chapter-note-beforechapterchapter-note-afterhadith-numberhadith-arabichadith-assamesehadith-note
পৰিচ্ছেদঃ ১- তায়াম্মুমআৰু আল্লাহ তাআলাই কৈছে: "যদি তোমালোকে পানী নোপোৱা তেন্তে পৱিত্ৰ মাটিৰ দ্বাৰা তায়াম্মুম কৰিবা।এতেকে মাটিৰে তোমালোকৰ মুখমণ্ডল আৰু দুয়ো হাত মছেহ কৰিবা। (ছুৰা আল-মায়িদাহঃ ৬)হাদীছ - 334حَدَّثَنَا عَبْدُ اللهِ بْنُ يُوسُفَ قَالَ : أَخْبَرَنَا مَالِكٌ ، عَنْ عَبْدِ الرَّحْمَنِ بْنِ الْقَاسِمِ ، عَنْ أَبِيهِ ، عَنْ عَائِشَةَ زَوْجِ النَّبِيِّ صلى الله عليه وسلم قَالَتْ خَرَجْنَا مَعَ رَسُولِ اللهِ صلى الله عليه وسلم فِي بَعْضِ أَسْفَارِهِ حَتَّى إِذَا كُنَّا بِالْبَيْدَاءِ ، أَوْ بِذَاتِ الْجَيْشِ - انْقَطَعَ عِقْدٌ لِي فَأَقَامَ رَسُولُ اللهِ صلى الله عليه وسلم عَلَى الْتِمَاسِهِ وَأَقَامَ النَّاسُ مَعَهُ وَلَيْسُوا عَلَى مَاءٍ فَأَتَى النَّاسُ إِلَى أَبِي بَكْرٍ الصِّدِّيقِ فَقَالُوا أَلاَ تَرَى مَا صَنَعَتْ عَائِشَةُ أَقَامَتْ بِرَسُولِ اللهِ صلى الله عليه وسلم وَالنَّاسِ وَلَيْسُوا عَلَى مَاءٍ وَلَيْسَ مَعَهُمْ مَاءٌ فَجَاءَ أَبُو بَكْرٍ وَرَسُولُ اللهِ صلى الله عليه وسلم وَاضِعٌ رَأْسَهُ عَلَى فَخِذِي قَدْ نَامَ فَقَالَ حَبَسْتِ رَسُولَ اللهِ صلى الله عليه وسلم وَالنَّاسَ وَلَيْسُوا عَلَى مَاءٍ وَلَيْسَ مَعَهُمْ مَاءٌ فَقَالَتْ عَائِشَةُ فَعَاتَبَنِي أَبُو بَكْرٍ وَقَالَ مَا شَاءَ اللَّهُ أَنْ يَقُولَ وَجَعَلَ يَطْعُنُنِي بِيَدِهِ فِي خَاصِرَتِي فَلاَ يَمْنَعُنِي مِنَ التَّحَرُّكِ إِلاَّ مَكَانُ رَسُولِ اللهِ صلى الله عليه وسلم عَلَى فَخِذِي فَقَامَ رَسُولُ اللهِ صلى الله عليه وسلم حِينَ أَصْبَحَ عَلَى غَيْرِ مَاءٍ فَأَنْزَلَ اللَّهُ آيَةَ التَّيَمُّمِ فَتَيَمَّمُوا. فَقَالَ أُسَيْدُ بْنُ الْحُضَيْرِ مَا هِيَ بِأَوَّلِ بَرَكَتِكُمْ يَا آلَ أَبِي بَكْرٍ قَالَتْ فَبَعَثْنَا الْبَعِيرَ الَّذِي كُنْتُ عَلَيْهِ فَأَصَبْنَا الْعِقْدَ تَحْتَهُ.৩৩৪- নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ পত্নী আইশ্বা ৰাদ্বিয়াল্লাহু আনহাৰ পৰা বৰ্ণিত- তেখেতে কৈছে-"আমি ৰাছূল চাল্লাল্লাহু আলাইহি অছাল্লামৰ লগত কোনোবা এটা ভ্ৰমণত ওলাইছিলোঁ। যেতিয়া আমি "বায়দা" বা "যাতুল জাইশ্ব" নামক স্থানত উপস্থিত হ’লোঁ, তাত মোৰ এডাল হাৰ হেৰাই গ’ল। ৰাছূল চাল্লাল্লাহু আলাইহি অছাল্লামে উক্ত স্থানত হাৰডাল বিচাৰিবলৈ ৰৈ যোৱাত বাকী লোকসকলো তাতেই তেওঁৰ সৈতে ৰৈ দিলে, সেই সময়ত তেওঁলোকৰ ওচৰত পানী নাছিল। তেতিয়া মানুহবোৰে আবু বকৰ ৰাদ্বিয়াল্লাহু আনহুৰ ওচৰলৈ আহি ক’লে -"আইশ্বাই কি কৰিছে আপুনি দেখা নাইনে?" তেখেতে ৰাছূল চাল্লাল্লাহু আলাইহি অছাল্লাম আৰু সকলো মানুহক ৰখাই থৈছে অথচ ওচৰে-পাঁজৰে ক’তো পানীও নাই আৰু তেওঁলোকৰ লগতো পানী নাই! আবু বকৰ ৰাদ্বিয়াল্লাহু আনহু তেতিয়া মোৰ কাষলৈ আহিল, সেই সময়ত ৰাছূল চাল্লাল্লাহু আলাইহি অছাল্লামে মোৰ উৰুৰ ওপৰত মূৰ ৰাখি শুই আছিল। আবু বকৰ ৰাদ্বিয়াল্লাহু আনহুৱে ক’লে -"তুমি ৰাছূল চাল্লাল্লাহু আলাইহি অছাল্লাম আৰু মানুহসকলক আটক কৰি পেলাইছা অথচ আশেপাশে ক’তো পানী নাই, আৰু সিহঁতৰ লগতো পানী নাই!" আইশ্বা ৰাদ্বিয়াল্লাহু আনহাই ক’লে- "আবু বকৰ ৰাদ্বিয়াল্লাহু আনহুৱে মোক বৰ তিৰস্কাৰ কৰিলে আৰু আল্লাহৰ ইচ্ছাত যি মনত আহিল তাকেই ক’লে। লগতে তেখেতে হাতেৰে মোৰ কঁকালত আঘাত কৰিলে। কিন্তু মোৰ উৰুৰ ওপৰত ৰাছূল চাল্লাল্লাহু আলাইহি অছাল্লামৰ মূৰ থকাৰ বাবে মই লৰচৰ কৰিব পৰা নাছিলোঁ। ৰাছূল চাল্লাল্লাহু আলাইহি অছাল্লামে পুৱতি নিশা উঠিলে, কিন্তু পানী নাছিল। তেতিয়া আল্লাহ তাআলাই তায়াম্মুমৰ আয়াত অৱতীৰ্ণ কৰিলে। তাৰপিছত সকলোৱে তায়াম্মুম কৰি ল’লে। উছাইদ ইবনে হুযাইৰ ৰাদ্বিয়াল্লাহু আনহুৱে ক’লে- "হে আবু বকৰৰ পৰিয়াল বৰ্গ! এইটোৱেই আপোনালোকৰ প্ৰথম বৰকত নহয়"। আইশ্বা ৰাদ্বিয়াল্লাহু আনহাই কৈছে- "মই যি উটত আছিলোঁ তাক থিয় কৰোৱাত দেখা গ’ল মোৰ হাৰডাল তাৰ তলতে পৰি আছে"। (সংশ্লিষ্ট হাদীছসমূহঃ ৩৩৬, ৩৬৭২, ৩৭৭৩, ৪৫৮৩, ৪৬০৭, ৪৬০৮, ৫১৬৪, ৫২৫০, ৫৮৮২, ৬৮৪৪, ৬৮৪৫. মুছলিমঃ ৩৬৭)
হাদীছ - 335حَدَّثَنَا مُحَمَّدُ بْنُ سِنَانٍ قَالَ : حَدَّثَنَا هُشَيْمٌ (ح) قَالَ : وَحَدَّثَنِي سَعِيدُ بْنُ النَّضْرِ قَالَ : أَخْبَرَنَا هُشَيْمٌ قَالَ : أَخْبَرَنَا سَيَّارٌ قَالَ : حَدَّثَنَا يَزِيدُ ، هُوَ ابْنُ صُهَيْبٍ الْفَقِيرُ- قَالَ : أَخْبَرَنَا جَابِرُ بْنُ عَبْدِ اللهِ أَنَّ النَّبِيَّ صلى الله عليه وسلم قَالَ : أُعْطِيتُ خَمْسًا لَمْ يُعْطَهُنَّ أَحَدٌ قَبْلِي نُصِرْتُ بِالرُّعْبِ مَسِيرَةَ شَهْرٍ وَجُعِلَتْ لِيَ الأَرْضُ مَسْجِدًا وَطَهُورًا فَأَيُّمَا رَجُلٍ مِنْ أُمَّتِي أَدْرَكَتْهُ الصَّلاَةُ فَلْيُصَلِّ وَأُحِلَّتْ لِيَ الْمَغَانِمُ وَلَمْ تَحِلَّ لأَحَدٍ قَبْلِي وَأُعْطِيتُ الشَّفَاعَةَ ، وَكَانَ النَّبِيُّ يُبْعَثُ إِلَى قَوْمِهِ خَاصَّةً وَبُعِثْتُ إِلَى النَّاسِ عَامَّةً))৩৩৫- জাবিৰ ইবনে আব্দুল্লাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে- "মোক এনেকুৱা পাঁচটা বস্তু দান কৰা হৈছে, যিবোৰ মোৰ পূৰ্বে আন কাকো দান কৰা হোৱা নাছিল। ১] মোক এনেকুৱা প্ৰভাৱ প্ৰদান কৰি সহায় কৰা হৈছে যিটো এমাহ দূৰত্বলৈকেও তাৰ প্ৰতিক্ৰিয়া প্ৰতিফলিত হয়। ২] সমগ্র ভূমি মোৰ বাবে পৱিত্র আৰু ছালাত আদায়ৰ বাবে উপযুক্ত কৰি দিয়া হৈছে। সেয়েহে মোৰ উম্মতৰ যিকোনো ব্যক্তিয়ে সময় হোৱাৰ লগে লগে ছালাত আদায় কৰিব পাৰে। ৩] মোৰ বাবে গণীমতৰ মাল (যুদ্ধলব্ধ সম্পদ) হালাল কৰি দিয়া হৈছে, যিটো মোৰ আগতে কাৰো বাবে হালাল নাছিল। ৪] মোক শ্বাফাআতৰ অধিকাৰ দিয়া হৈছে। ৫] সকলো নবীক প্ৰেৰণ কৰা হৈছিল কেৱল তেওঁলোকৰ সম্প্ৰদায়ৰ লোকসকলৰ বাবে, কিন্তু মোক প্ৰেৰণ কৰা হৈছে সমগ্র মানৱ জাতিৰ বাবে। (সংশ্লিষ্ট হাদীছসমূহঃ ৪৩৮, ৩১২২ মুছলিমঃ ৫২১)
পৰিচ্ছেদঃ নং ২, যদি মাটি আৰু পানী পোৱা নাযায়হাদীছ - 336حَدَّثَنَا زَكَرِيَّا بْنُ يَحْيَى قَالَ : حَدَّثَنَا عَبْدُ اللهِ بْنُ نُمَيْرٍ قَالَ : حَدَّثَنَا هِشَامُ بْنُ عُرْوَةَ ، عَنْ أَبِيهِ ، عَنْ عَائِشَةَ أَنَّهَا اسْتَعَارَتْ مِنْ أَسْمَاءَ قِلاَدَةً فَهَلَكَتْ فَبَعَثَ رَسُولُ اللهِ صلى الله عليه وسلم رَجُلاً فَوَجَدَهَا فَأَدْرَكَتْهُمُ الصَّلاَةُ وَلَيْسَ مَعَهُمْ مَاءٌ فَصَلَّوْا فَشَكَوْا ذَلِكَ إِلَى رَسُولِ اللهِ صلى الله عليه وسلم فَأَنْزَلَ اللَّهُ آيَةَ التَّيَمُّمِ فَقَالَ أُسَيْدُ بْنُ حُضَيْرٍ لِعَائِشَةَ جَزَاكِ اللَّهُ خَيْرًا فَوَاللَّهِ مَا نَزَلَ بِكِ أَمْرٌ تَكْرَهِينَهُ إِلاَّ جَعَلَ اللَّهُ ذَلِكِ لَكِ وَلِلْمُسْلِمِينَ فِيهِ خَيْرًا.৩৩৬- আইশ্বা ৰাদ্বিয়াল্লাহু আনহাৰ পৰা বৰ্ণিত, তেখেতে এদিন (ভনীয়েক)) আছমা ৰাদ্বিয়াল্লাহু আনহাৰ পৰা ডিঙিৰ হাৰ এডাল ধাৰ কৰি লৈ গৈছিল। বাটতে হাৰডাল হেৰাই গ’ল। আল্লাহৰ ৰাছূল চাল্লাল্লাহু আলাইহি অছাল্লামে সেই হাৰডাল বিচাৰিবলৈ মানুহ পঠালে। তেওঁ এনে সময়ত হাৰডাল বিচাৰি পাইছিল, যি সময়ত তেওঁলোকৰ ছালাতৰ সময় হৈছিল যদিও আশেপাশে ক’তো পানী নাছিল। তেওঁলোকে ছালাত আদায় কৰিলে। তাৰপিছত বিষয়টো তেওঁলোকে ৰাছূল চাল্লাল্লাহু আলাইহি অছাল্লামৰ আগত বৰ্ণনা কৰিলে। তেতিয়া আল্লাহ তাআলাই তায়াম্মুমৰ আয়াত অৱতীৰ্ণ কৰিলে। সেইবাবেই উছাইদ ইবনে হুযাইৰ ৰাদ্বিয়াল্লাহু আনহুৱে আইশ্বা ৰাদ্বিয়াল্লাহ আনহাক উদ্দেশ্য কৰি কৈছিল- "আল্লাহে আপোনাক উত্তম প্ৰতিদান দিয়ক। আল্লাহৰ শপত! আপুনি যি অপছন্দীয় পৰিস্থিতিৰেই সন্মুখীন হৈছে, সেই পৰিস্থিতিতেই আল্লাহ তাআলাই আপোনাৰ বাবে আৰু সমগ্র মুছলিমৰ বাবে কল্যাণ ৰাখিছে। (সংশ্লিষ্ট হাদীছঃ ৩৩৪)
পৰিচ্ছেদঃ নং ৩, মুক্বীম অৱস্থাত পানী নাপালে আৰু ছালাত এৰি যোৱাৰ আশংকা হ'লে তায়াম্মুম কৰা।আতা ৰাহিমাহুল্লাহেও একেই মত পোষণ কৰিছে। হাছান বছৰী ৰাহিমাহুল্লাহে কৈছেঃ এনেকুৱা অসুস্থ ব্যক্তি যাৰ ওচৰত পানী আছে কিন্তু সেই পানী তাৰ হাতত দিবলৈ কোনো নাই তেন্তে সেই ব্যক্তি তায়াম্মুম কৰিব।
ইবনু ওমৰ ৰাদ্বিয়াল্লাহু আনহুৱে তেওঁৰ জুৰূফ নামক ঠাইত থকা মাটি ডোখৰৰ পৰা ওভতাৰ সময়ত মাৰবাদুন নাআম ঠাইত উপস্থিত হোৱাত আছৰৰ সময় হৈ গ'ল, তেতিয়া তেওঁ (তায়াম্মুম কৰি) ছালাত আদায় কৰিলে। তাৰ পিছত তেওঁ মদীনাত উপস্থিত হ'ল। তেতিয়াও সূৰ্য পশ্চিমাকাশত ওপৰতে আছিল কিন্তু তেওঁ সেই ছালাত পুনৰ আদায় কৰা নাছিল।
হাদীছ - 337حَدَّثَنَا يَحْيَى بْنُ بُكَيْرٍ قَالَ : حَدَّثَنَا اللَّيْثُ عَنْ جَعْفَرِ بْنِ رَبِيعَةَ ، عَنِ الأَعْرَجِ قَالَ : سَمِعْتُ عُمَيْرًا مَوْلَى ابْنِ عَبَّاسٍ قَالَ أَقْبَلْتُ أَنَا وَعَبْدُ اللهِ بْنُ يَسَارٍ مَوْلَى مَيْمُونَةَ زَوْجِ النَّبِيِّ صلى الله عليه وسلم حَتَّى دَخَلْنَا عَلَى أَبِي جُهَيْمِ بْنِ الْحَارِثِ بْنِ الصِّمَّةِ الأَنْصَارِيِّ فَقَالَ أَبُو الْجُهَيْمِ أَقْبَلَ النَّبِيُّ صلى الله عليه وسلم مِنْ نَحْوِ بِئْرِ جَمَلٍ فَلَقِيَهُ رَجُلٌ فَسَلَّمَ عَلَيْهِ فَلَمْ يَرُدَّ عَلَيْهِ النَّبِيُّ صلى الله عليه وسلم حَتَّى أَقْبَلَ عَلَى الْجِدَارِ فَمَسَحَ بِوَجْهِهِ وَيَدَيْهِ ثُمَّ رَدَّ عَلَيْهِ السَّلاَمَ.৩৩৭- আবু জুহাইম ৰাদ্বিয়াল্লাহু আনহুৰ দ্বাৰা বৰ্ণিত। তেখেতে কৈছে: নবী চল্লাল্লাহু আলাইহি অছাল্লামে মদিনাৰ কাষত অৱস্থিত বি’ৰে জামালৰ পৰা আহি আছিল। বাটতে তেওঁৰ সৈতে এজন ব্যক্তিৰ সাক্ষাত হ'ল। ব্যক্তি গৰাকীয়ে তেখেতক ছালাম জনালে। নবী চল্লাল্লাহু আলাইহি অছাল্লামে ছালামৰ উত্তৰ নিদি দেৱালৰ কাষলৈ আগবাঢ়ি গ'ল, তাত হাত লগাই নিজৰ চেহেৰা আৰু হস্তদ্বয়ত মচেহ কৰিলে (মচি ল'লে) আৰু তাৰ পিছত ছালামৰ উত্তৰ দিলে।
(সংশ্লিষ্ট হাদীছ সমূহঃ মুছলিম ৩/২৮, হাদীছ নং ৩৬৯, আহমদ ১৭৫৪৯) ( আ.প্ৰ ৩২৫, ই. ফা.৩৩০)।
পৰিচ্ছেদঃ নং ৪, তায়াম্মুমকাৰীয়ে নিজৰ উভয় হাততে ফুঁ দিবনে?হাদীছ -338حَدَّثَنَا آدَمُ قَالَ : حَدَّثَنَا شُعْبَةُ ، حَدَّثَنَا الْحَكَمُ عَنْ ذَرٍّ ، عَنْ سَعِيدِ بْنِ عَبْدِ الرَّحْمَنِ بْنِ أَبْزَى ، عَنْ أَبِيهِ ، قَالَ جَاءَ رَجُلٌ إِلَى عُمَرَ بْنِ الْخَطَّابِ فَقَالَ إِنِّي أَجْنَبْتُ فَلَمْ أُصِبِ الْمَاءَ فَقَالَ عَمَّارُ بْنُ يَاسِرٍ لِعُمَرَ بْنِ الْخَطَّابِ أَمَا تَذْكُرُ أَنَّا كُنَّا فِي سَفَرٍ أَنَا وَأَنْتَ فَأَمَّا أَنْتَ فَلَمْ تُصَلِّ ، وَأَمَّا أَنَا فَتَمَعَّكْتُ فَصَلَّيْتُ فَذَكَرْتُ لِلنَّبِيِّ صلى الله عليه وسلم فَقَالَ النَّبِيُّ صلى الله عليه وسلم إِنَّمَا كَانَ يَكْفِيكَ هَكَذَا فَضَرَبَ النَّبِيُّ صلى الله عليه وسلم بِكَفَّيْهِ الأَرْضَ وَنَفَخَ فِيهِمَا ثُمَّ مَسَحَ بِهِمَا وَجْهَهُ وَكَفَّيْهِ৩৩৮- কোনোবা এজন ব্যক্তিয়ে ওমৰ ইবনুল খাত্তাব ৰাদ্বিয়াল্লাহু আনহুৰ ওচৰলৈ আহি ক'লে: "এবাৰ মোৰ গোচলৰ প্ৰয়োজন হ'ল কিন্তু মই পানী নাপালোঁ"। তেতিয়া আম্মাৰ ইবনে ইয়াছিৰ ৰাদ্বিয়াল্লাহু আনহুৱে ওমৰ ইবনুল খাত্তাব ৰাদ্বিয়াল্লাহু আনহুক ক'লে -"আপোনাৰ সেই ঘটনাটো মনত আছেনে, যেতিয়া আমি দুয়োজন চফৰত (ভ্ৰমণত) আছিলোঁ আৰু আমাৰ দুয়োজনৰে গোছলৰ প্ৰয়োজন হৈছিল। আপুনি তেতিয়া ছালাত আদায় নকৰিলে। কিন্তু মই মাটিত বাগৰি বাগৰি শৰীৰত মাটি লগাই লৈছিলোঁ আৰু তাৰ পিছত ছালাত আদায় কৰিছিলোঁ"। তাৰ পিছত আমি ঘটনাটো নবী চল্লাল্লাহু আলাইহি অছাল্লামৰ আগত বৰ্ণনা কৰিছিলোঁ। তেতিয়া নবী চল্লাল্লাহু আলাইহি অছাল্লামে কৈছিল -"তোমাৰ বাবে কেৱল এইখিনি কৰাই যথেষ্ট আছিল- এই বুলি কৈ নবী চল্লাল্লাহু আলাইহি অছাল্লামে তেখেতৰ দুয়ো হাতেৰে মাটি স্পৰ্শ কৰিলে আৰু দুয়ো হাততে ফুঁ মাৰি তেখেতৰ চেহেৰা আৰু উভয় হাতত মচেহ্ কৰিলে।
(সংশ্লিষ্ট হাদীছসমূহঃ ৩৩৯, ৩৪০, ৩৪১, ৩৪২, ৩৪৩, ৩৪৪, ৩৪৫, ৩৪৬, ৩৪৭; মুছলিম ৩/২৮ হাদীছ নং ৩৬৮, আহমদ ১৮৩৫৬ ) ( আ.প্ৰ. ৩২৬, ই. ফা. ৩৩১ )।
পৰিচ্ছেদঃ নং ৫, মুখমন্ডল আৰু দুয়ো হাতত তায়াম্মুম কৰা।হাদীছ - 339حَدَّثَنَا حَجَّاجٌ، قَالَ: أَخْبَرَنَا شُعْبَةُ، أَخْبَرَنِي الحَكَمُ، عَنْ ذَرٍّ، عَنْ سَعِيدِ بْنِ عَبْدِ الرَّحْمَنِ بْنِ أَبْزَى، عَنْ أَبِيهِ، قَالَ عَمَّارٌ: «بِهَذَا وَضَرَبَ - شُعْبَةُ - بِيَدَيْهِ الأَرْضَ، ثُمَّ أَدْنَاهُمَا مِنْ فِيهِ، ثُمَّ مَسَحَ بِهِمَا وَجْهَهُ وَكَفَّيْهِ» وَقَالَ النَّضْرُ: أَخْبَرَنَا شُعْبَةُ، عَنِ الحَكَمِ، قَالَ: سَمِعْتُ ذَرًّا، يَقُولُ: عَنْ ابْنِ عَبْدِ الرَّحْمَنِ بْنِ أَبْزَى، قَالَ الحَكَمُ: وَقَدْ سَمِعْتُهُ مِنْ ابْنِ عَبْدِ الرَّحْمَنِ، عَنْ أَبِيهِ، قَالَ: قَالَ عَمَّارٌ৩৩৯- আম্মাৰ ৰাদ্বিয়াল্লাহু আনহুৱেও এই কথা (যিটো পূৰ্বৰ হাদীছত বৰ্ণনা কৰা হৈছে) বৰ্ণনা কৰিছে। শ্বু'বাহ ৰাহিমাহুল্লাহে নিজৰ দুয়ো হাতেৰে মাটি স্পৰ্শ কৰি মুখৰ কাষলৈ নি (ফুঁ মাৰিছিল)। তাৰ পিছত নিজৰ মুখমণ্ডল আৰু দুয়ো হাতত মচেহ কৰিছিল। নাযৰ ৰাহিমাহুল্লাহে কৈছেঃ শ্বু'বাহ ৰাহিমাহুল্লাহে আমাক হাকামৰ সুত্ৰৰ দ্বাৰা একেই বৰ্ণনা কৰিছে.............। (সংশ্লিষ্ট হাদীছসমূহঃ ৩৩৮, ( আ.প্ৰ ৩২৮, ই.ফা.৩৩৩ )।
হাদীছ- 340حَدَّثَنَا سُلَيْمَانُ بْنُ حَرْبٍ، قَالَ: حَدَّثَنَا شُعْبَةُ، عَنِ الحَكَمِ، عَنْ ذَرٍّ، عَنِ ابْنِ عَبْدِ الرَّحْمَنِ بْنِ أَبْزَى، عَنْ أَبِيهِ، أَنَّهُ شَهِدَ عُمَرَ وَقَالَ لَهُ عَمَّارٌ: «كُنَّا فِي سَرِيَّةٍ، فَأَجْنَبْنَا»، وَقَالَ: «تَفَلَ فِيهِمَا.৩৪০- ইবনু আব্দুৰ ৰহমান ইবনে আবযা ৰাহিমাহুল্লাহে তেওঁৰ পিতৃৰ পৰা বৰ্ণনা কৰিছে যে, তেওঁ (আব্দুৰ ৰহমান) ওমৰ ৰাদ্বিয়াল্লাহু আনহুৰ কাষত উপস্থিত আছিল, আৰু আম্মাৰ ৰাদ্বিয়াল্লাহু আনহুৱে তেওঁক কৈছিল- "আমি এটা অভিযানত গৈছিলোঁ। আমি দুয়ো জুনুবী (অপৱিত্ৰ) হৈ পৰিছিলোঁ। উক্ত বাখ্যাত দুয়ো হাত ফুঁ দিয়াৰ বৰ্ণনাত نفخ فيهما ৰ স্থানত تفل فيهما কোৱা হৈছে। উভয়েই সমাৰ্থবোধক। (সংশ্লিষ্ট হাদীছসমূহঃ ৩৩৮, (আ.প্ৰ. ৩২৮, ই.ফা. ৩৩৩)।
হাদীছ- 341حَدَّثَنَا مُحَمَّدُ بْنُ كَثِيرٍ، أَخْبَرَنَا شُعْبَةُ، عَنِ الحَكَمِ، عَنْ ذَرٍّ، عَنِ ابْنِ عَبْدِ الرَّحْمَنِ بْنِ أَبْزَى، عَنْ عَبْدِ الرَّحْمَنِ بْنِ أَبْزَى، قَالَ: قَالَ عَمَّارٌ لِعُمَرَ: تَمَعَّكْتُ، فَأَتَيْتُ النَّبِيَّ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ فَقَالَ: «يَكْفِيكَ الوَجْهَ وَالكَفَّيْنِ.৩৪১- আব্দুৰ ৰহমান ৰাদ্বিয়াল্লাহু আনহুৰ দ্বাৰা বৰ্ণিত, তেখেতে কৈছে-" আম্মাৰ ৰাদ্বিয়াল্লাহু আনহুৱে ওমৰ ৰাদ্বিয়াল্লাহু আনহুক কৈছিল, মই (তায়াম্মুমৰ বাবে) মাটিত বাগৰি বাগৰি গা ঘঁহাই দিছিলোঁ। পিছত নবী চল্লাল্লাহু আলাইহি অছাল্লামৰ কাষলৈ গৈ এই ঘটনা উপস্থাপন কৰাত তেতিয়া তেখেতে কৈছিল: চেহেৰা আৰু হাত দুখন মচেহ কৰাটোৱে তোমাৰ বাবে যথেষ্ট। (সংশ্লিষ্ট হাদীছসমূহঃ ৩৩৮, (আ.প্ৰ.৩২৯ , ই.ফা.৩৩৪)।
হাদীছ- 342حَدَّثَنَا مُسْلِمٌ، حَدَّثَنَا شُعْبَةُ، عَنِ الحَكَمِ، عَنْ ذَرٍّ، عَنْ ابْنِ عَبْدِ الرَّحْمَنِ، عَنْ عَبْدِ الرَّحْمَنِ بْنِ أَبْزَى، قَالَ: شَهِدْتُ عُمَرَ، فَقَالَ لَهُ عَمَّارٌ، وَسَاقَ الحَدِيثَ৩৪২- আব্দুৰ ৰহমান ৰাদ্বিয়াল্লাহু আনহুৰ দ্বাৰা বৰ্ণিত। তেখেতে কৈছে- "মই ওমৰ ৰাদ্বিয়াল্লাহু আনহুৰ কাষত উপস্থিত আছিলোঁ, আম্মাৰ ৰাদ্বিয়াল্লাহু আনহুৱে তেখেতক কৈছিল ............. ইয়াৰ পাছত ৰাবীয়ে আগৰ হাদীছটো বৰ্ণনা কৰিলে। (সংশ্লিষ্ট হাদীছসমূহঃ ৩৩৮, (আ.প্ৰ.নাই , ই. ফা.৩৩৫)।
হাদীছ- 343حَدَّثَنَا مُحَمَّدُ بْنُ بَشَّارٍ، قَالَ: حَدَّثَنَا غُنْدَرٌ، حَدَّثَنَا شُعْبَةُ، عَنِ الحَكَمِ، عَنْ ذَرٍّ، عَنِ ابْنِ عَبْدِ الرَّحْمَنِ بْنِ أَبْزَى، عَنْ أَبِيهِ، قَالَ: قَالَ عَمَّارٌ: «فَضَرَبَ النَّبِيُّ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ بِيَدِهِ الأَرْضَ، فَمَسَحَ وَجْهَهُ وَكَفَّيْهِ.৩৪৩- ইবনু আব্দিৰ ৰহমান ইবনে আবযা তেওঁৰ পিতৃ (আব্দুৰ ৰহমান) ৰ পৰা বৰ্ণনা কৰিছে যে- আম্মাৰ ৰাদ্বিয়াল্লাহু আনহুৱে কৈছে: নবী চল্লাল্লাহু আলাইহি অছাল্লামে হাত মাটিত মাৰিলে আৰু তেখেতৰ চেহেৰা আৰু হাত দুখন মছেহ কৰিলে। (সংশ্লিষ্ট হাদীছসমূহঃ ৩৩৮, (আ.প্ৰ.৩৩০, ই. ফা.৩৩৬)।
পৰিচ্ছেদঃ নং ৬, পৱিত্ৰ মাটি মুছলিমসকলৰ বাবে অজুৰ পানীৰ বিকল্প। পৱিত্ৰতাৰ বাবে পানীৰ পৰিৱৰ্তে এইটোৱে যথেষ্ট।হাছান বছৰী ৰাহিমাহুল্লাহে কৈছে- বায়ু নিৰ্গত নোহোৱা পৰ্যন্ত তাৰ বাবে তায়াম্মুমেই যথেষ্ট। ইবনে আব্বাছ ৰাদ্বিয়াল্লাহু আনহুৱে তায়াম্মুম কৰি ইমামতি কৰিছে। ইয়াহ্ইয়া ইবনে ছা'ঈদ ৰাহিমাহুল্লাহে কৈছে: লোনা মাটিত চালাত আদায় কৰা বা তাত তায়াম্মুম কৰাত কোনো বাধা নাই।হাদীছ- 344حَدَّثَنَا مُسَدَّدٌ، قَالَ: حَدَّثَنِي يَحْيَى بْنُ سَعِيدٍ، قَالَ: حَدَّثَنَا عَوْفٌ، قَالَ: حَدَّثَنَا أَبُو رَجَاءٍ، عَنْ عِمْرَانَ، قَالَ: كُنَّا فِي سَفَرٍ مَعَ النَّبِيِّ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ، وَإِنَّا أَسْرَيْنَا حَتَّى كُنَّا فِي آخِرِ اللَّيْلِ، وَقَعْنَا وَقْعَةً، وَلاَ وَقْعَةَ أَحْلَى عِنْدَ المُسَافِرِ مِنْهَا، فَمَا أَيْقَظَنَا إِلَّا حَرُّ الشَّمْسِ، وَكَانَ أَوَّلَ مَنِ اسْتَيْقَظَ فُلاَنٌ، ثُمَّ فُلاَنٌ، ثُمَّ فُلاَنٌ - يُسَمِّيهِمْ أَبُو رَجَاءٍ فَنَسِيَ عَوْفٌ ثُمَّ عُمَرُ بْنُ الخَطَّابِ الرَّابِعُ - وَكَانَ النَّبِيُّ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ إِذَا نَامَ لَمْ يُوقَظْ حَتَّى يَكُونَ هُوَ يَسْتَيْقِظُ، لِأَنَّا لاَ نَدْرِي مَا يَحْدُثُ لَهُ فِي نَوْمِهِ، فَلَمَّا اسْتَيْقَظَ عُمَرُ وَرَأَى مَا أَصَابَ النَّاسَ وَكَانَ رَجُلًا جَلِيدًا، فَكَبَّرَ وَرَفَعَ صَوْتَهُ بِالتَّكْبِيرِ، فَمَا زَالَ يُكَبِّرُ وَيَرْفَعُ صَوْتَهُ بِالتَّكْبِيرِ حَتَّى اسْتَيْقَظَ بِصَوْتِهِ النَّبِيُّ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ، فَلَمَّا اسْتَيْقَظَ شَكَوْا إِلَيْهِ الَّذِي أَصَابَهُمْ، قَالَ: «لاَ ضَيْرَ - أَوْ لاَ يَضِيرُ - ارْتَحِلُوا»، فَارْتَحَلَ، فَسَارَ غَيْرَ بَعِيدٍ، ثُمَّ نَزَلَ فَدَعَا بِالوَضُوءِ، فَتَوَضَّأَ، وَنُودِيَ بِالصَّلاَةِ، فَصَلَّى بِالنَّاسِ، فَلَمَّا انْفَتَلَ مِنْ صَلاَتِهِ إِذَا هُوَ بِرَجُلٍ مُعْتَزِلٍ لَمْ يُصَلِّ مَعَ القَوْمِ، قَالَ: «مَا مَنَعَكَ يَا فُلاَنُ أَنْ تُصَلِّيَ مَعَ القَوْمِ؟» قَالَ: أَصَابَتْنِي جَنَابَةٌ وَلاَ مَاءَ، قَالَ: «عَلَيْكَ بِالصَّعِيدِ، فَإِنَّهُ يَكْفِيكَ»، ثُمَّ سَارَ النَّبِيُّ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ، فَاشْتَكَى إِلَيْهِ النَّاسُ مِنَ العَطَشِ، فَنَزَلَ فَدَعَا فُلاَنًا - كَانَ يُسَمِّيهِ أَبُو رَجَاءٍ نَسِيَهُ عَوْفٌ - وَدَعَا عَلِيًّا فَقَالَ: «اذْهَبَا، فَابْتَغِيَا المَاءَ» فَانْطَلَقَا، فَتَلَقَّيَا امْرَأَةً بَيْنَ مَزَادَتَيْنِ - أَوْ سَطِيحَتَيْنِ - مِنْ مَاءٍ عَلَى بَعِيرٍ لَهَا، فَقَالاَ لَهَا: أَيْنَ المَاءُ؟ قَالَتْ: عَهْدِي بِالْمَاءِ أَمْسِ هَذِهِ السَّاعَةَ وَنَفَرُنَا خُلُوفٌ، قَالاَ لَهَا: انْطَلِقِي، إِذًا قَالَتْ: إِلَى أَيْنَ؟ قَالاَ: إِلَى رَسُولِ اللَّهِ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ، قَالَتْ: الَّذِي يُقَالُ لَهُ الصَّابِئُ، قَالاَ: هُوَ الَّذِي تَعْنِينَ، فَانْطَلِقِي، فَجَاءَا بِهَا إِلَى النَّبِيِّ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ، وَحَدَّثَاهُ الحَدِيثَ، قَالَ: فَاسْتَنْزَلُوهَا عَنْ بَعِيرِهَا، وَدَعَا النَّبِيُّ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ بِإِنَاءٍ، فَفَرَّغَ فِيهِ مِنْ أَفْوَاهِ المَزَادَتَيْنِ - أَوْ سَطِيحَتَيْنِ - وَأَوْكَأَ أَفْوَاهَهُمَا وَأَطْلَقَ العَزَالِيَ، وَنُودِيَ فِي النَّاسِ اسْقُوا وَاسْتَقُوا، فَسَقَى مَنْ شَاءَ وَاسْتَقَى مَنْ شَاءَ وَكَانَ آخِرُ ذَاكَ أَنْ أَعْطَى الَّذِي أَصَابَتْهُ الجَنَابَةُ إِنَاءً مِنْ مَاءٍ، قَالَ: «اذْهَبْ فَأَفْرِغْهُ عَلَيْكَ»، وَهِيَ قَائِمَةٌ تَنْظُرُ إِلَى مَا يُفْعَلُ بِمَائِهَا، وَايْمُ اللَّهِ لَقَدْ أُقْلِعَ عَنْهَا، وَإِنَّهُ لَيُخَيَّلُ إِلَيْنَا أَنَّهَا أَشَدُّ مِلْأَةً مِنْهَا حِينَ ابْتَدَأَ فِيهَا، فَقَالَ النَّبِيُّ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ: «اجْمَعُوا لَهَا» فَجَمَعُوا لَهَا مِنْ بَيْنِ عَجْوَةٍ وَدَقِيقَةٍ وَسَوِيقَةٍ حَتَّى جَمَعُوا لَهَا طَعَامًا، فَجَعَلُوهَا فِي ثَوْبٍ وَحَمَلُوهَا عَلَى بَعِيرِهَا وَوَضَعُوا الثَّوْبَ بَيْنَ يَدَيْهَا، قَالَ لَهَا: «تَعْلَمِينَ، مَا رَزِئْنَا مِنْ مَائِكِ شَيْئًا، وَلَكِنَّ اللَّهَ هُوَ الَّذِي أَسْقَانَا»، فَأَتَتْ أَهْلَهَا وَقَدِ احْتَبَسَتْ عَنْهُمْ، قَالُوا: مَا حَبَسَكِ يَا فُلاَنَةُ، قَالَتْ: العَجَبُ لَقِيَنِي رَجُلاَنِ، فَذَهَبَا بِي إِلَى هَذَا الَّذِي يُقَالُ لَهُ الصَّابِئُ فَفَعَلَ كَذَا وَكَذَا، فَوَاللَّهِ إِنَّهُ لَأَسْحَرُ النَّاسِ مِنْ بَيْنِ هَذِهِ وَهَذِهِ، وَقَالَتْ: بِإِصْبَعَيْهَا الوُسْطَى وَالسَّبَّابَةِ، فَرَفَعَتْهُمَا إِلَى السَّمَاءِ - تَعْنِي السَّمَاءَ وَالأَرْضَ - أَوْ إِنَّهُ لَرَسُولُ اللَّهِ حَقًّا، فَكَانَ المُسْلِمُونَ بَعْدَ ذَلِكَ يُغِيرُونَ عَلَى مَنْ حَوْلَهَا مِنَ المُشْرِكِينَ، وَلاَ يُصِيبُونَ الصِّرْمَ الَّذِي هِيَ مِنْهُ، فَقَالَتْ: يَوْمًا لِقَوْمِهَا مَا أُرَى أَنَّ هَؤُلاَءِ القَوْمَ يَدْعُونَكُمْ عَمْدًا، فَهَلْ لَكُمْ فِي الإِسْلاَمِ؟ فَأَطَاعُوهَا، فَدَخَلُوا فِي الإِسْلاَمِ، قَالَ أَبُو عَبْدِ اللَّهِ: " صَبَأَ: خَرَجَ مِنْ دِينٍ إِلَى غَيْرِهِ " وَقَالَ أَبُو العَالِيَةِ: «الصَّابِئِينَ فِرْقَةٌ مِنْ أَهْلِ الكِتَابِ يَقْرَءُونَ الزَّبُورَ.৩৪৪- ইমৰাণ ৰাদ্বিয়াল্লাহু আনহুৰ দ্বাৰা বৰ্ণিত। তেখেতে কৈছে: আমি নবী চল্লাল্লাহু আলাইহি অছাল্লামৰ সৈতে এটা ভ্ৰমণত আছিলোঁ। আমি ৰাতি যাওঁতে যাওঁতে শেষ নিশা কোনো এক স্থানত শুই পৰিছিলোঁ। ভ্ৰমণকাৰীৰ বাবে ইয়াতকৈ আৰু সুন্দৰ টোপনি হ'বই নোৱাৰে। (আমি ইমান গভীৰ নিদ্ৰাত নিমগ্ন আছিলোঁ যে,) সূৰ্য্যৰ উত্তাপৰ বাহিৰে আন একোৱেই আমাক জগাব পৰা নাছিল। সৰ্বপ্ৰথমে সাৰ পালে অমুক, তাৰ পাছত অমুক, তাৰ পাছত অমুক। (ৰাবী) আবূ ৰাজা ৰাহিমাহুল্লাহে তেওঁলোকৰ সকলোৰে নাম লৈছিল কিন্তু আওফ ৰাহিমাহুল্লাহে তেওঁলোকৰ নাম মনত ৰাখিব পৰা নাছিল। চতুৰ্থতে সাৰ পাই উঠা ব্যক্তি আছিল ওমৰ ইবনুল খাত্তাব ৰাদ্বিয়াল্লাহু আনহু। নবী চল্লাল্লাহু আলাইহি অছাল্লামে শুলে আমি কেতিয়াও তেওঁক জগোৱা নাছিলোঁ, যেতিয়ালৈকে তেওঁ নিজেই সাৰ পাই নুঠিছিল। কিয়নো নিদ্ৰা অৱস্থাত তেওঁৰ ওপৰত কি অৱতীৰ্ণ হয় সেয়াতো আমাৰ জ্ঞাত নহয়। ওমৰ ৰাদ্বিয়াল্লাহু আনহুৱে সাৰ পাই মানুহৰ অৱস্থা দেখিলে আৰু তেখেত আছিল দৃঢ়চিত্ত ব্যক্তি, তেখেতে উচ্চস্বৰে তকবীৰ কোৱা আৰম্ভ কৰিলে। তেখেতে ক্ৰমাগত ভাৱে উচ্চস্বৰে তকবীৰ কৈ থাকিল। আনকি তেখেতৰ শব্দত নবী চল্লাল্লাহু আলাইহি অছাল্লাম সাৰ পাই উঠিল। তেতিয়া মানুহে সিহঁতৰ পলম হোৱা সম্পৰ্কে তেখেতৰ ওচৰত আপত্তি দাখিল কৰিলে। তেখেতে ক'লে- একো ক্ষতি নাই বা ক’লে, কোনো ক্ষতি নহয়। ইয়াৰ পৰা ব'লা। তেখেত যাবলৈ ধৰিলে। কিছু দূৰ গৈ ৰৈ দিলে। অজুৰ পানী আনিব দিলে আৰু তেখেতে অজু কৰিলে। চালাতৰ আযান দিয়া হ'ল। তেখেতে মানুহবোৰক লৈ চালাত আদায় কৰিলে। চালাতৰ শেষত দেখিলে এজন ব্যক্তি পৃথকে থিয় হৈ আছে। তেওঁ মানুহবোৰৰ সৈতে চালাত আদায় কৰা নাই। নবী চল্লাল্লাহু আলাইহি অছাল্লামে তেওঁক সুধিলে: হে অমুক! তোমাক মানুহবোৰৰ লগত চালাত আদায় কৰাত কোনে বিৰত ৰাখিলে? তেখেতে ক'লে: মোৰ ওপৰত গোছল ফৰজ হৈছে কিন্তু পানী নাই। তেখেতে ক'লেঃ পৱিত্ৰ মাটি লোৱা (তায়াম্মুম কৰা) এইটোৱে তোমাৰ বাবে যথেষ্ট। নবী চল্লাল্লাহু আলাইহি অছাল্লামে পুনৰ ভ্ৰমণ আৰম্ভ কৰিলে। মানুহবোৰে তেখেতক তৃষ্ণাৰ কষ্ট জনালে। তেখেত অৱতৰণ কৰিলে, তাৰ পিছত অমুক ব্যক্তিক মাতিলে। (ৰাবী) আবু ৰাজা ৰাহিমাহুল্লাহে তেওঁৰ নাম উল্লেখ কৰিছিল কিন্তু আওফ ৰাহিমাহুল্লাহে সেয়া পাহৰি গৈছে। তেখেতে আলী ৰাদ্বিয়াল্লাহু আনহুকো মাতিলে। তাৰ পাছত দুয়োকে পানী বিচাৰি আনিবলৈ ক'লে। তেওঁলোক পানী বিচাৰি ওলাই গ'ল। তেওঁলোকে বাটত এগৰাকী মহিলাক দুই কলহ পানী উটৰ পিঠিত লৈ যোৱা দেখিলে। তেওঁলোকে তাইক সুধিলে: পানী ক'ত?? তাই ক'লে: যোৱাকালি এই সময়ত মই পানীৰ কাষত আছিলোঁ। মোৰ গোত্ৰ পিছত ৰৈ গৈছে। তেওঁলোকে ক'লে: এতিয়া আমাৰ লগত ব'লা। তাই ক'লে: ক’লৈ?? তেওঁলোকে ক'লে: আল্লাহৰ ৰাছূল চল্লাল্লাহু আলাইহি অছাল্লামৰ কাষলৈ। তাই ক'লে: সেই ব্যক্তিৰ কাষলৈ নেকি, যাক ছাবি' (ধৰ্ম্ম পৰিৱৰ্তনকাৰী) বুলি কোৱা হয়?? তেওঁলোকে ক'লে: হয়, তোমালোকে যাক এই বুলি চিনি পোৱা তেওঁৰ ওচৰলৈকে ব'লা। ঠিক আছে, এতিয়া ব'লা। তেওঁলোকে তাইক লৈ আল্লাহৰ ৰাছূল চল্লাল্লাহু আলাইহি অছাল্লামৰ কাষলৈ আহিল আৰু সকলো ঘটনা খুলি ক'লে। ইমৰাণ ৰাদ্বিয়াল্লাহু আনহুৱে কৈছে: মানুহবোৰে মহিলা গৰাকীক তাইৰ উটৰ পৰা নমাই আনিলে। তাৰপাছত নবী চল্লাল্লাহু আলাইহি অছাল্লামে এটি পাত্ৰ আনিবলৈ ক'লে আৰু দুয়োটা কলহৰ মুখ খুলি তাত পানী ঢালিলে আৰু সেইবোৰৰ মুখ বন্ধ কৰি দিলে। তাৰপিছত তেখেতে কলহৰ তলৰ মুখ খুলি দি মানুহবোৰৰ মাজত পানী সেৱন কৰাৰ আৰু জীৱ-জন্তুকো পানী পান কৰোৱাৰ ঘোষণা কৰি দিলে। তেওঁলোকৰ মাজৰ পৰা যাৰ ইচ্ছা পানী সেৱন কৰিলে আৰু জন্তুকো পানী খুৱালে। অৱশেষত যি ব্যক্তিৰ গোছলৰ প্ৰয়োজন আছিল, তেওঁকো এক পাত্ৰ পানী দি নবী চল্লাল্লাহু আলাইহি অছাল্লামে ক'লে: এই পানী লৈ যোৱা আৰু গোছল কৰা। সেই মহিলা গৰাকীয়ে থিয় হৈ চাই আছিল যে: তাইৰ পানী লৈ কি কৰা হৈছে। আল্লাহৰ শপত! যেতিয়া তাইৰ পৰা পানী লোৱা শেষ হ'ল, তেতিয়া আমাৰ এনে ভাৱ হ'ল যে, কলহ পূৰ্বতকৈ অধিক ভৰা। তাৰপাছত নবী চল্লাল্লাহু আলাইহি অছাল্লামে ক'লে: মহিলাজনীৰ বাবে কিছু গোটোৱা। মানুহবোৰে মহিলাজনীৰ বাবে আজওৱা (বিশেষ খেজুৰ), আটা আৰু চাতু আনি জমা কৰিলে। যেতিয়া তেওঁলোকে উল্লেখযোগ্য পৰিমাণৰ খাদ্য সামগ্ৰী জমা কৰিলে, তেতিয়া সেইবোৰ এখন কাপোৰেৰে বান্ধি মহিলা গৰাকীক উটৰ ওপৰত উঠাই দিলে আৰু তেওঁৰ কাষত কাপোৰত বন্ধা গাঁঠটো ৰাখি দিলে। আল্লাহৰ ৰছূল চল্লাল্লাহু আলাইহি অছাল্লামে কলে: তুমি জানা যে আমি তোমাৰ পানী অলপো কম কৰা নাই; বৰং আল্লাহ তাআলাই আমাক পানী খুৱাইছে। তাৰ পিছত মহিলাজনীয়ে নিজ পৰিয়ালৰ লোকসকলৰ কাষলৈ ঘূৰি গ'ল। তাইৰ যথেষ্ট পলম হৈছিল। পৰিয়ালৰ লোকসকলে তাইক প্ৰশ্ন কৰিলে: হে অমুক! তোমাৰ ইমান পলম হ'ল কিয়? উত্তৰত তাই ক'লে, এটি আচৰিত ঘটনা হৈছিল! দুজন ব্যক্তিৰ সৈতে মোৰ সাক্ষাৎ হৈছিল। তেওঁলোকে মোক সেই ব্যক্তিৰ ওচৰলৈ লৈ গৈছিল, যাক ছাবেয়ী' বুলি কোৱা হয়। আৰু তাতেই তেওঁ এইবোৰ কৰিলে। এই বুলি কৈ তাই মধ্যমা আৰু তৰ্জুনী আঙুলি দি আকাশ আৰু পৃথিৱীৰ দিশলৈ ইংগিত কৰি ক'লে: আল্লাহৰ শপত! তেখেত এই দুটাৰ মাজৰ সবাতোকৈ ডাঙৰ যাদুকৰ, নাইবা তেখেত বাস্তৱিকতেই আল্লাহৰ ৰাছূল। এই ঘটনাৰ পাছত মুছলিমসকলে সেই মহিলাৰ গোত্ৰৰ দাঁতি কাষৰীয়া মুশ্বৰিকসকলৰ ওপৰত যেতিয়া আক্ৰমণ কৰিছিল তেতিয়া মহিলা গৰাকীৰ লগত সম্পৰ্ক থকা গোত্ৰৰ কোনো ক্ষতি কৰা নাছিল। এদিন মহিলা গৰাকীয়ে নিজৰ গোত্ৰক ক'লে: মোৰ এনেকুৱা লাগে তেওঁলোকে ইচ্ছা কৰি আমাক আক্ৰমণ নকৰে। এইবোৰ দেখাৰ পিছতো তোমালোকে ইছলামৰ প্ৰতি আকৃষ্ট নহ'বানে? সিহঁত সকলোৱে মহিলাজনীৰ কথা মানি ল'লে আৰু ইছলামত প্ৰৱেশ কৰিলে।
আবু আব্দুল্লাহ (ইমাম বুখাৰী) ৰাহিমাহুল্লাহে কৈছেঃ ছাবাআ শব্দৰ অৰ্থ হৈছে, নিজৰ দ্বীন ত্যাগ কৰি আন কোনো ধৰ্ম গ্ৰহণ কৰা। আৰু আবুল আলিয়া ৰাহিমাহুল্লাহে কৈছেঃ ছাবেয়ীন হৈছে আহলে কিতাবৰ এটা দল, যিসকলে যাবূৰ পুথি পাঠ কৰে।(সংশ্লিষ্ট হাদীছসমূহঃ ৩৪৮, ৩৫৭১, মুছলিমঃ ৫/৫৫, হাদীছ নং ৬৮২ আহমদঃ ১৯৯১৯) (আঃ প্ৰঃ ৩৩১, ই.ফা. ৩৩৭)
পৰিচ্ছেদ নং ৭, অপৱিত্ৰ ব্যক্তিয়ে বেমাৰ বৃদ্ধি হোৱাৰ অথবা মৃত্যুৰ নাইবা তৃষ্ণাৰ্ত ৰৈ যোৱাৰ আশংকাবোধ কৰিলে তায়াম্মুম কৰিব।বৰ্ণিত আছে যে, এবাৰ শীতৰ ৰাতিত 'আমৰ ইবনুল আচ' ৰাদ্বিয়াল্লাহু আনহুৱে জুনুবি (অপবিত্ৰ) হৈ পৰাত তায়াম্মুম কৰিলে। আৰু (এই প্ৰসংগত) তেখেতে এই আয়াত পাঠ কৰিলে: " তোমালোকে নিজকে হত্যা নকৰিবা, নিশ্চয় আল্লাহ তোমালোকৰ প্ৰতি পৰম দয়ালু (ছুৰা আন-নিছা ৪/২৯)। ইয়াৰ পিছত এই বিষয়টো নবী চল্লাল্লাহু আলাইহি অছাল্লামৰ ওচৰত উল্লেখ কৰাত তেখেতে তেওঁক দোষাৰোপ কৰা নাছিল।হাদীছ- 345حَدَّثَنَا بِشْرُ بْنُ خَالِدٍ، قَالَ: حَدَّثَنَا مُحَمَّدٌ هُوَ غُنْدَرٌ أَخْبَرَنَا شُعْبَةُ، عَنْ سُلَيْمَانَ، عَنْ أَبِي وَائِلٍ، قَالَ: قَالَ أَبُو مُوسَى لِعَبْدِ اللَّهِ بْنِ مَسْعُودٍ: «إِذَا لَمْ يَجِدِ المَاءَ لاَ يُصَلِّي؟» قَالَ عَبْدُ اللَّهِ: لَوْ رَخَّصْتُ لَهُمْ فِي هَذَا كَانَ إِذَا وَجَدَ أَحَدُهُمُ البَرْدَ قَالَ: هَكَذَا - يَعْنِي تَيَمَّمَ - وَصَلَّى، قَالَ: قُلْتُ: «فَأَيْنَ قَوْلُ عَمَّارٍ لِعُمَرَ؟» قَالَ: إِنِّي لَمْ أَرَ عُمَرَ قَنِعَ بِقَوْلِ عَمَّارٍ৩৪৫- আবু ওৱাইল ৰাদ্বিয়াল্লাহু আনহুৰ দ্বাৰা বৰ্ণিত। তেখেতে কৈছে: আবু মুছা ৰাদ্বিয়াল্লাহু আনহুৱে আব্দুল্লাহ ইবনে মাছঊদ ৰাদ্বিয়াল্লাহু আনহুক সুধিলে: (অপবিত্ৰ ব্যক্তিয়ে) পানী নাপালে চালাত আদায় নকৰিবনে? আব্দুল্লাহ ৰাদ্বিয়াল্লাহু আনহুৱে ক'লে: মই এই ক্ষেত্ৰত যদি মানুহবোৰক অনুমতি দিওঁ তেতিয়া তেওঁলোকে অলপ ঠাণ্ডা অনুভৱ কৰিলেই এনে কৰি থাকিব। অৰ্থাৎ তায়াম্মুম কৰি চালাত আদায় কৰিব। আবু মুছা ৰাদ্বিয়াল্লাহু আনহুৱে ক'লে: তেনেহ'লে ওমৰ ৰাদ্বিয়াল্লাহু আনহুৰ ওচৰত আম্মাৰ ৰাদ্বিয়াল্লাহু আনহুৰ কথাৰ তাৎপৰ্য্য কি হ'ব? তেখেতে উত্তৰত ক'লে: ওমৰ ৰাদ্বিয়াল্লাহু আনহুৱে আম্মাৰ ৰাদ্বিয়াল্লাহু আনহুৰ কথাত সন্তুষ্ট হৈছে বুলি মই নাভাবোঁ। (সংশ্লিষ্ট হাদীছসমূহ: ৩৩৮, ( আ.প্ৰ. ৩৩২, ই. ফা. ৩৩৮)।
হাদীছ- 346حَدَّثَنَا عُمَرُ بْنُ حَفْصٍ، قَالَ: حَدَّثَنَا أَبِي، قَالَ: حَدَّثَنَا الأَعْمَشُ، قَالَ: سَمِعْتُ شَقِيقَ بْنَ سَلَمَةَ، قَالَ: كُنْتُ عِنْدَ عَبْدِ اللَّهِ، وَأَبِي مُوسَى، فَقَالَ لَهُ أَبُو مُوسَى: أَرَأَيْتَ يَا أَبَا عَبْدِ الرَّحْمَنِ إِذَا أَجْنَبَ فَلَمْ يَجِدْ مَاءً، كَيْفَ يَصْنَعُ؟ فَقَالَ عَبْدُ اللَّهِ: لاَ يُصَلِّي حَتَّى يَجِدَ المَاءَ، فَقَالَ أَبُو مُوسَى: فَكَيْفَ تَصْنَعُ بِقَوْلِ عَمَّارٍ حِينَ قَالَ لَهُ النَّبِيُّ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ: «كَانَ يَكْفِيكَ» قَالَ: أَلَمْ تَرَ عُمَرَ لَمْ يَقْنَعْ بِذَلِكَ، فَقَالَ أَبُو مُوسَى: فَدَعْنَا مِنْ قَوْلِ عَمَّارٍ كَيْفَ تَصْنَعُ بِهَذِهِ الآيَةِ؟ فَمَا دَرَى عَبْدُ اللَّهِ مَا يَقُولُ، فَقَالَ: إِنَّا لَوْ رَخَّصْنَا لَهُمْ فِي هَذَا لَأَوْشَكَ إِذَا بَرَدَ عَلَى أَحَدِهِمُ المَاءُ أَنْ يَدَعَهُ وَيَتَيَمَّمَ فَقُلْتُ لِشَقِيقٍ فَإِنَّمَا كَرِهَ عَبْدُ اللَّهِ لِهَذَا؟ قَالَ: «نَعَمْ.৩৪৬- শ্বাক্বীক্ব ইবনে চালামাহ ৰাহিমাহুল্লাহৰ দ্বাৰা বৰ্ণিত। তেওঁ কৈছেঃ মই আব্দুল্লাহ ইবনে মাছঊদ আৰু আবু মুছা ৰাদ্বিয়াল্লাহু আনহুৰ কাষত আছিলোঁ। তেওঁক আবু মুছা ৰাদ্বিয়াল্লাহু আনহুৱে ক'লে: হে আবু আব্দিৰ ৰহমান! কোনোবাই অপবিত্ৰ হ'লে যদি পানী নাপায় তেন্তে কি কৰিব? তেতিয়া আব্দুল্লাহ ৰাদ্বিয়াল্লাহু আনহুৱে ক'লে: পানী নোপোৱা পৰ্যন্ত চালাত আদায় নকৰিব। আবু মুছা ৰাদ্বিয়াল্লাহু আনহুৱে ক'লে: তেনেহলে আম্মাৰ ৰাদ্বিয়াল্লাহু আনহুৰ কথাৰ প্ৰত্যুত্তৰত আপুনি কি ক'ব? তেওঁক যেতিয়া নবী চল্লাল্লাহু আলাইহি অছাল্লামে কৈছিল (তায়াম্মুম কৰি লোৱাটোৱে) তোমাৰ বাবে যথেষ্ট আছিল। আব্দুল্লাহ (ইবনু মাছ'ঊদ) ৰাদ্বিয়াল্লাহু আনহুৱে ক'লে: তুমি দেখা নাইনে ওমৰ ৰাদ্বিয়াল্লাহু আনহু আম্মাৰৰ এই কথাত সন্তুষ্ট নাছিল? আবু মুছা ৰাদ্বিয়াল্লাহু আনহুৱে পুনৰ ক'লে: আম্মাৰৰ কথা বাদ দিলেও তায়াম্মুমৰ আয়াতৰ কি ব্যাখা কৰিব আপুনি? আব্দুল্লাহ ৰাদ্বিয়াল্লাহু আনহুৱে ইয়াৰ কোনো উত্তৰ দিব নোৱাৰিলে। তেখেতে তথাপিও ক'লে: আমি যদি মানুহবোৰক ইয়াৰ অনুমতি দিওঁ তেন্তে আশংকা হয় যে, কোনোবাই পানী ঠাণ্ডা বুলি মনত ভাবিলেই তায়াম্মুম কৰিব। ৰাবী আ'মাশ্ব ৰাহিমাহুল্লাহে কৈছে: মই শ্বাক্বীক ৰাহিমাহুল্লাহক প্ৰশ্ন কৰিছিলোঁ- "আব্দুল্লাহ ৰাদ্বিয়াল্লাহু আনহুৱে এইটো কাৰণতেই তায়াম্মুমক অপছন্দ কৰিছিল নেকি"? তেখেতে ক'লে: হয়।
(সংশ্লিষ্ট হাদীছসমূহ: ৩৩৮; মুছলিম ৩/২৮, হাদীছ নং ৩৬৮, আহমদ ১৯৫৫৯), (আ.প্ৰ. ৩৩৩, ই. ফা. ৩৩৯)।
পৰিচ্ছেদ নং ৮, তায়াম্মুমৰ বাবে হাতেৰে এবাৰ মাটিত স্পৰ্শ কৰা।হাদীছ- 347حَدَّثَنَا مُحَمَّدُ بْنُ سَلاَمٍ، قَالَ: أَخْبَرَنَا أَبُو مُعَاوِيَةَ، عَنِ الأَعْمَشِ، عَنْ شَقِيقٍ، قَالَ: كُنْتُ جَالِسًا مَعَ عَبْدِ اللَّهِ وَأَبِي مُوسَى الأَشْعَرِيِّ، فَقَالَ لَهُ أَبُو مُوسَى: لَوْ أَنَّ رَجُلًا أَجْنَبَ فَلَمْ يَجِدِ المَاءَ شَهْرًا، أَمَا كَانَ يَتَيَمَّمُ وَيُصَلِّي، فَكَيْفَ تَصْنَعُونَ بِهَذِهِ الْآيَةِ فِي سُورَةِ المَائِدَةِ: {فَلَمْ تَجِدُوا مَاءً فَتَيَمَّمُوا صَعِيدًا طَيِّبًا} [النساء: 43] فَقَالَ عَبْدُ اللَّهِ: لَوْ رُخِّصَ لَهُمْ فِي هَذَا لَأَوْشَكُوا إِذَا بَرَدَ عَلَيْهِمُ المَاءُ أَنْ يَتَيَمَّمُوا الصَّعِيدَ. قُلْتُ: وَإِنَّمَا كَرِهْتُمْ هَذَا لِذَا؟ قَالَ: نَعَمْ، فَقَالَ أَبُو مُوسَى: أَلَمْ تَسْمَعْ قَوْلَ عَمَّارٍ لِعُمَرَ: بَعَثَنِي رَسُولُ اللَّهِ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ فِي حَاجَةٍ، فَأَجْنَبْتُ فَلَمْ أَجِدِ المَاءَ، فَتَمَرَّغْتُ فِي الصَّعِيدِ كَمَا تَمَرَّغُ الدَّابَّةُ، فَذَكَرْتُ ذَلِكَ لِلنَّبِيِّ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ، فَقَالَ: «إِنَّمَا كَانَ يَكْفِيكَ أَنْ تَصْنَعَ هَكَذَا، فَضَرَبَ بِكَفِّهِ ضَرْبَةً عَلَى الأَرْضِ، ثُمَّ نَفَضَهَا، ثُمَّ مَسَحَ بِهِمَا ظَهْرَ كَفِّهِ بِشِمَالِهِ أَوْ ظَهْرَ شِمَالِهِ بِكَفِّهِ، ثُمَّ مَسَحَ بِهِمَا وَجْهَهُ» فَقَالَ عَبْدُ اللَّهِ: أَفَلَمْ تَرَ عُمَرَ لَمْ يَقْنَعْ بِقَوْلِ عَمَّارٍ؟ وَزَادَ يَعْلَى، عَنِ الْأَعْمَشِ، عَنْ شَقِيقٍ: كُنْتُ مَعَ عَبْدِ اللَّهِ وَأَبِي مُوسَى، فَقَالَ أَبُو مُوسَى: أَلَمْ تَسْمَعْ قَوْلَ عَمَّارٍ لِعُمَرَ: إِنَّ رَسُولَ اللَّهِ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ بَعَثَنِي أَنَا وَأَنْتَ، فَأَجْنَبْتُ فَتَمَعَّكْتُ بِالصَّعِيدِ، فَأَتَيْنَا رَسُولَ اللَّهِ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ فَأَخْبَرْنَاهُ، فَقَالَ: «إِنَّمَا كَانَ يَكْفِيكَ هَكَذَا. وَمَسَحَ وَجْهَهُ وَكَفَّيْهِ وَاحِدَةً.৩৪৭- শ্বাক্বীক ৰাহিমাহুল্লাহৰ দ্বাৰা বৰ্ণিত। তেখেতে কৈছে: মই আব্দুল্লাহ (ইবনু মাছঊদ) আৰু আবু মুছা আশ্ব'আৰী ৰাদ্বিয়াল্লাহু আনহুমাৰ সৈতে বহি আছিলোঁ। আবু মুছা ৰাদ্বিয়াল্লাহু আনহুৱে আব্দুল্লাহ ৰাদ্বিয়াল্লাহু আনহুক ক'লে: কোনো ব্যক্তি জুনুবী (অপবিত্ৰ) হ'লে তেওঁ যদি এমাহ পৰ্যন্ত পানী নাপায়, তেতিয়া হ'লে তেওঁ তায়াম্মুম কৰি চালাত আদায় নকৰিবনে? শ্বাক্বীক ৰাহিমাহুল্লাহে কৈছে: আব্দুল্লাহ ৰাদ্বিয়াল্লাহু আনহুৱে ক'লে: এমাহ পানী নাপালেও তেওঁ তায়াম্মুম নকৰিব। তেতিয়া তেওঁক আবু মুছা ৰাদ্বিয়াল্লাহু আনহুৱে ক'লে: তেন্তে ছুৰা মায়িদাৰ এই আয়াত সম্পৰ্কে কি ক'ব যে- "পানী নাপালে পবিত্র মাটিৰে তায়াম্মুম কৰিবা"- (ছুৰা আল-মায়িদাহ ৫/৬)। আব্দুল্লাহ ৰাদ্বিয়াল্লাহু আনহুৱে উত্তৰ দিলে: মানুহক সেই অনুমতি প্ৰদান কৰিলে অৱস্থা এনে পৰ্যায়লৈ যোৱাৰ সম্ভাৱনা আছে যে, সামান্য ঠাণ্ডা লাগিলেই মানুহে মাটিৰ দ্বাৰা তায়াম্মুম কৰিব। মই ক'লোঁ: আপোনালোকে এই কাৰণেই ইয়াক অপছন্দ কৰে নেকি? তেখেতে উত্তৰ দিলে, হয়। আবু মুছা ৰাদ্বিয়াল্লাহু আনহুৱে ক'লে: আপুনি ওমৰ ইবনুল খাত্তাব ৰাদ্বিয়াল্লাহু আনহুৰ সন্মুখত আম্মাৰ ৰাদ্বিয়াল্লাহু আনহুৰ এই কথা শুনা নাই যে, মোক আল্লাহৰ ৰাছূল চল্লাল্লাহু আলাইহি অছাল্লামে এটা প্ৰয়োজনত বাহিৰলৈ পঠাইছিল। ভ্ৰমণত মই জুনুবী (অপবিত্ৰ) হৈ পৰিছিলোঁ আৰু পানী পোৱা নাছিলোঁ। সেইবাবেই মই জন্তুৰ দৰে মাটিত বাগৰি বাগৰি গা ঘঁহাই লৈছিলোঁ। পিছত আল্লাহৰ ৰাছূল চল্লাল্লাহু আলাইহি অছাল্লামৰ ওচৰত ঘটনাটো বৰ্ণনা কৰিছিলোঁ। তেতিয়া তেখেতে কৈছিল: তোমাৰ বাবেতো এইখিনিয়েই যথেষ্ট আছিল- এই বুলি কৈ তেখেতে দুয়োখন হাত মাটিত মাৰিলে, তাৰপাছত সেয়া ঝাৰি ল'লে আৰু তাকে দি তেখেতে বাঁওহাতেৰে সোঁহাতৰ গাত মছেহ্ (মুহাৰি) কৰিলে নাইবা ৰাবীয়ে কৈছে, বাঁওহাতৰ তলোৱাৰে সোঁহাত মছেহ্ কৰিলে। তাৰপাছত হাতদুখনেৰে তেওঁৰ মুখমণ্ডল মছেহ্ কৰিলে। আব্দুল্লাহ ৰাদ্বিয়াল্লাহু আনহুৱে ক'লে: আপুনি দেখা নাইনে যে, ওমৰ ৰাদ্বিয়াল্লাহু আনহু আম্মাৰ ৰাদ্বিয়াল্লাহু আনহুৰ এই কথাত সন্তুষ্ট হোৱা নাছিল? ইয়া'লা ৰাহিমাহুল্লাহে আ'মাশ্বৰ পৰা আৰু তেখেতে শ্বাক্বীকৰ পৰা বৰ্ণনা কৰি আৰু কৈছে যে, তেখেতে ক'লে: মই আব্দুল্লাহ ৰাদ্বিয়াল্লাহু আনহু আৰু আবু মুছা ৰাদ্বিয়াল্লাহু আনহুৰ কাষত উপস্থিত আছিলোঁ: আবু মুছা ৰাদ্বিয়াল্লাহু আনহুৱে কৈছিল: আপুনি ওমৰ ৰাদ্বিয়াল্লাহু আনহুৰ সৈতে আম্মাৰৰ এই কথা শুনা নাইনে যে, আল্লাহৰ ৰাছূল চল্লাল্লাহু আলাইহি অছাল্লামে মোক আৰু আপোনাক বাহিৰলৈ পঠিয়াইছিল। তেতিয়া মই জুনুবী হৈ পৰাত মাটিত গা ঘঁহাই দিছিলোঁ। তাৰপাছত আমি ৰাছূল চল্লাল্লাহু আলাইহি অছাল্লামৰ কাষলৈ আহি এই বিষয়ে তেখেতক জনাছিলোঁ। তেতিয়া তেখেতে কৈছিল: তোমাৰ বাবে এইটোৱে যথেষ্ট আছিল-- এই বুলি কৈ তেখেতে নিজৰ মুখমণ্ডল আৰু দুই হাত এবাৰ মছেহ কৰিছিল? (সংশ্লিষ্ট হাদীছসমূহ: ৩৩৮; মুছলীম ৩/২৮, হাদীছ নং ৩৬৮, আহমদ ১৯৫৫৯), (আ.প্ৰ.৩৩৪, ই. ফা.৩৪০)।
হাদীছ- 348حَدَّثَنَا عَبْدَانُ، قَالَ: أَخْبَرَنَا عَبْدُ اللَّهِ، قَالَ: أَخْبَرَنَا عَوْفٌ، عَنْ أَبِي رَجَاءٍ، قَالَ: حَدَّثَنَا عِمْرَانُ بْنُ حُصَيْنٍ الخُزَاعِيُّ، أَنَّ رَسُولَ اللَّهِ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ رَأَى رَجُلًا مُعْتَزِلًا لَمْ يُصَلِّ فِي القَوْمِ، فَقَالَ: «يَا فُلاَنُ مَا مَنَعَكَ أَنْ تُصَلِّيَ فِي القَوْمِ؟» فَقَالَ يَا رَسُولَ اللَّهِ: أَصَابَتْنِي جَنَابَةٌ وَلاَ مَاءَ، قَالَ: «عَلَيْكَ بِالصَّعِيدِ فَإِنَّهُ يَكْفِيكَ.৩৪৮- ইমৰাণ ইবনু হুছাইন আল-খুযা"ঈ ৰাদ্বিয়াল্লাহু আনহুৱে কৈছে যে, আল্লাহৰ ৰাছূল চল্লাল্লাহু আলাইহি অছাল্লামে এজন ব্যক্তিক জামাতত চালাত আদায় নকৰি পৃথকে থিয় হৈ থকা দেখিলে। তেখেতে ব্যক্তি গৰাকীক মাতি আনি ক'লে: হে অমুক! তুমি জামাতত চালাত আদায় নকৰিলা কিয়? ব্যক্তিজনে ক'লে: হে আল্লাহৰ ৰাছূল! মোৰ গোছলৰ প্ৰয়োজন হৈছে, কিন্তু পানী নাই। তেখেতে ক'লে: তুমি পবিত্র মাটিৰে (তায়াম্মুম) কৰা। এইটোৱে তোমাৰ বাবে যথেষ্ট। (সংশ্লিষ্ট হাদীছসমূহ: ৩৪৪, ( আ.প্ৰ.৩৩৫, ই.ফা.৩৪১)।