لَاۤ اُقْسِمُ بِهٰذَا الْبَلَدِ ١
1. মই শপত কৰিছোঁ এই (মক্কা) নগৰখনৰ,
وَاَنْتَ حِلٌّۢ بِهٰذَا الْبَلَدِ2. ٢
আৰু তুমি এই নগৰৰ অধিবাসী,
وَوَالِدٍ وَّمَا وَلَدَ ٣
3. শপত জন্মদাতাৰ আৰু যিটো সি জন্ম দিছে তাৰো (শপত)।
لَقَدْ خَلَقْنَا الْاِنْسَانَ فِیْ كَبَدٍ ٤
4. নিঃসন্দেহে আমি মানুহক সৃষ্টি কৰিছোঁ কঠোৰ দুখ-কষ্টৰ মাজত।
اَیَحْسَبُ اَنْ لَّنْ یَّقْدِرَ عَلَیْهِ اَحَدٌ ٥
5. সি ভাবে নেকি যে, কেতিয়াও তাৰ ওপৰত কোনোৱেই ক্ষমতাৱান নহ’ব?
یَقُوْلُ اَهْلَكْتُ مَالًا لُّبَدًا ٦
6. সি কয়, 'মই প্ৰচুৰ ধন-সম্পদ নাশ কৰিছোঁ'।
اَیَحْسَبُ اَنْ لَّمْ یَرَهٗۤ اَحَدٌ ٧
7. সি ভাবে নেকি যে, কোনেও তাক দেখা নাই?
اَلَمْ نَجْعَلْ لَّهٗ عَیْنَیْنِ ٨
8. তাৰ বাবে আমি দুটা চকু সৃষ্টি কৰা নাইনে?
وَلِسَانًا وَّشَفَتَیْنِ ٩
9. এখন জিভা আৰু দুখন ওঁঠ?
وَهَدَیْنٰهُ النَّجْدَیْنِ ١٠
10. আৰু আমি তাক দেখুৱাইছোঁ দুটা পথ।
فَلَا اقْتَحَمَ الْعَقَبَةَ ١١
11. কিন্তু সি দুৰ্গম গিৰিপথত প্ৰৱেশ কৰা নাই।
وَمَاۤ اَدْرٰىكَ مَا الْعَقَبَةُ ١٢
12. আৰু তোমাক কিহে জনাব যে, দুৰ্গম গিৰিপথ কি?
فَكُّ رَقَبَةٍ ١٣
13. সেইটো হৈছে, দাসমুক্তি।
اَوْ اِطْعٰمٌ فِیْ یَوْمٍ ذِیْ مَسْغَبَةٍ ١٤
14. অথবা দুৰ্ভিক্ষৰ দিনত খাদ্যদান কৰা,
یَّتِیْمًا ذَا مَقْرَبَةٍ ١٥
15. নিকটাত্মীয় এতীমক,
اَوْ مِسْكِیْنًا ذَا مَتْرَبَةٍ ١٦
16. অথবা দৰিদ্ৰ-নিষ্পেষিত অভাৱগ্ৰস্তক,
ثُمَّ كَانَ مِنَ الَّذِیْنَ اٰمَنُوْا وَتَوَاصَوْا بِالصَّبْرِ وَتَوَاصَوْا بِالْمَرْحَمَةِ ١٧
17. লগতে এনেকুৱা লোকৰ অন্তৰ্ভুক্ত হোৱা যিসকলে ঈমান আনিছে আৰু পৰস্পৰক ধৈৰ্য্য ধাৰণ কৰিবলৈ উপদেশ দিয়ে, লগতে উপদেশ দিয়ে পৰস্পৰক দয়া-অনুগ্ৰহ কৰিবলৈ;
اُولٰٓىِٕكَ اَصْحٰبُ الْمَیْمَنَةِ ١٨
18. এওঁলোকেই হৈছে সৌভাগ্যশালী।
وَالَّذِیْنَ كَفَرُوْا بِاٰیٰتِنَا هُمْ اَصْحٰبُ الْمَشْـَٔمَةِ ١٩
19. আৰু যিসকলে আমাৰ আয়াতসমূহক অস্বীকাৰ কৰিছে, সিহঁতেই হৈছে দুৰ্ভগীয়া।
عَلَیْهِمْ نَارٌ مُّؤْصَدَةٌ ٢٠
20. সিহঁতেই অবৰুদ্ধ জুইত পৰিবেষ্টিত থাকিব।