ছুৰা আল-আদিয়াত

bismillah

وَالْعٰدِیٰتِ ضَبْحًا ١

1. শপত ঊৰ্ধ্বশ্বাসত দৌৰি যোৱা ঘোঁৰাবোৰৰ,




فَالْمُوْرِیٰتِ قَدْحًا ٢

2. যিবোৰে ক্ষুৰৰ আঘাতত ফিৰিঙতি উৰুৱায়,




فَالْمُغِیْرٰتِ صُبْحًا ٣

3. যিবোৰে প্ৰভাতকালত আক্ৰমণ কৰে,




فَاَثَرْنَ بِهٖ نَقْعًا ٤

4. ফলত সিহঁতে ইয়াৰ দ্বাৰা ধূলি উৰুৱায়;




فَوَسَطْنَ بِهٖ جَمْعًا ٥

5. আৰু ইয়াৰ দ্বাৰা শত্ৰু দলৰ অভ্যন্তৰত সোমাই পৰে।




اِنَّ الْاِنْسَانَ لِرَبِّهٖ لَكَنُوْدٌ ٦

6. নিশ্চয় মানুহ তাৰ প্ৰতিপালকৰ প্ৰতি অতিকৈ অকৃতজ্ঞ,




وَاِنَّهٗ عَلٰی ذٰلِكَ لَشَهِیْدٌ ٧

7. নিশ্চয় সি এই বিষয়ে সাক্ষী,




وَاِنَّهٗ لِحُبِّ الْخَیْرِ لَشَدِیْدٌ ٨

8. আৰু নিশ্চয় সি ধন-সম্পদৰ লোভত খুবেই প্ৰবল।




اَفَلَا یَعْلَمُ اِذَا بُعْثِرَ مَا فِی الْقُبُوْرِ ٩

9. সি নাজানে নেকি যে, কবৰত যি আছে সেয়া উত্থিত হ’ব,




وَحُصِّلَ مَا فِی الصُّدُوْرِ ١٠

10. আৰু অন্তৰত যি আছে সেয়া প্ৰকাশিত হ’ব?




اِنَّ رَبَّهُمْ بِهِمْ یَوْمَىِٕذٍ لَّخَبِیْرٌ ١١

11. নিশ্চয় সিহঁতৰ প্ৰতিপালক সেইদিনা সিহঁতৰ অৱস্থা সম্পৰ্কে সবিশেষ অৱহিত।