তাওবা কবুল কৰিম; আৰু মই অধিক তাওবা কবুলকাৰী, পৰম দয়ালু।” (ছুৰা আল-বাক্বাৰাহঃ ১৫৯-১৬০)। (প্ৰকৃত কাৰণটো হৈছে এই যে,)নিশ্চয় আমাৰ মুহাজিৰ ভাইসকল বজাৰত কিনা-বেচাত আৰু আনচাৰ ভাইসকলেকৃষি কৰ্মত ব্যস্ত থাকিছিল আৰু আবূ হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহু আল্লাহৰ ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামৰ সদায় লগতে থাকিছিল। সেয়ে তেওঁলোকে উপস্থিত নথকা সময়ত এওঁ উপস্থিত থাকে আৰু তেওঁলোকে আয়ত্ত কৰিব নোৱাৰাখিনি এওঁ আয়ত্ত কৰে। (সংশ্লিষ্ট হাদীছসমূহঃ১১৯, ২০৪৭, ২৩৫০, ৩৬৪৮, ৭৩৫৪ দ্রষ্টব্য)
হাদীছ - 119حَدَّثَنَا أَحْمَدُ بْنُ أَبِي بَكْرٍ أَبُو مُصْعَبٍ، قَالَ: حَدَّثَنَا مُحَمَّدُ بْنُ إِبْرَاهِيمَ بْنِ دِينَارٍ، عَنِ ابْنِ أَبِي ذِئْبٍ، عَنْ سَعِيدٍ المَقْبُرِيِّ، عَنْ أَبِي هُرَيْرَةَ، قَالَ: قُلْتُ: يَا رَسُولَ اللَّهِ، إِنِّي أَسْمَعُ مِنْكَ حَدِيثًا كَثِيرًا أَنْسَاهُ؟ قَالَ: «ابْسُطْ رِدَاءَكَ» فَبَسَطْتُهُ، قَالَ: فَغَرَفَ بِيَدَيْهِ، ثُمَّ قَالَ: «ضُمَّهُ» فَضَمَمْتُهُ، فَمَا نَسِيتُ شَيْئًا بَعْدَهُ. حَدَّثَنَا إِبْرَاهِيمُ بْنُ المُنْذِرِ قَالَ: حَدَّثَنَا ابْنُ أَبِي فُدَيْكٍ بِهَذَا أَوْ قَالَ: غَرَفَ بِيَدِهِ فِيهِ১১৯) .....আবূ হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেখেতে কৈছে, ‘মই ক’লো: হে আল্লাহৰ ৰাছুল! মই আপোনাৰ পৰা বহুতো হাদীছ শুনো, কিন্তু পাহৰি যাওঁ’। তেখেতে ক’লে: তোমাৰ চাদৰখন মেলি ধৰা, মই মেলি ধৰিলো, তেখেতে দুই হাতেৰে তাত কিবা ঢালি দিয়াৰ দৰে দিলে আৰু ক’লে ইয়াক তোমাৰ বুকুত চেপি ধৰা। মই সেইমতে মোৰ বুকুত চেপি ধৰিলো, তাৰ পিছৰ পৰা মই একো পাহৰি নোযোৱা হ’লো। (সংশ্লিষ্ট হাদীছঃ১১৮)
ইব্ৰাহিম ইবনুল মুনযিৰ ৰাহিমাহুল্লাহে ইবনু আবূ ফুদাইক ৰাহিমাহুল্লাহৰ সূত্ৰত একেই ধৰণৰ হাদীছ বৰ্ণনা কৰিছেঅথবাকৈছে যে, আল্লাহৰ ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামে তেখেতৰ হাতেৰে চাদৰ ভিতৰত কিবা প্ৰদান কৰিলে।
হাদীছ - 120حَدَّثَنَا إِسْمَاعِيلُ، قَالَ: حَدَّثَنِي أَخِي، عَنِ ابْنِ أَبِي ذِئْبٍ، عَنْ سَعِيدٍ المَقْبُرِيِّ، عَنْ أَبِي هُرَيْرَةَ قَالَ: "حَفِظْتُ مِنْ رَسُولِ اللَّهِ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ وِعَاءَيْنِ: فَأَمَّا أَحَدُهُمَا فَبَثَثْتُهُ، وَأَمَّا الآخَرُ فَلَوْ بَثَثْتُهُ قُطِعَ هَذَا البُلْعُومُ "১২০) ....আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেখেতে কৈছে, মই আল্লাহৰ ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৰা দু পাত্ৰ ইল্ম আয়ত্ত কৰি ৰাখিছিলো। তাৰে এটি পাত্ৰ মই বিতৰণ কৰি দিছো। আৰু আনটো পাত্ৰৰ ইল্ম এনেকুৱা যে, সেইটো যদি মই প্ৰকাশ কৰো তেন্তে মোৰ কণ্ঠনলী কাটি দিয়া হ’ব।
পৰিচ্ছেদ: ৪৩ - আলীমসকলৰ ভাষণ শুনিবৰ বাবে মানুহক নীৰবে থাকিবলৈ কোৱা।হাদীছ - 121حَدَّثَنَا حَجَّاجٌ، قَالَ: حَدَّثَنَا شُعْبَةُ، قَالَ: أَخْبَرَنِي عَلِيُّ بْنُ مُدْرِكٍ، عَنْ أَبِي زُرْعَةَ بْنِ عَمْرٍو، عَنْ جَرِيرٍ أَنَّ النَّبِيَّ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ قَالَ لَهُ فِي حَجَّةِ الوَدَاعِ: «اسْتَنْصِتِ النَّاسَ» فَقَالَ: «لاَ تَرْجِعُوا بَعْدِي كُفَّارًا، يَضْرِبُ بَعْضُكُمْ رِقَابَ بَعْضٍ১২১) ....জাৰীৰ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত যে, বিদায় হজ্জৰ সময়ত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে তেওঁক ক’লে: তুমি মানুহক নীৰবে থাকিবলৈ কোৱা।তাৰ পিছত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে ক’লে- ‘মোৰ পিছত তোমালোকে এজনে আন জনৰ শিৰচ্ছেদ কৰি কাফিৰৰ দৰে হৈ নাযাবা’। (সংশ্লিষ্ট হাদীছসমূহঃ৪৪০৫, ৬৮৬৯, ৭০৮০; মুছলিম ১/২৯, হাদীছ নং ৬৫, আহমাদ ১৯২৩৭)
পৰিচ্ছেদ: ৪৪-সকলোতকৈ জ্ঞানী কোন বুলি আলীমসকলক প্রশ্ন কৰা হ’লে, উত্তৰত আল্লাহৰ পিনে আঙুলিয়াই দিয়াটো মোস্তাহাব।হাদীছ - 122حَدَّثَنَا عَبْدُ اللَّهِ بْنُ مُحَمَّدٍ، قَالَ: حَدَّثَنَا سُفْيَانُ، قَالَ: حَدَّثَنَا عَمْرٌو، قَالَ: أَخْبَرَنِي سَعِيدُ بْنُ جُبَيْرٍ، قَالَ: قُلْتُ لِابْنِ عَبَّاسٍ: إِنَّ نَوْفًا البَكَالِيَّ يَزْعُمُ أَنَّ مُوسَى لَيْسَ بِمُوسَى بَنِي إِسْرَائِيلَ، إِنَّمَا هُوَ مُوسَى آخَرُ؟ فَقَالَ: كَذَبَ عَدُوُّ اللَّهِ حَدَّثَنَا أُبَيُّ بْنُ كَعْبٍ عَنِ النَّبِيِّ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ: قَامَ مُوسَى النَّبِيُّ خَطِيبًا فِي بَنِي إِسْرَائِيلَ فَسُئِلَ أَيُّ النَّاسِ أَعْلَمُ؟ فَقَالَ: أَنَا أَعْلَمُ، فَعَتَبَ اللَّهُ عَلَيْهِ، إِذْ لَمْ يَرُدَّ العِلْمَ إِلَيْهِ، فَأَوْحَى اللَّهُ إِلَيْهِ: أَنَّ عَبْدًا مِنْ عِبَادِي بِمَجْمَعِ البَحْرَيْنِ، هُوَ أَعْلَمُ مِنْكَ. قَالَ: يَا رَبِّ، وَكَيْفَ بِهِ؟ فَقِيلَ لَهُ: احْمِلْ حُوتًا فِي مِكْتَلٍ، فَإِذَا فَقَدْتَهُ فَهُوَ ثَمَّ، فَانْطَلَقَ وَانْطَلَقَ بِفَتَاهُ يُوشَعَ بْنِ نُونٍ، وَحَمَلاَ حُوتًا فِي مِكْتَلٍ، حَتَّى كَانَا عِنْدَ الصَّخْرَةِ وَضَعَا رُءُوسَهُمَا وَنَامَا، فَانْسَلَّ الحُوتُ مِنَ المِكْتَلِ فَاتَّخَذَ سَبِيلَهُ فِي البَحْرِ سَرَبًا، وَكَانَ لِمُوسَى وَفَتَاهُ عَجَبًا، فَانْطَلَقَا بَقِيَّةَ لَيْلَتِهِمَا وَيَوْمَهُمَا، فَلَمَّا أَصْبَحَ قَالَ مُوسَى لِفَتَاهُ: آتِنَا غَدَاءَنَا، لَقَدْ لَقِينَا مِنْ سَفَرِنَا هَذَا نَصَبًا، وَلَمْ يَجِدْ مُوسَى مَسًّا مِنَ النَّصَبِ حَتَّى جَاوَزَ المَكَانَ الَّذِي أُمِرَ بِهِ، فَقَالَ لَهُ فَتَاهُ: (أَرَأَيْتَ إِذْ أَوَيْنَا إِلَى الصَّخْرَةِ فَإِنِّي نَسِيتُ الحُوتَ وَمَا أَنْسَانِيهِ إِلَّا الشَّيْطَانُ) قَالَ مُوسَى: (ذَلِكَ مَا كُنَّا نَبْغِي فَارْتَدَّا عَلَى آثَارِهِمَا قَصَصًا) فَلَمَّا انْتَهَيَا إِلَى الصَّخْرَةِ، إِذَا رَجُلٌ مُسَجًّى بِثَوْبٍ، أَوْ قَالَ تَسَجَّى بِثَوْبِهِ، فَسَلَّمَ مُوسَى، فَقَالَ الخَضِرُ: وَأَنَّى بِأَرْضِكَ السَّلاَمُ؟ فَقَالَ: أَنَا مُوسَى، فَقَالَ: مُوسَى بَنِي إِسْرَائِيلَ؟ قَالَ: نَعَمْ، قَالَ: هَلْ أَتَّبِعُكَ عَلَى أَنْ تُعَلِّمَنِي مِمَّا عُلِّمْتَ رَشَدًا قَالَ: إِنَّكَ لَنْ تَسْتَطِيعَ مَعِيَ صَبْرًا، يَا مُوسَى إِنِّي عَلَى عِلْمٍ مِنْ عِلْمِ اللَّهِ عَلَّمَنِيهِ لاَ تَعْلَمُهُ أَنْتَ، وَأَنْتَ عَلَى عِلْمٍ عَلَّمَكَهُ لاَ أَعْلَمُهُ، قَالَ: سَتَجِدُنِي إِنْ شَاءَ اللَّهُ صَابِرًا، وَلاَ أَعْصِي لَكَ أَمْرًا، فَانْطَلَقَا يَمْشِيَانِ عَلَى سَاحِلِ البَحْرِ، لَيْسَ لَهُمَا سَفِينَةٌ، فَمَرَّتْ بِهِمَا سَفِينَةٌ، فَكَلَّمُوهُمْ أَنْ يَحْمِلُوهُمَا، فَعُرِفَ الخَضِرُ فَحَمَلُوهُمَا بِغَيْرِ نَوْلٍ، فَجَاءَ عُصْفُورٌ، فَوَقَعَ عَلَى حَرْفِ السَّفِينَةِ، فَنَقَرَ نَقْرَةً أَوْ نَقْرَتَيْنِ فِي البَحْرِ، فَقَالَ الخَضِرُ: يَا مُوسَى مَا نَقَصَ عِلْمِي وَعِلْمُكَ مِنْ عِلْمِ اللَّهِ إِلَّا كَنَقْرَةِ هَذَا العُصْفُورِ فِي البَحْرِ، فَعَمَدَ الخَضِرُ إِلَى لَوْحٍ مِنْ أَلْوَاحِ السَّفِينَةِ، فَنَزَعَهُ، فَقَالَ مُوسَى: قَوْمٌ حَمَلُوْنَا بِغَيْرِ نَوْلٍ عَمَدْتَ إِلَى الخَضِرُ بِرَأْسِهِ مِنْ أَعْلاَهُ فَاقْتَلَعَ رَأْسَهُ بِيَدِهِ، فَقَالَ مُوسَى: أَقَتَلْتَ نَفْسًا زَكِيَّةً بِغَيْرِ نَفْسٍ؟ قَالَ: أَلَمْ أَقُلْ لَكَ إِنَّكَ لَنْ تَسْتَطِيعَ مَعِيَ صَبْرًا؟ - قَالَ ابْنُ عُيَيْنَةَ: وَهَذَا أَوْكَدُ - فَانْطَلَقَا، حَتَّى إِذَا أَتَيَا أَهْلَ قَرْيَةٍ اسْتَطْعَمَا أَهْلَهَا، فَأَبَوْا أَنْ يُضَيِّفُوهُمَا، فَوَجَدَا فِيهَا جِدَارًا يُرِيدُ أَنْ يَنْقَضَّ فَأَقَامَهُ، قَالَ الخَضِرُ: بِيَدِهِ فَأَقَامَهُ، فَقَالَ لَهُ مُوسَى: لَوْ شِئْتَ لاَتَّخَذْتَ عَلَيْهِ أَجْرًا، قَالَ: هَذَا فِرَاقُ بَيْنِي وَبَيْنِكَ " قَالَ النَّبِيُّ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ: «يَرْحَمُ اللَّهُ مُوسَى، لَوَدِدْنَا لَوْ صَبَرَ حَتَّى يُقَصَّ عَلَيْنَا مِنْ أَمْرِهِمَا»سَفِينَتِهِمْ فَخَرَقْتَهَا لِتُغْرِقَ أَهْلَهَا؟ قَالَ: أَلَمْ أَقُلْ إِنَّكَ لَنْ تَسْتَطِيعَ مَعِيَ صَبْرًا؟ قَالَ: لاَ تُؤَاخِذْنِي بِمَا نَسِيتُ وَلاَ تُرْهِقْنِي مِنْ أَمْرِي عُسْرًا - فَكَانَتِ الأُولَى مِنْ مُوسَى نِسْيَانًا -، فَانْطَلَقَا، فَإِذَا غُلاَمٌ يَلْعَبُ مَعَ الغِلْمَانِ، فَأَخَذَ১২২) ....ছা’ঈদ ইবনু জুবাইৰ ৰাদ্বিয়াল্লাহু আনহুৰপৰা বৰ্ণিত, তেখেতে কৈছে, মই ইবনু আব্বাছ ৰাদ্বিয়াল্লাহু আনহুক ক’লো যে, নাওফ আল-বাকালীয়ে দাবী কৰে যে, খিজিৰ (আলাইহিচ ছালাম)ক সাক্ষাত কৰা মুছা (আলাইহিচ ছালাম) বনী ইছৰাইলৰ মুছা নহয় বৰং বেলেগ মুছা। এই কথা শুনি তেখেতে ক’লে: আল্লাহৰ শত্ৰুৱে মিছা কথা কৈছে। উবাঈ ইবনু কা’ব ৰাদ্বিয়াল্লাহু আনহুৱে আমাক নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৰা হাদীছ বৰ্ণনা কৰিছে: তেখেতে কৈছে– মুছা (আলাইহিচ ছালাম) এদিনাখন বনী ইছৰাইলৰ সন্মুখত বক্তৃতা দিবলৈ থিয় হ’ল।তেতিয়া তেখেতক সোধা হৈছিল– আটাইতকৈ জ্ঞানী কোন? তেখেতে ক’লে– ‘মই আটাইতকৈ জ্ঞানী’। ইল্মক আল্লাহৰ পিনে সমৰ্পিত নকৰাৰ বাবে মহান আল্লাহে তেখেতক সতৰ্ক কৰি দিলে। তাৰ পিছত আল্লাহে তেখেতৰ ওচৰলৈ ‘অহী’ প্ৰেৰণ কৰিলে: ‘দুই সাগৰৰ সংগমস্থলীত মোৰ এজন বান্দা আছে, যিজন তোমাতকৈয়ো অধিক জ্ঞানী’ । তেখেতে ক’লে– ‘হে মোৰ প্ৰতিপালক! কেনেকৈ তেওঁৰ সাক্ষাত পাম’? তেতিয়া তেখেতক জনোৱা হ’ল– ‘এটা মাছ লৈ যোৱা, যি ঠাইত মাছটো হেৰাই যাব, সেই ঠাইতে তেখেতক লগ পাবা’। তাৰ পিছত তেখেতে বেগত এটা মাছ লৈ ইউশ্বা‘ইবনু নূন’ৰ লগত যাত্ৰা আৰম্ভ কৰিলে। অৱশেষত তেওঁলোকে এডোখৰ ঠাইত এটা ডাঙৰ শিলত মূৰ থৈ জিৰণি লওঁতে শুই পৰিল। তেতিয়া মাছটো বেগৰ পৰা ওলাই গৈ সুৰংগৰ দৰে ৰাস্তা বনাই সাগৰলৈ গুছি গ’ল। এই ঘটনাটো আছিল মুছা (আলাইহিচ ছালাম) আৰু তেওঁৰ লগৰীয়া জনৰ বাবে আশ্চৰ্য্যকৰ।
তাৰ পিছত তেওঁলোক দুয়ো দিনটোৰ বাকী থকা সময় আৰু ৰাতিও যাত্ৰা কৰিলে। পিছদিনাখন পূৱা মুছা (আলাইহিচ ছালামে) তেওঁৰ সহচৰজনক ক’লে, ‘আমাৰ দুপুৰীয়াৰ ভোজন লৈ আহা, অৱশ্যে আমি এই ভ্ৰমণত ক্লান্ত হৈ পৰিছো’।মুছা (আলাইহিচ ছালাম)ক নিৰ্দেশ দিয়া স্থান অতিক্ৰম কৰাৰ পূৰ্বে তেখেত ভাগৰত ক্লান্ত হৈ পৰা নাছিল। তেতিয়া তেওঁৰ সহচৰজনে তেওঁক ক’লে– ‘আপুনি লক্ষ্য কৰিছিল নে, যেতিয়া আমি শিলাখণ্ডত বিশ্ৰাম লৈছিলো তেতিয়া মাছৰ কি ঘটিছিল? মাছটোৰ কথা মই আপোনাক জনাবলৈ পাহৰিয়ে গৈছিলো, চয়তানেহে সেইটোৰ কথা মোক পাহৰাই দিছিল।মুছাই ক’লে, ‘আমি সেই স্থানটোৰেই অনুসন্ধান কৰি আছো’। তাৰ পিছত তেওঁলোকে নিজৰ পদচিহ্ন অনুসৰণ কৰি উভতি গ’ল। তেওঁলোকো সেই শিলডোখৰৰ ওচৰত গৈ দেখিলে, কাপোৰেৰে আবৃত এজন লোক বহি আছে অথবা বৰ্ণনাকাৰীয়ে কৈছে, নিজ কাপোৰেৰে আবৃত হৈ বহি আছে। মুছা (আলাইহিচ ছালামে) তেখেতক ছালাম জনালে। তেতিয়া খিজিৰে ক’লে– এই দেশত ছালাম ক’ৰ পৰা আহিল? তেওঁ ক’লে– ‘মই মুছা’।খিজিৰে ক’লে– ‘বনী ইছৰাঈলৰ মুছা নেকি? তেওঁ ক’লে– ‘হয়’।মুছাই তেওঁক ক’লে, ‘মই এই চৰ্তত আপোনাৰ অনুসৰণ কৰিব পাৰিমনে যে, যি জ্ঞান আপোনাক দান কৰা হৈছে তাৰ পৰা মোক শিক্ষা দিব, যাৰ দ্বাৰা মই সঠিক পথ পাম’?খিজিৰে ক’লে– “‘আপুনি কেতিয়াও মোৰ লগত ধৈৰ্য ধাৰণ কৰি থাকিব নোৱাৰিব,। হে মুছা! ধৰ্মীয় জ্ঞানৰ ভিতৰত মোৰ এনে এক জ্ঞান আছে, যিটো আল্লাহে কেৱল মোকহে শিকাইছে, যিটো আপুনি নাজানে আনহাতেআপুনিও এনে এটা জ্ঞানৰ অধিকাৰী, যিটো আল্লাহে আপোনাক শিকাইছে, যিটো মই নাজানো”। মুছাই ক’লে, ‘ইন শ্বা আল্লাহ আপুনি মোক ধৈৰ্যশীল পাব আৰু আপোনাৰ কোনো আদেশ মই অমান্য নকৰিম’।
তাৰপিছত দুয়ো সাগৰৰ পাৰেৰে খোজ কাঢ়িব ধৰিলে, তেওঁলোকৰ নাও নাছিল। ইতিমধ্যে তেওঁলোকৰ কাষেৰে এখন নাও পাৰ হৈ আছিল, তেওঁলোকেআৰোহণ কৰিবলৈ নাৱৰীয়াক অনুৰোধ জনালে। নাৱৰীয়াজনে খিজিৰক চিনি পাই ভাড়া নোলোৱাকৈ নাৱত উঠিব দিলে। তেতিয়া এটা ঘনচিৰিকা চৰাই আহি নাওখনৰ এটা মূৰত বহি এবাৰ অথবা দুবাৰমান সাগৰৰ পানীত ঠোট ডুবাই পানী খাব ধৰিলে। তাকে দেখি খিজিৰে ক’লে– ‘হে মুছা! আপোনাৰ আৰু মোৰ সকলো জ্ঞান সাঙুৰি আল্লাহৰ জ্ঞানৰ তুলনাত সৌ ঘনচিৰিকা চৰাইৰ ঠোটত উঠা পানীতকৈও কম’। ইয়াৰ পিছতে খিজিৰে নাওখনৰ পৰা এখন তক্তা এৰুৱাই পেলালে। ইয়াকে দেখি মুছাই ক’লে– ‘এওঁ আমাক বিনা ভাড়াত উঠিব দিছে আৰু আপুনি তক্তাখন এৰুৱাই যাত্ৰীসকলক ডুবাই মাৰিব বিচাৰিছে!’খিজিৰে ক’লে–‘মই কোৱা নাছিলোনে যে, আপুনি মোৰ লগত কেতিয়াও ধৈৰ্য ধাৰণ কৰিব নোৱাৰিব’?মুছাই ক’লে, ‘মই পাহৰি যোৱাৰ কাৰণে মোৰ দোষ নধৰিব [1] লগতে মোৰ বিষয়ে অত্যাধিক কঠোৰতা অৱলম্বন নকৰিব’। (বৰ্ণনাকাৰীয়ে কৈছেঃ)এয়া মূছাৰ প্ৰথম ভুল আছিল’। তাৰ পিছত দুয়ো নাৱৰ পৰা নামি খোজ কাঢ়ি যাবলৈ ধৰিলে। যাওঁতে বাটতে এজন ল’ৰাক তাৰ লগৰীয়াৰসকলৰ সৈতে খেলি থকা দেখা পালে।খিজিৰে ল’ৰাজনক মূৰত ধৰি হাতেৰে মূৰটো ছিঙি পেলালে। ইয়াকে দেখি মুছাই ক’লে, ‘হত্যাৰ অপৰাধবিহীন আপুনি এটা নিষ্পাপ জীৱন নাশ কৰিলে? অৱশ্যে আপুনি এটা গৰ্হিত অন্যায় কাম কৰিছে’।খিজিৰে ক’লে, ‘মই আপোনাক কোৱা নাছিলোনে যে, আপুনি মোৰ লগত কেতিয়াও ধৈৰ্য ধাৰণ কৰিব নোৱাৰিব’? ইবনু ওৱাইনা ৰাহিমাহুল্লাহে কৈছে, এইটো আছিল পূৰ্বতকৈ অধিক প্রবল।তাৰ পিছত দুয়ো আকৌ যোৱা আৰম্ভ কৰিলে, অৱশেষত যেতিয়া তেওঁলোক এটা জনপদৰ অধিবাসীসকলৰ ওচৰত উপস্থিত হ’ল, তেতিয়া সিহঁতৰ ওচৰত খাদ্য বিচাৰিলে; কিন্তু সিহঁতে তেওঁলোকৰ আতিথ্য কৰিবলৈ অস্বীকাৰ কৰিলে। তাৰ পিছত তেওঁলোকে তাত এখন প্ৰাচীৰ দেখা পালে, যিখন বাগৰি যোৱাৰ উপক্ৰম হৈছিল, তেতিয়া খিজিৰে সেইখনক সুদৃঢ় কৰি দিলে। মুছাই ক’লে, ‘অৱশ্যে আপুনি ইচ্ছা কৰিলে ইয়াৰ বাবে পাৰিশ্ৰমিক গ্ৰহণ কৰিব পাৰিলেহেঁতেন’।খিজিৰে ক’লে, ‘ইয়াতেই মোৰ আৰু আপোনাৰ মাজত সম্পৰ্কচ্ছেদ হৈ গ’ল। (ছুৰা কাহাফ: ৭৭-৭৮)। নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে: ‘আল্লাহ তাআ’লাই মুছাৰ ওপৰত ৰহমত বৰ্ষণ কৰক। তেখেতে আৰু অলপ ধৈৰ্য ধাৰণ কৰিলে খিজিৰৰ উক্ত কাহিনীৰ পৰা আৰু অধিক জ্ঞান লাভ কৰিব পাৰিলোহেঁতেন’। (সংশ্লিষ্ট হাদীছঃ ৭৪; মুছলিম ৪৩/৪৬, হাদীছ নং ২৩৮০, আহমদ ২১১৬৭)

[1] ইয়াৰ দ্বাৰা বুজা গ’ল যে, ভুল হ’লে বা পাহৰি কোনো ভুল কাম কৰিলে সেয়া ক্ষমাযোগ্য। আন এঠাইত আল্লাহ তাআলাই কৈছেঃ অনিচ্ছাকৃত ভাৱে ভুল কৰিলে তোমালোকৰ কোনো দোষ নহয়। এইদৰে অন্তৰত উদ্ভৱ হোৱা কুমন্ত্ৰণাও মাফ কৰি দিয়া হয়।

আবূ হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ “নিশ্চয় আল্লাহে মোৰ উম্মতৰ সেইবোৰ কুমন্ত্ৰণা ক্ষমা কৰি দিছে যিবোৰ মানুহৰ অন্তৰত উদয় হয়,যেতিয়ালৈকে সেইবোৰ বাস্তৱত আমল কৰা নহয় বা সেইবোৰ মুখেৰে উচ্চাৰণ কৰা নহয়”। (ছহীহ বুখাৰী, কিতাবুল আইমান অন-নুজুৰ, পৰিচ্ছেদঃ ১৫, হাদীছ নং ৬৬৬৪)

পৰিচ্ছেদ: ৪৫– আলীম বহি থকা অৱস্থাত থিয় হৈ প্ৰশ্ন সোধা।হাদীছ - 123حَدَّثَنَا عُثْمَانُ، قَالَ: أَخْبَرَنَا جَرِيرٌ، عَنْ مَنْصُورٍ، عَنْ أَبِي وَائِلٍ، عَنْ أَبِي مُوسَى، قَالَ: جَاءَ رَجُلٌ إِلَى النَّبِيِّ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ فَقَالَ: يَا رَسُولَ اللَّهِ، مَا القِتَالُ فِي سَبِيلِ اللَّهِ؟ فَإِنَّ أَحَدَنَا يُقَاتِلُ غَضَبًا، وَيُقَاتِلُ حَمِيَّةً، فَرَفَعَ إِلَيْهِ رَأْسَهُ، قَالَ: وَمَا رَفَعَ إِلَيْهِ رَأْسَهُ إِلَّا أَنَّهُ كَانَ قَائِمًا، فَقَالَ: «مَنْ قَاتَلَ لِتَكُونَ كَلِمَةُ اللَّهِ هِيَ العُلْيَا، فَهُوَ فِي سَبِيلِ اللَّهِ عَزَّ وَجَلَّ১২৩) .....আবূ মুছা ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেখেতে কৈছে– এজন লোকে নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওচৰত আহি সুধিলে– ‘হে আল্লাহৰ ৰাছুল! কোন বিলাক যুদ্ধক আল্লাহৰ পথত কৰা যুদ্ধ বুলি আখ্যা দিয়া হয়, কাৰণ আমাৰ মাজৰ কিছুমানেক্ৰোধান্বিত হৈ যুদ্ধ কৰে আৰু কিছুমানে প্ৰতিশোধ লোৱাৰ উদ্দেশ্যে যুদ্ধ কৰে। তেখেতে ব্যক্তিজনৰ পিনে মূৰ দাঙি চালে, বৰ্ণনাকাৰীয়ে কোৱা মতে, মূৰ দাঙি চোৱাৰ কাৰণ হ’ল, ব্যক্তিজন থিয় হৈ আছিল। তাৰ পিছত তেখেতে ক’লে: আল্লাহৰ বাণী বিজয়ী কৰাৰ উদ্দেশ্যে যিয়ে যুদ্ধ কৰে, সেইটোৱে আল্লাহৰ পথত কৰা যুদ্ধ’। (সংশ্লিষ্ট হাদীছসমূহঃ২৮১০, ৩১২৬, ৭৪৫৮; মুছলিম ৩৩/৪২, হাদীছ নং ১৯০৪, আহমদ ১৯৫১০, ১৯৫৬০, ১৯৬১৩)
পৰিচ্ছেদ: ৪৬– (হজ্জত) শিল দলিওৱাৰ সময়ত মাছআলা সোধা।হাদীছ - 124حَدَّثَنَا أَبُو نُعَيْمٍ، قَالَ: حَدَّثَنَا عَبْدُ العَزِيزِ بْنُ أَبِي سَلَمَةَ، عَنِ الزُّهْرِيِّ، عَنْ عِيسَى بْنِ طَلْحَةَ، عَنْ عَبْدِ اللَّهِ بْنِ عَمْرٍو، قَالَ: رَأَيْتُ النَّبِيَّ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ عِنْدَ الجَمْرَةِ وَهُوَ يُسْأَلُ، فَقَالَ رَجُلٌ: يَا رَسُولَ اللَّهِ، نَحَرْتُ قَبْلَ أَنْ أَرْمِيَ؟ قَالَ: «ارْمِ وَلاَ حَرَجَ»، قَالَ آخَرُ: يَا رَسُولَ اللَّهِ، حَلَقْتُ قَبْلَ أَنْ أَنْحَرَ؟ قَالَ: «انْحَرْ وَلاَ حَرَجَ». فَمَا سُئِلَ عَنْ شَيْءٍ قُدِّمَ وَلاَ أُخِّرَ إِلَّا قَالَ: «افْعَلْ وَلاَ حَرَجَ১২৪) ....‘আব্দুল্লাহ ইবনু ‘আমৰ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বর্ণিত, তেখেতে কৈছে: মই নবী চাল্লাল্লাহু আলাইহি অছাল্লামক জামৰাহৰ কাষত মাছআলা সোধা দেখা পাইছিলো। এজনে সুধিলে- ‘হে আল্লাহৰ ৰাছুল! মই শিলগুটি দলিওৱাৰ পূর্বেই কুৰবানী কৰি পেলালো’। তেখেতে ক’লে: ‘(এতিয়া) শিলগুটি দলিওৱা, কোনো ক্ষতি নাই’। আন এজনে সুধিলে: ‘হে আল্লাহৰ ৰাছুল! মই কুৰবানী কৰাৰ আগতেই মূৰৰ চুলি খুৰাই পেলাইছো’। তেখেতে ক’লে– ‘কোৰবানী কৰি দিয়া কোনো ক্ষতি নাই।’ প্ৰকৃততে আগ-পিছ হোৱাৰ যি প্ৰশ্নই তেখেতক কৰা হৈছিল, তেখেতে কৈছিল– ‘কৰা, কোনো ক্ষতি নাই’। (সংশ্লিষ্ট হাদীছঃ৮৩)
পৰিচ্ছেদ: ৪৭– আল্লাহ তাআ’লাৰ বাণী, তোমালোকক অতি সামান্য জ্ঞান দিয়া হৈছে (ছুৰা আল-ইছৰা: ৮৫)হাদীছ - 125حَدَّثَنَا قَيْسُ بْنُ حَفْصٍ، قَالَ: حَدَّثَنَا عَبْدُ الوَاحِدِ، قَالَ: حَدَّثَنَا الأَعْمَشُ سُلَيْمَانُ بْنُ مِهْرَانَ عَنْ إِبْرَاهِيمَ، عَنْ عَلْقَمَةَ، عَنْ عَبْدِ اللَّهِ، قَالَ: بَيْنَا أَنَا أَمْشِي مَعَ النَّبِيِّ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ فِي خَرِبِ المَدِينَةِ، وَهُوَ يَتَوَكَّأُ عَلَى عَسِيبٍ مَعَهُ، فَمَرَّ بِنَفَرٍ مِنَ اليَهُودِ، فَقَالَ بَعْضُهُمْ لِبَعْضٍ: سَلُوهُ عَنِ الرُّوحِ؟ وَقَالَ بَعْضُهُمْ: لاَ تَسْأَلُوهُ، لاَ يَجِيءُ فِيهِ بِشَيْءٍ تَكْرَهُونَهُ، فَقَالَ بَعْضُهُمْ: لَنَسْأَلَنَّهُ، فَقَامَ رَجُلٌ مِنْهُمْ، فَقَالَ يَا أَبَا القَاسِمِ مَا الرُّوحُ؟ فَسَكَتَ، فَقُلْتُ: إِنَّهُ يُوحَى إِلَيْهِ، فَقُمْتُ، فَلَمَّا انْجَلَى عَنْهُ، قَالَ: «(وَيَسْأَلُونَكَ عَنِ الرُّوحِ قُلِ الرُّوحُ مِنْ أَمْرِ رَبِّي وَمَا أُوتُوا مِنَ العِلْمِ إِلَّا قَلِيلًا)». قَالَ الأَعْمَشُ: هَكَذَا فِي قِرَاءَتِنَا১২৫) .....আব্দুল্লাহ ইবনু মাচউদ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেখেতে কৈছে: ‘এদিনাখন মই নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ সৈতে মদিনাৰ বসতিহীন এলেকাৰে গৈ আছিলো, তেখেতে খেজুৰ গছৰ ডাল এটাৰ ওপৰত ভৰ দি খোজকাঢ়ি আছিল। কাষেৰে এদল ইহুদী পাৰ হৈ যাওঁতে এজনে আনজনক ক’লে– ‘তেখেতক ৰূহ সম্পৰ্কে সোধাচোন’। আন এজনে ক’লে– ‘তেখেতক কোনো প্ৰশ্ন নুসুধিবা, হয়তো এনেকুৱা উত্তৰ দিব যিটো তোমালোকে পছন্দ নকৰা’। আন কোনোবাই কৈছিল– ‘তেখেতক আমি প্ৰশ্ন সুধিমেই’। তাৰ পিছত তাহাঁতৰ মাজৰে এজনে থিয় হৈ সুধিলে– ‘হে আবুল কাচিম! ৰূহ কি’? আল্লাহৰ ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামে নিৰৱে থকা দেখি মই মনে মনে ভাৱিলো, তেখেতৰ প্ৰতি ‘অহী’ অৱতীৰ্ণ হৈ আছে। সেয়ে মই থিয় হৈ থাকিলো। অৱশেষত সেই অৱস্থা শেষ হ’ল। তেখেতে ক’লে: ‘সিহঁতে তোমাক ৰূহ সম্পৰ্কে প্ৰশ্ন কৰে, কোৱা– ৰূহ আমাৰ প্ৰতিপালকৰ আদেশ ঘটিত আৰু মানুহক সামান্য জ্ঞানহে দিয়া হৈছে। (ছূৰা আল-ইছৰাঃ ৮৫)।
আ’মাশ্ব ৰাহিমাহুল্লাহে কৈছে, এইদৰে আয়াতটোক আমাৰ কিৰাতত أُوْتِيْتُمْ -ৰ স্থলত أُوْتُوْ পঢ়া হৈছে। (সংশ্লিষ্ট হাদীছসমূহঃ ৪৭২১, ৭২৯৭, ৭৪৫৬, ৭৪৬২; মুছলিম ৫০/৪, হাদীছ নং ২৭৯৪, আহমদ ৩৬৮৮)
পৰিচ্ছেদ: ৪৮– কিছুমান মুস্তাহাব কাম এই আশংকাত এৰি দিয়া উচিত যে, কিছুমান সাধাৰণ লোকে ভুল বুজিব পাৰে বা তেওঁলোক অধিক বিভ্ৰান্তিত পৰিব পাৰে।হাদীছ - 126حَدَّثَنَا عُبَيْدُ اللَّهِ بْنُ مُوسَى، عَنْ إِسْرَائِيلَ، عَنْ أَبِي إِسْحَاقَ، عَنِ الأَسْوَدِ، قَالَ: قَالَ لِي ابْنُ الزُّبَيْرِ، كَانَتْ عَائِشَةُ تُسِرُّ إِلَيْكَ كَثِيرًا فَمَا حَدَّثَتْكَ فِي الكَعْبَةِ؟ قُلْتُ: قَالَتْ لِي: قَالَ النَّبِيُّ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ: " يَا عَائِشَةُ لَوْلاَ قَوْمُكِ حَدِيثٌ عَهْدُهُمْ - قَالَ ابْنُ الزُّبَيْرِ - بِكُفْرٍ، لَنَقَضْتُ الكَعْبَةَ فَجَعَلْتُ لَهَا بَابَيْنِ: بَابٌ يَدْخُلُ النَّاسُ وَبَابٌ يَخْرُجُونَ " فَفَعَلَهُ ابْنُ الزُّبَيْرِ১২৬) .....আছৱাদ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেখেতে কৈছে, ইবনুয যুবাইৰ ৰাদ্বিয়াল্লাহু আনহুৱে তেখেতক কৈছে, ‘আইশ্বা ৰাদ্বিয়াল্লাহু আনহাই তোমাক বহু হাদীছ গোপনে কৈছিল।এতেকে কোৱাচোন, কা’বা সম্পৰ্কে তেখেতে তোমাক কি কৈছিল? মই ক’লো, তেখেতে মোক কৈছিল, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছিল, ‘হে আইশ্বা! তোমাৰ সম্প্ৰদায়ৰ মানুহ বিলাক(ইছলাম গ্ৰহণত) নতুন নহলে, -ইবনুয যুবাইৰে কৈছেঃ কুফৰ ত্যাগ কৰাৰ অৱস্থাটো নতুন নহলে- মই কাবা ঘৰখন ভাঙি দুখন দুৱাৰ সাজিলোহেঁতেন, এখন দুৱাৰেৰে মানুহ প্ৰৱেশ কৰিলেহেঁতেন আৰু আনখন দুৱাৰেৰে ওলাই গ’লহেঁতেন। (পৰবৰ্তী সময়ত মক্কা শাসন কালত) ইবনুয যুবাইৰে এনেকুৱাই কৰিছিল। (সংশ্লিষ্ট হাদীছসমূহঃ১৫৮৩, ১৫৮৪, ১৫৮৫, ১৫৮৬, ৩৩৬৮, ৪৪৮৪, ৭২৪৩ দ্রষ্টব্য)
পৰিচ্ছেদ: ৪৯ - ইল্ম শিক্ষা বুজি নোপোৱাৰ আশংকাত এটা গোত্ৰ ত্যাগ কৰি আন এক গোত্ৰক বাচি লোৱাوَقَالَ عَلِيٌّ حَدِّثُوا النَّاسَ بِمَا يَعْرِفُونَ أَتُحِبُّونَ أَنْ يُكَذَّبَ اللهُ وَرَسُولُهُ
‘আলি ৰাদ্বিয়াল্লাহু আনহুৱে কৈছে, ‘মানুহক এনেকুৱা কথা কোৱা, যিটো তেওঁলোকে বুজি পায়। আল্লাহ আৰু তেওঁৰ ৰাছুলৰ প্ৰতি মিছা আৰোপ হোৱাটো তোমালোকে বিচৰানে?’
হাদীছ - 127حَدَّثَنَا عُبَيْدُ اللَّهِ بْنُ مُوسَى عَنْ مَعْرُوفِ بْنِ خَرَّبُوذٍ عَنْ أَبِي الطُّفَيْلِ عَنْ عَلِيٍّ بِذَلِكَ১২৭. ‘উক্ত হাদীছটো আলী ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত।
হাদীছ - 128حَدَّثَنَا إِسْحَاقُ بْنُ إِبْرَاهِيمَ، قَالَ: حَدَّثَنَا مُعَاذُ بْنُ هِشَامٍ، قَالَ: حَدَّثَنِي أَبِي، عَنْ قَتَادَةَ، قَالَ: حَدَّثَنَا أَنَسُ بْنُ مَالِكٍ أَنَّ النَّبِيَّ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ، وَمُعاذٌ رَدِيفُهُ عَلَى الرَّحْلِ، قَالَ: «يَا مُعَاذَ بْنَ جَبَلٍ»، قَالَ: لَبَّيْكَ يَا رَسُولَ اللَّهِ وَسَعْدَيْكَ، قَالَ: «يَا مُعَاذُ»، قَالَ: لَبَّيْكَ يَا رَسُولَ اللَّهِ وَسَعْدَيْكَ ثَلاَثًا، قَالَ: «مَا مِنْ أَحَدٍ يَشْهَدُ أَنْ لاَ إِلَهَ إِلَّا اللَّهُ وَأَنَّمُحَمَّدًا رَسُولُ اللَّهِ، صِدْقًا مِنْ قَلْبِهِ، إِلَّا حَرَّمَهُ اللَّهُ عَلَى النَّارِ»، قَالَ يَا رَسُولَ اللَّهِ: أَفَلاَ أُخْبِرُ بِهِ النَّاسَ فَيَسْتَبْشِرُوا؟ قَالَ: «إِذًا يَتَّكِلُوا» وَأَخْبَرَ بِهَا مُعَاذٌ عِنْدَ مَوْتِهِ تَأَثُّمًا১২৮) .....আনাছ ইবনু মালিক ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত যে, এদিনাখন মু’আয ৰাদ্বিয়াল্লাহু আনহুৱে নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ লগত বাহনত তেখেতৰ পিছফালে যাত্ৰী হিচাপে আছিল, তেতিয়া তেখেতে তেওঁক মাতি ক’লে, হে মু’আয ইবনু জাবাল! মু’আয ৰাদ্বিয়াল্লাহু আনহুৱে উত্তৰ দিলে, ‘হে আল্লাহৰ ৰাছুল, মই উপস্থিত আছো আৰু প্ৰস্তুত আছো’। তেখেতে আকৌ মাতিলে, হে মু’আয!মু’আয ৰাদ্বিয়াল্লাহু আনহুৱে উত্তৰ দিলে, মই উপস্থিত আছো হে আল্লাহৰ ৰাছুল আৰু প্ৰস্তুত আছো’। তেখেতে আকৌ মাতিলে, হে মু’আয!তেওঁ উত্তৰ দিলে, মই উপস্থিত আছো আৰু প্ৰস্তুত আছো। এইদৰে তিনিবাৰ মাতিলে, তাৰ পিছত ক’লে– যিয়ে আন্তৰিকতাৰে সাক্ষ্য দিব যে,‘আল্লাহৰ বাহিৰেআন কোনো সত্য উপাস্য নাই আৰু মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লাম আল্লাহৰ ৰাছুল’ তাৰ ওপৰত আল্লাহ তাআ’লাই জাহান্নামক হাৰাম কৰি দিব। মু’আয ৰাদ্বিয়াল্লাহু আনহুৱে ক’লে– ‘হে আল্লাহৰ ৰাছুল! মই এই খবৰ মানুহক জনাই দিবপাৰিমনে যাতে তেওঁলোকে সুসংবাদ পায়’? তেখেতে ক’লে, ‘এনে কৰিলেমানুহে ইয়াৰ ওপৰতে ভৰষা কৰিব’। (মু’আয ৰাদ্বিয়াল্লাহু আনহুৱে গোটেই জীৱন এই হাদীছ বৰ্ণনা কৰা নাছিল)মৃত্যুৰ সময়ত বৰ্ণনা কৰি গৈছে যাতে ইল্ম গোপন কৰাৰ গুনাহ নহয়। (সংশ্লিষ্ট হাদীছঃ১২৯; মুছলিম ১/১০, হাদীছ নং ৩২)
হাদীছ - 129حَدَّثَنَا مُسَدَّدٌ، قَالَ: حَدَّثَنَا مُعْتَمِرٌ، قَالَ: سَمِعْتُ أَبِي قَالَ: سَمِعْتُ أَنَسَ بْنَ مَالِكٍ، قَالَ: ذُكِرَ لِي أَنَّ النَّبِيَّ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ قَالَ لِمُعَاذِ بْنِ جَبَلٍ: «مَنْ لَقِيَ اللَّهَ لاَ يُشْرِكُ بِهِ شَيْئًا دَخَلَ الجَنَّةَ»، قَالَ: أَلاَ أُبَشِّرُ النَّاسَ؟ قَالَ: «لاَ إِنِّي أَخَافُ أَنْ يَتَّكِلُوا১২৯) ....আনাছ ৰাদ্বিয়াল্লাহু আনহু পৰা বৰ্ণিত, তেখেতে কৈছে, মোৰওচৰত বৰ্ণনা কৰা হৈছে যে, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে মু’আয ৰাদ্বিয়াল্লাহু আনহুক কৈছিল, যি ব্যক্তিয়ে আল্লাহৰ লগত কোনো ধৰণৰ শ্বিৰ্ক নকৰে, সি জান্নাতত প্ৰৱেশ কৰিব। মু’আয ৰাদ্বিয়াল্লাহু আনহুৱে কৈছিল, ‘মই এই সুসংবাদ মানুহক দিমনে? তেখেতে কৈছিল, ‘নিদিবা, মোৰ ভয় হয় যে,সিহঁতে ইয়াৰ ওপৰতেই ভৰষা কৰি বহি থাকিব’। (১২৮)
পৰিচ্ছেদ: ৫০- ইল্ম শিকিবলৈ লাজ কৰামুজাহিদ ৰাহিমাহুল্লাহে কৈছে, ‘লাজুক আৰু অহঙ্কাৰী ব্যক্তিয়ে জ্ঞান অর্জন কৰিব নোৱাৰে। ‘আইশ্বা ৰাদ্বিয়াল্লাহু আনহাই কৈছে– ‘আনচাৰী মহিলাসকলেই উত্তম। লজ্জাই তেওঁলোকক ইছলামী জ্ঞান অন্বেষণৰ পৰা বিৰত ৰাখিব পৰা নাইহাদীছ - 130حَدَّثَنَا مُحَمَّدُ بْنُ سَلاَمٍ، قَالَ: أَخْبَرَنَا أَبُومُعَاوِيَةَ، قَالَ: حَدَّثَنَا هِشَامُ بْنُ عُرْوَةَ، عَنْ أَبِيهِ، عَنْ زَيْنَبَ ابْنَةِ أُمِّ سَلَمَةَ، عَنْ أُمِّ سَلَمَةَ، قَالَتْ: جَاءَتْ أُمُّ سُلَيْمٍ إِلَى رَسُولِ اللَّهِ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ فَقَالَتْ: يَارَسُولَ اللَّهِ إِنَّا للَّهَ لاَيَسْتَحْيِي مِنَ الحَقِّ، فَهَلْ عَلَى المَرْأَةِ مِنْ غُسْلٍ إِذَا احْتَلَمَتْ؟ قَالَ النَّبِيُّ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ: «إِذَا رَأَتِ المَاءَ» فَغَطَّتْ أُمُّ سَلَمَةَ، تَعْنِي وَجْهَهَا، وَقَالَتْ: يَارَسُولَ اللَّهِ أَوَتَحْتَلِمُ المَرْأَةُ؟ قَالَ: «نَعَمْ، تَرِبَتْ يَمِينُكِ، فَبِمَ يُشْبِهُهَا وَلَدُهَا.উম্মু ছালামা ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেখেতে কৈছে, আল্লাহৰ ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওচৰত উম্মু ছুলাইম ৰাদ্বিয়াল্লাহু আনহা আহি কলেহে আল্লাহৰ ৰাছুল! আল্লাহে হক কথা প্ৰকাশ কৰিবলৈ লাজ নকৰে। মহিলাসকলৰ স্বপ্নদোষ হলে গোছল কৰিব লাগিব নেকি? নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কলে– ‘হয়, যেতিয়া তাই বীৰ্য দেখা পাব’। তেতিয়া উম্মু ছালামাই লাজত মুখ ঢাকি সুধিলে, ‘হে আল্লাহৰ ৰাছুল! মহিলাসকলৰো স্বপ্নদোষ হয় নেকি’? তেখেতে কলে– ‘হয়, তোমাৰ সোঁ হাতে মাটি স্পৰ্শ কৰক (এইটো এষাৰ প্ৰবাদ)! তেনে নহলে সিহঁতৰ সন্তানে মাকৰ আকৃতি কেনেকৈ পায়’? (সংশ্লিষ্ট হাদীছসমূহঃ ২৮২, ৩৩২৮, ৬০৯১, ৬১২১; মুছলিম ৩/৭, হাদীছ নং ৩১৩, আহমদ ২৬৬৭৫)
হাদীছ - 131حَدَّثَنَا إِسْمَاعِيلُ، قَالَ: حَدَّثَنِي مَالِكٌ، عَنْ عَبْدِ اللَّهِ بْنِ دِينَارٍ، عَنْ عَبْدِ اللَّهِ بْنِ عُمَرَ، أَنَّ رَسُولَ اللَّهِ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ قَالَ: «إِنَّ مِنَ الشَّجَرِ شَجَرَةً لاَ يَسْقُطُ وَرَقُهَا، وَهِيَ مَثَلُ المُسْلِمِ، حَدِّثُونِي مَا هِيَ؟» فَوَقَعَ النَّاسُ فِي شَجَرِ البَادِيَةِ، وَوَقَعَ فِي نَفْسِي أَنَّهَا النَّخْلَةُ، قَالَ عَبْدُ اللَّهِ: فَاسْتَحْيَيْتُ، فَقَالُوا: يَا رَسُولَ اللَّهِ، أَخْبِرْنَا بِهَا؟ فَقَالَ رَسُولُ اللَّهِ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ: «هِيَ النَّخْلَةُ» قَالَ عَبْدُ اللَّهِ: فَحَدَّثْتُ أَبِي بِمَا وَقَعَ فِي نَفْسِي، فَقَالَ: «لَأَنْ تَكُونَ قُلْتَهَا أَحَبُّ إِلَيَّ مِنْ أَنْ يَكُونَ لِي كَذَا وَكَذَا১৩১) ....ইবনু ওমৰ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত যে, আল্লাহৰ ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে– গছৰ ভিতৰত এনে এজোপা গছ আছে যাৰ পাত নসৰে আৰু ই হ’ল মুছলিমৰ উদাহৰণ।তোমালোকে মোক কোৱাচোন সেই জোপা কি গছ? তেতিয়া উপস্থিত ব্যক্তিসকলে হাবীৰ গছৰ কথা চিন্তা কৰিবলৈ ধৰিলে আৰু মোৰ মনত পৰিল সেই জোপা হৈছে খেজুৰ গছ। আব্দুল্লাহ ৰাদ্বিয়াল্লাহু আনহুৱেকৈছে, ‘কিন্তু মই ক’বলৈ লাজ কৰিলো’। তাৰ পিছত ছাহাবাসকলে ক’লে– হে আল্লাহৰ ৰাছুল! আপুনিয়ে আমাক জনাই দিয়ক। আল্লাহৰ ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামে ক’লে– ‘সেয়া হৈছে খেজুৰ গছ’। আব্দুল্লাহ ৰাদ্বিয়াল্লাহু আনহুৱেকৈছে, ‘তেতিয়া মই মোৰ আব্বাক মোৰ মনৰ কথাষাৰ ক’লো।’ তেতিয়া তেখেতে ক’লে– ‘যদি তুমি এই কথাষাৰ তেতিয়া কৈ দিলাহেঁতেন তেন্তে এই বিষয়টো মোৰ ওচৰত ইমান ইমান বস্তুতকৈও অধিক প্ৰিয় হ’লহেতেন’। (সংশ্লিষ্ট হাদীছঃ৬১)
পৰিচ্ছেদ: ৫১- নিজে লাজ কৰিলে আনৰ হতুৱাই প্ৰশ্ন কৰোৱা।হাদীছ - 132حَدَّثَنَا مُسَدَّدٌ، قَالَ: حَدَّثَنَا عَبْدُ اللَّهِ بْنُ دَاوُدَ، عَنِ الأَعْمَشِ، عَنْ مُنْذِرٍ الثَّوْرِيِّ، عَنْ مُحَمَّدِ ابْنِ الحَنَفِيَّةِ، عَنْ عَلِيِّ بْنِ أَبِي طَالِبٍ، قَالَ: كُنْتُ رَجُلًا مَذَّاءً فَأَمَرْتُ المِقْدَادَ بْنَ الأَسْوَدِ أَنْ يَسْأَلَ النَّبِيَّ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ فَسَأَلَهُ، فَقَالَ: «فِيهِ الوُضُوءُ১৩২) ....আলী ইবনু আবূ তালিব ৰাদ্বিয়াল্লাহু আনহুৰপৰা বৰ্ণিত, তেখেতে কৈছে, মোৰ সঘনাই ‘মযী’ ওলাইছিল। গতিকে মই মিক্বদাদ বিন আছৱাদক ক’লো, যাতে তেওঁ এই বিষয়ে নবীচাল্লাল্লাহু আলাইহি অছাল্লামক প্ৰশ্ন কৰে ফলত তেওঁ সুধিলে, আল্লাহৰ ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামে ক’লে, ‘ইয়াৰ বাবে কেৱল অজু কৰিলেই হ’ব’। (সংশ্লিষ্ট হাদীছসমূহঃ১৭৮,২৬৯; মুছলিম ৩/৪, হাদীছ নং ৩০৩, আহমদ ৬০৬, ১০০৯, ১০৩৫)
পৰিচ্ছেদ: ৫২- মছজিদত ইল্ম আৰু ফতোৱা আলোচনা কৰা।হাদীছ - 133حَدَّثَنِي قُتَيْبَةُ بْنُ سَعِيدٍ، قَالَ: حَدَّثَنَا اللَّيْثُ بْنُ سَعْدٍ، قَالَ: حَدَّثَنَا نَافِعٌ، مَوْلَى عَبْدِ اللَّهِ بْنِ عُمَرَ بْنِ الخَطَّابِ، عَنْ عَبْدِ اللَّهِ بْنِ عُمَرَ، أَنَّ رَجُلًا، قَامَ فِي المَسْجِدِ، فَقَالَ: يَا رَسُولَ اللَّهِ، مِنْ أَيْنَ تَأْمُرُنَا أَنْ نُهِلَّ؟ فَقَالَ رَسُولُ اللَّهِ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ: «يُهِلُّ أَهْلُ المَدِينَةِ مِنْ ذِي الحُلَيْفَةِ، وَيُهِلُّ أَهْلُ الشَّأْمِ مِنَ الجُحْفَةِ، وَيُهِلُّ أَهْلُ نَجْدٍ مِنْ قَرْنٍ» وَقَالَ ابْنُ عُمَرَ وَيَزْعُمُونَ أَنَّ رَسُولَ اللَّهِ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ قَالَ: «وَيُهِلُّ أَهْلُ اليَمَنِ مِنْ يَلَمْلَمَ» وَكَانَ ابْنُ عُمَرَ يَقُولُ: لَمْ أَفْقَهْ هَذِهِ مِنْ رَسُولِ اللَّهِ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ১৩৩) ....আব্দুল্লাহ ইবনু ওমৰ ৰাদ্বিয়াল্লাহু আনহুৰপৰা বৰ্ণিত, এজন ব্যক্তিয়ে মছজিদত থিয় হৈ ক’লে, ‘হে আল্লাহৰ ৰাছুল! আপুনি আমাক কোন ঠাইৰ পৰা ইহৰাম বন্ধাৰ নিৰ্দেশ দিছে’? আল্লাহৰ ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামে ক’লে: মদিনাবাসীয়ে ইহৰাম বান্ধিব ‘যু’ল-হুলাইফা’ৰ পৰা; চিৰিয়াবাসীয়ে ইহৰাম বান্ধিব ‘জুহফা’ৰ স্থানৰ পৰা আৰু নাজদবাসীয়ে ইহৰাম বান্ধিব ‘কাৰ্ন’ৰ পৰা। ইবনু ওমৰ ৰাদ্বিয়াল্লাহু আনহুৱে কৈছে, ছাহাবাসকলে কৈছে যে, আল্লাহৰ ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামে এই কথাও কৈছিল যে,‘আৰু য়ামানবাসীয়ে ইহৰাম বান্ধিব ‘য়ালামলাম’ৰ পৰা। ইবনু ওমৰ ৰাদ্বিয়াল্লাহু আনহুৱে কৈছে, ‘এই কথাষাৰ মই ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৰা বুজি লোৱা নাছিলো’। (সংশ্লিষ্ট হাদীছসমূহঃ১৫২২, ১৫২৫, ১৫২৭, ১৫২৮, ৭৩৩৪)
পৰিচ্ছেদ: ৫৩- প্ৰশ্নকাৰীৰ প্ৰশ্নতকৈও অধিক উত্তৰ প্ৰদান।হাদীছ - 134حَدَّثَنَا آدَمُ، قَالَ: حَدَّثَنَا ابْنُ أَبِي ذِئْبٍ، عَنْ نَافِعٍ، عَنْ ابْنِ عُمَرَ، عَنِ النَّبِيِّ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ وَعَنِ الزُّهْرِيِّ، عَنْ سَالِمٍ، عَنِ ابْنِ عُمَرَ، عَنِ النَّبِيِّ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ أَنَّ رَجُلًا سَأَلَهُ: مَا يَلْبَسُ المُحْرِمُ؟ فَقَالَ: «لاَ يَلْبَسُ القَمِيصَ، وَلاَ العِمَامَةَ، وَلاَ السَّرَاوِيلَ، وَلاَ البُرْنُسَ، وَلاَ ثَوْبًا مَسَّهُ الوَرْسُ أَوِ الزَّعْفَرَانُ، فَإِنْ لَمْ يَجِدِ النَّعْلَيْنِ فَلْيَلْبَسِ الخُفَّيْنِ، وَلْيَقْطَعْهُمَا حَتَّى يَكُونَا تَحْتَ الكَعْبَيْنِ১৩৪)....ইবনু ওমৰ ৰাদ্বিয়াল্লাহু আনহুৱে নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৰা বৰ্ণনা কৰিছে যে, এজন ব্যক্তিয়ে তেওঁক সুধিলে– ‘(হজ্জ বা উমৰাহ কৰিব বিচৰা) মুহৰিম ব্যক্তিয়ে কি কাপোৰ পিন্ধিব’? তেখেতে ক’লে– ‘চোলা, পাগুৰী, পাইজামা, টুপি, তথা কুচুম বা জাফৰান সুগন্ধি যুক্ত কোনো কাপোৰ পৰিধান কৰিব নোৱাৰিব। জোতা নাথাকিলে চামৰাৰ মোজা পৰিধান কৰিব পাৰিব কিন্তু ইয়াক এনেদৰে কাটিব লাগিব যে, যাতে মোজা দুটা ভৰিৰ সৰু গাঁঠিৰ তলত থাকে’। (সংশ্লিষ্ট হাদীছসমূহঃ ৩৬৬, ১৫৪২, ১৮৩৮, ১৮৪২, ৫৭৯৪, ৫৮০৩, ৫৮০৫, ৫৮০৬, ৫৮৪৭, ৫৮৫২)