আচ্ছালামু আলাইকুম অৰাহমাতুল্লাহি অবাৰাকাতুহু,
সকলো ধৰণৰ প্রশংসা একমাত্র আল্লাহৰ বাবে, দৰূদ আৰু ছালাম বৰ্ষিত হওক আমাৰ প্ৰিয় নবী মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লাম আৰু তেওঁৰ পৰিয়ালবৰ্গৰ ওপৰত।
আলহামদুলিল্লাহ, অসমীয়া ভাষাত আল-কোৰআনৰ অনুবাদৰ পৰা আৰম্ভ কৰি, তাফছীৰ আৰু হাদীছসমূহৰ অনুবাদ প্ৰায় বিগত ২০১৪ চনৰ পৰা আৰম্ভ কৰিছোঁ, যদিও ইয়াৰ পূৰ্বে ২০০৭ চনৰ পৰাই ইছলামিক কিতাপসমূহৰ অনুবাদৰ কাম পূৰ্ণ গতিত চলি আছিল। কিন্তু আমি “islamEnc.in” নামৰ এই প্রজেক্টৰ কাম ২০২০ চনৰ জুলাই মাহৰ ২২ তাৰিখৰ পৰা আৰম্ভ কৰিছোঁ। এই সকলোবোৰ কাম সম্পূর্ণৰূপে ব্যাক্তি উদ্যোগত পৰিচালিত হৈ আহিছে। এতিয়ালৈকে এই প্রজেক্টবোৰৰ লগত কোনো ধৰণৰ দল, গ্রুপ বা সংগঠনৰ সম্পৃক্ততা নাই আৰু আমি এইবোৰৰ পৰা মুক্ত, আলহামদুলিল্লাহ্।
আমাৰ একমাত্র উদ্দেশ্য হৈছে অসমীয়াভাষী মানুহৰ ওচৰত সঠিক ইছলাম দাঙি ধৰা। এই প্রজেক্টৰ মাধ্যমত, যাতে সকলোৱে বিশুদ্ধ ইছলাম জানিব পাৰে, বুজিব পাৰে আৰু সেয়া গ্রহণ কৰিব পাৰে। আৰু এই কামৰ মাধ্যমত আমি কেৱল আল্লাহৰ সন্তুষ্টি অর্জন কৰিব বিচাৰোঁ। দুআ কৰোঁ তেওঁ যেন আমাৰ এই ক্ষুদ্র প্রচেষ্টাক কবুল কৰে আৰু পৰকালত এই কৰ্মৰ লগত জৰিত সকলো ব্যক্তিকে ক্ষমা কৰি জান্নাতুল ফিৰদাউছ দান কৰে। আমীন।
এই প্রজেক্টৰ মাধ্যমত টকা উপাৰ্জন কৰা আমাৰ একেবাৰেই কাম্য নহয়। আমাৰ একমাত্র উদ্দেশ্য হৈছে আল্লাহৰ দ্বীন প্রচাৰ কৰা আৰু ইয়াৰ মাধ্যমত আল্লাহৰ সন্তুষ্টি অর্জন কৰা।
এটা বিষয় মই স্পষ্ট কৰিব বিচাৰোঁ যে, সাধাৰণতে অনুদান বিচৰাটো মই অপছন্দ কৰোঁ। কিন্তু Website Development, App Development, Website Maintenance, অনুবাদ তথা পৰ্যবেক্ষণ আৰু ৱেবছাইটৰ বিভিন্ন কামত যথেষ্ট টকাৰ প্ৰয়োজন হয়, কেৱল এই কাৰণেই বৰঙণিৰ বাবে আবেদন কৰিবলগীয়া হয়।
গতিকে কেৱলমাত্র আল্লাহৰ সন্তুষ্টি অর্জনৰ বাবে এই প্ৰজেক্টত সহায়-সহযোগিতা আগবঢ়াব বুলি সদৌটিলৈ আমাৰ বিনম্ৰ আহ্বান।