عَبَسَ وَتَوَلّٰۤی ١
1. তেওঁ বিৰক্ত প্ৰকাশ কৰিলে আৰু মুখ ঘূৰাই ল’লে,
اَنْ جَآءَهُ الْاَعْمٰى ٢
2. তেওঁৰ ওচৰলৈ অন্ধ ব্যক্তিজন অহাৰ কাৰণে।
وَمَا یُدْرِیْكَ لَعَلَّهٗ یَزَّكّٰۤی ٣
3. কিহে তোমাক জনাব যে, হয়তো সি পৰিশুদ্ধ হ’ব,
اَوْ یَذَّكَّرُ فَتَنْفَعَهُ الذِّكْرٰى ٤
4. অথবা উপদেশ গ্ৰহণ কৰিব আৰু সেই উপদেশ তাৰ বাবে লাভজনক হ’ব।
اَمَّا مَنِ اسْتَغْنٰى ٥
5. আনহাতে যিয়ে নিজকে অমুখাপেক্ষী বুলি ভাবে,
فَاَنْتَ لَهٗ تَصَدّٰى ٦
6. তুমি তাৰ প্ৰতি মনোযোগ দিছা।
وَمَا عَلَیْكَ اَلَّا یَزَّكّٰى ٧
7. অথচ সি পৰিশুদ্ধ নহ’লেও তোমাৰ কোনো দায়িত্ব নাই,
وَاَمَّا مَنْ جَآءَكَ یَسْعٰى ٨
8. আনহাতে যিয়ে তোমাৰ ওচৰলৈ দৌৰি আহিল,
وَهُوَیَخْشٰى ٩
9. আৰু সি (আল্লাহক) ভয়ো কৰে,
فَاَنْتَ عَنْهُ تَلَهّٰى ١٠
10. তাৰ প্ৰতি তুমি উদাসীন হ’লা।
كَلَّاۤ اِنَّهَا تَذْكِرَةٌ ١١
11. কেতিয়াও নহয়, নিশ্চয় এইখন হৈছে উপদেশ বাণী,
فَمَنْ شَآءَ ذَكَرَهٗ ١٢
12. গতিকে যিয়ে ইচ্ছা কৰিব সিয়েই ইয়াক স্মৰণ ৰাখিব,
فِیْ صُحُفٍ مُّكَرَّمَةٍ ١٣
13. এইখন মৰ্যাদাসম্পন্ন ছহীফাত লিপিবদ্ধ।
مَّرْفُوْعَةٍ مُّطَهَّرَةٍۭ ١٤
14. সমুন্নত, পৱিত্ৰ,
بِاَیْدِیْ سَفَرَةٍ ١٥
15. লেখক বা দূতসকলৰ হাতত।
كِرَامٍۭ بَرَرَةٍ ١٦
16. (যিসকল) মহাসন্মানিত, পূণ্যৱান।
قُتِلَ الْاِنْسَانُ مَاۤ اَكْفَرَهٗ ١٧
17. মানুহ ধ্বংস হওক, কিমান যে অকৃতজ্ঞ!
مِنْ اَیِّ شَیْءٍ خَلَقَهٗ ١٨
18. তেওঁ তাক কি বস্তুৰ পৰা সৃষ্টি কৰিছে?
مِنْ نُّطْفَةٍ ؕ خَلَقَهٗ فَقَدَّرَهٗ ١٩
19. শুক্ৰবিন্দুৰ পৰা। তেওঁ তাক সৃষ্টি কৰিছে, পিছত তাৰ পৰিমিত বিকাশ সাধন কৰিছে,
ثُمَّ السَّبِیْلَ یَسَّرَهٗ ٢٠
20. তাৰ পিছত তাৰ বাবে পথ সহজ কৰি দিছে;
ثُمَّ اَمَاتَهٗ فَاَقْبَرَهٗ ٢١
21. তাৰ পিছত তাক মৃত্যু প্ৰদান কৰে আৰু কবৰস্থ কৰে।
ثُمَّ اِذَا شَآءَ اَنْشَرَهٗ ٢٢
22. আকৌ যেতিয়া তেওঁ ইচ্ছা কৰিব তাক পুনৰ্জীৱিত কৰিব।
كَلَّا لَمَّا یَقْضِ مَاۤ اَمَرَهٗ ٢٣
23. কেতিয়াও নহয়, তেওঁ তাক যি আদেশ কৰিছিল সেয়া সি এতিয়াও পূৰণ কৰা নাই।
فَلْیَنْظُرِ الْاِنْسَانُ اِلٰى طَعَامِهٖۤ ٢٤
24. এতেকে মানুহে নিজৰ খাদ্যৰ প্ৰতি লক্ষ্য কৰা উচিত।
اَنَّا صَبَبْنَا الْمَآءَ صَبًّا ٢٥
25. নিশ্চয় আমি প্ৰচুৰ পৰিমাণে পানী বৰ্ষণ কৰোঁ,
ثُمَّ شَقَقْنَا الْاَرْضَ شَقًّا ٢٦
26. তাৰ পিছত আমি পৃথিৱীক যথাযথভাৱে বিদীৰ্ণ কৰোঁ;
فَاَنْۢبَتْنَا فِیْهَا حَبًّا ٢٧
27. তাৰ পিছত আমি তাত উৎপন্ন কৰোঁ শস্য;
وَعِنَبًا وَّقَضْبًا ٢٨
28. আঙুৰ আৰু শাক-পাচলি,
وَزَیْتُوْنًا وَّنَخْلًا ٢٩
29. যায়তুন আৰু খেজুৰ গছ,
وَحَدَآىِٕقَ غُلْبًا ٣٠
30. ঘন গছ-গছনিবিশিষ্ট উদ্যান,
وَفَاكِهَةً وَّاَبًّا ٣١
31. ফল-মূল আৰু তৃণ-ঘাঁহ,
مَّتَاعًا لَّكُمْ وَلِاَنْعَامِكُمْ ٣٢
32. এইবোৰ তোমালোকৰ আৰু তোমালোকৰ ঘৰচীয়া জন্তুবোৰৰ জীৱনোপকৰণৰ বাবে।
فَاِذَا جَآءَتِ الصَّآخَّةُؗ ٣٣
33. এতেকে যেতিয়া তীক্ষ্ণ (বিকট) শব্দ আহিব,
یَوْمَ یَفِرُّ الْمَرْءُ مِنْ اَخِیْهِ ٣٤
34. সেইদিনা মানুহে পলায়ন কৰিব তাৰ ভাতৃৰ পৰা,
وَاُمِّهٖ وَاَبِیْهِ ٣٥
35. আৰু তাৰ মাক-বাপেকৰ পৰা,
وَصَاحِبَتِهٖ وَبَنِیْهِ ٣٦
36. তাৰ স্ত্ৰী আৰু সন্তানৰ পৰা,
لِكُلِّ امْرِئٍ مِّنْهُمْ یَوْمَىِٕذٍ شَاْنٌ یُّغْنِیْهِ ٣٧
37. সেইদিনা সিহঁত প্ৰত্যকৰে হ’ব, এনে এক গুৰুতৰ অৱস্থা যিটো তাক সম্পূৰ্ণৰূপে ব্যস্ত ৰাখিব।
وُجُوْهٌ یَّوْمَىِٕذٍ مُّسْفِرَةٌ ٣٨
38. সেইদিনা কিছুমান চেহেৰা হ’ব উজ্জ্বল,
ضَاحِكَةٌ مُّسْتَبْشِرَةٌۚ ٣٩
39. হাঁহিৰে ভৰা, আনন্দত উৎফুল্লিত,
وَوُجُوْهٌ یَّوْمَىِٕذٍ عَلَیْهَا غَبَرَةٌ ٤٠
40. আৰু সেইদিনা কিছুমান চেহেৰা ধূলিৰে মলিন হ’ব,
تَرْهَقُهَا قَتَرَةٌ ٤١
41. ক’লা আৱৰণে আৱৰি ধৰিব।
اُولٰٓىِٕكَ هُمُ الْكَفَرَةُ الْفَجَرَةُ ٤٢
42. ইহঁতেই হৈছে কাফিৰ, অত্যন্ত পাপী।