سَبِّحِ اسْمَ رَبِّكَ الْاَعْلَی ١
1. তুমি তোমাৰ সুমহান প্ৰতিপালকৰ নামৰ পৱিত্ৰতা আৰু মহিমা ঘোষণা কৰা,
الَّذِیْ خَلَقَ فَسَوّٰی ٢
2. যিজনে সৃষ্টি কৰিছে, তাৰ পিছত সুঠাম কৰিছে।
وَالَّذِیْ قَدَّرَ فَهَدٰی ٣
3. আৰু যিজনে (ভাগ্য) নিৰ্ধাৰণ কৰিছে তাৰ পিছত সৎপথ প্ৰদৰ্শন কৰিছে,
وَالَّذِیْۤ اَخْرَجَ الْمَرْعٰی ٤
4. আৰু যিজনে ঘাঁহ-বন তৃণ-লতা উৎপন্ন কৰিছে,
فَجَعَلَهٗ غُثَآءً اَحْوٰی ٥
5. তাৰ পিছত সেইবোৰক ক'লা আৱৰ্জনাত পৰিণত কৰিছে।
سَنُقْرِئُكَ فَلَا تَنْسٰۤی ٦
6. অনতিপলমে আমি তোমাক পাঠ কৰাম, ফলত তুমি নাপাহৰিবা,
اِلَّا مَا شَآءَ اللّٰهُ ؕ اِنَّهٗ یَعْلَمُ الْجَهْرَ وَمَا یَخْفٰی ٧
7. কেৱল আল্লাহে যি বিচাৰে তাৰ বাহিৰে। নিশ্চয় তেওঁ প্ৰকাশ্য আৰু অপ্ৰকাশ্য সকলো জানে।
وَنُیَسِّرُكَ لِلْیُسْرٰی ٨
8. আৰু আমি তোমাৰ বাবে (কল্যাণৰ পথ) সহজ কৰি দিম।
فَذَكِّرْ اِنْ نَّفَعَتِ الذِّكْرٰی ٩
9. এতেকে উপদেশ দিয়া, যদি উপদেশ ফলপ্ৰসূ হয়;
سَیَذَّكَّرُ مَنْ یَّخْشٰی ١٠
10. উপদেশ সিয়েই গ্ৰহণ কৰিব যিয়ে ভয় কৰে।
وَیَتَجَنَّبُهَا الْاَشْقَی ١١
11. আৰু যি হতভাগ্য সি ইয়াক অগ্ৰাহ্য কৰিব,
الَّذِیْ یَصْلَی النَّارَ الْكُبْرٰی ١٢
12. সি ভয়াৱহ জুইত প্ৰৱেশ কৰিব।
ثُمَّ لَا یَمُوْتُ فِیْهَا وَلَا یَحْیٰی ١٣
13. তাৰ পিছত সি তাত মৃত্যুবৰণো কৰিব নোৱাৰিব আৰু জীৱিতও থাকিব নোৱাৰিব।
قَدْ اَفْلَحَ مَنْ تَزَكّٰی ١٤
14. নিশ্চয় সিয়ে সফলতা লাভ কৰে, যিয়ে আত্মশুদ্ধি কৰে।
وَذَكَرَ اسْمَ رَبِّهٖ فَصَلّٰی ١٥
15. লগতে তাৰ প্ৰতিপালকৰ নাম স্মৰণ কৰে আৰু ছালাত আদায় কৰে।
بَلْ تُؤْثِرُوْنَ الْحَیٰوةَ الدُّنْیَا ١٦
16. কিন্তু তোমালোকে পৃথিৱীৰ জীৱনকহে প্ৰাধান্য দিয়া,
وَالْاٰخِرَةُ خَیْرٌ وَّاَبْقٰی ١٧
17. অথচ আখিৰাত সৰ্বোত্তম আৰু স্থায়ী।
اِنَّ هٰذَا لَفِی الصُّحُفِ الْاُوْلٰی ١٨
18. নিশ্চয় ইয়াৰ বৰ্ণনা আছে পূৰ্বৱৰ্তী ছহীফাসমূহত,
صُحُفِ اِبْرٰهِیْمَ وَمُوْسٰی ١٩
19. ইব্ৰাহীম আৰু মূছাৰ ছহীফাসমূহত।