ছুৰা আল-বাক্বাৰাহ

وَلِلْمُطَلَّقٰتِ مَتَاعٌۢ بِالْمَعْرُوْفِ ؕ حَقًّا عَلَی الْمُتَّقِیْنَ ٢٤١

241. আৰু তালাক্বপ্ৰাপ্তা নাৰীসকলেও বিধি মুতাবিক ভৰণ-পোষণ (ক্ষতিপূৰণ) লাভ কৰিব। মুত্তাক্বীসকলৰ বাবে এইটো অৱশ্য কৰ্তব্য।




كَذٰلِكَ یُبَیِّنُ اللّٰهُ لَكُمْ اٰیٰتِهٖ لَعَلَّكُمْ تَعْقِلُوْنَ ٢٤٢

242. এনেকৈয়ে আল্লাহে তেওঁৰ আয়াতসমূহ তোমালোকৰ বাবে স্পষ্টভাৱে বৰ্ণনা কৰে যাতে তোমালোকে বুজিব পাৰা।




اَلَمْ تَرَ اِلَی الَّذِیْنَ خَرَجُوْا مِنْ دِیَارِهِمْ وَهُمْ اُلُوْفٌ حَذَرَ الْمَوْتِ فَقَالَ لَهُمُ اللّٰهُ مُوْتُوْا ثُمَّ اَحْیَاهُمْ ؕ اِنَّ اللّٰهَ لَذُوْ فَضْلٍ عَلَی النَّاسِ وَلٰكِنَّ اَكْثَرَ النَّاسِ لَا یَشْكُرُوْنَ ٢٤٣

243. তুমি সিহঁতক দেখা নাইনে, যিসকলে মৃত্যুৰ ভয়ত হাজাৰে হাজাৰে নিজ আবাসভূমি পৰিত্যাগ কৰিছিল? তাৰ পিছত আল্লাহে সিহঁতক কৈছিল, ‘তোমালোকে মৃত্যুবৰণ কৰা’। ইয়াৰ পিছত আল্লাহে সিহঁতক (আকৌ) জীৱিত কৰিছিল। নিশ্চয় আল্লাহ মানুহৰ প্ৰতি অনুগ্ৰহশীল; কিন্তু অধিকাংশ মানুহে কৃতজ্ঞতা প্ৰকাশ নকৰে।




وَقَاتِلُوْا فِیْ سَبِیْلِ اللّٰهِ وَاعْلَمُوْۤا اَنَّ اللّٰهَ سَمِیْعٌ عَلِیْمٌ ٢٤٤

244. আৰু তোমালোকে আল্লাহৰ পথত যুদ্ধ কৰা আৰু জানি থোৱা, নিশ্চয় আল্লাহ সৰ্বশ্ৰোতা, সৰ্বজ্ঞ।




مَنْ ذَا الَّذِیْ یُقْرِضُ اللّٰهَ قَرْضًا حَسَنًا فَیُضٰعِفَهٗ لَهٗۤ اَضْعَافًا كَثِیْرَةً ؕ وَاللّٰهُ یَقْبِضُ وَیَبْصُۜطُ وَاِلَیْهِ تُرْجَعُوْنَ ٢٤٥

245. কোনোবা আছেনে, যিয়ে আল্লাহক উত্তম ঋণ প্ৰদান কৰিব? তেওঁ ইয়াক তাৰ বাবে বহুগুণে বৃদ্ধি কৰি দিব; আৰু আল্লাহেই জীৱিকা সংকুচিত আৰু সম্প্ৰসাৰিত কৰে আৰু তেওঁৰ পিনেই তোমালোকক প্ৰত্যাৱৰ্তিত কৰা হ’ব।




اَلَمْ تَرَ اِلَی الْمَلَاِ مِنْۢ بَنِیْۤ اِسْرَآءِیْلَ مِنْۢ بَعْدِ مُوْسٰی ۘ اِذْ قَالُوْا لِنَبِیٍّ لَّهُمُ ابْعَثْ لَنَا مَلِكًا نُّقَاتِلْ فِیْ سَبِیْلِ اللّٰهِ ؕ قَالَ هَلْ عَسَیْتُمْ اِنْ كُتِبَ عَلَیْكُمُ الْقِتَالُ اَلَّا تُقَاتِلُوْا ؕ قَالُوْا وَمَا لَنَاۤ اَلَّا نُقَاتِلَ فِیْ سَبِیْلِ اللّٰهِ وَقَدْ اُخْرِجْنَا مِنْ دِیَارِنَا وَاَبْنَآىِٕنَا ؕ فَلَمَّا كُتِبَ عَلَیْهِمُ الْقِتَالُ تَوَلَّوْا اِلَّا قَلِیْلًا مِّنْهُمْ ؕ وَاللّٰهُ عَلِیْمٌۢ بِالظّٰلِمِیْنَ ٢٤٦

246. তুমি মুছাৰ পৰৱৰ্তী ইছৰাঈল বংশীয় নেতাসকলক দেখা নাইনে? সিহঁতে যেতিয়া সিহঁতৰ নবীক কৈছিল, ‘আমাৰ বাবে এজন ৰজা নিযুক্ত কৰি দিয়ক যাতে আমি আল্লাহৰ পথত যুদ্ধ কৰিব পাৰোঁ’, তেওঁ ক’লে, ‘এনেকুৱা নহয়তো যে, তোমালোকক যুদ্ধৰ বিধান দিয়া হ’লে তেতিয়া তোমালোকে আৰু যুদ্ধ নকৰিবা’? সিহঁতে ক’লে, ‘আমি যিহেতু নিজৰ আবাসভূমি আৰু নিজ সন্তান-সন্ততিৰ পৰা বহিষ্কৃত হৈছোঁ, তেতিয়াহ’লে আল্লাহৰ পথত কিয় যুদ্ধ নকৰিম’? এতেকে যেতিয়া সিহঁতৰ প্ৰতি যুদ্ধৰ বিধান দিয়া হ’ল তেতিয়া সিহঁতৰ কিছুমানৰ বাহিৰে আটায়ে পৃষ্ঠ প্ৰদৰ্শন কৰিলে; আৰু আল্লাহে যালিমসকলৰ বিষয়ে ভালকৈয়ে অৱগত।




وَقَالَ لَهُمْ نَبِیُّهُمْ اِنَّ اللّٰهَ قَدْ بَعَثَ لَكُمْ طَالُوْتَ مَلِكًا ؕ قَالُوْۤا اَنّٰی یَكُوْنُ لَهُ الْمُلْكُ عَلَیْنَا وَنَحْنُ اَحَقُّ بِالْمُلْكِ مِنْهُ وَلَمْ یُؤْتَ سَعَةً مِّنَ الْمَالِ ؕ قَالَ اِنَّ اللّٰهَ اصْطَفٰىهُ عَلَیْكُمْ وَزَادَهٗ بَسْطَةً فِی الْعِلْمِ وَالْجِسْمِ ؕ وَاللّٰهُ یُؤْتِیْ مُلْكَهٗ مَنْ یَّشَآءُ ؕ وَاللّٰهُ وَاسِعٌ عَلِیْمٌ ٢٤٧

247. আৰু সিহঁতৰ নবীয়ে সিহঁতক কৈছিল, ‘নিশ্চয় আল্লাহে তালুতক তোমালোকৰ বাবে ৰজা হিচাপে প্ৰেৰণ কৰিছে’। সিহঁতে ক’লে, ‘তাৰ ৰাজত্ব আমাৰ ওপৰত কেনেকৈ সম্ভৱ? অথচ আমি তাতকৈ ৰাজত্বৰ বেছি হকদাৰ আৰু তাক প্ৰচুৰ ঐশ্বৰ্যও দিয়া হোৱা নাই’! তেওঁ ক’লে, ‘আল্লাহে নিশ্চয় তাক তোমালোকৰ বাবে মনোনীত কৰিছে আৰু তেওঁ তাক জ্ঞান আৰু শাৰীৰিকভাৱে সমৃদ্ধ কৰিছে; আৰু আল্লাহে যাক ইচ্ছা কৰে নিজ ৰাজত্ব প্ৰদান কৰে আৰু আল্লাহ সৰ্বব্যাপী-প্ৰাচুৰ্যময়, সৰ্বজ্ঞ’।




وَقَالَ لَهُمْ نَبِیُّهُمْ اِنَّ اٰیَةَ مُلْكِهٖۤ اَنْ یَّاْتِیَكُمُ التَّابُوْتُ فِیْهِ سَكِیْنَةٌ مِّنْ رَّبِّكُمْ وَبَقِیَّةٌ مِّمَّا تَرَكَ اٰلُ مُوْسٰی وَاٰلُ هٰرُوْنَ تَحْمِلُهُ الْمَلٰٓىِٕكَةُ ؕ اِنَّ فِیْ ذٰلِكَ لَاٰیَةً لَّكُمْ اِنْ كُنْتُمْ مُّؤْمِنِیْنَ ٢٤٨

248. সিহঁতৰ নবীয়ে সিহঁতক এই কথাও কৈছিল যে, ‘তাৰ ৰাজত্বৰ নিদৰ্শন হ’ব এই যে, তোমালোকৰ ওচৰত তাবূত (চন্দুক) আহিব য’ত থাকিব তোমালোকৰ প্ৰতিপালকৰ তৰফৰ পৰা প্ৰশান্তি লগতে তাত থাকিব কিছু পৰিত্যক্ত আচবাব যিবোৰ মুছা আৰু হাৰূনৰ বংশধৰসকলে এৰি থৈ গৈছে; ফিৰিস্তাসকলে সেইটো বহন কৰি আনিব। যদি তোমালোকে মুমিন হোৱা নিশ্চয় তোমালোকৰ বাবে ইয়াত আছে নিদৰ্শন’।




فَلَمَّا فَصَلَ طَالُوْتُ بِالْجُنُوْدِ ۙ قَالَ اِنَّ اللّٰهَ مُبْتَلِیْكُمْ بِنَهَرٍ ۚ فَمَنْ شَرِبَ مِنْهُ فَلَیْسَ مِنِّیْ ۚ وَمَنْ لَّمْ یَطْعَمْهُ فَاِنَّهٗ مِنِّیْۤ اِلَّا مَنِ اغْتَرَفَ غُرْفَةًۢ بِیَدِهٖ ۚ فَشَرِبُوْا مِنْهُ اِلَّا قَلِیْلًا مِّنْهُمْ ؕ فَلَمَّا جَاوَزَهٗ هُوَوَالَّذِیْنَ اٰمَنُوْا مَعَهٗ ۙ قَالُوْا لَا طَاقَةَ لَنَا الْیَوْمَ بِجَالُوْتَ وَجُنُوْدِهٖ ؕ قَالَ الَّذِیْنَ یَظُنُّوْنَ اَنَّهُمْ مُّلٰقُوا اللّٰهِ ۙ كَمْ مِّنْ فِئَةٍ قَلِیْلَةٍ غَلَبَتْ فِئَةً كَثِیْرَةًۢ بِاِذْنِ اللّٰهِ ؕ وَاللّٰهُ مَعَ الصّٰبِرِیْنَ ٢٤٩

249. তাৰ পিছত তালুতে যেতিয়া সেনাবাহিনীসহ ওলাই আহিল, তেতিয়া তেওঁ ক’লে, ‘আল্লাহে তোমালোকক এটা নদীৰ দ্বাৰা পৰীক্ষা কৰিব। যিয়ে তাৰ পৰা পানী খাব সি মোৰ দলৰ অন্তৰভুক্ত নহয়; আৰু যিয়ে তাৰ সোৱাদ গ্ৰহণ নকৰিব সি মোৰ দলভুক্ত; ইয়াৰ বাহিৰে যিয়ে এচলু পানী গ্ৰহণ কৰিব সিও (মোৰ দলৰ অন্তৰ্ভুক্ত)’। এতেকে কিছুসংখ্যক লোকৰ বাহিৰে আটায়ে তাৰ পৰা পানী পান কৰিলে। ইয়াৰ পিছত তেওঁ আৰু তেওঁৰ সংগী ঈমান্দাৰসকলে যেতিয়া নদী অতিক্ৰম কৰিলে তেতিয়া সিহঁতে ক’লে, ‘জালুত আৰু তাৰ সেনাবাহিনীৰ বিৰুদ্ধে যুদ্ধ কৰাৰ শক্তি আজি আৰু আমাৰ ওচৰত নাই’। কিন্তু যিসকলে দৃঢ় বিশ্বাস কৰিছিল যে, আল্লাহৰ লগত তেওঁলোকৰ সাক্ষাৎ হ’ব, তেওঁলোকে ক’লে, ‘আল্লাহৰ আদেশত কিমান যে ক্ষুদ্ৰ দলে কিমান বৃহৎ দলক পৰাজয় কৰিছে’! আৰু আল্লাহ ধৈৰ্য্যশীলসকলৰ লগত আছে।




وَلَمَّا بَرَزُوْا لِجَالُوْتَ وَجُنُوْدِهٖ قَالُوْا رَبَّنَاۤ اَفْرِغْ عَلَیْنَا صَبْرًا وَّثَبِّتْ اَقْدَامَنَا وَانْصُرْنَا عَلَی الْقَوْمِ الْكٰفِرِیْنَ ٢٥٠

250. আৰু তেওঁলোকে যেতিয়া যুদ্ধ কৰিবলৈ জালুত আৰু তাৰ সেনাবাহিনীৰ মুখামুখি হ’ল, তেতিয়া তেওঁলোকে ক’লে, ‘হে আমাৰ প্ৰতিপালক! আমাৰ ওপৰত ধৈৰ্য্য ঢালি দিয়া আৰু আমাৰ ভৰি অবিচলিত ৰাখা আৰু কাফিৰ সম্প্ৰদায়ৰ বিৰুদ্ধে আমাক জয়যুক্ত কৰা’।




فَهَزَمُوْهُمْ بِاِذْنِ اللّٰهِ ۙ۫ وَقَتَلَ دَاوٗدُ جَالُوْتَ وَاٰتٰىهُ اللّٰهُ الْمُلْكَ وَالْحِكْمَةَ وَعَلَّمَهٗ مِمَّا یَشَآءُ ؕ وَلَوْ لَا دَفْعُ اللّٰهِ النَّاسَ بَعْضَهُمْ بِبَعْضٍ ۙ لَّفَسَدَتِ الْاَرْضُ وَلٰكِنَّ اللّٰهَ ذُوْ فَضْلٍ عَلَی الْعٰلَمِیْنَ ٢٥١

251. এতেকে তেওঁলোকে আল্লাহৰ আদেশত সিহঁতক (কাফিৰসকলক) পৰাজিত কৰিলে আৰু দাঊদে জালুতক হত্যা কৰিলে। আল্লাহে তেওঁক ৰাজত্ব আৰু হিকমত দান কৰিলে লগতে তেওঁ যি ইচ্ছা কৰিলে সেইটোৱেই তেওঁক শিক্ষা দিলে; আৰু আল্লাহে যদি মানুহৰ এটা দলক আন এটা দলৰ দ্বাৰা প্ৰতিহত নকৰিলেহেঁতেন তেন্তে পৃথিৱী বিপৰ্যস্ত হৈ গ'লহেঁতেন। কিন্তু আল্লাহ সৃষ্টিজগতৰ প্ৰতি অনুগ্ৰহশীল।




تِلْكَ اٰیٰتُ اللّٰهِ نَتْلُوْهَا عَلَیْكَ بِالْحَقِّ ؕ وَاِنَّكَ لَمِنَ الْمُرْسَلِیْنَ ٢٥٢

252. এইবোৰ হৈছে আল্লাহৰ আয়াত, আমি তোমাৰ ওপৰত এইবোৰ যথাযথভাৱে তিলাৱত কৰোঁ; আৰু নিশ্চয় তুমি ৰাছুলসকলৰ অন্তৰ্ভুক্ত।




تِلْكَ الرُّسُلُ فَضَّلْنَا بَعْضَهُمْ عَلٰی بَعْضٍ ۘ مِنْهُمْ مَّنْ كَلَّمَ اللّٰهُ وَرَفَعَ بَعْضَهُمْ دَرَجٰتٍ ؕ وَاٰتَیْنَا عِیْسَی ابْنَ مَرْیَمَ الْبَیِّنٰتِ وَاَیَّدْنٰهُ بِرُوْحِ الْقُدُسِ ؕ وَلَوْ شَآءَ اللّٰهُ مَا اقْتَتَلَ الَّذِیْنَ مِنْۢ بَعْدِهِمْ مِّنْۢ بَعْدِ مَا جَآءَتْهُمُ الْبَیِّنٰتُ وَلٰكِنِ اخْتَلَفُوْا فَمِنْهُمْ مَّنْ اٰمَنَ وَمِنْهُمْ مَّنْ كَفَرَ ؕ وَلَوْ شَآءَ اللّٰهُ مَا اقْتَتَلُوْا وَلٰكِنَّ اللّٰهَ یَفْعَلُ مَا یُرِیْدُ ٢٥٣

253. সেই ৰাছুলসকল, আমি তেওঁলোকৰ কিছুমানক আন কিছুমানৰ ওপৰত শ্ৰেষ্টত্ব প্ৰদান কৰিছোঁ। তেওঁলোকৰ মাজৰ কিছুমানৰ সৈতে আল্লাহে কথাও পাতিছে, আকৌ কিছুমানক উচ্চ মৰ্যাদা প্ৰদান কৰিছে; আৰু মাৰয়ামৰ পুত্ৰ ঈছাক আমি স্পষ্ট প্ৰমাণাদি প্ৰদান কৰিছিলোঁ লগতে ৰূহুল কুদুছ (জিব্ৰীল ফিৰিস্তা)ৰ দ্বাৰা তেওঁক শক্তিশালী কৰিছিলোঁ; আল্লাহে ইচ্ছা কৰিলে সিহঁতৰ পৰৱৰ্তী লোকসকলে সিহঁতৰ ওচৰত স্পষ্ট প্ৰমাণাদি সমাগত হোৱাৰ পিছতো পাৰস্পাৰিক যুদ্ধ-বিগ্ৰহত লিপ্ত নহ’লহেঁতেন; কিন্তু সিহঁতে মতভেদ কৰিছিল। ফলত সিহঁতৰ কিছুমানে ঈমান আনিছিল আৰু কিছুমানে কুফুৰী কৰিছিল; কিন্তু আল্লাহে ইচ্ছা কৰিলে সিহঁত পাৰস্পাৰিক যুদ্ধ-বিগ্ৰহত লিপ্ত নহ’লহেতেন; কিন্তু আল্লাহে যিটো ইচ্ছা কৰে সেইটোৱেই কৰে।




یٰۤاَیُّهَا الَّذِیْنَ اٰمَنُوْۤا اَنْفِقُوْا مِمَّا رَزَقْنٰكُمْ مِّنْ قَبْلِ اَنْ یَّاْتِیَ یَوْمٌ لَّا بَیْعٌ فِیْهِ وَلَا خُلَّةٌ وَّلَا شَفَاعَةٌ ؕ وَالْكٰفِرُوْنَ هُمُ الظّٰلِمُوْنَ ٢٥٤

254. হে মুমিনসকল! আমি তোমালোকক যি জীৱিকা প্ৰদান কৰিছোঁ তাৰ পৰা তোমালোকে ব্যয় কৰা, সেই (শেষ বিচাৰৰ) দিৱস অহাৰ আগতে, যিদিনা ব্যৱসায়, বন্ধুত্ব আৰু চুপাৰিছ আদি একো নাথাকিব, আৰু কাফিৰসকলেই হৈছে যালিম।




اَللّٰهُ لَاۤ اِلٰهَ اِلَّا هُوَۚ اَلْحَیُّ الْقَیُّوْمُ ۚ۬ لَا تَاْخُذُهٗ سِنَةٌ وَّلَا نَوْمٌ ؕ لَهٗ مَا فِی السَّمٰوٰتِ وَمَا فِی الْاَرْضِ ؕ مَنْ ذَا الَّذِیْ یَشْفَعُ عِنْدَهْۤ اِلَّا بِاِذْنِهٖ ؕ یَعْلَمُ مَا بَیْنَ اَیْدِیْهِمْ وَمَا خَلْفَهُمْ ۚ وَلَا یُحِیْطُوْنَ بِشَیْءٍ مِّنْ عِلْمِهٖۤ اِلَّا بِمَا شَآءَ ۚ وَسِعَ كُرْسِیُّهُ السَّمٰوٰتِ وَالْاَرْضَ ۚ وَلَا یَـُٔوْدُهٗ حِفْظُهُمَا ۚ وَهُوَالْعَلِیُّ الْعَظِیْمُ ٢٥٥

255. আল্লাহ, তেওঁৰ বাহিৰে আন কোনো সত্য ইলাহ নাই। তেওঁ চিৰঞ্জীৱ, সকলো সত্ত্বাৰ ধাৰক। তেওঁক কলাঘূমটিও স্পৰ্শ কৰিব নোৱাৰে আৰু টোপনিও নহয়। আকাশমণ্ডলত যি আছে আৰু পৃথিৱীত যি আছে সকলো তেওঁৰেই। কোন আছে এনেকুৱা, যিয়ে তেওঁৰ অনুমতি অবিহনে তেওঁৰ ওচৰত চুপাৰিছ কৰিব পাৰিব? সিহঁতৰ সন্মুখত আৰু পাছত যি যি আছে সেই সকলো তেওঁ জানে; আৰু তেওঁ যি ইচ্ছা কৰে সেইখিনিৰ বাহিৰে তেওঁৰ জ্ঞানৰ একোৱেই সিহঁতে আয়ত্ত কৰিব নোৱাৰে। তেওঁৰ কুৰছী আকাশমণ্ডল আৰু পৃথিৱীক পৰিব্যপ্ত কৰি আছে; আৰু এই দুটাৰ ৰক্ষণাবেক্ষণ তেওঁৰ বাবে বোজা নহয়; আৰু তেওঁ সুউচ্চ, সুমহান।




لَاۤ اِكْرَاهَ فِی الدِّیْنِ ۙ۫ قَدْ تَّبَیَّنَ الرُّشْدُ مِنَ الْغَیِّ ۚ فَمَنْ یَّكْفُرْ بِالطَّاغُوْتِ وَیُؤْمِنْۢ بِاللّٰهِ فَقَدِ اسْتَمْسَكَ بِالْعُرْوَةِ الْوُثْقٰی ۗ لَا انْفِصَامَ لَهَا ؕ وَاللّٰهُ سَمِیْعٌ عَلِیْمٌ ٢٥٦

256. দ্বীন গ্ৰহণৰ ক্ষেত্ৰত কোনো জোৰ-জবৰদস্তি নাই; সত্য পথ ভ্ৰান্ত পথৰ পৰা সুস্পষ্ট হৈছে। এতেকে যিয়ে তাগুতক (অৰ্থাৎ আল্লাহৰ বাহিৰে অন্যান্য বাতিল উপাস্যসমূহক) অস্বীকাৰ কৰিব আৰু আল্লাহৰ প্ৰতি ঈমান আনিব, সি দৰাচলতে এনেকুৱা এডাল ৰছীত খামুচি ধৰিব যিটো কেতিয়াও বিচ্ছিন্ন নহ’ব; আৰু আল্লাহ সৰ্বশ্ৰোতা, সৰ্বজ্ঞানী।




اَللّٰهُ وَلِیُّ الَّذِیْنَ اٰمَنُوْا ۙ یُخْرِجُهُمْ مِّنَ الظُّلُمٰتِ اِلَی النُّوْرِ ؕ۬ وَالَّذِیْنَ كَفَرُوْۤا اَوْلِیٰٓـُٔهُمُ الطَّاغُوْتُ ۙ یُخْرِجُوْنَهُمْ مِّنَ النُّوْرِ اِلَی الظُّلُمٰتِ ؕ اُولٰٓىِٕكَ اَصْحٰبُ النَّارِ ۚ هُمْ فِیْهَا خٰلِدُوْنَ ٢٥٧

257. যিসকলে ঈমান আনিছে আল্লাহেই তেওঁলোকৰ অভিভাৱক, তেৱেঁই তেওঁলোকক (কুফৰীৰ) অন্ধকাৰৰ পৰা উলিয়াই (ঈমানৰ) পোহৰৰ ফালে লৈ যায়; আনহাতে যিসকলে কুফুৰী কৰিছে, তাগুত হৈছে সিহঁতৰ অভিভাৱক, এইবোৰে সিহঁতক (ঈমানৰ) পোহৰৰ পৰা (কুফৰীৰ) অন্ধকাৰৰ পিনে লৈ যায়। সিহঁতেই হৈছে জাহান্নামৰ অধিবাসী, তাত সিহঁতে চিৰকাল অৱস্থান কৰিব।




اَلَمْ تَرَ اِلَی الَّذِیْ حَآجَّ اِبْرٰهٖمَ فِیْ رَبِّهٖۤ اَنْ اٰتٰىهُ اللّٰهُ الْمُلْكَ ۘ اِذْ قَالَ اِبْرٰهٖمُ رَبِّیَ الَّذِیْ یُحْیٖ وَیُمِیْتُ ۙ قَالَ اَنَا اُحْیٖ وَاُمِیْتُ ؕ قَالَ اِبْرٰهٖمُ فَاِنَّ اللّٰهَ یَاْتِیْ بِالشَّمْسِ مِنَ الْمَشْرِقِ فَاْتِ بِهَا مِنَ الْمَغْرِبِ فَبُهِتَ الَّذِیْ كَفَرَ ؕ وَاللّٰهُ لَا یَهْدِی الْقَوْمَ الظّٰلِمِیْنَ ٢٥٨

258. তুমি সেইজন ব্যক্তিৰ (নমৰূদৰ) কথা ভাৱি চোৱা নাইনে? যিয়ে ইব্ৰাহীমৰ লগত তেওঁৰ প্ৰতিপালক সম্পৰ্কে বিতৰ্কত লিপ্ত হৈছিল, যিহেতু আল্লাহে তাক ৰাজত্ব প্ৰদান কৰিছিল। যেতিয়া ইব্ৰাহীমে ক’লে, ‘তেওঁ হৈছে মোৰ প্ৰতিপালক, যিজনে জীৱন দান কৰে আৰু মৃত্যু প্ৰদান কৰে’, সি ক’লে, ‘ময়ো জীৱন দান কৰোঁ আৰু মৃত্যু ঘটাওঁ’। ইব্ৰাহীমে ক’লে, ‘নিশ্চয় আল্লাহে সূৰ্যক পূৱৰ পৰা উদয় কৰে, তুমি ইয়াক পশ্চিমৰ পৰা উদয় কৰি দেখুওৱাচোন’। ফলত কাফিৰজন বুদ্ধিহীন হৈ পৰিল; আৰু আল্লাহ যালিম সম্প্ৰদায়ক হিদায়ত নকৰে।




اَوْ كَالَّذِیْ مَرَّ عَلٰی قَرْیَةٍ وَّهِیَ خَاوِیَةٌ عَلٰی عُرُوْشِهَا ۚ قَالَ اَنّٰی یُحْیٖ هٰذِهِ اللّٰهُ بَعْدَ مَوْتِهَا ۚ فَاَمَاتَهُ اللّٰهُ مِائَةَ عَامٍ ثُمَّ بَعَثَهٗ ؕ قَالَ كَمْ لَبِثْتَ ؕ قَالَ لَبِثْتُ یَوْمًا اَوْ بَعْضَ یَوْمٍ ؕ قَالَ بَلْ لَّبِثْتَ مِائَةَ عَامٍ فَانْظُرْ اِلٰی طَعَامِكَ وَشَرَابِكَ لَمْ یَتَسَنَّهْ ۚ وَانْظُرْ اِلٰی حِمَارِكَ وَلِنَجْعَلَكَ اٰیَةً لِّلنَّاسِ وَانْظُرْ اِلَی الْعِظَامِ كَیْفَ نُنْشِزُهَا ثُمَّ نَكْسُوْهَا لَحْمًا ؕ فَلَمَّا تَبَیَّنَ لَهٗ ۙ قَالَ اَعْلَمُ اَنَّ اللّٰهَ عَلٰی كُلِّ شَیْءٍ قَدِیْرٌ ٢٥٩

259. অথবা সেই ব্যক্তিৰ কথা ভাৱি চোৱা নাইনে, যিয়ে এনেকুৱা এটা জনপদ অতিক্ৰম কৰি আছিল যিটো সম্পূৰ্ণৰূপে বিধ্বস্ত হৈছিল। সেই ব্যক্তিজনে ক'লে, 'মৃত্যুৰ পিছত আকৌ কেনেকৈ আল্লাহে ইয়াক জীৱিত কৰিব'? তাৰ পিছত আল্লাহে তাক এশ বছৰ মৃত অৱস্থাত ৰাখিলে। অৱশেষত তাক পুনৰ্জীৱিত কৰিলে। আল্লাহে ক'লে, 'তুমি কিমান দিন অৱস্থান কৰিলা'? সি ক'লে, 'এদিন বা এদিনতকৈও কম সময় অৱস্থান কৰিছোঁ'। তেওঁ ক'লে, 'বৰং তুমি এশ বছৰ অৱস্থান কৰিছা। এতেকে তুমি তোমাৰ খাদ্যসামগ্ৰী আৰু পানীয় বস্তুৰ ফালে লক্ষ্য কৰা, সেইবোৰ অবিকৃত আছে আৰু চোৱা, তোমাৰ গাধটোৰ পিনে, আৰু (এয়া কৰিছোঁ) যাতে আমি তোমাক মানুহৰ বাবে নিদৰ্শন বনাব পাৰোঁ, আৰু (গাধৰ) অস্থিসমূহৰ পিনে চোৱা; কেনেকৈ সেইবোৰ সংযোজিত কৰোঁ আৰু মাংসপিণ্ডৰে ঢাকি দিওঁ'। তাৰ পিছত যেতিয়া তাৰ ওচৰত স্পষ্ট হ’ল তেতিয়া সি ক’লে, 'মই জানো, নিশ্চয় আল্লাহ সকলো বস্তুৰ ওপৰত ক্ষমতাৱান'।




وَاِذْ قَالَ اِبْرٰهٖمُ رَبِّ اَرِنِیْ كَیْفَ تُحْیِ الْمَوْتٰی ؕ قَالَ اَوَلَمْ تُؤْمِنْ ؕ قَالَ بَلٰی وَلٰكِنْ لِّیَطْمَىِٕنَّ قَلْبِیْ ؕ قَالَ فَخُذْ اَرْبَعَةً مِّنَ الطَّیْرِ فَصُرْهُنَّ اِلَیْكَ ثُمَّ اجْعَلْ عَلٰی كُلِّ جَبَلٍ مِّنْهُنَّ جُزْءًا ثُمَّ ادْعُهُنَّ یَاْتِیْنَكَ سَعْیًا ؕ وَاعْلَمْ اَنَّ اللّٰهَ عَزِیْزٌ حَكِیْمٌ ٢٦٠

260. আৰু যেতিয়া ইব্ৰাহীমে ক’লে, ‘হে মোৰ প্ৰতিপালক! তুমি কেনেকৈ মৃতক জীৱিত কৰা মোক দেখুৱাই দিয়া’, তেওঁ ক’লে, ‘তেন্তে তুমি বিশ্বাস কৰা নাই নেকি’? ইব্ৰাহীমে ক’লে, ‘নিশ্চয় কৰোঁ, কিন্তু মোৰ মনৰ প্ৰশান্তিৰ বাবে (চাব বিচাৰোঁ)’, আল্লাহে ক’লে, ‘তেন্তে চাৰিটা চৰাই লোৱা আৰু সেইবোৰক পোহ মনাই লোৱা (যাতে মাতিলেই তোমাৰ ওচৰলৈ আহে)। তাৰ পিছত সেইবোৰৰ টুকুৰা-টুকুৰ কৰি এটা এটা ভাগ প্ৰত্যেক পাহাৰত স্থাপন কৰা। তাৰ পিছত সেইবোৰক মাতা, (চাবা) সেইবোৰ তোমাৰ ওচৰলৈ দ্ৰুতগতিত গুচি আহিব, আৰু জানি থোৱা, নিশ্চয় আল্লাহ প্ৰবল পৰাক্ৰমশালী, প্ৰজ্ঞাময়’।




مَثَلُ الَّذِیْنَ یُنْفِقُوْنَ اَمْوَالَهُمْ فِیْ سَبِیْلِ اللّٰهِ كَمَثَلِ حَبَّةٍ اَنْۢبَتَتْ سَبْعَ سَنَابِلَ فِیْ كُلِّ سُنْۢبُلَةٍ مِّائَةُ حَبَّةٍ ؕ وَاللّٰهُ یُضٰعِفُ لِمَنْ یَّشَآءُ ؕ وَاللّٰهُ وَاسِعٌ عَلِیْمٌ ٢٦١

261. যিসকলে নিজৰ ধন-সম্পদ আল্লাহৰ পথত ব্যয় কৰে, তেওঁলোকৰ (এই ব্যয়ৰ) উদাহৰণ হৈছে শস্যৰ এটা বীজৰ দৰে, যিটোৰ পৰা সাতটাকৈ শীহ (থোক) ওলায়, প্ৰত্যেক থোকত থাকে এশটাকৈ শস্য দানা; আৰু আল্লাহে যাক ইচ্ছা কৰে বহু গুণে বৃদ্ধি কৰি দিয়ে; আৰু আল্লাহ সৰ্বব্যাপী-প্ৰাচুৰ্যময়, সৰ্বজ্ঞ।




اَلَّذِیْنَ یُنْفِقُوْنَ اَمْوَالَهُمْ فِیْ سَبِیْلِ اللّٰهِ ثُمَّ لَا یُتْبِعُوْنَ مَاۤ اَنْفَقُوْا مَنًا وَّلَاۤ اَذًی ۙ لَّهُمْ اَجْرُهُمْ عِنْدَ رَبِّهِمْ ۚ وَلَا خَوْفٌ عَلَیْهِمْ وَلَا هُمْ یَحْزَنُوْنَ ٢٦٢

262. যিসকলে আল্লাহৰ পথত নিজৰ ধন-সম্পদ ব্যয় কৰে, আৰু সেই দানৰ কথা মানুহৰ ওচৰত গাই নুফুৰে লগতে (এই দানৰ বিনিময়ত মানুহক) কোনো প্ৰকাৰ কষ্টও নিদিয়ে, তেওঁলোকৰ প্ৰতিদান আছে তেওঁলোকৰ প্ৰতিপালকৰ ওচৰত আৰু তেওঁলোকৰ কোনো ভয় নাই লগতে তেওঁলোক চিন্তিতও নহ’ব।




قَوْلٌ مَّعْرُوْفٌ وَمَغْفِرَةٌ خَیْرٌ مِّنْ صَدَقَةٍ یَّتْبَعُهَاۤ اَذًی ؕ وَاللّٰهُ غَنِیٌّ حَلِیْمٌ ٢٦٣

263. যি দানৰ পিছত (দান গ্ৰহণকাৰীক) কষ্ট দিয়া হয়, সেই দানতকৈ ভাল কথা কোৱা আৰু ক্ষমা কৰাই উত্তম, আৰু আল্লাহ অভাৱমুক্ত, পৰম সহনশীল।




یٰۤاَیُّهَا الَّذِیْنَ اٰمَنُوْا لَا تُبْطِلُوْا صَدَقٰتِكُمْ بِالْمَنِّ وَالْاَذٰی ۙ كَالَّذِیْ یُنْفِقُ مَالَهٗ رِئَآءَ النَّاسِ وَلَا یُؤْمِنُ بِاللّٰهِ وَالْیَوْمِ الْاٰخِرِ ؕ فَمَثَلُهٗ كَمَثَلِ صَفْوَانٍ عَلَیْهِ تُرَابٌ فَاَصَابَهٗ وَابِلٌ فَتَرَكَهٗ صَلْدًا ؕ لَا یَقْدِرُوْنَ عَلٰی شَیْءٍ مِّمَّا كَسَبُوْا ؕ وَاللّٰهُ لَا یَهْدِی الْقَوْمَ الْكٰفِرِیْنَ ٢٦٤

264. হে ঈমান্দাৰসকল! দানৰ কথা প্ৰচাৰ কৰি আৰু (দান গ্ৰহণকাৰীক) কষ্ট প্ৰদান কৰি তোমালোকে নিজৰ দানক সেই ব্যক্তিৰ দৰে নিষ্ফল নকৰিবা যিয়ে নিজৰ ধন-সম্পদ লোকক দেখুৱাবলৈ ব্যয় কৰে, লগতে আল্লাহ আৰু আখিৰাতৰ প্ৰতি বিশ্বাস পোষণ নকৰে। ফলত তাৰ উপমা হৈছে এনেকুৱা এটা মসৃণ শিলৰ দৰে, যাৰ ওপৰত অলপ মাটি আছে, তাৰ পিছত ধাৰাষাৰ বৰষুণে সেইটোক পৰিষ্কাৰ কৰি দিয়ে। ইহঁতে যি উপাৰ্জন কৰিছে তাৰ একোৱেই নিজৰ কামত খটাবলৈ সক্ষম নহয়; আৰু আল্লাহে কাফিৰ সম্প্ৰদায়ক হিদায়ত নকৰে।




وَمَثَلُ الَّذِیْنَ یُنْفِقُوْنَ اَمْوَالَهُمُ ابْتِغَآءَ مَرْضَاتِ اللّٰهِ وَتَثْبِیْتًا مِّنْ اَنْفُسِهِمْ كَمَثَلِ جَنَّةٍۭ بِرَبْوَةٍ اَصَابَهَا وَابِلٌ فَاٰتَتْ اُكُلَهَا ضِعْفَیْنِ ۚ فَاِنْ لَّمْ یُصِبْهَا وَابِلٌ فَطَلٌّ ؕ وَاللّٰهُ بِمَا تَعْمَلُوْنَ بَصِیْرٌ ٢٦٥

265. আনহাতে যিসকলে আল্লাহৰ সন্তুষ্টি লাভৰ বাবে আৰু নিজৰ আত্মা বলিষ্ঠ কৰাৰ বাবে ধন-সম্পদ ব্যয় কৰে, তেওঁলোকৰ উপমা হৈছে কোনো ওখ ভূমিত অৱস্থিত এখন উদ্যানৰ দৰে, য'ত ধাৰাষাৰ বৰষুণ হয়, ফলত তাত দ্বিগুণ ফল-মূল উৎপাদন হয়; আৰু ধাৰাষাৰ বৰষুণ নহ’লেও অলপ বৰষুণেই তাৰ বাবে যথেষ্ট হয়। তোমালোকে যি কৰা সেই বিষয়ে আল্লাহ যথাৰ্থ প্ৰত্যক্ষকাৰী।




اَیَوَدُّ اَحَدُكُمْ اَنْ تَكُوْنَ لَهٗ جَنَّةٌ مِّنْ نَّخِیْلٍ وَّاَعْنَابٍ تَجْرِیْ مِنْ تَحْتِهَا الْاَنْهٰرُ ۙ لَهٗ فِیْهَا مِنْ كُلِّ الثَّمَرٰتِ ۙ وَاَصَابَهُ الْكِبَرُ وَلَهٗ ذُرِّیَّةٌ ضُعَفَآءُ ۪ۖ فَاَصَابَهَاۤ اِعْصَارٌ فِیْهِ نَارٌ فَاحْتَرَقَتْ ؕ كَذٰلِكَ یُبَیِّنُ اللّٰهُ لَكُمُ الْاٰیٰتِ لَعَلَّكُمْ تَتَفَكَّرُوْنَ ٢٦٦

266. তোমালোকৰ কোনোবাই বিচৰানে যে, তাৰ বাবে খেজুৰ আৰু আঙুৰৰ এখন উদ্যান হওক, যাৰ মাজেৰে নদী প্ৰবাহিত থাকিব, লগতে সেই উদ্যানত তাৰ বাবে সকলো ধৰণৰ ফলমূল থাকিব, তেনে অৱস্থাতে তাক বাৰ্ধক্যই পাব আৰু ইপিনে তাৰ কিছুমান দুৰ্বল সন্তান-সন্ততিও থাকিব, এনেকুৱা পৰিস্থিতিত তাৰ এই উদ্যানৰ ওপৰত এটা অগ্নিসহ প্ৰচণ্ড ঘুৰ্ণি বতাহ আহি উদ্যানখন দাহ কৰি যাব (এইটো তোমালোকৰ কোনোবাই বিচৰানে)? এইদৰেই আল্লাহে তেওঁৰ নিদৰ্শনসমূহ তোমালোকৰ বাবে সুস্পষ্টভাৱে ব্যক্ত কৰে, যাতে তোমালোকে চিন্তা-ভাৱনা আৰু গৱেষণা কৰা।




یٰۤاَیُّهَا الَّذِیْنَ اٰمَنُوْۤا اَنْفِقُوْا مِنْ طَیِّبٰتِ مَا كَسَبْتُمْ وَمِمَّاۤ اَخْرَجْنَا لَكُمْ مِّنَ الْاَرْضِ وَلَا تَیَمَّمُوا الْخَبِیْثَ مِنْهُ تُنْفِقُوْنَ وَلَسْتُمْ بِاٰخِذِیْهِ اِلَّاۤ اَنْ تُغْمِضُوْا فِیْهِ ؕ وَاعْلَمُوْۤا اَنَّ اللّٰهَ غَنِیٌّ حَمِیْدٌ ٢٦٧

267. হে ঈমান্দাৰসকল! তোমালোকে যি উপাৰ্জন কৰা আৰু আমি মাটিৰ পৰা তোমালোকৰ বাবে যি উৎপাদন কৰোঁ, তাৰ পৰা যিটো উৎকৃষ্ট সম্পদ সেইটো দান কৰা; আৰু নিম্নমানৰ বস্তু দান কৰাৰ সংকল্প নকৰিবা, অথচ তোমালোকে নিজেই এনেকুৱা বস্তু চকু বন্ধ নকৰালৈকে গ্ৰহণ নকৰা। জানি থোৱা, নিশ্চয় আল্লাহ অভাৱমুক্ত, প্ৰশংসিত।




اَلشَّیْطٰنُ یَعِدُكُمُ الْفَقْرَ وَیَاْمُرُكُمْ بِالْفَحْشَآءِ ۚ وَاللّٰهُ یَعِدُكُمْ مَّغْفِرَةً مِّنْهُ وَفَضْلًا ؕ وَاللّٰهُ وَاسِعٌ عَلِیْمٌ ٢٦٨

268. চয়তানে তোমালোকক দৰিদ্ৰতাৰ প্ৰতিশ্ৰুতি দিয়ে (ভয় দেখুৱায়) আৰু অশ্লিলতাৰ নিৰ্দেশ দিয়ে। আনহাতে আল্লাহে তোমালোকক তেওঁৰ ক্ষমা আৰু অনুগ্ৰহৰ প্ৰতিশ্ৰুতি দিয়ে; আৰু আল্লাহ সৰ্বব্যাপী-প্ৰাচুৰ্যময়, সৰ্বজ্ঞ।




یُّؤْتِی الْحِكْمَةَ مَنْ یَّشَآءُ ۚ وَمَنْ یُّؤْتَ الْحِكْمَةَ فَقَدْ اُوْتِیَ خَیْرًا كَثِیْرًا ؕ وَمَا یَذَّكَّرُ اِلَّاۤ اُولُوا الْاَلْبَابِ ٢٦٩

269. তেওঁ যাক ইচ্ছা কৰে হিকমত দান কৰে, আৰু যাক হিকমত প্ৰদান কৰা হয়, তাক প্ৰকৃততে প্ৰচুৰ কল্যাণ প্ৰদান কৰা হয়; আৰু বিবেকসম্পন্ন ব্যক্তিসকলেই কেৱল উপদেশ গ্ৰহণ কৰে।




وَمَاۤ اَنْفَقْتُمْ مِّنْ نَّفَقَةٍ اَوْ نَذَرْتُمْ مِّنْ نَّذْرٍ فَاِنَّ اللّٰهَ یَعْلَمُهٗ ؕ وَمَا لِلظّٰلِمِیْنَ مِنْ اَنْصَارٍ ٢٧٠

270. আৰু যিটো তোমালোকে ব্যয় কৰা অথবা তোমালোকে যিটো মান্নত কৰা নিশ্চয় সেয়া আল্লাহে জানে; আৰু যালিমসকলৰ বাবে কোনো সহায়কাৰী নাই।