اِقْرَاْ بِاسْمِ رَبِّكَ الَّذِیْ خَلَقَ ١
1. পঢ়া তোমাৰ প্ৰতিপালকৰ নামত, যিজনে সৃষ্টি কৰিছে,
خَلَقَ الْاِنْسَانَ مِنْ عَلَقٍ ٢
2. তেওঁ মানুহক আলাক্বৰ (ৰক্তপিণ্ডৰ) পৰা সৃষ্টি কৰিছে।
اِقْرَاْ وَرَبُّكَ الْاَكْرَمُ ٣
3. পঢ়া, কাৰণ তোমাৰ প্ৰতিপালক মহামহিম।
الَّذِیْ عَلَّمَ بِالْقَلَمِ ٤
4. যিজনে কলমৰ সহায়ত শিক্ষা দিছে।
عَلَّمَ الْاِنْسَانَ مَا لَمْ یَعْلَمْ ٥
5. তেওঁ মানুহক এনে শিক্ষা দিছে, যিটো মানুহে জনা নাছিল।
كَلَّاۤ اِنَّ الْاِنْسَانَ لَیَطْغٰۤی ٦
6. বাস্তৱ এই যে, মানুহে সীমালংঘন কৰি থাকে।
اَنْ رَّاٰهُ اسْتَغْنٰی ٧
7. কাৰণ সি নিজকে স্ব-নিৰ্ভৰশীল বুলি ভাবে।
اِنَّ اِلٰی رَبِّكَ الرُّجْعٰی ٨
8. নিশ্চয় তোমাৰ প্ৰতিপালকৰ ওচৰতেই প্ৰত্যাৱৰ্তন।
اَرَءَیْتَ الَّذِیْ یَنْهٰی ٩
9. তুমি তাক দেখা নাইনে? যিয়ে নিষেধ কৰে।
عَبْدًا اِذَا صَلّٰی ١٠
10. এজন বান্দাক, যেতিয়া তেওঁ ছালাত আদায় কৰে।
اَرَءَیْتَ اِنْ كَانَ عَلَی الْهُدٰۤی ١١
11. কি বুলি ভবা, যদি তেওঁ হিদায়তৰ ওপৰত প্ৰতিষ্ঠিত থাকে,
اَوْ اَمَرَ بِالتَّقْوٰی ١٢
12. অথবা তাক্বৱাৰ নিৰ্দেশ দিয়ে; (তথাপিও তেওঁক কেনেকৈ বাধা দিয়ে?)
اَرَءَیْتَ اِنْ كَذَّبَ وَتَوَلّٰی ١٣
13. তুমি লক্ষ্য কৰিছানে যদি সি (নিষেধকাৰী) অস্বীকাৰ কৰে আৰু মুখ ঘূৰাই লয়,
اَلَمْ یَعْلَمْ بِاَنَّ اللّٰهَ یَرٰی ١٤
14. (তেন্তে) সি নাজানে নেকি, নিশ্চয় আল্লাহে দেখি আছে?
كَلَّا لَىِٕنْ لَّمْ یَنْتَهِ ۙ۬ لَنَسْفَعًۢا بِالنَّاصِیَةِ ١٥
15. সাৱধান! যদি সি বিৰত নাথাকে, তেন্তে নিশ্চয় আমি তাক তাৰ আগচুলিত ধৰি টানি আনিম।
نَاصِیَةٍ كَاذِبَةٍ خَاطِئَةٍ ١٦
16. মিছলীয়া, পাপিষ্ঠৰ আগচুলি (কপাল)।
فَلْیَدْعُ نَادِیَهٗ ١٧
17. এতেকে সি (যদি) নিজৰ পৰিষদবৰ্গক (মাতিব বিচাৰে তেন্তে) মাতি আনক।
سَنَدْعُ الزَّبَانِیَةَ ١٨
18. অনতিপলমে আমিও মাতি আনিম জাহান্নামৰ কঠোৰ প্ৰহৰীসকলক।
كَلَّا ؕ لَا تُطِعْهُ وَاسْجُدْ وَاقْتَرِبْ ١٩
19. সাৱধান! তুমি তাক অনুসৰণ নকৰিবা। তুমি (তোমাৰ প্ৰতিপালকক) ছাজদা কৰা আৰু (তেওঁৰ) নৈকট্য লাভ কৰা।