ছুৰা আদ-জুহা

bismillah

وَالضُّحٰی ١

1. পূৰ্বাহ্নৰ শপত,




وَالَّیْلِ اِذَا سَجٰی ٢

2. শপত ৰাতিৰ, যেতিয়া ই অন্ধকাৰাচ্ছন্ন হয়।




مَا وَدَّعَكَ رَبُّكَ وَمَا قَلٰی ٣

3. তোমাৰ প্ৰতিপালকে তোমাক পৰিত্যাগ কৰা নাই আৰু অসন্তুষ্টও হোৱা নাই।




وَلَلْاٰخِرَةُ خَیْرٌ لَّكَ مِنَ الْاُوْلٰی ٤

4. নিশ্চয় তোমাৰ বাবে পৰবৰ্তী সময় পূৰ্বৱৰ্তী সময়তকৈ উত্তম।




وَلَسَوْفَ یُعْطِیْكَ رَبُّكَ فَتَرْضٰی ٥

5. নিশ্চয় অনতিপলমে তোমাৰ প্ৰতিপালকে তোমাক (এনেকুৱা) অনুগ্ৰহ প্ৰদান কৰিব, যাৰ ফলত তুমি সন্তুষ্ট হ’বা।




اَلَمْ یَجِدْكَ یَتِیْمًا فَاٰوٰی ٦

6. তেওঁ তোমাক অনাথ অৱস্থাত পোৱা নাছিলনে? তাৰ পিছত তেৱেঁই তোমাক আশ্ৰয় দিছে।




وَوَجَدَكَ ضَآلًّا فَهَدٰی ٧

7. আৰু তেওঁ তোমাক পাইছিল পথহাৰা অৱস্থাত, তাৰ পিছত তেৱেঁই তোমাক পথনিৰ্দেশ দিছে।




وَوَجَدَكَ عَآىِٕلًا فَاَغْنٰی ٨

8. আৰু তেওঁ তোমাক পাইছিল সম্বলহীন দৰিদ্ৰৰূপে, তাৰ পিছত তেৱেঁই অভাৱমুক্ত কৰিলে।




فَاَمَّا الْیَتِیْمَ فَلَا تَقْهَرْ ٩

9. এতেকে তুমি এতীমৰ (অনাথৰ) প্ৰতি কঠোৰ নহ’বা।




وَاَمَّا السَّآىِٕلَ فَلَا تَنْهَرْ ١٠

10. আৰু ভিখাৰীক ধমক নিদিবা।




وَاَمَّا بِنِعْمَةِ رَبِّكَ فَحَدِّثْ ١١

11. আৰু তোমাৰ প্ৰতিপালকৰ অনুগ্ৰহৰ কথা প্ৰচাৰ কৰা।