chapter-note-beforechapterchapter-note-afterhadith-numberhadith-arabichadith-assamesehadith-note
পৰিচ্ছেদ: নং ১, ইছৰা মিৰাজত কেনেকৈ ছালাত ফৰজ হৈছে।ইবনু আব্বাছ ৰাদ্বিয়াল্লাহু আনহুৱে কৈছে, মোৰ ওচৰত আবু চুফিয়ানে হিৰাকলৰ হাদীছত বৰ্ণনা কৰিছে। তাত তেওঁ এই কথা কৈছে যে, নবী চল্লাল্লাহু আলাইহি অছাল্লামে আমাক ছালাত, সত্যবাদিতা আৰু চাৰিত্ৰিক পৱিত্ৰতাৰ নিৰ্দেশ দিছে।হাদীছ - 349يَحْيَى بْنُ بُكَيْرٍ قَالَ حَدَّثَنَا اللَّيْثُ عَنْ يُونُسَ عَنْ ابْنِ شِهَابٍ عَنْ أَنَسِ بْنِ مَالِكٍ قَالَ كَانَ أَبُو ذَرٍّ يُحَدِّثُ أَنَّ رَسُولَ اللهِ صلى الله عليه وسلم قَالَ فُرِجَ عَنْ سَقْفِ بَيْتِي وَأَنَا بِمَكَّةَ فَنَزَلَ جِبْرِيلُ فَفَرَجَ صَدْرِي ثُمَّ غَسَلَهُ بِمَاءِ زَمْزَمَ ثُمَّ جَاءَ بِطَسْتٍ مِنْ ذَهَبٍ مُمْتَلِئٍ حِكْمَةً وَإِيمَانًا فَأَفْرَغَهُ فِي صَدْرِي ثُمَّ أَطْبَقَهُ ثُمَّ أَخَذَ بِيَدِي فَعَرَجَ بِي إِلَى السَّمَاءِ الدُّنْيَا فَلَمَّا جِئْتُ إِلَى السَّمَاءِ الدُّنْيَا قَالَ جِبْرِيلُ لِخَازِنِ السَّمَاءِ افْتَحْ قَالَ مَنْ هَذَا قَالَ هَذَا جِبْرِيلُ قَالَ هَلْ مَعَكَ أَحَدٌ قَالَ نَعَمْ مَعِي مُحَمَّدٌ فَقَالَ أُرْسِلَ إِلَيْهِ قَالَ نَعَمْ فَلَمَّا فَتَحَ عَلَوْنَا السَّمَاءَ الدُّنْيَا فَإِذَا رَجُلٌ قَاعِدٌ عَلَى يَمِينِهِ أَسْوِدَةٌ وَعَلَى يَسَارِهِ أَسْوِدَةٌ إِذَا نَظَرَ قِبَلَ يَمِينِهِ ضَحِكَ وَإِذَا نَظَرَ قِبَلَ يَسَارِهِ بَكَى فَقَالَ مَرْحَبًا بِالنَّبِيِّ صلى الله عليه وسلم الصَّالِحِ وَالِابْنِ الصَّالِحِ قُلْتُ لِجِبْرِيلَ مَنْ هَذَا قَال هَذَا آدَمُ وَهَذِهِ الْأَسْوِدَةُ عَنْ يَمِينِهِ وَشِمَالِهِ نَسَمُ بَنِيهِ فَأَهْلُ الْيَمِينِ مِنْهُمْ أَهْلُ الْجَنَّةِ وَالْأَسْوِدَةُ الَّتِي عَنْ شِمَالِهِ أَهْلُ النَّارِ فَإِذَا نَظَرَ عَنْ يَمِينِهِ ضَحِكَ وَإِذَا نَظَرَ قِبَلَ شِمَالِهِ بَكَى حَتَّى عَرَجَ بِي إِلَى السَّمَاءِ الثَّانِيَةِ فَقَالَ لِخَازِنِهَا افْتَحْ فَقَالَ لَهُ خَازِنِهَا مِثْلَ مَا قَالَ الْأَوَّلُ فَفَتَحَ قَالَ أَنَسٌ فَذَكَرَ أَنَّهُ وَجَدَ فِي السَّمَوَاتِ آدَمَ وَإِدْرِيسَ وَمُوسَى وَعِيسَى وَإِبْرَاهِيمَ صَلَوَاتُ اللهِ عَلَيْهِمْ وَلَمْ يُثْبِتْ كَيْفَ مَنَازِلُهُمْ غَيْرَ أَنَّهُ ذَكَرَ أَنَّهُ وَجَدَ آدَمَ فِي السَّمَاءِ الدُّنْيَا وَإِبْرَاهِيمَ فِي السَّمَاءِ السَّادِسَةِ قَالَ أَنَسٌ فَلَمَّا مَرَّ جِبْرِيلُ بِالنَّبِيِّ صلى الله عليه وسلم بِإِدْرِيسَ قَالَ مَرْحَبًا بِالنَّبِيِّ صلى الله عليه وسلم الصَّالِحِ وَالْأَخِ الصَّالِحِ فَقُلْتُ مَنْ هَذَا قَالَ هَذَا إِدْرِيسُ ثُمَّ مَرَرْتُ بِمُوسَى فَقَالَ مَرْحَبًا بِالنَّبِيِّ صلى الله عليه وسلم الصَّالِحِ وَالْأَخِ الصَّالِحِ قُلْتُ مَنْ هَذَا قَالَ هَذَا مُوسَى ثُمَّ مَرَرْتُ بِعِيسَى فَقَالَ مَرْحَبًا بِالْأَخِ الصَّالِحِ وَالنَّبِيِّ صلى الله عليه وسلم الصَّالِحِ قُلْتُ مَنْ هَذَا قَالَ هَذَا عِيسَى ثُمَّ مَرَرْتُ بِإِبْرَاهِيمَ فَقَالَ مَرْحَبًا بِالنَّبِيِّ صلى الله عليه وسلم الصَّالِحِ وَالِابْنِ الصَّالِحِ قُلْتُ مَنْ هَذَا قَالَ هَذَا إِبْرَاهِيمُ قَالَ ابْنُ شِهَابٍ فَأَخْبَرَنِي ابْنُ حَزْمٍ أَنَّ ابْنَ عَبَّاسٍ وَأَبَا حَبَّةَ الأَنْصَارِيَّ كَانَا يَقُولَانِ قَالَ النَّبِيُّ ثُمَّ عُرِجَ بِي حَتَّى ظَهَرْتُ لِمُسْتَوَى أَسْمَعُ فِيهِ صَرِيفَ الْأَقْلَامِ قَالَ ابْنُ حَزْمٍ وَأَنَسُ بْنُ مَالِكٍ قَالَ النَّبِيُّ فَفَرَضَ اللهُ عَزَّ وَجَلَّ عَلَى أُمَّتِي خَمْسِينَ صَلاَةً فَرَجَعْتُ بِذَلِكَ حَتَّى مَرَرْتُ عَلَى مُوسَى فَقَالَ مَا فَرَضَ اللهُ لَكَ عَلَى أُمَّتِكَ قُلْتُ فَرَضَ خَمْسِينَ صَلاَةً قَالَ فَارْجِعْ إِلَى رَبِّكَ فَإِنَّ أُمَّتَكَ لاَ تُطِيقُ ذَلِكَ فَرَاجَعْتُ فَوَضَعَ شَطْرَهَا فَرَجَعْتُ إِلَى مُوسَى قُلْتُ وَضَعَ شَطْرَهَا فَقَالَ رَاجِعْ رَبَّكَ فَإِنَّ أُمَّتَكَ لاَ تُطِيقُ فَرَاجَعْتُ فَوَضَعَ شَطْرَهَا فَرَجَعْتُ إِلَيْهِ فَقَالَ ارْجِعْ إِلَى رَبِّكَ فَإِنَّ أُمَّتَكَ لاَ تُطِيقُ ذَلِكَ فَرَاجَعْتُهُ فَقَالَ هِيَ خَمْسٌ وَهِيَ خَمْسُونَ لاَ يُبَدَّلُ الْقَوْلُ لَدَيَّ فَرَجَعْتُ إِلَى مُوسَى فَقَالَ رَاجِعْ رَبَّكَ فَقُلْتُ اسْتَحْيَيْتُ مِنْ رَبِّي ثُمَّ انْطَلَقَ بِي حَتَّى انْتَهَى بِي إِلَى سِدْرَةِ الْمُنْتَهَى وَغَشِيَهَا أَلْوَانٌ لاَ أَدْرِي مَا هِيَ ثُمَّ أُدْخِلْتُ الْجَنَّةَ فَإِذَا فِيهَا حَبَايِلُ اللُّؤْلُؤِ وَإِذَا تُرَابُهَا الْمِسْكُ.৩৪৯- আনাছ ইবনু মালিক ৰাদ্বিয়াল্লাহু আনহুৰ দ্বাৰা বৰ্ণিত। তেখেতে কৈছে: আবু যাৰ ৰাদ্বিয়াল্লাহু আনহুৱে ৰাছূলুল্লাহ চল্লাল্লাহু আলাইহি অছাল্লামৰ পৰা বৰ্ণনা কৰিছে, তেখেতে কৈছে: মই মক্কাহত থকা অৱস্থাত মোৰ গৃহৰ চালি উন্মুক্ত কৰা হ'ল। এনে সময়ত জিব্ৰীল আলাইহিচ্ছালাম অৱতীৰ্ণ হৈ মোৰ বক্ষ বিদীৰ্ণ কৰিলে। আৰু ইয়াক জমজমৰ পানীৰে ধুলে। ইয়াৰ পিছত হিকমত আৰু ঈমান ভৰ্ত্তি এটা সোণৰ পাত্ৰ লৈ আহিলে আৰু সেইটো মোৰ বুকুৰ মাজত ঢালি বন্ধ কৰি দিলে। ইয়াৰ পাছত হাত ধৰি মোক পৃথিৱীৰ আকাশৰ দিশত লৈ গ'ল। পিছত যেতিয়া পৃথিৱীৰ আকাশ আহি পালোঁ, জিব্ৰীল আলাইহিচ্ছালামে আকাশৰ ৰক্ষকক ক'লে: দোৱাৰ খোলা। আকাশৰ ৰক্ষকে কলে: কোন আপুনি? জিব্ৰীল আলাইহিচ ছালামে: মই জিব্ৰীল। (আকাশৰ ৰক্ষকে) কলে: আপোনাৰ সৈতে কোনোবা আছে নেকি? জিব্ৰীলে কলে: হয়, মুহাম্মদ চল্লাল্লাহু আলাইহি অছাল্লাম আছে। এনে সময়ত ৰক্ষকে কলে: তেওঁক মাতা হৈছে নেকি? জিব্ৰাইলে কলে: হয়। ইয়াৰ পাছত যেতিয়া আমাৰ বাবে পৃথিৱীৰ আকাশ খুলি দিয়া হল আৰু আমি পৃথিৱীৰ আকাশত প্ৰৱেশ কৰিলো, তাত দেখিলো এনে এজন ব্যক্তি উপবিষ্ট হৈ আছে, যাৰ সোঁ কাষত বহুতো মানুহৰ আকৃতি আছে আৰু বাওঁফালেও আছিল বহুতো মানুহৰ আকৃতি। যেতিয়া তেওঁ সোঁ দিশত দৃষ্টিপাত কৰে হাঁহি উঠে আৰু যেতিয়া বাওঁফালে দৃষ্টি নিক্ষেপ কৰে কান্দি দিয়ে। এনে সময়ত তেখেতে কলেঃ স্বাগতম হে পূণ্যৱান নবী আৰু পূণ্যৱান লোকৰ সন্তান। মই জিব্ৰীলক কলো: কোন এইজন ব্যক্তি? তেখেতে উত্তৰ দিলে, এখেত হৈছে আদম আলাইহিচ ছালাম। আৰু তেখেতৰ সোঁৱে বাওঁৱে আছে তেখেতৰ সন্তানসকলৰ ৰূহ। তেওঁলোকৰ মাজৰ সোঁ দিশৰ লোকসকল জান্নাতী আৰু বাওঁ দিশৰ লোকসকল জাহান্নামী। ফলত তেওঁ যেতিয়া সোঁ দিশলৈ চায় তেতিয়া হাঁহে, আৰু যেতিয়া বাওঁফালে চায় তেতিয়া কান্দে। ইয়াৰ পাছত জিব্ৰীল আলাইহিচ ছালামে মোক লৈ দ্বিতীয় আচমানত উঠিল আৰু আকাশৰ ৰক্ষকক কলে: দোৱাৰ খোলা। তেতিয়া ইয়াৰ ৰক্ষকে প্ৰথম ৰক্ষকৰ দৰেই প্ৰশ্ন কৰিলে। পিছত দোৱাৰ খুলি দিয়া হল। আনাছ ৰাদ্বিয়াল্লাহু আনহুৱে কৈছে: আবু য’ৰ ৰাদ্বিয়াল্লাহু আনহুৱে উল্লেখ কৰিছে যে তেওঁ (ৰাছূলুল্লাহ চল্লাল্লাহু আলাইহি অছাল্লাম) আকাশসমূহত আদম, ইদ্ৰিচ, মূছা, ঈছা আৰু ইব্ৰাহীম (আলাইহিমুচ ছালামক) লগ পাইছিল। কিন্তু আবু য’ৰ ৰাদ্বিয়াল্লাহু আনহুৱে তেওঁলোকৰ স্হানসমূহ নিদিষ্টকৈ উল্লেখ কৰা নাই। তথাপিও ইমানখিনি উল্লেখ কৰিছে যে, তেখেতে আদম আলাইহিচ ছালামক পৃথিৱীৰ আকাশত আৰু ইব্ৰাহীম আলাইহিচ ছালামক ষষ্ঠ আকাশত লগ পাইছিল।
আনাছ ৰাদ্বিয়াল্লাহু আনহুৱে কৈছে, জিব্ৰীল আলাইহিচ ছালামে যেতিয়া নবী চল্লাল্লাহু আলাইহি অছাল্লামক লৈ ইদ্ৰিছ আলাইহি অছাল্লামৰ কাষেদি অতিক্ৰম কৰিছিল তেতিয়া ইদ্ৰিছ আলাইহিচ ছালামে কৈছিল: মাৰহাবা হে পূণ্যৱান ভাই আৰু পূণ্যৱান নবী। মই (ৰাছূলুল্লাহে) কলো, এখেত কোন? জিব্ৰীলে কলে, এখেত হৈছে ইদ্ৰিছ আলাইহিচ ছালাম। ইয়াৰ পিছত মই মূছা আলাইহিচ ছালামৰ কাষেদি অতিক্ৰম কৰা কালত তেখেতে কলে: মাৰহাবা হে পূণ্যৱান নবী আৰু পূণ্যৱান ভাই। মই কলো: এখেত কোন? জিব্ৰীলে কলে, এখেত মূছা আলাইহিচ ছালাম। ইয়াৰ পিছত মই ঈছা আলাইহিচ ছালামৰ কাষেদি অতিক্ৰম কৰা কালত তেখেতে কলে: মাৰহাবা হে পূণ্যৱান নবী আৰু পূণ্যৱান ভাই! মই কলো: এখেত কোন? জিব্ৰীলে কলে, এখেত হৈছে ঈছা আলাইহি অছাল্লাম। ইয়াৰ পিছত মই ইব্ৰাহীম আলাইহি অছাল্লামৰ কাষেদি অতিক্ৰম কৰোঁতে তেখেতে কলে: মাৰহাবা হে নেক নবী আৰু নেক সন্তান। মই কলো: এখেত কোন? জিব্ৰীলে কলে, এখেত হৈছে ইব্ৰাহীম আলাইহিচ ছালাম। ইবনু শ্বিহাবে কৈছে: ইবনু হাযম ৰাহিমাহুল্লাহে মোক সংবাদ দিছে যে, ইবনু আব্বাছ আৰু আবু হাব্বা আল আনচাৰী উভয়ে কৈছে, নবী চল্লাল্লাহু আলাইহি অছাল্লামে কৈছে: ইয়াৰ পিছত মোক আৰু ওপৰলৈ উঠোৱা হল তাৰপাছত এনে এক সমতল স্থানত মই উপনীত হলো, য’ত মই লিখাৰ শব্দ শুনিবলৈ পাইছিলো। ইবনু হাজম আৰু আনাছ ইবনু মালিক ৰাদ্বিয়াল্লাহু আনহুৱে কৈছে, ৰাছূলুল্লাহ চল্লাল্লাহু আলাইহি অছাল্লামে কৈছে: ইয়াৰ পিছত আল্লাহে মোৰ উম্মতৰ ওপৰত পঞ্চাশ ওৱাক্ত ছালাত ফৰজ কৰি দিয়ে। মই সেই ছালাত লৈ ঘূৰি আহোঁ। অৱশেষত যেতিয়া মূছা আলাইহিচ ছালামৰ কাষেদি অতিক্ৰম কৰোঁতে তেখেতে কলে: আল্লাহ তা'আলাই আপোনাৰ উম্মতৰ ওপৰত কি ফৰজ কৰিলে? মই কলো: পঞ্চাশ ওৱাক্ত ছালাত ফৰজ কৰিছে। তেখেতে কলে: আপুনি আপোনাৰ পালনকৰ্তাৰ ওচৰলৈ উভতি যাওক, কিয়নো আপোনাৰ উম্মতে সেয়া আদায় কৰিব নোৱাৰিব। মই উভতি গলো। আল্লাহ তা'আলাই কিছু অংশ কমাই দিলে। মই মূছা আলাইহিচ ছালামৰ কাষলৈ পুনৰাই গলো আৰু কলো: কিছু অংশ কমাই দিছে। তেখেতে কলে: আপুনি পুনৰবাৰ আপোনাৰ ৰব্বৰ কাষলৈ উভতি যাওক। কাৰণ আপোনাৰ উম্মতে এইটোও আদায় কৰিব নোৱাৰে। মই উভতি গলো। তেতিয়া আৰু কিছু অংশ কমাই দিয়া হল। পুনৰবাৰ মূছা আলাইহিচ ছালামৰ কাষলৈ গলো, এইবাৰো তেখেতে কলে: আপুনি আকৌ আপোনাৰ প্ৰতিপালকৰ কাষলৈ যাওক। কাৰণ আপোনাৰ উম্মতে এয়াও আদায় কৰিবলৈ সক্ষম নহব। তেতিয়া মই পুনৰাই গলো, তেতিয়া আল্লাহে কলে: এই পাঁচ ওৱাক্তই (নেকীৰ ফালৰ পৰা) পঞ্চাশ ওৱাক্ত (বুলি গণ্য হব)। মোৰ কথাৰ কোনো সালসলনি নহয়। মই পুনৰাই মূছা আলাইহিচ ছালামৰ কাষলৈ আহিলো, তেখেতে মোক আকৌ কলে: আপোনাৰ প্ৰতিপালকৰ কাষলৈ পুনৰাই যাওক। মই কলো: পুনৰাই মোৰ প্ৰতিপালকৰ কাষলৈ যাবলৈ মই লজ্জাবোধ কৰিছো। ইয়াৰ পিছত জিব্ৰীল আলাইহিচ ছালামে মোক চিদৰাতুল মুনতাহা [1] পৰ্য্যন্ত লৈ গল। আৰু তেতিয়া সেইটো বিভিন্ন ৰঙেৰে আবৃত আছিল, যাৰ তাৎপৰ্য্য সম্পৰ্কে মই অৱগত নাছিলো। ইয়াৰ পাছত মোক জান্নাতত প্ৰৱেশ কৰোৱা হল, মই দেখিবলৈ পালো, তাত আছে মুকুতামালা আৰু তাৰ মাটি হৈছে কস্তুৰী।
(সংশ্লিষ্ট হাদীছসমূহঃ ১৬৩৬, ৩৩৪২; মুছলিম ১/৭৪ হাদীছ নং ১৬৩, আহমাদ ২১১৯৩) (আ.প্ৰ. ৩৩৬, ই.ফা. ৩৪২ )।

[1]  ছিদৰাতুল মুনতাহা উৰ্দ্ধাকাশত ফিৰিস্তাসকলৰ চলাচলৰ শেষ প্ৰান্তত এটি বৃক্ষ আছে। সেই বৃক্ষটোক ছিদৰাতুল মুনতাহা বোলে।

হাদীছ - 350۳۵۰- عَبْدُ اللهِ بْنُ يُوسُفَ قَالَ أَخْبَرَنَا مَالِكٌ عَنْ صَالِحِ بْنِ كَيْسَانَ عَنْ عُرْوَةَ بْنِ الزُّبَيْرِ عَنْ عَائِشَةَ أُمِّ الْمُؤْمِنِينَ قَالَتْ فَرَضَ اللهُ الصَّلاَةَ حِينَ فَرَضَهَا رَكْعَتَيْنِ رَكْعَتَيْنِ فِي الْحَضَرِ وَالسَّفَرِ فَأُقِرَّتْ صَلاَةُ السَّفَرِ وَزِيدَ فِي صَلاَةِ الْحَضَرِ.৩৫০- উম্মুল মু'মিনীন আইশ্বাহ ৰাদ্বিয়াল্লাহু আনহাৰ দ্বাৰা বৰ্ণিত। তেখেতে কৈছে: আল্লাহ তা'আলাই মুকিম আৰু চফৰ অৱস্থাত দুই ৰাকাত ছালাত ফৰজ কৰিছিল। পিছত চফৰৰ ছালাত আগৰ দৰেই ৰখা হয় আৰু মুকিম অৱস্থাৰ ছালাত বৃদ্ধি কৰি দিয়া হয়। (সংশ্লিষ্ট হাদীছসমূহঃ ১০৯০, ৩৯৩৫; মুছলিম ৬/১, হাদীছ নং ৬৮৫), ( আ.প্ৰ.৩৩৭, ই. ফা.৩৪৩ )
পৰিচ্ছেদঃ নং ২, ছালাত আদায়কালীন সময়ত কাপোৰ পৰিধান কৰাৰ আৱশ্যকতাআল্লাহ তা'আলাৰ বাণী: "তোমালোকে ছালাত আদায়কালীন সময়ত সুন্দৰ পোছাক পৰিধান কৰিবা" (ছুৰা আৰাফ ৭/৩১ )। আৰু এখন কাপোৰ শৰীৰত মেৰিয়াই ছালাত আদায় কৰা প্ৰসংগ।
চালামাহ ইবনুল আকওৱা ৰাদ্বিয়াল্লাহু আনহুৰ দ্বাৰা বৰ্ণিত যে, নবী চল্লাল্লাহু আলাইহি অছাল্লামে কৈছে: "তোমালোকে কামিজত বুতাম লগাই লোৱা আনকি কাইট্ দি হলেও। এই হাদীছৰ চনদ সম্পৰ্কে কথা আছে। যি কাপোৰ পিন্ধি স্ত্ৰী সহবাস কৰা হৈছে তাত কোনো অপবিত্ৰতা দেখা নগলে সেইটো পৰিধান কৰি ছালাত আদায় কৰিব পাৰি। আৰু নবী চল্লাল্লাহু আলাইহি অছাল্লামে নিৰ্দেশ দিছে যে, উলঙ্গ অৱস্থাত যাতে কোনেও বায়তুল্লাহৰ তাৱাফ নকৰে।
হাদীছ - 351۳۵۱- مُوسَى بْنُ إِسْمَاعِيلَ قَالَ حَدَّثَنَا يَزِيدُ بْنُ إِبْرَاهِيمَ عَنْ مُحَمَّدٍ عَنْ أُمِّ عَطِيَّةَ قَالَتْ أُمِرْنَا أَنْ نُخْرِجَ الْحُيَّضَ يَوْمَ الْعِيدَيْنِ وَذَوَاتِ الْخُدُورِ فَيَشْهَدْنَ جَمَاعَةَ الْمُسْلِمِينَ وَدَعْوَتَهُمْ وَيَعْتَزِلُ الْحُيَّضُ عَنْ مُصَلاَّهُنَّ قَالَتْ امْرَأَةٌ يَا رَسُولَ اللهِ صلى الله عليه وسلم إِحْدَانَا لَيْسَ لَهَا جِلْبَابٌ قَالَ لِتُلْبِسْهَا صَاحِبَتُهَا مِنْ جِلْبَابِهَا وَقَالَ عَبْدُ اللهِ بْنُ رَجَاءٍ حَدَّثَنَا عِمْرَانُ حَدَّثَنَا مُحَمَّدُ بْنُ سِيرِيـنَ حَدَّثَتْنَا أُمُّ عَطِيَّةَ سَمِعْتُ النَّبِيَّ بِهٰذَا.৩৫১- উম্মু আতিয়াহ ৰাদ্বিয়াল্লাহু আনহাৰ পৰা বৰ্ণিত, তেখেতে কৈছে: নবী চল্লাল্লাহু আলাইহি অছাল্লামে ঈদৰ দিনা ঋতুৱতি আৰু পৰ্দাশীল নাৰীসকলক বাহিৰ কৰি আনিবলৈ আমাক আদেশ দিছিল, যাতে তেওঁলোকে মুছলিমসকলৰ জামাত আৰু দু'আত অংশ গ্ৰহণ কৰিব পাৰে। অৱশ্যে ঋতুৱতি মহিলাসকল ছালাতৰ স্থানৰ পৰা দূৰত অৱস্থান কৰিব। এগৰাকী মহিলাই কলে: হে আল্লাহৰ ৰাছূল! আমাৰ মাজৰ কাৰোবাৰ যদি চাদৰ নাথাকে। তেখেতে কলে: তাইৰ সংঙ্গীয়ে যাতে তাইক নিজৰ চাদৰ পৰিধান কৰায়। (আ.প্ৰ. ৩৩৮ , ই.ফা. ৩৪৪)।
আব্দুল্লাহ ইবনু ৰাজা ৰাহিমাহুল্লাহৰ সুত্ৰত উম্মু আতিয়্যাহ ৰাদ্বিয়াল্লাহু আনহাৰ পৰা বৰ্ণিত। তেওঁ কৈছে: মই নবী চল্লাল্লাহু আলাইহি অছাল্লামক এনেদৰে কোৱা শুনিছোঁ।
পৰিচ্ছেদঃ নং ৩, ছালাতত কান্ধত লুঙি বন্ধা।আবু হাযিম ৰাহিমাহুল্লাহে ছা'হল ইবনু ছাআদ' ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণনা কৰিছে যে, ছাহাবায়ে কেৰামসকলে নবী চল্লাল্লাহু আলাইহি অছাল্লামৰ সৈতে লুঙি কান্ধত বান্ধি ছালাত আদায় কৰিছিল।হাদীছ - 352۳۵۲-أَحْمَدُ بْنُ يُونُسَ قَالَ حَدَّثَنَا عَاصِمُ بْنُ مُحَمَّدٍ قَالَ حَدَّثَنِي وَاقِدُ بْنُ مُحَمَّدٍ عَنْ مُحَمَّدِ بْنِ الْمُنْكَدِرِ قَالَ صَلَّى جَابِرٌ فِي إِزَارٍ قَدْ عَقَدَهُ مِنْ قِبَلِ قَفَاهُ وَثِيَابُهُ مَوْضُوعَةٌ عَلَى الْمِشْجَبِ قَالَ لَهُ قَائِلٌ تُصَلِّي فِي إِزَارٍ وَاحِدٍ فَقَالَ إِنَّمَا صَنَعْتُ ذَلِكَ لِيَرَانِي أَحْمَقُ مِثْلُكَ وَأَيُّنَا كَانَ لَهُ ثَوْبَانِ عَلَى عَهْدِ النَّبِيِّ صلى الله عليه وسلم صلى الله عليه وسلم .৩৫২- মুহাম্মদ ইবনুল মুনকাদিৰ ৰাহিমাহুল্লাহৰ পৰা বৰ্ণিত, তেখেতে কৈছে: এবাৰ জাবিৰ ৰাদ্বিয়াল্লাহু আনহুৱে কান্ধত লুঙি বান্ধি ছালাত আদায় কৰিলে। আৰু তেওঁৰ কাপোৰ (চোলা) আলনাত ৰখা আছিল। তেতিয়া তেওঁক এজন ব্যক্তিয়ে কলে: আপুনি যে এখন কাপোৰ পিন্ধি ছালাত আদায় কৰিলে?? তেখেতে উত্তৰত কলে: আপোনাৰ দৰে নিৰ্বোধসকলক দেখোৱাবলৈ মই এনে কৰিছোঁ। নবী চল্লাল্লাহু আলাইহি অছাল্লামৰ যুগত আমাৰ কাৰ দুখন কাপোৰ আছিল?? (সংশ্লিষ্ট হাদীছসমূহঃ ৩৫৩, ৩৬১, ৩৭০, দ্ৰষ্টব্য) (আ.প্ৰ. ৩৩৯, ই.ফা. ৩৪৫ )।
হাদীছ - 353۳۵۳- مُطَرِّفٌ أَبُو مُصْعَبٍ قَالَ حَدَّثَنَا عَبْدُ الرَّحْمَنِ بْنُ أَبِي الْمَوَالِي عَنْ مُحَمَّدِ بْنِ الْمُنْكَدِرِ قَالَ رَأَيْتُ جَابِرَ بْنَ عَبْدِ اللهِ يُصَلِّي فِي ثَوْبٍ وَاحِدٍ وَقَالَ رَأَيْتُ النَّبِيَّ صلى الله عليه وسلم يُصَلِّي فِي ثَوْبٍ.৩৫৩- মুহাম্মদ ইবনুল মুনকাদিৰ ৰাহিমাহুল্লাহৰ দ্বাৰা বৰ্ণিত। তেখেতে কৈছে: মই জাবিৰ ইবনু আব্দিল্লাহ ৰাদ্বিয়াল্লাহু আনহুক এখন কাপোৰেৰে ছালাত আদায় কৰা দেখিছোঁ। আৰু তেখেতে কৈছে: মই নবী চল্লাল্লাহু আলাইহি অছাল্লামক এখন কাপোৰেৰে ছালাত আদায় কৰা দেখিছোঁ। (সংশ্লিষ্ট হাদীছসমূহঃ ৩৫২; মুছলিম ৪/৫২, হাদীছ নং ৫১৮, আহমদ ১৫১৩৩) (আ.প্ৰ. ৩৪০, ই.ফা.৩৪৬)।
পৰিচ্ছেদঃ নং ৪, এখন মাত্ৰ কাপোৰ গাত মেৰিয়াই ছালাত আদায় কৰা।যুহৰী ৰাহিমাহুল্লাহে তেওঁৰ হাদীছত বৰ্ণনা কৰিছে যে, الْمُلْتَحِفُ ৰ অৰ্থ الْمُتَوَشٍّحُ অৰ্থাৎ সেই ব্যক্তি যিয়ে চাদৰৰ উভয় অংশ বিপৰীত কান্ধত ৰাখে। এনেকৈ উভয় কান্ধৰ ওপৰত চাদৰ ৰখাক ইশ্বতিমাল বোলে। উম্মু হানী ৰাদ্বিয়াল্লাহু আনহাই কৈছে যে, নবী চল্লাল্লাহু আলাইহি অছাল্লামে এখন মাত্ৰ চাদৰ গাত দিলে আৰু চাদৰৰ উভয় প্ৰান্ত বিপৰীত কান্ধত ৰাখিলে।হাদীছ - 354۳۵٤- عُبَيْدُ اللهِ بْنُ مُوسَى قَالَ حَدَّثَنَا هِشَامُ بْنُ عُرْوَةَ عَنْ أَبِيهِ عَنْ عُمَرَ بْنِ أَبِي سَلَمَةَ أَنَّ النَّبِيَّ صَلَّى فِي ثَوْبٍ وَاحِدٍ قَدْ خَالَفَ بَيْنَ طَرَفَيْهِ.৩৫৪- ওমৰ ইবনু আবি চালামাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত যে, নবী চল্লাল্লাহু আলাইহি অছাল্লামে এখন মাত্ৰ কাপোৰ পৰিধান কৰি ছালাত আদায় কৰিছিল, যাৰ উভয় প্ৰান্ত বিপৰীত দিশত ৰাখিছিল।
(সংশ্লিষ্ট হাদীছসমূহঃ ৩৫৫, ৩৫৬; মুছলিম ৪/৫২, হাদীছ নং ৫১৭, আহমদ ২৭৬০) (আ.প্ৰ.৩৪১, ই.ফা. ৩৪৭)।
হাদীছ - 355۳۵۵-مُحَمَّدُ بْنُ الْمُثَنَّى قَالَ حَدَّثَنَا يَحْيَى قَالَ حَدَّثَنَا هِشَامٌ قَالَ حَدَّثَنِي أَبِي عَنْ عُمَرَ بْنِ أَبِي سَلَمَةَ أَنَّهُ رَأَى النَّبِيَّ يُصَلِّي فِي ثَوْبٍ وَاحِدٍ فِي بَيْتِ أُمِّ سَلَمَةَ قَدْ أَلْقَى طَرَفَيْهِ عَلَى عَاتِقَيْهِ.৩৫৫- ওমৰ ইবনু আবি চালামাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত যে, তেওঁ নবী চল্লাল্লাহু আলাইহি অছাল্লামক উম্মু চালামাহ ৰাদ্বিয়াল্লাহু আনহাৰ ঘৰত এখন মাত্ৰ কাপোৰ পৰিধান কৰি ছালাত আদায় কৰা দেখিছে। তেখেতে (নবী চল্লাল্লাহু আলাইহি অছাল্লামে) সেই কাপোৰৰ উভয় প্ৰান্ত নিজৰ উভয় কান্ধত ৰাখিছিল। (সংশ্লিষ্ট হাদীছসমূহঃ ৩৫৪), (আ.প্ৰ. ৩৪২, ই. ফা.৩৪৮)।
হাদীছ - 356۳۵٦ عُبَيْدُ بْنُ إِسْمَاعِيلَ قَالَ حَدَّثَنَا أَبُو أُسَامَةَ عَنْ هِشَامٍ عَنْ أَبِيهِ أَنَّ عُمَرَ بْنَ أَبِي سَلَمَةَ أَخْبَرَهُ قَالَ رَأَيْتُ رَسُولَ اللهِ صلى الله عليه وسلم يُصَلِّي فِي ثَوْبٍ وَاحِدٍ مُشْتَمِلاً بِهِ فِي بَيْتِ أُمِّ سَلَمَةَ وَاضِعًا طَرَفَيْهِ عَلَى عَاتِقَيْهِ.৩৫৬- ওমৰ ইবনু আবি চালামাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত। তেওঁ কৈছে: মই আল্লাহৰ ৰাছূল চল্লাল্লাহু আলাইহি অছাল্লামক এখন মাত্ৰ পোচাক মেৰিয়াই উম্মু চালামাহ ৰাদ্বিয়াল্লাহু আনহাৰ ঘৰত ছালাত আদায় কৰা দেখিছোঁ, যাৰ প্ৰান্তদ্বয় তেখেতৰ দুই কান্ধৰ ওপৰত ৰাখিছিল। (সংশ্লিষ্ট হাদীছসমূহঃ ৩৫৪; মুছলিম ৪/৫২ হাদীছ নং ৫১৭, আহমাদ ১৬৩৩৫), (আ.প্ৰ.৩৪৩, ই.ফা.৩৫৯)
হাদীছ - 357۳۵۷-إِسْمَاعِيلُ بْنُ أَبِي أُوَيْسٍ قَالَ حَدَّثَنِي مَالِكُ بْنُ أَنَسٍ عَنْ أَبِي النَّضْرِ مَوْلَى عُمَرَ بْنِ عُبَيْدِ اللهِ أَنَّ أَبَا مُرَّةَ مَوْلَى أُمِّ هَانِئٍ بِنْتِ أَبِي طَالِبٍ أَخْبَرَهُ أَنَّهُ سَمِعَ أُمَّ هَانِئٍ بِنْتَ أَبِي طَالِبٍ تَقُولُ ذَهَبْتُ إِلَى رَسُولِ اللهِ عَامَ الْفَتْحِ فَوَجَدْتُهُ يَغْتَسِلُ وَفَاطِمَةُ ابْنَتُهُ تَسْتُرُهُ قَالَتْ فَسَلَّمْتُ عَلَيْهِ فَقَالَ مَنْ هَذِهِ فَقُلْتُ أَنَا أُمُّ هَانِئٍ بِنْتُ أَبِي طَالِبٍ فَقَالَ مَرْحَبًا بِأُمِّ هَانِئٍ فَلَمَّا فَرَغَ مِنْ غُسْلِهِ قَامَ فَصَلَّى ثَمَانِيَ رَكَعَاتٍ مُلْتَحِفًا فِي ثَوْبٍ وَاحِدٍ فَلَمَّا انْصَرَفَ قُلْتُ يَا رَسُولَ اللهِ صلى الله عليه وسلم زَعَمَ ابْنُ أُمِّي أَنَّهُ قَاتِلٌ رَجُلاً قَدْ أَجَرْتُهُ فُلاَنَ ابْنَ هُبَيْرَةَ فَقَالَ رَسُولُ اللهِ صلى الله عليه وسلم قَدْ أَجَرْنَا مَنْ أَجَرْتِ يَا أُمَّ هَانِئٍ قَالَتْ أُمُّ هَانِئٍ وَذَاكَ ضُحًى.৩৫৭- উম্মু হানী বিনতু আবি ত্বালিব ৰাদ্বিয়াল্লাহু আনহাই কৈছে: মই মাক্কাহ বিজয়ৰ বছৰ আল্লাহৰ ৰাছূল চল্লাল্লাহু আলাইহি অছাল্লামৰ কাষলৈ গৈ দেখিলোঁ যে, তেখেতে গোছল কৰি আছে আৰু তেখেতৰ জীয়েক ফাতিমা ৰাদ্বিয়াল্লাহু আনহাই তেওঁক আঁৰ কৰি ৰাখিছে। তেওঁ কলে: মই তেখেতক চালাম প্ৰদান কৰিলোঁ। তেখেতে জানিবলৈ বিচাৰিলে: এওঁ কোন? মই কলো: মই উম্মু হানী বিনতু আবি ত্বালিব! তেখেতে কলে: মাৰহাবা, হে উম্মু হানী! গোছল শেষ কৰি তেখেতে এখন কাপোৰ মেৰিয়াই আঠ ৰাকাত ছালাত আদায় কৰিলে। ছালাত সম্পন্ন কৰাৰ পিছত তেখেতক মই কলো: হে আল্লাহৰ ৰাছূল! মোৰ সহোদৰ ভাই [আলি ইবনু আবি ত্বালিব ৰাদ্বিয়াল্লাহু আনহুৱে] এজন ব্যক্তিক হত্যা কৰিব বিচাৰে, অথচ মই তাক আশ্ৰয় দিছোঁ। সেই ব্যক্তিজন হুবায়ৰাৰ পুত্ৰ অমূক। তেতিয়া আল্লাহৰ ৰাছূল চল্লাল্লাহু আলাইহি অছাল্লামে কলে: হে উম্মু হানী! তুমি যাক নিৰাপত্তা দিছা, ময়ো তাক নিৰাপত্তা দিলোঁ! উম্মু হানী ৰাদ্বিয়াল্লাহু আনহাই কৈছে: এই সময় আছিল চাশ্বতৰ ওৱাক্ত। (সংশ্লিষ্ট হাদীছসমূহঃ ২৮০; মুছলিম ৩/১৬, হাদীছ নং ৩৩৬, আহমাদ ২৬৯৭৩), (আ.প্ৰ.৩৪৪, ই. ফা. ৩৫০)।
হাদীছ - 358۳۵۸=عَبْدُ اللهِ بْنُ يُوسُفَ قَالَ أَخْبَرَنَا مَالِكٌ عَنْ ابْنِ شِهَابٍ عَنْ سَعِيدِ بْنِ الْمُسَيَّبِ عَنْ أَبِي هُرَيْرَةَ أَنَّ سَائِلاً سَأَلَ رَسُولَ اللهِ صلى الله عليه وسلم عَنْ الصَّلاَةِ فِي ثَوْبٍ وَاحِدٍ فَقَالَ رَسُولُ اللهِ صلى الله عليه وسلم أَوَلِكُلِّكُمْ ثَوْبَانِ.৩৫৮- আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ দ্বাৰা বৰ্ণিত। এজন ব্যক্তিয়ে আল্লাহৰ ৰাছূল চল্লাল্লাহু আলাইহি অছাল্লামক এখন কাপোৰেৰে ছালাত আদায় কৰা মাচআলাহ সুধিলে। আল্লাহৰ ৰাছূল চল্লাল্লাহু আলাইহি অছাল্লামে উত্তৰত কলে: তোমালোকৰ প্ৰত্যেকৰে জানো দুখনকৈ কাপোৰ আছে? (সংশ্লিষ্ট হাদীছসমূহঃ ৩৬৫; মুছলিম ৪/৫২, হাদীছসমূহ ৫১৫, আহমাদ ৭১৫২), (আ.প্ৰ.৩৪৫, ই.ফা. ৩৫১)।
পৰিচ্ছেদঃ নং ৫, কোনোবাই এখন কাপোৰেৰে ছালাত আদায় কৰিলে তেওঁ যেন উভয় কান্ধৰ ওপৰত (কিছু অংশ) ৰাখেহাদীছ - 359۳۵۹- أَبُو عَاصِمٍ عَنْ مَالِكٍ عَنْ أَبِي الزِّنَادِ عَنْ عَبْدِ الرَّحْمَنِ الْأَعْرَجِ عَنْ أَبِي هُرَيْرَةَ قَالَ قَالَ النَّبِيُّ لاَ يُصَلِّي أَحَدُكُمْ فِي الثَّوْبِ الْوَاحِدِ لَيْسَ عَلَى عَاتِقَيْهِ شَيْءٌ.৩৫৯- আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ দ্বাৰা বৰ্ণিত। তেখেতে কৈছে: আল্লাহৰ ৰাছূল চল্লাল্লাহু আলাইহি অছাল্লামে কৈছে: তোমালোকৰ কোনোৱে যাতে এখন কাপোৰ পিন্ধি এনেদৰে ছালাত আদায় নকৰে যে, তেওঁৰ উভয় কান্ধত ইয়াৰ কোনো অংশ নাই। (সংশ্লিষ্ট হাদীছসমূহঃ ৩৬০; মুছলিম ৪/৫২, হাদীছসমূহ ৫১৬, আহমাদ ৭৩১১), ( আ. প্ৰ. ৩৪৬, ই.ফা. ৩৫২)।
হাদীছ - 360۳٦۰- أَبُو نُعَيْمٍ قَالَ حَدَّثَنَا شَيْبَانُ عَنْ يَحْيَى بْنِ أَبِي كَثِيرٍ عَنْ عِكْرِمَةَ قَالَ سَمِعْتُهُ أَوْ كُنْتُ سَأَلْتُهُ قَالَ سَمِعْتُ أَبَا هُرَيْرَةَ يَقُولُ أَشْهَدُ أَنِّي سَمِعْتُ رَسُولَ اللهِ صلى الله عليه وسلم يَقُولُ مَنْ صَلَّى فِي ثَوْبٍ وَاحِدٍ فَلْيُخَالِفْ بَيْنَ طَرَفَيْهِ.৩৬০- আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ দ্বাৰা বৰ্ণিত। তেখেতে কৈছে: মই সাক্ষী দিওঁ যে, মই আল্লাহৰ ৰাছূল চল্লাল্লাহু আলাইহি অছাল্লামক কোৱা শুনিছো: যি ব্যক্তিয়ে এখন কাপোৰেৰে ছালাত আদায় কৰে, তেওঁ যেন কাপোৰৰ দুয়ো প্ৰান্ত বিপৰীত দিশে ৰাখে। (সংশ্লিষ্ট হাদীছসমূহ ৩৫৯), ( আ.প্ৰ.৩৪৭, ই.ফা. ৩৫৩)।
পৰিচ্ছেদঃ নং ৬, যদি কাপোৰ সংকীৰ্ণ হয়।হাদীছ - 361۳٦۱- يَحْيَى بْنُ صَالِحٍ قَالَ حَدَّثَنَا فُلَيْحُ بْنُ سُلَيْمَانَ عَنْ سَعِيدِ بْنِ الْحَارِثِ قَالَ سَأَلْنَا جَابِرَ بْنَ عَبْدِ اللهِ عَنْ الصَّلاَةِ فِي الثَّوْبِ الْوَاحِدِ فَقَالَ خَرَجْتُ مَعَ النَّبِيِّ صلى الله عليه وسلم فِي بَعْضِ أَسْفَارِهِ فَجِئْتُ لَيْلَةً لِبَعْضِ أَمْرِي فَوَجَدْتُهُ يُصَلِّي وَعَلَيَّ ثَوْبٌ وَاحِدٌ فَاشْتَمَلْتُ بِهِ وَصَلَّيْتُ إِلَى جَانِبِهِ فَلَمَّا انْصَرَفَ قَالَ مَا السُّرَى يَا جَابِرُ فَأَخْبَرْتُهُ بِحَاجَتِي فَلَمَّا فَرَغْتُ قَالَ مَا هَذَا الِاشْتِمَالُ الَّذِي رَأَيْتُ قُلْتُ كَانَ ثَوْبٌ يَعْنِي ضَاقَ قَالَ فَإِنْ كَانَ وَاسِعًا فَالْتَحِفْ بِهِ وَإِنْ كَانَ ضَيِّقًا فَاتَّزِرْ بِهِ.৩৬১- ছা'ঈদ ইবনু হাৰিছ ৰাহিমাহুল্লাহৰ দ্বাৰা বৰ্ণিত। তেখেতে কৈছে: আমি জাবিৰ ইবনু আব্দিল্লাহ ৰাদ্বিয়াল্লাহু আনহুক এখন কাপোৰৰে ছালাত আদায় কৰা সম্পৰ্কে প্ৰশ্ন কৰিলো। তেখেতে কলে, মই নবী চল্লাল্লাহু আলাইহি অছাল্লামৰ সৈতে কোনো এটা ভ্ৰমণত ওলাইছিলো। এদিনা নিশা মই কিবা প্ৰয়োজনত তেখেতৰ কাষলৈ গলো। দেখিবলৈ পালোঁ তেখেত ছালাতৰ অৱস্থাত আছে। তেতিয়া মোৰ শৰীৰত মাত্ৰ এখন কাপোৰহে আছিল। মই কাপোৰটোৰে শৰীৰ মেৰিয়াই ললো আৰু তেখেতৰ কাষত ছালাতত থিয় হলো। তেখেতে ছালাত শেষ কৰি প্ৰশ্ন কৰিলে: হে জাবিৰ! নিশাৰ সময়ত অহাৰ কাৰণ কি? তেতিয়া মই তেখেতক মোৰ প্ৰয়োজনৰ কথা জনালোঁ। মোৰ কাম শেষ হোৱাত তেখেতে কলে: এয়া কেনেকৈ মেৰিওৱা অৱস্থাত তোমাক দেখিলোঁ? মই কলো, কাপোৰ এখনেই আছিল (সেয়েহে এনে কৰিছো)। তেখেতে কলে: কাপোৰ যদি ডাঙৰ হয় তেন্তে শৰীৰত মেৰিয়াই পিন্ধিবা। আৰু যদি সৰু হয় তেতিয়া লুঙি হিচাবে ব্যৱহাৰ কৰিবা। (সংশ্লিষ্ট হাদীছসমূহ ৩৫২; মুছলিম ৫৩/১৮, হাদীছ নং ৩০১০), (আ.প্ৰ.৩৪৮, ই. ফা.৩৫৪)।
হাদীছ - 362۳٦۲- مُسَدَّدٌ قَالَ حَدَّثَنَا يَحْيَى عَنْ سُفْيَانَ قَالَ حَدَّثَنِي أَبُو حَازِمٍ عَنْ سَهْلِ بْنِ سَعْدٍ قَالَ كَانَ رِجَالٌ يُصَلُّونَ مَعَ النَّبِيِّ صلى الله عليه وسلم عَاقِدِي أُزْرِهِمْ عَلَى أَعْنَاقِهِمْ كَهَيْئَةِ الصِّبْيَانِ وَيُقَالُ لِلنِّسَاءِ لاَ تَرْفَعْنَ رُءُوسَكُنَّ حَتَّى يَسْتَوِيَ الرِّجَالُ جُلُوسًا.৩৬২- ছাহল ইবনে ছাআদ ৰাদ্বিয়াল্লাহু আনহুৰ দ্বাৰা বৰ্ণিত। তেখেতে কৈছে, মানুহবোৰে শিশুৰ দৰে নিজৰ লুঙী কান্ধত বান্ধি ছালাত আদায় কৰিছিল। আৰু মহিলাসকলৰ প্ৰতি নিৰ্দেশ আছিল যে, তেওঁলোকে যেন পুৰুষসকলে ভালদৰে বহি নোযোৱাৰ পূৰ্বে ছাজদাহৰ পৰা মূৰ নুঠায়। (সংশ্লিষ্ট হাদীছসমূহ ৮১৪, ১২১৫; মুছলিম ৪/২৯, হাদীছ নং ৪৪১, আহমাদ ১৫৫৬২), (আ.প্ৰ. ৩৪৯, ই.ফা. ৩৫৫)।
পৰিচ্ছেদঃ নং ৭, শ্বামী জুব্বা পিন্ধি ছালাত আদায় কৰা।হাচান ৰাহিমাহুল্লাহে কৈছে, মাজুচী (অগ্নিপূজক) সকলে তৈয়াৰ কৰা পোচাকেৰে ছালাত আদায় কৰাত কোনো অসুবিধা নাই। আৰু মা'মাৰ ৰাহিমাহুল্লাহে কৈছে: মই যুহৰী (ৰাহিমাহুল্লাহ)ক য়েমেইন দেশৰ তৈয়াৰী কাপোৰৰে ছালাত আদায় কৰা দেখিছোঁ, যি পেশাবৰ দ্বাৰা ৰঞ্জিত আছিল। আলী ৰাদ্বিয়াল্লাহু আনহুৱে নুধুৱাকৈ নতুন কাপোৰেৰে ছালাত আদায় কৰিছিল।হাদীছ - 363۳٦۳- يَحْيَى قَالَ حَدَّثَنَا أَبُو مُعَاوِيَةَ عَنِ الْأَعْمَشِ عَنْ مُسْلِمٍ عَنْ مَسْرُوقٍ عَنْ مُغِيرَةَ بْنِ شُعْبَةَ قَالَ كُنْتُ مَعَ النَّبِيِّ صلى الله عليه وسلم فِي سَفَرٍ فَقَالَ يَا مُغِيرَةُ خُذْ الْإِدَاوَةَ فَأَخَذْتُهَا فَانْطَلَقَ رَسُولُ اللهِ صلى الله عليه وسلم حَتَّى تَوَارَى عَنِّي فَقَضَى حَاجَتَهُ وَعَلَيْهِ جُبَّةٌ شَأْمِيَّةٌ فَذَهَبَ لِيُخْرِجَ يَدَهُ مِنْ كُمِّهَا فَضَاقَتْ فَأَخْرَجَ يَدَهُ مِنْ أَسْفَلِهَا فَصَبَبْتُ عَلَيْهِ فَتَوَضَّأَ وُضُوءَهُ لِلصَّلاَةِ وَمَسَحَ عَلَى خُفَّيْهِ ثُمَّ صَلَّى.৩৬৩- মুগীৰাহ ইবনু শ্বো'বা ৰাদ্বিয়াল্লাহু আনহুৰ দ্বাৰা বৰ্ণিত। তেখেতে কৈছে: মই কোনো এটা ভ্ৰমণত নবী চল্লাল্লাহু আলাইহি অছাল্লামৰ লগত আছিলো। তেখেতে কলে: হে মুগীৰাহ! পানী পাত্ৰটো লোৱা। মই সেইটো নিলো। তেখেতে মোৰ দৃষ্টিৰ আঁৰত গৈ প্ৰয়োজন পূৰ্ণ কৰিলে। তেতিয়া তেখেতৰ শৰীৰত আছিল চামী জুব্বা। তেখেতে জুব্বাৰ আস্তিনেদি হাত বাহিৰ কৰিবলৈ বিচাৰিলে। কিন্তু আস্তিন সংকীৰ্ণ হোৱাৰ বাবে তেখেতে তলফালেদি হাত বাহিৰ কৰিলে। মই পানী ঢালি দিলোঁ আৰু তেখেতে ছালাতৰ অজুৰ দৰে অজু কৰিলে। আৰু তেখেতৰ উভয় মোজাৰ ওপৰত মচেহ্ কৰিলে আৰু তাৰ পিছত ছালাত আদায় কৰিলে। (সংশ্লিষ্ট হাদীছসমূহঃ ১৮২ ), ( আ.প্ৰ. ৩৫০, ই.ফা. ৩৫৬)।
পৰিচ্ছেদঃ নং ৮, ছালাতত আৰু ইয়াৰ বাহিৰতো উলংঙ্গ হোৱা অপছন্দীয়।হাদীছ - 364۳٦٤- مَطَرُ بْنُ الْفَضْلِ قَالَ حَدَّثَنَا رَوْحٌ قَالَ حَدَّثَنَا زَكَرِيَّاءُ بْنُ إِسْحَاقَ حَدَّثَنَا عَمْرُو بْنُ دِينَارٍ قَالَ سَمِعْتُ جَابِرَ بْنَ عَبْدِ اللهِ يُحَدِّثُ أَنَّ رَسُولَ اللهِ صلى الله عليه وسلم كَانَ يَنْقُلُ مَعَهُمْ الْحِجَارَةَ لِلْكَعْبَةِ وَعَلَيْهِ إِزَارُهُ فَقَالَ لَهُ الْعَبَّاسُ عَمُّهُ يَا ابْنَ أَخِي لَوْ حَلَلْتَ إِزَارَكَ فَجَعَلْتَ عَلَى مَنْكِبَيْكَ دُونَ الْحِجَارَةِ قَالَ فَحَلَّهُ فَجَعَلَهُ عَلَى مَنْكِبَيْهِ فَسَقَطَ مَغْشِيًّا عَلَيْهِ فَمَا رُئِيَ بَعْدَ ذَلِكَ عُرْيَانًا صلى الله عليه وسلم‏ .৩৬৪- জাবিৰ ইবনু আব্দিল্লাহ ৰাদ্বিয়াল্লাহু আনহুৰ দ্বাৰা বৰ্ণিত। তেখেতে কৈছে: আল্লাহৰ ৰাছূল চল্লাল্লাহু আলাইহি অছাল্লামে (নবুওৱতৰ পূৰ্বে) কুৰাইছ সকলৰ সৈতে কা'বাৰ (মেৰামতিৰ) বাবে শিল দাঙি আনিছিল। তেওঁৰ পৰিধানত আছিল লুঙি। তেওঁৰ খুৰা আব্বাছ ৰাদ্বিয়াল্লাহু আনহুৱে তেখেতক কলে: ভতিজা! তুমি লুঙি খুলি কান্ধত পাথৰৰ তলত ৰাখিলে ভাল আছিল। জাবিৰ ৰাদ্বিয়াল্লাহু আনহুৱে কলে: তেখেতে লুঙি খুলি কান্ধত ৰাখিলে আৰু তৎক্ষনাত বেহুঁচ হৈ পৰিল। ইয়াৰ পাছত তেখেতক আৰু কাহানিও নগ্ন অৱস্থাত দেখা নগল। (সংশ্লিষ্ট হাদীছসমূহঃ ১৫৮২, ৩৮২৯; মুছলিম ৩/১৯, হাদীছ নং ৩৪০), (আ.প্ৰ. ৩৫১, ই.ফা.৩৫৭)।
পৰিচ্ছেদঃ নং ৯, কামিজ, পাইজামা, জাঙ্গিয়া আৰু কাবাআ পিন্ধি ছালাত আদায় কৰা।হাদীছ - 365۳٦۵- سُلَيْمَانُ بْنُ حَرْبٍ قَالَ حَدَّثَنَا حَمَّادُ بْنُ زَيْدٍ عَنْ أَيُّوبَ عَنْ مُحَمَّدٍ عَنْ أَبِي هُرَيْرَةَ قَالَ قَامَ رَجُلٌ إِلَى النَّبِيِّ صلى الله عليه وسلم فَسَأَلَهُ عَنْ الصَّلاَةِ فِي الثَّوْبِ الْوَاحِدِ فَقَالَ أَوَكُلُّكُمْ يَجِدُ ثَوْبَيْنِ ثُمَّ سَأَلَ رَجُلٌ عُمَرَ فَقَالَ إِذَا وَسَّعَ اللهُ فَأَوْسِعُوا جَمَعَ رَجُلٌ عَلَيْهِ ثِيَابَهُ صَلَّى رَجُلٌ فِي إِزَارٍ وَرِدَاءٍ فِي إِزَارٍ وَقَمِيصٍ فِي إِزَارٍ وَقَبَاءٍ فِي سَرَاوِيلَ وَرِدَاءٍ فِي سَرَاوِيلَ وَقَمِيصٍ فِي سَرَاوِيلَ وَقَبَاءٍ فِي تُبَّانٍ وَقَبَاءٍ فِي تُبَّانٍ وَقَمِيصٍ قَالَ وَأَحْسِبُهُ قَالَ فِي تُبَّانٍ وَرِدَاءٍ৩৬৫- আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ দ্বাৰা বৰ্ণিত। তেখেতে কৈছে: এজন ব্যক্তিয়ে আল্লাহৰ ৰাছূল চল্লাল্লাহু আলাইহি অছাল্লামৰ কাষত থিয় হৈ এখন কাপোৰৰে ছালাত আদায় কৰাৰ বিষয়ে প্ৰশ্ন কৰিলে। তেখেতে কলে: তোমালোকৰ প্ৰত্যেকৰে ওচৰত দুখনকৈ কাপোৰ আছেনে বাৰু? এনে সময়ত এজন ব্যক্তিয়ে ওমৰ ৰাদ্বিয়াল্লাহু আনহুক প্ৰশ্ন কৰিলে। তেখেতে কলে: আল্লাহে যেতিয়া তোমালোকক সামৰ্থ দিছে তেতিয়া তোমালোকেও নিজৰ সামৰ্থ প্ৰকাশ কৰা। মানুহবোৰে যেন সকলো পোচাক একেলগে পৰিধান কৰে অৰ্থাৎ লুঙি ও চাদৰ, লুঙি ও কামিজ, লুঙি ও কাবা, পাইজামা ও চাদৰ, পাইজামা ও কামিজ, পাইজামা ও কাবা, জাঙ্গিয়া ও কাবা, জাঙ্গিয়া ও কামিজ পিন্ধি ছালাত আদায় কৰে। আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৱে কয় যে: মই ভাবো ওমৰ ৰাদ্বিয়াল্লাহু আনহুৱে জাঙ্গিয়া ও চাদৰৰ কথাও কৈছিল। (সংশ্লিষ্ট হাদীছসমূহঃ ৩৫৮), ( আ.প্ৰ.৩৫২, ই.ফা.৩৫৮)।
হাদীছ - 366۳٦٦- عَاصِمُ بْنُ عَلِيٍّ قَالَ حَدَّثَنَا ابْنُ أَبِي ذِئْبٍ عَنْ الزُّهْرِيِّ عَنْ سَالِمٍ عَنْ ابْنِ عُمَرَ قَالَ سَأَلَ رَجُلٌ رَسُولَ اللهِ صلى الله عليه وسلم فَقَالَ مَا يَلْبَسُ الْمُحْرِمُ فَقَالَ لاَ يَلْبَسُ الْقَمِيصَ وَلاَ السَّرَاوِيلَ وَلاَ الْبُرْنُسَ وَلاَ ثَوْبًا مَسَّهُ الزَّعْفَرَانُ وَلاَ وَرْسٌ فَمَنْ لَمْ يَجِدْ النَّعْلَيْنِ فَلْيَلْبَسْ الْخُفَّيْنِ وَلْيَقْطَعْهُمَا حَتَّى يَكُونَا أَسْفَلَ مِنَ الْكَعْبَيْنِ وَعَنْ نَافِعٍ عَنْ ابْنِ عُمَرَ عَنِ النَّبِيِّ صلى الله عليه وسلم مِثْلَهُ.৩৬৬- ইবনু ওমৰ ৰাদ্বিয়াল্লাহু আনহুৰ দ্বাৰা বৰ্ণিত। তেখেতে কৈছে, এজন ব্যক্তিয়ে আল্লাহৰ ৰাছূল চল্লাল্লাহু আলাইহি অছাল্লামক প্ৰশ্ন কৰিলে: ইহৰামকাৰীয়ে কি পৰিধান কৰিব? তেখেতে কলে: তেওঁ কামিজ নিপিন্ধিব, পাইজামা নিপিন্ধিব, টুপী নিপিন্ধিব, যাফৰান বা অৰছ্ ৰঙেৰে ৰঞ্জিত কাপোৰ নিপিন্ধিব। আৰু জুতা নাপালে মুজা পিন্ধিব। কিন্তু সেয়া কৰ্তন কৰি ভৰিৰ সৰু গাঠিৰ তল পৰ্য্যন্ত পিন্ধিব। নাফে' (ৰাহিমাহুল্লাহে), ইবনু ওমৰ ৰাদ্বিয়াল্লাহু আনহুৰ সুত্ৰত নবী চল্লাল্লাহু আলাইহি অছাল্লামৰ পৰা অনুৰূপ বৰ্ণনা কৰিছে। (সংশ্লিষ্ট হাদীছসমূহঃ ১৩৪), (আ.প্ৰ.৩৫৩ , ই.ফা.৩৫৯)
পৰিচ্ছেদঃ নং ১০, লজ্জাস্হান আবৃত কৰা।হাদীছ - 367۳٦۷- قُتَيْبَةُ بْنُ سَعِيدٍ قَالَ حَدَّثَنَا لَيْثٌ عَنْ ابْنِ شِهَابٍ عَنْ عُبَيْدِ اللهِ بْنِ عَبْدِ اللهِ بْنِ عُتْبَةَ عَنْ أَبِي سَعِيدٍ الْخُدْرِيِّ أَنَّهُ قَالَ نَهَى رَسُولُ اللهِ صلى الله عليه وسلم عَنْ اشْتِمَالِ الصَّمَّاءِ وَأَنْ يَحْتَبِيَ الرَّجُلُ فِي ثَوْبٍ وَاحِدٍ لَيْسَ عَلَى فَرْجِهِ مِنْهُ شَيْءٌ.৩৬৭- আবু ছা'ঈদ আল-খুদৰী ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেখেতে কৈছে: আল্লাহৰ ৰাছূল চল্লাল্লাহু আলাইহি অছাল্লামে ইশ্বতিমালে ছাম্মা [1] আৰু এখন কাপোৰেৰে ইহতিবা [2] কৰিবলৈ নিষেধ কৰিছে। কাৰণ এনে কৰিলে তাৰ লজ্জাস্হানত কাপোৰৰ কোনো অংশ নাথাকে। (সংশ্লিষ্ট হাদীছসমূহঃ ১৯৯১, ২১৪৪, ২১৪৭, ৫৮২০, ৫৮২২, ৬২৮৪), (আ. প্ৰ. ৩৫৪, ই.ফা. ৩৬০)।

[1] ইশ্বতিমালে ছাম্মা = চিদ্ৰ বিহীন কাপোৰেৰে শৰীৰ এনেভাৱে মেৰিওৱা যাতে অঙ্গ প্ৰত্যঙ্গ লৰচৰ কৰাত অসুবিধা হয়।

[2] ইহতিবাহ = সন্মুখৰ দিশত দুই আঠু থিয় কৰি ৰাখি ভৰিৰ পতাৰ ভৰত বহা যাতে লজ্জাস্হান দেখা যোৱাৰ সম্ভাৱনা থাকে ।

হাদীছ - 368۳٦۸- قَبِيصَةُ بْنُ عُقْبَةَ قَالَ حَدَّثَنَا سُفْيَانُ عَنْ أَبِي الزِّنَادِ عَنِ الْأَعْرَجِ عَنْ أَبِي هُرَيْرَةَ قَالَ نَهَى النَّبِيُّ صلى الله عليه وسلم عَنْ بَيْعَتَيْنِ عَنْ اللِّمَاسِ وَالنِّبَاذِ وَأَنْ يَشْتَمِلَ الصَّمَّاءَ وَأَنْ يَحْتَبِيَ الرَّجُلُ فِي ثَوْبٍ وَاحِدٍ.৩৬৮- আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ দ্বাৰা বৰ্ণিত। তেখেতে কৈছে: নবী চল্লাল্লাহু আলাইহি অছাল্লামে দুই ধৰণৰ ক্ৰয় বিক্ৰয় নিষেধ কৰিছে। সেয়া হৈছে লিমাছ [3] আৰু নিবায [4] লগতে ইশ্বতিমালে ছাম্মা আৰু এখন কাপোৰেৰে ইহতিবা কৰিবলৈ নিষেধ কৰিছে। (সংশ্লিষ্ট হাদীছসমূহঃ ৫৮৪, ৫৮৮, ১৯৯৩, ২১৪৫, ২১৪৬, ৫৮১৯, ৫৮২১ দ্ৰষ্টব্য), ( আ.প্ৰ.৩৫৫, ই.ফা.৩৬১)।

[3] লিমাছ = ক্ৰয় বিক্ৰয়ৰ সময়ত ক্ৰেতাই দ্ৰৱ্যটি স্পৰ্শ কৰিলেই ক্ৰয় চুড়ান্ত হৈ যায়।

[4] নিবায = মূল্য নিৰ্ধাৰণৰ সময়ত বিক্ৰেতাই ক্ৰেতাৰ ফালে দ্ৰৱ্যটো দলিয়াই দিলেই বা ক্ৰেতাই দ্ৰৱ্যটোৰ ফালে কংকৰ দলি মাৰিলেই ক্ৰয়-বিক্ৰয় চুড়ান্ত হৈ যায়।
হাদীছ - 369۳٦۹- إِسْحَاقُ قَالَ حَدَّثَنَا يَعْقُوبُ بْنُ إِبْرَاهِيمَ قَالَ حَدَّثَنَا ابْنُ أَخِي ابْنِ شِهَابٍ عَنْ عَمِّهِ قَالَ أَخْبَرَنِي حُمَيْدُ بْنُ عَبْدِ الرَّحْمَنِ بْنِ عَوْفٍ أَنَّ أَبَا هُرَيْرَةَ قَالَ بَعَثَنِي أَبُو بَكْرٍ فِي تِلْكَ الْحَجَّةِ فِي مُؤَذِّنِينَ يَوْمَ النَّحْرِ نُؤَذِّنُ بِمِنًى أَنْ لاَ يَحُجَّ بَعْدَ الْعَامِ مُشْرِكٌ وَلاَ يَطُوفَ بِالْبَيْتِ عُرْيَانٌ قَالَ حُمَيْدُ بْنُ عَبْدِ الرَّحْمَنِ ثُمَّ أَرْدَفَ رَسُولُ اللهِ صلى الله عليه وسلم عَلِيًّا فَأَمَرَهُ أَنْ يُؤَذِّنَ بِبَرَاءَةٌ قَالَ أَبُو هُرَيْرَةَ فَأَذَّنَ مَعَنَا عَلِيٌّ فِي أَهْل مِنًى يَوْمَ النَّحْرِ لاَ يَحُجُّ بَعْدَ الْعَامِ مُشْرِكٌ وَلاَ يَطُوفُ بِالْبَيْتِ عُرْيَانٌ.৩৬৯- আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ দ্বাৰা বৰ্ণিত। তেখেতে কৈছে: মোক আবু বক্কৰ ৰাদ্বিয়াল্লাহু আনহুৱে (যেতিয়া আল্লাহৰ ৰাছূল চল্লাল্লাহু আলাইহি অছাল্লামৰ তৰফৰ পৰা তেখেতক হজ্বৰ আমীৰ বনোৱা হৈছিল) কোৰবানীৰ দিনা ঘোষক সকলৰ সৈতে মিনালৈ এই কথা ঘোষণা কৰিবলৈ পঠাইছিল যে- এই বছৰৰ পৰা কোনো মুশ্বৰিক বাইতুল্লাহত হজ্জ কৰিব নোৱাৰিব। আৰু কোনো উলংগ লোকেও বাইতুল্লাহ তাৱাফ কৰিব নোৱাৰিব। হুমাইদ ইবনু আব্দিৰ ৰহমান ৰাহিমাহুল্লাহে কৈছে: ইয়াৰ পাছত আল্লাহৰ ৰাছূল চল্লাল্লাহু আলাইহি অছাল্লামে আলী ৰাদ্বিয়াল্লাহু আনহুক আবু বক্কৰ ৰাদ্বিয়াল্লাহু আনহুৰ পিছত প্ৰেৰণ কৰে আৰু তেওঁক ছুৰা বাৰাআতৰ প্ৰথম অংশ ঘোষণা কৰিবলৈ নিৰ্দেশ দিয়ে। আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৱে কৈছে: তেতিয়া আমাৰ সৈতে আলী ৰাদ্বিয়াল্লাহু আনহুৱে কোৰবাণীৰ দিনা মিনাত এই ঘোষণা দিলে যে- এই বছৰৰ পিছৰ পৰা আৰু কোনো মুশ্বৰিকে হজ্জ কৰিব নোৱাৰিব তথা কোনো উলংগ ব্যক্তিয়ে তাৱাফ কৰিব নোৱাৰিব। (সংশ্লিষ্ট হাদীছসমূহঃ ১৬২২, ৩১৭৭, ৪৩৬৩, ৪৬৫৫, ৪৬৫৬, ৪৬৫৭), ( আ.প্ৰ.৩৫৬, ই.ফা.৩৬২)।
পৰিচ্ছেদঃ নং ১১, চাদৰ গাত নোলোৱাকৈ ছালাত আদায় কৰা।হাদীছ - 370۳۷۰- عَبْدُ الْعَزِيزِ بْنُ عَبْدِ اللهِ قَالَ حَدَّثَنِي ابْنُ أَبِي الْمَوَالِي عَنْ مُحَمَّدِ بْنِ الْمُنْكَدِرِ قَالَ دَخَلْتُ عَلَى جَابِرِ بْنِ عَبْدِ اللهِ وَهُوَ يُصَلِّي فِي ثَوْبٍ مُلْتَحِفًا بِهِ وَرِدَاؤُهُ مَوْضُوعٌ فَلَمَّا انْصَرَفَ قُلْنَا يَا أَبَا عَبْدِ اللهِ تُصَلِّي وَرِدَاؤُكَ مَوْضُوعٌ قَالَ نَعَمْ أَحْبَبْتُ أَنْ يَرَانِي الْجُهَّالُ مِثْلُكُمْ رَأَيْتُ النَّبِيَّ صلى الله عليه وسلم يُصَلِّي هَكَذَا.৩৭০- মুহাম্মদ ইবনুল মুনকাদিৰ ৰাহিমাহুল্লাহৰ পৰা বৰ্ণিত। তেখেতে কৈছে: মই জাবিৰ ইবনু আব্দিল্লাহ ৰাদ্বিয়াল্লাহু আনহুৰ কাষত গৈ দেখিলোঁ, তেখেতে মাত্ৰ এখন কাপোৰ নিজৰ শৰীৰত মেৰিয়াই ছালাত আদায় কৰিছে অথচ এখন চাদৰ তাত ৰখা আছিল। ছালাতৰ পিছত আমি কলো, হে আবু আব্দিল্লাহ! আপুনি ছালাত আদায় কৰিছে অথচ আপোনাৰ চাদৰ তুলি ৰাখিছে? তেখেতে কলে, হয় তোমালোকৰ দৰে নিৰ্বোধক দেখুৱাবৰ বাবে মই এনে কৰিছোঁ। মই নবী চল্লাল্লাহু আলাইহি অছাল্লামক এনেদৰে ছালাত আদায় কৰা দেখিছোঁ। (সংশ্লিষ্ট হাদীছসমূহঃ ৩৫২), ( আ.প্ৰ. ৩৫৭ , ই.ফা. ৩৬৩)।
পৰিচ্ছেদঃ নং ১২, উৰু সম্পৰ্কে বৰ্ণনা।ইবনু আব্বাছ, জাৰহাদ আৰু মুহাম্মদ ইবনু জাহশ্ব ৰাদ্বিয়াল্লাহু আনহুৱে নবী চল্লাল্লাহু আলাইহি অছাল্লামৰ পৰা বৰ্ণনা কৰিছে যে, উৰু চতৰ(পৰ্দা আৱশ্যকীয় অংশ)ৰ অৰ্ন্তভূক্ত। আৰু আনাছ ৰাদ্বিয়াল্লাহু আনহুৱে কৈছেঃ নবী চল্লাল্লাহু আলাইহি অছাল্লামে তেওঁৰ উৰুৰ পৰা কাপোৰ অনাবৃত কৰিছিল। (আবু আব্দিল্লাহ ইমাম বুখাৰী [ৰাহিমাহুল্লাহে]) কৈছেঃ চনদৰ দিশৰ পৰা আনাছ ৰাদ্বিয়াল্লাহু আনহুৰ হাদীছ অধিক ছহীহ আৰু জাৰহাদ ৰাদ্বিয়াল্লাহু আনহুৰ হাদীছ অধিকত্বম সতৰ্কতামূলক। এই দৰেই আমি (উম্মতৰ মাজৰ) মতবিৰোধসমূহ এৰাব পাৰোঁ। আৰু আবু মুছা ৰাদ্বিয়াল্লাহু আনহুৱে কৈছেঃ উচমান ৰাদ্বিয়াল্লাহু আনহুৰ আগমনত নবী চল্লাল্লাহু আলাইহি অছাল্লামে তেওঁৰ আঁঠু ঢাকি লৈছিল। যায়েদ ইবনু ছাবিত ৰাদ্বিয়াল্লাহু আনহুৱে কৈছেঃ আল্লাহ তাআলাই তেওঁৰ ৰাছূল চল্লাল্লাহু আলাইহি অছাল্লামৰ ওপৰত ওহী নাযিল কৰিছিল এনে অৱস্থাত যেতিয়া তেওঁৰ উৰু আছিল মোৰ উৰুৰ ওপৰত। তেতিয়া তেওঁৰ উৰু ইমান গধুৰ অনুভৱ কৰিছিলো যে, মই আশংকা কৰিছিলো হয়তো মোৰ উৰুৰ হাড় ভাঙি যাব।হাদীছ - 371۳۷۱- يَعْقُوبُ بْنُ إِبْرَاهِيمَ قَالَ حَدَّثَنَا إِسْمَاعِيلُ بْنُ عُلَيَّةَ قَالَ حَدَّثَنَا عَبْدُ الْعَزِيزِ بْنُ صُهَيْبٍ عَنْ أَنَسِ بْنِ مَالِكٍ أَنَّ رَسُولَ اللهِ صلى الله عليه وسلم غَزَا خَيْبَرَ فَصَلَّيْنَا عِنْدَهَا صَلاَةَ الْغَدَاةِ بِغَلَسٍ فَرَكِبَ نَبِيُّ اللهِ وَرَكِبَ أَبُو طَلْحَةَ وَأَنَا رَدِيفُ أَبِي طَلْحَةَ فَأَجْرَى نَبِيُّ اللهِ فِي زُقَاقِ خَيْبَرَ وَإِنَّ رُكْبَتِي لَتَمَسُّ فَخِذَ نَبِيِّ اللهِ ثُمَّ حَسَرَ الْإِزَارَ عَنْ فَخِذِهِ حَتَّى إِنِّي أَنْظُرُ إِلَى بَيَاضِ فَخِذِ نَبِيِّ اللهِ فَلَمَّا دَخَلَ الْقَرْيَةَ قَالَ اللهُ أَكْبَرُ خَرِبَتْ خَيْبَرُ إِنَّا إِذَا نَزَلْنَا بِسَاحَةِ قَوْمٍ فَسَاءَ صَبَاحُ الْمُنْذَرِينَ قَالَهَا ثَلاَثًا قَالَ وَخَرَجَ الْقَوْمُ إِلَى أَعْمَالِهِمْ فَقَالُوا مُحَمَّدٌ قَالَ عَبْدُ الْعَزِيزِ وَقَالَ بَعْضُ أَصْحَابِنَا وَالْخَمِيسُ يَعْنِي الْجَيْشَ قَالَ فَأَصَبْنَاهَا عَنْوَةً فَجُمِعَ السَّبْيُ فَجَاءَ دِحْيَةُ الْكَلْبِيُّفَقَالَ يَا نَبِيَّ اللهِ أَعْطِنِي جَارِيَةً مِنْ السَّبْيِ قَالَ اذْهَبْ فَخُذْ جَارِيَةً فَأَخَذَ صَفِيَّةَ بِنْتَ حُيَيٍّ فَجَاءَ رَجُلٌ إِلَى النَّبِيِّ صلى الله عليه وسلم فَقَالَ يَا نَبِيَّ اللهِ أَعْطَيْتَ دِحْيَةَ صَفِيَّةَ بِنْتَ حُيَيٍّ سَيِّدَةَ قُرَيْظَةَ وَالنَّضِيرِ لاَ تَصْلُحُ إِلاَّ لَكَ قَالَ ادْعُوهُ بِهَا فَجَاءَ بِهَا فَلَمَّا نَظَرَ إِلَيْهَا النَّبِيُّ قَالَ خُذْ جَارِيَةً مِنْ السَّبْيِ غَيْرَهَا قَالَ فَأَعْتَقَهَا النَّبِيُّ وَتَزَوَّجَهَا فَقَالَ لَهُ ثَابِتٌ يَا أَبَا حَمْزَةَ مَا أَصْدَقَهَا قَالَ نَفْسَهَا أَعْتَقَهَا وَتَزَوَّجَهَا حَتَّى إِذَا كَانَ بِالطَّرِيقِ جَهَّزَتْهَا لَهُ أُمُّ سُلَيْمٍ فَأَهْدَتْهَا لَهُ مِنْ اللَّيْلِ فَأَصْبَحَ النَّبِيُّ عَرُوسًا فَقَالَ مَنْ كَانَ عِنْدَهُ شَيْءٌ فَلْيَجِئْ بِهِ وَبَسَطَ نِطَعًا فَجَعَلَ الرَّجُلُ يَجِيءُ بِالتَّمْرِ وَجَعَلَ الرَّجُلُ يَجِيءُ بِالسَّمْنِ قَالَ وَأَحْسِبُهُ قَدْ ذَكَرَ السَّوِيقَ قَالَ فَحَاسُوا حَيْسًا فَكَانَتْ وَلِيمَةَ رَسُولِ اللهِ صلى الله عليه وسلم .৩৭১- আনাছ ইবনু মালিক ৰাদ্বিয়াল্লাহু আনহুৰ দ্বাৰা বৰ্ণিত যে, আল্লাহৰ ৰাছূল চল্লাল্লাহু আলাইহি অছাল্লাম খায়বাৰ অভিযানত যেতিয়া ওলাইছিল। তেতিয়া আমি তাত অতি পুৱতি নিশাতেই ফজৰৰ ছালাত আদায় কৰিছিলোঁ। ইয়াৰ পিছত নবী চল্লাল্লাহু আলাইহি অছাল্লামে আৰোহণ কৰিলে। আবু তালহা ৰাদ্বিয়াল্লাহু আনহুৱেও বাহনৰ পিঠিত আৰোহণ কৰিলে, আৰু মই আবু তালহাৰ পিছত উপবিষ্ট আছিলো। নবী চল্লাল্লাহু আলাইহি অছাল্লামে তেখেতৰ নিজ বাহনক খায়বাৰৰ পথত চালিত কৰিলে। মোৰ আঁঠু নবী চল্লাল্লাহু আলাইহি অছাল্লামৰ উৰুত লাগিছিল। ফলত নবী চল্লাল্লাহু আলাইহি অছাল্লামৰ উৰুৰ পৰা তেখেতৰ লুঙি আঁতৰি গল। আনকি মই নবী চল্লাল্লাহু আলাইহি অছাল্লামৰ উৰুৰ উজ্জ্বলতা দেখিবলৈ পালো, (যিটো এতিয়াও মোৰ চকুৰ আগত জিলিকি আছে)। তেখেতে যেতিয়া নগৰত প্ৰৱেশ কৰিলে তেতিয়া কলে: আল্লাহু আকবৰ! খায়বৰ ধ্বংস হওঁক। আমি যেতিয়া কোনো জাতিৰ প্ৰাঙ্গণত অৱতৰণ কৰো তেতিয়া সতৰ্ককৃত সকলৰ পৰিণতি হব কিমান যে বেয়া হয়! এই কথা তেখেতে তিনিবাৰ উচ্চাৰণ কৰিলে। আনাছ ৰাদ্বিয়াল্লাহু আনহুৱে কৈছেঃ খায়বাৰৰ অধিবাসীসকল নিজৰ কামত ওলাই গৈছিল। সিহঁতে (সৈন্যবাহিনী দেখাৰ লগে লগে) কৈ উঠিল, মুহাম্মদ চল্লাল্লাহু আলাইহি অছাল্লাম! আব্দুল আজিজ ৰাহিমাহুল্লাহে কৈছে: আমাৰ কিছু কিছু সংগীয়ে এইটোও বৰ্ণনা কৰিছে যে, "পূৰ্ণ বাহিনীসহ"(ওৱাল খামীছ) শব্দও যোগ কৰিছে। তাৰ পিছত যুদ্ধৰ মাধ্যমেৰে আমি খায়বৰ জয় কৰিলোঁ। তেতিয়া যুদ্ধবন্দী সকলক সমবেত কৰা হল। দিহয়া ৰাদ্বিয়াল্লাহু আনহুৱে আহি কলে, হে আল্লাহৰ নবী! বন্দীসকলৰ মাজৰ পৰা মোক এগৰাকী দাসী দিয়ক। তেখেতে কলেঃ যোৱা, তুমি এগৰাকী দাসী লৈ যোৱা। তেখেতে চাফিয়্যাহ বিনতে হুয়াই ৰাদ্বিয়াল্লাহু আনহাক নিলে। তেতিয়া এজন ব্যক্তি আহি নবী চল্লাল্লাহু আলাইহি অছাল্লামক কলে: হে আল্লাহৰ নবী! বনু কুৰাইযা আৰু বনু নাযীৰ গোত্ৰৰ অন্যত্বম নেত্ৰী চাফিয়্যাহ বিনতে হুয়াইক আপুনি দিহয়াক দিছে? তেওঁ একমাত্র আপোনাৰহে যোগ্য! তেখেতে কলে: দিহয়াক চাফিয়্যাহসহ মাতি আনাগৈ। তেওঁ চাফিয়্যাহসহ উপস্থিত হল। যেতিয়া নবী চল্লাল্লাহু আলাইহি অছাল্লামে চাফিয়্যাহ ৰাদ্বিয়াল্লাহু আনহাক দেখিলে, তেতিয়া (দিহয়াক) কলে: তুমি বন্দীসকলৰ মাজৰ পৰা আন এগৰাকী দাসী চাই লোৱা। বৰ্ণনাকাৰীয়ে কৈছে, নবী চল্লাল্লাহু আলাইহি অছাল্লামে চাফিয়্যাহ ৰাদ্বিয়াল্লাহু আনহাক মুক্ত কৰি দিলে আৰু তেখেতৰ লগত বিয়া পাতিলে। ৰাবী ছাবিত ৰাহিমাহুল্লাহে আবু হামজা (আনাছ) ৰাদ্বিয়াল্লাহু আনহুক প্ৰশ্ন কৰিলে যে, নবী চল্লাল্লাহু আলাইহি অছাল্লামে তেওঁক মোহৰ হিচাপে কি দিছিল? আনাছ ৰাদ্বিয়াল্লাহু আনহুৱে উত্তৰ দিলে: তেওঁক মুক্ত কৰাই আছিল তেওঁৰ বাবে দেনমোহৰ। ইয়াৰ বিনিময়ত তেখেতে তেওঁক বিয়া কৰাইছিল। ইয়াৰ পিছত বাটতে উম্মু ছুলাইম ৰাদ্বিয়াল্লাহু আনহাই চাফিয়্যাহ ৰাদ্বিয়াল্লাহু আনহাক সুসজ্জিত কৰি ৰাতি আল্লাহৰ ৰাছূল চল্লাল্লাহু আলাইহি অছাল্লামৰ খিদমতত পেচ কৰিছিল। নবী চল্লাল্লাহু আলাইহি অছাল্লামে ফুলসয্যা নিশা যাপন কৰি পুৱতি নিশা উঠিলে। তেখেতে ঘোষণা দিলে যে, যাৰ ওচৰত যি খোৱাৰ সামগ্ৰী আছে তেওঁ যেন সেয়া লৈ উপস্থিত হয়। এই বুলি কৈ তেখেতে এখন চামৰাৰ দস্তাৰখান পাৰিলে। কোনোবাই খেজুৰ লৈ আহিল, কোনোবাই আকৌ ঘিউ আনিলে। আব্দুল আজিজ ৰাহিমাহুল্লাহে কৈছে: মই ভাবো আনাছ ৰাদ্বিয়াল্লাহু আনহুৱে চাতুৰ কথাও উল্লেখ কৰিছে। ইয়াৰ পাছত তেওঁলোকে এইবোৰ মিহলাই খাদ্য প্ৰস্তুত কৰিলে। এইটোৱে আছিল ৰাছূল চল্লাল্লাহু আলাইহি অছাল্লামৰ অলিমাহ। (সংশ্লিষ্ট হাদীছসমূহঃ ৬১০, ৯৪৭, ২২২৮, ২২৩৫, ২৮৮৯, ২৮৯৩, ২৯৪৩, ২৯৪৪, ২৯৪৫, ২৯৯১, ৩০৮৫, ৩০৮৬, ৩৩৬৭, ৩৬৪৭, ৪০৮৩, ৪০৮৪, ৪১৯৭, ৪১৯৮, ৪১৯৯, ৪২০০, ৪২০১, ৪২১১, ৪২১২, ৪২১৩, ৫০৮৫, ৫১৫৯, ৫১৬৯, ৫৩৮৭, ৫৪২৫, ৫৫২৮, ৫৯৬৮, ৬১৮৫, ৬৩৬৩, ৬৩৬৯, ৭৩৩৩ মুছলিম ১৫/৮৫ হাদীছ নং ১৩৬৫, আহমাদ ১২৬১২ দ্ৰষ্টব্য ),( আ.প্ৰ. ৩৫৮, ই.ফা.৩৬৪)।
পৰিচ্ছেদঃ নং ১৩, নাৰীসকলে ছালাত আদায় কৰোঁতে কেইখন কাপোৰ পিন্ধিব?ইকৰিমাহ ৰাহিমাহুল্লাহে কৈছে: যদি এখন কাপোৰেৰে মহিলাৰ সমস্ত শৰীৰ ঢাকি যায়, তেন্তে সেইটোৰেই ছালাত আদায় কৰিব পাৰিব।হাদীছ - 372۳۷۲- حدثنا أَبُو الْيَمَانِ قَالَ أَخْبَرَنَا شُعَيْبٌ عَنْ الزُّهْرِيِّ قَالَ أَخْبَرَنِي عُرْوَةُ أَنَّ عَائِشَةَ قَالَتْ لَقَدْ كَانَ رَسُولُ اللهِ صلى الله عليه وسلم يُصَلِّي الْفَجْرَ فَيَشْهَدُ مَعَهُ نِسَاءٌ مِنَ الْمُؤْمِنَاتِ مُتَلَفِّعَاتٍ فِي مُرُوطِهِنَّ ثُمَّ يَرْجِعْنَ إِلَى بُيُوتِهِنَّ مَا يَعْرِفُهُنَّ أَحَدٌ.৩৭২- আইশ্বাহ ৰাদ্বিয়াল্লাহু আনহাৰ দ্বাৰা বৰ্ণিত। তেখেতে কৈছে: আল্লাহৰ ৰাছূল চল্লাল্লাহু আলাইহি অছাল্লামে ফজৰৰ ছালাত আদায় কৰিছিল আৰু তেখেতৰ সৈতে বহুতো মুমিনা মহিলাসকলে চাদৰেৰে শৰীৰ ঢাকি যোগদান কৰিছিল। ইয়াৰ পাছত (ছালাত সম্পন্ন কৰাৰ পাছত) তেওঁলোকে নিজ ঘৰলৈ ঘূৰি গৈছিল আৰু তেওঁলোকক কোনেও চিনিব পৰা নাছিল। (সংশ্লিষ্ট হাদীছসমূহঃ ৫৭৮, ৮৬৭, ৮৭২, মুছলিম ৫/৪০, হাদীছ নং ৬৪৫, আহমাদ ২৪১০৬),(আ.প্ৰ.৩৫৯, ই.ফা.৩৬৫ )।
পৰিচ্ছেদঃ নং ১৪, এম্বটাৰিযুক্ত (ডিজাইনযুক্ত) কাপোৰেৰে ছালাত আদায় কৰা আৰু সেই এম্বটাৰিত দৃষ্টি পৰা।হাদীছ - 373۳۷۳- أَحْمَدُ بْنُ يُونُسَ قَالَ حَدَّثَنَا إِبْرَاهِيمُ بْنُ سَعْدٍ قَالَ حَدَّثَنَا ابْنُ شِهَابٍ عَنْ عُرْوَةَ عَنْ عَائِشَةَ أَنَّ النَّبِيَّ صَلَّى فِي خَمِيصَةٍ لَهَا أَعْلاَمٌ فَنَظَرَ إِلَى أَعْلاَمِهَا نَظْرَةً فَلَمَّا انْصَرَفَ قَالَ اذْهَبُوا بِخَمِيصَتِي هَذِهِ إِلَى أَبِي جَهْمٍ وَأْتُونِي بِأَنْبِجَانِيَّةِ أَبِي جَهْمٍ فَإِنَّهَا أَلْهَتْنِي آنِفًا عَنْ صَلاَتِي وَقَالَ هِشَامُ بْنُ عُرْوَةَ عَنْ أَبِيهِ عَنْ عَائِشَةَ قَالَ النَّبِيُّ كُنْتُ أَنْظُرُ إِلَى عَلَمِهَا وَأَنَا فِي الصَّلاَةِ فَأَخَافُ أَنْ تَفْتِنَنِي.৩৭৩- আইশ্বাহ ৰাদ্বিয়াল্লাহু আনহাৰ দ্বাৰা বৰ্ণিত। তেখেতে কৈছে: আল্লাহৰ ৰাছূল চল্লাল্লাহু আলাইহি অছাল্লামে এবাৰ এখন এম্বটাৰিযুক্ত চাদৰ গাত লৈ ছালাত আদায় কৰিলে। আৰু ছালাতত সেই চাদৰৰ ডিজাইনৰ প্ৰতি তেখেতৰ দৃষ্টি পৰিল। ছালাতৰ শেষত তেখেতে কলে: এই চাদৰখন আবু জাহমৰ কাষলৈ লৈ যোৱা, আৰু তেখেতৰ পৰা আমবিজানিয়্যাহ (কাৰুকাৰ্য্য বিহীন ডাঠ চাদৰ) লৈ আহাগৈ। এইটোৱে মোক ছালাতৰ পৰা অমনোযোগী কৰি দিছিল। হিচাম ইবনু উৰুৱাহ ৰাহিমাহুল্লাহে তেওঁৰ পিতৃৰ পৰা আৰু তেখেতে আইশ্বাহ ৰাদ্বিয়াল্লাহু আনহাৰ পৰা বৰ্ণনা কৰিছে যে, নবী চল্লাল্লাহু আলাইহি অছাল্লামে কৈছে: মই ছালাত আদায় কৰা সময়ত ইয়াৰ কাৰুকাৰ্য্যৰ প্ৰতি চাই আছিলো। তেতিয়াই মই আশংকা কৰিছিলো যে, ই মোক ফিতনাত পেলাই দিব পাৰে। (সংশ্লিষ্ট হাদীছসমূহঃ ৭৫২, ৫৮১৭; মুছলিম ৫/১৫ হাদীছ নং ৫৫৬, আহমাদ ২৪১৪২), (আ.প্ৰ. ৩৬০, ই.ফা. ৩৬৬)।
পৰিচ্ছেদঃ নং ১৫, ক্ৰুচ চিহ্ন অথবা ছবিযুক্ত কাপোৰেৰে ছালাত আদায় কৰিলে বাতিল হবনে নাই, আৰু এই সম্পৰ্কে নিষেধাজ্ঞা।হাদীছ - 374۳۷٤- أَبُو مَعْمَرٍ عَبْدُ اللهِ بْنُ عَمْرٍو قَالَ حَدَّثَنَا عَبْدُ الْوَارِثِ قَالَ حَدَّثَنَا عَبْدُ الْعَزِيزِ بْنُ صُهَيْبٍ عَنْ أَنَسِ بْنِ مَالِكٍ كَانَ قِرَامٌ لِعَائِشَةَ سَتَرَتْ بِهِ جَانِبَ بَيْتِهَا فَقَالَ النَّبِيُّ أَمِيطِي عَنَّا قِرَامَكِ هَذَا فَإِنَّهُ لاَ تَزَالُ تَصَاوِيرُهُ تَعْرِضُ فِي صَلاَتِي.৩৭৪- আনাছ ৰাদ্বিয়াল্লাহু আনহুৰ দ্বাৰা বৰ্ণিত। আইশ্বাহ ৰাদ্বিয়াল্লাহু আনহাৰ লগত এখন বিচিত্ৰ ৰঙৰ পাতল কাপোৰ আছিল। তেখেতে সেইখন ঘৰৰ এফালে পৰ্দা হিচাবে ব্যৱহাৰ কৰিছিল। নবী চল্লাল্লাহু আলাইহি অছাল্লামে কলে: মোৰ সন্মুখৰ পৰা তোমাৰ এই পৰ্দাখন আঁতৰাই নিয়া। কিয়নো ছালাত আদায়ৰ সময়ত এই ছবিবোৰ মোৰ সন্মুখত ভাঁহি উঠে। (সংশ্লিষ্ট হাদীছসমূহঃ ৫৯৫৯ দ্ৰষ্টব্য) (আ.প্ৰ. ৩৬১ , ই.ফা. ৩৬৭)
পৰিচ্ছেদঃ নং ১৬, ৰেচমী জোব্বা পিন্ধি ছালাত আদায় কৰা আৰু পাছত সেয়া খুলি দিয়া।হাদীছ - 375۳۷۵- عَبْدُ اللهِ بْنُ يُوسُفَ قَالَ حَدَّثَنَا اللَّيْثُ عَنْ يَزِيدَ بْنِ أَبِي حَبِيبٍ عَنْ أَبِي الْخَيْرِ عَنْ عُقْبَةَ بْنِ عَامِرٍ قَالَ أُهْدِيَ إِلَى النَّبِيِّ صلى الله عليه وسلم فَرُّوجُ حَرِيرٍ فَلَبِسَهُ فَصَلَّى فِيهِ ثُمَّ انْصَرَفَ فَنَزَعَهُ نَزْعًا شَدِيدًا كَالْكَارِهِ لَهُ وَقَالَ لاَ يَنْبَغِي هَذَا لِلْمُتَّقِينَ.৩৭৫- উকবাহ ইবনু আমিৰ ৰাদ্বিয়াল্লাহু আনহুৰ দ্বাৰা বৰ্ণিত। তেখেতে কৈছে: নবী চল্লাল্লাহু আলাইহি অছাল্লামক এটা ৰেচমী জুব্বা হাদিয়া হিচাবত দিয়া হৈছিল। তেখেতে সেইটো পৰিধান কৰি ছালাত আদায় কৰিলে। কিন্তু ছালাত শেষ হোৱাৰ লগে লগে অনতিপলমে সেইটো তেখেতে খুলি পেলালে, যেনিবা তেখেতে সেইটো পিন্ধা অপছন্দ কৰিছিল। ইয়াৰ পিছত তেখেতে কলে: মুত্তাক্বীসকলৰ বাবে এই পোচাক সমীচিন নহয়। (সংশ্লিষ্ট হাদীছসমূহঃ ৫৮০১; মুছলিম ৩৭/২, হাদীছ নং ২০৭৫, আহমাদ ১৭৩৪৮ দ্ৰষ্টব্য), (আ.প্ৰ.৩৬২, ই.ফা. ৩৬৮)।
পৰিচ্ছেদঃ নং ১৭, ৰঙা কাপোৰ পিন্ধি ছালাত আদায় কৰা।হাদীছ - 376۳۷٦- مُحَمَّدُ بْنُ عَرْعَرَةَ قَالَ حَدَّثَنِي عُمَرُ بْنُ أَبِي زَائِدَةَ عَنْ عَوْنِ بْنِ أَبِي جُحَيْفَةَ عَنْ أَبِيهِ قَالَ رَأَيْتُ رَسُولَ اللهِ صلى الله عليه وسلم فِي قُبَّةٍ حَمْرَاءَ مِنْ أَدَمٍ وَرَأَيْتُ بِلَالاً أَخَذَ وَضُوءَ رَسُولِ اللهِ وَرَأَيْتُ النَّاسَ يَبْتَدِرُونَ ذَاكَ الْوَضُوءَ فَمَنْ أَصَابَ مِنْهُ شَيْئًا تَمَسَّحَ بِهِ وَمَنْ لَمْ يُصِبْ مِنْهُ شَيْئًا أَخَذَ مِنْ بَلَلِ يَدِ صَاحِبِهِ ثُمَّ رَأَيْتُ بِلَالاً أَخَذَ عَنَزَةً فَرَكَزَهَا وَخَرَجَ النَّبِيُّ فِي حُلَّةٍ حَمْرَاءَ مُشَمِّرًا صَلَّى إِلَى الْعَنَزَةِ بِالنَّاسِ رَكْعَتَيْنِ وَرَأَيْتُ النَّاسَ وَالدَّوَابَّ يَمُرُّونَ مِنْ بَيْنِ يَدَيْ الْعَنَزَةِ.৩৭৬- আবু জুহাইফাহ ৰাদ্বিয়াল্লাহু আনহুৰ দ্বাৰা বৰ্ণিত। তেখেতে কৈছে, মই আল্লাহৰ ৰাছূল চল্লাল্লাহু আলাইহি অছাল্লামক চামৰাৰ এটি ৰঙা তাবুতত দেখিলোঁ আৰু তেওঁৰ বাবে অজুৰ পানী লৈ বিলাল ৰাদ্বিয়াল্লাহু আনহুক উপস্থিত হোৱা দেখিলোঁ। আৰু মানুহবোৰে তেওঁৰ অজুৰ পানীৰ বাবে প্ৰতিযোগিতা কৰিছে। কোনোবাই সামান্য পানী পোৱাৰ মাত্ৰেই তাকে লৈ শৰীৰ মচি লৈছে। আৰু যিয়ে পোৱা নাই তেওঁ সঙ্গী সকলৰ তিতা হাত স্পৰ্শ কৰি তাকেই শৰীৰত মচি লৈছে। এনেতে বিলাল ৰাদ্বিয়াল্লাহু আনহুৱে ৰাছূলুল্লাহ চল্লাল্লাহু আলাইহি অছাল্লামৰ এখন লৌহফলক যুক্ত লাখুটি লৈ আহি সেটো মাটিত পুতি দিলে। নবী চল্লাল্লাহু আলাইহি অছাল্লামে এটা ৰঙা পোছাক পিন্ধি বাহিৰ হল, তেখেতৰ কাপোৰ কিঞ্চিত ওখ কৰি পিন্ধা আছিল। সেই লাখুটি ডালক ছুতৰা হিচাপে ব্যৱহাৰ কৰি মানুহবোৰক লৈ দুই ৰাকাত ছালাত আদায় কৰিলে। মই দেখিলো মানুহ আৰু জীৱ-জন্তুবোৰে সেই লাখুটিডালৰ বাহিৰে চলা-ফুৰা কৰি আছিল।
পৰিচ্ছেদঃ নং ১৮, চাদ, মিম্বৰ আৰু কাঠৰ ওপৰত ছালাত আদায় কৰা।আবু আব্দিল্লাহ (ইমাম বুখাৰী) ৰাহিমাহুল্লাহে কৈছে: হাছান বাচৰী ৰাহিমাহুল্লাহে বৰফ আৰু পুলৰ ওপৰত ছালাত আদায় কৰাটো দুষনীয় বুলি গণ্য কৰা নাছিল, যদিও তাৰ তলেদি, ওপৰেদি বা কাষেদি প্ৰস্ৰাব প্ৰবাহিত হয়, যদি উভয়ৰ মাজত কিছু ব্যৱধান থাকে। আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৱে মছজিদৰ চাদত ইমামৰ সৈতে ছালাত আদায় কৰিছিল। ওমৰ ৰাদ্বিয়াল্লাহু আনহুৱে বৰফৰ ওপৰত ছালাত আদায় কৰিছিল।হাদীছ - 377۳۷۷- عَلِيُّ بْنُ عَبْدِ اللهِ قَالَ حَدَّثَنَا سُفْيَانُ قَالَ حَدَّثَنَا أَبُو حَازِمٍ قَالَ سَأَلُوا سَهْلَ بْنَ سَعْدٍ مِنْ أَيِّ شَيْءٍ الْمِنْبَرُ فَقَالَ مَا بَقِيَ بِالنَّاسِ أَعْلَمُ مِنِّي هُوَ مِنْ أَثْلِ الْغَابَةِ عَمِلَهُ فُلاَنٌ مَوْلَى فُلاَنَةَ لِرَسُولِ اللهِ وَقَامَ عَلَيْهِ رَسُولُ اللهِ صلى الله عليه وسلم حِينَ عُمِلَ وَوُضِعَ فَاسْتَقْبَلَ الْقِبْلَةَ كَبَّرَ وَقَامَ النَّاسُ خَلْفَهُ فَقَرَأَ وَرَكَعَ وَرَكَعَ النَّاسُ خَلْفَهُ ثُمَّ رَفَعَ رَأْسَهُ ثُمَّ رَجَعَ الْقَهْقَرَى فَسَجَدَ عَلَى الْأَرْضِ ثُمَّ عَادَ إِلَى الْمِنْبَرِ ثُمَّ رَكَعَ ثُمَّ رَفَعَ رَأْسَهُ ثُمَّ رَجَعَ الْقَهْقَرَى حَتَّى سَجَدَ بِالْأَرْضِ فَهَذَا شَأْنُهُ قَالَ أَبُو عَبْد اللهِ قَالَ عَلِيُّ بْنُ الْمَدِينِيِّ سَأَلَنِي أَحْمَدُ بْنُ حَنْبَلٍ رَحِمَهُ اللهُ عَنْ هَذَا الْحَدِيثِ قَالَ فَإِنَّمَا أَرَدْتُ أَنَّ النَّبِيَّ كَانَ أَعْلَى مِنْ النَّاسِ فَلاَ بَأْسَ أَنْ يَكُونَ الْإِمَامُ أَعْلَى مِنْ النَّاسِ بِهَذَا الْحَدِيثِ قَالَ فَقُلْتُ إِنَّ سُفْيَانَ بْنَ عُيَيْنَةَ كَانَ يُسْأَلُ عَنْ هَذَا كَثِيرًا فَلَمْ تَسْمَعْهُ مِنْهُ قَالَ لاَ.৩৭৭- আবু হাযিম ৰাহিমাহুল্লাহৰ দ্বাৰা বৰ্ণিত যে- মানুহে ছাহল ইবনু ছাআদ ৰাদ্বিয়াল্লাহু আনহুক প্ৰশ্ন কৰিলে (নবী চল্লাল্লাহু আলাইহি অছাল্লামৰ মিম্বৰ) কিহেৰে তৈয়াৰী আছিল? তেখেতে কলে, এই বিষয়ে জীৱিতসকলৰ মাজত মোতকৈ বেছি জ্ঞাত আন কোনো নাই। সেইটো আছিল হাবিৰ ঝাউগছৰ কাঠেৰে তৈৰি। অমুক মহিলাৰ আজাদকৃত দাস অমুক ব্যক্তিয়ে আল্লাহৰ ৰাছূল চল্লাল্লাহু আলাইহি অছাল্লামৰ বাবে তৈয়াৰ কৰিছিল। সেইটো সম্পূৰ্ণকৈ তৈয়াৰ ও স্থাপিত হোৱাৰ পিছত আল্লাহৰ ৰাছূল চল্লাল্লাহু আলাইহি অছাল্লামে তাৰ ওপৰত থিয় হৈ কিব্লাহৰ পিনে মুখ কৰি ত্বাকবীৰ কলে। মানুহসকলে তেওঁৰ পিছত থিয় হৈ গল। ইয়াৰ পিছত তেখেতে কোৰআন পাঠ কৰিলে আৰু ৰুকুলৈ গল। তেখেতৰ পিছফালে থকা লোকসকলেও ৰুকুত গল। ইয়াৰ পিছত তেখেতে মূৰ তুলি পিছলৈ আঁতৰি গৈ মাটিত ছাজদাহ কৰিলে। পুনৰবাৰ মিম্বৰলৈ ঘূৰি আহিল আৰু তাৰ পিছত ৰুকু কৰিলে। ইয়াৰ পিছত তেওঁ মূৰ তুলিলে আৰু পিছলৈ আঁতৰি গৈ মাটিত ছাজদাহ কৰিলে। এয়াই হৈছে মিম্বৰৰ ইতিহাস।
আবু আব্দুল্লাহ (ইমাম বুখাৰী) ৰাহিমাহুল্লাহে কৈছে: আলী ইবনু আব্দিল্লাহ ৰাহিমাহুল্লাহে কৈছে যে, মোক আহমদ ইবনু হাম্বল ৰাহিমাহুল্লাহে এই হাদীছ সম্পৰ্কে প্ৰশ্ন কৰিছিল আৰু কৈছিল: মোৰ ধাৰণা নবী চল্লাল্লাহু আলাইহি অছাল্লামে সবাতোকৈ ওখ স্থানত আছিল। এতেকে ইমামৰ মুক্তাদীতকৈ ওখ স্থানত থিয় হোৱাটো কোনো দুষনীয় নহয়। আলী ইবনু আব্দিল্লাহ ৰাহিমাহুল্লাহে কৈছে: মই আহমদ ইবনু হাম্বল ৰাহিমাহুল্লাহক কলো: চুফিয়ান ইবনু উয়াইনাহ (ৰাহিমাহুল্লাহ)ক এই বিষয়ে বহুবাৰ প্ৰশ্ন কৰা হৈছে, আপুনি তেওঁৰ ওচৰত এই বিষয়ে একো শুনা নাইনে? তেখেতে উত্তৰ দিলে: নহয়। (সংশ্লিষ্ট হাদীছসমূহঃ ৪৪৮, ৯১৭, ২০৯৪, ২৫৬৯; মুছলিম ৫/১০, হাদীছ নং ৫৪৪, আহমাদ ২২৯৩৪ দ্ৰষ্টব্য), ( আ.প্ৰ. ৩৬৪ , ই. ফা. ৩৭০)।
হাদীছ - 378۳۷۸- مُحَمَّدُ بْنُ عَبْدِ الرَّحِيمِ قَالَ حَدَّثَنَا يَزِيدُ بْنُ هَارُونَ قَالَ أَخْبَرَنَا حُمَيْدٌ الطَّوِيلُ عَنْ أَنَسِ بْنِ مَالِكٍ أَنَّ رَسُولَ اللهِ صلى الله عليه وسلم سَقَطَ عَنْ فَرَسِهِ فَجُحِشَتْ سَاقُهُ أَوْ كَتِفُهُ وَآلَى مِنْ نِسَائِهِ شَهْرًا فَجَلَسَ فِي مَشْرُبَةٍ لَهُ دَرَجَتُهَا مِنْ جُذُوعٍ فَأَتَاهُ أَصْحَابُهُ يَعُودُونَهُ فَصَلَّى بِهِمْ جَالِسًا وَهُمْ قِيَامٌ فَلَمَّا سَلَّمَ قَالَ إِنَّمَا جُعِلَ الْإِمَامُ لِيُؤْتَمَّ بِهِ فَإِذَا كَبَّرَ فَكَبِّرُوا وَإِذَا رَكَعَ فَارْكَعُوا وَإِذَا سَجَدَ فَاسْجُدُوا وَإِنْ صَلَّى قَائِمًا فَصَلُّوا قِيَامًا وَنَزَلَ لِتِسْعٍ وَعِشْرِينَ فَقَالُوا يَا رَسُولَ اللهِ صلى الله عليه وسلم إِنَّكَ آلَيْتَ شَهْرًا فَقَالَ إِنَّ الشَّهْرَ تِسْعٌ وَعِشْرُونَ.৩৭৮- আনাছ ইবনু মালিক ৰাদ্বিয়াল্লাহু আনহৰ দ্বাৰা বৰ্ণিত যে, আল্লাহৰ ৰাছূল চল্লাল্লাহু আলাইহি অছাল্লামে এবাৰ ঘোঁৰাৰ পৰা পৰি গল, ফলত তেখেতে ভৰিৰ গুৰুহাত নাইবা (ৰাবীয়ে কৈছে) কান্ধত আঘাত পালে। তেতিয়া তেখেতে স্ত্ৰীসকলৰ পৰা এমাহৰ বাবে পৃথক হৈ থাকিবলৈ সিদ্ধান্ত ললে। তেতিয়া তেখেতে ঘৰৰ ওপৰৰ কক্ষত অৱস্থান কৰিলে যাৰ চিৰি আছিল খেজুৰ গছৰ কাণ্ডৰে তৈয়াৰী। ছাহাবাসকলে তেখেতক চাবলৈ আহিল। তেখেতে তেওঁলোকক লৈ বহি ছালাত আদায় কৰিলে, আৰু তেওঁলোক আছিল থিয় হৈ। ছালাম ফিৰাই তেখেতে কলে: ইমাম এই কাৰণেই হ যে- মুক্তাদীসকলে তেওঁক অনুসৰণ কৰিব। সেয়ে ইমামে তাকবীৰ কলে তোমালোকেও তাকবীৰ কবা, তেখেতে ৰুকু কৰিলে তোমালোকেও ৰুকু কৰিবা। তেখেতে ছাজদাহ কৰিলে তোমালোকেও ছাজদাহ কৰিবা। ইমামে থিয় হৈ ছালাত আদায় কৰিলে তোমালোকেও থিয় হৈ ছালাত আদায় কৰিবা। এনেতে উনত্ৰিছ দিন পূৰ্ণ হোৱাত তেখেত নামি আহিল। তেতিয়া সকলোৱে কলে, হে আল্লাহৰ ৰাছূল! আপুনিতো এমাহৰ শপত কৰিছিল। তেখেতে কলে: নিশ্চয় মাহ উনত্ৰিছ দিনৰো হয়। (সংশ্লিষ্ট হাদীছসমূহঃ ৬৮৯, ৭৩২, ৭৩৩, ৮০৫, ১১১৪, ১৯১১, ২৪৬৯, ৫২০১, ৫২৮৯, ৬৬৮৪; মুছলিম ৪/১৯, হাদীছ নং ৪১১, আহমদ ১২০৭৫ দ্ৰষ্টব্য), (আ.প্ৰ. ৩৬৫, ই. ফা. ৩৭১)।
পৰিচ্ছেদঃ নং ১৯, মুছল্লীৰ কাপোৰ ছাজদাহ কৰাৰ সময়ত স্ত্ৰীৰ গাত লগা।হাদীছ - 379۳۷۹- مُسَدَّدٌ عَنْ خَالِدٍ قَالَ حَدَّثَنَا سُلَيْمَانُ الشَّيْبَانِيُّ عَنْ عَبْدِ اللهِ بْنِ شَدَّادٍ عَنْ مَيْمُونَةَ قَالَتْ كَانَ رَسُولُ اللهِ صلى الله عليه وسلم يُصَلِّي وَأَنَا حِذَاءَهُ وَأَنَا حَائِضٌ وَرُبَّمَا أَصَابَنِي ثَوْبُهُ إِذَا سَجَدَ قَالَتْ وَكَانَ يُصَلِّي عَلَى الْخُمْرَةِ৩৭৯- মাইমুনাহ ৰাদ্বিয়াল্লাহু আনহাৰ দ্বাৰা বৰ্ণিত। তেখেতে কৈছে: আল্লাহৰ ৰাছূল চল্লাল্লাহু আলাইহি অছাল্লামে যেতিয়া ছালাত আদায় কৰিছিল, তেতিয়া হায়েজ অৱস্থাত থকা সত্ত্বেও মই তেখেতৰ নিচেই কাষত বহি থাকিছিলো। কেতিয়াবা কেতিয়াবা তেখেতে ছাজদাহ কৰাৰ সময়ত তেখেতৰ কাপোৰ মোৰ গাত লাগিছিল। আৰু তেখেতে সৰু পাটীৰ ওপৰত ছালাত আদায় কৰিছিল। (সংশ্লিষ্ট হাদীছসমূহঃ ৩৩৩; মুছলিম ৪/৫১, হাদীছ নং ৫১৩, আহমাদ ২৬৮৭১), (আ.প্ৰ. ৩৬৬, ই.ফা. ৩৭২)।
পৰিচ্ছেদঃ নং ২০, ঢাৰি-পাটিৰ ওপৰত ছালাত আদায় কৰা।জাবিৰ ইবনু আব্দিল্লাহ আৰু আবু ছাঈদ ৰাদ্বিয়াল্লাহু আনহুৱে নাঁৱত থিয় হৈ ছালাত আদায় কৰিছে।
হাছান ৰাহিমাহুল্লাহে কৈছে- "যেতিয়া লৈকে সঙ্গীসকলৰ বাবে কষ্টকৰ নহয়, তেতিয়ালৈকে থিয় হৈ ছালাত আদায় কৰিবা আৰু নাৱঁৰ দিশ পৰিৱৰ্তন হোৱাৰ লগে লগে ঘূৰি যাবা। অন্যথা বহি ছালাত আদায় কৰিবা।
হাদীছ - 380۳۸۰- عَبْدُ اللهِ بْنُ يُوسُفَ قَالَ أَخْبَرَنَا مَالِكٌ عَنْ إِسْحَاقَ بْنِ عَبْدِ اللهِ بْنِ أَبِي طَلْحَةَ عَنْ أَنَسِ بْنِ مَالِكٍ أَنَّ جَدَّتَهُ مُلَيْكَةَ دَعَتْ رَسُولَ اللهِ صلى الله عليه وسلم لِطَعَامٍ صَنَعَتْهُ لَهُ فَأَكَلَ مِنْهُ ثُمَّ قَالَ قُومُوا فَلِأُصَلِّ لَكُمْ قَالَ أَنَسٌ فَقُمْتُ إِلَى حَصِيرٍ لَنَا قَدْ اسْوَدَّ مِنْ طُولِ مَا لُبِسَ فَنَضَحْتُهُ بِمَاءٍ فَقَامَ رَسُولُ اللهِ صلى الله عليه وسلم وَصَفَفْتُ وَالْيَتِيمَ وَرَاءَهُ وَالْعَجُوزُ مِنْ وَرَائِنَا فَصَلَّى لَنَا رَسُولُ اللهِ صلى الله عليه وسلم رَكْعَتَيْنِ ثُمَّ انْصَرَفَ.৩৮০- আনাছ ইবনু মালিক ৰাদ্বিয়াল্লাহু আনহুৰ দ্বাৰা বৰ্ণিত যে- তেওঁৰ দাদী (আইতা) মুলাইকাহ ৰাদ্বিয়াল্লাহু আনহাই আল্লাহৰ ৰাছূল চল্লাল্লাহু আলাইহি অছাল্লামক ভোজনৰ দাৱাত দিলে, যিটো তেখেতৰ বাবেই প্ৰস্তুত কৰিছিল। তেখেতে তাৰ পৰা খালে, তাৰ পাছত কলে: উঠা, বলা তোমালোকক লৈ মই ছালাত আদায় কৰো। আনাছ ৰাদ্বিয়াল্লাহু আনহুৱে কৈছে, মই আমাৰ এটি পাটী অনাৰ বাবে উঠিলোঁ, সেইখন বহু দিনৰ পৰা ব্যৱহাৰ কৰা হৈছিল, সেয়ে সেইখন মই পানীৰে পৰিস্কাৰ কৰি ললোঁ। ইয়াৰ পাছত আল্লাহৰ ৰাছূল চল্লাল্লাহু আলাইহি অছাল্লাম ছালাতৰ বাবে থিয় হল। মই আৰু এতিম (যুমাইৰাহ) তেখেতৰ পিছফালে থিয় হলো আৰু বৃদ্ধা আইতা আমাৰ পিছত আছিল। আল্লাহৰ ৰাছূল চল্লাল্লাহু আলাইহি অছাল্লামে আমাক লৈ দুই ৰাকাত ছালাত আদায় কৰিলে। ইয়াৰ পিছত তেখেত গুচি গল।
(সংশ্লিষ্ট হাদীছসমূহঃ ৭২৭, ৮৬০, ৮৭১, ৮৭৪, ১১৬৪; মুছলিম ৫/৪৮, হাদীছ নং৬৫৮, আহমাদ ১২৩৪২ দ্ৰষ্টব্য ), (আ.প্ৰ.৩৬৭, ই.ফা.৩৭৩)।
পৰিচ্ছেদঃ নং ২১, সৰু পাটিৰ ওপৰত ছালাত আদায় কৰা।হাদীছ - 381۳۸۱- أَبُو الْوَلِيدِ قَالَ حَدَّثَنَا شُعْبَةُ قَالَ حَدَّثَنَا سُلَيْمَانُ الشَّيْبَانِيُّ عَنْ عَبْدِ اللهِ بْنِ شَدَّادٍ عَنْ مَيْمُونَةَ قَالَتْ كَانَ النَّبِيُّ يُصَلِّي عَلَى الْخُمْرَةِ.৩৮১- মাইমূনাহ ৰাদ্বিয়াল্লাহু আনহাৰ দ্বাৰা বৰ্ণিত। তেখেতে কৈছে: নবী চল্লাল্লাহু আলাইহি অছাল্লামে সৰু পাটীৰ ওপৰত ছালাত আদায় কৰিছিল। (সংশ্লিষ্ট হাদীছসমূহঃ ৩৩৩), (আ.প্ৰ. ৩৬৮, ই.ফা. ৩৭৪)।
পৰিচ্ছেদঃ নং ২২, বিছনাত ছালাত আদায় কৰা।আনাছ ইবনু মালিক ৰাদ্বিয়াল্লাহু আনহুৱে নিজৰ বিছনাত ছালাত আদায় কৰিছিল। আনাছ ৰাদ্বিয়াল্লাহু আনহুৱে কৈছে: আমি নবী চল্লাল্লাহু আলাইহি অছাল্লামৰ সৈতে ছালাত আদায় কৰিছিলোঁ, আমাৰ কোনো কোনোৱে নিজৰ কাপোৰৰ ওপৰত ছাজদাহ কৰিছিল।হাদীছ - 382۳۸۲- إِسْمَاعِيلُ قَالَ حَدَّثَنِي مَالِكٌ عَنْ أَبِي النَّضْرِ مَوْلَى عُمَرَ بْنِ عُبَيْدِ اللهِ عَنْ أَبِي سَلَمَةَ بْنِ عَبْدِ الرَّحْمَنِ عَنْ عَائِشَةَ زَوْجِ النَّبِيِّ صلى الله عليه وسلم أَنَّهَا قَالَتْ كُنْتُ أَنَامُ بَيْنَ يَدَيْ رَسُولِ اللهِ وَرِجْلَايَ فِي قِبْلَتِهِ فَإِذَا سَجَدَ غَمَزَنِي فَقَبَضْتُ رِجْلَيَّ فَإِذَا قَامَ بَسَطْتُهُمَا قَالَتْ وَالْبُيُوتُ يَوْمَئِذٍ لَيْسَ فِيهَا مَصَابِيحُ.৩৮২- নবী চল্লাল্লাহু আলাইহি অছাল্লামৰ স্ত্ৰী আইশ্বাহ ৰাদ্বিয়াল্লাহু আনহাৰ দ্বাৰা বৰ্ণিত। তেখেতে কৈছে: মই নবী চল্লাল্লাহু আলাইহি অছাল্লামৰ সন্মুখত শুই আছিলো, মোৰ ভৰি দুয়োখন তেখেতৰ ক্বিব্লাহৰ দিশত আছিল। তেখেতে ছাজদাহত গলে মোৰ ভৰিত মৃদু চাপ দিছিল, তেতিয়া মই ভৰি দুখন চপাই দিছিলো। আৰু তেখেতে থিয় হৈ গলে মই আকৌ ভৰি দুখন প্ৰসাৰিত কৰিছিলো। তেখেতে কৈছে, সেই সময়ত ঘৰত কোনো চাকি নাছিল। (সংশ্লিষ্ট হাদীছসমূহঃ ৩৮৩, ৩৮৪, ৫০৮, ৫১১, ৫১২, ৫১৩, ৫১৪, ৫১৫, ৫১৯, ৯৯৭, ১২০৯, ৬২৭৬; মুছলিম ৪/৫১, হাদীছ নং ৫১২, আহমাদ ২৫৭০৫ দ্ৰষ্টব্য), (আ.প্ৰ.৩৬৯, ই.ফা.৩৭৫)।
হাদীছ - 383۳۸۳- يَحْيَى بْنُ بُكَيْرٍ قَالَ حَدَّثَنَا اللَّيْثُ حَدَّثَنِي عُقَيْلٌ عَنْ ابْنِ شِهَابٍ قَالَ أَخْبَرَنِي عُرْوَةُ أَنَّ عَائِشَةَ أَخْبَرَتْهُ أَنَّ رَسُولَ اللهِ صلى الله عليه وسلم كَانَ يُصَلِّي وَهِيَ بَيْنَهُ وَبَيْنَ الْقِبْلَةِ عَلَى فِرَاشِ أَهْلِهِ اعْتِرَاضَ الْجَنَازَةِ.৩৮৩- আইশ্বাহ ৰাদ্বিয়াল্লাহু আনহাই উৰুৱাক কৈছে যে, আল্লাহৰ ৰাছূল চল্লাল্লাহু আলাইহি অছাল্লামে ছালাত আদায় কৰিছিল আৰু তেখেত (আয়িশ্বাহ ৰাদ্বিয়াল্লাহু আনহা) আল্লাহৰ ৰাছূল চল্লাল্লাহু আলাইহি অছাল্লাম আৰু তেখেতৰ ক্বিব্লাহৰ মাজৰ পাৰিবাৰিক বিছনাৰ ওপৰত জানাজাৰ দৰে চিধাচিধিকৈ শুই থাকিছিল। (সংশ্লিষ্ট হাদীছসমূহঃ ৩৮২), ( আ.প্ৰ. ৩৭০, ই.ফা. ৩৭৬)
হাদীছ - 384۳۸٤- عَبْدُ اللهِ بْنُ يُوسُفَ قَالَ حَدَّثَنَا اللَّيْثُ عَنْ يَزِيدَ عَنْ عِرَاكٍ عَنْ عُرْوَةَ أَنَّ النَّبِيَّ كَانَ يُصَلِّي وَعَائِشَةُ مُعْتَرِضَةٌ بَيْنَهُ وَبَيْنَ الْقِبْلَةِ عَلَى الْفِرَاشِ الَّذِي يَنَامَانِ عَلَيْهِ.৩৮৪- উৰুৱাহ ৰাহিমাহুল্লাহৰ দ্বাৰা বৰ্ণিত যে, নবী চল্লাল্লাহু আলাইহি অছাল্লামে ছালাত আদায় কৰিছিল আৰু আইশ্বাহ ৰাদ্বিয়াল্লাহু আনহাই তেখেতৰ আৰু কিব্লাহৰ মাজত তেখেতসকলৰ শুৱা বিছনাত চিধা হৈ শুই থাকিছিল। (সংশ্লিষ্ট হাদীছসমূহঃ ৩৮২), (আ.প্ৰ. ৩৭১, ই.ফা.৩৭৭)।
পৰিচ্ছেদঃ নং ২৩, প্ৰচণ্ড গৰমৰ সময়ত কাপোৰৰ ওপৰত ছাজদাহ কৰা।হাছান বাচৰী ৰাহিমাহুল্লাহে কৈছে, মানুহে পাগুৰী আৰু টুপিৰ ওপৰত ছাজদাহ কৰিছিল আৰু তেওঁলোকৰ হাত আস্তিনৰ ভিতৰত থাকিছিল।হাদীছ - 385۳۸۵- أَبُو الْوَلِيدِ هِشَامُ بْنُ عَبْدِ الْمَلِكِ قَالَ حَدَّثَنَا بِشْرُ بْنُ الْمُفَضَّلِ قَالَ حَدَّثَنِي غَالِبٌ الْقَطَّانُ عَنْ بَكْرِ بْنِ عَبْدِ اللهِ عَنْ أَنَسِ بْنِ مَالِكٍ قَالَ كُنَّا نُصَلِّي مَعَ النَّبِيِّ صلى الله عليه وسلم فَيَضَعُ أَحَدُنَا طَرَفَ الثَّوْبِ مِنْ شِدَّةِ الْحَرِّ فِي مَكَانِ السُّجُودِ.৩৮৫- আনাছ ইবনু মালিক ৰাদ্বিয়াল্লাহু আনহুৰ দ্বাৰা বৰ্ণিত। তেখেতে কৈছে যে, আমি নবী চল্লাল্লাহু আলাইহি অছাল্লামৰ সৈতে ছালাত আদায় কৰিছিলো। আমাৰ মাজৰ কিছুমানে ছাজদাহৰ সময়ত প্ৰচণ্ড গৰমৰ কাৰণে কাপোৰৰ প্ৰান্ত ছাজদাহৰ স্থানত ৰাখিছিল। (সংশ্লিষ্ট হাদীছসমূহঃ ৫৪২, ১২০৮; মুছলিম ৫/৩৩, হাদীছ নং ৬২০, আহমাদ ১১৯৭০ দ্ৰঃ), (আ.প্ৰ.৩৭২, ই.ফা. ৩৭৮)।
পৰিচ্ছেদঃ নং ২৪, জুতা পিন্ধি ছালাত আদায় কৰা।হাদীছ - 386۳۸٦- آدَمُ بْنُ أَبِي إِيَاسٍ قَالَ حَدَّثَنَا شُعْبَةُ قَالَ أَخْبَرَنَا أَبُو مَسْلَمَةَ سَعِيدُ بْنُ يَزِيدَ الْأَزْدِيُّ قَالَ سَأَلْتُ أَنَسَ بْنَ مَالِكٍ أَكَانَ النَّبِيُّ يُصَلِّي فِي نَعْلَيْهِ قَالَ نَعَمْ.৩৮৬- আবু মাছলামাহ ছা'ঈদ ইবনু এঝীদ আল-আযদি ৰাহিমাহুল্লাহে কৈছে: মই আনাছ ইবনু মালিক ৰাদ্বিয়াল্লাহু আনহুক প্ৰশ্ন কৰিছিলো, নবী চল্লাল্লাহু আলাইহি অছাল্লামে তেখেতৰ জোতা (চেন্দেল) পিন্ধি ছালাত আদায় কৰিছিলনে? তেখেতে কলে, হয়। (সংশ্লিষ্ট হাদীছসমূহঃ ৫৮৫০; মুছলিম ৫/১৪, হাদীছ নং ৫৫৫, আহমাদ ১১৯৭৬ দ্ৰঃ), (আ.প্ৰ. ৩৭৩, ই. ফা. ৩৭৯ )।
পৰিচ্ছেদঃ নং ২৫, মোজা পৰিহিত অৱস্থাত ছালাত আদায় কৰা।হাদীছ - 387۳۸۷- آدَمُ قَالَ حَدَّثَنَا شُعْبَةُ عَنِ الْأَعْمَشِ قَالَ سَمِعْتُ إِبْرَاهِيمَ يُحَدِّثُ عَنْ هَمَّامِ بْنِ الْحَارِثِ قَالَ رَأَيْتُ جَرِيرَ بْنَ عَبْدِ اللهِ بَالَ ثُمَّ تَوَضَّأَ وَمَسَحَ عَلَى خُفَّيْهِ ثُمَّ قَامَ فَصَلَّى فَسُئِلَ فَقَالَ رَأَيْتُ النَّبِيَّ صَنَعَ مِثْلَ هَذَا قَالَ إِبْرَاهِيمُ فَكَانَ يُعْجِبُهُمْ لِأَنَّ جَرِيرًا كَانَ مِنْ آخِرِ مَنْ أَسْلَمَ.৩৮৭- হাম্মাম ইবনু হাৰিছ ৰাহিমাহুল্লাহৰ দ্বাৰা বৰ্ণিত। তেওঁ কৈছে: মই জাৰীৰ ইবনু আব্দিল্লাহ ৰাদ্বিয়াল্লাহু আনহুক দেখিলোঁ যে, তেখেতে প্ৰস্ৰাব কৰিলে। ইয়াৰ পিছত অজু কৰিলে আৰু উভয় মোজাৰ ওপৰত মাছেহ কৰিলে। তাৰপিছত তেখেত থিয় হল আৰু ছালাত আদায় কৰিলে। তেখেতক প্ৰশ্ন কৰাত তেখেতে কলে: মই নবী চল্লাল্লাহু আলাইহি অছাল্লামকো এনে কৰা দেখিছোঁ। ইব্ৰাহীম ৰাহিমাহুল্লাহে কৈছে, এই হাদীছ মুহাদ্দীছীন সকলৰ বাবে অত্যন্ত পছন্দীয়। কাৰণ জাৰীৰ ৰাদ্বিয়াল্লাহু আনহু আছিল নবী চল্লাল্লাহু আলাইহি অছাল্লামৰ শেষ সময়ত ইছলাম গ্ৰহণকাৰী সকলৰ মাজৰ এজন। (আ. প্ৰ.৩৭৪ , ই. ফা. ৩৮০)
হাদীছ - 388۳۸۸- إِسْحَاقُ بْنُ نَصْرٍ قَالَ حَدَّثَنَا أَبُو أُسَامَةَ عَنِ الأَعْمَشِ عَنْ مُسْلِمٍ عَنْ مَسْرُوقٍ عَنِ الْمُغِيرَةِ بْنِ شُعْبَةَ قَالَ وَضَّأْتُ النَّبِيَّ فَمَسَحَ عَلَى خُفَّيْهِ وَصَلَّى.৩৮৮- মুগীৰাহ ইবনু শ্বু'বাহ ৰাদ্বিয়াল্লাহু আনহুৰ দ্বাৰা বৰ্ণিত। তেখেতে কৈছে , মই নবী চল্লাল্লাহু আলাইহি অছাল্লামক অজু কৰাইছোঁ। তেখেতে (অজুৰ সময়ত) মোজা দুটাৰ ওপৰত মছেহ্ কৰিলে আৰু ছালাত আদায় কৰিলে। (সংশ্লিষ্ট হাদীছসমূহঃ ১৮২), ( আ.প্ৰ.৩৭৫ , ই.ফা. ৩৮১)।
পৰিচ্ছেদঃ নং ২৬, পৰিপূৰ্ণভাৱে ছাজদাহ নকৰা প্ৰসঙ্গ।হাদীছ - 389۳۸۹- أَخْبَرَنَا الصَّلْتُ بْنُ مُحَمَّدٍ أَخْبَرَنَا مَهْدِيٌّ عَنْ وَاصِلٍ عَنْ أَبِي وَائِلٍ عَنْ حُذَيْفَةَ رَأَى رَجُلاً لاَ يُتِمُّ رُكُوعَهُ وَلاَ سُجُودَهُ فَلَمَّا قَضَى صَلاَتَهُ قَالَ لَهُ حُذَيْفَةُ مَا صَلَّيْتَ قَالَ وَأَحْسِبُهُ قَالَ لَوْ مُتَّ مُتَّ عَلَى غَيْرِ سُنَّةِ مُحَمَّدٍ صلى الله عليه وسلم .৩৮৯- হুযাইফাহ ৰাদ্বিয়াল্লাহু আনহুৰ দ্বাৰা বৰ্ণিত যে, তেওঁ দেখিলে কোনোবা এজনে ৰুকু- ছাজদাহ পৰিপূৰ্ণভাৱে আদায় কৰা নাছিল। তেওঁ যেতিয়া ছালাত শেষ কৰিলে তেতিয়া তাক হুযাইফাহ ৰাদ্বিয়াল্লাহু আনহুৱে কলে, তোমাৰ ছালাত ঠিক হোৱা নাই। ৰাবীয়ে কৈছে: মোৰ মনত পৰা অনুসৰি তেখেতে (হুযাইফাহ) এই কথাও কৈছিল, (এই অৱস্থাত) তোমাৰ মৃত্যু হলে সেয়া মুহাম্মদ চল্লাল্লাহু আলাইহি অছাল্লামৰ তৰিকাৰ বাহিৰত হব। (সংশ্লিষ্ট হাদীছসমূহঃ ৭৯১, ৮০৮, দ্ৰষ্টব্য) (আ.প্ৰ.৩৭৬, ই.ফা.৩৮২)।
পৰিচ্ছেদঃ নং ২৭, ছাজদাহত দুই বাহু খুলি ৰখা আৰু দুই হাত পৃথক ৰখা।হাদীছ - 390۳۹۰- أَخْبَرَنَا يَحْيَى بْنُ بُكَيْرٍ حَدَّثَنَا بَكْرُ بْنُ مُضَرَ عَنْ جَعْفَرِ بْنِ رَبِيعَةَ عَنْ ابْنِ هُرْمُزَ عَنْ عَبْدِ اللهِ بْنِ مَالِكٍ ابْنِ بُحَيْنَةَ أَنَّ النَّبِيَّ كَانَ إِذَا صَلَّى فَرَّجَ بَيْنَ يَدَيْهِ حَتَّى يَبْدُوَ بَيَاضُ إِبْطَيْهِ وَقَالَ اللَّيْثُ حَدَّثَنِي جَعْفَرُ بْنُ رَبِيعَةَ نَحْوَهُ.৩৯০- আব্দুল্লাহ ইবনু মালিক ৰাদ্বিয়াল্লাহু আনহুৰ দ্বাৰা বৰ্ণিত যে, নবী চল্লাল্লাহু আলাইহি অছাল্লামে ছালাতৰ সময়ত উভয় বাহু পৃথক ৰাখিছিল। আনকি তেখেতৰ বগলৰ শুভ্ৰতাও দেখা গৈছিল। লাইছ ৰাহিমাহুল্লাহে কৈছে: জা'ফৰ ইবনু ৰাবী'আহ ৰাহিমাহুল্লাহে মোৰ ওচৰত অনুৰূপ বৰ্ণনা কৰিছে।
(সংশ্লিষ্ট হাদীছসমূহঃ ৮০৭, ৩৫৬৪; মুছলিম ৪/৪৫, হাদীছ নং ৪৯৫ দ্ৰষ্টব্য), (আ.প্ৰ. ৩৭৭, ই.ফা. ৩৮৩)।
পৰিচ্ছেদঃ নং ২৮, কিব্লামুখী হোৱাৰ ফজিলত।আবু হুমাইদে নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৰা বৰ্ণনা কৰি কৈছেঃ ভৰিৰ আঙুলিকো কিব্লামুখী ৰাখিব লাগে।হাদীছ - 391۳۹۱- عَمْرُو بْنُ عَبَّاسٍ قَالَ حَدَّثَنَا ابْنُ الْمَهْدِيِّ قَالَ حَدَّثَنَا مَنْصُورُ بْنُ سَعْدٍ عَنْ مَيْمُونِ بْنِ سِيَاهٍ عَنْ أَنَسِ بْنِ مَالِكٍ قَالَ قَالَ رَسُولُ اللهِ صلى الله عليه وسلم مَنْ صَلَّى صَلاَتَنَا وَاسْتَقْبَلَ قِبْلَتَنَا وَأَكَلَ ذَبِيحَتَنَا فَذَلِكَ الْمُسْلِمُ الَّذِي لَهُ ذِمَّةُ اللهِ وَذِمَّةُ رَسُولِهِ فَلاَ تُخْفِرُوا اللهَ فِي ذِمَّتِهِ.৩৯১- আনাছ ইবনু মালিক ৰাদ্বিয়াল্লাহু আনহুৰ দ্বাৰা বৰ্ণিত। তেখেতে কৈছে, আল্লাহৰ ৰাছূল চল্লাল্লাহু আলাইহি অছাল্লামে কৈছে: যি ব্যক্তিয়ে আমাৰ দৰে ছালাত আদায় কৰে, আমাৰ কিব্লামুখী হয় আৰু আমি জবেহ কৰা প্ৰাণী ভক্ষণ কৰে, তেওঁৱেই মুছলিম, যাৰ বাবে আল্লাহ আৰু তেওঁৰ ৰাছূল দায়বদ্ধ। এতেকে তোমালোকে আল্লাহৰ দায়বদ্ধতাত বিশ্বাসঘাতকতা নকৰিবা। (সংশ্লিষ্ট হাদীছসমূহঃ ৩৯২, ৩৯৩ দ্ৰষ্টব্য), (আ.প্ৰ. ৩৭৮, ই.ফা.৩৮৪)।
হাদীছ - 392۳۹۲- نُعَيْمٌ قَالَ حَدَّثَنَا ابْنُ الْمُبَارَكِ عَنْ حُمَيْدٍ الطَّوِيلِ عَنْ أَنَسِ بْنِ مَالِكٍ قَالَ قَالَ رَسُولُ اللهِ صلى الله عليه وسلم أُمِرْتُ أَنْ أُقَاتِلَ النَّاسَ حَتَّى يَقُولُوا لآ إِلَهَ إِلاَّ اللهُ فَإِذَا قَالُوهَا وَصَلَّوْا صَلاَتَنَا وَاسْتَقْبَلُوا قِبْلَتَنَا وَذَبَحُوا ذَبِيحَتَنَا فَقَدْ حَرُمَتْ عَلَيْنَا دِمَاؤُهُمْ وَأَمْوَالُهُمْ إِلاَّ بِحَقِّهَا وَحِسَابُهُمْ عَلَى اللهِ৩৯২- আনাছ ইবনু মালিক ৰাদ্বিয়াল্লাহু আনহুৰ দ্বাৰা বৰ্ণিত। তেখেতে কৈছে, আল্লাহৰ ৰাছূল চল্লাল্লাহু আলাইহি অছাল্লামে কৈছে: মোক মানুহৰ বিৰুদ্ধে জিহাদ কৰাৰ নিৰ্দেশ দিয়া হৈছে, যেতিয়ালৈকে সিহঁতে "লা ইলাহা ইল্লাল্লাহ" স্বীকাৰ নকৰিব। যেতিয়া সিহঁতে এইটো স্বীকাৰ কৰি লব, আমাৰ দৰে ছালাত আদায় কৰিব, আমাৰ কিব্লাৰ অনুসৰণ কৰিব আৰু আমি জবেহ কৰা প্ৰাণী খাব, তেতিয়া সিহঁতৰ জান মাল আমাৰ বাবে হাৰাম। অৱশ্যে তেজৰ বা সম্পত্তিৰ দাবীৰ কথা পৃথক। আৰু সিহঁতৰ হিচাব-নিকাচ আল্লাহৰ ওচৰত। (আ.প্ৰ. ৩৭৯, ই. ফা.৩৮৫)।
হাদীছ - 393۳۹۳- قَالَ ابْنُ أَبِي مَرْيَمَ أَخْبَرَنَا يَحْيَى بْنُ أَيُّوبَ حَدَّثَنَا حُمَيْدٌ حَدَّثَنَا أَنَسٌ عَنِ النَّبِيِّ صلى الله عليه وسلم وَقَالَ عَلِيُّ بْنُ عَبْدِ اللهِ حَدَّثَنَا خَالِدُ بْنُ الْحَارِثِ قَالَ حَدَّثَنَا حُمَيْدٌ قَالَ سَأَلَ مَيْمُونُ بْنُ سِيَاهٍ أَنَسَ بْنَ مَالِكٍ قَالَ يَا أَبَا حَمْزَةَ مَا يُحَرِّمُ دَمَ الْعَبْدِ وَمَالَهُ فَقَالَ مَنْ شَهِدَ أَنْ لآ إِلَهَ إِلاَّ اللهُ وَاسْتَقْبَلَ قِبْلَتَنَا وَصَلَّى صَلاَتَنَا وَأَكَلَ ذَبِيحَتَنَا فَهُوَ الْمُسْلِمُ لَهُ مَا لِلْمُسْلِمِ وَعَلَيْهِ مَا عَلَى الْمُسْلِمِ.৩৯৩- হুমাইদ ৰাহিমাহুল্লাহে বৰ্ণনা কৰি কৈছে, মাইমুন ইবনে ছিয়াহে আনাছ ইবনু মালিক ৰাদ্বিয়াল্লাহু আনহুক সুধিছিল: হে আবু হামযাহ! কি কাৰণত মানুহৰ জান মাল হাৰাম হয়? তেখেতে উত্তৰত কৈছিল, যি ব্যক্তিয়ে লা-ই-লাহা ইল্লাল্লাহৰ সাক্ষী দিয়ে, আমাৰ কিব্লাৰ অনুসৰণ কৰে, আমাৰ দৰে ছালাত আদায় কৰে আৰু আমি জবেহ কৰা প্ৰাণী ভক্ষণ কৰে, তেৱেঁই মুছলিম। আন মুছলিমৰ দৰেই তেওঁৰো অধিকাৰ আছে। আৰু আন মুছলিমৰ দৰেই তেৱোঁ দায়িত্ব আৰু কৰ্তব্য পালন কৰিব লাগিব। ইবনু আবি মাৰাইয়াম, ইয়াহইয়া ইবনু আয়্যুব (ৰাহিমাহুল্লাহ)...... আনাছ ইবনু মালিক ৰাদ্বিয়াল্লাহু আনহুৰ সূত্ৰত নবী চল্লাল্লাহু আলাইহি অছাল্লামৰ পৰা অনুৰূপ বৰ্ণনা কৰিছে। (সংশ্লিষ্ট হাদীছসমূহঃ ৩৯১), (আ.প্ৰ. ৩৭৯ শেষাংশ, ই.ফা.৩৮৫ শেষাংশ)।
পৰিচ্ছেদঃ নং ২৯, মদীনাহ, চিৰিয়া আৰু (মদিনাহৰ) পূৱ দিশৰ অধিবাসী সকলৰ কিব্লাহ। যিসকলৰ কিব্লাহ পূৱ বা পশ্চিম দিশত নহয়।নবী চল্লাল্লাহু আলাইহি অছাল্লামে কৈছে: তোমালোক প্ৰস্ৰাব বা পাইখানা কৰোঁতে কিব্লাহমুখী নহবা, বৰং তোমালোক (উত্তৰ অঞ্চলৰ অধিবাসী সকল) পূৱদিশে বা পশ্চিম দিশে মূখ ঘুৰাবা।হাদীছ - 394۳۹٤- عَلِيُّ بْنُ عَبْدِ اللهِ قَالَ حَدَّثَنَا سُفْيَانُ قَالَ حَدَّثَنَا الزُّهْرِيُّ عَنْ عَطَاءِ بْنِ يَزِيدَ اللَّيْثِيِّ عَنْ أَبِي أَيُّوبَ الأَنْصَارِيِّ أَنَّ النَّبِيَّ قَالَ إِذَا أَتَيْتُمْ الْغَائِطَ فَلاَ تَسْتَقْبِلُوا الْقِبْلَةَ وَلاَ تَسْتَدْبِرُوهَا وَلَكِنْ شَرِّقُوا أَوْ غَرِّبُوا
قَالَ أَبُو أَيُّوبَ فَقَدِمْنَا الشَّأْمَ فَوَجَدْنَا مَرَاحِيضَ بُنِيَتْ قِبَلَ الْقِبْلَةِ فَنَنْحَرِفُ وَنَسْتَغْفِرُ اللهَ تَعَالَى وَعَنْ الزُّهْرِيِّ عَنْ عَطَاءٍ قَالَ سَمِعْتُ أَبَا أَيُّوبَ عَنِ النَّبِيِّ صلى الله عليه وسلم مِثْلَهُ.
৩৯৪- আবু আইয়্যুব আনচাৰী ৰাদ্বিয়াল্লাহু আনহুৰ দ্বাৰা বৰ্ণিত যে, নবী চল্লাল্লাহু আলাইহি অছাল্লামে কৈছে: "যেতিয়া তোমালোক শৌচ কৰিবলৈ যোৱা, তেতিয়া তোমালোকে কিব্লাহৰ পিনে মুখ কৰি নবহিবা বা পিঠিও নিদিবা, বৰং তোমালোক পূৱ নাইবা পশ্চিম ফালে ঘুৰি বহিবা।
আবু আইয়্যুব আনচাৰী ৰাদ্বিয়াল্লাহু আনহুৱে কৈছে: "আমি যেতিয়া চিৰিয়াত আহিলোঁ তেতিয়া তাত দেখা পালো শৌচাগাৰসমূহ কিব্লাহ মুখী বনোৱা। আমি কিছু পৰিমাণে ঘুৰি বহিছিলো আৰু আল্লাহ তাআ'লাৰ ওচৰত তাওবাহ ইস্তিগফাৰ কৰিছিলো। যুহৰি (ৰাহিমাহুল্লাহে) আত্বা ৰাহিমাহুল্লাহৰ সুত্ৰত বৰ্ণনা কৰিছে যে, মই আবু আইয়্যুব ৰাদ্বিয়াল্লাহু আনহুক নবী চল্লাল্লাহু আলাইহি অছাল্লামৰ পৰা অনুৰূপ বৰ্ণনা কৰা শুনিছোঁ। (সংশ্লিষ্ট হাদীছসমূহঃ ১৪৪), (আ.প্ৰ.৩৮০,ই.ফা. ৩৮৬)।
পৰিচ্ছেদঃ নং ৩০, মহান আল্লাহৰ বাণী: তোমালোকে মাকামে ইব্ৰাহীমক ছালাতৰ স্থানৰূপে গ্ৰহণ কৰা। (ছুৰা আল-বাক্বাৰাহঃ ২/১২৫)।হাদীছ - 395
۳۹۵- الْحُمَيْدِيُّ قَالَ حَدَّثَنَا سُفْيَانُ قَالَ حَدَّثَنَا عَمْرُو بْنُ دِينَارٍ قَالَ سَأَلْنَا ابْنَ عُمَرَ عَنْ رَجُلٍ طَافَ بِالْبَيْتِ الْعُمْرَةَ وَلَمْ يَطُفْ بَيْنَ الصَّفَا وَالْمَرْوَةِ أَيَأْتِي امْرَأَتَهُ فَقَالَ قَدِمَ النَّبِيُّ فَطَافَ بِالْبَيْتِ سَبْعًا وَصَلَّى خَلْفَ الْمَقَامِ رَكْعَتَيْنِ وَطَافَ بَيْنَ الصَّفَا وَالْمَرْوَةِ صلى الله عليه وسلم وَقَدْ كَانَ لَكُمْ فِي رَسُولِ اللهِ أُسْوَةٌ حَسَنَةٌ
৩৯৫- আমৰ ইবনু দীনাৰ ৰাহিমাহুল্লাহে কৈছে: আমি ইবনু ওমৰ ৰাদ্বিয়াল্লাহু আনহুক এগৰাকী ব্যক্তি সম্পৰ্কে প্ৰশ্ন কৰিলোঁ: "যিয়ে ওমৰাৰ নিয়তত বায়তুল্লাহ ত্বাৱাফ কৰিছে কিন্তু চ্বাফা মাৰৱাত ছায়ি কৰা নাই, তেওঁ তেওঁৰ স্ত্ৰীৰ সৈতে সংগম কৰিব পাৰিবনে? তেখেতে উত্তৰ দিলে: নবী চল্লাল্লাহু আলাইহি অছাল্লাম আহি সাতবাৰ বায়তুল্লাহ ত্বাৱাফ কৰিছিল, মাকামে ইব্ৰাহীমৰ কাষত দুই ৰাকাত ছালাত আদায় কৰিছিল আৰু চ্বাফা মাৰৱাৰ ছায়ি কৰিছিল। তোমালোকৰ বাবে আল্লাহৰ ৰাছূলৰ মাজত আছে উত্তম আদৰ্শ। (সংশ্লিষ্ট হাদীছসমূহঃ ১৬২৩, ১৬২৭, ১৬৪৬, ১৬৪৭, ১৭৯৩ দ্ৰষ্টব্য), (আ.প্ৰ.৩৮১, ই.ফা. ৩৮৭)
হাদীছ - 396۳۹٦- وَسَأَلْنَا جَابِرَ بْنَ عَبْدِ اللهِ فَقَالَ لاَ يَقْرَبَنَّهَا حَتَّى يَطُوفَ بَيْنَ الصَّفَا وَالْمَرْوَةِ৩৯৬- আমি জাবিৰ বিন আব্দুল্লাহ ৰাদ্বিয়াল্লাহু আনহুক এই সম্পৰ্কে প্ৰশ্ন কৰিছিলো, তেখেতে কৈছে: তোমালোকে চ্বাফা-মাৰৱাহ ছায়ি নকৰা লৈকে স্ত্ৰীৰ কাষ নাচাপিবা (সহবাস নকৰিবা)। (সংশ্লিষ্ট হাদীছসমূহঃ ১৬২৪, ১৬৪৬, ১৭৯৪; মুছলিম ১৫/২৮, হাদীছ নং ১২৩৪), ( আ.প্ৰ.৩৮১ শেষাংশ, ই.ফা. ৩৮৭ শেষাংশ )।
হাদীছ - 397۳۹۷- مُسَدَّدٌ قَالَ حَدَّثَنَا يَحْيَى عَنْ سَيْفٍ يَعْنِي ابْنَ سُلَيْمَانَ قَالَ سَمِعْتُ مُجَاهِدًا قَالَ أُتِيَ ابْنُ عُمَرَ فَقِيلَ لَهُ هَذَا رَسُولُ اللهِ صلى الله عليه وسلم دَخَلَ الْكَعْبَةَ فَقَالَ ابْنُ عُمَرَ فَأَقْبَلْتُ وَالنَّبِيُّ قَدْ خَرَجَ وَأَجِدُ بِلَالاً قَائِمًا بَيْنَ الْبَابَيْنِ فَسَأَلْتُ بِلَالاً فَقُلْتُ أَصَلَّى النَّبِيُّ فِي الْكَعْبَةِ قَالَ نَعَمْ رَكْعَتَيْنِ بَيْنَ السَّارِيَتَيْنِ اللَّتَيْنِ عَلَى يَسَارِهِ إِذَا دَخَلْتَ ثُمَّ خَرَجَ فَصَلَّى فِي وَجْهِ الْكَعْبَةِ رَكْعَتَيْنِ.৩৯৭- মুজাহিদ ৰাহিমাহুল্লাহৰ দ্বাৰা বৰ্ণিত যে, কোনোবা এজন ব্যক্তি ইবনু ওমৰ ৰাদ্বিয়াল্লাহু আনহুৰ ওচৰলৈ আহিল আৰু কলে, আল্লাহৰ ৰাছূল চল্লাল্লাহু আলাইহি অছাল্লাম ক্বা'বা ঘৰত প্ৰৱেশ কৰিছে। ইবনু ওমৰে কলে: "মই সেই দিশত আগুৱাই গলো আৰু দেখিলো যে, নবী চল্লাল্লাহু আলাইহি অছাল্লামে ক্বা'বাৰ পৰা বাহিৰ হৈ গৈছে। মই বিলাল ৰাদ্বিয়াল্লাহু আনহুক দুই কপাতৰ মাজত থিয় হৈ থকা দেখি প্ৰশ্ন কৰিলোঁ, নবী চল্লাল্লাহু আলাইহি অছাল্লামে ক্বা'বা গৃহৰ ভিতৰত ছালাত আদায় কৰিছিলনে? তেখেতে উত্তৰ দিলে, হয়! তুমি ক্বা'বাত প্ৰৱেশ কৰাৰ সময়ত তোমাৰ বাওঁ দিশত থকা দুই স্তম্ভৰ মাজত দুই ৰাকাত ছালাত আদায় কৰিছে। ইয়াৰ পিছত তেখেতে ওলাই গৈ ক্বা'বাৰ সন্মুখত দুই ৰাকাত ছালাত আদায় কৰিছে। (সংশ্লিষ্ট হাদীছসমূহঃ ৪৬৮ , ৫০৪ , ৫০৫ , ৫০৬ , ১১৬৭ , ১৫৯৮ , ১৫৯৯ , ২৯৮৮ , ৪২৮৯ , ৪৪০০), (আ.প্ৰ. ৩৮২, ই.ফা. ৩৮৮)।
হাদীছ - 398

۳۹۸- إِسْحَاقُ بْنُ نَصْرٍ قَالَ حَدَّثَنَا عَبْدُ الرَّزَّاقِ أَخْبَرَنَا ابْنُ جُرَيْجٍ عَنْ عَطَاءٍ قَالَ سَمِعْتُ ابْنَ عَبَّاسٍ قَالَ لَمَّا دَخَلَ النَّبِيُّ الْبَيْتَ دَعَا فِي نَوَاحِيهِ كُلِّهَا وَلَمْ يُصَلِّ حَتَّى خَرَجَ مِنْهُ فَلَمَّا خَرَجَ رَكَعَ رَكْعَتَيْنِ فِي قُبُلِ الْكَعْبَةِ وَقَالَ هَذِهِ الْقِبْلَةُ.

৩৯৮- ইবনু আব্বাছ ৰাদ্বিয়াল্লাহু আনহুৰ দ্বাৰা বৰ্ণিত। তেখেতে কৈছে: যেতিয়া নবী চল্লাল্লাহু আলাইহি অছাল্লাম ক্বা'বাত প্ৰৱেশ কৰিছিল, তেতিয়া ক্বাবাৰ সকলো কোণত দু'আ কৰিছিল, আৰু ছালাত আদায় নকৰাকৈয়ে ওলাই আহিছিল আৰু বাহিৰ হোৱাৰ পাছত ক্বা'বাৰ ঘৰৰ সন্মুখত দুই ৰাকাত ছালাত আদায় কৰি কৈছিল: "এইটোৱেই হৈছে কিব্লাহ্। (সংশ্লিষ্ট হাদীছসমূহঃ ১৬০১, ৩৩৫১, ৩৩৫২, ৪২২৮; মুছলিম ১৫/৬৮, হাদীছ নং ১৩৩০, আহমাদ ২১৮১৩), (আ.প্ৰ. ৩৮৩, ই.ফা. ৩৮৯)।
পৰিচ্ছেদঃ নং ৩১, যি ঠাইতে নাথাকা কিয়, ছালাত কিব্লাহ মুখী হৈ আদায় কৰা।আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৱে কৈছে, নবী চল্লাল্লাহু আলাইহি অছাল্লামে কৈছে: কিব্লাহ মুখী হৈ তাকবীৰ কোৱা।হাদীছ - 399۳۹۹- حَدَّثَنَا عَبْدُ اللَّهِ بْنُ رَجَاءٍ، قَالَ حَدَّثَنَا إِسْرَائِيلُ، عَنْ أَبِي إِسْحَاقَ، عَنِ الْبَرَاءِ بْنِ عَازِبٍ ـ رضى الله عنهما ـ قَالَ كَانَ رَسُولُ اللَّهِ صلى الله عليه وسلم صَلَّى نَحْوَ بَيْتِ الْمَقْدِسِ سِتَّةَ عَشَرَ أَوْ سَبْعَةَ عَشَرَ شَهْرًا، وَكَانَ رَسُولُ اللَّهِ صلى الله عليه وسلم يُحِبُّ أَنْ يُوَجَّهَ إِلَى الْكَعْبَةِ، فَأَنْزَلَ اللَّهُ ‏{‏قَدْ نَرَى تَقَلُّبَ وَجْهِكَ فِي السَّمَاءِ‏}‏ فَتَوَجَّهَ نَحْوَ الْكَعْبَةِ، وَقَالَ السُّفَهَاءُ مِنَ النَّاسِ ـ وَهُمُ الْيَهُودُ ـ مَا وَلاَّهُمْ عَنْ قِبْلَتِهِمُ الَّتِي كَانُوا عَلَيْهَا ‏{‏قُلْ لِلَّهِ الْمَشْرِقُ وَالْمَغْرِبُ يَهْدِي مَنْ يَشَاءُ إِلَى صِرَاطٍ مُسْتَقِيمٍ‏}‏ فَصَلَّى مَعَ النَّبِيِّ صلى الله عليه وسلم صلى الله عليه وسلم رَجُلٌ ثُمَّ خَرَجَ بَعْدَ مَا صَلَّى، فَمَرَّ عَلَى قَوْمٍ مِنَ الأَنْصَارِ فِي صَلاَةِ الْعَصْرِ نَحْوَ بَيْتِ الْمَقْدِسِ فَقَالَ هُوَ يَشْهَدُ أَنَّهُ صَلَّى مَعَ رَسُولِ اللَّهِ صلى الله عليه وسلم، وَأَنَّهُ تَوَجَّهَ نَحْوَ الْكَعْبَةِ‏.‏ فَتَحَرَّفَ الْقَوْمُ حَتَّى تَوَجَّهُوا نَحْوَ الْكَعْبَةِ‏.‏৩৯৯- বাৰাআ ইবনু আজিব ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত। তেখেতে কৈছে, আল্লাহৰ ৰাছূল চল্লাল্লাহু আলাইহি অছাল্লামে বায়তুল মাকদিছমুখী হৈ ষোল্ল অথবা সোতৰ মাহ ছালাত আদায় কৰিছে। আৰু আল্লাহৰ ৰাছূল চল্লাল্লাহু আলাইহি অছাল্লামে ক্বা'বা দিশত কিব্লাহ হোৱাটো পছন্দ কৰিছিল। ফলত মহান আল্লাহে এই আয়াত অৱতীৰ্ণ কৰিলে: "আকাশৰ পিনে আপুনি বাৰাম্বাৰ চোৱাটো মই অৱশ্যে লক্ষ্য কৰিছোঁ (ছুৰা আল-বাক্বাৰাহ, ২/১৪৪)। ইয়াৰ পাছত তেখেতে ক্বা'বাৰ পিনে মুখ কৰিলে। আৰু নিৰ্বোধ লোকসকলে- অৰ্থাৎ ইয়াহুদী সকলে কয়: তেওঁলোকে এতিয়ালৈকে যি কিব্লাহৰ অনুসৰণ কৰি আহিছিল, তাৰ পৰা কিহে তেওঁলোকক ঘুৰাই দিলে? কোৱা (হে নবী)! পূৱ আৰু পশ্চিম আল্লাহৰেই। তেওঁ যাক ইচ্ছা কৰে সঠিক পথত পৰিচালিত কৰে। (ছুৰা আল-বাক্বাৰাহ, ২/১৪২)। তেতিয়া নবী চল্লাল্লাহু আলাইহি অছাল্লামৰ সৈতে এজন ব্যক্তিয়ে ছালাত আদায় কৰিলে আৰু ওলাই গল। তেওঁ আচৰৰ ছালাতৰ সময়ত আনচাৰ সকলৰ এটা গোত্ৰৰ ওচৰেদি গৈ আছিল। তেওঁলোকে বায়তুল মাকদিছৰ পিনে মুখ কৰি ছালাত আদায় কৰি আছিল। তেতিয়া তেওঁ কলে: (তেওঁ নিজেই) সাক্ষী যে, আল্লাহৰ ৰাছূল চল্লাল্লাহু আলাইহি অছাল্লামৰ সৈতে তেওঁ ছালাত আদায় কৰিছে আৰু ৰাছূলুল্লাহ চল্লাল্লাহু আলাইহি অছাল্লামে ক্বা'বাৰ পিনে মুখ কৰি ছালাত আদায় কৰিছিল। ফলত লগে লগে সেই গোত্ৰৰ লোকসকলে ঘুৰি ক্বা'বাৰ দিশত মুখ কৰিলে। (সংশ্লিষ্ট হাদীছঃ ৪০), (আ.প্ৰ. ৩৮৪, ই. ফা.৩৯০)
হাদীছ - 400٤۰۰- مُسْلِمُ بْنُ إِبْرَاهِيمَ قَالَ حَدَّثَنَا هِشَامُ بْنُ أَبِي عَبْدِ اللهِ قَالَ حَدَّثَنَا يَحْيَى بْنُ أَبِي كَثِيرٍ عَنْ مُحَمَّدِ بْنِ عَبْدِ الرَّحْمَنِ عَنْ جَابِرِ بْنِ عَبْدِ اللهِ قَالَ كَانَ رَسُولُ اللهِ صلى الله عليه وسلم يُصَلِّي عَلَى رَاحِلَتِهِ حَيْثُ تَوَجَّهَتْ فَإِذَا أَرَادَ الْفَرِيضَةَ نَزَلَ فَاسْتَقْبَلَ الْقِبْلَةَ.৪০০- জাবিৰ ইবনু আব্দিল্লাহ ৰাদ্বিয়াল্লাহু আনহুৰ দ্বাৰা বৰ্ণিত। তেখেতে কৈছে, নবী চল্লাল্লাহু আলাইহি অছাল্লামে তেখেতৰ বাহনৰ ওপৰত (নফল) ছালাত আদায় কৰিছিল- বাহনে তেখেতক লৈ যি দিশতেই মুখ নকৰক কিয়। কিন্তু যেতিয়া ফৰজ ছালাত আদায়ৰ ইচ্ছা কৰিছিল, তেতিয়া নামি আদায় কৰিছিল আৰু কিব্লাহ মুখী হৈছিল। (সংশ্লিষ্ট হাদীছসমূহঃ ১০৯৪, ১০৯৯, ৪১৪০), (আ.প্ৰ. ৩৮৫, ই.ফা.৩৯১)।
হাদীছ - 401٤۰۱- عُثْمَانُ قَالَ حَدَّثَنَا جَرِيرٌ عَنْ مَنْصُورٍ عَنْ إِبْرَاهِيمَ عَنْ عَلْقَمَةَ قَالَ قَالَ عَبْدُ اللهِ صَلَّى النَّبِيُّ قَالَ إِبْرَاهِيمُ لاَ أَدْرِي زَادَ أَوْ نَقَصَ فَلَمَّا سَلَّمَ قِيلَ لَهُ يَا رَسُولَ اللهِ صلى الله عليه وسلم أَحَدَثَ فِي الصَّلاَةِ شَيْءٌ قَالَ وَمَا ذَاكَ قَالُوا صَلَّيْتَ كَذَا وَكَذَا فَثَنَى رِجْلَيْهِ وَاسْتَقْبَلَ الْقِبْلَةَ وَسَجَدَ سَجْدَتَيْنِ ثُمَّ سَلَّمَ فَلَمَّا أَقْبَلَ عَلَيْنَا بِوَجْهِهِ قَالَ إِنَّهُ لَوْ حَدَثَ فِي الصَّلاَةِ شَيْءٌ لَنَبَّأْتُكُمْ بِهِ وَلَكِنْ إِنَّمَا أَنَا بَشَرٌ مِثْلُكُمْ أَنْسَى كَمَا تَنْسَوْنَ فَإِذَا نَسِيتُ فَذَكِّرُونِي وَإِذَا شَكَّ أَحَدُكُمْ فِي صَلاَتِهِ فَلْيَتَحَرَّ الصَّوَابَ فَلْيُتِمَّ عَلَيْهِ ثُمَّ لِيُسَلِّمْ ثُمَّ يَسْجُدُ سَجْدَتَيْنِ.৪০১- ‘আব্দুল্লাহ (ৰাদ্বিয়াল্লাহু আনহুৰ) দ্বাৰা বর্ণিত। নবী চাল্লাল্লাহু আলাইহি অছাল্লামে ছালাত আদায় কৰিলে। ৰাবী ইব্রাহীম (ৰাহিমাহুল্লাহে) কয়ঃ মই নাজানো, তেখেতে বেছি কৰিছিল নে কম কৰিছিল। ছালাম ফিৰোৱাৰ পিছত তেখেতক কোৱা হ’ল, হে আল্লাহৰ ৰাছুল! ছালাতৰ মাজত নতুন কিবা হৈছে নেকি? তেখেতে কলেঃ কি নতুন? তেওঁলোকে কলেঃ আপুনি এনে ধৰণে ছালাত আদায় কৰিলে। তেখেতে তেতিয়াই দুই ভৰি ঘূৰাই কিবলামুখী হ’ল আৰু দুটা ছাজদাহ আদায় কৰিলে, তাৰ পিছত ছালাম ফিৰালে। পিছত আমাৰ ফালে ঘূৰি কলেঃ ছালাত সম্পৰ্কে কিবা নতুন হলে, সেয়া অৱশ্যে তোমালোকক জনালোহেঁতেন। কিন্তু ময়ো তোমালোকৰ দৰেই এজন মানুহ। তোমালোকৰ যিদৰে পাহিৰ যোৱা, ময়ো তেনেদৰে কেতিয়াবা পাহৰি যাওঁ। কোনো সময়ত মই পাহৰি গলে মোক মনত পেলাই দিবা। তোমালোকৰ কোনোবাই ছালাত সম্বন্ধে সন্দেহত পতিত হলে তেওঁ যেন শুদ্ধ কৰাৰ চেষ্টা কৰে আৰু সেই মতে ছালাত পূৰণ কৰে, তাৰ পিছত ছালাম ফিৰাই দুটা ছাজদাহ দিয়ে। (সংশ্লিষ্ট হাদীছসমূহঃ ৪০৪, ১২২৬, ৬৬৭১, ৭২৪৯; মুছলিম ৫/১৯, হাদীছ নং ৫৭২, ৪১৭৪ আহমদ) (আধুনিক প্রকাশনীঃ ৩৮৬, ইছলামী ফাউন্ডেচনঃ ৩৯২)
পৰিচ্ছেদঃ নং ৩২, কিব্লাহ সম্পৰ্কে বৰ্ণনা। ভুলবশতঃ কিব্লাহৰ পৰিবৰ্তে আন পিনে মুখ কৰি ছালাত আদায় কৰিলে সেয়া পুনৰ আদায় কৰাটো যিসকলৰ মতে আৱশ্যকীয় নহয়।নবী চাল্লাল্লাহু আলাইহি অছাল্লামে জোহৰৰ দুই ৰাকাত ছালাত আদায় কৰি ছালাম ফিৰাই মুচল্লীসকলৰ ফালে মুখ কৰিলে। তাৰ পিছত বাকী ছালাত সম্পূর্ণ কৰিলে।হাদীছ - 402٤۰۲- حَدَّثَنَا عَمْرُو بْنُ عَوْنٍ، قَالَ حَدَّثَنَا هُشَيْمٌ، عَنْ حُمَيْدٍ، عَنْ أَنَسٍ، قَالَ قَالَ عُمَرُ وَافَقْتُ رَبِّي فِي ثَلاَثٍ، فَقُلْتُ يَا رَسُولَ اللَّهِ لَوِ اتَّخَذْنَا مِنْ مَقَامِ إِبْرَاهِيمَ مُصَلًّى فَنَزَلَتْ ‏{‏وَاتَّخِذُوا مِنْ مَقَامِ إِبْرَاهِيمَ مُصَلًّى‏}‏ وَآيَةُ الْحِجَابِ قُلْتُ يَا رَسُولَ اللَّهِ، لَوْ أَمَرْتَ نِسَاءَكَ أَنْ يَحْتَجِبْنَ، فَإِنَّهُ يُكَلِّمُهُنَّ الْبَرُّ وَالْفَاجِرُ‏.‏ فَنَزَلَتْ آيَةُ الْحِجَابِ، وَاجْتَمَعَ نِسَاءُ النَّبِيِّ صلى الله عليه وسلم صلى الله عليه وسلم فِي الْغَيْرَةِ عَلَيْهِ فَقُلْتُ لَهُنَّ عَسَى رَبُّهُ إِنْ طَلَّقَكُنَّ أَنْ يُبَدِّلَهُ أَزْوَاجًا خَيْرًا مِنْكُنَّ‏.‏ فَنَزَلَتْ هَذِهِ الآيَةُ‏.‏ قَالَ أَبُو عَبْد اللهِ و حَدَّثَنَا ابْنُ أَبِي مَرْيَمَ قَالَ أَخْبَرَنَا يَحْيَى بْنُ أَيُّوبَ قَالَ حَدَّثَنِي حُمَيْدٌ قَالَ سَمِعْتُ أَنَسًا بِهَذَا.৪০২- আনাছ ইবনু মালিক (ৰাদ্বিয়াল্লাহু আনহু) দ্বাৰা বর্ণিত। তেখেতে কৈছে, ‘ওমৰ (ৰাদ্বিয়াল্লাহু আনহুৱে) কৈছেঃ তিনিটা বিষয়ত মোৰ অভিমত আল্লাহৰ অহীৰ সৈতে সামঞ্জস্যপূর্ণ হৈছে। মই কৈছিলো, হে আল্লাহৰ ৰাছুল! আমি যদি মাকামে ইব্রাহীমক ছালাতৰ স্থানৰূপে গ্ৰহণ কৰিলোহেঁতেন! তাৰ পিছত এই আয়াত অৱতীৰ্ণ হলঃ ‘‘তোমালোকে মাকামে ইব্রাহীমক ছালাতৰ স্থানৰূপে লোৱা’’। (ছুৰা আল-বাক্বাৰা ২/১২৫)। (দ্বিতীয়) পর্দাৰ আয়াত, মই কৈছিলোঃ হে আল্লাহৰ ৰাছুল! আপুনি যদি আপোনাৰ সহধর্মিণী সকলক পর্দাৰ আদেশ কৰিলেহেঁতেন! কাৰণ, সৎ আৰু অসৎ সকলোৱে তেখেত সকলৰ লগত কথা পাতে। তেতিয়া পর্দাৰ আয়াত নাযিল হৈছিল। আকৌ এবাৰ নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ সহধর্মিণী সকল অভিমানসহ একেলগে তেখেতৰ কাষত উপস্থিত হৈছিল। তেতিয়া মই তেখেত সকলক কলোঃ “আল্লাহৰ ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামে যদি আপোনালোকক তালাক দিয়ে, তেনেহলে তেখেতৰ প্ৰতিপালকে তেখেতক আপোনালোকৰ পৰিবৰ্তে আপোনালোকতকৈ উত্তম অনুগত স্ত্ৰী দান কৰিব”। (ছুৰা তাহৰীম ৬৬/৫)। তেতিয়া এই আয়াত অৱতীর্ণ হয়।
আন এটা চনদত হুমাইদে কৈছে, মই আনাছ (ৰাদ্বিয়াল্লাহু আনহু)ৰ পৰা অনুৰূপ শুনা পাইছো। (সংশ্লিষ্ট হাদীছসমূহঃ ৪৪৮৩, ৪৭৯০, ৪৯১৬) (আধুনিক প্রকাশনীঃ ৩৮৭, ইছলামী ফাউন্ডেচনঃ ৩৯৩)
হাদীছ - 403٤۰۳- عَبْدُ اللهِ بْنُ يُوسُفَ قَالَ أَخْبَرَنَا مَالِكُ بْنُ أَنَسٍ عَنْ عَبْدِ اللهِ بْنِ دِينَارٍ عَنْ عَبْدِ اللهِ بْنِ عُمَرَ قَالَ بَيْنَا النَّاسُ بِقُبَاءٍ فِي صَلاَةِ الصُّبْحِ إِذْ جَاءَهُمْ آتٍ فَقَالَ إِنَّ رَسُولَ اللهِ صلى الله عليه وسلم قَدْ أُنْزِلَ عَلَيْهِ اللَّيْلَةَ قُرْآنٌ وَقَدْ أُمِرَ أَنْ يَسْتَقْبِلَ الْكَعْبَةَ فَاسْتَقْبِلُوهَا وَكَانَتْ وُجُوهُهُمْ إِلَى الشَّأْمِ فَاسْتَدَارُوا إِلَى الْكَعْبَةِ.৪০৩. ‘আব্দুল্লাহ ইবনু ‘ওমৰ (ৰাদ্বিয়াল্লাহু আনহু)ৰ দ্বাৰা বর্ণিত। তেখেতে কৈছেঃ এদিনাখন মানুহসকলে কুবা নামৰ ঠাইত ফজৰৰ ছালাত আদায় কৰিছিল। সেই সময়তে তেখেতসকলৰ ওচৰলৈ এজন ব্যক্তি আহি কলে, আজি ৰাতি আল্লাহৰ ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামৰ প্রতি অহী অৱতীর্ণ হৈছে, আৰু তেখেতক কা’বা মুখী হোৱাৰ নিৰ্দেশ দিয়া হৈছে, গতিকে তোমালোকেও কা’বাৰ দিশত মুখ ঘুৰোৱা। তেতিয়া তেওঁলোক শ্বামৰ (বায়তুল মাকদিছৰ) দিশত মুখ কৰি আছিল। এই কথা শুনি তেওঁলোকে কা’বাৰ দিশত মুখ ঘূৰাই ললে। (সংশ্লিষ্ট হাদীছসমূহঃ ৪৪৮৮, ৪৪৯০, ৪৪৯১, ৪৪৯৩, ৪৪৯৪, ৭২৫১; মুছলিম ৫/২, হাদীছ নং ৫২৬) (আধুনিক প্রকাশনীঃ ৩৮৮, ইছলামী ফাউন্ডেচনঃ ৩৯৪)
হাদীছ - 404٤۰٤- مُسَدَّدٌ قَالَ حَدَّثَنَا يَحْيَى عَنْ شُعْبَةَ عَنِ الْحَكَمِ عَنْ إِبْرَاهِيمَ عَنْ عَلْقَمَةَ عَنْ عَبْدِ اللهِ قَالَ صَلَّى النَّبِيُّ الظُّهْرَ خَمْسًا فَقَالُوا أَزِيدَ فِي الصَّلاَةِ قَالَ وَمَا ذَاكَ قَالُوا صَلَّيْتَ خَمْسًا فَثَنَى رِجْلَيْهِ وَسَجَدَ سَجْدَتَيْنِ.৪০৪- ‘আব্দুল্লাহ (ইবনু মা’চুদ) ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বর্ণিত। তেখেতে কৈছেঃ এদিনাখন নবী চাল্লাল্লাহু আলাইহি অছাল্লামে জোহৰৰ ছালাত পাঁচ ৰাকাত আদায় কৰিলে। তেতিয়া মুছল্লীসকলে সুধিলেঃ ছালাত বৃদ্ধি কৰা হৈছে নেকি? তেখেতে কলেঃ তাৰ মানে কি? তেওঁলোকে কলেঃ আপুনি দেখুন পাঁচ ৰাকাত ছালাত আদায় কৰিলে। ৰাবীয়ে কৈছে, তেখেতে নিজৰ ভৰি ঘূৰাই লৈ (কিবলামুখী হৈ) দুটা ছাজদাহ (চহু) কৰিলে। (সংশ্লিষ্ট হাদীছঃ ৪০১) (আধুনিক প্রকাশনীঃ ৩৮৯, ইছলামী ফাউন্ডেচনঃ ৩৯৫)
পৰিচ্ছেদঃ নং ৩৩, মছজিদত হাতেৰে থু পৰিস্কাৰ কৰা।হাদীছ - 405٤۰۵- قُتَيْبَةُ قَالَ حَدَّثَنَا إِسْمَاعِيلُ بْنُ جَعْفَرٍ عَنْ حُمَيْدٍ عَنْ أَنَسِ بْنِ مَالِكٍ أَنَّ النَّبِيَّ رَأَى نُخَامَةً فِي الْقِبْلَةِ فَشَقَّ ذَلِكَ عَلَيْهِ حَتَّى رُئِيَ فِي وَجْهِهِ فَقَامَ فَحَكَّهُ بِيَدِهِ فَقَالَ إِنَّ أَحَدَكُمْ إِذَا قَامَ فِي صَلاَتِهِ فَإِنَّهُ يُنَاجِي رَبَّهُ أَوْ إِنَّ رَبَّهُ بَيْنَهُ وَبَيْنَ الْقِبْلَةِ فَلاَ يَبْزُقَنَّ أَحَدُكُمْ قِبَلَ قِبْلَتِهِ وَلَكِنْ عَنْ يَسَارِهِ أَوْ تَحْتَ قَدَمَيْهِ ثُمَّ أَخَذَ طَرَفَ رِدَائِهِ فَبَصَقَ فِيهِ ثُمَّ رَدَّ بَعْضَهُ عَلَى بَعْضٍ فَقَالَ أَوْ يَفْعَلُ هَكَذَا.৪০৫. আনাছ ইবনু মালিক (ৰাদ্বিয়াল্লাহু আনহু)ৰ পৰা বর্ণিত যে, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে ক্বিবলাৰ দিশৰ দেৱালত ‘কফ’ দেখি কষ্ট অনুভৱ কৰিলে, যিটো তেখেতৰ চেহেৰাত ফুটি উঠিছিল। তেখেত উঠি গৈ সেয়া হাতেৰে পৰিষ্কাৰ কৰিলে। তাৰ পিছত কলেঃ তোমালোকৰ মাজৰ যেতিয়া কোনোবাই ছালাতত থিয় হয়, তেতিয়া সি নিজ প্ৰতিপালকৰ লগত একান্ত ভাৱে কথা পাতে, অথবা কৈছিল, তোমাৰ আৰু কিবলাৰ মাজত তোমাৰ ৰব্ব থাকে, গতিকে তোমালোকৰ কোনেও যেন কিবলাৰ দিশত থু নেপেলায় বৰং তেওঁ যেন বাওঁ দিশত অথবা ভৰিৰ তলত থু পেলায়। তাৰ পিছত চাদৰৰ আঁচল লৈ তাত থু পেলাই এটা অংশ আন অংশৰ ওপৰত ভাঁজ কৰিলে আৰু কলেঃ এনেদৰে কৰিবা। (সংশ্লিষ্ট হাদীছসমূহঃ ২৪১; মুছলিম ৫/১৩, হাদীছ নং ৫৫১, আহমদ ১২৮০৯) (আধুনিক প্রকাশনীঃ ৩৯০, ইছলামী ফাউন্ডেচনঃ ৩৯৬)
হাদীছ - 406٤۰٦- عَبْدُ اللهِ بْنُ يُوسُفَ قَالَ أَخْبَرَنَا مَالِكٌ عَنْ نَافِعٍ عَنْ عَبْدِ اللهِ بْنِ عُمَرَ أَنَّ رَسُولَ اللهِ صلى الله عليه وسلم رَأَى بُصَاقًا فِي جِدَارِ الْقِبْلَةِ فَحَكَّهُ ثُمَّ أَقْبَلَ عَلَى النَّاسِ فَقَالَ إِذَا كَانَ أَحَدُكُمْ يُصَلِّي فَلاَ يَبْصُقُ قِبَلَ وَجْهِهِ فَإِنَّ اللهَ قِبَلَ وَجْهِهِ إِذَا صَلَّى.৪০৬- ‘আব্দুল্লাহ ইবনু ‘ওমৰ (ৰাদ্বিয়াল্লাহু আনহু)ৰ পৰা বর্ণিত। আল্লাহৰ ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামে ক্বিবলাৰ দিশৰ দেৱালত থু দেখা পাই পৰিষ্কাৰ কৰিলে। তাৰ পিছত মানুহসকলৰ পিনে ঘূৰি কলেঃ তোমালোকৰ মাজৰ যেতিয়া কোনোবাই ছালাত আদায় কৰে, সি যেন সন্মুখৰ ফালে থু নেপেলায়। কাৰণ ছালাত আদায় কৰা সময়ত সন্মুখৰ ফালে আল্লাহ তা‘আলা থাকে। (সংশ্লিষ্ট হাদীছসমূহঃ ৭৫৩, ১২১৩, ৬১১১; মুছলিম ৫/১৩, হাদীছ নং ৫৪৭, আহমদ ৪৮৭৭) (আধুনিক প্রকাশনীঃ ৩৯১, ইছলামী ফাউন্ডেচনঃ ৩৯৭)
হাদীছ - 407٤۰۷- عَبْدُ اللهِ بْنُ يُوسُفَ قَالَ أَخْبَرَنَا مَالِكٌ عَنْ هِشَامِ بْنِ عُرْوَةَ عَنْ أَبِيهِ عَنْ عَائِشَةَ أُمِّ الْمُؤْمِنِينَ أَنَّ رَسُولَ اللهِ صلى الله عليه وسلم رَأَى فِي جِدَارِ الْقِبْلَةِ مُخَاطًا أَوْ بُصَاقًا أَوْ نُخَامَةً فَحَكَّهُ.৪০৭- উম্মুল ‘মুমিনীন ‘আইশ্বা (ৰাদ্বিয়াল্লাহু আনহা)ৰ দ্বাৰা বর্ণিত যে, আল্লাহৰ ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামে ক্বিবলাৰ দিশৰ বেৰত নাকৰ শেঙুন অথবা থু নাইবা কফ দেখা পালে আৰু সেয়া তেখেতে পৰিষ্কাৰ কৰি দিলে। (আধুনিক প্রকাশনীঃ ৩৯২, ইছলামী ফাউন্ডেচনঃ ৩৯৮)
পৰিচ্ছেদঃ নং ৩৪, কঙ্কৰেৰে মছজিদৰ পৰা নাকৰ শেঙুন পৰিস্কাৰ কৰা।ইবনু ‘আব্বাছ ৰাদ্বিয়াল্লাহু আনহুৱে কৈছেঃ যদি সেমেকা আবর্জনাত তোমালোকৰ ভৰি পৰে তেতিয়া ধুই পেলাবা আৰু শুকান হলে ধোৱাৰ প্ৰয়োজন নাই।হাদীছ - 408-409٤۰۸-٤۰۹ مُوسَى بْنُ إِسْمَاعِيلَ قَالَ أَخْبَرَنَا إِبْرَاهِيمُ بْنُ سَعْدٍ أَخْبَرَنَا ابْنُ شِهَابٍ عَنْ حُمَيْدِ بْنِ عَبْدِ الرَّحْمَنِ أَنَّ أَبَا هُرَيْرَةَ وَأَبَا سَعِيدٍ حَدَّثَاهُ أَنَّ رَسُولَ اللهِ صلى الله عليه وسلم رَأَى نُخَامَةً فِي جِدَارِ الْمَسْجِدِ فَتَنَاوَلَ حَصَاةً فَحَكَّهَا فَقَالَ إِذَا تَنَخَّمَ أَحَدُكُمْ فَلاَ يَتَنَخَّمَنَّ قِبَلَ وَجْهِهِ وَلاَ عَنْ يَمِينِهِ وَلْيَبْصُقْ عَنْ يَسَارِهِ أَوْ تَحْتَ قَدَمِهِ الْيُسْرَى.৪০৮-৪০৯- আবূ হুৰাইৰাহ আৰু আবূ ছা’ঈদ (খুদৰী) (ৰাদ্বিয়াল্লাহু আনহুমা)ৰ পৰা বর্ণিত যে, আল্লাহৰ ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামs মছজিদৰ বেৰত কফ দেখা পাই কঙ্কৰ লৈ সেয়া পৰিষ্কাৰ কৰিলে। তাৰ পিছত তেখেতে কলেঃ তোমালোকৰ কোনোবাই যদি কফ পেলায়, সি যেন সন্মুখৰ দিশত বা সোঁ ফালে কফ নেপেলায় বৰং বাওঁ ফালে বা বাওঁ ভৰিৰ তলত পেলায়। (সংশ্লিষ্ট হাদীছসমূহঃ ৪১০, ৪১১, ৪১৪, ৪১৬) (আধুনিক প্রকাশনীঃ ৩৯৩, ইছলামী ফাউন্ডেচনঃ ৩৯৯)
পৰিচ্ছেদঃ নং ৩৫, ছালাতত সোঁফালে থু নেপেলাব।হাদীছ - 410-411٤۱۰-٤۱۱ يَحْيَى بْنُ بُكَيْرٍ قَالَ حَدَّثَنَا اللَّيْثُ عَنْ عُقَيْلٍ عَنْ ابْنِ شِهَابٍ عَنْ حُمَيْدِ بْنِ عَبْدِ الرَّحْمَنِ أَنَّ أَبَا هُرَيْرَةَ وَأَبَا سَعِيدٍ أَخْبَرَاهُ أَنَّ رَسُولَ اللهِ صلى الله عليه وسلم رَأَى نُخَامَةً فِي حَائِطِ الْمَسْجِدِ فَتَنَاوَلَ رَسُولُ اللهِ صلى الله عليه وسلم حَصَاةً فَحَتَّهَا ثُمَّ قَالَ إِذَا تَنَخَّمَ أَحَدُكُمْ فَلاَ يَتَنَخَّمْ قِبَلَ وَجْهِهِ وَلاَ عَنْ يَمِينِهِ وَلْيَبْصُقْ عَنْ يَسَارِهِ أَوْ تَحْتَ قَدَمِهِ الْيُسْرَى.৪১০-৪১১- আবূ হুৰাইৰাহ আৰু আবূ ছা’ঈদ (খুদৰী) (ৰাদ্বিয়াল্লাহু আনহুমা)ৰ পৰা বর্ণিত যে, আল্লাহৰ ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লাম মছজিদৰ বেৰত কফ দেখা পাই কঙ্কৰ লৈ সেয়া পৰিষ্কাৰ কৰিলে। তাৰ পিছত তেখেতে কলেঃ তোমালোকৰ কোনোবাই যদি কফ পেলায়, সি যেন সন্মুখৰ দিশত বা সোঁ ফালে কফ নেপেলায় বৰং বাওঁ ফালে বা বাওঁ ভৰিৰ তলত পেলায়। (সংশ্লিষ্ট হাদীছসমূহঃ ৪০৮, ৪০৯; মুছলিম ৫/১৩, হাদীছ নং ৫৪৮, আহমদ ১১০২৫) (আধুনিক প্রকাশনীঃ ৩৯৪, ইছলামী ফাউন্ডেচনঃ ৪০০)
হাদীছ - 412٤۱۲- حَفْصُ بْنُ عُمَرَ قَالَ حَدَّثَنَا شُعْبَةُ قَالَ أَخْبَرَنِي قَتَادَةُ قَالَ سَمِعْتُ أَنَسَ بْنَ مَالِكٍ قَالَ قَالَ النَّبِيُّ لاَ يَتْفِلَنَّ أَحَدُكُمْ بَيْنَ يَدَيْهِ وَلاَ عَنْ يَمِينِهِ وَلَكِنْ عَنْ يَسَارِهِ أَوْ تَحْتَ رِجْلِهِ.৪১২- আনাছ (ৰাদ্বিয়াল্লাহু আনহু)ৰ দ্বাৰা বর্ণিত। তেখেতে কৈছে, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ তোমালোকৰ কোনেও যেন সন্মুখৰ ফালে বা সোঁ ফালে থু নেপেলায়, বৰং বাওঁ ফালে অথবা বাওঁ ভৰিৰ তলত যেন থু পেলায়। (সংশ্লিষ্ট হাদীছঃ ২৪১) (আধুনিক প্রকাশনীঃ ৩৯৫, ইছলামী ফাউন্ডেচনঃ ৪০১)
পৰিচ্ছেদঃ নং ৩৬, থু বাওঁফালে অথবা বাওঁ ভৰিৰ তলত পেলোৱা উচিত।হাদীছ - 413٤۱۳- آدَمُ قَالَ حَدَّثَنَا شُعْبَةُ قَالَ حَدَّثَنَا قَتَادَةُ قَالَ سَمِعْتُ أَنَسَ بْنَ مَالِكٍ قَالَ قَالَ النَّبِيُّ إِنَّ الْمُؤْمِنَ إِذَا كَانَ فِي الصَّلاَةِ فَإِنَّمَا يُنَاجِي رَبَّهُ فَلاَ يَبْزُقَنَّ بَيْنَ يَدَيْهِ وَلاَ عَنْ يَمِينِهِ وَلَكِنْ عَنْ يَسَارِهِ أَوْ تَحْتَ قَدَمِهِ.৪১৩- আনাছ ইবনু মালিক (ৰাদ্বিয়াল্লাহু আনহুৰ) দ্বাৰা বর্ণিত। তেখেতে কৈছে, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ মু’মিন ব্যক্তি যেতিয়া ছালাতত থাকে, তেতিয়া তেওঁ নিজ প্রতিপালকৰ লগত নিভৃতে কথা পাতে। গতিকে তেওঁ যেন সন্মুখৰ ফালে বা সোঁ ফালে থু নেপেলায় বৰং তাৰ বাওঁফালে অথবা বাওঁ ভৰিৰ তলত পেলায়। (সংশ্লিষ্ট হাদীছঃ ২৪১) (আধুনিক প্রকাশনীঃ ৩৯৬, ইসলামী ফাউন্ডেশনঃ ৪০২)
হাদীছ - 414٤۱٤- عَلِيُّ بْنُ عَبْدِ اللهِ قَالَ حَدَّثَنَا سُفْيَانُ حَدَّثَنَا الزُّهْرِيُّ عَنْ حُمَيْدِ بْنِ عَبْدِ الرَّحْمَنِ عَنْ أَبِي سَعِيدٍ أَنَّ النَّبِيَّ أَبْصَرَ نُخَامَةً فِي قِبْلَةِ الْمَسْجِدِ فَحَكَّهَا بِحَصَاةٍ ثُمَّ نَهَى أَنْ يَبْزُقَ الرَّجُلُ بَيْنَ يَدَيْهِ أَوْ عَنْ يَمِينِهِ وَلَكِنْ عَنْ يَسَارِهِ أَوْ تَحْتَ قَدَمِهِ الْيُسْرَى وَعَنْ الزُّهْرِيِّ سَمِعَ حُمَيْدًا عَنْ أَبِي سَعِيدٍ نَحْوَهُ.৪১৪- আবূ চা’ঈদ (ৰাদ্বিয়াল্লাহু আনহুৰ) দ্বাৰা বর্ণিত যে, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে এদিন মছজিদৰ কিবলাৰ দিশৰ বেৰত কফ দেখা পালে, তেতিয়া তেখেতে কঙ্কৰ দি সেয়া মচি পেলালে। তাৰপিছত সন্মুখৰ ফালে অথবা সোঁ ফালে থু পেলোৱা নিষেধ কৰিলে কিন্তু (প্রয়োজনত) বাওঁ ফালে অথবা বাওঁ ভৰিৰ তলত থু পেলাবলৈ কলে। যুহৰী ৰাহিমাহুল্লাহে হুমাইদ ৰাহিমাহুল্লাহৰ মাধ্যমত আবূ চা’ঈদ খুদৰী (ৰাদ্বিয়াল্লাহু আনহুৰ) পৰা অনুৰূপ শুনিছে। (সংশ্লিষ্ট হাদীছঃ ৪০৯) (আধুনিক প্রকাশনীঃ ৩৯৭, ইছলামী ফাউন্ডেচনঃ ৪০৩)
পৰিচ্ছেদঃ নং ৩৭. মছজিদত থু পেলোৱাৰ কাফফৰা।হাদীছ - 415٤۱۵- آدَمُ قَالَ حَدَّثَنَا شُعْبَةُ قَالَ حَدَّثَنَا قَتَادَةُ قَالَ سَمِعْتُ أَنَسَ بْنَ مَالِكٍ قَالَ قَالَ النَّبِيُّ الْبُزَاقُ فِي الْمَسْجِدِ خَطِيئَةٌ وَكَفَّارَتُهَا دَفْنُهَا.৪১৫. আনাছ ইবনু মালিক (ৰাদ্বিয়াল্লাহু আনহুৰ) দ্বাৰা বর্ণিত। তেখেতে কৈছে, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ মছজিদত থু পেলোৱা গুনাহ আৰু তাৰ কফ্ফৰা (প্ৰতিকাৰ) হৈছে সেয়া পৰিষ্কাৰ কৰা। (মুছলিম ৫/১৩, হাদীছ নং ৫৫২, আহমদ ১২৭৭৫) (আধুনিক প্রকাশনীঃ ৩৯৮, ইছলামী ফাউন্ডেচনঃ ৪০৪)
পৰিচ্ছেদঃ নং ৩৮. মছজিদত কফ পুতি পেলোৱা।হাদীছ - 416٤۱٦- إِسْحَاقُ بْنُ نَصْرٍ قَالَ حَدَّثَنَا عَبْدُ الرَّزَّاقِ عَنْ مَعْمَرٍ عَنْ هَمَّامٍ سَمِعَ أَبَا هُرَيْرَةَ عَنِ النَّبِيِّ صلى الله عليه وسلم قَالَ إِذَا قَامَ أَحَدُكُمْ إِلَى الصَّلاَةِ فَلاَ يَبْصُقْ أَمَامَهُ فَإِنَّمَا يُنَاجِي اللهَ مَا دَامَ فِي مُصَلاَّهُ وَلاَ عَنْ يَمِينِهِ فَإِنَّ عَنْ يَمِينِهِ مَلَكًا وَلْيَبْصُقْ عَنْ يَسَارِهِ أَوْ تَحْتَ قَدَمِهِ فَيَدْفِنُهَا.৪১৬. আবূ হুৰাইৰাহ (ৰাদ্বিয়াল্লাহু আনহু)ৰ সূত্রত নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৰা বর্ণিত। তেখেতে কৈছেঃ তোমালোকৰ মাজৰ কোনোবাই যেতিয়া ছালাতত থিয় হয়, সি যেন সন্মুখৰ ফালে থু নেপেলায়। কাৰণ সি মুছল্লাত থকা সময়ত মহান আল্লাহৰ লগত মনে মনে কথা পাতে। আৰু সোঁ ফালেও যেন থু নেপেলায়, কাৰণ সোঁফালে ফিৰিস্তা থাকে। বৰং বাওঁফালে অথবা বাওঁ ভৰিৰ তলত থু পেলোৱা উচিত, যাতে ঢাকি দিয়া যায়। (সংশ্লিষ্ট হাদীছঃ ৪০৮) (আধুনিক প্রকাশনীঃ ৩৯৯, ইছলামী ফাউন্ডেচনঃ ৪০৫)
পৰিচ্ছেদঃ নং ৩৯. থু পেলাবলৈ বাধ্য হলে কাপোৰৰ কিনাৰত পেলাব লাগে।হাদীছ - 417٤۱۷- مَالِكُ بْنُ إِسْمَاعِيلَ قَالَ حَدَّثَنَا زُهَيْرٌ قَالَ حَدَّثَنَا حُمَيْدٌ عَنْ أَنَسِ بْنِ مَالِكٍ أَنَّ النَّبِيَّ رَأَى نُخَامَةً فِي الْقِبْلَةِ فَحَكَّهَا بِيَدِهِ وَرُئِيَ مِنْهُ كَرَاهِيَةٌ أَوْ رُئِيَ كَرَاهِيَتُهُ لِذَلِكَ وَشِدَّتُهُ عَلَيْهِ وَقَالَ إِنَّ أَحَدَكُمْ إِذَا قَامَ فِي صَلاَتِهِ فَإِنَّمَا يُنَاجِي رَبَّهُ أَوْ رَبُّهُ بَيْنَهُ وَبَيْنَ قِبْلَتِهِ فَلاَ يَبْزُقَنَّ فِي قِبْلَتِهِ وَلَكِنْ عَنْ يَسَارِهِ أَوْ تَحْتَ قَدَمِهِ ثُمَّ أَخَذَ طَرَفَ رِدَائِهِ فَبَزَقَ فِيهِ وَرَدَّ بَعْضَهُ عَلَى بَعْضٍ قَالَ أَوْ يَفْعَلُ هَكَذَا.৪১৭. আনাছ ইবনু মালিক (ৰাদ্বিয়াল্লাহু আনহু)ৰ দ্বাৰা বর্ণিত যে, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে ক্বিবলাৰ দিশৰ বেৰত কফ দেখি নিজ হাতে চাফা কৰিলে আৰু তেখেতৰ চেহেৰাত অসন্তোষ প্রকাশ পালে। বা সেই কাৰণে তেখেতৰ চেহাৰাত অসন্তোষ প্রকাশ পালে আৰু ইয়াৰ প্ৰতি ক্ষোভ প্ৰকাশ পালে। তেখেতে কলেঃ তোমালোকৰ মাজৰ যেতিয়া কোনোবাই ছালাতত থিয় হয়, তেতিয়া সি নিজ প্ৰতিপালকৰ লগত একান্ত ভাৱে কথা পাতে, অথবা কৈছিল, তোমাৰ আৰু কিবলাৰ মাজত তোমাৰ ৰব্ব থাকে, গতিকে তোমালোকৰ কোনেও যেন কিবলাৰ দিশত থু নেপেলায় বৰং তেওঁ যেন বাওঁ দিশত অথবা ভৰিৰ তলত থু পেলায়। তাৰ পিছত চাদৰৰ আঁচল লৈ তাত থু পেলাই এটা অংশ আন অংশৰ ওপৰত ভাঁজ কৰিলে আৰু কলেঃ এনেদৰে কৰিবা। (সংশ্লিষ্ট হাদীছঃ ২৪১) (আধুনিক প্রকাশনীঃ ৪০০, ইসলামী ফাউন্ডেশনঃ ৪০৬)
পৰিচ্ছেদঃ নং ৪০. ছালাত সম্পূর্ণ কৰা আৰু ক্বিবলা সম্পৰ্কে লোকসকলক ইমামৰ উপদেশ প্রদান।হাদীছ - 418٤۱۸- عَبْدُ اللهِ بْنُ يُوسُفَ قَالَ أَخْبَرَنَا مَالِكٌ عَنْ أَبِي الزِّنَادِ عَنِ الْأَعْرَجِ عَنْ أَبِي هُرَيْرَةَ أَنَّ رَسُولَ اللهِ صلى الله عليه وسلم قَالَ هَلْ تَرَوْنَ قِبْلَتِي هَا هُنَا فَوَاللهِ مَا يَخْفَى عَلَيَّ خُشُوعُكُمْ وَلاَ رُكُوعُكُمْ إِنِّي لَأَرَاكُمْ مِنْ وَرَاءِ ظَهْرِي.৪১৮. আবূ হুৰাইৰাহ (ৰাদ্বিয়াল্লাহু আনহু)ৰ দ্বাৰা বর্ণিত যে, আল্লাহৰ ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ তোমালোকে ভাবা নেকি যে, মোৰ দৃষ্টি কেৱল কিবলাৰ ফালে থাকে? আল্লাহৰ শপত! মোৰ ওচৰত তোমালোকৰ খুশ্বু (বিনয়) আৰু ৰুকু, একোৱেই গোপন নহয়। অৱশ্যে মই পিছফালৰ পৰাও তোমালোকক দেখা পাওঁ। (সংশ্লিষ্ট হাদীছঃ ৭৪১; মুছলিম ৪/২৪, হাদীছ নং ৪২৪, আহমদ ৮০৩০) (আধুনিক প্রকাশনীঃ ৪০১, ইছলামী ফাউন্ডেচনঃ ৪০৭)
হাদীছ - 419٤۱۹- يَحْيَى بْنُ صَالِحٍ قَالَ حَدَّثَنَا فُلَيْحُ بْنُ سُلَيْمَانَ عَنْ هِلاَلِ بْنِ عَلِيٍّ عَنْ أَنَسِ بْنِ مَالِكٍ قَالَ صَلَّى بِنَا النَّبِيُّ صَلاَةً ثُمَّ رَقِيَ الْمِنْبَرَ فَقَالَ فِي الصَّلاَةِ وَفِي الرُّكُوعِ إِنِّي لَأَرَاكُمْ مِنْ وَرَائِي كَمَا أَرَاكُمْ.৪১৯. আনাছ ইবনু মালিক (ৰাদ্বিয়াল্লাহু আনহু)ৰ দ্বাৰা বর্ণিত। তেখেতে কৈছেঃ নবী চাল্লাল্লাহু আলাইহি অছাল্লামে আমাক লৈ ছালাত আদায় কৰিলে, তাৰ পিছত মিম্বৰত উঠি কলেঃ মই তোমালোকক ছালাত আৰু ৰুকুত থকা অৱস্থাত মোৰ পিছফালৰ পৰা দেখা পাওঁ, ঠিক সেইদৰে যিদৰে এতিয়া তোমালোকক দেখি আছো। (সংশ্লিষ্ট হাদীছসমূহঃ ৭৪২, ৬৬৪৪) (আধুনিক প্রকাশনীঃ ৪০২, ইছলামী ফাউন্ডেচনঃ ৪০৮)
পৰিচ্ছেদঃ নং ৪১. অমুকৰ মছজিদ বুলি কব পাৰি নেকি?হাদীছ - 420٤۲۰- عَبْدُ اللهِ بْنُ يُوسُفَ قَالَ أَخْبَرَنَا مَالِكٌ عَنْ نَافِعٍ عَنْ عَبْدِ اللهِ بْنِ عُمَرَ أَنَّ رَسُولَ اللهِ صلى الله عليه وسلم سَابَقَ بَيْنَ الْخَيْلِ الَّتِي أُضْمِرَتْ مِنَ الْحَفْيَاءِ وَأَمَدُهَا ثَنِيَّةُ الْوَدَاعِ وَسَابَقَ بَيْنَ الْخَيْلِ الَّتِي لَمْ تُضْمَرْ مِنْ الثَّنِيَّةِ إِلَى مَسْجِدِ بَنِي زُرَيْقٍ وَأَنَّ عَبْدَ اللهِ بْنَ عُمَرَ كَانَ فِيمَنْ سَابَقَ بِهَا.৪২০. ‘আব্দুল্লাহ ইবনু ‘ওমৰ (ৰাদ্বিয়াল্লাহু আনহু)ৰ দ্বাৰা বর্ণিত। আল্লাহৰ ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামে যুদ্ধৰ বাবে সাজু কৰা ঘোঁৰাক লৈ ‘হাফিয়া’ নামক স্থানৰ পৰা ‘চানিয়্যাতুল অদা’ নামক স্থানলৈ দৌৰ প্ৰতিযোগিতা কৰাইছিল। আৰু যি ঘোঁৰা যুদ্ধৰ বাবে সাজু নাছিল, সেই ঘোঁৰাৰে ‘চানিয়্যাতুল অদা’ৰ পৰা জুৰাইক গোত্ৰৰ মছজিদ পৰ্য্যন্ত দৌৰ প্ৰতিযোগিতা কৰাইছিল। আৰু এই প্ৰতিযোগিতাত আব্দুল্লাহ ইবনু ওমৰ (ৰাদ্বিয়াল্লাহু আনহু) অগ্ৰগামী আছিল। (সংশ্লিষ্ট হাদীছসমূহঃ ২৮৬৮, ২৮৬৯, ২৮৭০, ৭৩৩৬; মুছলিম ৩৩/২৫, হাদীছ নং ১৮৭০, আহমদ ৪৪৮৭) (আধুনিক প্রকাশনীঃ ৪০৩, ইছলামী ফাউন্ডেচনঃ ৪০৯)
পৰিচ্ছেদঃ নং ৪২. মছজিদত কোনো বস্তু ভাগ কৰা আৰু (খেজুৰৰ) আষি ওলমোৱাই ৰখা।আবূ ‘আব্দুল্লাহ (ইমাম বুখাৰী ৰাহিমাহুল্লাহে) কৈছেঃ الْقِنْوُ আৰু الْعِذْقُ ৰ একেই অৰ্থ আষি বা থোক। ইয়াৰ দ্বিবচন قِنْوَانِ আৰু ইয়াৰ বহুবচনো হৈছে قِنْوَانِ । উহাদাহৰণস্বৰূপে صِنْوٍ ৰ বহুবচন وَصِنْوَانٍ ।হাদীছ - 421٤۲۱- وَقَالَ إِبْرَاهِيمُ يَعْنِي ابْنَ طَهْمَانَ عَنْ عَبْدِ الْعَزِيزِ بْنِ صُهَيْبٍ عَنْ أَنَسِ بْنِ مَالِكٍ قَالَ أُتِيَ النَّبِيُّ بِمَالٍ مِنَ الْبَحْرَيْنِ فَقَالَ انْثُرُوهُ فِي الْمَسْجِدِ وَكَانَ أَكْثَرَ مَالٍ أُتِيَ بِهِ رَسُولُ اللهِ صلى الله عليه وسلم فَخَرَجَ رَسُولُ اللهِ صلى الله عليه وسلم إِلَى الصَّلاَةِ وَلَمْ يَلْتَفِتْ إِلَيْهِ فَلَمَّا قَضَى الصَّلاَةَ جَاءَ فَجَلَسَ إِلَيْهِ فَمَا كَانَ يَرَى أَحَدًا إِلاَّ أَعْطَاهُ إِذْ جَاءَهُ الْعَبَّاسُ فَقَالَ يَا رَسُولَ اللهِ صلى الله عليه وسلم أَعْطِنِي فَإِنِّي فَادَيْتُ نَفْسِي وَفَادَيْتُ عَقِيلاً فَقَالَ لَهُ رَسُولُ اللهِ صلى الله عليه وسلم خُذْ فَحَثَا فِي ثَوْبِهِ ثُمَّ ذَهَبَ يُقِلُّهُ فَلَمْ يَسْتَطِعْ فَقَالَ يَا رَسُولَ اللهِ صلى الله عليه وسلم اؤْمُرْ بَعْضَهُمْ يَرْفَعْهُ إِلَيَّ قَالَ لاَ قَالَ فَارْفَعْهُ أَنْتَ عَلَيَّ قَالَ لاَ فَنَثَرَ مِنْهُ ثُمَّ ذَهَبَ يُقِلُّهُ فَقَالَ يَا رَسُولَ اللهِ صلى الله عليه وسلم اؤْمُرْ بَعْضَهُمْ يَرْفَعْهُ عَلَيَّ قَالَ لاَ قَالَ فَارْفَعْهُ أَنْتَ عَلَيَّ قَالَ لاَ فَنَثَرَ مِنْهُ ثُمَّ احْتَمَلَهُ فَأَلْقَاهُ عَلَى كَاهِلِهِ ثُمَّ انْطَلَقَ فَمَا زَالَ رَسُولُ اللهِ صلى الله عليه وسلم يُتْبِعُهُ بَصَرَهُ حَتَّى خَفِيَ عَلَيْنَا عَجَبًا مِنْ حِرْصِهِ فَمَا قَامَ رَسُولُ اللهِ صلى الله عليه وسلم وَثَمَّ مِنْهَا دِرْهَمٌ.৪২১. আনাছ (ৰাদ্বিয়াল্লাহু আনহু)ৰ দ্বাৰা বর্ণিত। তেখেতে কৈছেঃ নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওচৰলৈ বাহৰেইনৰ পৰা কিছু সম্পদ আহিল। তেখেতে কলেঃ এই বিলাক মছজিদত থৈ দিয়া। আল্লাহৰ ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওচৰত যিমান সম্পদ আহিছিল, তাৰ ভিতৰত এই সম্পদৰ পৰিমাণ আছিল আটাইতকৈ বেছি। তাৰ পিছত আল্লাহৰ ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লাম ছালাতৰ বাবে ওলাই গ’ল কিন্তু সেই ফালে দৃষ্টি দিয়া নাছিল। ছালাত শেষ কৰি তেখেত এই সম্পদৰ ওচৰলৈ আহি বহিল, তেখেতে যাকে দেখা পাইছিল তাকেই কিছু সম্পদ দিছিল। ইতিমধ্যে ‘আববাছ (ৰাদ্বিয়াল্লাহু আনহু) আহি কলেঃ হে আল্লাহৰ ৰাছুল! মোকো কিছু দিয়ক, কাৰণ মই নিজৰ আৰু আকীলৰ (এওঁলোক দুজন বদৰৰ যুদ্ধত মুছলিমসকলৰ কয়েদী আছিল্) বাবে মুক্তিপণ দিছো। আল্লাহৰ ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামে তেওঁক কলেঃ লৈ যাওঁক। তেওঁ কাপোৰ এটা পাৰি ভৰাই ললে, আৰু উঠাবলৈ চেষ্টা কৰিলে কিন্তু উঠাব নোৱাৰি কলেঃ হে আল্লাহৰ ৰাছুল! কাৰোবাক কওক, মোক যেন এই বোজাটো উঠাই দিয়ে। তেখেতে কলেঃ নহয়। ‘আব্বাছ (ৰাদ্বিয়াল্লাহু আনহুৱে) কলেঃ তেন্তে আপুনিয়ে তুলি দিয়ক। তেখেতে কলেঃ নহয়। তেতিয়া ‘আব্বাছ (ৰাদ্বিয়াল্লাহু আনহুৱে) তাৰ পৰা কিছু বস্তু উলিয়াই থৈ দিলে আৰু উঠাবলৈ চেষ্টা কৰিলে। কিন্তু এইবাৰো উঠাব নোৱাৰাত পুনৰ কলেঃ হে আল্লাহৰ ৰাছুল! কাৰোবাক আদেশ কৰক যেন মোক টোপোলাটো তুলি দিয়ে। তেখেতে কলেঃ নহয়। ‘আব্বাছ (ৰাদ্বিয়াল্লাহু আনহুৱে) কলেঃ তেন্তে আপুনিয়ে তুলি দিয়ক। এইবাৰো তেখেতে কলেঃ নহয়। তেতিয়া ‘আব্বাছ (ৰাদ্বিয়াল্লাহু আনহুৱে) আৰু কিছু সম্পদ উলিয়াই থৈ দিলে। এইবাৰ তেওঁ উঠাব পাৰিলে আৰু সেয়া নিজৰ কান্ধত তুলি লৈ গ’ল। আল্লাহৰ ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামে তেওঁৰ এই লোভ দেখি ইমানেই অবাক হৈছিল যে, তেখেতে ‘আব্বাছ ৰাদ্বিয়াল্লাহু আনহুৰ ফালে চাই আছিল যেতিয়ালৈকে আমাৰ চকুৰ আঁতৰ হোৱা নাছিল। আল্লাহৰ ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামে তাত এটা দিৰহাম অবশিষ্ট থকালৈকে তাৰ পৰা উঠা নাছিল।
পৰিচ্ছেদঃ নং ৪৩. মছজিদত যাক খোৱাৰ দাৱাত দিয়া হয়, আৰু যিয়ে সেয়া কবূল কৰে।হাদীছ - 422٤۲۲- عَبْدُ اللهِ بْنُ يُوسُفَ أَخْبَرَنَا مَالِكٌ عَنْ إِسْحَاقَ بْنِ عَبْدِ اللهِ بْنِ أَبِي طَلْحَةَ سَمِعَ أَنَسًا قَالَ وَجَدْتُ النَّبِيَّ فِي الْمَسْجِدِ مَعَهُ نَاسٌ فَقُمْتُ فَقَالَ لِي آرْسَلَكَ أَبُو طَلْحَةَ قُلْتُ نَعَمْ فَقَالَ لِطَعَامٍ قُلْتُ نَعَمْ فَقَالَ لِمَنْ مَعَهُ قُومُوا فَانْطَلَقَ وَانْطَلَقْتُ بَيْنَ أَيْدِيهِمْ.৪২২. আনাছ (ৰাদ্বিয়াল্লাহু আনহু)ৰ দ্বাৰা বর্ণিত। তেখেতে কৈছেঃ মই নবী চাল্লাল্লাহু আলাইহি অছাল্লামক মছজিদত লগ পালো, তেখেতৰ লগত কেইজন মান চাহাবী আছিল। মই থিয় হলো, তেখেতে মোক কলেঃ তোমাক আবু ত্বালহাই পঠিয়াইছে নেকি? মই কলোঃ হয়। তেখেতে কলেঃ খোৱাৰ বাবে? মই কলোঃ হয়। তেতিয়া তেখেতে লগত যিসকল আছিল, তেওঁলোকক কলেঃ বলা যাওঁ। তাৰ পিছত তেখেতে যাবলৈ আৰম্ভ কৰিলে। (ৰাবীয়ে কৈছে) আৰু মই তেখেতসকলৰ আগে আগে গৈ আছিলো। (সংশ্লিষ্ট হাদীছসমূহঃ ৩৫৭৮, ৫৩৮১, ৫৪৫০, ৬৬৮৮) (আধুনিক প্রকাশনীঃ ৪০৪, ইছলামী ফাউন্ডেচনঃ ৪১০)
পৰিচ্ছেদঃ নং ৪৪. মছজিদত বিচাৰ কৰা আৰু নাৰী-পুৰুষৰ মাজত ‘লি’আন’ কৰা।হাদীছ - 423٤۲۳- يَحْيَى بْنُ مُوسَى قَالَ أَخْبَرَنَا عَبْدُ الرَّزَّاقِ قَالَ أَخْبَرَنَا ابْنُ جُرَيْجٍ قَالَ أَخْبَرَنِي ابْنُ شِهَابٍ عَنْ سَهْلِ بْنِ سَعْدٍ أَنَّ رَجُلاً قَالَ يَا رَسُولَ اللهِ صلى الله عليه وسلم أَرَأَيْتَ رَجُلاً وَجَدَ مَعَ امْرَأَتِهِ رَجُلاً أَيَقْتُلُهُ فَتَلَاعَنَا فِي الْمَسْجِدِ وَأَنَا شَاهِدٌ.৪২৩. ছাহল ইবনু চাআদ (ৰাদ্বিয়াল্লাহু আনহু)ৰ দ্বাৰা বর্ণিত। এজন ব্যক্তিয়ে কলেঃ হে আল্লাহৰ ৰাছুল! কোনোবাই যদি তেওঁৰ স্ত্ৰীৰ লগত অইন পুৰুষক দেখা পায়, তেওঁ তাক হত্যা কৰিব নে? ইয়াৰ পিছত মছজিদত তেওঁ আৰু তেওঁৰ স্ত্ৰীয়ে এজনে আনজনক ‘লিআ’ন’ কৰিলে। মই এই ঘটনা নিজে প্ৰত্যক্ষ কৰিছো। (সংশ্লিষ্ট হাদীছসমূহঃ ৪৭৪৫, ৪৭৪৬, ৫২৫৯, ৫৩০৮, ৫৩০৯, ৬৮৫৪, ৭১৬৫, ৭১৬৬, ৭৩০৪) (আধুনিক প্রকাশনীঃ ৪০৫, ইছলামী ফাউন্ডেচনঃ ৪১১)
পৰিচ্ছেদঃ নং ৪৫. কাৰোবাৰ ঘৰত প্রৱেশ কৰিলে যি স্থানত ইচ্ছা বা যি স্থানত নির্দেশ দিয়ে, সেই স্থানতে ছালাত আদায় কৰিব লাগে। এই সংক্ৰান্তত আৰু বিশেষ অনুসন্ধান কৰিব নালাগে।হাদীছ - 424٤۲٤- عَبْدُ اللهِ بْنُ مَسْلَمَةَ قَالَ حَدَّثَنَا إِبْرَاهِيمُ بْنُ سَعْدٍ عَنْ ابْنِ شِهَابٍ عَنْ مَحْمُودِ بْنِ الرَّبِيعِ عَنْ عِتْبَانَ بْنِ مَالِكٍ أَنَّ النَّبِيَّ أَتَاهُ فِي مَنْزِلِهِ فَقَالَ أَيْنَ تُحِبُّ أَنْ أُصَلِّيَ لَكَ مِنْ بَيْتِكَ قَالَ فَأَشَرْتُ لَهُ إِلَى مَكَانٍ فَكَبَّرَ النَّبِيُّ وَصَفَفْنَا خَلْفَهُ فَصَلَّى رَكْعَتَيْنِ.৪২৪. ‘ইতবান ইবনু মালিক (ৰাদ্বিয়াল্লাহু আনহু)ৰ দ্বাৰা বর্ণিত যে, নবী চাল্লাল্লাহু আলাইহি অছাল্লাম তেওঁৰ ঘৰত আহিল আৰু কলেঃ তোমাৰ ঘৰৰ কোন স্থানত মই ছালাত আদায় কৰাটো তুমি পছন্দ কৰা? তেওঁ কলেঃ তেতিয়া মই এডোখৰ স্থানৰ ফালে ইংগিত দিলো। নবী চাল্লাল্লাহু আলাইহি অছাল্লামে তকবীৰ কলে আৰু আমি তেখেতৰ পিছফালে শাৰী পাতি থিয় হলো। তেখেতে দুই ৰাকাত ছালাত আদায় কৰিলে। (সংশ্লিষ্ট হাদীছসমূহঃ ৪২৫ ৬৬৭, ৬৮৬, ৮৩৮, ৮৪০, ১১৮৬, ৪০০৯, ৪০১০, ৫৪০১, ৬৪২৩, ৬৯৩৮) (আধুনিক প্রকাশনীঃ ৪০৬, ইছলামী ফাউন্ডেচনঃ ৪১২)
পৰিচ্ছেদঃ নং ৪৬. ঘৰতে মছজিদ তৈয়াৰ কৰা।হাদীছ - 425٤۲۵- سَعِيدُ بْنُ عُفَيْرٍ قَالَ حَدَّثَنِي اللَّيْثُ قَالَ حَدَّثَنِي عُقَيْلٌ عَنْ ابْنِ شِهَابٍ قَالَ أَخْبَرَنِي مَحْمُودُ بْنُ الرَّبِيعِ الأَنْصَارِيُّ أَنَّ عِتْبَانَ بْنَ مَالِكٍ وَهُوَ مِنْ أَصْحَابِ رَسُولِ اللهِ مِمَّنْ شَهِدَ بَدْرًا مِنَ الأَنْصَارِ أَنَّهُ أَتَى رَسُولَ اللهِ صلى الله عليه وسلم فَقَالَ يَا رَسُولَ اللهِ صلى الله عليه وسلم قَدْ أَنْكَرْتُ بَصَرِي وَأَنَا أُصَلِّي لِقَوْمِي فَإِذَا كَانَتْ الْأَمْطَارُ سَالَ الْوَادِي الَّذِي بَيْنِي وَبَيْنَهُمْ لَمْ أَسْتَطِعْ أَنْ آتِيَ مَسْجِدَهُمْ فَأُصَلِّيَ بِهِمْ وَوَدِدْتُ يَا رَسُولَ اللهِ صلى الله عليه وسلم أَنَّكَ تَأْتِينِي فَتُصَلِّيَ فِي بَيْتِي فَأَتَّخِذَهُ مُصَلًّى قَالَ فَقَالَ لَهُ رَسُولُ اللهِ صلى الله عليه وسلم سَأَفْعَلُ إِنْ شَاءَ اللهُ قَالَ عِتْبَانُ فَغَدَا رَسُولُ اللهِ صلى الله عليه وسلم وَأَبُو بَكْرٍ حِينَ ارْتَفَعَ النَّهَارُ فَاسْتَأْذَنَ رَسُولُ اللهِ صلى الله عليه وسلم فَأَذِنْتُ لَهُ فَلَمْ يَجْلِسْ حَتَّى دَخَلَ الْبَيْتَ ثُمَّ قَالَ أَيْنَ تُحِبُّ أَنْ أُصَلِّيَ مِنْ بَيْتِكَ قَالَ فَأَشَرْتُ لَهُ إِلَى نَاحِيَةٍ مِنَ الْبَيْتِ فَقَامَ رَسُولُ اللهِ صلى الله عليه وسلم فَكَبَّرَ فَقُمْنَا فَصَفَّنَا فَصَلَّى رَكْعَتَيْنِ ثُمَّ سَلَّمَ قَالَ وَحَبَسْنَاهُ عَلَى خَزِيرَةٍ صَنَعْنَاهَا لَهُ قَالَ فَآبَ فِي الْبَيْتِ رِجَالٌ مِنْ أَهْلِ الدَّارِ ذَوُو عَدَدٍ فَاجْتَمَعُوا فَقَالَ قَائِلٌ مِنْهُمْ أَيْنَ مَالِكُ بْنُ الدُّخَيْشِنِ أَوِ ابْنُ الدُّخْشُنِ فَقَالَ بَعْضُهُمْ ذَلِكَ مُنَافِقٌ لاَ يُحِبُّ اللهَ وَرَسُولَهُ فَقَالَ رَسُولُ اللهِ صلى الله عليه وسلم لاَ تَقُلْ ذَلِكَ أَلاَ تَرَاهُ قَدْ قَالَ لآ إِلَهَ إِلاَّ اللهُ يُرِيدُ بِذَلِكَ وَجْهَ اللهِ قَالَ اللهُ وَرَسُولُهُ أَعْلَمُ قَالَ فَإِنَّا نَرَى وَجْهَهُ وَنَصِيحَتَهُ إِلَى الْمُنَافِقِينَ قَالَ رَسُولُ اللهِ صلى الله عليه وسلم فَإِنَّ اللهَ قَدْ حَرَّمَ عَلَى النَّارِ مَنْ قَالَ لآ إِلَهَ إِلاَّ اللهُ يَبْتَغِي بِذَلِكَ وَجْهَ اللهِ قَالَ ابْنُ شِهَابٍ ثُمَّ سَأَلْتُ الْحُصَيْنَ بْنَ مُحَمَّدٍ الأَنْصَارِيَّ وَهُوَ أَحَدُ بَنِي سَالِمٍ وَهُوَ مِنْ سَرَاتِهِمْ عَنْ حَدِيثِ مَحْمُودِ بْنِ الرَّبِيعِ الأَنْصَارِيِّ فَصَدَّقَهُ بِذَلِكَ.৪২৫. মাহমূদ ইবনু ৰাবী ‘আনচাৰী (ৰাদ্বিয়াল্লাহু আনহু)ৰ দ্বাৰা বর্ণিত যে, ‘ইতবান ইবনু মালিক (ৰাদ্বিয়াল্লাহু আনহু), যিজন আল্লাহৰ ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামৰ লগত বদৰৰ যুদ্ধত অংশগ্ৰহণকাৰী আনচাৰী সকলৰ অন্যতম, আল্লাহৰ ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওচৰত হাজিৰ হৈ আৰজ কৰিলে, হে আল্লাহৰ ৰাছুল! মোৰ দৃষ্টিশক্তি হ্ৰাস পাইছে। মই মোৰ গোত্ৰৰ লোকসকলক লৈ ছালাত আদায় কৰো, কিন্তু বৰষুণ দিলে মোৰ আৰু তেওঁলোকৰ ঘৰৰ মাজৰ ভূমিখিনিত পানী জমা হলে সেয়া পাৰ হৈ তেওঁলোকৰ মছজিদত উপস্থিত হবলৈ আৰু তেওঁলোকক লৈ ছালাত আদায় কৰাত সামৰ্থ নহওঁ। সেয়ে হে আল্লাহৰ ৰাছুল! মোৰ একান্ত ইচ্ছা যে, আপুনি মোৰ ঘৰত আহি কোনো এক স্থানত ছালাত আদায় কৰক, মই সেই স্থানটোকে ছালাতৰ বাবে নিৰ্দ্দিষ্ট কৰি লম। ৰাবীয়ে কৈছেঃ তেওঁক আল্লাহৰ ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামে কলেঃ ইন শ্বা আল্লাহ, অতি সোনকালে মই সেয়া কৰিম। ‘ইতবান (ৰাদ্বিয়াল্লাহু আনহু) কৈছেঃ পিছদিনা সূর্যোদয়ৰ পিছত আল্লাহৰ ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লাম আৰু আবূ বকৰ (ৰাদ্বিয়াল্লাহু আনহু) মোৰ ঘৰত পদধূলা পেলালে। আল্লাহৰ ৰছুল চাল্লাল্লাহু আলাইহি অছাল্লামে ভিতৰত প্ৰৱেশ কৰিবলৈ অনুমতি বিচৰাত মই তেখেতক অনুমতি দিলো। ঘৰত প্ৰৱেশ কৰি নবহাকৈয়ে সুধিলেঃ তোমাৰ ঘৰৰ কোন স্থানত ছালাত আদায় কৰাটো তুমি পছন্দ কৰা? মই তেখেতক ঘৰৰ এটা দিশৰ ফালে ইংগিত দিলো, তাৰ পিছত আল্লাহৰ ৰছুল চাল্লাল্লাহু আলাইহি অছাল্লাম থিয় হ’ল আৰু তকবীৰ কলে, আৰু আমিও থিয় হলো আৰু শাৰীত যোগ দিলো। তেখেতে দুই ৰাকাত ছালাত আদায় কৰিলে। তাৰ পিছত ছালাম ফিৰালে। তেওঁ (‘ইতবান) কৈছেঃ আমি তেখেতক কিছু ক্ষণৰ বাবে বহোৱালো আৰু তেখেতৰ বাবে প্ৰস্তুত কৰা “খাজীৰা” নামক আহাৰ পৰিবেশন কৰিলো। ৰাবীয়ে কৈছেঃ সেই সময়ত মহল্লাৰ কিছু লোক আহি ঘৰত ভিৰ কৰিলে। তেতিয়া উপস্থিত লোকসকলৰ মাজৰ এজনে কলেঃ ‘মালিক ইবনু দুখাইশ্বিন’ ক’ত আছে? অথবা কলেঃ ‘ইবনু দুখশ্বুন’ ক’ত? কোনোবাই উত্তৰ দি কলেঃ সি মুনাফিক, সি মহান আল্লাহ আৰু তেওঁৰ ৰাছুলক ভাল নাপায়। তেতিয়া আল্লাহৰ ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামে কলেঃ এনেকৈ নকবা। তুমি দেখা নাইনে যে, সি আল্লাহৰ সন্তোষ লাভৰ উদ্দেশ্যে ‘লা- ইলা-হা ইল্লাল্লাহ’’ পাঠ কৰিছে? তেতিয়া সেই ব্যক্তিয়ে কলেঃ আল্লাহ আৰু তেওঁৰ ৰাছুলেই ভালদৰে জানে। আমিতো তাৰ সম্পৰ্ক মুনাফিকসকলৰ শুভাকাংক্ষী হিচাপেই দেখো। আল্লাহৰ ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামে কলেঃ আল্লাহ তা‘আলাই এনে ব্যক্তিৰ প্রতি জাহান্নাম হাৰাম কৰি দিছে, যিয়ে আল্লাহৰ সন্তুষ্টি লাভৰ উদ্দেশ্যে ‘লা- ইলা-হা ইল্লাল্লাহ’ স্বীকাৰ কৰে। ‘ইবনে শ্বিহাবে কৈছেঃ তাৰ পিছত মই মাহমূদ ইবনে ৰাবী’ (ৰাদ্বিয়াল্লাহু আনহু)-ৰ হাদীছ সম্পর্কে হুচাইন ইবনু মুহাম্মাদ আনাছাৰীক সুধিলো, তেওঁ বনূ ছালিম গোত্রৰ এজন নেতৃস্থানীয় ব্যক্তি আছিল। তেওঁ এই হাদীছ সমর্থন কৰিলে। (সংশ্লিষ্ট হাদীছঃ ৪২৪) (আধুনিক প্রকাশনীঃ ৪০৭, ইছলামী ফাউন্ডেচনঃ ৪১৩)
পৰিচ্ছেদঃ নং ৪৭. মছজিদত প্রৱেশ আৰু অন্যান্য কাম সোঁ ফালেৰে আৰম্ভ কৰা।ইবনু ‘ওমৰ (ৰাদ্বিয়াল্লাহু আনহুৱে) প্রৱেশৰ সময়ত প্রথমে সোঁ ভৰিৰে আৰম্ভ কৰিছিল আৰু ওলাই অহাৰ সময়ত প্ৰথমে বাওঁ ভৰিৰে আৰম্ভ কৰিছিল।হাদীছ - 426٤۲٦- حدثنا سُلَيْمَانُ بْنُ حَرْبٍ قَالَ حَدَّثَنَا شُعْبَةُ عَنِ الْأَشْعَثِ بْنِ سُلَيْمٍ عَنْ أَبِيهِ عَنْ مَسْرُوقٍ عَنْ عَائِشَةَ قَالَتْ كَانَ النَّبِيُّ يُحِبُّ التَّيَمُّنَ مَا اسْتَطَاعَ فِي شَأْنِهِ كُلِّهِ فِي طُهُورِهِ وَتَرَجُّلِهِ وَتَنَعُّلِهِ.৪২৬. ‘আইশ্বা (ৰাদ্বিয়াল্লাহু আনহাৰ) দ্বাৰা বর্ণিত। তেখেতে কৈছেঃ নবী চাল্লাল্লাহু আলাইহি অছাল্লামে নিজৰ সকলো কাম যথাসম্ভৱ সোঁ ফালেৰে আৰম্ভটো কৰা পছন্দ কৰিছিল। পৱিত্ৰতা অর্জন, মূৰ আঁচোৰা আৰু জোতা পিন্ধাৰ সময়তো। (সংশ্লিষ্ট হাদীছঃ ১৬৮) (আধুনিক প্রকাশনীঃ ৪০৮, ইছলামী ফাউন্ডেচনঃ ৪১৪)
পৰিচ্ছেদঃ নং ৪৮. অজ্ঞতা যুগৰ মুশ্বৰিকসকলৰ কবৰ খান্দি পেলাই তাত মছজিদ নিৰ্মাণ কৰা বৈধ নে?কাৰণ নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে, ইহুদীসকলৰ ওপৰত আল্লাহে অভিসম্পাত কৰিছে, সিহঁতে নবীসকলৰ কবৰক মছজিদ বনাইছে। কবৰৰ ওপৰত ছালাত আদায় কৰা মকৰুহ হোৱা প্ৰসংগত ‘ওমৰ ইবনুল খাত্তাব (ৰাদ্বিয়াল্লাহু আনহুৱে) আনাছ ইব্‌নু মালিক (ৰাদ্বিয়াল্লাহু আনহু)-ক এটা কবৰৰ কাষত ছালাত আদায় কৰা দেখি কলেঃ কবৰ! কবৰ! কিন্তু তেখেতে তেওঁক ছালাত পুনৰ আদায় কৰিবলৈ কোৱা নাছিল।হাদীছ - 427٤۲۷- مُحَمَّدُ بْنُ الْمُثَنَّى قَالَ حَدَّثَنَا يَحْيَى عَنْ هِشَامٍ قَالَ أَخْبَرَنِي أَبِي عَنْ عَائِشَةَ أُمِّ الْمُؤْمِنِينَ أَنَّ أُمَّ حَبِيبَةَ وَأُمَّ سَلَمَةَ ذَكَرَتَا كَنِيسَةً رَأَيْنَهَا بِالْحَبَشَةِ فِيهَا تَصَاوِيرُ فَذَكَرَتَا لِلنَّبِيِّ فَقَالَ إِنَّ أُولَئِكَ إِذَا كَانَ فِيهِمْ الرَّجُلُ الصَّالِحُ فَمَاتَ بَنَوْا عَلَى قَبْرِهِ مَسْجِدًا وَصَوَّرُوا فِيهِ تِلْكَ الصُّوَرَ فَأُولَئِكَ شِرَارُ الْخَلْقِ عِنْدَ اللهِ يَوْمَ الْقِيَامَةِ.৪২৭. ‘আইশ্বা (ৰাদ্বিয়াল্লাহু আনহা)ৰ দ্বাৰা বর্ণিত যে, উম্মু হাবীবা আৰু উম্মু ছালামা (ৰাদ্বিয়াল্লাহু আনহা)ই হাবশাত (আবিচিনিয়াত) তেওঁলোকে দেখা এটা গীৰ্জাৰ কথা কৈছিল, য’ত ভালেমান সংখ্যক মূৰ্ত্তি আছিল। তেওঁলোক উভয়ে বিষয়টো নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওচৰত বর্ণনা কৰিলে। তেখেতে কলেঃ সিহঁত এনেকুৱা প্ৰকৃতিৰ লোক যে, সিহঁতৰ মাজৰ কোনো সৎ লোকৰ মৃত্যু হলে সিহঁতে উক্ত লোকজনৰ কবৰৰ ওপৰত মছজিদ সাজিছিল আৰু তাৰ ভিতৰত উক্ত লোকজনৰ মূৰ্তি সাজি ৰাখি থৈছিল। কিয়ামতৰ দিনা আল্লাহৰ ওচৰত সিহঁতেই আটাইতকৈ নিকৃষ্ট সৃষ্ট জীৱ হিচাপে পৰিগণিত হব। (সংশ্লিষ্ট হাদীছসমূহঃ ৪৩৪, ১৩৪১, ৩৭৩; মুছলিম ৫/৩, হাদীছ নং ৫২৮, আহমদ ২৪৩০৬) (আধুনিক প্রকাশনীঃ ৪০৯, ইছলামী ফাউন্ডেচনঃ ৪১৫)
হাদীছ - 428٤۲۸- مُسَدَّدٌ قَالَ حَدَّثَنَا عَبْدُ الْوَارِثِ عَنْ أَبِي التَّيَّاحِ عَنْ أَنَسِ بْنِ مَالِكٍ قَالَ قَدِمَ النَّبِيُّ الْمَدِينَةَ فَنَزَلَ أَعْلَى الْمَدِينَةِ فِي حَيٍّ يُقَالُ لَهُمْ بَنُو عَمْرِو بْنِ عَوْفٍ فَأَقَامَ النَّبِيُّ فِيهِمْ أَرْبَعَ عَشْرَةَ لَيْلَةً ثُمَّ أَرْسَلَ إِلَى بَنِي النَّجَّارِ فَجَاءُوا مُتَقَلِّدِي السُّيُوفِ كَأَنِّي أَنْظُرُ إِلَى النَّبِيِّ صلى الله عليه وسلم عَلَى رَاحِلَتِهِ وَأَبُو بَكْرٍ رِدْفُهُ وَمَلَأُ بَنِي النَّجَّارِ حَوْلَهُ حَتَّى أَلْقَى بِفِنَاءِ أَبِي أَيُّوبَ وَكَانَ يُحِبُّ أَنْ يُصَلِّيَ حَيْثُ أَدْرَكَتْهُ الصَّلاَةُ وَيُصَلِّي فِي مَرَابِضِ الْغَنَمِ وَأَنَّهُ أَمَرَ بِبِنَاءِ الْمَسْجِدِ فَأَرْسَلَ إِلَى مَلَإٍ مِنْ بَنِي النَّجَّارِ فَقَالَ يَا بَنِي النَّجَّارِ ثَامِنُونِي بِحَائِطِكُمْ هَذَا قَالُوا لاَ وَاللهِ لاَ نَطْلُبُ ثَمَنَهُ إِلاَّ إِلَى اللهِ فَقَالَ أَنَسٌ فَكَانَ فِيهِ مَا أَقُولُ لَكُمْ قُبُورُ الْمُشْرِكِينَ وَفِيهِ خَرِبٌ وَفِيهِ نَخْلٌ فَأَمَرَ النَّبِيُّ بِقُبُورِ الْمُشْرِكِينَ فَنُبِشَتْ ثُمَّ بِالْخَرِبِ فَسُوِّيَتْ وَبِالنَّخْلِ فَقُطِعَ فَصَفُّوا النَّخْلَ قِبْلَةَ الْمَسْجِدِ وَجَعَلُوا عِضَادَتَيْهِ الْحِجَارَةَ وَجَعَلُوا يَنْقُلُونَ الصَّخْرَ وَهُمْ يَرْتَجِزُونَ وَالنَّبِيُّ مَعَهُمْ وَهُوَ يَقُولُ اللَّهُمَّ لاَ خَيْرَ إِلاَّ خَيْرُ الْآخِرَهْ فَاغْفِرْ لِلْأَنْصَارِ وَالْمُهَاجِرَهْ.৪২৮. আনাছ ইবনু মালিক (ৰাদ্বিয়াল্লাহু আনহু)ৰ দ্বাৰা বর্ণিত। তেখেতে কৈছেঃ নবী চাল্লাল্লাহু আলাইহি অছাল্লাম মদিনাত উপস্থিত হৈ প্ৰথমে মদিনাৰ ওখ এলেকাত অৱস্থিত বানূ ‘আমৰ ইবনু আওফ’ নামৰ গোত্ৰত উপনীত হ’ল। তেওঁলোকৰ মাজত নবী চাল্লাল্লাহু আলাইহি অছাল্লাম চৌধ্য দিন অৱস্থান কৰে। তাৰ পিছত তেখেতে বানূ নাজ্জাৰক মাতি পঠিয়ালে। তেওঁলোকে কান্ধত তৰোৱাল ওলোমাই উপস্থিত হ’ল। মই যেন এতিয়াও সেই দৃশ্য দেখা পাইছো যে, নবী চাল্লাল্লাহু আলাইহি অছাল্লাম তেখেতৰ বাহনৰ ওপৰত, আবূ বকৰ (ৰাদ্বিয়াল্লাহু আনহু) সেই বাহনতে তেখেতৰ পিছফালে বহি আছে আৰু বানূ নাজ্জাৰৰ দল তেখেতৰ আশেপাশে গৈ আছে। অৱশেষত তেখেত আবূ আয়্যূব আনচাৰী (ৰাদ্বিয়াল্লাহু আনহু)-ৰ ঘৰৰ চোতালত অৱতৰণ কৰিলে। নবী চাল্লাল্লাহু আলাইহি অছাল্লামে যি স্থানতে ছালাতৰ সময় হয়, সেই স্থানতে তেখেত ছালাত আদায় কৰা পছন্দ কৰে, আনকি তেখেতে ছাগলী-ভেড়াৰ গোহালিতো ছালাত আদায় কৰিছে। এতিয়া তেখেতে মছজিদ নিৰ্মাণ কৰাৰ নির্দেশ দিলে। তেখেতে বানূ নাজ্জাৰক মাতি কলেঃ হে বানূ নাজ্জাৰ! তোমালোকে মোৰ পৰা তোমালোকৰ এই বাগিচাৰ মূল্য নিৰ্দ্ধাৰণ কৰা। তেওঁলোকে কলেঃ নহয়, আল্লাহৰ শপত, আমি ইয়াৰ দাম নলওঁ। ইয়াৰ মূল্য আমি একমাত্র আল্লাহৰ ওচৰত আশা কৰো। আনাছ (ৰাদ্বিয়াল্লাহু আনহুৱে) কৈছেঃ মই তোমালোকক কৈছো, ইয়াত মুশ্বৰিকসকলৰ কবৰ আৰু ভগ্নাৱশেষ আছিল। আৰু আছিল কেইটামান খেজুৰ গছ। নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ নির্দেশত মুশ্বৰিকসকলৰ কবৰ পুতি পেলোৱা হ’ল, ভগ্নাৱশেষ সমতল কৰি দিয়া হল, আৰু খেজুৰ গছবোৰ কাটি পেলোৱা হ’ল, তাৰ পিছত মছজিদৰ কিবলাত শাৰী শাৰীকৈ ৰখা হ’ল আৰু তাৰ দুয়োফালে শিল দিয়া হ’ল। চাহাবীসকলে শিল দাঙি আনোতে ছন্দোবদ্ধ কবিতা আবৃত্তি কৰিছিল। আৰু নবী চাল্লাল্লাহু আলাইহি অছাল্লামো তেওঁলোকৰ লগত আছিল। তেখেতে তেতিয়া কৈছিলঃ “হে আল্লাহ! আখিৰাতৰ কল্যাণৰ বাহিৰে (প্রকৃত) আৰু কোনো কল্যাণ নাই। তুমি আনচাৰ আৰু মুহাজিৰসকলক ক্ষমা কৰা।’’ (আধুনিক প্রকাশনীঃ ৪১০, ইছলামী ফাউন্ডেচনঃ ৪১৬)
পৰিচ্ছেদঃ নং ৪৯. ছাগলী ৰখা স্থানত ছালাত আদায় কৰা।হাদীছ - 429٤۲۹- سُلَيْمَانُ بْنُ حَرْبٍ قَالَ حَدَّثَنَا شُعْبَةُ عَنْ أَبِي التَّيَّاحِ عَنْ أَنَسِ بْنِ مَالِكٍ قَالَ كَانَ النَّبِيُّ يُصَلِّي فِي مَرَابِضِ الْغَنَمِ ثُمَّ سَمِعْتُهُ بَعْدُ يَقُولُ كَانَ يُصَلِّي فِي مَرَابِضِ الْغَنَمِ قَبْلَ أَنْ يُبْنَى الْمَسْجِدُ.৪২৯. আনাছ ইবনু মালিক (ৰাদ্বিয়াল্লাহু আনহু)ৰ দ্বাৰা বর্ণিত। তেখেতে কৈছেঃ নবী চাল্লাল্লাহু আলাইহি অছাল্লামে ছাগলী থকা স্থানতো ছালাত আদায় কৰিছে। ৰাবীয়ে কৈছে, তাৰ পিছত মই আনাছ (ৰাদ্বিয়াল্লাহু আনহু)ক কোৱা শুনিছো যে, মছজিদ নির্মাণৰ পূর্বে তেখেতে (নবী চাল্লাল্লাহু আলাইহি অছাল্লামে) ছাগলীৰ গোহালিতো ছালাত আদায় কৰিছে। (সংশ্লিষ্ট হাদীছঃ ২৩৪) (আধুনিক প্রকাশনীঃ ৪১১, ইছলামী ফাউন্ডেচনঃ ৪১৭)
পৰিচ্ছেদঃ নং ৫০. উট ৰখা স্থানত ছালাত আদায়।٤۳۰- حدثنا صَدَقَةُ بْنُ الْفَضْلِ قَالَ أَخْبَرَنَا سُلَيْمَانُ بْنُ حَيَّانَ قَالَ حَدَّثَنَا عُبَيْدُ اللهِ عَنْ نَافِعٍ قَالَ رَأَيْتُ ابْنَ عُمَرَ يُصَلِّي إِلَى بَعِيرِهِ وَقَالَ رَأَيْتُ النَّبِيَّ يَفْعَلُهُ.৪৩০. নাফে’ (ৰাহিমাহুল্লাহ)ৰ দ্বাৰা বর্ণিত। তেখেতে কৈছেঃ মই ইবনু ‘ওমৰ (ৰাদ্বিয়াল্লাহু আনহু)-ক তেখেতৰ উটক সন্মুখত ৰাখি ছালাত আদায় কৰা দেখিছো, আৰু ইবনে ওমৰ (ৰাদ্বিয়াল্লাহু আনহুৱে) কৈছেঃ মই নবী চাল্লাল্লাহু আলাইহি অছাল্লামক এনে কৰা দেখিছো। (সংশ্লিষ্ট হাদীছঃ ৫০৭) (আধুনিক প্রকাশনীঃ ৪১২, ইছলামী ফাউন্ডেচনঃ ৪১৮)
পৰিচ্ছেদঃ নং ৫১. চৌকা, জুই বা এনে কোনো বস্তু যাৰ উপাসনা কৰা হয়, সেয়া সন্মুখত থাকিলে কেৱল আল্লাহৰ সন্তুষ্টি লাভ কৰাৰ উদ্দেশ্যে ছালাত আদায়।যুহৰী (ৰাহিমাহুল্লাহে) কৈছেঃ মোক আনাছ (ৰাদ্বিয়াল্লাহু আনহুৱে) জনাইছে, নবী চাল্লাল্লাহু আলাইহি অছাল্লাম কৈছেঃ মোৰ সন্মুখত জাহান্নাম পেচ কৰা হল, তেতিয়া মই ছালাতত আছিলো।431٤۳۱- عَبْدُ اللهِ بْنُ مَسْلَمَةَ عَنْ مَالِكٍ عَنْ زَيْدِ بْنِ أَسْلَمَ عَنْ عَطَاءِ بْنِ يَسَارٍ عَنْ عَبْدِ اللهِ بْنِ عَبَّاسٍ قَالَ انْخَسَفَتْ الشَّمْسُ فَصَلَّى رَسُولُ اللهِ صلى الله عليه وسلم ثُمَّ قَالَ أُرِيتُ النَّارَ فَلَمْ أَرَ مَنْظَرًا كَالْيَوْمِ قَطُّ أَفْظَعَ.৪৩১. ‘আব্দুল্লাহ ইবনু ‘আব্বাছ (ৰাদ্বিয়াল্লাহু আনহু)ৰ দ্বাৰা বর্ণিত। তেখেতে কৈছেঃ এবাৰ সূর্য গ্রহণ লাগিল, তেতিয়া আল্লাহৰ ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামে ছালাত আদায় কৰিলে। তাৰ পিছত কলেঃ মোক জাহান্নাম দেখুৱা হৈছে। আজিৰ নিচিনা ভয়াৱহ দৃশ্য ইতিপূর্বে মই কেতিয়াও দেখা নাই। (সংশ্লিষ্ট হাদীছঃ ২৯) (আধুনিক প্রকাশনীঃ ৪১৩, ইছলামী ফাউন্ডেচনঃ ৪১৯)
পৰিচ্ছেদঃ নং ৫২. কবৰস্থানত ছালাত আদায় কৰা মকৰূহ।432٤۳۲- مُسَدَّدٌ قَالَ حَدَّثَنَا يَحْيَى عَنْ عُبَيْدِ اللهِ بْنِ عُمَرَ قَالَ أَخْبَرَنِي نَافِعٌ عَنْ ابْنِ عُمَرَ عَنِ النَّبِيِّ صلى الله عليه وسلم قَالَ اجْعَلُوا فِي بُيُوتِكُمْ مِنْ صَلاَتِكُمْ وَلاَ تَتَّخِذُوهَا قُبُورًا.৪৩২. ইবনু ‘ওমৰ (ৰাদ্বিয়াল্লাহু আনহু)ৰ দ্বাৰা বর্ণিত। নবী চাল্লাল্লাহু আলাইহি অছাল্লাম কৈছেঃ তোমালোকৰ ঘৰতো কিছুমান ছালাত আদায় কৰিবা আৰু ঘৰখনক তোমালোকে কবৰত পৰিণত নকৰিবা। (সংশ্লিষ্ট হাদীছঃ ১১৮৭; মুছলিম ৬/২৯, হাদীছ নং ৭৭৭, আহমদ ৪৬৫৩) (আধুনিক প্রকাশনীঃ ৪১৪, ইছলামী ফাউন্ডেচনঃ ৪২০)
পৰিচ্ছেদঃ নং ৫৩. আল্লাহৰ গজবত বিধ্বস্ত আৰু শাস্তি প্ৰদান কৰা স্থানত ছালাত আদায় কৰা।উল্লেখ যোগ্য যে, ‘আলী (ৰাদ্বিয়াল্লাহু আনহুৱে) ব্যাবিলনৰ ধ্বংস-স্তূপত ছালাত আদায় কৰা মকৰূহ বুলি ভাৱিছিল।433٤۳۳- إِسْمَاعِيلُ بْنُ عَبْدِ اللهِ قَالَ حَدَّثَنِي مَالِكٌ عَنْ عَبْدِ اللهِ بْنِ دِينَارٍ عَنْ عَبْدِ اللهِ بْنِ عُمَرَ رَضِيَ اللهُ عَنْهُمَا أَنَّ رَسُولَ اللهِ صلى الله عليه وسلم قَالَ لاَ تَدْخُلُوا عَلَى هَؤُلاَءِ الْمُعَذَّبِينَ إِلاَّ أَنْ تَكُونُوا بَاكِينَ فَإِنْ لَمْ تَكُونُوا بَاكِينَ فَلاَ تَدْخُلُوا عَلَيْهِمْ لاَ يُصِيبُكُمْ مَا أَصَابَهُمْ.৪৩৩. ‘আব্দুল্লাহ ইবনু ‘ওমৰ (ৰাদ্বিয়াল্লাহু আনহু)ৰ দ্বাৰা বর্ণিত যে, আল্লাহৰ ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লাম কৈছেঃ তোমালোকে এইবোৰ ‘আযাবপ্রাপ্ত’ সম্প্রদায়ৰ লোকৰ স্থানত ক্রন্দনৰত অৱস্থা অবিহনে প্রৱেশ নকৰিবা। যদি কান্দোন নাহে তেন্তে সেই ঠাইত প্ৰৱেশ নকৰিবা, কাৰণ সিহঁতৰ ওপৰত যি দুৰ্য্যোগ আহিছিল, সেয়া যেন তোমালোকৰ প্ৰতিও নাহে। (সংশ্লিষ্ট হাদীছসমূহঃ ৩৩৮০, ৩৩৮১, ৪৪১৯, ৪৪২০, ৪৭০২; মুছলিম ৫৩/১ হাদীছ নং ২৯৮, আহমদ ৫২৫) (আধুনিক প্রকাশনীঃ ৪১৫, ইছলামী ফাউন্ডেচনঃ ৪২১)
পৰিচ্ছেদঃ নং ৫৪  গির্জাত ছালাত আদায়।‘ওমৰ (ৰাদ্বিয়াল্লাহু আনহুৱে) কৈছে, আমি তোমালোকৰ গীৰ্জাসমূহত প্ৰৱেশ নকৰো, কাৰণ তাত মূৰ্তি ৰখা হৈছে। ইবনু ‘আব্বাছ (ৰাদ্বিয়াল্লাহু আনহুৱে) গির্জাত ছালাত আদায় কৰিছিল, যদিও যি স্থানত প্ৰতিমা আছিল তাত নহয়।434٤۳٤- مُحَمَّدُ بْنُ سَلاَمٍ قَالَ أَخْبَرَنَا عَبْدَةُ عَنْ هِشَامِ بْنِ عُرْوَةَ عَنْ أَبِيهِ عَنْ عَائِشَةَ أَنَّ أُمَّ سَلَمَةَ ذَكَرَتْ لِرَسُولِ اللهِ كَنِيسَةً رَأَتْهَا بِأَرْضِ الْحَبَشَةِ يُقَالُ لَهَا مَارِيَةُ فَذَكَرَتْ لَهُ مَا رَأَتْ فِيهَا مِنْ الصُّوَرِ فَقَالَ رَسُولُ اللهِ صلى الله عليه وسلم أُولَئِكَ قَوْمٌ إِذَا مَاتَ فِيهِمْ الْعَبْدُ الصَّالِحُ أَوْ الرَّجُلُ الصَّالِحُ بَنَوْا عَلَى قَبْرِهِ مَسْجِدًا وَصَوَّرُوا فِيهِ تِلْكَ الصُّوَرَ أُولَئِكَ شِرَارُ الْخَلْقِ عِنْدَ اللهِ.৪৩৪. ‘আইশ্বা (ৰাদ্বিয়াল্লাহু আনহু)ৰ দ্বাৰা বর্ণিত। উম্মু ছালামা (ৰাদ্বিয়াল্লাহু আনহা)ই আল্লাহৰ ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওচৰত তেওঁলোকে হাবশাত (আবিচিনিয়াত) দেখা ‘মাৰিয়া’ নামক এটা গির্জাৰ কথা উল্লেখ কৰিলে। তেখেতে তাত দেখা প্ৰতিচ্ছবি সমূহৰ বৰ্ণনা দিলে। তেতিয়া আল্লাহৰ ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামে কলেঃ সিহঁত এনেকুৱা সম্প্ৰদায় যে, সিহঁতৰ মাজৰ কোনোবা সৎ বান্দা অথবা কৈছিল যে, কোনো সৎ লোকৰ মৃত্যু হলে তাৰ কবৰৰ ওপৰত সিহঁতে মছজিদ সাজি লয় আৰু তাত সেই ব্যক্তিৰ প্ৰতিচ্ছবি স্থাপন কৰে। সিহঁত আল্লাহৰ দৃষ্টিত নিকৃষ্টতম সৃষ্ট জীৱ। (সংশ্লিষ্ট হাদীছঃ ৪২৭) (আধুনিক প্রকাশনীঃ ৪১৬, ইছলামী ফাউন্ডেচনঃ ৪২২)
পৰিচ্ছেদঃ নং ৫৫435-436٤۳۵-٤۳٦ أَبُو الْيَمَانِ قَالَ أَخْبَرَنَا شُعَيْبٌ عَنْ الزُّهْرِيِّ أَخْبَرَنِي عُبَيْدُ اللهِ بْنُ عَبْدِ اللهِ بْنِ عُتْبَةَ أَنَّ عَائِشَةَ وَعَبْدَ اللهِ بْنَ عَبَّاسٍ قَالاَ لَمَّا نَزَلَ بِرَسُولِ اللهِ طَفِقَ يَطْرَحُ خَمِيصَةً لَهُ عَلَى وَجْهِهِ فَإِذَا اغْتَمَّ بِهَا كَشَفَهَا عَنْ وَجْهِهِ فَقَالَ وَهُوَ كَذَلِكَ لَعْنَةُ اللهِ عَلَى الْيَهُودِ وَالنَّصَارَى اتَّخَذُوا قُبُورَ أَنْبِيَائِهِمْ مَسَاجِدَ يُحَذِّرُ مَا صَنَعُوا.৪৩৫-৪৩৬. ‘উবাইদুল্লাহ ইবনু ‘আব্দুল্লাহ ইবনে ‘উতবাহ (ৰাহিমাহুল্লাহ)ৰ দ্বাৰা বর্ণিত। ‘আইশ্বা আৰু ‘আব্দুল্লাহ ইবনু ‘আব্বাছ (ৰাদ্বিয়াল্লাহু আনহুমা)ই কৈছেঃ নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ মৃত্যু পীড়া আৰম্ভ হোৱাত তেখেতে এখন চাদৰেৰে নিজৰ মুখমণ্ডল ঢাকি দিবলৈ ধৰিলে। যেতিয়া শ্বাস বন্ধ হোৱাৰ উপক্রম হল, তেতিয়া মুখৰ পৰা চাদৰ গুছাই দিলে। এই অৱস্থাত তেখেতে কলেঃ ইহুদী আৰু নাচাৰা সকলৰ প্রতি আল্লাহৰ অভিশাপ, সিহঁতে সিহঁতৰ নবীসকলৰ কবৰক মছজিদত পৰিণত কৰিছে। (এই বুলি কৈ) তেখেতে সিহঁতৰ (বিদ’আতী) কার্যকলাপৰ পৰা সতর্ক কৰিছিল। (সংশ্লিষ্ট হাদীছসমূহঃ ১৩৩০, ১৩৯০, ৩৪৫৩, ৩৪৫৪, ৪৪৪১, ৪৪৪৩, ৪৪৪৪, ৫৮১৫, ৫৮১৬; মুছলিম ৫/৩, হাদীছ নং ৫৩১, আহমদ ১৮৮৪) (আধুনিক প্রকাশনীঃ ৪১৭, ইছলামী ফাউন্ডেচনঃ ৪২৩)
হাদীছ - 437٤۳۷- عَبْدُ اللهِ بْنُ مَسْلَمَةَ عَنْ مَالِكٍ عَنْ ابْنِ شِهَابٍ عَنْ سَعِيدِ بْنِ الْمُسَيَّبِ عَنْ أَبِي هُرَيْرَةَ أَنَّ رَسُولَ اللهِ صلى الله عليه وسلم قَالَ قَاتَلَ اللهُ الْيَهُودَ اتَّخَذُوا قُبُورَ أَنْبِيَائِهِمْ مَسَاجِدَ.৪৩৭. আবূ হুৰাইৰাহ (ৰাদ্বিয়াল্লাহু আনহু)ৰ দ্বাৰা বর্ণিত। আল্লাহৰ ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ আল্লাহ তা’আলা ইহূদীসকলক ধ্বংস কৰক। কাৰণ সিহঁতে নিজ নবীসকলৰ কবৰক উপাসনালয় সাজি লৈছে। (মুছলিম ৫/৩, হাদীছ নং ৫৩০, আহমদ ৭৮৩১) (আধুনিক প্রকাশনীঃ ৪১৮, ইছলামী ফাউন্ডেচনঃ ৪২৪)
পৰিচ্ছেদঃ নং ৫৬. নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ উক্তিঃ মোৰ বাবে মাটিক ছালাত আদায়ৰ স্থান আৰু পৱিত্ৰতা লাভ কৰাৰ উপায় কৰা হৈছে।হাদীছ - 438٤۳۸- مُحَمَّدُ بْنُ سِنَانٍ قَالَ حَدَّثَنَا هُشَيْمٌ قَالَ حَدَّثَنَا سَيَّارٌ هُوَ أَبُو الْحَكَمِ قَالَ حَدَّثَنَا يَزِيدُ الْفَقِيرُ قَالَ حَدَّثَنَا جَابِرُ بْنُ عَبْدِ اللهِ قَالَ قَالَ رَسُولُ اللهِ صلى الله عليه وسلم أُعْطِيتُ خَمْسًا لَمْ يُعْطَهُنَّ أَحَدٌ مِنَ الْأَنْبِيَاءِ قَبْلِي نُصِرْتُ بِالرُّعْبِ مَسِيرَةَ شَهْرٍ وَجُعِلَتْ لِي الْأَرْضُ مَسْجِدًا وَطَهُورًا وَأَيُّمَا رَجُلٍ مِنْ أُمَّتِي أَدْرَكَتْهُ الصَّلاَةُ فَلْيُصَلِّ وَأُحِلَّتْ لِي الْغَنَائِمُ وَكَانَ النَّبِيُّ يُبْعَثُ إِلَى قَوْمِهِ خَاصَّةً وَبُعِثْتُ إِلَى النَّاسِ كَافَّةً وَأُعْطِيتُ الشَّفَاعَةَ.৪৩৮. জাবিৰ ইবনু ‘আব্দুল্লাহ (ৰাদ্বিয়াল্লাহু আনহু)ৰ দ্বাৰা বর্ণিত। তেখেতে কৈছেঃ ৰছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ মোক এনেকুৱা পাঁচটা বিষয় প্রদান কৰা হৈছে, যিকেইটা মোৰ পূৰ্বে আন কোনো নবীক দিয়া হোৱা নাছিল। (১) মোক এনেকুৱা প্রভাৱ প্ৰদান কৰি সাহায্য কৰা হৈছে, যিটো এমাহৰ দূৰত্ব পর্যন্ত অনুভূত হয়। (২) গোটেই পৃথিৱী মোৰ কাৰণে ছালাত আদায়ৰ স্থান আৰু পৱিত্রতা অর্জনৰ উপায় কৰা হৈছে। গতিকে মোৰ উম্মতে য’ত ছালাতৰ সময় হয়, তাতেই যেন ছালাত আদায় কৰি লয়। (৩) মোৰ কাৰণে গনীমত (যুদ্ধলব্ধ সম্পদ) হালাল কৰা হৈছে। (৪) অন্যান্য নবীক নিজৰ বিশেষ গোত্রৰ প্রতি প্রেৰিত কৰা হৈছিল, কিন্তু মোক সকলো মানৱৰ প্রতি প্রেৰণ কৰা হৈছে। (৫) মোক সার্বজনীন চুপাৰিছৰ অধিকাৰ প্রদান কৰা হৈছে। (সংশ্লিষ্ট হাদীছঃ ৩৩৫; মুছলিম ৫/৫, হাদীছ নং ৫২১, আহমাদ ১৪২৬৮) (আধুনিক প্রকাশনীঃ ৪১৯, ইছলামী ফাউন্ডেচনঃ ৪২৫)
পৰিচ্ছেদঃ নং ৫৭. মছজিদত মহিলাসকলে টোপনি যোৱা প্ৰসঙ্গ।হাদীছ - 439٤۳۹- عُبَيْدُ بْنُ إِسْمَاعِيلَ قَالَ حَدَّثَنَا أَبُو أُسَامَةَ عَنْ هِشَامِ بْنِ عُرْوَةَ عَنْ أَبِيهِ عَنْ عَائِشَةَ أَنَّ وَلِيدَةً كَانَتْ سَوْدَاءَ لِحَيٍّ مِنَ الْعَرَبِ فَأَعْتَقُوهَا فَكَانَتْ مَعَهُمْ قَالَتْ فَخَرَجَتْ صَبِيَّةٌ لَهُمْ عَلَيْهَا وِشَاحٌ أَحْمَرُ مِنْ سُيُورٍ قَالَتْ فَوَضَعَتْهُ أَوْ وَقَعَ مِنْهَا فَمَرَّتْ بِهِ حُدَيَّاةٌ وَهُوَ مُلْقًى فَحَسِبَتْهُ لَحْمًا فَخَطِفَتْهُ قَالَتْ فَالْتَمَسُوهُ فَلَمْ يَجِدُوهُ قَالَتْ فَاتَّهَمُونِي بِهِ قَالَتْ فَطَفِقُوا يُفَتِّشُونَ حَتَّى فَتَّشُوا قُبُلَهَا قَالَتْ وَاللهِ إِنِّي لَقَائِمَةٌ مَعَهُمْ إِذْ مَرَّتْ الْحُدَيَّاةُ فَأَلْقَتْهُ قَالَتْ فَوَقَعَ بَيْنَهُمْ قَالَتْ فَقُلْتُ هَذَا الَّذِي اتَّهَمْتُمُونِي بِهِ زَعَمْتُمْ وَأَنَا مِنْهُ بَرِيئَةٌ وَهُوَ ذَا هُوَ قَالَتْ فَجَاءَتْ إِلَى رَسُولِ اللهِ فَأَسْلَمَتْ قَالَتْ عَائِشَةُ فَكَانَ لَهَا خِبَاءٌ فِي الْمَسْجِدِ أَوْ حِفْشٌ قَالَتْ فَكَانَتْ تَأْتِينِي فَتَحَدَّثُ عِنْدِي قَالَتْ فَلاَ تَجْلِسُ عِنْدِي مَجْلِسًا إِلاَّ قَالَتْ وَيَوْمَ الْوِشَاحِ مِنْ أَعَاجِيبِ رَبِّنَا أَلاَ إِنَّهُ مِنْ بَلْدَةِ الْكُفْرِ أَنْجَانِي قَالَتْ عَائِشَةُ فَقُلْتُ لَهَا مَا شَأْنُكِ لاَ تَقْعُدِينَ مَعِي مَقْعَدًا إِلاَّ قُلْتِ هَذَا قَالَتْ فَحَدَّثَتْنِي بِهَذَا الْحَدِيثِ.

৪৩৯. ‘আইশ্বা (ৰাদ্বিয়াল্লাহু আনহা)ৰ দ্বাৰা বর্ণিত। কোনো এটা আৰব গোত্রৰ এগৰাকী কলা দাসী আছিল। সিহঁতে দাসী গৰাকীক মুক্ত কৰি দিলে। তাৰ পিছত তাই সিহঁতৰ লগতে থাকি গল। তাই কৈছে যে, সিহঁতৰ এগৰাকী ছোৱালীয়ে ৰঙা চামৰাৰ ওপৰত মূল্যৱান পাথৰ খচিত এডাল হাৰ ডিঙিত পিন্ধি বাহিৰত ফুৰিছিল। দাসী গৰাকীয়ে কৈছেঃ সেই হাৰ ডাল হয়তো নিজে কৰবাত থৈ দিছিল, অথবা কৰবাত পৰি গৈছিল। তেতিয়া এটি চিলনীয়ে সেই হাৰ ডাল পৰি থকা অৱস্থাত মাংসৰ টুকুৰা বুলি ভাৱি থাপ মাৰি লৈ গল । দাসীয়ে কৈছেঃ তাৰ পিছত গোত্ৰৰ লোকসকলে বহুত বিচৰাৰ পিছতো তালাচ কৰি নাপালে। তেতিয়া সিহঁতে মোক দুষিবলৈ ধৰিলে। তাই কৈছেঃ সিহঁতে মোৰ ওপৰত তালাচী আৰম্ভ কৰিলে, আনকি মোৰ লজ্জা স্থানতো তালাচী কৰিলে। দাসী গৰাকীয়ে কৈছেঃ আল্লাহৰ শপত! মই সিহঁতৰ লগত সেই অৱস্থাতেই থিয় হৈ আছিলো, ঠিক সেই সময়তে চিলনী এটি উৰি গৈ থাকোতে হাৰ ডাল পেলাই দি গল। তাই কৈছেঃ সিহঁতৰ সন্মুখতে হাৰডাল পৰিল। তেতিয়া মই কলো, তোমালোকে দেখুন এই ডালৰ কাৰণে মোক দোষাৰোপ কৰিছিলা। তোমালোকে এই বিষয়ে মোক সন্দেহ কৰিছিলা, অথচ এই ক্ষেত্ৰত মই সম্পূৰ্ণ নির্দোষ আছিলো। এই ডালেইতো সেই হাৰ! তাই কৈছেঃ তাৰ পিছত তাই ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওচৰত আহি ইছলাম গ্ৰহণ কৰিলে। আইশ্বা (ৰাদ্বিয়াল্লাহু আনহা)ই কৈছেঃ তাইৰ বাবে মছজিদে নবৱীত এটা তম্বু অথবা চালি কৰি দিয়া হৈছিল। আইশ্বা (ৰাদ্বিয়াল্লাহু আনহা)ই কৈছেঃ দাসী গৰাকী মোৰ ওচৰত আহিছিল আৰু মোৰ লগত কথা বতৰা পাতিছিল। তাই মোৰ ওচৰত যেতিয়াই বহিছিল তেতিয়াই কৈছিলঃ ‘‘সেই হাৰ ডাল পোৱা দিনটো আছিল মোৰ প্রতিপালকৰ আশ্চর্য ঘটনা বিশেষ। জানি থওঁক, সেই ঘটনাটোৱে মোক কুফৰৰ চহৰৰ পৰা মুক্তি দিছে।’’ ‘আইশ্বা (ৰাদ্বিয়াল্লাহু আনহা)ই কৈছে, মই তাইক কলোঃ কি হৈছে, তুমি মোৰ ওচৰত বহিলেই যে এই কথাষাৰ কৈ থাকা? আইশ্বী (ৰাদ্বিয়াল্লাহু আনহা)ই কৈছেঃ তেতিয়া তাই মোৰ ওচৰত উক্ত ঘটনাটো বৰ্ণনা কৰিলে। (সংশ্লিষ্ট হাদীছঃ ৩৮৩৫) (আধুনিক প্রকাশনীঃ ৪২০, ইছলামী ফাউন্ডেচনঃ ৪২৬)

পৰিচ্ছেদঃ নং ৫৮. মছজিদত পুৰুষসকলে টোপনি যোৱা প্ৰসঙ্গ।আবূ কিলাবা (ৰাহিমাহুল্লাহে) আনাছ ইবনু মালিক (ৰাদ্বিয়াল্লাহু আনহু)ৰ সূত্ৰত বর্ণনা কৰিছে যে, ‘উক্ল গোত্রৰ কেইজন মান ব্যক্তি নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওচৰত আহিল আৰু চুফ্ফাত অৱস্থান কৰিলে। ‘আব্দুৰ ৰহমান ইবনে আবূ বকৰ (ৰাদ্বিয়াল্লাহু আনহুৱে) কৈছেঃ চুফ্ফাবাসী সকল অতি দৰিদ্ৰ আছিল।হাদীছ - 440٤٤۰- مُسَدَّدٌ قَالَ حَدَّثَنَا يَحْيَى عَنْ عُبَيْدِ اللهِ قَالَ حَدَّثَنِي نَافِعٌ قَالَ أَخْبَرَنِي عَبْدُ اللهِ بْنُ عُمَرَ أَنَّهُ كَانَ يَنَامُ وَهُوَ شَابٌّ أَعْزَبُ لاَ أَهْلَ لَهُ فِي مَسْجِدِ النَّبِيِّ صلى الله عليه وسلم صلى الله عليه وسلم৪৪০. ‘আব্দুল্লাহ ইবনু ‘ওমৰ (ৰাদ্বিয়াল্লাহু আনহু)ৰ দ্বাৰা বর্ণিত। তেখেতে কেতিয়াবা কেতিয়াবা মছজিদে নবৱীত শুইছিল। তেখেত আছিল অবিবাহিত যুৱক। তেখেতৰ কোনো পৰিয়াল-পৰিজন নাছিল।
(সংশ্লিষ্ট হাদীছসমূহঃ ১১২১, ১১৫৬, ৩৭৩৮, ৩৭৪০, ৩৭৪১, ৭০১৫, ৭০১৬, ৭০২৮, ৭০২৯, ৭০৩০, ৭০৩১) (আধুনিক প্রকাশনীঃ৪২১ , ইছলামী ফাউন্ডেচনঃ ৪২৭)
হাদীছ - 441٤٤۱- قُتَيْبَةُ بْنُ سَعِيدٍ قَالَ حَدَّثَنَا عَبْدُ الْعَزِيزِ بْنُ أَبِي حَازِمٍ عَنْ أَبِي حَازِمٍ عَنْ سَهْلِ بْنِ سَعْدٍ قَالَ جَاءَ رَسُولُ اللهِ صلى الله عليه وسلم بَيْتَ فَاطِمَةَ فَلَمْ يَجِدْ عَلِيًّا فِي الْبَيْتِ فَقَالَ أَيْنَ ابْنُ عَمِّكِ قَالَتْ كَانَ بَيْنِي وَبَيْنَهُ شَيْءٌ فَغَاضَبَنِي فَخَرَجَ فَلَمْ يَقِلْ عِنْدِي فَقَالَ رَسُولُ اللهِ صلى الله عليه وسلم لِإِنْسَانٍ انْظُرْ أَيْنَ هُوَ فَجَاءَ فَقَالَ يَا رَسُولَ اللهِ صلى الله عليه وسلم هُوَ فِي الْمَسْجِدِ رَاقِدٌ فَجَاءَ رَسُولُ اللهِ صلى الله عليه وسلم وَهُوَ مُضْطَجِعٌ قَدْ سَقَطَ رِدَاؤُهُ عَنْ شِقِّهِ وَأَصَابَهُ تُرَابٌ فَجَعَلَ رَسُولُ اللهِ صلى الله عليه وسلم يَمْسَحُهُ عَنْهُ وَيَقُولُ قُمْ أَبَا تُرَابٍ قُمْ أَبَا تُرَابٍ.৪৪১. ছাহল ইবনু চা’দ (ৰাদ্বিয়াল্লাহু আনহু)ৰ দ্বাৰা বর্ণিত। তেখেতে কৈছেঃ আল্লাহৰ ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামে ফাতিমা (ৰাদ্বিয়াল্লাহু আনহা)-ৰ গৃহত উপস্থিত হল, কিন্তু ‘আলী (ৰাদ্বিয়াল্লাহু আনহু)-ক ঘৰত নাপালে। তেখেতে ফাতিমা (ৰাদ্বিয়াল্লাহু আনহা)-ক সুধিলেঃ তোমাৰ খুৰাৰ ল’ৰা ক’ত? তেওঁ কলেঃ মোৰ আৰু তেওঁৰ মাজত বাদানুবাদ হোৱাত তেখেতে মোৰ লগত খং কৰি বাহিৰলৈ ওলাই গৈছে। মোৰ লগত দুপৰীয়া বিশ্ৰামো কৰা নাই। তাৰ পিছত আল্লাহৰ ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামে এজন ব্যক্তিক কলেঃ চোৱাচোন তেওঁ ক’ত আছে? সেই ব্যক্তিয়ে বিচাৰি আহি ক’লেঃ হে আল্লাহৰ ৰাছুল, তেখেত মছজিদত শুই আছে। আল্লাহ ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লাম আহিল, তেতিয়া ‘আলী (ৰাদ্বিয়াল্লাহু আনহু) কাতি হৈ শুই আছিল। তেওঁৰ শৰীৰৰ এফালৰ চাদৰ পৰি গৈছিল আৰু তেওঁৰ শৰীৰত মাটি লাগিছিল। আল্লাহৰ ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামে তেওঁৰ শৰীৰৰ মাটি জুকাৰি দি কলেঃ উঠা হে, আবু তুৰাব! উঠা হে, আবু তুৰাব! (সংশ্লিষ্ট হাদীছসমূহঃ ৩৭০৩, ৬২০৪, ৬২৮০; মুছলিম ৪৪/৪, হাদীছ নং ২৪০৯) (আধুনিক প্রকাশনীঃ ৪২২, ইছলামী ফাউন্ডেচনঃ ৪২৮)
হাদীছ - 442٤٤۲- يُوسُفُ بْنُ عِيسَى قَالَ حَدَّثَنَا ابْنُ فُضَيْلٍ عَنْ أَبِيهِ عَنْ أَبِي حَازِمٍ عَنْ أَبِي هُرَيْرَةَ قَالَ لَقَدْ رَأَيْتُ سَبْعِينَ مِنْ أَصْحَابِ الصُّفَّةِ مَا مِنْهُمْ رَجُلٌ عَلَيْهِ رِدَاءٌ إِمَّا إِزَارٌ وَإِمَّا كِسَاءٌ قَدْ رَبَطُوا فِي أَعْنَاقِهِمْ فَمِنْهَا مَا يَبْلُغُ نِصْفَ السَّاقَيْنِ وَمِنْهَا مَا يَبْلُغُ الْكَعْبَيْنِ فَيَجْمَعُهُ بِيَدِهِ كَرَاهِيَةَ أَنْ تُرَى عَوْرَتُهُ.৪৪২. আবূ হুৰাইৰাহ (ৰাদ্বিয়াল্লাহু আনহু)ৰ দ্বাৰা বর্ণিত। তেখেতে কৈছেঃ মই সত্তৰ জন আচহাবে চুফফাক দেখিছো, তেওঁলোকৰ কাৰো গাত ডাঙৰ চাদৰ নাছিল। হয়তো আছিল কেৱল লুঙ্গি অথবা সৰু চাদৰ, যিখন তেওঁলোকে ডিঙিত মেৰিয়াই ৰাখিছিল। সেই কাপোৰ (তলৰ ফালে) কাৰোবাৰ আঁঠু পর্যন্ত আৰু কাৰোবাৰ ভৰিৰ সৰু গাঁঠি পৰ্য্যন্ত ওলমিছিল। তেওঁলোকে লজ্জাস্থান দেখা যোৱাৰ ভয়ত কাপোৰ হাতেৰে ধৰি ৰাখিছিল। (আধুনিক প্রকাশনীঃ ৪২৩, ইছলামী ফাউন্ডেচনঃ ৪২৯)
পৰিচ্ছেদঃ নং ৫৯. ভ্ৰমণৰ পৰা ঘূৰি অহাৰ পিছত ছালাত আদায়।কা’ব ইবনু মালিক (ৰাদ্বিয়াল্লাহু আনহুৱে) কৈছেঃ নবী চাল্লাল্লাহু আলাইহি অছাল্লাম ভ্ৰমণৰ পৰা ঘূৰি আহি প্রথমে মছজিদত প্রৱেশ কৰি ছালাত আদায় কৰিছিল।হাদীছ - 443٤٤۳- خَلَّادُ بْنُ يَحْيَى قَالَ حَدَّثَنَا مِسْعَرٌ قَالَ حَدَّثَنَا مُحَارِبُ بْنُ دِثَارٍ عَنْ جَابِرِ بْنِ عَبْدِ اللهِ قَالَ أَتَيْتُ النَّبِيَّ وَهُوَ فِي الْمَسْجِدِ قَالَ مِسْعَرٌ أُرَاهُ قَالَ ضُحًى فَقَالَ صَلِّ رَكْعَتَيْنِ وَكَانَ لِي عَلَيْهِ دَيْنٌ فَقَضَانِي وَزَادَنِي.৪৪৩. জাবিৰ ইবনু ‘আব্দিল্লাহ (ৰাদ্বিয়াল্লাহু আনহু)ৰ দ্বাৰা বর্ণিত। তেখেতে কৈছেঃ মই নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওচৰত আহিলো। তেখেত তেতিয়া মছজিদত আছিল। ৰাবী মিচ্’আৰে কৈছেঃ মোৰ মনত পৰে ৰাবী মুহাৰিবে চাশ্বতৰ সময়ৰ কথা কৈছিল। তেতিয়া নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কলেঃ তুমি দুই ৰাকাত ছালাত আদায় কৰা। জাবিৰ (ৰাদ্বিয়াল্লাহু আনহুৱে) কৈছেঃ নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওচৰত মোৰ কিছু পাবলগীয়া আছিল। তেখেতে সেয়া আদায় কৰি দিলে বৰং কিছু বেছিহে দিলে। (সংশ্লিষ্ট হাদীছসমূহঃ ১৮০১, ২০৯৭, ২৩০৯, ২৩৮৫, ২৩৯৪, ২৪০৬, ২৪৭০, ২৬০৩, ২৬০৪, ২৭১৮, ২৮৬১, ২৯৬৭, ৩০৮৭, ৩০৮৯, ৩০৯০, ৪০৫২, ৫০৭৯, ৫০৮০, ৫২৪৩, ৫২৪৪, ৫২৪৫, ৫২৪৬, ৫২৪৭, ৫৩৬৭, ৬৩৮৭) (আধুনিক প্রকাশনীঃ ৪২৪, ইছলামী ফাউন্ডেচনঃ ৪৩০)
পৰিচ্ছেদঃ নং ৬০. তোমালোকৰ কোনোবাই মছজিদত প্রবেশ কৰিলে তেওঁ যেন বহাৰ আগতে দুই ৰাকাত ছালাত আদায় কৰি লয়।হাদীছ - 444٤٤٤- عَبْدُ اللهِ بْنُ يُوسُفَ قَالَ أَخْبَرَنَا مَالِكٌ عَنْ عَامِرِ بْنِ عَبْدِ اللهِ بْنِ الزُّبَيْرِ عَنْ عَمْرِو بْنِ سُلَيْمٍ الزُّرَقِيِّ عَنْ أَبِي قَتَادَةَ السَّلَمِيِّ أَنَّ رَسُولَ اللهِ صلى الله عليه وسلم قَالَ إِذَا دَخَلَ أَحَدُكُمْ الْمَسْجِدَ فَلْيَرْكَعْ رَكْعَتَيْنِ قَبْلَ أَنْ يَجْلِسَ.৪৪৪. আবূ কাতাদা ছালামী (ৰাদ্বিয়াল্লাহু আনহু)ৰ দ্বাৰা বর্ণিত। আল্লাহৰ ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ তোমালোকৰ কোনোবাই মছজিদত প্ৰৱেশ কৰিলে, তেওঁ যেন বহাৰ আগতে দুই ৰাকাআত ছালাত আদায় কৰি লয়। (সংশ্লিষ্ট হাদীছঃ ১১৬৩; মুছলিম ৬/১০, হাদীছ নং ৭১৪, আহমদ ১৫৭৮৯) (আধুনিক প্রকাশনীঃ ৪২৫, ইছলামী ফাউন্ডেচনঃ ৪৩১)
পৰিচ্ছেদঃ নং ৬১. মছজিদত উযূ নষ্ট হোৱা।হাদীছ - 445٤٤۵- عَبْدُ اللهِ بْنُ يُوسُفَ قَالَ أَخْبَرَنَا مَالِكٌ عَنْ أَبِي الزِّنَادِ عَنِ الْأَعْرَجِ عَنْ أَبِي هُرَيْرَةَ أَنَّ رَسُولَ اللهِ صلى الله عليه وسلم قَالَ الْمَلَائِكَةُ تُصَلِّي عَلَى أَحَدِكُمْ مَا دَامَ فِي مُصَلاَّهُ الَّذِي صَلَّى فِيهِ مَا لَمْ يُحْدِثْ تَقُولُ اللَّهُمَّ اغْفِرْ لَهُ اللَّهُمَّ ارْحَمْهُ.৪৪৫. আবূ হুৰাইৰাহ (ৰাদ্বিয়াল্লাহু আনহু)ৰ দ্বাৰা বর্ণিত। আল্লাহৰ ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ ফিৰিস্তাসকলে তোমালোকৰ মাজৰ সেই ব্যক্তিৰ বাবে দুআ কৰি থাকে যিয়ে ছালাত আদায় কৰাৰ পিছত সেই স্থানতে বহি থাকে য’ত তেওঁ ছালাত আদায় কৰিছে, যেতিয়া লৈকে তেওঁৰ উযূ ভঙ্গ নহয়। ফিৰিস্তাসকলে কয়ঃ হে আল্লাহ! তেওঁক ক্ষমা কৰি দিয়া। হে আল্লাহ! তেওঁৰ ওপৰত ৰহম (কৃপা) কৰা। (সংশ্লিষ্ট হাদীছঃ ১৭৬; মুছলিম ৫/৪৯, হাদীছ নং ৬৪৯) (আধুনিক প্রকাশনীঃ ৪২৬, ইছলামী ফাউন্ডেচনঃ ৪৩২)
পৰিচ্ছেদঃ নং ৬২. মছজিদ নির্মাণ।আবূ ছা’ঈদ (ৰাদ্বিয়াল্লাহু আনহুৱে) কৈছেঃ মছজিদে নবৱীৰ চালি আছিল খেজুৰ গছৰ ঠাৰিৰে তৈয়াৰী। ‘ওমৰ (ৰাদ্বিয়াল্লাহু আনহুৱে) মছজিদ নির্মাণৰ হুকুম দি কলেঃ মই মানুহক বৰষুণৰ পৰা ৰক্ষা কৰিব বিচাৰো। মছজিদত ৰঙা বা হালধীয়া ৰং লগোৱাৰ পৰা সাৱধানে থাকিবা, এনে কৰিলে তুমি মানুহক ফিতনাত পেলাবা। আনাছ (ৰাদ্বিয়াল্লাহু আনহুৱে) কৈছেঃ মানুহে মছজিদক লৈ গৌৰৱ কৰে অথচ তেওঁলোকে ইয়াক ইবাদতৰ মাধ্যমত আবাদ ৰাখিবলৈ খুবেই কম তত্পৰ। ইবনু ‘আব্বাছ (ৰাদ্বিয়াল্লাহু আনহুৱে) কৈছেঃ তোমালোকে দেখুন ইহূদী আৰু খৃষ্টানসকলৰ দৰে মছজিদক সুসজ্জিত কৰি পেলাবা।হাদীছ - 446٤٤٦- عَلِيُّ بْنُ عَبْدِ اللهِ قَالَ حَدَّثَنَا يَعْقُوبُ بْنُ إِبْرَاهِيمَ بْنِ سَعْدٍ قَالَ حَدَّثَنِي أَبِي عَنْ صَالِحِ بْنِ كَيْسَانَ قَالَ حَدَّثَنَا نَافِعٌ أَنَّ عَبْدَ اللهِ بْنَ عُمَرَ أَخْبَرَهُ أَنَّ الْمَسْجِدَ كَانَ عَلَى عَهْدِ رَسُولِ اللهِ مَبْنِيًّا بِاللَّبِنِ وَسَقْفُهُ الْجَرِيدُ وَعُمُدُهُ خَشَبُ النَّخْلِ فَلَمْ يَزِدْ فِيهِ أَبُو بَكْرٍ شَيْئًا وَزَادَ فِيهِ عُمَرُ وَبَنَاهُ عَلَى بُنْيَانِهِ فِي عَهْدِ رَسُولِ اللهِ بِاللَّبِنِ وَالْجَرِيدِ وَأَعَادَ عُمُدَهُ خَشَبًا ثُمَّ غَيَّرَهُ عُثْمَانُ فَزَادَ فِيهِ زِيَادَةً كَثِيرَةً وَبَنَى جِدَارَهُ بِالْحِجَارَةِ الْمَنْقُوشَةِ وَالْقَصَّةِ وَجَعَلَ عُمُدَهُ مِنْ حِجَارَةٍ مَنْقُوشَةٍ وَسَقَفَهُ بِالسَّاجِ.৪৪৬. ‘আব্দুল্লাহ ইবনু ‘ওমৰ (ৰাদ্বিয়াল্লাহু আনহু)ৰ দ্বাৰা বর্ণিত। আল্লাহৰ ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামৰ সময়ত মছজিদ সজা হৈছিল কেঁচা ইটাৰে আৰু চালি আছিল খেজুৰৰ ডালৰ আৰু খুটা আছিল খেজুৰ গছৰ কাণ্ডৰ। আবূ বক্কৰ (ৰাদ্বিয়াল্লাহু আনহুৱে) ইয়াত একো বৃদ্ধি কৰা নাছিল। অৱশ্যে ‘ওমৰ (ৰাদ্বিয়াল্লাহু আনহুৱে) বৃদ্ধি কৰিছি। আৰু তাৰ ভিত্তি তেখেতে আল্লাহৰ ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামৰ যুগত যি ভিত্তি আছিল তাৰ ওপৰতেই কেঁচা ইটা আৰু খেজুৰৰ ডালেৰে নির্মাণ কৰিছিল আৰু খুটা বিলাক সলনি কৰি কাঠৰ খুটা লগাইছিল। তাৰ পিছত ‘ওচমান (ৰাদ্বিয়াল্লাহু আনহুৱে) তাত পৰিবর্তন সাধন কৰি অনেক বৃদ্ধি কৰিছিল। তেখেতে বেৰ সাজিছিল নক্সী পাথৰেৰে আৰু চূণেৰে, খুটাও লগাইছিল নক্সী পাথৰেৰে আৰু ছাদ সাজিছিল চেগুন কাঠেৰে। (আধুনিক প্রকাশনীঃ ৪২৭, ইছলামী ফাউন্ডেচনঃ ৪৩৩)
পৰিচ্ছেদঃ নং ৬৩. মছজিদ নির্মাণত সহযোগিতা।আল্লাহ তা‘আলাৰ বাণীঃ মুশ্বৰিকসকলৰ এই অধিকাৰ নাই যে, সিহঁতে আল্লাহৰ মছজিদসমূহৰ ৰক্ষণাবেক্ষণ কৰিব, যিহেতু সিহঁতে নিজেই নিজৰ কুফৰীৰ স্বীকৃতি দিছে। সিহঁতৰ সকলো কর্ম বিফল হৈছে। আৰু সিহঁত জাহান্নামতেই স্থায়ীভাৱে অৱস্থান কৰিব। বৰং আল্লাহৰ মছজিদসমূহৰ ৰক্ষণাবেক্ষণ কেৱল তেওঁলোকেহে কৰিব যিসকলে ঈমান আনিছে আল্লাহৰ প্রতি আৰু শেষ দিৱসৰ প্রতি, আৰু ছালাত কায়েম কৰে আৰু যাকাত প্ৰদান কৰে, লগতে আল্লাহৰ বাহিৰে আন কাকো ভয় নকৰে। বস্তুতঃ এওঁলোকৰ বিষয়েই আশা কৰা যায় যে, তেওঁলোকে হিদায়ত প্রাপ্তসকলৰ অন্তর্ভুক্ত হব। (ছুৰা আত-তাওবাহ ৯/১৭-১৮)হাদীছ - 447٤٤۷- مُسَدَّدٌ قَالَ حَدَّثَنَا عَبْدُ الْعَزِيزِ بْنُ مُخْتَارٍ قَالَ حَدَّثَنَا خَالِدٌ الْحَذَّاءُ عَنْ عِكْرِمَةَ قَالَ لِي ابْنُ عَبَّاسٍ وَلِابْنِهِ عَلِيٍّ انْطَلِقَا إِلَى أَبِي سَعِيدٍ فَاسْمَعَا مِنْ حَدِيثِهِ فَانْطَلَقْنَا فَإِذَا هُوَ فِي حَائِطٍ يُصْلِحُهُ فَأَخَذَ رِدَاءَهُ فَاحْتَبَى ثُمَّ أَنْشَأَ يُحَدِّثُنَا حَتَّى أَتَى ذِكْرُ بِنَاءِ الْمَسْجِدِ فَقَالَ كُنَّا نَحْمِلُ لَبِنَةً لَبِنَةً وَعَمَّارٌ لَبِنَتَيْنِ لَبِنَتَيْنِ فَرَآهُ النَّبِيُّ فَيَنْفُضُ التُّرَابَ عَنْهُ وَيَقُولُ وَيْحَ عَمَّارٍ تَقْتُلُهُ الْفِئَةُ الْبَاغِيَةُ يَدْعُوهُمْ إِلَى الْجَنَّةِ وَيَدْعُونَهُ إِلَى النَّارِ قَالَ يَقُولُ عَمَّارٌ أَعُوذُ بِاللهِ مِنَ الْفِتَنِ.৪৪৭. ‘ইকৰিমা (ৰাহিমাহুল্লাহ)ৰ পৰা বর্ণিত, তেখেতে কৈছেঃ ইবনু ‘আব্বাছ (ৰাদ্বিয়াল্লাহু আনহুৱে) মোক আৰু তেওঁৰ ল’ৰা ‘আলী (ৰাহিমাহুল্লাহ)-ক কলেঃ তোমালোক দুয়ো আবু ছা’ইদ (ৰাদ্বিয়াল্লাহু আনহু)-ৰ ওচৰত যোৱা আৰু তেওঁৰ পৰা হাদীছ শুনি আহাগৈ। আমি গলো। তেতিয়া তেওঁ এখন বাগানত কাম কৰি আছিল। তেওঁ আমাক দেখা পাই চাদৰেৰে আঁঠু মেৰিয়াই বহিল আৰু হদীছ বৰ্ণনা কৰিবলৈ আৰম্ভ কৰিলে। শেষত তেখেতে মছজিদে নবৱী নিৰ্মাণৰ আলোচনালৈ আহিল। তেখেতে কলেঃ আমি এটা এটাকৈ কেঁচা ইটা কঢ়িয়াইছিলো আৰু আম্মাৰ (ৰাদ্বিয়াল্লাহু আনহুৱে) দুটাকৈ কঢ়িয়াইছিল। নবী চাল্লাল্লাহু আলাইহি অছাল্লামে সেয়া দেখি তেওঁৰ দেহৰ পৰা ধূলি মচি দিব ধৰিলে আৰু কলেঃ আম্মাৰ কাৰণে আফচোচ, তেওঁক বিদ্ৰোহী দলে হত্যা কৰিব। তেওঁ সিহঁতক আহ্বান কৰিব জান্নাতৰ ফালে আৰু তাহাঁতি তেওঁক আহ্বান কৰিব জাহান্নামৰ পিনে। আবূ ছা’ঈদ (ৰাদ্বিয়াল্লাহু আনহুৱে) কৈছেঃ তেতিয়া ‘আম্মাৰ (ৰাদ্বিয়াল্লাহু আনহুৱে) কলেঃ “মই ফিতনাৰ পৰা আল্লাহৰ ওচৰত আশ্রয় বিচাৰিছো”। (সংশ্লিষ্ট হাদীছঃ ২৮১২) (আধুনিক প্রকাশনীঃ ৪২৮, ইছলামী ফাউন্ডেচনঃ ৪৩৪)
পৰিচ্ছেদঃ নং ৬৪. কাঠৰ মিম্বৰ তৈয়াৰ আৰু মছজিদ নির্মাণত কাঠমিস্ত্রী ও ৰাজমিস্ত্রীৰ সাহায্য গ্রহণ।হাদীছ - 448٤٤۸- قُتَيْبَةُ بْنُ سَعِيدٍ قَالَ حَدَّثَنَا عَبْدُ الْعَزِيزِ حَدَّثَنِي أَبُو حَازِمٍ عَنْ سَهْلٍ قَالَ بَعَثَ رَسُولُ اللهِ صلى الله عليه وسلم إِلَى امْرَأَةٍ مُرِي غُلَامَكِ النَّجَّارَ يَعْمَلْ لِي أَعْوَادًا أَجْلِسُ عَلَيْهِنَّ.৪৪৮. ছাহল (ৰাদ্বিয়াল্লাহু আনহু)ৰ দ্বাৰা বর্ণিত। তেখেতে কৈছে, আল্লাহ ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামে জনৈকা মহিলাৰ ওচৰলৈ লোক পঠাই কলেঃ তুমি তোমাৰ দাস কাঠমিস্ত্রীজনক কোৱা, তেওঁ যেন মোৰ কাৰণে কাঠৰ মিম্বৰ সাজি দিয়ে য’ত মই বহিব পাৰো। (সংশ্লিষ্ট হাদীছঃ ৩৭৭) (আধুনিক প্রকাশনীঃ৪২৯ , ইছলামী ফাউন্ডেচনঃ ৪৩৫)
হাদীছ - 449٤٤۹- خَلَّادٌ قَالَ حَدَّثَنَا عَبْدُ الْوَاحِدِ بْنُ أَيْمَنَ عَنْ أَبِيهِ عَنْ جَابِرِ بْنِ عَبْدِ اللهِ أَنَّ امْرَأَةً قَالَتْ يَا رَسُولَ اللهِ صلى الله عليه وسلم أَلاَ أَجْعَلُ لَكَ شَيْئًا تَقْعُدُ عَلَيْهِ فَإِنَّ لِي غُلَامًا نَجَّارًا قَالَ إِنْ شِئْتِ فَعَمِلَتْ الْمِنْبَرَ.৪৪৯. জাবিৰ ইবনু ‘আব্দিল্লাহ (ৰাদ্বিয়াল্লাহু আনহু)ৰ দ্বাৰা বর্ণিত। জনৈকা মহিলাই কলেঃ হে আল্লাহৰ ৰাছুল! আপোনাৰ বহাৰ বাবে মই কিবা সাজি দিমনে? মোৰ এজন কাঠমিস্ত্রী দাস আছে। তেখেতে কলেঃ তোমাৰ ইচ্ছা। ফলত তেওঁ এটা মিম্বৰ সাজি দিলে। (সংশ্লিষ্ট হাদীছসমূহঃ ৯১৮, ২০৯৫, ৩৫৮৪, ৩৫৮৫) (আধুনিক প্রকাশনীঃ ৪৩০, ইছলামী ফাউন্ডেচনঃ ৪৩৬)
পৰিচ্ছেদঃ নং ৬৫. যি ব্যক্তিয়ে মছজিদ নির্মাণ কৰে।হাদীছ - 450٤۵۰- يَحْيَى بْنُ سُلَيْمَانَ حَدَّثَنِي ابْنُ وَهْبٍ أَخْبَرَنِي عَمْرٌو أَنَّ بُكَيْرًا حَدَّثَهُ أَنَّ عَاصِمَ بْنَ عُمَرَ بْنِ قَتَادَةَ حَدَّثَهُ أَنَّهُ سَمِعَ عُبَيْدَ اللهِ الْخَوْلَانِيَّ أَنَّهُ سَمِعَ عُثْمَانَ بْنَ عَفَّانَ يَقُولُ عِنْدَ قَوْلِ النَّاسِ فِيهِ حِينَ بَنَى مَسْجِدَ الرَّسُولِ إِنَّكُمْ أَكْثَرْتُمْ وَإِنِّي سَمِعْتُ النَّبِيَّ يَقُولُ مَنْ بَنَى مَسْجِدًا قَالَ بُكَيْرٌ حَسِبْتُ أَنَّهُ قَالَ يَبْتَغِي بِهِ وَجْهَ اللهِ بَنَى اللهُ لَهُ مِثْلَهُ فِي الْجَنَّةِ.৪৫০. ‘উবাইদুল্লাহ খাওলানী (ৰাহিমাহুল্লাহ)ৰ দ্বাৰা বর্ণিত। তেখেতে ‘ওচমান ইবনু ‘আফ্ফান (ৰাদ্বিয়াল্লাহু আনহু)ক কোৱা শুনিছে, তেওঁ যেতিয়া মছজিদে নবৱী নির্মাণ কৰিছিল তেতিয়া মানুহৰ মন্তব্যৰ পৰিপ্রেক্ষিতত কৈছিলঃ তোমালোকে মোৰ ওপৰত সীমালংঘন কৰিছা অথচ মই আল্লাহৰ ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামক কোৱা শুনিছোঃ যি ব্যক্তিয়ে মছজিদ নিৰ্মাণ কৰে, বুকায়ৰ (ৰাহিমাহুল্লাহে) কৈছেঃ মোৰ মনত পৰে ৰাবী ‘আচিম (ৰাহিমাহুল্লাহে) তেওঁৰ বর্ণনাত উল্লেখ কৰিছে, আল্লাহৰ সন্তুষ্টি লাভৰ উদ্দেশ্যে, আল্লাহ তা‘আলাই তেওঁৰ বাবে জান্নাতত অনুৰূপ ঘৰ সাজি দিব। (মুছলিম ৫/৪, হাদীছ নং ৫৩৩, আহমদ ৪৩৪) (আধুনিক প্রকাশনীঃ ৪৩১, ইছলামী ফাউন্ডেচনঃ ৪৩৭)
পৰিচ্ছেদঃ নং ৬৬. মছজিদ অতিক্রম কালত যেন তীৰৰ ফলা ধৰি ৰাখে।হাদীছ - 451٤۵۱- قُتَيْبَةُ بْنُ سَعِيدٍ قَالَ حَدَّثَنَا سُفْيَانُ قَالَ قُلْتُ لِعَمْرٍو أَسَمِعْتَ جَابِرَ بْنَ عَبْدِ اللهِ يَقُولُ مَرَّ رَجُلٌ فِي الْمَسْجِدِ وَمَعَهُ سِهَامٌ فَقَالَ لَهُ رَسُولُ اللهِ صلى الله عليه وسلم أَمْسِكْ بِنِصَالِهَا.৪৫১. জাবিৰ ইবনু ‘আব্দিল্লাহ (ৰাদ্বিয়াল্লাহু আনহু)ৰ দ্বাৰা বর্ণিত। তেখেতে কৈছেঃ এজন ব্যক্তি তীৰ লগত লৈ মছজিদে নাবৱী অতিক্রম কৰিছিল। তেতিয়া আল্লাহৰ ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামে তেওঁক কলেঃ ইয়াৰ ফালখিনি হাতেৰে ধৰি ৰাখা। (সংশ্লিষ্ট হাদীছসমূহঃ ৭০৭৩, ৭০৭৪; মুছলিম ৪৫/৩৪, হাদীছ নং ২৬১৪, আহমদ ১৪৩১৪) (আধুনিক প্রকাশনীঃ ৪৩২, ইছলামী ফাউন্ডেচনঃ ৪৩৮)
পৰিচ্ছেদঃ নং ৬৭. মছজিদ অতিক্রম কৰা।হাদীছ - 452٤۵۲- مُوسَى بْنُ إِسْمَاعِيلَ قَالَ حَدَّثَنَا عَبْدُ الْوَاحِدِ قَالَ حَدَّثَنَا أَبُو بُرْدَةَ بْنُ عَبْدِ اللهِ قَالَ سَمِعْتُ أَبَا بُرْدَةَ عَنْ أَبِيهِ عَنِ النَّبِيِّ صلى الله عليه وسلم قَالَ مَنْ مَرَّ فِي شَيْءٍ مِنْ مَسَاجِدِنَا أَوْ أَسْوَاقِنَا بِنَبْلٍ فَلْيَأْخُذْ عَلَى نِصَالِهَا لاَ يَعْقِرْ بِكَفِّهِ مُسْلِمًا.৪৫২. আবূ বুৰদা (ৰাহিমাহুল্লাহ)-ৰ পিতা ‘আব্দুল্লাহ (ৰাদ্বিয়াল্লাহু আনহু)ৰ দ্বাৰা বর্ণিত। নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ যি ব্যক্তিয়ে তীৰ লৈ আমাৰ মছজিদ অথবা বজাৰৰ ফালে আহে তেওঁ যেন তীৰৰ ফালসমূহ হাতেৰে ধৰি থাকে, যাতে তেওঁৰ হাতেৰে কোনো মুছলিম আঘাত প্ৰাপ্ত নহয় । (সংশ্লিষ্ট হাদীছঃ ৭০৭৫) (আধুনিক প্রকাশনীঃ ৪৩৩, ইছলামী ফাউন্ডেচনঃ ৪৩৯)
পৰিচ্ছেদঃ নং ৬৮. মছজিদত কবিতা পাঠ কৰা।হাদীছ - 453٤۵۳- حدثنا أَبُو الْيَمَانِ الْحَكَمُ بْنُ نَافِعٍ قَالَ أَخْبَرَنَا شُعَيْبٌ عَنْ الزُّهْرِيِّ قَالَ أَخْبَرَنِي أَبُو سَلَمَةَ بْنُ عَبْدِ الرَّحْمَنِ بْنِ عَوْفٍ أَنَّهُ سَمِعَ حَسَّانَ بْنَ ثَابِتٍ الأَنْصَارِيَّ يَسْتَشْهِدُ أَبَا هُرَيْرَةَ أَنْشُدُكَ اللهَ هَلْ سَمِعْتَ النَّبِيَّ يَقُولُ يَا حَسَّانُ أَجِبْ عَنْ رَسُولِ اللهِ اللَّهُمَّ أَيِّدْهُ بِرُوحِ الْقُدُسِ قَالَ أَبُو هُرَيْرَةَ نَعَمْ.৪৫৩. আবূ ছালামা ইবনু ‘আব্দিৰ ৰহমান ইবনু ‘আওফ (ৰাহিমাহুল্লাহ)ৰ দ্বাৰা বর্ণিত, তেওঁ হাচ্চান ইবনু ছাবিত আনচাৰী (ৰাদ্বিয়াল্লাহু আনহু)ৰ পৰা শুনিছে যে, তেওঁ আবূ হুৰাইৰাহ (ৰাদ্বিয়াল্লাহু আনহু)-ক আল্লাহৰ কচম দি এই কথাৰ সাক্ষ্য বিচাৰি কলেঃ আপুনি নবী চাল্লাল্লাহু আলাইহি অছাল্লামক এই কথা কোৱা শুনিছেনে, হে হাচ্চান! আল্লাহৰ ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামৰ তৰফৰ পৰা (কবিতাৰ মাধ্যমত মুশ্বৰিক সকলক) উত্তৰ দিয়া। হে আল্লাহ! হাচ্চানক ৰুহুল কুদ্দুচ (জিব্রীল)ৰ দ্বাৰা সাহায্য কৰা। আবূ হুৰাইৰাহ (ৰাদ্বিয়াল্লাহু আনহুৱে) কলেঃ হয়। (সংশ্লিষ্ট হাদীছসমূহঃ ৩২১২, ৬১৫২) (আধুনিক প্রকাশনীঃ ৪৩৪, ইছলামী ফাউন্ডেচনঃ ৪৪০)
পৰিচ্ছেদঃ নং ৬৯. বৰ্শা লৈ মছজিদত প্রৱেশ।হাদীছ - 454٤۵٤- حدثنا عَبْدُ الْعَزِيزِ بْنُ عَبْدِ اللهِ قَالَ حَدَّثَنَا إِبْرَاهِيمُ بْنُ سَعْدٍ عَنْ صَالِحِ بْنِ كَيْسَانَ عَنْ ابْنِ شِهَابٍ قَالَ أَخْبَرَنِي عُرْوَةُ بْنُ الزُّبَيْرِ أَنَّ عَائِشَةَ قَالَتْ لَقَدْ رَأَيْتُ رَسُولَ اللهِ صلى الله عليه وسلم يَوْمًا عَلَى بَابِ حُجْرَتِي وَالْحَبَشَةُ يَلْعَبُونَ فِي الْمَسْجِدِ وَرَسُولُ اللهِ صلى الله عليه وسلم يَسْتُرُنِي بِرِدَائِهِ أَنْظُرُ إِلَى لَعِبِهِمْ৪৫৪. ‘আইশ্বা (ৰাদ্বিয়াল্লাহু আনহা)ৰ দ্বাৰা বর্ণিত। তেখেতে কৈছেঃ এদিন মই আল্লাহৰ ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামক মোৰ ঘৰৰ দুৱাৰত দেখিলো। তেতিয়া হাবশ্বীসকলে মছজিদত (বর্শাৰ দ্বাৰা) খেল দেখুৱাই আছিল । আল্লাহৰ ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামে তেওঁৰ চাদৰেৰে মোক ঢাকি ৰাখিছিল। আৰু মই খেল চাই আছিলো। (সংশ্লিষ্ট হাদীছসমূহঃ ৪৫৫, ৯৫০, ৯৮৮, ২৯০৬, ৩৫২৯, ৩৯৩১, ৫১৯০, ৫২৩৬) (আধুনিক প্রকাশনীঃ ৪৩৫, ইছলামী ফাউন্ডেচনঃ ৪৪১)
হাদীছ - 455٤۵۵- زَادَ إِبْرَاهِيمُ بْنُ الْمُنْذِرِ حَدَّثَنَا ابْنُ وَهْبٍ أَخْبَرَنِي يُونُسُ عَنْ ابْنِ شِهَابٍ عَنْ عُرْوَةَ عَنْ عَائِشَةَ قَالَتْ رَأَيْتُ النَّبِيَّ وَالْحَبَشَةُ يَلْعَبُونَ بِحِرَابِهِمْ.৪৫৫. ‘উৰুৱা ‘আইশ্বা (ৰাদ্বিয়াল্লাহু আনহা)ৰ সূত্ৰত অতিৰিক্ত বর্ণনা কৰিছে যে, তেখেতে কৈছিলঃ মই নবী চাল্লাল্লাহু আলাইহি অছাল্লামক দেখিলো, সেই সময়ত হাবশ্বীসকলে বৰ্শা, বল্লম লৈ খেল দেখুৱাই আছিল। (সংশ্লিষ্ট হাদীছঃ ৪৫৪; মুছলিম ৮/৪, হাদীছ নং ৮৯২, আহমদ ২৬৩৮৮, ২৪৫৯৫) (আধুনিক প্রকাশনীঃ ৪৩৫ শেষাংশ, ইছলামী ফাউন্ডেচনঃ ৪৪১ শেষাংশ)
পৰিচ্ছেদঃ নং ৭০. মছজিদৰ মিম্বৰৰ ওপৰত ক্রয়-বিক্রয়ৰ আলোচনা।হাদীছ - 456٤۵٦- عَلِيُّ بْنُ عَبْدِ اللهِ قَالَ حَدَّثَنَا سُفْيَانُ عَنْ يَحْيَى عَنْ عَمْرَةَ عَنْ عَائِشَةَ قَالَتْ أَتَتْهَا بَرِيرَةُ تَسْأَلُهَا فِي كِتَابَتِهَا فَقَالَتْ إِنْ شِئْتِ أَعْطَيْتُ أَهْلَكِ وَيَكُونُ الْوَلاَءُ لِي وَقَالَ أَهْلُهَا إِنْ شِئْتِ أَعْطَيْتِهَا مَا بَقِيَ وَقَالَ سُفْيَانُ مَرَّةً إِنْ شِئْتِ أَعْتَقْتِهَا وَيَكُونُ الْوَلاَءُ لَنَا فَلَمَّا جَاءَ رَسُولُ اللهِ صلى الله عليه وسلم ذَكَّرَتْهُ ذَلِكَ فَقَالَ النَّبِيُّ ابْتَاعِيهَا فَأَعْتِقِيهَا فَإِنَّ الْوَلاَءَ لِمَنْ أَعْتَقَ ثُمَّ قَامَ رَسُولُ اللهِ صلى الله عليه وسلم عَلَى الْمِنْبَرِ وَقَالَ سُفْيَانُ مَرَّةً فَصَعِدَ رَسُولُ اللهِ صلى الله عليه وسلم عَلَى الْمِنْبَرِ فَقَالَ مَا بَالُ أَقْوَامٍ يَشْتَرِطُونَ شُرُوطًا لَيْسَ فِي كِتَابِ اللهِ مَنْ اشْتَرَطَ شَرْطًا لَيْسَ فِي كِتَابِ اللهِ فَلَيْسَ لَهُ وَإِنْ اشْتَرَطَ مِائَةَ مَرَّةٍ قَالَ عَلِيٌّ قَالَ يَحْيَى وَعَبْدُ الْوَهَّابِ عَنْ يَحْيَى عَنْ عَمْرَةَ نَحْوَهُ وَقَالَ جَعْفَرُ بْنُ عَوْنٍ عَنْ يَحْيَى قَالَ سَمِعْتُ عَمْرَةَ قَالَتْ سَمِعْتُ عَائِشَةَ وَرَوَاهُ مَالِكٌ عَنْ يَحْيَى عَنْ عَمْرَةَ أَنَّ بَرِيرَةَ وَلَمْ يَذْكُرْ صَعِدَ الْمِنْبَرَ৪৫৬. ‘আইশ্বা (ৰাদ্বিয়াল্লাহু আনহা)ৰ দ্বাৰা বর্ণিত। তেখেতে কৈছে, বাৰীৰাহ (ৰাদ্বিয়াল্লাহু আনহা)ই তেওঁৰ ওচৰলৈ আহি কিতাবাতৰ [1] ঋণ পৰিশোধৰ বাবে সাহায্য বিচাৰিলে। তেতিয়া তেওঁ কলেঃ তুমি বিচাৰিলে মই (তোমাৰ মূল্য) তোমাৰ মালিকক দি দিম এই চর্তত যে, উত্তৰাধিকাৰ স্বত্ব মোৰ থাকিব। তাইৰ মালিকে ‘আইশ্বা (ৰাদ্বিয়াল্লাহু আনহা)-ক কলেঃ আপুনি ইচ্ছা কৰিলে বাকী মূল্য বাৰীৰাক দিব পাৰে। ৰাবী চুফিয়ান (ৰাহিমাহুল্লাহে) এবাৰ এনেকৈ কৈছেঃ আপুনি ইচ্ছা কৰিলে তেওঁক মুক্ত কৰি দিব পাৰে, কিন্তু উত্তৰাধিকাৰ স্বত্ব আমাৰ থাকিব। যেতিয়া আল্লাহৰ ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লাম আহিল, তেতিয়া তেওঁ তেখেতৰ ওচৰত বিষয়টো ভাঙি পাতি কলে। তেখেতে কলেঃ তুমি তাইক কিনি লোৱা আৰু মুক্ত কৰি দিয়া। কাৰণ উত্তৰাধিকাৰ স্বত্ব তেওঁৰেই থাকিব, যিয়ে মুক্ত কৰি দিব। তাৰ পিছত আল্লাহৰ ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লাম গৈ মিম্বৰৰ ওপৰত থিয় হ’ল। চুফিয়ান (ৰাহিমাহুল্লাহে) এবাৰ এনেকৈ কৈছেঃ তাৰ পিছত আল্লাহৰ ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামে মিম্বৰত আৰোহণ কৰি কলেঃ মানুহসকলৰ কি হ’ল? তেওঁলোকে এনেকুৱা চৰ্ত কৰে যিটো আল্লাহৰ কিতাপত নাই। কোনোবাই যদি এনেকুৱা চৰ্তাৰোপ কৰে যিটো আল্লাহৰ কিতাপত নাই, তাৰ এনে চৰ্তৰ কোনো মূল্য নাই, যদিও এনে চৰ্ত এশবাৰ আৰোপ নকৰক কিয়। আলী, ইয়াহয়াই ‘আমৰাহ (ৰাহিমাহুল্লাহ)ৰ পৰা অনুৰূপ বর্ণনা কৰিছে। জা’ফৰ ইবনু ‘আওন (ৰাহিমাহুল্লাহে) ইয়াহয়া (ৰাহিমাহুল্লাহ)-ৰ মাধ্যমত ‘আমৰাহ (ৰাহিমাহুল্লাহ)ৰ পৰা বর্ণনা কৰিছে, তেখেতে কৈছে, মই ‘আইশ্বা (ৰাদ্বিয়াল্লাহু আনহা)ৰ পৰা শুনিছো। আৰু মালিক (ৰাহিমাহুল্লাহে) ইয়াহয়াৰ সূত্ৰত ‘আমৰা (ৰাহিমাহুল্লাহ) পৰা বাৰীৰাহ (ৰাদ্বিয়াল্লাহু আনহু)-ৰ এই ঘটনা বর্ণনা কৰিছে, কিন্তু তাত মিম্বৰত আৰোহণ কৰাৰ কথা উল্লেখ কৰা নাই। (সংশ্লিষ্ট হাদীছসমূহঃ ১৪৯৩, ২১৫৫, ২১৬৮, ২৫৩৬, ২৫৬০, ২৫৬১, ২৫৬৩, ২৫৬৪, ২৫৬৫, ২৫৭৮, ২৭১৭, ২৭২৬, ২৭২৯, ২৭৩৫, ৫০৯৭, ৫২৭৯, ৫২৮৪, ৫৪৩০, ৬৭১৭, ৬৭৫১, ৬৭৫৪, ৬৭৫৮, ৬৭৬০) (আধুনিক প্রকাশনীঃ৪৩৬ , ইছলামী ফাউন্ডেচনঃ ৪৪২)

[1]  কিতাবতঃ দাসত্বৰ পৰা মুক্তি লাভৰ উদ্দেশ্যে মনিবৰ লগত কিস্তি হিচাপে মুক্তিপণ পৰিশোধৰ চুক্তি।

পৰিচ্ছেদঃ নং ৭১. মছজিদত ঋণ পৰিশোধৰ তাগাদা দিয়া আৰু চাপ সৃষ্টি কৰা।হাদীছ - 457٤۵۷- حدثنا عَبْدُ اللهِ بْنُ مُحَمَّدٍ قَالَ حَدَّثَنَا عُثْمَانُ بْنُ عُمَرَ قَالَ أَخْبَرَنَا يُونُسُ عَنْ الزُّهْرِيِّ عَنْ عَبْدِ اللهِ بْنِ كَعْبِ بْنِ مَالِكٍ عَنْ كَعْبٍ أَنَّهُ تَقَاضَى ابْنَ أَبِي حَدْرَدٍ دَيْنًا كَانَ لَهُ عَلَيْهِ فِي الْمَسْجِدِ فَارْتَفَعَتْ أَصْوَاتُهُمَا حَتَّى سَمِعَهَا رَسُولُ اللهِ صلى الله عليه وسلم وَهُوَ فِي بَيْتِهِ فَخَرَجَ إِلَيْهِمَا حَتَّى كَشَفَ سِجْفَ حُجْرَتِهِ فَنَادَى يَا كَعْبُ قَالَ لَبَّيْكَ يَا رَسُولَ اللهِ صلى الله عليه وسلم قَالَ ضَعْ مِنْ دَيْنِكَ هَذَا وَأَوْمَأَ إِلَيْهِ أَيْ الشَّطْرَ قَالَ لَقَدْ فَعَلْتُ يَا رَسُولَ اللهِ صلى الله عليه وسلم قَالَ قُمْ فَاقْضِهِ.৪৫৭. কা‘ব (ৰাদ্বিয়াল্লাহু আনহু)ৰ দ্বাৰা বর্ণিত। তেখেতে মছজিদৰ ভিতৰত ইবনু আবূ হাদৰাদৰ ওচৰত তেওঁৰ পাবলগীয়া ঋণৰ তাগাদা কৰিলে। দুয়োজনৰ মাজত এই লৈ উচ্চ স্বৰত কথাবার্তা হল। আনকি আল্লাহৰ ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামে তেখেতৰ ঘৰৰ পৰাই তেওঁলোকৰ কথাৰ শব্দ শুনা পালে আৰু ঘৰৰ পৰ্দা আঁতৰাই তেওঁলোকৰ ওচৰলৈ আহিল। আৰু মাতি কলেঃ হে কা‘ব! কা‘ব (ৰাদ্বিয়াল্লাহু আনহুৱে) উত্তৰ দিলে, লাব্বাইক ইয়া ৰাছুলাল্লাহ! আল্লাহৰ ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামে কলেঃ তুমি পাব লগা ঋণৰ পৰা অলপমান এৰি দিয়া। আৰু হাতেৰে ইঙ্গিত কৰি বুজাই দিলে, অর্থাৎ অর্ধেক পৰিমাণ। তেতিয়া কা‘ব (ৰাদ্বিয়াল্লাহু আনহুৱে) কলেঃ মই তাকে কৰিলো, হে আল্লাহৰ ৰাছুল! তেতিয়া তেখেতে ইবনু আবূ হাদৰাদক কলেঃ বলা এতিয়া বাকীখিনি দি দিয়া। (সংশ্লিষ্ট হাদীছসমূহঃ ৪৭১, ২৪১৮, ২৪২৪, ২৭০৬, ২৭১০; মুছলিম ২২/৪, হাদীছ নং ১৫৫৮) (আধুনিক প্রকাশনীঃ ৪৩৭, ইছলামী ফাউন্ডেচনঃ ৪৪৩)
পৰিচ্ছেদঃ নং ৭২. মছজিদত ঝাৰু দিয়া আৰু জাবৰ-জোথৰ, আৱর্জনা ও কাঠ খৰি বুটলা।হাদীছ - 458٤۵۸- حدثنا سُلَيْمَانُ بْنُ حَرْبٍ قَالَ حَدَّثَنَا حَمَّادُ بْنُ زَيْدٍ عَنْ ثَابِتٍ عَنْ أَبِي رَافِعٍ عَنْ أَبِي هُرَيْرَةَ أَنَّ رَجُلاً أَسْوَدَ أَوْ امْرَأَةً سَوْدَاءَ كَانَ يَقُمُّ الْمَسْجِدَ فَمَاتَ فَسَأَلَ النَّبِيُّ عَنْهُ فَقَالُوا مَاتَ قَالَ أَفَلاَ كُنْتُمْ آذَنْتُمُونِي بِهِ دُلُّونِي عَلَى قَبْرِهِ أَوْ قَالَ قَبْرِهَا فَأَتَى قَبْرَهَا فَصَلَّى عَلَيْهَا.৪৫৮. আবূ হুৰাইৰাহ (ৰাদ্বিয়াল্লাহু আনহু)ৰ দ্বাৰা বর্ণিত। এজন ক’লা বৰণৰ পুৰুষ, অথবা কৈছিলঃ ক’লা বৰণৰ মহিলাই মছজিদ ঝাৰু দিছিল, তেওঁৰ মৃত্যু হ’ল। নবী চাল্লাল্লাহু আলাইহি অছাল্লামে তেওঁৰ বিষয়ে সোধাত চাহাবীসকলে কলে, তেওঁৰ মৃত্যু হৈছে। তেখেতে কলেঃ তোমালোকে মোক খবৰ নিদিলা কিয়? মোক তেওঁৰ/তাইৰ কবৰটো দেখুৱাই দিয়া। তাৰ পিছত তেখেত তেওঁৰ কবৰৰ ওচৰত আহিল আৰু তেওঁৰ জানাজাৰ ছালাত আদায় কৰিলে। (সংশ্লিষ্ট হাদীছসমূহঃ ৪৬০, ১৩৩৭; মুছলিম ১১/২৩, হাদীছ নং ৯৫৬) (আধুনিক প্রকাশনীঃ ৪৩৮, ইছলামী ফাউন্ডেচনঃ ৪৪৪)
পৰিচ্ছেদঃ নং ৭৩. মছজিদত মদৰ ব্যৱসায় হাৰাম ঘোষণা কৰা।হাদীছ - 459٤۵۹- حدثنا عَبْدَانُ عَنْ أَبِي حَمْزَةَ عَنِ الْأَعْمَشِ عَنْ مُسْلِمٍ عَنْ مَسْرُوقٍ عَنْ عَائِشَةَ قَالَتْ لَمَّا أُنْزِلَتْ الْآيَاتُ مِنْ سُورَةِ الْبَقَرَةِ فِي الرِّبَا خَرَجَ النَّبِيُّ إِلَى الْمَسْجِدِ فَقَرَأَهُنَّ عَلَى النَّاسِ ثُمَّ حَرَّمَ تِجَارَةَ الْخَمْرِ.৪৫৯. ‘আইশ্বা (ৰাদ্বিয়াল্লাহু আনহা)ৰ দ্বাৰা বর্ণিত। তেখেতে কৈছেঃ সুদ সম্পর্কীয় ছুৰা বাকাৰাৰ আয়াতসমূহ অৱতীর্ণ হোৱাত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে মছজিদত গৈ সেই আয়াতসমূহ চাহাবীসকলক পাঠ কৰি শুনালে। তাৰ পিছত তেখেতে মদৰ ব্যৱসায় হাৰাম ঘোষণা কৰিলে। (সংশ্লিষ্ট হাদীছসমূহঃ ২০৮৪, ২২২৬, ৪৫৪০, ৪৫৪১, ৪৫৪২, ৪৫৪৩; মুছলিম ২২/১২, হাদীছ নং ১৫৮০, আহমদ ২৬৪৩৪) (আধুনিক প্রকাশনীঃ ৪৩৯, ইছলামী ফাউন্ডেচনঃ ৪৪৫)
পৰিচ্ছেদঃ নং ৭৪, মছজিদৰ বাবে খাদিম।ইবনু ‘আব্বাছ (ৰাদ্বিয়াল্লাহু আনহুৱে) (এই আয়াত সম্পৰ্কে) “মোৰ গর্ভত যি আছে সেয়া একান্ত আপোনাৰ বাবে উৎসর্গ কৰিলো” (ছুৰা আলে ইমৰাণ ৩/৩৫) কৈছেঃ অৰ্থাৎ মছজিদৰ খেদমতৰ বাবে উৎসর্গ কৰিলো।হাদীছ - 460٤٦۰-حدثنا أَحْمَدُ بْنُ وَاقِدٍ قَالَ حَدَّثَنَا حَمَّادُ بْنُ زَيْدٍ عَنْ ثَابِتٍ عَنْ أَبِي رَافِعٍ عَنْ أَبِي هُرَيْرَةَ أَنَّ امْرَأَةً أَوْ رَجُلاً كَانَتْ تَقُمُّ الْمَسْجِدَ وَلاَ أُرَاهُ إِلاَّ امْرَأَةً فَذَكَرَ حَدِيثَ النَّبِيِّ صلى الله عليه وسلم أَنَّهُ صَلَّى عَلَى قَبْرِهَا.৪৬০. আবূ হুৰাইৰাহ (ৰাদ্বিয়াল্লাহু আনহু)ৰ দ্বাৰা বর্ণিত। এজন পুৰুষ অথবা কৈছিলঃ এগৰাকী মহিলাই মছজিদ ঝাৰু দিছিল। [ৰাবী ছাবিত (ৰাহিমাহুল্লাহে) কৈছেঃ] মোৰ মনত পৰে তেখেতে কৈছিলঃ এগৰাকী মহিলা। তাৰ পিছত তেখেতে নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ হাদীছ বর্ণনা কৰি কলেঃ তেখেত চাল্লাল্লাহু আলাইহি অছাল্লামে তেওঁৰ কবৰত গৈ জানাজাৰ ছালাত আদায় কৰিছিল। (সংশ্লিষ্ট হাদীছঃ ৪৫৮) (আধুনিক প্রকাশনীঃ ৪৪০, ইছলামী ফাউন্ডেচনঃ ৪৪৬)
পৰিচ্ছেদঃ নং ৭৫. কয়দী অথবা ঋণগ্রস্ত ব্যক্তিক মছজিদত বান্ধি ৰখা।হাদীছ - 461٤٦۱- حَدَّثَنَا إِسْحَاقُ بْنُ إِبْرَاهِيمَ، قَالَ أَخْبَرَنَا رَوْحٌ، وَمُحَمَّدُ بْنُ جَعْفَرٍ، عَنْ شُعْبَةَ، عَنْ مُحَمَّدِ بْنِ زِيَادٍ، عَنْ أَبِي هُرَيْرَةَ، عَنِ النَّبِيِّ صلى الله عليه وسلم صلى الله عليه وسلم قَالَ ‏ "‏ إِنَّ عِفْرِيتًا مِنَ الْجِنِّ تَفَلَّتَ عَلَىَّ الْبَارِحَةَ ـ أَوْ كَلِمَةً نَحْوَهَا ـ لِيَقْطَعَ عَلَىَّ الصَّلاَةَ، فَأَمْكَنَنِي اللَّهُ مِنْهُ، فَأَرَدْتُ أَنْ أَرْبِطَهُ إِلَى سَارِيَةٍ مِنْ سَوَارِي الْمَسْجِدِ، حَتَّى تُصْبِحُوا وَتَنْظُرُوا إِلَيْهِ كُلُّكُمْ، فَذَكَرْتُ قَوْلَ أَخِي سُلَيْمَانَ رَبِّ هَبْ لِي مُلْكًا لاَ يَنْبَغِي لأَحَدٍ مِنْ بَعْدِي ‏"‏‏.‏ قَالَ رَوْحٌ فَرَدَّهُ خَاسِئًا‏.‏৪৬১. আবূ হুৰাইৰাহ (ৰাদ্বিয়াল্লাহু আনহু)ৰ দ্বাৰা বর্ণিত। নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ যোৱা ৰাতি এজন অবাধ্য জিনে হঠাৎ মোৰ সন্মুখত দেখা দিলে। (ৰাবীয়ে কৈছে), -অথবা তেখেতে অনুৰূপ কোনো কথা কৈছিল- সি যেনিবা মোৰ ছালাতত বাধাৰ সৃষ্টি কৰিব। কিন্তু আল্লাহে মোক তাৰ ওপৰত ক্ষমতা প্ৰদান কৰিলে। মই ইচ্ছা কৰিছিলো যে, তাক মছজিদৰ খুটাত বান্ধি ৰাখিম, যাতে পুৱাৰ ভাগত তোমালোকে সকলোৱে তাক দেখা পোৱা। কিন্তু তেতিয়াই মোৰ ভাই চুলাইমান (‘আলাইহিচ ছালাম)-ৰ এই উক্তি মোৰ মনত পৰিল, “হে মোৰ ৰব্ব! মোক এনেকুৱা ৰাজত্ব প্ৰদান কৰা, যাৰ অধিকাৰী মোৰ পিছত আন কোনো নহয়”- (ছুৰা চোৱাদ ৩৮/৩৫)। (বর্ণনাকাৰী) ৰাওহ্ (ৰাহিমাহুল্লাহে) কৈছেঃ নবী চাল্লাল্লাহু আলাইহি অছাল্লামে সেই চয়তানটোক অপমানিত কৰি এৰি দিলে। (সংশ্লিষ্ট হাদীছসমূহঃ ১২১০, ৩২৮৪, ৩৪২৩, ৪৮০৮; মুছলিম ৫/৮, হাদীছ নং ৫৪১, আহমদ ৭৯৭৪) (আধুনিক প্রকাশনীঃ ৪৪১, ইছলামী ফাউন্ডেচনঃ ৪৪৭)
পৰিচ্ছেদঃ নং ৭৬. ইছলাম গ্রহণ কৰাৰ সময়ত গোছল কৰা আৰু মছজিদত কয়দীক বান্ধি থোৱা।কাযী শ্বুৰাইহ (ৰাহিমাহুল্লাহে) ঋণ পৰিশোধ নকৰা ব্যক্তিক মছজিদৰ খুটাত বান্ধি ৰখাৰ নির্দেশ দিছিল।হাদীছ - 462٤٦۲- حدثنا عَبْدُ اللهِ بْنُ يُوسُفَ قَالَ حَدَّثَنَا اللَّيْثُ قَالَ حَدَّثَنَا سَعِيدُ بْنُ أَبِي سَعِيدٍ سَمِعَ أَبَا هُرَيْرَةَ قَالَ بَعَثَ النَّبِيُّ خَيْلاً قِبَلَ نَجْدٍ فَجَاءَتْ بِرَجُلٍ مِنْ بَنِي حَنِيفَةَ يُقَالُ لَهُ ثُمَامَةُ بْنُ أُثَالٍ فَرَبَطُوهُ بِسَارِيَةٍ مِنْ سَوَارِي الْمَسْجِدِ فَخَرَجَ إِلَيْهِ النَّبِيُّ فَقَالَ أَطْلِقُوا ثُمَامَةَ فَانْطَلَقَ إِلَى نَخْلٍ قَرِيبٍ مِنَ الْمَسْجِدِ فَاغْتَسَلَ ثُمَّ دَخَلَ الْمَسْجِدَ فَقَالَ أَشْهَدُ أَنْ لآ إِلَهَ إِلاَّ اللهُ وَأَنَّ مُحَمَّدًا رَسُولُ اللَّهِ.৪৬২. আবূ হুৰাইৰাহ (ৰাদ্বিয়াল্লাহু আনহু)ৰ দ্বাৰা বর্ণিত। নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কেইজন মান অশ্বাৰোহী মুজাহিদক নজদৰ ফালে পঠালে। তেওঁলোকে বানূ হানীফা গোত্রৰ চুমামাহ ইবনু উচাল নামৰ এজন ব্যক্তিক আনি মছজিদৰ খুটাত বান্ধি থলে। নবী চাল্লাল্লাহু আলাইহি অছাল্লামে তাৰ ওচৰলৈ গ’ল আৰু কলেঃ চুমামাক এৰি দিয়া। (মুক্তি পাই) চুমামাহ মছজিদে নবৱীৰ ওচৰতে এখন খেজুৰ বাগানত গৈ গোছল কৰি আহি মছজিদত প্ৰৱেশ কৰিলে আৰু কলেঃ “মই সাক্ষ্য দিছো যে, আল্লাহৰ বাহিৰে প্রকৃত আন কোনো সত্য উপাস্য নাই আৰু মুহাম্মাদ চাল্লাল্লাহু আলাইহি অছাল্লাম আল্লাহৰ ৰাছুল।’’ (সংশ্লিষ্ট হাদীছসমূহঃ ৪৬৯, ২৪২২, ২৪২৩, ৪৩৭২) (আধুনিক প্রকাশনীঃ ৪৪২, ইছলামী ফাউন্ডেচনঃ ৪৪৮)
পৰিচ্ছেদঃ নং ৭৭. ৰোগী আৰু অন্য লোকসকলৰ বাবে মছজিদত তম্বু স্থাপন।হাদীছ - 463٤٦۳- حدثنا زَكَرِيَّاءُ بْنُ يَحْيَى قَالَ حَدَّثَنَا عَبْدُ اللهِ بْنُ نُمَيْرٍ قَالَ حَدَّثَنَا هِشَامٌ عَنْ أَبِيهِ عَنْ عَائِشَةَ قَالَتْ أُصِيبَ سَعْدٌ يَوْمَ الْخَنْدَقِ فِي الْأَكْحَلِ فَضَرَبَ النَّبِيُّ خَيْمَةً فِي الْمَسْجِدِ لِيَعُودَهُ مِنْ قَرِيبٍ فَلَمْ يَرُعْهُمْ وَفِي الْمَسْجِدِ خَيْمَةٌ مِنْ بَنِي غِفَارٍ إِلاَّ الدَّمُ يَسِيلُ إِلَيْهِمْ فَقَالُوا يَا أَهْلَ الْخَيْمَةِ مَا هَذَا الَّذِي يَأْتِينَا مِنْ قِبَلِكُمْ فَإِذَا سَعْدٌ يَغْذُو جُرْحُهُ دَمًا فَمَاتَ فِيهَا.৪৬৩. ‘আইশ্বা (ৰাদ্বিয়াল্লাহু আনহা)ৰ দ্বাৰা বর্ণিত। তেখেতে কৈছেঃ খন্দকৰ যুদ্ধত চা’দ (ৰাদ্বিয়াল্লাহু আনহু)-ৰ হাতৰ শিৰাত আঘাতপ্ৰাপ্ত হৈছিল। নবী চাল্লাল্লাহু আলাইহি অছাল্লামে মছজিদত (তেওঁৰ বাবে) এটা তম্বু স্থাপন কৰিলে, যাতে তেওঁক ওচৰৰ পৰা দেখা শুনা কৰিব পাৰে। মছজিদত বানূ গিফাৰৰো এটা তম্বু আছিল। চা’দ (ৰাদ্বিয়াল্লাহু আনহু)-ৰ প্রচুৰ তেজ তেওঁলোকৰ ফালে প্রবাহিত হোৱাত তেওঁলোক ভীত-সন্ত্রস্ত হৈ সুধিলেঃ হে তম্বুৰ লোকসকল! তোমালোকৰ তম্বুৰ পৰা আমাৰ ফালে এইবোৰ কি প্রবাহিত হৈছে? তেতিয়া দেখা গ’ল যে, চা’দ ৰাদ্বিয়াল্লাহু আনহুৰ জখমৰ পৰা তেজ বৈ আহিছে। অৱশেষত উক্ত আঘাতৰ কাৰণে তেখেতৰ ইন্তেকাল হয়। (সংশ্লিষ্ট হাদীছসমূহঃ ২৮১৩, ৩৯০১, ৪১১৭, ৪১২২) (আধুনিক প্রকাশনীঃ ৪৪৩, ইছলামী ফাউন্ডেচনঃ ৪৪৯)
পৰিচ্ছেদঃ নং ৭৮. প্রয়োজনত উট লৈ মছজিদত প্রৱেশ কৰা।ইবনু ‘আব্বাছ (ৰাদ্বিয়াল্লাহু আনহু) কৈছেঃ নবী চাল্লাল্লাহু আলাইহি অছাল্লাম নিজৰ উটত উঠি তৱাফ কৰিছে।হাদীছ - 464٤٦٤- حَدَّثَنَا عَبْدُ اللَّهِ بْنُ يُوسُفَ، قَالَ أَخْبَرَنَا مَالِكٌ، عَنْ مُحَمَّدِ بْنِ عَبْدِ الرَّحْمَنِ بْنِ نَوْفَلٍ، عَنْ عُرْوَةَ، عَنْ زَيْنَبَ بِنْتِ أَبِي سَلَمَةَ، عَنْ أُمِّ سَلَمَةَ، قَالَتْ شَكَوْتُ إِلَى رَسُولِ اللَّهِ صلى الله عليه وسلم أَنِّي أَشْتَكِي‏.‏ قَالَ "‏طُوفِي مِنْ وَرَاءِ النَّاسِ وَأَنْتِ رَاكِبَةٌ ‏"‏‏.‏ فَطُفْتُ وَرَسُولُ اللَّهِ صلى الله عليه وسلم يُصَلِّي إِلَى جَنْبِ الْبَيْتِ، يَقْرَأُ بِالطُّورِ وَكِتَابٍ مَسْطُورٍ‏.‏৪৬৪. উম্মু ছালামা (ৰাদ্বিয়াল্লাহু আনহা)ৰ দ্বাৰা বর্ণিত। তেখেতে কৈছেঃ (বিদায় হজ্জত) মই আল্লাহ ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওচৰত মোৰ অসুস্থতাৰ বিষয়ে জনোৱাত তেখেতে কলেঃ বাহনত উঠি মানুহৰ পৰা আঁতৰত থাকি তৱাফ কৰা। মই তৱাফ কৰিলো আৰু আল্লাহৰ ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লাম বাইতুল্লাহৰ কাষত الطُّورِ وَكِتَابٍ مَسْطُورٍ তিলাৱত কৰি ছালাত আদায় কৰি আছিল। (সংশ্লিষ্ট হাদীছসমূহঃ ১৬১৯, ১৬২৬, ১৬৩৩, ৪৮৫৩; মুছলিম ১৫/৪২, হাদীছ নং ১২৭৬ ) (আধুনিক প্রকাশনীঃ ৪৪৪, ইছলামী ফাউন্ডেচনঃ ৪৫০)
পৰিচ্ছেদঃ নং ৭৯.হাদীছ - 465٤٦۵- حدثنا مُحَمَّدُ بْنُ الْمُثَنَّى قَالَ حَدَّثَنَا مُعَاذُ بْنُ هِشَامٍ قَالَ حَدَّثَنِي أَبِي عَنْ قَتَادَةَ قَالَ حَدَّثَنَا أَنَسُ بْنُ مَالِكٍ أَنَّ رَجُلَيْنِ مِنْ أَصْحَابِ النَّبِيِّ صلى الله عليه وسلم خَرَجَا مِنْ عِنْدِ النَّبِيِّ صلى الله عليه وسلم فِي لَيْلَةٍ مُظْلِمَةٍ وَمَعَهُمَا مِثْلُ الْمِصْبَاحَيْنِ يُضِيئَانِ بَيْنَ أَيْدِيهِمَا فَلَمَّا افْتَرَقَا صَارَ مَعَ كُلِّ وَاحِدٍ مِنْهُمَا وَاحِدٌ حَتَّى أَتَى أَهْلَهُ.৪৬৫. আনাছ (ৰাদ্বিয়াল্লাহু আনহু)ৰ দ্বাৰা বর্ণিত। নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ দু’জন চাহাবী নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওচৰৰ পৰা অন্ধকাৰ ৰাতি ওলাই আহিল। আৰু উভয়ৰ লগত চাকি সদৃশ কিবা আছিল, যিটোৰে সন্মুখৰ ফালে আলৌকিত হৈ পৰিছিল। তেওঁলোক দুয়োজন যেতিয়া পৃথক হৈ গ’ল, তেতিয়া প্ৰত্যেকৰে হাতত এটাকৈ চাকি আছিল। অৱশেষত এনেকৈয়ে তেওঁলোক নিজৰ ঘৰত উপস্থিত হ’ল। (সংশ্লিষ্ট হাদীছসমূহঃ ৩৬৩৯, ৩৮০৫) (আধুনিক প্রকাশনীঃ ৪৪৫, ইছলামী ফাউন্ডেচনঃ ৪৫১)
পৰিচ্ছেদঃ নং ৮০. মছজিদত সৰু দুৱাৰ ও পথ বনোৱা।হাদীছ - 466٤٦٦- حدثنا مُحَمَّدُ بْنُ سِنَانٍ قَالَ حَدَّثَنَا فُلَيْحٌ قَالَ حَدَّثَنَا أَبُو النَّضْرِ عَنْ عُبَيْدِ بْنِ حُنَيْنٍ عَنْ بُسْرِ بْنِ سَعِيدٍ عَنْ أَبِي سَعِيدٍ الْخُدْرِيِّ قَالَ خَطَبَ النَّبِيُّ فَقَالَ إِنَّ اللهَ خَيَّرَ عَبْدًا بَيْنَ الدُّنْيَا وَبَيْنَ مَا عِنْدَهُ فَاخْتَارَ مَا عِنْدَ اللهِ فَبَكَى أَبُو بَكْرٍ الصِّدِّيقُفَقُلْتُ فِي نَفْسِي مَا يُبْكِي هَذَا الشَّيْخَ إِنْ يَكُنْ اللهُ خَيَّرَ عَبْدًا بَيْنَ الدُّنْيَا وَبَيْنَ مَا عِنْدَهُ فَاخْتَارَ مَا عِنْدَ اللهِ فَكَانَ رَسُولُ اللهِ صلى الله عليه وسلم هُوَ الْعَبْدَ وَكَانَ أَبُو بَكْرٍ أَعْلَمَنَا قَالَ يَا أَبَا بَكْرٍ لاَ تَبْكِ إِنَّ أَمَنَّ النَّاسِ عَلَيَّ فِي صُحْبَتِهِ وَمَالِهِ أَبُو بَكْرٍ وَلَوْ كُنْتُ مُتَّخِذًا خَلِيلاً مِنْ أُمَّتِي لَاتَّخَذْتُ أَبَا بَكْرٍ وَلَكِنْ أُخُوَّةُ الإِسْلاَمِ وَمَوَدَّتُهُ لاَ يَبْقَيَنَّ فِي الْمَسْجِدِ بَابٌ إِلاَّ سُدَّ إِلاَّ بَابُ أَبِي بَكْرٍ.৪৬৬. আবূ ছা’ঈদ খুদৰী (ৰাদ্বিয়াল্লাহু আনহু)ৰ দ্বাৰা বর্ণিত। তেখেতে কৈছেঃ নবী চাল্লাল্লাহু আলাইহি অছাল্লামে এটা ভাষণত কৈছিলঃ আল্লাহ তা‘আলাই তেওঁৰ এজন বান্দাক দুনিয়া আৰু আল্লাহৰ ওচৰত যি আছে, এই দুটাৰ ভিতৰত এটা গ্ৰহণ কৰিবলৈ অধিকাৰ দিছে। তেওঁ আল্লাহৰ ওচৰত যি আছে সেইটো গ্রহণ কৰিলে। তেতিয়া আবূ বকৰ (ৰাদ্বিয়াল্লাহু আনহু) কান্দিবলৈ ধৰিলে। মই মনে মনে ভাৱিলো, এই বৃদ্ধজনক কিহে কন্দুৱাইছে? আল্লাহে তেওঁৰ এজন বান্দাক দুনিয়া আৰু আল্লাহৰ ওচৰত যি আছে, এই দুটাৰ ভিতৰত এটা লবলৈ অধিকাৰ দিয়াত তেওঁ আল্লাহৰ ওচৰত যি আছে সেয়া গ্ৰহণ কৰিছে (ইয়াত কান্দিবলৈনো কি আছে?)। মূলতঃ আল্লাহৰ ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামেই আছিল সেইজন বান্দা। আৰু আবূ বকৰ (ৰাদ্বিয়াল্লাহু আনহু) আছিল আমাৰ মাজৰ সর্বাধিক জ্ঞানী ব্যক্তি। নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কলেঃ হে আবূ বকৰ, আপুনি নাকান্দিব। নিজৰ সাহচর্য আৰু সম্পদৰ জৰিয়তে যিয়ে মোক আটাইতকৈ অধিক সহায় কৰিছে, তেওঁ হ’ল আবূ বকৰ। মোৰ কোনো উম্মতক যদি মই খলীল (অন্তৰংগ বন্ধু) হিচাপে গ্ৰহণ কৰিলোহেঁতেন, তেন্তে তেওঁ হলহেতেন আবূ বকৰ। কিন্তু তেওঁৰ লগত আছে ইছলামৰ ভাতৃত্ব আৰু সৌহার্দ্য । আবূ বকৰৰ দুৱাৰৰ বাহিৰে মছজিদৰ আন কোনো দুৱাৰেই ৰখা নহব, সকলো দুৱাৰ বন্ধ কৰা হব। (সংশ্লিষ্ট হাদীছসমূহঃ ৩৬৫৪, ৩৯০৪) (আধুনিক প্রকাশনীঃ ৪৪৬, ইছলামী ফাউন্ডেচনঃ ৪৫২)
হাদীছ - 467٤٦۷- حدثنا عَبْدُ اللهِ بْنُ مُحَمَّدٍ الْجُعْفِيُّ قَالَ حَدَّثَنَا وَهْبُ بْنُ جَرِيرٍ قَالَ حَدَّثَنَا أَبِي قَالَ سَمِعْتُ يَعْلَى بْنَ حَكِيمٍ عَنْ عِكْرِمَةَ عَنْ ابْنِ عَبَّاسٍ قَالَ خَرَجَ رَسُولُ اللهِ صلى الله عليه وسلم فِي مَرَضِهِ الَّذِي مَاتَ فِيهِ عَاصِبٌ رَأْسَهُ بِخِرْقَةٍ فَقَعَدَ عَلَى الْمِنْبَرِ فَحَمِدَ اللهَ وَأَثْنَى عَلَيْهِ ثُمَّ قَالَ إِنَّهُ لَيْسَ مِنْ النَّاسِ أَحَدٌ أَمَنَّ عَلَيَّ فِي نَفْسِهِ وَمَالِهِ مِنْ أَبِي بكْرِ بْنِ أَبِي قُحَافَةَ وَلَوْ كُنْتُ مُتَّخِذًا مِنْ النَّاسِ خَلِيلاً لَاتَّخَذْتُ أَبَا بَكْرٍ خَلِيلاً وَلَكِنْ خُلَّةُ الإِسْلاَمِ أَفْضَلُ سُدُّوا عَنِّي كُلَّ خَوْخَةٍ فِي هَذَا الْمَسْجِدِ غَيْرَ خَوْخَةِ أَبِي بَكْرٍ.৪৬৭. ইবনু ‘আব্বাছ (ৰাদ্বিয়াল্লাহু আনহু)ৰ দ্বাৰা বর্ণিত। তেখেতে কৈছেঃ আল্লাহৰ ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লাম অন্তিম ৰোগৰ সময়ত (যি ৰোগত তেওঁ মৃত্যুবৰণ কৰিছে) এডোখৰ কাপোৰ মূৰত মেৰিয়াই বাহিৰলৈ আহি মিম্বৰত বহিলে। আল্লাহৰ প্রশংসা আৰু গুণাৱলী বর্ণনা কৰাৰ পিছত কলেঃ জান-মালৰ দ্বাৰা আবূ বকৰ ইবনু আবি কুহাফাতকৈ অধিক কোনেও মোৰ প্ৰতি এহচান কৰা নাই। মই কাৰোবাক অন্তৰংগ বন্ধু হিচাপে গ্ৰহণ কৰিলে অৱশ্যে আবু বকৰকেই গ্ৰহণ কৰিলোহেঁতেন। কিন্তু ইছলামৰ বন্ধুত্বই হৈছে উত্তম বন্ধুত্ব। আবূ বকৰৰ দুৱাৰ বাহিৰে এই মছজিদৰ সৰু দুৱাৰসমূহ বন্ধ কৰি দিয়া। (সংশ্লিষ্ট হাদীছসমূহঃ ৩৬৫৬, ৩৬৫৭, ৬৭৩৮) (আধুনিক প্রকাশনীঃ ৪৪৭, ইছলামী ফাউন্ডেচনঃ ৪৫৩)
পৰিচ্ছেদঃ নং ৮১, বায়তুল্লাহ আৰু আন আন মছজিদত দুৱাৰ বনোৱা আৰু তলা লগোৱা প্ৰসঙ্গ।আবূ ‘আব্দুল্লাহ [ইমাম বুখাৰী (ৰাহিমাহুল্লাহে)] কৈছেঃ মোক ‘আব্দুল্লাহ ইবনু মুহাম্মাদ (ৰাহিমাহুল্লাহে) কৈছে যে, মোক চুফিয়ান (ৰাহিমাহুল্লাহে) ইবনু জুৰাইজ (ৰাহিমাহুল্লাহ)ৰ পৰা হাদীছ বর্ণনা কৰিছে, তেখেতে কৈছেঃ মোক ইবনু আবী মুলাইকাহ (ৰাহিমাহুল্লাহে) কৈছে, ‘‘হে ‘আব্দুল মালিক! তুমি ইবনু ‘আব্বাছ (ৰাদ্বিয়াল্লাহু আনহু)ৰ মছজিদ আৰু তাৰ দুৱাৰবিলাক যদি দেখিলাহেঁতেন’’।হাদীছ - 468٤٦۸-حدثنا أَبُو النُّعْمَانِ وَقُتَيْبَةُ بْنُ سَعِيدٍ قَالاَ حَدَّثَنَا حَمَّادُ بْنُ زَيْدٍ عَنْ أَيُّوبَ عَنْ نَافِعٍ عَنْ ابْنِ عُمَرَ أَنَّ النَّبِيَّ قَدِمَ مَكَّةَ فَدَعَا عُثْمَانَ بْنَ طَلْحَةَ فَفَتَحَ الْبَابَ فَدَخَلَ النَّبِيُّ وَبِلَالٌ وَأُسَامَةُ بْنُ زَيْدٍ وَعُثْمَانُ بْنُ طَلْحَةَ ثُمَّ أَغْلَقَ الْبَابَ فَلَبِثَ فِيهِ سَاعَةً ثُمَّ خَرَجُوا قَالَ ابْنُ عُمَرَ فَبَدَرْتُ فَسَأَلْتُ بِلَالاً فَقَالَ صَلَّى فِيهِ فَقُلْتُ فِي أَيٍّ قَالَ بَيْنَ الْأُسْطُوَانَتَيْنِ قَالَ ابْنُ عُمَرَ فَذَهَبَ عَلَيَّ أَنْ أَسْأَلَهُ كَمْ صَلَّى.৪৬৮. ইবনু ‘ওমৰ (ৰাদ্বিয়াল্লাহু আনহু)ৰ দ্বাৰা বর্ণিত। নবী চাল্লাল্লাহু আলাইহি অছাল্লাম যেতিয়া মক্কালৈ আহিল তেতিয়া ‘উচমান ইবনু তালহা (ৰাদ্বিয়াল্লাহু আনহু)-ক মাতিলে। তেখেতে (কাবাৰ) দুৱাৰ খুলি দিয়াত নবী চাল্লাল্লাহু আলাইহি অছাল্লাম, বিলাল, উচামাহ ইবনু যায়দ আৰু ‘উচমান ইবনু ত্বলহা (ৰাদ্বিয়াল্লাহু আনহুম) ভিতৰত প্ৰৱেশ কৰিলে। তাৰ পিছত দুৱাৰ বন্ধ কৰি দিয়া হ’ল, তেখেতে তাত কিছু সময় অৱস্থান কৰিলে। তাৰ পিছত সকলো ওলাই আহিল। ইবনু ‘ওমৰ (ৰাদ্বিয়াল্লাহু আনহুৱে) কৈছেঃ মই লৰালৰিকৈ গৈ বিলাল (ৰাদ্বিয়াল্লাহু আনহু)-ক (ছালাতৰ কথা) সুধিলো। তেখেতে কলেঃ নবী চাল্লাল্লাহু আলাইহি অছাল্লামে ভিতৰত ছালাত আদায় কৰিছে। মই সুধিলোঃ কোন ঠাইত? তেখেতে কলে, দুই স্তম্ভৰ মাজত। ইবনু ‘ওমৰ (ৰাদ্বিয়াল্লাহু আনহুৱে) কৈছেঃ কেই ৰাকাত আদায় কৰিছে সেয়া সুধিবলৈ মই পাহৰি গলো। (সংশ্লিষ্ট হাদীছঃ ৩৯৭) (আধুনিক প্রকাশনীঃ ৪৪৮, ইছলামী ফাউন্ডেচনঃ ৪৫৪)
পৰিচ্ছেদঃ নং ৮২. মছজিদত মুশ্বৰিকৰ প্রৱেশ।হাদীছ - 469٤٦۹- حدثنا قُتَيْبَةُ قَالَ حَدَّثَنَا اللَّيْثُ عَنْ سَعِيدِ بْنِ أَبِي سَعِيدٍ أَنَّهُ سَمِعَ أَبَا هُرَيْرَةَ يَقُولُ بَعَثَ رَسُولُ اللهِ صلى الله عليه وسلم خَيْلاً قِبَلَ نَجْدٍ فَجَاءَتْ بِرَجُلٍ مِنْ بَنِي حَنِيفَةَ يُقَالُ لَهُ ثُمَامَةُ بْنُ أُثَالٍ فَرَبَطُوهُ بِسَارِيَةٍ مِنْ سَوَارِي الْمَسْجِدِ.৪৬৯. আবূ হুৰাইৰাহ (ৰাদ্বিয়াল্লাহু আনহু)ৰ দ্বাৰা বর্ণিত। তেখেতে কৈছেঃ আল্লাহৰ ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামে কেইজনমান অশ্বাৰোহী সৈন্য নজদ অভিমুখে পঠালে। তেওঁলোকে বানূ হানীফা গোত্রৰ চুমামাহ ইবনু উচাল নামৰ এজন ব্যক্তিক কৰায়ত্ব কৰি আনিলে। তাৰ পিছত তাক মছজিদৰ এটা খুটাত বান্ধি ৰখা হল। (সংশ্লিষ্ট হাদীছঃ ৪৬২) (আধুনিক প্রকাশনীঃ ৪৪৯, ইছলামী ফাউন্ডেচনঃ ৪৫৫)
পৰিচ্ছেদঃ নং ৮৩. মছজিদত উচ্চ স্বৰে কথা কোৱা।হাদীছ - 470٤۷۰- حَدَّثَنَا عَلِيُّ بْنُ عَبْدِ اللهِ قَالَ حَدَّثَنَا يَحْيَى بْنُ سَعِيدٍ قَالَ حَدَّثَنَا الْجُعَيْدُ بْنُ عَبْدِ الرَّحْمَنِ قَالَ حَدَّثَنِي يَزِيدُ بْنُ خُصَيْفَةَ عَنْ السَّائِبِ بْنِ يَزِيدَ قَالَ كُنْتُ قَائِمًا فِي الْمَسْجِدِ فَحَصَبَنِي رَجُلٌ فَنَظَرْتُ فَإِذَا عُمَرُ بْنُ الْخَطَّابِ فَقَالَ اذْهَبْ فَأْتِنِي بِهَذَيْنِ فَجِئْتُهُ بِهِمَا قَالَ مَنْ أَنْتُمَا أَوْ مِنْ أَيْنَ أَنْتُمَا قَالاَ مِنْ أَهْلِ الطَّائِفِ قَالَ لَوْ كُنْتُمَا مِنْ أَهْلِ الْبَلَدِ لَأَوْجَعْتُكُمَا تَرْفَعَانِ أَصْوَاتَكُمَا فِي مَسْجِدِ رَسُولِ اللهِ صلى الله عليه وسلم .৪৭০. ছায়িব ইবনু য়াযীদ (ৰাদ্বিয়াল্লাহু আনহু)ৰ দ্বাৰা বর্ণিত। তেখেতে কৈছেঃ মই মছজিদে নবৱীত থিয় হৈ থকা সময়ত এজন লোকে মোৰ ফালে এটা শিলগুটি নিক্ষেপ কৰিলে। মই ঘূৰি চাই দেখিলো তেওঁ ‘ওমৰ ইবনুল খাত্তাব (ৰাদ্বিয়াল্লাহু আনহু)। তেখেতে কলেঃ যোৱা, সেই দুজনক মোৰ ওচৰলৈ মাতি আনা। মই তেওঁলোকক লৈ তেখেতৰ ওচৰত আহিলো। তেখেতে কলেঃ তোমালোক কোন? অথবা তেখেতে কলেঃ তোমালোক কোন ঠাইৰ লোক? তেওঁলোকে কলেঃ আমি তায়েফৰ বাসিন্দা। তেখেতে কলেঃ তোমালোক মদিনাৰ লোক হোৱা হলে, মই তোমালোকক কঠোৰ শাস্তি দিলোহেঁতেন। তোমালোক দুজনেই আল্লাহৰ ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামৰ মছজিদত উচ্চঃ স্বৰত কথা পাতিছা! (আধুনিক প্রকাশনীঃ ৪৫০, ইছলামী ফাউন্ডেচনঃ ৪৫৬)
হাদীছ - 471٤۷۱- حدثنا أَحْمَدُ قَالَ حَدَّثَنَا ابْنُ وَهْبٍ قَالَ أَخْبَرَنِي يُونُسُ بْنُ يَزِيدَ عَنْ ابْنِ شِهَابٍ حَدَّثَنِي عَبْدُ اللهِ بْنُ كَعْبِ بْنِ مَالِكٍ أَنَّ كَعْبَ بْنَ مَالِكٍ أَخْبَرَهُ أَنَّهُ تَقَاضَى ابْنَ أَبِي حَدْرَدٍ دَيْنًا لَهُ عَلَيْهِ فِي عَهْدِ رَسُولِ اللهِ فِي الْمَسْجِدِ فَارْتَفَعَتْ أَصْوَاتُهُمَا حَتَّى سَمِعَهَا رَسُولُ اللهِ صلى الله عليه وسلم وَهُوَ فِي بَيْتِهِ فَخَرَجَ إِلَيْهِمَا رَسُولُ اللهِ صلى الله عليه وسلم حَتَّى كَشَفَ سِجْفَ حُجْرَتِهِ وَنَادَى كَعْبَ بْنَ مَالِكٍ قَالَ يَا كَعْبُ قَالَ لَبَّيْكَ يَا رَسُولَ اللهِ صلى الله عليه وسلم فَأَشَارَ بِيَدِهِ أَنْ ضَعْ الشَّطْرَ مِنْ دَيْنِكَ قَالَ كَعْبٌ قَدْ فَعَلْتُ يَا رَسُولَ اللهِ صلى الله عليه وسلم قَالَ رَسُولُ اللهِ صلى الله عليه وسلم قُمْ فَاقْضِهِ.৪৭১. কা‘ব ইবনু মালিক (ৰাদ্বিয়াল্লাহু আনহু)ৰ দ্বাৰা বর্ণিত। আল্লাহৰ ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামৰ যুগত তেখেতে ইবনু আবি হাদৰাদৰ ওচৰত তেখেতৰ প্ৰাপ্য সম্পৰ্কে মছজিদে নবৱীত তাগাদা কৰিছিল। তেতিয়া উভয়ৰ আৱাজ উচ্চ হৈ গল। শব্দ ইমানেই উচ্চ হৈছিল যে, আল্লাহৰ ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামে তেখেতৰ ঘৰৰ পৰা শুনা পালে। তেতিয়া আল্লাহৰ ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামে ঘৰৰ পর্দা আঁতৰাই তেওঁলোকৰ ফালে ওলাই আহিল আৰু কা‘ব ইবনু মালিকক মাতি কলেঃ হে কা‘ব! উত্তৰত কা‘বে কলেঃ লাব্বাইকা ইয়া ৰছুলাল্লাহ! তেতিয়া নবী চাল্লাল্লাহু আলাইহি অছাল্লামে হাতেৰে ইঙ্গিত কৰিলে যে, তোমাৰ প্রাপ্যৰ পৰা আধা এৰি দিয়া। কা‘ব (ৰাদ্বিয়াল্লাহু আনহু) কলেঃ হে আল্লাহৰ ৰাছুল! মই মানি ললো। তেতিয়া আল্লাহৰ ৰাছুল ইবনু আবি হাদৰাদ (ৰাদ্বিয়াল্লাহু আনহু)-ক কলেঃ এতিয়া তুমি বাকী ঋণ পৰিশোধ কৰাগৈ। (সংশ্লিষ্ট হাদীছঃ ৪৫৭) (আধুনিক প্রকাশনীঃ ৪৫১, ইছলামী ফাউন্ডেচনঃ ৪৫৭)
পৰিচ্ছেদঃ নং ৮৪. মছজিদত গোলাকাৰ হৈ বহা আৰু বৈঠক কৰা।হাদীছ - 472٤۷۲- حدثنا مُسَدَّدٌ قَالَ حَدَّثَنَا بِشْرُ بْنُ الْمُفَضَّلِ حَدَّثَنَا عُبَيْدُ اللهِ عَنْ نَافِعٍ عَنْ عَبْدِ اللهِ بْنِ عُمَرَ قَالَ سَأَلَ رَجُلٌ النَّبِيَّ وَهُوَ عَلَى الْمِنْبَرِ مَا تَرَى فِي صَلاَةِ اللَّيْلِ قَالَ مَثْنَى مَثْنَى فَإِذَا خَشِيَ الصُّبْحَ صَلَّى وَاحِدَةً فَأَوْتَرَتْ لَهُ مَا صَلَّى وَإِنَّهُ كَانَ يَقُولُ اجْعَلُوا آخِرَ صَلاَتِكُمْ وِتْرًا فَإِنَّ النَّبِيَّ أَمَرَ بِهِ.৪৭২. ইবনু ‘ওমৰ (ৰাদ্বিয়াল্লাহু আনহু)ৰ দ্বাৰা বর্ণিত। তেখেতে কৈছে, এজন ব্যক্তিয়ে নবী চাল্লাল্লাহু আলাইহি অছাল্লাম মিম্বৰত থকা অৱস্থাত প্রশ্ন কৰিলে, আপুনি ৰাতিৰ ছালাত কেনেকৈ আদায় কৰিবলৈ কয়? তেখেতে কলেঃ দুই ৰাকাত, দুই ৰাকাতকৈ আদায় কৰিবা, যেতিয়া ফজৰ হোৱাৰ আশংকা হয়, তেতিয়া আৰু এক ৰাকাত আদায় কৰি লবা, ই পূৰ্বৰ ছালাতক ৱিতিৰ বা বেজোৰ কৰি দিব। [নাফে‘ (ৰাহিমাহুল্লাহে) কৈছে] ইবনু ‘ওমৰ (ৰাদ্বিয়াল্লাহু আনহুৱে) কৈছেঃ তোমালোকে ৱিতিৰক ৰাতিৰ শেষ ছালাতৰূপে আদায় কৰা। কাৰণ এই আদেশ নবী চাল্লাল্লাহু আলাইহি অছাল্লামে দিছে। (সংশ্লিষ্ট হাদীছসমূহঃ ৪৭৩, ৯৯০, ৯৯৩, ৯৯৫, ১১৩৭; মুছলিম ৬/২০, হাদীছ নং ৭৪৯, ৭৫৩, আহমদ ৬০১৫) (আধুনিক প্রকাশনীঃ ৪৫২, ইছলামী ফাউন্ডেচনঃ ৪৫৮)
হাদীছ - 473٤۷۳- حدثنا أَبُو النُّعْمَانِ قَالَ حَدَّثَنَا حَمَّادُ بْنُ زَيْدٍ عَنْ أَيُّوبَ عَنْ نَافِعٍ عَنْ ابْنِ عُمَرَ أَنَّ رَجُلاً جَاءَ إِلَى النَّبِيِّ صلى الله عليه وسلم وَهُوَ يَخْطُبُ فَقَالَ كَيْفَ صَلاَةُ اللَّيْلِ فَقَالَ مَثْنَى مَثْنَى فَإِذَا خَشِيتَ الصُّبْحَ فَأَوْتِرْ بِوَاحِدَةٍ تُوتِرُ لَكَ مَا قَدْ صَلَّيْتَ قَالَ الْوَلِيدُ بْنُ كَثِيرٍ حَدَّثَنِي عُبَيْدُ اللهِ بْنُ عَبْدِ اللهِ أَنَّ ابْنَ عُمَرَ حَدَّثَهُمْ أَنَّ رَجُلاً نَادَى النَّبِيَّ وَهُوَ فِي الْمَسْجِدِ.৪৭৩, ইবনু ‘ওমৰ (ৰাদ্বিয়াল্লাহু আনহু)ৰ দ্বাৰা বর্ণিত। নবী চাল্লাল্লাহু আলাইহি অছাল্লামে খুতবা দি থকা অৱস্থাত এজন ব্যক্তি আহি তেখেতক সুধিলেঃ ৰাতিৰ ছালাত কেনেকৈ আদায় কৰিব লাগে? নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কলেঃ দুই ৰাকাত, দুই ৰাকাতকৈ আদায় কৰিবা। আৰু যেতিয়া ফজৰ হোৱাৰ আশঙ্কা হব, তেতিয়া আৰু এক ৰাকাত আদায় কৰি লবা। সেই ৰাকাতটো তোমাৰ পূৰ্বৰ ছালাতক ৱিতিৰ কৰি দিব। অলীদ ইবনে কাচীৰ (ৰাহিমাহুল্লাহে) কৈছেঃ ‘উবাইদুল্লাহ ইবনু ‘আব্দিল্লাহ (ৰাহিমাহুল্লাহে) মোক কৈছে যে, ইবনু ‘ওমৰ (ৰাদ্বিয়াল্লাহু আনহুৱে) তেওঁলোকক কৈছিলঃ এজন ব্যক্তিয়ে নবী চাল্লাল্লাহু আলাইহি অছাল্লামক মাতিলে, যেতিয়া তেখেত মছজিদত আছিল। (সংশ্লিষ্ট হাদীছঃ ৪৭২) (আধুনিক প্রকাশনীঃ ৪৫৩, ইছলামী ফাউন্ডেচনঃ ৪৫৯)
হাদীছ - 474٤۷٤- حدثنا عَبْدُ اللهِ بْنُ يُوسُفَ قَالَ أَخْبَرَنَا مَالِكٌ عَنْ إِسْحَاقَ بْنِ عَبْدِ اللهِ بْنِ أَبِي طَلْحَةَ أَنَّ أَبَا مُرَّةَ مَوْلَى عَقِيلِ بْنِ أَبِي طَالِبٍ أَخْبَرَهُ عَنْ أَبِي وَاقِدٍ اللَّيْثِيِّ قَالَ بَيْنَمَا رَسُولُ اللهِ صلى الله عليه وسلم فِي الْمَسْجِدِ فَأَقْبَلَ ثَلاَثَةُ نَفَرٍ فَأَقْبَلَ اثْنَانِ إِلَى رَسُولِ اللهِ وَذَهَبَ وَاحِدٌ فَأَمَّا أَحَدُهُمَا فَرَأَى فُرْجَةً فِي الْحَلْقَةِ فَجَلَسَ وَأَمَّا الْآخَرُ فَجَلَسَ خَلْفَهُمْ فَلَمَّا فَرَغَ رَسُولُ اللهِ صلى الله عليه وسلم قَالَ أَلاَ أُخْبِرُكُمْ عَنْ النَّفَرِ الثَلاَثَةِ أَمَّا أَحَدُهُمْ فَأَوَى إِلَى اللهِ فَآوَاهُ اللهُ وَأَمَّا الْآخَرُ فَاسْتَحْيَا فَاسْتَحْيَا اللهُ مِنْهُ وَأَمَّا الْآخَرُ فَأَعْرَضَ فَأَعْرَضَ اللهُ عَنْهُ.৪৭৪. আবূ ৱাক্বিদ আল-লায়চী (ৰাদ্বিয়াল্লাহু আনহু)ৰ দ্বাৰা বর্ণিত। এদিন আল্লাহৰ ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামে মছজিদত থকা অৱস্থাত তিনিজন লোক আহিল। তেওঁলোকৰ দুজনে আল্লাহৰ ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওচৰলৈ আগবাঢ়ি আহিল আৰু এজন গুছি গ’ল। এই দুজনৰ এজন বৈঠকত খালি স্থান পাই তাতেই বহিল। দ্বিতীয় জন তেওঁৰ পিছত বহিল। আল্লাহৰ ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামে কথা বতৰাৰ পৰা অৱসৰ লৈ কলেঃ মই তোমালোকক এই তিনিজন ব্যক্তি সম্পৰ্কে সংবাদ দিমনে? তেওঁলোকৰ এজন ব্যক্তি আল্লাহৰ ফালে অগ্ৰসৰ হল, আল্লাহে তেওঁক আশ্ৰয় দিলে, দ্বিতীয় ব্যক্তিয়ে লাজ কৰিলে, আল্লাহ তাআ’লায়ো তেওঁক (বঞ্চিত কৰিবলৈ) লাজ কৰিলে। তৃতীয় ব্যক্তিয়ে মুখ ঘূৰাই নিয়াত আল্লাহেও তেওঁৰ পৰা আঁতৰি থাকিল। (সংশ্লিষ্ট হাদীছঃ ৬৬) (আধুনিক প্রকাশনীঃ ৪৫৪, ইছলামী ফাউন্ডেচনঃ ৪৬০)
পৰিচ্ছেদঃ নং ৮৫. মছজিদত চিত হৈ ভৰি মেলি শোৱা।হাদীছ - 475٤۷۵- حدثنا عَبْدُ اللهِ بْنُ مَسْلَمَةَ عَنْ مَالِكٍ عَنْ ابْنِ شِهَابٍ عَنْ عَبَّادِ بْنِ تَمِيمٍ عَنْ عَمِّهِ أَنَّهُ رَأَى رَسُولَ اللهِ صلى الله عليه وسلم مُسْتَلْقِيًا فِي الْمَسْجِدِ وَاضِعًا إِحْدَى رِجْلَيْهِ عَلَى الْأُخْرَى وَعَنْ ابْنِ شِهَابٍ عَنْ سَعِيدِ بْنِ الْمُسَيَّبِ قَالَ كَانَ عُمَرُ وَعُثْمَانُ يَفْعَلَانِ ذَلِكَ.৪৭৫. ‘আব্বাদ ইবনু তামীম (ৰাহিমাহুল্লাহে) তেওঁৰ খুৰাৰ পৰা বর্ণনা কৰিছে, তেওঁৰ খুৰাই আল্লাহৰ ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামক মছজিদত চিত হৈ এখন ভৰিৰ ওপৰত আনখন ভৰি থৈ শুই থকা অৱস্থাত দেখিছে। ইবনু শ্বিহাব (ৰাহিমাহুল্লাহে) ছা’ঈদ ইবনু মুছায়্যিব (ৰাহিমাহুল্লাহ)ৰ পৰা বর্ণনা কৰিছে যে, ‘ওমৰ আৰু ‘ওচমান ৰাদ্বিয়াল্লাহু ‘আনহুমায়েও এনে কৰিছিল। (সংশ্লিষ্ট হাদীছসমূহঃ ৫৯৬৯, ৬২৮৭; মুছলিম ৩৭/২২, হাদীছ নং ২১০০) (আধুনিক প্রকাশনীঃ ৪৫৫, ইছলামী ফাউন্ডেচনঃ ৪৬১)
পৰিচ্ছেদঃ নং ৮৬. মানুহৰ অসুবিধা নহলে ৰাস্তাত মছজিদ বনোৱা বৈধ।হাচান বচৰী, আয়্যূব আৰু মালিক (ৰাহিমাহুল্লাহে) এনেকৈ কৈছে।হাদীছ - 476٤۷٦- حدثنا يَحْيَى بْنُ بُكَيْرٍ قَالَ حَدَّثَنَا اللَّيْثُ عَنْ عُقَيْلٍ عَنْ ابْنِ شِهَابٍ قَالَ أَخْبَرَنِي عُرْوَةُ بْنُ الزُّبَيْرِ أَنَّ عَائِشَةَ زَوْجَ النَّبِيِّ صلى الله عليه وسلم قَالَتْ لَمْ أَعْقِلْ أَبَوَيَّ إِلاَّ وَهُمَا يَدِينَانِ الدِّينَ وَلَمْ يَمُرَّ عَلَيْنَا يَوْمٌ إِلاَّ يَأْتِينَا فِيهِ رَسُولُ اللهِ صلى الله عليه وسلم طَرَفَيْ النَّهَارِ بُكْرَةً وَعَشِيَّةً ثُمَّ بَدَا لِأَبِي بَكْرٍ فَابْتَنَى مَسْجِدًا بِفِنَاءِ دَارِهِ فَكَانَ يُصَلِّي فِيهِ وَيَقْرَأُ الْقُرْآنَ فَيَقِفُ عَلَيْهِ نِسَاءُ الْمُشْرِكِينَ وَأَبْنَاؤُهُمْ يَعْجَبُونَ مِنْهُ وَيَنْظُرُونَ إِلَيْهِ وَكَانَ أَبُو بَكْرٍ رَجُلاً بَكَّاءً لاَ يَمْلِكُ عَيْنَيْهِ إِذَا قَرَأَ الْقُرْآنَ فَأَفْزَعَ ذَلِكَ أَشْرَافَ قُرَيْشٍ مِنَ الْمُشْرِكِينَ.৪৭৬. ‘উৰুৱা বিন জুবেৰ সংবাদ দিছে যে, নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ সহধর্মিণী ‘আইশ্বা (ৰাদ্বিয়াল্লাহু আনহু)ৰ দ্বাৰা বর্ণিত। তেখেতে কৈছেঃ মোৰ জ্ঞান মতে মই মোৰ পিতৃ-মাতৃক সকলো সময়তে দ্বীনৰ অনুসৰণ কৰা দেখিছো। আৰু আমাৰ এনেকুৱা এটা দিন পাৰ হোৱা নাই, যিদিনা আল্লাহৰ ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামে দিনৰ উভয় প্ৰান্তত পূৱা আৰু সন্ধিয়া আমাৰ ওচৰত অহা নাই। তাৰ পিছত আবূ বকৰ (ৰাদ্বিয়াল্লাহু আনহু)-ৰ মছজিদ নির্মাণৰ প্রয়োজন দেখা দিলে। তেখেতে তেওঁৰ ঘৰৰ চোতালত এটা মছজিদ নিৰ্মাণ কৰিলে। ইয়াত তেখেতে ছালাত আদায় কৰিছিল আৰু কোৰআন তিলাৱত কৰিছিল। মুশ্বৰিকসকলৰ মহিলা আৰু ল’ৰা ছোৱালীবিলাকে সেই ঠাইত থিয় হৈ থাকিছিল আৰু আচৰিত হৈ তেওঁৰ ফালে চাই থাকিছিল। আবূ বকৰ (ৰাদ্বিয়াল্লাহু আনহু) আছিল এজন অধিক ক্রন্দনকাৰী ব্যক্তি। তেখেতে কোৰআন তিলাৱত আৰম্ভ কৰিলে চকুলো সম্বৰণ কৰি ৰাখিব পৰা নাছিল। তেখেতৰ এই অৱস্থাই নেতৃস্থানীয় মুশ্বৰিক কুৰাইছসকলৰ নেতৃবৃন্দক শঙ্কিত কৰি তুলিছিল। (সংশ্লিষ্ট হাদীছসমূহঃ ২১৩৮, ২২৬৩, ২২৬৪, ২২৯৭, ৩৯০৫, ৪০৯৩, ৫৮০৭, ৬০৭৯) (আধুনিক প্রকাশনীঃ ৪৫৬, ইছলামী ফাউন্ডেচনঃ ৪৬২)
পৰিচ্ছেদঃ নং ৮৭. বজাৰৰ মছজিদত ছালাত আদায় কৰা।ইবনু ‘আওন (ৰাহিমাহুল্লাহে) ঘৰৰ মছজিদত ছালাত আদায় কৰিছিল যাৰ দুৱাৰ বন্ধ কৰা হয়।হাদীছ - 477٤۷۷- حدثنا مُسَدَّدٌ قَالَ حَدَّثَنَا أَبُو مُعَاوِيَةَ عَنِ الْأَعْمَشِ عَنْ أَبِي صَالِحٍ عَنْ أَبِي هُرَيْرَةَ عَنِ النَّبِيِّ صلى الله عليه وسلم قَالَ صَلاَةُ الْجَمِيعِ تَزِيدُ عَلَى صَلاَتِهِ فِي بَيْتِهِ وَصَلاَتِهِ فِي سُوقِهِ خَمْسًا وَعِشْرِينَ دَرَجَةً فَإِنَّ أَحَدَكُمْ إِذَا تَوَضَّأَ فَأَحْسَنَ وَأَتَى الْمَسْجِدَ لاَ يُرِيدُ إِلاَّ الصَّلاَةَ لَمْ يَخْطُ خَطْوَةً إِلاَّ رَفَعَهُ اللهُ بِهَا دَرَجَةً وَحَطَّ عَنْهُ خَطِيئَةً حَتَّى يَدْخُلَ الْمَسْجِدَ وَإِذَا دَخَلَ الْمَسْجِدَ كَانَ فِي صَلاَةٍ مَا كَانَتْ تَحْبِسُهُ وَتُصَلِّي يَعْنِي عَلَيْهِ الْمَلَائِكَةُ مَا دَامَ فِي مَجْلِسِهِ الَّذِي يُصَلِّي فِيهِ اللَّهُمَّ اغْفِرْ لَهُ اللَّهُمَّ ارْحَمْهُ مَا لَمْ يُحْدِثْ فِيهِ.৪৭৭. আবূ হুৰাইৰাহ (ৰাদ্বিয়াল্লাহু আনহু)ৰ দ্বাৰা বর্ণিত। নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ জামাতৰ লগত ছালাত (নামাজ) আদায় কৰিলে ঘৰ বা বজাৰত ছালাত (নামাজ) আদায় কৰাতকৈ পঁচিশ গুণ ছোৱাব বৃদ্ধি পায়। কাৰণ, তোমালোকৰ কোনোবাই যেতিয়া ভালদৰে অজু কৰি কেৱল ছালাতৰ উদ্দেশ্যে মছজিদলৈ আহে, তেওঁ মছজিদত প্ৰৱেশ কৰা পৰ্য্যন্ত যিমান খোজ দিয়ে তাৰ প্ৰতিটো খোজৰ বিনিময়ত আল্লাহ তাআলাই ক্ৰমান্বয়ে এটাকৈ তেওঁৰ মৰ্য্যদা উন্নীত কৰি দিব আৰু তেওঁৰ এটাকৈ গুনাহ ক্ষমা কৰিব। আৰু মছজিদত প্রৱেশ কৰি যিমান সময় পর্যন্ত ছালাতৰ অপেক্ষাত থাকে, সিমান সময় তেওঁক ছালাতত থকা হিচাপে গণ্য কৰা হয়। আৰু ছালাত শেষ হোৱাৰ পিছত তেওঁ যিমান সময় সেই স্থানত থাকে সিমান সময়লৈকে ফিৰিস্তাসকলে তেওঁৰ বাবে এই বুলি দুআ কৰেঃ হে আল্লাহ! তেওঁক ক্ষমা কৰা, হে আল্লাহ! তেওঁক ৰহম কৰা– যেতিয়া লৈকে তেওঁ অজু ভঙাৰ কোনো কাম তাত নকৰে। (সংশ্লিষ্ট হাদীছঃ ১৭৬; মুছলিম ৫/৪২, হাদীছ নং ৭৬৪৯, আহমদ ৫৩৩২) (আধুনিক প্রকাশনীঃ ৪৫৭, ইছলামী ফাউন্ডেচনঃ ৪৬৩)
পৰিচ্ছেদঃ নং ৮৮. মছজিদ আৰু অন্যান্য স্থানত এখন হাতৰ আঙুলি অন্য হাতৰ আঙুলিত প্রৱেশ কৰোৱা।হাদীছ - 478-479٤۷۸-٤۷۹ حدثنا حَامِدُ بْنُ عُمَرَ عَنْ بِشْرٍ حَدَّثَنَا عَاصِمٌ حَدَّثَنَا وَاقِدٌ عَنْ أَبِيهِ عَنْ ابْنِ عُمَرَ أَوْ ابْنِ عَمْرٍو شَبَكَ النَّبِيُّ صلى الله عليه وسلم أَصَابِعَهُ৪৭৮-৪৭৯. ইবনু ‘ওমৰ বা ইবনু ‘আমৰ (ৰাদ্বিয়াল্লাহু আনহু)ৰ দ্বাৰা বর্ণিত। তেখেতে কৈছেঃ নবী চাল্লাল্লাহু আলাইহি অছাল্লামে এখন হাতৰ আঙুলি আনখন হাতৰ আঙুলিত প্রৱেশ কৰাইছিল। (সংশ্লিষ্ট হাদীছঃ ৪৮০) (আধুনিক প্রকাশনীঃ ৪৫৮, ইছলামী ফাউন্ডেচনঃ ৪৬৪)
হাদীছ - 480٤۸۰- وَقَالَ عَاصِمُ بْنُ عَلِيٍّ حَدَّثَنَا عَاصِمُ بْنُ مُحَمَّدٍ سَمِعْتُ هَذَا الْحَدِيثَ مِنْ أَبِي فَلَمْ أَحْفَظْهُ فَقَوَّمَهُ لِي وَاقِدٌ عَنْ أَبِيهِ قَالَ سَمِعْتُ أَبِي وَهُوَ يَقُولُ قَالَ عَبْدُ اللهِ قَالَ رَسُولُ اللهِ صلى الله عليه وسلم يَا عَبْدَ اللهِ بْنَ عَمْرٍو كَيْفَ بِكَ إِذَا بَقِيتَ فِي حُثَالَةٍ مِنْ النَّاسِ بِهَذَا.৪৮০. ‘আচিম ইবনু ‘আলী (ৰাহিমাহুল্লাহ)ৰ দ্বাৰা বর্ণিত। ‘আচিম ইবনু মুহাম্মাদ (ৰাহিমাহুল্লাহে) কৈছেঃ মই এটা হাদীছ মোৰ পিতাৰ পৰা শুনিছিলো, কিন্তু মই সেইটো মনত ৰাখিব পৰা নাই। পিছত সেই হাদীছটো মোক সঠিকভাৱে ৱাকিদ (ৰাহিমাহুল্লাহে) তেওঁৰ পিতৃৰ পৰা বর্ণনা কৰিছে। তেখেতে কৈছেঃ মই মোৰ পিতৃক কোৱা শুনিছো যে, ‘আব্দুল্লাহ ইবনু ‘আমৰ (ৰাদ্বিয়াল্লাহু আনহুৱে) কৈছিল যে, আল্লাহৰ ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ হে ‘আব্দুল্লাহ ইবনু ‘আমৰ! যেতিয়া তুমি নিকৃষ্ট লোকসকলৰ লগত অৱস্থান কৰিবা, তেতিয়া তোমাৰ কি অৱস্থা হব? (সংশ্লিষ্ট হাদীছঃ ৪৭৯) (আধুনিক প্রকাশনীঃ ৪৫৮ শেষাংশ, ইছলামী ফাউন্ডেচনঃ ৪৬৪ শেষাংশ)
হাদীছ - 481٤۸۱- خَلَّادُ بْنُ يَحْيَى قَالَ حَدَّثَنَا سُفْيَانُ عَنْ أَبِي بُرْدَةَ بْنِ عَبْدِ اللهِ بْنِ أَبِي بُرْدَةَ عَنْ جَدِّهِ عَنْ أَبِي مُوسَى عَنِ النَّبِيِّ صلى الله عليه وسلم قَالَ إِنَّ الْمُؤْمِنَ لِلْمُؤْمِنِ كَالْبُنْيَانِ يَشُدُّ بَعْضُهُ بَعْضًا وَشَبَّكَ أَصَابِعَهُ.৪৮১. আবূ মূছা (ৰাদ্বিয়াল্লাহু আনহু)ৰ দ্বাৰা বর্ণিত। নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ এজন মু’মিন আন এজন মু‘মিনৰ বাবে অট্টালিকা স্বৰূপ, যাৰ এক অংশই আন অংশক শক্তিশালী কৰে। এই বুলি কৈ তেখেতে নিজৰ হাতৰ আঙুলি বিলাক এটাৰ মাজত আনটোক প্ৰৱেশ কৰালে। (সংশ্লিষ্ট হাদীছসমূহঃ ২৪৪৬, ৬০২৬; মুছলিম ৫৪/১৭, হাদীছ নং ২৫৮৫, আহমদ ১৯৬৪৪) (আধুনিক প্রকাশনীঃ ৪৫৯, ইছলামী ফাউন্ডেচনঃ ৪৬৫)
হাদীছ - 482٤۸۲- إِسْحَاقُ قَالَ حَدَّثَنَا النَّضْرُ بْنُ شُمَيْلٍ أَخْبَرَنَا ابْنُ عَوْنٍ عَنْ ابْنِ سِيرِينَ عَنْ أَبِي هُرَيْرَةَ قَالَ صَلَّى بِنَا رَسُولُ اللهِ صلى الله عليه وسلم إِحْدَى صَلاَتَيْ الْعَشِيِّ قَالَ ابْنُ سِيرِينَ سَمَّاهَا أَبُو هُرَيْرَةَ وَلَكِنْ نَسِيتُ أَنَا قَالَ فَصَلَّى بِنَا رَكْعَتَيْنِ ثُمَّ سَلَّمَ فَقَامَ إِلَى خَشَبَةٍ مَعْرُوضَةٍ فِي الْمَسْجِدِ فَاتَّكَأَ عَلَيْهَا كَأَنَّه غَضْبَانُ وَوَضَعَ يَدَهُ الْيُمْنَى عَلَى الْيُسْرَى وَشَبَّكَ بَيْنَ أَصَابِعِهِ وَوَضَعَ خَدَّهُ الْأَيْمَنَ عَلَى ظَهْرِ كَفِّهِ الْيُسْرَى وَخَرَجَتْ السَّرَعَانُ مِنْ أَبْوَابِ الْمَسْجِدِ فَقَالُوا قَصُرَتْ الصَّلاَةُ وَفِي الْقَوْمِ أَبُو بَكْرٍ وَعُمَرُ فَهَابَا أَنْ يُكَلِّمَاهُ وَفِي الْقَوْمِ رَجُلٌ فِي يَدَيْهِ طُولٌ يُقَالُ لَهُ ذُو الْيَدَيْنِ قَالَ يَا رَسُولَ اللهِ صلى الله عليه وسلم أَنَسِيتَ أَمْ قَصُرَتْ الصَّلاَةُ قَالَ لَمْ أَنْسَ وَلَمْ تُقْصَرْ فَقَالَ أَكَمَا يَقُولُ ذُو الْيَدَيْنِ فَقَالُوا نَعَمْ فَتَقَدَّمَ فَصَلَّى مَا تَرَكَ ثُمَّ سَلَّمَ ثُمَّ كَبَّرَ وَسَجَدَ مِثْلَ سُجُودِهِ أَوْ أَطْوَلَ ثُمَّ رَفَعَ رَأْسَهُ وَكَبَّرَ ثُمَّ كَبَّرَ وَسَجَدَ مِثْلَ سُجُودِهِ أَوْ أَطْوَلَ ثُمَّ رَفَعَ رَأْسَهُ وَكَبَّرَ فَرُبَّمَا سَأَلُوهُ ثُمَّ سَلَّمَ فَيَقُولُ نُبِّئْتُ أَنَّ عِمْرَانَ بْنَ حُصَيْنٍ قَالَ ثُمَّ سَلَّمَ.৪৮২. আবূ হুৰাইৰাহ (ৰাদ্বিয়াল্লাহু আনহু)ৰ দ্বাৰা বর্ণিত। আল্লাহৰ ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামে এদিন আমাক আবেলিৰ এটা ছালাতত ইমামতি কৰিলে। ইবনু ছীৰিন (ৰাহিমাহুল্লাহে) কৈছেঃ আবূ হুৰাইৰাহ (ৰাদ্বিয়াল্লাহু আনহুৱে) ছালাতৰ নাম কৈছিল, কিন্তু মই সেইটো পাহৰি গৈছো। আবূ হুৰাইৰাহ (ৰাদ্বিয়াল্লাহু আনহুৱে) কৈছেঃ তেখেতে আমাক লৈ দুই ৰাকাত ছালাত আদায় কৰি ছালাম ফিৰালে। তাৰ পিছত তেখেত মছজিদত ৰখা এডোখৰ কাঠৰ ওপৰত ভৰ দি থিয় হ’ল। তেখেতক ক্ৰোধান্বিত যেন দেখা গ’ল। তেখেতে নিজৰ সোঁ হাত বাওঁহাতৰ ওপৰত ৰাখি এখন হাতৰ আঙুলি আনখন হাতৰ আঙুলিৰ মাজত প্ৰৱেশ কৰালে। আৰু তেওঁৰ সোঁ গাল বাওঁ হাতৰ পিঠিৰ ওপৰত ৰাখিলে। যিসকলৰ দৰকাৰ আছিল তেওঁলোক মছজিদৰ দুৱাৰেদি বাহিৰলৈ ওলাই গ’ল। চাহাবীসকলে কলেঃ ছালাত সংক্ষিপ্ত কৰা হৈছে নেকি? উপস্থিত লোকসকলৰ মাজত আবূ বকৰ (ৰাদ্বিয়াল্লাহু আনহু) আৰু ‘ওমৰ (ৰাদ্বিয়াল্লাহু আনহু)-ও আছিল। কিন্তু তেওঁলোকে নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ লগত কথা কবলৈ ভয় কৰিলে। লোকসকলৰ মাজত দীঘল হাত বিশিষ্ট এজন লোক আছিল, যাক ‘যুল-ইয়াদাইন’ বুলি কোৱা হৈছিল, তেওঁ কলেঃ হে আল্লাহৰ ৰাছুল! আপুনি পাহৰি গৈছে, নে ছালাত সংক্ষিপ্ত কৰা হৈছে? তেখেতে কলেঃ মই পাহৰাও নাই আৰু ছালাতো সংক্ষিপ্ত কৰা হোৱা নাই। তাৰ পিছত তেখেতে বাকী লোকসকলক সুধিলেঃ যুল-ইয়াদাইনৰ কথা সঁচাই নেকি? তেওঁলোকে কলেঃ হয়। তেতিয়া তেখেত আগবাঢ়ি আহিল আৰু ছালাতৰ বাদ পৰা অংশখিনি আদায় কৰিলে। তাৰ পিছত ছালাম ফিৰালে আৰু তাকবীৰ কৈ স্বাভাৱিক ছাজদাহৰ দৰে বা অলপ দীঘলকৈ ছাজদাহ কৰিলে। তাৰ পিছত তাকবীৰ কৈ মূৰ দাঙিলে। পিছত পুনৰ তাকবীৰ কলে আৰু স্বাভাৱিক ছাজদাহৰ দৰে বা অলপ দীঘলকৈ ছাজদাহ কৰিলে। তাৰ পিছত তাকবীৰ কৈ মূৰ দাঙিলে। মানুহে ইবনু ছীৰিন (ৰাহিমাহুল্লাহ)-ক প্ৰায়ে সুধিছিল, “তাৰ পিছত তেখেতে ছালাম ফিৰাইছিলনে?” তেতিয়া ইবনু ছীৰিন (ৰাহিমাহুল্লাহে) কৈছেঃ মোক অৱগত কৰা হৈছে যে, ‘ইমৰাণ ইবনু হুচেইন (ৰাদ্বিয়াল্লাহু আনহুৱে) কৈছে, তাৰ পিছত তেখেতে ছালাম ফিৰাইছিল। (সংশ্লিষ্ট হাদীছসমূহঃ ৭১৪, ৭১৫, ১২২৭, ১২২৯, ৬০৫১, ৭২৫০) (আধুনিক প্রকাশনীঃ ৪৬০, ইছলামী ফাউন্ডেচনঃ ৪৬৬)
পৰিচ্ছেদঃ নং ৮৯. মদীনাৰ পথৰ দাতিত থকা মছজিদসমূহ আৰু যিবিলাক স্থানত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে ছালাত আদায় কৰিছিল।হাদীছ - 483٤۸۳- مُحَمَّدُ بْنُ أَبِي بَكْرٍ الْمُقَدَّمِيُّ قَالَ حَدَّثَنَا فُضَيْلُ بْنُ سُلَيْمَانَ قَالَ حَدَّثَنَا مُوسَى بْنُ عُقْبَةَ قَالَ رَأَيْتُ سَالِمَ بْنَ عَبْدِ اللهِ يَتَحَرَّى أَمَاكِنَ مِنْ الطَّرِيقِ فَيُصَلِّي فِيهَا وَيُحَدِّثُ أَنَّ أَبَاهُ كَانَ يُصَلِّي فِيهَا وَأَنَّهُ رَأَى النَّبِيَّ يُصَلِّي فِي تِلْكَ الْأَمْكِنَةِ وَحَدَّثَنِي نَافِعٌ عَنْ ابْنِ عُمَرَ أَنَّهُ كَانَ يُصَلِّي فِي تِلْكَ الْأَمْكِنَةِ وَسَأَلْتُ سَالِمًا فَلاَ أَعْلَمُهُ إِلاَّ وَافَقَ نَافِعًا فِي الْأَمْكِنَةِ كُلِّهَا إِلاَّ أَنَّهُمَا اخْتَلَفَا فِي مَسْجِدٍ بِشَرَفِ الرَّوْحَاءِ.৪৮৩. মূছা ইবনু ‘উকবাহ (ৰাহিমাহুল্লাহ)ৰ দ্বাৰা বর্ণিত। তেখেতে কৈছেঃ মই ছালিম ইবনু ‘আব্দিল্লাহ্ (ৰাদ্বিয়াল্লাহু আনহু)-ক ৰাস্তাৰ বিশেষ বিশেষ স্থান অনুসন্ধান কৰি সেইসমূহ স্থানত ছালাত আদায় কৰা দেখিছো আৰু তেখেতে বৰ্ণনা কৰিছিল যে, তেখেতৰ পিতাকেও সেইসমূহ স্থানত ছালাত আদায় কৰিছিল। আৰু তেখেতে আল্লাহৰ ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামক উক্ত স্থানসমূহত ছালাত আদায় কৰা দেখিছিল। মূছা ইবনু ‘উকবাহ (ৰাহিমাহুল্লাহে) কৈছেঃ নাফে’ (ৰাহিমাহুল্লাহে) মোৰ ওচৰত ইবনু ‘ওমৰ (ৰাদ্বিয়াল্লাহু আনহু)ৰ পৰা বর্ণনা কৰিছে যে, তেখেতেও সেইসমূহ স্থানত ছালাত আদায় কৰিছিল। তাৰ পিছত মই ছালিম (ৰাহিমাহুল্লাহ)-ক সুধিলো। মোৰ জনা মতে তেখেতেও সেইসমূহ স্থানত ছালাত আদায়ৰ ক্ষেত্ৰত নাফে’ (ৰাহিমাহুল্লাহ)-ৰ লগত একমত পোষণ কৰিছে; কিন্তু ‘শ্বাৰাফুৰ-ৰাওহা’ নামক স্থানৰ মছজিদটোৰ সন্দৰ্ভত মতভেদ আছে। (সংশ্লিষ্ট হাদীছসমূহঃ ১৫৩৫, ২৩৩, ৭৩৪৫) (আধুনিক প্রকাশনীঃ ৪৬১, ইছলামী ফাউন্ডেচনঃ ৪৬৭)
হাদীছ - 484٤۸٤- إِبْرَاهِيمُ بْنُ الْمُنْذِرِ الْحِزَامِيُّ قَالَ حَدَّثَنَا أَنَسُ بْنُ عِيَاضٍ قَالَ حَدَّثَنَا مُوسَى بْنُ عُقْبَةَ عَنْ نَافِعٍ أَنَّ عَبْدَ اللهِ بْنَ عُمَرَ أَخْبَرَهُ أَنَّ رَسُولَ اللهِ صلى الله عليه وسلم كَانَ يَنْزِلُ بِذِي الْحُلَيْفَةِ حِينَ يَعْتَمِرُ وَفِي حَجَّتِهِ حِينَ حَجَّ تَحْتَ سَمُرَةٍ فِي مَوْضِعِ الْمَسْجِدِ الَّذِي بِذِي الْحُلَيْفَةِ وَكَانَ إِذَا رَجَعَ مِنْ غَزْوٍ كَانَ فِي تِلْكَ الطَّرِيقِ أَوْ حَجٍّ أَوْ عُمْرَةٍ هَبَطَ مِنْ بَطْنِ وَادٍ فَإِذَا ظَهَرَ مِنْ بَطْنِ وَادٍ أَنَاخَ بِالْبَطْحَاءِ الَّتِي عَلَى شَفِيرِ الْوَادِي الشَّرْقِيَّةِ فَعَرَّسَ ثَمَّ حَتَّى يُصْبِحَ لَيْسَ عِنْدَ الْمَسْجِدِ الَّذِي بِحِجَارَةٍ وَلاَ عَلَى الْأَكَمَةِ الَّتِي عَلَيْهَا الْمَسْجِدُ كَانَ ثَمَّ خَلِيجٌ يُصَلِّي عَبْدُ اللهِ عِنْدَهُ فِي بَطْنِهِ كُثُبٌ كَانَ رَسُولُ اللهِ صلى الله عليه وسلم ثَمَّ يُصَلِّي فَدَحَا السَّيْلُ فِيهِ بِالْبَطْحَاءِ حَتَّى دَفَنَ ذَلِكَ الْمَكَانَ الَّذِي كَانَ عَبْدُ اللهِ يُصَلِّي فِيهِ.৪৮৪. ‘আব্দুল্লাহ ইবনু ‘ওমৰ (ৰাদ্বিয়াল্লাহু আনহু)ৰ দ্বাৰা বর্ণিত। আল্লাহৰ ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামে যেতিয়া ‘উমৰা আৰু হজ্জৰ’ বাবে ৰাওনা হৈছিল তেতিয়া ‘যুল-হুলাইফা’ত অৱতৰণ কৰিছিল, বাবুল গছৰ তলত ‘যুল হুলাইফা’ৰ মছজিদৰ স্থান। যেতিয়া কোনো যুদ্ধৰ পৰা বা হজ্জ বা ‘উমৰা’ কৰি সেই পথেৰে উভতি আহিছিল, তেতিয়া উপত্যকাৰ মাজত অৱতৰণ কৰিছিল। যেতিয়া উপত্যকাৰ মাজৰ পৰা ওপৰৰ ফালে আহিছিল, তেতিয়া উপত্যকাৰ পূৱ পাৰৰ নিম্নভূমিত উট ৰখাইছিল। সেই ঠাইত তেখেতে বিশ্ৰাম লৈছিল আৰু ইয়াতেই তেখেত পূৱাৰ ভাগত উপনীত হৈছিল। সেই স্থানটো শিলৰ ওপৰত নির্মিত মছজিদৰ ওচৰত নহয় আৰু যিটো মছজিদ টিলাৰ ওপৰত অৱস্থিত, তাৰ ওচৰতো নহয়। ইয়াত আছিল এটা উপসাগৰ, যাৰ কাষত আব্দুল্লাহ (ৰাদ্বিয়াল্লাহু আনহুৱে) ছালাত আদায় কৰিছিল। ইয়াৰ ভিতৰত বহুতো বালিৰ স্তূপ আছিল। আল্লাহৰ ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামেও ইয়াত ছালাত আদায় কৰিছিল। পিছত নিম্নভূমিৰ পানীৰ প্রবাহৰ ফলত যি স্থানত ‘আব্দুল্লাহ (ৰাদ্বিয়াল্লাহু আনহুৱে) ছালাত আদায় কৰিছিল, সেইটো সমান হৈ গৈছে। (সংশ্লিষ্ট হাদীছসমূহঃ ১৫৩২, ১৫৩৩, ১৭৯৯) (আধুনিক প্রকাশনীঃ ৪৬২ প্রথমাংশ, ইছলামী ফাউন্ডেচনঃ ৪৬৮)
হাদীছ - 485٤۸۵- وَأَنَّ عَبْدَ اللهِ بْنَ عُمَرَ حَدَّثَهُ أَنَّ النَّبِيَّ صَلَّى حَيْثُ الْمَسْجِدُ الصَّغِيرُ الَّذِي دُونَ الْمَسْجِدِ الَّذِي بِشَرَفِ الرَّوْحَاءِ وَقَدْ كَانَ عَبْدُ اللهِ يَعْلَمُ الْمَكَانَ الَّذِي كَانَ صَلَّى فِيهِ النَّبِيُّ يَقُولُ ثَمَّ عَنْ يَمِينِكَ حِينَ تَقُومُ فِي الْمَسْجِدِ تُصَلِّي وَذَلِكَ الْمَسْجِدُ عَلَى حَافَةِ الطَّرِيقِ الْيُمْنَى وَأَنْتَ ذَاهِبٌ إِلَى مَكَّةَ بَيْنَهُ وَبَيْنَ الْمَسْجِدِ الْأَكْبَرِ رَمْيَةٌ بِحَجَرٍ أَوْ نَحْوُ ذَلِكَ.৪৮৫. ‘আব্দুল্লাহ ইবনু ‘ওমৰ (ৰাদ্বিয়াল্লাহু আনহুৱে) [নাফে’ (ৰাহিমাহুল্লাহ)-ক] কৈছিলঃ নবী চাল্লাল্লাহু আলাইহি অছাল্লামে ‘শ্বাৰাফুৰ-ৰাওহা’ৰ মছজিদৰ ওচৰত সৰু সৰু মছজিদৰ স্থানত ছালাত আদায় কৰিছিল। নবী চাল্লাল্লাহু আলাইহি অছাল্লামে যি স্থানত ছালাত আদায় কৰিছিল, ‘আব্দুল্লাহ (ৰাদ্বিয়াল্লাহু আনহুৱে) সেই স্থানৰ পৰিচয় দিছিল এই বুলি যে, যেতিয়া তুমি মছজিদত ছালাতত থিয় হবা তেতিয়া তোমাৰ সোঁ ফালে থাকিব আৰু যেতিয়া তুমি মদিনাৰ পৰা মক্কা যাবা তেতিয়া সেই মছজিদটো ৰাস্তাৰ সোঁফালে একাষে থাকিব। সেই স্থান আৰু ডাঙৰ মছজিদটোৰ মাজৰ ব্যৱধান হৈছে, এটা শিল দলিওৱাৰ দূৰত্বৰ সমান বা তাতোকৈ কম। (আধুনিক প্রকাশনীঃ৪৬২ দ্বিতীয় অংশ, ইছলামী ফাউন্ডেচনঃ ৪৬৮ দ্বিতীয় অংশ)
হাদীছ - 486٤۸٦- وَأَنَّ ابْنَ عُمَرَ كَانَ يُصَلِّي إِلَى الْعِرْقِ الَّذِي عِنْدَ مُنْصَرَفِ الرَّوْحَاءِ وَذَلِكَ الْعِرْقُ انْتِهَاءُ طَرَفِهِ عَلَى حَافَةِ الطَّرِيقِ دُونَ الْمَسْجِدِ الَّذِي بَيْنَهُ وَبَيْنَ الْمُنْصَرَفِ وَأَنْتَ ذَاهِبٌ إِلَى مَكَّةَ وَقَدْ ابْتُنِيَ ثَمَّ مَسْجِدٌ فَلَمْ يَكُنْ عَبْدُ اللهِ بْنُ عُمَرَ يُصَلِّي فِي ذَلِكَ الْمَسْجِدِ كَانَ يَتْرُكُهُ عَنْ يَسَارِهِ وَوَرَاءَهُ وَيُصَلِّي أَمَامَهُ إِلَى الْعِرْقِ نَفْسِهِ وَكَانَ عَبْدُ اللهِ يَرُوحُ مِنْ الرَّوْحَاءِ فَلاَ يُصَلِّي الظُّهْرَ حَتَّى يَأْتِيَ ذَلِكَ الْمَكَانَ فَيُصَلِّي فِيهِ الظُّهْرَ وَإِذَا أَقْبَلَ مِنْ مَكَّةَ فَإِنْ مَرَّ بِهِ قَبْلَ الصُّبْحِ بِسَاعَةٍ أَوْ مِنْ آخِرِ السَّحَرِ عَرَّسَ حَتَّى يُصَلِّيَ بِهَا الصُّبْحَ.৪৮৬. আৰু ইবনু ‘ওমৰ (ৰাদ্বিয়াল্লাহু আনহুৱে) ‘ৰাওহা’ৰ শেষ প্ৰান্তত ‘ইৰক’ (সৰু পাহাৰ)-ৰ ওচৰত ছালাত আদায় কৰিছিল। ‘ইৰক’ৰ শেষ প্ৰান্ত হৈছে, ৰাস্তাৰ কাষত মছজিদৰ ওচৰত মক্কালৈ যোৱাৰ পথত ‘ৰাওহা’ আৰু মক্কাৰ মধ্যৱৰ্ত্তী স্থানত অৱস্থিত। ইয়াত এটা মছজিদ নিৰ্মিত হৈছে। ‘আব্দুল্লাহ ইবনু ‘ওমৰ (ৰাদ্বিয়াল্লাহু আনহুৱে) এই মছজিদত ছালাত আদায় কৰা নাছিল, বৰং সেইটো তেখেতে বাওঁফালে পিছ পেলাই অগ্ৰসৰ হৈ ‘ইৰক্’ৰ কাষত ছালাত আদায় কৰিছিল। ‘আব্দুল্লাহ (ৰাদ্বিয়াল্লাহু আনহু) ৰাওহাৰ পৰা ওলাই গৈ সেই স্থান নোপোৱালৈকে জোহৰৰ ছালাত আদায় কৰা নাছিল। সেই ঠাইত উপস্থিত হৈ জোহৰৰ ছালাত আদায় কৰিছিল। আৰু মক্কাৰ পৰা এই পথেৰে অহাৰ সময়ত ফজৰৰ এঘণ্টা পূৰ্বে অথবা শেষ ৰাতি অহাৰ সময়ত এই ঠাইত অৱস্থান কৰি বিশ্ৰাম লৈ ফজৰৰ ছালাত আদায় কৰিছিল। (আধুনিক প্রকাশনীঃ ৪৬২ তৃতীয় অংশ, ইছলামী ফাউন্ডেচনঃ ৪৬৮ তৃতীয় অংশ)
হাদীছ - 487٤۸۷- وَأَنَّ عَبْدَ اللهِ حَدَّثَهُ أَنَّ النَّبِيَّ كَانَ يَنْزِلُ تَحْتَ سَرْحَةٍ ضَخْمَةٍ دُونَ الرُّوَيْثَةِ عَنْ يَمِينِ الطَّرِيقِ وَوِجَاهَ الطَّرِيقِ فِي مَكَانٍ بَطْحٍ سَهْلٍ حَتَّى يُفْضِيَ مِنْ أَكَمَةٍ دُوَيْنَ بَرِيدِ الرُّوَيْثَةِ بِمِيلَيْنِ وَقَدْ انْكَسَرَ أَعْلَاهَا فَانْثَنَى فِي جَوْفِهَا وَهِيَ قَائِمَةٌ عَلَى سَاقٍ وَفِي سَاقِهَا كُثُبٌ كَثِيرَةٌ.৪৮৭. ‘আব্দুল্লাহ (ৰাদ্বিয়াল্লাহু আনহুৱে) আৰু বর্ণনা কৰিছে যে, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে ‘ৰুৱায়ছা’ৰ ওচৰত ৰাস্তাৰ সোঁফালে ৰাস্তা সংলগ্ন প্ৰশস্ত সমতল ভূমিত এডাল প্ৰকাণ্ড বৃক্ষৰ তলত অৱস্থান কৰিছিল। তাৰ পিছত তেখেতে ‘ৰুৱায়ছা’ৰ ডাকঘৰৰ দুই মাইল দূৰৰ ঢিলাৰ কাষেৰে ৰাওনা হৈছিল। বর্তমান বৃক্ষজোপাৰ ওপৰৰ অংশখিনি ভাঙি গৈ মাজত ওলমি আছে। বৃক্ষ জোপাৰ গা-গছ এতিয়াও থিয় হৈ আছে আৰু তাৰ কাষত বহুতো বালিৰ স্তূপ বিয়পি আছে। (আধুনিক প্রকাশনীঃ ৪৬২ চতুর্থ অংশ, ইছলামী ফাউন্ডেচনঃ ৪৬৮ চতুর্থ অংশ)
হাদীছ - 488٤۸۸- وَأَنَّ عَبْدَ اللهِ بْنَ عُمَرَ حَدَّثَهُ أَنَّ النَّبِيَّ صَلَّى فِي طَرَفِ تَلْعَةٍ مِنْ وَرَاءِ الْعَرْجِ وَأَنْتَ ذَاهِبٌ إِلَى هَضْبَةٍ عِنْدَ ذَلِكَ الْمَسْجِدِ قَبْرَانِ أَوْ ثَلاَثَةٌ عَلَى الْقُبُورِ رَضَمٌ مِنْ حِجَارَةٍ عَنْ يَمِينِ الطَّرِيقِ عِنْدَ سَلَمَاتِ الطَّرِيقِ بَيْنَ أُولَئِكَ السَّلَمَاتِ كَانَ عَبْدُ اللهِ يَرُوحُ مِنَ الْعَرْجِ بَعْدَ أَنْ تَمِيلَ الشَّمْسُ بِالْهَاجِرَةِ فَيُصَلِّي الظُّهْرَ فِي ذَلِكَ الْمَسْجِدِ.৪৮৮. ‘আব্দুল্লাহ ইবনু ‘ওমৰ (ৰাদ্বিয়াল্লাহু আনহুৱে) আৰু বর্ণনা কৰিছে: ‘আৰজ’ গাঁৱৰ পিছফালে পাহাৰৰ পিনে যাওঁতে যি ওখ ভূমি আছে, তাৰ ওচৰত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে ছালাত আদায় কৰিছিল। এই মছজিদৰ কাষত দুই তিনিটা কবৰো আছে। এই কবৰসমূহত শিলৰ ডাঙৰ ডাঙৰ টুকুৰা পৰি আছে। ৰাস্তাৰ সোঁ ফালে গছবোৰৰ কাষতেই সেয়া অৱস্থিত। দুপৰীয়া সূৰ্য ঢলি পৰাৰ পিছত ‘আব্দুল্লাহ (ৰাদ্বিয়াল্লাহু আনহুৱে) ‘আৰজ’-ৰ দিশৰ পৰা আহি গছবোৰৰ মাজেদি গৈছিল আৰু সেই মছজিদতে জোহৰৰ ছালাত আদায় কৰিছিল। (আধুনিক প্রকাশনীঃ ৪৬২ পঞ্চম অংশ, ইছলামী ফাউন্ডেচনঃ ৪৬৮ পঞ্চম অংশ)
হাদীছ - 489٤۸۹- وَأَنَّ عَبْدَ اللهِ بْنَ عُمَرَ حَدَّثَهُ أَنَّ رَسُولَ اللهِ صلى الله عليه وسلم نَزَلَ عِنْدَ سَرَحَاتٍ عَنْ يَسَارِ الطَّرِيقِ فِي مَسِيلٍ دُونَ هَرْشَى ذَلِكَ الْمَسِيلُ لَاصِقٌ بِكُرَاعِ هَرْشَى بَيْنَهُ وَبَيْنَ الطَّرِيقِ قَرِيبٌ مِنْ غَلْوَةٍ وَكَانَ عَبْدُ اللهِ يُصَلِّي إِلَى سَرْحَةٍ هِيَ أَقْرَبُ السَّرَحَاتِ إِلَى الطَّرِيقِ وَهِيَ أَطْوَلُهُنَّ.৪৮৯. ‘আব্দুল্লাহ ইবনু ‘ওমৰ (ৰাদ্বিয়াল্লাহু আনহুৱে) আৰু বর্ণনা কৰিছে যে, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে সেই ৰাস্তাৰ বাঁও দিশত থকা ডাঙৰ ডাঙৰ গছবিলাকৰ কাষত অৱতৰণ কৰিছিল, যিটো ৰাস্তা ‘হাৰশ্বা’ পাহাৰৰ নিকটৱর্তী নিম্নভূমিৰ ফালে গৈছে। সেই নিম্নভূমিডোখৰ ‘হাৰশ্বা’-ৰ এটা মূৰত লগ লাগি আছে। ইয়াৰ পৰা সাধাৰণ ৰাস্তাৰ দূৰত্ব হৈছে প্ৰায় এডাল কাঁড় নিক্ষেপৰ পৰিমাণ। ‘আব্দুল্লাহ ইবনু ‘ওমৰ (ৰাদ্বিয়াল্লাহু আনহুৱে) সেই গছবিলাকৰ মাজৰ এডাল গছৰ ওচৰত ছালাত আদায় কৰিছিল, যিডাল আছিল ৰাস্তাৰ কাষত আৰু আটাইতকৈ ওখ। (আধুনিক প্রকাশনীঃ ৪৬২ ষষ্ঠ অংশ, ইছলামী ফাউন্ডেচনঃ ৪৬৮ ষষ্ঠ অংশ)
হাদীছ - 490٤۹۰- وَأَنَّ عَبْدَ اللهِ بْنَ عُمَرَ حَدَّثَهُ أَنَّ النَّبِيَّ كَانَ يَنْزِلُ فِي الْمَسِيلِ الَّذِي فِي أَدْنَى مَرِّ الظَّهْرَانِ قِبَلَ الْمَدِينَةِ حِينَ يَهْبِطُ مِنْ الصَّفْرَاوَاتِ يَنْزِلُ فِي بَطْنِ ذَلِكَ الْمَسِيلِ عَنْ يَسَارِ الطَّرِيقِ وَأَنْتَ ذَاهِبٌ إِلَى مَكَّةَ لَيْسَ بَيْنَ مَنْزِلِ رَسُولِ اللهِ وَبَيْنَ الطَّرِيقِ إِلاَّ رَمْيَةٌ بِحَجَرٍ.৪৯০. ‘আব্দুল্লাহ ইবনু ‘ওমৰ (ৰাদ্বিয়াল্লাহু আনহুৱে) আৰু বর্ণনা কৰিছে যে, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে ‘মাৰৰুজ জাহৰান’ উপত্যকাৰ শেষ প্ৰান্তৰ নিম্নভূমিত অৱতৰণ কৰিছিল, যিটো স্থান মদিনাৰ দিশত গলে সৰু পাহাৰবিলাকৰ তলত অৱস্থিত। তেখেতে সেই নিম্নভূমিৰ মাজ ভাগত অৱতৰণ কৰিছিল।, এইটো মক্কা যোৱাৰ পথত বাওঁ ফালে থাকে। আল্লাহৰ ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামৰ মঞ্জিল আৰু ৰাস্তাৰ মাজৰ দূৰত্ব হৈছে এটা শিল দলিওৱাৰ পৰিমাণ। (আধুনিক প্রকাশনীঃ ৪৬২ সপ্তম অংশ, ইছলামী ফাউন্ডেচনঃ ৪৬৮ সপ্তম অংশ)
হাদীছ - 491٤۹۱- وَأَنَّ عَبْدَ اللهِ بْنَ عُمَرَ حَدَّثَهُ أَنَّ النَّبِيَّ كَانَ يَنْزِلُ بِذِي طُوًى وَيَبِيتُ حَتَّى يُصْبِحَ يُصَلِّي الصُّبْحَ حِينَ يَقْدَمُ مَكَّةَ وَمُصَلَّى رَسُولِ اللهِ ذَلِكَ عَلَى أَكَمَةٍ غَلِيظَةٍ لَيْسَ فِي الْمَسْجِدِ الَّذِي بُنِيَ ثَمَّ وَلَكِنْ أَسْفَلَ مِنْ ذَلِكَ عَلَى أَكَمَةٍ غَلِيظَةٍ.৪৯১. ‘আব্দুল্লাহ ইবনু ‘ওমৰ (ৰাদ্বিয়াল্লাহু আনহুৱে) তেখেতক আৰু কৈছে যে, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে ‘যূ-তুৱা’ত অৱতৰণ কৰিছিল, ইয়াতে ৰাতি কটাইছিল আৰু মক্কালৈ অহাৰ পথত ইয়াতে ফজৰৰ ছালাত আদায় কৰিছিল। আল্লাহৰ ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামৰ ছালাত আদায়ৰ সেই স্থানডোখৰ আছিল এটা ডাঙৰ টিলাৰ ওপৰত। যি ঠাইত মছজিদ নির্মিত হৈছে, সেই ঠাইত নহয় বৰং তাৰ তলত এটা ডাঙৰ টিলাৰ ওপৰত। (সংশ্লিষ্ট হাদীছসমূহঃ ১৭৬৭, ১৭৬৯) (আধুনিক প্রকাশনীঃ ৪৬২ অষ্টম অংশ, ইছলামী ফাউন্ডেচনঃ ৪৬৮ অষ্টম অংশ)
হাদীছ - 492٤۹۲- وَأَنَّ عَبْدَ اللهِ بْنَ عُمَرَ حَدَّثَهُ أَنَّ النَّبِيَّ اسْتَقْبَلَ فُرْضَتَيْ الْجَبَلِ الَّذِي بَيْنَهُ وَبَيْنَ الْجَبَلِ الطَّوِيلِ نَحْوَ الْكَعْبَةِ فَجَعَلَ الْمَسْجِدَ الَّذِي بُنِيَ ثَمَّ يَسَارَ الْمَسْجِدِ بِطَرَفِ الْأَكَمَةِ وَمُصَلَّى النَّبِيِّ صلى الله عليه وسلم أَسْفَلَ مِنْهُ عَلَى الْأَكَمَةِ السَّوْدَاءِ تَدَعُ مِنَ الْأَكَمَةِ عَشَرَةَ أَذْرُعٍ أَوْ نَحْوَهَا ثُمَّ تُصَلِّي مُسْتَقْبِلَ الْفُرْضَتَيْنِ مِنَ الْجَبَلِ الَّذِي بَيْنَكَ وَبَيْنَ الْكَعْبَةِ.৪৯২. ‘আব্দুল্লাহ ইবনু ‘ওমৰ (ৰাদ্বিয়াল্লাহু আনহুৱে) তেওঁৰ ওচৰত আৰু বর্ণনা কৰিছে যে, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে পাহাৰৰ দুটা প্ৰৱেশ পথ সন্মুখত ৰাখিছিল, যিটো তেওঁৰ আৰু দীঘল পাহাৰৰ মাজত কাবাৰ দিশত আছে। বর্তমান সেই ঠাইত যি মছজিদ নির্মিত হৈছে, সেই ঠাইটোক তেখেতে [ইবনু ‘ওমৰ (ৰাদ্বিয়াল্লাহু আনহুৱে)] টিলাৰ মূৰৰ মছজিদটোৰ বাওঁ ফালে ৰাখিছিল। কিন্তু নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ ছালাতৰ স্থান আছিল ইয়াৰ তলত কলা টিলাৰ ওপৰত। এইটো প্রথম টিলাৰ পৰা প্রায় দহ হাত দূৰত। তাৰ পিছত যি পাহাৰটো তোমাৰ আৰু কা’বাৰ মাজত পৰে, তাৰ দুই প্ৰৱেশ দ্বাৰৰ ফালে মুখ কৰি তুমি ছালাত আদায় কৰিবা। (মুছলিম ১৫/৩৮, হাদীছ নং ১২৫৯, ১২৬০, আহমদ ৫৬০৫) (আধুনিক প্রকাশনীঃ ৪৬২ শেষাংশ, ইছলামী ফাউন্ডেচনঃ ৪৬৮ শেষাংশ)
পৰিচ্ছেদঃ নং ৯০. ইমামৰ ছুতৰাই মুক্তাদীৰ বাবে যথেষ্ট।493٤۹۳- حدثنا عَبْدُ اللهِ بْنُ يُوسُفَ قَالَ أَخْبَرَنَا مَالِكٌ عَنْ ابْنِ شِهَابٍ عَنْ عُبَيْدِ اللهِ بْنِ عَبْدِ اللهِ بْنِ عُتْبَةَ عَنْ عَبْدِ اللهِ بْنِ عَبَّاسٍ أَنَّهُ قَالَ أَقْبَلْتُ رَاكِبًا عَلَى حِمَارٍ أَتَانٍ وَأَنَا يَوْمَئِذٍ قَدْ نَاهَزْتُ الِاحْتِلَامَ وَرَسُولُ اللهِ صلى الله عليه وسلم يُصَلِّي بِالنَّاسِ بِمِنًى إِلَى غَيْرِ جِدَارٍ فَمَرَرْتُ بَيْنَ يَدَيْ بَعْضِ الصَّفِّ فَنَزَلْتُ وَأَرْسَلْتُ الْأَتَانَ تَرْتَعُ وَدَخَلْتُ فِي الصَّفِّ فَلَمْ يُنْكِرْ ذَلِكَ عَلَيَّ أَحَدٌ.৪৯৩. ‘আব্দুল্লাহ ইবনু ‘আব্বাছ (ৰাদ্বিয়াল্লাহু আনহু)ৰ দ্বাৰা বর্ণিত। তেখেতে কৈছেঃ মই এটা মাইকী গাধৰ পিঠিত চৱাৰ হলো, তেতিয়া মই প্ৰাপ্তবয়স্ক হোৱাৰ নিকটৱর্তী আছিলো। আৰু আল্লাহৰ ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামে তেতিয়া মিনাত সন্মুখত দেৱাল নোহোৱাকৈ কিবা এটা বস্তুক ছুতৰা বনাই মানুহসকলক লৈ ছালাত আদায় কৰি আছিল। শাৰীৰ সন্মুখেৰে কিছু অংশ অতিক্রম কৰি মই চৱাৰীৰ পৰা অৱতৰণ কৰিলো। গাধীটোক চৰিবলৈ দি মই শাৰীত চামিল হলো, মোক কোনেও এই কামত বাধা দিয়া নাছিল। (৭৬) (আধুনিক প্রকাশনীঃ ৪৬৩, ইছলামী ফাউন্ডেচনঃ ৪৬৯)
494٤۹٤- حدثنا إِسْحَاقُ يَعْنِي ابْنَ مَنْصُورٍ قَالَ حَدَّثَنَا عَبْدُ اللهِ بْنُ نُمَيْرٍ قَالَ حَدَّثَنَا عُبَيْدُ اللهِ بْنُ عُمَرَ عَنْ نَافِعٍ عَنْ ابْنِ عُمَرَ أَنَّ رَسُولَ اللهِ صلى الله عليه وسلم كَانَ إِذَا خَرَجَ يَوْمَ الْعِيدِ أَمَرَ بِالْحَرْبَةِ فَتُوضَعُ بَيْنَ يَدَيْهِ فَيُصَلِّي إِلَيْهَا وَالنَّاسُ وَرَاءَهُ وَكَانَ يَفْعَلُ ذَلِكَ فِي السَّفَرِ فَمِنْ ثَمَّ اتَّخَذَهَا الْأُمَرَاءُ.৪৯৪. ইবনু ‘ওমৰ (ৰাদ্বিয়াল্লাহু আনহু)ৰ দ্বাৰা বর্ণিত। আল্লাহৰ ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামে ঈদৰ দিনা যেতিয়া বাহিৰলৈ ওলাই আহিছিল, তেতিয়া তেওঁৰ সন্মুখত সৰু বল্লম পুতি ৰাখিবলৈ নিৰ্দেশ দিছিল, আৰু সেই দিশে মুখ কৰি তেওঁ ছালাত আদায় কৰিছিল। লোকসকল আছিল তেওঁৰ পিছফালে, ভ্ৰমণতো তেখেত এনেকুৱা কৰিছিল। ইয়াৰ পৰা শাসক সকলেও এই পন্থা অৱলম্বন কৰিছিল। (সংশ্লিষ্ট হাদীছসমূহঃ ৪৯৮, ৯৭২, ৯৭৩; মুছলিম ৪/৪৭, হাদীছ নং ৫০১, আহমদ ৪৬১৪) (আধুনিক প্রকাশনীঃ ৪৬৪, ইছলামী ফাউন্ডেচনঃ ৪৭০)
495٤۹۵- حدثنا أَبُو الْوَلِيدِ قَالَ حَدَّثَنَا شُعْبَةُ عَنْ عَوْنِ بْنِ أَبِي جُحَيْفَةَ قَالَ سَمِعْتُ أَبِي أَنَّ النَّبِيَّ صَلَّى بِهِمْ بِالْبَطْحَاءِ وَبَيْنَ يَدَيْهِ عَنَزَةٌ الظُّهْرَ رَكْعَتَيْنِ وَالْعَصْرَ رَكْعَتَيْنِ تَمُرُّ بَيْنَ يَدَيْهِ الْمَرْأَةُ وَالْحِمَارُ.৪৯৫. ‘আওন ইবনু আবি জুহাইফাহ (ৰাহিমাহুল্লাহ)ৰ দ্বাৰা বর্ণিত। তেখেতে কৈছেঃ মই মোৰ পিতৃক কোৱা শুনিছো যে, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে চাহাবীসকলক লৈ ‘বাতহা’ নামক স্থানত জোহৰৰ দুই ৰাকাত আৰু আচৰৰ দুই ৰাকাত ছালাত আদায় কৰিছিল। তেতিয়া (ছুতৰা হিচাপে) তেখেতৰ সন্মুখত বল্লম পুতি ৰখা হৈছিল। ছুতৰাৰ বাহিৰত সন্মুখেদি মহিলা আৰু গাধও চলাচল কৰিছিল। (সংশ্লিষ্ট হাদীছঃ ১৮৭) (আধুনিক প্রকাশনীঃ ৪৬৫, ইছলামী ফাউন্ডেচনঃ ৪৭১)
পৰিচ্ছেদঃ নং ৯১. মুছল্লী আৰু ছুতৰাৰ মাজত কি পৰিমাণ দূৰত্ব থকা উচিত?496٤۹٦- حدثنا عَمْرُو بْنُ زُرَارَةَ قَالَ أَخْبَرَنَا عَبْدُ الْعَزِيزِ بْنُ أَبِي حَازِمٍ عَنْ أَبِيهِ عَنْ سَهْلِ بْنِ سَعْدٍ قَالَ كَانَ بَيْنَ مُصَلَّى رَسُولِ اللهِ وَبَيْنَ الْجِدَارِ مَمَرُّ الشَّاةِ.৪৯৬. ছাহল ইবনু চা’দ (ৰাদ্বিয়াল্লাহু আনহু)ৰ দ্বাৰা বর্ণিত। তেখেতে কৈছেঃ আল্লাহৰ ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামৰ ছালাতৰ স্থান আৰু দেৱালৰ মাজত এটা ছগলী যাব পৰা ব্যৱধান আছিল। (সংশ্লিষ্ট হাদীছঃ ৭৩৩৪; মুছলিম ৪/৪৯, হাদীছ নং ৫০৮) (আধুনিক প্রকাশনীঃ ৪৬৬, ইছলামী ফাউন্ডেচনঃ ৪৭২)
497٤۹۷- حدثنا الْمَكِّيُّ بْنُ إِبْرَاهِيمَ قَالَ حَدَّثَنَا يَزِيدُ بْنُ أَبِي عُبَيْدٍ عَنْ سَلَمَةَ قَالَ كَانَ جِدَارُ الْمَسْجِدِ عِنْدَ الْمِنْبَرِ مَا كَادَتْ الشَّاةُ تَجُوزُهَا.৪৯৭. ছালামা (ৰাদ্বিয়াল্লাহু আনহু)ৰ দ্বাৰা বর্ণিত। তেখেতে কৈছেঃ মছজিদৰ দেৱাল মিম্বৰৰ ইমান ওচৰত আছিল যে, মাজেদি এটা ছাগলী চলাচল কৰা কঠিন আছিল। (মুছলিম ৪/৪৯, হাদীছ নং ৫০৯) (আধুনিক প্রকাশনীঃ ৪৬৭, ইছলামী ফাউন্ডেচনঃ ৪৭৩)
পৰিচ্ছেদঃ নং ৯২. যাঠি সন্মুখত ছুতৰা হিচাপে ৰাখি ছালাত আদায় কৰা।498٤۹۸- حدثنا مُسَدَّدٌ قَالَ حَدَّثَنَا يَحْيَى عَنْ عُبَيْدِ اللهِ أَخْبَرَنِي نَافِعٌ عَنْ عَبْدِ اللهِ بْنِ عُمَرَ أَنَّ النَّبِيَّ كَانَ يُرْكَزُ لَهُ الْحَرْبَةُ فَيُصَلِّي إِلَيْهَا.৪৯৮. ‘আব্দুল্লাহ ইবনু ‘ওমৰ (ৰাদ্বিয়াল্লাহু আনহু)ৰ দ্বাৰা বর্ণিত। নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ সন্মুখত যাঠি পুতি ৰখা হৈছিল, আৰু তেখেতে সেইটোক ছুতৰা হিচাপে লৈ ছালাত আদায় কৰিছিল। (সংশ্লিষ্ট হাদীছঃ ৪৯৪) (আধুনিক প্রকাশনীঃ ৪৬৮, ইছলামী ফাউন্ডেচনঃ ৪৭৪)
পৰিচ্ছেদঃ নং ৯৩. লোহা যুক্ত যাঠি সন্মুখত ৰাখি ছালাত আদায়।499٤۹۹- حَدَّثَنَا آدَمُ قَالَ حَدَّثَنَا شُعْبَةُ قَالَ حَدَّثَنَا عَوْنُ بْنُ أَبِي جُحَيْفَةَ قَالَ سَمِعْتُ أَبِي قَالَ خَرَجَ عَلَيْنَا رَسُولُ اللهِ صلى الله عليه وسلم بِالْهَاجِرَةِ فَأُتِيَ بِوَضُوءٍ فَتَوَضَّأَ فَصَلَّى بِنَا الظُّهْرَ وَالْعَصْرَ وَبَيْنَ يَدَيْهِ عَنَزَةٌ وَالْمَرْأَةُ وَالْحِمَارُ يَمُرُّونَ مِنْ وَرَائِهَا.৪৯৯. ‘আওন ইবনু আবি জুহাইফাহ (ৰাহিমাহুল্লাহ)ৰ দ্বাৰা বর্ণিত। তেখেতে কৈছেঃ মই মোৰ পিতৃৰ পৰা শুনিছো, তেখেতে কৈছেঃ এদিন দুপৰীয়া আমাৰ ওচৰলৈ আল্লাহৰ ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লাম উপস্থিত হল। তেখেতক অজুৰ পানী দিয়া হ’ল, তেখেতে অজু কৰিলে আৰু আমাক লৈ জোহৰ আৰু আচৰৰ ছালাত আদায় কৰিলে। ছালাতৰ সময়ত তেখেতৰ সন্মুখত আছিল বল্লম, যাৰ বাহিৰেদি মহিলা আৰু গাধ চলাচল কৰিছিল। (সংশ্লিষ্ট হাদীছঃ ১৮৭) (আধুনিক প্রকাশনীঃ ৪৬৯, ইছলামী ফাউন্ডেচনঃ ৪৭৫)
হাদীছ - 500۵۰۰- حدثنا مُحَمَّدُ بْنُ حَاتِمِ بْنِ بَزِيعٍ قَالَ حَدَّثَنَا شَاذَانُ عَنْ شُعْبَةَ عَنْ عَطَاءِ بْنِ أَبِي مَيْمُونَةَ قَالَ سَمِعْتُ أَنَسَ بْنَ مَالِكٍ قَالَ كَانَ النَّبِيُّ إِذَا خَرَجَ لِحَاجَتِهِ تَبِعْتُهُ أَنَا وَغُلَامٌ وَمَعَنَا عُكَّازَةٌ أَوْ عَصًا أَوْ عَنَزَةٌ وَمَعَنَا إِدَاوَةٌ فَإِذَا فَرَغَ مِنْ حَاجَتِهِ نَاوَلْنَاهُ الْإِدَاوَةَ.৫০০. আনাছ ইবনু মালিক (ৰাদ্বিয়াল্লাহু আনহু)ৰ দ্বাৰা বর্ণিত। তেখেতে কৈছেঃ নবী চাল্লাল্লাহু আলাইহি অছাল্লামে যেতিয়া প্রাকৃতিক প্রয়োজনত বাহিৰ হৈছিল, তেতিয়া মই আৰু এজন ল’ৰা তেখেতৰ পিছে পিছে গৈছিলো। তেতিয়া আমাৰ লগত থাকিছিল এডাল লাঠি বা এডাল চেকনি অথবা বল্লম, লগত থাকিছিল এটা পানীৰ পাত্ৰ। তেখেতে তেখেতৰ প্ৰয়োজন সম্পন্ন কৰাৰ পিছত আমি পানীৰ সেই পাত্ৰটো তেখেতক দিছিলো। (সংশ্লিষ্ট হাদীছঃ ১৫০) (আধুনিক প্রকাশনীঃ ৪৭০, ইছলামী ফাউন্ডেচনঃ ৪৭৬)
পৰিচ্ছেদঃ নং ৯৪. মক্কা আৰু অন্যান্য স্থানত ছুতৰা ব্যৱহাৰ কৰা।হাদীছ - 501۵۰۱- حدثنا سُلَيْمَانُ بْنُ حَرْبٍ قَالَ حَدَّثَنَا شُعْبَةُ عَنِ الْحَكَمِ عَنْ أَبِي جُحَيْفَةَ قَالَ خَرَجَ رَسُولُ اللهِ صلى الله عليه وسلم بِالْهَاجِرَةِ فَصَلَّى بِالْبَطْحَاءِ الظُّهْرَ وَالْعَصْرَ رَكْعَتَيْنِ وَنَصَبَ بَيْنَ يَدَيْهِ عَنَزَةً وَتَوَضَّأَ فَجَعَلَ النَّاسُ يَتَمَسَّحُونَ بِوَضُوئِهِ.৫০১. আবূ জুহাইফাহ (ৰাদ্বিয়াল্লাহু আনহু)ৰ দ্বাৰা বর্ণিত। তেখেতে কৈছেঃ এদিন দুপৰীয়া আমাৰ ওচৰলৈ আল্লাহৰ ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লাম আহিল। তেখেতে ‘বাতহা’ নামক স্থানত জোহৰ আৰু ‘আচৰৰ ছালাত দুই ৰাকাতকৈ আদায় কৰিলে। তেতিয়া তেখেতৰ সন্মুখত এডাল লোহা যুক্ত বল্লম পুতি ৰখা হৈছিল। তেখেতে যেতিয়া অজু কৰি আছিল, তেতিয়া চাহাবীসকলে তেখেতৰ অজুৰ পানী নিজৰ শৰীৰত (বৰকতৰ বাবে) মচেহ কৰিবলৈ ধৰিলে। (সংশ্লিষ্ট হাদীছঃ ১৮৭) (আধুনিক প্রকাশনীঃ ৪৭১, ইছলামী ফাউন্ডেচনঃ ৪৭৭)
পৰিচ্ছেদঃ নং ৯৫. খুটা সন্মুখত ৰাখি ছালাত আদায়।‘ওমৰ (ৰাদ্বিয়াল্লাহু আনহুৱে) কৈছেঃ আলোচনাত ব্যস্ত ব্যক্তি সকলতকৈ মুছল্লীসকলে স্তম্ভ সন্মুখত ৰখাৰ অধিক হকদাৰ। এসময়ত ‘ওমৰ (ৰাদ্বিয়াল্লাহু আনহুৱে) দেখিলে যে, এজন ব্যক্তিয়ে দুটা স্তম্ভৰ মাজত ছালাত আদায় কৰি আছে। তেতিয়া তেখেতে তেওঁক এটা খুটাৰ ওচৰলৈ টানি আনি কলেঃ এইটো সন্মুখত ৰাখি ছালাত আদায় কৰা।হাদীছ - 502۵۰۲- حدثنا الْمَكِّيُّ بْنُ إِبْرَاهِيمَ قَالَ حَدَّثَنَا يَزِيدُ بْنُ أَبِي عُبَيْدٍ قَالَ كُنْتُ آتِي مَعَ سَلَمَةَ بْنِ الْأَكْوَعِ فَيُصَلِّي عِنْدَ الْأُسْطُوَانَةِ الَّتِي عِنْدَ الْمُصْحَفِ فَقُلْتُ يَا أَبَا مُسْلِمٍ أَرَاكَ تَتَحَرَّى الصَّلاَةَ عِنْدَ هَذِهِ الْأُسْطُوَانَةِ قَالَ فَإِنِّي رَأَيْتُ النَّبِيَّ يَتَحَرَّى الصَّلاَةَ عِنْدَهَا.৫০২. য়াজিদ ইবনু আবূ ‘উবাইদ (ৰাহিমাহুল্লাহ)ৰ দ্বাৰা বর্ণিত। তেখেতে কৈছেঃ মই ছালামা ইবনুল আকৱা’ (ৰাদ্বিয়াল্লাহু আনহু)ৰ ওচৰত আহিছিলো। তেখেতে সদায় মছজিদে নবৱীৰ সেই স্তম্ভৰ ওচৰত ছালাত আদায় কৰিছিল যিটো আছিল মুছহাফৰ নিচেই ওচৰত। মই তেওঁক কলোঃ হে আবূ মুছলিম! মই আপোনাক সদায় এই স্তম্ভ বিচাৰি উলিয়াই সন্মুখত ৰাখি ছালাত আদায় কৰা দেখিছো, ইয়াৰ কাৰণ কি? তেখেতে কলেঃ মই নবী চাল্লাল্লাহু আলাইহি অছাল্লামক এই স্তম্ভ বিচাৰি উলিয়াই ইয়াৰ ওচৰত ছালাত আদায় কৰা দেখিছো। (আধুনিক প্রকাশনীঃ ৪৭২, ইছলামী ফাউন্ডেচনঃ ৪৭৮)
হাদীছ - 503۵۰۳- حدثنا قَبِيصَةُ قَالَ حَدَّثَنَا سُفْيَانُ عَنْ عَمْرِو بْنِ عَامِرٍ عَنْ أَنَسِ بْنِ مَالِكٍ قَالَ لَقَدْ رَأَيْتُ كِبَارَ أَصْحَابِ النَّبِيِّ صلى الله عليه وسلم يَبْتَدِرُونَ السَّوَارِيَ عِنْدَ الْمَغْرِبِ وَزَادَ شُعْبَةُ عَنْ عَمْرٍو عَنْ أَنَسٍ حَتَّى يَخْرُجَ النَّبِيُّ صلى الله عليه وسلم‏ .৫০৩. আনাছ ইবনু মালিক (ৰাদ্বিয়াল্লাহু আনহু)ৰ দ্বাৰা বর্ণিত। তেখেতে কৈছেঃ মই নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ বিশিষ্ট চাহাবীসকলক দেখিছো। তেওঁলোকে মগৰিবৰ সময়ত স্তম্ভৰ ওচৰত যাবলৈ খৰখেদা কৰিছিল। শ্বু’বাহ ৰাহিমাহুল্লাহে ‘আমৰ ৰাহিমাহুল্লাহৰ সূত্রত আনাছ (ৰাদ্বিয়াল্লাহু আনহু)ৰ পৰা এই হদীছত অতিৰিক্ত বৰ্ণনা কৰিছেঃ ‘নবী চাল্লাল্লাহু আলাইহি অছাল্লাম ওলাই অহা পর্যন্ত। (সংশ্লিষ্ট হাদীছঃ ৬২৫) (আধুনিক প্রকাশনীঃ ৪৭৩, ইছলামী ফাউন্ডেচনঃ ৪৭৯)
পৰিচ্ছেদঃ নং ৯৬. জামাতৰ বাহিৰে স্তম্ভসমূহৰ মাজত ছালাত আদায় কৰা।হাদীছ - 504۵۰٤- حدثنا مُوسَى بْنُ إِسْمَاعِيلَ قَالَ حَدَّثَنَا جُوَيْرِيَةُ عَنْ نَافِعٍ عَنْ ابْنِ عُمَرَ قَالَ دَخَلَ النَّبِيُّ الْبَيْتَ وَأُسَامَةُ بْنُ زَيْدٍ وَعُثْمَانُ بْنُ طَلْحَةَ وَبِلاَلٌ فَأَطَالَ ثُمَّ خَرَجَ وَكُنْتُ أَوَّلَ النَّاسِ دَخَلَ عَلَى أَثَرِهِ فَسَأَلْتُ بِلاَلاً أَيْنَ صَلَّى قَالَ بَيْنَ الْعَمُودَيْنِ الْمُقَدَّمَيْنِ.৫০৪. ইবনু ‘ওমৰ (ৰাদ্বিয়াল্লাহু আনহু)ৰ দ্বাৰা বর্ণিত। তেখেতে কৈছেঃ নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কাবা ঘৰত প্রৱেশ কৰিলে, তেখেতৰ লগত প্ৰৱেশ কৰিলে উচামা ইবনু জায়েদ, উচমান ইবনু ত্বালহা আৰু বিলাল (ৰাদ্বিয়াল্লাহু আনহুম)। তেখেতে বহু সময় ভিতৰত থাকিলে, তাৰ পিছত বাহিৰলৈ ওলাই আহিল। মই প্রথম ব্যক্তি যিয়ে তেখেত ওলাই অহাৰ পিছত প্রৱেশ কৰিছে। মই বিলাল (ৰাদ্বিয়াল্লাহু আনহু)-ক সুধিলোঃ নবী চাল্লাল্লাহু আলাইহি অছাল্লামে ক’ত ছালাত আদায় কৰিছিল? তেখেতে কলেঃ সন্মুখৰ খুটা দুটাৰ মাজত। (সংশ্লিষ্ট হাদীছঃ ৩৯৭) (আধুনিক প্রকাশনীঃ ৪৭৪, ইছলামী ফাউন্ডেচনঃ ৪৮০)
হাদীছ - 505۵۰۵- حَدَّثَنَا عَبْدُ اللهِ بْنُ يُوسُفَ قَالَ أَخْبَرَنَا مَالِكٌ عَنْ نَافِعٍ عَنْ عَبْدِ اللهِ بْنِ عُمَرَ أَنَّ رَسُولَ اللهِ صلى الله عليه وسلم صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ دَخَلَ الْكَعْبَةَ وَأُسَامَةُ بْنُ زَيْدٍ وَبِلاَلٌ وَعُثْمَانُ بْنُ طَلْحَةَ الْحَجَبِيُّ فَأَغْلَقَهَا عَلَيْهِ وَمَكَثَ فِيهَا فَسَأَلْتُ بِلاَلاً حِينَ خَرَجَ مَا صَنَعَ النَّبِيُّ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ قَالَ جَعَلَ عَمُودًا عَنْ يَسَارِهِ وَعَمُودًا عَنْ يَمِينِهِ وَثَلاَثَةَ أَعْمِدَةٍ وَرَاءَهُ وَكَانَ الْبَيْتُ يَوْمَئِذٍ عَلَى سِتَّةِ أَعْمِدَةٍ ثُمَّ صَلَّى. وَقَالَ لَنَا إِسْمَاعِيلُ حَدَّثَنِي مَالِكٌ وَقَالَ عَمُودَيْنِ عَنْ يَمِينِهِ.৫০৫. ‘আব্দুল্লাহ ইবনু ‘ওমৰ (ৰাদ্বিয়াল্লাহু আনহু)ৰ দ্বাৰা বর্ণিত। আল্লাহৰ ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামে কাবা ঘৰত প্ৰৱেশ কৰিলে, আৰু তেখেতৰ লগত আছিল উচামা ইবনু যায়দ, বিলাল আৰু ‘উচমান ইবনু ত্বালহা হাজাবী (ৰাদ্বিয়াল্লাহু আনহুম)। নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ প্রৱেশ কৰাৰ লগে লগে কা’বাৰ দুৱাৰ বন্ধ কৰি দিয়া হল। তেওঁলোক কিছু সময় তাত অৱস্থান কৰিলে। বিলাল (ৰাদ্বিয়াল্লাহু আনহু) বাহিৰলৈ ওলাই অহাত মই তেখেতক কলোঃ নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কি কৰিলে? তেখেতে কলেঃ এটা খুটা বাওঁফালে, এটা খুটা সোঁ ফালে, আৰু তিনিটা খুটা পিছফালে ৰাখি তেখেতে ছালাত আদায় কৰিলে। সেই সময়ত বায়তুল্লাহ আছিল ছয়টা খুঁটা বিশিষ্ট।
[ইমাম বুখাৰী (ৰাহিমাহুল্লাহে) কৈছে] ইছমাঈল (ৰাহিমাহুল্লাহে) মোৰ ওচৰত বর্ণনা কৰিছে যে, ইমাম মালিক (ৰাহিমাহুল্লাহে) কৈছে যে, তেখেতৰ সোঁ ফালে দুটা স্তম্ভ আছিল। (সংশ্লিষ্ট হাদীছঃ ৩৯৭; মুছলিম ১৫/৬৮, হাদীছ নং ১৩২৯) (আধুনিক প্রকাশনীঃ ৪৭৫, ইছলামী ফাউন্ডেচনঃ ৪৮১)
পৰিচ্ছেদঃ নং ৯৭.হাদীছ - 506۵۰٦- إِبْرَاهِيمُ بْنُ الْمُنْذِرِ قَالَ حَدَّثَنَا أَبُو ضَمْرَةَ قَالَ حَدَّثَنَا مُوسَى بْنُ عُقْبَةَ عَنْ نَافِعٍ أَنَّ عَبْدَ اللهِ بْنَ عُمَرَ كَانَ إِذَا دَخَلَ الْكَعْبَةَ مَشَى قِبَلَ وَجْهِهِ حِينَ يَدْخُلُ وَجَعَلَ الْبَابَ قِبَلَ ظَهْرِهِ فَمَشَى حَتَّى يَكُونَ بَيْنَهُ وَبَيْنَ الْجِدَارِ الَّذِي قِبَلَ وَجْهِهِ قَرِيبًا مِنْ ثَلاَثَةِ أَذْرُعٍ صَلَّى يَتَوَخَّى الْمَكَانَ الَّذِي أَخْبَرَهُ بِهِ بِلَالٌ أَنَّ النَّبِيَّ صَلَّى فِيهِ قَالَ وَلَيْسَ عَلَى أَحَدِنَا بَأْسٌ إِنْ صَلَّى فِي أَيِّ نَوَاحِي الْبَيْتِ شَاءَ.৫০৬. নাফে’ (ৰাহিমাহুল্লাহ)ৰ দ্বাৰা বর্ণিত। ‘আব্দুল্লাহ (ৰাদ্বিয়াল্লাহু আনহু) যেতিয়া কা’বা ঘৰত প্ৰৱেশ কৰিছিল তেতিয়া দুৱাৰ পিছফালে ৰাখি সন্মুখৰ ফালে আগুৱাই গৈছিল। এইদৰে আগুৱাই গৈ যি স্থানত তেওঁৰ আৰু দেৱালৰ মাজত তিনি হাত পৰিমাণ ব্যৱধান থাকিছিল, সেই ঠাইতে তেখেতে ছালাত আদায় কৰিছিল। তেখেতে সেই স্থানতে ছালাত আদায় কৰিব বিচাৰিছিল, যি স্থানত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে ছালাত আদায় কৰিছিল বুলি বিলাল (ৰাদ্বিয়াল্লাহু আনহুৱে) তেখেতক জনাইছিল। তেখেতে কৈছেঃ কা’বা ঘৰত যি প্ৰান্ততে ইচ্ছা, ছালাত আদায় কৰাত আমাৰ কোনো অসুবিধা নাই। (সংশ্লিষ্ট হাদীছঃ ৩৯৭) (আধুনিক প্রকাশনীঃ ৪৭৬, ইছলামী ফাউন্ডেচনঃ ৪৮২)
পৰিচ্ছেদঃ নং ৯৮. বাহন, উট, গছ আৰু হাওদা সন্মুখত ৰাখি ছালাত সম্পাদন কৰা।হাদীছ - 507۵۰۷- حدثنا مُحَمَّدُ بْنُ أَبِي بَكْرٍ الْمُقَدَّمِيُّ حَدَّثَنَا مُعْتَمِرٌ عَنْ عُبَيْدِ اللهِ بْنِ عُمَرَ عَنْ نَافِعٍ عَنْ ابْنِ عُمَرَ عَنِ النَّبِيِّ صلى الله عليه وسلم أَنَّهُ كَانَ يُعَرِّضُ رَاحِلَتَهُ فَيُصَلِّي إِلَيْهَا قُلْتُ أَفَرَأَيْتَ إِذَا هَبَّتْ الرِّكَابُ قَالَ كَانَ يَأْخُذُ هَذَا الرَّحْلَ فَيُعَدِّلُهُ فَيُصَلِّي إِلَى آخِرَتِهِ أَوْ قَالَ مُؤَخَّرِهِ وَكَانَ ابْنُ عُمَرَ يَفْعَلُهُ.৫০৭. ইবনু ‘ওমৰ (ৰাদ্বিয়াল্লাহু আনহু)ৰ দ্বাৰা বর্ণিত। নবী চাল্লাল্লাহু আলাইহি অছাল্লামে তেখেতৰ উটনীক সন্মুখত ৰাখি ছালাত আদায় কৰিছিল। [ৰাবী নাফে’ (ৰাহিমাহুল্লাহে) কৈছে] মই [‘আব্দুল্লাহ ইবনু ‘ওমৰ (ৰাদ্বিয়াল্লাহু আনহু)ক] সুধিলো: যেতিয়া চৱাৰী লৰচৰ কৰিছিল, তেতিয়া তেখেতে কি কৰিছিল? তেখেতে কলেঃ তেতিয়া হাওদা চিধা কৰি নিজৰ সন্মুখত ৰাখিছিল, আৰু তাৰ শেষাংশৰ ফালে ছালাত আদায় কৰিছিল । [নাফে’ (ৰাহিমাহুল্লাহে) কৈছে]: ইবনু ‘ওমৰ (ৰাদ্বিয়াল্লাহু আনহুৱে)ও এনেকুৱা কৰিছিল। (সংশ্লিষ্ট হাদীছঃ ৪৩০; মুছলিম ৪/৪৭, হাদীছ নং ৫০২, আহমদ ৪৪৬৮) (আধুনিক প্রকাশনীঃ ৪৭৭, ইছলামী ফাউন্ডেচনঃ ৪৮৩)
পৰিচ্ছেদঃ নং ৯৯. বিছনা সন্মুখত ৰাখি ছালাত আদায় কৰা।হাদীছ - 508۵۰۸-حدثنا عُثْمَانُ بْنُ أَبِي شَيْبَةَ قَالَ حَدَّثَنَا جَرِيرٌ عَنْ مَنْصُورٍ عَنْ إِبْرَاهِيمَ عَنِ الْأَسْوَدِ عَنْ عَائِشَةَ قَالَتْ أَعَدَلْتُمُونَا بِالْكَلْبِ وَالْحِمَارِ لَقَدْ رَأَيْتُنِي مُضْطَجِعَةً عَلَى السَّرِيرِ فَيَجِيءُ النَّبِيُّ فَيَتَوَسَّطُ السَّرِيرَ فَيُصَلِّي فَأَكْرَهُ أَنْ أُسَنِّحَهُ فَأَنْسَلُّ مِنْ قِبَلِ رِجْلَيْ السَّرِيرِ حَتَّى أَنْسَلَّ مِنْ لِحَافِي.৫০৮. ‘আইশ্বা (ৰাদ্বিয়াল্লাহু আনহা)ৰ দ্বাৰা বর্ণিত। তেখেতে কৈছেঃ তোমালোকে আমাক কুকুৰ, গাধৰ সমান কৰিব বিচৰা নেকি! অথচ মই নিজে এনেকুৱা অৱস্থাত আছিলো যে, মই বিছনাৰ ওপৰত শুই থাকিছিলো আৰু নবী চাল্লাল্লাহু আলাইহি অছাল্লাম আহি বিছনাৰ মাজ ভাগত থিয় হৈ ছালাত আদায় কৰিছিল। এনে ভাৱে সন্মুখত থকাটো যদিও মই পছন্দ কৰা নাছিলো। গতিকে মই বিছনাৰ এফালে আঁতৰি গৈ মনে মনে লেপৰ পৰা বাহিৰলৈ ওলাইছিলো। (সংশ্লিষ্ট হাদীছঃ ৩৮০/৩৮২; মুছলিম ৪/৫১, হাদীছ নং ৫১২, আহমদ ২৫৯৮৭) (আধুনিক প্রকাশনীঃ ৪৭৮, ইছলামী ফাউন্ডেচনঃ ৪৮৪)
পৰিচ্ছেদঃ নং ১০০. সন্মুখেৰে অতিক্রম কৰা লোকক মুছল্লীয়ে বাধা দিয়া উচিত।ইবনু ‘ওমৰ (ৰাদ্বিয়াল্লাহু আনহুৱে) তাশ্বাহুদত বহা অৱস্থাত আৰু কা’বা ঘৰতো (অতিক্রমকাৰীক) বাধা দিছিলে আৰু তেখেতে কৈছিল, যিয়ে অতিক্ৰম কৰাৰ পৰা বিৰত থাকিবলৈ অস্বীকাৰ কৰি কাজিয়া কৰিব তাৰ লগত কাজিয়া কৰা।হাদীছ - 509۵۰۹- أَبُو مَعْمَرٍ قَالَ حَدَّثَنَا عَبْدُ الْوَارِثِ قَالَ حَدَّثَنَا يُونُسُ عَنْ حُمَيْدِ بْنِ هِلَالٍ عَنْ أَبِي صَالِحٍ أَنَّ أَبَا سَعِيدٍ قَالَ قَالَ النَّبِيُّ ح و حَدَّثَنَا آدَمُ بْنُ أَبِي إِيَاسٍ قَالَ حَدَّثَنَا سُلَيْمَانُ بْنُ المُغِيرَةِ قَالَ حَدَّثَنَا حُمَيْدُ بْنُ هِلَالٍ الْعَدَوِيُّ قَالَ حَدَّثَنَا أَبُو صَالِحٍ السَّمَّانُ قَالَ رَأَيْتُ أَبَا سَعِيدٍ الْخُدْرِيَّ فِي يَوْمِ جُمُعَةٍ يُصَلِّي إِلَى شَيْءٍ يَسْتُرُهُ مِنْ النَّاسِ فَأَرَادَ شَابٌّ مِنْ بَنِي أَبِي مُعَيْطٍ أَنْ يَجْتَازَ بَيْنَ يَدَيْهِ فَدَفَعَ أَبُو سَعِيدٍ فِي صَدْرِهِ فَنَظَرَ الشَّابُّ فَلَمْ يَجِدْ مَسَاغًا إِلاَّ بَيْنَ يَدَيْهِ فَعَادَ لِيَجْتَازَ فَدَفَعَهُ أَبُو سَعِيدٍ أَشَدَّ مِنَ الْأُولَى فَنَالَ مِنْ أَبِي سَعِيدٍ ثُمَّ دَخَلَ عَلَى مَرْوَانَ فَشَكَا إِلَيْهِ مَا لَقِيَ مِنْ أَبِي سَعِيدٍ وَدَخَلَ أَبُو سَعِيدٍ خَلْفَهُ عَلَى مَرْوَانَ فَقَالَ مَا لَكَ وَلِابْنِ أَخِيكَ يَا أَبَا سَعِيدٍ قَالَ سَمِعْتُ النَّبِيَّ يَقُولُ إِذَا صَلَّى أَحَدُكُمْ إِلَى شَيْءٍ يَسْتُرُهُ مِنْ النَّاسِ فَأَرَادَ أَحَدٌ أَنْ يَجْتَازَ بَيْنَ يَدَيْهِ فَلْيَدْفَعْهُ فَإِنْ أَبَى فَلْيُقَاتِلْهُ فَإِنَّمَا هُوَ شَيْطَانٌ.৫০৯, আবূ চলেহ চাম্মান (ৰাহিমাহুল্লাহ)ৰ দ্বাৰা বর্ণিত। তেখেতে কৈছেঃ মই আবু ছা’ঈদ খুদৰী (ৰাদ্বিয়াল্লাহু আনহু)ক দেখিছো, তেখেতে জুমুআৰ দিনা মানুহৰ অহা যোৱাৰ সুবিধাৰ্থে ছুতৰা হিচাবে কিবা বস্তু আগত ৰাখি ছালাত আদায় কৰিছিল। আবু মু’আইত গোত্রৰ এজন যুৱক তেওঁৰ সন্মুখেদি যাবলৈ ধৰিলে, আবূ ছা’ঈদ খুদৰী (ৰাদ্বিয়াল্লাহু আনহুৱে) তাৰ বুকুত ধৰি বাধা দিলে। যুৱকজনে লক্ষ্য কৰি দেখিলে যে, তেওঁৰ সন্মুখেদি যোৱাৰ বাহিৰে আন কোনো পথ নাই। সেই কাৰণে সি পুনৰ তেখেতৰ সন্মুখেৰে যোৱাৰ চেষ্টা কৰিলে। এইবাৰ আবূ ছা’ঈদ খুদৰী (ৰাদ্বিয়াল্লাহু আনহুৱে) প্রথমবাৰতকৈ জোৰেৰে হেচা দিলে। ফলত আবূ ছা’ঈদ (ৰাদ্বিয়াল্লাহু আনহু)-ক তিৰস্কাৰ কৰি সি মাৰৱানৰ ওচৰলৈ গৈ আবু ছা’ঈদ খুদৰী (ৰাদ্বিয়াল্লাহু আনহু)ৰ ব্যৱহাৰৰ বিৰুদ্ধে অভিযোগ দাখিল কৰিলে। আনহাতে তাৰ পিছতেই আবূ ছা’ঈদ (ৰাদ্বিয়াল্লাহু আনহুৱে)ও মাৰৱানৰ ওচৰলৈ গৈ উপস্থিত হল। মাৰৱানে তেওঁক কলেঃ হে আবূ ছা’ঈদ! তোমাৰ এই ভতিজাৰ কি হৈছে? তেখেতে উত্তৰ দি কলেঃ মই নবী চাল্লাল্লাহু আলাইহি অছাল্লামক কোৱা শুনিছো যে, তোমালোকৰ কোনোবাই যেতিয়া ছালাত আদায় কৰে সি যেন সন্মুখত ছুতৰা থয়, আৰু যদি কোনোবাই যদি তাৰ সন্মুখেৰে যাব বিচাৰে, তেন্তে সি যেন তাক বাধা দিয়ে। সি যদি নামানে, তেন্তে সেই ব্যক্তিয়ে যেন তাৰ লগত কাজিয়া কৰে, কাৰণ সি হৈছে চয়তান। (সংশ্লিষ্ট হাদীছঃ ৩২৭৪; মুছলিম ৪/৪৮, হাদীছ নং ৫০৫, আহমদ ১১২৯৯) (আধুনিক প্রকাশনীঃ ৪৭৯, ইছলামী ফাউন্ডেচনঃ ৪৮৫)
পৰিচ্ছেদঃ নং ১০১. ছালাত আদায়কাৰী ব্যক্তিৰ সন্মুখেৰে অতিক্রম কৰা গুনাহ।হাদীছ - 510۵۱۰- حدثنا عَبْدُ اللهِ بْنُ يُوسُفَ قَالَ أَخْبَرَنَا مَالِكٌ عَنْ أَبِي النَّضْرِ مَوْلَى عُمَرَ بْنِ عُبَيْدِ اللهِ عَنْ بُسْرِ بْنِ سَعِيدٍ أَنَّ زَيْدَ بْنَ خَالِدٍ أَرْسَلَهُ إِلَى أَبِي جُهَيْمٍ يَسْأَلُهُ مَاذَا سَمِعَ مِنْ رَسُولِ اللهِ فِي الْمَارِّ بَيْنَ يَدَيْ الْمُصَلِّي فَقَالَ أَبُو جُهَيْمٍ قَالَ رَسُولُ اللهِ صلى الله عليه وسلم لَوْ يَعْلَمُ الْمَارُّ بَيْنَ يَدَيْ الْمُصَلِّي مَاذَا عَلَيْهِ لَكَانَ أَنْ يَقِفَ أَرْبَعِينَ خَيْرًا لَهُ مِنْ أَنْ يَمُرَّ بَيْنَ يَدَيْهِ قَالَ أَبُو النَّضْرِ لاَ أَدْرِي أَقَالَ أَرْبَعِينَ يَوْمًا أَوْ شَهْرًا أَوْ سَنَةً.৫১০. বুছৰ ইবনু ছা’ঈদ (ৰাহিমাহুল্লাহ)ৰ দ্বাৰা বর্ণিত যে, যায়েদ ইবনু খালিদ (ৰাদ্বিয়াল্লাহু আনহুৱে) তেওঁক আবূ জুহাইম (ৰাদ্বিয়াল্লাহু আনহু)-ৰ ওচৰলৈ পঠালে, তেওঁ যাতে তেখেতক সোধে যে, মুছল্লীৰ সন্মুখেৰে অতিক্ৰমকাৰী সম্পৰ্কে আল্লাহৰ ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৰা তেওঁ কি শুনিছে। তেতিয়া আবূ জুহাইম (ৰাদ্বিয়াল্লাহু আনহুৱে) কলেঃ আল্লাহৰ ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ মুছল্লীৰ সন্মুখেৰে অতিক্ৰম কৰাটো যে কিমান ডাঙৰ অপৰাধ, সেয়া অতিক্ৰমকাৰীয়ে জানিলে মুছল্লীৰ সন্মুখেৰে অতিক্ৰম কৰাতকৈ চল্লিশ (দিন/মাহ/বছৰ) থিয় হৈ থকাটো উত্তম বুলি ভাৱিলেহেঁতেন। আবুন-নযৰ (ৰাহিমাহুল্লাহে) কৈছেঃ মোৰ মনত নাই, তেখেতে কি কৈছে, চল্লিশ দিন নে মাহ নে বছৰ। (মুছলিম ৪/৪৮, হাদীছ নং ৭৫০৭, আহমদ ১৭৫৪৮) (আধুনিক প্রকাশনীঃ ৪৮০, ইছলামী ফাউন্ডেচনঃ ৪৮৬)
পৰিচ্ছেদঃ নং ১০২. কাৰোবাৰ ফালে মুখ কৰি ছালাত আদায় কৰা।উচমান (ৰাদ্বিয়াল্লাহু আনহুৱে) ছালাতৰত অৱস্থাত কাৰোবাক সন্মুখত ৰখাটো মকৰুহ বুলি ভাবিছিল। এই বিধানটো তেতিয়া প্ৰযোজ্য, যেতিয়া সেইটোৱে মুছল্লীক অন্যমনস্ক কৰি দিয়ে, কিন্তু যদি অন্যমনস্ক নকৰে, তেন্তে জায়েদ ইবনু চাবিত (ৰাদ্বিয়াল্লাহু আনহু)ৰ মতানুসাৰে কোনো ক্ষতি নাই। তেখেতে কৈছেঃ মানুহে এজনে আন এজনৰ ছালাত নষ্ট কৰিব নোৱাৰে।হাদীছ - 511۵۱۱- حدثنا إِسْمَاعِيلُ بْنُ خَلِيلٍ حَدَّثَنَا عَلِيُّ بْنُ مُسْهِرٍ عَنِ الْأَعْمَشِ عَنْ مُسْلِمٍ يَعْنِي ابْنَ صُبَيْحٍ عَنْ مَسْرُوقٍ عَنْ عَائِشَةَ أَنَّهُ ذُكِرَ عِنْدَهَا مَا يَقْطَعُ الصَّلاَةَ فَقَالُوا يَقْطَعُهَا الْكَلْبُ وَالْحِمَارُ وَالْمَرْأَةُ قَالَتْ لَقَدْ جَعَلْتُمُونَا كِلَابًا لَقَدْ رَأَيْتُ النَّبِيَّ يُصَلِّي وَإِنِّي لَبَيْنَهُ وَبَيْنَ الْقِبْلَةِ وَأَنَا مُضْطَجِعَةٌ عَلَى السَّرِيرِ فَتَكُونُ لِي الْحَاجَةُ فَأَكْرَهُ أَنْ أَسْتَقْبِلَهُ فَأَنْسَلُّ انْسِلَالاً وَعَنِ الْأَعْمَشِ عَنْ إِبْرَاهِيمَ عَنِ الْأَسْوَدِ عَنْ عَائِشَةَ نَحْوَهُ.৫১১. ‘আইশ্বা (ৰাদ্বিয়াল্লাহু আনহা)ৰ দ্বাৰা বর্ণিত। এবাৰ তেখেতৰ সন্মুখত ছালাত নষ্টকাৰী বস্তুৰ আলোচনা কৰা হল। মানুহে কলেঃ কুকুৰ, গাধ আৰু মহিলাই ছালাত নষ্ট কৰি দিয়ে। ‘আইশ্বা (ৰাদ্বিয়াল্লাহু আনহাই) কলেঃ তোমালোকে আমাক কুকুৰৰ সমান কৰি দিছা! অথচ মই নবী চাল্লাল্লাহু আলাইহি অছাল্লামক দেখিছো, তেখেতে ছালাত আদায় কৰিছে আৰু মই তেখেতৰ আৰু কিবলাৰ মাজত বিছনাৰ ওপৰত কাতি হৈ শুই থাকিছো। কেতিয়াবা মই বাহিৰলৈ অহাৰ দৰকাৰ হলে তেওঁৰ সন্মুখৰ ফালেৰে যোৱাটো পছন্দ কৰা নাছিলো। সেই বাবেই মই মনে মনে একাষে আঁতৰি আহিছিলো। আ’মাশ্ব (ৰাহিমাহুল্লাহে) এটা বৰ্ণনাত ‘আইশ্বা (ৰাদ্বিয়াল্লাহু আনহা)ৰ পৰা অনুৰূপ বর্ণনা কৰিছে। (সংশ্লিষ্ট হাদীছঃ ৩৮২) (আধুনিক প্রকাশনীঃ ৪৮১, ইছলামী ফাউন্ডেচনঃ ৪৮৭)
পৰিচ্ছেদঃ নং ১০৩. টোপনিত থকা ব্যক্তিৰ পিছফালে ছালাত আদায়।হাদীছ - 512۵۱۲- حدثنا مُسَدَّدٌ قَالَ حَدَّثَنَا يَحْيَى قَالَ حَدَّثَنَا هِشَامٌ قَالَ حَدَّثَنِي أَبِي عَنْ عَائِشَةَ قَالَتْ كَانَ النَّبِيُّ يُصَلِّي وَأَنَا رَاقِدَةٌ مُعْتَرِضَةٌ عَلَى فِرَاشِهِ فَإِذَا أَرَادَ أَنْ يُوتِرَ أَيْقَظَنِي فَأَوْتَرْتُ.৫১২. ‘আইশ্বা (ৰাদ্বিয়াল্লাহু আনহা)ৰ দ্বাৰা বৰ্ণিত। তেখেতে কৈছেঃ নবী চাল্লাল্লাহু আলাইহি অছাল্লামে ছালাত আদায় কৰিছিল আৰু মই তেতিয়া বিছনাৰ ওপৰতে শুই থাকিছিলো। ৱিতিৰ পঢ়াৰ সময়ত তেখেতে মোক জগাইছিল, তেতিয়া ময়ো ৱিতিৰ পঢ়িছিলো। (৩৮২; মুছলিম ৪/৫১, হাদীছ নং ৫১২, আহমদ ২৫৭৪৫) (আধুনিক প্রকাশনীঃ ৪৮২, ইছলামী ফাউন্ডেচনঃ ৪৮৮)
পৰিচ্ছেদঃ নং ১০৪. মহিলাৰ পিছফালে নফল ছালাত আদায়।হাদীছ - 513۵۱۳- حدثنا عَبْدُ اللهِ بْنُ يُوسُفَ قَالَ أَخْبَرَنَا مَالِكٌ عَنْ أَبِي النَّضْرِ مَوْلَى عُمَرَ بْنِ عُبَيْدِ اللهِ عَنْ أَبِي سَلَمَةَ بْنِ عَبْدِ الرَّحْمَنِ عَنْ عَائِشَةَ زَوْجِ النَّبِيِّ صلى الله عليه وسلم أَنَّهَا قَالَتْ كُنْتُ أَنَامُ بَيْنَ يَدَيْ رَسُولِ اللهِ وَرِجْلَايَ فِي قِبْلَتِهِ فَإِذَا سَجَدَ غَمَزَنِي فَقَبَضْتُ رِجْلَيَّ فَإِذَا قَامَ بَسَطْتُهُمَا قَالَتْ وَالْبُيُوتُ يَوْمَئِذٍ لَيْسَ فِيهَا مَصَابِيحُ.৫১৩. নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ সহধর্মিণী ‘আইশ্বা (ৰাদ্বিয়াল্লাহু আনহা)ৰ দ্বাৰা বর্ণিত। তেখেতে কৈছেঃ মই আল্লাহৰ ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামৰ সন্মুখত শুই থাকিছিলো আৰু মোৰ ভৰি দুটা থাকিছিল তেখেতৰ কিবলাৰ দিশত। তেখেতে যেতিয়া ছাজদাহ কৰিছিল, তেতিয়া মোক টুকুৰিয়াই দিছিল আৰু মই মোৰ ভৰি আঁতৰাই আনিছিলো। আকৌ তেখেত যেতিয়া থিয় হৈছিল, মই পুনৰ ভৰি দুটা মেলি দিছিলো। ‘আইশ্বা (ৰাদ্বিয়াল্লাহু আনহা)ই কৈছেঃ তেতিয়া ঘৰত কোনো চাকি নাছিল। (সংশ্লিষ্ট হাদীছসমূহঃ ৩৮২, ৫৮২; মুছলিম ৪/৫১, হাদীছ নং ৫১২, আহমদ ২৫৭৪৫) (আধুনিক প্রকাশনীঃ ৪৮৩, ইছলামী ফাউন্ডেচনঃ ৪৮৯)
পৰিচ্ছেদঃ নং ১০৫. কোনো বস্তুৱে ছালাত নষ্ট নকৰে বুলি যিয়ে মত পোষণ কৰে।হাদীছ - 514۵۱٤- حَدَّثَنَا عُمَرُ بْنُ حَفْصِ بْنِ غِيَاثٍ قَالَ حَدَّثَنَا أَبِي قَالَ حَدَّثَنَا الأَعْمَشُ قَالَ حَدَّثَنَا إِبْرَاهِيمُ عَنْ الأَسْوَدِ عَنْ عَائِشَةَ ح قَالَ الأَعْمَشُ وَحَدَّثَنِي مُسْلِمٌ عَنْ مَسْرُوقٍ عَنْ عَائِشَةَ ذُكِرَ عِنْدَهَا مَا يَقْطَعُ الصَّلاَةَ الْكَلْبُ وَالْحِمَارُ وَالْمَرْأَةُ فَقَالَتْ شَبَّهْتُمُونَا بِالْحُمُرِ وَالْكِلاَبِ وَاللهِ لَقَدْ رَأَيْتُ النَّبِيَّ يُصَلِّي وَإِنِّي عَلَى السَّرِيرِ بَيْنَهُ وَبَيْنَ الْقِبْلَةِ مُضْطَجِعَةً فَتَبْدُو لِي الْحَاجَةُ فَأَكْرَهُ أَنْ أَجْلِسَ فَأُوذِيَ النَّبِيَّ فَأَنْسَلُّ مِنْ عِنْدِ رِجْلَيْهِ৫১৪. ‘আইশ্বা (ৰাদ্বিয়াল্লাহু আনহা)ৰ দ্বাৰা বর্ণিত। তেখেতৰ সন্মুখত ছালাত নষ্টকাৰী কুকুৰ, গাধ আৰু নাৰী সম্বন্ধে আলোচনা চলিছিল। ‘আয়েছা (ৰাদ্বিয়াল্লাহু আনহু) কলেঃ তোমালোকে আমাক গাধ ও কুকুৰৰ লগত তুলনা কৰিছা। আল্লাহৰ শপত! মই নবী চাল্লাল্লাহু আলাইহি অছাল্লামক ছালাত আদায় কৰা দেখিছো। তেতিয়া মই বিছনাৰ ওপৰত তেখেত আৰু কিবলাৰ মাজত শুই আছিলো। মোৰ প্রয়োজন হলে মই তেওঁৰ সন্মুখত উঠি বহাটো বেয়া ভাবিছিলো। এনে কৰিলে নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কষ্ট পাব পাৰে। মই তেখেতৰ ভৰিৰ কাষেদি মনে মনে বাহিৰলৈ ওলাই আহিছিলো। (সংশ্লিষ্ট হাদীছঃ ৩৮২) (আধুনিক প্রকাশনীঃ ৪৮৪, ইছলামী ফাউন্ডেচনঃ ৪৯০)
হাদীছ - 515
۵۱۵- حدثنا إِسْحَاقُ بْنُ إِبْرَاهِيمَ قَالَ أَخْبَرَنَا يَعْقُوبُ بْنُ إِبْرَاهِيمَ بْنِ سَعْدٍ قَالَ حَدَّثَنِي ابْنُ أَخِي ابْنِ شِهَابٍ أَنَّهُ سَأَلَ عَمَّهُ عَنْ الصَّلاَةِ يَقْطَعُهَا شَيْءٌ فَقَالَ لاَ يَقْطَعُهَا شَيْءٌ أَخْبَرَنِي عُرْوَةُ بْنُ الزُّبَيْرِ أَنَّ عَائِشَةَ زَوْجَ النَّبِيِّ صلى الله عليه وسلم قَالَتْ لَقَدْ كَانَ رَسُولُ اللهِ صلى الله عليه وسلم يَقُومُ فَيُصَلِّي مِنْ اللَّيْلِ وَإِنِّي لَمُعْتَرِضَةٌ بَيْنَهُ وَبَيْنَ الْقِبْلَةِ عَلَى فِرَاشِ أَهْلِهِ.
৫১৫. নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ সহধর্মিণী ‘আইশ্বা (ৰাদ্বিয়াল্লাহু আনহা)ৰ দ্বাৰা বর্ণিত। তেখেতে কৈছেঃ আল্লাহৰ ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামে ৰাতি উঠি ছালাতত থিয় হৈছিল আৰু মই তেখেতৰ আৰু কিবলাৰ মাজত তেখেতৰ পাৰিবাৰিক বিছনাত শুই থাকিছো। (সংশ্লিষ্টট হাদীছঃ ৩৮২) (আধুনিক প্রকাশনীঃ ৪৮৫, ইছলামী ফাউন্ডেচনঃ ৪৯১)
পৰিচ্ছেদঃ নং ১০৬. ছালাতত নিজৰ কান্ধত কোনো সৰু ছোৱালীক তুলি নিয়া।হাদীছ - 516۵۱٦- حدثنا عَبْدُ اللهِ بْنُ يُوسُفَ قَالَ أَخْبَرَنَا مَالِكٌ عَنْ عَامِرِ بْنِ عَبْدِ اللهِ بْنِ الزُّبَيْرِ عَنْ عَمْرِو بْنِ سُلَيْمٍ الزُّرَقِيِّ عَنْ أَبِي قَتَادَةَ الأَنْصَارِيِّ أَنَّ رَسُولَ اللهِ صلى الله عليه وسلم كَانَ يُصَلِّي وَهُوَ حَامِلٌ أُمَامَةَ بِنْتَ زَيْنَبَ بِنْتِ رَسُولِ اللهِ وَلِأَبِي الْعَاصِ بْنِ رَبِيعَةَ بْنِ عَبْدِ شَمْسٍ فَإِذَا سَجَدَ وَضَعَهَا وَإِذَا قَامَ حَمَلَهَا.৫১৬. আবূ কাতাদাহ আনাছাৰী (ৰাদ্বিয়াল্লাহু আনহু)ৰ দ্বাৰা বর্ণিত। আল্লাহৰ ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামে তেওঁৰ ছোৱালী জয়নবৰ গর্ভজাত আৰু আবুল আচ ইবনু ৰাবী’আহ ইবনু ‘আব্দি শ্বামচৰ ঔৰসজাত কন্যা উমামাক কান্ধত লৈ ছালাত আদায় কৰিছিল। তেখেত যেতিয়া ছাজদাহ কৰিছিল তেতিয়া তাইক নমাই থৈছিল আৰু যেতিয়া থিয় হৈছিল তেতিয়া তাইক তুলি লৈছিল। (সংশ্লিষ্ট হাদীছঃ ৫৯৯৬; মুছলিম ৫/৯, হাদীছ নং ৫৪৩, আহমদ ২২৬৪২) (আধুনিক প্রকাশনীঃ ৪৮৬, ইছলামী ফাউন্ডেচনঃ ৪৯২)
পৰিচ্ছেদঃ নং ১০৭. ঋতুমতী মহিলা থকা বিছনা সন্মুখত ৰাখি ছালাত আদায় কৰা।হাদীছ - 517۵۱۷- حدثنا عَمْرُو بْنُ زُرَارَةَ قَالَ أَخْبَرَنَا هُشَيْمٌ عَنْ الشَّيْبَانِيِّ عَنْ عَبْدِ اللهِ بْنِ شَدَّادِ بْنِ الْهَادِ قَالَ أَخْبَرَتْنِي خَالَتِي مَيْمُونَةُ بِنْتُ الْحَارِثِ قَالَتْ كَانَ فِرَاشِي حِيَالَ مُصَلَّى النَّبِيِّ صلى الله عليه وسلم فَرُبَّمَا وَقَعَ ثَوْبُهُ عَلَيَّ وَأَنَا عَلَى فِرَاشِي.৫১৭. মাইমূনাহ বিনতু হাৰিছ (ৰাদ্বিয়াল্লাহু আনহা)ৰ দ্বাৰা বর্ণিত। তেখেতে কৈছেঃ মোৰ বিছনা নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ মুছল্লাৰ লগতে আছিল। মই মোৰ বিছনাত থকা অৱস্থাত কেতিয়াবা কেতিয়াবা তেখেতৰ কাপোৰ মোৰ গাৰ ওপৰত আহি পৰিছিল। (সংশ্লিষ্ট হাদীছঃ ৩৩৩) (আধুনিক প্রকাশনীঃ ৪৮৭, ইছলামী ফাউন্ডেচনঃ ৪৯৩)
হাদীছ - 518۵۱۸- حدثنا أَبُو النُّعْمَانِ قَالَ حَدَّثَنَا عَبْدُ الْوَاحِدِ بْنُ زِيَادٍ قَالَ حَدَّثَنَا الشَّيْبَانِيُّ سُلَيْمَانُ حَدَّثَنَا عَبْدُ اللهِ بْنُ شَدَّادٍ قَالَ سَمِعْتُ مَيْمُونَةَ تَقُولُ كَانَ النَّبِيُّ يُصَلِّي وَأَنَا إِلَى جَنْبِهِ نَائِمَةٌ فَإِذَا سَجَدَ أَصَابَنِي ثَوْبُهُ وَأَنَا حَائِضٌ وَزَادَ مُسَدَّدٌ عَنْ خَالِدٍ قَالَ حَدَّثَنَا سُلَيْمَانُ الشَّيْبَانِيُّ وَأَنَا حَائِضٌ.৫১৮. মাইমূনাহ (ৰাদ্বিয়াল্লাহু আনহা)ৰ দ্বাৰা বর্ণিত। তেখেতে কৈছেঃ নবী চাল্লাল্লাহু আলাইহি অছাল্লামে ছালাত আদায় কৰিছে আৰু মই তেখেতৰ ওচৰতেই শুই থাকিছো। তেখেতে যেতিয়া ছাজদাহ কৰিছিল তেতিয়া তেখেতৰ কাপোৰ মোৰ গাৰ ওপৰত পৰিছিল। সেই সময়ত মই ঋতুমতী (মাহেকীয়া অৱস্থাত) আছিলো। (সংশ্লিষ্ট হাদীছঃ ৩৩৩) (আধুনিক প্রকাশনীঃ ৪৮৮, ইছলামী ফাউন্ডেচনঃ ৪৯৪)
পৰিচ্ছেদঃ নং ১০৮. ছাজদাহ কৰাৰ সময়ত নিজ স্ত্ৰীক ছাজদাৰ ঠাই উলিয়াবলৈ স্পৰ্শ কৰিব পাৰিবনে।হাদীছ - 519۵۱۹- حدثنا عَمْرُو بْنُ عَلِيٍّ قَالَ حَدَّثَنَا يَحْيَى قَالَ حَدَّثَنَا عُبَيْدُ اللهِ قَالَ حَدَّثَنَا الْقَاسِمُ عَنْ عَائِشَةَ رَضِيَ اللهُ عَنْهَا قَالَتْ بِئْسَمَا عَدَلْتُمُونَا بِالْكَلْبِ وَالْحِمَارِ لَقَدْ رَأَيْتُنِي وَرَسُولُ اللهِ صلى الله عليه وسلم يُصَلِّي وَأَنَا مُضْطَجِعَةٌ بَيْنَهُ وَبَيْنَ الْقِبْلَةِ فَإِذَا أَرَادَ أَنْ يَسْجُدَ غَمَزَ رِجْلَيَّ فَقَبَضْتُهُمَا.৫১৯. ‘আইশ্বা (ৰাদ্বিয়াল্লাহু আনহা)ৰ দ্বাৰা বর্ণিত। তেখেতে কৈছেঃ তোমালোকে আমাক কুকুৰ আৰু গাধৰ সমান কৰি বৰ বেয়া কৰিছা। অথচ মই নিজকে এনে অৱস্থাত দেখিছো যে, আল্লাহৰ ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামে ছালাত আদায়ৰ সময়ত তেখেত আৰু কিবলাৰ মাজত মই শুই আছিলো। তেখেতে যেতিয়া ছাজদাহ কৰিছিল তেতিয়া তেখেতে মোৰ ভৰি দুখনত টোকৰিয়াই দিছিল আৰু মই মোৰ ভৰি আঁতৰাই আনিছিলো। (সংশ্লিষ্ট হাদীছঃ ৩৮২) (আধুনিক প্রকাশনীঃ ৪৮৯, ইছলামী ফাউন্ডেচনঃ ৪৯৫)
পৰিচ্ছেদঃ নং ১০৯. মুছল্লীৰ শৰীৰৰ পৰা মহিলাৰ দ্বাৰা অপৱিত্রতা পৰিষ্কাৰ কৰা।হাদীছ - 520۵۲۰- أَحْمَدُ بْنُ إِسْحَاقَ السُّورَمَارِيُّ قَالَ حَدَّثَنَا عُبَيْدُ اللهِ بْنُ مُوسَى قَالَ حَدَّثَنَا إِسْرَائِيلُ عَنْ أَبِي إِسْحَاقَ عَنْ عَمْرِو بْنِ مَيْمُونٍ عَنْ عَبْدِ اللهِ قَالَ بَيْنَمَا رَسُولُ اللهِ صلى الله عليه وسلم قَائِمٌ يُصَلِّي عِنْدَ الْكَعْبَةِ وَجَمْعُ قُرَيْشٍ فِي مَجَالِسِهِمْ إِذْ قَالَ قَائِلٌ مِنْهُمْ أَلاَ تَنْظُرُونَ إِلَى هَذَا الْمُرَائِي أَيُّكُمْ يَقُومُ إِلَى جَزُورِ آلِ فُلاَنٍ فَيَعْمِدُ إِلَى فَرْثِهَا وَدَمِهَا وَسَلاَهَا فَيَجِيءُ بِهِ ثُمَّ يُمْهِلُهُ حَتَّى إِذَا سَجَدَ وَضَعَهُ بَيْنَ كَتِفَيْهِ فَانْبَعَثَ أَشْقَاهُمْ فَلَمَّا سَجَدَ رَسُولُ اللهِ صلى الله عليه وسلم وَضَعَهُ بَيْنَ كَتِفَيْهِ وَثَبَتَ النَّبِيُّ سَاجِدًا فَضَحِكُوا حَتَّى مَالَ بَعْضُهُمْ إِلَى بَعْضٍ مِنْ الضَّحِكِ فَانْطَلَقَ مُنْطَلِقٌ إِلَى فَاطِمَةَ عَلَيْهَا السَّلاَم وَهِيَ جُوَيْرِيَةٌ فَأَقْبَلَتْ تَسْعَى وَثَبَتَ النَّبِيُّ سَاجِدًا حَتَّى أَلْقَتْهُ عَنْهُ وَأَقْبَلَتْ عَلَيْهِمْ تَسُبُّهُمْ فَلَمَّا قَضَى رَسُولُ اللهِ صلى الله عليه وسلم الصَّلاَةَ قَالَ اللَّهُمَّ عَلَيْكَ بِقُرَيْشٍ اللَّهُمَّ عَلَيْكَ بِقُرَيْشٍ اللَّهُمَّ عَلَيْكَ بِقُرَيْشٍ ثُمَّ سَمَّى اللَّهُمَّ عَلَيْكَ بِعَمْرِو بْنِ هِشَامٍ وَعُتْبَةَ بْنِ رَبِيعَةَ وَشَيْبَةَ بْنِ رَبِيعَةَ وَالْوَلِيدِ بْنِ عُتْبَةَ وَأُمَيَّةَ بْنِ خَلَفٍ وَعُقْبَةَ بْنِ أَبِي مُعَيْطٍ وَعُمَارَةَ بْنِ الْوَلِيدِ قَالَ عَبْدُ اللهِ فَوَاللهِ لَقَدْ رَأَيْتُهُمْ صَرْعَى يَوْمَ بَدْرٍ ثُمَّ سُحِبُوا إِلَى الْقَلِيبِ قَلِيبِ بَدْرٍ ثُمَّ قَالَ رَسُولُ اللهِ صلى الله عليه وسلم وَأُتْبِعَ أَصْحَابُ الْقَلِيبِ لَعْنَةً.৫২০. ‘আব্দুল্লাহ ইবনু মাচউদ (ৰাদ্বিয়াল্লাহু আনহু)ৰ দ্বাৰা বর্ণিত। তেখেতে কৈছে, এদিনাখন আল্লাহৰ ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লাম কা’বাৰ কাষত থিয় হৈ ছালাত আদায় কৰি আছিল। আনফালে কুৰাইছৰ এটা দল বৈঠকত মিলিত হৈছিল। সিহঁতৰ মাজৰ এজনে কলেঃ তোমালোকে এই ৰিয়াকাৰী জনলৈ লক্ষ্য কৰিছানে? তোমালোকৰ মাজৰ কোনোবাই অমুক গোত্ৰৰ উট জবেহ কৰা স্থানলৈ যাবানে? সেই ঠাইৰ পৰা গোবৰ, তেজ আৰু নাড়ি-ভুৰু আনি অপেক্ষা কৰিবা। যেতিয়া তেখেত ছাজদাহত যাব, তেতিয়া সেই বিলাক তেওঁৰ দুই কান্ধৰ মাজত থৈ দিবা। এই কামৰ বাবে সিহঁতৰ মাজৰ চৰম দুৰ্ভগীয়া ব্যক্তি (‘উক্ববাহ ইবনু আবি মু‘আইত) উঠিল আৰু সেয়া লৈ আহিল। যেতিয়া আল্লাহৰ ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লাম ছাজদাহত গ’ল, তেতিয়া সি তেখেতৰ দুই কান্ধৰ মাজত সেই বিলাক থৈ দিলে। নবী চাল্লাল্লাহু আলাইহি অছাল্লাম ছাজদাহত স্থিৰ হৈ গ’ল। তাকে দেখি সিহঁত পৰস্পৰে হাঁহিবলৈ ধৰিলে আৰু হাঁহি হাঁহি এজনে আনজনৰ গাৰ ওপৰত লুটি খাই পৰিব ধৰিলে। এই অৱস্থা দেখি এজনে ফাতিমা (ৰাদ্বিয়াল্লাহু আনহা)ৰ ওচৰলৈ গৈ খবৰ দিলে, তেতিয়া তেওঁ আছিল সৰু ছোৱালী। তেওঁ দৌৰি আহিল, তেতিয়াও নবী চাল্লাল্লাহু আলাইহি অছাল্লাম ছাজদাতেই স্থিৰ হৈ আছিল। অৱশেষত তেওঁ [ফাতিমাহ (ৰাদ্বিয়াল্লাহু আনহাই)] সেই বিলাক তেখেতৰ কান্ধৰ পৰা আঁতৰাই দিলে আৰু মুশ্বৰিকসকলক লক্ষ্য কৰি তিৰষ্কাৰ কৰিবলৈ ধৰিলে। ছালাত শেষ কৰি আল্লাহৰ ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামে কলেঃ “হে আল্লাহ! তুমি কুৰাইছসকলক ধ্বংস কৰা”। “হে আল্লাহ! তুমি কুৰাইছসকলক ধ্বংস কৰা”। “আল্লাহ! তুমি কুৰাইছসকলক ধ্বংস কৰা”। তাৰ পিছত তেখেতে নাম লৈ কলে, “হে আল্লাহ! তুমি ‘আমৰ ইবনু হিশ্বাম, ‘উতবাহ ইবনু ৰাবী’আহ, শ্বায়বাহ ইবনু ৰাবী’আহ, অলীদ ইবনু ‘উতবাহ, উমায়্যাহ ইবনু খালাফ, ‘উকবাহ ইবনু আবূ মু’আইত আৰু ‘উমৰাহ ইবনু অলীদক ধ্বংস কৰা”। ‘আব্দুল্লাহ [ইবনু মাচউদ (ৰাদ্বিয়াল্লাহু আনহুৱে)] কৈছেঃ আল্লাহৰ শপত! মই সিহঁত সকলোকে বদৰৰ দিনা নিহত অৱস্থাত পৰি থকা দেখিছো। তাৰ পিছত সিহঁতক টানি নি বদৰৰ কুঁৱাত নিক্ষেপ কৰা হয়। তাৰ পিছত আল্লাহৰ ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লাম কৈছেঃ এই কুৱাবাসীসকলৰ ওপৰত চিৰস্থায়ী অভিসম্পাত। (সংশ্লিষ্ট হাদীছঃ ২৪০) (আধুনিক প্রকাশনীঃ ৪৯০, ইছলামী ফাউন্ডেচনঃ ৪৯৬)