وَعَلَّمَ اٰدَمَ الْاَسْمَآءَ كُلَّهَا ثُمَّ عَرَضَهُمْ عَلَی الْمَلٰٓىِٕكَةِ ۙ فَقَالَ اَنْۢبِـُٔوْنِیْ بِاَسْمَآءِ هٰۤؤُلَآءِ اِنْ كُنْتُمْ صٰدِقِیْنَ ٣١
31. আৰু তেওঁ আদমক যাৱতীয় নামৰ শিক্ষা দিলে, তাৰ পিছত সেইবোৰ ফিৰিস্তাসকলৰ আগত উপস্থাপন কৰি ক’লে, যদি তোমালোকে সত্যবাদী তেন্তে মোক এইবোৰৰ নাম কোৱা।
قَالُوْا سُبْحٰنَكَ لَا عِلْمَ لَنَاۤ اِلَّا مَا عَلَّمْتَنَا ؕ اِنَّكَ اَنْتَ الْعَلِیْمُ الْحَكِیْمُ ٣٢
32. তেওঁলোকে ক’লে, তুমি পৱিত্ৰ। তুমি আমাক যি শিক্ষা দিছা তাৰ বাহিৰে আমাৰ আন কোনো জ্ঞান নাই। নিশ্চয় তুমি সৰ্বজ্ঞ প্ৰজ্ঞাময়।
قَالَ یٰۤاٰدَمُ اَنْۢبِئْهُمْ بِاَسْمَآىِٕهِمْ ۚ فَلَمَّاۤ اَنْۢبَاَهُمْ بِاَسْمَآىِٕهِمْ ۙ قَالَ اَلَمْ اَقُلْ لَّكُمْ اِنِّیْۤ اَعْلَمُ غَیْبَ السَّمٰوٰتِ وَالْاَرْضِ ۙ وَاَعْلَمُ مَا تُبْدُوْنَ وَمَا كُنْتُمْ تَكْتُمُوْنَ ٣٣
33. তেওঁ ক’লে, ‘হে আদম, এইবোৰৰ নাম তুমি সিহঁতক জনাই দিয়া’। তাৰ পিছত যেতিয়া তেওঁ (আদমে) এইবোৰৰ নাম জনাই দিলে, তেতিয়া তেওঁ ক’লে, ‘মই তোমালোকক কোৱা নাছিলোঁনে যে, নিশ্চয় মই আকাশমণ্ডল আৰু পৃথিৱীৰ গায়েব (অদৃশ্য) সম্পৰ্কে জানো? মই সেইবোৰো জানো যিবোৰ তোমালোকে প্ৰকাশ কৰা আৰু যিবোৰ তোমালোকে গোপন কৰা’।
وَاِذْ قُلْنَا لِلْمَلٰٓىِٕكَةِ اسْجُدُوْا لِاٰدَمَ فَسَجَدُوْۤا اِلَّاۤ اِبْلِیْسَ ؕ اَبٰی وَاسْتَكْبَرَ ؗۗ وَكَانَ مِنَ الْكٰفِرِیْنَ ٣٤
34. আৰু স্মৰণ কৰা, যেতিয়া আমি ফিৰিস্তাসকলক কৈছিলোঁ, তোমালোকে আদমক ছাজদা কৰা। তেতিয়া ইবলিছৰ বাহিৰে সকলোৱে ছাজদা কৰিছিল। সি অস্বীকাৰ কৰিলে আৰু অহংকাৰ কৰিলে, আৰু সি কাফিৰসকলৰ অন্তৰ্ভুক্ত হ’ল।
وَقُلْنَا یٰۤاٰدَمُ اسْكُنْ اَنْتَ وَزَوْجُكَ الْجَنَّةَ وَكُلَا مِنْهَا رَغَدًا حَیْثُ شِئْتُمَا وَلَا تَقْرَبَا هٰذِهِ الشَّجَرَةَ فَتَكُوْنَا مِنَ الظّٰلِمِیْنَ ٣٥
35. আৰু আমি ক’লোঁ, হে আদম, তুমি আৰু তোমাৰ স্ত্ৰীয়ে জান্নাতত বসবাস কৰা আৰু য’ৰ পৰা ইচ্ছা স্বাচ্ছন্দে আহাৰ গ্ৰহণ কৰা, কিন্তু এই গছজোপাৰ ওচৰলৈ নাযাবা, অন্যথা তোমালোক যালিমসকলৰ অন্তৰ্ভুক্ত হৈ যাবা।
فَاَزَلَّهُمَا الشَّیْطٰنُ عَنْهَا فَاَخْرَجَهُمَا مِمَّا كَانَا فِیْهِ وَقُلْنَا اهْبِطُوْا بَعْضُكُمْ لِبَعْضٍ عَدُوٌّ ۚ وَلَكُمْ فِی الْاَرْضِ مُسْتَقَرٌ وَّمَتَاعٌ اِلٰی حِیْنٍ ٣٦
36. অৱশেষত চয়তানে তাৰ পৰা তেওঁলোকক পদস্খলিত কৰিলে আৰু তেওঁলোক য’ত আছিল তাৰ পৰা তেওঁলোকক বহিস্কৃত কৰালে, আৰু আমি ক’লোঁ, ‘তোমালোকে নামি যোৱা; তোমালোকে ইজনে সিজনৰ শত্ৰু; আৰু তোমালোকৰ বাবে পৃথিৱীত আছে নিৰ্দিষ্টি সময়লৈকে আবাস আৰু ভোগ-উপভোগৰ উপকৰণ’।
فَتَلَقّٰۤی اٰدَمُ مِنْ رَّبِّهٖ كَلِمٰتٍ فَتَابَ عَلَیْهِ ؕ اِنَّهٗ هُوَ التَّوَّابُ الرَّحِیْمُ ٣٧
37. তাৰ পিছত আদমে তেওঁৰ প্ৰতিপালকৰ পৰা কিছুমান বাক্য শিকি ল’লে; ফলত আল্লাহে তেওঁৰ তাওবা কবুল কৰিলে। নিশ্চয় তেওঁ তাওবা কবুলকাৰী অতি দয়ালু।
قُلْنَا اهْبِطُوْا مِنْهَا جَمِیْعًا ۚ فَاِمَّا یَاْتِیَنَّكُمْ مِّنِّیْ هُدًی فَمَنْ تَبِعَ هُدَایَ فَلَا خَوْفٌ عَلَیْهِمْ وَلَا هُمْ یَحْزَنُوْنَ ٣٨
38. আমি ক’লোঁ, ‘তোমালোক আটায়ে ইয়াৰ পৰা নামি যোৱা। যেতিয়া মোৰ ফালৰ পৰা তোমালোকৰ ওচৰত কোনো হিদায়ত আহিব, তেতিয়া যিসকলে আমাৰ হিদায়তৰ অনুসৰণ কৰিব, তেওঁলোকৰ কোনো ভয় নাই আৰু তেওঁলোক চিন্তিতও নহ’ব’।
وَالَّذِیْنَ كَفَرُوْا وَكَذَّبُوْا بِاٰیٰتِنَاۤ اُولٰٓىِٕكَ اَصْحٰبُ النَّارِ ۚ هُمْ فِیْهَا خٰلِدُوْنَ ٣٩
39. আৰু যিসকলে কুফৰী কৰিছে আৰু আমাৰ আয়াতসমূহক অস্বীকাৰ কৰিছে, সিহঁতেই জুইৰ অধিবাসী। তাত সিহঁতে চিৰকাল থাকিব।
یٰبَنِیْۤ اِسْرَآءِیْلَ اذْكُرُوْا نِعْمَتِیَ الَّتِیْۤ اَنْعَمْتُ عَلَیْكُمْ وَاَوْفُوْا بِعَهْدِیْۤ اُوْفِ بِعَهْدِكُمْ ۚ وَاِیَّایَ فَارْهَبُوْنِ ٤٠
40. হে ঈছৰাঈলৰ বংশধৰসকল! তোমালোকে মোৰ সেই অনুগ্ৰহসমূহৰ কথা স্মৰণ কৰা, যি অনুগ্ৰহ মই তোমালোকক প্ৰদান কৰিছিলোঁ আৰু তোমালোকে মোৰ অংগীকাৰ পূৰণ কৰা, ময়ো তোমালোকৰ অংগীকাৰ পূৰণ কৰিম, আৰু তোমালোকে কেৱল মোকেই ভয় কৰা।
وَاٰمِنُوْا بِمَاۤ اَنْزَلْتُ مُصَدِّقًا لِّمَا مَعَكُمْ وَلَا تَكُوْنُوْۤا اَوَّلَ كَافِرٍۭ بِهٖ وَلَا تَشْتَرُوْا بِاٰیٰتِیْ ثَمَنًا قَلِیْلًا ؗ وَاِیَّایَ فَاتَّقُوْنِ ٤١
41. আৰু মই যি অৱতীৰ্ণ কৰিছোঁ তোমালোকে তাৰ প্ৰতি ঈমান পোষণ কৰা। এইখন হৈছে তোমালোকৰ ওচৰত থকা গ্ৰন্থৰ সত্যতা প্ৰমাণকাৰী। গতিকে তোমালোকেই ইয়াৰ প্ৰথম অস্বীকাৰকাৰী নহ’বা আৰু তোমালোকে মোৰ আয়াতসমূহক সামান্য মূল্যত বিক্ৰী নকৰিবা। লগতে তোমালোকে কেৱল মোকেই ভয় কৰা।
وَلَا تَلْبِسُوا الْحَقَّ بِالْبَاطِلِ وَتَكْتُمُوا الْحَقَّ وَاَنْتُمْ تَعْلَمُوْنَ ٤٢
42. আৰু তোমালোকে সত্যক মিছাৰ লগত মিশ্ৰিত নকৰিবা আৰু জানি-শুনি সত্য গোপন নকৰিবা।
وَاَقِیْمُوا الصَّلٰوةَ وَاٰتُوا الزَّكٰوةَ وَارْكَعُوْا مَعَ الرّٰكِعِیْنَ ٤٣
43. আৰু তোমালোকে ছালাত প্ৰতিষ্ঠা কৰা আৰু যাকাত প্ৰদান কৰা লগতে ৰুকুকাৰীসকলৰ সৈতে ৰুকু কৰা।
اَتَاْمُرُوْنَ النَّاسَ بِالْبِرِّ وَتَنْسَوْنَ اَنْفُسَكُمْ وَاَنْتُمْ تَتْلُوْنَ الْكِتٰبَ ؕ اَفَلَا تَعْقِلُوْنَ ٤٤
44. তোমালোকে মানুহক সৎকৰ্মৰ আদেশ দিয়া আৰু নিজকে পাহৰি যোৱা নেকি? অথচ তোমালোকে কিতাব অধ্যয়ন কৰা। তোমালোকে নুবুজা নেকি?
وَاسْتَعِیْنُوْا بِالصَّبْرِ وَالصَّلٰوةِ ؕ وَاِنَّهَا لَكَبِیْرَةٌ اِلَّا عَلَی الْخٰشِعِیْنَ ٤٥
45. তোমালোকে ধৈৰ্য্য আৰু ছালাতৰ দ্বাৰা সহায় প্ৰাৰ্থনা কৰা। নিশ্চয় বিনয়ীসকলৰ বাহিৰে আনৰ বাবে ই বৰ কঠিন কাম।
الَّذِیْنَ یَظُنُّوْنَ اَنَّهُمْ مُّلٰقُوْا رَبِّهِمْ وَاَنَّهُمْ اِلَیْهِ رٰجِعُوْنَ ٤٦
46. যিসকলে বিশ্বাস কৰে যে, নিশ্চয় সিহঁতে সিহঁতৰ প্ৰতিপালকৰ লগত সাক্ষাৎ কৰিব আৰু নিশ্চয় সিহঁত তেওঁৰ ফালেই উভতি যাব।
یٰبَنِیْۤ اِسْرَآءِیْلَ اذْكُرُوْا نِعْمَتِیَ الَّتِیْۤ اَنْعَمْتُ عَلَیْكُمْ وَاَنِّیْ فَضَّلْتُكُمْ عَلَی الْعٰلَمِیْنَ ٤٧
47. হে ইছৰাঈলৰ বংশধৰসকল! মোৰ সেই অনুগ্ৰহৰ কথা মনত পেলোৱা, যিবোৰ মই তোমালোকক প্ৰদান কৰিছিলোঁ, আৰু নিশ্চয় মই তোমালোকক সমগ্ৰ জাতিৰ ওপৰত শ্ৰেষ্ঠত্ব প্ৰদান কৰিছিলোঁ।
وَاتَّقُوْا یَوْمًا لَّا تَجْزِیْ نَفْسٌ عَنْ نَّفْسٍ شَیْـًٔا وَّلَا یُقْبَلُ مِنْهَا شَفَاعَةٌ وَّلَا یُؤْخَذُ مِنْهَا عَدْلٌ وَلَا هُمْ یُنْصَرُوْنَ ٤٨
48. আৰু তোমালোকে সেইদিনটোক ভয় কৰা যিদিনা কোনোৱেই কাৰো কামত নাহিব, আৰু কাৰো বাবেই মধ্যস্ততা গৃহীত নহ’ব লগতে কাৰো পৰাই কোনো বিনিময় লোৱা নহ’ব, আৰু সিহঁতে সহায় প্ৰাপ্তও নহ’ব।
وَاِذْ نَجَّیْنٰكُمْ مِّنْ اٰلِ فِرْعَوْنَ یَسُوْمُوْنَكُمْ سُوْٓءَ الْعَذَابِ یُذَبِّحُوْنَ اَبْنَآءَكُمْ وَیَسْتَحْیُوْنَ نِسَآءَكُمْ ؕ وَفِیْ ذٰلِكُمْ بَلَآءٌ مِّنْ رَّبِّكُمْ عَظِیْمٌ ٤٩
49. আৰু স্মৰণ কৰা, যেতিয়া আমি তোমালোকক ফিৰআউনৰ বংশৰ পৰা ৰক্ষা কৰিছিলোঁ। সিহঁতে তোমালোকক নিৰ্মম শাস্তি বিহিছিল। তোমালোকৰ পুত্ৰ সন্তানক হত্যা কৰিছিল আৰু কন্যাসন্তানক জীয়াই ৰাখিছিল, আৰু ইয়াৰ মাজত আছিল তোমালোকৰ বাবে তোমালোকৰ প্ৰতিপালকৰ তৰফৰ পৰা এক মহাপৰীক্ষা।
وَاِذْ فَرَقْنَا بِكُمُ الْبَحْرَ فَاَنْجَیْنٰكُمْ وَاَغْرَقْنَاۤ اٰلَ فِرْعَوْنَ وَاَنْتُمْ تَنْظُرُوْنَ ٥٠
50. আৰু স্মৰণ কৰা, যেতিয়া আমি তোমালোকৰ বাবে সাগৰক দুভাগ কৰিছিলোঁ আৰু তোমালোকক উদ্ধাৰ কৰিছিলোঁ আৰু তোমালোকৰ চকুৰ সন্মুখতে ফিৰআউনৰ বংশক ডুবাই মাৰিছিলোঁ।
وَاِذْ وٰعَدْنَا مُوْسٰۤی اَرْبَعِیْنَ لَیْلَةً ثُمَّ اتَّخَذْتُمُ الْعِجْلَ مِنْۢ بَعْدِهٖ وَاَنْتُمْ ظٰلِمُوْنَ ٥١
51. আৰু স্মৰণ কৰা, যেতিয়া আমি মূছাৰ সৈতে চল্লিশ ৰাতিৰ প্ৰতিশ্ৰুতি লৈছিলোঁ, তেওঁ (গুচি যোৱা)ৰ পিছত তোমালোকে দামুৰি এটাক (উপাস্যৰূপে) গ্ৰহণ কৰিছিলা, আৰু তোমালোক যালিম হৈ গৈছিলা।
ثُمَّ عَفَوْنَا عَنْكُمْ مِّنْۢ بَعْدِ ذٰلِكَ لَعَلَّكُمْ تَشْكُرُوْنَ ٥٢
52. ইয়াৰ পিছতো আমি তোমালোকক ক্ষমা কৰিছিলোঁ যাতে তোমালোকে কৃতজ্ঞতা জ্ঞাপন কৰা।
وَاِذْ اٰتَیْنَا مُوْسَی الْكِتٰبَ وَالْفُرْقَانَ لَعَلَّكُمْ تَهْتَدُوْنَ ٥٣
53. আৰু স্মৰণ কৰা, যেতিয়া আমি মূছাক কিতাব আৰু ফুৰকান দান কৰিছিলোঁ যাতে তোমালোকে হিদায়ত লাভ কৰিব পাৰা।
وَاِذْ قَالَ مُوْسٰی لِقَوْمِهٖ یٰقَوْمِ اِنَّكُمْ ظَلَمْتُمْ اَنْفُسَكُمْ بِاتِّخَاذِكُمُ الْعِجْلَ فَتُوْبُوْۤا اِلٰی بَارِىِٕكُمْ فَاقْتُلُوْۤا اَنْفُسَكُمْ ؕ ذٰلِكُمْ خَیْرٌ لَّكُمْ عِنْدَ بَارِىِٕكُمْ ؕ فَتَابَ عَلَیْكُمْ ؕ اِنَّهٗ هُوَ التَّوَّابُ الرَّحِیْمُ ٥٤
54. আৰু স্মৰণ কৰা, যেতিয়া মূছাই নিজ সম্প্ৰদায়ক কৈছিল, হে মোৰ জাতি! তোমালোকে দামুৰিটোক (উপাস্যৰূপে) গ্ৰহণ কৰি নিজৰ ওপৰত অন্যায় কৰিছা। এতেকে তোমালোকে নিজৰ প্ৰাণ নিজেই বিসৰ্জন দি সৃষ্টিকৰ্তাৰ ওচৰত তাওবা কৰা। এইটোৱেই হৈছে তোমালোকৰ সৃষ্টিকৰ্তাৰ ওচৰত তোমালোকৰ বাবে কল্যাণকৰ। তাৰ পিছত তেওঁ তোমালোকক ক্ষমা কৰিছিল। নিশ্চয় তেওঁ ক্ষমাশীল অতি দয়ালু।
وَاِذْ قُلْتُمْ یٰمُوْسٰی لَنْ نُّؤْمِنَ لَكَ حَتّٰی نَرَی اللّٰهَ جَهْرَةً فَاَخَذَتْكُمُ الصّٰعِقَةُ وَاَنْتُمْ تَنْظُرُوْنَ ٥٥
55. আৰু স্মৰণ কৰা, যেতিয়া তোমালোকে কৈছিলা, হে মুছা! আমি আল্লাহক প্ৰকাশ্যভাৱে নেদেখালৈকে তোমাক বিশ্বাস নকৰোঁ, ফলত তোমালোকে চাই থাকোঁতেই হঠাৎ তোমালোকক বজ্ৰপাতে আক্ৰমণ কৰিছিল।
ثُمَّ بَعَثْنٰكُمْ مِّنْۢ بَعْدِ مَوْتِكُمْ لَعَلَّكُمْ تَشْكُرُوْنَ ٥٦
56. তাৰ পিছত তোমালোকৰ এই মৃত্যুৰ পিছতো আমি তোমালোকক পুনৰ জীৱন দান কৰিলোঁ যাতে তোমালোকে কৃতজ্ঞ হোৱা।
وَظَلَّلْنَا عَلَیْكُمُ الْغَمَامَ وَاَنْزَلْنَا عَلَیْكُمُ الْمَنَّ وَالسَّلْوٰی ؕ كُلُوْا مِنْ طَیِّبٰتِ مَا رَزَقْنٰكُمْ ؕ وَمَا ظَلَمُوْنَا وَلٰكِنْ كَانُوْۤا اَنْفُسَهُمْ یَظْلِمُوْنَ ٥٧
57. আৰু আমি তোমালোকৰ ওপৰত মেঘৰ ছাঁ বিস্তাৰ কৰিছিলোঁ আৰু তোমালোকৰ বাবে অৱতীৰ্ণ কৰিছিলোঁ ‘মান্না’ আৰু ‘ছালৱা’। (কৈছিলোঁ) ‘আমি তোমালোকক দান কৰা পৱিত্ৰ (উত্তম) জীৱিকাৰ পৰা তোমালোকে আহাৰ কৰা’। দৰাচলতে সিহঁতে আমাৰ একো অন্যায় কৰিব পৰা নাছিল বৰং সিহঁতে নিজেই নিজৰ প্ৰতিহে অন্যায় কৰিছিল।
وَاِذْ قُلْنَا ادْخُلُوْا هٰذِهِ الْقَرْیَةَ فَكُلُوْا مِنْهَا حَیْثُ شِئْتُمْ رَغَدًا وَّادْخُلُوا الْبَابَ سُجَّدًا وَّقُوْلُوْا حِطَّةٌ نَّغْفِرْ لَكُمْ خَطٰیٰكُمْ ؕ وَسَنَزِیْدُ الْمُحْسِنِیْنَ ٥٨
58. আৰু স্মৰণ কৰা, যেতিয়া আমি কৈছিলোঁ, ‘তোমালোকে এই গাওঁখনত প্ৰৱেশ কৰি তাৰ পৰা যি ইচ্ছা আনন্দচিত্তে আহাৰ কৰা আৰু দুৱাৰত প্ৰৱেশ কৰোঁতে শিৰ নত কৰি প্ৰৱেশ কৰিবা। আৰু ক’বা ‘হিত্তাতুন’ (ক্ষমা বিচাৰোঁ)। ফলত আমি তোমালোকৰ অপৰাধসমূহ ক্ষমা কৰিম আৰু সৎকৰ্মশীলসকলক আৰু অধিক (অনুগ্ৰহ) দান কৰিম’।
فَبَدَّلَ الَّذِیْنَ ظَلَمُوْا قَوْلًا غَیْرَ الَّذِیْ قِیْلَ لَهُمْ فَاَنْزَلْنَا عَلَی الَّذِیْنَ ظَلَمُوْا رِجْزًا مِّنَ السَّمَآءِ بِمَا كَانُوْا یَفْسُقُوْنَ ٥٩
59. কিন্তু যালিমসকলে সেই কথাষাৰক পৰিবৰ্তন কৰিলে যি কথাষাৰ ক’বলৈ সিহঁতক কোৱা হৈছিল, ফলত আমি যালিমসকলৰ প্ৰতি সিহঁতৰ অবাধ্যতাৰ কাৰণে আকাশৰ পৰা শাস্তি অৱতীৰ্ণ কৰিলোঁ।
وَاِذِ اسْتَسْقٰی مُوْسٰی لِقَوْمِهٖ فَقُلْنَا اضْرِبْ بِّعَصَاكَ الْحَجَرَ ؕ فَانْفَجَرَتْ مِنْهُ اثْنَتَا عَشْرَةَ عَیْنًا ؕ قَدْ عَلِمَ كُلُّ اُنَاسٍ مَّشْرَبَهُمْ ؕ كُلُوْا وَاشْرَبُوْا مِنْ رِّزْقِ اللّٰهِ وَلَا تَعْثَوْا فِی الْاَرْضِ مُفْسِدِیْنَ ٦٠
60. আৰু স্মৰণ কৰা, যেতিয়া মূছাই তেওঁৰ জাতিৰ বাবে পানী বিচাৰিলে, আমি ক’লোঁ, ‘তোমাৰ লাখুটিডালেৰে শিলত আঘাত কৰা’, ফলত বাৰটা জলপ্ৰপাত প্ৰবাহিত হ’ল। প্ৰত্যেক গোত্ৰই নিজৰ নিজৰ পানী খোৱাৰ ঠাই জানি ল’লে। (মই ক’লোঁ) ‘তোমালোকে আল্লাহে দিয়া জীৱিকাৰ পৰা খোৱা আৰু সেৱন কৰা আৰু পৃথিৱীত বিপৰ্যয় সৃষ্টি কৰি নুফুৰিবা’।