chapter-note-beforechapterchapter-note-afterhadith-numberhadith-arabichadith-assamesehadith-note
পৰিচ্ছেদ : ১, চালাতৰ সময় আৰু তাৰ গুৰুত্ব।আল্লাহ তা‘আলাৰ বাণীঃ ‘‘নিশ্চয় নির্ধাৰিত সময়ত চালাত আদায় কৰা মু’মিনসকলৰ ওপৰত ফৰজ কৰা হৈছে।’’ (ছুৰা আন-নিছা ৪/১০৩)হাদীছ - 521عَبْدُ اللهِ بْنُ مَسْلَمَةَ قَالَ قَرَأْتُ عَلَى مَالِكٍ عَنْ ابْنِ شِهَابٍ أَنَّ عُمَرَ بْنَ عَبْدِ الْعَزِيزِ أَخَّرَ الصَّلاَةَ يَوْمًا فَدَخَلَ عَلَيْهِ عُرْوَةُ بْنُ الزُّبَيْرِ فَأَخْبَرَهُ أَنَّ الْمُغِيرَةَ بْنَ شُعْبَةَ أَخَّرَ الصَّلاَةَ يَوْمًا وَهُوَ بِالْعِرَاقِ فَدَخَلَ عَلَيْهِ أَبُو مَسْعُودٍ الأَنْصَارِيُّ فَقَالَ مَا هَذَا يَا مُغِيرَةُ أَلَيْسَ قَدْ عَلِمْتَ أَنَّ جِبْرِيلَ نَزَلَ فَصَلَّى فَصَلَّى رَسُولُ اللهِ صلى الله عليه وسلم ثُمَّ صَلَّى فَصَلَّى رَسُولُ اللهِ صلى الله عليه وسلم ثُمَّ صَلَّى فَصَلَّى رَسُولُ اللهِ صلى الله عليه وسلم ثُمَّ صَلَّى فَصَلَّى رَسُولُ اللهِ صلى الله عليه وسلم ثُمَّ صَلَّى فَصَلَّى رَسُولُ اللهِ صلى الله عليه وسلم ثُمَّ قَالَ بِهَذَا أُمِرْتُ فَقَالَ عُمَرُ لِعُرْوَةَ اعْلَمْ مَا تُحَدِّثُ أَوَأَنَّ جِبْرِيلَ هُوَ أَقَامَ لِرَسُولِ اللهِ وَقْتَ الصَّلاَةِ قَالَ عُرْوَةُ كَذَلِكَ كَانَ بَشِيرُ بْنُ أَبِي مَسْعُودٍ يُحَدِّثُ عَنْ أَبِيهِ.৫২১. ইবনু শ্বিহাব ৰাহিমাহুল্লাহৰ দ্বাৰা বর্ণিত, ওমৰ ইবনু আব্দিল আযীয ৰাহিমাহুল্লাহে এদিন কোনো এক ওৱাক্ত চালাত আদায় কৰাত পলম কৰিলে। তেতিয়া ‘উৰওৱা ইবনু যুবাইৰ ৰাদ্বিয়াল্লাহু আনহু তেখেতৰ ওচৰলৈ গ’ল আৰু তেখেতৰ ওচৰত বর্ণনা কৰিলে যে, ইৰাকত অৱস্থানকালত মুগীৰা ইবনু শু’বাহ ৰাদ্বিয়াল্লাহু আনহুৱে এদিন এক ওৱাক্ত চালাত আদায় কৰোঁতে পলম কৰিছিল। ফলত আবূ মাছ‘ঊদ আনছাৰী ৰাদ্বিয়াল্লাহু আনহুৱে তেখেতৰ ওচৰলৈ গৈ ক’লে, হে মুগীৰা! এয়া কি? তুমি অৱগত নহয় নেকি যে, জিব্রীল আলাইহিচ ছালামে অৱতৰণ কৰি চালাত আদায় কৰিলে, আৰু আল্লাহৰ ৰাছূল চাল্লাল্লাহু আলাইহি অছাল্লামেও চালাত আদায় কৰিলে। পুনৰ তেখেতে চালাত আদায় কৰিলে। আল্লাহৰ ৰাছূল চাল্লাল্লাহু আলাইহি অছাল্লামেও চালাত আদায় কৰিলে। পুনৰাই তেখেতে চালাত আদায় কৰিলে আৰু আল্লাহৰ ৰাছূল চাল্লাল্লাহু আলাইহি অছাল্লামেও চালাত আদায় কৰিলে। পুনৰাই তেখেতে চালাত আদায় কৰিলে। আল্লাহৰ ৰাছূল চাল্লাল্লাহু আলাইহি অছাল্লামেও চালাত আদায় কৰিলে। পুনৰাই তেখেতে চালাত আদায় কৰিলে আৰু আল্লাহৰ ৰাছূল চাল্লাল্লাহু আলাইহি অছাল্লামেও চালাত আদায় কৰিলে। ইয়াৰ পিছত জিব্রীল আলাইহিচ ছালামে ক’লে, মই এইটো কৰিবলৈ আদিষ্ট হৈছোঁ। ওমৰ (ইবনু ‘আব্দুল ‘আযীয) ৰাহিমাহুল্লাহে ‘উৰওৱা ৰাহিমাহুল্লাহক ক’লে, “তুমি যি ৰিওৱায়াত কৰিছা তাক অলপ ভাৱি চোৱা। জিব্রীল আলাইহিচ ছালামে আল্লাহৰ ৰাছূল চাল্লাল্লাহু আলাইহি অছাল্লামৰ কাৰণে চালাতৰ ওৱাক্ত নিৰ্ধাৰণ কৰি দিছিল নেকি?” ‘উৰওৱাহ ৰাহিমাহুল্লাহে ক’লে, বাশ্বীৰ ইবনু আবূ মাছ‘ঊদ ৰাহিমাহুল্লাহে তেখেতৰ পিতাৰ পৰা এনেকৈয়ে বৰ্ণনা কৰিছে। (সংশ্লিষ্ট হাদীছসমূহঃ ৩২২১, ৪০০৭) (আ.প্ৰ. ৪৯১, ই.ফা. ৪৯৭)
হাদীছ - 522قَالَ عُرْوَةُ وَلَقَدْ حَدَّثَتْنِي عَائِشَةُ أَنَّ رَسُولَ اللهِ صلى الله عليه وسلم كَانَ يُصَلِّي الْعَصْرَ وَالشَّمْسُ فِي حُجْرَتِهَا قَبْلَ أَنْ تَظْهَرَ.৫২২. ‘উৰওৱা ৰাহিমাহুল্লাহে কৈছে, নিশ্চয় ‘আইশ্বা ৰাদ্বিয়াল্লাহু আনহাই মোৰ ওচৰত বৰ্ণনা কৰিছে যে, আল্লাহৰ ৰাছূল চাল্লাল্লাহু আলাইহি অছাল্লামে এনেকুৱা মুহূর্তত ‘আচৰৰ চালাত আদায় কৰিছিল যে, সূর্যৰ ৰশ্মি তেতিয়াও তেখেতৰ হুজৰাৰ মাজত বিৰাজমান আছিল। কিন্তু সেয়া আছিল ওপৰৰ ফালে উঠি যোৱাৰ পূৰ্বে। (সংশ্লিষ্ট হাদীছসমূহঃ ৫৪৪, ৫৪৫, ৫৪৬, ৩১০৩; মুছলিম ৫/৩১, হাদীছ নং ৬১০, ৬১১, আহমাদ ২৬৪৩৮) (আ.প্ৰ. ৪৯১ শেষাংশ, ই.ফা. ৪৯৭ শেষাংশ)
পৰিচ্ছেদ : ২, আল্লাহ তা‘আলাৰ বাণী : “তোমালোকে বিশুদ্ধচিত্তে তেওঁৰেই অভিমুখী হোৱা আৰু কেৱল তেওঁৰেই তাক্কৱা অৱলম্বন কৰা আৰু চালাত প্ৰতিষ্ঠা কৰা; আৰু মুশ্বৰিকসকলৰ অন্তৰ্ভুক্ত নহ’বা।’’ (ছূৰা আৰ-ৰূম ৩০/৩১)হাদীছ - 523قُتَيْبَةُ بْنُ سَعِيدٍ قَالَ حَدَّثَنَا عَبَّادٌ هُوَ ابْنُ عَبَّادٍ عَنْ أَبِي جَمْرَةَ عَنْ ابْنِ عَبَّاسٍ قَالَ قَدِمَ وَفْدُ عَبْدِ الْقَيْسِ عَلَى رَسُولِ اللهِ فَقَالُوا إِنَّا مِنْ هَذَا الْحَيِّ مِنْ رَبِيعَةَ وَلَسْنَا نَصِلُ إِلَيْكَ إِلاَّ فِي الشَّهْرِ الْحَرَامِ فَمُرْنَا بِشَيْءٍ نَأْخُذْهُ عَنْكَ وَنَدْعُو إِلَيْهِ مَنْ وَرَاءَنَا فَقَالَ آمُرُكُمْ بِأَرْبَعٍ وَأَنْهَاكُمْ عَنْ أَرْبَعٍ الإِيْمَانِ بِاللهِ ثُمَّ فَسَّرَهَا لَهُمْ شَهَادَةُ أَنْ لآ إِلَهَ إِلاَّ اللهُ وَأَنِّي رَسُولُ اللهِ صلى الله عليه وسلم وَإِقَامُ الصَّلاَةِ وَإِيتَاءُ الزَّكَاةِ وَأَنْ تُؤَدُّوا إِلَيَّ خُمُسَ مَا غَنِمْتُمْ وَأَنْهَى عَنْ الدُّبَّاءِ وَالْحَنْتَمِ وَالْمُقَيَّرِ وَالنَّقِيرِ.৫২৩. ইবনু ‘আব্বাছ ৰাদ্বিয়াল্লাহু আনহুৰ দ্বাৰা বর্ণিত, তেখেতে কৈছে, এবাৰ আব্দুল কায়চ গোত্রৰ এটি প্ৰতিনিধি দলে আল্লাহৰ ৰাছূল চাল্লাল্লাহু আলাইহি অছাল্লামৰ দৰবাৰত আহি ক’লে, আপোনাৰ আৰু আমাৰ মাজত সেই ‘ৰাবীআ’ গোত্ৰ থকাত শ্বাহৰে হাৰামৰ (নিষিদ্ধ মাহবোৰৰ) বাহিৰে অন্য কোনো সময়ত আমি আপোনাৰ ওচৰলৈ আহিব নোৱাৰোঁ। সেয়েহে আপুনি আমাক এনেকুৱা কিছুমান নির্দেশ দিয়ক যাক আমি নিজেও গ্রহণ কৰিম আৰু যিসকল পিছত ৰৈ গৈছে (যিসকল আহা নাই) তেওঁলোককো ইয়াৰ প্রতি আহ্বান জনাম। আল্লাহৰ ৰাছূল চাল্লাল্লাহু আলাইহি অছাল্লামে ক’লে, “মই তোমালোকক চাৰিটা বিষয়ে নির্দেশ দিছোঁ, আৰু চাৰিটা বিষয়ৰ পৰা তোমালোকক নিষেধ কৰিছোঁ। নির্দেশিত বিষয়ৰ মাজত এটি হ’ল ‘ঈমান বিল্লাহ্’ (আল্লাহ্‌ৰ প্রতি বিশ্বাস স্থাপন কৰা)। ইয়াৰ পিছত তেখেতে তেওঁলোকক ব্যাখ্যা কৰি বুজালে যে, ‘ঈমান বিল্লাহ্‌’ৰ অর্থ হ’ল, এই কথাৰ সাক্ষী দিয়া যে, সচাঁ অৰ্থত এক আল্লাহৰ বাহিৰে অন্য কোনো ইলাহ্ নাই আৰু মই আল্লাহ্‌ৰ ৰাছুল (চাল্লাল্লাহু আলাইহি অছাল্লাম); চালাত কায়েম কৰা, যাকাত দিয়া, আৰু গনীমতৰ মালৰ এক পঞ্চমাংশ দান কৰা। আৰু তোমালোকক নিষেধ কৰিছোঁ কদুৰ পাত্ৰ, সেউজীয়া ৰঙৰ মাটিৰ পাত্ৰ, বিশেষ ধৰণৰ তৈলাক্ত পাত্ৰ আৰু গছৰ গুড়ি খোদাই কৰি তৈয়াৰ কৰা পাত্ৰ ব্যৱহাৰ কৰিবলৈ।’’ (সংশ্লিষ্ট হাদীছসমূহঃ) (আ.প্ৰ. ৪৯২, ই.ফা. ৪৯৮)
পৰিচ্ছেদ : ৩, চালাত কায়েমৰ ক্ষেত্ৰত আনুগত্যৰ শপত গ্ৰহণ।হাদীছ - 524مُحَمَّدُ بْنُ الْمُثَنَّى قَالَ حَدَّثَنَا يَحْيَى قَالَ حَدَّثَنَا إِسْمَاعِيلُ قَالَ حَدَّثَنَا قَيْسٌ عَنْ جَرِيرِ بْنِ عَبْدِ اللهِ قَالَ بَايَعْتُ رَسُولَ اللهِ صلى الله عليه وسلم عَلَى إِقَامِ الصَّلاَةِ وَإِيتَاءِ الزَّكَاةِ وَالنُّصْحِ لِكُلِّ مُسْلِمٍ.৫২৪. জাৰীৰ ইবনু ‘আব্দিল্লাহ ৰাদ্বিয়াল্লাহু আনহুৰ দ্বাৰা বর্ণিত, তেখেতে কৈছে, মই আল্লাহৰ ৰাছূল চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওচৰত চালাত আদায় কৰাৰ, যাকাত প্রদান কৰাৰ আৰু প্রত্যেক মুছলিমৰ শুভাকাংক্ষী হোৱাৰ বায়‘আত গ্ৰহণ কৰিছোঁ। (সংশ্লিষ্ট হাদীছসমূহঃ ৫৭) (আ.প্ৰ. ৪৯৩, ই.ফা. ৪৯৯)
পৰিচ্ছেদ : ৪, চালাত হ’ল (গুনাহৰ) কাফফাৰা।হাদীছ - 525مُسَدَّدٌ قَالَ حَدَّثَنَا يَحْيَى عَنِ الْأَعْمَشِ قَالَ حَدَّثَنِي شَقِيقٌ قَالَ سَمِعْتُ حُذَيْفَةَ قَالَ كُنَّا جُلُوسًا عِنْدَ عُمَرَفَقَالَ أَيُّكُمْ يَحْفَظُ قَوْلَ رَسُولِ اللهِ فِي الْفِتْنَةِ قُلْتُ أَنَا كَمَا قَالَهُ قَالَ إِنَّكَ عَلَيْهِ أَوْ عَلَيْهَا لَجَرِيءٌ قُلْتُ فِتْنَةُ الرَّجُلِ فِي أَهْلِهِ وَمَالِهِ وَوَلَدِهِ وَجَارِهِ تُكَفِّرُهَا الصَّلاَةُ وَالصَّوْمُ وَالصَّدَقَةُ وَالْأَمْرُ وَالنَّهْيُ قَالَ لَيْسَ هَذَا أُرِيدُ وَلَكِنْ الْفِتْنَةُ الَّتِي تَمُوجُ كَمَا يَمُوجُ الْبَحْرُ قَالَ لَيْسَ عَلَيْكَ مِنْهَا بَأْسٌ يَا أَمِيرَ الْمُؤْمِنِينَ إِنَّ بَيْنَكَ وَبَيْنَهَا بَابًا مُغْلَقًا قَالَ أَيُكْسَرُ أَمْ يُفْتَحُ قَالَ يُكْسَرُ قَالَ إِذًا لاَ يُغْلَقَ أَبَدًا قُلْنَا أَكَانَ عُمَرُ يَعْلَمُ الْبَابَ قَالَ نَعَمْ كَمَا أَنَّ دُونَ الْغَدِ اللَّيْلَةَ إِنِّي حَدَّثْتُهُ بِحَدِيثٍ لَيْسَ بِالْأَغَالِيطِ فَهِبْنَا أَنْ نَسْأَلَ حُذَيْفَةَ فَأَمَرْنَا مَسْرُوقًا فَسَأَلَهُ فَقَالَ الْبَابُ عُمَرُ.৫২৫. হুযাইফা ৰাদ্বিয়াল্লাহু আনহুৰ দ্বাৰা বর্ণিত, তেখেতে কৈছে, এদিন মই ওমৰ ৰাদ্বিয়াল্লাহু আনহুৰ ওচৰত বহি আছিলোঁ। তেতিয়া তেখেতে ক’লে, ফিতনা সম্পর্কে ৰাছূলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ বক্তব্য তোমালোকৰ মাজৰ কোনে মনত ৰাখিছা? হুযাইফা ৰাদ্বিয়াল্লাহু আনহুৱে ক’লে, ‘মই ৰাখিছো, তেখেতে যেনেকৈ কৈছিল হুবহু তেনেকৈয়ে মই মনত ৰাখিছোঁ। ওমৰ ৰাদ্বিয়াল্লাহু আনহুৱে ক’লে, আল্লাহৰ ৰাছূল চাল্লাল্লাহু আলাইহি অছাল্লামৰ বাণী স্মৰণ ৰখাৰ ক্ষেত্ৰত তুমি বৰ দৃঢ়তাৰ পৰিচয় দিছা। মই ক’লো, (আল্লাহৰ ৰাছূল চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ) মানুহে নিজৰ পৰিয়াল-পৰিজন, ধন-সম্পদ, সন্তান-সন্ততি, প্রতিৱেশীসকলৰ ক্ষেত্ৰত যি ফিতনাত লিপ্ত হয়- সেয়া চালাত, চিয়াম, চাদাকা, (ন্যায়ৰ) আদেশ আৰু (অন্যায়ৰ) নিষেধে দূৰীভূত কৰি দিয়ে। ওমৰ ৰাদ্বিয়াল্লাহু আনহুৱে ক’লে, সেইটো মোৰ উদ্দেশ্য নহয়। বৰং মই সেই ফিতনাৰ কথা কৈছোঁ, যি সমুদ্রৰ তৰঙ্গৰ দৰে ভয়াৱহ হ’ব। হুযাইফা ৰাদ্বিয়াল্লাহু আনহুৱে ক’লে, হে আমীৰুল মু’মিনীন! সেই বিষয়ত আপোনাৰ ভয়ৰ কোনো কাৰণ নাই। কিযনো, আপোনাৰ আৰু সেই ফিতনাৰ মাজত এখন বন্ধ দৰ্জা আছে। ওমৰ ৰাদ্বিয়াল্লাহু আনহুৱে প্ৰশ্ন কৰিলে, সেই দৰ্জাখন ভাঙি পেলোৱা হ’ব, নে খুলি দিয়া হ’ব? হুযাইফা ৰাদ্বিয়াল্লাহু আনহুৱে ক’লে, ভাঙি পেলোৱা হ’ব। ওমৰ ৰাদ্বিয়াল্লাহু আনহুৱে ক’লে, তেনেহ’লেতো আৰু কোনো দিনে তাক বন্ধ কৰা নাযাব। [হুযাইফা ৰাদ্বিয়াল্লাহু আনহুৰ ছাত্ৰ শ্বাকীক ৰাহিমাহুল্লাহে কৈছেঃ], আমি প্ৰশ্ন কৰিলোঁ, ওমৰ ৰাদ্বিয়াল্লাহু আনহুৱে দৰ্জাখনৰ বিষয়ে জানেনে? হুযাইফা ৰাদ্বিয়াল্লাহু আনহুৱে ক’লে- হয়, দিনৰ পূৰ্বে ৰাতিৰ আগমন যেনেকৈ সুনিশ্চিত, ঠিক তেনেকৈ নিশ্চিতভাৱে তেখেতে জানে। কিয়নো মই তেখেতৰ ওচৰত এনেকুৱা এটি হাদিছ বৰ্ণনা কৰিছোঁ, যিটো মুঠেও ভুল নহয়। (দৰ্জাখন কি) এই বিষয়ে হুযাইফা ৰাদ্বিয়াল্লাহু আনহুক প্ৰশ্ন কৰিবলৈ আমি ভয় পাইছিলোঁ। সেয়ে, আমি মাছৰূক ৰাহিমাহুল্লাহক ক’লো আৰু তেখেতে তেখেতক প্ৰশ্ন কৰিলে। তেখেতে ক’লে, দৰ্জাখন ওমৰ ৰাদ্বিয়াল্লাহু আনহু নিজেই। (সংশ্লিষ্ট হাদীছসমূহঃ ১৪৩৫, ১৮৯৫, ৩৫৮৬, ৭০৯৬) (আ.প্ৰ. ৪৯৪, ই.ফা. ৫০০)
হাদীছ - 526حَدَّثَنَا قُتَيْبَةُ، قَالَ حَدَّثَنَا يَزِيدُ بْنُ زُرَيْعٍ، عَنْ سُلَيْمَانَ التَّيْمِيِّ، عَنْ أَبِي عُثْمَانَ النَّهْدِيِّ، عَنِ ابْنِ مَسْعُودٍ، أَنَّ رَجُلاً، أَصَابَ مِنَ امْرَأَةٍ قُبْلَةً، فَأَتَى النَّبِيَّ صلى الله عليه وسلم فَأَخْبَرَهُ، فَأَنْزَلَ اللَّهُ ‏{‏أَقِمِ الصَّلاَةَ طَرَفَىِ النَّهَارِ وَزُلَفًا مِنَ اللَّيْلِ إِنَّ الْحَسَنَاتِ يُذْهِبْنَ السَّيِّئَاتِ‏}‏‏.‏ فَقَالَ الرَّجُلُ يَا رَسُولَ اللَّهِ أَلِي هَذَا قَالَ ‏"‏لِجَمِيعِ أُمَّتِي كُلِّهِمْ‏"‏‏.‏৫২৬. ‘আব্দুল্লাহ্ ইবনু মাছঊদ ৰাদ্বিয়াল্লাহু আনহুৰ দ্বাৰা বর্ণিত, তেখেতে কৈছে, এজন ব্যক্তিয়ে জনৈক মহিলাক চুম্বন কৰিছিল। পিছত সি আল্লাহৰ ৰাছূল চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওচৰলৈ আহি বিষয়টো তেখেতৰ দৃষ্টিগোচৰ কৰিলে। তেতিয়া আল্লাহ তা‘আলাই আয়াত নাযিল কৰে, “দিনৰ দুই প্রান্তত ৰাতিপুৱা আৰু সন্ধিয়া; আৰু ৰাতিৰ প্রথম অংশত চালাত কায়েম কৰা। নিশ্চয় সৎ কৰ্মই পাপাচাৰক মচি দিয়ে’’ (ছুৰা হুদ ১১/১১৪)। সেই ব্যক্তিজনে প্ৰশ্ন কৰিলে, ইয়া আল্লাহৰ ৰাছূল (চাল্লাল্লাহু আলাইহি অছাল্লাম)! এইটো কেৱল মোৰ বাবেই নেকি? আল্লাহৰ ৰাছূল চাল্লাল্লাহু আলাইহি অছাল্লামে ক’লে, “মোৰ সকলো উম্মতৰ কাৰণেই।’’ (সংশ্লিষ্ট হাদীছসমূহঃ ৪৬৮৭; মুছলিম ৪৯/৭, হাদীছ নং ২৭৬৩, আহমাদ ৩৬৫৩) (আ.প্ৰ. ৪৯৫, ই.ফা. ৫০১)
পৰিচ্ছেদ : ৫, সঠিক সময়ত চালাত আদায়ৰ মৰ্যাদা। হাদীছ- 527أَبُو الْوَلِيدِ هِشَامُ بْنُ عَبْدِ الْمَلِكِ قَالَ حَدَّثَنَا شُعْبَةُ قَالَ الْوَلِيدُ بْنُ الْعَيْزَارِ أَخْبَرَنِي قَالَ سَمِعْتُ أَبَا عَمْرٍو الشَّيْبَانِيَّ يَقُولُ حَدَّثَنَا صَاحِبُ هَذِهِ الدَّارِ وَأَشَارَ إِلَى دَارِ عَبْدِ اللهِ قَالَ سَأَلْتُ النَّبِيَّ أَيُّ الْعَمَلِ أَحَبُّ إِلَى اللهِ قَالَ الصَّلاَةُ عَلَى وَقْتِهَا قَالَ ثُمَّ أَيٌّ قَالَ ثُمَّ بِرُّ الْوَالِدَيْنِ قَالَ ثُمَّ أَيٌّ قَالَ الْجِهَادُ فِي سَبِيلِ اللهِ قَالَ حَدَّثَنِي بِهِنَّ وَلَوْ اسْتَزَدْتُهُ لَزَادَنِي.৫২৭. আবূ ‘আমৰ শ্বায়বানী ৰাহিমাহুল্লাহৰ দ্বাৰা বর্ণিত, তেখেতে ‘আব্দুল্লাহ্ ইবনু মাছ‘ঊদ ৰাদ্বিয়াল্লাহু আনহুৰ ঘৰৰ ফালে ইঙ্গিত কৰি কৈছে, এই ঘৰৰ মালিকে আমাৰ ওচৰত বর্ণনা কৰিছে যে, মই আল্লাহৰ ৰাছূল চাল্লাল্লাহু আলাইহি অছাল্লামক প্ৰশ্ন কৰিছিলোঁ, কোনটো আমল আল্লাহ্‌ৰ ওচৰত অধিক প্রিয়? তেখেতে ক’লে, “যথাসময়ত চালাত আদায় কৰা”। ইবনু মাছ‘ঊদ ৰাদ্বিয়াল্লাহু আনহুৱে পুনৰাই প্ৰশ্ন কৰিলে, ইয়াৰ পিছত কোনটো? তেখেতে ক’লে, “ইয়াৰ পিছত পিতা-মাতাৰ প্রতি সদ্ব্যৱহাৰ কৰা”। ইবনু মাছ‘ঊদ ৰাদ্বিয়াল্লাহু আনহুৱে আকৌ প্ৰশ্ন কৰিলে, ইয়াৰ পিছত কোনটো? আল্লাহৰ ৰাছূল চাল্লাল্লাহু আলাইহি অছাল্লামে ক’লে, “ইয়াৰ পিছত জিহাদ ফী ছাবীলিল্লাহ্ (আল্লাহৰ পথত জিহাদ কৰা)”। ইবনু মাছ‘ঊদ ৰাদ্বিয়াল্লাহু আনহুৱে কৈছে, এইবিলাক আল্লাহৰ ৰাছূল চাল্লাল্লাহু আলাইহি অছাল্লামে মোক কৈছে, যদি মই আৰু অধিক জানিব বিচাৰিলোহেঁতেন, তেনেহ’লে তেখেতে আৰু ক’লেহেঁতেন। (সংশ্লিষ্ট হাদীছসমূহঃ ২৭৮২, ৫৯৭০, ৭৫৩৪; মুছলিম ১/৩৬, হাদীছ নং ৮৫, আহমাদ ৪২২৩) (আ.প্ৰ. ৪৯৬, ই.ফা. ৫০২)
পৰিচ্ছেদ: ৬, পাঁচ ওৱাক্ত চালাত হৈছে (গুনাহসমুহৰ) কাফফাৰা।হাদীছ- 528إِبْرَاهِيمُ بْنُ حَمْزَةَ قَالَ حَدَّثَنِي ابْنُ أَبِي حَازِمٍ وَالدَّرَاوَرْدِيُّ عَنْ يَزِيدَ يَعْنِي ابْنِ عَبْدِ اللهِ بْنِ الْهَادِ عَنْ مُحَمَّدِ بْنِ إِبْرَاهِيمَ عَنْ أَبِي سَلَمَةَ بْنِ عَبْدِ الرَّحْمَنِ عَنْ أَبِي هُرَيْرَةَ أَنَّهُ سَمِعَ رَسُولَ اللهِ صلى الله عليه وسلم يَقُولُ أَرَأَيْتُمْ لَوْ أَنَّ نَهَرًا بِبَابِ أَحَدِكُمْ يَغْتَسِلُ فِيهِ كُلَّ يَوْمٍ خَمْسًا مَا تَقُولُ ذَلِكَ يُبْقِي مِنْ دَرَنِهِ قَالُوا لاَ يُبْقِي مِنْ دَرَنِهِ شَيْئًا قَالَ فَذَلِكَ مِثْلُ الصَّلَوَاتِ الْخَمْسِ يَمْحُو اللهُ بِهِ الْخَطَايَا.৫২৮. আবূ হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ দ্বাৰা বর্ণিত, তেখেতে আল্লাহৰ ৰাছূল চাল্লাল্লাহু আলাইহি অছাল্লামক কোৱা শুনিছে, “কোৱাচোন! যদি তোমালোকৰ কাৰোবাৰ ঘৰৰ সন্মুখত এটা নদী থাকে, আৰু তেওঁ তাত নিতৌ পাঁচবাৰ গোছল কৰে, তেনেহ’লে তেওঁৰ দেহত কিবা ময়লা থাকিবনে?’’ তেওঁলোকে ক’লে, তেওঁৰ দেহত কোনো ধৰণৰ ময়লা বাকী নাথাকিব। আল্লাহৰ ৰাছূল চাল্লাল্লাহু আলাইহি অছাল্লামে ক’লে, “এইটো হ’ল পাঁচ ওৱাক্ত চালাতৰ উদাহৰণ। ইয়াৰ জৰিয়তে আল্লাহ্‌ তা‘আলাই (বান্দাৰ) গুনাহসমূহ মচি দিয়ে।’’ (সংশ্লিষ্ট হাদীছসমূহঃ মুছলিম ৫/৫১, হাদীছ নং ৬৬৭, আহমাদ ৮৯৩৩) (আ.প্ৰ. ৪৯৭, ই.ফা. ৫০৩)
পৰিচ্ছেদ : ৭, নিৰ্ধাৰিত সময়ৰ পৰা পলমকৈ চালাত আদায় কৰি চালাতৰ হক নষ্ট কৰা।হাদীছ- 529مُوسَى بْنُ إِسْمَاعِيلَ قَالَ حَدَّثَنَا مَهْدِيٌّ عَنْ غَيْلَانَ عَنْ أَنَسٍ قَالَ مَا أَعْرِفُ شَيْئًا مِمَّا كَانَ عَلَى عَهْدِ النَّبِيِّ صلى الله عليه وسلم قِيلَ الصَّلاَةُ قَالَ أَلَيْسَ ضَيَّعْتُمْ مَا ضَيَّعْتُمْ فِيهَا.৫২৯. আনাছ ৰাদ্বিয়াল্লাহু আনহুৰ দ্বাৰা বর্ণিত, তেখেতে কৈছে, বৰ্তমান কোনো বস্তুৱেই সেই অৱস্থাত পোৱা নাযায়, যেনেকৈ আল্লাহৰ নবী আলাইহি অছাল্লামৰ যুগত আছিল। প্রশ্ন কৰা হ’ল, চালাতো নেকি? তেখেতে ক’লে, সেই ক্ষেত্রতো যিটো হক নষ্ট কৰা হয়, সেইটো তোমালোকে কৰা নাইনে?[1] (আ.প্ৰ. ৪৯৮, ই.ফা. ৫০৪)[1] উত্তম ওৱাক্তত চালাত আদায় নকৰি পলমকৈ আদায় কৰা। যেনে- সময় হৈ যোৱাৰ পিছতো ফজৰ, জহুৰ আৰু ‘আচৰৰ চালাত ইচ্ছাকৃতভাৱে দেৰিকৈ আদায় কৰা।
হাদীছ- 530عَمْرُو بْنُ زُرَارَةَ قَالَ أَخْبَرَنَا عَبْدُ الْوَاحِدِ بْنُ وَاصِلٍ أَبُو عُبَيْدَةَ الْحَدَّادُ عَنْ عُثْمَانَ بْنِ أَبِي رَوَّادٍ أَخِي عَبْدِ الْعَزِيزِ بْنِ أَبِي رَوَّادٍ قَالَ سَمِعْتُ الزُّهْرِيَّ يَقُولُ دَخَلْتُ عَلَى أَنَسِ بْنِ مَالِكٍ بِدِمَشْقَ وَهُوَ يَبْكِي فَقُلْتُ مَا يُبْكِيكَ فَقَالَ لاَ أَعْرِفُ شَيْئًا مِمَّا أَدْرَكْتُ إِلاَّ هَذِهِ الصَّلاَةَ وَهَذِهِ الصَّلاَةُ قَدْ ضُيِّعَتْ وَقَالَ بَكْرُ بْنُ خَلَفٍ حَدَّثَنَا مُحَمَّدُ بْنُ بَكْرٍ الْبُرْسَانِيُّ أَخْبَرَنَا عُثْمَانُ بْنُ أَبِي رَوَّادٍ نَحْوَهُ.‏৫৩০. যুহৰী ৰাহিমাহুল্লাহৰ দ্বাৰা বর্ণিত, তেখেতে কৈছে, মই দামেস্কত আনাছ ইবনু মালিক ৰাদ্বিয়াল্লাহু আনহুৰ ওচৰত গৈ উপস্থিত হ’লো, তেখেতে তেতিয়া কান্দি আছিল। মই তেখেতক প্ৰশ্ন কৰিলোঁ, আপোনাক কোন বিষয়টিয়ে কন্দুৱাইছে? তেখেতে ক’লে, আল্লাহৰ ৰাছূল চাল্লাল্লাহু আলাইহি অছাল্লামৰ যুগত যি পাইছোঁ তাৰ মাজত কেৱল চালাতৰ বাহিৰে আন একোৱে বাহাল নাই। কিন্তু চালাতকো নষ্ট কৰি দিয়া হৈছে। বকৰ ৰাহিমাহুল্লাহে কৈছে, মোৰ ওচৰত মুহাম্মাদ ইবনু বকৰ বুৰছানী ৰাহিমাহুল্লাহ আৰু উছমান ইবনু আবূ ৰাওৱাদ ৰাহিমাহুল্লাহেও অনুৰূপ বর্ণনা কৰিছে। (সংশ্লিষ্ট হাদীছসমূহঃ) (আ.প্ৰ. ৪৯৯, ই.ফা. ৫০৫)
পৰিচ্ছেদ : ৮, মুছল্লীয়ে চালাতত তেওঁৰ মহান প্ৰতিপালকৰ লগত গোপনে কথা পাতে।হাদীছ- 531مُسْلِمُ بْنُ إِبْرَاهِيمَ قَالَ حَدَّثَنَا هِشَامٌ عَنْ قَتَادَةَ عَنْ أَنَسِ بْنِ مَالِكٍ قَالَ قَالَ النَّبِيُّ إِنَّ أَحَدَكُمْ إِذَا صَلَّى يُنَاجِي رَبَّهُ فَلاَ يَتْفِلَنَّ عَنْ يَمِينِهِ وَلَكِنْ تَحْتَ قَدَمِهِ الْيُسْرَى وَقَالَ سَعِيدٌ عَنْ قَتَادَةَ لاَ يَتْفِلُ قُدَّامَهُ أَوْ بَيْنَ يَدَيْهِ وَلَكِنْ عَنْ يَسَارِهِ أَوْ تَحْتَ قَدَمَيْهِ وَقَالَ شُعْبَةُ لاَ يَبْزُقُ بَيْنَ يَدَيْهِ وَلاَ عَنْ يَمِينِهِ وَلَكِنْ عَنْ يَسَارِهِ أَوْ تَحْتَ قَدَمِهِ وَقَالَ حُمَيْدٌ عَنْ أَنَسٍ عَنِ النَّبِيِّ صلى الله عليه وسلم لاَ يَبْزُقْ فِي الْقِبْلَةِ وَلاَ عَنْ يَمِينِهِ وَلَكِنْ عَنْ يَسَارِهِ أَوْ تَحْتَ قَدَمِهِ.৫৩১. আনাছ ইবনু মালিক ৰাদ্বিয়াল্লাহু আনহুৰ দ্বাৰা বর্ণিত, তেখেতে কৈছে, আল্লাহৰ ৰাছূল চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে, তোমালোকৰ মাজৰ কোনোবাই যেতিয়া চালাতত থিয় হয়, তেতিয়া তেওঁ নিজ প্রতিপালকৰ লগত গোপনে কথা কয়। সেয়ে, তেওঁ যেন সোঁ-ফালে থু নেপেলায়, কিন্তু (প্রয়োজনত) বাওঁ-ভৰিৰ তলত পেলাব পাৰে। কিন্তু ছাঈদ ৰাহিমাহুল্লাহে কাতাদা ৰাহিমাহুল্লাহৰ পৰা বর্ণনা কৰিছে যে, তেওঁ যেন সন্মুখৰ ফালে থু নেপেলায়, কিন্তু বাওঁ-ফালে অথবা ভৰিৰ তলত পেলাব পাৰে। আকৌ শু’বা ৰাহিমাহুল্লাহে কৈছে, তেওঁ যেন কিবলাৰ ফালে অথবা সোঁ-ফালে থু নেপেলায়, কিন্তু বাওঁ-ফালে অথবা ভৰিৰ তলত পেলাব পাৰে। আকৌ হুমাইদ ৰাহিমাহুল্লাহে আনাছ ৰাদ্বিয়াল্লাহু আনহুৰ সূত্রত আল্লাহৰ ৰাছূল চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৰা বর্ণনা কৰিছে, তেওঁ যেন কিবলাৰ ফালে বা সোঁ-ফালে থু নেপেলায়, কিন্তু বাওঁ-ফালে অথবা ভৰিৰ তলত পেলাব পাৰে। (সংশ্লিষ্ট হাদীছসমূহঃ ২৪১) (আ.প্ৰ. ৫০০, ই.ফা. ৫০৬)
হাদীছ- 532حَفْصُ بْنُ عُمَرَ قَالَ حَدَّثَنَا يَزِيدُ بْنُ إِبْرَاهِيمَ قَالَ حَدَّثَنَا قَتَادَةُ عَنْ أَنَسِ بْنِ مَالِكٍ عَنِ النَّبِيِّ صلى الله عليه وسلم قَالَ اعْتَدِلُوا فِي السُّجُودِ وَلاَ يَبْسُطْ ذِرَاعَيْهِ كَالْكَلْبِ وَإِذَا بَزَقَ فَلاَ يَبْزُقَنَّ بَيْنَ يَدَيْهِ وَلاَ عَنْ يَمِينِهِ فَإِنَّهُ يُنَاجِي رَبَّهُ.৫৩২. আনাছ ইবনু মালিক ৰাদ্বিয়াল্লাহু আনহুৰ দ্বাৰা বর্ণিত, তেখেতে কৈছে, আল্লাহৰ ৰাছূল চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে, তোমালোকে ছাজদাহত পোন হৈ থাকিবা। তোমালোকৰ কোনোৱে যেন তাৰ বাহুদ্বয় কুকুৰৰ দৰে প্ৰসাৰিত নকৰে। আৰু যদি থু পেলাবলগীয়া হয়, তেনেহ’লে তেওঁ যেন সন্মুখ বা সোঁ-ফালে নেপেলায়। কিয়নো, তেওঁ তেতিয়া নিজ প্রতিপালকৰ লগত গোপন কথাত লিপ্ত থাকে।[1] (সংশ্লিষ্ট হাদীছসমূহঃ ২৪১) (আ.প্ৰ. ৫০১, ই.ফা. ৫০৭)[1] আধুনিক প্রকাশনীৰ বুখাৰীৰ টোকাত ৩৯৬ নং হাদীছত চালাতত থু পেলোৱা মানছুখ হৈ গৈছে বুলি ক’লেও ৫০১ নং হাদীছৰ টোকাত প্রয়োজনত চালাতত বাওঁ-ভৰিৰ তলত থু পেলোৱা জায়েজ বুলি এই সংক্ৰান্তত হাদীছ আনিছে আৰু চালাত আদায়কালত প্ৰয়োজনত থু পেলোৱাৰ বৈধতা স্বীকাৰ কৰিছে, আৰু সেইটোৱেই সঠিক। আচলতে মজহাবৰ মতৰ লগত ছহীহ হাদীছৰ অমিল হ’লে অধিকাংশ ক্ষেত্রত কোনো প্রকাৰ চিন্তা গৱেষণা অবিহনেই “হাদীছটো মানছুখ হৈ গৈছে” এনে ধৰণৰ কথা কোৱাটো হাদীছৰ প্রতি অৱজ্ঞা তথা আল্লাহৰ ৰাছূল চাল্লাল্লাহু আলাইহি অছাল্লামৰ বাণীৰ প্রতি ধৃষ্টতাৰ সৈতে চামিল।
পৰিচ্ছেদ: ৯, প্ৰচণ্ড গৰমৰ সময়ত জুহৰৰ চালাত গৰম কমিলে আদায় কৰা।হাদীছ- 533-534أَيُّوبُ بْنُ سُلَيْمَانَ بْنِ بِلَالٍ قَالَ حَدَّثَنَا أَبُو بَكْرٍ عَنْ سُلَيْمَانَ قَالَ صَالِحُ بْنُ كَيْسَانَ حَدَّثَنَا الْأَعْرَجُ عَبْدُ الرَّحْمَنِ وَغَيْرُهُ عَنْ أَبِي هُرَيْرَةَ وَنَافِعٌ مَوْلَى عَبْدِ اللهِ بْنِ عُمَرَ عَنْ عَبْدِ اللهِ بْنِ عُمَرَ أَنَّهُمَا حَدَّثَاهُ عَنْ رَسُولِ اللهِ أَنَّهُ قَالَ إِذَا اشْتَدَّ الْحَرُّ فَأَبْرِدُوا عَنْ الصَّلاَةِ فَإِنَّ شِدَّةَ الْحَرِّ مِنْ فَيْحِ جَهَنَّمَ.৫৩৩-৫৩৪. আবূ হুৰাইৰাহ্ আৰু ‘আব্দুল্লাহ্ ইবনু ওমৰ ৰাদ্বিয়াল্লাহু আনহুমাৰ দ্বাৰা বর্ণিত যে, আল্লাহৰ ৰাছূল চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে, “যেতিয়া গৰমৰ প্রচণ্ডতা বৃদ্ধি পায়, তেতিয়া গৰম কমিলে চালাত আদায় কৰিবা। কিয়নো, গৰমৰ প্রচণ্ডতা হৈছে জাহান্নামৰ নিঃশ্বাসৰ অংশ।’’ (সংশ্লিষ্ট হাদীছসমূহঃ ৫৩৬) (আ.প্ৰ. ৫০২, ই.ফা. ৫০৮)
হাদীছ- 535مُحَمَّدُ بْنُ بَشَّارٍ قَالَ حَدَّثَنَا غُنْدَرٌ قَالَ حَدَّثَنَا شُعْبَةُ عَنِ الْمُهَاجِرِ أَبِي الْحَسَنِ سَمِعَ زَيْدَ بْنَ وَهْبٍ عَنْ أَبِي ذَرٍّ قَالَ أَذَّنَ مُؤَذِّنُ النَّبِيِّ صلى الله عليه وسلم الظُّهْرَ فَقَالَ أَبْرِدْ أَبْرِدْ أَوْ قَالَ انْتَظِرْ انْتَظِرْ وَقَالَ شِدَّةُ الْحَرِّ مِنْ فَيْحِ جَهَنَّمَ فَإِذَا اشْتَدَّ الْحَرُّ فَأَبْرِدُوا عَنْ الصَّلاَةِ حَتَّى رَأَيْنَا فَيْءَ التُّلُولِ.৫৩৫. আবূ যৰ ৰাদ্বিয়াল্লাহু আনহুৰ দ্বাৰা বর্ণিত, তেখেতে কৈছে, আল্লাহৰ ৰাছূল চাল্লাল্লাহু আলাইহি অছাল্লামৰ মুআয্যিনে জুহৰৰ আজান দিয়াত তেখেতে ক’লে, “ঠাণ্ডা হ’বলৈ দিয়া।’’ অথবা তেখেতে ক’লে, “অপেক্ষা কৰা, অপেক্ষা কৰা।’’ তেখেতে আৰু কৈছে, “গৰমৰ প্রচণ্ডতা জাহান্নামৰ নিঃশ্বাসৰ ফলতেই সৃষ্টি হয়। সেয়েহে গৰম যেতিয়া বাঢ়ি যায় তেতিয়া গৰম কমিলেই চালাত আদায় কৰিবা।’’ আনকি (পলম কৰোঁতে কৰোঁতে বেলি ইমানখিনি গুচি গৈছিল যে) আমি টিলাসমূহৰ ছাঁ দেখিবলৈ পালোঁ।
(সংশ্লিষ্ট হাদীছসমূহঃ ৫৩৯, ৬২৯, ৩২৫৮; মুছলিম ৫/৩২, হাদীছ নং ৬১৬, আহমাদ ২১৪৩৪) (আ.প্ৰ. ৫০৩, ই.ফা. ৫০৯)
হাদীছ- 536حَدَّثَنَا عَلِيُّ بْنُ عَبْدِ اللهِ الْمَدِينِيُّ قَالَ حَدَّثَنَا سُفْيَانُ قَالَ حَفِظْنَاهُ مِنْ الزُّهْرِيِّ عَنْ سَعِيدِ بْنِ الْمُسَيَّبِ عَنْ أَبِي هُرَيْرَةَ عَنِ النَّبِيِّ صلى الله عليه وسلم قَالَ إِذَا اشْتَدَّ الْحَرُّ فَأَبْرِدُوا بِالصَّلاَةِ فَإِنَّ شِدَّةَ الْحَرِّ مِنْ فَيْحِ جَهَنَّمَ.৫৩৬. আবূ হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ দ্বাৰা বর্ণিত, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে, “যেতিয়া গৰম বৃদ্ধি পায় তেতিয়া তোমালোকে সেয়া কমি আহিলে (জুহৰৰ) চালাত আদায় কৰা। কিয়নো, গৰমৰ প্রচণ্ডতা জাহান্নামৰ উত্তাপৰ অংশ।’’ (সংশ্লিষ্ট হাদীছসমূহঃ ৫৩৩) (আ.প্ৰ. ৫০৪, ই.ফা. ৫১০)
হাদীছ- 537وَاشْتَكَتْ النَّارُ إِلَى رَبِّهَا فَقَالَتْ يَا رَبِّ أَكَلَ بَعْضِي بَعْضًا فَأَذِنَ لَهَا بِنَفَسَيْنِ نَفَسٍ فِي الشِّتَاءِ وَنَفَسٍ فِي الصَّيْفِ فَهُوَ أَشَدُّ مَا تَجِدُونَ مِنَ الْحَرِّ وَأَشَدُّ مَا تَجِدُونَ مِنْ الزَّمْهَرِيرِ.৫৩৭. জাহান্নামে তাৰ প্রতিপালকৰ ওচৰত এইবুলি অভিযোগ কৰিছিল যে, হে মোৰ প্রতিপালক! (দহনৰ প্রচণ্ডতাত) মোৰ এটা অংশই আন এটা অংশক গ্ৰাস কৰি পেলাইছে। ফলত আল্লাহ্ তা‘আলাই তাক দুটা শ্বাস পেলোৱাৰ অনুমতি দিলে, এটা শীতকালত আনটো গ্রীষ্মকালত। আৰু সেই দুটা হ’ল, তোমালোকে তোমালোকে অনুভৱ কৰা গ্রীষ্মকালৰ প্রচণ্ড উত্তাপ আৰু শীতকালৰ প্রচণ্ড ঠাণ্ডা। (সংশ্লিষ্ট হাদীছসমূহঃ ৩২৬০; মুছলিম ৫/৩২, হাদীছ নং ৬১৫, ৬১৭, আহমাদ ৭২৫১) (আ.প্ৰ. ৫০৪, ই.ফা. ৫১০)
হাদীছ- 538عُمَرُ بْنُ حَفْصِ بْنِ غِيَاثٍ قَالَ حَدَّثَنَا أَبِي قَالَ حَدَّثَنَا الْأَعْمَشُ حَدَّثَنَا أَبُو صَالِحٍ عَنْ أَبِي سَعِيدٍ قَالَ قَالَ رَسُولُ اللهِ صلى الله عليه وسلم أَبْرِدُوا بِالظُّهْرِ فَإِنَّ شِدَّةَ الْحَرِّ مِنْ فَيْحِ جَهَنَّمَ تَابَعَهُ سُفْيَانُ وَيَحْيَى وَأَبُو عَوَانَةَ عَنِ الْأَعْمَشِ.৫৩৮. আবূ ছাঈদ ৰাদ্বিয়াল্লাহু আনহুৰ দ্বাৰা বর্ণিত, তেখেতে কৈছে, আল্লাহৰ ৰাছূল চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে, “জুহৰৰ চালাত গৰম কমিলে আদায় কৰা। কিয়নো, গৰমৰ প্ৰচণ্ডতা জাহান্নামৰ উত্তাপৰ পৰাহে।’’ চুফিয়ান, ইয়াহ্ইয়া আৰু আবূ আওৱানা ৰাহিমাহুল্লাহে আ’মাশ্ব ৰাহিমাহুল্লাহৰ পৰা অনুৰূপ বর্ণনা কৰিছে। (সংশ্লিষ্ট হাদীছসমূহঃ ৩২৫৯) (আ.প্ৰ. ৫০৫, ই.ফা. ৫১১)
পৰিচ্ছেদ: ১০, ছফৰৰ সময়ত গৰম কমিলে জুহৰৰ চালাত আদায় কৰা।হাদীছ- 539آدَمُ بْنُ أَبِي إِيَاسٍ قَالَ حَدَّثَنَا شُعْبَةُ قَالَ حَدَّثَنَا مُهَاجِرٌ أَبُو الْحَسَنِ مَوْلَى لِبَنِي تَيْمِ اللهِ قَالَ سَمِعْتُ زَيْدَ بْنَ وَهْبٍ عَنْ أَبِي ذَرٍّ الْغِفَارِيِّ قَالَ كُنَّا مَعَ النَّبِيِّ صلى الله عليه وسلم فِي سَفَرٍ فَأَرَادَ الْمُؤَذِّنُ أَنْ يُؤَذِّنَ لِلظُّهْرِ فَقَالَ النَّبِيُّ صلى الله عليه وسلم أَبْرِدْ ثُمَّ أَرَادَ أَنْ يُؤَذِّنَ فَقَالَ لَهُ أَبْرِدْ حَتَّى رَأَيْنَا فَيْءَ التُّلُولِ فَقَالَ النَّبِيُّ صلى الله عليه وسلم إِنَّ شِدَّةَ الْحَرِّ مِنْ فَيْحِ جَهَنَّمَ فَإِذَا اشْتَدَّ الْحَرُّ فَأَبْرِدُوا بِالصَّلاَةِ وَقَالَ ابْنُ عَبَّاسٍ تَتَفَيَّأُ تَتَمَيَّلُ.৫৩৯. আবূ যাৰ ৰাদ্বিয়াল্লাহু আনহুৰ দ্বাৰা বর্ণিত, তেখেতে কৈছে, এটা ছফৰত আমি আল্লাহৰ ৰাছূল চাল্লাল্লাহু আলাইহি অছাল্লামৰ লগত আছিলোঁ। এটা সময়ত মুয়ায্যিনে জুহৰৰ আজান দিবলৈ ইচ্ছা কৰিছিল। তেতিয়া নবী চাল্লাল্লাহু আলাইহি অছাল্লামে ক’লে, “গৰম কমিবলৈ দিয়া।’’ কিছু সময় পিছত পুনৰ মুয়ায্যিনে আজান দিব বিচৰাত তেতিয়া নবী চাল্লাল্লাহু আলাইহি অছাল্লামে (পুনৰাই) ক’লে, “গৰম কমিবলৈ দিয়া।’’ এনেদৰে তেখেতে (চালাত আদায় কৰাত) ইমান পলম কৰিলে যে, আমি টিলাসমূহৰ ছাঁ দেখিবলৈ পালোঁ। ইয়াৰ পিছত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে ক’লে, “গৰমৰ প্ৰচণ্ডতা জাহান্নামৰ উত্তাপৰ পৰা হয়। সেয়ে গৰম প্রচণ্ড হ’লে উত্তাপ কমাৰ পিছত চালাত আদায় কৰিবা। ইবনু আব্বাছ ৰাদ্বিয়াল্লাহু আনহুৱে কৈছে, (تتفيأ) অৰ্থাৎ হালি পৰা, ঢাল খোৱা অর্থত ব্যৱহৃত হৈছে। (৫৩৫) (আ.প্ৰ. ৫০৬, ই.ফা. ৫১২)
পৰিচ্ছেদ: ১১,  জুহৰৰ সময় আৰম্ভ হয় সূৰ্য হালি পৰাৰ পিছত।জাবিৰ ৰাদ্বিয়াল্লাহু আনহুৱে কৈছে, দুপৰীয়া নবী চাল্লাল্লাহু আলাইহি অছাল্লামে চালাত আদায় কৰিছিল।হাদীছ- 540أَبُو الْيَمَانِ قَالَ أَخْبَرَنَا شُعَيْبٌ عَنْ الزُّهْرِيِّ قَالَ أَخْبَرَنِي أَنَسُ بْنُ مَالِكٍ أَنَّ رَسُولَ اللهِ صلى الله عليه وسلم خَرَجَ حِينَ زَاغَتْ الشَّمْسُ فَصَلَّى الظُّهْرَ فَقَامَ عَلَى الْمِنْبَرِ فَذَكَرَ السَّاعَةَ فَذَكَرَ أَنَّ فِيهَا أُمُورًا عِظَامًا ثُمَّ قَالَ مَنْ أَحَبَّ أَنْ يَسْأَلَ عَنْ شَيْءٍ فَلْيَسْأَلْ فَلاَ تَسْأَلُونِي عَنْ شَيْءٍ إِلاَّ أَخْبَرْتُكُمْ مَا دُمْتُ فِي مَقَامِي هَذَا فَأَكْثَرَ النَّاسُ فِي الْبُكَاءِ وَأَكْثَرَ أَنْ يَقُولَ سَلُونِي فَقَامَ عَبْدُ اللهِ بْنُ حُذَافَةَ السَّهْمِيُّ فَقَالَ مَنْ أَبِي قَالَ أَبُوكَ حُذَافَةُ ثُمَّ أَكْثَرَ أَنْ يَقُولَ سَلُونِي فَبَرَكَ عُمَرُ عَلَى رُكْبَتَيْهِ فَقَالَ رَضِينَا بِاللهِ رَبًّا وَبِالإِسْلاَمِ دِينًا وَبِمُحَمَّدٍ نَبِيًّا فَسَكَتَ ثُمَّ قَالَ عُرِضَتْ عَلَيَّ الْجَنَّةُ وَالنَّارُ آنِفًا فِي عُرْضِ هَذَا الْحَائِطِ فَلَمْ أَرَ كَالْخَيْرِ وَالشَّرِّ.৫৪০. আনাছ ইবনু মালিক ৰাদ্বিয়াল্লাহু আনহুৰ দ্বাৰা বর্ণিত, তেখেতে কৈছে, এদিন বেলি হালি যোৱাৰ পিছত আল্লাহৰ ৰাছূল চাল্লাল্লাহু আলাইহি অছাল্লাম ওলাই আহিল আৰু জুহৰৰ চালাত আদায় কৰিলে। তাৰ পিছত মিম্বৰত থিয় হৈ কিয়ামত সম্বন্ধে আলোচনা কৰিলে আৰু ক’লে যে, “কিয়ামতত বহুতো ভয়ঙ্কৰ ঘটনা ঘটিব।’’ ইয়াৰ পিছত তেখেতে ক’লে, “মোক কোনোবাই কিবা বিষয়ে প্রশ্ন কৰিব বিচাৰিলে কৰিব পাৰা। মই যিমান সময় এই বৈঠকত থাকো, ইয়াৰ মাজত তোমালোকে মোক যিবোৰ প্ৰশ্ন কৰিবা মই তাক জনাই দিম।’’ এই কথা শুনি মানুহবোৰে খুব কান্দিবলৈ আৰম্ভ কৰিলে, আৰু তেখেতে বাৰে বাৰে কৈ থাকিল। “মোক প্রশ্ন কৰা, মোক প্রশ্ন কৰা।’’ এনে সময়ত ‘আব্দুল্লাহ্ ইবনু হুযাইফা ছাহমী ৰাদ্বিয়াল্লাহু আনহুৱে থিয় হৈ প্ৰশ্ন কৰিলে, “মোৰ পিতা কোন?’’ আল্লাহৰ ৰাছূল চাল্লাল্লাহু আলাইহি অছাল্লামে ক’লে, “তোমাৰ পিতা ‘হুযাইফা’।’’ ইয়াৰ পিছত তেখেতে বহুবাৰ ক’লে, “মোক প্রশ্ন কৰা।’’ তেতিয়া ওমৰ ৰাদ্বিয়াল্লাহু আনহুৱে নতজানু হৈ বহি ক’লে, “আমি আল্লাহক প্রতিপালক হিচাবে, ইছলামক দ্বীন হিচাবে আৰু মুহাম্মদক (চাল্লাল্লাহু আলাইহি অছাল্লাম) নবী হিচাবে গ্রহণ কৰি সন্তুষ্ট।’’ ইয়াৰ পিছত আল্লাহৰ ৰাছূল চাল্লাল্লাহু আলাইহি অছাল্লাম মৌন হৈ থাকিল। কিছুসময় পিছত ক’লে, “এতিয়াই এই দেৱালৰ কাষত জান্নাত আৰু জাহান্নাম মোৰ সন্মুখত তুলি ধৰা হৈছিল; ইমান উত্তম আৰু ইমান নিকৃষ্ট, ইতিপূৰ্বে মই আন একোকে দেখা নাই। (সংশ্লিষ্ট হাদীছসমূহঃ ৯৩) (আ.প্ৰ. ৫০৭, ই.ফা. ৫১৩)
হাদীছ- 541حَفْصُ بْنُ عُمَرَ قَالَ حَدَّثَنَا شُعْبَةُ حَدَّثَنَا أَبُو الْمِنْهَالِ عَنْ أَبِي بَرْزَةَ كَانَ النَّبِيُّ صلى الله عليه وسلم يُصَلِّي الصُّبْحَ وَأَحَدُنَا يَعْرِفُ جَلِيسَهُ وَيَقْرَأُ فِيهَا مَا بَيْنَ السِّتِّينَ إِلَى الْمِائَةِ وَيُصَلِّي الظُّهْرَ إِذَا زَالَتْ الشَّمْسُ وَالْعَصْرَ وَأَحَدُنَا يَذْهَبُ إِلَى أَقْصَى الْمَدِينَةِ رَجَعَ وَالشَّمْسُ حَيَّةٌ وَنَسِيتُ مَا قَالَ فِي الْمَغْرِبِ وَلاَ يُبَالِي بِتَأْخِيرِ الْعِشَاءِ إِلَى ثُلُثِ اللَّيْلِ ثُمَّ قَالَ إِلَى شَطْرِ اللَّيْلِ وَقَالَ مُعَاذٌ قَالَ شُعْبَةُ لَقِيتُهُ مَرَّةً فَقَالَ أَوْ ثُلُثِ اللَّيْلِ.৫৪১. আবূ বাৰযাহ ৰাদ্বিয়াল্লাহু আনহুৰ দ্বাৰা বর্ণিত, তেখেতে কৈছে, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে এনেকুৱা সময়ত ফজৰৰ চালাত আদায় কৰিছিল, যেতিয়া আমাৰ এজনে তেওঁৰ পাৰ্শ্বৱৰ্তী আনজনক চিনিব পাৰিছিল আৰু এই চালাতত তেখেতে ষাঠিৰ পৰা এশ আয়াত তিলাওৱাৎ কৰিছিল আৰু জুহৰৰ চালাত আদায় কৰিছিল যেতিয়া সূর্য পশ্চিম ফালে হালি পৰিছিল। তেখেতে ‘আচৰৰ চালাত আদায় কৰিছিল এনেকুৱা সময়ত যে, আমাৰ কোনোৱে মদিনাৰ শেষ প্রান্তলৈ গৈ পুনৰ উভতি আহিব পাৰিছিল, তেতিয়াও সূর্য সতেজ থাকিছিল। ৰাবীয়ে কৈছে, মাগৰিব সম্পর্কে তেখেতে [আবূ বাৰযাহ ৰাদ্বিয়াল্লাহু আনহুৱে] কি কৈছিল, মই সেইটো পাহৰি গৈছোঁ আৰু ‘ইশ্বাৰ চালাত ৰাতিৰ এক তৃতীয়াংশ পর্যন্ত পিছুৱাই নিবলৈ তেখেতে কোনো ধৰণৰ দ্বিধাবোধ কৰা নাছিল। তাৰ পিছত ৰাবীয়ে কৈছে, ৰাতিৰ অর্ধাংশলৈকে পিছুৱাই নিবলৈ অসুবিধা বোধ কৰা নাছিল। আৰু মু’আয ৰাহিমাহুল্লাহে বর্ণনা কৰিছে যে, শু’বা ৰাহিমাহুল্লাহে কৈছে, পিছত আবূল মিনহাল ৰাহিমাহুল্লাহৰ লগত সাক্ষাৎ হৈছিল, সেই সময়ত তেখেতে কৈছে, ৰাতিৰ এক তৃতীয়াংশ পর্যন্ত পলম কৰিবলৈ অসুবিধা বোধ কৰা নাছিল। (সংশ্লিষ্ট হাদীছসমূহঃ ৫৪৭, ৫৬৮, ৫৯৯, ৭৭১; মুছলিম ৪/৩৫, হাদীছ নং ৪৬১, আহমাদ ১৯৭৮৫) (আ.প্ৰ. ৫০৮, ই.ফা. ৫১৪)
হাদীছ- 542مُحَمَّدٌ يَعْنِي ابْنَ مُقَاتِلٍ قَالَ أَخْبَرَنَا عَبْدُ اللهِ قَالَ أَخْبَرَنَا خَالِدُ بْنُ عَبْدِ الرَّحْمَنِ حَدَّثَنِي غَالِبٌ الْقَطَّانُ عَنْ بَكْرِ بْنِ عَبْدِ اللهِ الْمُزَنِيِّ عَنْ أَنَسِ بْنِ مَالِكٍ قَالَ كُنَّا إِذَا صَلَّيْنَا خَلْفَ رَسُولِ اللهِ بِالظَّهَائِرِ فَسَجَدْنَا عَلَى ثِيَابِنَا اتِّقَاءَ الْحَرِّ.৫৪২. আনাছ ইবনু মালিক ৰাদ্বিয়াল্লাহু আনহুৰ দ্বাৰা বর্ণিত, তেখেতে কৈছে, আমি যেতিয়া আল্লাহৰ ৰাছূল চাল্লাল্লাহু আলাইহি অছাল্লামৰ পিছত গৰমৰ সময়ত চালাত আদায় কৰিছিলোঁ, তেতিয়া উত্তাপৰ পৰা ৰক্ষা পোৱাৰ কাৰণে কাপোৰৰ ওপৰত ছিজ্‌দা কৰিছিলোঁ। (সংশ্লিষ্ট হাদীছসমূহঃ ৩৮৫) (আ.প্ৰ. ৫০৯, ই.ফা. ৫১৫)
পৰিচ্ছেদ: ১২, জুহৰৰ চালাত ‘আচৰৰ আগলৈকে পলম কৰা।হাদীছ- 543أَبُو النُّعْمَانِ قَالَ حَدَّثَنَا حَمَّادٌ هُوَ ابْنُ زَيْدٍ عَنْ عَمْرِو بْنِ دِينَارٍ عَنْ جَابِرِ بْنِ زَيْدٍ عَنْ ابْنِ عَبَّاسٍ أَنَّ النَّبِيَّ صَلَّى بِالْمَدِينَةِ سَبْعًا وَثَمَانِيًا الظُّهْرَ وَالْعَصْرَ وَالْمَغْرِبَ وَالْعِشَاءَ فَقَالَ أَيُّوبُ لَعَلَّهُ فِي لَيْلَةٍ مَطِيرَةٍ قَالَ عَسَى.৫৪৩. ইবনু ‘আব্বাছ ৰাদ্বিয়াল্লাহু আনহুৰ দ্বাৰা বর্ণিত, তেখেতে কৈছে, আল্লাহৰ ৰাছূল চাল্লাল্লাহু আলাইহি অছাল্লামে মদিনাত অৱস্থান কালত (এবাৰ) জুহৰ আৰু ‘আচৰৰ আঠ ৰাকা‘আত আৰু মাগৰিব ও ‘ইশ্বাৰ সাত ৰাকা‘আত একেলগে মিলাই আদায় কৰে। আয়্যূব ৰাহিমাহুল্লাহে কৈছে, সম্ভৱতঃ এইটো বৰষুণৰ ৰাতি আছিল। জাবিৰ ৰাহিমাহুল্লাহে কৈছে, সম্ভৱতঃ সেইটোৱে।[1] (সংশ্লিষ্ট হাদীছসমূহঃ ৫৬২, ১১৭৪) (আ.প্ৰ. ৫১০, ই.ফা. ৫১৬)[1] ধমুহা, বৰষুণ নাইবা ভয়ৰ বাবে জুহৰ-‘আচৰ আৰু মাগৰিব-’ইশ্বাৰ চালাত একেলগে আদায় কৰা জাঈয। ছফৰ অৱস্থাতো জুহৰ আৰু ‘আচৰ ক্কছৰ কৰি জুহৰৰ ওৱাক্তত নাইবা ‘আচৰৰ ওৱাক্তত আদায় কৰা জাঈয। অনুৰূপ অৱস্থাত মাগৰিবৰ তিনি ৰাক‘আত আৰু তাৰ পিছতেই ‘ইশ্বাৰ দুই ৰাক‘আত একেলগে আদায় কৰা ছুন্নাত।
পৰিচ্ছেদ: ১৩, ‘আচৰৰ সময়।হাদীছ- 544إِبْرَاهِيمُ بْنُ الْمُنْذِرِ قَالَ حَدَّثَنَا أَنَسُ بْنُ عِيَاضٍ عَنْ هِشَامٍ عَنْ أَبِيهِ أَنَّ عَائِشَةَ قَالَتْ كَانَ رَسُولُ اللهِ صلى الله عليه وسلم يُصَلِّي الْعَصْرَ وَالشَّمْسُ لَمْ تَخْرُجْ مِنْ حُجْرَتِهَا وَقَالَ أَبُو أُسَامَةَ عَنْ هِشَامٍ مِنْ قَعْرِ حُجْرَتِهَا.৫৪৪. ‘আইশ্বা ৰাদ্বিয়াল্লাহু আনহাৰ দ্বাৰা বর্ণিত, তেখেতে কৈছে, আল্লাহৰ ৰাছূল চাল্লাল্লাহু আলাইহি অছাল্লামে এনেকুৱা সময়ত ‘আচৰৰ চালাত আদায় কৰিছিল যে, তেতিয়াও সূর্যৰ ৰশ্মি ঘৰৰ বাহিৰলৈ যোৱা নাছিল। (সংশ্লিষ্ট হাদীছসমূহঃ ৫২২) (আ.প্ৰ. ৫১১, ই.ফা. ৫১৭)
হাদীছ- 545قُتَيْبَةُ قَالَ حَدَّثَنَا اللَّيْثُ عَنْ ابْنِ شِهَابٍ عَنْ عُرْوَةَ عَنْ عَائِشَةَ أَنَّ رَسُولَ اللهِ صلى الله عليه وسلم صَلَّى الْعَصْرَ وَالشَّمْسُ فِي حُجْرَتِهَا لَمْ يَظْهَرْ الْفَيْءُ مِنْ حُجْرَتِهَا৫৪৫. ‘আইশ্বা ৰাদ্বিয়াল্লাহু আনহাৰ দ্বাৰা বৰ্ণিত, তেখেতে কৈছে, আল্লাহৰ ৰাছূল চাল্লাল্লাহু আলাইহি অছাল্লামে এনেকুৱা সময়ত ‘আচৰৰ চালাত আদায় কৰিছিল যে, সূর্যৰ ৰশ্মি তেতিয়াও তেখেতৰ ঘৰৰ ভিতৰত আছিল, আৰু ছাঁ তেতিয়াও তেখেতৰ ঘৰত প্ৰকাশ পোৱা নাছিল। (সংশ্লিষ্ট হাদীছসমূহঃ ৫২২) (আ.প্ৰ. ৫১২, ই.ফা. ৫১৮)
হাদীছ- 546أَبُو نُعَيْمٍ قَالَ أَخْبَرَنَا ابْنُ عُيَيْنَةَ عَنْ الزُّهْرِيِّ عَنْ عُرْوَةَ عَنْ عَائِشَةَ قَالَتْ كَانَ النَّبِيُّ صلى الله عليه وسلم يُصَلِّي صَلاَةَ الْعَصْرِ وَالشَّمْسُ طَالِعَةٌ فِي حُجْرَتِي لَمْ يَظْهَرْ الْفَيْءُ بَعْدُ وَقَالَ مَالِكٌ وَيَحْيَى بْنُ سَعِيدٍ وَشُعَيْبٌ وَابْنُ أَبِي حَفْصَةَ وَالشَّمْسُ قَبْلَ أَنْ تَظْهَرَ.৫৪৬. ‘আইশ্বা ৰাদ্বিয়াল্লাহু আনহাৰ দ্বাৰা বর্ণিত, তেখেতে কৈছে, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে ‘আচৰৰ চালাত আদায় কৰিছিল, আৰু সূর্যৰ কিৰণ তেতিয়াও মোৰ ঘৰত আছিল। চালাত আদায় কৰাৰ পিছতো ছাঁ (ঘৰত) দৃষ্টিগোচৰ হোৱা নাছিল। আবূ আব্দুল্লাহে [ইমাম বুখাৰী ৰাহিমাহুল্লাহে] কৈছে, ইমাম মালিক, ইয়াহ্ইয়া ইবনু ছাঈদ, শুআইব আৰু ইবনু আবি হাফচ্ ৰাহিমাহুল্লাহে উক্ত চনদত এই হাদীছটিৰ বর্ণনাত ‘সূর্যৰ ৰশ্মি মোৰ ঘৰৰ ভিতৰত আছিল, ঘৰৰ মাজলৈ ছাঁ নামি অহা নাছিল’ এনেকৈ কৈছে। (সংশ্লিষ্ট হাদীছসমূহঃ ৫২২) (আ.প্ৰ. ৫১৩, ই.ফা. ৫১৯)
হাদীছ- 547مُحَمَّدُ بْنُ مُقَاتِلٍ قَالَ أَخْبَرَنَا عَبْدُ اللهِ قَالَ أَخْبَرَنَا عَوْفٌ عَنْ سَيَّارِ بْنِ سَلاَمَةَ قَالَ دَخَلْتُ أَنَا وَأَبِي عَلَى أَبِي بَرْزَةَ الْأَسْلَمِيِّ فَقَالَ لَهُ أَبِي كَيْفَ كَانَ رَسُولُ اللهِ صلى الله عليه وسلم يُصَلِّي الْمَكْتُوبَةَ فَقَالَ كَانَ يُصَلِّي الْهَجِيرَ الَّتِي تَدْعُونَهَا الْأُولَى حِينَ تَدْحَضُ الشَّمْسُ وَيُصَلِّي الْعَصْرَ ثُمَّ يَرْجِعُ أَحَدُنَا إِلَى رَحْلِهِ فِي أَقْصَى الْمَدِينَةِ وَالشَّمْسُ حَيَّةٌ وَنَسِيتُ مَا قَالَ فِي الْمَغْرِبِ وَكَانَ يَسْتَحِبُّ أَنْ يُؤَخِّرَ الْعِشَاءَ الَّتِي تَدْعُونَهَا الْعَتَمَةَ وَكَانَ يَكْرَهُ النَّوْمَ قَبْلَهَا وَالْحَدِيثَ بَعْدَهَا وَكَانَ يَنْفَتِلُ مِنْ صَلاَةِ الْغَدَاةِ حِينَ يَعْرِفُ الرَّجُلُ جَلِيسَهُ وَيَقْرَأُ بِالسِّتِّينَ إِلَى الْمِائَةِ.৫৪৭. ছায়্যাৰ ইবনু ছালামাহ ৰাহিমাহুল্লাহৰ দ্বাৰা বর্ণিত, তেখেতে কৈছে, এবাৰ মই আৰু মোৰ পিতা আবূ বাৰযাহ আচলামী ৰাদ্বিয়াল্লাহু আনহুৰ ওচৰলৈ গ’লো। মোৰ পিতৃয়ে তেখেতক প্ৰশ্ন কৰিলে, আল্লাহৰ ৰাছূল চাল্লাল্লাহু আলাইহি অছাল্লামে ফৰয চালাতসমূহ কেনেদৰে আদায় কৰিছিল? তেখেতে ক’লে, আল-হাজীৰ, যাক তোমালোকে আল-উলা বা জুহৰ বুলি কোৱা, সেয়া তেখেতে আদায় কৰিছিল যেতিয়া সূর্য পশ্চিম আকাশত ঢলি পৰিছিল আৰু ‘আচৰৰ চালাত এনেকুৱা সময়ত আদায় কৰিছিল যে, ইয়াৰ পিছত আমাৰ কোনোৱে মদিনাৰ শেষ প্রান্তত গৈ তেওঁৰ ঘৰলৈ উভতি গৈছিল আৰু সূর্য তেতিয়াও সতেজ আছিল। মাগৰিব সম্পর্কে তেখেতে কি কৈছিল সেয়া মই পাহৰি গৈছোঁ। আৰু ‘ইশ্বাৰ চালাত যাক তোমালোকে ‘আতামা’ বুলি কোৱা, সেয়া তেখেতে পলমকৈ আদায় কৰাটো পছন্দ কৰিছিল। আৰু তেখেতে ‘ইশ্বাৰ চালাতৰ আগত টোপনি যোৱা আৰু ইশ্বাৰ ছালাতৰ পিছত কথা-বতৰা কোৱাটো অপছন্দ কৰিছিল। তেখেতে ফজৰৰ চালাত এনেকুৱা সময়ত সমাপ্ত কৰিছিল যেতিয়া প্রত্যেকে তেওঁৰ পাৰ্শ্বৱর্তী ব্যক্তিক চিনিব পাৰিছিল। এই চালাতত তেখেতে ষাঠিৰ পৰা এশ আয়াত তিলাওৱাৎ কৰিছিল। (সংশ্লিষ্ট হাদীছসমূহঃ ৫৪১) (আ.প্ৰ. ৫১৪, ই.ফা. ৫২০)
হাদীছ- 548عَبْدُ اللهِ بْنُ مَسْلَمَةَ عَنْ مَالِكٍ عَنْ إِسْحَاقَ بْنِ عَبْدِ اللهِ بْنِ أَبِي طَلْحَةَ عَنْ أَنَسِ بْنِ مَالِكٍ قَالَ كُنَّا نُصَلِّي الْعَصْرَ ثُمَّ يَخْرُجُ الْإِنْسَانُ إِلَى بَنِي عَمْرِو بْنِ عَوْفٍ فَنَجِدُهُمْ يُصَلُّونَ الْعَصْرَ.৫৪৮. আনাছ ইবনু মালিক ৰাদ্বিয়াল্লাহু আনহুৰ দ্বাৰা বর্ণিত, তেখেতে কৈছে, আমি আল্লাহৰ ৰাছূল চাল্লাল্লাহু আলাইহি অছাল্লামৰ সৈতে ‘আচৰৰ চালাত আদায় কৰিলোঁ। চালাতৰ পিছত মানুহবোৰে ‘আমৰ ইবনু আওফ গোত্রৰ মহল্লাত গৈ তেওঁলোকক চালাত আদায় কৰা অৱস্থাত পালে। (সংশ্লিষ্ট হাদীছসমূহঃ ৫৫০, ৫৫১, ৭৩২৯) (আ.প্ৰ. ৫১৫, ই.ফা. ৫২১)
হাদীছ- 549ابْنُ مُقَاتِلٍ قَالَ أَخْبَرَنَا عَبْدُ اللهِ قَالَ أَخْبَرَنَا أَبُو بَكْرِ بْنُ عُثْمَانَ بْنِ سَهْلِ بْنِ حُنَيْفٍ قَالَ سَمِعْتُ أَبَا أُمَامَةَ بْنَ سَهْلٍ يَقُولُ صَلَّيْنَا مَعَ عُمَرَ بْنِ عَبْدِ الْعَزِيزِ الظُّهْرَ ثُمَّ خَرَجْنَا حَتَّى دَخَلْنَا عَلَى أَنَسِ بْنِ مَالِكٍ فَوَجَدْنَاهُ يُصَلِّي الْعَصْرَ فَقُلْتُ يَا عَمِّ مَا هَذِهِ الصَّلاَةُ الَّتِي صَلَّيْتَ قَالَ الْعَصْرُ وَهَذِهِ صَلاَةُ رَسُولِ اللهِ الَّتِي كُنَّا نُصَلِّي مَعَهُ.৫৪৯. আবূ উমামা ৰাদ্বিয়াল্লাহু আনহুৰ দ্বাৰা বর্ণিত, তেখেতে কৈছে, এবাৰ আমি ওমৰ ইবনু আব্দিল আযীয ৰাহিমাহুল্লাহৰ লগত জুহৰৰ চালাত আদায় কৰিলোঁ। ইয়াৰ পিছত তাৰ পৰা ওলাই আহি আনাছ ইবনু মালিক ৰাদ্বিয়াল্লাহু আনহুৰ ওচৰলৈ গ’লো। আমি গৈ তেখেতেক ‘আচৰৰ চালাত আদায় কৰি থকা অৱস্থাত পালোঁ। মই তেখেতেক ক’লো- খুড়া! এয়া কিহৰ চালাত যিটো আপুনি আদায় কৰিলে? তেখেতে ক’লে, ‘আচৰৰ চালাত, আৰু এয়া হ’ল আল্লাহৰ ৰাছূল চাল্লাল্লাহু আলাইহি অছাল্লামৰ চালাত, যিটো আমি তেখেতৰ সৈতে আদায় কৰিছিলোঁ। (সংশ্লিষ্ট হাদীছসমূহঃ মুছলিম ৫/৩৪, হাদীছ নং ৬২৩) (আ.প্ৰ. ৫১৬, ই.ফা. ৫২২)
হাদীছ- 550أَبُو الْيَمَانِ قَالَ أَخْبَرَنَا شُعَيْبٌ عَنْ الزُّهْرِيِّ قَالَ حَدَّثَنِي أَنَسُ بْنُ مَالِكٍ قَالَ كَانَ رَسُولُ اللهِ صلى الله عليه وسلم يُصَلِّي الْعَصْرَ وَالشَّمْسُ مُرْتَفِعَةٌ حَيَّةٌ فَيَذْهَبُ الذَّاهِبُ إِلَى الْعَوَالِي فَيَأْتِيهِمْ وَالشَّمْسُ مُرْتَفِعَةٌ وَبَعْضُ الْعَوَالِي مِنَ الْمَدِينَةِ عَلَى أَرْبَعَةِ أَمْيَالٍ أَوْ نَحْوِهِ.৫৫০. আনাছ ইবনু মালিক ৰাদ্বিয়াল্লাহু আনহুৰ দ্বাৰা বর্ণিত, তেখেতে কৈছে, আল্লাহৰ ৰাছূল চাল্লাল্লাহু আলাইহি অছাল্লামে ‘আচৰৰ চালাত আদায় কৰিছিল, আৰু সূর্য তেতিয়াও যথেষ্ট ওপৰত উজ্জ্বল অৱস্থাত বিৰাজমান আছিল। চালাতৰ পিছত কোনো গমনকাৰী ‘আওৱালী’ৰ ফালে ৰাওনা হৈ তেওঁলোকৰ ওচৰ গৈ পাইছিল, আৰু তেতিয়াও সূর্য ওপৰত আছিল। আওৱালীৰ কোনো কোনো অংশৰ দূৰত্ব আছিল মদীনাৰ পৰা চাৰি মাইল বা তাৰ ওচৰা-ওচৰি। (সংশ্লিষ্ট হাদীছসমূহঃ ৫৪৮) (আ.প্ৰ. ৫১৮, ই.ফা. ৫২৪)
হাদীছ- 551عَبْدُ اللهِ بْنُ يُوسُفَ قَالَ أَخْبَرَنَا مَالِكٌ عَنْ ابْنِ شِهَابٍ عَنْ أَنَسِ بْنِ مَالِكٍ قَالَ كُنَّا نُصَلِّي الْعَصْرَ ثُمَّ يَذْهَبُ الذَّاهِبُ مِنَّا إِلَى قُبَاءٍ فَيَأْتِيهِمْ وَالشَّمْسُ مُرْتَفِعَةٌ.৫৫১. আনাছ ইবনু মালিক ৰাদ্বিয়াল্লাহু আনহুৰ দ্বাৰা বর্ণিত, তেখেতে কৈছে, আমি ‘আচৰৰ চালাত আদায় কৰিছিলোঁ। তাৰ পিছত আমাৰ কোনো গমনকাৰীয়ে কুবাৰ ফালে গৈছিল আৰু সূর্য যথেষ্ট ওপৰত থাকোতেই তেওঁ গৈ তেওঁলোকৰ ওচৰ পাইছিল। (সংশ্লিষ্ট হাদীছসমূহঃ ৫৪৮; মুছলিম ৫/৩৪, হাদীছ নং ৬২১, আহমাদ ১২৬৪৪) (আ.প্ৰ. ৫১৭, ই.ফা. ৫২৩)
পৰিচ্ছেদ: ১৪, ‘আচৰৰ চালাত কাযা হোৱা ব্যক্তিৰ গুনাহ।হাদীছ- 552عَبْدُ اللهِ بْنُ يُوسُفَ قَالَ أَخْبَرَنَا مَالِكٌ عَنْ نَافِعٍ عَنْ عَبْدِ اللهِ بْنِ عُمَرَ أَنَّ رَسُولَ اللهِ صلى الله عليه وسلم قَالَ الَّذِي تَفُوتُهُ صَلاَةُ الْعَصْرِ كَأَنَّمَا وُتِرَ أَهْلَهُ وَمَالَهُ قَالَ أَبُو عَبْد اللهِ يَتِرَكُمْ وَتَرْتُ الرَّجُلَ إِذَا قَتَلْتَ لَهُ قَتِيلاً أَوْ أَخَذْتَ لَهُ مَالاً.৫৫২. ‘আব্দুল্লাহ্ ইবনু ওমৰ ৰাদ্বিয়াল্লাহু আনহুৰ দ্বাৰা বর্ণিত, আল্লাহৰ ৰাছূল চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে, যি ব্যক্তিৰ ‘আচৰৰ চালাত কাযা হয়, তাৰ যেনিবা পৰিবাৰ-পৰিজন আৰু মাল-সম্পদ সকলো ধ্বংস হৈ গ’ল। আবূ আব্দুল্লাহে [ইমাম বুখাৰী ৰাহিমাহুল্লাহ] কৈছে, (আৰবী পৰিভাষাত) يَتِرَكُمْ وَتَرْتُ الرَّجُلَ বাক্যটি ব্যৱহাৰ কৰা হয়, যেতিয়া কোনোৱে কাৰোবাক হত্যা কৰে অথবা মাল-সম্পদ কাঢ়ি নিয়ে। (সংশ্লিষ্ট হাদীছসমূহঃ মুছলিম ৫/৩৫, হাদীছ নং ৬২৬, আহমাদ ৫৭৮৪) (আ. প্র. ৫১৯, ই. ফা. ৫২৫)
পৰিচ্ছেদ: ১৫, ‘আচৰৰ চালাত পৰিত্যাগ কৰা ব্যক্তিৰ গুনাহ।হাদীছ- 553مُسْلِمُ بْنُ إِبْرَاهِيمَ قَالَ حَدَّثَنَا هِشَامٌ قَالَ حَدَّثَنَا يَحْيَى بْنُ أَبِي كَثِيرٍ عَنْ أَبِي قِلَابَةَ عَنْ أَبِي الْمَلِيحِ قَالَ كُنَّا مَعَ بُرَيْدَةَ فِي غَزْوَةٍ فِي يَوْمٍ ذِي غَيْمٍ فَقَالَ بَكِّرُوا بِصَلاَةِ الْعَصْرِ فَإِنَّ النَّبِيَّ صلى الله عليه وسلم قَالَ مَنْ تَرَكَ صَلاَةَ الْعَصْرِ فَقَدْ حَبِطَ عَمَلُهُ.৫৫৩. আবূ মালীহ ৰাদ্বিয়াল্লাহু আনহুৰ দ্বাৰা বর্ণিত, তেখেতে কৈছে, এখন যুদ্ধত আমি হজৰত বুৰাইদা ৰাদ্বিয়াল্লাহু আনহুৰ লগত আছিলোঁ। দিনটো আছিল মেঘাচ্ছন্ন। সেয়ে বুৰাইদা ৰাদ্বিয়াল্লাহু আনহুৱে ক’লে, শীঘ্রে ‘আচৰৰ চালাত আদায় কৰি লোৱা। কাৰণ নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে, যি ব্যক্তিয়ে ‘আচৰৰ চালাত এৰি দিয়ে তাৰ আমল বিনষ্ট হৈ যায়। (সংশ্লিষ্ট হাদীছসমূহঃ ৫৯৪) (আ.প্ৰ. ৫২০, ই.ফা. ৫২৬)
পৰিচ্ছেদ: ১৬, ‘আচৰৰ চালাতৰ মৰ্যাদা।হাদীছ- 554حَدَّثَنَا الْحُمَيْدِيُّ، قَالَ حَدَّثَنَا مَرْوَانُ بْنُ مُعَاوِيَةَ، قَالَ حَدَّثَنَا إِسْمَاعِيلُ، عَنْ قَيْسٍ، عَنْ جَرِيرٍ، قَالَ كُنَّا عِنْدَ النَّبِيِّ صلى الله عليه وسلم فَنَظَرَ إِلَى الْقَمَرِ لَيْلَةً ـ يَعْنِي الْبَدْرَ ـ فَقَالَ ‏"‏ إِنَّكُمْ سَتَرَوْنَ رَبَّكُمْ كَمَا تَرَوْنَ هَذَا الْقَمَرَ لاَ تُضَامُّونَ فِي رُؤْيَتِهِ، فَإِنِ اسْتَطَعْتُمْ أَنْ لاَ تُغْلَبُوا عَلَى صَلاَةٍ قَبْلَ طُلُوعِ الشَّمْسِ وَقَبْلَ غُرُوبِهَا فَافْعَلُوا ‏"‏‏.‏ ثُمَّ قَرَأَ ‏{‏وَسَبِّحْ بِحَمْدِ رَبِّكَ قَبْلَ طُلُوعِ الشَّمْسِ وَقَبْلَ الْغُرُوبِ‏}‏‏.‏ قَالَ إِسْمَاعِيلُ افْعَلُوا لاَ تَفُوتَنَّكُمْ‏.‏৫৫৪. জাৰিৰ ইবনু ‘আব্দুল্লাহ্ ৰাদ্বিয়াল্লাহু আনহুৰ দ্বাৰা বর্ণিত, তেখেতে কৈছে, এদিন আমি নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওচৰত উপস্থিত আছিলোঁ। তেখেতে ৰাতি (পূর্ণিমাৰ) জোনটোৰ ফালে চাই ক’লে, “সেই জোনটো তোমালোকে যেনেকৈ দেখিছা, ঠিক তেনেকৈ অচিৰেই তোমালোকৰ প্রতিপালকক তোমালোকে দেখিবলৈ পাবা। তেওঁক দেখিবলৈ তোমালোকে কোনো ভিৰৰ সন্মুখীন হ’বলগীয়া নহয়। সেয়েহে সূর্য উদয়ৰ আৰু অস্ত যোৱাৰ আগৰ চালাত (শ্বয়তানৰ প্রভাৱমুক্ত হৈ) আদায় কৰিব পাৰিলে তোমালোকে তাকেই কৰিবা।’’ ইয়াৰ পিছত তেখেতে নিম্নোক্ত আয়াত পাঠ কৰিলে, “... আৰু তোমাৰ প্রতিপালকৰ প্রশংসাৰ তাছবীহ্ পাঠ কৰা সূর্য উদয়ৰ পূৰ্বে আৰু সূৰ্য অস্ত যোৱাৰ পূৰ্বে” (ছুৰা ক্কাফ ৫০/৩৯)। ইছমাঈল ৰাহিমাহুল্লাহে কৈছে, ইয়াৰ অর্থ হ’ল– এনেকুৱাভাৱে আদায় কৰাৰ চেষ্টা কৰিবা যাতে কেতিয়াও কাযা নহয়। (সংশ্লিষ্ট হাদীছসমূহঃ ৫৭৩, ৪৮৫১, ৭৪৩৪, ৭৪৩৫, ৭৪৩৬; মুছলিম ৫/৩৬ হাদীছ নং ৬৩৩, আহমাদ ১৯২১১) (আ.প্ৰ. ৫২১, ই.ফা. ৫২৭)
হাদীছ- 555عَبْدُ اللهِ بْنُ يُوسُفَ قَالَ حَدَّثَنَا مَالِكٌ عَنْ أَبِي الزِّنَادِ عَنِ الْأَعْرَجِ عَنْ أَبِي هُرَيْرَةَ أَنَّ رَسُولَ اللهِ صلى الله عليه وسلم قَالَ يَتَعَاقَبُونَ فِيكُمْ مَلَائِكَةٌ بِاللَّيْلِ وَمَلَائِكَةٌ بِالنَّهَارِ وَيَجْتَمِعُونَ فِي صَلاَةِ الْفَجْرِ وَصَلاَةِ الْعَصْرِ ثُمَّ يَعْرُجُ الَّذِينَ بَاتُوا فِيكُمْ فَيَسْأَلُهُمْ وَهُوَ أَعْلَمُ بِهِمْ كَيْفَ تَرَكْتُمْ عِبَادِي فَيَقُولُونَ تَرَكْنَاهُمْ وَهُمْ يُصَلُّونَ وَأَتَيْنَاهُمْ وَهُمْ يُصَلُّونَ.৫৫৫. আবূ হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ দ্বাৰা বর্ণিত, আল্লাহৰ ৰাছূল চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে, “ফিৰিস্তাসকলে পাল পাতি তোমালোকৰ মাজত আগমন কৰে; এটা দল দিনত, এটা দল ৰাতি। ‘আচৰ আৰু ফজৰৰ চালাতত উভয় দল একত্ৰিত হয়। ইয়াৰ পিছত তোমালোকৰ মাজত ৰাতি যাপনকাৰী দলটো উঠি যায়। তেতিয়া তেওঁলোকৰ প্রতিপালকে তেওঁলোকক প্ৰশ্ন কৰে, মোৰ বান্দাসকলক কোন অৱস্থাত ৰাখি আহিলা? অৱশ্যে তেওঁ নিজেই তেওঁলোকৰ বিষয়ে সর্বাধিক পৰিজ্ঞাত। উত্তৰত তেওঁলোকে কয়; আমি তেওঁলোকক চালাতত ৰাখি আহিছোঁ, আৰু আমি যেতিয়া তেওঁলোকৰ ওচৰত গৈছিলোঁ তেতিয়াও তেওঁলোক চালাত অৱস্থাত আছিল। (সংশ্লিষ্ট হাদীছসমূহঃ ৩২২৩, ৭৪২৯, ৭৪৮৬; মুছলিম ৫/৩৬ হাদীছ নং ৬৩২, আহমাদ ১০৩১৩) (আ.প্ৰ. ৫২২, ই.ফা. ৫২৮)
পৰিচ্ছেদ: ১৭, যি ব্যক্তিয়ে সূৰ্যাস্তৰ পূৰ্বে ‘আচৰৰ এক ৰাক‘আত পালে।হাদীছ- 556أَبُو نُعَيْمٍ قَالَ حَدَّثَنَا شَيْبَانُ عَنْ يَحْيَى بْنِ أَبِي كَثِيرٍ عَنْ أَبِي سَلَمَةَ عَنْ أَبِي هُرَيْرَةَ قَالَ قَالَ رَسُولُ اللهِ صلى الله عليه وسلم إِذَا أَدْرَكَ أَحَدُكُمْ سَجْدَةً مِنْ صَلاَةِ الْعَصْرِ قَبْلَ أَنْ تَغْرُبَ الشَّمْسُ فَلْيُتِمَّ صَلاَتَهُ وَإِذَا أَدْرَكَ سَجْدَةً مِنْ صَلاَةِ الصُّبْحِ قَبْلَ أَنْ تَطْلُعَ الشَّمْسُ فَلْيُتِمَّ صَلاَتَهُ.৫৫৬. আবূ হুৰাইৰাহ্ ৰাদ্বিয়াল্লাহু আনহুৰ দ্বাৰা বর্ণিত, তেখেতে কৈছে, আল্লাহৰ ৰাছূল চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে, “তোমালোকৰ কোনোৱে যদি সূর্য অস্ত যোৱাৰ পূৰ্বে ‘আচৰৰ চালাতৰ এটা ছাজদাহ পায়, তেনেহ’লে তেওঁ যেন চালাত পূর্ণ কৰি লয়। আকৌ যদি সূর্য উদিত হোৱাৰ পূৰ্বে ফজৰৰ চালাতৰ এটা ছাজদাহ পায়, তেনেহ’লে তেওঁ যেন চালাত পূর্ণ কৰি লয়”। (সংশ্লিষ্ট হাদীছসমূহঃ ৫৭৯, ৫৮০; মুছলিম ৫/৩০ হাদীছ নং ৬০৮, আহমাদ ৯৯৬১) (আ.প্ৰ. ৫২৩, ই.ফা. ৫২৯)
হাদীছ- 557عَبْدُ الْعَزِيزِ بْنُ عَبْدِ اللهِ الْأُوَيْسِيُّ قَالَ حَدَّثَنِي إِبْرَاهِيمُ بْنُ سَعْدٍ عَنْ ابْنِ شِهَابٍ عَنْ سَالِمِ بْنِ عَبْدِ اللهِ عَنْ أَبِيهِ أَنَّهُ أَخْبَرَهُ أَنَّهُ سَمِعَ رَسُولَ اللهِ صلى الله عليه وسلم يَقُولُ إِنَّمَا بَقَاؤُكُمْ فِيمَا سَلَفَ قَبْلَكُمْ مِنَ الْأُمَمِ كَمَا بَيْنَ صَلاَةِ الْعَصْرِ إِلَى غُرُوبِ الشَّمْسِ أُوتِيَ أَهْلُ التَّوْرَاةِ التَّوْرَاةَ فَعَمِلُوا حَتَّى إِذَا انْتَصَفَ النَّهَارُ عَجَزُوا فَأُعْطُوا قِيرَاطًا قِيرَاطًا ثُمَّ أُوتِيَ أَهْلُ الْإِنْجِيلِ الْإِنْجِيلَ فَعَمِلُوا إِلَى صَلاَةِ الْعَصْرِ ثُمَّ عَجَزُوا فَأُعْطُوا قِيرَاطًا قِيرَاطًا ثُمَّ أُوتِينَا الْقُرْآنَ فَعَمِلْنَا إِلَى غُرُوبِ الشَّمْسِ فَأُعْطِينَا قِيرَاطَيْنِ قِيرَاطَيْنِ فَقَالَ أَهْلُ الْكِتَابَيْنِ أَيْ رَبَّنَا أَعْطَيْتَ هَؤُلَاءِ قِيرَاطَيْنِ قِيرَاطَيْنِ وَأَعْطَيْتَنَا قِيرَاطًا قِيرَاطًا وَنَحْنُ كُنَّا أَكْثَرَ عَمَلاً قَالَ قَالَ اللهُ عَزَّ وَجَلَّ هَلْ ظَلَمْتُكُمْ مِنْ أَجْرِكُمْ مِنْ شَيْءٍ قَالُوا لاَ قَالَ فَهُوَ فَضْلِي أُوتِيهِ مَنْ أَشَاءُ.৫৫৭. ছালিম ইবনু ‘আব্দিল্লাহ্ ৰাহিমাহুল্লাহে তেখেতৰ পিতাৰ পৰা বর্ণনা কৰিছে, তেখেতে আল্লাহৰ ৰাছূল চাল্লাল্লাহু আলাইহি অছাল্লামক কোৱা শুনিছে যে, পুর্ব যুগৰ উম্মতৰ স্থায়িত্বৰ তুলনাত তোমালোকৰ স্থায়িত্ব হ’ল ‘আচৰৰ পৰা সূর্য অস্ত যোৱাৰ মধ্যৱর্তী সময়ৰ অনুৰূপ। তাওৰাত অনুসাৰীসকলক তাওৰাত দিয়া হৈছিল। তেওঁলোকে তদানুসাৰে কাম কৰাত লাগিল; যেতিয়া দুপৰীয়া হ’ল, তেতিয়া তেওঁলোকে অপাৰগ হৈ পৰিল। সিহঁতক এক এক ‘কীৰাত’কৈ পাৰিশ্রমিক প্রদান কৰা হ’ল। তাৰ পিছত ইঞ্জিল অনুসাৰীসকলক ইঞ্জিল দিয়া হ’ল। তেওঁলোকে ‘আচৰৰ চালাতলৈকে কাম কৰি অপাৰগ হৈ পৰিল। সিহঁতক এক এক ‘কীৰাত’কৈ পাৰিশ্রমিক দিয়া হ’ল। তাৰ পিছত আমাক কুৰআন দিয়া হ’ল। আমি সূর্যাস্তলৈকে কাম কৰিলোঁ। আমাক দুই দুই ‘কীৰাত’কৈ দিয়া হ’ল। ইয়াতে উভয় কিতাবী সম্প্রদায়ে ক’লে, হে আমাৰ প্রতিপালক! সিহঁতক দুই দুই ‘কীৰাত’কৈ দান কৰিছে, আৰু আমাক দিছে এক এক 'কীৰাত'কৈ; অথচ আমলৰ ফালেদি আমিয়েই বেছি। আল্লাহ্‌ তা’আলাই ক’লে তোমালোকৰ পাৰিশ্রমিকৰ বিষয়ে মই তোমালোকৰ প্রতি কোনো ধৰণৰ যুলুম কৰিছোঁ নেকি? তেওঁলোকে ক’লে, নাই। তেতিয়া আল্লাহ্ তা’আলাই ক’লে- এয়া হ’ল, আমাৰ অনুগ্রহ যাক ইচ্ছা তাকেই দান কৰোঁ। (সংশ্লিষ্ট হাদীছসমূহঃ ২২৬৮, ২২৬৯, ৩৪৫৯, ৫০২১, ৭৪৬৭, ৭৫৩৩) (আ.প্ৰ. ৫২৪, ই.ফা. ৫৩০)
হাদীছ- 558أَبُو كُرَيْبٍ قَالَ حَدَّثَنَا أَبُو أُسَامَةَ عَنْ بُرَيْدٍ عَنْ أَبِي بُرْدَةَ عَنْ أَبِي مُوسَى عَنِ النَّبِيِّ صلى الله عليه وسلم مَثَلُ الْمُسْلِمِينَ وَالْيَهُودِ وَالنَّصَارَى كَمَثَلِ رَجُلٍ اسْتَأْجَرَ قَوْمًا يَعْمَلُونَ لَهُ عَمَلاً إِلَى اللَّيْلِ فَعَمِلُوا إِلَى نِصْفِ النَّهَارِ فَقَالُوا لاَ حَاجَةَ لَنَا إِلَى أَجْرِكَ فَاسْتَأْجَرَ آخَرِينَ فَقَالَ أَكْمِلُوا بَقِيَّةَ يَوْمِكُمْ وَلَكُمْ الَّذِي شَرَطْتُ فَعَمِلُوا حَتَّى إِذَا كَانَ حِينَ صَلاَةِ الْعَصْرِ قَالُوا لَكَ مَا عَمِلْنَا فَاسْتَأْجَرَ قَوْمًا فَعَمِلُوا بَقِيَّةَ يَوْمِهِمْ حَتَّى غَابَتْ الشَّمْسُ وَاسْتَكْمَلُوا أَجْرَ الْفَرِيقَيْنِ.৫৫৮. আবূ মুছা ৰাদ্বিয়াল্লাহু আনহুৰ দ্বাৰা বর্ণিত, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে, মুছলিম, ইয়াহূদী আৰু নাছাৰাসকলৰ উদাহাৰণ হ’ল এনেকুৱা, এজন ব্যক্তিয়ে এদল লোকক কামত নিয়োগ কৰিলে, তেওঁলোকে তেওঁৰ কাৰণে ৰাতিলৈকে কাম কৰিব। কিন্তু আধাদিন পর্যন্ত কাম কৰাৰ পিছত তেওঁলোকে ক’লে, আপোনাৰ পাৰিশ্রমিকৰ আমাৰ কোনো প্রয়োজন নাই। সেই ব্যক্তিয়ে আন এটা দলৰ লোকক কামত নিয়োগ কৰিলে আৰু ক’লে, তোমালোকে দিনৰ বাকী অংশ কাম কৰা, তোমালোকে মোৰ নির্ধাৰিত পাৰিশ্রমিক পাবা। তেওঁলোকে কাম কৰিবলৈ আৰম্ভ কৰিলে। যেতিয়া ‘আচৰৰ চালাতৰ সময় হ’ল, তেতিয়া তেওঁলোকে ক’লে, আমি যি কাম কৰিছোঁ তাক আপোনাৰ কাৰণে থৈ গ’লো। ইয়াৰ পিছত সেই ব্যক্তিয়ে আন এটা দলৰ লোকক কামত নিয়োগ কৰিলে। তেওঁলোকে সূর্যাস্ত পর্যন্ত দিনৰ বাকী অংশ কাম কৰিলে আৰু সেই দুই দলৰ পূর্ণ পাৰিশ্রমিক অৰ্জন কৰি নিলে। (সংশ্লিষ্ট হাদীছসমূহঃ ২২৭১) (আ.প্ৰ. ৫২৫, ই.ফা. ৫৩১)
পৰিচ্ছেদ: ১৮, মাগৰিবৰ সময়।আত্বা ৰাহিমাহুল্লাহে কৈছে, অসুস্থ ব্যক্তিয়ে মাগৰিব আৰু ইশ্বাৰ চালাত একেলগে আদায় কৰিব পাৰিব।হাদীছ- 559مُحَمَّدُ بْنُ مِهْرَانَ قَالَ حَدَّثَنَا الْوَلِيدُ قَالَ حَدَّثَنَا الْأَوْزَاعِيُّ قَالَ حَدَّثَنَا أَبُو النَّجَاشِيِّ صُهَيْبٌ مَوْلَى رَافِعِ بْنِ خَدِيجٍ قَالَ سَمِعْتُ رَافِعَ بْنَ خَدِيجٍ يَقُولُ كُنَّا نُصَلِّي الْمَغْرِبَ مَعَ النَّبِيِّ صلى الله عليه وسلم فَيَنْصَرِفُ أَحَدُنَا وَإِنَّهُ لَيُبْصِرُ مَوَاقِعَ نَبْلِهِ.৫৫৯. ৰাফে’ ইবনু খাদীজ ৰাদ্বিয়াল্লাহু আনহুৰ দ্বাৰা বর্ণিত, তেখেতে কৈছে, আমি নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ লগত মাগৰিবৰ চালাত আদায় কৰি এনেকুৱা সময়ত উভতি আহিছিলোঁ যে, আমাৰ কোনোৱে (তীৰ নিক্ষেপ কৰিলে) নিক্ষিপ্ত তীৰ পতিত হোৱাৰ স্থান দেখা পাইছিল। (সংশ্লিষ্ট হাদীছসমূহঃ মুছলিম ৫/৩৮, হাদীছ নং ৬৩৭, আহমাদ ১৭২৭৬) (আ. প্র. ৫২৬, ই. ফা. ৫৩২)
হাদীছ- 560مُحَمَّدُ بْنُ بَشَّارٍ قَالَ حَدَّثَنَا مُحَمَّدُ بْنُ جَعْفَرٍ قَالَ حَدَّثَنَا شُعْبَةُ عَنْ سَعْدِ بْنِ إِبْرَاهِيمَ عَنْ مُحَمَّدِ بْنِ عَمْرِو بْنِ الْحَسَنِ بْنِ عَلِيٍّ قَالَ قَدِمَ الْحَجَّاجُ فَسَأَلْنَا جَابِرَ بْنَ عَبْدِ اللهِ فَقَالَ كَانَ النَّبِيُّ صلى الله عليه وسلم يُصَلِّي الظُّهْرَ بِالْهَاجِرَةِ وَالْعَصْرَ وَالشَّمْسُ نَقِيَّةٌ وَالْمَغْرِبَ إِذَا وَجَبَتْ وَالْعِشَاءَ أَحْيَانًا وَأَحْيَانًا إِذَا رَآهُمْ اجْتَمَعُوا عَجَّلَ وَإِذَا رَآهُمْ أَبْطَوْا أَخَّرَ وَالصُّبْحَ كَانُوا أَوْ كَانَ النَّبِيُّ صلى الله عليه وسلم يُصَلِّيهَا بِغَلَسٍ.৫৬০. মুহাম্মদ ইবনু ‘আমৰ ইবনু হাছান ইবনু ‘আলী ৰাদ্বিয়াল্লাহু আনহুৰ দ্বাৰা বর্ণিত, মুহাম্মদ ইবনু ‘আমৰ ৰাহিমাহুল্লাহে কৈছে, হাজ্জাজ (ইবনু ইউচুফ) (মদিনালৈ) অহাত আমি জাবিৰ ইবনু আব্দুল্লাহ্ ৰাদ্বিয়াল্লাহু আনহুক চালাতৰ ওৱাক্ত সম্বন্ধে প্ৰশ্ন কৰিলোঁ, (কিয়নো, হাজ্জাজ ইবনু ইউচুফে পলমকৈ চালাত আদায় কৰিছিল)। তেখেতে ক’লে, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে জুহৰৰ চালাত প্রচণ্ড গৰমৰ সময়ত আদায় কৰিছিল। আৰু ‘আচৰৰ চালাত সূর্য উজ্জ্বল হৈ থাকোতে আদায় কৰিছিল, মাগৰিবৰ চালাত সূর্য অস্ত যোৱাৰ লগে লগে আৰু ‘ইশ্বাৰ চালাত বিভিন্ন সময়ত আদায় কৰিছিল। যদি দেখে, সকলোৱে সমবেত হৈছে, তেনেহ’লে সোনকালে আদায় কৰিছিল। আৰু যদি দেখে, মানুহবিলাকে আহোঁতে দেৰি কৰিছে, তেনেহ’লে পলমকৈ আদায় কৰিছিল। আৰু ফজৰৰ চালাত তেখেতসকলে নাইবা নবী চাল্লাল্লাহু আলাইহি অছাল্লামে অন্ধকাৰ হৈ থাকোতে আদায় কৰিছিল। (সংশ্লিষ্ট হাদীছসমূহঃ ৫৬৫; মুছলিম ৫/৪০, হাদীছ নং ৬৪৬, আহমাদ ১৪৯৭৩) (আ. প্র. ৫২৭, ই. ফা. ৫৩৩)
হাদীছ- 561الْمَكِّيُّ بْنُ إِبْرَاهِيمَ قَالَ حَدَّثَنَا يَزِيدُ بْنُ أَبِي عُبَيْدٍ عَنْ سَلَمَةَ قَالَ كُنَّا نُصَلِّي مَعَ النَّبِيِّ صلى الله عليه وسلم الْمَغْرِبَ إِذَا تَوَارَتْ بِالْحِجَابِ.৫৬১. ছালামাহ্ ৰাদ্বিয়াল্লাহু আনহুৰ দ্বাৰা বর্ণিত, তেখেতে কৈছে, সূর্য পর্দাৰ আঁৰত ঢাক যোৱাৰ লগে লগেই আমি আল্লাহৰ নবী আলাইহি অছাল্লামৰ সৈতে মাগৰিবৰ চালাত আদায় কৰিছিলোঁ। (সংশ্লিষ্ট হাদীছসমূহঃ) (আ. প্র. ৫২৮, ই. ফা. ৫৩৪)
হাদীছ- 562آدَمُ قَالَ حَدَّثَنَا شُعْبَةُ قَالَ حَدَّثَنَا عَمْرُو بْنُ دِينَارٍ قَالَ سَمِعْتُ جَابِرَ بْنَ زَيْدٍ عَنْ عَبْدِ اللهِ بْنِ عَبَّاسٍ قَالَ صَلَّى النَّبِيُّ سَبْعًا جَمِيعًا وَثَمَانِيًا جَمِيعًا.৫৬২. ইবনু ‘আব্বাছ ৰাদ্বিয়াল্লাহু আনহুৰ দ্বাৰা বর্ণিত, তেখেতে কৈছে, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে (মাগৰিব আৰু ‘ইশ্বাৰ) সাত ৰাক‘আত আৰু (জুহৰ আৰু ‘আচৰৰ) আঠ ৰাক‘আত একেলগে আদায় কৰিছে। (সংশ্লিষ্ট হাদীছসমূহঃ ৫৪৩) (আ. প্র. ৫২৯, ই. ফা. ৫৩৫)
পৰিচ্ছেদ: ১৯, মাগৰিবক ‘ইশ্বা বুলি কোৱাটো যিয়ে অপছন্দ কৰে।হাদীছ- 563أَبُو مَعْمَرٍ هُوَ عَبْدُ اللهِ بْنُ عَمْرٍو قَالَ حَدَّثَنَا عَبْدُ الْوَارِثِ عَنِ الْحُسَيْنِ قَالَ حَدَّثَنَا عَبْدُ اللهِ بْنُ بُرَيْدَةَ قَالَ حَدَّثَنِي عَبْدُ اللهِ بْنُ مُغَفَّلٍ الْمُزَنِيُّ أَنَّ النَّبِيَّ قَالَ لاَ تَغْلِبَنَّكُمْ الْأَعْرَابُ عَلَى اسْمِ صَلاَتِكُمْ الْمَغْرِبِ قَالَ الْأَعْرَابُ وَتَقُولُ هِيَ الْعِشَاءُ.৫৬৩. ‘আব্দুল্লাহ্‌ মুযানী ৰাদ্বিয়াল্লাহু আনহুৰ দ্বাৰা বর্ণিত, তেখেতে কৈছে, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে, বেদুঈনসকলে মাগৰিবৰ চালাতৰ নামৰ ক্ষেত্ৰত তোমালোকৰ ওপৰত যেন প্রভাৱ বিস্তাৰ নকৰে। ৰাবী (আব্দুল্লাহ্‌ মুযানী ৰাদ্বিয়াল্লাহু আনহুৱে কৈছে, বেদুঈনসকলে মাগৰিবক ‘ইশ্বা বুলি কৈ থাকে)। (সংশ্লিষ্ট হাদীছসমূহঃ) (আ.প্ৰ. ৫৩০, ই.ফা. ৫৩৬)
পৰিচ্ছেদ : ২০, ‘ইশ্বা ও আতামাহ-ৰ বর্ণনা আৰু যিয়ে ইয়াত কোনো আপত্তি নকৰে।আবূ হুৰাইৰাহ্ ৰাদ্বিয়াল্লাহু আনহুৱে নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৰা বর্ণনা কৰিছে যে, মুনাফিকসকলৰ বাবে আটাইতকৈ কষ্টকৰ চালাত হৈছে ‘ইশ্বা আৰু ফজৰ। তেখেতে আৰু কৈছে যে, তেওঁলোকে যদি জানিলেহেঁতেন, আতামা (‘ইশ্বা) আৰু ফজৰত কি কল্যাণ নিহিত আছে! ইমাম বুখাৰী ৰাহিমাহুল্লাহে কৈছে, ‘ইশ্বা শব্দ ব্যৱহাৰ কৰাই উত্তম। কিয়নো, আল্লাহ্ তা‘আলাই কৈছে- ‘‘...’ইশ্বাৰ চালাতৰ পিছত...’’- (ছূৰা আন-নূৰ ২৪/৫৮)।
আবূ মূছা ৰাদ্বিয়াল্লাহু আনহুৰ দ্বাৰা বর্ণিত আছে যে, তেখেতে কৈছে, আমি পালাক্রমে নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ তালৈ ‘ইশ্বাৰ চালাতৰ সময়ত গৈছিলোঁ। এবাৰ তেখেতে সেয়া পলমকৈ আদায় কৰিলে। ইবনু ‘আব্বাছ ৰাদ্বিয়াল্লাহু আনহু আৰু ‘আ’ইশ্বা ৰাদ্বিয়াল্লাহু আনহাৰ পৰা (এনেকৈ) বর্ণিত আছে যে, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে ‘ইশ্বা দেৰিকৈ আদায় কৰিলে। বর্ণনাকাৰীসকলৰ কিছুমানে কৈছে, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে ‘আতামাক দেৰিকৈ আদায় কৰিলে। জাবিৰ ৰাদ্বিয়াল্লাহু আনহুৱে কৈছে, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে ‘ইশ্বাৰ চালাত আদায় কৰিলে। আবূ বাৰযাহ ৰাদ্বিয়াল্লাহু আনহুৱে কৈছে, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে ‘ইশ্বাৰ চালাত পলমকৈ আদায় কৰিলে। আনাছ ৰাদ্বিয়াল্লাহু আনহুৱে কৈছে, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে শেষ ‘ইশ্বা পলমকৈ আদায় কৰিছিল। ইবনু ওমৰ, আবূ আইয়ূব আৰু ইবনু ‘আব্বাছ ৰাদ্বিয়াল্লাহু আনহুমে কৈছে, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে মাগৰিব আৰু ‘ইশ্বাৰ চালাত আদায় কৰিলে।
হাদীছ- 564عَبْدَانُ قَالَ أَخْبَرَنَا عَبْدُ اللهِ قَالَ أَخْبَرَنَا يُونُسُ عَنْ الزُّهْرِيِّ قَالَ سَالِمٌ أَخْبَرَنِي عَبْدُ اللهِ قَالَ صَلَّى لَنَا رَسُولُ اللهِ صلى الله عليه وسلم لَيْلَةً صَلاَةَ الْعِشَاءِ وَهِيَ الَّتِي يَدْعُو النَّاسُ الْعَتَمَةَ ثُمَّ انْصَرَفَ فَأَقْبَلَ عَلَيْنَا فَقَالَ أَرَأَيْتُمْ لَيْلَتَكُمْ هَذِهِ فَإِنَّ رَأْسَ مِائَةِ سَنَةٍ مِنْهَا لاَ يَبْقَى مِمَّنْ هُوَ عَلَى ظَهْرِ الْأَرْضِ أَحَدٌ.৫৬৪. ‘আব্দুল্লাহ্ ৰাদ্বিয়াল্লাহু আনহুৰ দ্বাৰা বর্ণিত, তেখেতে কৈছে, এদিন ৰাতি আল্লাহৰ ৰাছূল চাল্লাল্লাহু আলাইহি অছাল্লামে আমাক লৈ ‘ইশ্বাৰ চালাত আদায় কৰিলে, যি চালাতক মানুহে ‘আতামা’ বুলি কৈ থাকে। ইয়াৰ পিছত তেখেতে উভতি আমাৰ ফালে মুখ কৰি ক’লে, আজিৰ এই ৰাতি সম্পর্কে তোমালোকে জানানে? এই ৰাতিৰ পৰা এশ বছৰৰ শেষ প্ৰান্তত আজি যিসকল ভূপৃষ্ঠত আছে তেওঁলোকৰ কোনো অৱশিষ্ট নাথাকিব। (সংশ্লিষ্ট হাদীছসমূহঃ ১১৬) (আ. প্র. ৫৩১, ই. ফা. ৫৩৭)
পৰিচ্ছেদ : ২১, ‘ইশ্বাৰ চালাতৰ সময়ত লোকসকল একত্ৰিত হ’লে অথবা পলমকৈ আহিলে।হাদীছ- 565مُسْلِمُ بْنُ إِبْرَاهِيمَ قَالَ حَدَّثَنَا شُعْبَةُ عَنْ سَعْدِ بْنِ إِبْرَاهِيمَ عَنْ مُحَمَّدِ بْنِ عَمْرٍو هُوَ ابْنُ الْحَسَنِ بْنِ عَلِيٍّ قَالَ سَأَلْنَا جَابِرَ بْنَ عَبْدِ اللهِ عَنْ صَلاَةِ النَّبِيِّ صلى الله عليه وسلم فَقَالَ كَانَ يُصَلِّي الظُّهْرَ بِالْهَاجِرَةِ وَالْعَصْرَ وَالشَّمْسُ حَيَّةٌ وَالْمَغْرِبَ إِذَا وَجَبَتْ وَالْعِشَاءَ إِذَا كَثُرَ النَّاسُ عَجَّلَ وَإِذَا قَلُّوا أَخَّرَ وَالصُّبْحَ بِغَلَسٍ.৫৬৫. মুহাম্মাদ ইবনু ‘আমৰ ইবনু হাছান ইবনু ‘আলী ৰাদ্বিয়াল্লাহু আনহুৰ দ্বাৰা বর্ণিত, তেখেতে কৈছে, আমি জাবিৰ ইবনু ‘আব্দুল্লাহ্ ৰাদ্বিয়াল্লাহু আনহুক নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ চালাত সম্পৰ্কে প্ৰশ্ন কৰিলোঁ। তেখেতে ক’লে, মধ্যাহ্ন হৈ গ’লেই নবী চাল্লাল্লাহু আলাইহি অছাল্লামে জুহৰৰ চালাত আদায় কৰিছিল আৰু সূর্য সতেজ থাকোতেই ‘আচৰ আদায় কৰিছিল, আৰু সূর্য অস্ত গ’লেই মাগৰিব আদায় কৰিছিল, আৰু মানুহ বেছি হৈ গ’লে ‘ইশ্বাৰ চালাত সোনকালে আদায় কৰিছিল আৰু মানুহ কম হ’লে দেৰি কৰিছিল, আৰু ফজৰৰ চালাত অন্ধকাৰ থাকোতেই আদায় কৰিছিল। (সংশ্লিষ্ট হাদীছসমূহঃ ৫৬০) (আ. প্র. ৫৩২, ই. ফা. ৫৩৮)
পৰিচ্ছেদ : ২২, ‘ইশ্বা চালাতৰ মৰ্যাদা।হাদীছ- 566يَحْيَى بْنُ بُكَيْرٍ قَالَ حَدَّثَنَا اللَّيْثُ عَنْ عُقَيْلٍ عَنْ ابْنِ شِهَابٍ عَنْ عُرْوَةَ أَنَّ عَائِشَةَ أَخْبَرَتْهُ قَالَتْ أَعْتَمَ رَسُولُ اللهِ صلى الله عليه وسلم لَيْلَةً بِالْعِشَاءِ وَذَلِكَ قَبْلَ أَنْ يَفْشُوَ الإِسْلاَمُ فَلَمْ يَخْرُجْ حَتَّى قَالَ عُمَرُ نَامَ النِّسَاءُ وَالصِّبْيَانُ فَخَرَجَ فَقَالَ لِأَهْلِ الْمَسْجِدِ مَا يَنْتَظِرُهَا أَحَدٌ مِنْ أَهْلِ الْأَرْضِ غَيْرَكُمْ.৫৬৬. ‘আইশ্বা ৰাদ্বিয়াল্লাহু আনহাৰ দ্বাৰা বর্ণিত, তেখেতে কৈছে, এদিন ৰাতি আল্লাহৰ ৰাছূল চাল্লাল্লাহু আলাইহি অছাল্লামে ‘ইশ্বাৰ চালাত আদায় কৰোঁতে পলম কৰিলে। এইটো হ’ল ব্যাপকভাৱে ইছলাম প্রসাৰৰ আগৰ কথা। (চালাতৰ কাৰণে) তেখেতে ওলাই অহা নাই, এনেতে ওমৰ ৰাদ্বিয়াল্লাহু আনহুৱে ক’লে, মহিলা আৰু শিশুসকল শুই পৰিছে। ইয়াৰ পিছত তেখেতে ওলাই আহিল আৰু মছজিদৰ লোকসকলক লক্ষ্য কৰি ক’লে “তোমালোকৰ বাহিৰে পৃথিৱীৰ অধিবাসীসকলৰ কোনেও ‘ইশ্বাৰ চালাতৰ অপেক্ষাত নাই।” (সংশ্লিষ্ট হাদীছসমূহঃ ৫৬৯, ৮৬২, ৮৬৪; মুছলিম ৫/৩৯, হাদীছ নং ৬৩৮, আহমাদ ২৫৬৮৮) (আ. প্র. ৫৩৩, ই. ফা. ৫৩৯)
হাদীছ- 567مُحَمَّدُ بْنُ الْعَلَاءِ قَالَ أَخْبَرَنَا أَبُو أُسَامَةَ عَنْ بُرَيْدٍ عَنْ أَبِي بُرْدَةَ عَنْ أَبِي مُوسَى قَالَ كُنْتُ أَنَا وَأَصْحَابِي الَّذِينَ قَدِمُوا مَعِي فِي السَّفِينَةِ نُزُولاً فِي بَقِيعِ بُطْحَانَ وَالنَّبِيُّ صلى الله عليه وسلم بِالْمَدِينَةِ فَكَانَ يَتَنَاوَبُ النَّبِيَّ صلى الله عليه وسلم عِنْدَ صَلاَةِ الْعِشَاءِ كُلَّ لَيْلَةٍ نَفَرٌ مِنْهُمْ فَوَافَقْنَا النَّبِيَّ صلى الله عليه وسلم صلى الله عليه وسلم أَنَا وَأَصْحَابِي وَلَهُ بَعْضُ الشُّغْلِ فِي بَعْضِ أَمْرِهِ فَأَعْتَمَ بِالصَّلاَةِ حَتَّى ابْهَارَّ اللَّيْلُ ثُمَّ خَرَجَ النَّبِيُّ صلى الله عليه وسلم فَصَلَّى بِهِمْ فَلَمَّا قَضَى صَلاَتَهُ قَالَ لِمَنْ حَضَرَهُ عَلَى رِسْلِكُمْ أَبْشِرُوا إِنَّ مِنْ نِعْمَةِ اللهِ عَلَيْكُمْ أَنَّهُ لَيْسَ أَحَدٌ مِنْ النَّاسِ يُصَلِّي هَذِهِ السَّاعَةَ غَيْرُكُمْ أَوْ قَالَ مَا صَلَّى هَذِهِ السَّاعَةَ أَحَدٌ غَيْرُكُمْ لاَ يَدْرِي أَيَّ الْكَلِمَتَيْنِ قَالَ قَالَ أَبُو مُوسَى فَرَجَعْنَا فَفَرِحْنَا بِمَا سَمِعْنَا مِنْ رَسُولِ اللهِ صلى الله عليه وسلم .৫৬৭. আবূ মুছা ৰাদ্বিয়াল্লাহু আনহুৰ দ্বাৰা বর্ণিত, তেখেতে কৈছে, মই আৰু মোৰ সঙ্গীসকল, যিসকলে (আবিচিনিয়াৰ পৰা) জাহাজেৰে মোৰ লগত প্রত্যাৱর্তন কৰিছিল- বাকী’য়ে বুতহানৰ এটি মুকলি এলেকাত বসবাস কৰি আছিলোঁ। তেতিয়া নবী চাল্লাল্লাহু আলাইহি অছাল্লাম আছিল মদিনাত। বুতহানৰ অধিবাসীসকলে পালাক্রমে এদল এদলকৈ প্রতি ৰাতি ‘ইশ্বাৰ চালাতৰ সময়ত আল্লাহৰ ৰাছূল চাল্লাল্লাহু আলাইহি অছাল্লামৰ খিদমতত আহিছিল। পালাক্রমে ‘ইশ্বাৰ চালাতৰ সময়ত মই আৰু মোৰ কিছুমান সঙ্গী নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওচৰত উপস্থিত হ’লো। তেতিয়া তেখেতে কিবা কামত খুবেই ব্যস্ত আছিল, ফলত চালাত আদায়ত পলম কৰিলে। আনকি আধা-ৰাতি হৈ গ’ল। ইয়াৰ পিছত আল্লাহৰ ৰাছূল চাল্লাল্লাহু আলাইহি অছাল্লাম ওলাই আহিল আৰু সকলোকে লৈ চালাত আদায় কৰিলে। চালাতৰ শেষত তেখেতে উপস্থিত ব্যক্তিসকলক ক’লে প্রত্যেকেই নিজ নিজ স্থানত বহি যোৱা। তোমালোকক সুসংবাদ দিছোঁ যে, আল্লাহৰ ফালৰ পৰা তোমালোকৰ কাৰণে এইটো এটা নিয়ামত যে, তোমালোকৰ বাহিৰে মানুহৰ মাজত কোনেও এই মুহূর্তত চালাত আদায় কৰি থকা নাই। নাইবা তেখেতে কৈছিল, তোমালোকৰ বাহিৰে কোনো উম্মতে এই সময়ত চালাত আদায় কৰা নাই। আল্লাহৰ ৰাছূল চাল্লাল্লাহু আলাইহি অছাল্লামে কোন বাক্যটি কৈছিল বর্ণনাকাৰীয়ে সেইটো নিশ্চিতকৈ কব পৰা নাই। আবূ মুছা ৰাদ্বিয়াল্লাহু আনহুৱে কৈছে, আল্লাহৰ ৰাছূল চাল্লাল্লাহু আলাইহি অছাল্লামৰ এই কথা শুনি মই অত্যন্ত আনন্দিত মনেৰে ঘৰলৈ উভতিলোঁ। (সংশ্লিষ্ট হাদীছসমূহঃ মুছলিম ৫/৩৯, হাদীছ নং ৬৪১) (আ. প্র. ৫৩৪, ই. ফা. ৫৪০)
পৰিচ্ছেদ : ২৩, ‘ইশ্বাৰ চালাতৰ পূৰ্বে টোপনি যোৱাটো অপছন্দনীয়।হাদীছ- 568مُحَمَّدُ بْنُ سَلاَمٍ قَالَ أَخْبَرَنَا عَبْدُ الْوَهَّابِ الثَّقَفِيُّ قَالَ حَدَّثَنَا خَالِدٌ الْحَذَّاءُ عَنْ أَبِي الْمِنْهَالِ عَنْ أَبِي بَرْزَةَ أَنَّ رَسُولَ اللهِ صلى الله عليه وسلم كَانَ يَكْرَهُ النَّوْمَ قَبْلَ الْعِشَاءِ وَالْحَدِيثَ بَعْدَهَا.৫৬৮. আবূ বাৰযাহ ৰাদ্বিয়াল্লাহু আনহুৰ দ্বাৰা বর্ণিত, তেখেতে কৈছে, আল্লাহৰ ৰাছূল চাল্লাল্লাহু আলাইহি অছাল্লামে ‘ইশ্বাৰ পূর্বে টোপনি যোৱা আৰু ইয়াৰ পিছত কথা-বতৰা কোৱাটো অপছন্দ কৰিছিল। (সংশ্লিষ্ট হাদীছসমূহঃ ৫৪১) (আ. প্র. ৫৩৫, ই. ফা. ৫৪১)
পৰিচ্ছেদ : ২৪, টোপনি প্ৰবল হ’লে ‘ইশ্বাৰ পূৰ্বে টোপনি যোৱা।হাদীছ- 569أَيُّوبُ بْنُ سُلَيْمَانَ هُوَ ابْنُ بِلَالٍ قَالَ حَدَّثَنِي أَبُو بَكْرٍ عَنْ سُلَيْمَانَ هُوَ ابْنُ بِلَالٍ قَالَ حَدَّثَنَا صَالِحُ بْنُ كَيْسَانَ أَخْبَرَنِي ابْنُ شِهَابٍ عَنْ عُرْوَةَ أَنَّ عَائِشَةَ قَالَتْ أَعْتَمَ رَسُولُ اللهِ صلى الله عليه وسلم بِالْعِشَاءِ حَتَّى نَادَاهُ عُمَرُ الصَّلاَةَ نَامَ النِّسَاءُ وَالصِّبْيَانُ فَخَرَجَ فَقَالَ مَا يَنْتَظِرُهَا أَحَدٌ مِنْ أَهْلِ الْأَرْضِ غَيْرُكُمْ قَالَ وَلاَ يُصَلَّى يَوْمَئِذٍ إِلاَّ بِالْمَدِينَةِ وَكَانُوا يُصَلُّونَ فِيمَا بَيْنَ أَنْ يَغِيبَ الشَّفَقُ إِلَى ثُلُثِ اللَّيْلِ الْأَوَّلِ.৫৬৯. ‘আইশ্বা ৰাদ্বিয়াল্লাহু আনহাৰ দ্বাৰা বর্ণিত, তেখেতে কৈছে, এদিন আল্লাহৰ ৰাছূল চাল্লাল্লাহু আলাইহি অছাল্লামে ‘ইশ্বাৰ চালাত আদায় কৰোঁতে পলম কৰিলে। ওমৰ ৰাদ্বিয়াল্লাহু আনহুৱে তেখেতক ক’লে, আচ-চালাত। মহিলা আৰু শিশুসকল শুই পৰিছে। ইয়াৰ পিছত তেখেতে ওলাই আহিল আৰু ক’লে তোমালোকৰ বাহিৰে পৃথিৱীৰ আন কোনেও এই চালাতৰ কাৰণে অপেক্ষা কৰা নাই। (ৰাবীয়ে কৈছে) তেতিয়া মদিনাৰ বাহিৰে আন ক’তো চালাত আদায় কৰা হোৱা নাছিল। (তেখেতে আকৌ কৈছে যে) পশ্চিম আকাশৰ ‘শ্বাফাক’ (পশ্চিম আকাশৰ ৰঙা কিৰণ) অন্তর্হিত হোৱাৰ পিছৰ পৰা ৰাতিৰ প্রথম এক-তৃতীয়াংশৰ মাজত তেওঁলোকে ‘ইশ্বাৰ চালাত আদায় কৰিছিল। (সংশ্লিষ্ট হাদীছসমূহঃ ৫৬৬) (আ. প্র. ৫৩৬, ই. ফা. ৫৪২)
হাদীছ- 570مَحْمُودٌ يَعْنِي ابْنَ غَيْلَانَ قَالَ أَخْبَرَنَا عَبْدُ الرَّزَّاقِ قَالَ أَخْبَرَنِي ابْنُ جُرَيْجٍ قَالَ أَخْبَرَنِي نَافِعٌ قَالَ حَدَّثَنَا عَبْدُ اللهِ بْنُ عُمَرَ أَنَّ رَسُولَ اللهِ صلى الله عليه وسلم شُغِلَ عَنْهَا لَيْلَةً فَأَخَّرَهَا حَتَّى رَقَدْنَا فِي الْمَسْجِدِ ثُمَّ اسْتَيْقَظْنَا ثُمَّ رَقَدْنَا ثُمَّ اسْتَيْقَظْنَا ثُمَّ خَرَجَ عَلَيْنَا النَّبِيُّ ثُمَّ قَالَ لَيْسَ أَحَدٌ مِنْ أَهْلِ الْأَرْضِ يَنْتَظِرُ الصَّلاَةَ غَيْرُكُمْ وَكَانَ ابْنُ عُمَرَ لاَ يُبَالِي أَقَدَّمَهَا أَمْ أَخَّرَهَا إِذَا كَانَ لاَ يَخْشَى أَنْ يَغْلِبَهُ النَّوْمُ عَنْ وَقْتِهَا وَكَانَ يَرْقُدُ قَبْلَهَا.৫৭০. ‘আব্দুল্লাহ্ ইবনু ওমৰ ৰাদ্বিয়াল্লাহু আনহুৰ দ্বাৰা বর্ণিত যে, এটি নিশা কর্ম-ব্যস্ততাৰ কাৰণে আল্লাহৰ ৰাছূল চাল্লাল্লাহু আলাইহি অছাল্লামে ‘ইশ্বাৰ চালাত আদায়ত পলম কৰিলে, আনকি আমি মছজিদত শুই পৰিলোঁ। ইয়াৰ পিছত সাৰ পাই পুনৰ শুই পৰিলোঁ। ইয়াৰ পিছত পুনৰ সাৰ পালোঁ। তেতিয়া আল্লাহৰ ৰাছূল চাল্লাল্লাহু আলাইহি অছাল্লামে আমাৰ ওচৰলৈ আগুৱাই আহিল, ইয়াৰ পিছত ক’লে তোমালোকৰ বাহিৰে পৃথিৱীৰ আন কোনেও এই চালাতৰ কাৰণে অপেক্ষা কৰা নাই। টোপনি প্রবল হোৱাৰ কাৰণে ‘ইশ্বাৰ চালাত বিনষ্ট হোৱাৰ আশংকা নাথাকিলে ইবনু ওমৰ ৰাদ্বিয়াল্লাহু আনহুৱে সেয়া আগে-ভাগে বা পলমকৈ আদায় কৰিবলৈ দ্বিধাবোধ কৰা নাছিল। কেতিয়াবা কেতিয়াবা তেখেতে ‘ইশ্বাৰ আগতে টোপনিও গৈছিল। (সংশ্লিষ্ট হাদীছসমূহঃ) (আ. প্র. ৫৩৭, ই. ফা. ৫৪৩)
হাদীছ- 571قَالَ ابْنُ جُرَيْجٍ قُلْتُ لِعَطَاءٍ وَقَالَ سَمِعْتُ ابْنَ عَبَّاسٍ يَقُولُ أَعْتَمَ رَسُولُ اللهِ صلى الله عليه وسلم لَيْلَةً بِالْعِشَاءِ حَتَّى رَقَدَ النَّاسُ وَاسْتَيْقَظُوا وَرَقَدُوا وَاسْتَيْقَظُوا فَقَامَ عُمَرُ بْنُ الْخَطَّابِ فَقَالَ الصَّلاَةَ قَالَ عَطَاءٌ قَالَ ابْنُ عَبَّاسٍ فَخَرَجَ نَبِيُّ اللهِ صلى الله عليه وسلم كَأَنِّي أَنْظُرُ إِلَيْهِ الْآنَ يَقْطُرُ رَأْسُهُ مَاءً وَاضِعًا يَدَهُ عَلَى رَأْسِهِ فَقَالَ لَوْلَا أَنْ أَشُقَّ عَلَى أُمَّتِي لَأَمَرْتُهُمْ أَنْ يُصَلُّوهَا هَكَذَا فَاسْتَثْبَتُّ عَطَاءً كَيْفَ وَضَعَ النَّبِيُّ صلى الله عليه وسلم عَلَى رَأْسِهِ يَدَهُ كَمَا أَنْبَأَهُ ابْنُ عَبَّاسٍ فَبَدَّدَ لِي عَطَاءٌ بَيْنَ أَصَابِعِهِ شَيْئًا مِنْ تَبْدِيدٍ ثُمَّ وَضَعَ أَطْرَافَ أَصَابِعِهِ عَلَى قَرْنِ الرَّأْسِ ثُمَّ ضَمَّهَا يُمِرُّهَا كَذَلِكَ عَلَى الرَّأْسِ حَتَّى مَسَّتْ إِبْهَامُهُ طَرَفَ الْأُذُنِ مِمَّا يَلِي الْوَجْهَ عَلَى الصُّدْغِ وَنَاحِيَةِ اللِّحْيَةِ لاَ يُقَصِّرُ وَلاَ يَبْطُشُ إِلاَّ كَذَلِكَ وَقَالَ لَوْلَا أَنْ أَشُقَّ عَلَى أُمَّتِي لَأَمَرْتُهُمْ أَنْ يُصَلُّوا هَكَذَا.৫৭১. ইবনু জুৰাইজ ৰাহিমাহুল্লাহে কৈছে, এই বিষয়ে মই ‘আতা ৰাহিমাহুল্লাহক প্ৰশ্ন কৰিলোঁ। তেখেতে ক’লে, মই ইবনু ‘আব্বাছ ৰাদ্বিয়াল্লাহু আনহুক কোৱা শুনিছোঁ যে, এটি নিশা আল্লাহৰ ৰাছূল চাল্লাল্লাহু আলাইহি অছাল্লামে ‘ইশ্বাৰ চালাত আদায় কৰোঁতে দেৰি কৰিছিল, আনকি মানুহবোৰে এবাৰ শুই জাগি উঠিল, পুনৰ শুই পৰি জাগ্রত হ’ল। তেতিয়া ওমৰ ইবনু খাত্তাব ৰাদ্বিয়াল্লাহু আনহুৱে উঠি গৈ আল্লাহৰ ৰাছূল চাল্লাল্লাহু আলাইহি অছাল্লামক ক’লে, ‘আচ-চালাত’। ‘আতা ৰাহিমাহুল্লাহে কৈছে যে, ইবনু ‘আব্বাছ ৰাদ্বিয়াল্লাহু আনহুৱে বর্ণনা কৰিছে, ইয়াৰ পিছত আল্লাহৰ নবী চাল্লাল্লাহু আলাইহি অছাল্লাম ওলাই আহিল- মই তেখেতক দেখিছোঁ- যেন এতিয়াও তেখেতৰ মূৰৰ পৰা পানী এটোপ-এটোপকৈ পৰি আছিল আৰু তেখেতৰ হাত মূৰৰ ওপৰত আছিল। তেখেতে আহি ক’লে, যদি মোৰ উম্মতৰ কাৰণে কষ্টকৰ হ’ব বুলি নাভাৱিলোহেঁতেন, তেনেহ’লে তেওঁলোকক এনেকৈ (পলম কৰি) ‘ইশ্বাৰ চালাত আদায় কৰাৰ নির্দেশ দিলোহেঁতেন। ইবনু জুৰাইজ ৰাহিমাহুল্লাহে কৈছে, ইবনু ‘আব্বাছ ৰাদ্বিয়াল্লাহু আনহুৰ বর্ণনা অনুযায়ী আল্লাহৰ ৰাছূল চাল্লাল্লাহু আলাইহি অছাল্লামে যে মূৰত হাত ৰাখিছিল সেয়া কেনেকৈ ৰাখিছিল, বিষয়টো সুস্পষ্ট কৰি ব্যাখ্যা কৰাৰ কাৰণে ‘আতা ৰাহিমাহুল্লাহক ক’লো। ‘আতা ৰাহিমাহুল্লাহে তেখেতৰ আঙুলিবোৰ সামান্য ফাঁক কৰিলে, ইয়াৰ পিছত সেইবোৰৰ আগভাগ সন্মুখৰ ফালৰ পৰা (চুলিৰ অভ্যন্তৰত) প্রৱেশ কৰালে। ইয়াৰ পিছত আঙুলিবোৰ একত্রিত কৰি মূৰৰ ওপৰেৰে এনেভাৱে টানি নিলে যে, তেখেতৰ বৃদ্ধা আঙুলিয়ে কাণৰ সেই কাষটো স্পর্শ কৰিলে যিটো মুখমণ্ডলৰ লগত সংলগ্ন গালৰ হাড়ৰ ওপৰত দাঁড়িৰ কাষত অৱস্থিত (যাক আমি কেপ বুলি কওঁ)। তেখেতে চুলিৰ পানী সৰাবলৈ এনেকুৱা কৰিছিল। আৰু তেখেতে কৈছিল, যদি মোৰ উম্মতৰ কাৰণে কষ্টকৰ হ’ব বুলি নাভাৱিলোহেঁতেন, তেনেহ’লে তেওঁলোকক এনেকৈয়েই (পলম কৰি) ‘ইশ্বাৰ চালাত আদায় কৰাৰ নির্দেশ দিলোহেঁতেন। (সংশ্লিষ্ট হাদীছসমূহঃ ৭২৩৯; মুছলিম ৫/৩৯, হাদীছ নং ৬৩৯, আহমাদ ১৯২৬) (আ. প্র. ৫৩৭ শেষাংশ, ই. ফা. ৫৪৩ শেষাংশ)
পৰিচ্ছেদ : ২৫, মাজনিশা লৈকে ‘ইশ্বাৰ সময়।আবূ বাৰযাহ ৰাদ্বিয়াল্লাহু আনহুৱে কৈছে, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে ‘ইশ্বাৰ চালাত পলমকৈ আদায় কৰাটো পছন্দ কৰিছিল।হাদীছ- 572عَبْدُ الرَّحِيمِ الْمُحَارِبِيُّ قَالَ حَدَّثَنَا زَائِدَةُ عَنْ حُمَيْدٍ الطَّوِيلِ عَنْ أَنَسِ بْنِ مَالِكٍ قَالَ أَخَّرَ النَّبِيُّ صلى الله عليه وسلم صَلاَةَ الْعِشَاءِ إِلَى نِصْفِ اللَّيْلِ ثُمَّ صَلَّى ثُمَّ قَالَ قَدْ صَلَّى النَّاسُ وَنَامُوا أَمَا إِنَّكُمْ فِي صَلاَةٍ مَا انْتَظَرْتُمُوهَا وَزَادَ ابْنُ أَبِي مَرْيَمَ أَخْبَرَنَا يَحْيَى بْنُ أَيُّوبَ حَدَّثَنِي حُمَيْدٌ سَمِعَ أَنَسَ بْنَ مَالِكٍ قَالَ كَأَنِّي أَنْظُرُ إِلَى وَبِيصِ خَاتَمِهِ لَيْلَتَئِذٍ.৫৭২. আনাছ ৰাদ্বিয়াল্লাহু আনহুৰ দ্বাৰা বর্ণিত, তেখেতে কৈছে, এদিন নিশা নবী চাল্লাল্লাহু আলাইহি অছাল্লামে ‘ইশ্বাৰ চালাত মাজনিশা লৈকে পলম কৰিলে। ইয়াৰ পিছত চালাত আদায় কৰি তেখেতে ক’লে। জনগণে নিশ্চয় চালাত আদায় কৰি শুই পৰিছে। শুনা! তোমালোকে যেতিয়ালৈকে চালাতৰ অপেক্ষাত আছিলা তেতিয়া লৈকে তোমালোক চালাততেই আছিলা। ইবনু আবূ মাৰয়াম ৰাহিমাহুল্লাহৰ বর্ণনাত আৰু আছে, তেখেতে কৈছে, ইয়াহ্ইয়া ইবনু আইয়ুব ৰাহিমাহুল্লাহে হুমাইদ ৰাহিমাহুল্লাহৰ পৰা বর্ণনা কৰিছে যে, তেখেতে (হুমাইদ) আনাছ ৰাদ্বিয়াল্লাহু আনহুক কোৱা শুনিছে, সেই ৰাতিত আল্লাহৰ ৰাছূল চাল্লাল্লাহু আলাইহি অছাল্লামৰ আঙুঠিৰ উজ্জ্বলতা মই যেন এতিয়াও দেখিবলৈ পাইছোঁ। (সংশ্লিষ্ট হাদীছসমূহঃ ৬০০, ৬৬১, ৮৪৭, ৫৮৬৯) (আ. প্র. ৫৩৮, ই. ফা. ৫৪৪)
পৰিচ্ছেদ : ২৬ ফজৰৰ চালাতৰ মৰ্যাদা।হাদীছ - 573573- حَدَّثَنَا مُسَدَّدٌ، قَالَ حَدَّثَنَا يَحْيَى، عَنْ إِسْمَاعِيلَ، حَدَّثَنَا قَيْسٌ، قَالَ لِي جَرِيرُ بْنُ عَبْدِ اللَّهِ كُنَّا عِنْدَ النَّبِيِّ صلى الله عليه وسلم إِذْ نَظَرَ إِلَى الْقَمَرِ لَيْلَةَ الْبَدْرِ فَقَالَ ‏"أَمَا إِنَّكُمْ سَتَرَوْنَ رَبَّكُمْ كَمَا تَرَوْنَ هَذَا، لاَ تُضَامُّونَ ـ أَوْ لاَ تُضَاهُونَ ـ فِي رُؤْيَتِهِ، فَإِنِ اسْتَطَعْتُمْ أَنْ لاَ تُغْلَبُوا عَلَى صَلاَةٍ قَبْلَ طُلُوعِ الشَّمْسِ، وَقَبْلَ غُرُوبِهَا فَافْعَلُوا‏"‏‏.‏ ثُمَّ قَالَ ‏"‏فَسَبِّحْ بِحَمْدِ رَبِّكَ قَبْلَ طُلُوعِ الشَّمْسِ وَقَبْلَ غُرُوبِهَا‏"‏‏.‏৫৭৩. জাৰীৰ ইবনু ‘আব্দুল্লাহ্ ৰাদ্বিয়াল্লাহু আনহুৰ দ্বাৰা বর্ণিত, তেখেতে কৈছে, এদিন ৰাতি নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওচৰত আছিলোঁ। হঠাৎ তেখেতে পূর্ণিমাৰ ৰাতিৰ জোনটোৰ ফালে চাই ক’লে, শুনা! এইটো যেনেকৈ দেখিবলৈ পাইছা– তোমালোকৰ প্রতিপালককো তোমালোকে তেনেকৈ দেখিবলৈ পাবা। তেওঁক দেখিবলৈ তোমালোকে ভিৰৰ সন্মুখীন হ’ব নালাগে। সেয়েহে তোমালোকে যদি সূর্য উঠাৰ আগৰ চালাত আৰু সূর্য ডুবাৰ আগৰ চালাত আদায়ত সমর্থ হোৱা, তেনেহ’লে তাকেই কৰা। তাৰ পিছত তেখেতে এই আয়াত তিলাওৱাৎ কৰিলে, {فسَبِّحْ بِحَمْدِ رَبِّكَ قَبْلَ طُلُوعِ الشَّمْسِ وَقَبْلَ غُرُوبِهَا} “...সূর্যোদয়ৰ আগত আৰু সূর্যাস্তৰ আগত তোমাৰ প্রতিপালকৰ প্রশংসা, পৱিত্ৰতা আৰু মহিমা ঘোষণা কৰা...” (ছুৰা ত্বা-হা ২০/১৩০)। আবূ ‘আব্দুল্লাহে (ইমাম বুখাৰী ৰাহিমাহুল্লাহে) কৈছে, ইবনু শ্বিহাব ৰাহিমাহুল্লাহে...জাৰীৰ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা পুনৰ কৈছে, আল্লাহৰ ৰাছূল চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে, তোমালোকে তোমালোকৰ প্রতিপালকক শুধা চকুৰে দেখিবলৈ পাবা। (সংশ্লিষ্ট হাদীছসমূহঃ ৫৫৪) (আ. প্র. ৫৩৯, ই. ফা. ৫৪৫)
হাদীছ - 574574- هُدْبَةُ بْنُ خَالِدٍ قَالَ حَدَّثَنَا هَمَّامٌ حَدَّثَنِي أَبُو جَمْرَةَ عَنْ أَبِي بَكْرِ بْنِ أَبِي مُوسَى عَنْ أَبِيهِ أَنَّ رَسُولَ اللهِ صلى الله عليه وسلم قَالَ مَنْ صَلَّى الْبَرْدَيْنِ دَخَلَ الْجَنَّةَ وَقَالَ ابْنُ رَجَاءٍ حَدَّثَنَا هَمَّامٌ عَنْ أَبِي جَمْرَةَ أَنَّ أَبَا بَكْرِ بْنَ عَبْدِ اللهِ بْنِ قَيْسٍ أَخْبَرَهُ بِهَذَا. حَدَّثَنَا إِسْحَاقُ حَدَّثَنَا حَبَّانُ حَدَّثَنَا هَمَّامٌ حَدَّثَنَا أَبُو جَمْرَةَ عَنْ أَبِي بَكْرِ بْنِ عَبْدِ اللهِ عَنْ أَبِيهِ عَنِ النَّبِيِّ صلى الله عليه وسلم مِثْلَهُ.৫৭৪. আবূ বকৰ ইবনু আবি মুছা ৰাদ্বিয়াল্লাহু আনহুৰ দ্বাৰা তেখেতৰ পিতাৰ সূত্রত বর্ণিত, তেখেতে কৈছে, আল্লাহৰ ৰাছূল চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে, যি ব্যক্তিয়ে দুই শীতৰ (ফজৰ আৰু ‘আচৰৰ) চালাত আদায় কৰিব, তেওঁ জান্নাতত দাখিল হ’ব। ইবনু ৰাজা ৰাহিমাহুল্লাহে কৈছে, হাম্মাম ৰাহিমাহুল্লাহে আবূ জামৰাহ ৰাহিমাহুল্লাহৰ পৰা বৰ্ণনা কৰিছে যে, আবূ বকৰ ইবনু ‘আব্দুল্লাহ ইবনু কায়চ ৰাহিমাহুল্লাহে তেখেতৰ ওচৰত এই হাদীছ বর্ণনা কৰিছে। (সংশ্লিষ্ট হাদীছসমূহঃ আ.প্ৰ. ৫৪০, ই.ফা. ৫৪৬)
‘আব্দুল্লাহ ৰাদ্বিয়াল্লাহু আনহুৰ সূত্ৰত নবী চাল্লাল্লাহু আলাইহি অছাল্লাম পৰা অনুৰূপ বৰ্ণিত হৈছে।
(সংশ্লিষ্ট হাদীছসমূহঃ মুছলিম ৫/৩৭, হাদীছ নং ৬৩৫, আহমাদ ১৬৭৩০) (আ.প্ৰ. নাই, ই.ফা. ৫৪৭)
পৰিচ্ছেদ : ২৭ ফজৰৰ সময়।হাদীছ - 575575- عَمْرُو بْنُ عَاصِمٍ قَالَ حَدَّثَنَا هَمَّامٌ عَنْ قَتَادَةَ عَنْ أَنَسِ بْنِ مَالِكٍ أَنَّ زَيْدَ بْنَ ثَابِتٍ حَدَّثَهُ أَنَّهُمْ تَسَحَّرُوا مَعَ النَّبِيِّ صلى الله عليه وسلم ثُمَّ قَامُوا إِلَى الصَّلاَةِ قُلْتُ كَمْ بَيْنَهُمَا قَالَ قَدْرُ خَمْسِينَ أَوْ سِتِّينَ يَعْنِي آيَةً.৫৭৫. যায়েদ ইবনু চাবিত ৰাদ্বিয়াল্লাহু আনহুৰ দ্বাৰা বর্ণিত, তেখেতে কৈছে, তেখেতসকলে নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ সৈতে ছাহাৰী খাইছে, ইয়াৰ পিছত ফজৰৰ চালাতত থিয় হৈছে। বৰ্ণনাকাৰীয়ে কৈছে, মই প্ৰশ্ন কৰিলোঁ, এই দুয়োৰে মাজত কিমানখিনি সময়ৰ ব্যৱধান আছিল? তেখেতে ক’লে, পঞ্চাশ বা ষাঠি আয়াত তিলাওৱাত কৰিব পৰা সময়ৰ ব্যৱধান আছিল। (সংশ্লিষ্ট হাদীছসমূহঃ ১৯২১; মুছলিম ১৩/৯, হাদীছ নং ১০৯৭, আহমাদ ২১৬৭৭) (আ.প্ৰ. ৫৪১, ই.ফা. ৫৪৮)
হাদীছ - 576576- حَسَنُ بْنُ صَبَّاحٍ سَمِعَ رَوْحَ بْنَ عُبَادَةَ حَدَّثَنَا سَعِيدٌ عَنْ قَتَادَةَ عَنْ أَنَسِ بْنِ مَالِكٍ أَنَّ نَبِيَّ اللهِ صلى الله عليه وسلم وَزَيْدَ بْنَ ثَابِتٍ تَسَحَّرَا فَلَمَّا فَرَغَا مِنْ سَحُورِهِمَا قَامَ نَبِيُّ اللهِ صلى الله عليه وسلم إِلَى الصَّلاَةِ فَصَلَّى قُلْنَا لِأَنَسٍ كَمْ كَانَ بَيْنَ فَرَاغِهِمَا مِنْ سَحُورِهِمَا وَدُخُولِهِمَا فِي الصَّلاَةِ قَالَ قَدْرُ مَا يَقْرَأُ الرَّجُلُ خَمْسِينَ آيَةً.৫৭৬. আনাছ ইবনু মালিক ৰাদ্বিয়াল্লাহু আনহুৰ দ্বাৰা বর্ণিত, আল্লাহৰ নবী চাল্লাল্লাহু আলাইহি অছাল্লাম আৰু যায়িদ ইবনু চাবিত ৰাদ্বিয়াল্লাহু আনহুৱে একেলগে ছাহাৰী খাইছিল, যেতিয়া তেখেতসকলৰ খোৱা হৈ গৈছিল– আল্লাহৰ নবী চাল্লাল্লাহু আলাইহি অছাল্লামে (ফজৰৰ) চালাতৰ কাৰণে থিয় হৈছিল আৰু চালাত আদায় কৰিছিল। কাতাদা ৰাহিমাহুল্লাহে কৈছে, আমি আনাছ ৰাদ্বিয়াল্লাহু আনহুক প্ৰশ্ন কৰিলোঁ, তেখেতসকলৰ ছাহাৰী খোৱাৰ পৰা অৱসৰ হৈ চালাত আৰম্ভ কৰাৰ মাজত কিমানখিনি সময়ৰ ব্যৱধান আছিল? তেখেতে কৈছে, এজন লোকে পঞ্চাশ আয়াত তিলাওৱাত কৰিব পৰা সময়। (সংশ্লিষ্ট হাদীছসমূহঃ ১১৩৪) (আ.প্ৰ. ৫৪২, ই.ফা. ৫৪৯)
হাদীছ - 577577- إِسْمَاعِيلُ بْنُ أَبِي أُوَيْسٍ عَنْ أَخِيهِ عَنْ سُلَيْمَانَ عَنْ أَبِي حَازِمٍ أَنَّهُ سَمِعَ سَهْلَ بْنَ سَعْدٍ يَقُولُ كُنْتُ أَتَسَحَّرُ فِي أَهْلِي ثُمَّ يَكُونُ سُرْعَةٌ بِي أَنْ أُدْرِكَ صَلاَةَ الْفَجْرِ مَعَ رَسُولِ اللهِ صلى الله عليه وسلم .৫৭৭. ছাহল ইবনু ছা’দ ৰাদ্বিয়াল্লাহু আনহুৰ দ্বাৰা বর্ণিত, তেখেতে কৈছে, মই মোৰ পৰিয়ালৰ সৈতে ছাহাৰী খাইছিলোঁ। খোৱাৰ পিছত আল্লাহৰ ৰাছূল চাল্লাল্লাহু আলাইহি অছাল্লামৰ সৈতে ফজৰৰ চালাত পোৱাৰ কাৰণে মই খুব খৰখেদা কৰিবলগীয়া হৈছিল। (সংশ্লিষ্ট হাদীছসমূহঃ ১৯২০) (আ.প্ৰ. ৫৪৩, ই.ফা. ৫৫০)
হাদীছ - 578578- يَحْيَى بْنُ بُكَيْرٍ قَالَ أَخْبَرَنَا اللَّيْثُ عَنْ عُقَيْلٍ عَنْ ابْنِ شِهَابٍ قَالَ أَخْبَرَنِي عُرْوَةُ بْنُ الزُّبَيْرِ أَنَّ عَائِشَةَ أَخْبَرَتْهُ قَالَتْ كُنَّ نِسَاءُ الْمُؤْمِنَاتِ يَشْهَدْنَ مَعَ رَسُولِ اللهِ صَلاَةَ الْفَجْرِ مُتَلَفِّعَاتٍ بِمُرُوطِهِنَّ ثُمَّ يَنْقَلِبْنَ إِلَى بُيُوتِهِنَّ حِينَ يَقْضِينَ الصَّلاَةَ لاَ يَعْرِفُهُنَّ أَحَدٌ مِنَ الْغَلَسِ.৫৭৮. ‘আইশ্বা ৰাদ্বিয়াল্লাহু আনহাৰ দ্বাৰা বর্ণিত, তেখেতে কৈছে, মুছলিম মহিলাসকলে সৰ্বাঙ্গ চাদৰেৰে ঢাকি আল্লাহৰ ৰাছূল চাল্লাল্লাহু আলাইহি অছাল্লামৰ সৈতে ফজৰৰ জামা‘আতত উপস্থিত হৈছিল। ইয়াৰ পিছত চালাত আদায় কৰি তেওঁলোকে নিজ নিজ ঘৰলৈ উভতি গৈছিল। ধুসৰ আন্ধাৰত কোনেও তেওঁলোকক চিনিব পৰা নাছিল।[1] (সংশ্লিষ্ট হাদীছসমূহঃ ৩৭২) (আ.প্ৰ. ৫৪৪, ই.ফা. ৫৫১)[1] এই হাদীছৰ দ্বাৰা স্পষ্টভাৱে প্ৰমাণিত হয় যে, আমাৰ দেশৰ অধিকাংশ মাছজিদত যি সময়ত ফজৰৰ চালাত আদায় কৰা হয় সেয়া কেতিয়াও এই হাদীছ অনুযায়ী ‘আমল কৰা নহয়। কাৰণ ফজৰৰ চালাত এনেকুৱা অৱস্থাত শেষ কৰা হয় যে, ওচৰৰ পৰা তো দূৰৰ কথা বহু দূৰৰ পৰাও এজনে আনজনক চিনিব পাৰি। কেৱল সেয়াই নহয়- লক্ষ্য কৰিলে দেখা যায় যে, ৰমজানৰ দিনসমূহত যি সময়ত ফজৰৰ আযান দিয়া হয়, ঈদুল ফিতৰৰ পিছদিনাৰ পৰা ৰমজান আৰম্ভ হোৱাৰ আগদিনালৈকে ফজৰৰ আযান বহু পলমকৈ দিয়া হয়। অথচ এদিনতে সময়ৰ ব্যৱধান ইমান হ’ব নোৱাৰে। যদি কোনোৱে নফল ছওমৰ কাৰণে ৰমজানৰ সময়ৰ বাহিৰে দিয়া আযান পৰ্যন্ত ছাহাৰী খাই থাকে, তেনেহ’লে তাৰ ছওম হ’বনে? কাৰণ উক্ত আযানৰ সময় ছাহাৰীৰ শেষ সময়ো পাৰ হৈ যায়। দলীলবিহীনভাৱে এনেকুৱা নকৰি সদায় ৰমজানৰ নিচিনাকৈয়ে সঠিক সময়ত ফজৰৰ আযান দিয়া উচিত আছিল, যাতে আযানৰ পূৰ্ব পৰ্যন্ত ছাহাৰী খালে ছাহাৰীৰ সময় থাকে আৰু ছওমৰ কোনো ক্ষতি নহয়। কেৱল সেয়াই নহয়, বৰং কেৱল-মাত্ৰ ৰমজান মাহতেই তেওঁলোকে ফজৰৰ চালাত আউৱাল ওৱাক্তত আদায় কৰি থাকে।
পৰিচ্ছেদ : ২৮ যি ব্যক্তিয়ে ফজৰৰ এক ৰাক‘আত পালে।হাদীছ - 579579- عَبْدُ اللهِ بْنُ مَسْلَمَةَ عَنْ مَالِكٍ عَنْ زَيْدِ بْنِ أَسْلَمَ عَنْ عَطَاءِ بْنِ يَسَارٍ وَعَنْ بُسْرِ بْنِ سَعِيدٍ وَعَنِ الْأَعْرَجِ يُحَدِّثُونَهُ عَنْ أَبِي هُرَيْرَةَ أَنَّ رَسُولَ اللهِ صلى الله عليه وسلم قَالَ مَنْ أَدْرَكَ مِنْ الصُّبْحِ رَكْعَةً قَبْلَ أَنْ تَطْلُعَ الشَّمْسُ فَقَدْ أَدْرَكَ الصُّبْحَ وَمَنْ أَدْرَكَ رَكْعَةً مِنَ الْعَصْرِ قَبْلَ أَنْ تَغْرُبَ الشَّمْسُ فَقَدْ أَدْرَكَ الْعَصْرَ.৫৭৯. আবূ হুৰাইৰাহ্ ৰাদ্বিয়াল্লাহু আনহুৰ দ্বাৰা বর্ণিত, আল্লাহৰ ৰাছূল চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে, যি ব্যক্তিয়ে সূর্য উঠাৰ আগতে ফজৰৰ চালাতৰ এক ৰাক‘আত পায়, তেওঁ ফজৰৰ চালাত পালে। আকৌ যি ব্যক্তিয়ে সূর্যাস্তৰ আগতে ‘আচৰৰ চালাতৰ এক ৰাকা‘আত পায়, তেওঁ ‘আচৰৰ চালাত পালে। (সংশ্লিষ্ট হাদীছসমূহঃ ৫৫৬) (আ.প্ৰ. ৫৪৫, ই.ফা. ৫৫২)
পৰিচ্ছেদ : ২৯ যি ব্যক্তিয়ে চালাতৰ এক ৰাক‘আত পালে।হাদীছ - 580580- عَبْدُ اللهِ بْنُ يُوسُفَ قَالَ أَخْبَرَنَا مَالِكٌ عَنْ ابْنِ شِهَابٍ عَنْ أَبِي سَلَمَةَ بْنِ عَبْدِ الرَّحْمَنِ عَنْ أَبِي هُرَيْرَةَ أَنَّ رَسُولَ اللهِ صلى الله عليه وسلم قَالَ مَنْ أَدْرَكَ رَكْعَةً مِنْ الصَّلاَةِ فَقَدْ أَدْرَكَ الصَّلاَةَ.৫৮০. আবূ হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ দ্বাৰা বর্ণিত, আল্লাহৰ ৰাছূল চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে, যি ব্যক্তিয়ে কোনো চালাতৰ এক ৰাক‘আত পায়, তেওঁ চালাত পালে। (সংশ্লিষ্ট হাদীছসমূহঃ ৫৫৬; মুছলিম ৫/৩০, হাদীছ নং ৬০৭) (আ.প্ৰ. ৫৪৬, ই.ফা. ৫৫৩)
পৰিচ্ছেদ : ৩০ ফজৰৰ পিছত সূৰ্য উঠাৰ পূৰ্বে চালাত আদায় কৰা।হাদীছ - 581581- حَدَّثَنَا حَفْصُ بْنُ عُمَرَ، قَالَ حَدَّثَنَا هِشَامٌ، عَنْ قَتَادَةَ، عَنْ أَبِي الْعَالِيَةِ، عَنِ ابْنِ عَبَّاسٍ، قَالَ شَهِدَ عِنْدِي رِجَالٌ مَرْضِيُّونَ وَأَرْضَاهُمْ عِنْدِي عُمَرُ أَنَّ النَّبِيَّ صلى الله عليه وسلم نَهَى عَنِ الصَّلاَةِ بَعْدَ الصُّبْحِ حَتَّى تَشْرُقَ الشَّمْسُ، وَبَعْدَ الْعَصْرِ حَتَّى تَغْرُبَ‏.‏ حَدَّثَنَا مُسَدَّدٌ قَالَ حَدَّثَنَا يَحْيَى عَنْ شُعْبَةَ عَنْ قَتَادَةَ سَمِعْتُ أَبَا الْعَالِيَةِ عَنْ ابْنِ عَبَّاسٍ قَالَ حَدَّثَنِي نَاسٌ بِهَذَا.৫৮১. ইবনু ‘আব্বাছ ৰাদ্বিয়াল্লাহু আনহুৰ দ্বাৰা বর্ণিত, তেখেতে কৈছে, কেইজনমান আস্থাভাজন ব্যক্তি– যিসকলৰ মাজত শ্রেষ্ঠ হ’ল ওমৰ ৰাদ্বিয়াল্লাহু আনহুৱে মোক কৈছে যে, আল্লাহৰ ৰাছূল চাল্লাল্লাহু আলাইহি অছাল্লামে ফজৰৰ পিছত সূর্য উজ্জ্বল হৈ নুঠালৈকে আৰু ‘আচৰৰ পিছত সূর্য অস্তমিত নোহোৱালৈকে চালাত আদায় কৰিবলৈ নিষেধ কৰিছে। (আ.প্ৰ. ৫৪৭, ই.ফা. ৫৫৪)
ইবনু ‘আব্বাছ ৰাদ্বিয়াল্লাহু আনহুৰ দ্বাৰা বর্ণিত, তেখেতে কৈছে, মোৰ ওচৰত কেইজনমান ব্যক্তিয়ে এনেকৈ বর্ণনা কৰিছে। (সংশ্লিষ্ট হাদীছসমূহঃ মুছলিম ৬/৫১, হাদীছ নং ৮২৬) (আ.প্ৰ. নাই, ই.ফা. ৫৫৫)
হাদীছ - 582582- مُسَدَّدٌ قَالَ حَدَّثَنَا يَحْيَى بْنُ سَعِيدٍ عَنْ هِشَامٍ قَالَ أَخْبَرَنِي أَبِي قَالَ أَخْبَرَنِي ابْنُ عُمَرَ قَالَ قَالَ رَسُولُ اللهِ صلى الله عليه وسلم لاَ تَحَرَّوْا بِصَلاَتِكُمْ طُلُوعَ الشَّمْسِ وَلاَ غُرُوبَهَا.৫৮২. ইবনু ওমৰ ৰাদ্বিয়াল্লাহু আনহুৰ দ্বাৰা বর্ণিত, তেখেতে কৈছে, আল্লাহৰ ৰাছূল চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে, তোমালোকে সূর্যোদয় আৰু সূর্যাস্তৰ সময়ত চালাত আদায়ৰ ইচ্ছা নকৰিবা। (সংশ্লিষ্ট হাদীছসমূহঃ ৫৮৫, ৫৮৯, ১১৯২, ১৬২৯, ৩২৭৩) (আ.প্ৰ. ৫৪৮, ই.ফা. ৫৫৬)
হাদীছ - 583583- وَقَالَ حَدَّثَنِي ابْنُ عُمَرَ، قَالَ قَالَ رَسُولُ اللَّهِ صلى الله عليه وسلم ‏"‏ إِذَا طَلَعَ حَاجِبُ الشَّمْسِ فَأَخِّرُوا الصَّلاَةَ حَتَّى تَرْتَفِعَ، وَإِذَا غَابَ حَاجِبُ الشَّمْسِ فَأَخِّرُوا الصَّلاَةَ حَتَّى تَغِيبَ ‏"‏‏.‏ تَابَعَهُ عَبْدَةُ‏.‏ وَقَالَ حَدَّثَنِي ابْنُ عُمَرَ، قَالَ قَالَ رَسُولُ اللَّهِ صلى الله عليه وسلم ‏"‏ إِذَا طَلَعَ حَاجِبُ الشَّمْسِ فَأَخِّرُوا الصَّلاَةَ حَتَّى تَرْتَفِعَ، وَإِذَا غَابَ حَاجِبُ الشَّمْسِ فَأَخِّرُوا الصَّلاَةَ حَتَّى تَغِيبَ ‏"‏‏.‏ تَابَعَهُ عَبْدَةُ‏.‏৫৮৩. ইবনু ওমৰ ৰাদ্বিয়াল্লাহু আনহুৱে মোক আৰু কৈছে যে, আল্লাহৰ ৰাছূল চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ যদি সূর্যৰ একাংশ প্রকাশ পায়, তেনেহ’লে পূর্ণৰূপে উদিত নোহোৱালৈকে চালাত আদায়ত পলম কৰা। আকৌ যদি তাৰ একাংশ ডুবি যায় তেনেহ’লে সম্পূর্ণৰূপে অস্তমিত নোহোৱালৈকে চালাত আদায়ত পলম কৰা। আবদাহেও অনুৰূপ বর্ণনা কৰিছে। (সংশ্লিষ্ট হাদীছসমূহঃ ৩২৭২; মুছলিম ৬/৫১, হাদীছ নং ৮২৮, আহমাদ ৪৮৮৫) (আ.প্ৰ. ৫৪৮ শেষাংশ, ই.ফা. ৫৫৬ শেষাংশ)
হাদীছ - 584584- عُبَيْدُ بْنُ إِسْمَاعِيلَ عَنْ أَبِي أُسَامَةَ عَنْ عُبَيْدِ اللهِ عَنْ خُبَيْبِ بْنِ عَبْدِ الرَّحْمَنِ عَنْ حَفْصِ بْنِ عَاصِمٍ عَنْ أَبِي هُرَيْرَةَ أَنَّ رَسُولَ اللهِ صلى الله عليه وسلم نَهَى عَنْ بَيْعَتَيْنِ وَعَنْ لِبْسَتَيْنِ وَعَنْ صَلاَتَيْنِ نَهَى عَنْ الصَّلاَةِ بَعْدَ الْفَجْرِ حَتَّى تَطْلُعَ الشَّمْسُ وَبَعْدَ الْعَصْرِ حَتَّى تَغْرُبَ الشَّمْسُ وَعَنْ اشْتِمَالِ الصَّمَّاءِ وَعَنْ الاِحْتِبَاءِ فِي ثَوْبٍ وَاحِدٍ يُفْضِي بِفَرْجِهِ إِلَى السَّمَاءِ وَعَنِ الْمُنَابَذَةِ وَالْمُلاَمَسَةِ.৫৮৪. আবূ হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ দ্বাৰা বর্ণিত, আল্লাহৰ ৰাছূল চাল্লাল্লাহু আলাইহি অছাল্লামে দুই ধৰণৰ বেচা-কিনা কৰিবলৈ, আৰু দুই ধৰণৰ পোচাক পৰিধান কৰিবলৈ আৰু দুই সময়ত চালাত আদায় কৰিবলৈ নিষেধ কৰিছে। ফজৰৰ পিছত সূর্য পূর্ণৰূপে উদিত নোহোৱা পর্যন্ত আৰু ‘আচৰৰ পিছত সূর্য অস্তমিত নোহোৱা পর্যন্ত তেখেতে কোনো চালাত আদায় কৰিবলৈ নিষেধ কৰিছে। আৰু গোটেই শৰীৰ মেৰিয়াই কাপোৰ পিন্ধিবলৈ আৰু এখন কাপোৰ (যেনে- লুঙ্গি আদি পিন্ধি) আঁঠু থিয় কৰি এনেভাৱে বহিবলৈ নিষেধ কৰিছে য’ত লজ্জাস্থান ওপৰৰ ফালে খুলি যায়। লগতে মুনাবাজা [1] আৰু মুলামাছা [2] (এই পন্থাত বেচা-কিনা) কৰিবলৈ নিষেধ কৰিছে। (সংশ্লিষ্ট হাদীছসমূহঃ ৩৬৮) (আ.প্ৰ. ৫৪৯, ই.ফা. ৫৫৭)[1] মুনাবাজা: বিভিন্ন দৰৰ একাধিক পণ্যদ্রব্য এক স্থানত ৰাখি মূল্য হিচাবে এটি অংক নির্ধাৰণ কৰি এই চর্তত বিক্রী কৰা যে, ক্রেতাই নির্দিষ্ট পৰিমাণ দূৰত্বৰ পৰা পাথৰ নিক্ষেপ কৰি যি পণ্যৰ গাত লগাব পাৰিব, উল্লেখিত মূল্যত তেখেতে সেইটো বাধ্যতামূলকভাৱে গ্রহণ কৰিব লাগিব। এই পন্থাৰ বেচা-কিনা “মুনাবাজা” বুলি অভিহিত কৰা হয়।

[2] মুলামাছা: একাধিক পণ্যৰ প্রত্যেকটোৰ পৃথক পৃথকভাৱে মূল্য নির্ধাৰণ কৰি এনেভাবে বিক্রী কৰা যে, ক্রেতাই যিটো স্পর্শ কৰিব, পূর্ব নির্ধাৰিত মূল্যত তেখেতে নিশ্চয় তাক গ্রহণ কৰিব লাগিব। এই ধৰণৰ বেচা-কিনা শ্বৰয়ী পৰিভাষাত ‘মুলামাছা’ বুলি অভিহিত। যিহেতু ইয়াতে পছন্দ অপছন্দৰ স্বাধীনতা নাথাকে, সেয়েহে শ্বৰীয়তে এই দুটি পন্থাক নিষিদ্ধ কৰিছে।
পৰিচ্ছেদ: ৩১ সূৰ্যাস্তৰৰ পূৰ্ব মূহুৰ্তত চালাত আদায়ৰ উদ্যোগ নলব।হাদীছ - 585585- عَبْدُ اللهِ بْنُ يُوسُفَ قَالَ أَخْبَرَنَا مَالِكٌ عَنْ نَافِعٍ عَنْ ابْنِ عُمَرَ أَنَّ رَسُولَ اللهِ صلى الله عليه وسلم قَالَ لاَ يَتَحَرَّى أَحَدُكُمْ فَيُصَلِّي عِنْدَ طُلُوعِ الشَّمْسِ وَلاَ عِنْدَ غُرُوبِهَا.৫৮৫. ইবনু ওমৰ ৰাদ্বিয়াল্লাহু আনহুৰ দ্বাৰা বর্ণিত, আল্লাহৰ ৰাছূল চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে, তোমালোকৰ কোনেও যেন সূর্যোদয় আৰু সূর্যাস্তৰ সময়ত চালাত আদায়ৰ উদ্যোগ নলয়। (সংশ্লিষ্ট হাদীছসমূহঃ ৫৮২) (আ.প্ৰ. ৫৫০, ই.ফা. ৫৫৮)
হাদীছ - 586586- عَبْدُ الْعَزِيزِ بْنُ عَبْدِ اللهِ قَالَ حَدَّثَنَا إِبْرَاهِيمُ بْنُ سَعْدٍ عَنْ صَالِحٍ عَنْ ابْنِ شِهَابٍ قَالَ أَخْبَرَنِي عَطَاءُ بْنُ يَزِيدَ الْجُنْدَعِيُّ أَنَّهُ سَمِعَ أَبَا سَعِيدٍ الْخُدْرِيَّ يَقُولُ سَمِعْتُ رَسُولَ اللهِ صلى الله عليه وسلم يَقُولُ لاَ صَلاَةَ بَعْدَ الصُّبْحِ حَتَّى تَرْتَفِعَ الشَّمْسُ وَلاَ صَلاَةَ بَعْدَ الْعَصْرِ حَتَّى تَغِيبَ الشَّمْسُ.৫৮৬. আবূ ছাঈদ খুদৰী ৰাদ্বিয়াল্লাহু আনহুৰ দ্বাৰা বর্ণিত, তেখেতে কৈছে, মই আল্লাহৰ ৰাছূল চাল্লাল্লাহু আলাইহি অছাল্লামক কোৱা শুনিছোঁ যে, ফজৰৰ পিছত সূর্য উদিত হৈ (অলপ) ওপৰলৈ নুঠা পর্যন্ত আৰু ‘আচৰৰ পিছত সূর্য অস্তমিত নোহোৱা পর্যন্ত কোনো চালাত নাই। (সংশ্লিষ্ট হাদীছসমূহঃ ১১৮৮, ১১৯৭, ১৮৬৪, ১৯৯২, ১৯৯৫; মুছলিম ৬/৫১, হাদীছ নং ৮২৭, আহমাদ ১১০৪০) (আ.প্ৰ. ৫৫১, ই.ফা. ৫৫৯)
হাদীছ - 587587- مُحَمَّدُ بْنُ أَبَانَ قَالَ حَدَّثَنَا غُنْدَرٌ قَالَ حَدَّثَنَا شُعْبَةُ عَنْ أَبِي التَّيَّاحِ قَالَ سَمِعْتُ حُمْرَانَ بْنَ أَبَانَ يُحَدِّثُ عَنْ مُعَاوِيَةَ قَالَ إِنَّكُمْ لَتُصَلُّونَ صَلاَةً لَقَدْ صَحِبْنَا رَسُولَ اللهِ صلى الله عليه وسلم فَمَا رَأَيْنَاهُ يُصَلِّيهَا وَلَقَدْ نَهَى عَنْهُمَا يَعْنِي الرَّكْعَتَيْنِ بَعْدَ الْعَصْرِ.৫৮৭. মু‘আবিয়া ৰাদ্বিয়াল্লাহু আনহুৰ দ্বাৰা বর্ণিত, তেখেতে কৈছে, তোমালোকে এনেকুৱা এক চালাত আদায় কৰি থাকা যে, আল্লাহৰ ৰাছূল চাল্লাল্লাহু আলাইহি অছাল্লামৰ সহচর্য লাভ কৰা সত্বেও মই তেখেতেক কেতিয়াও সেয়া আদায় কৰা দেখা নাই। বৰং তেখেতে তাৰ পৰা নিষেধ কৰিছে। অর্থাৎ ‘আচৰৰ পিছত দুই ৰাকা‘আত। (সংশ্লিষ্ট হাদীছসমূহঃ ৩৭৬৬) (আ.প্ৰ. ৫৫২, ই.ফা. ৫৬০)
হাদীছ - 588588- مُحَمَّدُ بْنُ سَلاَمٍ قَالَ حَدَّثَنَا عَبْدَةُ عَنْ عُبَيْدِ اللهِ عَنْ خُبَيْبٍ عَنْ حَفْصِ بْنِ عَاصِمٍ عَنْ أَبِي هُرَيْرَةَ قَالَ نَهَى رَسُولُ اللهِ صلى الله عليه وسلم عَنْ صَلاَتَيْنِ بَعْدَ الْفَجْرِ حَتَّى تَطْلُعَ الشَّمْسُ وَبَعْدَ الْعَصْرِ حَتَّى تَغْرُبَ الشَّمْسُ.৫৮৮. আবূ হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ দ্বাৰা বর্ণিত, তেখেতে কৈছে, আল্লাহৰ ৰাছূল চাল্লাল্লাহু আলাইহি অছাল্লামে দুটা সময়ত চালাত আদায় কৰিবলৈ নিষেধ কৰিছে। ফজৰৰ পিছত সূর্য উদিত নোহোৱা পর্যন্ত আৰু ‘আচৰৰ পিছত সূর্য অস্ত নোযোৱা পর্যন্ত। (সংশ্লিষ্ট হাদীছসমূহঃ ৩৬৮) (আ.প্ৰ. ৫৫৩, ই.ফা. ৫৬১)
পৰিচ্ছেদ : ৩২ যিয়ে ‘আচৰ আৰু ফজৰৰ পিছৰ সময়ৰ বাহিৰে আন সময়ত চালাত আদায় কৰা মাকৰূহ বুলি নাভাৱে।ওমৰ, ইবনু ওমৰ, আবূ ছা‘ঈদ আৰু আবূ হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুমে এই হাদীছ বর্ণনা কৰিছে।হাদীছ - 589589- أَبُو النُّعْمَانِ حَدَّثَنَا حَمَّادُ بْنُ زَيْدٍ عَنْ أَيُّوبَ عَنْ نَافِعٍ عَنْ ابْنِ عُمَرَ قَالَ أُصَلِّي كَمَا رَأَيْتُ أَصْحَابِي يُصَلُّونَ لاَ أَنْهَى أَحَدًا يُصَلِّي بِلَيْلٍ وَلاَ نَهَارٍ مَا شَاءَ غَيْرَ أَنْ لاَ تَحَرَّوْا طُلُوعَ الشَّمْسِ وَلاَ غُرُوبَهَا.৫৮৯. ইবনু ওমৰ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বর্ণিত। তেখেতে কৈছে, মই মোৰ সঙ্গীসকলক যেনেকৈ চালাত আদায় কৰোঁতে দেখিছোঁ তেনেকৈয়েই মই চালাত আদায় কৰোঁ। সূর্যোদয় আৰু সূর্যাস্তৰ সময়ত চালাতৰ ইচ্ছা কৰাৰ বাহিৰে ৰাতি বা দিনৰ যিকোনো সময়ত কোনোবাই চালাত আদায় কৰিব বিচাৰিলে মই নিষেধ নকৰোঁ। (সংশ্লিষ্ট হাদীছসমূহঃ ৫৮২) (আ. প্র. ৫৫৪, ই. ফা. ৫৬২)
পৰিচ্ছেদ : ৩৩ ‘আচৰৰ পিছত কাযা বা অনুৰূপ কোনো চালাত আদায় কৰা।উম্মু ছালামাহ ৰাদ্বিয়াল্লাহ আনহাই বর্ণনা কৰিছে যে, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে ‘আচৰৰ পিছত দুই ৰাক‘আত চালাত আদায় কৰিলে আৰু ক’লে, ‘আব্দুল কায়চ গোত্রৰ লোকসকলে মোক জুহৰৰ পৰৱর্তী দুই ৰাক‘আত চালাত আদায়ৰ পৰা (বিৰত কৰি) ব্যস্ত ৰাখিছিল।হাদীছ - 590590- حَدَّثَنَا أَبُو نُعَيْمٍ، قَالَ حَدَّثَنَا عَبْدُ الْوَاحِدِ بْنُ أَيْمَنَ، قَالَ حَدَّثَنِي أَبِي أَنَّهُ، سَمِعَ عَائِشَةَ، قَالَتْ وَالَّذِي ذَهَبَ بِهِ مَا تَرَكَهُمَا حَتَّى لَقِيَ اللَّهَ، وَمَا لَقِيَ اللَّهَ تَعَالَى حَتَّى ثَقُلَ عَنِ الصَّلاَةِ، وَكَانَ يُصَلِّي كَثِيرًا مِنْ صَلاَتِهِ قَاعِدًا ـ تَعْنِي الرَّكْعَتَيْنِ بَعْدَ الْعَصْرِ ـ وَكَانَ النَّبِيُّ صلى الله عليه وسلم يُصَلِّيهِمَا، وَلاَ يُصَلِّيهِمَا فِي الْمَسْجِدِ مَخَافَةَ أَنْ يُثَقِّلَ عَلَى أُمَّتِهِ، وَكَانَ يُحِبُّ مَا يُخَفَّفُ عَنْهُمْ‏.‏৫৯০. ‘আইশ্বা ৰাদ্বিয়াল্লাহু আনহাৰ দ্বাৰা বর্ণিত, তেখেতে কৈছে, সেই মহান সত্ত্বাৰ শপত, যিয়ে তেখেতক (আল্লাহৰ ৰাছূল চাল্লাল্লাহু আলাইহি অছাল্লামক) উঠাই নিছে, আল্লাহৰ সান্নিধ্যলৈ যোৱাৰ পূর্ব পর্যন্ত তেখেতে দুই ৰাকা‘আত চালাত কেতিয়াও বাদ দিয়া নাছিল। আনহাতে চালাতত থিয় হোৱাতো তেখেতৰ পক্ষে যেতিয়া সম্ভৱ হোৱা নাছিল, তেতিয়াই তেখেতে আল্লাহৰ সান্নিধ্যলৈ গুচি গৈছে। তেখেতে তেখেতৰ এই চালাত অধিকাংশ সময় বহি বহিয়েই আদায় কৰিছিল। ‘আইশ্বা ৰাদ্বিয়াল্লাহু আনহাই এই চালাতৰ দ্বাৰা ‘আচৰৰ পৰৱর্তী দুই ৰাকা‘আতৰ কথা বুজাইছে। আল্লাহৰ ৰাছূল চাল্লাল্লাহু আলাইহি অছাল্লামে এই দুই ৰাকা‘আত চালাত আদায় কৰিছিল, কিন্তু উম্মতৰ ওপৰত বোজা হৈ পৰাৰ আশংকাত সেয়া মছজিদত আদায় কৰা নাছিল। কিয়নো, উম্মতৰ কাৰণে যিটো সহজ হয় সেইটোৱেই তেখেতৰ কাম্য আছিল।
(সংশ্লিষ্ট হাদীছসমূহঃ ৫৯১, ৫৯২, ৫৯৩, ১৬৩১) (আ. প্র. ৫৫৫, ই. ফা. ৫৬৩)
হাদীছ - 591591- مُسَدَّدٌ قَالَ حَدَّثَنَا يَحْيَى قَالَ حَدَّثَنَا هِشَامٌ قَالَ أَخْبَرَنِي أَبِي قَالَتْ عَائِشَةُ ابْنَ أُخْتِي مَا تَرَكَ النَّبِيُّ السَّجْدَتَيْنِ بَعْدَ الْعَصْرِ عِنْدِي قَطُّ.৫৯১. ‘আইশ্বা ৰাদ্বিয়াল্লাহু আনহাৰ দ্বাৰা বর্ণিত, তেখেতে কৈছে, হে ভাগিন! আল্লাহৰ ৰাছূল চাল্লাল্লাহু আলাইহি অছাল্লামে মোৰ ওচৰত উপস্থিত থকা কালত ‘আচৰৰ পৰৱর্তী দুই ৰাকা‘আত কেতিয়াও বাদ দিয়া নাছিল। (সংশ্লিষ্ট হাদীছসমূহঃ ৫৯০; মুছলিম ৬/৫৩, হাদীছ নং ৮৩৫) (আ.প্ৰ. ৫৫৬, ই.ফা. ৫৬৪)
হাদীছ - 592592- حَدَّثَنَا مُوسَى بْنُ إِسْمَاعِيلَ، قَالَ حَدَّثَنَا عَبْدُ الْوَاحِدِ، قَالَ حَدَّثَنَا الشَّيْبَانِيُّ، قَالَ حَدَّثَنَا عَبْدُ الرَّحْمَنِ بْنُ الأَسْوَدِ، عَنْ أَبِيهِ، عَنْ عَائِشَةَ، قَالَتْ رَكْعَتَانِ لَمْ يَكُنْ رَسُولُ اللَّهِ صلى الله عليه وسلم يَدَعُهُمَا سِرًّا وَلاَ عَلاَنِيَةً رَكْعَتَانِ قَبْلَ صَلاَةِ الصُّبْحِ، وَرَكْعَتَانِ بَعْدَ الْعَصْرِ‏.‏৫৯২. ‘আইশ্বা ৰাদ্বিয়াল্লাহু আনহাৰ দ্বাৰা বর্ণিত, তেখেতে কৈছে, দুই ৰাকা‘আত চালাত আল্লাহৰ ৰাছূল চাল্লাল্লাহু আলাইহি অছাল্লামে প্রকাশ্যে বা গোপনে কোনো অৱস্থাতেই বাদ দিয়া নাছিল। সেয়া হ’ল ফজৰৰ চালাতৰ আগৰ দুই ৰাকা‘আত আৰু ‘আচৰৰ পিছৰ দুই ৰাকা‘আত। (সংশ্লিষ্ট হাদীছসমূহঃ ৫৯০) (আ.প্ৰ. ৫৫৭, ই.ফা. ৫৬৫)
হাদীছ - 593593- حَدَّثَنَا مُحَمَّدُ بْنُ عَرْعَرَةَ، قَالَ حَدَّثَنَا شُعْبَةُ، عَنْ أَبِي إِسْحَاقَ، قَالَ رَأَيْتُ الأَسْوَدَ وَمَسْرُوقًا شَهِدَا عَلَى عَائِشَةَ قَالَتْ مَا كَانَ النَّبِيُّ صلى الله عليه وسلم يَأْتِينِي فِي يَوْمٍ بَعْدَ الْعَصْرِ إِلاَّ صَلَّى رَكْعَتَيْنِ‏.‏৫৯৩. ‘আইশ্বা ৰাদ্বিয়াল্লাহু আনহাৰ দ্বাৰা বর্ণিত, তেখেতে কৈছে, আল্লাহৰ ৰাছূল চাল্লাল্লাহু আলাইহি অছাল্লামে যিদিনাই ‘আচৰৰ পিছত মোৰ ওচৰলৈ আহিছিল সিদিনাই দুই ৰাকা‘আত চালাত আদায় কৰিছিল। (সংশ্লিষ্ট হাদীছসমূহঃ ৫৯০) (আ.প্ৰ. ৫৫৮, ই.ফা. ৫৬৬)
পৰিচ্ছেদ : ৩৪ মেঘাচ্ছন্ন দিনত সোনকালে চালাত আদায় কৰা।হাদীছ - 594594- حَدَّثَنَا مُعَاذُ بْنُ فَضَالَةَ، قَالَ حَدَّثَنَا هِشَامٌ، عَنْ يَحْيَى ـ هُوَ ابْنُ أَبِي كَثِيرٍ ـ عَنْ أَبِي قِلاَبَةَ، أَنَّ أَبَا الْمَلِيحِ، حَدَّثَهُ قَالَ كُنَّا مَعَ بُرَيْدَةَ فِي يَوْمٍ ذِي غَيْمٍ فَقَالَ بَكِّرُوا بِالصَّلاَةِ فَإِنَّ النَّبِيَّ صلى الله عليه وسلم قَالَ ‏ "‏مَنْ تَرَكَ صَلاَةَ الْعَصْرِ حَبِطَ عَمَلُهُ‏"‏‏.‏৫৯৪. আবূ মালীহ্ ৰাহিমাহুল্লাহৰ দ্বাৰা বর্ণিত, তেখেতে কৈছে, এদিন আকাশ মেঘাচ্ছন্ন থকাত মই বুৰাইদা ৰাদ্বিয়াল্লাহু আনহুৰ লগত আছিলোঁ। তেখেতে ক’লে, শীঘ্রে চালাত আদায় কৰি লোৱা। কিয়নো, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে যি ব্যক্তিয়ে ‘আচৰৰ চালাত এৰি দিয়ে তাৰ সমস্ত আমল বিনষ্ট হৈ যায়। (সংশ্লিষ্ট হাদীছসমূহঃ ৫৫৩) (আ.প্ৰ. ৫৫৯, ই.ফা. ৫৬৭)
পৰিচ্ছেদ : ৩৫ সময় গুচি যোৱাৰ পিছত আজান দিয়া।হাদীছ - 595595- حَدَّثَنَا عِمْرَانُ بْنُ مَيْسَرَةَ، قَالَ حَدَّثَنَا مُحَمَّدُ بْنُ فُضَيْلٍ، قَالَ حَدَّثَنَا حُصَيْنٌ، عَنْ عَبْدِ اللَّهِ بْنِ أَبِي قَتَادَةَ، عَنْ أَبِيهِ، قَالَ سِرْنَا مَعَ النَّبِيِّ صلى الله عليه وسلم صلى الله عليه وسلم لَيْلَةً فَقَالَ بَعْضُ الْقَوْمِ لَوْ عَرَّسْتَ بِنَا يَا رَسُولَ اللَّهِ‏.‏ قَالَ ‏"‏ أَخَافُ أَنْ تَنَامُوا عَنِ الصَّلاَةِ ‏"‏‏.‏ قَالَ بِلاَلٌ أَنَا أُوقِظُكُمْ‏.‏ فَاضْطَجَعُوا وَأَسْنَدَ بِلاَلٌ ظَهْرَهُ إِلَى رَاحِلَتِهِ، فَغَلَبَتْهُ عَيْنَاهُ فَنَامَ، فَاسْتَيْقَظَ النَّبِيُّ صلى الله عليه وسلم وَقَدْ طَلَعَ حَاجِبُ الشَّمْسِ فَقَالَ ‏"‏ يَا بِلاَلُ أَيْنَ مَا قُلْتَ ‏"‏‏.‏ قَالَ مَا أُلْقِيَتْ عَلَىَّ نَوْمَةٌ مِثْلُهَا قَطُّ‏.‏ قَالَ ‏"‏ إِنَّ اللَّهَ قَبَضَ أَرْوَاحَكُمْ حِينَ شَاءَ، وَرَدَّهَا عَلَيْكُمْ حِينَ شَاءَ، يَا بِلاَلُ قُمْ فَأَذِّنْ بِالنَّاسِ بِالصَّلاَةِ ‏"‏‏.‏ فَتَوَضَّأَ فَلَمَّا ارْتَفَعَتِ الشَّمْسُ وَابْيَاضَّتْ قَامَ فَصَلَّى‏.‏৫৯৫. আবূ কাতাদাহ ৰাদ্বিয়াল্লাহু আনহুৰ দ্বাৰা বর্ণিত, তেখেতে কৈছে, এটা ৰাতিত আমি আল্লাহৰ ৰাছূল চাল্লাল্লাহু আলাইহি অছাল্লামৰ লগত আছিলোঁ। যাত্রী দলৰ কোনো কোনোৱে ক’লে, হে আল্লাহৰ ৰাছূল চাল্লাল্লাহু আলাইহি অছাল্লাম! ৰাতিৰ এই শেষ প্রহৰত আমাৰ লগত যদি আপুনিও অলপ বিশ্রাম ল'লেহেঁতেন। আল্লাহৰ ৰাছূল চাল্লাল্লাহু আলাইহি অছাল্লামে ক’লে, মোৰ ভয় হৈছে, চালাতৰ সময়ত তোমালোকে শুই থাকিবা। বিলাল ৰাদ্বিয়াল্লাহু আনহুৱে ক’লে, মই আপোনালোকক জগাই দিম। সেয়ে সকলোৱে শুই পৰিল। ইফালে বিলাল ৰাদ্বিয়াল্লাহু আনহুৱেও তেখেতৰ হাওদাৰ গাত অলপ আউজিলৈ বহিল। ফলত তেওঁকো টোপনিয়ে পালে আৰু তেৱোঁ টোপনি গ'ল। সূর্য কেৱল উঠিবলৈ আৰম্ভ কৰিছে, এনে সময়ত আল্লাহৰ ৰাছূল চাল্লাল্লাহু আলাইহি অছাল্লামে সাৰ পালে আৰু বিলাল ৰাদ্বিয়াল্লাহু আনহুক মাতি ক’লে, হে বিলাল! তোমাৰ কথা ক’লৈ গ’ল? বিলাল ৰাদ্বিয়াল্লাহু আনহুৱে ক’লে, মোৰ ইমান বেছি টোপনি আগতে কেতিয়াও অহা নাছিল। আল্লাহৰ ৰাছূল চাল্লাল্লাহু আলাইহি অছাল্লামে ক’লে, আল্লাহ তা‘আলাই যেতিয়া ইচ্ছা কৰিছে তেতিয়া তোমালোকৰ ৰূহ কবয কৰি লৈছে; আকৌ যেতিয়া ইচ্ছা কৰিছে তেতিয়া সেয়া তোমালোকক ওভোতাই দিছে। হে বিলাল! উঠা, জনগণৰ বাবে চালাতৰ আজান দিয়া। ইয়াৰ পিছত তেখেতে অজু কৰিলে আৰু সূর্য যেতিয়া ওপৰত উঠিল আৰু উজ্জ্বল হ’ল তেতিয়া তেখেতে থিয় হ’ল আৰু চালাত আদায় কৰিলে। (সংশ্লিষ্ট হাদীছসমূহঃ ৭৪৭১) (আ.প্ৰ. ৫৬০, ই.ফা. ৫৬৮)
পৰিচ্ছেদ : ৩৬ সময় গুচি যোৱাৰ পিছত জনগণক লৈ জাম‘আতত চালাত আদায় কৰা।হাদীছ - 596596- حَدَّثَنَا مُعَاذُ بْنُ فَضَالَةَ، قَالَ حَدَّثَنَا هِشَامٌ، عَنْ يَحْيَى، عَنْ أَبِي سَلَمَةَ، عَنْ جَابِرِ بْنِ عَبْدِ اللَّهِ، أَنَّ عُمَرَ بْنَ الْخَطَّابِ، جَاءَ يَوْمَ الْخَنْدَقِ بَعْدَ مَا غَرَبَتِ الشَّمْسُ، فَجَعَلَ يَسُبُّ كُفَّارَ قُرَيْشٍ قَالَ يَا رَسُولَ اللَّهِ مَا كِدْتُ أُصَلِّي الْعَصْرَ حَتَّى كَادَتِ الشَّمْسُ تَغْرُبُ‏.‏ قَالَ النَّبِيُّ صلى الله عليه وسلم ‏ "‏ وَاللَّهِ مَا صَلَّيْتُهَا ‏"‏‏.‏ فَقُمْنَا إِلَى بُطْحَانَ، فَتَوَضَّأَ لِلصَّلاَةِ، وَتَوَضَّأْنَا لَهَا فَصَلَّى الْعَصْرَ بَعْدَ مَا غَرَبَتِ الشَّمْسُ، ثُمَّ صَلَّى بَعْدَهَا الْمَغْرِبَ‏.‏৫৯৬. জাবিৰ ইবনু ‘আব্দিল্লাহ ৰাদ্বিয়াল্লাহু আনহুৰ দ্বাৰা বর্ণিত যে, খন্দকৰ দিনা সূর্য অস্ত যোৱাৰ পিছত ওমৰ ইবনুল খাত্তাব ৰাদ্বিয়াল্লাহু আনহুৱে আহি কুৰাইছ গোত্রীয় কাফিৰসকলক ভৰ্ৎসনা কৰিবলৈ ধৰিলে আৰু ক’লে, হে আল্লাহৰ ৰাছূল চাল্লাল্লাহু আলাইহি অছাল্লাম! মই এতিয়াও ‘আচৰৰ চালাত আদায় কৰিব পৰা নাই, আনকি সূর্য অস্ত যাওঁ যাওঁ। আল্লাহৰ ৰাছূল চাল্লাল্লাহু আলাইহি অছাল্লামে ক’লে, আল্লাহৰ শপত! ময়ো সেয়া আদায় কৰা নাই। ইয়াৰ পিছত আমি উঠি বুতহানৰ ফালে গ’লোঁ। তাত তেখেতে চালাতৰ কাৰণে অজু কৰিলে আৰু আমিও অজু কৰিলোঁ; ইয়াৰ পিছত সূর্য ডুবি যোৱাত ‘আচৰৰ চালাত আদায় কৰিলে, তাৰ পিছত মাগৰিবৰ চালাত আদায় কৰিলে। (সংশ্লিষ্ট হাদীছসমূহঃ ৫৯৮, ৬৪১, ৯৪৫, ৪১১২; মুছলিম ৫/৩৬, হাদীছ নং ৬৩১) (আ.প্ৰ. ৫৬১, ই.ফা. ৫৬৯)
পৰিচ্ছেদ : ৩৭ কোনোৱে যদি কোনো ওৱাক্তৰ চালাত আদায় কৰিবলৈ পাহৰি যায়, তেনেহ’লে যেতিয়াই স্মৰণ হ’ব, তেতিয়াই তেওঁ সেয়া আদায় কৰি লব। সেই চালাতৰ বাহিৰে অন্য চালাত পুনৰাই আদায় কৰিব নালাগে।ইব্রাহীম ৰাহিমাহুল্লাহে কৈছে, কোনোৱে যদি বিশ বছৰো এক ওৱাক্তৰ চালাত এৰি দি থাকে, তেনেহ’লে তেওঁ কেৱল সেই ওৱাক্তৰ ছালাতেই পুনৰাই আদায় কৰিব লাগিব।হাদীছ - 597597- حَدَّثَنَا أَبُو نُعَيْمٍ، وَمُوسَى بْنُ إِسْمَاعِيلَ، قَالاَ حَدَّثَنَا هَمَّامٌ، عَنْ قَتَادَةَ، عَنْ أَنَسٍ، عَنِ النَّبِيِّ صلى الله عليه وسلم قَالَ ‏"‏مَنْ نَسِيَ صَلاَةً فَلْيُصَلِّ إِذَا ذَكَرَهَا، لاَ كَفَّارَةَ لَهَا إِلاَّ ذَلِكَ‏"‏‏.‏ ‏{‏وَأَقِمِ الصَّلاَةَ لِذِكْرِي‏}‏ قَالَ مُوسَى قَالَ هَمَّامٌ سَمِعْتُهُ يَقُولُ بَعْدُ ‏{‏وَأَقِمِ الصَّلاَةَ لِذِكْرِي‏}‏‏.‏وَقَالَ حَبَّانُ حَدَّثَنَا هَمَّامٌ، حَدَّثَنَا قَتَادَةُ، حَدَّثَنَا أَنَسٌ، عَنِ النَّبِيِّ صلى الله عليه وسلم نَحْوَهُ‏.‏

৫৯৭. আনাছ ইবনু মালিক ৰাদ্বিয়াল্লাহু আনহুৰ দ্বাৰা বর্ণিত, তেখেতে কৈছে, আল্লাহৰ ৰাছূল চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে, যদি কোনোৱে কোনো চালাতৰ কথা পাহৰি যায়, তেনেহ’লে যেতিয়াই স্মৰণ হ’ব, তেতিয়াই তেওঁ সেয়া আদায় কৰিব লাগিব। ইয়াৰ বাহিৰে সেই চালাতৰ অন্য কোনো কাফফাৰা নাই। (কিয়নো, আল্লাহ তা‘আলাই কৈছে) “... আৰু মোৰ স্মৰণৰ উদ্দেশ্যে চালাত কায়েম কৰা”। (ছুৰা ত্বা-হা ২০/১৪)

মুছা ৰাহিমাহুল্লাহৰ পৰা বৰ্ণিত, হাম্মাম ৰাহিমাহুল্লাহে কৈছে যে, মই তেখেতক [(কাতাদা ৰাদ্বিয়াল্লাহু আনহুক] পিছত কোৱা শুনিছোঁ, “... আৰু মোৰ স্মৰণৰ উদ্দেশ্যে চালাত কায়েম কৰা।” (ছুৰা ত্বা-হা ২০/১৪)
হাব্বান ৰাহিমাহুল্লাহে কৈছে, আনাছ ৰাদ্বিয়াল্লাহু আনহুৰ সূত্রতো আল্লাহৰ ৰাছূল চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৰা অনুৰূপ হাদীছ বর্ণিত আছে। (সংশ্লিষ্ট হাদীছসমূহঃ মুছলিম ৫/৫৫, হাদীছ নং ৬৮৪, আহমাদ ১৩৫৫০) (আ. প্র. ৫৬২, ই. ফা. ৫৭০)

পৰিচ্ছেদ : ৩৮ একাধিক চালাতৰ কাযা ধাৰাবাহিক ভাৱে আদায় কৰা।হাদীছ - 598598- مُسَدَّدٌ قَالَ حَدَّثَنَا يَحْيَى الْقَطَّانُ أَخْبَرَنَا هِشَامٌ قَالَ حَدَّثَنَا يَحْيَى هُوَ ابْنُ أَبِي كَثِيرٍ عَنْ أَبِي سَلَمَةَ عَنْ جَابِرِ بْنِ عَبْدِ اللهِ قَالَ جَعَلَ عُمَرُ يَوْمَ الْخَنْدَقِ يَسُبُّ كُفَّارَهُمْ وَقَالَ مَا كِدْتُ أُصَلِّي الْعَصْرَ حَتَّى غَرَبَتْ قَالَ فَنَزَلْنَا بُطْحَانَ فَصَلَّى بَعْدَ مَا غَرَبَتْ الشَّمْسُ ثُمَّ صَلَّى الْمَغْرِبَ.৫৯৮. জাবিৰ ৰাদ্বিয়াল্লাহু আনহুৰ দ্বাৰা বর্ণিত, তেখেতে কৈছে, খন্দকৰ যুদ্ধৰ এটা সময়ত ওমৰ ৰাদ্বিয়াল্লাহু আনহুৱে কুৰাইছ কাফিৰসকলক ভর্ৎসনা কৰিবলৈ ধৰিলে আৰু ক’লে, সূর্যাস্তৰ পূর্বে মই ‘আচৰৰ চালাত আদায় কৰিব পৰা নাই, (জাবিৰ ৰাদ্বিয়াল্লাহু আনহুৱে কৈছে) ইয়াৰ পিছত আমি বুতহান উপত্যকাত উপস্থিত হ’লো। তাত তেখেতে সূর্যাস্তৰ পিছত সেই চালাত আদায় কৰিলে, তাৰ পিছত মাগৰিবৰ চালাত আদায় কৰিলে। (সংশ্লিষ্ট হাদীছসমূহঃ ৫৯৬) (আ. প্র. ৫৬৩, ই. ফা. ৫৭১)
পৰিচ্ছেদ : ৩৯ ‘ইশ্বাৰ চালাতৰ পিছত গল্প-গুজব কৰা মাকৰূহ।السَّامِرُ শব্দটো السَّمرِ ধাতুৰ পৰা নির্গত। ইয়াৰ বহুবচন السُّامَّارُ ।এই আয়াতত السَّامِرُ শব্দটো বহুবচনৰূপে ব্যৱহৃত হৈছে। দৰাচলতে চন্দ্ৰৰ পোহৰক السَّمرِ বুলি কোৱা হয়, তেওঁলোকে এই পোহৰত আলোচনা কৰিছিল।হাদীছ - 599599- حَدَّثَنَا مُسَدَّدٌ، قَالَ حَدَّثَنَا يَحْيَى، قَالَ حَدَّثَنَا عَوْفٌ، قَالَ حَدَّثَنَا أَبُو الْمِنْهَالِ، قَالَ انْطَلَقْتُ مَعَ أَبِي إِلَى أَبِي بَرْزَةَ الأَسْلَمِيِّ فَقَالَ لَهُ أَبِي حَدِّثْنَا كَيْفَ، كَانَ رَسُولُ اللَّهِ صلى الله عليه وسلم يُصَلِّي الْمَكْتُوبَةَ قَالَ كَانَ يُصَلِّي الْهَجِيرَ وَهْىَ الَّتِي تَدْعُونَهَا الأُولَى حِينَ تَدْحَضُ الشَّمْسُ، وَيُصَلِّي الْعَصْرَ، ثُمَّ يَرْجِعُ أَحَدُنَا إِلَى أَهْلِهِ فِي أَقْصَى الْمَدِينَةِ وَالشَّمْسُ حَيَّةٌ، وَنَسِيتُ مَا قَالَ فِي الْمَغْرِبِ‏.‏ قَالَ وَكَانَ يَسْتَحِبُّ أَنْ يُؤَخِّرَ الْعِشَاءَ‏.‏ قَالَ وَكَانَ يَكْرَهُ النَّوْمَ قَبْلَهَا وَالْحَدِيثَ بَعْدَهَا، وَكَانَ يَنْفَتِلُ مِنْ صَلاَةِ الْغَدَاةِ حِينَ يَعْرِفُ أَحَدُنَا جَلِيسَهُ، وَيَقْرَأُ مِنَ السِّتِّينَ إِلَى الْمِائَةِ‏.‏৫৯৯. আবূল মিনহাল ৰাহিমাহুল্লাহৰ দ্বাৰা বর্ণিত, তেখেতে কৈছে, মই মোৰ পিতাৰ লগত আবূ বাৰযাহ আচলামী ৰাদ্বিয়াল্লাহু আনহুৰ ওচৰলৈ গ’লো। মোৰ পিতৃয়ে তেখেতক প্ৰশ্ন কৰিলে, আল্লাহৰ ৰাছূল চাল্লাল্লাহু আলাইহি অছাল্লামে ফৰয চালাতসমূহ কোন সময়ত আদায় কৰিছিল? তেখেতে ক’লে, আল্লাহৰ ৰাছূল চাল্লাল্লাহু আলাইহি অছাল্লামে জুহৰৰ চালাত যাক তোমালোকে প্রথম চালাত বুলি কৈ থাকা, সূর্য হালি পৰাৰ লগে লগে আদায় কৰিছিল। আৰু ‘আচৰৰ চালাত এনেকুৱা সময়ত আদায় কৰিছিল যে, আমাৰ কোনোৱে সূর্য উজ্জ্বল থাকোতেই মদীনাৰ শেষ প্রান্তত গৈ নিজ পৰিয়ালৰ ওচৰলৈ উভতি আহিব পাৰিছিল। মাগৰিব সম্পর্কে তেখেতে কি কৈছিল, সেইটো মই পাহৰি গৈছোঁ। তাৰ পিছত আবূ বাৰযাহ ৰাদ্বিয়াল্লাহু আনহুৱে কৈছে, ‘ইশ্বাৰ চালত অলপ পলমকৈ আদায় কৰাটো তেখেতে পছন্দ কৰিছিল। আৰু ‘ইশ্বাৰ আগতে টোপনি যোৱা আৰু পিছত কথা-বতৰা কোৱাটো তেখেতে অপছন্দ কৰিছিল। আৰু এনেকুৱা সময়ত তেখেতে ফজৰৰ চালাত শেষ কৰিছিল যে, আমাৰ কোনোৱে তেওঁৰ পার্শ্বৱর্তী ব্যক্তিক চিনিব পাৰিছিল। এই চালাতত তেখেতে ষাঠিৰপৰা এশ আয়াত তিলাওৱাৎ কৰিছিল। (সংশ্লিষ্ট হাদীছসমূহঃ ৫৪১) (আ. প্র. ৫৬৪, ই. ফা. ৫৭২)
পৰিচ্ছেদ : ৪০ ‘ইশ্বাৰ পিছত জ্ঞান-চৰ্চা আৰু আন আন কল্যাণজনক বিষয়ৰ আলোচনা।হাদীছ - 600

600- حَدَّثَنَا عَبْدُ اللَّهِ بْنُ الصَّبَّاحِ، قَالَ حَدَّثَنَا أَبُو عَلِيٍّ الْحَنَفِيُّ، حَدَّثَنَا قُرَّةُ بْنُ خَالِدٍ، قَالَ انْتَظَرْنَا الْحَسَنَ وَرَاثَ عَلَيْنَا حَتَّى قَرُبْنَا مِنْ وَقْتِ قِيَامِهِ، فَجَاءَ فَقَالَ دَعَانَا جِيرَانُنَا هَؤُلاَءِ‏.‏ ثُمَّ قَالَ قَالَ أَنَسٌ نَظَرْنَا النَّبِيَّ صلى الله عليه وسلم ذَاتَ لَيْلَةٍ حَتَّى كَانَ شَطْرُ اللَّيْلِ يَبْلُغُهُ، فَجَاءَ فَصَلَّى لَنَا، ثُمَّ خَطَبَنَا فَقَالَ "‏أَلاَ إِنَّ النَّاسَ قَدْ صَلَّوْا ثُمَّ رَقَدُوا، وَإِنَّكُمْ لَمْ تَزَالُوا فِي صَلاَةٍ مَا انْتَظَرْتُمُ الصَّلاَةَ‏"‏‏.‏ قَالَ الْحَسَنُ وَإِنَّ الْقَوْمَ لاَ يَزَالُونَ بِخَيْرٍ مَا انْتَظَرُوا الْخَيْرَ‏.‏ قَالَ قُرَّةُ هُوَ مِنْ حَدِيثِ أَنَسٍ عَنِ النَّبِيِّ صلى الله عليه وسلم‏.‏

৬০০. কুর্ৰাহ ইবনু খালিদ ৰাহিমাহুল্লাহৰ পৰা বর্ণিত, তেখেতে কৈছে, এদিন মই হাছান (বছৰী ৰাহিমাহুল্লাহৰ অপেক্ষাত আছিলোঁ। তেখেতে ইমান পলমকৈ আহিল যে, নিয়মিত চালাতৰ শেষ সময় ওচৰ চাপি আহিল। ইয়াৰ পিছত তেখেতে আহি ক’লে, আমাৰ এই প্রতিবেশীসকলে আমাক মাতিছিল। ইয়াৰ পিছত তেখেতে ক’লে, আনাছ ইবনু মালিক ৰাদ্বিয়াল্লাহু আনহুৱে বর্ণনা কৰিছে, এটি নিশা আমি নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ অপেক্ষাত আছিলোঁ। আনকি প্রায় আধা ৰাতি হৈ গ’ল, তেতিয়া আহি তেখেতে আমাৰ লগত চালাত আদায় কৰিলে। ইয়াৰ পিছত আমাক সম্বোধন কৰি তেখেতে ক’লে, জানি লোৱা! লোকসকলে চালাত আদায় কৰি শুই পৰিছে, কিন্তু তোমালোকে যিমান সময় চালাতৰ অপেক্ষাত আছিলা, সিমান সময় চালাততেই আছিলা। হাছান বছৰী ৰাহিমাহুল্লাহে কৈছে, মানুহে যিমান সময় কল্যাণৰ অপেক্ষাত থাকে, সিমান সময় তেওঁলোকে কল্যাণতেই থাকে। কুর্ৰাহ ৰাহিমাহুল্লাহে কৈছে, এই উক্তি আনাছ ৰাদ্বিয়াল্লাহু আনহু কর্তৃক বর্ণিত আল্লাহৰ ৰাছূল চাল্লাল্লাহু আলাইহি অছাল্লামৰ হাদিছৰেই অংশ।
(সংশ্লিষ্ট হাদীছসমূহঃ ৫৭২) (আ. প্র. ৫৬৫, ই. ফা. ৫৭৩)
হাদীছ - 601601- حَدَّثَنَا أَبُو الْيَمَانِ، قَالَ أَخْبَرَنَا شُعَيْبٌ، عَنِ الزُّهْرِيِّ، قَالَ حَدَّثَنِي سَالِمُ بْنُ عَبْدِ اللَّهِ بْنِ عُمَرَ، وَأَبُو بَكْرِ بْنُ أَبِي حَثْمَةَ أَنَّ عَبْدَ اللَّهِ بْنَ عُمَرَ، قَالَ صَلَّى النَّبِيُّ صلى الله عليه وسلم عليه وسلم صَلاَةَ الْعِشَاءِ فِي آخِرِ حَيَاتِهِ، فَلَمَّا سَلَّمَ قَامَ النَّبِيُّ صلى الله عليه وسلم فَقَالَ ‏"‏أَرَأَيْتَكُمْ لَيْلَتَكُمْ هَذِهِ فَإِنَّ رَأْسَ مِائَةٍ لاَ يَبْقَى مِمَّنْ هُوَ الْيَوْمَ عَلَى ظَهْرِ الأَرْضِ أَحَدٌ‏"‏‏.‏ فَوَهِلَ النَّاسُ فِي مَقَالَةِ رَسُولِ اللَّهِ ـ عَلَيْهِ السَّلاَمُ ـ إِلَى مَا يَتَحَدَّثُونَ مِنْ هَذِهِ الأَحَادِيثِ عَنْ مِائَةِ سَنَةٍ، وَإِنَّمَا قَالَ النَّبِيُّ صلى الله عليه وسلم ‏"لاَ يَبْقَى مِمَّنْ هُوَ الْيَوْمَ عَلَى ظَهْرِ الأَرْضِ‏"‏ يُرِيدُ بِذَلِكَ أَنَّهَا تَخْرِمُ ذَلِكَ الْقَرْن‏.‏৬০১. ‘আব্দুল্লাহ্ ইবনু ওমৰ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বর্ণিত, আল্লাহৰ ৰাছূল চাল্লাল্লাহু আলাইহি অছাল্লামে এবাৰ তেখেতৰ শেষ জীৱনত ‘ইশ্বাৰ চালাত আদায় কৰি ছালাম ফিৰোৱাৰ পিছত ক’লে, আজিৰ এই ৰাতি সম্পর্কে তোমালোকৰ অভিমত কি? আজিৰ পৰা আৰম্ভ কৰি এশ বছৰৰ মূৰত আজি যিসকল ভূ-পৃষ্ঠত আছে তেওঁলোকৰ কোনো এজনো অৱশিষ্ট নাথাকিব। কিন্তু চাহাবাসকলে আল্লাহৰ ৰাছূল চাল্লাল্লাহু আলাইহি অছাল্লামৰ ‘এশ’ বছৰৰ এই উক্তি সম্পর্কে নানাবিধ জল্পনা-কল্পনা কৰি থাকে। প্রকৃতপক্ষে আল্লাহৰ ৰাছূল চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে, আজি যিসকল জীৱিত আছে তেওঁলোকৰ কোনোৱে ভূ-পৃষ্ঠত নাথাকিব। ইয়াৰ দ্বাৰা তেখেতে বুজাব বিচাৰিছে যে, এই শতাব্দীয়ে সেই যুগৰ পৰিসমাপ্তি ঘটাব।
পৰিচ্ছেদ : ৪১ পৰিয়াল আৰু অতিথিৰ সৈতে কথা-বতৰা কোৱা।হাদীছ - 602602- حَدَّثَنَا أَبُو النُّعْمَانِ، قَالَ حَدَّثَنَا مُعْتَمِرُ بْنُ سُلَيْمَانَ، قَالَ حَدَّثَنَا أَبِي، حَدَّثَنَا أَبُو عُثْمَانَ، عَنْ عَبْدِ الرَّحْمَنِ بْنِ أَبِي بَكْرٍ، أَنَّ أَصْحَابَ الصُّفَّةِ، كَانُوا أُنَاسًا فُقَرَاءَ، وَأَنَّ النَّبِيَّ صلى الله عليه وسلم قَالَ ‏ "‏مَنْ كَانَ عِنْدَهُ طَعَامُ اثْنَيْنِ فَلْيَذْهَبْ بِثَالِثٍ، وَإِنْ أَرْبَعٌ فَخَامِسٌ أَوْ سَادِسٌ‏"‏‏.‏ وَأَنَّ أَبَا بَكْرٍ جَاءَ بِثَلاَثَةٍ فَانْطَلَقَ النَّبِيُّ صلى الله عليه وسلم بِعَشَرَةٍ، قَالَ فَهْوَ أَنَا وَأَبِي وَأُمِّي، فَلاَ أَدْرِي قَالَ وَامْرَأَتِي وَخَادِمٌ بَيْنَنَا وَبَيْنَ بَيْتِ أَبِي بَكْرٍ‏.‏ وَإِنَّ أَبَا بَكْرٍ تَعَشَّى عِنْدَ النَّبِيِّ صلى الله عليه وسلم ثُمَّ لَبِثَ حَيْثُ صُلِّيَتِ الْعِشَاءُ، ثُمَّ رَجَعَ فَلَبِثَ حَتَّى تَعَشَّى النَّبِيُّ صلى الله عليه وسلم فَجَاءَ بَعْدَ مَا مَضَى مِنَ اللَّيْلِ مَا شَاءَ اللَّهُ، قَالَتْ لَهُ امْرَأَتُهُ وَمَا حَبَسَكَ عَنْ أَضْيَافِكَ ـ أَوْ قَالَتْ ضَيْفِكَ ـ قَالَ أَوَمَا عَشَّيْتِيهِمْ قَالَتْ أَبَوْا حَتَّى تَجِيءَ، قَدْ عُرِضُوا فَأَبَوْا‏.‏ قَالَ فَذَهَبْتُ أَنَا فَاخْتَبَأْتُ فَقَالَ يَا غُنْثَرُ، فَجَدَّعَ وَسَبَّ، وَقَالَ كُلُوا لاَ هَنِيئًا‏.‏ فَقَالَ وَاللَّهِ لاَ أَطْعَمُهُ أَبَدًا، وَايْمُ اللَّهِ مَا كُنَّا نَأْخُذُ مِنْ لُقْمَةٍ إِلاَّ رَبَا مِنْ أَسْفَلِهَا أَكْثَرُ مِنْهَا‏.‏ قَالَ يَعْنِي حَتَّى شَبِعُوا وَصَارَتْ أَكْثَرَ مِمَّا كَانَتْ قَبْلَ ذَلِكَ، فَنَظَرَ إِلَيْهَا أَبُو بَكْرٍ فَإِذَا هِيَ كَمَا هِيَ أَوْ أَكْثَرُ مِنْهَا‏.‏ فَقَالَ لاِمْرَأَتِهِ يَا أُخْتَ بَنِي فِرَاسٍ مَا هَذَا قَالَتْ لاَ وَقُرَّةِ عَيْنِي لَهِيَ الآنَ أَكْثَرُ مِنْهَا قَبْلَ ذَلِكَ بِثَلاَثِ مَرَّاتٍ‏.‏ فَأَكَلَ مِنْهَا أَبُو بَكْرٍ وَقَالَ إِنَّمَا كَانَ ذَلِكَ مِنَ الشَّيْطَانِ ـ يَعْنِي يَمِينَهُ ـ ثُمَّ أَكَلَ مِنْهَا لُقْمَةً، ثُمَّ حَمَلَهَا إِلَى النَّبِيِّ صلى الله عليه وسلم فَأَصْبَحَتْ عِنْدَهُ، وَكَانَ بَيْنَنَا وَبَيْنَ قَوْمٍ عَقْدٌ، فَمَضَى الأَجَلُ، فَفَرَّقَنَا اثْنَا عَشَرَ رَجُلاً، مَعَ كُلِّ رَجُلٍ مِنْهُمْ أُنَاسٌ، اللَّهُ أَعْلَمُ كَمْ مَعَ كُلِّ رَجُلٍ فَأَكَلُوا مِنْهَا أَجْمَعُونَ، أَوْ كَمَا قَالَ‏.‏৬০২. ‘আব্দুৰ-ৰাহমান ইবনু আবূ বকৰ ৰাদ্বিয়াল্লাহু আনহুৰ দ্বাৰা বর্ণিত যে, আচহাবে চুফফা আছিল খুবেই দৰিদ্র। (এদিন) নবী চাল্লাল্লাহু আলাইহি অছাল্লামে ক’লে, যাৰ ওচৰত দু’জনৰ আহাৰ আছে তেওঁ যেন (তেওঁলোকৰ পৰা) তৃতীয় জনক সঙ্গী কৰি লৈ যায়। আকৌ যাৰ ওচৰত চাৰিজনৰ আহাৰৰ সংস্থান আছে, তেওঁ যেন পঞ্চম বা ষষ্ঠজন সঙ্গী লৈ যায়। আবূ বকৰ ৰাদ্বিয়াল্লাহু আনহুৱে তিনিজন লগত লৈ আহিল আৰু আল্লাহৰ ৰাছূল চাল্লাল্লাহু আলাইহি অছাল্লামে দহজন লৈ আহিল। ‘আব্দুৰ ৰাহমান ৰাদ্বিয়াল্লাহু আনহুৱে কৈছে, আমাৰ ঘৰত আৰু আবূ বকৰৰ ঘৰত মই, মোৰ পিতৃ আৰু মাতৃ (এই তিনিজন সদস্য) আছিলোঁ। ৰাবীয়ে কৈছে, মই নাজানোঁ, তেখেতে মোৰ স্ত্রী আৰু খাদিমে এই কথা কৈছিল নে নাই? আবূ বকৰ ৰাদ্বিয়াল্লাহু আনহুৱে আল্লাহৰ ৰাছূল চাল্লাল্লাহু আলাইহি অছাল্লামৰ ঘৰতেই ৰাতিৰ আহাৰ কৰিলে আৰু ‘ইশ্বাৰ চালাত পর্যন্ত তাত অৱস্থান কৰিলে। ‘ইশ্বাৰ চালাতৰ পিছত তেখেতে পুনৰ (আল্লাহৰ ৰাছূল চাল্লাল্লাহু আলাইহি অছাল্লামৰ ঘৰলৈ) উভতি আহিল আৰু নবী চাল্লাল্লাহু আলাইহি অছাল্লামে ৰাতিৰ আহাৰ শেষ কৰা পর্যন্ত তাতেই অৱস্থান কৰিলে। আল্লাহৰ ইচ্ছাত ৰাতিৰ কিছু সময় অতিবাহিত হোৱাৰ পিছত ঘৰলৈ উভতি অহাত তেখেতৰ স্ত্রীয়ে তেখেতক ক’লে, মেহমানসকলৰ ওচৰলৈ আহিবলৈ কিহে আপোনাক ব্যস্ত ৰাখিছিল? নাইবা তেখেতে কৈছিল, (বর্ণনাকাৰীৰ সন্দেহ) মেহমানৰ পৰা। আবূ বকৰ ৰাদ্বিয়াল্লাহু আনহুৱে ক’লে, এতিয়াও তেওঁলোকক খাবলৈ দিয়া নাই? তেখেতে ক’লে, আপুনি নহালৈকে তেওঁলোকে খাবলৈ অস্বীকাৰ কৰিছে। তেওঁলোকৰ সন্মুখত দিয়া হৈছিল, কিন্তু তেওঁলোকে খাবলৈ সন্মত হোৱা নাই। তেখেতে (ৰাগান্বিত হৈ) ক’লে, আৰে বুৰ্বক, লগতে ভৰ্ৎসনা কৰিলে। আনহাতে (মেহমানসকলক) ক’লে, খাই লওঁক! আপোনালোকে অস্বস্তিত আছিল। ইয়াৰ পিছত তেখেতে ক’লে, আল্লাহৰ শপত! মই এয়া কেতিয়াও নাখাওঁ। ‘আব্দুৰ ৰহমান ৰাদ্বিয়াল্লাহু আনহুৱে কৈছে, আল্লাহৰ শপত! আমি খাদ্য মুখলৈ উঠাই লওঁতেই তলৰ পৰা সেয়া অধিক পৰিমাণে বাঢ়ি গৈছিল। তেখেতে কৈছে, সকলোৱেই পেট ভৰাই খালে। অথচ আগতকৈ অধিক খাদ্য ৰৈ গ’ল। আবূ বকৰ ৰাদ্বিয়াল্লাহু আনহুৱে খাদ্যৰ ফালে চাই দেখিবলৈ পালে সেয়া আগৰ সমপৰিমাণ নাইবা তাতকৈও বেছি অৱশিষ্ট আছে। তেখেতে তেখেতৰ স্ত্রীক ক’লে, হে বানূ ফিৰাচৰ ভনী! এয়া কি? তেখেতে ক’লে, হে মোৰ চকুৰ প্রশান্তি! এয়াতো এতিয়া আগতকৈ তিনিগুণ বেছি! আবূ বকৰ ৰাদ্বিয়াল্লাহু আনহুৱে তাৰ দ্বাৰা আহাৰ কৰিলে আৰু ক’লে, মোৰ সেই শপত চয়তানৰ পক্ষৰ পৰাই হৈছিল। ইয়াৰ পিছত তেখেতে পুনৰ খাদ্য মুখত দিলে আৰু অৱশিষ্ট আহাৰ নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ দৰবাৰলৈ লৈ গ’ল। ৰাতিপুৱালৈকে সেই খাদ্য আল্লাহৰ ৰাছূল চাল্লাল্লাহু আলাইহি অছাল্লামৰ তাতেই আছিল। ইফালে আমাৰ আৰু আন এটি গোত্রৰ মাজত যি সন্ধি আছিল তাৰ সময়সীমা পূৰ্ণ হৈ যায়। (আৰু তেওঁলোক মদীনালৈ আহে) আমি তেওঁলোকক বাৰজনৰ নেতৃত্বত ভাগ কৰি দিওঁ। তেওঁলোকৰ প্রত্যেকৰ লগতেই কিছু কিছু লোক আছিল। কিন্তু প্রত্যেকৰ লগত কিমানজন আছিল সেইটো আল্লাহে জানে। তেওঁলোক সকলোৱেই সেই খাদ্যৰ দ্বাৰা আহাৰ কৰিলে। (ৰাবীয়ে কৈছে) নাইবা ‘আব্দুৰ ৰহমান ৰাদ্বিয়াল্লাহু আনহুৱে যেনেদৰে বর্ণনা কৰিছে। (সংশ্লিষ্ট হাদীছসমূহঃ ৩৫৮১, ৬১৪০, ৬১৪১; মুছলিম ৩৬/৩২, হাদীছ নং ২০৫৭, আহমাদ ১৭০৪) (আ.প্ৰ. ৫৬৭, ই.ফা. ৫৭৫)