chapter-note-beforechapterchapter-note-afterhadith-numberhadith-arabichadith-assamesehadith-note
পৰিচ্ছেদ: ১, অজুৰ বৰ্ণনা।وَقَوْلِ اللهِ تَعَالَى (إِذَا قُمْتُمْ إِلَى الصَّلاَةِ فَاغْسِلُوا وُجُوهَكُمْ وَأَيْدِيَكُمْ إِلَى الْمَرَافِقِ وَامْسَحُوا بِرُءُوسِكُمْ وَأَرْجُلَكُمْ إِلَى الْكَعْبَيْنِ)
قَالَ أَبُو عَبْد اللهِ وَبَيَّنَ النَّبِيُّ صلى الله عليه وسلم أَنَّ فَرْضَ الْوُضُوءِ مَرَّةً مَرَّةً وَتَوَضَّأَ أَيْضًا مَرَّتَيْنِ وَثَلاَثًا وَلَمْ يَزِدْ عَلَى ثَلاَثٍ وَكَرِهَ أَهْلُ الْعِلْمِ الْإِسْرَافَ فِيهِ وَأَنْ يُجَاوِزُوا فِعْلَ النَّبِيِّ صلى الله عليه وسلم.
আল্লাহ তা‘আলাৰ বাণী: (হে ঈমান্দাৰসকল!) যেতিয়া তোমালোকে ছালাতৰ বাবে প্ৰস্তুত হোৱা, তেতিয়া নিজৰ মুখমণ্ডল ধুই লোৱা আৰু হাত ধুই লোৱা কিলাকুটিলৈকে, মূৰ মছেহ কৰা আৰু ভৰি ধুই লোৱা সৰু গাঁঠিলৈকে। (ছুৰা আল-মায়িদাহঃ ৬)
আবু ‘আব্দুল্লাহ বুখাৰী (ৰাহিমাহুল্লাহে) কৈছে, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে, অজুৰ ফৰজ হৈছে, অঙ্গ-প্ৰত্যঙ্গসমূহ এবাৰকৈ ধোৱা। তেখেতে দুবাৰকৈ আৰু তিনিবাৰকৈও ধুইছিল, কিন্তু তিনিবাৰতকৈ বেছি ধোৱা নাছিল। পানীৰ অপচয় কৰা আৰু নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ ‘আমলৰ সীমা অতিক্ৰম কৰাটোক ‘উলামায়ে কিৰামে মকৰূহ বুলি কৈছে।
পৰিচ্ছেদ: ২, পৱিত্ৰতা অবিহনে চালাত কবুল নহয়।# হাদীছ - 135حَدَّثَنَا إِسْحَاقُ بْنُ إِبْرَاهِيمَ الحَنْظَلِيُّ، قَالَ: أَخْبَرَنَا عَبْدُ الرَّزَّاقِ، قَالَ: أَخْبَرَنَا مَعْمَرٌ، عَنْ هَمَّامِ بْنِ مُنَبِّهٍ، أَنَّهُ سَمِعَ أَبَا هُرَيْرَةَ، يَقُولُ: قَالَ رَسُولُ اللَّهِ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ: «لاَ تُقْبَلُ صَلاَةُ مَنْ أَحْدَثَ حَتَّى يَتَوَضَّأَ» قَالَ رَجُلٌ مِنْ حَضْرَمَوْتَ: مَا الحَدَثُ يَا أَبَا هُرَيْرَةَ؟، قَالَ: فُسَاءٌ أَوْ ضُرَاطٌ.....আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ দ্বাৰা বৰ্ণিত, তেখেতে কৈছেঃ ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে- “হাদাছ কৰা ব্যক্তিৰ চালাত কবুল নহয়, যেতিয়ালৈকে সি অজু নকৰে।” হাজৰা মাওতৰ জনৈক ব্যক্তিয়ে ক’লে, “হে আবু হুৰাইৰাহহ! হাদাছ কি?” তেখেতে ক’লে, “নিঃশব্দে বা সশব্দে বায়ু ত্যাগ হোৱা।”
(সংশ্লিষ্ট হাদীছঃ ৬৯৫৪; মুছলিম ২/২, হাদীছ নং ২২৫; আহমাদ ৮০৮৪) (আ.প্ৰ. ১৩২; ই.ফা. ১৩৭)

পৰিচ্ছেদ: ৩, অজুৰ ফজিলত আৰু অজুৰ প্ৰভাৱত যাৰ অজুৰ অঙ্গ-প্ৰত্যঙ্গ উজ্জ্বল হ’ব।

# হাদীছ - 136حَدَّثَنَا يَحْيَى بْنُ بُكَيْرٍ، قَالَ حَدَّثَنَا اللَّيْثُ، عَنْ خَالِدٍ، عَنْ سَعِيدِ بْنِ أَبِي هِلاَلٍ، عَنْ نُعَيْمٍ الْمُجْمِرِ، قَالَ رَقِيتُ مَعَ أَبِي هُرَيْرَةَ عَلَى ظَهْرِ الْمَسْجِدِ، فَتَوَضَّأَ فَقَالَ إِنِّي سَمِعْتُ النَّبِيَّ صلى الله عليه وسلم يَقُولُ ‏ “إِنَّ أُمَّتِي يُدْعَوْنَ يَوْمَ الْقِيَامَةِ غُرًّا مُحَجَّلِينَ مِنْ آثَارِ الْوُضُوءِ، فَمَنِ اسْتَطَاعَ مِنْكُمْ أَنْ يُطِيلَ غُرَّتَهُ فَلْيَفْعَلْ‏"১৩৬. ....নু’আয়ম মুজমিৰ (ৰাহিমাহুল্লাহ)-ৰ দ্বাৰা বৰ্ণিত, তেখেতে কৈছে, মই আবু হুৰাইৰাহহ ৰাদ্বিয়াল্লাহু আনহুৰ সৈতে মছজিদৰ ছাদত উঠিলোঁ। তাৰ পিছত তেখেতে অজু কৰি ক’লে- “মই নবী চাল্লাল্লাহু আলাইহি অছাল্লামক কোৱা শুনিছোঁ, কিয়ামতৰ দিনা মোৰ উম্মতক এনেকুৱা অৱস্থাত আহ্বান কৰা হ’ব যে, অজুৰ প্ৰভাৱত তেওঁলোকৰ হাত-ভৰি আৰু মুখমণ্ডল উজ্জ্বল হৈ থাকিব। সেয়ে তোমালোকৰ মাজত যিয়ে এই উজ্জ্বলতা বঢ়াই নিব পাৰে, তেওঁ যেন তাকেই কৰে।”
(মুছলিম ২/১২, হাদীছ নং ২৪৬; আহমাদ ৯২০৬) (আ.প্ৰ. ১৩৩; ই.ফা. ১৩৮)
পৰিচ্ছেদ: ৪, নিশ্চিত নোহোৱা পৰ্যন্ত সন্দেহৰ কাৰণে পুনৰ অজু কৰিব নালাগে।# হাদীছ - 137حَدَّثَنَا عَلِيٌّ، قَالَ حَدَّثَنَا سُفْيَانُ، قَالَ حَدَّثَنَا الزُّهْرِيُّ، عَنْ سَعِيدِ بْنِ الْمُسَيَّبِ، وَعَنْ عَبَّادِ بْنِ تَمِيمٍ، عَنْ عَمِّهِ، أَنَّهُ شَكَا إِلَى رَسُولِ اللَّهِ صلى الله عليه وسلم الرَّجُلُ الَّذِي يُخَيَّلُ إِلَيْهِ أَنَّهُ يَجِدُ الشَّىْءَ فِي الصَّلاَةِ‏.‏ فَقَالَ ‏ “لاَ يَنْفَتِلْ ـ أَوْ لاَ يَنْصَرِفْ ـ حَتَّى يَسْمَعَ صَوْتًا أَوْ يَجِدَ رِيحًا‏”‏‏.‏১৩৭. .....‘আব্বাদ ইবনু তামীম (ৰাহিমাহুল্লাহ)-ৰ খুৰাকৰ দ্বাৰা বর্ণিত, এবাৰ ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওচৰত এজন ব্যক্তি সম্পর্কে কোৱা হ’ল যে, তেওঁৰ ভাৱ হৈছিল যেন চালাতৰ মাজতে কিবা হৈ গৈছে। তেখেতে ক’লে, “এনেকুৱা অৱস্থাত তেওঁ যেন উভতি নাযায়, যেতিয়ালৈকে শব্দ নুশুনে বা দুৰ্গন্ধ নাপায়।” (১৭৭,২০৫৬; মুছলিম ৩/২৬, হাদীছ নং ৩৬১) (আ.প্ৰ. ১৩৪; ই.ফা. ১৩৯)
পৰিচ্ছেদ: ৫, হাল্কাভাৱে অজু কৰা।# হাদীছ - 138حَدَّثَنَا عَلِيُّ بْنُ عَبْدِ اللَّهِ، قَالَ حَدَّثَنَا سُفْيَانُ، عَنْ عَمْرٍو، قَالَ أَخْبَرَنِي كُرَيْبٌ، عَنِ ابْنِ عَبَّاسٍ، أَنَّ النَّبِيَّ صلى الله عليه وسلم صلى الله عليه وسلم نَامَ حَتَّى نَفَخَ ثُمَّ صَلَّى ـ وَرُبَّمَا قَالَ اضْطَجَعَ حَتَّى نَفَخَ ـ ثُمَّ قَامَ فَصَلَّى‏.‏ ثُمَّ حَدَّثَنَا بِهِ سُفْيَانُ مَرَّةً بَعْدَ مَرَّةٍ عَنْ عَمْرٍو عَنْ كُرَيْبٍ عَنِ ابْنِ عَبَّاسٍ قَالَ بِتُّ عِنْدَ خَالَتِي مَيْمُونَةَ لَيْلَةً، فَقَامَ النَّبِيُّ صلى الله عليه وسلم صلى الله عليه وسلم مِنَ اللَّيْلِ، فَلَمَّا كَانَ فِي بَعْضِ اللَّيْلِ قَامَ النَّبِيُّ صلى الله عليه وسلم فَتَوَضَّأَ مِنْ شَنٍّ مُعَلَّقٍ وُضُوءًا خَفِيفًا ـ يُخَفِّفُهُ عَمْرٌو وَيُقَلِّلُهُ ـ وَقَامَ يُصَلِّي فَتَوَضَّأْتُ نَحْوًا مِمَّا تَوَضَّأَ، ثُمَّ جِئْتُ فَقُمْتُ عَنْ يَسَارِهِ ـ وَرُبَّمَا قَالَ سُفْيَانُ عَنْ شِمَالِهِ ـ فَحَوَّلَنِي فَجَعَلَنِي عَنْ يَمِينِهِ، ثُمَّ صَلَّى مَا شَاءَ اللَّهُ، ثُمَّ اضْطَجَعَ، فَنَامَ حَتَّى نَفَخَ، ثُمَّ أَتَاهُ الْمُنَادِي فَآذَنَهُ بِالصَّلاَةِ، فَقَامَ مَعَهُ إِلَى الصَّلاَةِ، فَصَلَّى وَلَمْ يَتَوَضَّأْ‏.‏ قُلْنَا لِعَمْرٍو إِنَّ نَاسًا يَقُولُونَ إِنَّ رَسُولَ اللَّهِ صلى الله عليه وسلم تَنَامُ عَيْنُهُ وَلاَ يَنَامُ قَلْبُهُ‏.‏ قَالَ عَمْرٌو سَمِعْتُ عُبَيْدَ بْنَ عُمَيْرٍ يَقُولُ رُؤْيَا الأَنْبِيَاءِ وَحْىٌ، ثُمَّ قَرَأَ ‏{‏إِنِّي أَرَى فِي الْمَنَامِ أَنِّي أَذْبَحُكَ‏}‏‏.‏‏....ইবনু ‘আব্বাছ ৰাদ্বিয়াল্লাহু আনহুৰ দ্বাৰা বর্ণিত, এদিনাখন নবী চাল্লাল্লাহু আলাইহি অছাল্লামে শুই আছিল, আনকি তেখেতৰ নিঃশ্বাসৰ শব্দ হ’বলৈ ধৰিলে। ইয়াৰ পিছত তেখেতে চালাত আদায় কৰিলে। চুফিয়ান (ৰাহিমাহুল্লাহ)-এ কৈছে, তেখেতে শুই পৰিল, আনকি তেখেতৰ নাকৰ শব্দ হ’বলৈ ধৰিলে। তাৰ পিছত উঠিলে আৰু চালাত আদায় কৰিলে। আন এটা সূত্রত চুফিয়ান (ৰাহিমাহুল্লাহ)-এ ইবনু ‘আব্বাছ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বর্ণনা কৰিছে, তেখেতে কৈছে, ‘মই এদিনাখন মোৰ মাহী মাইমুনা (ৰাদ্বিয়াল্লাহু আনহা)-ৰ ওচৰত ৰাতি কটালোঁ। ৰাতি নবী চাল্লাল্লাহু আলাইহি অছাল্লামে তাহাজ্জুদ আদায় কৰিলে। তেখেতে ৰাতিৰ কিছু অংশ গুচি যোৱাৰ পিছত এটা ওলমি থকা কলহৰ পৰা হাল্কাভাৱে অজু কৰিলে। ৰাবী ‘আমৰ (ৰাহিমাহুল্লাহ)-এ কৈছে, হাল্কাভাৱে ধুলে, পানী কম ব্যৱহাৰ কৰিলে আৰু ছালাতত থিয় হল। ইবনু আব্বাচ ৰাদ্বিয়াল্লাহু আনহুৱে কৈছেঃ তেতিয়া তেখেতে যেনেকৈ অজু কৰিছিল ময়ো তেনেকৈ অজু কৰিলোঁ আৰু তেখেতৰ বাওঁফালে আহি থিয় হ’লো। চুফিয়ান (ৰাহিমাহুল্লাহ)-এ মাজে-সময়ে يسار (বাওঁ) শব্দৰ ঠাইত شمال বুলি কৈছিল। তাৰ পিছত ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে মোক ধৰি তেখেতৰ সোঁফালে থিয় কৰালে। ইয়াৰ পিছত আল্লাহৰ ইচ্ছাত তেখেতে চালাত আদায় কৰিলে। তাৰ পিছত তেখেত শুই পৰিল, আনকি তেখেতৰ নাকৰ শব্দ হ’বলৈ ধৰিলে। ইয়াৰ পিছ মুৱাজ্জিন আহি তেখেতক চালাতৰ কথা জনাই দিলে। তেখেতে মুৱাজ্জিনৰ সৈতে চালাতৰ কাৰণে ৰাওনা হ’ল আৰু চালাত আদায় কৰিলে, কিন্তু অজু নকৰিলে। আমি ‘আমৰ (ৰাহিমাহুল্লাহ)–ক ক’লো, মানুহে কয় যে, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ চকুৱে টোপনি যায়, কিন্তু তেখেতৰ অন্তৰ জাগ্ৰত থাকে। তেতিয়া ‘আমৰ (ৰাহিমাহুল্লাহে)- ক’লে, ‘মই উবাইদ ইবনু ‘উমাইৰ (ৰাহিমাহুল্লাহ)–ক কোৱা শুনিছোঁ, নবীসকলৰ সপোন হৈছে অহী। ইয়াৰ পিছত তেখেতে তিলাওৱাত কৰিলে إِنِّي أَرَى فِي الْمَنَامِ أَنِّي أَذْبَحك ‘মই সপোনত দেখিছোঁ যে, মই তোমাক কুৰবানী কৰিছোঁ।’ (ছুৰা আচ-চাফফাত, ৩৭:১০২) (১১৭ দ্ৰষ্টব্য) (আ.প্ৰ. ১৩৫, ই.ফা)
وَقَالَ ابْنُ عُمَر إِسْبَاغُ الْوُضُوء الْإِنْقَاءُ.
ইবনু ‘ওমৰ ৰাদ্বিয়াল্লাহু আনহুৱে কৈছে, ‘ভালদৰে পৰিষ্কাৰ কৰাটোই হৈছে পৰিপূর্ণৰূপে অজু কৰা।’
পৰিচ্ছেদ: ৬, পৰিপূৰ্ণৰূপে অজু কৰা।# হাদীছ - 139حَدَّثَنَا عَبْدُ اللَّهِ بْنُ مَسْلَمَةَ، عَنْ مَالِكٍ، عَنْ مُوسَى بْنِ عُقْبَةَ، عَنْ كُرَيْبٍ، مَوْلَى ابْنِ عَبَّاسٍ عَنْ أُسَامَةَ بْنِ زَيْدٍ، أَنَّهُ سَمِعَهُ يَقُولُ دَفَعَ رَسُولُ اللَّهِ صلى الله عليه وسلم مِنْ عَرَفَةَ حَتَّى إِذَا كَانَ بِالشِّعْبِ نَزَلَ فَبَالَ، ثُمَّ تَوَضَّأَ وَلَمْ يُسْبِغِ الْوُضُوءَ‏.‏ فَقُلْتُ الصَّلاَةَ يَا رَسُولَ اللَّهِ‏.‏ فَقَالَ"‏ الصَّلاَةُ أَمَامَكَ ‏"‏‏.‏ فَرَكِبَ، فَلَمَّا جَاءَ الْمُزْدَلِفَةَ نَزَلَ فَتَوَضَّأَ، فَأَسْبَغَ الْوُضُوءَ، ثُمَّ أُقِيمَتِ الصَّلاَةُ فَصَلَّى الْمَغْرِبَ، ثُمَّ أَنَاخَ كُلُّ إِنْسَانٍ بَعِيرَهُ فِي مَنْزِلِهِ، ثُمَّ أُقِيمَتِ الْعِشَاءُ فَصَلَّى وَلَمْ يُصَلِّ بَيْنَهُمَا‏.‏‏....উচামাহ ইবনু যাইদ ৰাদ্বিয়াল্লাহু আনহুৰ দ্বাৰা বর্ণিত, তেখেতে কৈছে, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে ‘আৰাফাৰ ময়দানৰ পৰা ৰাওনা হ’ল আৰু উপত্যকাত উপস্থিত হৈ ছাৱাৰীৰ পৰা নামি তেখেতে প্ৰস্ৰাব কৰিলে। ইয়াৰ পিছত অজু কৰিলে, কিন্তু উত্তমৰূপে অজু নকৰিলে। মই ক’লো, ‘ইয়া ৰাছুলুল্লাহ! চালাত আদায় কৰিব নেকি?’ তেখেতে ক’লে, ‘চালাতৰ স্থান তোমাৰ সন্মুখত।’ [অৰ্থাৎ মুযদালিফাত] তাৰ পিছত তেখেতে পুনৰ বাহনত আৰোহণ কৰিলে। ইয়াৰ পিছত মুযদালিফালৈ আহি বাহনৰ পৰা নামি অজু কৰিলে। এইবাৰ পৰিপূর্ণৰূপে অজু কৰিলে। তেতিয়া চালাতৰ কাৰণে ইকামাত দিয়া হ’ল। তেখেতে মাগৰীবৰ চালাত আদায় কৰিলে। তাৰ পিছত সকলোৱে তেখেতসকলৰ অৱতৰণৰ ঠাইত নিজৰ নিজৰ উটক বহুৱাই দিলে। পুনৰাই ঈছাৰ ইকামাত দিয়া হ’ল। তেখেতে ঈছাৰ চালাত আদায় কৰিলে আৰু উভয় চালাতৰ মাজত আন কোনো চালাত আদায় নকৰিলে। (সংশ্লিষ্ট হাদীছসমূহঃ ১৮১, ১৬৬৭, ১৬৬৯, ১৬৭২; মুছলিম ১৫/৪৫, হাদীছ নং ১২৮০, আহমাদ ২১৮০১, ২১৮০৮, ২১৮৯০) (আ.প্ৰ. ১৩৬; ই.ফা. ১৪১)
পৰিচ্ছেদ: ৭, এক অঞ্জলি পানী লৈ দুয়োখন হাতেৰে মুখমণ্ডল ধোৱা।# হাদীছ - 140حَدَّثَنَا مُحَمَّدُ بْنُ عَبْدِ الرَّحِيمِ، قَالَ أَخْبَرَنَا أَبُو سَلَمَةَ الْخُزَاعِيُّ، مَنْصُورُ بْنُ سَلَمَةَ قَالَ أَخْبَرَنَا ابْنُ بِلاَلٍ ـ يَعْنِي سُلَيْمَانَ ـ عَنْ زَيْدِ بْنِ أَسْلَمَ، عَنْ عَطَاءِ بْنِ يَسَارٍ، عَنِ ابْنِ عَبَّاسٍ، أَنَّهُ تَوَضَّأَ فَغَسَلَ وَجْهَهُ، ثُمَّ أَخَذَ غَرْفَةً مِنْ مَاءٍ، فَمَضْمَضَ بِهَا وَاسْتَنْشَقَ، ثُمَّ أَخَذَ غَرْفَةً مِنْ مَاءٍ، فَجَعَلَ بِهَا هَكَذَا، أَضَافَهَا إِلَى يَدِهِ الأُخْرَى، فَغَسَلَ بِهِمَا وَجْهَهُ، ثُمَّ أَخَذَ غَرْفَةً مِنْ مَاءٍ، فَغَسَلَ بِهَا يَدَهُ الْيُمْنَى، ثُمَّ أَخَذَ غَرْفَةً مِنْ مَاءٍ، فَغَسَلَ بِهَا يَدَهُ الْيُسْرَى، ثُمَّ مَسَحَ بِرَأْسِهِ، ثُمَّ أَخَذَ غَرْفَةً مِنْ مَاءٍ فَرَشَّ عَلَى رِجْلِهِ الْيُمْنَى حَتَّى غَسَلَهَا، ثُمَّ أَخَذَ غَرْفَةً أُخْرَى، فَغَسَلَ بِهَا رِجْلَهُ ـ يَعْنِي الْيُسْرَى ـ ثُمَّ قَالَ هَكَذَا رَأَيْتُ رَسُولَ اللَّهِ صلى الله عليه وسلم يَتَوَضَّأُ‏.‏.... ইবনু ‘আব্বাছ ৰাদ্বিয়াল্লাহু আনহুৰ দ্বাৰা বর্ণিত, তেখেতে অজু কৰিলে আৰু তেখেতৰ মুখমণ্ডল ধুলে। এক অঞ্জলি পানীৰে কুল্লি কৰিলে আৰু নাকত পানী দিলে। ইয়াৰ পিছত পুনৰ এক অঞ্জলি পানীৰে এনেকুৱা কৰিলে অর্থাৎ আনখন হাতৰ সৈতে মিলাই মুখমণ্ডল ধুলে। ইয়াৰ পিছত পুনৰ এক অঞ্জলি পানীৰে সোঁ-হাত ধুলে। ইয়াৰ পিছত পুনৰ এক অঞ্জলি পানীৰে বাওঁ-হাত ধুলে। ইয়াৰ পিছত মূৰ মছেহ কৰিলে। ইয়াৰ পিছত পুনৰ এক অঞ্জলি পানী সোঁ-ভৰিৰ ওপৰত ঢালি দি সেইখন ধুলে। ইয়াৰ পিছত পুনৰ এক অঞ্জলি পানীৰে বাওঁ-ভৰিখন ধুলে। তাৰ পিছত ক’লে, “মই ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামক এনেদৰে অজু কৰা দেখিছোঁ”। (আ.প্ৰ. ১৩৭; ই.ফা. ১৪২)
পৰিচ্ছেদ: ৮, সকলো অৱস্থাত, আনকি সহবাসৰ সময়তো বিছমিল্লাহ্ কোৱা।# হাদীছ - 141حَدَّثَنَا عَلِيُّ بْنُ عَبْدِ اللَّهِ، قَالَ حَدَّثَنَا جَرِيرٌ، عَنْ مَنْصُورٍ، عَنْ سَالِمِ بْنِ أَبِي الْجَعْدِ، عَنْ كُرَيْبٍ، عَنِ ابْنِ عَبَّاسٍ، يَبْلُغُ بِهِ النَّبِيَّ صلى الله عليه وسلم قَالَ ‏ “‏ لَوْ أَنَّ أَحَدَكُمْ إِذَا أَتَى أَهْلَهُ قَالَ بِسْمِ اللَّهِ اللَّهُمَّ جَنِّبْنَا الشَّيْطَانَ وَجَنِّبِ الشَّيْطَانَ مَا رَزَقْتَنَا‏.‏ فَقُضِيَ بَيْنَهُمَا وَلَدٌ، لَمْ يَضُرَّهُ ‏”‏‏.‏.... ইবনু ‘আব্বাছ ৰাদ্বিয়াল্লাহু আনহুৰ দ্বাৰা বর্ণিত, তেখেতে কৈছে, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে, তোমালোকৰ কোনোবাই তেওঁৰ স্ত্রীৰ সৈতে মিলনৰ পূর্বে যদি কয়, (আল্লাহৰ নামত আৰম্ভ কৰিছোঁ। হে আল্লাহ! তুমি আমাক চয়তানৰ পৰা দূৰত ৰাখা আৰু আমাক যি দান কৰিবা তাকো চয়তানৰ পৰা দূৰত ৰাখা)- তাৰ পিছত (এই মিলনৰ দ্বাৰা) তেওঁলোকলৰ ভাগ্যত কোনো সন্তান থাকিলে চয়তানে তাৰ কোনো ক্ষতি কৰিব নোৱাঁৰে। (সংশ্লিষ্ট হাদীছসমূহঃ ৩২৭১, ৩২৮৩, ৫১৬৫, ৬৩৮৮, ৭৩৯৬; মুছলিম ত্বলাক অধ্যায়, অনুচ্ছেদ ১৭ হাদীছ নং ১৪৩৪, আহমাদ ১৯০৮) (আ.প্ৰ. ১৩৮, ই.ফা. ১৪৩)
পৰিচ্ছেদ: ৯, শৌচালয়ত প্ৰৱেশ কৰাৰ সময়ত পঢ়িবলগীয়া দুআ।# হাদীছ - 142حَدَّثَنَا آدَمُ، قَالَ حَدَّثَنَا شُعْبَةُ، عَنْ عَبْدِ الْعَزِيزِ بْنِ صُهَيْبٍ، قَالَ سَمِعْتُ أَنَسًا، يَقُولُ كَانَ النَّبِيُّ صلى الله عليه وسلم إِذَا دَخَلَ الْخَلاَءَ قَالَ‏ “‏اللَّهُمَّ إِنِّي أَعُوذُ بِكَ مِنَ الْخُبُثِ وَالْخَبَائِثِ‏”‏‏.‏ تَابَعَهُ ابْنُ عَرْعَرَةَ عَنْ شُعْبَةَ‏.‏ وَقَالَ غُنْدَرٌ عَنْ شُعْبَةَ إِذَا أَتَى الْخَلاَءَ‏.‏ وَقَالَ مُوسَى عَنْ حَمَّادٍ إِذَا دَخَلَ‏.‏ وَقَالَ سَعِيدُ بْنُ زَيْدٍ حَدَّثَنَا عَبْدُ الْعَزِيزِ إِذَا أَرَادَ أَنْ يَدْخُلَ‏.‏....আনাছ ৰাদ্বিয়াল্লাহু আনহুৰ দ্বাৰা বর্ণিত, তেখেতে কৈছে, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে যেতিয়া প্রাকৃতিক প্ৰয়োজনত শৌচাগাৰলৈ গৈছিল তেতিয়া কৈছিল, “হে আল্লাহ! মই তোমাৰ ওচৰত অপৱিত্ৰ নৰ জিন আৰু নাৰী জিনৰ পৰা আশ্ৰয় বিচাৰিছোঁ।” ইবনু ‘আৰ‘আৰা (ৰাহিমাহুল্লাহ)-এ শু’বাহ (ৰাহিমাহুল্লাহ)ৰ সূত্রতো অনুৰূপ বর্ণনা কৰিছে। গুনদাৰ (ৰাহিমাহুল্লাহ)-এ শু’বাহ (ৰাহিমাহুল্লাহ)-ৰ পৰা বর্ণনা কৰিছে যে, إِذَا أَتَى الْخَلاَءَ (যেতিয়া শৌচাগাৰলৈ গৈছিল)। মুছা (ৰাহিমাহুল্লাহ)-এহাম্মাদ (ৰাহিমাহুল্লাহ)-ৰ পৰা বর্ণনা কৰিছে, إِذَا دَخَلَ (যেতিয়া প্রৱেশ কৰিছিল)। ছা‘ঈদ ইবনু যাইদ (ৰাহিমাহুল্লাহ)-এ ‘আব্দুল ‘আযীয (ৰাহিমাহুল্লাহ)-ৰ পৰা বৰ্ণনা কৰিছে, ‘যেতিয়া প্ৰৱেশ কৰাৰ ইচ্ছা কৰিছিল’। (সংশ্লিষ্ট হাদীছঃ ৬৩২২; মুছলিম ৩/৪২, হাদীছ নং ৩৭৫, আহমাদ ১১৯৪৭, ১১৯৮৩) আ.প্ৰ. ১৩৯, ই.ফা. ১৪৪)
পৰিচ্ছেদ: ১০, শৌচালয়ৰ ওচৰত পানী ৰখা।# হাদীছ - 143حَدَّثَنَا عَبْدُ اللَّهِ بْنُ مُحَمَّدٍ، قَالَ حَدَّثَنَا هَاشِمُ بْنُ الْقَاسِمِ، قَالَ حَدَّثَنَا وَرْقَاءُ، عَنْ عُبَيْدِ اللَّهِ بْنِ أَبِي يَزِيدَ، عَنِ ابْنِ عَبَّاسٍ، أَنَّ النَّبِيَّ صلى الله عليه وسلم دَخَلَ الْخَلاَءَ، فَوَضَعْتُ لَهُ وَضُوءًا قَالَ “مَنْ وَضَعَ هَذَا‏”‏‏.‏ فَأُخْبِرَ فقَالَ ‏“‏اللَّهُمَّ فَقِّهْهُ فِي الدِّينِ‏”‏‏.‏....ইবনু ‘আব্বাছ ৰাদ্বিয়াল্লাহু আনহুৰ দ্বাৰা বর্ণিত, এবাৰ নবী চাল্লাল্লাহু আলাইহি অছাল্লামে শৌচাগাৰলৈ গ’ল, তেতিয়া মই তেখেতৰ কাৰণে অজুৰ পানী ৰাখিলোঁ। তেখেতে প্ৰশ্ন কৰিলে, ‘এইটো কোনে ৰাখিছে?’ তেখেতক জনোৱাত তেখেতে ক’লে, ‘হে আল্লাহ! তুমি তেওঁক দ্বীনৰ জ্ঞান দান কৰা।’ (সংশ্লিষ্ট হাদীছঃ ৭৫; মুছলিম ৪৪/৩০, হাদীছ নং ২৪৭৭, আহমাদ হাদীছ নং ২৩৯৭, ২৮৮১, ৩০২৩) (আ.প্ৰ. ১৪০, ই.ফা. ১৪৫)
পৰিচ্ছেদ: ১১, প্ৰস্ৰাব-পায়খানা কৰাৰ সময়ত কিবলামুখী নহ’ব, কিন্তু দেৱাল অথবা কোনো পৰ্দা থাকিলে বেলেগ কথা।# হাদীছ - 144حَدَّثَنَا آدَمُ، قَالَ حَدَّثَنَا ابْنُ أَبِي ذِئْبٍ، قَالَ حَدَّثَنَا الزُّهْرِيُّ، عَنْ عَطَاءِ بْنِ يَزِيدَ اللَّيْثِيِّ، عَنْ أَبِي أَيُّوبَ الأَنْصَارِيِّ، قَالَ قَالَ رَسُولُ اللَّهِ صلى الله عليه وسلم “إِذَا أَتَى أَحَدُكُمُ الْغَائِطَ فَلاَ يَسْتَقْبِلِ الْقِبْلَةَ وَلاَ يُوَلِّهَا ظَهْرَهُ، شَرِّقُوا أَوْ غَرِّبُوا‏”‏‏.....আবু আইয়ূব আনচাৰী ৰাদ্বিয়াল্লাহু আনহুৰ দ্বাৰা বর্ণিত, তেখেতে কৈছে, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে, “তোমালোকৰ কোনোবাই যেতিয়া শৌচাগাৰলৈ যায়, তেতিয়া তেওঁ যেন কিবলাৰ ফালে মুখ নকৰে আৰু সেইফালে পিঠিও নিদিয়ে, বৰং তোমালোকে পূৱফালে আৰু পশ্চিম ফালে ঘূৰি বহিবা” (এই নির্দেশ মদিনাৰ বাসিন্দাসকলৰ বাবে। কাৰণ মদিনাৰ পৰা কিবলা দক্ষিণফালে)। (সংশ্লিষ্ট হাদীছঃ ৩৯৪; মুছলিম ২/১৭, হাদীছ নং ২৬৪, আহমাদ ২৩৫৮৩, ২৩৫৯৫) (আ.প্ৰ. ১৪১, ই.ফা. ১৪৬)
পৰিচ্ছেদ: ১২, দুই ইটাৰ ওপৰত বহি মল-মূত্ৰ ত্যাগ কৰা।# হাদীছ - 145حَدَّثَنَا عَبْدُ اللَّهِ بْنُ يُوسُفَ، قَالَ أَخْبَرَنَا مَالِكٌ، عَنْ يَحْيَى بْنِ سَعِيدٍ، عَنْ مُحَمَّدِ بْنِ يَحْيَى بْنِ حَبَّانَ، عَنْ عَمِّهِ، وَاسِعِ بْنِ حَبَّانَ، عَنْ عَبْدِ اللَّهِ بْنِ عُمَرَ، أَنَّهُ كَانَ يَقُولُ إِنَّ نَاسًا يَقُولُونَ إِذَا قَعَدْتَ عَلَى حَاجَتِكَ، فَلاَ تَسْتَقْبِلِ الْقِبْلَةَ وَلاَ بَيْتَ الْمَقْدِسِ‏.‏ فَقَالَ عَبْدُ اللَّهِ بْنُ عُمَرَ لَقَدِ ارْتَقَيْتُ يَوْمًا عَلَى ظَهْرِ بَيْتٍ لَنَا، فَرَأَيْتُ رَسُولَ اللَّهِ صلى الله عليه وسلم عَلَى لَبِنَتَيْنِ مُسْتَقْبِلاً بَيْتَ الْمَقْدِسِ لِحَاجَتِهِ‏.‏ وَقَالَ لَعَلَّكَ مِنَ الَّذِينَ يُصَلُّونَ عَلَى أَوْرَاكِهِمْ، فَقُلْتُ لاَ أَدْرِي وَاللَّهِ‏.‏ قَالَ مَالِكٌ يَعْنِي الَّذِي يُصَلِّي وَلاَ يَرْتَفِعُ عَنِ الأَرْضِ، يَسْجُدُ وَهُوَ لاَصِقٌ بِالأَرْضِ‏.‏১৪৫. ....‘আব্দুল্লাহ ইবনু ‘ওমৰ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বর্ণিত, তেখেতে কৈছে, ‘মানুহে কয় মল-মূত্র ত্যাগ কৰাৰ সময়ত কিবলাৰ ফালে আৰু বায়তুল মাকদিছৰ ফালে মুখ কৰি নবহিবা।’ ‘আব্দুল্লাহ ইবনু ‘ওমৰ ৰাদ্বিয়াল্লাহু আনহুৱে কৈছে, ‘মই এদিন আমাৰ ঘৰৰ ছাদৰ ওপৰত উঠিলোঁ। তাৰ পিছত ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামক দেখিলোঁ বায়তুল মাকদিছৰ ফালে মুখ কৰি দুটা ইটাৰ ওপৰত তেখেতৰ প্রয়োজনত বহিছে। তেখেতে [ওৱাছী (ৰাহিমাহুল্লাহ)-ক] ক’লে, ‘তুমি বোধহয় তেওঁলোকৰ মাজত চামিল, যিসকলে নিতম্বৰ ওপৰত ভৰ দি চালাত আদায় কৰে। ‘মই ক’লো, ‘আল্লাহৰ শপত! মই নাজানোঁ।’ মালিক (ৰাহিমাহুল্লাহ)-এ কৈছে, (নিতম্বৰ ওপৰত ভৰ দিয়াৰ অর্থ হ’ল) যিসকলে চালাত আদায় কৰে আৰু মাটিৰ পৰা নিতম্ব নুতুলি ছাজদাহ কৰে। (সংশ্লিষ্ট হাদীছসমূহঃ ১৪৮, ১৪৯, ৩১০২; মুছলিম ২/১৭, হাদীছ নং ২৬৬, আহমাদ ৪৮১২, ৪৯৯১) (আ.প্ৰ. ১৪২ হাদীছৰ শেষ অংশ নাই, ই.ফা. ১৪৭)
পৰিচ্ছেদ: ১৩, শৌচ-প্ৰস্ৰাবৰ বাবে মহিলাসকল বাহিৰলৈ যোৱা।# হাদীছ - 146حَدَّثَنَا يَحْيَى بْنُ بُكَيْرٍ، قَالَ حَدَّثَنَا اللَّيْثُ، قَالَ حَدَّثَنِي عُقَيْلٌ، عَنِ ابْنِ شِهَابٍ، عَنْ عُرْوَةَ، عَنْ عَائِشَةَ، أَنَّ أَزْوَاجَ النَّبِيِّ، صلى الله عليه وسلم كُنَّ يَخْرُجْنَ بِاللَّيْلِ إِذَا تَبَرَّزْنَ إِلَى الْمَنَاصِعِ ـ وَهُوَ صَعِيدٌ أَفْيَحُ ـ فَكَانَ عُمَرُ يَقُولُ لِلنَّبِيِّ صلى الله عليه وسلم احْجُبْ نِسَاءَكَ‏.‏ فَلَمْ يَكُنْ رَسُولُ اللَّهِ صلى الله عليه وسلم يَفْعَلُ، فَخَرَجَتْ سَوْدَةُ بِنْتُ زَمْعَةَ زَوْجُ النَّبِيِّ صلى الله عليه وسلم لَيْلَةً مِنَ اللَّيَالِي عِشَاءً، وَكَانَتِ امْرَأَةً طَوِيلَةً، فَنَادَاهَا عُمَرُ أَلاَ قَدْ عَرَفْنَاكِ يَا سَوْدَةُ‏.‏ حِرْصًا عَلَى أَنْ يَنْزِلَ الْحِجَابُ، فَأَنْزَلَ اللَّهُ آيَةَ الْحِجَابِ‏.‏১৪৬. .... ‘আইশ্বা ৰাদ্বিয়াল্লাহু আনহাৰ দ্বাৰা বর্ণিত, নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ পত্নীসকলে নিশা প্রাকৃতিক প্রয়োজনত খোলা ময়দানলৈ গৈছিল। আৰু ‘ওমৰ ৰাদ্বিয়াল্লাহু আনহুৱে নবী চাল্লাল্লাহু আলাইহি অছাল্লামক ক’লে, ‘আপোনাৰ স্ত্ৰীসকলক পর্দাত ৰাখক।’ কিন্তু ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে সেইটো কৰা নাছিল। এদিনাখন ৰাতি ঈছাৰ সময়ত নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ পত্নী ছাওদা বিনতু যাম’আ ৰাদ্বিয়াল্লাহু আনহাই প্রাকৃতিক প্রয়োজনত বাহিৰ হয়। তেখেত আছিল দীর্ঘাঙ্গী। ‘ওমৰ ৰাদ্বিয়াল্লাহু আনহুৱে তেখেতক মাতি ক’লে, ‘হে ছাওদা! মই কিন্তু আপোনাক চিনি পাইছোঁ।’ পর্দাৰ হুকুম নাজিল হোৱাৰ আগ্রহত তেখেতে এই কথা কৈছিল। তাৰ পিছত আল্লাহ তা’আলাই পর্দাৰ হুকুম অৱতীৰ্ণ কৰিলে। (সংশ্লিষ্ট হাদীছসমূহঃ ১৪৭, ৪৭৯৫, ৫২৩৭, ৬২৪০ দ্ৰষ্টব্য) (আ.প্ৰ. ১৪৩, ই.ফা. ১৪৮)
# হাদীছ - 147حَدَّثَنَا زَكَرِيَّاءُ، قَالَ حَدَّثَنَا أَبُو أُسَامَةَ، عَنْ هِشَامِ بْنِ عُرْوَةَ، عَنْ أَبِيهِ، عَنْ عَائِشَةَ، عَنِ النَّبِيِّ صلى الله عليه وسلم قَالَ ‏ “‏ قَدْ أُذِنَ أَنْ تَخْرُجْنَ فِي حَاجَتِكُنَّ ‏”‏‏.‏ قَالَ هِشَامٌ يَعْنِي الْبَرَازَ‏.‏১৪৭. ....‘আইশ্বা ৰাদ্বিয়াল্লাহু আনহাৰ দ্বাৰা বর্ণিত, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে, ‘তোমালোকক প্রয়োজনত বাহিৰলৈ যোৱাৰ অনুমতি দিয়া হৈছে।’ হিশ্বাম (ৰাহিমাহুল্লাহ)-এ কৈছে, অর্থাৎ শৌচ-প্ৰস্ৰাবৰ কাৰণে। (সংশ্লিষ্ট হাদীছঃ ১৪৬) (আ.প্ৰ. ১৪৪, ই.ফা. ১৪৯)
পৰিচ্ছেদ: ১৪, ঘৰৰ ভিতৰত প্ৰস্ৰাব-পায়খানা কৰা প্ৰসঙ্গ।# হাদীছ - 148حَدَّثَنَا إِبْرَاهِيمُ بْنُ الْمُنْذِرِ، قَالَ حَدَّثَنَا أَنَسُ بْنُ عِيَاضٍ، عَنْ عُبَيْدِ اللَّهِ، عَنْ مُحَمَّدِ بْنِ يَحْيَى بْنِ حَبَّانَ، عَنْ وَاسِعِ بْنِ حَبَّانَ، عَنْ عَبْدِ اللَّهِ بْنِ عُمَرَ، قَالَ ارْتَقَيْتُ فَوْقَ ظَهْرِ بَيْتِ حَفْصَةَ لِبَعْضِ حَاجَتِي، فَرَأَيْتُ رَسُولَ اللَّهِ صلى الله عليه وسلم يَقْضِي حَاجَتَهُ مُسْتَدْبِرَ الْقِبْلَةِ مُسْتَقْبِلَ الشَّأْمِ‏.‏১৪৮. ....‘আব্দুল্লাহ ইবনু ‘ওমৰ ৰাদ্বিয়াল্লাহু আনহুৰ দ্বাৰা বর্ণিত, তেখেতে কৈছে, ‘মই মোৰ বিশেষ এটা প্রয়োজনত হাফছা ৰাদ্বিয়াল্লাহু আনহাৰ ঘৰৰ ছাদত উঠিলোঁ। তেতিয়া দেখিলো, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কিবলাৰ ফালে পিঠি দি শ্যাম-ৰ ফালে মুখ কৰি তেখেতৰ প্রয়োজনত বহিছে।’ (সংশ্লিষ্ট হাদীছঃ ১৪৫) (আ.প্ৰ. ১৪৫, ই.ফা. ১৫০)
# হাদীছ - 149حَدَّثَنَا يَعْقُوبُ بْنُ إِبْرَاهِيمَ، قَالَ حَدَّثَنَا يَزِيدُ بْنُ هَارُونَ، قَالَ أَخْبَرَنَا يَحْيَى، عَنْ مُحَمَّدِ بْنِ يَحْيَى بْنِ حَبَّانَ، أَنَّ عَمَّهُ، وَاسِعَ بْنَ حَبَّانَ، أَخْبَرَهُ أَنَّ عَبْدَ اللَّهِ بْنَ عُمَرَ أَخْبَرَهُ قَالَ لَقَدْ ظَهَرْتُ ذَاتَ يَوْمٍ عَلَى ظَهْرِ بَيْتِنَا، فَرَأَيْتُ رَسُولَ اللَّهِ صلى الله عليه وسلم قَاعِدًا عَلَى لَبِنَتَيْنِ مُسْتَقْبِلَ بَيْتِ الْمَقْدِسِ‏.‏১৪৯. ....আব্দুল্লাহ ইবনু ওমৰ ৰাদ্বিয়াল্লাহু আনহুৰ দ্বাৰা বর্ণিত, তেখেতে কৈছে, ‘এদিন মই আমাৰ ঘৰৰ ওপৰত উঠিলোঁ। মই দেখিলোঁ, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে দুটা ইটাৰ ওপৰত বায়তুল মাকদিছৰ ফালে মুখ কৰি প্রাকৃতিক প্রয়োজনত বহিছে। (সংশ্লিষ্ট হাদীছঃ ১৪৫) (আ.প্ৰ. ১৪৬, ই.ফা. ১৫১)
পৰিচ্ছেদ: ১৫, পানীৰ দ্বাৰা ইস্তিঞ্জা কৰা।# হাদীছ - 150حَدَّثَنَا أَبُو الْوَلِيدِ، هِشَامُ بْنُ عَبْدِ الْمَلِكِ قَالَ حَدَّثَنَا شُعْبَةُ، عَنْ أَبِي مُعَاذٍ ـ وَاسْمُهُ عَطَاءُ بْنُ أَبِي مَيْمُونَةَ ـ قَالَ سَمِعْتُ أَنَسَ بْنَ مَالِكٍ، يَقُولُ كَانَ النَّبِيُّ صلى الله عليه وسلم إِذَا خَرَجَ لِحَاجَتِهِ أَجِيءُ أَنَا وَغُلاَمٌ مَعَنَا إِدَاوَةٌ مِنْ مَاءٍ‏.‏ يَعْنِي يَسْتَنْجِي بِهِ‏.‏১৫০. .... আনাছ ইবনু মালিক ৰাদ্বিয়াল্লাহু আনহুৰ দ্বাৰা বৰ্ণিত, তেখেতে কৈছে, ‘নবী চাল্লাল্লাহু আলাইহি অছাল্লামে যেতিয়া প্রাকৃতিক প্রয়োজনত বাহিৰ হৈছিল, তেতিয়া মই আৰু আন এজন ল’ৰাই পানীৰ পাত্র লৈ আহিছিলোঁ।’ অর্থাৎ তেখেতে তাৰ দ্বাৰা ইস্তিঞ্জা কৰিছিল। (সংশ্লিষ্ট হাদীছসমূহঃ ১৫১, ১৫২, ২১৭, ৫০০; মুছলিম ২/২১, হাদীছ নং ২৭০, আহমাদ ১৩৭১৯, ১৩১০৮) (আ.প্ৰ. ১৪৭, ই.ফা. ১৫২)
পৰিচ্ছেদ: ১৬, পৱিত্ৰতা অৰ্জনৰ বাবে কাৰোবাৰ লগত পানী লৈ যোৱা।আবুদ-দাৰদা ৰাদ্বিয়াল্লাহু আনহুৱে কৈছে, তোমালোকৰ মাজত জোতা, পানী আৰু গাৰু বহনকাৰী ব্যক্তিজন [আব্দুল্লাহ ইবনু মাছঊদ ৰাদ্বিয়াল্লাহু আনহু] নাইনে?# হাদীছ - 151حَدَّثَنَا سُلَيْمَانُ بْنُ حَرْبٍ، قَالَ حَدَّثَنَا شُعْبَةُ، عَنْ أَبِي مُعَاذٍ ـ هُوَ عَطَاءُ بْنُ أَبِي مَيْمُونَةَ ـ قَالَ سَمِعْتُ أَنَسًا، يَقُولُ كَانَ رَسُولُ اللَّهِ صلى الله عليه وسلم إِذَا خَرَجَ لِحَاجَتِهِ تَبِعْتُهُ أَنَا وَغُلاَمٌ مِنَّا مَعَنَا إِدَاوَةٌ مِنْ مَاءٍ‏.‏১৫১. ....আনাছ ৰাদ্বিয়াল্লাহু আনহুৰ দ্বাৰা বর্ণিত, তেখেতে কৈছে, ‘ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে যেতিয়া প্রাকৃতিক প্রয়োজনত বাহিৰ হৈছিল, তেতিয়া মই আৰু আন এজন ল’ৰাই তেখেতৰ পিছে পিছে পানীৰ পাত্র লৈ গৈছিলো।’ (সংশ্লিষ্ট হাদীছঃ ১৫০) (আ.প্ৰ. ১৪৮, ই.ফা. ১৫৩)
পৰিচ্ছেদ: ১৭, ইস্তিঞ্জাৰ বাবে পানীৰ সৈতে (লৌহ ফলকযুক্ত) লাঠি লৈ যোৱা।# হাদীছ - 152حَدَّثَنَا مُحَمَّدُ بْنُ بَشَّارٍ، قَالَ حَدَّثَنَا مُحَمَّدُ بْنُ جَعْفَرٍ، قَالَ حَدَّثَنَا شُعْبَةُ، عَنْ عَطَاءِ بْنِ أَبِي مَيْمُونَةَ، سَمِعَ أَنَسَ بْنَ مَالِكٍ، يَقُولُ كَانَ رَسُولُ اللَّهِ صلى الله عليه وسلم يَدْخُلُ الْخَلاَءَ، فَأَحْمِلُ أَنَا وَغُلاَمٌ إِدَاوَةً مِنْ مَاءٍ، وَعَنَزَةً، يَسْتَنْجِي بِالْمَاءِ‏.‏ تَابَعَهُ النَّضْرُ وَشَاذَانُ عَنْ شُعْبَةَ‏.‏ الْعَنَزَةُ عَصًا عَلَيْهِ زُجٌّ‏.‏১৫২. ...আনাছ ইবনু মালিক ৰাদ্বিয়াল্লাহু আনহুৰ দ্বাৰা বর্ণিত, তেখেতে কৈছে, ‘ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে যেতিয়া শৌচাগাৰলৈ গৈছিল, তেতিয়া মই আৰু এজন ল’ৰাই পানীৰ পাত্র আৰু ‘আনাযা’ লৈ গৈছিলোঁ। তেখেতে পানীৰ দ্বাৰা ইস্তিঞ্জা কৰিছিল।’ (সংশ্লিষ্ট হাদীছঃ ১৫০) (আ.প্ৰ. ১৪৯)
      নযৰ (ৰাহিমাহুল্লাহে) আৰু শ্বাযান (ৰাহিমাহুল্লাহ)-এ শু’বাহ (ৰাহিমাহুল্লাহ)-ৰ পৰা অনুৰূপ বৰ্ণনা কৰিছে। হাদীছত বৰ্ণিত ‘আনাযা’ শব্দৰ অৰ্থ হৈছে, এনেকুৱা লাঠি যাৰ মূৰত লোহা লগোৱা থাকে। (ই.ফা. ১৫৪)
পৰিচ্ছেদ: ১৮, সোঁ-হাতেৰে ইস্তেঞ্জা কৰা নিষেধ।# হাদীছ - 153حَدَّثَنَا مُعَاذُ بْنُ فَضَالَةَ، قَالَ حَدَّثَنَا هِشَامٌ ـ هُوَ الدَّسْتَوَائِيُّ ـ عَنْ يَحْيَى بْنِ أَبِي كَثِيرٍ، عَنْ عَبْدِ اللَّهِ بْنِ أَبِي قَتَادَةَ، عَنْ أَبِيهِ، قَالَ قَالَ رَسُولُ اللَّهِ صلى الله عليه وسلم “‏إِذَا شَرِبَ أَحَدُكُمْ فَلاَ يَتَنَفَّسْ فِي الإِنَاءِ، وَإِذَا أَتَى الْخَلاَءَ فَلاَ يَمَسَّ ذَكَرَهُ بِيَمِينِهِ، وَلاَ يَتَمَسَّحْ بِيَمِينِهِ‏”‏‏.‏১৫৩. ....আবু কাতাদা ৰাদ্বিয়াল্লাহু আনহুৰ দ্বাৰা বৰ্ণিত, তেখেতে কৈছে, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে, ‘তোমালোকৰ কোনোবাই যেতিয়া পান কৰে, তেতিয়া সি যেন পান পাত্ৰৰ মাজত নিঃশ্বাস নেপেলায়। আৰু যেতিয়া শৌচাগাৰলৈ যায়, তেতিয়া তাৰ পুৰুষাঙ্গ যেন সোঁ-হাতেৰে স্পৰ্শ নকৰে আৰু সোঁ-হাতেৰে ইস্তিঞ্জা নকৰে।’ (সংশ্লিষ্ট হাদীছসমূহঃ ১৫৪, ৫৬৩০; মুছলিম ২/১৮, হাদীছ নং ২৬৭, আহমাদ ২২৬২৮) (আ.প্ৰ. ১৫০, ই.ফা. ১৫৫)
পৰিচ্ছেদ: ১৯, প্ৰস্ৰাব কৰাৰ সময়ত সোঁ-হাতেৰে পুৰুষাঙ্গ স্পৰ্শ নকৰা।# হাদীছ - 154حَدَّثَنَا مُحَمَّدُ بْنُ يُوسُفَ، قَالَ حَدَّثَنَا الأَوْزَاعِيُّ، عَنْ يَحْيَى بْنِ أَبِي كَثِيرٍ، عَنْ عَبْدِ اللَّهِ بْنِ أَبِي قَتَادَةَ، عَنْ أَبِيهِ، عَنِ النَّبِيِّ صلى الله عليه وسلم قَالَ ‏ “‏إِذَا بَالَ أَحَدُكُمْ فَلاَ يَأْخُذَنَّ ذَكَرَهُ بِيَمِينِهِ، وَلاَ يَسْتَنْجِي بِيَمِينِهِ، وَلاَ يَتَنَفَّسْ فِي الإِنَاءِ‏”‏‏.‏১৫৪. ....আবু কাতাদা ৰাদ্বিয়াল্লাহু আনহুৰ দ্বাৰা বর্ণিত, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে, “তোমালোকৰ কোনোবাই যেতিয়া প্ৰস্ৰাব কৰে, তেতিয়া তেওঁ যেন কেতিয়াও সোঁ-হাতেৰে তেওঁৰ পুৰুষাঙ্গ নধৰে আৰু সোঁ-হাতেৰে যেন ইস্তিঞ্জা নকৰে আৰু পান কৰাৰ সময়ত যেন পাত্রৰ মাজত নিঃশ্বাস ত্যাগ নকৰে।” (সংশ্লিষ্ট হাদীছঃ ১৫৩) (আ.প্ৰ. ১৫১, ই.ফা. ১৫৬)
পৰিচ্ছেদ: ২০, শিলগুটিৰে ইস্তিঞ্জা কৰা।# হাদীছ - 155َ عنْ أَبِي هُرَيْرَةَ، قَالَ اتَّبَعْتُ النَّبِيَّ صلى الله عليه وسلم وَخَرَجَ لِحَاجَتِهِ، فَكَانَ لاَ يَلْتَفِتُ فَدَنَوْتُ مِنْهُ فَقَالَ “‏ابْغِنِي أَحْجَارًا أَسْتَنْفِضْ بِهَا ـ أَوْ نَحْوَهُ ـ وَلاَ تَأْتِنِي بِعَظْمٍ وَلاَ رَوْثٍ‏”‏‏.‏ فَأَتَيْتُهُ بِأَحْجَارٍ بِطَرَفِ ثِيَابِي فَوَضَعْتُهَا إِلَى جَنْبِهِ وَأَعْرَضْتُ عَنْهُ، فَلَمَّا قَضَى أَتْبَعَهُ بِهِنَّ‏.‏১৫৫. ....আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ দ্বাৰা বর্ণিত, তেখেতে কৈছে, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে প্রাকৃতিক প্রয়োজনত বাহিৰ হোৱাত মই তেখেতক অনুসৰণ কৰিলোঁ আৰু তেখেতে ইফালে-সিফালে চোৱা নাছিল। যেতিয়া মই তেখেতৰ ওচৰ পালোঁ, তেতিয়া মোক ক’লে, ‘মোক কেইটামান শিলগুটি বিচাঁৰি আনি দিয়া, মই তাৰ দ্বাৰা ইস্তিঞ্জা কৰিম।’ (বর্ণনাকাৰীয়ে কৈছে), বা এনে ধৰণৰ কোনো কথা কৈছিল, আৰু ‘মোৰ কাৰণে হাড় বা গোবৰ নানিবা।’ তেতিয়া মই মোৰ কাপোৰৰ কোচত কেইটামান শিলগুটি আনি তেখেতৰ ওচৰত ৰাখিলোঁ আৰু মই তেখেতৰ পৰা আঁতৰি গ’লো। তেখেতে প্রয়োজনৰ শেষত সেইবোৰ ব্যৱহাৰ কৰিলে। (সংশ্লিষ্ট হাদীছঃ ৩৮৬০ দ্ৰষ্টব্য) (আ.প্ৰ. ১৫২, ই.ফা. ১৫৭)
পৰিচ্ছেদ: ২১, গোবৰৰ দ্বাৰা ইস্তিঞ্জা নকৰা।# হাদীছ - 156حَدَّثَنَا أَبُو نُعَيْمٍ، قَالَ حَدَّثَنَا زُهَيْرٌ، عَنْ أَبِي إِسْحَاقَ، قَالَ لَيْسَ أَبُو عُبَيْدَةَ ذَكَرَهُ وَلَكِنْ عَبْدُ الرَّحْمَنِ بْنُ الأَسْوَدِ عَنْ أَبِيهِ، أَنَّهُ سَمِعَ عَبْدَ اللَّهِ، يَقُولُ أَتَى النَّبِيُّ صلى الله عليه وسلم الْغَائِطَ، فَأَمَرَنِي أَنْ آتِيَهُ بِثَلاَثَةِ أَحْجَارٍ، فَوَجَدْتُ حَجَرَيْنِ، وَالْتَمَسْتُ الثَّالِثَ فَلَمْ أَجِدْهُ، فَأَخَذْتُ رَوْثَةً، فَأَتَيْتُهُ بِهَا، فَأَخَذَ الْحَجَرَيْنِ وَأَلْقَى الرَّوْثَةَ وَقَالَ ‏ “‏هَذَا رِكْسٌ‏”‏‏.‏ وَقَالَ إِبْرَاهِيمُ بْنُ يُوسُفَ عَنْ أَبِيهِ عَنْ أَبِي إِسْحَاقَ حَدَّثَنِي عَبْدُ الرَّحْمَنِ‏.‏১৫৬. ....‘আব্দুল্লাহ ৰাদ্বিয়াল্লাহু আনহুৰ দ্বাৰা বর্ণিত, তেখেতে কৈছে, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে এবাৰ শৌচ কৰিবলৈ যোৱাৰ সময়ত তিনিটা শিলগুটি বিচাঁৰি দিবলৈ মোক আদেশ দিলে। তেতিয়া মই দুটা শিলগুটি পালোঁ আৰু তৃতীয়টো বিচাঁৰিব ধৰিলোঁ, কিন্তু নাপালোঁ। সেয়ে এটুকুৰা শুকান গোবৰ লৈ তেখেতৰ ওচৰলৈ গ’লো। তেখেতে শিলগুটি দুটা ল’লে আৰু গোবৰৰ টুকুৰাটো পেলাই দি ক’লে, “এইটো অপৱিত্ৰ”। (আ.প্ৰ. ১৫৩)
ইব্ৰাহীম ইবনু ইউচুফ (ৰাহিমাহুল্লাহে) তেওঁৰ পিতৃৰ পৰা, তেওঁ আবু ইছহাক (ৰাহিমাহুল্লাহ)-ৰ পৰা, তেওঁ কৈছেঃ আব্দুৰ ৰহমান (ৰাহিমাহুল্লাহে) মোক হাদীছটো বৰ্ণনা কৰিছে। (ই.ফা. ১৫৮)
পৰিচ্ছেদ: ২২, অজুৰ অঙ্গ-প্ৰত্যঙ্গসমূহ এবাৰকৈ ধোৱা।# হাদীছ - 157حَدَّثَنَا مُحَمَّدُ بْنُ يُوسُفَ، قَالَ حَدَّثَنَا سُفْيَانُ، عَنْ زَيْدِ بْنِ أَسْلَمَ، عَنْ عَطَاءِ بْنِ يَسَارٍ، عَنِ ابْنِ عَبَّاسٍ، قَالَ تَوَضَّأَ النَّبِيُّ صلى الله عليه وسلم مَرَّةً مَرَّةً‏.‏১৫৭. ....ইবনু ‘আব্বাছ ৰাদ্বিয়াল্লাহু আনহুৰ দ্বাৰা বর্ণিত, তেখেতে কৈছে, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে অজু কৰিলে আৰু অঙ্গ-প্ৰত্যঙ্গসমূহ এবাৰকৈ ধুলে। (আ.প্ৰ. ১৫৪, ই.ফা. ১৫৯)
পৰিচ্ছেদ: ২৩, অজুৰ অঙ্গ-প্ৰত্যঙ্গসমূহ দুবাৰকৈ ধোৱা।# হাদীছ - 158حَدَّثَنَا حُسَيْنُ بْنُ عِيسَى، قَالَ حَدَّثَنَا يُونُسُ بْنُ مُحَمَّدٍ، قَالَ حَدَّثَنَا فُلَيْحُ بْنُ سُلَيْمَانَ، عَنْ عَبْدِ اللَّهِ بْنِ أَبِي بَكْرِ بْنِ عَمْرِو بْنِ حَزْمٍ، عَنْ عَبَّادِ بْنِ تَمِيمٍ، عَنْ عَبْدِ اللَّهِ بْنِ زَيْدٍ، أَنَّ النَّبِيَّ صلى الله عليه وسلم تَوَضَّأَ مَرَّتَيْنِ مَرَّتَيْنِ.১৫৮. ....‘আব্দুল্লাহ ইবনু যাইদ ৰাদ্বিয়াল্লাহু আনহুৰ দ্বাৰা বর্ণিত, তেখেতে কৈছে, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে অজু কৰোঁতে দুবাৰকৈ ধুইছিল। (আ.প্ৰ. ১৫৫, ই.ফা. ১৬০)
পৰিচ্ছেদ: ২৪, অজুৰ অঙ্গ-প্ৰত্যঙ্গসমূহ তিনিবাৰকৈ ধোৱা।# হাদীছ - 159حَدَّثَنَا عَبْدُ الْعَزِيزِ بْنُ عَبْدِ اللَّهِ الأُوَيْسِيُّ، قَالَ حَدَّثَنِي إِبْرَاهِيمُ بْنُ سَعْدٍ، عَنِ ابْنِ شِهَابٍ، أَنَّ عَطَاءَ بْنَ يَزِيدَ، أَخْبَرَهُ أَنَّ حُمْرَانَ مَوْلَى عُثْمَانَ أَخْبَرَهُ أَنَّهُ، رَأَى عُثْمَانَ بْنَ عَفَّانَ دَعَا بِإِنَاءٍ، فَأَفْرَغَ عَلَى كَفَّيْهِ ثَلاَثَ مِرَارٍ فَغَسَلَهُمَا، ثُمَّ أَدْخَلَ يَمِينَهُ فِي الإِنَاءِ فَمَضْمَضَ، وَاسْتَنْشَقَ، ثُمَّ غَسَلَ وَجْهَهُ ثَلاَثًا، وَيَدَيْهِ إِلَى الْمِرْفَقَيْنِ ثَلاَثَ مِرَارٍ، ثُمَّ مَسَحَ بِرَأْسِهِ، ثُمَّ غَسَلَ رِجْلَيْهِ ثَلاَثَ مِرَارٍ إِلَى الْكَعْبَيْنِ، ثُمَّ قَالَ قَالَ رَسُولُ اللَّهِ صلى الله عليه وسلم “مَنْ تَوَضَّأَ نَحْوَ وُضُوئِي هَذَا، ثُمَّ صَلَّى رَكْعَتَيْنِ، لاَ يُحَدِّثُ فِيهِمَا نَفْسَهُ، غُفِرَ لَهُ مَا تَقَدَّمَ مِنْ ذَنْبِهِ‏”‏‏.‏১৫৯. ....হুমৰান (ৰাহিমাহুল্লাহ)-ৰ দ্বাৰা বর্ণিত, তেখেতে ‘উচমান ইবনু আফফান ৰাদ্বিয়াল্লাহু আনহুক দেখিছে যে, তেখেতে পানীৰ পাত্র অনাই লৈ উভয় হাতৰ তলুৱাত তিনিবাৰ ঢালি উভয় হাত ধুই ল’লে। ইয়াৰ পিছত সোঁ-হাত পাত্রৰ মাজত সোমাই দিলে। তাৰ পিছত কুলি কৰিলে আৰু নাকত পানী দি নাক পৰিষ্কাৰ কৰিলে। তাৰ পিছত তেখেতৰ মুখমণ্ডল তিনিবাৰ ধুলে আৰু দুহাত কিলাকুটি পর্যন্ত তিনিবাৰ ধুই ল’লে। ইয়াৰ পিছত মূৰ মছেহ কৰিলে। তাৰ পিছত দুই ভৰি সৰু গাঁঠিলৈকে তিনিবাৰ ধুই ল’লে। পিছত ক’লে, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে, ‘যি ব্যক্তিয়ে মোৰ দৰে এই ধৰণে অজু কৰিব, তাৰ পিছত দুই ৰাক’আত চালাত আদায় কৰিব, সেই চালাতত দুনিয়াৰ কোনো চিন্তা নকৰিব, তাৰ পূৰ্বৰ গুনাহ ক্ষমা কৰি দিয়া হ’ব। (সংশ্লিষ্ট হাদীছসমূহঃ ১৬০, ১৬৪, ১৯৩৪, ৬৪৩৩; মুছলিম ২/৩, হাদীছ নং ২২৬, আহমাদ ৪৯৩, ৫১৩) (আ.প্ৰ. ১৫৬, ই.ফা. ১৬১)
# হাদীছ - 160وَعَنْ إِبْرَاهِيمَ، قَالَ قَالَ صَالِحُ بْنُ كَيْسَانَ قَالَ ابْنُ شِهَابٍ وَلَكِنْ عُرْوَةُ يُحَدِّثُ عَنْ حُمْرَانَ،، فَلَمَّا تَوَضَّأَ عُثْمَانُ قَالَ أَلاَ أُحَدِّثُكُمْ حَدِيثًا لَوْلاَ آيَةٌ مَا حَدَّثْتُكُمُوهُ، سَمِعْتُ النَّبِيَّ صلى الله عليه وسلم يَقُولُ ‏“لاَ يَتَوَضَّأُ رَجُلٌ فَيُحْسِنُ وُضُوءَهُ، وَيُصَلِّي الصَّلاَةَ إِلاَّ غُفِرَ لَهُ مَا بَيْنَهُ وَبَيْنَ الصَّلاَةِ حَتَّى يُصَلِّيَهَا‏”‏‏.‏ قَالَ عُرْوَةُ الآيَةُ ‏{‏إِنَّ الَّذِينَ يَكْتُمُونَ مَا أَنْزَلْنَا مِنَ الْبَيِّنَاتِ‏}‏‏.‏১৬০. ....ইবনু শ্বিহাব (ৰাহিমাহুল্লাহে) কৈছে, ‘উৰুৱাই হুমৰানৰ পৰা বর্ণনা কৰিছে, ‘উচমান ৰাদ্বিয়াল্লাহু আনহুৱে অজু কৰি ক’লে, মই তোমালোকক এটা হাদীছ বর্ণনা নকৰিমনে? এটা এনেকুৱা আয়াত আছে যিটো নাথাকিলে মই তোমালোকক এই হাদীছ বর্ণনা নকৰিলোহেঁতেন। মই নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৰা শুনিছোঁ, যি ব্যক্তিয়ে সুন্দৰভাৱে অজু কৰিব আৰু চালাত আদায় কৰিব, পৰবৰ্তী চালাত আদায় কৰা পর্যন্ত তাৰ মধ্যৱৰ্তী যিমান গুনাহ আছে সকলো ক্ষমা কৰি দিয়া হ’ব। ‘উৰুৱাহ (ৰাহিমাহুল্লাহ)-এ কৈছে, সেই আয়াতটো হৈছে--.... “আমি যিবোৰ স্পষ্ট নিদর্শন অৱতীর্ণ কৰিছোঁ তাক যিসকলে গোপন কৰে.........।” (ছুৰা বাকাৰাহ ২:১৫৯) (সংশ্লিষ্ট হাদীছঃ ১৫৯; মুছলিম ২/৪, হাদীছ নং ২২৭) (আ.প্ৰ. ১৫৬ শেষাংশ, ই.ফা. ১৬১ শেষাংশ)
পৰিচ্ছেদঃ ২৫, অজু কৰোঁতে নাকত পানী দি নাক পৰিষ্কাৰ কৰা।
ذَكَرَهُ عُثْمَانُ وَعَبْدُ اللهِ بْنُ زَيْدٍ وَعَبْدُ اللهِ بْنُ عَبَّاسٍ رَضِيَ اللهُ عَنْهُمْ عَنِ النَّبِيِّ صلى الله عليه وسلم.
‘উচমান ৰাদ্বিয়াল্লাহু আনহু, ‘আব্দুল্লাহ ইবনু যাইদ ৰাদ্বিয়াল্লাহু আনহু আৰু ইবনু আব্বাছ ৰাদ্বিয়াল্লাহু আনহুৱে নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৰা এই কথা বৰ্ণনা কৰিছে।
# হাদীছ - 161حَدَّثَنَا عَبْدَانُ، قَالَ أَخْبَرَنَا عَبْدُ اللَّهِ، قَالَ أَخْبَرَنَا يُونُسُ، عَنِ الزُّهْرِيِّ، قَالَ أَخْبَرَنِي أَبُو إِدْرِيسَ، أَنَّهُ سَمِعَ أَبَا هُرَيْرَةَ، عَنِ النَّبِيِّ صلى الله عليه وسلم أَنَّهُ قَالَ ‏ “‏مَنْ تَوَضَّأَ فَلْيَسْتَنْثِرْ،وَمَنِ اسْتَجْمَرَ فَلْيُوتِرْ‏”‏‏.‏১৬১. ....আবু ইদ্ৰিছ (ৰাহিমাহুল্লাহ)-ৰ দ্বাৰা বর্ণিত, তেখেতে আবু-হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুক কোৱা শুনিছে, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে, “যি ব্যক্তিয়ে অজু কৰিব, সি নাকত পানী দি নাক পৰিষ্কাৰ কৰা উচিত। আৰু যিয়ে ঢিলা কুলুখ ব্যৱহাৰ কৰিব বিচাৰে, সি বিযোৰ ব্যৱহাৰ কৰা উচিত।”
(সংশ্লিষ্ট হাদীছঃ ১৬২; মুছলিম ২/৮, হাদীছ নং ২৩৭, আহমাদ ১০৭২৩, ৫১৩) (আ.প্ৰ. ১৫৭, ই.ফা. ১৬২)
পৰিচ্ছেদ: ২৬, (শৌচ-কাৰ্যৰ বাবে) বিযোৰ সংখ্যক ঢিলা-কুলুখ ব্যৱহাৰ কৰা।# হাদীছ - 162حَدَّثَنَا عَبْدُ اللَّهِ بْنُ يُوسُفَ، قَالَ أَخْبَرَنَا مَالِكٌ، عَنْ أَبِي الزِّنَادِ، عَنِ الأَعْرَجِ، عَنْ أَبِي هُرَيْرَةَ، أَنَّ رَسُولَ اللَّهِ صلى الله عليه وسلم قَالَ ‏ “إِذَا تَوَضَّأَ أَحَدُكُمْ فَلْيَجْعَلْ فِي أَنْفِهِ ثُمَّ لِيَنْثُرْ، وَمَنِ اسْتَجْمَرَ فَلْيُوتِرْ، وَإِذَا اسْتَيْقَظَ أَحَدُكُمْ مِنْ نَوْمِهِ فَلْيَغْسِلْ يَدَهُ قَبْلَ أَنْ يُدْخِلَهَا فِي وَضُوئِهِ، فَإِنَّ أَحَدَكُمْ لاَ يَدْرِي أَيْنَ بَاتَتْ يَدُهُ‏”‏‏.‏১৬২. .... আবু-হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ দ্বাৰা বর্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে, “তোমালোকৰ মাজৰ কোনোবাই যেতিয়া অজু কৰে, তেতিয়া সি যেন নাকত পানী দি নাক পৰিষ্কাৰ কৰে আৰু যিয়ে ঢিলা-কুলুখ ব্যৱহাৰ কৰিব বিচাৰে সি যেন বিযোৰ সংখ্যক ঢিলা কুলুখ ব্যৱহাৰ কৰে। আকৌ তোমালোকৰ কোনোবাই যেতিয়া টোপনিৰ পৰা উঠে তেতিয়া সি যেন অজুৰ পানীত হাত প্ৰৱেশ কৰাৰ আগতে হাত ধুই লয়; কাৰণ তোমালোকৰ কোনেও নাজানে যে, টোপনিৰ অৱস্থাত তাৰ হাত ক’ত আছিল”।
(সংশ্লিষ্ট হাদীছঃ ১৬১) (আ.প্ৰ. ১৫৮, ই.ফা. ১৬৩)
পৰিচ্ছেদ: ২৭, ভৰি মছেহ নকৰি দুয়োখন ভৰি ধোৱা প্ৰসঙ্গ।# হাদীছ - 163حَدَّثَنَا مُوسَى، قَالَ حَدَّثَنَا أَبُو عَوَانَةَ، عَنْ أَبِي بِشْرٍ، عَنْ يُوسُفَ بْنِ مَاهَكَ، عَنْ عَبْدِ اللَّهِ بْنِ عَمْرٍو، قَالَ تَخَلَّفَ النَّبِيُّ صلى الله عليه وسلم عَنَّا فِي سَفْرَةٍ سَافَرْنَاهَا، فَأَدْرَكَنَا وَقَدْ أَرْهَقْنَا الْعَصْرَ، فَجَعَلْنَا نَتَوَضَّأُ وَنَمْسَحُ عَلَى أَرْجُلِنَا، فَنَادَى بِأَعْلَى صَوْتِهِ ‏ "‏وَيْلٌ لِلأَعْقَابِ مِنَ النَّارِ‏"‏‏.‏ مَرَّتَيْنِ أَوْ ثَلاَثًا‏.‏‏১৬৩. ....‘আব্দুল্লাহ ইবনু ‘আমৰ (ৰাহিমাহুল্লাহ)-ৰ দ্বাৰা বর্ণিত, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে এটা চফৰত আমাৰ পিছত ৰৈ গৈছিল, ইয়াৰ পিছত তেখেতে আমাৰ ওচৰ আহি পালে। তেতিয়া আমি আচৰৰ চালাত আৰম্ভ কৰোঁতে পলম কৰি পেলাইছিলোঁ। সেয়ে আমি অজু কৰিলোঁ আৰু (সোনকালে কৰাৰ কাৰণে) আমাৰ ভৰি মছেহ কৰাৰ দৰে হাল্কাভাৱে ধুই ললোঁ। তেতিয়া তেখেতে উচ্চস্বৰে ক’লে-‘ভৰিৰ গোৰোহাৰ কাৰণে জাহান্নামৰ শাস্তি আছে’। দুবাৰ অথবা তিনিবাৰ তেখেতে এই কথাৰ পুনৰাবৃত্তি কৰিলে।
(সংশ্লিষ্ট হাদীছঃ ৬০) (আ.প্ৰ. ১৫৯, ই.ফা. ১৬৪)
পৰিচ্ছেদ: ২৮, অজুৰ সময়ত কুল্লি কৰা।# হাদীছ - 164حَدَّثَنَا أَبُو الْيَمَانِ، قَالَ أَخْبَرَنَا شُعَيْبٌ، عَنِ الزُّهْرِيِّ، قَالَ أَخْبَرَنِي عَطَاءُ بْنُ يَزِيدَ، عَنْ حُمْرَانَ، مَوْلَى عُثْمَانَ بْنِ عَفَّانَ أَنَّهُ رَأَى عُثْمَانَ دَعَا بِوَضُوءٍ، فَأَفْرَغَ عَلَى يَدَيْهِ مِنْ إِنَائِهِ، فَغَسَلَهُمَا ثَلاَثَ مَرَّاتٍ، ثُمَّ أَدْخَلَ يَمِينَهُ فِي الْوَضُوءِ، ثُمَّ تَمَضْمَضَ، وَاسْتَنْشَقَ، وَاسْتَنْثَرَ، ثُمَّ غَسَلَ وَجْهَهُ ثَلاَثًا وَيَدَيْهِ إِلَى الْمِرْفَقَيْنِ ثَلاَثًا، ثُمَّ مَسَحَ بِرَأْسِهِ، ثُمَّ غَسَلَ كُلَّ رِجْلٍ ثَلاَثًا، ثُمَّ قَالَ رَأَيْتُ النَّبِيَّ صلى الله عليه وسلم يَتَوَضَّأُ نَحْوَ وُضُوئِي هَذَا وَقَالَ ‏ “‏مَنْ تَوَضَّأَ نَحْوَ وُضُوئِي هَذَا ثُمَّ صَلَّى رَكْعَتَيْنِ، لاَ يُحَدِّثُ فِيهِمَا نَفْسَهُ، غَفَرَ اللَّهُ لَهُ مَا تَقَدَّمَ مِنْ ذَنْبِهِ‏”‏‏.‏১৬৪. ....‘উচমান ইবনে ‘আফফান ৰাদ্বিয়াল্লাহু আনহুৰ আযাদকৃত গোলাম হুমৰান (ৰাহিমাহুল্লাহ)-ৰ দ্বাৰা বর্ণিত, তেওঁ ‘উচমান ৰাদ্বিয়াল্লাহু আনহুক দেখিছে যে, তেখেতে অজুৰ পানী আনিবলৈ নিৰ্দেশ কৰিলে। তাৰ পিছত তেখেতে সেই পাত্রৰ পৰা উভয় হাতৰ ওপৰত পানী ঢালি উভয় হাতক তিনিবাৰ ধুই ললে। ইয়াৰ পিছত তেখেতৰ সোঁ-হাত পানীত ডুবালে। তাৰ পিছত কুল্লি কৰিলে আৰু নাকত পানী দি নাক পৰিষ্কাৰ কৰিলে। তাৰ পিছত তেখেতৰ মুখমণ্ডল তিনিবাৰ আৰু উভয় হাত কিলাকুটি পর্যন্ত তিনিবাৰ ধুলে, তাৰ পিছত মূৰ মছেহ কৰিলে। তাৰ পিছত উভয় ভৰি তিনিবাৰ ধোৱাৰ পিছত ক’লে, ‘মই নবী চাল্লাল্লাহু আলাইহি অছাল্লামক মোৰ এই অজুৰ দৰে অজু কৰা দেখিছোঁ’ আৰু ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে, ‘যি ব্যক্তিয়ে মোৰ এই অজুৰ দৰে অজু কৰি দুই ৰাক’আত চালাত আদায় কৰিব আৰু যাৰ মাজত আন কোনো চিন্তা নকৰিব, আল্লাহ তা’আলাই তাৰ অতীতৰ সকলো গুনাহ ক্ষমা কৰি দিব।’
(সংশ্লিষ্ট হাদীছঃ ১৫৯) (আ.প্ৰ. ১৬০, ই.ফা. ১৬৫)
পৰিচ্ছেদ: ২৯, ভৰিৰ গোৰোৱা ধোৱা।وَكَانَ ابْنُ سِيرِينَ يَغْسِلُ مَوْضِعَ الْخَاتَمِ إِذَا تَوَضَّأَ.
ইবনু ছীৰিন ৰাহিমাহুল্লাহে অজু কৰাৰ সময়ত আঙুঠি পিন্ধা ঠাইয়ো ধুইছিল।
# হাদীছ - 165حَدَّثَنَا آدَمُ بْنُ أَبِي إِيَاسٍ، قَالَ حَدَّثَنَا شُعْبَةُ، قَالَ حَدَّثَنَا مُحَمَّدُ بْنُ زِيَادٍ، قَالَ سَمِعْتُ أَبَا هُرَيْرَةَ ـ وَكَانَ يَمُرُّ بِنَا وَالنَّاسُ يَتَوَضَّئُونَ مِنَ الْمِطْهَرَةِ ـ قَالَ أَسْبِغُوا الْوُضُوءَ فَإِنَّ أَبَا الْقَاسِمِ صلى الله عليه وسلم قَالَ ‏ “‏وَيْلٌ لِلأَعْقَابِ مِنَ النَّارِ‏”‏‏.‏১৬৫. ....মুহাম্মদ ইবনু যিয়াদ (ৰাহিমাহুল্লাহ)-ৰ দ্বাৰা বর্ণিতঃ তেখেতে কৈছে, আবু-হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহু আমাৰ কাষেৰে গৈ আছিল। লোকসকলে সেই সময়ত এটা পাত্রৰ পানীৰ দ্বাৰা অজু কৰি আছিল। তেতিয়া তেখেতক কোৱা শুনিছোঁ, তোমালোকে উত্তমৰূপে অজু কৰা। কাৰণ আবুল কাছিম (চাল্লাল্লাহু আলাইহি অছাল্লামে) কৈছে, “ভৰিৰ গোৰোৱাসমূহৰ কাৰণে জাহান্নামৰ শাস্তি আছে।”
(মুছলিম ২/৯, হাদীছ নং ২৪২, আহমাদ ৯২৭৬) (আ.প্ৰ. ১৬১, ই.ফা. ১৬৬)
পৰিচ্ছেদ: ৩০, জোতা পিন্ধা অৱস্থাত দুয়োখন ভৰি ধুব লাগিব, জোতাৰ ওপৰত মছেহ কৰিলে নহ’ব।# হাদীছ - 166حَدَّثَنَا عَبْدُ اللَّهِ بْنُ يُوسُفَ، قَالَ أَخْبَرَنَا مَالِكٌ، عَنْ سَعِيدٍ الْمَقْبُرِيِّ، عَنْ عُبَيْدِ بْنِ جُرَيْجٍ، أَنَّهُ قَالَ لِعَبْدِ اللَّهِ بْنِ عُمَرَ يَا أَبَا عَبْدِ الرَّحْمَنِ، رَأَيْتُكَ تَصْنَعُ أَرْبَعًا لَمْ أَرَ أَحَدًا مِنْ أَصْحَابِكَ يَصْنَعُهَا‏.‏ قَالَ وَمَا هِيَ يَا ابْنَ جُرَيْجٍ قَالَ رَأَيْتُكَ لاَ تَمَسُّ مِنَ الأَرْكَانِ إِلاَّ الْيَمَانِيَيْنِ، وَرَأَيْتُكَ تَلْبَسُ النِّعَالَ السِّبْتِيَّةَ، وَرَأَيْتُكَ تَصْبُغُ بِالصُّفْرَةِ، وَرَأَيْتُكَ إِذَا كُنْتَ بِمَكَّةَ أَهَلَّ النَّاسُ إِذَا رَأَوُا الْهِلاَلَ وَلَمْ تُهِلَّ أَنْتَ حَتَّى كَانَ يَوْمُ التَّرْوِيَةِ‏.‏ قَالَ عَبْدُ اللَّهِ أَمَّا الأَرْكَانُ فَإِنِّي لَمْ أَرَ رَسُولَ اللَّهِ صلى الله عليه وسلم يَمَسُّ إِلاَّ الْيَمَانِيَيْنِ، وَأَمَّا النِّعَالُ السِّبْتِيَّةُ فَإِنِّي رَأَيْتُ رَسُولَ اللَّهِ صلى الله عليه وسلم يَلْبَسُ النَّعْلَ الَّتِي لَيْسَ فِيهَا شَعَرٌ وَيَتَوَضَّأُ فِيهَا، فَأَنَا أُحِبُّ أَنْ أَلْبَسَهَا، وَأَمَّا الصُّفْرَةُ فَإِنِّي رَأَيْتُ رَسُولَ اللَّهِ صلى الله عليه وسلم يَصْبُغُ بِهَا، فَأَنَا أُحِبُّ أَنْ أَصْبُغَ بِهَا، وَأَمَّا الإِهْلاَلُ فَإِنِّي لَمْ أَرَ رَسُولَ اللَّهِ صلى الله عليه وسلم يُهِلُّ حَتَّى تَنْبَعِثَ بِهِ رَاحِلَتُهُ‏.‏১৬৬. ....‘উবাইদ ইবনু জুৰাইজ (ৰাহিমাহুল্লাহ)-ৰ দ্বাৰা বর্ণিতঃ তেখেতে ‘আব্দুল্লাহ ইবনু ‘ওমৰ ৰাদ্বিয়াল্লাহু আনহুক ক’লে, ‘হে আবু ‘আব্দুৰ ৰহমান! মই আপোনাক এনেকুৱা চাৰিটা কাম কৰা দেখোঁ, যিটো আপোনাৰ অন্য কোনো সঙ্গীক কৰা দেখা নাই। ‘তেখেতে ক’লে, ‘হে ইবনু জুৰাইজ, সেইবোৰ কি?’ তেখেতে ক’লে, মই দেখোঁ, (১) আপুনি তাৱাফ কৰাৰ সময়ত ৰুকনে ইয়ামানী দুটাৰ বাহিৰে আন কোনো ৰুকন স্পর্শ নকৰে। (২) আপুনি ‘চিবতী’ (পচমবিহীন) চপ্পল পৰিধান কৰে; (৩) আপুনি (কাপোৰত) হালধীয়া ৰং ব্যৱহাৰ কৰে আৰু (৪) আপুনি যেতিয়া মক্কাত থাকে, মানুহসকলে জোন দেখি ইহৰাম বান্ধে; কিন্তু আপুনি তাৰবিয়াৰ দিন (৮ ই যিলহজ্জ) নহা লৈকে ইহৰাম নাবান্ধে। ‘আব্দুল্লাহ ৰাদ্বিয়াল্লাহু আনহুৱে ক’লে, ৰুকনৰ কথা যিটো কৈছা, সেইটো এই কাৰণে কৰোঁ যে “মই ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামক ইয়ামানী ৰুকনদ্বয়ৰ বাহিৰে আন এটাও স্পর্শ কৰা দেখা নাই।” আৰু ‘চিবতী’ জোতা, “মই ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামক পচমবিহীন জোতা পিন্ধা আৰু সেইটো পৰিহিত অৱস্থাত অজু কৰা দেখিছোঁ,” সেয়েহে মই সেইটো কৰি ভাল পাওঁ। আৰু হালধীয়া ৰং, মই “ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামক ইয়াৰ দ্বাৰা কাপোৰ ৰং কৰা দেখিছোঁ,” সেয়েহে মইও ইয়াৰ দ্বাৰা ৰঙীন কৰি ভাল পাওঁ। আৰু ইহৰাম, “ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামক লৈ তেখেতৰ ছওৱাৰী ৰাওনা নোহোৱা পর্যন্ত মই তেখেতক ইহৰাম বন্ধা দেখা নাই।”
(সংশ্লিষ্ট হাদীছসমূহঃ ১৫১৪, ১৫৫২, ১৬০৯, ২৮৬৫, ৫৮৫১; মুছলিম ১৫/৫, হাদীছ নং ১১৮৭) (আ.প্ৰ. ১৬২, ই.ফা. ১৬৭)
পৰিচ্ছেদ: ৩১, অজু আৰু গোছল সোঁ-ফালৰ পৰা আৰম্ভ কৰা।# হাদীছ - 167حَدَّثَنَا مُسَدَّدٌ، قَالَ حَدَّثَنَا إِسْمَاعِيلُ، قَالَ حَدَّثَنَا خَالِدٌ، عَنْ حَفْصَةَ بِنْتِ سِيرِينَ، عَنْ أُمِّ عَطِيَّةَ، قَالَتْ قَالَ النَّبِيُّ صلى الله عليه وسلم لَهُنَّ فِي غُسْلِ ابْنَتِهِ ‏ “‏ابْدَأْنَ بِمَيَامِنِهَا وَمَوَاضِعِ الْوُضُوءِ مِنْهَا‏”‏‏.‏১৬৭. .... উম্মু আতিয়্যা (ৰাদ্বিয়াল্লাহু আনহা)-ৰ দ্বাৰা বর্ণিতঃ তেখেতে কৈছে, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে তেখেতৰ কন্যা [যয়নব ৰাদ্বিয়াল্লাহু আনহা]-ক গোছল কৰোৱাৰ সময়ত তেওঁলোকক কৈছিল, “তোমালোকে তেওঁৰ সোঁ-ফালৰ পৰা আৰু অজুৰ স্থানৰ পৰা আৰম্ভ কৰিবা।”
(সংশ্লিষ্ট হাদীছসমূহঃ ১২৫৩ ৰ পৰা ১২৬৩ লৈকে) (আ.প্ৰ. ১৬৩, ই.ফা. ১৬৮)
# হাদীছ - 168حَدَّثَنَا حَفْصُ بْنُ عُمَرَ، قَالَ حَدَّثَنَا شُعْبَةُ، قَالَ أَخْبَرَنِي أَشْعَثُ بْنُ سُلَيْمٍ، قَالَ سَمِعْتُ أَبِي، عَنْ مَسْرُوقٍ، عَنْ عَائِشَةَ، قَالَتْ كَانَ النَّبِيُّ صلى الله عليه وسلم يُعْجِبُهُ التَّيَمُّنُ فِي تَنَعُّلِهِ وَتَرَجُّلِهِ وَطُهُورِهِ وَفِي شَأْنِهِ كُلِّهِ.১৬৮. .... ‘আইশ্বা ৰাদ্বিয়াল্লাহু আনহাৰ দ্বাৰা বর্ণিতঃ তেখেতে কৈছে, “নবী চাল্লাল্লাহু আলাইহি অছাল্লামে জোতা পিন্ধা, চুলি আঁচোৰা আৰু পৱিত্রতা অর্জন কৰা তথা প্রত্যেক কামেই সোঁ-ফালৰ পৰা আৰম্ভ কৰি ভাল পাইছিল।” (সংশ্লিষ্ট হাদীছসমূহঃ ৪২৬, ৫৩৮০, ৫৮৫৪, ৫৯২৬; মুছলিম ১৫/৫, হাদীছ নং ১১৮৭) (আ.প্ৰ. ১৬৪, ই.ফা. ১৬৯)
পৰিচ্ছেদ: ৩২, চালাতৰ সময় হোৱাত অজুৰ পানীৰ অনুসন্ধান কৰা।وَقَالَتْ عَائِشَةُ حَضَرَتْ الصُّبْحُ فَالْتُمِسَ الْمَاءُ فَلَمْ يُوجَدْ فَنَزَلَ التَّيَمُّمُ.
‘আইশ্বা ৰাদ্বিয়াল্লাহু আনহাই কৈছে, “এবাৰ ফজৰৰ সময় হোৱাত পানীৰ অনুসন্ধান কৰা হ’ল; কিন্তু ক’তো পানী পোৱা নগ’ল। তেতিয়া তায়াম্মুমৰ আয়াত অৱতীৰ্ণ হ’ল”।
# হাদীছ - 169حَدَّثَنَا عَبْدُ اللَّهِ بْنُ يُوسُفَ، قَالَ أَخْبَرَنَا مَالِكٌ، عَنْ إِسْحَاقَ بْنِ عَبْدِ اللَّهِ بْنِ أَبِي طَلْحَةَ، عَنْ أَنَسِ بْنِ مَالِكٍ، أَنَّهُ قَالَ رَأَيْتُ رَسُولَ اللَّهِ صلى الله عليه وسلم وَحَانَتْ صَلاَةُ الْعَصْرِ، فَالْتَمَسَ النَّاسُ الْوَضُوءَ فَلَمْ يَجِدُوهُ، فَأُتِيَ رَسُولُ اللَّهِ صلى الله عليه وسلم بِوَضُوءٍ، فَوَضَعَ رَسُولُ اللَّهِ صلى الله عليه وسلم فِي ذَلِكَ الإِنَاءِ يَدَهُ، وَأَمَرَ النَّاسَ أَنْ يَتَوَضَّئُوا مِنْهُ‏.‏ قَالَ فَرَأَيْتُ الْمَاءَ يَنْبُعُ مِنْ تَحْتِ أَصَابِعِهِ حَتَّى تَوَضَّئُوا مِنْ عِنْدِ آخِرِهِمْ‏.‏১৬৯. ....আনাছ ইবনু মালিক ৰাদ্বিয়াল্লাহু আনহুৰ দ্বাৰা বর্ণিতঃ তেখেতে কৈছে, মই ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামক দেখিলোঁ, তেতিয়া আচৰৰ চালাতৰ সময় হৈ গৈছিল। আৰু সকলোৱে অজুৰ পানী বিচাঁৰি আছিল, কিন্তু পানী বিচাৰি পোৱা নাছিল। তাৰ পিছত ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওচৰত অলপ পানী অনা হ’ল। ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে সেই পাত্রত তেখেতৰ হাত ৰাখিলে আৰু সকলোকে সেই পাত্রৰ পৰা অজু কৰিবলৈ ক’লে। আনাছ ৰাদ্বিয়াল্লাহু আনহুৱে কৈছেঃ “সেই সময়ত মই দেখিলোঁ, তেখেতৰ আঙুলিৰ তলৰ পৰা পানী উপচি আছে। আনকি তেওঁলোকৰ শেষ ব্যক্তিয়েও সেই পানীৰে অজু কৰিলে।” (সংশ্লিষ্ট হাদীছসমূহঃ ১৯৫, ২০০, ৩৫৭২ ৰ পৰা ৩৫৭৫ লৈকে; মুছলিম ৪৩/৩, হাদীছ নং ২২৭৯, আহমাদ ১২৪৯৯) (আ.প্ৰ. ১৬৫, ই.ফা. ১৭০)
পৰিচ্ছেদ: ৩৩, যি পানীৰে মানুহৰ চুলি ধোৱা হয়।وَكَانَ عَطَاءٌ لاَ يَرَى بِهِ بَأْسًا أَنْ يُتَّخَذَ مِنْهَا الْخُيُوطُ وَالْحِبَالُ وَسُؤْرِ الْكِلاَبِ وَمَمَرِّهَا فِي الْمَسْجِدِ وَقَالَ الزُّهْرِيُّ إِذَا وَلَغَ فِي إِنَاءٍ لَيْسَ لَهُ وَضُوءٌ غَيْرُهُ يَتَوَضَّأُ بِهِ وَقَالَ سُفْيَانُ هَذَا الْفِقْهُ بِعَيْنِهِ يَقُولُ اللهُ تَعَالَى )فَلَمْ تَجِدُوا مَاءً فَتَيَمَّمُوا( وَهَذَا مَاءٌ وَفِي النَّفْسِ مِنْهُ شَيْءٌ يَتَوَضَّأُ بِهِ وَيَتَيَمَّمُ.
‘আতা (ৰাহিমাহুল্লাহ)-এ চুলিৰে সূতা আৰু ৰছী প্ৰস্তুত কৰাটো কোনো দোষণীয় বুলি ভৱা নাছিল। কুকুৰৰ জুঠা আৰু মছজিদৰ ভিতৰেৰে কুকুৰৰ যাতায়ত সম্পৰ্কে যুহৰী (ৰাহিমাহুল্লাহ)-এ কৈছে, কুকুৰে যেতিয়া কোনো পানীৰ পাত্ৰত মুখ দিয়ে আৰু অজু কৰাৰ কাৰণে সেই পানীৰ বাহিৰে আন কোনো পানী নাথাকে, তেন্তে সেই পানীৰেই অজু কৰিব পাৰি। চুফীয়ান (ৰাহিমাহুল্লাহ)-এ কৈছে, হুবহু এই মাছআলাটো বিধৃত হৈছে আল্লাহ তা‘আলাৰ এই বাণীৰ দ্বাৰা, فَلَمْ تَجِدُوا مَاءً فَتَيَمَّمُوا “তাৰ পিছত তোমালোকে যদি পানী নোপোৱা তেনেহ’লে পৱিত্ৰ মাটিৰে তায়াম্মুম কৰা।’’ আৰু এয়া তো পানীয়েই। কিন্তু অন্তৰত যিহেতু কিছু সন্দেহ আছে সেয়েহে তাৰ দ্বাৰা অজু কৰিবা, পিছত তায়াম্মুমো কৰিবা।
# হাদীছ - 170مَالِكُ بْنُ إِسْمَاعِيلَ قَالَ حَدَّثَنَا إِسْرَائِيلُ عَنْ عَاصِمٍ عَنْ ابْنِ سِيرِينَ قَالَ قُلْتُ لِعَبِيدَةَ عِنْدَنَا مِنْ شَعَرِ النَّبِيِّ صلى الله عليه وسلم أَصَبْنَاهُ مِنْ قِبَلِ أَنَسٍ أَوْ مِنْ قِبَلِ أَهْلِ أَنَسٍ فَقَالَ لَأَنْ تَكُونَ عِنْدِي شَعَرَةٌ مِنْهُ أَحَبُّ إِلَيَّ مِنْ الدُّنْيَا وَمَا فِيهَا.১৭০. ....ইবনু চীৰিন (ৰাহিমাহুল্লাহ)-ৰ দ্বাৰা বৰ্ণিত, তেখেতে কৈছে, আবিদাহক ক’লো, “আমাৰ ওচৰত নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ চুলি আছে যিবোৰ আমি আনাছ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা নাইবা আনাছ ৰাদ্বিয়াল্লাহু আনহুৰ পৰিয়ালৰ পৰা পাইছোঁ”। তেখেতে ক’লে, “তেখেতৰ এডাল চুলি মোৰ ওচৰত থকাটো দুনিয়া আৰু দুনিয়াৰ মাজত যিসমূহ আছে তাক পোৱাতকৈও বেছি পছন্দনীয় বুলি ভাৱো”। (দ্ৰষ্ট্যব্য ১৭১) (আ.প্ৰ. ১৬৬, ই.ফা. ১৭১)
# হাদীছ - 171حَدَّثَنَا مُحَمَّدُ بْنُ عَبْدِ الرَّحِيمِ، قَالَ أَخْبَرَنَا سَعِيدُ بْنُ سُلَيْمَانَ، قَالَ حَدَّثَنَا عَبَّادٌ، عَنِ ابْنِ عَوْنٍ، عَنِ ابْنِ سِيرِينَ، عَنْ أَنَسٍ، أَنَّ رَسُولَ اللَّهِ صلى الله عليه وسلم لَمَّا حَلَقَ رَأْسَهُ كَانَ أَبُو طَلْحَةَ أَوَّلَ مَنْ أَخَذَ مِنْ شَعَرِهِ‏.‏‏১৭১. ....আনাছ ৰাদ্বিয়াল্লাহু আনহুৰ দ্বাৰা বর্ণিতঃ তেখেতে কৈছে, “ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে তেখেতৰ মূৰ খুৰাই পেলোৱাত আবু তালহা ৰাদ্বিয়াল্লাহু আনহুৱে প্রথমে তেখেতৰ চুলি সংগ্রহ কৰিছিল।” (সংশ্লিষ্ট হাদীছঃ ১৭০; মুছলিম ১৫/৫৬, হাদীছ নং ১৩০৫, আহমাদ ১২০৯৩) (আ.প্ৰ. ১৬৭, ই.ফা. ১৭২)
পৰিচ্ছেদ: ৩৪, কুকুৰে যদি পাত্ৰৰ পৰা পানী পান কৰে।# হাদীছ - 172حَدَّثَنَا عَبْدُ اللَّهِ بْنُ يُوسُفَ، عَنْ مَالِكٍ، عَنْ أَبِي الزِّنَادِ، عَنِ الأَعْرَجِ، عَنْ أَبِي هُرَيْرَةَ، قَالَ إِنَّ رَسُولَ اللَّهِ صلى الله عليه وسلم قَالَ ‏ "‏إِذَا شَرِبَ الْكَلْبُ فِي إِنَاءِ أَحَدِكُمْ فَلْيَغْسِلْهُ سَبْعًا‏"‏‏.‏‏১৭২. ....আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ দ্বাৰা বর্ণিত, তেখেতে কৈছে, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে, “তোমালোকৰ কাৰোবাৰ পাত্রৰ পৰা যদি কুকুৰে পান কৰে তেনেহ’লে সেইটো সাতবাৰ ধুই লবা।” (মুছলিম ২/২৭, হাদীছ নং ২৭৯, আহমাদ ৭৩৫০, ৭৩৫১, ৭৪৫১) (আ.প্ৰ. ১৬৮, ই.ফা. ১৭৩)
# হাদীছ - 173حَدَّثَنَا إِسْحَاقُ، أَخْبَرَنَا عَبْدُ الصَّمَدِ، حَدَّثَنَا عَبْدُ الرَّحْمَنِ بْنُ عَبْدِ اللَّهِ بْنِ دِينَارٍ، سَمِعْتُ أَبِي، عَنْ أَبِي صَالِحٍ، عَنْ أَبِي هُرَيْرَةَ، عَنِ النَّبِيِّ صلى الله عليه وسلم‏ "‏أَنَّ رَجُلاً رَأَى كَلْبًا يَأْكُلُ الثَّرَى مِنَ الْعَطَشِ، فَأَخَذَ الرَّجُلُ خُفَّهُ فَجَعَلَ يَغْرِفُ لَهُ بِهِ حَتَّى أَرْوَاهُ، فَشَكَرَ اللَّهُ لَهُ فَأَدْخَلَهُ الْجَنَّةَ‏"‏.১৭৩. ....আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ দ্বাৰা বর্ণিত, তেখেতে কৈছে, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে, “(পূর্ব যুগত) জনৈক ব্যক্তিয়ে এটা কুকুৰক পিঁয়াহৰ তাড়নাত ভিজা মাটি চেলেকি থকা দেখা পাই সেই ব্যক্তিয়ে তেওঁৰ মোজাৰে কুকুৰটোৰ কাৰণে কুঁৱাৰ পৰা পানী আনি দি থাকিল যেতিয়ালৈকে তাৰ তৃষ্ণা দূৰ নহ’ল। আল্লাহে ইয়াৰ বিনিময় দিলে আৰু তেওঁক জান্নাতত প্ৰৱেশ কৰালে।” (সংশ্লিষ্ট হাদীছসমূহঃ ২৩৬৩, ২৪৬৬, ৬০০৯ দ্ৰষ্টব্য) (আ.প্ৰ. ১৬৯, ই.ফা. ১৭৪)
# হাদীছ - 174وَقَالَ أَحْمَدُ بْنُ شَبِيبٍ حَدَّثَنَا أَبِي، عَنْ يُونُسَ، عَنِ ابْنِ شِهَابٍ، قَالَ حَدَّثَنِي حَمْزَةُ بْنُ عَبْدِ اللَّهِ، عَنْ أَبِيهِ، قَالَ كَانَتِ الْكِلاَبُ تَبُولُ وَتُقْبِلُ وَتُدْبِرُ فِي الْمَسْجِدِ فِي زَمَانِ رَسُولِ اللَّهِ صلى الله عليه وسلم فَلَمْ يَكُونُوا يَرُشُّونَ شَيْئًا مِنْ ذَلِكَ‏.‏‏১৭৪. ....‘আব্দুল্লাহ ৰাদ্বিয়াল্লাহু আনহুৱে তেখেতৰ পিতৃৰ পৰা বর্ণনা কৰি কৈছে, “ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ যুগত কুকুৰ মছজিদৰ ভিতৰেদি অহা-যোৱা কৰিছিল অথচ ইয়াৰ বাবে তেখেতসকলে ক’তো পানী ছটিয়াই দিয়া নাছিল।” (আ.প্ৰ. ১৬৯ শেষাংশ, ই.ফা. ১৭৪ শেষাংশ)
# হাদীছ - 175حَدَّثَنَا حَفْصُ بْنُ عُمَرَ، قَالَ حَدَّثَنَا شُعْبَةُ، عَنِ ابْنِ أَبِي السَّفَرِ، عَنِ الشَّعْبِيِّ، عَنْ عَدِيِّ بْنِ حَاتِمٍ، قَالَ سَأَلْتُ النَّبِيَّ صلى الله عليه وسلم فَقَالَ ‏"‏إِذَا أَرْسَلْتَ كَلْبَكَ الْمُعَلَّمَ فَقَتَلَ فَكُلْ، وَإِذَا أَكَلَ فَلاَ تَأْكُلْ، فَإِنَّمَا أَمْسَكَهُ عَلَى نَفْسِهِ‏"‏‏.‏ قُلْتُ أُرْسِلُ كَلْبِي فَأَجِدُ مَعَهُ كَلْبًا آخَرَ قَالَ فَلاَ تَأْكُلْ، فَإِنَّمَا سَمَّيْتَ عَلَى كَلْبِكَ، وَلَمْ تُسَمِّ عَلَى كَلْبٍ آخَرَ‏.১৭৫. ...‘আদী ইবনু হাতিম ৰাদ্বিয়াল্লাহু আনহুৰ দ্বাৰা বর্ণিত, তেখেতে কৈছে, মই (প্রশিক্ষণপ্রাপ্ত কুকুৰ সম্পর্কে) নবী চাল্লাল্লাহু আলাইহি অছাল্লামক প্ৰশ্ন কৰিলোঁ, তেখেতে ক’লে, “তুমি যেতিয়া তোমাৰ প্রশিক্ষণপ্রাপ্ত কুকুৰ চিকাৰ কৰিবলৈ এৰি দিয়া, তেতিয়া সি বধ কৰিলে সেইটো তুমি খাব পাৰা। আৰু সি বধ কৰা জন্তুটোৰ কিছু অংশ খাই পেলালে তুমি সেইটো নাখাবা। কাৰণ সি সেইটোক নিজৰ কাৰণেহে ধৰিছিল।” মই প্ৰশ্ন কৰিলোঁ, কেতিয়াবা কেতিয়াবা মই মোৰ কুকুৰটো (চিকাৰলৈ) পঠিয়াই দিওঁ, ইয়াৰ পিছত তাৰ সৈতে অন্য এটা কুকুৰো দেখিবলৈ পাওঁ (এনে অৱস্থাত চিকাৰকৃত প্রাণীৰ বিধান কি)? তেখেতে ক’লে, “তেনেহ’লে সেইটো নাখাবা। কাৰণ তুমি ‘বিছমিল্লাহ’ বুলি কৈছা কেৱল তোমাৰ কুকুৰৰ বাবে, অন্য কুকুৰৰ বাবে ‘বিছমিল্লাহ’ কোৱা নাই।” (সংশ্লিষ্ট হাদীছসমূহঃ ২০৫৪, ৫৪৭৫, ৫৪৭৬, ৫৪৭৭, ৫৪৮৩ ৰ পৰা ৫৪৮৭, ৭৩৯৭ দ্ৰষ্টব্য) (আ.প্ৰ. ১৭০, ই.ফা. ১৭৫)
পৰিচ্ছেদ: ৩৫, সন্মুখ অথবা পিছফালৰ লজ্জাস্থানেৰে কিবা নিৰ্গত নোহোৱা লৈকে আন কোনো কাৰণত যিয়ে অজুৰ প্ৰয়োজন বুলি নাভাৱে।وَقَوْلُ اللهِ تَعَالَى (أَوْ جَاءَ أَحَدٌ مِنْكُمْ مِنَ الْغَائِطِ)
আল্লাহ্ তা’আলাৰ এই বাণীৰ কাৰণেঃ ‘‘অথবা যেতিয়া তোমালোকৰ মাজৰ কোনোবাই শৌচাগাৰৰ পৰা আহে।’’ (ছুৰাহ্ আন-নিচা ৪/৪৩)
وَقَالَ عَطَاءٌ فِيمَنْ يَخْرُجُ مِنْ دُبُرِهِ الدُّودُ أَوْ مِنْ ذَكَرِهِ نَحْوُ الْقَمْلَةِ يُعِيدُ الْوُضُوءَ
‘আত্বা (ৰাহিমাহুল্লাহ)-এ কৈছে, যাৰ পিছফালৰ লজ্জাস্থানেৰে পোক বাহিৰ হয় অথবা যাৰ পুৰুষাঙ্গেৰে ওকণীৰ দৰে কিবা বাহিৰ হয়, সি পুনৰাই অজু কৰিব লাগিব।
وَقَالَ جَابِرُ بْنُ عَبْدِ اللهِ إِذَا ضَحِكَ فِي الصَّلاَةِ أَعَادَ الصَّلاَةَ وَلَمْ يُعِدْ الْوُضُوءَ وَقَالَ الْحَسَنُ إِنْ أَخَذَ مِنْ شَعَرِهِ وَأَظْفَارِهِ أَوْ خَلَعَ خُفَّيْهِ فَلاَ وُضُوءَ عَلَيْهِ وَقَالَ أَبُو هُرَيْرَةَ لاَ وُضُوءَ إِلاَّ مِنْ حَدَثٍ وَيُذْكَرُ عَنْ جَابِرٍ أَنَّ النَّبِيَّ صلى الله عليه وسلم كَانَ فِي غَزْوَةِ ذَاتِ الرِّقَاعِ فَرُمِيَ رَجُلٌ بِسَهْمٍ فَنَزَفَهُ الدَّمُ فَرَكَعَ وَسَجَدَ وَمَضَى فِي صَلاَتِهِ وَقَالَ الْحَسَنُ مَا زَالَ الْمُسْلِمُونَ يُصَلُّونَ فِي جِرَاحَاتِهِمْ وَقَالَ طَاوُسٌ وَمُحَمَّدُ بْنُ عَلِيٍّ وَعَطَاءٌ وَأَهْلُ الْحِجَازِ لَيْسَ فِي الدَّمِ وُضُوءٌ وَعَصَرَ ابْنُ عُمَرَ بَثْرَةً فَخَرَجَ مِنْهَا الدَّمُ وَلَمْ يَتَوَضَّأْ وَبَزَقَ ابْنُ أَبِي أَوْفَى دَمًا فَمَضَى فِي صَلاَتِهِ وَقَالَ ابْنُ عُمَرَ وَالْحَسَنُ فِيمَنْ يَحْتَجِمُ لَيْسَ عَلَيْهِ إِلاَّ غَسْلُ مَحَاجِمِهِ.
জাবিৰ ইবনু ‘আব্দিল্লাহ ৰাদ্বিয়াল্লাহু আনহুৱে কৈছে, কোনোবাই চালাত অৱস্থাত হাঁহি দিলে পুনৰাই কেৱল চালাত আদায় কৰিব, পুনঃ অজু কৰিব নালাগে। হাছান ৰাহিমাহুল্লাহে কৈছে, কোনোবাই যদি চুলি অথবা নখ কাটে অথবা তাৰ মোজা খুলি পেলায়, তেন্তে তেওঁ পুনৰাই অজু কৰিব নালাগে। আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৱে কৈছে, ‘হাদাছ’ ব্যতীত আন একোতে অজুৰ প্রয়োজন নাই। জাবিৰ ৰাদ্বিয়াল্লাহু আনহুৰ দ্বাৰা বর্ণিত, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে ‘যাতুৰ ৰিকা’ৰ যুদ্ধত আছিল। তাত জনৈক ব্যক্তি তীৰবিদ্ধ হ’ল আৰু তেওঁৰ শৰীৰৰ পৰা তেজ বৈ আছিল, কিন্তু তেওঁ (সেই অৱস্থাতো) ৰুকু কৰিলে, ছাজদাহ কৰিলে আৰু চালাত আদায় অব্যাহত ৰাখিলে। হাছান (ৰাহিমাহুল্লাহ)-এ কৈছে, মুছলিমসকলে সকলো সময়তেই আহত অৱস্থাত চালাত আদায় কৰিছিল আৰু তাঊছ (ৰাহিমাহুল্লাহ), মুহাম্মাদ ইবনু ‘আলী (ৰাহিমাহুল্লাহ), ‘আত্বা (ৰাহিমাহুল্লাহ) আৰু হিজাযবাসীসকলে কৈছে, ৰক্তক্ষৰণ হলেও অজু কৰিব নালাগে। ইবনু ‘ওমৰ ৰাদ্বিয়াল্লাহু আনহুৱে এদিন এটা সৰু ফোঁহা টিপি দিলে, তাৰ পৰা তেজ ওলাল, কিন্তু তেখেতে অজু নকৰিলে। ইবনু আবু আওফা ৰাদ্বিয়াল্লাহু আনহুৱে তেজ মিশ্ৰিত থু পেলালে, কিন্তু সেই অৱস্থাতে তেখেতে চালাত আদায় কৰিলে। ইবনু ‘ওমৰ ৰাদ্বিয়াল্লাহু আনহু আৰু হাছান (ৰাহিমাহুল্লাহ)-এ কৈছে, কোনোবাই শিঙ্গা লগালে কেৱল তাৰ শিঙ্গা লগোৱা স্থানটোকে ধুই পেলোৱা উচিত।
# হাদীছ - 176حَدَّثَنَا آدَمُ بْنُ أَبِي إِيَاسٍ، قَالَ حَدَّثَنَا ابْنُ أَبِي ذِئْبٍ، عَنْ سَعِيدٍ الْمَقْبُرِيِّ، عَنْ أَبِي هُرَيْرَةَ، قَالَ قَالَ النَّبِيُّ صلى الله عليه وسلم "‏لاَ يَزَالُ الْعَبْدُ فِي صَلاَةٍ مَا كَانَ فِي الْمَسْجِدِ يَنْتَظِرُ الصَّلاَةَ، مَا لَمْ يُحْدِثْ‏"‏‏.‏ فَقَالَ رَجُلٌ أَعْجَمِيٌّ مَا الْحَدَثُ يَا أَبَا هُرَيْرَةَ قَالَ الصَّوْتُ‏.‏ يَعْنِي الضَّرْطَةَ‏.‏‏১৭৬. ....আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ দ্বাৰা বর্ণিত, তেখেতে কৈছে, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে, “বান্দাই যিমান সময়লৈকে মছজিদত চালাতৰ অপেক্ষাত থাকে, তাৰ সেই সম্পূৰ্ণ সময়খিনি চালাতৰ মাজত গণ্য হয়, যেতিয়ালৈকে সি হাদাছ নকৰে।” এজন অনাৰব ব্যক্তিয়ে ক’লে, ‘হাদাছ কি, হে আবু হুৰাইৰাহ’? তেখেতে ক’লে, “শব্দ কৰি বায়ু বাহিৰ হোৱা।” (সংশ্লিষ্ট হাদীছসমূহঃ ৪৪৫, ৪৭৭, ৬৪৭, ৬৪৮, ৬৫৯, ২১১৯, ৩২২৯, ৪৭১৭ দ্ৰষ্টব্য) (আ.প্ৰ. ১৭১, ই.ফা. ১৭৬)
# হাদীছ - 177حَدَّثَنَا أَبُو الْوَلِيدِ، قَالَ حَدَّثَنَا ابْنُ عُيَيْنَةَ، عَنِ الزُّهْرِيِّ، عَنْ عَبَّادِ بْنِ تَمِيمٍ، عَنْ عَمِّهِ، عَنِ النَّبِيِّ صلى الله عليه وسلم قَالَ‏ "‏لاَ يَنْصَرِفْ حَتَّى يَسْمَعَ صَوْتًا أَوْ يَجِدَ رِيحًا‏"‏‏.‏১৭৭. ....‘আব্বাদ বিন তামীম (ৰাহিমাহুল্লাহ)-এ তেখেতৰ খুৰাকৰ সূত্রত বর্ণনা কৰিছে, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে, “(কোনো মুছল্লিয়ে) যেন চালাতৰ পৰা ওলায় নাযায়, যেতিয়ালৈকে সি শব্দ নুশুনে অথবা গোন্ধ নাপায়।” (সংশ্লিষ্ট হাদীছঃ ১৩৭) (আ.প্ৰ. ১৭২, ই.ফা. ১৭৭)
# হাদীছ - 178حَدَّثَنَا قُتَيْبَةُ بْنُ سَعِيدٍ، قَالَ حَدَّثَنَا جَرِيرٌ، عَنِ الأَعْمَشِ، عَنْ مُنْذِرٍ أَبِي يَعْلَى الثَّوْرِيِّ، عَنْ مُحَمَّدٍ ابْنِ الْحَنَفِيَّةِ، قَالَ قَالَ عَلِيٌّ كُنْتُ رَجُلاً مَذَّاءً، فَاسْتَحْيَيْتُ أَنْ أَسْأَلَ رَسُولَ اللَّهِ صلى الله عليه وسلم فَأَمَرْتُ الْمِقْدَادَ بْنَ الأَسْوَدِ فَسَأَلَهُ فَقَالَ "فِيهِ الْوُضُوءُ‏"‏‏.‏ وَرَوَاهُ شُعْبَةُ عَنِ الأَعْمَشِ‏.‏১৭৮. মুহাম্মদ ইবনুল হানফিয়্যাহ ৰাদ্বিয়াল্লাহু আনহুৰ দ্বাৰা বর্ণিত, তেখেতে কৈছে, ‘আলী ৰাদ্বিয়াল্লাহু আনহুৱে কৈছে, “মোৰ অধিক পৰিমাণে মযী ওলাইছিল। কিন্তু মই ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওচৰত এই বিষয়ে প্ৰশ্ন কৰিবলৈ লজ্জাবোধ কৰিছিলোঁ। সেয়ে মই মিকদাদ ইবনু আচওৱাদ ৰাদ্বিয়াল্লাহু আনহুক অনুৰোধ কৰিলোঁ, তেখেতে যেন আল্লাহৰ ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওচৰত প্ৰশ্ন কৰে। তেখেতে কৈছে, “এনেকুৱা হলে কেৱল অজু কৰিলেই যথেষ্ট হব।” হাদীছটো শ্বু’বা (ৰাহিমাহুল্লাহ)-এ আ’মাশ্ব (ৰাহিমাহুল্লাহ)-ৰ পৰা বর্ণনা কৰিছে। (সংশ্লিষ্ট হাদীছঃ ১৩২)(আ.প্ৰ. ১৭৩, ই.ফা. ১৭৮)
# হাদীছ - 179حَدَّثَنَا سَعْدُ بْنُ حَفْصٍ، حَدَّثَنَا شَيْبَانُ، عَنْ يَحْيَى، عَنْ أَبِي سَلَمَةَ، أَنَّ عَطَاءَ بْنَ يَسَارٍ، أَخْبَرَهُ أَنْ زَيْدَ بْنَ خَالِدٍ أَخْبَرَهُ أَنَّهُ، سَأَلَ عُثْمَانَ بْنَ عَفَّانَ ـ رضى الله عنه ـ قُلْتُ أَرَأَيْتَ إِذَا جَامَعَ فَلَمْ يُمْنِ قَالَ عُثْمَانُ يَتَوَضَّأُ كَمَا يَتَوَضَّأُ لِلصَّلاَةِ، وَيَغْسِلُ ذَكَرَهُ‏.‏ قَالَ عُثْمَانُ سَمِعْتُهُ مِنْ رَسُولِ اللَّهِ صلى الله عليه وسلم‏.‏ فَسَأَلْتُ عَنْ ذَلِكَ عَلِيًّا، وَالزُّبَيْرَ، وَطَلْحَةَ، وَأُبَىَّ بْنَ كَعْبٍ ـ رضى الله عنهم ـ فَأَمَرُوهُ بِذَلِكَ‏.‏‏১৭৯. ....যাইদ ইবনু খালিদ ৰাদ্বিয়াল্লাহু আনহুৰ দ্বাৰা বর্ণিত, তেখেতে ‘উচমান ইবনু ‘আফফান ৰাদ্বিয়াল্লাহু আনহুক প্ৰশ্ন কৰিলে, কোনোবাই যদি স্ত্ৰী-সহবাস কৰে, কিন্তু মনী (বীৰ্য) বাহিৰ নহয় (তেনেহ’লে তাৰ বিধান কি?) উচমান ৰাদ্বিয়াল্লাহু আনহুৱে ক’লে, সি অজু কৰি লব যেনেকৈ চালাতৰ বাবে অজু কৰে, আৰু তাৰ লজ্জাস্থান ধুই লব। উচমান ৰাদ্বিয়াল্লাহু আনহুৱে কৈছে, মই এই কথা ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৰা শুনিছোঁ। (যাইদে ক’লে) তাৰ পিছত মই এই সম্পর্কে ‘আলী ৰাদ্বিয়াল্লাহু আনহু, যুবাইৰ ৰাদ্বিয়াল্লাহু আনহু, তালহা ৰাদ্বিয়াল্লাহু আনহু আৰু উবাই ইবনু কা’ব ৰাদ্বিয়াল্লাহু আনহুক প্ৰশ্ন কৰিছোঁ। তেখেতসকলে মোক এই নির্দেশেই দিছে। [1] (সংশ্লিষ্ট হাদীছঃ ২৯২, মুছলিম ৩/২১, হাদীছ নং ৩৪৭, আহমাদ ৪৫৮) (আ.প্ৰ. ১৭৪, ই.ফা. ১৭৯)

[1] হাদীছসমূহৰ হুকুম মানচুখ হৈ গৈছে ইছলামৰ প্ৰাথমিক যুগত এইটো বৈধ আছিল পুৰুষাঙ্গৰ অগ্ৰভাগ সামান্যও যদি স্ত্ৰীৰ যোনীত প্ৰৱেশ কৰে, তেনেহলে বীৰ্যপাত হওক বা নহওক গোছল ফৰজ হৈ যাব

# হাদীছ - 180حَدَّثَنَا إِسْحَاقُ، قَالَ أَخْبَرَنَا النَّضْرُ، قَالَ أَخْبَرَنَا شُعْبَةُ، عَنِ الْحَكَمِ، عَنْ ذَكْوَانَ أَبِي صَالِحٍ، عَنْ أَبِي سَعِيدٍ الْخُدْرِيِّ، أَنَّ رَسُولَ اللَّهِ صلى الله عليه وسلم أَرْسَلَ إِلَى رَجُلٍ مِنَ الأَنْصَارِ فَجَاءَ وَرَأْسُهُ يَقْطُرُ، فَقَالَ النَّبِيُّ صلى الله عليه وسلم ‏"‏لَعَلَّنَا أَعْجَلْنَاكَ‏"‏‏.‏ فَقَالَ نَعَمْ‏.‏ فَقَالَ رَسُولُ اللَّهِ صلى الله عليه وسلم ‏"‏إِذَا أُعْجِلْتَ أَوْ قُحِطْتَ، فَعَلَيْكَ الْوُضُوءُ‏"‏‏.‏ تَابَعَهُ وَهْبٌ قَالَ حَدَّثَنَا شُعْبَةُ‏.‏ قَالَ أَبُو عَبْدِ اللَّهِ وَلَمْ يَقُلْ غُنْدَرٌ وَيَحْيَى عَنْ شُعْبَةَ الْوُضُوءُ‏.‏‏১৮০. ....আবু ছা’য়ীদ খুদৰী ৰাদ্বিয়াল্লাহু আনহুৰ দ্বাৰা বর্ণিতঃ ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে আনচাৰী এজনৰ ওচৰলৈ লোক এজনক পঠালে। তেওঁ আহিল। তেতিয়া তেওঁৰ মূৰৰ পৰা পানীৰ টোপাল পৰি আছিল। নবী চাল্লাল্লাহু আলাইহি অছাল্লামে ক’লে, ‘সম্ভৱতঃ মই তোমাক খৰধৰ কৰিবলৈ বাধ্য কৰিছোঁ।’ তেখেতে ক’লে, ‘হয়’। ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে ক’লে, যেতিয়া খৰধৰ কৰাৰ কাৰণে মনী (বীৰ্য) বাহিৰ নহয় (অথবা ক’লে), মনীৰ অভাৱজনিত কাৰণে বাহিৰ নহয় তেতিয়া তোমাৰ ওপৰত কেৱল অজু কৰা জৰুৰী। অহাব (ৰাহিমাহুল্লাহ)-এ কৈছে, শ্বু’বা (ৰাহিমাহুল্লাহে)- আমাক অনুৰূপ হাদীছ বর্ণনা কৰিছে। আবু আব্দুল্লাহ (ইমাম বুখাৰী ৰাহিমাহুল্লাহ)-এ কৈছে, গুনদাৰ (ৰাহিমাহুল্লাহে) আৰু ইয়াহ্ইয়া (ৰাহিমাহুল্লাহ)-এ শ্বু’বা (ৰাহিমাহুল্লাহ)-ৰ সূত্রত কৰা বর্ণনাত অজুৰ কথা উল্লেখ কৰা নাই। (মুছলিম ৩/২১, হাদীছ নং ৩৪৫, আহমাদ ১১১৬২,১১২০৭) (আ.প্ৰ. ১৭৫, ই.ফা. ১৮০)
পৰিচ্ছেদ: ৩৬, নিজৰ সঙ্গীক অজু কৰাই দিয়া।# হাদীছ - 181حَدَّثَنِي مُحَمَّدُ بْنُ سَلاَمٍ، قَالَ أَخْبَرَنَا يَزِيدُ بْنُ هَارُونَ، عَنْ يَحْيَى، عَنْ مُوسَى بْنِ عُقْبَةَ، عَنْ كُرَيْبٍ، مَوْلَى ابْنِ عَبَّاسٍ عَنْ أُسَامَةَ بْنِ زَيْدٍ، أَنَّ رَسُولَ اللَّهِ صلى الله عليه وسلم لَمَّا أَفَاضَ مِنْ عَرَفَةَ عَدَلَ إِلَى الشِّعْبِ، فَقَضَى حَاجَتَهُ‏.‏ قَالَ أُسَامَةُ بْنُ زَيْدٍ فَجَعَلْتُ أَصُبُّ عَلَيْهِ وَيَتَوَضَّأُ فَقُلْتُ يَا رَسُولَ اللَّهِ أَتُصَلِّي فَقَالَ‏ "الْمُصَلَّى أَمَامَكَ‏"‏‏.‏‏১৮১. ....উচামা ইবনু যাইদ ৰাদ্বিয়াল্লাহু আনহুৰ দ্বাৰা বর্ণিতঃ ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে যেতিয়া আৰাফাতৰ পৰা উভতিছিল, তেতিয়া তেখেতে এটা গিৰিপথৰ ফালে গৈ তেখেতৰ প্রাকৃতিক প্রয়োজন শেষ কৰি উভতি আহিল। উচামা ৰাদ্বিয়াল্লাহু আনহুৱে কৈছে, পিছত মই তেখেতক পানী ঢালি দিছিলোঁ আৰু তেখেতে অজু কৰিছিল। ইয়াৰ পিছত মই ক’লো, ইয়া ৰাছুলাল্লাহ! আপুনি চালাত আদায় কৰিব নেকি? তেখেতে ক’লে, ‘চালাতৰ স্থান তোমাৰ সন্মুখত।’ [অৰ্থাৎ মুযদালিফাত] (সংশ্লিষ্ট হাদীছঃ ১৩৯) (আ.প্ৰ. ১৭৬, ই.ফা. ১৮১)
# হাদীছ - 182حَدَّثَنَا عَمْرُو بْنُ عَلِيٍّ، قَالَ حَدَّثَنَا عَبْدُ الْوَهَّابِ، قَالَ سَمِعْتُ يَحْيَى بْنَ سَعِيدٍ، قَالَ أَخْبَرَنِي سَعْدُ بْنُ إِبْرَاهِيمَ، أَنَّ نَافِعَ بْنَ جُبَيْرِ بْنِ مُطْعِمٍ، أَخْبَرَهُ أَنَّهُ، سَمِعَ عُرْوَةَ بْنَ الْمُغِيرَةِ بْنِ شُعْبَةَ، يُحَدِّثُ عَنِ الْمُغِيرَةِ بْنِ شُعْبَةَ، أَنَّهُ كَانَ مَعَ رَسُولِ اللَّهِ صلى الله عليه وسلم فِي سَفَرٍ، وَأَنَّهُ ذَهَبَ لِحَاجَةٍ لَهُ، وَأَنَّ مُغِيرَةَ جَعَلَ يَصُبُّ الْمَاءَ عَلَيْهِ، وَهُوَ يَتَوَضَّأُ، فَغَسَلَ وَجْهَهُ وَيَدَيْهِ وَمَسَحَ بِرَأْسِهِ وَمَسَحَ عَلَى الْخُفَّيْنِ‏.‏‏১৮২. .... মুগীৰা ইবনু শ্বু’বা ৰাদ্বিয়াল্লাহু আনহুৰ দ্বাৰা বর্ণিতঃ তেখেতে কোনোবা এটা চফৰত ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ সঙ্গী আছিল। এটা সময়ত তেখেতে প্রাকৃতিক প্রয়োজন পূৰণ কৰিবলৈ গ’ল। (প্রয়োজন শেষ কৰি অহাৰ পিছত) মুগীৰাই তেখেতক পানী ঢালি দিছিল আৰু তেখেতে অজু কৰিছিল। তেখেতে তেখেতৰ মুখমণ্ডল আৰু দুই হাত ধুলে আৰু তেখেতৰ মূৰ মছেহ কৰিলে আৰু উভয় মোজাৰ ওপৰত মছেহ কৰিলে। (সংশ্লিষ্ট হাদীছসমূহঃ ২০৩, ২০৬, ৩৬৩, ৩৮৮, ২৯১৮, ৪৪২১, ৫৭৯৮, ৫৭৯৯; মুছলিম ২/২২, হাদীছ নং ২৭৪, আহমাদ ১৮১৮৪) (আ.প্ৰ. ১৭৭, ই.ফা. ১৮২)
পৰিচ্ছেদ: ৩৭, অজু নকৰাকৈ কুৰআন আদি পাঠ কৰা।وَقَالَ مَنْصُورٌ عَنْ إِبْرَاهِيمَ لاَ بَأْسَ بِالْقِرَاءَةِ فِي الْحَمَّامِ وَبِكَتْبِ الرِّسَالَةِ عَلَى غَيْرِ وُضُوءٍ وَقَالَ حَمَّادٌ عَنْ إِبْرَاهِيمَ إِنْ كَانَ عَلَيْهِمْ إِزَارٌ فَسَلِّمْ وَإِلاَّ فَلاَ تُسَلِّمْ.
মানুচুৰ ৰাহিমাহুল্লাহে ইব্ৰাহীম ৰাহিমাহুল্লাহৰ পৰা বৰ্ণনা কৰি কৈছে: বিনা অজুত গোছলখানাত (কোৰআন) পাঠ আৰু পত্ৰ লেখাত কোনো দোষ নাই। হাম্মাদ ৰাহিমাহুল্লাহে ইব্ৰাহীম ৰাহিমাহুল্লাহৰ পৰা বৰ্ণনা কৰিছে, গোছলখানাত থকা ব্যক্তিৰ পিন্ধনত কাপোৰ থাকিলে ছালাম দিবা, অন্যথা ছালাম নিদিবা।
# হাদীছ - 183إِسْمَاعِيلُ قَالَ حَدَّثَنِي مَالِكٌ عَنْ مَخْرَمَةَ بْنِ سُلَيْمَانَ عَنْ كُرَيْبٍ مَوْلَى ابْنِ عَبَّاسٍ أَنَّ عَبْدَ اللهِ بْنَ عَبَّاسٍ أَخْبَرَهُ أَنَّهُ بَاتَ لَيْلَةً عِنْدَ مَيْمُونَةَ زَوْجِ النَّبِيِّ صلى الله عليه وسلم وَهِيَ خَالَتُهُ فَاضْطَجَعْتُ فِي عَرْضِ الْوِسَادَةِ وَاضْطَجَعَ رَسُولُ اللهِ صلى الله عليه وسلم وَأَهْلُهُ فِي طُولِهَا فَنَامَ رَسُولُ اللهِ صلى الله عليه وسلم حَتَّى إِذَا انْتَصَفَ اللَّيْلُ أَوْ قَبْلَهُ بِقَلِيلٍ أَوْ بَعْدَهُ بِقَلِيلٍ اسْتَيْقَظَ رَسُولُ اللهِ صلى الله عليه وسلم فَجَلَسَ يَمْسَحُ النَّوْمَ عَنْ وَجْهِهِ بِيَدِهِ ثُمَّ قَرَأَ الْعَشْرَ الْآيَاتِ الْخَوَاتِمَ مِنْ سُورَةِ آلِ عِمْرَانَ ثُمَّ قَامَ إِلَى شَنٍّ مُعَلَّقَةٍ فَتَوَضَّأَ مِنْهَا فَأَحْسَنَ وُضُوءَهُ ثُمَّ قَامَ يُصَلِّي قَالَ ابْنُ عَبَّاسٍ فَقُمْتُ فَصَنَعْتُ مِثْلَ مَا صَنَعَ ثُمَّ ذَهَبْتُ فَقُمْتُ إِلَى جَنْبِهِ فَوَضَعَ يَدَهُ الْيُمْنَى عَلَى رَأْسِي وَأَخَذَ بِأُذُنِي الْيُمْنَى يَفْتِلُهَا فَصَلَّى رَكْعَتَيْنِ ثُمَّ رَكْعَتَيْنِ ثُمَّ رَكْعَتَيْنِ ثُمَّ رَكْعَتَيْنِ ثُمَّ رَكْعَتَيْنِ ثُمَّ رَكْعَتَيْنِ ثُمَّ أَوْتَرَ ثُمَّ اضْطَجَعَ حَتَّى أَتَاهُ الْمُؤَذِّنُ فَقَامَ فَصَلَّى رَكْعَتَيْنِ خَفِيفَتَيْنِ ثُمَّ خَرَجَ فَصَلَّى الصُّبْحَ.১৮৩. ....‘আব্দুল্লাহ ইবনু ‘আব্বাছ ৰাদ্বিয়াল্লাহু আনহুৰ দ্বাৰা বর্ণিতঃ তেখেতে এদিন নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ স্ত্রী মাইমুনা ৰাদ্বিয়াল্লাহু আনহাৰ ঘৰত ৰাতি কটায়। তেখেত আছিল ইবনু ‘আব্বাছ ৰাদ্বিয়াল্লাহু আনহুৰ মাহী। ইবনু ‘আব্বাছ ৰাদ্বিয়াল্লাহু আনহুৱে কৈছে, ইয়াৰ পিছত মই বিছনাত পথালিকৈ শয়ন কৰিলোঁ আৰু ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লাম আৰু তেখেতৰ স্ত্রীয়ে বিছনাৰ দীৰ্ঘ দিশে শয়ন কৰিলে; ইয়াৰ পিছত ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লাম টোপনি গল। এনেকৈ যেতিয়া আধা ৰাতি পাৰ হৈ গ’ল তাৰ কিছুসময় আগত নাইবা কিছুসময় পিছত ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে সাৰ পালে। তেখেতে বহি লৈ হাতেৰে তেখেতৰ মুখমণ্ডলৰ পৰা টোপনিৰ আৱেশ মচিবলৈ ধৰিলে। তাৰ পিছত ছুৰা আলে-ইমৰাণৰ শেষৰ দহ আয়াত পাঠ কৰিলে। ইয়াৰ পিছত থিয় হৈ এটা ওলমি থকা কলহৰ পৰা সুন্দৰভাৱে অজু কৰিলে। তাৰ পিছত চালাতত থিয় হ’ল। ইবনু ‘আব্বাছ ৰাদ্বিয়াল্লাহু আনহুৱে কৈছে, ময়ো উঠি তেখেতে যেনেকুৱা কৰিছিল তেনেকুৱা কৰিলোঁ। তাৰ পিছত গৈ তেখেতৰ বাওঁ-ফালে থিয় হ’লো। তেখেতে তেখেতৰ সোঁ-হাত মোৰ মূৰৰ ওপৰত ৰাখিলে আৰু মোৰ সোঁ-কাণত ধৰি অলপ লৰাই দিলে (আৰু তেখেতৰ), সোঁ-ফালে আনি থিয় কৰালে। তাৰ পিছত তেখেতে দুই ৰাক’আত চালাত আদায় কৰিলে। তাৰ পিছত দুই ৰাক’আত, তাৰ পিছত দুই ৰাক’আত, তাৰ পিছত দুই ৰাক’আত, তাৰ পিছত দুই ৰাক’আত, তাৰ পিছত দুই ৰাক’আত, তাৰ পিছত বিতৰ আদায় কৰিলে। তাৰ পিছত তেখেত শুই পৰিল। কিছুসময়ৰ পিছত তেখেতৰ ওচৰত মুৱাজ্জিন আহিল। ইয়াৰ পিছত তেখেতে থিয় হৈ চমুকৈ দুই ৰাক’আত চালাত আদায় কৰিলে। তাৰ পিছত ওলাই গৈ ফজৰৰ চালাত আদায় কৰিলে। (সংশ্লিষ্ট হাদীছঃ ১১৭; মুছলিম ৬/২৬, হাদীছ নং ৭৬৩) (আ.প্ৰ. ১৭৮, ই.ফা. ১৮৩)
পৰিচ্ছেদ: ৩৮, অচেতন নহ’লে অজু নকৰা।# হাদীছ - 184إِسْمَاعِيلُ قَالَ حَدَّثَنِي مَالِكٌ عَنْ هِشَامِ بْنِ عُرْوَةَ عَنْ امْرَأَتِهِ فَاطِمَةَ عَنْ جَدَّتِهَا أَسْمَاءَ بِنْتِ أَبِي بَكْرٍ أَنَّهَا قَالَتْ أَتَيْتُ عَائِشَةَ زَوْجَ النَّبِيِّ صلى الله عليه وسلم حِينَ خَسَفَتْ الشَّمْسُ فَإِذَا النَّاسُ قِيَامٌ يُصَلُّونَ وَإِذَا هِيَ قَائِمَةٌ تُصَلِّي فَقُلْتُ مَا لِلنَّاسِ فَأَشَارَتْ بِيَدِهَا نَحْوَ السَّمَاءِ وَقَالَتْ سُبْحَانَ اللهِ فَقُلْتُ آيَةٌ فَأَشَارَتْ أَيْ نَعَمْ فَقُمْتُ حَتَّى تَجَلَّانِي الْغَشْيُ وَجَعَلْتُ أَصُبُّ فَوْقَ رَأْسِي مَاءً فَلَمَّا انْصَرَفَ رَسُولُ اللهِ صلى الله عليه وسلم حَمِدَ اللهَ وَأَثْنَى عَلَيْهِ ثُمَّ قَالَ مَا مِنْ شَيْءٍ كُنْتُ لَمْ أَرَهُ إِلاَّ قَدْ رَأَيْتُهُ فِي مَقَامِي هَذَا حَتَّى الْجَنَّةَ وَالنَّارَ وَلَقَدْ أُوحِيَ إِلَيَّ أَنَّكُمْ تُفْتَنُونَ فِي الْقُبُورِ مِثْلَ أَوْ قَرِيبَ مِنْ فِتْنَةِ الدَّجَّالِ لاَ أَدْرِي أَيَّ ذَلِكَ قَالَتْ أَسْمَاءُ يُؤْتَى أَحَدُكُمْ فَيُقَالُ لَهُ مَا عِلْمُكَ بِهَذَا الرَّجُلِ فَأَمَّا الْمُؤْمِنُ أَوْ الْمُوقِنُ لاَ أَدْرِي أَيَّ ذَلِكَ قَالَتْ أَسْمَاءُ فَيَقُولُ هُوَ مُحَمَّدٌ رَسُولُ اللهِ صلى الله عليه وسلم جَاءَنَا بِالْبَيِّنَاتِ وَالْهُدَى فَأَجَبْنَا وَآمَنَّا وَاتَّبَعْنَا فَيُقَالُ لَهُ نَمْ صَالِحًا فَقَدْ عَلِمْنَا إِنْ كُنْتَ لَمُؤْمِنًا وَأَمَّا الْمُنَافِقُ أَوْ الْمُرْتَابُ لاَ أَدْرِي أَيَّ ذَلِكَ قَالَتْ أَسْمَاءُ فَيَقُولُ لاَ أَدْرِي سَمِعْتُ النَّاسَ يَقُولُونَ شَيْئًا فَقُلْتُهُ.১৮৪. .... আচমা বিনতু আবি বকৰ ৰাদ্বিয়াল্লাহু আনহুৰ দ্বাৰা বর্ণিতঃ মই এবাৰ নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ স্ত্রী ‘আইশ্বা ৰাদ্বিয়াল্লাহু আনহাৰ ওচৰলৈ আহিলোঁ। তেতিয়া সূর্যগ্রহণ লাগি আছিল। দেখিলোঁ সকলো মানুহে থিয় হৈ চালাত আদায় কৰিছে আৰু ‘আইশ্বা ৰাদ্বিয়াল্লাহু আনহাইও থিয় হৈ চালাত আদায় কৰিছে। মই প্ৰশ্ন কৰিলোঁ মানুহবোৰৰ কি হৈছে? তেখেতে তেখেতৰ হাতেৰে আকাশৰ ফালে ইঙ্গিত কৰি ক’লে, ‘চুবহান আল্লাহ্!’ মই ক’লো এইটো কিবা আলামত নেকি? তেখেতে ইঙ্গিত কৰি ক’লে, ‘হয়’। ইয়াৰ পিছত ময়ো চালাতত থিয় হ’লো। আনকি মোক সংজ্ঞাহীনতাই আচ্ছন্ন কৰি পেলালে আৰু মই মোৰ মূৰত পানী দিব ধৰিলোঁ। তাৰ পিছত ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে (মুছল্লিসকলৰ ফালে) উভতি আহি আল্লাহৰ প্রশংসা আৰু মহিমা বর্ণনা কৰি ক’লে, “যিবোৰ বস্তু মই ইতিপূর্বে দেখা নাই সেইবোৰ মোৰ এই ঠাইত মই দেখিবলৈ পাইছোঁ, আনকি জান্নাত আৰু জাহান্নামো। আৰু মোৰ ওচৰত অহী পঠোৱা হৈছে যে, কবৰত তোমালোকক পৰীক্ষা কৰা হ’ব দাজ্জালৰ ফিতনাৰ দৰে অথবা তেনেকুৱা আন কোনো ফিতনাৰ দৰে।” বর্ণনাকাৰীয়ে কৈছে, আচমা ৰাদ্বিয়াল্লাহু আনহাই কোনটো কৈছিল, মই নাজানোঁ। তোমালোকৰ প্রত্যেকৰে ওচৰত (ফিৰিস্তা) উপস্থিত হ’ব আৰু তেওঁক প্ৰশ্ন কৰা হ’ব, “এই ব্যক্তি সম্পর্কে তুমি কি জানা?”–তাৰ পিছত ‘মু’মিন, বা ‘মু’কিন’ ব্যক্তিয়ে কব- আচমাই ‘মুমিন’ বুলিছিল নে ‘মুকিন’ বুলিছিল সেইটো মোৰ মনত নাই - “এইজন মুহাম্মদুৰ ৰাছুলুল্লাহ। তেখেতে আমাৰ ওচৰলৈ মু’জিযা আৰু হিদায়ত লৈ আহিছিল। আমি তেখেতৰ কথাত সহাঁৰি দিছিলো, তেখেতৰ প্রতি ঈমান আনিছিলো আৰু তেখেতক অনুসৰণ কৰিছিলো।” তাৰ পিছত তেওঁক কোৱা হ’ব “নিশ্চিন্তমনে টোপনি যোৱা। আমি জানিলোঁ যে, তুমি মু’মিন আছিলা।” আৰু ‘মুনাফিক’ বা ‘মুৰতাবে’ কব,- “মই নাজানোঁ।” আচমাই ইয়াৰ মাজৰ কোনটো শব্দ কৈছিল সেইটো মই নাজানোঁ- লোকসকলক এই সম্পর্কে কিবা এটা কোৱা শুনিছিলো আৰু ময়ো তাকেই কৈছিলো। (সংশ্লিষ্ট হাদীছঃ ৮৬) (আ.প্ৰ. ১৭৯, ই.ফা. ১৮৪)
পৰিচ্ছেদ: ৩৯, সম্পূৰ্ণ মূৰ মছেহ কৰা।لِقَوْلِ اللهِ تَعَالَى )وَامْسَحُوا بِرُءُوسِكُمْ(
আল্লাহ তা‘আলাৰ এই বাণীৰ পৰিপ্ৰেক্ষিতত “আৰু তোমালোকৰ মূৰ মছেহ কৰা”। (ছুৰা আল-মায়িদাহ্ ৫:৬)
وَقَالَ ابْنُ الْمُسَيَّبِ الْمَرْأَةُ بِمَنْزِلَةِ الرَّجُلِ تَمْسَحُ عَلَى رَأْسِهَا وَسُئِلَ مَالِكٌ أَيُجْزِئُ أَنْ يَمْسَحَ بَعْضَ الرَّأْسِ فَاحْتَجَّ بِحَدِيثِ عَبْدِ اللهِ بْنِ زَيْدٍ.
ছায়ীদ ইবনুল মুচায়্যিব ৰাহিমাহুল্লাহে কৈছে, নাৰী-পুৰুষৰ মাজত মূৰ মছেহ কৰাৰ বিষয়ত কোনো পাৰ্থক্য নাই। ইমাম মালিক (ৰাহিমাহুল্লাহ)-ক প্ৰশ্ন কৰা হ’ল, মূৰৰ কিছু অংশ মছেহ কৰিলে হ’বনে? তেখেতে ‘আব্দুল্লাহ ইবনু যাইদ ৰাদ্বিয়াল্লাহু আনহুৰ হাদীছ দলিল হিচাপে দাঙি ধৰিলে।
# হাদীছ - 185حَدَّثَنَا عَبْدُ اللَّهِ بْنُ يُوسُفَ، قَالَ: أَخْبَرَنَا مَالِكٌ، عَنْ عَمْرِو بْنِ يَحْيَى المَازِنِيِّ، عَنْ أَبِيهِ، أَنَّ رَجُلًا، قَالَ لِعَبْدِ اللَّهِ بْنِ زَيْدٍ، وَهُوَ جَدُّ عَمْرِو بْنِ يَحْيَى أَتَسْتَطِيعُ أَنْ تُرِيَنِي، كَيْفَ كَانَ رَسُولُ اللَّهِ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ يَتَوَضَّأُ؟ فَقَالَ عَبْدُ اللَّهِ بْنُ زَيْدٍ: نَعَمْ، فَدَعَا بِمَاءٍ، فَأَفْرَغَ عَلَى يَدَيْهِ فَغَسَلَ مَرَّتَيْنِ، ثُمَّ مَضْمَضَ وَاسْتَنْثَرَ ثَلاَثًا، ثُمَّ غَسَلَ وَجْهَهُ ثَلاَثًا، ثُمَّ غَسَلَ يَدَيْهِ مَرَّتَيْنِ مَرَّتَيْنِ إِلَى المِرْفَقَيْنِ، ثُمَّ مَسَحَ رَأْسَهُ بِيَدَيْهِ، فَأَقْبَلَ بِهِمَا وَأَدْبَرَ، بَدَأَ بِمُقَدَّمِ رَأْسِهِ حَتَّى ذَهَبَ بِهِمَا إِلَى قَفَاهُ، ثُمَّ رَدَّهُمَا إِلَى المَكَانِ الَّذِي بَدَأَ مِنْهُ، ثُمَّ غَسَلَ رِجْلَيْهِ.১৮৫. ....ইয়াহয়া আল-মাযিনী (ৰাহিমাহুল্লাহ)-ৰ দ্বাৰা বর্ণিত, এজন ব্যক্তিয়ে ‘আব্দুল্লাহ ইবনু যাইদ ৰাদ্বিয়াল্লাহু আনহুক (তেখেত আছিল আমৰ ইবনু ইয়াহয়াৰ পিতামহ) প্ৰশ্ন কৰিলে, আপুনি আমাক দেখুৱাব পাৰিবনে, কেনেকৈ ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে অজু কৰিছিল? ‘আব্দুল্লাহ ইবনু যাইদ ৰাদ্বিয়াল্লাহু আনহুৱে ক’লে, ‘হয়।’ তাৰ পিছত তেখেতে পানী আনিবলৈ নিৰ্দেশ দিলে। হাতৰ ওপৰত সেই পানী ঢালি দুবাৰ তেখেতৰ হাত ধুলে। তাৰ পিছত কুল্লি কৰিলে আৰু তিনিবাৰ নাকত পানী দি নাক পৰিষ্কাৰ কৰিলে। ইয়াৰ পিছত মুখমণ্ডল তিনিবাৰ ধুলে। তাৰ পিছত দুই হাত কিলাকুটিলৈকে দুবাৰকৈ ধুলে। তাৰ পিছত দুয়োখন হাতেৰে মূৰ মছেহ কৰিলে। অর্থাৎ হাত দুখন সন্মুখৰ পৰা পিছলৈ নিলে। মূৰৰ সন্মুখ ভাগৰ পৰা আৰম্ভ কৰি উভয় হাত পিছফালে চুলিৰ শেষ প্ৰান্তলৈকে নিলে। তাৰ পিছত পুনৰ য’ৰ পৰা আৰম্ভ কৰিছিল, তালৈকে ওলোটাই আনিলে। তাৰ পিছত দুয়োখন ভৰি ধুলে। (সংশ্লিষ্ট হাদীছসমূহঃ ১৮৬, ১৯১, ১৯২, ১৯৭, ১৯৯; মুছলিম ২/৭, হাদীছ নং ২৩৫, আহমাদ ১৬৪৪৫) (আ.প্ৰ. ১৮০, ই.ফা. ১৮৫)
পৰিচ্ছেদ: ৪০, দুয়োখন ভৰিৰ সৰু গাঁঠিলৈকে ধোৱা।# হাদীছ - 186حَدَّثَنَا مُوسَى، قَالَ حَدَّثَنَا وُهَيْبٌ، عَنْ عَمْرٍو، عَنْ أَبِيهِ، شَهِدْتُ عَمْرَو بْنَ أَبِي حَسَنٍ سَأَلَ عَبْدَ اللَّهِ بْنَ زَيْدٍ عَنْ وُضُوءِ النَّبِيِّ، صلى الله عليه وسلم فَدَعَا بِتَوْرٍ مِنْ مَاءٍ، فَتَوَضَّأَ لَهُمْ وُضُوءَ النَّبِيِّ صلى الله عليه وسلم فَأَكْفَأَ عَلَى يَدِهِ مِنَ التَّوْرِ، فَغَسَلَ يَدَيْهِ ثَلاَثًا، ثُمَّ أَدْخَلَ يَدَهُ فِي التَّوْرِ، فَمَضْمَضَ وَاسْتَنْشَقَ وَاسْتَنْثَرَ ثَلاَثَ غَرَفَاتٍ، ثُمَّ أَدْخَلَ يَدَهُ فَغَسَلَ وَجْهَهُ ثَلاَثًا، ثُمَّ أَدْخَلَ يَدَهُ فَغَسَلَ يَدَيْهِ مَرَّتَيْنِ إِلَى الْمِرْفَقَيْنِ مَرَّتَيْنِ، ثُمَّ أَدْخَلَ يَدَهُ فَمَسَحَ رَأْسَهُ، فَأَقْبَلَ بِهِمَا وَأَدْبَرَ مَرَّةً وَاحِدَةً، ثُمَّ غَسَلَ رِجْلَيْهِ إِلَى الْكَعْبَيْنِ‏.‏‏১৮৬. ....‘আমৰ ইবনু আবি হাছান (ৰাহিমাহুল্লাহ)-ৰ দ্বাৰা বর্ণিতঃ তেখেতে ‘আব্দুল্লাহ ইবনু যাইদ ৰাদ্বিয়াল্লাহু আনহুক নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ অজু সম্পর্কে প্রশ্ন কৰিলে। তেতিয়া তেখেতে এটা পাত্ৰত পানী অনালে আৰু তেওঁলোকক (দেখুৱাবৰ) কাৰণে নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ নিচিনাকৈ অজু কৰিলে। তেখেতে পাত্রৰ পৰা দুয়োখন হাতত পানী ঢালিলে। তাৰ দ্বাৰা হাত দুখন তিনিবাৰ ধুলে। তাৰ পিছত পাত্রৰ মাজত হাত ভৰাই তিনি অঞ্জলি পানীৰে কুল্লি কৰিলে আৰু নাকত পানী দি নাক পৰিষ্কাৰ কৰিলে। তাৰ পিছত পুনৰ হাত ভৰালে। তিনিবাৰ তেখেতৰ মুখমণ্ডল ধুলে। তাৰ পিছত পুনৰ হাত ভৰাই (পানী লৈ) দুয়োখন হাত কিলাকুটিলৈকে দুবাৰ ধুলে। তাৰ পিছত পুনৰ হাত ভৰাই দুয়োখন হাতেৰে সন্মুখৰ পৰা আৰু পিছফালৰ পৰা এবাৰ মূৰ মছেহ কৰিলে। তাৰ পিছত দুয়োখন ভৰিৰ সৰু গাঁঠিৰ ওপৰলৈকে ধুলে। (সংশ্লিষ্ট হাদীছঃ ১৮৫) (আ.প্ৰ. ১৮১, ই.ফা. ১৮৬)
পৰিচ্ছেদ: ৪১, অজুৰ অৱশিষ্ট পানী ব্যৱহাৰ কৰা।وَأَمَرَ جَرِيرُ بْنُ عَبْدِ اللهِ أَهْلَهُ أَنْ يَتَوَضَّئُوا بِفَضْلِ سِوَاكِهِ.
জাবিৰ ইবনু ‘আব্দিল্লাহ ৰাদ্বিয়াল্লাহু আনহুৱে তেখেতৰ পৰিয়ালক মিছওৱাক ধোৱা অৱশিষ্ট পানীৰে অজু কৰিবলৈ নিৰ্দেশ দিছিল।
# হাদীছ - 187حَدَّثَنَا آدَمُ، قَالَ حَدَّثَنَا شُعْبَةُ، قَالَ حَدَّثَنَا الْحَكَمُ، قَالَ سَمِعْتُ أَبَا جُحَيْفَةَ، يَقُولُ خَرَجَ عَلَيْنَا رَسُولُ اللَّهِ صلى الله عليه وسلم بِالْهَاجِرَةِ، فَأُتِيَ بِوَضُوءٍ فَتَوَضَّأَ، فَجَعَلَ النَّاسُ يَأْخُذُونَ مِنْ فَضْلِ وَضُوئِهِ فَيَتَمَسَّحُونَ بِهِ، فَصَلَّى النَّبِيُّ صلى الله عليه وسلم الظُّهْرَ رَكْعَتَيْنِ وَالْعَصْرَ رَكْعَتَيْنِ، وَبَيْنَ يَدَيْهِ عَنَزَةٌ‏.‏‏১৮৭. .... আবু জুহাইফাহ ৰাদ্বিয়াল্লাহু আনহুৰ দ্বাৰা বর্ণিতঃ তেখেতে কৈছে, এদিনাখন দুপৰীয়া ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লাম আমাৰ ওচৰলৈ আহিল। তেখেতক অজুৰ পানী আনি দিয়াত তেখেতে অজু কৰিলে। সকলোৱে তেখেতৰ অজুৰ ব্যৱহৃত পানী লৈ গাত সানিব ধৰিলে। ইয়াৰ পিছত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে যোহৰৰ দুই ৰাক’আত আৰু আচৰৰ দুই ৰাক’আত চালাত আদায় কৰিলে। আৰু তেখেতৰ সন্মুখত আছিল এডাল লাঠি। (সংশ্লিষ্ট হাদীছসমূহঃ ৩৭৬, ৪৯৫, ৪৯৯, ৫০১, ৬৩৩, ৬৩৪, ৩৫৫৩, ৩৫৬৬, ৫৭৮৬, ৫৮৫৯) (আ.প্ৰ. ১৮২, ই.ফা. ১৮৭)
# হাদীছ - 188وَقَالَ أَبُو مُوسَى دَعَا النَّبِيُّ صلى الله عليه وسلم بِقَدَحٍ فِيهِ مَاءٌ، فَغَسَلَ يَدَيْهِ وَوَجْهَهُ فِيهِ، وَمَجَّ فِيهِ ثُمَّ قَالَ لَهُمَا اشْرَبَا مِنْهُ، وَأَفْرِغَا عَلَى وُجُوهِكُمَا وَنُحُورِكُمَا‏.‏‏১৮৮. ....আবু মুছা ৰাদ্বিয়াল্লাহু আনহুৱে কৈছে, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে এটা পানীৰ পাত্র অনালে। তাৰ পিছত তেখেতে তাৰ মাজত উভয় হাত আৰু মুখমণ্ডল ধুলে আৰু তাৰ দ্বাৰা কুল্লি কৰিলে। তাৰ পিছত তেওঁলোকৰ দুজনক [আবু মুছা ৰাদ্বিয়াল্লাহু আনহু আৰু বিলাল ৰাদ্বিয়াল্লাহু আনহুক] ক’লে, ‘তোমালোকে ইয়াৰ পৰা পান কৰা আৰু তোমালোকৰ মুখমণ্ডল আৰু বুকুত ঢালি লোৱা।’ (সংশ্লিষ্ট হাদীছসমূহঃ ১৯৬, ৪৩২৮; মুছলিম ৪/৪৭, হাদীছ নং ৫০৩, আহমাদ ১৮৭৬৯, ১৮৭৮২) (আ.প্ৰ. ১৮২ শেষাংশ, ই.ফা. ১৮৭ শেষাংশ)
# হাদীছ - 189حَدَّثَنَا عَلِيُّ بْنُ عَبْدِ اللَّهِ، قَالَ حَدَّثَنَا يَعْقُوبُ بْنُ إِبْرَاهِيمَ بْنِ سَعْدٍ، قَالَ حَدَّثَنَا أَبِي، عَنْ صَالِحٍ، عَنِ ابْنِ شِهَابٍ، قَالَ أَخْبَرَنِي مَحْمُودُ بْنُ الرَّبِيعِ، قَالَ وَهُوَ الَّذِي مَجَّ رَسُولُ اللَّهِ صلى الله عليه وسلم فِي وَجْهِهِ وَهْوَ غُلاَمٌ مِنْ بِئْرِهِمْ‏.‏ وَقَالَ عُرْوَةُ عَنِ الْمِسْوَرِ وَغَيْرِهِ يُصَدِّقُ كُلُّ وَاحِدٍ مِنْهُمَا صَاحِبَهُ وَإِذَا تَوَضَّأَ النَّبِيُّ صلى الله عليه وسلم كَادُوا يَقْتَتِلُونَ عَلَى وَضُوئِهِ‏.‏‏১৮৯. ....মাহমুদ ইবনুৰ-ৰবী (ৰাদ্বিয়াল্লাহু আনহু)-ৰ দ্বাৰা বৰ্ণিত, বর্ণনাকাৰীয়ে কৈছে, তেৱেঁই সেই ব্যক্তি, যাৰ মুখমণ্ডলত ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে তেওঁলোকৰ কুঁৱাৰ পৰা পানী লৈ কুল্লিৰ পানী দিছিল। তেওঁ তেতিয়া বালক আছিল। ‘উৰওৱা (ৰাহিমাহুল্লাহ)-এ মিছওৱাৰ (ৰাহিমাহুল্লাহ) প্রমুখৰ ওচৰৰ পৰা হাদীছ বর্ণনা কৰিছে। এই উভয় বর্ণনাই এটাই আনটোৰ সত্যায়ন স্বৰূপ। নবী চাল্লাল্লাহু আলাইহি অছাল্লামে যেতিয়া অজু কৰিছিল তেতিয়া তেখেতৰ ব্যৱহৃত পানীৰ ওপৰত তেওঁলোকে (চাহাবায়ে কিৰামে) যেন হামখুৰি খাই পৰিছিল। (সংশ্লিষ্ট হাদীছসমূহঃ ১৯৬, ৪৩২৮ দ্ৰষ্টব্য) (আ.প্ৰ. ১৮৩ কিন্তু প্ৰথমাংশ নাই, ই.ফা. ১৮৮)
পৰিচ্ছেদঃ ৪২# হাদীছ - 190حَدَّثَنَا عَبْدُ الرَّحْمَنِ بْنُ يُونُسَ، قَالَ حَدَّثَنَا حَاتِمُ بْنُ إِسْمَاعِيلَ، عَنِ الْجَعْدِ، قَالَ سَمِعْتُ السَّائِبَ بْنَ يَزِيدَ، يَقُولُ ذَهَبَتْ بِي خَالَتِي إِلَى النَّبِيِّ صلى الله عليه وسلم فَقَالَتْ يَا رَسُولَ اللَّهِ، إِنَّ ابْنَ أُخْتِي وَجِعٌ‏.‏ فَمَسَحَ رَأْسِي وَدَعَا لِي بِالْبَرَكَةِ، ثُمَّ تَوَضَّأَ فَشَرِبْتُ مِنْ وَضُوئِهِ، ثُمَّ قُمْتُ خَلْفَ ظَهْرِهِ، فَنَظَرْتُ إِلَى خَاتَمِ النُّبُوَّةِ بَيْنَ كَتِفَيْهِ مِثْلِ زِرِّ الْحَجَلَةِ‏.‏‏১৯০. .... চায়িব ইবনু ইয়াযীদ ৰাদ্বিয়াল্লাহু আনহুৱে কৈছে, মোৰ মাহীয়ে মোক লৈ নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওচৰত উপস্থিত হৈ ক’লে, ‘হে আল্লাহৰ ৰাছুল! মোৰ ভাগিন অসুস্থ’। তেখেতে মোৰ মূৰত হাত বুলালে আৰু বৰকতৰ দু’আ কৰিলে। তাৰ পিছত অজু কৰিলে। মই তেখেতৰ অজুৰ (অৱশিষ্ট) পানী পান কৰিলোঁ। তাৰ পিছত তেখেতৰ পিছত থিয় হ’লো। তেতিয়া মই তেখেতৰ উভয় কান্ধৰ মধ্যস্থলত মোহৰে নুবুওৱাত দেখা পালোঁ। সেইটো আছিল পৰ্দাৰ বুটামৰ দৰে। (সংশ্লিষ্ট হাদীছসমূহঃ ৩৫৪০, ৩৫৪১, ৫৬৭০, ৬৩৫২; মুছলিম ৪৩/৩০, হাদীছ নং ২৩৪৫) (আ.প্ৰ. ১৮৪, ই.ফা. ১৮৯)
পৰিচ্ছেদ: ৪৩, এক অঞ্জলি পানীৰে কুল্লি কৰা আৰু নাকত পানী দিয়া।# হাদীছ - 191حَدَّثَنَا مُسَدَّدٌ، قَالَ حَدَّثَنَا خَالِدُ بْنُ عَبْدِ اللَّهِ، قَالَ حَدَّثَنَا عَمْرُو بْنُ يَحْيَى، عَنْ أَبِيهِ، عَنْ عَبْدِ اللَّهِ بْنِ زَيْدٍ، أَنَّهُ أَفْرَغَ مِنَ الإِنَاءِ عَلَى يَدَيْهِ فَغَسَلَهُمَا، ثُمَّ غَسَلَ أَوْ مَضْمَضَ، وَاسْتَنْشَقَ مِنْ كَفَّةٍ وَاحِدَةٍ، فَفَعَلَ ذَلِكَ ثَلاَثًا، فَغَسَلَ يَدَيْهِ إِلَى الْمِرْفَقَيْنِ مَرَّتَيْنِ مَرَّتَيْنِ، وَمَسَحَ بِرَأْسِهِ مَا أَقْبَلَ وَمَا أَدْبَرَ، وَغَسَلَ رِجْلَيْهِ إِلَى الْكَعْبَيْنِ، ثُمَّ قَالَ هَكَذَا وُضُوءُ رَسُولِ اللَّهِ صلى الله عليه وسلم‏.‏‏১৯১. ....‘আব্দুল্লাহ ইবনু যাইদ ৰাদ্বিয়াল্লাহু আনহুৰ দ্বাৰা বৰ্ণিত, এবাৰ তেখেতে পাত্রৰ পৰা উভয় হাতত পানী ঢালি দুই হাত ধুই ললে। তাৰ পিছত এক অঞ্জলি পানীৰে (মুখ) ধুলে বা কুল্লি কৰিলে আৰু নাকত পানী দিলে। তিনিবাৰ এনেকুৱা কৰিলে। তাৰ পিছত দুই হাত কিলাকুটিলৈকে দুবাৰকৈ ধুলে আৰু মূৰৰ সন্মুখৰ পিছৰ উভয় অংশ মছেহ কৰিলে, আৰু ভৰিৰ সৰুগাঁঠিৰ ওপৰলৈকে দুয়োখন ভৰি ধুলে। ইয়াৰ পিছত ক’লে “ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ অজু এনেকুৱা আছিল।” (সংশ্লিষ্ট হাদীছঃ ১৮৫) (আ.প্ৰ. ১৮৫, ই.ফা. ১৯০)
পৰিচ্ছেদ: ৪৪ এবাৰ মূৰ মছেহ কৰা।# হাদীছ - 192حَدَّثَنَا سُلَيْمَانُ بْنُ حَرْبٍ، قَالَ حَدَّثَنَا وُهَيْبٌ، قَالَ حَدَّثَنَا عَمْرُو بْنُ يَحْيَى، عَنْ أَبِيهِ، قَالَ شَهِدْتُ عَمْرَو بْنَ أَبِي حَسَنٍ سَأَلَ عَبْدَ اللَّهِ بْنَ زَيْدٍ عَنْ وُضُوءِ النَّبِيِّ، صلى الله عليه وسلم فَدَعَا بِتَوْرٍ مِنْ مَاءٍ، فَتَوَضَّأَ لَهُمْ، فَكَفَأَ عَلَى يَدَيْهِ فَغَسَلَهُمَا ثَلاَثًا، ثُمَّ أَدْخَلَ يَدَهُ فِي الإِنَاءِ، فَمَضْمَضَ وَاسْتَنْشَقَ، وَاسْتَنْثَرَ ثَلاَثًا بِثَلاَثِ غَرَفَاتٍ مِنْ مَاءٍ، ثُمَّ أَدْخَلَ يَدَهُ فِي الإِنَاءِ، فَغَسَلَ وَجْهَهُ ثَلاَثًا، ثُمَّ أَدْخَلَ يَدَهُ فِي الإِنَاءِ، فَغَسَلَ يَدَيْهِ إِلَى الْمِرْفَقَيْنِ مَرَّتَيْنِ مَرَّتَيْنِ، ثُمَّ أَدْخَلَ يَدَهُ فِي الإِنَاءِ، فَمَسَحَ بِرَأْسِهِ فَأَقْبَلَ بِيَدَيْهِ وَأَدْبَرَ بِهِمَا، ثُمَّ أَدْخَلَ يَدَهُ فِي الإِنَاءِ فَغَسَلَ رِجْلَيْهِ‏.‏ وَحَدَّثَنَا مُوسَى قَالَ حَدَّثَنَا وُهَيْبٌ قَالَ مَسَحَ رَأْسَهُ مَرَّةً‏.‏‏১৯২. ....ইয়াহ-ইয়া (ৰাহিমাহুল্লাহ)-ৰ দ্বাৰা বর্ণিত, তেখেতে কৈছে, ‘মই এদিন ‘আম্ৰ ইবনু আবি হাছান ৰাদ্বিয়াল্লাহু আনহুৰ কাষত উপস্থিত আছিলোঁ। তেখেতে ‘আব্দুল্লাহ ইবনু যাইদ ৰাদ্বিয়াল্লাহু আনহুক নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ অজু সম্পৰ্কে প্ৰশ্ন কৰিলে। তাৰ পিছত তেখেতে পানীৰ এটা পাত্র অনালে আৰু অজু কৰি তেওঁলোকক দেখুৱালে। তেখেতে পাত্রটো কাতি কৰি উভয় হাতৰ ওপৰত পানী ঢালি তিনিবাৰ হাত দুখন ধুই পেলালে। তাৰ পিছত পাত্রৰ মাজত হাত ভৰালে আৰু তিনি অঞ্জলি পানীৰে তিনিবাৰকৈ কুল্লি কৰিলে আৰু নাকত পানী দি নাক পৰিষ্কাৰ কৰিলে। তাৰ পিছত পুনৰ পাত্রৰ মাজত হাত ভৰাই তিনিবাৰ মুখমণ্ডল ধুলে। তাৰ পিছত পুনৰ পাত্ৰৰ মাজত হাত ভৰাই উভয় হাত কিলাকুটিলৈকে দুবাৰ ধুলে। তাৰ পিছত পুনৰ পাত্ৰৰ মাজত হাত ভৰাই তেখেতৰ মূৰটো হাতেৰে সন্মুখৰ পৰা পিছফাল লৈকে মছেহ কৰিলে। তাৰ পিছত পুনৰাই পাত্ৰৰ মাজত তেখেতৰ হাত ভৰাই দুয়োখন ভৰি ধুলে। (আ.প্ৰ. ১৮৬, ই.ফা. ১৯১)
উহাইব (ৰাহিমাহুল্লাহ)-ৰ সুত্রত মুছা (ৰাহিমাহুল্লাহ)-এ বর্ণনা কৰি কৈছে যে, মূৰ এবাৰ মছেহ কৰিছে। (সংশ্লিষ্ট হাদীছঃ ১৮৫) (ই.ফা. ১৯২)
পৰিচ্ছেদ: ৪৫ নিজৰ স্ত্ৰীৰ লগত অজু কৰা আৰু স্ত্ৰীৰ অজুৰ অৱশিষ্ট পানী ব্যৱহাৰ কৰা।وَتَوَضَّأَ عُمَرُ بِالْحَمِيمِ وَمِنْ بَيْتِ نَصْرَانِيَّةٍ.
‘ওমৰ ৰাদ্বিয়াল্লাহু আনহুৱে গৰম পানীৰে আৰু খৃষ্টান মহিলাৰ ঘৰৰ পানীৰেও অজু কৰিছে।
# হাদীছ - 193حَدَّثَنَا عَبْدُ اللَّهِ بْنُ يُوسُفَ، قَالَ أَخْبَرَنَا مَالِكٌ، عَنْ نَافِعٍ، عَنْ عَبْدِ اللَّهِ بْنِ عُمَرَ، أَنَّهُ قَالَ كَانَ الرِّجَالُ وَالنِّسَاءُ يَتَوَضَّئُونَ فِي زَمَانِ رَسُولِ اللَّهِ صلى الله عليه وسلم جَمِيعًا‏.‏‏১৯৩. ....ইবনু ‘ওমৰ ৰাদ্বিয়াল্লাহু আনহুৰ দ্বাৰা বর্ণিত, তেখেতে কৈছে, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ সময়ত পুৰুষ আৰু মহিলাই একেলগে (এটা পাত্ৰৰ পৰা) অজু কৰিছিল। (আ.প্ৰ. ১৮৭, ই.ফা. ১৯৩)
পৰিচ্ছেদ: ৪৬, অচেতন ব্যক্তিৰ গাত নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ অজুৰ পানী ছটিয়াই দিয়া।# হাদীছ - 194حَدَّثَنَا أَبُو الْوَلِيدِ، قَالَ حَدَّثَنَا شُعْبَةُ، عَنْ مُحَمَّدِ بْنِ الْمُنْكَدِرِ، قَالَ سَمِعْتُ جَابِرًا، يَقُولُ جَاءَ رَسُولُ اللَّهِ صلى الله عليه وسلم يَعُودُنِي، وَأَنَا مَرِيضٌ لاَ أَعْقِلُ، فَتَوَضَّأَ وَصَبَّ عَلَىَّ مِنْ وَضُوئِهِ، فَعَقَلْتُ فَقُلْتُ يَا رَسُولَ اللَّهِ لِمَنِ الْمِيرَاثُ إِنَّمَا يَرِثُنِي كَلاَلَةٌ‏.‏ فَنَزَلَتْ آيَةُ الْفَرَائِضِ‏.১৯৪. ....জাবিৰ ৰাদ্বিয়াল্লাহু আনহুৰ দ্বাৰা বর্ণিত, তেখেতে কৈছে মোৰ অসুস্থ অৱস্থাত এবাৰ ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে মোৰ খা-খবৰ লবলৈ আহিল। মই তেতিয়া ইমানেই অসুস্থ আছিলোঁ যে মোৰ জ্ঞান নাছিল। তাৰ পিছত তেখেতে অজু কৰিলে আৰু তেখেতৰ অজুৰ পানী মোৰ ওপৰত ছটিয়াই দিলে। তেতিয়া মোৰ জ্ঞান উভতি আহিল। মই ক’লো, ইয়া ৰাছুলাল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লাম! (মোৰ) ‘মীৰাছ’ কোনে পাব? মোৰ একমাত্র ওৱাৰিছ হ’ল কালালা (অর্থাৎ পিতা-মাতা আৰু সন্তান-সন্ততিৰ বাহিৰে অন্যসকল)। তেতিয়া ফাৰায়েয (উত্তৰাধিকাৰ)ৰ আয়াত অৱতীৰ্ণ হ’ল। (সংশ্লিষ্ট হাদীছসমূহঃ ৪৫৭৭, ৫৬৫১, ৫৬৬৪, ৫৬৭৬, ৫৭২৩, ৬৭২৩, ৬৭৪৩, ৭৩০৯ দ্ৰষ্টব্য) (আ.প্ৰ. ১৮৮, ই.ফা. ১৯৪)
পৰিচ্ছেদ: ৪৭, গামলা, কাঠ আৰু শিলৰ পাত্ৰত অজু-গোছল কৰা।# হাদীছ - 195حَدَّثَنَا عَبْدُ اللَّهِ بْنُ مُنِيرٍ، سَمِعَ عَبْدَ اللَّهِ بْنَ بَكْرٍ، قَالَ حَدَّثَنَا حُمَيْدٌ، عَنْ أَنَسٍ، قَالَ حَضَرَتِ الصَّلاَةُ، فَقَامَ مَنْ كَانَ قَرِيبَ الدَّارِ إِلَى أَهْلِهِ، وَبَقِيَ قَوْمٌ، فَأُتِيَ رَسُولُ اللَّهِ صلى الله عليه وسلم بِمِخْضَبٍ مِنْ حِجَارَةٍ فِيهِ مَاءٌ، فَصَغُرَ الْمِخْضَبُ أَنْ يَبْسُطَ فِيهِ كَفَّهُ، فَتَوَضَّأَ الْقَوْمُ كُلُّهُمْ. قُلْنَا كَمْ كُنْتُمْ قَالَ ثَمَانِينَ وَزِيَادَةً.১৯৫. ....আনাছ ৰাদ্বিয়াল্লাহু আনহুৰ দ্বাৰা বর্ণিত, তেখেতে কৈছে, এবাৰ চালাতৰ সময় উপস্থিত হোৱাত যিসকলৰ ঘৰ ওচৰত আছিল তেওঁলোকে (অজু কৰাৰ কাৰণে) ঘৰলৈ গুচি গ’ল। আৰু কেইজনমান লোক থাকি গ’ল (তেওঁলোকৰ কাৰণে অজুৰ কোনো ব্যৱস্থা নাছিল)। তেতিয়া ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ কাষলৈ এটা শিলৰ পাত্রত পানী অনা হ’ল। পাত্রটো ইমান সৰু আছিল যে, তাৰ মাজত তেখেতৰ উভয় হাত মেলি দিয়াটো সম্ভৱ নাছিল। তাৰ পৰাই সকলো লোকে অজু কৰিলে। মই প্ৰশ্ন কৰিলোঁ, ‘আপোনালোক কিমানজন আছিল?’ তেখেতে ক’লে, ‘আশী জন বা তাতোকৈ অধিক।’ (সংশ্লিষ্ট হাদীছঃ ১৬৯) (আ.প্ৰ. ১৮৯, ই.ফা. ১৯৫)
# হাদীছ - 196حَدَّثَنَا مُحَمَّدُ بْنُ الْعَلاَءِ، قَالَ حَدَّثَنَا أَبُو أُسَامَةَ، عَنْ بُرَيْدٍ، عَنْ أَبِي بُرْدَةَ، عَنْ أَبِي مُوسَى، أَنَّ النَّبِيَّ صلى الله عليه وسلم دَعَا بِقَدَحٍ فِيهِ مَاءٌ، فَغَسَلَ يَدَيْهِ وَوَجْهَهُ فِيهِ وَمَجَّ فِيهِ‏.১৯৬. .... আবু মুছা ৰাদ্বিয়াল্লাহু আনহুৰ দ্বাৰা বর্ণিত, এবাৰ নবী চাল্লাল্লাহু আলাইহি অছাল্লামে এটা পানী ভর্তি পাত্র অনালে। তাতে তেখেতৰ উভয় হাত আৰু মুখমণ্ডল ধুলে আৰু কুল্লি কৰিলে। (আ.প্ৰ. ১৯০)
# হাদীছ - 197حَدَّثَنَا أَحْمَدُ بْنُ يُونُسَ، قَالَ حَدَّثَنَا عَبْدُ الْعَزِيزِ بْنُ أَبِي سَلَمَةَ، قَالَ حَدَّثَنَا عَمْرُو بْنُ يَحْيَى، عَنْ أَبِيهِ، عَنْ عَبْدِ اللَّهِ بْنِ زَيْدٍ، قَالَ أَتَى رَسُولُ اللَّهِ صلى الله عليه وسلم فَأَخْرَجْنَا لَهُ مَاءً فِي تَوْرٍ مِنْ صُفْرٍ فَتَوَضَّأَ، فَغَسَلَ وَجْهَهُ ثَلاَثًا وَيَدَيْهِ مَرَّتَيْنِ مَرَّتَيْنِ، وَمَسَحَ بِرَأْسِهِ فَأَقْبَلَ بِهِ وَأَدْبَرَ، وَغَسَلَ رِجْلَيْهِ১৯৭. ....‘আব্দুল্লাহ ইবনু যাইদ ৰাদ্বিয়াল্লাহু আনহুৱে কৈছে, এবাৰ ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লাম আমাৰ ইয়ালৈ আহিল। আমি তেখেতক পিতলৰ এটা পাত্রত পানী দিলোঁ। তেখেতে সেই পানীৰে অজু কৰিলে। তেখেতৰ মুখমণ্ডল তিনিবাৰ আৰু উভয় হাত দুবাৰকৈ ধুলে আৰু তেখেতৰ হাত সন্মুখলৈ আৰু পিছফাললৈ আনি মূৰ মছেহ কৰিলে আৰু দুয়োখন ভৰি ধুলে। (সংশ্লিষ্ট হাদীছঃ ১৮৫) (আ,প্ৰ. ১৯১, ই.ফা. ১৯৬)
# হাদীছ - 198حَدَّثَنَا أَبُو الْيَمَانِ، قَالَ أَخْبَرَنَا شُعَيْبٌ، عَنِ الزُّهْرِيِّ، قَالَ أَخْبَرَنِي عُبَيْدُ اللَّهِ بْنُ عَبْدِ اللَّهِ بْنِ عُتْبَةَ، أَنَّ عَائِشَةَ، قَالَتْ لَمَّا ثَقُلَ النَّبِيُّ صلى الله عليه وسلم وَاشْتَدَّ بِهِ وَجَعُهُ، اسْتَأْذَنَ أَزْوَاجَهُ فِي أَنْ يُمَرَّضَ فِي بَيْتِي، فَأَذِنَّ لَهُ، فَخَرَجَ النَّبِيُّ صلى الله عليه وسلم بَيْنَ رَجُلَيْنِ تَخُطُّ رِجْلاَهُ فِي الأَرْضِ بَيْنَ عَبَّاسٍ وَرَجُلٍ آخَرَ‏.‏ قَالَ عُبَيْدُ اللَّهِ فَأَخْبَرْتُ عَبْدَ اللَّهِ بْنَ عَبَّاسٍ فَقَالَ أَتَدْرِي مَنِ الرَّجُلُ الآخَرُ قُلْتُ لاَ‏.‏ قَالَ هُوَ عَلِيٌّ‏.‏ وَكَانَتْ عَائِشَةُ ـ رضى الله عنها ـ تُحَدِّثُ أَنَّ النَّبِيَّ صلى الله عليه وسلم قَالَ بَعْدَ مَا دَخَلَ بَيْتَهُ وَاشْتَدَّ وَجَعُهُ ‏ "‏هَرِيقُوا عَلَىَّ مِنْ سَبْعِ قِرَبٍ، لَمْ تُحْلَلْ أَوْكِيَتُهُنَّ، لَعَلِّي أَعْهَدُ إِلَى النَّاسِ‏"‏‏.‏ وَأُجْلِسَ فِي مِخْضَبٍ لِحَفْصَةَ زَوْجِ النَّبِيِّ صلى الله عليه وسلم، ثُمَّ طَفِقْنَا نَصُبُّ عَلَيْهِ تِلْكَ حَتَّى طَفِقَ يُشِيرُ إِلَيْنَا أَنْ قَدْ فَعَلْتُنَّ، ثُمَّ خَرَجَ إِلَى النَّاسِ‏.১৯৮. ....‘আইশ্বা ৰাদ্বিয়াল্লাহু আনহাই কৈছে, নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ ৰোগ যন্ত্রণা বৃদ্ধি পোৱাত তেখেতে মোৰ ঘৰত শুশ্রূষাৰ কাৰণে তেখেতৰ স্ত্ৰীসকলৰ ওচৰত অনুমতি বিচাঁৰিলে। তেওঁলোকে অনুমতি দিয়াত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে (মোৰ ঘৰলৈ অহাৰ কাৰণে) দুজন ব্যক্তিৰ ওপৰত ভৰ দি ওলাই আহিল আৰু তেখেতৰ ভৰি দুখনে তেতিয়া মাটিত চিন ৰাখি গৈছিল। তেখেতে ‘আব্বাছ ৰাদ্বিয়াল্লাহু আনহু আৰু আন এজন ব্যক্তিৰ মাজত আছিল। ‘উবাইদুল্লাহ (ৰাহিমাহুল্লাহ)-এ কৈছে, মই ‘আব্দুল্লাহ ইবনু ‘আব্বাছ ৰাদ্বিয়াল্লাহু আনহুক এই কথা অৱগত কৰিলোঁ। তেখেতে ক’লে, সেই অইন ব্যক্তিজন কোন আছিল সেইটো তুমি জানানে? মই ক’লো, নাজানোঁ। তেখেতে ক’লে, তেখেত হৈছে ‘আলী ইবনু আবি তালিব ৰাদ্বিয়াল্লাহু আনহু। ‘আইশ্বা ৰাদ্বিয়াল্লাহু আনহাই বর্ণনা কৰিছে যে, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে তেখেতৰ ঘৰলৈ অহাৰ পিছত অসুস্থতা আৰু বৃদ্ধি পালে। তেখেতে ক’লে, ‘তোমালোকে মোৰ ওপৰত মুখৰ বান্ধ নোখোলা এনেকুৱা সাতটা কলহৰ পানী ঢালি দিয়া, তেনেহ’লে হয়তো মই মানুহক কিছুমান উপদেশ দিব পাৰিম।’ তেখেতক তেখেতৰ স্ত্ৰী হাফছা ৰাদ্বিয়াল্লাহু আনহাৰ এটা ডাঙৰ পাত্রৰ মাজত বহুৱাই দিয়া হ’ল। তাৰ পিছত আমি তেখেতৰ ওপৰত সেই সাত কলহ পানী ঢালিবলৈ আৰম্ভ কৰিলোঁ। এনেদৰে ঢলাৰ পিছত এটা সময়ত তেখেতে আমাৰ প্রতি ইঙ্গিত কৰিলে, (এতিয়া ৰ’বা) তোমালোকে তোমালোকৰ কাম কৰিছাঁ। ইয়াৰ পিছত তেখেতে ওলাই গৈ জনগণৰ ওচৰ পালে। (সংশ্লিষ্ট হাদীছসমূহঃ ৬৬৪, ৬৬৫, ৬৭৯, ৬৮৩, ৬৮৭, ৭১২, ৭১৩, ৭১৬, ২৫৮৮, ৩০৯৯, ৩৩৮৪, ৪৪৪২, ৪৪৪৫, ৫৭১৪, ৭৩০৩ দ্ৰষ্টব্য) (আ.প্ৰ. ১৯২, ই.ফা. ১৯৮)
পৰিচ্ছেদ: ৪৮, গামলাৰ পৰা অজু কৰা।# হাদীছ - 199حَدَّثَنَا خَالِدُ بْنُ مَخْلَدٍ، قَالَ حَدَّثَنَا سُلَيْمَانُ، قَالَ حَدَّثَنِي عَمْرُو بْنُ يَحْيَى، عَنْ أَبِيهِ، قَالَ كَانَ عَمِّي يُكْثِرُ مِنَ الْوُضُوءِ، قَالَ لِعَبْدِ اللَّهِ بْنِ زَيْدٍ أَخْبِرْنِي كَيْفَ رَأَيْتَ النَّبِيَّ صلى الله عليه وسلم يَتَوَضَّأُ فَدَعَا بِتَوْرٍ مِنْ مَاءٍ، فَكَفَأَ عَلَى يَدَيْهِ فَغَسَلَهُمَا ثَلاَثَ مِرَارٍ، ثُمَّ أَدْخَلَ يَدَهُ فِي التَّوْرِ، فَمَضْمَضَ وَاسْتَنْثَرَ ثَلاَثَ مَرَّاتٍ مِنْ غَرْفَةٍ وَاحِدَةٍ، ثُمَّ أَدْخَلَ يَدَهُ فَاغْتَرَفَ بِهَا فَغَسَلَ وَجْهَهُ ثَلاَثَ مَرَّاتٍ، ثُمَّ غَسَلَ يَدَيْهِ إِلَى الْمِرْفَقَيْنِ مَرَّتَيْنِ مَرَّتَيْنِ، ثُمَّ أَخَذَ بِيَدِهِ مَاءً، فَمَسَحَ رَأْسَهُ، فَأَدْبَرَ بِيَدَيْهِ وَأَقْبَلَ ثُمَّ غَسَلَ رِجْلَيْهِ، فَقَالَ هَكَذَا رَأَيْتُ النَّبِيَّ صلى الله عليه وسلم يَتَوَضَّأُ‏.‏‏১৯৯. ....ইয়াহ্ইয়া (ৰাহিমাহুল্লাহ)-এ কৈছে, মোৰ খুৰাই অজুৰ পানী অধিক খৰচ কৰিছিল। এদিন তেখেতে ‘আব্দুল্লাহ ইবনু যাইদ ৰাদ্বিয়াল্লাহু আনহুক ক’লে, ‘নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কেনেকৈ অজু কৰিছিল আপুনি সেয়া দেখিছেনে’? তেখেতে এক গামলা পানী অনালে। সেইটো উভয় হাতৰ ওপৰত কাতি কৰি (তাৰ পৰা পানী ঢালি) হাত দুখন তিনিবাৰ ধুলে, তাৰ পিছত গামলাত তেখেতৰ হাত ভৰালে। তাৰ পিছত এক অঞ্জলি (কৈ) পানীৰে তিনিবাৰ কুল্লি কৰিলে আৰু নাক পৰিষ্কাৰ কৰিলে। তাৰ পিছত পানীত তেখেতৰ হাত ভৰালে। উভয় হাতত এক অঞ্জলি (কৈ) পানী লৈ মুখমণ্ডল তিনিবাৰ ধুলে। তাৰ পিছত উভয় হাত কিলাকুটি পৰ্যন্ত দুবাৰকৈ ধুলে। তাৰ পিছত উভয় হাতত পানী লৈ মূৰৰ সন্মুখৰ পৰা পিছফাল লৈকে মছেহ কৰিলে আৰু দুয়োখন ভৰি ধুলে। তাৰ পিছত ক’লে, মই ‘নবী চাল্লাল্লাহু আলাইহি অছাল্লামক এনেদৰে অজু কৰা দেখিছোঁ।’ (সংশ্লিষ্ট হাদীছঃ ১৮৫) (আ.প্ৰ. ১৯৩, ই.ফা. ১৯৯)
# হাদীছ - 200حَدَّثَنَا مُسَدَّدٌ، قَالَ حَدَّثَنَا حَمَّادٌ، عَنْ ثَابِتٍ، عَنْ أَنَسٍ، أَنَّ النَّبِيَّ صلى الله عليه وسلم دَعَا بِإِنَاءٍ مِنْ مَاءٍ، فَأُتِيَ بِقَدَحٍ رَحْرَاحٍ فِيهِ شَىْءٌ مِنْ مَاءٍ، فَوَضَعَ أَصَابِعَهُ فِيهِ‏.‏ قَالَ أَنَسٌ فَجَعَلْتُ أَنْظُرُ إِلَى الْمَاءِ يَنْبُعُ مِنْ بَيْنِ أَصَابِعِهِ، قَالَ أَنَسٌ فَحَزَرْتُ مَنْ تَوَضَّأَ مَا بَيْنَ السَّبْعِينَ إِلَى الثَّمَانِينَ‏.‏‏২০০. ....আনাছ ৰাদ্বিয়াল্লাহু আনহুৰ দ্বাৰা বর্ণিত, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে এটা পাত্রত পানী বিচাঁৰিলে। এটা ডাঙৰ পাত্র তেখেতৰ ওচৰলৈ অনা হ’ল, তাত সামান্য পানী আছিল। তাৰ পিছত তেখেতে তাৰ মাজত তেখেতৰ আঙুলি ৰাখিলে। আনাছ ৰাদ্বিয়াল্লাহু আনহুৱে কৈছে, মই পানীৰ ফালে চাই থাকিলোঁ। তেখেতৰ আঙুলিৰ ভিতৰেৰে পানী উথলি উঠিব ধৰিলে। আনাছ ৰাদ্বিয়াল্লাহু আনহুৱে কৈছে, যিসকলে অজু কৰিছিল, মই অনুমান কৰিলোঁ তেওঁলোকৰ সংখ্যা আছিল ৭০ ৰ পৰা ৮০ জন। (সংশ্লিষ্ট হাদীছঃ ১৬৯) (আ.প্ৰ. ১৯৪, ই.ফা. ২০০)
পৰিচ্ছেদ: ৪৯, এক মুদ (প্ৰায় ৭৫০ মিঃ লিঃ) পানীৰে অজু কৰা।# হাদীছ - 201حَدَّثَنَا أَبُو نُعَيْمٍ، قَالَ حَدَّثَنَا مِسْعَرٌ، قَالَ حَدَّثَنِي ابْنُ جَبْرٍ، قَالَ سَمِعْتُ أَنَسًا، يَقُولُ كَانَ النَّبِيُّ صلى الله عليه وسلم يَغْسِلُ ـ أَوْ كَانَ يَغْتَسِلُ ـ بِالصَّاعِ إِلَى خَمْسَةِ أَمْدَادٍ، وَيَتَوَضَّأُ بِالْمُدِّ‏.‏‏২০১. .... আনাছ ৰাদ্বিয়াল্লাহু আনহুৰ দ্বৰা বর্ণিত, তেখেতে কৈছে, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে এক চা’ (৪ মুদ)-ৰ পৰা পাঁচ মুদ পর্যন্ত পানীৰে গোছল কৰিছিল আৰু অজু কৰিছিল এক মুদ পানীৰে। (মুছলিম ৩/১০, হাদীছ নং ৩২৫, আহমাদ ১৪০০২, ১৪০৯৫) (আ.প্ৰ. ১৯৫, ই.ফা. ২০১)
পৰিচ্ছেদ: ৫০, মোজাৰ ওপৰত মছেহ কৰা।# হাদীছ - 202حَدَّثَنَا أَصْبَغُ بْنُ الْفَرَجِ الْمِصْرِيُّ، عَنِ ابْنِ وَهْبٍ، قَالَ حَدَّثَنِي عَمْرٌو، حَدَّثَنِي أَبُو النَّضْرِ، عَنْ أَبِي سَلَمَةَ بْنِ عَبْدِ الرَّحْمَنِ، عَنْ عَبْدِ اللَّهِ بْنِ عُمَرَ، عَنْ سَعْدِ بْنِ أَبِي وَقَّاصٍ، عَنِ النَّبِيِّ صلى الله عليه وسلم أَنَّهُ مَسَحَ عَلَى الْخُفَّيْنِ‏.‏ وَأَنَّ عَبْدَ اللَّهِ بْنَ عُمَرَ سَأَلَ عُمَرَ عَنْ ذَلِكَ فَقَالَ نَعَمْ إِذَا حَدَّثَكَ شَيْئًا سَعْدٌ عَنِ النَّبِيِّ صلى الله عليه وسلم فَلاَ تَسْأَلْ عَنْهُ غَيْرَهُ‏.‏ وَقَالَ مُوسَى بْنُ عُقْبَةَ أَخْبَرَنِي أَبُو النَّضْرِ أَنَّ أَبَا سَلَمَةَ أَخْبَرَهُ أَنَّ سَعْدًا حَدَّثَهُ فَقَالَ عُمَرُ لِعَبْدِ اللَّهِ‏ نَحْوَهُ‏.২০২. .... ছা’দ ইবনু আবি ওৱাক্কাছ ৰাদ্বিয়াল্লাহু আনহুৰ দ্বাৰা বর্ণিত, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে তেখেতৰ উভয় মোজাৰ ওপৰত মছেহ কৰিছিল। ‘আব্দুল্লাহ্ ইবনু ‘ওমৰে তেখেতৰ পিতৃ ওমৰ ৰাদ্বিয়াল্লাহু আনহুক এই বিষয়ে প্ৰশ্ন কৰাত তেখেতে ক’লে, ‘হয়! ছা’দ ৰাদ্বিয়াল্লাহু আনহুৱে নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৰা কিবা বর্ণনা কৰিলে সেই বিষয়ে পুনৰ কাকো প্ৰশ্ন নকৰিবা।’
         মুছা ইবনু ‘উকাবাহ (ৰাহিমাহুল্লাহে) কৈছে, মোক আবু নজৰে জনাইছে, তেওঁক আবু ছালামাই সংবাদ দিছে যে, ছা’দ ৰাদ্বিয়াল্লাহু আনহুৱে হাদীছটো বৰ্ণনা কৰিছে, তেখেতে কৈছে, ইয়াৰ পিছত ‘ওমৰ ৰাদ্বিয়াল্লাহু আনহুৱে ‘আব্দুল্লাহ ৰাদ্বিয়াল্লাহু আনহুক অনুৰূপ কথা কৈছিল। (আ.প্ৰ. ১৯৬, ই.ফা. ২০২)
# হাদীছ - 203حَدَّثَنَا عَمْرُو بْنُ خَالِدٍ الْحَرَّانِيُّ، قَالَ حَدَّثَنَا اللَّيْثُ، عَنْ يَحْيَى بْنِ سَعِيدٍ، عَنْ سَعْدِ بْنِ إِبْرَاهِيمَ، عَنْ نَافِعِ بْنِ جُبَيْرٍ، عَنْ عُرْوَةَ بْنِ الْمُغِيرَةِ، عَنْ أَبِيهِ الْمُغِيرَةِ بْنِ شُعْبَةَ، عَنْ رَسُولِ اللَّهِ صلى الله عليه وسلم أَنَّهُ خَرَجَ لِحَاجَتِهِ فَاتَّبَعَهُ الْمُغِيرَةُ بِإِدَاوَةٍ فِيهَا مَاءٌ، فَصَبَّ عَلَيْهِ حِينَ فَرَغَ مِنْ حَاجَتِهِ، فَتَوَضَّأَ وَمَسَحَ عَلَى الْخُفَّيْنِ‏.‏‏২০৩. ....মুগীৰা ইবনু শ্বু’বা ৰাদ্বিয়াল্লাহু আনহুৰ দ্বাৰা বর্ণিত, তেখেতে কৈছে, এবাৰ ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে প্রাকৃতিক প্রয়োজনত বাহিৰলৈ যোৱাত মুগীৰা ৰাদ্বিয়াল্লাহু আনহুৱে পানীসহ এটা পাত্র লৈ তেখেতৰ অনুসৰণ কৰিলে। ইয়াৰ পিছত তেখেতে প্রাকৃতিক প্রয়োজন শেষ কৰি অহাত মুগীৰা ৰাদ্বিয়াল্লাহু আনহুৱে তেখেতক পানী ঢালি দিলে। তাৰ পিছত তেখেতে অজু কৰিলে আৰু উভয় মোজাৰ ওপৰত মছেহ কৰিলে। (সংশ্লিষ্ট হাদীছঃ ১৮২) (আ.প্ৰ. ১৯৭, ই.ফা. ২০৩)
# হাদীছ - 204حَدَّثَنَا أَبُو نُعَيْمٍ، قَالَ حَدَّثَنَا شَيْبَانُ، عَنْ يَحْيَى، عَنْ أَبِي سَلَمَةَ، عَنْ جَعْفَرِ بْنِ عَمْرِو بْنِ أُمَيَّةَ الضَّمْرِيِّ، أَنَّ أَبَاهُ، أَخْبَرَهُ أَنَّهُ، رَأَى النَّبِيَّ صلى الله عليه وسلم يَمْسَحُ عَلَى الْخُفَّيْنِ‏.‏ وَتَابَعَهُ حَرْبُ بْنُ شَدَّادٍ وَأَبَانُ عَنْ يَحْيَى‏.‏২০৪. .... উমায়্যাহ যামৰী ৰাদ্বিয়াল্লাহু আনহুৰ দ্বাৰা বর্ণিত, তেখেতে নবী চাল্লাল্লাহু আলাইহি অছাল্লামক উভয় মোজাৰ ওপৰত মছেহ কৰা দেখিছে।
হাৰ্ব ইবনে শ্বাদ্দাদ আৰু আবান (ৰাহিমাহুল্লাহ)-এ ইয়াহ্ইয়া (ৰাহিমাহুল্লাহ)-ৰ পৰাও অনুৰূপ বর্ণনা কৰিছে। (সংশ্লিষ্ট হাদীছঃ ২০৫ দ্ৰষ্টব্য) (আ.প্ৰ. ১৯৮, ই.ফা. ২০৪)
# হাদীছ - 205حَدَّثَنَا عَبْدَانُ، قَالَ أَخْبَرَنَا عَبْدُ اللَّهِ، قَالَ أَخْبَرَنَا الأَوْزَاعِيُّ، عَنْ يَحْيَى، عَنْ أَبِي سَلَمَةَ، عَنْ جَعْفَرِ بْنِ عَمْرٍو، عَنْ أَبِيهِ، قَالَ رَأَيْتُ النَّبِيَّ صلى الله عليه وسلم يَمْسَحُ عَلَى عِمَامَتِهِ وَخُفَّيْهِ‏.‏ وَتَابَعَهُ مَعْمَرٌ عَنْ يَحْيَى عَنْ أَبِي سَلَمَةَ عَنْ عَمْرٍو قَالَ رَأَيْتُ النَّبِيَّ صلى الله عليه وسلم‏.‏‏২০৫. .... উমায়্যাহ যামৰী ৰাদ্বিয়াল্লাহু আনহাৰ দ্বাৰা বর্ণিত, তেখেতে কৈছে, ‘মই নবী চাল্লাল্লাহু আলাইহি অছাল্লামক তেখেতৰ পাগুৰীৰ ওপৰত আৰু উভয় মোজাৰ ওপৰত মছেহ কৰা দেখিছোঁ।’
মা’মাৰ ৰাহিমাহুল্লাহে ইয়াহ-ইয়া ৰাহিমাহুল্লাহৰ পৰা, তেওঁ আবু ছালামাৰ পৰা, তেওঁ ‘আমৰ (ৰাহিমাহুল্লাহ)-ৰ পৰা অনুৰূপ বর্ণনা কৰিছে যে, “মই নবী চাল্লাল্লাহু আলাইহি অছাল্লামক তেনেকুৱা কৰা দেখিছোঁ।” (সংশ্লিষ্ট হাদীছঃ ২০৪) (আ.প্ৰ. ১৯৯, ই.ফা. ২০৫)
পৰিচ্ছেদঃ ৫১, পৱিত্ৰ অৱস্থাত দুযোখন ভৰিত মোজা পিন্ধা।# হাদীছ - 206حَدَّثَنَا أَبُو نُعَيْمٍ، قَالَ حَدَّثَنَا زَكَرِيَّاءُ، عَنْ عَامِرٍ، عَنْ عُرْوَةَ بْنِ الْمُغِيرَةِ، عَنْ أَبِيهِ، قَالَ كُنْتُ مَعَ النَّبِيِّ صلى الله عليه وسلم فِي سَفَرٍ، فَأَهْوَيْتُ لأَنْزِعَ خُفَّيْهِ فَقَالَ "‏دَعْهُمَا، فَإِنِّي أَدْخَلْتُهُمَا طَاهِرَتَيْنِ‏"‏‏.‏ فَمَسَحَ عَلَيْهِمَا‏.‏‏২০৬. ..... মুগীৰা ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বর্ণিত, তেখেতে কৈছে, মই নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ লগত এটা চফৰত আছিলোঁ। (অজু কৰাৰ সময়ত) মই তেখেতৰ মোজাযোৰ খুলিব খোজাত তেখেতে ক’লে ‘সেইযোৰ থাকক, মই পৱিত্ৰ অৱস্থাত সেইযোৰ পিন্ধিছিলোঁ।’ (এই বুলি) তেখেতে তাৰ ওপৰত মছেহ কৰিলে। (সংশ্লিষ্ট হাদীছঃ ১৮২) (আ.প্ৰ. ২০০, ই.ফা. ২০৬)
পৰিচ্ছেদ: ৫২, ছাগলীৰ মাংস আৰু ছাতু খাই অজু নকৰা।وَأَكَلَ أَبُو بَكْرٍ وَعُمَرُ وَعُثْمَانُ رَضِيَ اللهُ عَنْهُمْ فَلَمْ يَتَوَضَّئُوا.
আবু-বকৰ, ‘ওমৰ আৰু ‘উচমান ৰাদ্বিয়াল্লাহু আনহুমে মাংস খোৱাৰ পিছত অজু কৰা নাই।
# হাদীছ - 207حَدَّثَنَا عَبْدُ اللَّهِ بْنُ يُوسُفَ، قَالَ أَخْبَرَنَا مَالِكٌ، عَنْ زَيْدِ بْنِ أَسْلَمَ، عَنْ عَطَاءِ بْنِ يَسَارٍ، عَنْ عَبْدِ اللَّهِ بْنِ عَبَّاسٍ،‏.‏ أَنَّ رَسُولَ اللَّهِ صلى الله عليه وسلم أَكَلَ كَتِفَ شَاةٍ، ثُمَّ صَلَّى وَلَمْ يَتَوَضَّأْ‏.‏‏ (وَأَكَلَ أَبُو بَكْرٍ وَعُمَرُ وَعُثْمَانُ رَضِيَ اللَّهُ عَنْهُمْ لَحْمًا فَلَمْ يَتَوَضَّئُوا.)২০৭. .... ‘আব্দুল্লাহ ইবনু ‘আব্বাছ ৰাদ্বিয়াল্লাহু আনহুৰ দ্বাৰা বর্ণিত, এবাৰ ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে ছাগলীৰ কান্ধৰ মাংস খালে। তাৰ পিছত চালাত আদায় কৰিলে; কিন্তু অজু নকৰিলে। (সংশ্লিষ্ট হাদীছঃ ৫৪০৪, ৫৪০৫, মুছলিম ৩/২৪, হাদীছ নং ৩৫৪, আহমাদ ১৯৯৪, ১৯৮৮) (আ.প্ৰ. ২০১, ই.ফা. ২০৭)
# হাদীছ - 208حَدَّثَنَا يَحْيَى بْنُ بُكَيْرٍ، قَالَ حَدَّثَنَا اللَّيْثُ، عَنْ عُقَيْلٍ، عَنِ ابْنِ شِهَابٍ، قَالَ أَخْبَرَنِي جَعْفَرُ بْنُ عَمْرِو بْنِ أُمَيَّةَ، أَنَّ أَبَاهُ، أَخْبَرَهُ أَنَّهُ، رَأَى رَسُولَ اللَّهِ صلى الله عليه وسلم يَحْتَزُّ مِنْ كَتِفِ شَاةٍ، فَدُعِيَ إِلَى الصَّلاَةِ فَأَلْقَى السِّكِّينَ فَصَلَّى وَلَمْ يَتَوَضَّأْ‏.‏‏২০৮. .... উমায়্যাহ যামৰী ৰাদ্বিয়াল্লাহু আনহুৰ দ্বাৰা বর্ণিত, তেখেতে ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামক এটা ছাগলীৰ কান্ধৰ মাংস কাটি খোৱা দেখিলে। এনে সময়তে চালাতৰ কাৰণে আহ্বান কৰা হ’ল। তেতিয়া তেখেতে ছুৰিটো থৈ চালাত আদায় কৰিলে; কিন্তু অজু নকৰিলে। (সংশ্লিষ্ট হাদীছসমূহঃ ৬৭৫, ২৯২৩, ৫৪০৮, ৫৪২২, ৫৪৬২; মুছলিম ৩/২৪, হাদীছ নং ৩৫৫, আহমাদ ১৭২৫০) (আ.প্ৰ. ২০২, ই.ফা. ২০৮)
পৰিচ্ছেদঃ ৫৩, ছাতু খাই অজু নকৰি কুল্লি কৰাই যথেষ্ট।# হাদীছ - 209حَدَّثَنَا عَبْدُ اللَّهِ بْنُ يُوسُفَ، قَالَ أَخْبَرَنَا مَالِكٌ، عَنْ يَحْيَى بْنِ سَعِيدٍ، عَنْ بُشَيْرِ بْنِ يَسَارٍ، مَوْلَى بَنِي حَارِثَةَ أَنَّ سُوَيْدَ بْنَ النُّعْمَانِ، أَخْبَرَهُ‏.‏ أَنَّهُ، خَرَجَ مَعَ رَسُولِ اللَّهِ صلى الله عليه وسلم عَامَ خَيْبَرَ، حَتَّى إِذَا كَانُوا بِالصَّهْبَاءِ ـ وَهِيَ أَدْنَى خَيْبَرَ ـ فَصَلَّى الْعَصْرَ، ثُمَّ دَعَا بِالأَزْوَادِ، فَلَمْ يُؤْتَ إِلاَّ بِالسَّوِيقِ، فَأَمَرَ بِهِ فَثُرِّيَ، فَأَكَلَ رَسُولُ اللَّهِ صلى الله عليه وسلم وَأَكَلْنَا، ثُمَّ قَامَ إِلَى الْمَغْرِبِ، فَمَضْمَضَ وَمَضْمَضْنَا، ثُمَّ صَلَّى وَلَمْ يَتَوَضَّأْ‏.‏‏২০৯. .... ছুৱাইদ ইবনু নু’মান ৰাদ্বিয়াল্লাহু আনহুৰ দ্বাৰা বর্ণিত, তেখেতে কৈছে, খাইবৰ যুদ্ধৰ বছৰত তেখেতে ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ সৈতে ৰাওনা হ’ল। গৈ গৈ তেওঁলোকে যেতিয়া ছাহবা- নামক স্থানত উপস্থিত হ’ল, এইটো আছিল খাইবৰৰ নিকটৱর্তী অঞ্চল, তেতিয়া তেখেতে আচৰৰ চালাত আদায় কৰিলে। তাৰ পিছত খোৱা-বস্তু আনিবলৈ ক’লে; কিন্তু ছাতুৰ বাহিৰে আন একো অনা নহ’ল। তাৰ পিছত তেখেতে নির্দেশ দিয়াত তাতে পানী মিহলোৱা হ’ল। ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে সেইখিনি খালে আৰু আমিও খালোঁ। তাৰ পিছত তেখেতে মাগৰীবৰ কাৰণে থিয় হৈ কুল্লি কৰিলে আৰু আমিও কুল্লি কৰিলোঁ। পিছত তেখেতে চালাত আদায় কৰিলে; অজু নকৰিলে। (সংশ্লিষ্ট হাদীছসমূহঃ ২১৫, ২৯৮১, ৪১৭৫, ৪১৯৫,৫৩৮৪, ৫৩৯০, ৫৪৫৪, ৫৪৫৫) (আ.প্ৰ. ২০৩, ই.ফা. ২০৯)
# হাদীছ - 210وَحَدَّثَنَا أَصْبَغُ، قَالَ أَخْبَرَنَا ابْنُ وَهْبٍ، قَالَ أَخْبَرَنِي عَمْرٌو، عَنْ بُكَيْرٍ، عَنْ كُرَيْبٍ، عَنْ مَيْمُونَةَ، أَنَّ النَّبِيَّ صلى الله عليه وسلم أَكَلَ عِنْدَهَا كَتِفًا، ثُمَّ صَلَّى وَلَمْ يَتَوَضَّأْ‏.‏‏২১০. .... মাইমুনা ৰাদ্বিয়াল্লাহু আনহাৰ দ্বাৰা বর্ণিত, এবাৰ নবী চাল্লাল্লাহু আলাইহি অছাল্লামে তেখেতৰ ওচৰত (এটা ছাগলীৰ) কান্ধৰ মাংস খালে, তাৰ পিছত চালাত আদায় কৰিলে, অথচ অজু নকৰিলে। (মুছলিম ৩/২৪, হাদীছ নং ৩৫৬) (আ.প্ৰ. ২০৪, ইফা. ২১০)
পৰিচ্ছেদঃ ৫৪, গাখীৰ পান কৰিলে কুল্লি কৰিব লাগিবনে?# হাদীছ - 211حَدَّثَنَا يَحْيَى بْنُ بُكَيْرٍ، وَقُتَيْبَةُ، قَالاَ حَدَّثَنَا اللَّيْثُ، عَنْ عُقَيْلٍ، عَنِ ابْنِ شِهَابٍ، عَنْ عُبَيْدِ اللَّهِ بْنِ عَبْدِ اللَّهِ بْنِ عُتْبَةَ، عَنِ ابْنِ عَبَّاسٍ، أَنَّ رَسُولَ اللَّهِ صلى الله عليه وسلم شَرِبَ لَبَنًا، فَمَضْمَضَ وَقَالَ ‏ "‏إِنَّ لَهُ دَسَمًا‏"‏‏.‏ تَابَعَهُ يُونُسُ وَصَالِحُ بْنُ كَيْسَانَ عَنِ الزُّهْرِيِّ‏.‏‏২১১. .....ইবনু ‘আব্বাছ ৰাদ্বিয়াল্লাহু আনহুৰ দ্বাৰা বর্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে গাখীৰ পান কৰিলে। তাৰ পিছত কুল্লি কৰিলে আৰু ক’লে, ‘ইয়াত তৈলযুক্ত পদার্থ আছে (এইকাৰণে কুল্লি কৰা ভাল)।’ ইউনুচ আৰু চালিহ ইবনু কাইচান (ৰাহিমাহুল্লাহ)-এ যুহৰী (ৰাহিমাহুল্লাহ)-ৰ পৰাও অনুৰূপ বর্ণনা কৰিছে। (সংশ্লিষ্ট হাদীছঃ ৫৬০৯; মুছলিম ৩/২৪, হাদীছ নং ৩৫৮, আহমাদ ১৯৫১, ৩০৫১) (আ.প্ৰ. ২০৫, ইফা. ২১১)
পৰিচ্ছেদ: ৫৫, টোপনি গ’লে অজু কৰা আৰু এবাৰ-দুবাৰ তন্দ্ৰাচ্ছন্ন হ’লে বা মূৰ হালি পৰিলে অজু নকৰা।# হাদীছ - 212حَدَّثَنَا عَبْدُ اللَّهِ بْنُ يُوسُفَ، قَالَ أَخْبَرَنَا مَالِكٌ، عَنْ هِشَامٍ، عَنْ أَبِيهِ، عَنْ عَائِشَةَ، أَنَّ رَسُولَ اللَّهِ صلى الله عليه وسلم قَالَ ‏ "‏إِذَا نَعَسَ أَحَدُكُمْ وَهُوَ يُصَلِّي فَلْيَرْقُدْ حَتَّى يَذْهَبَ عَنْهُ النَّوْمُ، فَإِنَّ أَحَدَكُمْ إِذَا صَلَّى وَهُوَ نَاعِسٌ لاَ يَدْرِي لَعَلَّهُ يَسْتَغْفِرُ فَيَسُبَّ نَفْسَهُ ‏"‏‏.‏‏২১২. .....‘আইশ্বা ৰাদ্বিয়াল্লাহু আনহাৰ দ্বাৰা বর্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে, ‘চালাত আদায় কৰা অৱস্থাত তোমালোকৰ কাৰোবাৰ যদি তন্দ্রা আহে তেতিয়া তেওঁ যেন টোপনিৰ ভাৱ নকমালৈকে টোপনি যায়। কাৰণ, তন্দ্রাৱস্থাত চালাত আদায় কৰিলে তেওঁ নাজানে যে, তেওঁ ক্ষমা বিচাৰি আছে নে নিজকে গালি দি আছে।’ (মুছলিম ৬/৩১, হাদীছ নং ৭৮৬, আহমাদ ২৪৩৪১, ২৫৭৫৭) (আ.প্ৰ. ২০৬, ইফা. ২১২)
# হাদীছ - 213حَدَّثَنَا أَبُو مَعْمَرٍ، قَالَ حَدَّثَنَا عَبْدُ الْوَارِثِ، حَدَّثَنَا أَيُّوبُ، عَنْ أَبِي قِلاَبَةَ، عَنْ أَنَسٍ، عَنِ النَّبِيِّ صلى الله عليه وسلم قَالَ ‏ "‏إِذَا نَعَسَ أَحَدُكُمْ فِي الصَّلاَةِ فَلْيَنَمْ حَتَّى يَعْلَمَ مَا يَقْرَأُ‏"‏‏.‏‏২১৩. .... আনাছ ৰাদ্বিয়াল্লাহু আনহুৰ দ্বাৰা বর্ণিত, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে, ‘কোনোবাই যদি চালাতত টোপনিয়াই, তেন্তে সি ইমান সময় টোপনি যোৱা উচিত, যিমানখিনি টোপনি মাৰিলে সি বুজি পাৰিব যে, সি কি পঢ়ি আছে।’ (আ.প্র. ২০৭, ই.ফা. ২১৩)
পৰিচ্ছেদঃ ৫৬, হাদাছ ব্যতীত অজু কৰা।# হাদীছ - 214حَدَّثَنَا مُحَمَّدُ بْنُ يُوسُفَ، قَالَ حَدَّثَنَا سُفْيَانُ، عَنْ عَمْرِو بْنِ عَامِرٍ، قَالَ سَمِعْتُ أَنَسًا، ح قَالَ وَحَدَّثَنَا مُسَدَّدٌ، قَالَ حَدَّثَنَا يَحْيَى، عَنْ سُفْيَانَ، قَالَ حَدَّثَنِي عَمْرُو بْنُ عَامِرٍ، عَنْ أَنَسٍ، قَالَ كَانَ النَّبِيُّ صلى الله عليه وسلم يَتَوَضَّأُ عِنْدَ كُلِّ صَلاَةٍ‏.‏ قُلْتُ كَيْفَ كُنْتُمْ تَصْنَعُونَ قَالَ يُجْزِئُ أَحَدَنَا الْوُضُوءُ مَا لَمْ يُحْدِثْ‏.২১৪. .... আনাছ ৰাদ্বিয়াল্লাহু আনহুৰ দ্বাৰা বর্ণিত, তেখেতে কৈছে, ‘নবী চাল্লাল্লাহু আলাইহি অছাল্লামে প্রত্যেক চালাতৰ সময়ত অজু কৰিছিল।’ মই ক’লো, আপোনালোকে কি কৰিছিল? তেখেতে ক’লে, ‘হাদাছ (অজু ভঙ্গ) নোহোৱা পর্যন্ত আমাৰ (পূর্বৰ) অজুৱেই যথেষ্ট আছিল।’ (আ.প্ৰ. ২০৮, ইফা. ২১৪)
# হাদীছ - 215حَدَّثَنَا خَالِدُ بْنُ مَخْلَدٍ، قَالَ حَدَّثَنَا سُلَيْمَانُ، قَالَ حَدَّثَنِي يَحْيَى بْنُ سَعِيدٍ، قَالَ أَخْبَرَنِي بُشَيْرُ بْنُ يَسَارٍ، قَالَ أَخْبَرَنِي سُوَيْدُ بْنُ النُّعْمَانِ، قَالَ خَرَجْنَا مَعَ رَسُولِ اللَّهِ صلى الله عليه وسلم عَامَ خَيْبَرَ، حَتَّى إِذَا كُنَّا بِالصَّهْبَاءِ، صَلَّى لَنَا رَسُولُ اللَّهِ صلى الله عليه وسلم الْعَصْرَ، فَلَمَّا صَلَّى دَعَا بِالأَطْعِمَةِ، فَلَمْ يُؤْتَ إِلاَّ بِالسَّوِيقِ، فَأَكَلْنَا وَشَرِبْنَا، ثُمَّ قَامَ النَّبِيُّ صلى الله عليه وسلم إِلَى الْمَغْرِبِ فَمَضْمَضَ، ثُمَّ صَلَّى لَنَا الْمَغْرِبَ وَلَمْ يَتَوَضَّأْ‏২১৫. .... চুৱাইদ ইবনু নু’মান ৰাদ্বিয়াল্লাহু আনহুৰ দ্বাৰা বর্ণিত, তেখেতে কৈছে, খাইবাৰ যুদ্ধৰ বছৰত আমি ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ সৈতে ৰাওনা হ’লো। ছাহবা নামক স্থান পোৱাৰ পিছত ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে আমাৰ লগত আচৰৰ চালাত আদায় কৰিলে। চালাতৰ শেষত তেখেতে খোৱা-বস্তু আনিবলৈ ক’লে। ছাতুৰ বাহিৰে আন একো অনা নহ’ল। আমি সেইখিনি খালো আৰু পান কৰিলাোঁ। তাৰ পিছত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে মাগৰীবৰ কাৰণে থিয় হ’ল, আৰু কুল্লি কৰিলে; তাৰ পিছত আমাৰ লগত মাগৰীবৰ চালাত আদায় কৰিলে, অথচ তেখেতে (নতুনকৈ) অজু নকৰিলে। (সংশ্লিষ্ট হাদীছঃ ২০৯) (আ.প্ৰ. ২০৯, ইফা. ২১৫)
পৰিচ্ছেদঃ ৫৭, প্ৰস্ৰাবৰ অপৱিত্ৰতাৰ পৰা সাৱধান নোহোৱা কবিৰা গুনাহৰ অন্তৰ্ভুক্ত।# হাদীছ - 216حَدَّثَنَا عُثْمَانُ، قَالَ حَدَّثَنَا جَرِيرٌ، عَنْ مَنْصُورٍ، عَنْ مُجَاهِدٍ، عَنِ ابْنِ عَبَّاسٍ، قَالَ مَرَّ النَّبِيُّ صلى الله عليه وسلم بِحَائِطٍ مِنْ حِيطَانِ الْمَدِينَةِ أَوْ مَكَّةَ، فَسَمِعَ صَوْتَ إِنْسَانَيْنِ يُعَذَّبَانِ فِي قُبُورِهِمَا، فَقَالَ النَّبِيُّ صلى الله عليه وسلم ‏"‏يُعَذَّبَانِ، وَمَا يُعَذَّبَانِ فِي كَبِيرٍ‏"‏، ثُمَّ قَالَ ‏"‏بَلَى، كَانَ أَحَدُهُمَا لاَ يَسْتَتِرُ مِنْ بَوْلِهِ، وَكَانَ الآخَرُ يَمْشِي بِالنَّمِيمَةِ‏"‏‏.‏ ثُمَّ دَعَا بِجَرِيدَةٍ فَكَسَرَهَا كِسْرَتَيْنِ، فَوَضَعَ عَلَى كُلِّ قَبْرٍ مِنْهُمَا كِسْرَةً‏.‏ فَقِيلَ لَهُ يَا رَسُولَ اللَّهِ لِمَ فَعَلْتَ هَذَا قَالَ ‏"‏لَعَلَّهُ أَنْ يُخَفَّفَ عَنْهُمَا مَا لَمْ تَيْبَسَا أَوْ إِلَى أَنْ يَيْبَسَا‏.২১৬. ....ইবনু ‘আব্বাছ ৰাদ্বিয়াল্লাহু আনহুৰ দ্বাৰা বর্ণিত, তেখেতে কৈছে, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে এবাৰ মদিনা অথবা মক্কাৰ কোনো এখন বাগানৰ ওচৰেদি গৈ আছিল। তেখেতে এনেকুৱা দুজন ব্যক্তিৰ আৱাজ শুনিবলৈ পালে, যাক কবৰত আযাব দিয়া হৈছিল। তেতিয়া নবী চাল্লাল্লাহু আলাইহি অছাল্লামে ক’লে, ‘এওঁলোক দুয়োজনক আযাব দিয়া হৈছে, অথচ কোনো ডাঙৰ গুনাহৰ কাৰণে এওঁলোকক আযাব দিয়া হোৱা নাই।’ তাৰ পিছত তেখেতে ক’লে, ‘হয়, এওঁলোকৰ এজনে তেখেতৰ প্ৰস্ৰাবৰ নাপাকীৰ পৰা সতর্কতা অৱলম্বন কৰা নাছিল। আনজন টুটকীয়া (চুগলখোৰ) আছিল।’ তাৰ পিছত তেখেতে এটা খেজুৰৰ ডাল আনিবলৈ ক’লে আৰু সেইটো ভাঙি দুডাল কৰি প্রত্যেকৰে কবৰৰ ওপৰত এডালকৈ ৰাখিলে। তেখেতক প্ৰশ্ন কৰা হ’ল, ‘ইয়া ৰাছুলাল্লাহ্! কিয় এনেকুৱা কৰিলে?’ তেখেতে ক’লে, ‘হয়তো সিহঁতৰ আযাব কিছু পৰিমাণে লাঘৱ কৰা হ’ব, যেতিয়ালৈকে এই দুডাল শুকাই নাযায়।’ (সংশ্লিষ্ট হাদীছসমূহঃ ২১৮, ১৩৬১, ১৩৭৮, ৬০৫২, ৬০৫৫; মুছলিম ২/৩৪, হাদীছ নং ২৯২, আহমাদ ১৯৮০) (আ.প্ৰ. ২১০, ইফা. ২১৬)
পৰিচ্ছেদঃ ৫৮, প্ৰস্ৰাব ধোৱা সম্পৰ্কে যি বৰ্ণিত হৈছে।وَقَالَ النَّبِيُّ صلى الله عليه وسلم لِصَاحِب الْقَبْرِ كَانَ لاَ يَسْتَتِرُ مِنْ بَوْلِهِ وَلَمْ يَذْكُرْ سِوَى بَوْلِ النَّاسِ.
ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে জনৈক কবৰবাসী সম্পৰ্কে কৈছে, সি তাৰ প্ৰস্ৰাবৰ পৰা সতৰ্ক থকা নাছিল। তেখেতে কেৱল মানুহৰ প্ৰস্ৰাবৰ বাহিৰে আন কোনো প্ৰস্ৰাব সম্পৰ্কে উল্লেখ কৰা নাই।
# হাদীছ - 217حَدَّثَنَا يَعْقُوبُ بْنُ إِبْرَاهِيمَ، قَالَ حَدَّثَنَا إِسْمَاعِيلُ بْنُ إِبْرَاهِيمَ، قَالَ حَدَّثَنِي رَوْحُ بْنُ الْقَاسِمِ، قَالَ حَدَّثَنِي عَطَاءُ بْنُ أَبِي مَيْمُونَةَ، عَنْ أَنَسِ بْنِ مَالِكٍ، قَالَ كَانَ النَّبِيُّ صلى الله عليه وسلم إِذَا تَبَرَّزَ لِحَاجَتِهِ أَتَيْتُهُ بِمَاءٍ فَيَغْسِلُ بِهِ‏.২১৭. .... আনাছ ইবনু মালিক ৰাদ্বিয়াল্লাহু আনহুৰ দ্বাৰা বর্ণিত, তেখেতে কৈছে, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে প্রাকৃতিক প্রয়োজনত ওলাই গ’লে মই তেখেতৰ ওচৰত পানী লৈ গৈছিলোঁ। তেখেতে তাৰ দ্বাৰা ইস্তিঞ্জা কৰিছিল। (সংশ্লিষ্ট হাদীছঃ ১৫০) (আ.প্ৰ. ২১১, ইফা. ২১৭)
পৰিচ্ছেদঃ ৫৯# হাদীছ - 218حَدَّثَنَا مُحَمَّدُ بْنُ الْمُثَنَّى، قَالَ حَدَّثَنَا مُحَمَّدُ بْنُ خَازِمٍ، قَالَ حَدَّثَنَا الأَعْمَشُ، عَنْ مُجَاهِدٍ، عَنْ طَاوُسٍ، عَنِ ابْنِ عَبَّاسٍ، قَالَ مَرَّ النَّبِيُّ صلى الله عليه وسلم بِقَبْرَيْنِ فَقَالَ ‏"‏إِنَّهُمَا لَيُعَذَّبَانِ، وَمَا يُعَذَّبَانِ فِي كَبِيرٍ أَمَّا أَحَدُهُمَا فَكَانَ لاَ يَسْتَتِرُ مِنَ الْبَوْلِ، وَأَمَّا الآخَرُ فَكَانَ يَمْشِي بِالنَّمِيمَةِ‏"‏‏.‏ ثُمَّ أَخَذَ جَرِيدَةً رَطْبَةً، فَشَقَّهَا نِصْفَيْنِ، فَغَرَزَ فِي كُلِّ قَبْرٍ وَاحِدَةً‏.‏ قَالُوا يَا رَسُولَ اللَّهِ، لِمَ فَعَلْتَ هَذَا قَالَ ‏"‏ لَعَلَّهُ يُخَفَّفُ عَنْهُمَا مَا لَمْ يَيْبَسَا ‏"‏‏.‏ قَالَ ابْنُ الْمُثَنَّى وَحَدَّثَنَا وَكِيعٌ قَالَ حَدَّثَنَا الأَعْمَشُ قَالَ سَمِعْتُ مُجَاهِدًا مِثْلَهُ ‏"‏ يَسْتَتِرُ مِنْ بَوْلِهِ‏.২১৮. ....ইবনু ‘আব্বাছ ৰাদ্বিয়াল্লাহু আনহুৰ দ্বাৰা বর্ণিত, তেখেতে কৈছে, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে এবাৰ দুটা কবৰৰ কাষেৰে গৈ আছিল। এনে সময়তে তেখেতে ক’লে, ‘এওঁলোকক আযাব দিয়া হৈছে, কোনো গুৰুতৰ অপৰাধৰ কাৰণে সিহঁতক আযাব দিয়া হোৱা নাই। সিহঁতৰ এজনে প্ৰস্ৰাব কৰাৰ সময়ত সতর্কতা অৱলম্বন কৰা নাছিল। আৰু আনজন চুগলখোৰ (টুটকীয়া) আছিল।’ তাৰ পিছত তেখেতে এডাল কেঁচা খেজুৰৰ ডাল লৈ ভাঙি দু-টুকুৰা কৰিলে আৰু প্রতিটো কবৰৰ ওপৰত এডালকৈ পুতি দিলে। চাহাবায়ে কিৰামে প্ৰশ্ন কৰিলে, ‘ইয়া ৰাছুলাল্লাহ্! কিয় এনেকুৱা কৰিলে?’ তেখেতে ক’লে, ‘হয়তো সিহঁতৰ পৰা (শাস্তি) কিছু পৰিমাণে লাঘৱ কৰা হ’ব, যেতিয়ালৈকে এই দুডাল নুশুকায়।’ ইবনুল মুছান্না (ৰাহিমাহুল্লাহে) কৈছে, আমাক অকী ৰাহিমাহুল্লাহে হাদীছ বৰ্ণনা কৰিছে তেওঁ কৈছে আমাক আ’মাশ্ব (ৰাহিমাহুল্লাহ)-এ কৈছে, মই মুজাহিদ (ৰাহিমাহুল্লাহ)-ৰ পৰা অনুৰূপ শুনিছোঁ। (সংশ্লিষ্ট হাদীছঃ ২১৬) (আ.প্ৰ. ২১২, ইফা. ২১৮)
পৰিচ্ছেদ: ৬০, জনৈক বেদুঈনে মছজিদত প্ৰস্ৰাব কৰাত প্ৰস্ৰাব কৰা শেষ নোহোৱালৈকে ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লাম আৰু অন্যান্যসকলৰ পক্ষৰ পৰা অৱকাশ দিয়া প্ৰসঙ্গ।# হাদীছ - 219حَدَّثَنَا مُوسَى بْنُ إِسْمَاعِيلَ، قَالَ حَدَّثَنَا هَمَّامٌ، أَخْبَرَنَا إِسْحَاقُ، عَنْ أَنَسِ بْنِ مَالِكٍ، أَنَّ النَّبِيَّ صلى الله عليه وسلم رَأَى أَعْرَابِيًّا يَبُولُ فِي الْمَسْجِدِ فَقَالَ ‏ "‏دَعُوهُ‏"‏‏.‏ حَتَّى إِذَا فَرَغَ دَعَا بِمَاءٍ فَصَبَّهُ عَلَيْهِ.‏২১৯. ....আনাছ ইবনু মালিক ৰাদ্বিয়াল্লাহু আনহুৰ দ্বাৰা বর্ণিত, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে এজন বেদুঈনক মছজিদত প্ৰস্ৰাব কৰি থকা দেখিলে। তেতিয়া তেখেতে ক’লে, ‘তাক এৰি দিয়া।’ অৱশেষত যেতিয়া তাৰ প্ৰস্ৰাব কৰা শেষ হল, তেখেতে পানী আনিবলৈ ক’লে, ইয়াৰ পিছত তাত পানী ঢালি দিয়া হল। (সংশ্লিষ্ট হাদীছসমূহঃ ২২১, ৬০২৫ দ্ৰষ্টব্য) (আ.প্ৰ. ২১৩, ইফা. ২১৯)
পৰিচ্ছেদঃ ৬১, মছজিদত কৰা প্ৰস্ৰাবৰ ওপৰত পানী ঢালি দিয়া।# হাদীছ - 220حَدَّثَنَا أَبُو الْيَمَانِ، قَالَ أَخْبَرَنَا شُعَيْبٌ، عَنِ الزُّهْرِيِّ، قَالَ أَخْبَرَنِي عُبَيْدُ اللَّهِ بْنُ عَبْدِ اللَّهِ بْنِ عُتْبَةَ بْنِ مَسْعُودٍ، أَنَّ أَبَا هُرَيْرَةَ، قَالَ قَامَ أَعْرَابِيٌّ فَبَالَ فِي الْمَسْجِدِ فَتَنَاوَلَهُ النَّاسُ، فَقَالَ لَهُمُ النَّبِيُّ صلى الله عليه وسلم "‏دَعُوهُ وَهَرِيقُوا عَلَى بَوْلِهِ سَجْلاً مِنْ مَاءٍ، أَوْ ذَنُوبًا مِنْ مَاءٍ، فَإِنَّمَا بُعِثْتُمْ مُيَسِّرِينَ، وَلَمْ تُبْعَثُوا مُعَسِّرِينَ‏"‏‏.‏‏২২০. ....আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ দ্বাৰা বৰ্ণিত, তেখেতে কৈছে, এদিনাখন এজন বেদুঈনে থিয় হৈ মছজিদত প্ৰস্ৰাব কৰিলে। তেতিয়া কিছুমানে তাক বাধা দিবলৈ যোৱাত নবী ছাল্লাল্লাহু আলাইহি অছাল্লামে তেওঁলোকক ক’লে, ‘তোমালোকে তাক এৰি দিয়া আৰু তাৰ প্ৰস্ৰাবৰ ওপৰত এক বাল্টি পানী ঢালি দিয়া। কাৰণ তোমালোকক কোমল আৰু সুন্দৰ আচৰণ কৰাৰ কাৰণে পঠোৱা হৈছে, কঠোৰ আচৰণৰ কাৰণে প্ৰেৰণ কৰা হোৱা নাই।’ (সংশ্লিষ্ট হাদীছঃ ৬১২৮) (আ.প্ৰ. ২১৪, ই. ফা. ২২০)
حَدَّثَنَا عَبْدَانُ، قَالَ أَخْبَرَنَا عَبْدُ اللهِ، قَالَ أَخْبَرَنَا يَحْيَى بْنِ سَعِيدٍ، قَالَ سَمِعْتُ أَنَسَ بْنَ مَالِكٍ عَنِ النَّبِيُّ صلى الله عليه وسلم ‏.‏‏

আনাছ ইবনু মালিক ৰাদ্বিয়াল্লাহু আনহুৰ পৰাও ওপৰোক্ত হাদীছ বৰ্ণনা কৰা হৈছে। (সংশ্লিষ্ট হাদীছঃ ২১৯)
পৰিচ্ছেদ: ৬২, প্ৰস্ৰাবৰ ওপৰত পানী ঢালি দিয়া।# হাদীছ - 221حَدَّثَنَا خَالِدُ بْنُ مَخْلَدٍ قَالَ وَحَدَّثَنَا سُلَيْمَانُ عَنْ يَحْيَى بْنِ سَعِيدٍ قَالَ سَمِعْتُ أَنَسَ بْنَ مَالِكٍ قَالَ جَاءَ أَعْرَابِيٌّ فَبَالَ فِي طَائِفَةِ الْمَسْجِدِ فَزَجَرَهُ النَّاسُ فَنَهَاهُمْ النَّبِيُّ صلى الله عليه وسلم فَلَمَّا قَضَى بَوْلَهُ أَمَرَ النَّبِيُّ صلى الله عليه وسلم بِذَنُوبٍ مِنْ مَاءٍ فَأُهْرِيقَ عَلَيْهِ.

২২১. ....আনাছ ইবনু মালিক ৰাদ্বিয়াল্লাহু আনহুৰ দ্বাৰা বৰ্ণিত, তেখেতে কৈছে, এদিনাখন এজন বেদুঈন আহি মছজিদৰ এটা কোণত প্ৰস্ৰাব কৰি দিলে। তাকে দেখি কিছুমানে তাক ধমকি দিব ধৰিলে। নবী চাল্লাল্লাহু আলাইহি অছাল্লামে তেওঁলোকক নিষেধ কৰিলে। তাৰ প্ৰস্ৰাব কৰা শেষ হোৱাত নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ আদেশত ইয়াৰ ওপৰত এক বাল্টি পানী ঢালি দিয়া হ’ল। (আ.প্ৰ. ২১৫, ই. ফা. ২২১)

পৰিচ্ছেদঃ ৬৩, শিশুৰ প্ৰস্ৰাব।# হাদীছ - 222حَدَّثَنَا عَبْدُ اللهِ بْنُ يُوسُفَ قَالَ : أَخْبَرَنَا مَالِكٌ ، عَنْ هِشَامِ بْنِ عُرْوَةَ ، عَنْ أَبِيهِ ، عَنْ عَائِشَةَ ، أُمِّ الْمُؤْمِنِينَ أَنَّهَا قَالَتْ أُتِيَ رَسُولُ اللهِ صلى الله عليه وسلم بِصَبِيٍّ فَبَالَ عَلَى ثَوْبِهِ فَدَعَا بِمَاءٍ فَأَتْبَعَهُ إِيَّاهُ২২২. .... উম্মুল মু’মিনীন আইশ্বা ৰাদ্বিয়াল্লাহু আনহাৰ দ্বাৰা বর্ণিত, তেখেতে কৈছে, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওচৰলৈ এটি শিশু (ল’ৰা) অনা হ’ল। শিশুটিয়ে ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ কাপোৰত প্ৰস্ৰাব কৰি দিলে। তেখেতে পানী অনালে আৰু ইয়াৰ ওপৰত ঢালি দিলে। (সংশ্লিষ্ট হাদীছসমূহঃ ৫৪৬৮, ৬০০২, ৬৩৫৫ দ্ৰষ্টব্য) (আ.প্ৰ. ২১৬, ই. ফা. ২২২)
# হাদীছ - 223حَدَّثَنَا عَبْدُ اللَّهِ بْنُ يُوسُفَ، قَالَ أَخْبَرَنَا مَالِكٌ، عَنِ ابْنِ شِهَابٍ، عَنْ عُبَيْدِ اللَّهِ بْنِ عَبْدِ اللَّهِ بْنِ عُتْبَةَ، عَنْ أُمِّ قَيْسٍ بِنْتِ مِحْصَنٍ، أَنَّهَا أَتَتْ بِابْنٍ لَهَا صَغِيرٍ، لَمْ يَأْكُلِ الطَّعَامَ إِلَى رَسُولِ اللَّهِ صلى الله عليه وسلم، فَأَجْلَسَهُ رَسُولُ اللَّهِ صلى الله عليه وسلم فِي حِجْرِهِ، فَبَالَ عَلَى ثَوْبِهِ، فَدَعَا بِمَاءٍ فَنَضَحَهُ وَلَمْ يَغْسِلْهُ‏.‏‏২২৩. .... উম্মু কাইচ বিনতি মিহচান ৰাদ্বিয়াল্লাহু আনহাৰ দ্বাৰা বৰ্ণিত যে, তেখেতে তেখেতৰ এনেকুৱা এটি সৰু ল’ৰা লৈ ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওচৰলৈ আহিল, যিয়ে তেতিয়াও খাবলৈ শিকা নাই। আল্লাহৰ ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামে শিশুটিক তেখেতৰ কোলাত বহুৱালে। তেতিয়া সি তেখেতৰ কাপোৰত প্ৰস্ৰাব কৰি দিলে। তেখেতে পানী অনাই ইয়াৰ ওপৰত ছটিয়াই দিলে আৰু সেয়া নুধুলে। [1] (৫৬৯৩; মুছলিম ২/৩১, হাদীছ নং ২৮৭, আহমাদ ২৭০৬৪, ২৭০৭২) (আ.প্ৰ. ২১৭, ই. ফা. ২২৩)

[1] প্ৰস্ৰাব অপৱিত্ৰ প্ৰস্ৰাব লাগি যোৱা বস্তু পৱিত্ৰ কৰাৰ দুটা পদ্ধতি আছে () প্ৰাপ্তবয়স্ক ব্যক্তি অথবা দুগ্ধপোষ্য ছোৱালী লে তাৰ প্ৰস্ৰাব ধুই পেলাব লাগিব () যদি দুগ্ধপোষ্য ৰা হয় তেনেহলে পানী ছটিয়াই দিলে সেয়া পৱিত্ৰ হৈ যাব

পৰিচ্ছেদ: ৬৪, থিয় হৈ আৰু বহি প্ৰস্ৰাব কৰা।# হাদীছ - 224حَدَّثَنَا آدَمُ، قَالَ حَدَّثَنَا شُعْبَةُ، عَنِ الأَعْمَشِ، عَنْ أَبِي وَائِلٍ، عَنْ حُذَيْفَةَ، قَالَ أَتَى النَّبِيُّ صلى الله عليه وسلم سُبَاطَةَ قَوْمٍ فَبَالَ قَائِمًا، ثُمَّ دَعَا بِمَاءٍ، فَجِئْتُهُ بِمَاءٍ فَتَوَضَّأَ‏.‏‏২২৪. .... হুজাইফা ৰাদ্বিয়াল্লাহু আনহুৰ দ্বাৰা বর্ণিত, তেখেতে কৈছে, ‘নবী চাল্লাল্লাহু আলাইহি অছাল্লামে এবাৰ সম্প্ৰদায়ৰ আৱর্জনা পেলোৱা স্থানলৈ আহিল। তেখেতে তাত থিয় হৈ প্ৰস্ৰাব কৰিলে। তাৰ পিছত পানী বিচাঁৰিলে। মই তেখেতক পানী আনি দিয়াত তেখেতে অজু কৰিলে।’ (সংশ্লিষ্ট হাদীছসমূহঃ ২২৫, ২২৬, ২৪৭১ দ্ৰষ্টব্য) (আ.প্ৰ. ২১৮, ই.ফা. ২২৪)
পৰিচ্ছেদ: ৬৫, সঙ্গীৰ ওচৰত বহি প্ৰস্ৰাব কৰা আৰু দেৱালৰ আঁৰ কৰি ধৰা।# হাদীছ - 225حَدَّثَنَا عُثْمَانُ بْنُ أَبِي شَيْبَةَ، قَالَ حَدَّثَنَا جَرِيرٌ، عَنْ مَنْصُورٍ، عَنْ أَبِي وَائِلٍ، عَنْ حُذَيْفَةَ، قَالَ رَأَيْتُنِي أَنَا وَالنَّبِيُّ صلى الله عليه وسلم نَتَمَاشَى، فَأَتَى سُبَاطَةَ قَوْمٍ خَلْفَ حَائِطٍ، فَقَامَ كَمَا يَقُومُ أَحَدُكُمْ فَبَالَ، فَانْتَبَذْتُ مِنْهُ، فَأَشَارَ إِلَىَّ فَجِئْتُهُ، فَقُمْتُ عِنْدَ عَقِبِهِ حَتَّى فَرَغَ‏.‏‏২২৫. ....হুজাইফা ৰাদ্বিয়াল্লাহু আনহুৰ দ্বাৰা বর্ণিত, তেখেতে কৈছে, ‘মোৰ মনত আছে যে, এবাৰ মই নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ সৈতে একেলগে গৈ আছিলোঁ। তেখেতে দেৱালৰ পিছফালে মহল্লাৰ এটি আৱর্জনা পেলোৱা ঠাইলৈ আহিল। তাৰ পিছত তোমালোকৰ কিছুমানে যেনেকৈ থিয় হয় তেনেকৈ থিয় হৈ তেখেতে প্ৰস্ৰাব কৰিলে। এই সময়ত মই তেখেতৰ কাষৰ পৰা আঁতৰি গৈছিলোঁ, কিন্তু তেখেতে মোক ইঙ্গিত কৰিলে। মই আহি তেখেতৰ প্ৰস্ৰাব কৰা শেষ নোহোৱালৈকে তেখেতৰ পিছত থিয় হৈ থাকিলোঁ।’ (সংশ্লিষ্ট হাদীছঃ ২২৪; মুছলিম ২/২২, হাদীছ নং ২৭৩, আহমাদ ২৩৩০১, ২৩৪০৫) (আ.প্ৰ. ২১৯, ই. ফা. ২২৫)
পৰিচ্ছেদ: ৬৬, সমাজৰ আৱৰ্জনা পেলোৱা ঠাইত প্ৰস্ৰাব কৰা।# হাদীছ - 226حَدَّثَنَا مُحَمَّدُ بْنُ عَرْعَرَةَ، قَالَ حَدَّثَنَا شُعْبَةُ، عَنْ مَنْصُورٍ، عَنْ أَبِي وَائِلٍ، قَالَ كَانَ أَبُو مُوسَى الأَشْعَرِيُّ يُشَدِّدُ فِي الْبَوْلِ وَيَقُولُ إِنَّ بَنِي إِسْرَائِيلَ كَانَ إِذَا أَصَابَ ثَوْبَ أَحَدِهِمْ قَرَضَهُ‏.‏ فَقَالَ حُذَيْفَةُ لَيْتَهُ أَمْسَكَ، أَتَى رَسُولُ اللَّهِ صلى الله عليه وسلم سُبَاطَةَ قَوْمٍ فَبَالَ قَائِمًا‏.‏‏২২৬. ....আবু ওৱাইল ৰাদ্বিয়াল্লাহু আনহুৰ দ্বাৰা বর্ণিত, তেখেতে কৈছে, আবু মুছা ৰাদ্বিয়াল্লাহু আনহুৱে প্ৰস্ৰাবৰ ক্ষেত্ৰত খুব কঠোৰতা আৰোপ কৰিছে আৰু কৈছে, বনী ইছৰাঈলৰ কাৰোবাৰ কাপোৰত (প্ৰস্ৰাব) লাগিলে সেইটো কাটি পেলাইছিল। হুজাইফা ৰাদ্বিয়াল্লাহু আনহুৱে কৈছে, আবু মুছা ৰাদ্বিয়াল্লাহু আনহুৱে যদি ইয়াৰ পৰা বিৰত থাকিলহেঁতেন (তেনেহ’লে ভাল হ’লহেঁতেন)। ‘ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে মহল্লাৰ আৱর্জনা পেলোৱা স্থানলৈ আহি থিয় হৈ প্ৰস্ৰাব কৰিছিল।’ (সংশ্লিষ্ট হাদীছঃ ২২৪) (আ.প্ৰ. ২২০, ই.ফা. ২২৬)
পৰিচ্ছেদঃ ৬৭, তেজ ধুই পেলোৱা।# হাদীছ - 227حَدَّثَنَا مُحَمَّدُ بْنُ الْمُثَنَّى، قَالَ حَدَّثَنَا يَحْيَى، عَنْ هِشَامٍ، قَالَ حَدَّثَتْنِي فَاطِمَةُ، عَنْ أَسْمَاءَ، قَالَتْ جَاءَتِ امْرَأَةٌ النَّبِيَّ صلى الله عليه وسلم فَقَالَتْ أَرَأَيْتَ إِحْدَانَا تَحِيضُ فِي الثَّوْبِ كَيْفَ تَصْنَعُ قَالَ ‏ "‏تَحُتُّهُ، ثُمَّ تَقْرُصُهُ بِالْمَاءِ، وَتَنْضَحُهُ وَتُصَلِّي فِيهِ‏"‏‏.‏২২৭. .... আচমা ৰাদ্বিয়াল্লাহু আনহাৰ দ্বাৰা বর্ণিত, তেখেতে কৈছে, এগৰাকী মহিলাই নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওচৰলৈ আহি ক’লে, (ইয়া ৰাছুলাল্লাহ্!) কওঁকচোন, আমাৰ কাৰোবাৰ কাপোৰত হায়েজৰ তেজ লাগি গ’লে তেওঁ কি কৰিব? তেখেতে ক’লে, “তেওঁ সেই ঠাইখিনি ঘঁহি পেলাব, তাৰ পিছত পানীত জুবুৰিয়াই ভালদৰে মোহাৰিব। ইয়াৰ পিছত সেই কাপোৰেৰে চালাত আদায় কৰিব।” (সংশ্লিষ্ট হাদীছঃ ৩০৭; মুছলিম ২/৩৩, হাদীছ নং ২৯১, আহমাদ ৬৯৯৮, ২৭০৪৯) (আ.প্ৰ. ২২১, ই. ফা. ২২৭)
# হাদীছ - 228حَدَّثَنَا مُحَمَّدٌ، قَالَ حَدَّثَنَا أَبُو مُعَاوِيَةَ، حَدَّثَنَا هِشَامُ بْنُ عُرْوَةَ، عَنْ أَبِيهِ، عَنْ عَائِشَةَ، قَالَتْ جَاءَتْ فَاطِمَةُ ابْنَةُ أَبِي حُبَيْشٍ إِلَى النَّبِيِّ صلى الله عليه وسلم فَقَالَتْ يَا رَسُولَ اللَّهِ إِنِّي امْرَأَةٌ أُسْتَحَاضُ فَلاَ أَطْهُرُ، أَفَأَدَعُ الصَّلاَةَ فَقَالَ رَسُولُ اللَّهِ صلى الله عليه وسلم ‏"‏لاَ، إِنَّمَا ذَلِكِ عِرْقٌ، وَلَيْسَ بِحَيْضٍ، فَإِذَا أَقْبَلَتْ حَيْضَتُكِ فَدَعِي الصَّلاَةَ، وَإِذَا أَدْبَرَتْ فَاغْسِلِي عَنْكِ الدَّمَ ثُمَّ صَلِّي‏"‏‏.‏ قَالَ وَقَالَ أَبِي ‏"ثُمَّ تَوَضَّئِي لِكُلِّ صَلاَةٍ، حَتَّى يَجِيءَ ذَلِكَ الْوَقْتُ‏.২২৮. .... ‘আইশ্বা ৰাদ্বিয়াল্লাহু আনহাৰ দ্বাৰা বৰ্ণিত, তেখেতে কৈছে, ফাতিমা বিনতু আবি হুবাইশ্ব ৰাদ্বিয়াল্লাহু আনহাই নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওচৰলৈ আহি ক’লে ‘ইয়া ৰাছুলাল্লাহ! মোৰ ইমান বেছি ৰক্তস্রাব হয় যে, মই কেতিয়াও পৱিত্ৰ হ’ব নোৱাৰোঁ। এনে অৱস্থাত মই চালাত এৰি দিমনে? ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে ক’লে, “নহয়, এয়া শিৰাৰ পৰা নির্গত তেজ, হায়েজ নহয়। সেয়ে যেতিয়া তোমাৰ হায়েজ হ’ব তেতিয়া চালাত এৰি দিবা। আৰু যেতিয়া সেইটো বন্ধ হ’ব তেতিয়া তেজ ধুই পেলাবা, তাৰ পিছত চালাত আদায় কৰিবা।”
       বর্ণনাকাৰীয়ে কৈছে, মোৰ পিতাই কৈছে, ‘তাৰ পিছত এনেকৈ পুনৰ হায়েজ নোহোৱালৈকে প্রত্যেক চালাতৰ কাৰণে অজু কৰিবা।’ (মুছলিম ৩/১৪, হাদীছ নং ৩৩৩, আহমাদ ২৪৫৭৭) (আ.প্ৰ. ২২২, ই. ফা. ২২৮)
পৰিচ্ছেদঃ ৬৮, বীৰ্য ধোৱা আৰু ঘঁহি পেলোৱা। স্ত্ৰীৰ পৰা যি লাগি যায় তাক ধুই পেলোৱা।# হাদীছ - 229حَدَّثَنَا عَبْدَانُ، قَالَ أَخْبَرَنَا عَبْدُ اللَّهِ، قَالَ أَخْبَرَنَا عَمْرُو بْنُ مَيْمُونٍ الْجَزَرِيُّ، عَنْ سُلَيْمَانَ بْنِ يَسَارٍ، عَنْ عَائِشَةَ، قَالَتْ كُنْتُ أَغْسِلُ الْجَنَابَةَ مِنْ ثَوْبِ النَّبِيِّ صلى الله عليه وسلم، فَيَخْرُجُ إِلَى الصَّلاَةِ، وَإِنَّ بُقَعَ الْمَاءِ فِي ثَوْبِهِ‏.‏‏২২৯. .... ‘আইশ্বা ৰাদ্বিয়াল্লাহু আনহাৰ দ্বাৰা বৰ্ণিত, তেখেতে কৈছে, ‘মই নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ কাপোৰৰ পৰা অপৱিত্ৰতাৰ চিহ্ন ধুই দিছোঁ আৰু কাপোৰৰ ভিজা চিহ্ন লৈ তেখেতে চালাতলৈ ৰাওনা হৈছিল।’ (সংশ্লিষ্ট হাদীছসমূহঃ ২৩০, ২৩১, ২৩২; মুছলিম ২/৩২, হাদীছ নং ২৮৯, আহমাদ) (আ.প্ৰ. ২২৩, ই. ফা. ২২৯)
# হাদীছ - 230حَدَّثَنَا قُتَيْبَةُ، قَالَ حَدَّثَنَا يَزِيدُ، قَالَ حَدَّثَنَا عَمْرٌو، عَنْ سُلَيْمَانَ، قَالَ سَمِعْتُ عَائِشَةَ، ح وَحَدَّثَنَا مُسَدَّدٌ، قَالَ حَدَّثَنَا عَبْدُ الْوَاحِدِ، قَالَ حَدَّثَنَا عَمْرُو بْنُ مَيْمُونٍ، عَنْ سُلَيْمَانَ بْنِ يَسَارٍ، قَالَ سَأَلْتُ عَائِشَةَ عَنِ الْمَنِيِّ، يُصِيبُ الثَّوْبَ فَقَالَتْ كُنْتُ أَغْسِلُهُ مِنْ ثَوْبِ رَسُولِ اللَّهِ صلى الله عليه وسلم، فَيَخْرُجُ إِلَى الصَّلاَةِ وَأَثَرُ الْغَسْلِ فِي ثَوْبِهِ بُقَعُ الْمَاءِ‏.‏‏২৩০. .... চুলাইমান ইবনু ইয়াছাৰ (ৰাহিমাহুল্লাহ)-ৰ দ্বাৰা বৰ্ণিত, তেখেতে কৈছেঃ ‘মই ‘আইশ্বা ৰাদ্বিয়াল্লাহু আনহাক কাপোৰত লগা বীর্য সম্পর্কে প্ৰশ্ন কৰিলোঁ।’ তেখেতে ক’লে, ‘মই আল্লাহৰ ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামৰ কাপোৰৰ পৰা সেয়া ধুই পেলাইছিলো। তেখেতে কাপোৰ ধোৱাৰ ভিজা দাগ লৈ চালাতলৈ ৰাওনা হৈছিল।’ (সংশ্লিষ্ট হাদীছঃ ২২৯) (আ.প্ৰ. ২২৪, ই. ফা. ২৩০)
পৰিচ্ছেদঃ ৬৯, জানাবাতৰ অপৱিত্ৰতা বা আন কিবা ধোৱাৰ পিছত যদি ভিজা চিহ্ন ৰৈ যায়।# হাদীছ - 231حَدَّثَنَا مُوسَى، قَالَ حَدَّثَنَا عَبْدُ الْوَاحِدِ، قَالَ حَدَّثَنَا عَمْرُو بْنُ مَيْمُونٍ، قَالَ سَأَلْتُ سُلَيْمَانَ بْنَ يَسَارٍ فِي الثَّوْبِ تُصِيبُهُ الْجَنَابَةُ قَالَ قَالَتْ عَائِشَةُ كُنْتُ أَغْسِلُهُ مِنْ ثَوْبِ رَسُولِ اللَّهِ صلى الله عليه وسلم، ثُمَّ يَخْرُجُ إِلَى الصَّلاَةِ وَأَثَرُ الْغَسْلِ فِيهِ بُقَعُ الْمَاءِ‏.‏‏২৩১. .... আমৰ ইবনু মাইমুন ৰাহিমাহুল্লাহৰ দ্বাৰা বৰ্ণিত, তেখেতে কৈছে, কাপোৰত জানাবাতৰ নাপাকী লগা সম্পর্কে মই চুলাইমান ইবনু ইয়াছাৰ (ৰাহিমাহুল্লাহ)-ক প্ৰশ্ন কৰাত তেখেতে ক’লে, ‘আইশ্বা ৰাদ্বিয়াল্লাহু আনহাই কৈছে, ‘মই ৰাছুলুল্লাহ্ চাল্লাল্লাহু আলাইহি অছাল্লামৰ কাপোৰৰ পৰা সেয়া ধুই পেলাইছিলো। ইয়াৰ পিছত তেখেতে চালাতলৈ ওলাই গৈছিল আৰু তাত পানীৰে ধোৱাৰ চিহ্ন আছিল। (সংশ্লিষ্ট হাদীছঃ ২২৯) (আ.প্ৰ. ২২৫, ই.ফা. ২৩১)
# হাদীছ - 232حَدَّثَنَا عَمْرُو بْنُ خَالِدٍ، قَالَ حَدَّثَنَا زُهَيْرٌ، قَالَ حَدَّثَنَا عَمْرُو بْنُ مَيْمُونِ بْنِ مِهْرَانَ، عَنْ سُلَيْمَانَ بْنِ يَسَارٍ، عَنْ عَائِشَةَ، أَنَّهَا كَانَتْ تَغْسِلُ الْمَنِيَّ مِنْ ثَوْبِ النَّبِيِّ صلى الله عليه وسلم، ثُمَّ أَرَاهُ فِيهِ بُقْعَةً أَوْ بُقَعًا‏.‏‏২৩২. .... ‘আইশ্বা ৰাদ্বিয়াল্লাহু আনহাৰ দ্বাৰা বৰ্ণিত, তেখেতে নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ কাপোৰৰ পৰা বীর্য ধুই পেলাইছিল। আইশ্বা ৰাদ্বিয়াল্লাহু আনহাই কৈছে, ’তাৰ পিছত মই তাত পানীৰ এটা বা ততোধিক দাগ দেখিবলৈ পাইছিলো।’ (সংশ্লিষ্ট হাদীছঃ ২২৯) (আ.প্ৰ. ২২৬, ই.ফা. ২৩২)
পৰিচ্ছেদঃ ৭০, উট, চতুষ্পদ জন্তু, ছাগলীৰ প্ৰস্ৰাব আৰু ছাগলী ৰখাৰ স্থান প্ৰসঙ্গ।وَصَلَّى أَبُو مُوسَى فِي دَارِ الْبَرِيدِ وَالسِّرْقِينِ وَالْبَرِّيَّةُ إِلَى جَنْبِهِ فَقَالَ هَا هُنَا وَثَمَّ سَوَاءٌ.
আবু মুছা ৰাদ্বিয়াল্লাহু আনহুৱে দাৰুল বাৰীদ (জন্তু ৰখা ঠাই)ত চালাত আদায় কৰিছিল, আৰু তেখেতৰ ওচৰত গোবৰ আৰু খালী ময়দান আছিল। তেখেতে কৈছে, এই স্থান আৰু সেই স্থান একেই পৰ্যায়ৰ।
# হাদীছ - 233حَدَّثَنَا سُلَيْمَانُ بْنُ حَرْبٍ، قَالَ حَدَّثَنَا حَمَّادُ بْنُ زَيْدٍ، عَنْ أَيُّوبَ، عَنْ أَبِي قِلاَبَةَ، عَنْ أَنَسٍ، قَالَ قَدِمَ أُنَاسٌ مِنْ عُكْلٍ أَوْ عُرَيْنَةَ، فَاجْتَوَوُا الْمَدِينَةَ، فَأَمَرَهُمُ النَّبِيُّ صلى الله عليه وسلم بِلِقَاحٍ، وَأَنْ يَشْرَبُوا مِنْ أَبْوَالِهَا وَأَلْبَانِهَا، فَانْطَلَقُوا، فَلَمَّا صَحُّوا قَتَلُوا رَاعِيَ النَّبِيِّ صلى الله عليه وسلم وَاسْتَاقُوا النَّعَمَ، فَجَاءَ الْخَبَرُ فِي أَوَّلِ النَّهَارِ، فَبَعَثَ فِي آثَارِهِمْ، فَلَمَّا ارْتَفَعَ النَّهَارُ جِيءَ بِهِمْ، فَأَمَرَ فَقَطَعَ أَيْدِيَهُمْ وَأَرْجُلَهُمْ، وَسُمِرَتْ أَعْيُنُهُمْ، وَأُلْقُوا فِي الْحَرَّةِ يَسْتَسْقُونَ فَلاَ يُسْقَوْنَ‏.‏ قَالَ أَبُو قِلاَبَةَ فَهَؤُلاَءِ سَرَقُوا وَقَتَلُوا وَكَفَرُوا بَعْدَ إِيمَانِهِمْ، وَحَارَبُوا اللَّهَ وَرَسُولَهُ‏.‏‏২৩৩. .... আনাছ ৰাদ্বিয়াল্লাহু আনহুৰ দ্বাৰা বৰ্ণিত, তেখেতে কৈছে, উকল বা উৰাইনাহ গোত্রৰ কিছু সংখ্যক লোকে (ইছলাম গ্রহণ কৰাৰ কাৰণে) মদিনালৈ অহাত সিহঁত অসুস্থ হৈ পৰিল। নবী চাল্লাল্লাহু আলাইহি অছাল্লামে সিহঁতক (চদকাৰ) উটৰ ওচৰত যাবলৈ আৰু তাৰ প্ৰস্ৰাব আৰু গাখীৰ পান কৰিবলৈ নির্দেশ দিলে। সিহঁতে তালৈ গুচি গ’ল। তাৰ পিছত সিহঁত সুস্থ হৈ নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ ৰাখোৱালক হত্যা কৰিলে আৰু উটবোৰক খেদি লৈ গ’ল। এই খবৰ দিনৰ প্রথম ভাগতেই আহি পালে। তেখেতে সিহঁতৰ পিছে পিছে মানুহ পঠালে। বেলি বাঢ়ি অহাত সিহঁতক (বন্দী কৰি) অনা হ’ল। তাৰ পিছত তেখেতৰ আদেশত সিহঁতৰ হাত-ভৰি কাটি দিয়া হ’ল। উত্তপ্ত শলাৰ দ্বাৰা সিহঁতৰ চকু পুৰি দিয়া হ’ল আৰু গৰম পাথৰৰ ভূমিত সিহঁতক নিক্ষেপ কৰা হ’ল। সিহঁতে পানী বিচাঁৰিছিল, কিন্তু দিয়া নহ’ল।
        আবু কিলাবা (ৰাহিমাহুল্লাহ)-এ কৈছে, ইহঁতে চুৰি কৰিছিল, হত্যা কৰিছিল, ঈমান অনাৰ পিছত কুফৰী কৰিছিল আৰু আল্লাহ্ আৰু তেওঁৰ ৰাছুলৰ বিৰুদ্ধে যুদ্ধত লিপ্ত হৈছিল। (সংশ্লিষ্ট হাদীছসমূহঃ ১৫০১, ৩০১৮, ৪১৯২, ৪১৯৩, ৪৬১০, ৫৬৮৫, ৫৬৮৬, ৫৭২৭, ৬৮০২, ৬৮০৩, ৬৮০৪, ৬৮০৫, ৬৮৯৯; মুছলিম ২৮/২, হাদীছ নং ১৬৭১, আহমাদ ১২৯৩৫) (আ.প্ৰ. ২২৭, ই.ফা. ২৩৩)
# হাদীছ - 234حَدَّثَنَا آدَمُ، قَالَ حَدَّثَنَا شُعْبَةُ، قَالَ أَخْبَرَنَا أَبُو التَّيَّاحِ، يَزِيدُ بْنُ حُمَيْدٍ عَنْ أَنَسٍ، قَالَ كَانَ النَّبِيُّ صلى الله عليه وسلم يُصَلِّي قَبْلَ أَنْ يُبْنَى الْمَسْجِدُ فِي مَرَابِضِ الْغَنَمِ‏.‏‏২৩৪. .... আনাছ ৰাদ্বিয়াল্লাহু আনহুৰ দ্বাৰা বৰ্ণিত, তেখেতে কৈছে, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে মছজিদ নির্মাণ কৰাৰ পূর্বে ছাগলী ৰখা স্থানত চালাত আদায় কৰিছিল। [1] (৪২৮, ৪২৯, ১৮৬৪, ২১০৬, ২৭৭১, ২৭৭৪, ২৭৭৯, ৩৯৩২; মুছলিম ৫/১, হাদীছ নং ৫২৪, আহমাদ ১৩০১৭) (আ.প্ৰ. ২২৮, ই.ফা. ২৩৪)

[1] যি পশুৰ মাংস হালাল তাৰ প্ৰস্ৰাব আৰু গোবৰ অপৱিত্ৰ নহয়

পৰিচ্ছেদঃ ৭১, ঘি বা পানীত অপৱিত্ৰ বস্তু পৰা।وَقَالَ الزُّهْرِيُّ لاَ بَأْسَ بِالْمَاءِ مَا لَمْ يُغَيِّرْهُ طَعْمٌ أَوْ رِيحٌ أَوْ لَوْنٌ وَقَالَ حَمَّادٌ لاَ بَأْسَ بِرِيشِ الْمَيْتَةِ وَقَالَ الزُّهْرِيُّ فِي عِظَامِ الْمَوْتَى نَحْوَ الْفِيلِ وَغَيْرِهِ أَدْرَكْتُ نَاسًا مِنْ سَلَفِ الْعُلَمَاءِ يَمْتَشِطُونَ بِهَا وَيَدَّهِنُونَ فِيهَا لاَ يَرَوْنَ بِهِ بَأْسًا وَقَالَ ابْنُ سِيرِينَ وَإِبْرَاهِيمُ وَلاَ بَأْسَ بِتِجَارَةِ الْعَاجِ.
যুহৰী (ৰাহিমাহুল্লাহ)-এ কৈছে, পানীত অপৱিত্ৰতা পৰিলে কোনো ক্ষতি নাই, যেতিয়ালৈকে তাৰ সোৱাদ, গোন্ধ বা ৰং সলনি নহয়। হাম্মাদ (ৰাহিমাহুল্লাহ)-এ কৈছে, মৃত (পক্ষীৰ) পাল পানীত পৰিলে কোনো দোষ নাই। যুহৰী (ৰাহিমাহুল্লাহ)-এ মৃত জন্তু, যেনে- হাতী প্রভৃতিৰ হাড় সম্পর্কে কৈছে, মই পূর্বৱর্তী উলামায়ে কিৰামৰ মাজত কিছু সংখ্যক আলিম পাইছোঁ, তেওঁলোকে তাৰ দ্বাৰা (ফণি বনাই) চুলি ফণিয়াইছিল আৰু সেই পাত্রত তেল ৰাখি ব্যৱহাৰ কৰিছিল, এইটো তেওঁলোকে কোনো ধৰণৰ দোষ বুলি ভৱা নাছিল। ইবনু ছিৰীন (ৰাহিমাহুল্লাহ) আৰু ইব্ৰাহীম (ৰহ)-এ কৈছে, হাতীৰ দাঁতৰ ব্যৱসায়ত কোনো দোষ নাই।
# হাদীছ - 235إِسْمَاعِيلُ قَالَ حَدَّثَنِي مَالِكٌ عَنْ ابْنِ شِهَابٍ الزُّهْرِيِّ عَنْ عُبَيْدِ اللهِ بْنِ عَبْدِ اللهِ عَنْ ابْنِ عَبَّاسٍ عَنْ مَيْمُونَةَ أَنَّ رَسُولَ اللهِ صلى الله عليه وسلم سُئِلَ عَنْ فَأْرَةٍ سَقَطَتْ فِي سَمْنٍ فَقَالَ أَلْقُوهَا وَمَا حَوْلَهَا فَاطْرَحُوهُ وَكُلُوا سَمْنَكُمْ.২৩৫. .... মাইমুনা ৰাদ্বিয়াল্লাহু আনহাৰ দ্বাৰা বৰ্ণিত, ৰাছুলুল্লাহ্ চাল্লাল্লাহু আলাইহি অছাল্লামক ‘ঘি’ৰ মাজত এন্দুৰ পৰি যোৱা সম্পর্কে প্ৰশ্ন কৰা হ’ল। তেখেতে ক’লে, ‘এন্দুৰটো আৰু তাৰ আশে-পাশে থকাখিনি পেলাই দিয়া আৰু তোমালোকে সেই ‘ঘি’ ব্যৱহাৰ কৰা।’ (সংশ্লিষ্ট হাদীছসমূহঃ ২৩৬, ৫৫৩৮, ৫৫৩৯, ৫৫৪০ দ্ৰষ্টব্য) (আ.প্ৰ. ২২৯, ই.ফা. ২৩৫)
# হাদীছ - 236حَدَّثَنَا عَلِيُّ بْنُ عَبْدِ اللَّهِ، قَالَ حَدَّثَنَا مَعْنٌ، قَالَ حَدَّثَنَا مَالِكٌ، عَنِ ابْنِ شِهَابٍ، عَنْ عُبَيْدِ اللَّهِ بْنِ عَبْدِ اللَّهِ بْنِ عُتْبَةَ بْنِ مَسْعُودٍ، عَنِ ابْنِ عَبَّاسٍ، عَنْ مَيْمُونَةَ، أَنَّ النَّبِيَّ صلى الله عليه وسلم سُئِلَ عَنْ فَأْرَةٍ سَقَطَتْ فِي سَمْنٍ فَقَالَ ‏ "‏خُذُوهَا وَمَا حَوْلَهَا فَاطْرَحُوهُ‏"‏‏.‏ قَالَ مَعْنٌ حَدَّثَنَا مَالِكٌ مَا لاَ أُحْصِيهِ يَقُولُ عَنِ ابْنِ عَبَّاسٍ عَنْ مَيْمُونَةَ‏.‏‏২৩৬. ....মাইমুনা ৰাদ্বিয়াল্লাহু আনহাৰ দ্বাৰা বৰ্ণিত, তেখেতে কৈছে, নবী চাল্লাল্লাহু আলাইহি অছাল্লামক ‘ঘি’ৰ মাজত এন্দুৰ পৰি যোৱা সম্পর্কে প্ৰশ্ন কৰা হ’ল। তেখেতে ক’লে, ‘এন্দুৰটো আৰু তাৰ আশে-পাশে থকাখিনি পেলাই দিয়া।’ মাআন (ৰাহিমাহুল্লাহ)-এ কৈছে, মালিক (ৰাহিমাহুল্লাহ)-এ ইবনু ‘আব্বাছ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা আৰু তেখেত মাইমুনা ৰাদ্বিয়াল্লাহু আনহাৰ পৰা এনেকুৱা বৰ্ণনা বহু বাৰ কৰিছে। (ই.ফা. ২৩৬)
# হাদীছ - 237حَدَّثَنَا أَحْمَدُ بْنُ مُحَمَّدٍ، قَالَ أَخْبَرَنَا عَبْدُ اللَّهِ، قَالَ أَخْبَرَنَا مَعْمَرٌ، عَنْ هَمَّامِ بْنِ مُنَبِّهٍ، عَنْ أَبِي هُرَيْرَةَ، عَنِ النَّبِيِّ صلى الله عليه وسلم قَالَ ‏ "‏كُلُّ كَلْمٍ يُكْلَمُهُ الْمُسْلِمُ فِي سَبِيلِ اللَّهِ يَكُونُ يَوْمَ الْقِيَامَةِ كَهَيْئَتِهَا إِذْ طُعِنَتْ، تَفَجَّرُ دَمًا، اللَّوْنُ لَوْنُ الدَّمِ، وَالْعَرْفُ عَرْفُ الْمِسْكِ‏"‏‏.‏‏২৩৭. .... আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৱে নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৰা বর্ণনা কৰি কৈছে, ‘আল্লাহৰ ৰাস্তাত মুছলিমসকলৰ যিয়ে আঘাতপ্ৰাপ্ত হয়, কিয়ামতৰ দিনা তাৰ প্রতিটো আঘাত, আঘাতকালীন সময়ত যি অৱস্থাত আছিল তদ্রুপ হ’ব। তেজ ওলাই বৈ থাকিব। তাৰ ৰং হ’ব তেজৰ ৰং কিন্তু গোন্ধ হ’ব মিশকৰ দৰে।’ (সংশ্লিষ্ট হাদীছসমূহঃ ২৮০৩, ৫৫৩৩; মুছলিম ৩৩/২৮, হাদীছ নং ১৮৭৬, আহমাদ ৯১৯৮) (আ.প্ৰ. ২৩১, ই.ফা. ২৩৭)
পৰিচ্ছেদঃ ৭২, আবদ্ধ পানীত প্ৰস্ৰাব কৰা।# হাদীছ - 238حَدَّثَنَا أَبُو الْيَمَانِ، قَالَ أَخْبَرَنَا شُعَيْبٌ، قَالَ أَخْبَرَنَا أَبُو الزِّنَادِ، أَنَّ عَبْدَ الرَّحْمَنِ بْنَ هُرْمُزَ الأَعْرَجَ، حَدَّثَهُ أَنَّهُ، سَمِعَ أَبَا هُرَيْرَةَ، أَنَّهُ سَمِعَ رَسُولَ اللَّهِ صلى الله عليه وسلم يَقُولُ "‏نَحْنُ الآخِرُونَ السَّابِقُونَ‏"‏‏‏.২৩৮. .... আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ দ্বাৰা বৰ্ণিত, তেখেতে ৰাছুলুল্লাহ্ চাল্লাল্লাহু আলাইহি অছাল্লামক কোৱা শুনিছে যে, আমি শেষত আগমনকাৰী আৰু (কিয়ামতৰ দিনা) অগ্রৱৰ্তী। (সংশ্লিষ্ট হাদীছসমূহঃ ৮৭৬, ৮৯৬, ২৯৫৬, ৩৪৮৬, ৬৬২৪, ৬৮৮৭, ৭০৩৬, ৭৪৯৫ দ্ৰষ্টব্য) (আ.প্ৰ. নাই, ই.ফা. ২৩৮)
# হাদীছ - 239وَبِإِسْنَادِهِ قَالَ‏ “‏لاَيَبُولَنَّأَحَدُكُمْفِي الْمَاءِالدَّائِمِ الَّذِي لاَيَجْرِي،ثُمَّ يَغْتَسِلُ فِيهِ‏”‏‏.‏২৩৯. এই চনদতেই তেখেতে কৈছে, তোমালোকৰ কোনেও যেন স্থিৰ (যি প্ৰবাহিত নহয় এনেকুৱা) পানীত কেতিয়াও প্ৰস্ৰাব নকৰে। (সম্ভৱতঃ) পিছত তেওঁ পুনৰ তাতে গোছল কৰিব। (আ.প্ৰ. ২৩২, ই.ফা. ২৩৮ শেষাংশ)
পৰিচ্ছেদ: ৭৩, মুছল্লীৰ পিঠিৰ ওপৰত ময়লা বা মৃত জন্তু পেলালে তাৰ চালাত বাতিল নহয়।وَكَانَ ابْنُ عُمَرَ إِذَا رَأَى فِي ثَوْبِهِ دَمًا وَهُوَ يُصَلِّي وَضَعَهُ وَمَضَى فِي صَلاَتِهِ.
وَقَالَ ابْنُ الْمُسَيَّبِ وَالشَّعْبِيُّ إِذَا صَلَّى وَفِي ثَوْبِهِ دَمٌ أَوْ جَنَابَةٌ أَوْ لِغَيْرِ الْقِبْلَةِ أَوْ تَيَمَّمَ صَلَّى ثُمَّ أَدْرَكَ الْمَاءَ فِي وَقْتِهِ لاَ يُعِيدُ.
ইবনু ‘ওমৰ ৰাদ্বিয়াল্লাহু আনহুৱে চালাত আদায় কৰি থকা অৱস্থাত তেখেতৰ কাপোৰত তেজ দেখা পোৱাত তেনেকৈয়ে চালাত শেষ কৰিলে।
        ইবনুল মুচায়্যাব আৰু শ্বা’বী (ৰাহিমাহুল্লাহ)-এ কৈছে, যেতিয়া কোনোবাই চালাত আদায় কৰে আৰু তাৰ কাপোৰত তেজ অথবা জানাবাত (বীৰ্য)ৰ দাগ থাকে নাইবা সি কিবলা ব্যতীত অন্যফালে মুখ কৰে অথবা তায়াম্মুম কৰি চালাত আদায় কৰে তাৰ পিছত ওৱাক্তৰ ভিতৰতেই যদি পানী পোৱা যায় তথাপিও (চালাত) পুনৰাই পঢ়িব নালাগে।
# হাদীছ - 240عَبْدَانُ قَالَ أَخْبَرَنِي أَبِي عَنْ شُعْبَةَ عَنْ أَبِي إِسْحَاقَ عَنْ عَمْرِو بْنِ مَيْمُونٍ عَنْ عَبْدِ اللهِ قَالَ بَيْنَا رَسُولُ اللهِ صلى الله عليه وسلم سَاجِدٌ قَالَ ح و حَدَّثَنِي أَحْمَدُ بْنُ عُثْمَانَ قَالَ حَدَّثَنَا شُرَيْحُ بْنُ مَسْلَمَةَ قَالَ حَدَّثَنَا إِبْرَاهِيمُ بْنُ يُوسُفَ عَنْ أَبِيهِ عَنْ أَبِي إِسْحَاقَ قَالَ حَدَّثَنِي عَمْرُو بْنُ مَيْمُونٍ أَنَّ عَبْدَ اللهِ بْنَ مَسْعُودٍ حَدَّثَهُ أَنَّ النَّبِيَّ كَانَ يُصَلِّي عِنْدَ الْبَيْتِ وَأَبُو جَهْلٍ وَأَصْحَابٌ لَهُ جُلُوسٌ إِذْ قَالَ بَعْضُهُمْ لِبَعْض أَيُّكُمْ يَجِيءُ بِسَلَى جَزُورِ بَنِي فُلاَنٍ فَيَضَعُهُ عَلَى ظَهْرِ مُحَمَّدٍ إِذَا سَجَدَ فَانْبَعَثَ أَشْقَى الْقَوْمِ فَجَاءَ بِهِ فَنَظَرَ حَتَّى سَجَدَ النَّبِيُّ وَضَعَهُ عَلَى ظَهْرِهِ بَيْنَ كَتِفَيْهِ وَأَنَا أَنْظُرُ لاَ أُغْنِي شَيْئًا لَوْ كَانَ لِي مَنَعَةٌ قَالَ فَجَعَلُوا يَضْحَكُونَ وَيُحِيلُ بَعْضُهُمْ عَلَى بَعْضٍ وَرَسُولُ اللهِ صلى الله عليه وسلم سَاجِدٌ لاَ يَرْفَعُ رَأْسَهُ حَتَّى جَاءَتْهُ فَاطِمَةُ فَطَرَحَتْ عَنْ ظَهْرِهِ فَرَفَعَ رَسُولُ اللهِ صلى الله عليه وسلم رَأْسَهُ ثُمَّ قَالَ اللَّهُمَّ عَلَيْكَ بِقُرَيْشٍ ثَلاَثَ مَرَّاتٍ فَشَقَّ عَلَيْهِمْ إِذْ دَعَا عَلَيْهِمْ قَالَ وَكَانُوا يَرَوْنَ أَنَّ الدَّعْوَةَ فِي ذَلِكَ الْبَلَدِ مُسْتَجَابَةٌ ثُمَّ سَمَّى اللَّهُمَّ عَلَيْكَ بِأَبِي جَهْلٍ وَعَلَيْكَ بِعُتْبَةَ بْنِ رَبِيعَةَ وَشَيْبَةَ بْنِ رَبِيعَةَ وَالْوَلِيدِ بْنِ عُتْبَةَ وَأُمَيَّةَ بْنِ خَلَفٍ وَعُقْبَةَ بْنِ أَبِي مُعَيْطٍ وَعَدَّ السَّابِعَ فَلَمْ يَحْفَظْ قَالَ فَوَالَّذِي نَفْسِي بِيَدِهِ لَقَدْ رَأَيْتُ الَّذِينَ عَدَّ رَسُولُ اللهِ صلى الله عليه وسلم صَرْعَى فِي الْقَلِيبِ قَلِيبِ بَدْرٍ.২৪০. .... ‘আব্দুল্লাহ্ ইবনু মাছ’উদ (ৰাহিমাহুল্লাহ)-ৰ দ্বাৰা বর্ণিত, তেখেতে কৈছে, এবাৰ ৰাছুলুল্লাহ্ চাল্লাল্লাহু আলাইহি অছাল্লামে ছাজদাহ-ৰত অৱস্থাত আছিল। আন এটা সূত্রত ‘আব্দুল্লাহ ইবনু মাছ’উদ ৰাদ্বিয়াল্লাহু আনহুৱে বৰ্ণনা কৰিছে যে, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে এবাৰ বায়তুল্লাহৰ ওচৰত চালাত আদায় কৰি আছিল আৰু তাত আবু জাহল আৰু তাৰ আন আন সঙ্গীসকল বহি আছিল। এনে সময়ত সিহঁতৰ মাজৰ এজনে আনজনক কলে, ‘তোমালোকৰ মাজৰ কোনে অমুক গোত্রৰ উটনীৰ নাড়ী-ভুঁৰু আনি মুহাম্মদে যেতিয়া ছাজদাহ কৰিব তেতিয়া তাৰ পিঠিৰ ওপৰত ৰাখিবা?’ তেতিয়া কওমৰ ডাঙৰ পাষণ্ড (‘উকবা)-ই তৎক্ষণাত গৈ সেইবোৰ লৈ আহিল আৰু তেখেতৰ প্রতি লক্ষ্য ৰাখিলে। ৰাছুলুল্লাহ্ চাল্লাল্লাহু আলাইহি অছাল্লামে যেতিয়া ছাজদাহলৈ গ’ল, তেতিয়া সি তেখেতৰ পিঠিৰ ওপৰত দুই কান্ধৰ মাজত সেইবোৰ ৰাখি দিলে। ইবনু মাছ’উদ ৰাদ্বিয়াল্লাহু আনহুৱে ক’লে, মই (এই দৃশ্য) দেখিছিলোঁ, কিন্তু মোৰ কোনো উপায় নাছিল। হায়! মোৰ যদি কিছু প্রতিৰোধ শক্তি থাকিলহেঁতেন! তেখেতে ক’লে, সিহঁতে হাঁহিব ধৰিলে আৰু এজনে আনজনৰ ওপৰত লুটি-বাগৰ মাৰিব ধৰিলে। আৰু ৰাছুলুল্লাহ্ চাল্লাল্লাহু আলাইহি অছাল্লামে তেতিয়া ছাজদাহতেই থাকিল, মূৰ নুঠালে। অৱশেষত ফাতিমা ৰাদ্বিয়াল্লাহু আনহা আহিল আৰু সেইবোৰ তেখেতৰ পিঠিৰ ওপৰৰ পৰা আঁতৰাই দিলে। তাৰ পিছত ৰাছুলুল্লাহ্ চাল্লাল্লাহু আলাইহি অছাল্লামে মূৰ তুলি ক’লে, ইয়া আল্লাহ্! তুমি কুৰাইছক ধ্বংস কৰা। এনেকৈ তিনিবাৰ ক’লে। তেখেতে যেতিয়া সিহঁতক বদ দু’আ কৰিছিল তেতিয়া এই দুআই সিহঁতৰ অন্তৰত ভীতিৰ সঞ্চাৰ কৰিছিল। বর্ণনাকাৰীয়ে কৈছে, সিহঁতে জাঁনিছিল যে, এই চহৰত দু’আ কবুল হয়। ইয়াৰ পিছত তেখেতে নাম ধৰি ক’লে, ইয়া আল্লাহ! আবু জাহলক ধ্বংস কৰা। আৰু ‘উতবাহ ইবনু ৰবী’আ, শ্বাইবাহ ইবনু ৰবী’আ, অলীদ ইবনু ‘উতবাহ, উমাইয়্যাহ ইবনু খালাফ আৰু ‘উকবাহ ইবনু মু’আইতক ধ্বংস কৰা। ৰাবীয়ে কৈছে, তেখেতে সপ্তম ব্যক্তিৰ নামও কৈছিল, কিন্তু ৰাবীয়ে মনত ৰাখিব পৰা নাই। ইবনু মাছ’উদ ৰাদ্বিয়াল্লাহু আনহুৱে কৈছে, সেই সত্তাৰ শপত! যাৰ হাতত মোৰ প্ৰাণ, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে যাৰ নাম উচ্চাৰণ কৰিছিল, সিহঁতক মই বদৰৰ কুঁৱাৰ মাজত নিহত অৱস্থাত পৰি থকা দেখিছোঁ। (সংশ্লিষ্ট হাদীছসমূহঃ ৫২০, ২৯৩৪, ৩১৮৫, ৩৮৫৪, ৩৯৬০; মুছলিম ৩২/৩৯, হাদীছ নং ১৭৯৪, আহমাদ ৩৭২২) (আ.প্ৰ. ২৩৩, ই.ফা. ২৩৯)
পৰিচ্ছেদঃ ৭৪, থু, শেঙুন আদি কাপোৰত লগা।قَالَ عُرْوَةُ عَنِ الْمِسْوَرِ وَمَرْوَانَ خَرَجَ النَّبِيُّ صلى الله عليه وسلم زَمَنَ حُدَيْبِيَةَ فَذَكَرَ الْحَدِيثَ وَمَا تَنَخَّمَ النَّبِيُّ صلى الله عليه وسلم نُخَامَةً إِلاَّ وَقَعَتْ فِي كَفِّ رَجُلٍ مِنْهُمْ فَدَلَكَ بِهَا وَجْهَهُ وَجِلْدَهُ.
উৰুৱা (ৰাহিমাহুল্লাহ)-এ মিছওৱাৰ আৰু মাৰৱান (ৰাহিমাহুল্লাহ)-ৰ পৰা বর্ণনা কৰিছে, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে হুদাইবিয়াৰ সময়ত ওলাই গ’ল। ইয়াৰ পিছত পূর্ণ হাদীছ বর্ণনা কৰি তেখেতে কৈছে, ‘আৰু নবী চাল্লাল্লাহু আলাইহি অছাল্লামে (সিদিনা) যেতিয়াই নাকৰ পৰা কোনো শ্লেষ্মা পেলাছিল, তেতিয়াই সেয়া কাৰোবাৰ নহয় কাৰোবাৰ হাতত পৰিছিল। তাৰ পিছত (বৰকতস্বৰূপে) সেই ব্যক্তিয়ে সেয়া তাৰ মুখমণ্ডল আৰু শৰীৰত সানি লৈছিল।
# হাদীছ - 241مُحَمَّدُ بْنُ يُوسُفَ قَالَ حَدَّثَنَا سُفْيَانُ عَنْ حُمَيْدٍ عَنْ أَنَسِ بْنِ مَالِكٍ قَالَ بَزَقَ النَّبِيُّ صلى الله عليه وسلم فِي ثَوْبِهِ قَالَ أَبُو عَبْد اللهِ طَوَّلَهُ ابْنُ أَبِي مَرْيَمَ قَالَ أَخْبَرَنَا يَحْيَى بْنُ أَيُّوبَ حَدَّثَنِي حُمَيْدٌ قَالَ سَمِعْتُ أَنَسًا عَنِ النَّبِيِّ صلى الله عليه وسلم.২৪১. .... আনাছ ৰাদ্বিয়াল্লাহু আনহুৰ দ্বাৰা বৰ্ণিত, তেখেতে কৈছে, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে এবাৰ তেখেতৰ কাপোৰত থু পেলাইছিল।
ইমাম বুখাৰী (ৰাহিমাহুল্লাহ)-এ কৈছে যে, ইবনু মৰিয়মে এই হাদীছটো আনাছ ৰাদ্বিয়াল্লাহু আনহুৰ সূত্ৰত বিস্তাৰিতভাৱে বর্ণনা কৰিছে। (সংশ্লিষ্ট হাদীছসমূহঃ ৪০৫, ৪১২, ৪১৩, ৪১৭, ৫৩১, ৫৩২, ৮২২, ১৬১৪ দ্ৰষ্টব্য) (আ.প্ৰ. ২৩৪, ই.ফা. ২৪০)
পৰিচ্ছেদঃ ৭৫, নবীজ (খেজুৰ, কিচমিচ, মনাক্কা ইত্যাদি ভিজোৱা পানী) আৰু নিচাজাতীয় পানীয়ৰ দ্বাৰা অজু কৰা ঠিক নহয়।وَكَرِهَهُ الْحَسَنُ وَأَبُو الْعَالِيَةِ وَقَالَ عَطَاءٌ التَّيَمُّمُ أَحَبُّ إِلَيَّ مِنَ الْوُضُوءِ بِالنَّبِيذِ وَاللَّبَنِ.
হাছান (ৰাহিমাহুল্লাহ) আৰু আবুল ‘আলিয়া (ৰাহিমাহুল্লাহ)-য়ে ইয়াক মাকৰূহ বুলি কৈছে। ‘আতা (ৰাহিমাহুল্লাহে)- কৈছে, নবীয আৰু গাখীৰেৰে অজু কৰাতকৈ তায়াম্মুম কৰাই মোৰ ওচৰত পছন্দনীয়।
# হাদীছ - 242حَدَّثَنَا عَلِيُّ بْنُ عَبْدِ اللَّهِ، قَالَ حَدَّثَنَا سُفْيَانُ، قَالَ حَدَّثَنَا الزُّهْرِيُّ، عَنْ أَبِي سَلَمَةَ، عَنْ عَائِشَةَ، عَنِ النَّبِيِّ صلى الله عليه وسلم قَالَ "‏كُلُّ شَرَابٍ أَسْكَرَ فَهُوَ حَرَامٌ‏"‏‏‏.২৪২. .... ‘আইশ্বা ৰাদ্বিয়াল্লাহু আনহাৰ দ্বাৰা বৰ্ণিত, তেখেতে কৈছে, ৰাছুলুল্লাহ্ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে, ‘যিবোৰ পানীয় দ্ৰব্যই নিছা সৃষ্টি কৰে, সেইবোৰ হাৰাম।’ (সংশ্লিষ্ট হাদীছসমূহঃ ৫৫৮৫, ৫৫৮৬ দ্ৰষ্টব্য) (আ.প্ৰ. ২৩৫, ই.ফা. ২৪১)
পৰিচ্ছেদঃ ৭৬ পিতৃৰ মুখমণ্ডলৰ পৰা কন্যাৰ দ্বাৰা তেজ ধুই পেলোৱা।وَقَالَ أَبُو الْعَالِيَةِ امْسَحُوا عَلَى رِجْلِي فَإِنَّهَا مَرِيضَةٌ.
আবুল ‘আলিয়াহ (ৰাহিমাহুল্লাহ)-এ কৈছে, মোৰ ভৰি বিষাইছে, তোমালোকে মোৰ ভৰি মালিচ কৰি দিয়া।
# হাদীছ - 243حَدَّثَنَا مُحَمَّدٌ، قَالَ أَخْبَرَنَا سُفْيَانُ بْنُ عُيَيْنَةَ، عَنْ أَبِي حَازِمٍ، سَمِعَ سَهْلَ بْنَ سَعْدٍ السَّاعِدِيَّ،، وَسَأَلَهُ النَّاسُ، وَمَا بَيْنِي وَبَيْنَهُ أَحَدٌ بِأَىِّ شَىْءٍ دُووِيَ جُرْحُ النَّبِيِّ صلى الله عليه وسلم فَقَالَ مَا بَقِيَ أَحَدٌ أَعْلَمُ بِهِ مِنِّي، كَانَ عَلِيٌّ يَجِيءُ بِتُرْسِهِ فِيهِ مَاءٌ، وَفَاطِمَةُ تَغْسِلُ عَنْ وَجْهِهِ الدَّمَ، فَأُخِذَ حَصِيرٌ فَأُحْرِقَ فَحُشِيَ بِهِ جُرْحُ‏.২৪৩. .... আবু হাযিমে কৈছে, যেতিয়া মোৰ আৰু চাহল ইবনু ছা’দ আচ-চা’ইদী ৰাদ্বিয়াল্লাহু আনহুৰ মাজত কোনো নাছিল, সেই সময়ত মানুহসকলে তেখেতক প্রশ্ন কৰিলে, (উহুদ যুদ্ধত) কিহেৰে ৰাছুলুল্লাহ্ চাল্লাল্লাহু আলাইহি অছাল্লামৰ আঘাতৰ চিকিৎসা কৰা হৈছিল? তেতিয়া তেখেতে ক’লে, এই বিষয়ে মোতকৈ ভালদৰে জনা আন কোনো ব্যক্তি বৰ্তমান জীৱিত নাই। ‘আলী ৰাদ্বিয়াল্লাহু আনহুৱে তেখেতৰ ঢালত পানী আনিছিল আৰু ফাতিমা ৰাদ্বিয়াল্লাহু আনহাই তেখেতৰ মুখমণ্ডলৰ পৰা তেজ ধুই দিছিল। অৱশেষত ঢাৰি পুৰি (তাৰ ছাঁই) তেখেতৰ ক্ষতস্থানত দিয়া হৈছিল। (সংশ্লিষ্ট হাদীছসমূহঃ ২৯০৩, ২৯১১, ৩০৩৭, ৪০৭৫, ৫২৪৮, ৫৭২২ দ্ৰষ্টব্য) (আ.প্ৰ. ২৩৬, ই.ফা. ২৪২)
পৰিচ্ছেদঃ ৭৭, মিচওৱাক কৰা।وَقَالَ ابْنُ عَبَّاسٍ بِتُّ عِنْدَ النَّبِيِّ صلى الله عليه وسلم فَاسْتَنَّ.
ইবনু ‘আব্বাছ ৰাদ্বিয়াল্লাহু আনহুৱে কৈছে, মই নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওচৰত নিশা যাপন কৰিছিলোঁ। তেতিয়া তেখেতে মিচওৱাক কৰিছিল।
# হাদীছ - 244حَدَّثَنَا أَبُو النُّعْمَانِ، قَالَ حَدَّثَنَا حَمَّادُ بْنُ زَيْدٍ، عَنْ غَيْلاَنَ بْنِ جَرِيرٍ، عَنْ أَبِي بُرْدَةَ، عَنْ أَبِيهِ، قَالَ أَتَيْتُ النَّبِيَّ صلى الله عليه وسلم فَوَجَدْتُهُ يَسْتَنُّ بِسِوَاكٍ بِيَدِهِ يَقُولُ ‏ "‏أُعْ أُعْ‏"‏، وَالسِّوَاكُ فِي فِيهِ، كَأَنَّهُ يَتَهَوَّعُ‏.‏‏২৪৪. .... আবু বুৰদাহ (ৰাহিমাহুল্লাহ)-ৰ পিতৃ [আবু মুছা ৰাদ্বিয়াল্লাহু আনহু]-ৰ দ্বাৰা বর্ণিত, তেখেতে কৈছে, এবাৰ মই নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওচৰলৈ আহিলোঁ। তেতিয়া তেখেতক দেখিলোঁ তেখেতে মিছওৱাক কৰি আছে আৰু মিছওৱাক মুখত দি তেখেতে উঃ, উঃ শব্দ কৰিছে যেনিবা তেখেতে বমি কৰি আছে। (মুছলিম ২/১৫, হাদীছ নং ২৫৪, আহমাদ ১৯৭৫৮) (আ.প্ৰ. ২৩৭, ই.ফা. ২৪৩)
# হাদীছ - 245حَدَّثَنَا عُثْمَانُ، قَالَ حَدَّثَنَا جَرِيرٌ، عَنْ مَنْصُورٍ، عَنْ أَبِي وَائِلٍ، عَنْ حُذَيْفَةَ، قَالَ كَانَ النَّبِيُّ صلى الله عليه وسلم إِذَا قَامَ مِنَ اللَّيْلِ يَشُوصُ فَاهُ بِالسِّوَاكِ‏.‏‏২৪৫. .... হুজাইফা ৰাদ্বিয়াল্লাহু আনহুৰ দ্বাৰা বৰ্ণিত, তেখেতে কৈছে, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে যেতিয়া ৰাতি (চালাতৰ কাৰণে) উঠিছিল তেতিয়া মিছওৱাকৰ দ্বাৰা মুখ পৰিষ্কাৰ কৰিছিল। (সংশ্লিষ্ট হাদীছসমূহঃ ৮৮৯, ১১৩৬; মুছলিম ২/১৫, হাদীছ নং ২৫৫, আহমাদ ২৩৪৭৫) (আ.প্ৰ. ২৩৮, ই.ফা. ২৪৪)
পৰিচ্ছেদঃ ৭৮, জেষ্ঠ ব্যক্তিক মিচওৱাক প্ৰদান কৰা।# হাদীছ - 246وَقَالَ عَفَّانُ حَدَّثَنَا صَخْرُ بْنُ جُوَيْرِيَةَ، عَنْ نَافِعٍ، عَنِ ابْنِ عُمَرَ، أَنَّ النَّبِيَّ صلى الله عليه وسلم قَالَ ‏ "‏أَرَانِي أَتَسَوَّكُ بِسِوَاكٍ، فَجَاءَنِي رَجُلاَنِ أَحَدُهُمَا أَكْبَرُ مِنَ الآخَرِ، فَنَاوَلْتُ السِّوَاكَ الأَصْغَرَ مِنْهُمَا، فَقِيلَ لِي كَبِّرْ‏.‏ فَدَفَعْتُهُ إِلَى الأَكْبَرِ مِنْهُمَا‏"‏‏.‏ قَالَ أَبُو عَبْدِ اللَّهِ اخْتَصَرَهُ نُعَيْمٌ عَنِ ابْنِ الْمُبَارَكِ عَنْ أُسَامَةَ عَنْ نَافِعٍ عَنِ ابْنِ عُمَرَ‏.‏২৪৬. .... ইবনু ‘ওমৰ ৰাদ্বিয়াল্লাহু আনহুৰ দ্বাৰা বৰ্ণিত যে, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে, মই (সপোনত) দেখিলোঁ যে, মই মিছওৱাক কৰিছোঁ। মোৰ ওচৰত দুজন ব্যক্তি আহিল। এজন আনজনতকৈ বয়সত ডাঙৰ। তাৰ পিছত মই সিহঁতৰ মাজৰ কনিষ্ঠ ব্যক্তিজনক মিছওৱাক দিবলৈ গ’লোঁ। তেতিয়া মোক কোৱা হ’ল, ‘ডাঙৰজনক দিয়া।’ তেতিয়া মই সিহঁতৰ মাজৰ বয়সত ডাঙৰ ব্যক্তিজনক দিলোঁ।
আবু ‘আব্দুল্লাহে কৈছে, নু’আয়মে, ইবনুল মুবাৰকৰ সূত্রত ইবনু ‘ওমৰ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা হাদীছটো সংক্ষিপ্তভাৱে বর্ণনা কৰিছে। (মুছলিম ৪২/৪, হাদীছ নং ২২৭১, আহমাদ ৬১০৭) (আ.প্ৰ. ২৩৯, ই.ফা. ১৭২ অনুচ্ছেদ)
পৰিচ্ছেদঃ ৭৯, অজু কৰি টোপনি যোৱাৰ ফজিলত।# হাদীছ - 247حَدَّثَنَا مُحَمَّدُ بْنُ مُقَاتِلٍ، قَالَ أَخْبَرَنَا عَبْدُ اللَّهِ، قَالَ أَخْبَرَنَا سُفْيَانُ، عَنْ مَنْصُورٍ، عَنْ سَعْدِ بْنِ عُبَيْدَةَ، عَنِ الْبَرَاءِ بْنِ عَازِبٍ، قَالَ قَالَ النَّبِيُّ صلى الله عليه وسلم ‏"‏إِذَا أَتَيْتَ مَضْجَعَكَ فَتَوَضَّأْ وُضُوءَكَ لِلصَّلاَةِ، ثُمَّ اضْطَجِعْ عَلَى شِقِّكَ الأَيْمَنِ، ثُمَّ قُلِ اللَّهُمَّ أَسْلَمْتُ وَجْهِي إِلَيْكَ، وَفَوَّضْتُ أَمْرِي إِلَيْكَ، وَأَلْجَأْتُ ظَهْرِي إِلَيْكَ، رَغْبَةً وَرَهْبَةً إِلَيْكَ، لاَ مَلْجَأَ وَلاَ مَنْجَا مِنْكَ إِلاَّ إِلَيْكَ، اللَّهُمَّ آمَنْتُ بِكِتَابِكَ الَّذِي أَنْزَلْتَ، وَبِنَبِيِّكَ الَّذِي أَرْسَلْتَ‏.‏ فَإِنْ مُتَّ مِنْ لَيْلَتِكَ فَأَنْتَ عَلَى الْفِطْرَةِ، وَاجْعَلْهُنَّ آخِرَ مَا تَتَكَلَّمُ بِهِ‏"‏‏.‏ قَالَ فَرَدَّدْتُهَا عَلَى النَّبِيِّ صلى الله عليه وسلم فَلَمَّا بَلَغْتُ ‏"‏اللَّهُمَّ آمَنْتُ بِكِتَابِكَ الَّذِي أَنْزَلْتَ‏"‏‏.‏ قُلْتُ وَرَسُولِكَ‏.‏ قَالَ ‏"‏ لاَ، وَنَبِيِّكَ الَّذِي أَرْسَلْتَ‏.২৪৭. .... বাৰাআ ইবনু ‘আযিব ৰাদ্বিয়াল্লাহু আনহুৰ দ্বাৰা বৰ্ণিত, তেখেতে কৈছে, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে- ‘‘যেতিয়া তুমি বিছনালৈ যোৱা তেতিয়া চালাতৰ অজুৰ দৰে অজু কৰি লবা। তাৰ পিছত সোঁ- কাতিত শুই কবা—
    “হে আল্লাহ্! মোৰ জীৱন তোমাৰ ওচৰত সমর্পণ কৰিলোঁ। মোৰ সকলো কাম তোমাৰ ওচৰত অৰ্পন কৰিলোঁ আৰু মই তোমাৰ আশ্রয় গ্রহণ কৰিলোঁ, তোমাৰ প্রতি আগ্রহ আৰু ভয় লৈ। তোমাৰ বাহিৰে কোনো আশ্রয়স্থল আৰু নাজাতৰ স্থান নাই। হে আল্লাহ্! মই ঈমান আনিলোঁ তোমাৰ নাযিলকৃত কিতাবৰ ওপৰত আৰু তোমাৰ প্রেৰিত নবীৰ ওপৰত।”
    তাৰ পিছত যদি সেই ৰাতি তোমাৰ মৃত্যু হয়, তেনেহ’লে ফিতৰাতে ইছলামৰ ওপৰত তোমাৰ মৃত্যু হ’ব। এই কথাবোৰ তোমাৰ সৰ্বশেষ কথাত পৰিণত কৰা। তেখেতে কৈছে, ‘মই নবী চাল্লাল্লাহু আলাইহি অছাল্লামক এই কথাবোৰ পুনৰাই শুনালোঁ। যেতিয়া اللَّهُمَّ آمَنْتُ بِكِتَابِكَ الَّذِي أَنْزَلْتَ পর্যন্ত আহি وَرَسولِكَ ক’লো, তেতিয়া তেখেতে ক’লে, ‘নহয়; বৰং ووَنَبِيِّكَ الَّذِي أَرْسَلْتَ কোৱা।’[1] (সংশ্লিষ্ট হাদীছসমূহঃ ৬৩১১, ৬৩১৩, ৬৩১৫, ৭৪৮৮; মুছলিম ৪৮/১৭, হাদীছ নং ২৭১০, আহমাদ ১৮৫৮৫) (আ.প্ৰ. ২৪০, ই.ফা. ২৪৫)

[1] দু‘আত ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ দ্বাৰা বৰ্ণিত শব্দৰ পৰিৱৰ্তন কৰিব নোৱাৰি। আৰু নিজৰ ফালৰ পৰা তৈয়াৰ কৰিব বৈধ নহয় কাৰণআমল কবুল হোৱাৰ দুটা চৰ্ত আছে—() ইখলাছ বা নিষ্ঠাৰ সৈতে একমাত্ৰ আল্লাহৰ উদ্দেশ্যে লাগিব () নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ হুবহু অনুসৰণ লাগিব আল্লাহৰ ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামে যি দু যেনেকৈ শিক্ষা দিছে ঠিক তেনেকৈ দু পঢ়িব লাগিব দুআৰ লগত শব্দৰ সংযোজন বা বিয়োজন সম্পূৰ্ণ অবৈধ আৰু বিদআত