ছুৰা আল-বাক্বাৰাহ

وَاِذَا قِیْلَ لَهُمْ اٰمِنُوْا بِمَاۤ اَنْزَلَ اللّٰهُ قَالُوْا نُؤْمِنُ بِمَاۤ اُنْزِلَ عَلَیْنَا وَیَكْفُرُوْنَ بِمَا وَرَآءَهٗ ۗ وَهُوَالْحَقُّ مُصَدِّقًا لِّمَا مَعَهُمْ ؕ قُلْ فَلِمَ تَقْتُلُوْنَ اَنْۢبِیَآءَ اللّٰهِ مِنْ قَبْلُ اِنْ كُنْتُمْ مُّؤْمِنِیْنَ ٩١

91. আৰু যেতিয়া সিহঁতক কোৱা হয়, ‘আল্লাহে যি অৱতীৰ্ণ কৰিছে তাৰ প্ৰতি তোমালোকে ঈমান পোষণ কৰা’, তেতিয়া সিহঁতে কয়, ‘আমাৰ প্ৰতি যি নাযিল হৈছে আমি কেৱল তাৰ প্ৰতিহে ঈমান পোষণ কৰোঁ’। অথচ সিহঁতে ইয়াৰ বাহিৰে যি আছে সেই সকলো অস্বীকাৰ কৰে, যদিও সেয়া সত্য আৰু সিহঁতৰ ওচৰত যি আছে তাৰ সমৰ্থনকাৰী। কোৱা, ‘যদি তোমালোকে মুমিন তেন্তে তোমালোকে অতীতত কিয় আল্লাহৰ নবীসকলক হত্যা কৰিছিলা?’




وَلَقَدْ جَآءَكُمْ مُّوْسٰی بِالْبَیِّنٰتِ ثُمَّ اتَّخَذْتُمُ الْعِجْلَ مِنْۢ بَعْدِهٖ وَاَنْتُمْ ظٰلِمُوْنَ ٩٢

92. নিশ্চয় মুছা তোমালোকৰ ওচৰলৈ সুস্পষ্ট প্ৰমাণসহ আহিছিল, তাৰ পিছতো তোমালোকে তেওঁৰ অনুপস্থিতিত দামুৰিটোক (উপাস্যৰূপে) গ্ৰহণ কৰিছিলা। বাস্তবিকতেই তোমালোক হৈছা যালিম।




وَاِذْ اَخَذْنَا مِیْثَاقَكُمْ وَرَفَعْنَا فَوْقَكُمُ الطُّوْرَ ؕ خُذُوْا مَاۤ اٰتَیْنٰكُمْ بِقُوَّةٍ وَّاسْمَعُوْا ؕ قَالُوْا سَمِعْنَا وَعَصَیْنَا ۗ وَاُشْرِبُوْا فِیْ قُلُوْبِهِمُ الْعِجْلَ بِكُفْرِهِمْ ؕ قُلْ بِئْسَمَا یَاْمُرُكُمْ بِهٖۤ اِیْمَانُكُمْ اِنْ كُنْتُمْ مُّؤْمِنِیْنَ ٩٣

93. আৰু স্মৰণ কৰা, যেতিয়া আমি তোমালোকৰ পৰা প্ৰতিশ্ৰুতি লৈছিলোঁ আৰু তুৰ পৰ্বতক তোমালোকৰ ওপৰত উত্তোলন কৰিছিলোঁ, (আৰু কৈছিলোঁ) ‘আমি যি প্ৰদান কৰিলোঁ সেয়া দৃঢ়ভাৱে গ্ৰহণ কৰা আৰু (মনোযোগ সহকাৰে) শুনা’। সিহঁতে কৈছিল, ‘আমি শুনিলোঁ আৰু অমান্য কৰিলোঁ’, আৰু কুফৰীৰ কাৰণে সিহঁতৰ অন্তৰত দামুৰিপ্ৰীতি সোমোৱাই দিয়া হৈছিল। কোৱা, ‘যদি তোমালোক মুমিন তেন্তে তোমালোকৰ ঈমানে তোমালোকক যি নিৰ্দেশ দিয়ে সেয়া কিমান যে নিকৃষ্ট!’




قُلْ اِنْ كَانَتْ لَكُمُ الدَّارُ الْاٰخِرَةُ عِنْدَ اللّٰهِ خَالِصَةً مِّنْ دُوْنِ النَّاسِ فَتَمَنَّوُا الْمَوْتَ اِنْ كُنْتُمْ صٰدِقِیْنَ ٩٤

94. কোৱা, ‘অন্যান্য মানুহৰ বাহিৰে আল্লাহৰ ওচৰত যদি আখিৰাতৰ বাসস্থান কেৱল তোমালোকৰ বাবেই নিৰ্দিষ্ট হয় তেন্তে তোমালোকে মৃত্যু কামনা কৰা, যদি তোমালোকে সত্যবাদী হোৱা’।




وَلَنْ یَّتَمَنَّوْهُ اَبَدًۢا بِمَا قَدَّمَتْ اَیْدِیْهِمْ ؕ وَاللّٰهُ عَلِیْمٌۢ بِالظّٰلِمِیْنَ ٩٥

95. কিন্তু সিহঁতৰ কৃতকৰ্মৰ বাবে সিহঁতে কেতিয়াও এয়া কামনা নকৰিব; আৰু আল্লাহ যালিমসকলৰ বিষয়ে সম্যক জ্ঞানী।




وَلَتَجِدَنَّهُمْ اَحْرَصَ النَّاسِ عَلٰی حَیٰوةٍ ۛۚ وَمِنَ الَّذِیْنَ اَشْرَكُوْا ۛۚ یَوَدُّ اَحَدُهُمْ لَوْ یُعَمَّرُ اَلْفَ سَنَةٍ ۚ وَمَا هُوَبِمُزَحْزِحِهٖ مِنَ الْعَذَابِ اَنْ یُّعَمَّرَ ؕ وَاللّٰهُ بَصِیْرٌۢ بِمَا یَعْمَلُوْنَ ٩٦

96. আৰু তুমি নিশ্চয় সিহঁতক জীৱনৰ প্ৰতি আন আন লোকতকৈ বেছি লোভী দেখিবলৈ পাবা, আনকি মুশ্বৰিকসকলতকৈও বেছি। সিহঁতৰ প্ৰত্যেকেই আশা কৰে যদি হাজাৰ বছৰ আয়ু দিয়া হ’লহেঁতেন; অথচ দীৰ্ঘায়ুয়ে তাক শাস্তিৰ পৰা নিষ্কৃতি দিব নোৱাৰিব। সিহঁতে যি কৰে সেই সম্পৰ্কে আল্লাহ সম্যক দ্ৰষ্টা।




قُلْ مَنْ كَانَ عَدُوًّا لِّجِبْرِیْلَ فَاِنَّهٗ نَزَّلَهٗ عَلٰی قَلْبِكَ بِاِذْنِ اللّٰهِ مُصَدِّقًا لِّمَا بَیْنَ یَدَیْهِ وَهُدًی وَبُشْرٰی لِلْمُؤْمِنِیْنَ ٩٧

97. কোৱা, ‘যিয়ে জিব্ৰীলৰ প্ৰতি শত্ৰুতা পোষণ কৰিব, এইকাৰণে যে, তেওঁ আল্লাহৰ অনুমতিক্ৰমে তোমাৰ হৃদয়ত কোৰআন অৱতীৰ্ণ কৰিছে, যিখন পূৰ্বৱৰ্তী গ্ৰন্থৰো সমৰ্থনকাৰী আৰু যিখন মুমিনসকলৰ বাবে পথপ্ৰদৰ্শক আৰু শুভ সংবাদ।




مَنْ كَانَ عَدُوًّا لِّلّٰهِ وَمَلٰٓىِٕكَتِهٖ وَرُسُلِهٖ وَجِبْرِیْلَ وَمِیْكٰىلَ فَاِنَّ اللّٰهَ عَدُوٌّ لِّلْكٰفِرِیْنَ ٩٨

98. আল্লাহ, তেওঁৰ ফিৰিস্তাসকল, তেওঁৰ ৰাছুলসকল, জিব্ৰীল আৰু মীকাইলৰ সৈতে যিয়ে শত্ৰুতা পোষণ কৰিব, তেন্তে (জানি থোৱা) নিশ্চয় আল্লাহ কাফিৰসকলৰ শত্ৰু’।




وَلَقَدْ اَنْزَلْنَاۤ اِلَیْكَ اٰیٰتٍۭ بَیِّنٰتٍ ۚ وَمَا یَكْفُرُ بِهَاۤ اِلَّا الْفٰسِقُوْنَ ٩٩

99. আৰু নিশ্চয় আমি তোমাৰ প্ৰতি সুস্পষ্ট আয়াতসমূহ অৱতীৰ্ণ কৰিছোঁ, ফাছিকসকলৰ বাহিৰে আন কোনোৱেই ইয়াক অস্বীকাৰ নকৰে।




اَوَكُلَّمَا عٰهَدُوْا عَهْدًا نَّبَذَهٗ فَرِیْقٌ مِّنْهُمْ ؕ بَلْ اَكْثَرُهُمْ لَا یُؤْمِنُوْنَ ١٠٠

100. এয়া সঁচা নহয় জানো, যেতিয়াই সিহঁতে কোনো অংগীকাৰ কৰিছে তেতিয়াই সিহঁতৰ কোনো এটা দলে ইয়াক দলিয়াই দিছে? বৰং সিহঁতৰ অধিকাংশই বিশ্বাস নকৰে।




وَلَمَّا جَآءَهُمْ رَسُوْلٌ مِّنْ عِنْدِ اللّٰهِ مُصَدِّقٌ لِّمَا مَعَهُمْ نَبَذَ فَرِیْقٌ مِّنَ الَّذِیْنَ اُوْتُوا الْكِتٰبَ ۙۗ كِتٰبَ اللّٰهِ وَرَآءَ ظُهُوْرِهِمْ كَاَنَّهُمْ لَا یَعْلَمُوْنَ ١٠١

101. আৰু যেতিয়া আল্লাহৰ তৰফৰ পৰা সিহঁতৰ ওচৰলৈ এজন ৰাছুল আহিল, সিহঁতৰ ওচৰত যি আছে তাক সমৰ্থনকাৰী হিচাপে, তেতিয়া কিতাবীসকলৰ এটা দলে আল্লাহৰ কিতাবক পিছফালে দলিয়াই দিলে, যেনিবা সিহঁতে একোৱেই নাজানে।




وَاتَّبَعُوْا مَا تَتْلُوا الشَّیٰطِیْنُ عَلٰی مُلْكِ سُلَیْمٰنَ ۚ وَمَا كَفَرَ سُلَیْمٰنُ وَلٰكِنَّ الشَّیٰطِیْنَ كَفَرُوْا یُعَلِّمُوْنَ النَّاسَ السِّحْرَ ۗ وَمَاۤ اُنْزِلَ عَلَی الْمَلَكَیْنِ بِبَابِلَ هَارُوْتَ وَمَارُوْتَ ؕ وَمَا یُعَلِّمٰنِ مِنْ اَحَدٍ حَتّٰی یَقُوْلَاۤ اِنَّمَا نَحْنُ فِتْنَةٌ فَلَا تَكْفُرْ ؕ فَیَتَعَلَّمُوْنَ مِنْهُمَا مَا یُفَرِّقُوْنَ بِهٖ بَیْنَ الْمَرْءِ وَزَوْجِهٖ ؕ وَمَا هُمْ بِضَآرِّیْنَ بِهٖ مِنْ اَحَدٍ اِلَّا بِاِذْنِ اللّٰهِ ؕ وَیَتَعَلَّمُوْنَ مَا یَضُرُّهُمْ وَلَا یَنْفَعُهُمْ ؕ وَلَقَدْ عَلِمُوْا لَمَنِ اشْتَرٰىهُ مَا لَهٗ فِی الْاٰخِرَةِ مِنْ خَلَاقٍ ؕ۫ وَلَبِئْسَ مَا شَرَوْا بِهٖۤ اَنْفُسَهُمْ ؕ لَوْ كَانُوْا یَعْلَمُوْنَ ١٠٢

102. আৰু ছুলাইমানৰ ৰাজত্বত চয়তানসকলে যি আবৃত্তি কৰিছিল সেয়া সিহঁতে অনুসৰণ কৰিছে আৰু ছুলাইমানে (কেতিয়াও) কুফৰী কৰা নাছিল, বৰং চয়তানেহে কুফৰী কৰিছিল। সিহঁতে মানুহক যাদু শিক্ষা দিছিল আৰু (সেই বিষয়ে শিক্ষা দিছিল) যিটো বাবিল চহৰত হাৰূত আৰু মাৰূত ফিৰিস্তাদয়ৰ ওপৰত অৱতীৰ্ণ হৈছিল। তেওঁলোক উভয়েই এই কথা নোকোৱালৈকে কাকো শিক্ষা দিয়া নাছিল যে, ‘আমি কেৱল এটা পৰীক্ষাহে’; সেয়ে তুমি কুফৰী নকৰিবা। ইয়াৰ পিছতো সিহঁতে ফিৰিস্তাদ্বয়ৰ পৰা এনে যাদু শিকি লৈছিল যিটোৰ দ্বাৰা সিহঁতে স্বামী-স্ত্ৰীৰ মাজত বিচ্ছেদ ঘটাইছিল। অথচ সিহঁতে আল্লাহৰ অনুমতিবিনে তাৰ দ্বাৰা কাৰো ক্ষতি কৰিব পৰা নাছিল; আৰু সিহঁতে কেৱল সেইটোৱে শিকিছিল যিটো সিহঁতক ক্ষতি কৰিছিল, কোনো উপকাৰ কৰা নাছিল; আৰু সিহঁতে নিশ্চিতভাৱে জানে যে, যিয়ে ইয়াক ক্ৰয় কৰে (অৰ্থাৎ যাদুৰ আশ্ৰয় লয়) তাৰ বাবে আখিৰাতত কোনো অংশ নাই। যাৰ বিনিময়ত সিহঁতে নিজকে বিক্ৰী কৰি আছে, সেয়া কিমান যে নিকৃষ্ট, যদি সিহঁত জানিলেহেঁতেন!




وَلَوْ اَنَّهُمْ اٰمَنُوْا وَاتَّقَوْا لَمَثُوْبَةٌ مِّنْ عِنْدِ اللّٰهِ خَیْرٌ ؕ لَوْ كَانُوْا یَعْلَمُوْنَ ١٠٣

103. আৰু যদি সিহঁতে ঈমান আনিলেহেঁতেন আৰু তাক্বৱা অৱলম্বন কৰিলেহেঁতেন, তেন্তে আল্লাহৰ তৰফৰ পৰা পাবলগীয়া ছোৱাব নিশ্চিতভাৱে (সিহঁতৰ বাবে) অধিক কল্যাণকৰ হ’লহেঁতেন, এই কথা যদি সিহঁত জানিলেহেঁতেন!




یٰۤاَیُّهَا الَّذِیْنَ اٰمَنُوْا لَا تَقُوْلُوْا رَاعِنَا وَقُوْلُوا انْظُرْنَا وَاسْمَعُوْا ؕ وَلِلْكٰفِرِیْنَ عَذَابٌ اَلِیْمٌ ١٠٤

104. হে ঈমান্দাৰসকল! তোমালোকে ‘ৰা-য়িনা’ বুলি নক’বা, বৰং ‘উনযুৰনা’ বুলি কোৱা আৰু শুনা; আৰু কাফিৰসকলৰ বাবে আছে যন্ত্ৰণাদায়ক শাস্তি।




مَا یَوَدُّ الَّذِیْنَ كَفَرُوْا مِنْ اَهْلِ الْكِتٰبِ وَلَا الْمُشْرِكِیْنَ اَنْ یُّنَزَّلَ عَلَیْكُمْ مِّنْ خَیْرٍ مِّنْ رَّبِّكُمْ ؕ وَاللّٰهُ یَخْتَصُّ بِرَحْمَتِهٖ مَنْ یَّشَآءُ ؕ وَاللّٰهُ ذُو الْفَضْلِ الْعَظِیْمِ ١٠٥

105. কিতাবীসকলৰ মাজত যিসকলে কুফৰী কৰিছে সিহঁত আৰু মুশ্বৰিকসকলে এইটো নিবিচাৰে যে, তোমালোকৰ প্ৰতিপালকৰ তৰফৰ পৰা তোমালোকৰ ওপৰত কোনো কল্যাণ অৱতীৰ্ণ হওক। অথচ আল্লাহে যাক ইচ্ছা নিজ ৰহমতৰ দ্বাৰা বিশেষিত কৰে; আৰু আল্লাহ মহান অনুগ্ৰহদাতা।




مَا نَنْسَخْ مِنْ اٰیَةٍ اَوْ نُنْسِهَا نَاْتِ بِخَیْرٍ مِّنْهَاۤ اَوْ مِثْلِهَا ؕ اَلَمْ تَعْلَمْ اَنَّ اللّٰهَ عَلٰی كُلِّ شَیْءٍ قَدِیْرٌ ١٠٦

106. আমি কোনো আয়াত ৰহিত কৰিলে বা পাহৰাই দিলে তাতোকৈ উত্তম অথবা তাৰ সমপৰ্যায়ৰ কোনো আয়াত আনি দিওঁ। তুমি নাজানানে যে, নিশ্চয় আল্লাহ সকলো বস্তুৰ ওপৰত ক্ষমতাৱান।




اَلَمْ تَعْلَمْ اَنَّ اللّٰهَ لَهٗ مُلْكُ السَّمٰوٰتِ وَالْاَرْضِ ؕ وَمَا لَكُمْ مِّنْ دُوْنِ اللّٰهِ مِنْ وَّلِیٍّ وَلَا نَصِیْرٍ ١٠٧

107. তুমি নাজানানে যে, আকামণ্ডল আৰু পৃথিৱীৰ সাৰ্বভৌমত্ব একমাত্ৰ আল্লাহৰেই? (জানি থোৱা) আল্লাহৰ বাহিৰে তোমালোকৰ কোনো অভিভাৱক নাই আৰু কোনো সহায়কাৰীও নাই।




اَمْ تُرِیْدُوْنَ اَنْ تَسْـَٔلُوْا رَسُوْلَكُمْ كَمَا سُىِٕلَ مُوْسٰی مِنْ قَبْلُ ؕ وَمَنْ یَّتَبَدَّلِ الْكُفْرَ بِالْاِیْمَانِ فَقَدْ ضَلَّ سَوَآءَ السَّبِیْلِ ١٠٨

108. তোমালোকে তোমালোকৰ ৰাছুলক এনেকুৱা প্ৰশ্ন কৰিব বিচৰা নেকি যেনেকুৱা প্ৰশ্ন ইয়াৰ পূৰ্বে মূছাক কৰা হৈছিল? আৰু যিয়ে ঈমানক কুফৰীলৈ পৰিবৰ্তন কৰে, নিশ্চিয় সি পোন পথ হেৰুৱায়।




وَدَّ كَثِیْرٌ مِّنْ اَهْلِ الْكِتٰبِ لَوْ یَرُدُّوْنَكُمْ مِّنْۢ بَعْدِ اِیْمَانِكُمْ كُفَّارًا ۖۚ حَسَدًا مِّنْ عِنْدِ اَنْفُسِهِمْ مِّنْۢ بَعْدِ مَا تَبَیَّنَ لَهُمُ الْحَقُّ ۚ فَاعْفُوْا وَاصْفَحُوْا حَتّٰی یَاْتِیَ اللّٰهُ بِاَمْرِهٖ ؕ اِنَّ اللّٰهَ عَلٰی كُلِّ شَیْءٍ قَدِیْرٌ ١٠٩

109. কিতাবীসকলৰ বহুতেই বিচাৰে, যদি সিহঁতে তোমালোকক তোমালোকৰ ঈমান পোষণ কৰাৰ পিছত কাফিৰৰূপে ওভতাই নিব পাৰিলেহেঁতেন! সত্য স্পষ্ট হোৱাৰ পিছতো সিহঁতৰ নিজৰ ফালৰ পৰা বিদ্বেষবশতঃ (সিহঁতে এইটো কৰি থাকে)। এতেকে তোমালোকে ক্ষমা কৰা আৰু উপেক্ষা কৰা আল্লাহে তেওঁৰ কোনো নিৰ্দেশনা নিদিয়ালৈকে--- নিশ্চয় আল্লাহ সকলো বস্তুৰ ওপৰত ক্ষমতাৱান।




وَاَقِیْمُوا الصَّلٰوةَ وَاٰتُوا الزَّكٰوةَ ؕ وَمَا تُقَدِّمُوْا لِاَنْفُسِكُمْ مِّنْ خَیْرٍ تَجِدُوْهُ عِنْدَ اللّٰهِ ؕ اِنَّ اللّٰهَ بِمَا تَعْمَلُوْنَ بَصِیْرٌ ١١٠

110. আৰু তোমালোকে ছালাত প্ৰতিষ্ঠা কৰা আৰু যাকাত প্ৰদান কৰা আৰু যিখিনি নেক আমল তোমালোকে নিজৰ বাবে আগলৈ প্ৰেৰণ কৰিবা সেইটো তোমালোকে আল্লাহৰ ওচৰত পাবা। নিশ্চয় তোমালোকে যি কৰা সেই সম্পৰ্কে আল্লাহ সম্যক দ্ৰষ্টা।




وَقَالُوْا لَنْ یَّدْخُلَ الْجَنَّةَ اِلَّا مَنْ كَانَ هُوْدًا اَوْ نَصٰرٰی ؕ تِلْكَ اَمَانِیُّهُمْ ؕ قُلْ هَاتُوْا بُرْهَانَكُمْ اِنْ كُنْتُمْ صٰدِقِیْنَ ١١١

111. আৰু সিহঁতে কয়, ‘ইয়াহূদী অথবা নাছাৰাৰ বাহিৰে আন কোনেও কেতিয়াও জান্নাতত প্ৰৱেশ নকৰিব’। এইটো সিহঁতৰ মিছা আশা মাথোন। কোৱা, ‘যদি তোমালোকে সত্যবাদী হোৱা তেনেহ’লে প্ৰমাণ লৈ আহা’।




بَلٰی ۗ مَنْ اَسْلَمَ وَجْهَهٗ لِلّٰهِ وَهُوَمُحْسِنٌ فَلَهٗۤ اَجْرُهٗ عِنْدَ رَبِّهٖ وَلَا خَوْفٌ عَلَیْهِمْ وَلَا هُمْ یَحْزَنُوْنَ ١١٢

112. হয়, যিয়ে আল্লাহৰ ওচৰত সম্পূৰ্ণৰূপে আত্মসমৰ্পণ কৰে আৰু সৎকৰ্মশীল হয় তাৰ প্ৰতিদান তাৰ প্ৰতিপালকৰ ওচৰত আছে; আৰু তেওঁলোকৰ কোনো ভয় নাই আৰু তেওঁলোক চিন্তিতও নহ’ব।




وَقَالَتِ الْیَهُوْدُ لَیْسَتِ النَّصٰرٰی عَلٰی شَیْءٍ وَقَالَتِ النَّصٰرٰی لَیْسَتِ الْیَهُوْدُ عَلٰی شَیْءٍ ۙ وَهُمْ یَتْلُوْنَ الْكِتٰبَ ؕ كَذٰلِكَ قَالَ الَّذِیْنَ لَا یَعْلَمُوْنَ مِثْلَ قَوْلِهِمْ ۚ فَاللّٰهُ یَحْكُمُ بَیْنَهُمْ یَوْمَ الْقِیٰمَةِ فِیْمَا كَانُوْا فِیْهِ یَخْتَلِفُوْنَ ١١٣

113. আৰু ইয়াহূদীসকলে কয়, ‘নাছাৰাসকলৰ কোনো ভিত্তি নাই’ আৰু নাছাৰাসকলে কয়, ‘ইয়াহূদীসকলৰ কোনো ভিত্তি নাই’ অথচ সিহঁতে কিতাব অধ্যায়ন কৰে। এনেকৈ যিসকলে একোৱেই নাজানে সিহঁতেও সেই একেই কথা কয়। এতেকে যি বিষয়ে সিহঁতে মতভেদ কৰিছিল ক্বিয়ামতৰ দিনা আল্লাহে সিহঁতৰ মাজত (সেই বিষয়ে) মীমাংসা কৰি দিব।




وَمَنْ اَظْلَمُ مِمَّنْ مَّنَعَ مَسٰجِدَ اللّٰهِ اَنْ یُّذْكَرَ فِیْهَا اسْمُهٗ وَسَعٰی فِیْ خَرَابِهَا ؕ اُولٰٓىِٕكَ مَا كَانَ لَهُمْ اَنْ یَّدْخُلُوْهَاۤ اِلَّا خَآىِٕفِیْنَ ؕ۬ لَهُمْ فِی الدُّنْیَا خِزْیٌ وَلَهُمْ فِی الْاٰخِرَةِ عَذَابٌ عَظِیْمٌ ١١٤

114. আৰু সেইজনতকৈ অধিক যালিম আৰু কোন হ’ব পাৰে, যিয়ে আল্লাহৰ মছজিদসমূহত তেওঁৰ নাম স্মৰণ কৰিবলৈ বাধা দিয়ে আৰু সেইবোৰৰ অনিষ্ট সাধন কৰিবলৈ চেষ্টা কৰে? অথচ সিহঁতৰ উচিত আছিল ভীত-সন্ত্ৰস্ত হৈ তাত প্ৰৱেশ কৰা। সিহঁতৰ বাবে পৃথিৱীত আছে লাঞ্ছনা আৰু আৰু আখিৰাতত সিহঁতৰ বাবে আছে মহাশাস্তি।




وَلِلّٰهِ الْمَشْرِقُ وَالْمَغْرِبُ ۗ فَاَیْنَمَا تُوَلُّوْا فَثَمَّ وَجْهُ اللّٰهِ ؕ اِنَّ اللّٰهَ وَاسِعٌ عَلِیْمٌ ١١٥

115. পূৱ আৰু পশ্চিম আল্লাহৰেই; এতেকে তোমালোকে যি ফালেই মুখ নকৰা কিয়, সেইটোৱেই আল্লাহৰ দিশ। নিশ্চয় আল্লাহ সৰ্বব্যাপী, সৰ্বজ্ঞ।




وَقَالُوا اتَّخَذَ اللّٰهُ وَلَدًا ۙ سُبْحٰنَهٗ ؕ بَلْ لَّهٗ مَا فِی السَّمٰوٰتِ وَالْاَرْضِ ؕ كُلٌّ لَّهٗ قٰنِتُوْنَ ١١٦

116. আৰু সিহঁতে কয়, আল্লাহে সন্তান গ্ৰহণ কৰিছে। তেওঁ (ইয়াৰ পৰা) অতি পৱিত্ৰ। বৰং আকাশমণ্ডল আৰু পৃথিৱীত যি যি আছে সেই সকলো আল্লাহৰেই। সকলো তেওঁৰেই একান্ত অনুগত।




بَدِیْعُ السَّمٰوٰتِ وَالْاَرْضِ ؕ وَاِذَا قَضٰۤی اَمْرًا فَاِنَّمَا یَقُوْلُ لَهٗ كُنْ فَیَكُوْنُ ١١٧

117. তেওঁ আকাশমণ্ডল আৰু পৃথিৱীৰ উদ্ভাৱক; আৰু তেওঁ যেতিয়া কিবা কৰাৰ সিদ্ধান্ত লয়, তেতিয়া তাৰ বাবে কেৱল কয়, ‘হ’, ফলত ই হৈ যায়।




وَقَالَ الَّذِیْنَ لَا یَعْلَمُوْنَ لَوْ لَا یُكَلِّمُنَا اللّٰهُ اَوْ تَاْتِیْنَاۤ اٰیَةٌ ؕ كَذٰلِكَ قَالَ الَّذِیْنَ مِنْ قَبْلِهِمْ مِّثْلَ قَوْلِهِمْ ؕ تَشَابَهَتْ قُلُوْبُهُمْ ؕ قَدْ بَیَّنَّا الْاٰیٰتِ لِقَوْمٍ یُّوْقِنُوْنَ ١١٨

118. আৰু যিহঁতে একোৱেই নাজানে সিহঁতে কয়, ‘আল্লাহে আমাৰ লগত কথা নকয় কিয়? অথবা আমাৰ ওচৰত কোনো নিদৰ্শন নাহে কিয়?’ এনেকৈ সিহঁতৰ পূৰ্বৱৰ্তীসকলেও সিহঁতৰ দৰেই কথা কৈছিল। সিহঁতৰ অন্তৰসমূহ একেই ধৰণৰ। নিশ্চয় আমি আয়াতসমূহক স্পষ্টভাৱে বৰ্ণনা কৰিছোঁ সেইসকল লোকৰ বাবে, যিসকলে দৃঢ় বিশ্বাস পোষণ কৰে।




اِنَّاۤ اَرْسَلْنٰكَ بِالْحَقِّ بَشِیْرًا وَّنَذِیْرًا ۙ وَلَا تُسْـَٔلُ عَنْ اَصْحٰبِ الْجَحِیْمِ ١١٩

119. নিশ্চয় আমি তোমাক প্ৰেৰণ কৰিছোঁ সত্য সহকাৰে, সুসংবাদদাতা আৰু সতৰ্ককাৰীৰূপে; আৰু জাহান্নামীসকলৰ বিষয়ে তোমাক কোনো সোধ-পোচ কৰা নহ’ব।




وَلَنْ تَرْضٰی عَنْكَ الْیَهُوْدُ وَلَا النَّصٰرٰی حَتّٰی تَتَّبِعَ مِلَّتَهُمْ ؕ قُلْ اِنَّ هُدَی اللّٰهِ هُوَالْهُدٰی ؕ وَلَىِٕنِ اتَّبَعْتَ اَهْوَآءَهُمْ بَعْدَ الَّذِیْ جَآءَكَ مِنَ الْعِلْمِ ۙ مَا لَكَ مِنَ اللّٰهِ مِنْ وَّلِیٍّ وَلَا نَصِیْرٍ ١٢٠

120. ইয়াহূদী আৰু নাছাৰাসকলে কেতিয়াও তোমাৰ প্ৰতি সন্তুষ্ট নহ’ব, যেতিয়ালৈকে তুমি সিহঁতৰ মিল্লাতৰ অনুসৰণ নকৰিবা। কোৱা, ‘নিশ্চয় আল্লাহৰ হিদায়তেই প্ৰকৃত হিদায়ত’; আৰু তোমাৰ ওচৰত যি জ্ঞান আহিছে তাৰ পিছতো যদি তুমি সিহঁতৰ প্ৰবৃত্তিৰ অনুসৰণ কৰা তেন্তে আল্লাহৰ তৰফৰ পৰা তোমাৰ কোনো অভিভাৱক আৰু কোনো সহায়কাৰীও নাথাকিব।