اَلَّذِیْنَ اٰتَیْنٰهُمُ الْكِتٰبَ یَتْلُوْنَهٗ حَقَّ تِلَاوَتِهٖ ؕ اُولٰٓىِٕكَ یُؤْمِنُوْنَ بِهٖ ؕ وَمَنْ یَّكْفُرْ بِهٖ فَاُولٰٓىِٕكَ هُمُ الْخٰسِرُوْنَ ١٢١
121. যিসকলক আমি কিতাব প্ৰদান কৰিছোঁ, সিহঁতৰ মাজত যিসকলে যথাযথভাৱে সেয়া তিলাৱত কৰে, তেওঁলোকেই ইয়াৰ প্ৰতি ঈমান পোষণ কৰে; আনহাতে যিসকলে ইয়াক অস্বীকাৰ কৰে, সিহঁতেই হৈছে ক্ষতিগ্ৰস্ত।
یٰبَنِیْۤ اِسْرَآءِیْلَ اذْكُرُوْا نِعْمَتِیَ الَّتِیْۤ اَنْعَمْتُ عَلَیْكُمْ وَاَنِّیْ فَضَّلْتُكُمْ عَلَی الْعٰلَمِیْنَ ١٢٢
122. হে ঈছৰাঈলৰ বংশধৰসকল! মোৰ সেই অনুগ্ৰহৰ কথা মনত পেলোৱা, যি অনুগ্ৰহ মই তোমালোকক প্ৰদান কৰিছিলোঁ, আৰু নিশ্চয় মই (সেই সময়ত) তোমালোকক সমগ্ৰ বিশ্বত শ্ৰেষ্ঠত্ব প্ৰদান কৰিছিলোঁ।
وَاتَّقُوْا یَوْمًا لَّا تَجْزِیْ نَفْسٌ عَنْ نَّفْسٍ شَیْـًٔا وَّلَا یُقْبَلُ مِنْهَا عَدْلٌ وَلَا تَنْفَعُهَا شَفَاعَةٌ وَّلَا هُمْ یُنْصَرُوْنَ ١٢٣
123. আৰু তোমালোকে সেই দিৱসক ভয় কৰা, যিদিনা কোনেৱেই কাৰো উপকাৰত নাহিব আৰু কোনো ব্যক্তিৰ পৰা বিনিময় গ্ৰহণ কৰা নহ’ব আৰু কোনো মধ্যস্ততাও তাৰ কোনো কামত নাহিব আৰু সিহঁত সহায়প্ৰাপ্তও নহ’ব।
وَاِذِ ابْتَلٰۤی اِبْرٰهٖمَ رَبُّهٗ بِكَلِمٰتٍ فَاَتَمَّهُنَّ ؕ قَالَ اِنِّیْ جَاعِلُكَ لِلنَّاسِ اِمَامًا ؕ قَالَ وَمِنْ ذُرِّیَّتِیْ ؕ قَالَ لَا یَنَالُ عَهْدِی الظّٰلِمِیْنَ ١٢٤
124. আৰু স্মৰণ কৰা, যেতিয়া ইব্ৰাহীমক তেওঁৰ প্ৰতিপালকে কেইটামান বাণীৰ দ্বাৰা পৰীক্ষা কৰিছিল, আৰু তেওঁ সেইবোৰ পূৰণ কৰিছিল। আল্লাহে ক’লে, ‘নিশ্চয় মই তোমাক মানৱ জাতিৰ ইমাম বনাম’। তেওঁ ক’লে, ‘আৰু মোৰ বংশধৰসকলৰ পৰাও? আল্লাহে ক’লে, ‘মোৰ এই প্ৰতিশ্ৰুতি যালিমসকলক অন্তৰ্ভুক্ত নকৰিব’।
وَاِذْ جَعَلْنَا الْبَیْتَ مَثَابَةً لِّلنَّاسِ وَاَمْنًا ؕ وَاتَّخِذُوْا مِنْ مَّقَامِ اِبْرٰهٖمَ مُصَلًّی ؕ وَعَهِدْنَاۤ اِلٰۤی اِبْرٰهٖمَ وَاِسْمٰعِیْلَ اَنْ طَهِّرَا بَیْتِیَ لِلطَّآىِٕفِیْنَ وَالْعٰكِفِیْنَ وَالرُّكَّعِ السُّجُوْدِ ١٢٥
125. আৰু স্মৰণ কৰা, যেতিয়া আমি কা’বাঘৰক মানৱ জাতিৰ মিলন কেন্দ্ৰ আৰু নিৰাপত্তাস্থল বনালোঁ; আৰু (আদেশ দিলোঁ যে,) ‘তোমালোকে মাকামে ইব্ৰাহীমক ছালাতৰ স্থানৰূপে গ্ৰহণ কৰা। ইব্ৰাহীম আৰু ইছমাঈলক দায়িত্ব দিছিলোঁ যে, তোমালোকে মোৰ ঘৰক তাৱাফকাৰী, এ’তেকাফকাৰী আৰু ৰুকু’ আৰু ছাজদাকাৰীসকলৰ বাবে পৱিত্ৰ ৰাখিবা’।
وَاِذْ قَالَ اِبْرٰهٖمُ رَبِّ اجْعَلْ هٰذَا بَلَدًا اٰمِنًا وَّارْزُقْ اَهْلَهٗ مِنَ الثَّمَرٰتِ مَنْ اٰمَنَ مِنْهُمْ بِاللّٰهِ وَالْیَوْمِ الْاَخِرِ ؕ قَالَ وَمَنْ كَفَرَ فَاُمَتِّعُهٗ قَلِیْلًا ثُمَّ اَضْطَرُّهٗۤ اِلٰی عَذَابِ النَّارِ ؕ وَبِئْسَ الْمَصِیْرُ ١٢٦
126. আৰু স্মৰণ কৰা, যেতিয়া ইব্ৰাহীমে কৈছিল, ‘হে মোৰ প্ৰতিপালক! ইয়াক তুমি নিৰাপদ চহৰ বনাই দিয়া আৰু ইয়াৰ অধিবাসীসকলৰ মাজত যিসকলে আল্লাহ আৰু শেষ দিৱসৰ প্ৰতি ঈমান পোষণ কৰে তেওঁলোকক ফল-মূলৰ জীৱিকা প্ৰদান কৰা’। তেওঁ (আল্লাহে) ক’লে, ‘যিয়ে কুফৰী কৰিব তাকো মই অলপ সময়ৰ বাবে জীৱনোপভোগ কৰিবলৈ সুবিধা দিম, তাৰ পিছত মই তাক জুইৰ শাস্তি ভোগ কৰিবলৈ বাধ্য কৰাম আৰু সেইটো যে কিমান নিকৃষ্ট প্ৰত্যাৱৰ্তনস্থল’!
وَاِذْ یَرْفَعُ اِبْرٰهٖمُ الْقَوَاعِدَ مِنَ الْبَیْتِ وَاِسْمٰعِیْلُ ؕ رَبَّنَا تَقَبَّلْ مِنَّا ؕ اِنَّكَ اَنْتَ السَّمِیْعُ الْعَلِیْمُ ١٢٧
127. আৰু স্মৰণ কৰা, যেতিয়া ইব্ৰাহীম আৰু ইছমাঈলে কা’বাঘৰৰ আধাৰশিলা স্থাপন কৰিছিল, (আৰু কৈছিল) ‘হে আমাৰ প্ৰতিপালক! আমাৰ ফালৰ পৰা তুমি কবুল কৰা। নিশ্চয় তুমি সৰ্বশ্ৰোতা, সৰ্বজ্ঞ’।
رَبَّنَا وَاجْعَلْنَا مُسْلِمَیْنِ لَكَ وَمِنْ ذُرِّیَّتِنَاۤ اُمَّةً مُّسْلِمَةً لَّكَ وَاَرِنَا مَنَاسِكَنَا وَتُبْ عَلَیْنَا ۚ اِنَّكَ اَنْتَ التَّوَّابُ الرَّحِیْمُ ١٢٨
128. ‘হে আমাৰ প্ৰতিপালক! আমাক উভয়কে তোমাৰ একান্ত অনুগত কৰা আৰু আমাৰ বংশধৰৰ পৰা তোমাৰ এটা অনুগত জাতি উত্থিত কৰা; আৰু আমাক ইবাদতৰ নিয়ম-পদ্ধতি দেখুৱাই দিয়া আৰু আমাৰ তাওবা কবুল কৰা। নিশ্চয় তুমি অধিক তাওবা গ্ৰহণকাৰী, পৰম দয়ালু’।
رَبَّنَا وَابْعَثْ فِیْهِمْ رَسُوْلًا مِّنْهُمْ یَتْلُوْا عَلَیْهِمْ اٰیٰتِكَ وَیُعَلِّمُهُمُ الْكِتٰبَ وَالْحِكْمَةَ وَیُزَكِّیْهِمْ ؕ اِنَّكَ اَنْتَ الْعَزِیْزُ الْحَكِیْمُ ١٢٩
129. ‘হে আমাৰ প্ৰতিপালক! তুমি সিহঁতৰ মাজৰ পৰাই সিহঁতৰ ওচৰলৈ এজন ৰাছুল প্ৰেৰণ কৰা, যিয়ে তোমাৰ আয়াতসমূহ সিহঁতৰ ওচৰত তিলাৱত কৰিব; আৰু সিহঁতক কিতাব আৰু হিকমতৰ শিক্ষা দিব আৰু সিহঁতক পৰিশুদ্ধ কৰিব। নিশ্চয় তুমি পৰাক্ৰমশালী, প্ৰজ্ঞাময়।
وَمَنْ یَّرْغَبُ عَنْ مِّلَّةِ اِبْرٰهٖمَ اِلَّا مَنْ سَفِهَ نَفْسَهٗ ؕ وَلَقَدِ اصْطَفَیْنٰهُ فِی الدُّنْیَا ۚ وَاِنَّهٗ فِی الْاٰخِرَةِ لَمِنَ الصّٰلِحِیْنَ ١٣٠
130. ইব্ৰাহীমৰ মিল্লাতৰ পৰা কেৱল সেই ব্যক্তিয়েই বিমুখ হ’ব পাৰে যিয়ে নিজকে নিৰ্বোধ বনাই লৈছে। নিশ্চয় আমি তেওঁক পৃথিৱীত মনোনীত কৰিছোঁ আৰু আখিৰাততো তেওঁ সৎকৰ্মশীলসকলৰ অন্যতম হ’ব।
اِذْ قَالَ لَهٗ رَبُّهٗۤ اَسْلِمْ ۙ قَالَ اَسْلَمْتُ لِرَبِّ الْعٰلَمِیْنَ ١٣١
131. স্মৰণ কৰা, যেতিয়া তেওঁৰ প্ৰতিপালকে তেওঁক কৈছিল, ‘তুমি আত্মসমৰ্পণ কৰা’। তেওঁ কৈছিল, ‘মই বিশ্বজগতৰ প্ৰতিপালক আল্লাহৰ ওচৰত আত্মসমৰ্পণ কৰিলোঁ’।
وَوَصّٰی بِهَاۤ اِبْرٰهٖمُ بَنِیْهِ وَیَعْقُوْبُ ؕ یٰبَنِیَّ اِنَّ اللّٰهَ اصْطَفٰی لَكُمُ الدِّیْنَ فَلَا تَمُوْتُنَّ اِلَّا وَاَنْتُمْ مُّسْلِمُوْنَ ١٣٢
132. ইব্ৰাহীম আৰু ইয়াকূবে তেওঁলোকৰ পুত্ৰসকলক ইয়াৰেই নিৰ্দেশ দি কৈছিল, ‘হে মোৰ পুত্ৰসকল! নিশ্চয় আল্লাহে তোমালোকৰ বাবে এই দ্বীনক মনোনীত কৰিছে। এতেকে তোমালোকে আত্মসমৰ্পণকাৰী (মুছলিম) নোহোৱালৈকে মৃত্যু বৰণ নকৰিবা’।
اَمْ كُنْتُمْ شُهَدَآءَ اِذْ حَضَرَ یَعْقُوْبَ الْمَوْتُ ۙ اِذْ قَالَ لِبَنِیْهِ مَا تَعْبُدُوْنَ مِنْۢ بَعْدِیْ ؕ قَالُوْا نَعْبُدُ اِلٰهَكَ وَاِلٰهَ اٰبَآىِٕكَ اِبْرٰهٖمَ وَاِسْمٰعِیْلَ وَاِسْحٰقَ اِلٰهًا وَّاحِدًا ۖۚ وَنَحْنُ لَهٗ مُسْلِمُوْنَ ١٣٣
133. ইয়াকূবৰ মৃত্যুৰ সময়ত তোমালোকে তাত উপস্থিত আছিলা নেকি? তেওঁ যেতিয়া নিজ সন্তানসকলক কৈছিল, ‘মোৰ পিছত তোমালোকে কাৰ ইবাদত কৰিবা? সিহঁতে কৈছিল, ‘আমি আপোনাৰ ইলাহ আৰু আপোনাৰ পিতৃ-পুৰুষ ইব্ৰাহীম, ইছমাঈল আৰু ইছহাকৰ ইলাহ- সেই এজন ইলাহৰেই ইবাদত কৰিম; আৰু আমি তেওঁৰ ওচৰতেই আত্মসমৰ্পণকাৰী’।
تِلْكَ اُمَّةٌ قَدْ خَلَتْ ۚ لَهَا مَا كَسَبَتْ وَلَكُمْ مَّا كَسَبْتُمْ ۚ وَلَا تُسْـَٔلُوْنَ عَمَّا كَانُوْا یَعْمَلُوْنَ ١٣٤
134. তেওঁলোক আছিল এনেকুৱা এটা জাতি, যিসকল অতীত হৈ গৈছে। তেওঁলোকে যি অৰ্জন কৰিছে সেয়া তেওঁলোকৰ বাবে, আৰু তোমালোকে যি অৰ্জন কৰিছা সেয়া তোমালোকৰ বাবে; আৰু তেওঁলোকে যি কৰিছিল সেই সম্পৰ্কে তোমালোকক প্ৰশ্ন কৰা নহ’ব।
وَقَالُوْا كُوْنُوْا هُوْدًا اَوْ نَصٰرٰی تَهْتَدُوْا ؕ قُلْ بَلْ مِلَّةَ اِبْرٰهٖمَ حَنِیْفًا ؕ وَمَا كَانَ مِنَ الْمُشْرِكِیْنَ ١٣٥
135. আৰু সিহঁতে কয়, ‘তোমালোকে ইয়াহূদী বা নাছাৰা হৈ যোৱা, সঠিক পথ পাবা’। কোৱা, ‘বৰং আমি একনিষ্ঠ হৈ ইব্ৰাহীমৰ মিল্লাতৰ অনুসৰণ কৰিম; আৰু তেওঁ মুশ্বৰিকসকলৰ অন্তৰ্ভুক্ত নাছিল’।
قُوْلُوْۤا اٰمَنَّا بِاللّٰهِ وَمَاۤ اُنْزِلَ اِلَیْنَا وَمَاۤ اُنْزِلَ اِلٰۤی اِبْرٰهٖمَ وَاِسْمٰعِیْلَ وَاِسْحٰقَ وَیَعْقُوْبَ وَالْاَسْبَاطِ وَمَاۤ اُوْتِیَ مُوْسٰی وَعِیْسٰی وَمَاۤ اُوْتِیَ النَّبِیُّوْنَ مِنْ رَّبِّهِمْ ۚ لَا نُفَرِّقُ بَیْنَ اَحَدٍ مِّنْهُمْ ۖؗ وَنَحْنُ لَهٗ مُسْلِمُوْنَ ١٣٦
136. তোমালোকে কোৱা, ‘আমি ঈমান আনিছোঁ আল্লাহৰ প্ৰতি আৰু যি আমাৰ প্ৰতি অৱতীৰ্ণ হৈছে, লগতে তাৰ প্ৰতিও ঈমান আনিছোঁ যি অৱতীৰ্ণ হৈছে ইব্ৰাহীম, ইছমাঈল, ইছহাক্ব, ইয়াকূব আৰু তেওঁৰ বংশধৰসকলৰ প্ৰতি, আৰু মুছা, ঈছা লগতে অন্যান্য নবীসকলক তেওঁলোকৰ প্ৰতিপালকৰ তৰফৰ পৰা যি প্ৰদান কৰা হৈছে (তাৰ প্ৰতিও ঈমান আনিছোঁ)। আমি তেওঁলোকৰ মাজত কোনো পাৰ্থক্য নকৰোঁ; আৰু আমি তেওঁৰেই ওচৰত আত্মসমৰ্পণকাৰী।
فَاِنْ اٰمَنُوْا بِمِثْلِ مَاۤ اٰمَنْتُمْ بِهٖ فَقَدِ اهْتَدَوْا ۚ وَاِنْ تَوَلَّوْا فَاِنَّمَا هُمْ فِیْ شِقَاقٍ ۚ فَسَیَكْفِیْكَهُمُ اللّٰهُ ۚ وَهُوَالسَّمِیْعُ الْعَلِیْمُ ١٣٧
137. এতেকে তোমালোকে যেনেকৈ ঈমান আনিছা সিহঁতেও যদি তেনেকৈ ঈমান আনে, তেন্তে নিশ্চয় সিহঁত হিদায়ত প্ৰাপ্ত হ’ব; আৰু যদি সিহঁতে মুখ ঘূৰাই লয়, তেন্তে সিহঁত আছে কেৱল বিৰোধিতাত লিপ্ত, এতেকে সিহঁতৰ বিপক্ষে তোমাৰ বাবে আল্লাহেই যথেষ্ট; আৰু তেওঁ সৰ্বশ্ৰোতা, সৰ্বজ্ঞ।
صِبْغَةَ اللّٰهِ ۚ وَمَنْ اَحْسَنُ مِنَ اللّٰهِ صِبْغَةً ؗ وَنَحْنُ لَهٗ عٰبِدُوْنَ ١٣٨
138. আল্লাহৰ ৰঙেৰে ৰঞ্জিত হোৱা; আৰু আল্লাহৰ ৰঙতকৈ আৰু কাৰ ৰং বেছি সুন্দৰ হ’ব পাৰে? আমি তেওঁৰেই ইবাদতকাৰী।
قُلْ اَتُحَآجُّوْنَنَا فِی اللّٰهِ وَهُوَرَبُّنَا وَرَبُّكُمْ ۚ وَلَنَاۤ اَعْمَالُنَا وَلَكُمْ اَعْمَالُكُمْ ۚ وَنَحْنُ لَهٗ مُخْلِصُوْنَ ١٣٩
139. কোৱা, ‘আল্লাহ সম্পৰ্কে তোমালোকে আমাৰ লগত বিতৰ্কত লিপ্ত হ’ব বিচৰা নেকি? অথচ তেওঁ আমাৰ প্ৰতিপালক আৰু তোমালোকৰো প্ৰতিপালক! আমাৰ বাবে আমাৰ আমল, আৰু তোমালোকৰ বাবে তোমালোকৰ আমল; আৰু আমি তেওঁৰেই প্ৰতি একনিষ্ঠ।
اَمْ تَقُوْلُوْنَ اِنَّ اِبْرٰهٖمَ وَاِسْمٰعِیْلَ وَاِسْحٰقَ وَیَعْقُوْبَ وَالْاَسْبَاطَ كَانُوْا هُوْدًا اَوْ نَصٰرٰی ؕ قُلْ ءَاَنْتُمْ اَعْلَمُ اَمِ اللّٰهُ ؕ وَمَنْ اَظْلَمُ مِمَّنْ كَتَمَ شَهَادَةً عِنْدَهٗ مِنَ اللّٰهِ ؕ وَمَا اللّٰهُ بِغَافِلٍ عَمَّا تَعْمَلُوْنَ ١٤٠
140. তোমালোকে এইটো ক’ব বিচৰা নেকি যে, ইব্ৰাহীম, ইছমাঈল, ইছহাক্ব, ইয়াকূব আৰু তেওঁৰ বংশধৰসকল ইয়াহূদী বা নাছাৰা আছিল? কোৱা, ‘তোমালোকে বেছি জানা নে আল্লাহে বেছি জানে’? সেইজনতকৈ বেছি যালিম আৰু কোন হ’ব পাৰে যিয়ে আল্লাহৰ তৰফৰ পৰা লাভ কৰা সাক্ষ্য গোপন কৰে? আৰু তোমালোকে যি কৰা সেই সম্পৰ্কে আল্লাহ অমনোযোগী নহয়।
تِلْكَ اُمَّةٌ قَدْ خَلَتْ ۚ لَهَا مَا كَسَبَتْ وَلَكُمْ مَّا كَسَبْتُمْ ۚ وَلَا تُسْـَٔلُوْنَ عَمَّا كَانُوْا یَعْمَلُوْنَ ١٤١
141. তেওঁলোক আছিল এনেকুৱা এটা জাতি, যিসকল অতীত হৈ গৈছে। তেওঁলোকে যি অৰ্জন কৰিছে সেয়া তেওঁলোকৰ বাবে, আৰু তোমালোকে যি অৰ্জন কৰিছা সেয়া তোমালোকৰ বাবে; আৰু তেওঁলোকে যি কৰিছিল সেই সম্পৰ্কে তোমালোকক প্ৰশ্ন কৰা নহ’ব।
سَیَقُوْلُ السُّفَهَآءُ مِنَ النَّاسِ مَا وَلّٰىهُمْ عَنْ قِبْلَتِهِمُ الَّتِیْ كَانُوْا عَلَیْهَا ؕ قُلْ لِّلّٰهِ الْمَشْرِقُ وَالْمَغْرِبُ ؕ یَهْدِیْ مَنْ یَّشَآءُ اِلٰی صِرَاطٍ مُّسْتَقِیْمٍ ١٤٢
142. মানুহৰ মাজৰ নিৰ্বোধসকলে অনতিপলমে ক’ব যে, ‘ইমান দিনে সিহঁতে যি কিবলাৰ অনুসৰণ কৰি আহিছিল তাৰ পৰা সিহঁতক কিহে বিমুখ কৰালে? কোৱা, ‘পূৱ আৰু পশ্চিম আল্লাহৰেই। তেওঁ যাক ইচ্ছা কৰে সৰল পথৰ হিদায়ত প্ৰদান কৰে’।
وَكَذٰلِكَ جَعَلْنٰكُمْ اُمَّةً وَّسَطًا لِّتَكُوْنُوْا شُهَدَآءَ عَلَی النَّاسِ وَیَكُوْنَ الرَّسُوْلُ عَلَیْكُمْ شَهِیْدًا ؕ وَمَا جَعَلْنَا الْقِبْلَةَ الَّتِیْ كُنْتَ عَلَیْهَاۤ اِلَّا لِنَعْلَمَ مَنْ یَّتَّبِعُ الرَّسُوْلَ مِمَّنْ یَّنْقَلِبُ عَلٰی عَقِبَیْهِ ؕ وَاِنْ كَانَتْ لَكَبِیْرَةً اِلَّا عَلَی الَّذِیْنَ هَدَی اللّٰهُ ؕ وَمَا كَانَ اللّٰهُ لِیُضِیْعَ اِیْمَانَكُمْ ؕ اِنَّ اللّٰهَ بِالنَّاسِ لَرَءُوْفٌ رَّحِیْمٌ ١٤٣
143. আৰু এনেকৈ আমি তোমালোকক এটা মধ্যপন্থী জাতিত পৰিণত কৰিছোঁ, যাতে তোমালোক মানৱ জাতিৰ ওপৰত সাক্ষী হোৱা আৰু ৰাছুলে তোমালোকৰ ওপৰত সাক্ষী হ’ব পাৰে; আৰু তুমি ইমান দিনে যিটো কিবলাৰ অনুসৰণ কৰি আছিলা সেইটোক আমি এই উদ্দেশ্যে কিবলাত পৰিণত কৰিছিলোঁ, যাতে প্ৰকাশ কৰি দিব পাৰোঁ যে, কোনে ৰাছুলৰ অনুসৰণ কৰে আৰু কোনে পিছফালে উভতি যায়? আল্লাহে যিসকলক হিদায়ত কৰিছে সিহঁতৰ বাহিৰে আনৰ বাবে এইটো এটা নিশ্চিত কঠিন কাম। আল্লাহ এনেকুৱা নহয় যে, তোমাোলকৰ ঈমান ব্যৰ্থ কৰি দিব। নিশ্চয় আল্লাহ মানুহৰ প্ৰতি সহানুভূতিশীল, পৰম দয়ালু।
قَدْ نَرٰی تَقَلُّبَ وَجْهِكَ فِی السَّمَآءِ ۚ فَلَنُوَلِّیَنَّكَ قِبْلَةً تَرْضٰىهَا فَوَلِّ وَجْهَكَ شَطْرَ الْمَسْجِدِ الْحَرَامِ ؕ وَحَیْثُ مَا كُنْتُمْ فَوَلُّوْا وُجُوْهَكُمْ شَطْرَهٗ ؕ وَاِنَّ الَّذِیْنَ اُوْتُوا الْكِتٰبَ لَیَعْلَمُوْنَ اَنَّهُ الْحَقُّ مِنْ رَّبِّهِمْ ؕ وَمَا اللّٰهُ بِغَافِلٍ عَمَّا یَعْمَلُوْنَ ١٤٤
144. আকাশৰ ফালে তোমাৰ বাৰে বাৰে চাই থকাটো নিশ্চয় আমি লক্ষ্য কৰিছোঁ। এতেকে আমি তোমাক এনে কিবলাৰ ফালে নিশ্চয় ওভতাই দিম যিটোক তুমি পছন্দ কৰা। এতেকে তুমি মছজিদে হাৰামৰ ফালে মুখ কৰা; আৰু তোমালোকে য’তেই নাথাকা কিয় ইয়াৰ ফালেই তোমালোকৰ চেহাৰা ঘূৰাই লোৱা; আৰু নিশ্চয় যিসকলক কিতাব দিয়া হৈছে সিহঁতে নিশ্চিতভাৱে জানে যে, এইটো সিহঁতৰ প্ৰতিপালকৰ পৰা সত্য; আৰু সিহঁতে যি কৰে সেই সম্পৰ্কে আল্লাহ অমনোযাগী নহয়।
وَلَىِٕنْ اَتَیْتَ الَّذِیْنَ اُوْتُوا الْكِتٰبَ بِكُلِّ اٰیَةٍ مَّا تَبِعُوْا قِبْلَتَكَ ۚ وَمَاۤ اَنْتَ بِتَابِعٍ قِبْلَتَهُمْ ۚ وَمَا بَعْضُهُمْ بِتَابِعٍ قِبْلَةَ بَعْضٍ ؕ وَلَىِٕنِ اتَّبَعْتَ اَهْوَآءَهُمْ مِّنْۢ بَعْدِ مَا جَآءَكَ مِنَ الْعِلْمِ ۙ اِنَّكَ اِذًا لَّمِنَ الظّٰلِمِیْنَ ١٤٥
145. আৰু যিসকলক কিতাব প্ৰদান কৰা হৈছে, তুমি যদি সিহঁতৰ ওচৰত সকলো দলিল-প্ৰমাণ দাঙি ধৰা, তথাপিও সিহঁতে তোমাৰ কিবলাৰ অনুসৰণ নকৰিব; আৰু তুমিও সিহঁতৰ কিবলাৰ অনুসাৰী নহয়; আৰু সিহঁতেও পৰস্পৰৰ কিবলাৰ অনুসাৰী নহয়। তোমাৰ ওচৰত সত্যৰ জ্ঞান অহাৰ পিছতো যদি তুমি সিহঁতৰ প্ৰবৃত্তিৰ অনুসৰণ কৰা, তেন্তে নিশ্চয় তুমি যালিমসকলৰ অন্তৰ্ভুক্ত হ’বা।
اَلَّذِیْنَ اٰتَیْنٰهُمُ الْكِتٰبَ یَعْرِفُوْنَهٗ كَمَا یَعْرِفُوْنَ اَبْنَآءَهُمْ ؕ وَاِنَّ فَرِیْقًا مِّنْهُمْ لَیَكْتُمُوْنَ الْحَقَّ وَهُمْ یَعْلَمُوْنَ ١٤٦
146. আমি যিসকলক কিতাব প্ৰদান কৰিছোঁ, সিহঁতে তেওঁক এনেকৈ চিনি পায় যেনেকৈ সিহঁতে নিজৰ সন্তানক চিনি পায়; আৰু নিশ্চয় সিহঁতৰ এটা দলে জানি বুজি সত্য গোপন কৰি থাকে।
اَلْحَقُّ مِنْ رَّبِّكَ فَلَا تَكُوْنَنَّ مِنَ الْمُمْتَرِیْنَ ١٤٧
147. সত্য তোমাৰ প্ৰতিপালকৰ পৰা প্ৰেৰিত। গতিকে তুমি কেতিয়াও সন্দেহ পোষণকাৰীসকলৰ অন্তৰ্ভুক্ত নহ’বা।
وَلِكُلٍّ وِّجْهَةٌ هُوَمُوَلِّیْهَا فَاسْتَبِقُوْا الْخَیْرٰتِ ؔؕ اَیْنَ مَا تَكُوْنُوْا یَاْتِ بِكُمُ اللّٰهُ جَمِیْعًا ؕ اِنَّ اللّٰهَ عَلٰی كُلِّ شَیْءٍ قَدِیْرٌ ١٤٨
148. আৰু প্ৰত্যেকৰে একোটাকৈ (নিৰ্দিষ্ট) দিশ আছে, সেই ফালেই সি মুখ কৰে, এতেকে তোমালোকে সৎকৰ্মত প্ৰতিযোগিতা কৰা। তোমালোকে য’তেই নাথাকা কিয় আল্লাহে তোমালোক সকলোকে সমবেত কৰিব। নিশ্চয় আল্লাহ সকলো বস্তুৰ ওপৰত ক্ষমতাৱান।
وَمِنْ حَیْثُ خَرَجْتَ فَوَلِّ وَجْهَكَ شَطْرَ الْمَسْجِدِ الْحَرَامِ ؕ وَاِنَّهٗ لَلْحَقُّ مِنْ رَّبِّكَ ؕ وَمَا اللّٰهُ بِغَافِلٍ عَمَّا تَعْمَلُوْنَ ١٤٩
149. আৰু তুমি য’ৰ পৰাই নোলোৱা কিয়, তুমি মছজিদুল হাৰামৰ ফালে মুখ কৰিবা; নিশ্চয় এইটো তোমাৰ প্ৰতিপালকৰ পৰা পঠোৱা সত্য; আৰু তোমালোকে যি কৰা সেই সম্পৰ্কে আল্লাহ অমনোযোগী নহয়।
وَمِنْ حَیْثُ خَرَجْتَ فَوَلِّ وَجْهَكَ شَطْرَ الْمَسْجِدِ الْحَرَامِ ؕ وَحَیْثُ مَا كُنْتُمْ فَوَلُّوْا وُجُوْهَكُمْ شَطْرَهٗ ۙ لِئَلَّا یَكُوْنَ لِلنَّاسِ عَلَیْكُمْ حُجَّةٌ ۙۗ اِلَّا الَّذِیْنَ ظَلَمُوْا مِنْهُمْ ۗ فَلَا تَخْشَوْهُمْ وَاخْشَوْنِیْ ۗ وَلِاُتِمَّ نِعْمَتِیْ عَلَیْكُمْ وَلَعَلَّكُمْ تَهْتَدُوْنَ ١٥٠
150. আৰু তুমি য’ৰ পৰাই নোলোৱা কিয়, মছজিদুল হাৰামৰ ফালে তোমাৰ মুখ ঘূৰাই লোৱা, আৰু তোমালোকেও য’তেই নাথাকা কিয় ইয়াৰ ফালেই তোমালোকে মুখ কৰিবা, যাতে তোমালোকৰ বিপক্ষে মানুহৰ বাবে বিতৰ্ক কৰাৰ একো নাথাকে; কিন্তু সিহঁতৰ মাজত থকা যালিমসকলৰ বাহিৰে। গতিকে তোমালোকে সিহঁতক ভয় নকৰিবা, কেৱল মোকেই ভয় কৰাঁ; এই কাৰণে যে, যাতে আমি তোমালোকৰ ওপৰত মোৰ অনুগ্ৰহ পৰিপূৰ্ণ কৰিব পাৰোঁ আৰু যাতে তোমালোকে হিদায়ত প্ৰাপ্ত হোৱা।