পুৱা গধূলি পঢ়িবলগীয়া দুআসমূহ

 

  الٓمّٓ

ذٰلِكَ الْكِتٰبُ لَا رَیْبَ ۖۚۛ فِیْهِ ۚۛ هُدًی لِّلْمُتَّقِیْنَ الَّذِیْنَ یُؤْمِنُوْنَ بِالْغَیْبِ وَیُقِیْمُوْنَ الصَّلٰوةَ وَمِمَّا رَزَقْنٰهُمْ یُنْفِقُوْنَ وَالَّذِیْنَ یُؤْمِنُوْنَ بِمَاۤ اُنْزِلَ اِلَیْكَ وَمَاۤ اُنْزِلَ مِنْ قَبْلِكَ ۚ وَبِالْاٰخِرَةِ هُمْ یُوْقِنُوْنَ اُولٰٓىِٕكَ عَلٰی هُدًی مِّنْ رَّبِّهِمْ ۗ وَاُولٰٓىِٕكَ هُمُ الْمُفْلِحُوْنَ

[البقرة: 1-5]

উচ্চাৰণঃ আলিফ-লাম-মীম। জা-লিকাল কিতা-বু লা ৰাইবা ফীহি হুদাল্লিল মুত্তাক্বীন। আল্লাজীনা ইউ’মিনূনা বিল গাইবি অয়ুক্বীমূনাচ চালা-তা অমিম্মা ৰাঝাক্বনা-হুম ইউংফিকূন। অল্লাজীনা ইউ’মিনূনা বিমা উংঝিলা ইলাইকা অমা উংঝিলা মিং ক্বাবলিকা অবিল আ-খিৰাতি হুম ইউক্বীনূন। উলা-ইকা আলা হুদাম মিৰ ৰাব্বিহিম, ৱা উলা-ইকা হুমুল মুফলিহূন।

অৰ্থঃ এইখন সেই কিতাপ; য’ত কোনো সন্দেহ নাই, মুত্তাক্বীসকলৰ বাবে হিদায়ত। যিসকলে গায়েবৰ প্ৰতি ঈমান পোষণ কৰে, ছালাত কায়েম কৰে আৰু আমি তেওঁলোকক যি প্ৰদান কৰিছোঁ তাৰ পৰা ব্যয় কৰে। লগতে যিসকলে ঈমান পোষণ কৰে তাৰ ওপৰত, যি তোমাৰ প্ৰতি অৱতীৰ্ণ কৰা হৈছে আৰু যি তোমাৰ পূৰ্বে অৱতীৰ্ণ কৰা হৈছিল আৰু তেওঁলোক আখিৰাতৰ প্ৰতি পূৰ্ণ বিশ্বাসী। তেওঁলোকেই নিজ প্ৰতিপালকৰ নিৰ্দেশিত হিদায়তৰ ওপৰত আছে আৰু তেওঁলোকেই সাফল্যমণ্ডিত। (ছুৰা আল-বাক্বাৰাহঃ ১-৫)


اَللّٰهُ لَاۤ اِلٰهَ اِلَّا هُوَ ۚ اَلْحَیُّ الْقَیُّوْمُ ۚ۬ لَا تَاْخُذُهٗ سِنَةٌ وَّلَا نَوْمٌ ؕ لَهٗ مَا فِی السَّمٰوٰتِ وَمَا فِی الْاَرْضِ ؕ مَنْ ذَا الَّذِیْ یَشْفَعُ عِنْدَهٗۤ اِلَّا بِاِذْنِهٖ ؕ یَعْلَمُ مَا بَیْنَ اَیْدِیْهِمْ وَمَا خَلْفَهُمْ ۚ وَلَا یُحِیْطُوْنَ بِشَیْءٍ مِّنْ عِلْمِهٖۤ اِلَّا بِمَا شَآءَ ۚ وَسِعَ كُرْسِیُّهُ السَّمٰوٰتِ وَالْاَرْضَ ۚ وَلَا یَـُٔوْدُهٗ حِفْظُهُمَا ۚ وَهُوَ الْعَلِیُّ الْعَظِیْمُ ۟

 [البقرة: 255]

উচ্চাৰণঃ আল্লা-হু লা ইলা-হা ইল্লা হুৱাল হাইয়ুল ক্বাইয়ূম, লা তা’খুজুহু ছিনাতুওঁ অলা নাওম। লাহু মা ফিছ ছামা-ৱাতি অমা ফিল আৰজি মানজাল লাজী য়াশ্বফাউ ইংদাহু ইল্লা বিইজনিহ। য়া’লামু মা বাইনা আইদীহিম অমা খালফাহুম অলা য়ুহীতূনা বিশ্বাইয়িম মিন ইলমিহি ইল্লা বিমা শ্বা-আ, অছিআ কুৰছিয়্যুহুচ ছামা-ৱাতি অল আৰজ, অলা য়া-ঊ দুহু হিফজুহুমা, অহুৱাল আলিয়্যুল আজীম।

অৰ্থঃ আল্লাহৰ বাহিৰে আন কোনো সত্য ইলাহ নাই। তেওঁ চিৰঞ্জীৱ, সকলো সত্তাৰ ধাৰক। তেওঁক কলাঘূমটিও স্পৰ্শ কৰিব নোৱাৰে আৰু টোপনিও নহয়। আকাশমণ্ডলত যি আছে আৰু পৃথিৱীত যি আছে সকলো তেওঁৰেই। তেওঁৰ অনুমতি নোহোৱাকৈ তেওঁৰ ওচৰত ছুপাৰিছ কৰিব পৰা কোন আছে? সিহঁতৰ সন্মুখত আৰু পিছত যি আছে সকলো তেওঁ জানে; আৰু যি তেওঁ ইচ্ছা কৰে তাৰ বাহিৰে তেওঁৰ জ্ঞানৰ একোৱেই সিহঁতে পৰিবেষ্টন কৰিব নোৱাৰে। তেওঁৰ কুৰছী আকাশমণ্ডল আৰু পৃথিৱীক পৰিব্যপ্ত কৰি আছে; আৰু এই দুটাৰ ৰক্ষণাবেক্ষণ তেওঁৰ বাবে বোজা নহয়; আৰু তেওঁ সুউচ্চ, সুমহান। (আয়াতুল কুৰছী, ছুৰা আল-বাক্বাৰাহঃ ২৫৫)


اٰمَنَ الرَّسُوْلُ بِمَاۤ اُنْزِلَ اِلَیْهِ مِنْ رَّبِّهٖ وَالْمُؤْمِنُوْنَ ؕ كُلٌّ اٰمَنَ بِاللّٰهِ وَمَلٰٓىِٕكَتِهٖ وَكُتُبِهٖ وَرُسُلِهٖ ۫ لَا نُفَرِّقُ بَیْنَ اَحَدٍ مِّنْ رُّسُلِهٖ ۫ وَقَالُوْا سَمِعْنَا وَاَطَعْنَا غُفْرَانَكَ رَبَّنَا وَاِلَیْكَ الْمَصِیْرُ

لَا یُكَلِّفُ اللّٰهُ نَفْسًا اِلَّا وُسْعَهَا ؕ لَهَا مَا كَسَبَتْ وَعَلَیْهَا مَا اكْتَسَبَتْ ؕ رَبَّنَا لَا تُؤَاخِذْنَاۤ اِنْ نَّسِیْنَاۤ اَوْ اَخْطَاْنَا ۚ رَبَّنَا وَلَا تَحْمِلْ عَلَیْنَاۤ اِصْرًا كَمَا حَمَلْتَهٗ عَلَی الَّذِیْنَ مِنْ قَبْلِنَا ۚ رَبَّنَا وَلَا تُحَمِّلْنَا مَا لَا طَاقَةَ لَنَا بِهٖ ۚ وَاعْفُ عَنَّا ۥ وَاغْفِرْ لَنَا ۥ وَارْحَمْنَا ۥ اَنْتَ مَوْلٰىنَا فَانْصُرْنَا عَلَی الْقَوْمِ الْكٰفِرِیْنَ

[البقرة: 285-286]

উচ্চাৰণঃ আ-মানাৰ ৰাছূলু বিমা উংঝিলা ইলাইহি মিৰ ৰাব্বিহি অল মু’মিনূন। কুল্লুন আ-মানা বিল্লা-হি অমালা-ইকাতিহি অকুতুবিহি অৰুছুলিহি লা নুফাৰ্ৰিকু বাইনা আহাদিম মিৰ ৰুছুলিহ, অক্বালূ ছামি’না ৱা আত্বা’না গুফৰা-নাকা ৰাব্বানা ৱা ইলাইকাল মাচীৰ। লা য়ুকাল্লিফুল্লা-হু নাফছান ইল্লা উছআহা, লাহা মা কাছাবাত, ৱা আলাইহা মাকতাছাবাত, ৰাব্বানা লা তুআ-খিজনা ইন-নাছীনা আউ আখত্ব’না, ৰাব্বানা অলা তাহমিল আলাইনা ইচৰাং কামা হামালতাহু আলাল লাজীনা মিং কাবলিনা, ৰাব্বানা অলা তুহাম্মিলনা মা-লা ত্ব’ক্বাতা লানা বিহি, অ’ফু আন্না অগফিৰলানা অৰহামনা, আংতা মাওলানা, ফাংচুৰনা আলাল কাওমিল কাফিৰীন।

অৰ্থঃ ৰাছুলে তেওঁৰ প্ৰতিপালকৰ তৰফৰ পৰা তেওঁৰ ওচৰলৈ যি অৱতীৰ্ণ হৈছে তাৰ ওপৰত ঈমান আনিছে আৰু মুমিনসকলেও (ঈমান আনিছে)। প্ৰত্যেকেই ঈমান আনিছে আল্লাহৰ ওপৰত, তেওঁৰ ফিৰিস্তাসকলৰ ওপৰত, তেওঁৰ কিতাবসমূহ আৰু তেওঁৰ ৰাছুলসকলৰ ওপৰত। আমি তেওঁৰ ৰাছুলসকলৰ মাজত কোনো পাৰ্থক্য নকৰোঁ; আৰু তেওঁলোকে কয়, ‘আমি শুনিছোঁ আৰু মানি লৈছোঁ। হে আমাৰ প্ৰতিপালক! তোমাৰ ওচৰতে ক্ষমা প্ৰাৰ্থনা কৰোঁ আৰু তোমাৰ পিনেই (আমাৰ) প্ৰত্যাৱৰ্তনস্থল’। আল্লাহে কাকো তাৰ সামৰ্থৰ বাহিৰত কোনো দায়িত্ব নিদিয়ে। যিয়ে ভাল উপাৰ্জন কৰিছে ইয়াৰ প্ৰতিফল তাৰ বাবেই, আৰু যিয়ে বেয়া উপাৰ্জন কৰিছে ইয়াৰ প্ৰতিফল সি নিজেই ভোগ কৰিব। হে আমাৰ প্ৰতিপালক! যদি আমি বিস্মৃত হওঁ অথবা ভুল কৰোঁ তেন্তে তুমি আমাক সোধ-পোচ নকৰিবা। হে আমাৰ প্ৰতিপালক! আমাৰ পূৰ্বৱৰ্তীসকলৰ ওপৰত যেনেকৈ তুমি বোজা অৰ্পণ কৰিছিলা আমাৰ ওপৰত তেনেকুৱা বোজা অৰ্পণ নকৰিবা। হে আমাৰ প্ৰতিপালক! তুমি আমাক এনেকুৱা বোজা বহন নকৰাবা যিটো বহন কৰাৰ আমাৰ সামৰ্থ নাই; আৰু তুমি আমাৰ পাপ মোচন কৰি দিয়া, আমাক ক্ষমা কৰি দিয়া, আমাৰ প্ৰতি দয়া কৰা, তুমিয়েই আমাৰ অভিভাৱক। এতেকে কাফিৰ সম্প্ৰদায়ৰ বিৰুদ্ধে আমাক সহায় কৰা। (ছুৰা আল-বাক্বাৰাহঃ ২৮৫-২৮৬)


﴿حمٓ١ تَنزِيلُ ٱلۡكِتَٰبِ مِنَ ٱللَّهِ ٱلۡعَزِيزِ ٱلۡعَلِيمِ٢ غَافِرِ ٱلذَّنۢبِ وَقَابِلِ ٱلتَّوۡبِ شَدِيدِ ٱلۡعِقَابِ ذِي ٱلطَّوۡلِۖ لَآ إِلَٰهَ إِلَّا هُوَۖ إِلَيۡهِ ٱلۡمَصِيرُ٣﴾ [غافر: 1-3]

উচ্চাৰণঃ হা-মীম। তাংঝীলুল কিতা-বি মিনাল্লা-হিল আঝীঝিল আলীম। গা-ফিৰিজ জাম্বি অক্বা-বিলিত তাওবি শ্বাদীদিল ইক্বাবি জিত ত্বওলি, লা ইলা-হা ইল্লা হুৱা ইলাইহিল মাচীৰ।

অৰ্থঃ এই কিতাব অৱতীৰ্ণ হৈছে আল্লাহৰ তৰফৰ পৰা যিজন মহাপৰাক্ৰমশালী, সৰ্বজ্ঞ, তেওঁ পাপ ক্ষমাকাৰী, তাওবা গ্ৰহণকাৰী, কঠোৰ শাস্তি প্ৰদানকাৰী, অনুগ্ৰহ বৰ্ষণকাৰী। তেওঁৰ বাহিৰে আন কোনো সত্য ইলাহ নাই। তেওঁৰ ফালেই (আমাৰ) প্ৰত্যাৱৰ্তন। (ছুৰা গাফিৰঃ ১-৩)


﴿هُوَ ٱللَّهُ ٱلَّذِي لَآ إِلَٰهَ إِلَّا هُوَۖ عَٰلِمُ ٱلۡغَيۡبِ وَٱلشَّهَٰدَةِۖ هُوَ ٱلرَّحۡمَٰنُ ٱلرَّحِيمُ٢٢ هُوَ ٱللَّهُ ٱلَّذِي لَآ إِلَٰهَ إِلَّا هُوَ ٱلۡمَلِكُ ٱلۡقُدُّوسُ ٱلسَّلَٰمُ ٱلۡمُؤۡمِنُ ٱلۡمُهَيۡمِنُ ٱلۡعَزِيزُ ٱلۡجَبَّارُ ٱلۡمُتَكَبِّرُۚ سُبۡحَٰنَ ٱللَّهِ عَمَّا يُشۡرِكُونَ٢٣ هُوَ ٱللَّهُ ٱلۡخَٰلِقُ ٱلۡبَارِئُ ٱلۡمُصَوِّرُۖ لَهُ ٱلۡأَسۡمَآءُ ٱلۡحُسۡنَىٰۚ يُسَبِّحُ لَهُۥ مَا فِي ٱلسَّمَٰوَٰتِ وَٱلۡأَرۡضِۖ وَهُوَ ٱلۡعَزِيزُ ٱلۡحَكِيمُ٢٤﴾ [الحشر: 22-24]

উচ্চাৰণঃ হুৱাল্লা-হুল লাজী লা ইলা-হা ইল্লা হুৱা আ-লিমুল গাইবি অশ্ব-শ্বাহাদাতি, হুৱাৰ ৰাহমানিৰ ৰাহীম। হুৱাল্লা-হুল লাজী লা ইলা-হা ইল্লা হুৱাল মালিকুল কুদ্দূছুছ ছালামুল মু’মিনুল মুহাইমিনুল আঝীঝুল জাব্বাৰুল মুতাকাব্বিৰ। ছুবহা-নাল্লাহি আম্মা য়ুশ্বৰিকূন। হুৱাল্লা-হুল খা-লিকুল বা-ৰিউল মুচাওৱিৰু লাহুল আছমা- উল হুছনা, য়ুছাব্বিহু লাহু মা-ফিছ ছামা-ৱাতি অল আৰজ, অহুৱাল আঝীঝুল হাকীম।

অৰ্থঃ তেৱেঁই আল্লাহ, তেওঁৰ বাহিৰে আন কোনো সত্য ইলাহ নাই, তেওঁ অদৃশ্য আৰু প্ৰকাশ্য বিষয়সমূহৰ জ্ঞানী; তেওঁ পৰম কৰুণাময় পৰম দয়ালু। তেৱেঁই আল্লাহ, তেওঁৰ বাহিৰে আন কোনো সত্য ইলাহ নাই, তেৱেঁই অধিপতি, মহাপৱিত্ৰ, শান্তিৰ উৎস ত্ৰুটিমুক্ত, নিৰাপত্তাদানকাৰী, ৰক্ষক, মহাপৰাক্ৰমশালী, মহাপ্ৰতাপশালী, অতি মহিমান্বিত। সিহঁতে যি অংশীস্থাপন কৰে তাৰ পৰা আল্লাহ পৱিত্ৰ, মহান। তেৱেঁই আল্লাহ, স্ৰষ্টা, উদ্ভাৱনকৰ্তা, আকাৰ-আকৃতিদানকাৰী, সৰ্বোত্তম নামসমূহ তেওঁৰেই। আকাশমণ্ডল আৰু পৃথিৱীত যি আছে সকলোৱে তেওঁৰ পৱিত্ৰতা আৰু মহিমা ঘোষণা কৰে। তেওঁ পৰাক্ৰমশালী, প্ৰজ্ঞাময়। (ছুৰা আল-হাশ্বৰঃ ২২-২৪)


﴿بِسْمِ اللّٰهِ الرَّحْمٰنِ الرَّحِيْمِ ۝ ﴿قُلْ هُوَ اللّٰهُ اَحَدٌ ۝ۚ اَللّٰهُ الصَّمَدُ ۝ۚ لَمْ يَلِدْ ڏ وَلَمْ يُوْلَدْ ۝ وَلَمْ يَكُنْ لَّهٗ كُفُوًا اَحَدٌ ۝ۧ﴾ [الإخلاص]

ক্বুল হুৱাল্লা-হু আহাদ। (ছুৰা ইখলাচ)

﴿بِسْمِ اللّٰهِ الرَّحْمٰنِ الرَّحِيْمِ ۝ ﴿قُلْ اَعُوْذُ بِرَبِّ الْفَلَقِ ۝ مِنْ شَرِّ مَا خَلَقَ ۝ وَمِنْ شَرِّ غَاسِقٍ اِذَا وَقَبَ ۝ وَمِنْ شَرِّ النَّفّٰثٰتِ فِي الْعُقَدِ ۝ وَمِنْ شَرِّ حَاسِدٍ اِذَا حَسَدَ ۝﴾ [الفلق]

ক্বুল আউজু বিৰাব্বিল ফালাক্ব। (ছুৰা ফালাক্ব)

﴿بِسْمِ اللّٰهِ الرَّحْمٰنِ الرَّحِيْمِ ۝ ﴿قُلْ اَعُوْذُ بِرَبِّ النَّاسِ ۝ مَلِكِ النَّاسِ ۝ اِلٰهِ النَّاسِ ۝ مِنْ شَرِّ الْوَسْوَاسِ ڏ الْخَنَّاسِ ۝ الَّذِيْ يُوَسْوِسُ فِيْ صُدُوْرِ النَّاسِ ۝ مِنَ الْجِنَّةِ وَالنَّاسِ ۝ۧ﴾ [الناس]

ক্বুল আউজু বিৰাব্বিন না-ছ। (ছুৰা নাছ)

এই তিনিওটা ছুৰা তিনিবাৰকৈ পঢ়িব।

«أَعُوذُ بِكَلِمَاتِ اللَّهِ التَّامَّاتِ مِنْ شَرِّ مَا خَلَقَ»

উচ্চাৰণঃ আউজু বিকালিমা-তিল্লাহিত তা-ম্মা-তি, মিং শ্বাৰ্ৰি মা খালাক্ব। তিনিবাৰ পঢ়িব।
অৰ্থঃ মই পূৰ্ণ বাক্যৰ জৰিয়তে আল্লাহৰ আশ্ৰয় প্ৰাৰ্থনা কৰোঁ, তেওঁ যি সৃষ্টি কৰিছে তাৰ অনিষ্টৰ পৰা।


«بِسْمِ اللهِ الَّذِي لاَ يَضُرُّ مَعَ اسْمِهِ شَيْءٌ فِي الأْرْضِ وَلاَ فِي السَّمَاءِ وَهُوَ السَّمِيعُ الْعَلِيمُ»

উচ্চাৰণঃ বিছমিল্লা-হিল লাজী লা য়াজুৰ্ৰু মাআচমিহি শ্বাইয়ুন ফিল আৰজি, অলা ফিছ ছামা-য়ি, অহুৱাচ ছামীউল আলীম। তিনিবাৰ পঢ়িব।
অৰ্থঃ আৰম্ভ কৰিছোঁ আল্লাহৰ নামত, যাৰ নাম লোৱাৰ পিছত আকাশ আৰু পৃথিৱীৰ একোৱেই ক্ষতি কৰিব নোৱাৰে, আৰু তেওঁ সৰ্বশ্ৰোতা, সৰ্বজ্ঞ।


«رَضِيتُ بِاللَّهِ رَبَّاً، وَبِالْإِسْلاَمِ دِيناً، وَبِمُحَمَّدٍ ﷺ نَبِيّاً»

উচ্চাৰণঃ ৰাজীতু বিল্লা-হি ৰাব্বান, অবিল ইছলামি দ্বীনান, অবিমুহাম্মাদিন চাল্লাল্লাহু আলাইহি অছাল্লামা নাবিয়্যান। তিনিবাৰ পঢ়িব।
অৰ্থঃ মই সন্তুষ্ট হৈছোঁ, আল্লাহক প্ৰতিপালক হিচাপে গ্ৰহণ কৰি, ইছলামক দ্বীন হিচাপে পাই, আৰু মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামক নবী হিচাপে গ্ৰহণ কৰি।


«أَصْبَحْنَا وَأَصْبَحَ الْمُلْكُ لِلَّهِ، وَالْحَمْدُ لِلَّهِ، لاَ إِلَهَ إلاَّ اللَّهُ وَحْدَهُ لاَ شَرِيكَ لَهُ، لَهُ الْمُلْكُ وَلَهُ الْحَمْدُ وَهُوَ عَلَى كُلِّ شَيْءٍ قَدِيرٌ، رَبِّ أَسْأَلُكَ خَيْرَ مَا فِي هَذَا الْيَوْمِ وَخَيرَ مَا بَعْدَهُ، وَأَعُوذُ بِكَ مِنْ شَرِّ مَا فِي هَذَا الْيَوْمِ وَشَرِّ مَا بَعْدَهُ، رَبِّ أَعُوذُ بِكَ مِنَ الْكَسَلِ وَسُوءِ الْكِبَرِ، رَبِّ أَعُوذُ بِكَ مِنْ عَذَابٍ فِي النَّارِ وَعَذَابٍ فِي الْقَبْرِ»

উচ্চাৰণঃ “আছবাহনা ওৱা আছবাহাল মুলকু লিল্লা-হ। অল হামদু লিল্লা-হ ৷ লা ইলা-হা ইল্লাল্লাহু- অহদাহু লা শ্বাৰীকালাহ, লাহুল মুল্‌কু অলাহুল হামদু য়ুহয়ী অয়ুমীতু অহুৱা আলা কুল্লি শ্বাইয়িন কাদীৰ। ৰাব্বী আছআলুকা খাইৰা মা ফী হা-জাল ইয়াওম। অখাইৰামা বা’’দাহ। অ আউজু বিকা মিন শ্বাৰ্ৰি হা-জাল ইয়াউম। অশ্বাৰ্ৰি মা বা’দাহ। ৰাব্বি আউজুবিকা মিনাল কাছ্‌লি, অছু-য়িল কিবাৰ, ৰাব্বি আউজুবিকা মিন আজাবিন ফিন না-ৰ , ৱা আজাবিন ফিল কাব্ৰ”।

অৰ্থ: আমি প্ৰভাত কৰিলোঁ আৰু আল্লাহৰ জগতসমূহেও প্ৰভাত কৰিলে। সকলো ধৰণৰ প্ৰশংসা আল্লাহৰেই; আল্লাহৰ বাহিৰে আন কোনো সত্য উপাস্য নাই, তেওঁ একক। তেওঁৰ কোনো অংশীদাৰ নাই। ৰাজত্ব তেওঁৰেই, আৰু প্ৰশংসাও তেওঁৰেই ৷ তেৱেঁই জীৱন দান কৰে আৰু তেৱেঁই মৃত্যু প্ৰদান কৰে, আৰু তেওঁ সকলো বস্তুৰ ওপৰত ক্ষমতাৱান। হে আল্লাহ! এই দিনৰ যি কল্যাণ আছে আৰু যি ইয়াৰ পিছত আছে সেইটো মই কামনা কৰোঁ। লগতে এই দিনৰ অমঙ্গলৰ পৰা আৰু ইয়াৰ পিছৰ অমঙ্গলৰ পৰা মই তোমাৰ আশ্ৰয় বিচাৰোঁ। হে মোৰ ৰব্ব! মই অলসতা আৰু বৃদ্ধাৱস্থাৰ অসহায়ৰ পৰা তোমাৰ আশ্ৰয় বিচাৰোঁ। হে মোৰ প্ৰতিপালক! মই জাহান্নামৰ জুইৰ পৰা আৰু কবৰৰ শাস্তিৰ পৰা তোমাৰ আশ্ৰয় বিচাৰোঁ”।


«أمسينا وأمسى الملك لله»

সন্ধিয়া পঢ়োঁতে (আচবাহনা ৱা আচবাহা)ৰ ঠাইত “আমছাইনা ৱা আমছাল মুল্কু লিল্লাহ” বুলি ক’ব আৰু (হাজাল য়াউম)ৰ পৰিবৰ্তে “ৰাব্বি আছআলুকা খাইৰা মা ফি হাজিহিল লাইলাহ” বুলি ক’ব।

أَمْسَيْنَا وَأَمْسَى الْمُلْكُ لِلهِ، وَالْحَمْدُ لِلَّهِ، لاَ إِلَهَ إلاَّ اللَّهُ وَحْدَهُ لاَ شَرِيكَ لَهُ، لَهُ الْمُلْكُ وَلَهُ الْحَمْدُ وَهُوَ عَلَى كُلِّ شَيْءٍ قَدِيرٌ، رَبِّ أَسْأَلُكَ خَيْرَ مَا فِيْ هَذِهِ اللَّيْلَةِ وَخَيْرَ مَا بَعْدَهَا، وَأَعُوْذُ بِكَ مِنْ شَرِّ مَا فِيْ هَذِهِ اللَّيْلَةِ، وَشَرِّ مَا بَعْدَهَا، رَبِّ أَعُوذُ بِكَ مِنَ الْكَسَلِ وَسُوءِ الْكِبَرِ، رَبِّ أَعُوذُ بِكَ مِنْ عَذَابٍ فِي النَّارِ وَعَذَابٍ فِي الْقَبْرِ


«اللَّهُمَّ بِكَ أَصْبَحْنَا، وَبِكَ أَمْسَيْنَا، وَبِكَ نَحْيَا، وَبِكَ نَمُوتُ وَإِلَيْكَ النُّشُورُ»

উচ্চাৰণঃ “আল্লা-হুম্মা বিকা আছবাহনা, অবিকা আমছাইনা, অবিকা নাহয়া, অবিকা নামূতু, অ ইলাইকান নুশ্বু-ৰ” ৷
অৰ্থ: হে আল্লাহ! তোমাৰ নামতে আমি প্ৰভাত কৰিলোঁ আৰু তোমাৰ নামতে আমি ৰাতিত প্রৱেশ কৰিছোঁ আৰু তোমাৰ নামতে আমি জীৱিত হওঁ আৰু তোমাৰ নামতে আমি মৃত্যুবৰণ কৰোঁ আৰু তোমাৰ ফালেই আমি উভতি যাম।


«اللَّهُمَّ بِكَ أَصْبَحْنَا، وَبِكَ أَمْسَيْنَا، وَبِكَ نَحْيَا، وَبِكَ نَمُوتُ وَإِلَيْكَ الْمَصِيْرُ»

সন্ধিয়া এনেকৈ ক’বঃ “আল্লা-হুম্মা বিকা আমছাইনা, অবিকা আচবাহনা, অবিকা নাহয়া, অবিকা নামূতু, অ ইলাইকাল মাচীৰ” ৷
অৰ্থ: হে আল্লাহ! আমি তোমাৰ নামতে সন্ধিয়াত উপনীত হৈছোঁ আৰু তোমাৰ নামতে আমি প্ৰভাত কৰিছোঁ আৰু তোমাৰ নামতে আমি জীৱিত হওঁ আৰু তোমাৰ নামতে আমি মৃত্যুবৰণ কৰোঁ আৰু তোমাৰ ওচৰলৈকেই আমাৰ শেষ ঠিকনা।


«اللَّهُمَّ مَا أَصْبَحَ بِي مِنْ نِعْمَةٍ أَوْ بِأَحَدٍ مِنْ خَلْقِكَ فَمِنْكَ وَحْدَكَ لاَ شَرِيكَ لَكَ، فَلَكَ الْحَمْدُ وَلَكَ الشُّكْرُ»

উচ্চাৰণঃ “আল্লা-হুম্মা মা আছবাহা বি মিন নি’মাতিন। আউ বি আহাদিম মিন খালকিক, ফামিনকা অহদাকা লা শ্বাৰীকা লাক, ফালাকাল হামদু অলাকাশ্ব শ্বুক্ৰ”।
অৰ্থ: হে আল্লাহ! মই অথবা তোমাৰ যিকোনো সৃষ্টিয়ে যি যি অনুগ্ৰহ লৈ প্ৰভাত কৰিছে, সেই সকলোবোৰ কেৱল মাত্ৰ তোমাৰ তৰফৰ পৰাই অহা। তুমি একক তোমাৰ কোনো অংশী নাই। এতেকে সকলো প্ৰশংসা তোমাৰেই আৰু কৃতজ্ঞতা তোমাৰেই৷


«ما أمسى بي»

সন্ধিয়া এইদৰে ক’বঃ মা আমছা বি।

اللَّهُمَّ مَا أَمْسَى بِي مِنْ نِعْمَةٍ أَوْ بِأَحَدٍ مِنْ خَلْقِكَ فَمِنْكَ وَحْدَكَ لاَ شَرِيكَ لَكَ، فَلَكَ الْحَمْدُ وَلَكَ الشُّكْرُ


«اللهم إني أصبحت في نعمة وعافية وستر. فأتم نعمتك عليّ وعافيتك وسترك في الدنيا والآخرة»

উচ্চাৰণঃ আল্লা-হুম্মা ইন্নি আচবাহতু ফি নি’মাতিন ৱা আফিয়াতিন অছিতৰিন। ফা আতিম নি’মাতিকা আলাইয়্যা ৱা আফিয়াতিকা অছিতৰিকা ফিদ দুনিয়া অল-আখিৰাহ। তিনিবাৰ পঢ়িব।

অৰ্থঃ হে আল্লাহ! মই নিয়ামত সুস্থতা আৰু গোপনীয়তাৰ সৈতে প্ৰভাত কৰিছোঁ। এতেকে তুমি তোমাৰ নিয়ামত মোৰ ওপৰত সম্পূৰ্ণ কৰা আৰু মোক পৃথিৱী আৰু আখিৰাতত তোমাৰ ফালৰ পৰা সুস্থতা আৰু গোপনীয়তা প্ৰদান কৰা।


«اللهم إني أمسيت…»

সন্ধিয়াত এনেকৈ ক’বঃ আল্লা-হুম্মা ইন্নি আমছাইতু… শেষলৈকে


«اللهم إني أعوذ بك من الهم والحزن. وأعوذ بك من العجز والكسل. وأعوذ بك من الجبن والبخل. وأعوذ بك من غلبة الديْنِ ومن قهْر الرجال»

উচ্চাৰণঃ “আল্লা-হুম্মা ইন্নি আউজুবিকা মিনাল হাম্মি অলহুঝনি, ৱা আউজুবিকা মিনাল আজিঝি অল-কাছলি, ৱা আউজুবিকা মিনাল জুবনি অল বুখলি, ৱা আউজুবিকা মিন গালাবাতিত দাইনি অমিন কাহৰিৰ ৰিজাল।

অৰ্থ: হে আল্লাহ! মই তোমাৰ আশ্ৰয় বিচাৰোঁ দুশ্চিন্তা আৰু দুখ-কষ্টৰ পৰা, লগতে আশ্ৰয় বিচাৰোঁ নিঃসহায় হোৱাৰ পৰা, আৰু অলসতাৰ পৰা, এইদৰে আশ্ৰয় বিচাৰোঁ কাপুৰুষতা আৰু কৃপণতাৰ পৰা, লগতে ঋণৰ বোজাৰ পৰা, আৰু মানুহৰ নিৰ্যাতনৰ পৰা।


«اللَّهُمَّ إِنِّي أَسْأَلُكَ الْعَفْوَ وَالْعَافِيَةَ فِي الدُّنْيَا وَالآخِرَةِ، اللَّهُمَّ إِنِّي أَسْأَلُكَ الْعَفْوَ وَالْعَافِيَةَ: فِي دِينِي وَدُنْيَايَ وَأَهْلِي، وَمَالِي، اللَّهُمَّ اسْتُرْ عَوْرَاتِي، وَآمِنْ رَوْعَاتِي، اللَّهُمَّ احْفَظْنِي مِنْ بَينِ يَدَيَّ، وَمِنْ خَلْفِي، وَعَنْ يَمِينِي، وَعَنْ شِمَالِي، وَمِنْ فَوْقِي، وَأَعُوذُ بِعَظَمَتِكَ أَنْ أُغْتَالَ مِنْ تَحْتِي»

উচ্চাৰণঃ “আল্লা-হুম্মা ইন্নি আছআলুকাল আ-ফিয়াহ ফিদ দুনিয়া অল আ-খিৰাহ, আল্লা-হুম্মা ইন্নি আছআলুকাল আফৱা অল আ-ফিয়া ফী দ্বীনি, অদুনিয়ায়ী, অ আহলি, অ মা-লী, আল্লা-হুম্মাছ তুৰ আউৰা-তি, ৱা আ-মিন ৰাউআ-তি, আল্লা-হুম্মাহফিজনি মিন বাইনা য়াদায়্যা, অমিন খালফি, ৱা আন য়ামীনি, অ আন শ্বিমা-লি, অমিন ফাউকি, অ আউজু বিআজমাতিকা আন উগতা-লা মিন তাহতি”।

অৰ্থ: হে আল্লাহ! মই তোমাৰ ওচৰত দুনিয়া আৰু আখিৰাতত নিৰাপত্তা বিচাৰোঁ। হে আল্লাহ! মই মোৰ দ্বীন, মোৰ দুনিয়া, মোৰ পৰিয়াল আৰু মোৰ সম্পদৰ বাবে তোমাৰ ওচৰত ক্ষমা বিচাৰোঁ আৰু নিৰাপদ কামনা কৰোঁ। হে আল্লাহ! মোৰ পৰ্দা কৰা অংগসমূহৰ ওপৰত পৰ্দা কৰি দিয়া। মোৰ ভয়-ভীতি দূৰ কৰি শান্তি বিৰাজ কৰা। হে আল্লাহ! মোৰ সন্মুখৰ পৰা, মোৰ পিছফালৰ পৰা মোৰ সোঁফালৰ পৰা, মোৰ বাওঁফালৰ পৰা আৰু মোৰ ওপৰৰ পৰা মোক সুৰক্ষা প্ৰদান কৰা। আকস্মিক তলৰ পৰা ধ্বংস হোৱাৰ পৰাও মই তোমাৰ আশ্ৰয় বিচাৰোঁ।


«اللَّهُمَّ أَنْتَ رَبِّي لَا إِلَهَ إِلاَّ أَنْتَ، خَلَقْتَنِي وَأَنَا عَبْدُكَ، وَأَنَا عَلَى عَهْدِكَ وَوَعْدِكَ مَا اسْتَطَعْتُ، أَعُوذُ بِكَ مِنْ شَرِّ مَا صَنَعْتُ، أَبُوءُ لَكَ بِنِعْمَتِكَ عَلَيَّ، وَأَبُوءُ بِذَنْبِي فَاغْفِرْ لِي فَإِنَّهُ لاَ يَغْفِرُ الذُّنوبَ إِلاَّ أَنْتَ»

উচ্চাৰণঃ আল্লা-হুম্মা আনতা ৰাব্বি লা ইলা-হা ইল্লা আনতা খালাক তানী ৱা আনা আব্দুক, ৱা আনা আলা আহদিক, ৱা অ’দিকা মাছতাতা’তু আউজুবিকা মিন শ্বাৰ্ৰি মা ছানা’তু, আবুউ লাকা বিনি’মাতিকা আলাইয়্যা, ৱা আবুউ বিজাম্বি, ফাগফিৰলি, ফা ইন্নাহু লা ইয়াগ ফিৰুজ জুনু-বা ইল্লা আনতা।

অৰ্থ: হে আল্লাহ! তুমিয়ে মোৰ প্ৰতিপালক। তুমি বিনে কোনো সত্য উপাস্য নাই। তুমিয়ে মোক সৃষ্টি কৰিছা৷ মই তোমাৰ দাস। মই তোমাৰ প্ৰতিশ্ৰুতিৰ ওপৰত সাধ্যানুসাৰে প্ৰতিষ্ঠিত। মই যি কৰিছোঁ তাৰ অন্যায়ৰ পৰা মই তোমাৰ আশ্ৰয় বিচাৰোঁ, আৰু তুমি যি অনুগ্ৰহ মোক প্ৰদান কৰিছা সেয়া মই স্বীকাৰ কৰোঁ। মই মোৰ গুণাহ-খাতা স্বীকাৰ কৰিছোঁ। গতিকে মোক ক্ষমা কৰি দিয়া। কিয়নো তুমি বিনে কোনোৱেই গুণাহ ক্ষমা কৰিব নোৱাৰে৷


«اللَّهُمَّ عَالِمَ الغَيْبِ وَالشَّهَادَةِ فَاطِرَ السَّمَوَاتِ وَالْأَرْضِ، رَبَّ كُلِّ شَيْءٍ وَمَلِيكَهُ، أَشْهَدُ أَنْ لاَ إِلَهَ إِلاَّ أَنْتَ، أَعُوذُ بِكَ مِنْ شَرِّ نَفْسِي، وَمِنْ شَرِّ الشَّيْطانِ وَشَرَكِهِ، وَأَنْ أَقْتَرِفَ عَلَى نَفْسِي سُوءاً، أَوْ أَجُرَّهُ إِلَى مُسْلِمٍ»

উচ্চাৰণঃ “আল্লা-হুম্মা ফা-তিৰাছ ছামা-ৱাতি অল আৰ্জি, আ-লিমাল গাইবি অশ্ব শ্বাহাদাতি, ৰাব্বা কুল্লি শ্বাইয়িন অমলী-কাহ৷ আশ্বহাদু আল লা ইলা-হা ইল্লা আনতা। আউজুবিকা মিন শ্বাৰ্ৰি নাফছি অমিন শ্বাৰ্ৰিশ্ব শ্বাইত্বানি অশ্বিৰকিহ। ৱা আনিক তাৰিফা আলা নাফছি ছূ-আন আউ আজুৰ্ৰাহু ইলা মুছলিম”।

অৰ্থ: হে আল্লাহ! আকাশমণ্ডল আৰু পৃথিৱীৰ সৃষ্টিকৰ্তা, দৃশ্য – অদৃশ্যৰ জ্ঞাতা, তুমিয়ে প্ৰত্যেক বস্তুৰ প্ৰতিপালক আৰু গৰাকী। মই সাক্ষ্য দিওঁ যে, তুমি বিনে আন কোনো সত্য উপাস্য নাই। হে আল্লাহ! মই তোমাৰ আশ্ৰয় বিচাৰোঁ মোৰ নফছৰ অনিষ্টৰ পৰা আৰু চয়তানৰ অনিষ্ট আৰু তাৰ শ্বিৰ্কৰ পৰা আৰু মই নিজে কোনো পাপ কৰাৰ পৰা আৰু কোনো মুছলিমৰ অনিষ্ট কৰাৰ পৰা।


«اللَّهُمَّ إِنِّي أَصْبَحْتُ أُشْهِدُكَ، وَأُشْهِدُ حَمَلَةَ عَرْشِكَ، وَمَلاَئِكَتِكَ، وَجَمِيعَ خَلْقِكَ، أَنَّكَ أَنْتَ اللَّهُ لَا إِلَهَ إِلاَّ أَنْتَ وَحْدَكَ لاَ شَرِيكَ لَكَ، وَأَنَّ مُحَمَّداً عَبْدُكَ وَرَسُولُكَ»

উচ্চাৰণঃ “আল্লা-হুম্মা ইন্নি আছবাহতু উশ্বহিদুক, ৱা উশ্বহিদু হামালাতা আৰশ্বিক, অমালা-ইকাতিক, ৱা আম্বিয়ায়িক, অজামীআ খালক্বিক, বিআন্নাকা আনতাল্লাহ, লা ইলা-হা ইল্লা আনতা, ৱা আন্না মুহাম্মাদান আব্দুকা অ ৰাছুলুক”। চাৰিবাৰকৈ পঢ়িব।
অৰ্থ: হে আল্লাহ! মই তোমাক আৰু তোমাৰ সিংহাসন বহনকাৰীসকলক, তোমাৰ ফিৰিস্তাসকলক আৰু তোমাৰ নবীসকলক সাক্ষী ৰাখি প্ৰভাত কৰিলোঁ।, লগতে তোমাৰ গোটেই সৃষ্টিক সাক্ষী ৰাখি কওঁ যে, তুমিয়েই আল্লাহ, তুমি বিনে আন কোনো সত্য উপাস্য নাই। তুমি একক তোমাৰ কোনো অংশী নাই। নিশ্চয় মুহাম্মাদ (চাল্লাল্লাহু আলাইহি অছাল্লাম) তোমাৰ বান্দা আৰু ৰাছুল”।

«اللهم إني أمسيت…»

সন্ধিয়াত ক’বঃ আল্লা-হুম্মা ইন্নি আমছাইতু…


«لاَ إِلَهَ إِلاَّ اللَّهُ، وَحْدَهُ لاَ شَرِيكَ لَهُ، لَهُ الْمُلْكُ وَلَهُ الْحَمْدُ وَهُوَ عَلَى كُلِّ شَيْءٍ قَدِيرٌ»

উচ্চাৰণঃ লা ইলা-হা ইল্লাল্লা-হু অহদাহু লা শ্বাৰীকা লাহু, লাহুল মুল্কু অলাহুল হাম্দু, অহুৱা আলা কুল্লি শ্বাইয়িন ক্বাদীৰ। পুৱা অথবা গধূলি এশ বাৰ পঢ়িব।

অৰ্থঃ আল্লাহৰ বাহিৰে আন কোনো সত্য উপাস্য নাই। তেওঁ একক, তেওঁৰ কোনো অংশীদাৰ নাই। ৰাজত্ব তেওঁৰেই আৰু প্ৰশংসাও কেৱল তেওঁৰেই। তেওঁ সকলো ক্ষেত্ৰতে ক্ষমতাৱান।


«حَسْبِيَ اللَّهُ لاَ إِلَهَ إِلاَّ هُوَ عَلَيهِ تَوَكَّلتُ وَهُوَ رَبُّ الْعَرْشِ الْعَظِيمِ»

উচ্চাৰণঃ “হাছবিআল্লাহু লা ইলা-হা ইল্লা হুৱা আলাইহি তাৱাক্কালতু অহুৱা ৰাব্বুল আৰশ্বিল আজীম”। সাত বাৰকৈ পুৱা গধূলি পঢ়িব লাগে।
অৰ্থ: মোৰ বাবে আল্লাহেই যথেষ্ট৷ তেওঁৰ বাহিৰে আন কোনো সত্য উপাস্য নাই। মই তেওঁৰ ওপৰতেই ভৰসা কৰোঁ। তেওঁ মহাসিংহাসনৰ প্ৰতিপালক।


«حسبي الله وكفى. سمع الله لمن دعاء ليس وراء الله مرمى»

উচ্চাৰণঃ হাছবিআল্লাহু অকাফা, ছামিআল্লাহু লিমান দাআ, লাইছা অৰা আল্লাহি মাৰমা।
অৰ্থঃ মোৰ বাবে আল্লাহেই যথেষ্ট। আল্লাহে সেই ব্যক্তিৰ কথা শুনে, যিয়ে তেওঁক আহ্বান কৰে, আল্লাহৰ বাহিৰে আন কোনো লক্ষ্যস্থান নাই।


«سُبْحَانَ اللَّهِ وَبِحَمْدِهِ»

উচ্চাৰণঃ ছুবাহা-নাল্লাহি অবিহামদিহি।
অৰ্থঃ আল্লাহ অতি পৱিত্ৰ, প্ৰশংসা কেৱল তেওঁৰেই
পুৱা অথবা গধূলি, নাইবা উভয় সময়তে এশবাৰকৈ পঢ়িব।


«أَسْتَغْفِرُ اللَّهَ وَأَتُوبُ إِلَيْهِ»

উচ্চাৰণঃ আছতাগফিৰুল্লা-হা ৱা আতূবু ইলাইহি। এশবাৰ পঢ়িব।
অৰ্থঃ মই আল্লাহৰ ওচৰত ক্ষমা প্ৰাৰ্থনা কৰোঁ আৰু তেওঁৰ ওচৰতেই তাওবা কৰোঁ।

 


আল্লাহৰ ওচৰত দুআ কৰোঁ, তেওঁ যেন ইয়াৰ দ্বাৰা সকলোকে উপকৃত কৰে।

লেখকঃ শ্বাইখ মুহাম্মদ আচ-ছলেহ আল-উছাইমীন
২০-১-১৪১৮ হিজৰী।