chapter-note-beforechapterchapter-note-afterhadith-numberhadith-arabichadith-assamesehadith-note
আৰু আল্লাহৰ বাণীঃ “আৰু সিহঁতে তোমাক হায়েজ সম্পৰ্কে প্ৰশ্ন কৰে, কোৱা, ‘ই এবিধ অশুচি’। এতেকে তোমালোকে হায়েজ অৱস্থাত স্ত্ৰী-সংগমৰ পৰা বিৰত থাকা আৰু পবিত্ৰ নোহোৱালৈকে (সংগমৰ বাবে) সিহঁতৰ নিকটৱৰ্তী নহ’বা। তাৰ পিছত সিহঁতে যেতিয়া উত্তমৰূপে পৰিশুদ্ধ হ’ব তেতিয়া সিহঁতৰ ওচৰত ঠিক তেনেকৈ গমন কৰিবা যেনেকৈ আল্লাহে তোমালোকক আদেশ দিছে। নিশ্চয় আল্লাহে তাওবাকাৰীক ভালপায় আৰু সিহঁতকো ভালপায় যিসকলে অধিক পবিত্ৰতা অৰ্জন কৰে।’’ (ছূৰা আল-বাক্বাৰাহ ২/২২২)পৰিচ্ছেদ: ১, হায়েজৰ ইতিকথা।নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ এইটো এনেকুৱা এটি বিষয় যাক আল্লাহ তা‘আলাই আদম-কন্যাসকলৰ বাবে নির্ধাৰণ কৰি দিছে। কিছুমানৰ মতে সর্বপ্রথম হায়েজ আৰম্ভ হয় বনী ইছৰাঈলী মহিলাসকলৰ মাজত। আবূ ‘আব্দুল্লাহ বুখাৰী (ৰাহিমাহুল্লাহ)-এ কৈছে, নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ হাদীছেই গ্রহণযোগ্য।
পৰিচ্ছেদ: ২, ঋতুকালীন অৱস্থাত ঋতুৱতী মহিলাসকলৰ কাৰণে নিৰ্দেশ।হাদীছ - 294. حَدَّثَنَا عَلِيُّ بْنُ عَبْدِ اللَّهِ، قَالَ حَدَّثَنَا سُفْيَانُ، قَالَ سَمِعْتُ عَبْدَ الرَّحْمَنِ بْنَ الْقَاسِمِ، قَالَ سَمِعْتُ الْقَاسِمَ، يَقُولُ سَمِعْتُ عَائِشَةَ، تَقُولُ خَرَجْنَا لاَ نَرَى إِلاَّ الْحَجَّ، فَلَمَّا كُنَّا بِسَرِفَ حِضْتُ، فَدَخَلَ عَلَىَّ رَسُولُ اللَّهِ صلى الله عليه وسلم وَأَنَا أَبْكِي قَالَ ‏"‏ مَا لَكِ أَنُفِسْتِ ‏"‏‏.‏ قُلْتُ نَعَمْ‏.‏ قَالَ ‏"‏ إِنَّ هَذَا أَمْرٌ كَتَبَهُ اللَّهُ عَلَى بَنَاتِ آدَمَ، فَاقْضِي مَا يَقْضِي الْحَاجُّ، غَيْرَ أَنْ لاَ تَطُوفِي بِالْبَيْتِ ‏"‏‏.‏ قَالَتْ وَضَحَّى رَسُولُ اللَّهِ صلى الله عليه وسلم عَنْ نِسَائِهِ بِالْبَقَرِ‏.‏২৯৪-... আইশ্বা ৰাদ্বিয়াল্লাহু আনহাৰ পৰা বৰ্ণিত। তেখেতে কৈছেঃ আমি হজ্জৰ উদ্দেশ্যে (মদিনাৰ পৰা) বাহিৰ হ’লো। ‘ছাৰিফ’ নামক স্থানত উপস্থিত হোৱাৰ পিছত মোৰ হায়েজ আৰম্ভ হ’ল। আল্লাহৰ ৰাছূল চাল্লাল্লাহু আলাইহি অছাল্লামে আহি মোক কান্দি থকা দেখিলে আৰু ক’লেঃ কি হ’ল তোমাৰ? তোমাৰ হায়েজ হৈছে নেকি? মই ক’লোঁ, হয়। তেখেতে ক’লেঃ এয়া তো আল্লাহ তা‘আলাই আদম-কন্যাসকলৰ কাৰণে নির্ধাৰণ কৰি দিছে। গতিকে তুমি বাইতুল্লাহৰ ত্বওৱাফৰ বাহিৰে হজ্জৰ বাকী সকলো কাম কৰি যোৱা। ‘আইশ্বা ৰাদ্বিয়াল্লাহু আনহাই কৈছেঃ আল্লাহৰ ৰাছূল চাল্লাল্লাহু আলাইহি অছাল্লামে তেখেতৰ স্ত্রীসকলৰ তৰফৰ পৰা গৰু কুৰবানী কৰিছিল।
(সংশ্লিষ্ট হাদীছসমূহঃ ৩০৫, ৩১৬, ৩১৭, ৩১৯, ৩২৮, ১৫১৬, ১৫১৮, ১৫৫৬, ১৫৬০, ১৫৬১, ১৫৬২, ১২৩৮, ১৬৫০, ১৭০৯, ১৭২০, ১৭৩৩, ১৭৫৭, ১৭৬২, ১৭৭১, ১৭৭২, ১৭৮৩, ১৭৮৬, ১৭৮৭, ১৭৮৮, ২৯৫২, ২৯৮৪, ৪৩৯৫, ৪৪০১, ৪৪০৮, ৫৩২৯, ৫৫৪৮, ৫৫৫৯, ৬১৫৭,৭২২৯; মুছলিম ১৫/১৭, হাদীছ নং ১২১১) (আ.প্র. ২৮৫, ই.ফা. ২৯০)
পৰিচ্ছেদ: ৩, হায়েজ অৱস্থাত স্বামীৰ মূৰ ধুই দিয়া আৰু চুলি ফণিয়াই দিয়া।হাদীছ - 295. حَدَّثَنَا عَبْدُ اللَّهِ بْنُ يُوسُفَ، قَالَ حَدَّثَنَا مَالِكٌ، عَنْ هِشَامِ بْنِ عُرْوَةَ، عَنْ أَبِيهِ، عَنْ عَائِشَةَ، قَالَتْ كُنْتُ أُرَجِّلُ رَأْسَ رَسُولِ اللَّهِ صلى الله عليه وسلم وَأَنَا حَائِضٌ‏.‏২৯৫-... ‘আইশ্বা ৰাদ্বিয়াল্লাহু আনহাৰ পৰা বৰ্ণিত। তেখেতে কৈছেঃ মই হায়েজ অৱস্থাত আল্লাহৰ ৰাছূল চাল্লাল্লাহু আলাইহি অছাল্লামৰ মূৰৰ চুলি ফণিয়াই দিছিলোঁ। (সংশ্লিষ্ট হাদীছসমূহঃ ২৯৬, ৩০১, ২০২৮, ২০৩০, ২০৩১, ২০৪৬, ৫৯২৫ দ্ৰষ্টব্য) (আ.প্র. ২৮৬, ই.ফা. ২৯১)
হাদীছ- 296. حَدَّثَنَا إِبْرَاهِيمُ بْنُ مُوسَى، قَالَ أَخْبَرَنَا هِشَامُ بْنُ يُوسُفَ، أَنَّ ابْنَ جُرَيْجٍ، أَخْبَرَهُمْ قَالَ أَخْبَرَنِي هِشَامٌ، عَنْ عُرْوَةَ، أَنَّهُ سُئِلَ أَتَخْدُمُنِي الْحَائِضُ أَوْ تَدْنُو مِنِّي الْمَرْأَةُ وَهْىَ جُنُبٌ فَقَالَ عُرْوَةُ كُلُّ ذَلِكَ عَلَىَّ هَيِّنٌ، وَكُلُّ ذَلِكَ تَخْدُمُنِي، وَلَيْسَ عَلَى أَحَدٍ فِي ذَلِكَ بَأْسٌ، أَخْبَرَتْنِي عَائِشَةُ أَنَّهَا كَانَتْ تُرَجِّلُ ـ تَعْنِي ـ رَأْسَ رَسُولِ اللَّهِ صلى الله عليه وسلم وَهِيَ حَائِضٌ، وَرَسُولُ اللَّهِ صلى الله عليه وسلم حِينَئِذٍ مُجَاوِرٌ فِي الْمَسْجِدِ، يُدْنِي لَهَا رَأْسَهُ وَهْىَ فِي حُجْرَتِهَا، فَتُرَجِّلُهُ وَهْىَ حَائِضٌ‏.২৯৬... উৰওৱাহ (ৰাহিমাহুল্লাহ)-ৰ পৰা বর্ণিতঃ তেখেতক (‘উৰওৱাক) প্রশ্ন কৰা হৈছিল যে, ঋতুৱতী স্ত্রীয়ে স্বামীৰ খিদমত কৰিব পাৰিবনে? অথবা গোছল ফৰজ হোৱা অৱস্থাত স্ত্রী স্বামীৰ ওচৰলৈ যাব পাৰেনে? ‘উৰওৱাহ (ৰাহিমাহুল্লাহ)-এ জবাব দিলে, এই সকলোবোৰেই আমাৰ ওচৰত সহজ। এনে ধৰণৰ সকলো মহিলাই স্বামীৰ খিদমত কৰিব পাৰে। এই ক্ষেত্ৰত কাৰো অসুবিধা থকাৰ কাৰণ নাই। মোক ‘আইশ্বা ৰাদ্বিয়াল্লাহু আনহাই কৈছে যে, তেখেতে হায়েজৰ অবস্থাত আল্লাহৰ ৰাছূল চাল্লাল্লাহু আলাইহি অছাল্লামৰ চুলি আঁচুৰি দিছিল। আৰু আল্লাহৰ ৰাছূল চাল্লাল্লাহু আলাইহি অছাল্লামে মু‘তাফিক অৱস্থাত মছজিদৰ পৰা তেখেতৰ (‘আইশ্বাৰ) হুজৰাৰ ফালে তেখেতৰ ওচৰত মূৰটো আগবঢ়াই দিছিল। তেতিয়া তেখেতে মূৰৰ চুলি আঁচুৰি দিছিল অথচ তেখেত আছিল ঋতুৱতী। (২৯৫) (আ.প্র. ২৮৭ শেষাংশ, ই.ফা. ২৯২)
পৰিচ্ছেদ : ৪, স্ত্রীৰ হায়েজ অৱস্থাত তেওঁৰ কোলাত মূৰ থৈ কুৰআন তিলাওৱাত কৰা।আবু ওৱাইল (ৰাহিমাহুল্লাহ)-এ তেখেতৰ ঋতুৱতী দাসীক আবু ৰাযিন (ৰাহিমাহুল্লাহ)-ৰ ওচৰলৈ পঠালে, আৰু দাসী জুযদানে মেৰিয়াই কুৰআন মাজিদ লৈ আহিল।হাদীছ- 297حَدَّثَنَا أَبُو نُعَيْمٍ الْفَضْلُ بْنُ دُكَيْنٍ، سَمِعَ زُهَيْرًا، عَنْ مَنْصُورٍ ابْنِ صَفِيَّةَ، أَنَّ أُمَّهُ، حَدَّثَتْهُ أَنَّ عَائِشَةَ حَدَّثَتْهَا أَنَّ النَّبِيَّ صلى الله عليه وسلم كَانَ يَتَّكِئُ فِي حَجْرِي وَأَنَا حَائِضٌ، ثُمَّ يَقْرَأُ الْقُرْآنَ.‏২৯৭. ‘আইশ্বা ৰাদ্বিয়াল্লাহু আনহাৰ পৰা বৰ্ণিত, তেখেতে কৈছে, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে মোৰ কোলাত আঁউজি কুৰআন তিলাওৱাত কৰিছিল; আৰু তেতিয়া মই হায়েজৰ অৱস্থাত আছিলোঁ।(৭৫৪৯; মুছলিম ৩/৩, হাদীছ নং ৩০১) (আ.প্র. ২৮৮, ই.ফা. ২৯৩)
পৰিচ্ছেদ : ৫, যিসকলে নিফাচক হায়েজ আৰু হায়েজক নিফাচ বুলি কয়।হাদীছ- 298حَدَّثَنَا الْمَكِّيُّ بْنُ إِبْرَاهِيمَ، قَالَ حَدَّثَنَا هِشَامٌ، عَنْ يَحْيَى بْنِ أَبِي كَثِيرٍ، عَنْ أَبِي سَلَمَةَ، أَنَّ زَيْنَبَ ابْنَةَ أُمِّ سَلَمَةَ، حَدَّثَتْهُ أَنَّ أُمَّ سَلَمَةَ حَدَّثَتْهَا قَالَتْ، بَيْنَا أَنَا مَعَ النَّبِيِّ، صلى الله عليه وسلم مُضْطَجِعَةً فِي خَمِيصَةٍ إِذْ حِضْتُ، فَانْسَلَلْتُ فَأَخَذْتُ ثِيَابَ حِيضَتِي قَالَ ‏ "‏أَنُفِسْتِ‏"‏‏.‏ قُلْتُ نَعَمْ‏.‏ فَدَعَانِي فَاضْطَجَعْتُ مَعَهُ فِي الْخَمِيلَةِ‏.‏‏২৯৮. উম্মু চালামা ৰাদ্বিয়াল্লাহু আনহাৰ পৰা বৰ্ণিত, তেখেতে কৈছে, মই নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ সৈতে একেখন চাদৰৰ তলত শুই আছিলোঁ। হঠাতে মোৰ হায়েজ দেখা দিয়াত মই মনে মনে ওলাই গৈ হায়েজৰ কাপোৰ পৰিধান কৰি ললোঁ। তেখেতে ক’লে, তোমাৰ নিফাচ দেখা দিছে নেকি? মই ক’লোঁ, হয়। তেতিয়া তেখেতে মোক মাতিলে। মই তেখেতৰ সৈতে চাদৰৰ ভিতৰত শুই পৰিলোঁ।(৩২২, ৩২৩, ১৯২৯; মুছলিম ৩/২, হাদীছ নং ২৯৬, আহমাদ ২৬৫৮৭) (আ.প্র. ২৮৯, ই.ফা. ২৯৪)
পৰিচ্ছেদ : ৬, হায়েজ অৱস্থাত স্ত্রীৰ সৈতে সংস্পর্শ কৰা।হাদীছ- 299حَدَّثَنَا قَبِيصَةُ، قَالَ حَدَّثَنَا سُفْيَانُ، عَنْ مَنْصُورٍ، عَنْ إِبْرَاهِيمَ، عَنِ الأَسْوَدِ، عَنْ عَائِشَةَ، قَالَتْ كُنْتُ أَغْتَسِلُ أَنَا وَالنَّبِيُّ صلى الله عليه وسلم ، مِنْ إِنَاءٍ وَاحِدٍ، كِلاَنَا جُنُبٌ‏.‏২৯৯. ‘আইশ্বা ৰাদ্বিয়াল্লাহু আনহাৰ পৰা বৰ্ণিত। তেখেতে কৈছেঃ মই আৰু নবী চাল্লাল্লাহু আলাইহি অছাল্লামে জানাবাত অৱস্থাত একেই পাত্রৰ পৰা পানী লৈ গোছল কৰিছোঁ।(২৫০) (আ.প্র. ২৯০, ই.ফা. ২৯৫)
হাদীছ- 300وَكَانَ يَأْمُرُنِي فَأَتَّزِرُ، فَيُبَاشِرُنِي وَأَنَا حَائِضٌ‏.وَكَانَ يَأْمُرُنِي فَأَتَّزِرُ، فَيُبَاشِرُنِي وَأَنَا حَائِضٌ‏.৩০০. আৰু তেখেতে মোক নির্দেশ দিয়াত মই ইযাৰ পিন্ধিছিলোঁ, মোৰ হায়েজ অৱস্থাত তেখেতে মোৰ সৈতে আলিঙ্গন কৰিছে।(৩০২, ২০৩০ দ্রষ্টব্য) (আ.প্র. ২৯০, ই.ফা. ২৯৫)
হাদীছ- 301وَكَانَ يُخْرِجُ رَأْسَهُ إِلَىَّ وَهُوَ مُعْتَكِفٌ، فَأَغْسِلُهُ وَأَنَا حَائِضٌ‏.‏৩০১. তাৰোপৰি তেখেতে ই’তিকাফ অৱস্থাত মূৰ বাহিৰ কৰি দিলে, আৰু মই হায়েজ অৱস্থাত মূৰ ধুৱাই দিলোঁ।(২৯৫) (আ.প্র. ২৯০, ই.ফা. ২৯৫)
হাদীছ- 302حَدَّثَنَا إِسْمَاعِيلُ بْنُ خَلِيلٍ، قَالَ أَخْبَرَنَا عَلِيُّ بْنُ مُسْهِرٍ، قَالَ أَخْبَرَنَا أَبُو إِسْحَاقَ ـ هُوَ الشَّيْبَانِيُّ ـ عَنْ عَبْدِ الرَّحْمَنِ بْنِ الأَسْوَدِ، عَنْ أَبِيهِ، عَنْ عَائِشَةَ، قَالَتْ كَانَتْ إِحْدَانَا إِذَا كَانَتْ حَائِضًا، فَأَرَادَ رَسُولُ اللَّهِ صلى الله عليه وسلم أَنْ يُبَاشِرَهَا، أَمَرَهَا أَنْ تَتَّزِرَ فِي فَوْرِ حَيْضَتِهَا ثُمَّ يُبَاشِرُهَا‏.‏ قَالَتْ وَأَيُّكُمْ يَمْلِكُ إِرْبَهُ كَمَا كَانَ النَّبِيُّ صلى الله عليه وسلم يَمْلِكُ إِرْبَهُ‏.‏ تَابَعَهُ خَالِدٌ وَجَرِيرٌ عَنِ الشَّيْبَانِيِّ‏.‏‏৩০২. ‘আইশ্বা ৰাদ্বিয়াল্লাহু আনহাৰ পৰা বৰ্ণিত। তেখেতে কৈছেঃ আমাৰ কোনোৱে হায়েজ অৱস্থাত থাকিলে আল্লাহৰ ৰাছূল চাল্লাল্লাহু আলাইহি অছাল্লামে তেওঁৰ সৈতে আলিঙ্গন কৰিব বিচাৰিলে অতিমাত্ৰা হায়েজ অৱস্থাত তেখেতেক ইযাৰ পৰিধান কৰাৰ নির্দেশ দিছিল। তাৰ পিছত তেখেতৰ সৈতে আলিঙ্গন কৰিছিল। তেখেতে [‘আইশ্বা ৰাদ্বিআল্লাহু আনহাই] কৈছে, তোমালোকৰ মাজত নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ দৰে কাম-প্রবৃত্তি দমন কৰাৰ শক্তি কাৰ আছে? খালিদ ও জাৰীৰ (ৰাহিমাহুল্লাহ)-এ শ্বআয়বানী (ৰাহিমাহুল্লাহ)-ৰ পৰা এই হাদীছৰ অনুৰূপ বর্ণনা কৰিছে।(৩০০; মুছলিম ৩/১, হাদীছ নং ২৯৩) (আ.প্র. ২৯১, ই.ফা. ২৯৬)
হাদীছ- 303حَدَّثَنَا أَبُو النُّعْمَانِ، قَالَ حَدَّثَنَا عَبْدُ الْوَاحِدِ، قَالَ حَدَّثَنَا الشَّيْبَانِيُّ، قَالَ حَدَّثَنَا عَبْدُ اللَّهِ بْنُ شَدَّادٍ، قَالَ سَمِعْتُ مَيْمُونَةَ، كَانَ رَسُولُ اللَّهِ صلى الله عليه وسلم إِذَا أَرَادَ أَنْ يُبَاشِرَ امْرَأَةً مِنْ نِسَائِهِ أَمَرَهَا فَاتَّزَرَتْ وَهْىَ حَائِضٌ‏.‏ وَرَوَاهُ سُفْيَانُ عَنِ الشَّيْبَانِيِّ‏.‏‏৩০৩. মাইমূনা ৰাদ্বিয়াল্লাহু আনহাৰ পৰা বৰ্ণিত, তেখেতে কৈছেঃ ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে তেখেতৰ কোনো স্ত্রীৰ সৈতে হায়েজ অৱস্থাত আলিঙ্গন কৰিব বিচাৰিলে তেখেতেক ইযাৰ পিন্ধিবলৈ কৈছিল। শ্বায়বানী (ৰাহিমাহুল্লাহ)-ৰ পৰা ছুফিয়ান (ৰাহিমাহুল্লাহ)-এ বর্ণনা কৰিছে।(মুছলিম ৩/১, হাদীছ নং ২৯৪, আহমাদ ২৬৯১৮) (আ.প্র. ২৯২, ই.ফা. ২৯৭)
পৰিচ্ছেদ : ৭, হায়েজ অৱস্থাত ছওম পৰিত্যাগ কৰা।হাদীছ- 304حَدَّثَنَا سَعِيدُ بْنُ أَبِي مَرْيَمَ، قَالَ أَخْبَرَنَا مُحَمَّدُ بْنُ جَعْفَرٍ، قَالَ أَخْبَرَنِي زَيْدٌ ـ هُوَ ابْنُ أَسْلَمَ ـ عَنْ عِيَاضِ بْنِ عَبْدِ اللَّهِ، عَنْ أَبِي سَعِيدٍ الْخُدْرِيِّ، قَالَ خَرَجَ رَسُولُ اللَّهِ صلى الله عليه وسلم فِي أَضْحًى ـ أَوْ فِطْرٍ ـ إِلَى الْمُصَلَّى، فَمَرَّ عَلَى النِّسَاءِ فَقَالَ ‏"‏يَا مَعْشَرَ النِّسَاءِ تَصَدَّقْنَ، فَإِنِّي أُرِيتُكُنَّ أَكْثَرَ أَهْلِ النَّارِ‏"‏‏.‏ فَقُلْنَ وَبِمَ يَا رَسُولَ اللَّهِ قَالَ ‏"‏تُكْثِرْنَ اللَّعْنَ، وَتَكْفُرْنَ الْعَشِيرَ، مَا رَأَيْتُ مِنْ نَاقِصَاتِ عَقْلٍ وَدِينٍ أَذْهَبَ لِلُبِّ الرَّجُلِ الْحَازِمِ مِنْ إِحْدَاكُنَّ‏"‏‏.‏ قُلْنَ وَمَا نُقْصَانُ دِينِنَا وَعَقْلِنَا يَا رَسُولَ اللَّهِ قَالَ ‏"‏أَلَيْسَ شَهَادَةُ الْمَرْأَةِ مِثْلَ نِصْفِ شَهَادَةِ الرَّجُلِ‏"‏‏.‏ قُلْنَ بَلَى‏.‏ قَالَ ‏"‏فَذَلِكَ مِنْ نُقْصَانِ عَقْلِهَا، أَلَيْسَ إِذَا حَاضَتْ لَمْ تُصَلِّ وَلَمْ تَصُمْ‏"‏‏.‏ قُلْنَ بَلَى‏.‏ قَالَ ‏"‏فَذَلِكَ مِنْ نُقْصَانِ دِينِهَا‏‏"‏.৩০৪. আবূ ছাঈদ খুদৰী ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, এবাৰ ঈদুল আযহা অথবা ঈদুল ফিতৰৰ ছালাত আদায়ৰ কাৰণে আল্লাহৰ ৰাছূল চাল্লাল্লাহু আলাইহি অছাল্লামে ঈদগাহৰ ফালে গৈ আছিল। তেখেতে মহিলাসকলৰ ওচৰেদি যোৱাৰ সময়ত ক’লে, হে মহিলা সমাজ! তোমালোকে ছদাক্কাহ কৰি থাকা। কাৰণ মই দেখিছোঁ জাহান্নামৰ অধিবাসীসকলৰ ভিতৰত তোমালোকেই অধিক। তেওঁলোকে প্ৰশ্ন কৰিলে, কিহৰ কাৰণে, হে আল্লাহৰ ৰাছূল? তেখেতে ক’লে, তোমালোকে অধিক পৰিমাণে অভিশাপ দি থাকা আৰু স্বামীৰ অকৃতজ্ঞ হোৱা। বুদ্ধি আৰু দ্বীনৰ ক্ষেত্ৰত ভুল থকা সত্ত্বেও এজন সদাসতর্ক ব্যক্তিৰ বুদ্ধি হৰণত তোমালোকতকৈ পাৰদর্শী মই আন কাকো দেখা নাই। তেওঁলোকে ক’লে, আমাৰ দ্বীন আৰু বুদ্ধিৰ ভুল ক’ত, হে আল্লাহৰ ৰাছূল? তেখেতে ক’লে, এগৰাকী মহিলাৰ সাক্ষ্য এজন পুৰুষৰ সাক্ষ্যৰ আধা নহয়নে? তেওঁলোকে উত্তৰ দিলে, হয়। তেতিয়া তেখেতে ক’লে, এয়া হৈছে তেওঁলোকে বুদ্ধিৰ ত্রুটি। আনহাতে হায়েজ অৱস্থাত তেওঁলোকে ছালাত আৰু ছিয়ামৰ পৰা বিৰত নাথাকেনে? তেওঁলোকে ক’লে, হয়। তেখেতে ক’লে, এয়া হৈছে তেওঁলোকে দ্বীনৰ ত্রুটি।(১৪৬২, ১৯৫১, ২৬৫৮; মুছলিম ১/৩৪, হাদীছ নং ৭৯, ৮০ আহমাদ ৫৪৪৩) (আ.প্র. ২৯৩, ই.ফা. ২৯৮)
পৰিচ্ছেদ : ৮, ঋতুমতী নাৰীয়ে কাবা গৃহৰ ত্বওৱাফৰ বাহিৰে হজ্জৰ যাৱতীয় বিধান পালন কৰিব।ইব্রাহীম (ৰাহিমাহুল্লাহ)-এ কৈছেঃ (হায়েজ অৱস্থাত) আয়াত পাঠ কৰাত কোনো দোষ নাই। ইবনু ‘আব্বাছ ৰাদ্বিআল্লাহু আনহুৱে জুনুবী অৱস্থাত কুৰআন পাঠ কৰাটো দোষণীয় বুলি ভৱা নাছিল। নবী চাল্লাল্লাহু আলাইহি অছাল্লামে সর্বাৱস্থাত আল্লাহৰ জিকিৰ কৰিছিল। উম্মু ‘আতিয়্যাহ ৰাদ্বিয়াল্লাহু আনহাই কৈছেঃ (ঈদৰ দিনা) হায়েজ অৱস্থাত থকা মহিলাসকলকো বাহিৰলৈ লৈ অহাৰ কাৰণে আমাক কোৱা হৈছিল, যাতে তেওঁলোকে পুৰুষসকলৰ সৈতে তাকবীৰ কয় ও দু‘আ কৰে। ইবনু ‘আব্বাছ ৰাদ্বিআল্লাহু আনহুৱে আবূ ছুফ্ইয়ান ৰাদ্বিআল্লাহু আনহুৰ পৰা বর্ণনা কৰে যে, হিৰাক্লিয়াছে (ৰোম সম্রাট) নবী চাল্লাল্লাহু ‘আলাইহি অছাল্লামৰ পত্র চাই ললে আৰু সেইখন পাঠ কৰিলে। তাত লিখা আছিলঃ ‘হে কিতাবীসকল! আহা সেই কথাৰ পিনে যিটো আমাৰ আৰু তোমালোকৰ মাজত মিল আছে; সেয়া হৈছে- আমি যেন একমাত্ৰ আল্লাহৰ বাহিৰে আন কাৰোঁ ইবাদত নকৰোঁ, তেওঁৰ লগত আন কাকো অংশী স্থাপন নকৰোঁ আৰু আমাৰ মাজৰ কোনোৱে যাতে ইজনে সিজনক ৰব হিচাপে গ্ৰহণ নকৰে’। তথাপিও যদি সিহঁতে মুখ ঘূৰাই লয়, তেনেহ’লে তোমালোকে কোৱা, ‘তোমালোকে সাক্ষী থাকা যে, নিশ্চয় আমি মুছলিম’ (ছূৰা আলে-‘ইমৰান ৩/৬৪)। ‘আত্বা (ৰাহিমাহুল্লাহ)-এ জাবিৰ ৰাদ্বিআল্লাহু আনহুৰ পৰা বর্ণনা কৰে যে, ‘আইশ্বা ৰাদ্বিআল্লাহু আনহাই হায়েজ অৱস্থাত কা‘বা ত্বওৱাফ কৰাৰ বাহিৰে হজ্জৰ অন্যান্য আহকাম পালন কৰিছে, কিন্তু ছালাত আদায় কৰা নাই। হাকাম (ৰাহিমাহুল্লাহ)-এ কৈছেঃ মই জুনুবী অৱস্থাতো যবেহ কৰোঁ। অথচ আল্লাহৰ বাণী হ’লঃ “আৰু যিটোৰ (জন্তুৰ) ওপৰত আল্লাহৰ নাম লোৱা হোৱা নাই তাৰ (মাংসৰ) পৰা তোমালোকে একো নাখাবা।’’ (ছূৰা আন‘আম ৬/১২১)হাদীছ- 305حَدَّثَنَا أَبُو نُعَيْمٍ، قَالَ حَدَّثَنَا عَبْدُ الْعَزِيزِ بْنُ أَبِي سَلَمَةَ، عَنْ عَبْدِ الرَّحْمَنِ بْنِ الْقَاسِمِ، عَنِ الْقَاسِمِ بْنِ مُحَمَّدٍ، عَنْ عَائِشَةَ، قَالَتْ خَرَجْنَا مَعَ النَّبِيِّ صلى الله عليه وسلم لاَ نَذْكُرُ إِلاَّ الْحَجَّ، فَلَمَّا جِئْنَا سَرِفَ طَمِثْتُ، فَدَخَلَ عَلَىَّ النَّبِيُّ صلى الله عليه وسلم وَأَنَا أَبْكِي فَقَالَ ‏{‏مَا يُبْكِيكِ‏}‏‏.‏ قُلْتُ لَوَدِدْتُ وَاللَّهِ أَنِّي لَمْ أَحُجَّ الْعَامَ‏.‏ قَالَ ‏{‏لَعَلَّكِ نُفِسْتِ‏}‏‏.‏ قُلْتُ نَعَمْ‏.‏ قَالَ ‏ "‏فَإِنَّ ذَلِكَ شَىْءٌ كَتَبَهُ اللَّهُ عَلَى بَنَاتِ آدَمَ، فَافْعَلِي مَا يَفْعَلُ الْحَاجُّ، غَيْرَ أَنْ لاَ تَطُوفِي بِالْبَيْتِ حَتَّى تَطْهُرِي"‏‏.‏‏৩০৫. ‘আইশ্বা ৰাদ্বিআল্লাহু আনহাৰ পৰা বৰ্ণিত, তেখেতে কৈছে, আমি আল্লাহৰ ৰাছূল চাল্লাল্লাহু আলাইহি অছাল্লামৰ সৈতে হজ্জৰ উদ্দেশ্যে ওলাই আহিছিলোঁ। আমি ‘ছাৰিফ’ নামৰ স্থান গৈ পোৱাত মই ঋতুৱতী হওঁ। এই সময়ত নবী চাল্লাল্লাহু আলাইহি অছাল্লাম আহি মোক কান্দি থকা দেখিলে আৰু প্ৰশ্ন কৰিলে, তুমি কিয় কান্দিছা? মই ক’লো, আল্লাহৰ শপত! এই বছৰ হজ্জ নকৰাটোৱেই মোৰ কাৰণে পছন্দনীয়। তেখেতে ক’লে, সম্ভৱতঃ তুমি ঋতুৱতী হৈছা! মই ক’লো,হয়। তেখেতে ক’লে, এইটো আদম-কন্যাসকলৰ কাৰণে আল্লাহে নির্ধাৰিত কৰিছে। তুমি পবিত্ৰ হোৱালৈকে অন্যান্য হাজীসকলৰ দৰে হজ্জৰ সকলো কাম কৰি যোৱা, কেৱল কা’বাৰ ত্বওৱাফ নকৰিবা।(২৯৪) (আ.প্র. ২৯৪, ই.ফা. ২৯৯)
পৰিচ্ছেদ : ৯, ইস্তিহাযাহ।হাদীছ- 306حَدَّثَنَا عَبْدُ اللَّهِ بْنُ يُوسُفَ، قَالَ أَخْبَرَنَا مَالِكٌ، عَنْ هِشَامِ بْنِ عُرْوَةَ، عَنْ أَبِيهِ، عَنْ عَائِشَةَ، أَنَّهَا قَالَتْ قَالَتْ فَاطِمَةُ بِنْتُ أَبِي حُبَيْشٍ لِرَسُولِ اللَّهِ صلى الله عليه وسلم يَا رَسُولَ اللَّهِ إِنِّي لاَ أَطْهُرُ، أَفَأَدَعُ الصَّلاَةَ فَقَالَ رَسُولُ اللَّهِ صلى الله عليه وسلم‏ "‏إِنَّمَا ذَلِكِ عِرْقٌ وَلَيْسَ بِالْحَيْضَةِ، فَإِذَا أَقْبَلَتِ الْحَيْضَةُ فَاتْرُكِي الصَّلاَةَ، فَإِذَا ذَهَبَ قَدْرُهَا فَاغْسِلِي عَنْكِ الدَّمَ وَصَلِّي‏"‏‏.৩০৬. ‘আইশ্বা ৰাদ্বিআল্লাহু আনহাৰ পৰা বৰ্ণিত, তেখেতে কৈছেঃ ফাতিমা বিনতু আবূ হুবায়শ্ব ৰাদ্বিয়াল্লাহু আনহাই আল্লাহৰ ৰাছূল চাল্লাল্লাহু আলাইহি অছাল্লামক প্ৰশ্ন কৰিলে, হে আল্লাহৰ ৰাছূল! মই কেতিয়াও পবিত্ৰ হোৱা নাই। এনে অৱস্থাত মই ছালাত এৰি দিমনে? আল্লাহৰ ৰাছূল চাল্লাল্লাহু আলাইহি অছাল্লামে ক’লে, এইটো হ’ল এক ধৰণৰ বিশেষ তেজ, হায়েজৰ তেজ নহয় । যেতিয়া তোমাৰ হায়েজ আৰম্ভ হয় তেতিয়া তুমি ছালাত এৰি দিয়া। আকৌ হায়েজ শেষ হ’লে তেজ ধুই ছালাত আদায় কৰা।(২২৮) (আ.প্র. ২৯৫, ই.ফা. ৩০০)
[1] হায়েজ ও নিফাছৰ মিয়াদৰ অতিৰিক্ত সময়কালীন ৰক্তস্রাৱক ইস্তিহাযা আৰু সেই মহিলাগৰাকীক মুস্তাহাযা বুলি কোৱা হয়। (আইনী ৩খ: ১৪২)
পৰিচ্ছেদ : ১০, হায়েজৰ তেজ ধুই পেলোৱা।হাদীছ- 307حَدَّثَنَا عَبْدُ اللَّهِ بْنُ يُوسُفَ، قَالَ أَخْبَرَنَا مَالِكٌ، عَنْ هِشَامٍ، عَنْ فَاطِمَةَ بِنْتِ الْمُنْذِرِ، عَنْ أَسْمَاءَ بِنْتِ أَبِي بَكْرٍ، أَنَّهَا قَالَتْ سَأَلَتِ امْرَأَةٌ رَسُولَ اللَّهِ صلى الله عليه وسلم فَقَالَتْ يَا رَسُولَ اللَّهِ، أَرَأَيْتَ إِحْدَانَا إِذَا أَصَابَ ثَوْبَهَا الدَّمُ مِنَ الْحَيْضَةِ، كَيْفَ تَصْنَعُ فَقَالَ رَسُولُ اللَّهِ صلى الله عليه وسلم‏ "‏إِذَا أَصَابَ ثَوْبَ إِحْدَاكُنَّ الدَّمُ مِنَ الْحَيْضَةِ، فَلْتَقْرُصْهُ ثُمَّ لِتَنْضَحْهُ بِمَاءٍ، ثُمَّ لِتُصَلِّي فِيهِ‏"‏‏.‏‏৩০৭. আচমা বিনতে আবূ বকৰ ছিদ্দিক ৰাদ্বিয়াল্লাহু আনহাৰ পৰা বৰ্ণিত, তেখেতে কৈছে, এগৰাকী মহিলাই আল্লাহৰ ৰাছূল চাল্লাল্লাহু আলাইহি অছাল্লামক প্ৰশ্ন কৰিলে, হে আল্লাহৰ ৰাছূল! আমাৰ কাৰোবাৰ কাপোৰত হায়েজৰ তেজ লাগিলে কি কৰিম? আল্লাহৰ ৰাছূল চাল্লাল্লাহু আলাইহি অছাল্লামে ক’লে, তোমালোকৰ কাৰোবাৰ কাপোৰত হায়েজৰ তেজ লাগিলে তেওঁ তাক মোহাৰি, তাৰ পিছত পানীৰে ধুই লবা আৰু সেই কাপোৰেৰে ছালাত আদায় কৰিবা।(২২৭) (আ.প্র. ২৯৬, ই.ফা. ৩০১)
হাদীছ- 308حَدَّثَنَا أَصْبَغُ، قَالَ أَخْبَرَنِي ابْنُ وَهْبٍ، قَالَ أَخْبَرَنِي عَمْرُو بْنُ الْحَارِثِ، عَنْ عَبْدِ الرَّحْمَنِ بْنِ الْقَاسِمِ، حَدَّثَهُ عَنْ أَبِيهِ، عَنْ عَائِشَةَ، قَالَتْ كَانَتْ إِحْدَانَا تَحِيضُ، ثُمَّ تَقْتَرِصُ الدَّمَ مِنْ ثَوْبِهَا عِنْدَ طُهْرِهَا فَتَغْسِلُهُ، وَتَنْضَحُ عَلَى سَائِرِهِ، ثُمَّ تُصَلِّي فِيهِ‏.‏‏৩০৮. ‘আইশ্বা ৰাদ্বিআল্লাহু আনহাৰ পৰা বৰ্ণিত, তেখেতে কৈছেঃ আমাৰ কাৰোবাৰ হায়েজ হ’লে, পবিত্ৰ হোৱাৰ পিছত তেজ মোহাৰি কাপোৰ পানীৰে ধুই সেই কাপোৰেৰে তেখেতে ছালাত আদায় কৰিছিল।(আ.প্র. ২৯৭, ই.ফা. ৩০২)
পৰিচ্ছেদ : ১১, ‘মুস্তাহাযা’ৰ ই‘তিকাফ।হাদীছ- 309حَدَّثَنَا إِسْحَاقُ، قَالَ حَدَّثَنَا خَالِدُ بْنُ عَبْدِ اللَّهِ، عَنْ خَالِدٍ، عَنْ عِكْرِمَةَ، عَنْ عَائِشَةَ، أَنَّ النَّبِيَّ صلى الله عليه وسلم اعْتَكَفَ مَعَهُ بَعْضُ نِسَائِهِ وَهْىَ مُسْتَحَاضَةٌ تَرَى الدَّمَ، فَرُبَّمَا وَضَعَتِ الطَّسْتَ تَحْتَهَا مِنَ الدَّمِ‏.‏ وَزَعَمَ أَنَّ عَائِشَةَ رَأَتْ مَاءَ الْعُصْفُرِ فَقَالَتْ كَأَنَّ هَذَا شَىْءٌ كَانَتْ فُلاَنَةُ تَجِدُهُ‏.‏‏৩০৯. ‘আইশ্বা ৰাদ্বিআল্লাহু আনহাৰ পৰা বৰ্ণিত, তেখেতে কৈছেঃ নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ সৈতে তেখেতৰ কোনো এগৰাকী স্ত্রীয়ে ইস্তিহাযাৰ অৱস্থাত ই‘তিকাফ কৰে। তেখেতে তেজ দেখিলে আৰু স্রাৱৰ কাৰণে প্রায়েই তেখেতৰ তলত এটি পাত্র ৰাখিলে। ৰাবীয়ে কৈছে, ‘আইশ্বা ৰাদ্বিআল্লাহু আনহাই হালধীয়া বৰণৰ পানী দেখি কৈছে, এয়া যেন আল্লাহৰ ৰাছূল চাল্লাল্লাহু আলাইহি অছাল্লামৰ অমুক স্ত্রীৰ ইস্তিহাযাৰ তেজ। (৩১০, ৩১১, ২০৩৭ দ্রষ্টব্য) (আ.প্র. ২৯৮, ই.ফা. ৩০৩)
হাদীছ- 310حَدَّثَنَا قُتَيْبَةُ، قَالَ حَدَّثَنَا يَزِيدُ بْنُ زُرَيْعٍ، عَنْ خَالِدٍ، عَنْ عِكْرِمَةَ، عَنْ عَائِشَةَ، قَالَتِ اعْتَكَفَتْ مَعَ رَسُولِ اللَّهِ صلى الله عليه وسلم امْرَأَةٌ مِنْ أَزْوَاجِهِ، فَكَانَتْ تَرَى الدَّمَ وَالصُّفْرَةَ، وَالطَّسْتُ تَحْتَهَا وَهْىَ تُصَلِّي‏.‏‏৩১০. ‘আইশ্বা ৰাদ্বিআল্লাহু আনহাৰ পৰা বৰ্ণিত, তেখেতে কৈছেঃ আল্লাহৰ ৰাছূল চাল্লাল্লাহু আলাইহি অছাল্লামৰ সৈতে তেখেতৰ কোনো এগৰাকী স্ত্রীয়ে ই‘তিকাফ কৰিছিল। তেখেতে তেজ ও হালধীয়া পানী বাহিৰ হোৱা দেখিলে, আৰু তেখেতৰ তলত এটা পাত্র বহুৱাই ৰাখিলে; আৰু সেই অৱস্থাত ছালাত আদায় কৰিলে। (৩০৯) (আ.প্র. ২৯৯, ই.ফা. ৩০৪)
হাদীছ- 311حَدَّثَنَا مُسَدَّدٌ، قَالَ حَدَّثَنَا مُعْتَمِرٌ، عَنْ خَالِدٍ، عَنْ عِكْرِمَةَ، عَنْ عَائِشَةَ، أَنَّ بَعْضَ، أُمَّهَاتِ الْمُؤْمِنِينَ اعْتَكَفَتْ وَهْىَ مُسْتَحَاضَةٌ‏.‏‏৩১১. ‘আইশ্বা ৰাদ্বিআল্লাহু আনহাৰ পৰা বৰ্ণিত, উম্মুল-মুমিনীনৰ এগৰাকী স্ত্ৰীয়ে ইস্তিহাযা অৱস্থাত ই‘তিকাফ কৰিছিল। (৩০৯) (আ.প্র. ৩০০, ই.ফা. ৩০৫)
পৰিচ্ছেদ : ১২, হায়েজ অৱস্থাত পৰিহিত পোচাকেৰে ছালাত আদায় কৰিব পাৰিনে?হাদীছ- 312حَدَّثَنَا أَبُو نُعَيْمٍ، قَالَ حَدَّثَنَا إِبْرَاهِيمُ بْنُ نَافِعٍ، عَنِ ابْنِ أَبِي نَجِيحٍ، عَنْ مُجَاهِدٍ، قَالَ قَالَتْ عَائِشَةُ مَا كَانَ لإِحْدَانَا إِلاَّ ثَوْبٌ وَاحِدٌ تَحِيضُ فِيهِ، فَإِذَا أَصَابَهُ شَىْءٌ مِنْ دَمٍ، قَالَتْ بِرِيقِهَا فَقَصَعَتْهُ بِظُفْرِهَا‏.‏‏৩১২. ‘আইশ্বা ৰাদ্বিআল্লাহু আনহাৰ পৰা বৰ্ণিত, তেখেতে কৈছেঃ আমাৰ কাৰোৱে এখনতকৈ অধিক কাপোৰ নাছিল। তেওঁ হায়েজ অৱস্থাতো এই কাপোৰখনিয়েই ব্যৱহাৰ কৰিছিল, তাত তেজ লাগিলে থু-ৰ দ্বাৰা ভিজাই লৈ নখেৰে আঁচুৰি লৈছিল। (আ.প্র. ৩০১, ই.ফা. ৩০৬)
পৰিচ্ছেদ : ১৩, হায়েজৰ পৰা পবিত্ৰতাৰ গোছলত সুগন্ধি ব্যৱহাৰ।হাদীছ- 313حَدَّثَنَا عَبْدُ اللَّهِ بْنُ عَبْدِ الْوَهَّابِ، قَالَ حَدَّثَنَا حَمَّادُ بْنُ زَيْدٍ، عَنْ أَيُّوبَ، عَنْ حَفْصَةَ ـ قَالَ أَبُو عَبْدِ اللَّهِ أَوْ هِشَامِ بْنِ حَسَّانَ عَنْ حَفْصَةَ، عَنْ أُمِّ عَطِيَّةَ ـ قَالَتْ كُنَّا نُنْهَى أَنْ نُحِدَّ عَلَى مَيِّتٍ فَوْقَ ثَلاَثٍ، إِلاَّ عَلَى زَوْجٍ أَرْبَعَةَ أَشْهُرٍ وَعَشْرًا، وَلاَ نَكْتَحِلَ وَلاَ نَتَطَيَّبَ وَلاَ نَلْبَسَ ثَوْبًا مَصْبُوغًا إِلاَّ ثَوْبَ عَصْبٍ، وَقَدْ رُخِّصَ لَنَا عِنْدَ الطُّهْرِ إِذَا اغْتَسَلَتْ إِحْدَانَا مِنْ مَحِيضِهَا فِي نُبْذَةٍ مِنْ كُسْتِ أَظْفَارٍ، وَكُنَّا نُنْهَى عَنِ اتِّبَاعِ الْجَنَائِزِ‏.‏ قَالَ رَوَاهُ هِشَامُ بْنُ حَسَّانَ عَنْ حَفْصَةَ عَنْ أُمِّ عَطِيَّةَ عَنِ النَّبِيِّ صلى الله عليه وسلم‏.‏‏৩১৩. উম্মু ‘আতিয়্যা ৰাদ্বিয়াল্লাহু আনহাৰ পৰা বৰ্ণিত, তেখেতে কৈছে, কোনো মৃত ব্যক্তিৰ কাৰণে আমাক তিনি দিনৰ অধিক শোক পালন কৰাৰ পৰা নিষেধ কৰা হৈছিল। কিন্তু স্বামীৰ ক্ষেত্রত চাৰিমাহ দহদিন (শোক পালনৰ অনুমতি আছিল)। আমি তেতিয়া ছুৰমা লগোৱা নাছিলোঁ, সুগন্ধি ব্যৱহাৰ কৰা নাছিলোঁ, ইয়েমেনৰ তৈয়াৰী ৰঙীন কাপোৰৰ বাহিৰে অন্য কোনো ৰঙীন কাপোৰ পৰিধান কৰা নাছিলোঁ। কিন্তু হায়েজৰ পৰা পৱিত্রতাৰ গোছলত আজফাৰৰ সুগন্ধি মিশ্রিত কাপোৰৰ টুকুৰা ব্যৱহাৰৰ অনুমতি আছিল। আনহাতে আমাৰ কাৰণে জানাযাত অংশগ্ৰহণ নিষিদ্ধ আছিল। এই বর্ণনা হিশ্বাম ইবনু হাচ্ছান (ৰাহিমাহুল্লাহ)-এ হাফছা ৰাদ্বিয়াল্লাহু আনহাৰ পৰা, তেখেতে উম্মু ‘আতিয়্যা ৰাদ্বিয়াল্লাহু আনহাৰ পৰা আৰু তেখেতে নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৰা বৰ্ণনা কৰিছে। (১২৭৮, ১২৭৯, ৫৩৪০, ৫৩৪১, ৫৩৪২, ৫৩৪৩; মুছলিম ১১/১১, হাদীছ নং ৯৩৮) (আ.প্র. ৩০২, ই.ফা. ৩০৭)
পৰিচ্ছেদ : ১৪, হায়েজৰ পিছত পবিত্ৰতা অর্জনৰ সময়ত গা ঘঁহা-পিহা কৰা, গোছলৰ পদ্ধতি আৰু মিশকযুক্ত কাপোৰৰ টুকুৰাৰে তেজৰ চিহ্ন পৰিষ্কাৰ কৰা।হাদীছ- 314حَدَّثَنَا يَحْيَى، قَالَ حَدَّثَنَا ابْنُ عُيَيْنَةَ، عَنْ مَنْصُورِ ابْنِ صَفِيَّةَ، عَنْ أُمِّهِ، عَنْ عَائِشَةَ، أَنَّ امْرَأَةً، سَأَلَتِ النَّبِيَّ صلى الله عليه وسلم عَنْ غُسْلِهَا مِنَ الْمَحِيضِ، فَأَمَرَهَا كَيْفَ تَغْتَسِلُ قَالَ ‏"‏خُذِي فِرْصَةً مِنْ مِسْكٍ فَتَطَهَّرِي بِهَا‏"‏‏.‏ قَالَتْ كَيْفَ أَتَطَهَّرُ قَالَ ‏"تَطَهَّرِي بِهَا‏"‏‏.‏ قَالَتْ كَيْفَ قَالَ ‏"‏سُبْحَانَ اللَّهِ تَطَهَّرِي‏"‏‏.‏ فَاجْتَبَذْتُهَا إِلَىَّ فَقُلْتُ تَتَبَّعِي بِهَا أَثَرَ الدَّمِ‏.‏‏حَدَّثَنَا يَحْيَى، قَالَ حَدَّثَنَا ابْنُ عُيَيْنَةَ، عَنْ مَنْصُورِ ابْنِ صَفِيَّةَ، عَنْ أُمِّهِ، عَنْ عَائِشَةَ، أَنَّ امْرَأَةً، سَأَلَتِ النَّبِيَّ صلى الله عليه وسلم عَنْ غُسْلِهَا مِنَ الْمَحِيضِ، فَأَمَرَهَا كَيْفَ تَغْتَسِلُ قَالَ ‏"خُذِي فِرْصَةً مِنْ مِسْكٍ فَتَطَهَّرِي بِهَا‏"‏‏.‏ قَالَتْ كَيْفَ أَتَطَهَّرُ قَالَ ‏"‏تَطَهَّرِي بِهَا‏"‏‏.‏ قَالَتْ كَيْفَ قَالَ ‏"‏سُبْحَانَ اللَّهِ تَطَهَّرِي‏"‏‏.‏ فَاجْتَبَذْتُهَا إِلَىَّ فَقُلْتُ تَتَبَّعِي بِهَا أَثَرَ الدَّمِ‏.‏‏৩১৪. ‘আইশ্বা ৰাদ্বিআল্লাহু আনহাৰ পৰা বৰ্ণিত, এগৰাকী মহিলাই আল্লাহৰ ৰাছূল চাল্লাল্লাহু আলাইহি অছাল্লামক হায়েজৰ গোছল সম্পর্কে প্ৰশ্ন কৰিলে। তেখেতে তেখেতেক গোছলৰ নিয়ম কৈ দিলে যে, এটুকুৰা কস্তুৰী লগোৱা ফটা-চিটা কাপোৰ লৈ পবিত্ৰতা হাছিল কৰা। মহিলাগৰাকীয়ে ক’লে, কেনেকৈ পবিত্ৰতা হাছিল কৰিম? আল্লাহৰ ৰাছূল চাল্লাল্লাহু আলাইহি অছাল্লামে ক’লে, তাৰ দ্বাৰা পবিত্ৰতা হাছিল কৰা। মহিলাগৰাকীয়ে (তৃতীয়বাৰ) ক’লে, কেনেকৈ? আল্লাহৰ ৰাছূল চাল্লাল্লাহু আলাইহি অছাল্লাম ক’লে, চুবহানাল্লাহ! তাৰ দ্বাৰা তুমি পবিত্ৰতা হাছিল কৰা। ‘আইশ্বা ৰাদ্বিআল্লাহু আনহাই কৈছে, তেতিয়া মই তেওঁক টানি মোৰ ওচৰলৈ লৈ আহিলোঁ আৰু ক’লোঁ, তাৰ দ্বাৰা তেজৰ চিহ্ন বিশেষভাৱে মচি পেলোৱা। (৩১৫, ৭৩৫৭; মুছলিম ৩/১৩, হাদীছ নং ৩৩২) (আ.প্র. ৩০৩, ই.ফা. ৩০৮)
পৰিচ্ছেদ : ১৫, হায়েজৰ গোছলৰ বিৱৰণ।হাদীছ- 315حَدَّثَنَا مُسْلِمٌ، قَالَ حَدَّثَنَا وُهَيْبٌ، حَدَّثَنَا مَنْصُورٌ، عَنْ أُمِّهِ، عَنْ عَائِشَةَ، أَنَّ امْرَأَةً، مِنَ الأَنْصَارِ قَالَتْ لِلنَّبِيِّ صلى الله عليه وسلم كَيْفَ أَغْتَسِلُ مِنَ الْمَحِيضِ قَالَ ‏"خُذِي فِرْصَةً مُمَسَّكَةً، فَتَوَضَّئِي ثَلاَثًا‏"‏‏.‏ ثُمَّ إِنَّ النَّبِيَّ صلى الله عليه وسلم اسْتَحْيَا فَأَعْرَضَ بِوَجْهِهِ أَوْ قَالَ ‏"‏تَوَضَّئِي بِهَا ‏"‏ فَأَخَذْتُهَا فَجَذَبْتُهَا فَأَخْبَرْتُهَا بِمَا يُرِيدُ النَّبِيُّ صلى الله عليه وسلم.‏৩১৫. ‘আইশ্বা ৰাদ্বিআল্লাহু আনহাৰ পৰা বৰ্ণিত যে, এগৰাকী আনছাৰী মহিলাই নবী চাল্লাল্লাহু আলাইহি অছাল্লামক প্ৰশ্ন কৰিলে, মই কেনেকৈ হায়েজৰ গোছল কৰিম? নবী চাল্লাল্লাহু আলাইহি অছাল্লামে ক’লে, এটুকুৰা কস্তুৰীযুক্ত ফটা কাপোৰ লোৱা আৰু তিনিবাৰ ধুই লোৱা। নবী চাল্লাল্লাহু আলাইহি অছাল্লামে ইয়াৰ পিছত লজ্জাবশতঃ অন্যফালে মুখ ঘূৰাই নিলে আৰু ক’লে, তাৰ দ্বাৰা তুমি পবিত্ৰ হোৱা। ‘আইশ্বা ৰাদ্বিআল্লাহু আনহাই কৈছেঃ মই তেওঁক নিজৰ ফালে টানি আনিলোঁ। তাৰ পিছত তেওঁতে নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ কথাৰ মর্ম বুজাই দিলোঁ। (৩১৪) (আ.প্র. ৩০৪, ই.ফা. ৩০৯)
পৰিচ্ছেদ : ১৬, হায়েজৰ গোছলৰ সময়ত চুলি ফনিওৱা।হাদীছ- 316حَدَّثَنَا مُوسَى بْنُ إِسْمَاعِيلَ، حَدَّثَنَا إِبْرَاهِيمُ، حَدَّثَنَا ابْنُ شِهَابٍ، عَنْ عُرْوَةَ، أَنَّ عَائِشَةَ، قَالَتْ أَهْلَلْتُ مَعَ رَسُولِ اللَّهِ صلى الله عليه وسلم فِي حَجَّةِ الْوَدَاعِ، فَكُنْتُ مِمَّنْ تَمَتَّعَ، وَلَمْ يَسُقِ الْهَدْىَ، فَزَعَمَتْ أَنَّهَا حَاضَتْ، وَلَمْ تَطْهُرْ حَتَّى دَخَلَتْ لَيْلَةُ عَرَفَةَ فَقَالَتْ يَا رَسُولَ اللَّهِ، هَذِهِ لَيْلَةُ عَرَفَةَ، وَإِنَّمَا كُنْتُ تَمَتَّعْتُ بِعُمْرَةٍ‏.‏ فَقَالَ لَهَا رَسُولُ اللَّهِ صلى الله عليه وسلم "‏انْقُضِي رَأْسَكِ، وَامْتَشِطِي، وَأَمْسِكِي عَنْ عُمْرَتِكِ‏"‏‏.‏ فَفَعَلْتُ، فَلَمَّا قَضَيْتُ الْحَجَّ أَمَرَ عَبْدَ الرَّحْمَنِ لَيْلَةَ الْحَصْبَةِ فَأَعْمَرَنِي مِنَ التَّنْعِيمِ مَكَانَ عُمْرَتِي الَّتِي نَسَكْتُ‏.৩১৬. ‘আইশ্বা ৰাদ্বিআল্লাহু আনহাৰ পৰা বৰ্ণিত, তেখেতে কৈছেঃ মই আল্লাহৰ ৰাছূল চাল্লাল্লাহু আলাইহি অছাল্লামৰ সৈতে বিদায় হজ্জৰ ইহৰাম বান্ধিছিলোঁ। ময়ো তেওঁলোকৰেই এজন আছিলোঁ, যিসকলে তামাত্তুৰ নিয়্যত কৰছিল আৰু লগত কুৰবানীৰ পশু নিয়া নাছিল। তেখেতে কৈছে, তেখেতৰ হায়েজ আৰম্ভ হয় আৰু আৰাফাৰ ৰাতিলৈকে তেখেতে পবিত্ৰ হোৱা নাই। ‘আইশ্বা ৰাদ্বিয়াল্লাহু আনহাই কৈছেঃ মই ক’লোঁ, হে আল্লাহৰ ৰাছূল! আজি তো আৰাফাৰ ৰাতি, আৰু মই হজ্জৰ লগত ‘উমৰাহৰো নিয়্যত কৰিছোঁ। আল্লাহৰ ৰাছূল চাল্লাল্লাহু আলাইহি অছাল্লামে তেখেতেক ক’লে, মূৰৰ বেণী খুলি পেলোৱা, চুলি আঁচোৰা আৰু ‘উমৰাহৰ পৰা বিৰত থাকা। মই তাকেই কৰিলোঁ। হজ্জ সমাধা কৰাৰ পিছত আল্লাহৰ ৰাছূল চাল্লাল্লাহু আলাইহি অছাল্লামে আব্দুৰ ৰহমানক ((ৰাদ্বিয়াল্লাহু আনহু) ‘হাছবাত’ অৱস্থানৰ ৰাতি (মোক ‘উমৰাহ কৰোৱাৰ) নির্দেশ দিলে। তেওঁ তানঈমৰ পৰা মোক ‘উমৰাহ কৰালে, য’ৰ পৰা মই ‘উমৰাহৰ ইহৰাম বান্ধিছিলোঁ। (২৯৪) (আ.প্র. ৩০৫, ই.ফা. ৩১০)
পৰিচ্ছেদ : ১৭, হায়েজৰ গোছলত চুলি খোলা।হাদীছ- 317حَدَّثَنَا عُبَيْدُ بْنُ إِسْمَاعِيلَ، قَالَ حَدَّثَنَا أَبُو أُسَامَةَ، عَنْ هِشَامٍ، عَنْ أَبِيهِ، عَنْ عَائِشَةَ، قَالَتْ خَرَجْنَا مُوَافِينَ لِهِلاَلِ ذِي الْحِجَّةِ، فَقَالَ رَسُولُ اللَّهِ صلى الله عليه وسلم ‏"‏مَنْ أَحَبَّ أَنْ يُهِلَّ بِعُمْرَةٍ فَلْيُهْلِلْ، فَإِنِّي لَوْلاَ أَنِّي أَهْدَيْتُ لأَهْلَلْتُ بِعُمْرَةٍ‏"‏‏.‏ فَأَهَلَّ بَعْضُهُمْ بِعُمْرَةٍ، وَأَهَلَّ بَعْضُهُمْ بِحَجٍّ، وَكُنْتُ أَنَا مِمَّنْ أَهَلَّ بِعُمْرَةٍ، فَأَدْرَكَنِي يَوْمُ عَرَفَةَ وَأَنَا حَائِضٌ، فَشَكَوْتُ إِلَى النَّبِيِّ صلى الله عليه وسلم فَقَالَ ‏"‏دَعِي عُمْرَتَكِ، وَانْقُضِي رَأْسَكِ وَامْتَشِطِي، وَأَهِلِّي بِحَجٍّ‏"‏‏.‏ فَفَعَلْتُ حَتَّى إِذَا كَانَ لَيْلَةُ الْحَصْبَةِ أَرْسَلَ مَعِي أَخِي عَبْدَ الرَّحْمَنِ بْنَ أَبِي بَكْرٍ، فَخَرَجْتُ إِلَى التَّنْعِيمِ، فَأَهْلَلْتُ بِعُمْرَةٍ مَكَانَ عُمْرَتِي‏.‏ قَالَ هِشَامٌ وَلَمْ يَكُنْ فِي شَىْءٍ مِنْ ذَلِكَ هَدْىٌ وَلاَ صَوْمٌ وَلاَ صَدَقَةٌ‏.৩১৭. ‘আইশ্বা ৰাদ্বিআল্লাহু আনহাৰ পৰা বৰ্ণিত, তেখেতে কৈছেঃ আমি যিলহজ্জ মাহৰ জোন দেখাৰ সময় নিকটৱর্তী হোৱাত বাহিৰ হ’লোঁ। আল্লাহৰ ৰাছূল চাল্লাল্লাহু আলাইহি অছাল্লামে ক’লে, যিয়ে ‘উমৰাহৰ ইহৰাম বান্ধিব বিচাৰে তেওঁ সেইটো কৰিব পাৰে। কাৰণ, মই লগত কুৰবানীৰ পশু নানিলে ‘উমৰাৰ ইহৰামেই বান্ধিলোহেঁতেন। তাৰ পিছত কিছুমানে ‘উমৰাহৰ ইহৰাম বান্ধিলে, আন কিছুমানে হজ্জৰ ইহৰাম বান্ধিলে। মই আছিলোঁ ‘উমৰাহৰ ইহৰামকাৰীসকলৰ মাজত। আৰাফাৰ দিনা মই ঋতুৱতী আছিলোঁ। মই নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওচৰত মোৰ অসুবিধাৰ কথা ক’লো। তেখেতে ক’লে, তোমাৰ ‘উমৰাহ এৰি দিয়া, মূৰৰ বেণী খুলি চুলি আঁচোৰা, আৰু হজ্জৰ ইহৰাম বান্ধা। মই তাকেই কৰিলোঁ। ‘হাছবা’ নামৰ স্থানত অৱস্থানৰ ৰাতি নবী চাল্লাল্লাহু আলাইহি অছাল্লামে মোৰ সৈতে মোৰ ভাই আব্দুৰ ৰহমান ইবনু আবূ বকৰ (ৰাদ্বিয়াল্লাহু আনহু)-ক পঠালে। মই তানঈমৰ ফালে বাহিৰ হ’লো। তাত পূর্বৰ ‘উমৰাহৰ পৰিৱর্তে ইহৰাম বান্ধিলোঁ। হিশ্বাম (ৰাহিমাহুল্লাহ)-এ কৈছে, এইবোৰ কাৰণত কোনো দম (কুৰবানী), ছওম বা ছদকা দিয়া হোৱা নাই। (২৯৪) (আ.প্র. ৩০৬, ই.ফা. ৩১১)
পৰিচ্ছেদ : ১৮, ‘‘পূর্ণাকৃতি আৰু অপূর্ণাকৃতি মাংসপিণ্ড।’’ (ছুৰা হজ্জ ২২/৫)হাদীছ- 318حَدَّثَنَا مُسَدَّدٌ، قَالَ حَدَّثَنَا حَمَّادٌ، عَنْ عُبَيْدِ اللَّهِ بْنِ أَبِي بَكْرٍ، عَنْ أَنَسِ بْنِ مَالِكٍ، عَنِ النَّبِيِّ صلى الله عليه وسلم قَالَ‏ "‏إِنَّ اللَّهَ ـ عَزَّ وَجَلَّ ـ وَكَّلَ بِالرَّحِمِ مَلَكًا يَقُولُ يَا رَبِّ نُطْفَةٌ، يَا رَبِّ عَلَقَةٌ، يَا رَبِّ مُضْغَةٌ‏.‏ فَإِذَا أَرَادَ أَنْ يَقْضِيَ خَلْقَهُ قَالَ أَذَكَرٌ أَمْ أُنْثَى شَقِيٌّ أَمْ سَعِيدٌ فَمَا الرِّزْقُ وَالأَجَلُ فَيُكْتَبُ فِي بَطْنِ أُمِّهِ‏"‏‏.‏‏৩১৮. আনাছ ইবনু মালিক ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেখেতে কৈছে, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে, আল্লাহ তা‘আলাই মাতৃগর্ভৰ কাৰণে এজন মালাইকাহ নির্ধাৰণ কৰিছে। তেওঁ (পর্যায়ক্রমে) কৈ থাকে, হে ৰব! এতিয়া বীর্য-আকৃতিত আছে। হে ৰব! এতিয়া ৰক্তপিণ্ডত পৰিণত হৈছে। হে ৰব! এতিয়া মাংসপিণ্ডত পৰিণত হৈছে। ইয়াৰ পিছত আল্লাহ তা‘আলাই যেতিয়া তেওঁৰ সৃষ্টি পূর্ণ কৰিব বিচাৰে, তেতিয়া প্ৰশ্ন কৰে পুৰুষ নে স্ত্রী? সৌভাগ্যৱান নে দুর্ভগীয়া? ৰিয্‌ক আৰু বয়স কিমান? আল্লাহৰ ৰাছূল চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে, তেওঁ মাতৃগর্ভত থাকোঁতেই তাক লিখি দিয়া হয়। (৩৩৩৩, ৬৫৯৫; মুছলিম ৪৬/১, হাদীছ নং ২৬৪৬) (আ.প্র. ৩০৭, ই.ফা. ৩১২)
পৰিচ্ছেদ : ১৯, ঋতুৱতীয়ে কেনেকৈ হজ্জ আৰু উমৰাহ’ৰ ইহৰাম বান্ধিব?হাদীছ- 319حَدَّثَنَا يَحْيَى بْنُ بُكَيْرٍ، قَالَ حَدَّثَنَا اللَّيْثُ، عَنْ عُقَيْلٍ، عَنِ ابْنِ شِهَابٍ، عَنْ عُرْوَةَ، عَنْ عَائِشَةَ، قَالَتْ خَرَجْنَا مَعَ النَّبِيِّ صلى الله عليه وسلم فِي حَجَّةِ الْوَدَاعِ، فَمِنَّا مَنْ أَهَلَّ بِعُمْرَةٍ، وَمِنَّا مَنْ أَهَلَّ بِحَجٍّ، فَقَدِمْنَا مَكَّةَ فَقَالَ رَسُولُ اللَّهِ صلى الله عليه وسلم "‏مَنْ أَحْرَمَ بِعُمْرَةٍ وَلَمْ يُهْدِ فَلْيُحْلِلْ، وَمَنْ أَحْرَمَ بِعُمْرَةٍ وَأَهْدَى فَلاَ يَحِلُّ حَتَّى يَحِلَّ بِنَحْرِ هَدْيِهِ، وَمَنْ أَهَلَّ بِحَجٍّ فَلْيُتِمَّ حَجَّهُ‏"‏‏.‏ قَالَتْ فَحِضْتُ فَلَمْ أَزَلْ حَائِضًا حَتَّى كَانَ يَوْمُ عَرَفَةَ، وَلَمْ أُهْلِلْ إِلاَّ بِعُمْرَةٍ، فَأَمَرَنِي النَّبِيُّ صلى الله عليه وسلم أَنْ أَنْقُضَ رَأْسِي وَأَمْتَشِطَ، وَأُهِلَّ بِحَجٍّ، وَأَتْرُكَ الْعُمْرَةَ، فَفَعَلْتُ ذَلِكَ حَتَّى قَضَيْتُ حَجِّي، فَبَعَثَ مَعِي عَبْدَ الرَّحْمَنِ بْنَ أَبِي بَكْرٍ، وَأَمَرَنِي أَنْ أَعْتَمِرَ مَكَانَ عُمْرَتِي مِنَ التَّنْعِيمِ‏.‏حَدَّثَنَا يَحْيَى بْنُ بُكَيْرٍ، قَالَ حَدَّثَنَا اللَّيْثُ، عَنْ عُقَيْلٍ، عَنِ ابْنِ شِهَابٍ، عَنْ عُرْوَةَ، عَنْ عَائِشَةَ، قَالَتْ خَرَجْنَا مَعَ النَّبِيِّ صلى الله عليه وسلم فِي حَجَّةِ الْوَدَاعِ، فَمِنَّا مَنْ أَهَلَّ بِعُمْرَةٍ، وَمِنَّا مَنْ أَهَلَّ بِحَجٍّ، فَقَدِمْنَا مَكَّةَ فَقَالَ رَسُولُ اللَّهِ صلى الله عليه وسلم‏ "‏مَنْ أَحْرَمَ بِعُمْرَةٍ وَلَمْ يُهْدِ فَلْيُحْلِلْ، وَمَنْ أَحْرَمَ بِعُمْرَةٍ وَأَهْدَى فَلاَ يَحِلُّ حَتَّى يَحِلَّ بِنَحْرِ هَدْيِهِ، وَمَنْ أَهَلَّ بِحَجٍّ فَلْيُتِمَّ حَجَّهُ‏"‏‏.‏ قَالَتْ فَحِضْتُ فَلَمْ أَزَلْ حَائِضًا حَتَّى كَانَ يَوْمُ عَرَفَةَ، وَلَمْ أُهْلِلْ إِلاَّ بِعُمْرَةٍ، فَأَمَرَنِي النَّبِيُّ صلى الله عليه وسلم أَنْ أَنْقُضَ رَأْسِي وَأَمْتَشِطَ، وَأُهِلَّ بِحَجٍّ، وَأَتْرُكَ الْعُمْرَةَ، فَفَعَلْتُ ذَلِكَ حَتَّى قَضَيْتُ حَجِّي، فَبَعَثَ مَعِي عَبْدَ الرَّحْمَنِ بْنَ أَبِي بَكْرٍ، وَأَمَرَنِي أَنْ أَعْتَمِرَ مَكَانَ عُمْرَتِي مِنَ التَّنْعِيمِ‏.‏‏৩১৯. ‘আইশ্বা ৰাদ্বিয়াল্লাহু আনহাৰ পৰা বৰ্ণিত, তেখেতে কৈছেঃ আমি আল্লাহৰ ৰাছূল চাল্লাল্লাহু আলাইহি অছাল্লামৰ সৈতে বিদায় হজ্জৰ সময়ত বাহিৰ হৈছিলোঁ। আমাৰ কিছুমানে ‘উমৰাহৰ আৰু কিছুমানে হজ্জৰ ইহৰাম বান্ধিছিল। আমি মক্কাত আহি উপস্থিত হোৱাত আল্লাহৰ ৰাছূল চাল্লাল্লাহু আলাইহি অছাল্লামে ক’লে, যিসকলে ‘উমৰাহৰ ইহৰাম বান্ধিছে, কিন্তু কুৰবানীৰ পশু লগত অনা নাই, তেওঁলোকে যেন ইহৰাম খুলি পেলায়। আনহাতে যিসকলে ‘উমৰাহৰ ইহৰাম বান্ধিছে আৰু কুৰবানীৰ পশু লগত আনিছে, তেওঁলোকে যেন কুৰবানী কৰালৈকে ইহৰাম নোখোলে। আকৌ যিসকলে হজ্জৰ ইহৰাম বান্ধিছে তেওঁলোকে যেন হজ্জ পূর্ণ কৰে। ‘আইশ্বা ৰাদ্বিয়াল্লাহু আনহাই কৈছে, ইয়াৰ পিছত মোৰ হায়েজ আৰম্ভ হয় আৰু আৰাফাৰ দিনাও সেইটো বাহাল থাকে। মই কেৱল ‘উমৰাহৰ ইহৰাম বান্ধিছিলোঁ। নবী চাল্লাল্লাহু আলাইহি অছাল্লামে মোক মূৰৰ বেণী খোলা, চুলি আঁচুৰি লোৱা আৰু ‘উমৰাহৰ ইহৰাম এৰি হজ্জৰ ইহৰাম বন্ধাৰ নির্দেশ দিলে। মই তাকেই কৰিলোঁ। পিছত হজ্জ সমাধা কৰিলোঁ। ইয়াৰ পিছত ‘আব্দুৰ ৰহমান ইবনু আবূ বকৰ (ৰাদ্বিয়াল্লাহু আনহু)-ক মোৰ সৈতে পঠালে। তেওঁ মোক তানঈমৰ পৰা পূর্বৰ পৰিত্যক্ত ‘উমৰাৰ পৰিৱর্তে ‘উমৰা পালনৰ আদেশ কৰিলে। (১৯৪) (আ.প্র. ৩০৮, ই.ফা. ৩১৩)
পৰিচ্ছেদ : ২০, হায়েজ আৰম্ভ আৰু শেষ হোৱা।মহিলাসকলে ‘আইশ্বা ৰাদ্বিয়াল্লাহু আনহাৰ ওচৰত বাকচত তুলা প্রেৰণ কৰিছিল। তাত হালধীয়া ৰং দেখা পোৱাত ‘আইশ্বা ৰাদ্বিয়াল্লাহু আনহাই ক’লে, খৰধৰ নকৰিবা, বগা পৰিষ্কাৰ নেদেখালৈকে অপেক্ষা কৰা। ইয়াৰ দ্বাৰা তেখেতে হায়েজৰ পৰা পাক হোৱাটো বুজাইছে। যায়েদ ইবনু ছাবিত ৰাদ্বিয়াল্লাহু আনহুৰ কন্যাৰ ওচৰলৈ সংবাদ আহিল যে, মহিলাসকলে ৰাতিৰ অন্ধকাৰত চাকিৰ পোহৰত হায়েজৰ পৰা পবিত্ৰ হ’ল নে নাই তাক চাইছিল। তেখেতে ক’লে, মহিলাসকলে (পূর্বে) এনেকুৱা কৰা নাছিল। তেখেতে তেওঁলোকক দোষাৰোপ কৰিলে।হাদীছ- 320حَدَّثَنَا عَبْدُ اللَّهِ بْنُ مُحَمَّدٍ، قَالَ حَدَّثَنَا سُفْيَانُ، عَنْ هِشَامٍ، عَنْ أَبِيهِ، عَنْ عَائِشَةَ، أَنَّ فَاطِمَةَ بِنْتَ أَبِي حُبَيْشٍ، كَانَتْ تُسْتَحَاضُ فَسَأَلَتِ النَّبِيَّ صلى الله عليه وسلم صلى الله عليه وسلم فَقَالَ "‏ذَلِكِ عِرْقٌ، وَلَيْسَتْ بِالْحَيْضَةِ، فَإِذَا أَقْبَلَتِ الْحَيْضَةُ فَدَعِي الصَّلاَةَ، وَإِذَا أَدْبَرَتْ فَاغْتَسِلِي وَصَلِّي‏"‏‏‏.৩২০. ‘আইশ্বা ৰাদ্বিয়াল্লাহু আনহাৰ পৰা বৰ্ণিত, তেখেতে কৈছেঃ ফাতিমা বিনতে আবূ হুবায়শ্ব ৰাদ্বিয়াল্লাহু আনহাৰ ইস্তিহাযা হৈছিল। তেখেতে এই বিষয়ে নবী চাল্লাল্লাহু আলাইহি অছাল্লামক প্ৰশ্ন কৰিলে। আল্লাহৰ ৰাছূল চাল্লাল্লাহু আলাইহি অছাল্লাম ক’লে, এইটো হৈছে সিৰাৰ তেজ, হায়েজৰ তেজ নহয়। গতিকে হায়েজ আৰম্ভ হ’লে ছালাত এৰি দিবা। আকৌ হায়েজ শেষ হ’লে গোছল কৰি ছালাত আদায় কৰিবা। (২২৮) (আ.প্র. ৩০৯, ই.ফা. ৩১৪)
পৰিচ্ছেদ : ২১, হায়েজকালীন ছালাতৰ কাযা নাই।জাবিৰ ইবনু ‘আব্দুল্লাহ ও আবূ ছাঈদ খুদৰী ৰাদ্বিয়াল্লাহু আনহুৱে নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৰা বর্ণনা কৰে যে, (মহিলাসকলে হায়েজকালীন সময়ত) ছালাত এৰি দিব।হাদীছ- 321حَدَّثَنَا مُوسَى بْنُ إِسْمَاعِيلَ، قَالَ حَدَّثَنَا هَمَّامٌ، قَالَ حَدَّثَنَا قَتَادَةُ، قَالَ حَدَّثَتْنِي مُعَاذَةُ، أَنَّ امْرَأَةً، قَالَتْ لِعَائِشَةَ أَتَجْزِي إِحْدَانَا صَلاَتَهَا إِذَا طَهُرَتْ فَقَالَتْ أَحَرُورِيَّةٌ أَنْتِ كُنَّا نَحِيضُ مَعَ النَّبِيِّ صلى الله عليه وسلم فَلاَ يَأْمُرُنَا بِهِ‏.‏ أَوْ قَالَتْ فَلاَ نَفْعَلُهُ‏.‏‏৩২১. মু’আযাহ (ৰাহিমাহুল্লাহ)-ৰ পৰা বৰ্ণিত, জনৈকা মহিলাই ‘আইশ্বা ৰাদ্বিয়াল্লাহু আনহাক ক’লে, হায়েজকালীন কাযা ছালাত পবিত্ৰ হোৱাৰ পিছত আদায় কৰটো আমাৰ কাৰণে উচিত হ’ব নে? ‘আইশ্বা ৰাদ্বিয়াল্লাহু আনহাই ক’লে, তুমি কি হাৰূৰিয়্যাহ? (খাৰিজীসকলৰ এটা দল) আমি নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ সময়ত ঋতুৱতী হৈছিলোঁ, কিন্তু তেখেতে আমাক ছালাত কাযা কৰাৰ নির্দেশ দিয়া নাছিল অথবা তেখেতে [‘আইশ্বা ৰাদ্বিয়াল্লাহু আনহাই] কৈছে, আমি সেয়া কাযা কৰা নাছিলোঁ। (মুছলিম ৩/১৫, হাদীছ নং ৩৩৫, আহমাদ ২৪৭১৪) (আ.প্র. ৩১০, ই.ফা. ৩১৫)
পৰিচ্ছেদ : ২২, ঋতুৱতী মহিলাৰ সৈতে হায়েজৰ কাপোৰ পৰিহিত অৱস্থাত একেলগে শোৱা।হাদীছ- 322حَدَّثَنَا سَعْدُ بْنُ حَفْصٍ، قَالَ حَدَّثَنَا شَيْبَانُ، عَنْ يَحْيَى، عَنْ أَبِي سَلَمَةَ، عَنْ زَيْنَبَ ابْنَةِ أَبِي سَلَمَةَ، حَدَّثَتْهُ أَنَّ أُمَّ سَلَمَةَ قَالَتْ حِضْتُ وَأَنَا مَعَ النَّبِيِّ، صلى الله عليه وسلم فِي الْخَمِيلَةِ، فَانْسَلَلْتُ فَخَرَجْتُ مِنْهَا، فَأَخَذْتُ ثِيَابَ حِيضَتِي فَلَبِسْتُهَا، فَقَالَ لِي رَسُولُ اللَّهِ صلى الله عليه وسلم "أَنُفِسْتِ ‏"‏‏.‏ قُلْتُ نَعَمْ، فَدَعَانِي فَأَدْخَلَنِي مَعَهُ فِي الْخَمِيلَةِ‏.‏ قَالَتْ وَحَدَّثَتْنِي أَنَّ النَّبِيَّ صلى الله عليه وسلم كَانَ يُقَبِّلُهَا وَهُوَ صَائِمٌ، وَكُنْتُ أَغْتَسِلُ أَنَا وَالنَّبِيُّ صلى الله عليه وسلم مِنْ إِنَاءٍ وَاحِدٍ مِنَ الْجَنَابَةِ‏.‏‏৩২২. উম্মু চালামা ৰাদ্বিয়াল্লাহু আনহাৰ পৰা বৰ্ণিত, তেখেতে কৈছেঃ নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ সৈতে একেখন চাদৰৰ তলত শুই থকা অৱস্থাত মোৰ হায়েজ দেখা দিলে। তেতিয়া মই মনে মনে ওলাই আহি হায়েজৰ কাপোৰ পিন্ধিলোঁ। আল্লাহৰ ৰাছূল চাল্লাল্লাহু আলাইহি অছাল্লামে মোক মাতি আনি তেখেতৰ চাদৰৰ তলত স্থান দিলে। বর্ণনাকাৰী যায়নাব (ৰাহিমাহুল্লাহ)-এ কৈছে, মোক উম্মু চালামা ৰাদ্বিয়াল্লাহু আনহাইও কৈছে যে, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে ছওম অৱস্থাত তেওঁক চুমা খাইছিল। [উম্মু চালামা ৰাদ্বিয়াল্লাহু আনহাই আকৌ কৈছে] মই আৰু নবী চাল্লাল্লাহু আলাইহি অছাল্লামে একেই পাত্রৰ পৰা পানী লৈ জানাবাতৰ গোছল কৰিছোঁ। (২৯৮) (আ.প্র. ৩১১, ই.ফা. ৩১৬)
পৰিচ্ছেদ : ২৩, হায়েজৰ কাৰণে স্বতন্ত্র কাপোৰ পৰিধান কৰা।হাদীছ- 323حَدَّثَنَا مُعَاذُ بْنُ فَضَالَةَ، قَالَ حَدَّثَنَا هِشَامٌ، عَنْ يَحْيَى، عَنْ أَبِي سَلَمَةَ، عَنْ زَيْنَبَ ابْنَةِ أَبِي سَلَمَةَ، عَنْ أُمِّ سَلَمَةَ، قَالَتْ بَيْنَا أَنَا مَعَ النَّبِيِّ، صلى الله عليه وسلم مُضْطَجِعَةً فِي خَمِيلَةٍ حِضْتُ، فَانْسَلَلْتُ فَأَخَذْتُ ثِيَابَ حِيضَتِي فَقَالَ "‏أَنُفِسْتِ‏"‏‏.‏ فَقُلْتُ نَعَمْ‏.‏ فَدَعَانِي فَاضْطَجَعْتُ مَعَهُ فِي الْخَمِيلَةِ‏.‏৩২৩. উম্মু চালামা ৰাদ্বিয়াল্লাহু আনহাৰ পৰা বৰ্ণিত, তেখেতে কৈছে, এটা সময়ত মই আৰু নবী চাল্লাল্লাহু আলাইহি অছাল্লামে একেখন চাদৰৰ তলত শুই আছিলোঁ। মোৰ হায়েজ আৰম্ভ হ’ল। তেতিয়া মই গোপনে ওলাই গৈ হায়েজৰ কাপোৰ পিন্ধিলোঁ। তেখেতে প্ৰশ্ন কৰিলে, তোমাৰ হায়েজ আৰম্ভ হৈছে নেকি? মই ক’লো, হয়। তেখেতে মোক মাতি নিলে আৰু মই তেখেতৰ সৈতে একেখন চাদৰৰ তলত শুই পৰিলোঁ। (২৯৮) (আ.প্র. ৩১২, ই.ফা. ৩১৭)
পৰিচ্ছেদ : ২৪, ঋতুমতী মহিলাসকলে উভয় ঈদ আৰু মুছলিমসকলৰ দা‘ওৱাতী সমাৱেশত উপস্থিত হোৱা ও ঈদগাহৰ পৰা দূৰত অৱস্থান কৰা।হাদীছ- 324حَدَّثَنَا مُحَمَّدٌ ـ هُوَ ابْنُ سَلاَمٍ ـ قَالَ أَخْبَرَنَا عَبْدُ الْوَهَّابِ، عَنْ أَيُّوبَ، عَنْ حَفْصَةَ، قَالَتْ كُنَّا نَمْنَعُ عَوَاتِقَنَا أَنْ يَخْرُجْنَ فِي الْعِيدَيْنِ، فَقَدِمَتِ امْرَأَةٌ فَنَزَلَتْ قَصْرَ بَنِي خَلَفٍ، فَحَدَّثَتْ عَنْ أُخْتِهَا، وَكَانَ زَوْجُ أُخْتِهَا غَزَا مَعَ النَّبِيِّ صلى الله عليه وسلم ثِنْتَىْ عَشَرَةَ، وَكَانَتْ أُخْتِي مَعَهُ فِي سِتٍّ‏.‏ قَالَتْ كُنَّا نُدَاوِي الْكَلْمَى، وَنَقُومُ عَلَى الْمَرْضَى، فَسَأَلَتْ أُخْتِي النَّبِيَّ صلى الله عليه وسلم أَعَلَى إِحْدَانَا بَأْسٌ إِذَا لَمْ يَكُنْ لَهَا جِلْ باب أَنْ لاَ تَخْرُجَ قَالَ ‏"‏لِتُلْبِسْهَا صَاحِبَتُهَا مِنْ جِلْ بابهَا، وَلْتَشْهَدِ الْخَيْرَ وَدَعْوَةَ الْمُسْلِمِينَ ‏"‏‏.‏ فَلَمَّا قَدِمَتْ أُمُّ عَطِيَّةَ سَأَلْتُهَا أَسَمِعْتِ النَّبِيَّ صلى الله عليه وسلم قَالَتْ بِأَبِي نَعَمْ ـ وَكَانَتْ لاَ تَذْكُرُهُ إِلاَّ قَالَتْ بِأَبِي ـ سَمِعْتُهُ يَقُولُ‏"‏ يَخْرُجُ الْعَوَاتِقُ وَذَوَاتُ الْخُدُورِ، أَوِ الْعَوَاتِقُ ذَوَاتُ الْخُدُورِ وَالْحُيَّضُ، وَلْيَشْهَدْنَ الْخَيْرَ وَدَعْوَةَ الْمُؤْمِنِينَ، وَيَعْتَزِلُ الْحُيَّضُ الْمُصَلَّى ‏"‏‏.‏ قَالَتْ حَفْصَةُ فَقُلْتُ الْحُيَّضُ فَقَالَتْ أَلَيْسَ تَشْهَدُ عَرَفَةَ وَكَذَا وَكَذَا‏.৩২৪. হাফছা ৰাদ্বিয়াল্লাহু আনহাৰ পৰা বৰ্ণিত, তেখেতে কৈছেঃ আমি আমাৰ যুৱতীসকলক ঈদৰ ছালাতত আহিবলৈ নিষেধ কৰিলোঁ। এগৰাকী মহিলাই বনূ কালাফৰ মহলত আহি উপস্থিত হ’ল আৰু তেওঁ তেওঁৰ ভনীৰ পৰা বর্ণনা কৰিলে। তেওঁৰ ভগ্নীপতিয়ে নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ সৈতে বাৰখন গায্‌ওৱাহ (ডাঙৰ যুদ্ধ)–ত অংশগ্রহণ কৰিছিল। তেওঁ কৈছে, মোৰ ভনীও তেখেতৰ সৈতে ছয়খন গায্‌ওৱাত শ্বৰীক আছিল। সেই ভনীজনীয়ে কৈছে, আমি আঁহতসকলৰ পৰিচর্যা আৰু অসুস্থসকলৰ সেৱা কৰিলোঁ। তেওঁ নবী চাল্লাল্লাহু আলাইহি অছাল্লামক প্ৰশ্ন কৰিলে, আমাৰ কাৰোবাৰ উড়না নথকাৰ কাৰণে ওলাই নাহিলে কিবা অসুবিধা আছে নেকি? আল্লাহৰ ৰাছূল চাল্লাল্লাহু আলাইহি অছাল্লামে ক’লে, তেওঁৰ বান্ধৱীৰ উড়না তেওঁক পিন্ধাই দিবা, যাতে তেওঁ ভাল মজলিছ আৰু মু’মিনসকলৰ দাওৱাতত শ্বৰীক হ’ব পাৰে। যেতিয়া উম্মু আতিয়্যা ৰাদ্বিয়াল্লাহু আনহা আহিল, মই তেখেতেক প্ৰশ্ন কৰিলোঁ, আপুনি নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৰা এনেকুৱা শুনিছেনে? উত্তৰত তেখেতে ক’লে, মোৰ পিতা তেখেতৰ কাৰণে কুৰবান হওঁক। হয়, তেখেতে এনেকৈ কৈছিল। নবীৰ কথা আলোচিত হ’লেই তেখেতে কৈছিল, “মোৰ পিতা তেখেতৰ কাৰণে কুৰবান হওঁক।” মই নবী চাল্লাল্লাহু ‘আলাইহি অছাল্লামক কোৱা শুনিছোঁ যে, যুৱতী, পর্দাশীলা আৰু ঋতুৱতী মহিলাসকলে ওলাই আহিব আৰু ভাল স্থানত ও মু’মিনসকলৰ দাওৱাতত অংশগ্রহণ কৰিব। অৱশ্যে ঋতুৱতী মহিলাই ঈদগাহৰ পৰা দূৰত থাকিব। হাফছা ৰাদ্বিয়াল্লাহু আনহাই কৈছে, মই প্ৰশ্ন কৰিলোঁ ঋতুৱতীও ওলাই আহিবনে? তেখেতে ক’লে, তেওঁ ‘আৰাফাত ও অমুক অমুক স্থানত উপস্থিত নহ’ব নেকি? (৯৩৫১, ৯৭১, ৯৭৪, ৯৮০, ৯৮১, ১৬৫২; মুছলিম ৮/১, হাদীছ নং ৮৯০) (আ.প্র. ৩১৩, ই.ফা. ৩১৮)
পৰিচ্ছেদ : ২৫, এমাহত তিনি হায়েজ হ’লে। সম্ভাব্য হায়েজ  আৰু গর্ভধাৰণৰ ক্ষেত্ৰত মাইকী মানুহৰ কথা গ্রহণযোগ্য।কাৰণ আল্লাহ তা‘আলাই ঘোষণা কৰিছে, “সিহঁতৰ গৰ্ভাশয়ত আল্লাহে যি সৃষ্টি কৰিছে সেয়া গোপন কৰা সিহঁতৰ বাবে বৈধ নহয়।” (ছুৰা আল-বাক্কাৰা ২ : ২২৮)।

‘আলী ৰাদ্বিয়াল্লাহু আনহু ও শুৰায়হ (ৰাহিমাহুল্লাহ)-ৰ পৰা বর্ণিত। যদি কোনো মহিলাৰ নিজ পৰিবাৰৰ দ্বীনদাৰ কোনোৱে সাক্ষ্য দিয়ে যে, এই মহিলাই মাহত তিনিবাৰ ঋতুৱতী হৈছে, তেন্তে তেওঁৰ কথা গ্রহণযোগ্য হ’ব। ‘আত্বা (ৰাহিমাহুল্লাহ)-এ কৈছে, মহিলাৰ হায়েজৰ দিন গণনা কৰা হ’ব তেওঁৰ পূর্বৰ স্বভাৱ অনুসৰি। ইব্ৰাহীম (ৰাহিমাহুল্লাহ)-য়েও অনুৰূপ কৈছে। ‘আত্বা (ৰাহিমাহুল্লাহ)-এ আকৌ কৈছে, হায়েজ এদিনৰ পৰা পোন্ধৰ দিন পর্যন্ত হোৱাৰ সম্ভাৱনা আছে। মুতামিৰে তেখেতৰ পিতাৰ পৰা বর্ণনা কৰে, তেখেতে কৈছে, মই ইবনু ছীৰীন (ৰাহিমাহুল্লাহ)-ক এনেকুৱা মহিলা সম্পর্কে প্ৰশ্ন কৰিলোঁ যিয়ে তেওঁৰ পুর্ব অভ্যাস অনুযায়ী হায়েজৰ পাঁচ দিন পূর্ণ হোৱাৰ পিছতো তেজ দেখা পায়? তেখেতে উত্তৰত ক’লে, এই বিষয়ে মহিলাসকলে ভালকৈ জানে।
হাদীছ- 325حَدَّثَنَا أَحْمَدُ بْنُ أَبِي رَجَاءٍ، قَالَ حَدَّثَنَا أَبُو أُسَامَةَ، قَالَ سَمِعْتُ هِشَامَ بْنَ عُرْوَةَ، قَالَ أَخْبَرَنِي أَبِي، عَنْ عَائِشَةَ،‏.‏ أَنَّ فَاطِمَةَ بِنْتَ أَبِي حُبَيْشٍ، سَأَلَتِ النَّبِيَّ صلى الله عليه وسلم قَالَتْ إِنِّي أُسْتَحَاضُ فَلاَ أَطْهُرُ، أَفَأَدَعُ الصَّلاَةَ فَقَالَ‏ "‏لاَ، إِنَّ ذَلِكِ عِرْقٌ، وَلَكِنْ دَعِي الصَّلاَةَ قَدْرَ الأَيَّامِ الَّتِي كُنْتِ تَحِيضِينَ فِيهَا، ثُمَّ اغْتَسِلِي وَصَلِّي‏"‏‏.‏‏৩২৫. ‘আইশ্বা ৰাদ্বিয়াল্লাহু আনহাৰ পৰা বৰ্ণিত, তেখেতে কৈছেঃ ফাতিমা বিনতু আবূ হুবাইশ্ব ৰাদ্বিয়াল্লাহু আনহাই নবী চাল্লাল্লাহু আলাইহি অছাল্লামক প্ৰশ্ন কৰিলে, মোৰ ইস্তিহাযা হৈছে আৰু পবিত্ৰ হোৱা নাই। মই ছালাত পৰিত্যাগ কৰিম নে? নবী চাল্লাল্লাহু আলাইহি অছাল্লামে ক’লে, নোৱাৰিবা। এইটো হৈছে সিৰাৰ পৰা লিৰ্গত হোৱা তেজ। কিন্তু এনেকুৱা হোৱাৰ পূর্বে যিমান দিন হায়েজ হৈছিল নিশ্চয় সেই কেইদিন ছালাত পৰিত্যাগ কৰা। তাৰ পিছত গোছল কৰি লবা আৰু ছালাত আদায় কৰিবা। (২২৮) (আ.প্র. ৩১৪, ই.ফা. ৩১৯)
পৰিচ্ছেদ : ২৬, হায়েজৰ দিনসমূহৰ বাহিৰে অন্য দিনত হালধীয়া আৰু মটিয়া ৰং দেখা।হাদীছ- 326حَدَّثَنَا قُتَيْبَةُ بْنُ سَعِيدٍ، قَالَ حَدَّثَنَا إِسْمَاعِيلُ، عَنْ أَيُّوبَ، عَنْ مُحَمَّدٍ، عَنْ أُمِّ عَطِيَّةَ، قَالَتْ كُنَّا لاَ نَعُدُّ الْكُدْرَةَ وَالصُّفْرَةَ شَيْئًا‏.‏‏৩২৬. উম্মু আতিয়্যা ৰাদ্বিয়াল্লাহু আনহাৰ পৰা বৰ্ণিত, তেখেতে কৈছে, আমি মটিয়া ও হালধীয়া ৰং হায়েজৰ ভিতৰৰ বুলি গণ্য নকৰোঁ। (আ.প্র. ৩১৫, ই.ফা. ৩২০)
পৰিচ্ছেদ : ২৭, ইস্তিহাযাৰ সিৰা।হাদীছ- 327حَدَّثَنَا إِبْرَاهِيمُ بْنُ الْمُنْذِرِ، قَالَ حَدَّثَنَا مَعْنٌ، قَالَ حَدَّثَنِي ابْنُ أَبِي ذِئْبٍ، عَنِ ابْنِ شِهَابٍ، عَنْ عُرْوَةَ، وَعَنْ عَمْرَةَ، عَنْ عَائِشَةَ، زَوْجِ النَّبِيِّ صلى الله عليه وسلم أَنَّ أُمَّ حَبِيبَةَ اسْتُحِيضَتْ سَبْعَ سِنِينَ، فَسَأَلَتْ رَسُولَ اللَّهِ صلى الله عليه وسلم عَنْ ذَلِكَ، فَأَمَرَهَا أَنْ تَغْتَسِلَ فَقَالَ ‏ "هَذَا عِرْقٌ‏"‏‏.‏ فَكَانَتْ تَغْتَسِلُ لِكُلِّ صَلاَةٍ‏.‏‏৩২৭. ‘আইশ্বা ৰাদ্বিয়াল্লাহু আনহাৰ পৰা বৰ্ণিত, তেখেতে কৈছেঃ উম্মু হাবীবাহ ৰাদ্বিয়াল্লাহু আনহা সাত বছৰ পর্যন্ত ইস্তিহাযাত আক্রান্ত আছিল। তেখেতে এই বিষয়ে নবী চাল্লাল্লাহু আলাইহি অছাল্লামক প্ৰশ্ন কৰিলে। আল্লাহৰ ৰাছূল চাল্লাল্লাহু আলাইহি অছাল্লামে তেখেতক গোছল কৰাৰ নির্দেশ দিলে আৰু ক’লে, এইটো সিৰাৰ পৰা নিৰ্গত হোৱা তেজ। ইয়াৰ পিছত উম্মু হাবীবা ৰাদ্বিয়াল্লাহু আনহাই প্রত্যেক ছালাতৰ কাৰণে গোছল কৰিছিল। (মুছলিম ৩/১৪, হাদীছ নং ৩৩৪, আহমাদ ২৭৫১৬) (আ.প্র. ৩১৬, ই.ফা. ৩২১)
পৰিচ্ছেদ : ২৮, ত্বওৱাফে যিয়াৰাতৰ পিছত মহিলাৰ হায়েজ আৰম্ভ হোৱা।হাদীছ- 328حَدَّثَنَا عَبْدُ اللَّهِ بْنُ يُوسُفَ، أَخْبَرَنَا مَالِكٌ، عَنْ عَبْدِ اللَّهِ بْنِ أَبِي بَكْرِ بْنِ مُحَمَّدِ بْنِ عَمْرِو بْنِ حَزْمٍ، عَنْ أَبِيهِ، عَنْ عَمْرَةَ بِنْتِ عَبْدِ الرَّحْمَنِ، عَنْ عَائِشَةَ، زَوْجِ النَّبِيِّ صلى الله عليه وسلم أَنَّهَا قَالَتْ لِرَسُولِ اللَّهِ صلى الله عليه وسلم يَا رَسُولَ اللَّهِ، إِنَّ صَفِيَّةَ بِنْتَ حُيَىٍّ قَدْ حَاضَتْ‏.‏ قَالَ رَسُولُ اللَّهِ صلى الله عليه وسلم ‏"‏لَعَلَّهَا تَحْبِسُنَا، أَلَمْ تَكُنْ طَافَتْ مَعَكُنَّ‏"‏‏.‏ فَقَالُوا بَلَى‏.‏ قَالَ ‏"‏فَاخْرُجِي‏"‏‏.৩২৮. নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ স্ত্ৰী ‘আইশ্বা ৰাদ্বিয়াল্লাহু আনহাৰ পৰা বৰ্ণিত, তেখেতে আল্লাহৰ ৰাছূল চাল্লাল্লাহু আলাইহি অছাল্লামক প্ৰশ্ন কৰিলে, হে আল্লাহৰ ৰাছূল! ছফিয়্যাহ বিনতু হুয়াইয়ৰ হায়েজ আৰম্ভ হৈছে। আল্লাহৰ ৰাছূল চাল্লাল্লাহু আলাইহি অছাল্লামে ক’লে, তেওঁ তো আমাক বন্দী কৰি ৰাখিব। তেওঁ তোমালোকৰ সৈতে ত্বওৱাফে-যিয়াৰত কৰা নাই নেকি? তেওঁলোকে জবাব দিলে, হয়, কৰিছে। তেখেতে ক’লে, তেনেহ’লে বাহিৰ হোৱা। (২৯৪) (আ.প্র. ৩১৭, ই.ফা. ৩২২)
হাদীছ- 329حَدَّثَنَا مُعَلَّى بْنُ أَسَدٍ، قَالَ حَدَّثَنَا وُهَيْبٌ، عَنْ عَبْدِ اللَّهِ بْنِ طَاوُسٍ، عَنْ أَبِيهِ، عَنِ ابْنِ عَبَّاسٍ، قَالَ رُخِّصَ لِلْحَائِضِ أَنْ تَنْفِرَ، إِذَا حَاضَتْ‏.‏৩২৯. ‘আব্দুল্লাহ ইবনু ‘আব্বাছ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেখেতে কৈছে, (ত্বওৱাফে যিয়াৰতৰ পিছত) মহিলাৰ হায়েজ হ’লে তেওঁৰ কাৰণে গুচি যোৱাৰ অনুমতি আছে। (১৭৫৫, ১৭৬০) (আ.প্র. ৩১৮, ই.ফা. ৩২৩)
হাদীছ- 330وَكَانَ ابْنُ عُمَرَ يَقُولُ فِي أَوَّلِ أَمْرِهِ إِنَّهَا لاَ تَنْفِرُ‏.‏ ثُمَّ سَمِعْتُهُ يَقُولُ تَنْفِرُ إِنَّ رَسُولَ اللَّهِ صلى الله عليه وسلم رَخَّصَ لَهُنَّ‏.‏৩৩০. ইয়াৰ পূর্বে ইবনু ‘উমাৰ ৰাদ্বিয়াল্লাহু আনহুৱে কৈছিল, তেওঁ যাব নোৱাৰিব। তাৰ পিছত তেখেতেক কোৱা শুনিছোঁ যে, তেওঁ যাব পাৰে। কাৰণ, আল্লাহৰ ৰাছূল চাল্লাল্লাহু আলাইহি অছাল্লামে তেওঁলোকৰ কাৰণে (যোৱাৰ) অনুমতি দিছিল। (১৭৬১ দ্রষ্টব্য) (আ.প্র. ৩১৮ শেষাংশ, ই.ফা. ৩২৩ শেষাংশ)
পৰিচ্ছেদ : ২৯, ইস্তিহাযাহগ্রস্তা নাৰীৰ পবিত্ৰতা দেখা।ইবনু ‘আব্বাছ ৰাদ্বিয়াল্লাহু আনহুৱে কৈছে, ইস্তিহাযাগ্রস্তা নাৰীয়ে দিনৰ কিছু সময়ৰ কাৰণে হ’লেও পবিত্ৰতা দেখিলে গোছল কৰিব আৰু ছালাত আদায় কৰিব। আনহাতে ছালাত আদায় কৰাৰ পিছত তেওঁৰ স্বামীয়ে তেওঁৰ সৈতে মিলিত হ’ব পাৰে। কাৰণ, ছালাতৰ গুৰুত্ব অত্যধিক।হাদীছ- 331حَدَّثَنَا أَحْمَدُ بْنُ يُونُسَ، عَنْ زُهَيْرٍ، قَالَ حَدَّثَنَا هِشَامٌ، عَنْ عُرْوَةَ، عَنْ عَائِشَةَ، قَالَتْ قَالَ النَّبِيُّ صلى الله عليه وسلم "‏إِذَا أَقْبَلَتِ الْحَيْضَةُ فَدَعِي الصَّلاَةَ، وَإِذَا أَدْبَرَتْ فَاغْسِلِي عَنْكِ الدَّمَ وَصَلِّي‏"‏‏.‏‏৩৩১. ‘আইশ্বা ৰাদ্বিয়াল্লাহু আনহাৰ পৰা বৰ্ণিত, তেখেতে কৈছে, আল্লাহৰ ৰাছূল চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে, হায়েজ দেখা দিলে ছালাত এৰি দিয়া, আকৌ হায়েজৰ সময় শেষ হৈ গ’লে তেজ ধুই লোৱা আৰু ছালাত আদায় কৰা। (২২৮) (আ.প্র. ৩১৯, ই.ফা. ৩২৪)
পৰিচ্ছেদ : ৩০, নিফাছ অৱস্থাত মৃত স্ত্রীলোকৰ জানাযাৰ নামায ও তাৰ পদ্ধতি।হাদীছ- 332حَدَّثَنَا أَحْمَدُ بْنُ أَبِي سُرَيْجٍ، قَالَ أَخْبَرَنَا شَبَابَةُ، قَالَ أَخْبَرَنَا شُعْبَةُ، عَنْ حُسَيْنٍ الْمُعَلِّمِ، عَنِ ابْنِ بُرَيْدَةَ، عَنْ سَمُرَةَ بْنِ جُنْدُبٍ، أَنَّ امْرَأَةً، مَاتَتْ فِي بَطْنٍ، فَصَلَّى عَلَيْهَا النَّبِيُّ صلى الله عليه وسلم فَقَامَ وَسَطَهَا‏.‏‏৩৩২. ছামুৰাহ ইবনু জুনদুব ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেখেতে কৈছেঃ এগৰাকী প্রসূতি মহিলাৰ মৃত্যু হোৱাত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে তেখেতৰ জানাযাৰ ছালাত আদায় কৰিলে। ছালাতত তেখেতে মহিলাৰ দেহৰ মাজ বৰাবৰ থিয় হৈছিল। (১৩৩১, ১৩৩২ দ্রষ্টব্য) (আ.প্র. ৩২০, ই.ফা. ৩২৫)
পৰিচ্ছেদ: ৩১,হাদীছ- 333حَدَّثَنَا الْحَسَنُ بْنُ مُدْرِكٍ، قَالَ حَدَّثَنَا يَحْيَى بْنُ حَمَّادٍ، قَالَ أَخْبَرَنَا أَبُو عَوَانَةَ ـ اسْمُهُ الْوَضَّاحُ ـ مِنْ كِتَابِهِ قَالَ أَخْبَرَنَا سُلَيْمَانُ الشَّيْبَانِيُّ، عَنْ عَبْدِ اللَّهِ بْنِ شَدَّادٍ، قَالَ سَمِعْتُ خَالَتِي، مَيْمُونَةَ ـ زَوْجَ النَّبِيِّ صلى الله عليه وسلم أَنَّهَا كَانَتْ تَكُونُ حَائِضًا لاَ تُصَلِّي، وَهْىَ مُفْتَرِشَةٌ بِحِذَاءِ مَسْجِدِ رَسُولِ اللَّهِ صلى الله عليه وسلم وَهْوَ يُصَلِّي عَلَى خُمْرَتِهِ، إِذَا سَجَدَ أَصَابَنِي بَعْضُ ثَوْبِهِ‏.‏‏৩৩৩. ‘আব্দুল্লাহ ইবনু ছাদ্দাদ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেখেতে কৈছেঃ মই মোৰ মাহী নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ স্ত্রী মাইমূনা ৰাদ্বিয়াল্লাহু আনহাৰ পৰা শুনিছোঁ যে, তেখেতে হায়েজ অৱস্থাত ছালাত আদায় কৰা নাছিল; তেতিয়া তেখেতে আল্লাহৰ ৰাছূল চাল্লাল্লাহু আলাইহি অছাল্লামৰ ছালাতৰ ছিজদাৰ স্থানত ছিধাকৈ শুই আছিল। নবী চাল্লাল্লাহু আলাইহি অছাল্লামে তেখেতৰ ঢাৰিত ছালাত আদায় কৰিছিল। ছিজদা কৰাৰ সময়ত তেখেতৰ কাপোৰৰ অংশই মোৰ (মাইমূনাহৰ) শৰীৰ স্পর্শ কৰিছিল। (৩৭৯, ৩৮১, ৫১৭, ৫১৮ দ্রষ্টব্য) (আ.প্র. ৩২১, ই.ফা. ৩২৬)