ছুৰা আল-বাক্বাৰাহ

bismillah

الٓمّٓ ١

1. আলিফ-লাম-মীম।

আলিফ লাম মীম, এইবোৰ সেইসমূহ আখৰ, যিবোৰৰ দ্বাৰা কিছুমান ছুৰা আৰম্ভ হৈছে। এইবোৰ কিছুমান বৰ্ণমালা, পৃথকভাৱে ব্যৱহাৰ হলে ইয়াৰ কোনো অৰ্থ নহয়। যেনে- (আলিফ, বা, তা ইত্যাদি)। কিন্তু ইয়াত এইটো নিৰৰ্থক নহয়। কিয়নো কোৰআনত এনেকুৱা বস্তু নাই যিটো প্ৰজ্ঞাহীন। ইয়াৰ এটা প্ৰমূখ প্ৰজ্ঞা হৈছে কোৰআনৰ জৰিয়তে চেলেঞ্জ কৰা যে, এইবোৰ আখৰৰ দ্বাৰাই কোৰআনৰ বাক্য সজোৱা হৈছে। যিবোৰ সিহঁতে জানে আৰু কথাও কয়। সেই কাৰণেই এইবোৰ আখৰ ব্যৱহাৰ হোৱাৰ পিছতেই কোৰআনৰ বৰ্ণনা প্ৰায় উল্লেখ হৈছে। যেনে- এই ছুৰাত আমি দেখিলো।


ذٰلِكَ الْكِتٰبُ لَا رَیْبَ ۛۖۚ فِیْهِ ۛۚ هُدًی لِّلْمُتَّقِیْنَ ٢

2. এইখন সেই গ্ৰন্থ; য’ত কোনো সন্দেহ নাই, মুত্তাক্বীসকলৰ বাবে (এইখন) পথ-নিৰ্দেশক।

এই মহান কোৰআনত কোনো সন্দেহ নাই। অৱতীৰ্ণ হোৱাৰ ক্ষেত্ৰতো নাই, শব্দ আৰু অৰ্থৰ ক্ষেত্ৰতো নাই। এতেকে এইটো আল্লাহৰ বাণী, যিয়ে মুত্ত্বাক্বীসকলক আল্লাহৰ পিনে যোৱাৰ বাট দেখুৱায়।


الَّذِیْنَ یُؤْمِنُوْنَ بِالْغَیْبِ وَیُقِیْمُوْنَ الصَّلٰوةَ وَمِمَّا رَزَقْنٰهُمْ یُنْفِقُوْنَ ٣

3. যিসকলে গায়েবৰ প্ৰতি ঈমান পোষণ কৰে, ছালাত কায়েম কৰে আৰু আমি তেওঁলোকক যি প্ৰদান কৰিছোঁ তাৰ পৰা ব্যয় কৰে।

যিসকলে গায়েব (অদৃশ্য)ৰ প্ৰতি বিশ্বাস স্থাপন কৰে। গায়েবৰ দ্বাৰা সেইসকল বস্তুক বুজোৱা হৈছে, যিবোৰ আমাৰ ইন্দ্ৰিয়ৰে গমি চোৱা অসম্ভৱ। কিন্তু সেই বিষয়ে আল্লাহ আৰু তেওঁৰ ৰাছুলে আমাক জনাইছে। যেনে- আখিৰাত দিৱস। তেওঁলোকেই ( অৰ্থাৎ সেই বিশ্বাস স্থাপনকাৰী সকলে) আল্লাহে দেখুৱাই দিয়া নিয়মানুসাৰে চৰ্ত, আৰকান, ৱাজিবাত আৰু ছুন্নতসমূহৰ সৈতে ছালাত প্ৰতিষ্ঠা কৰে। তেওঁলোকেই আল্লাহে দিয়া সম্পদ ছোৱাবৰ উদ্দেশ্যে (আল্লাহৰ পথত) ব্যয় কৰে। যেনে- যাকাত, নফল চাদাক্বা। হে নবী! তেওঁলোকেই তোমাৰ ওপৰত আৰু তোমাৰ পূৰ্বৱৰ্তী সকলো নবীৰ ওপৰত অৱতীৰ্ণ হোৱা অহীৰ প্ৰতি ভেদভাৱ নকৰাকৈ বিশ্বাস কৰে। তেওঁলোকেই আখিৰাত আৰু ইয়াৰ প্ৰতিদান ও শাস্তিৰ প্ৰতি দৃঢ় বিশ্বাস পোষণ কৰে।


وَالَّذِیْنَ یُؤْمِنُوْنَ بِمَاۤ اُنْزِلَ اِلَیْكَ وَمَاۤ اُنْزِلَ مِنْ قَبْلِكَ ۚ وَبِالْاٰخِرَةِ هُمْ یُوْقِنُوْنَ ٤

4. আৰু যিসকলে ঈমান পোষণ কৰে তাৰ ওপৰত, যি তোমাৰ প্ৰতি অৱতীৰ্ণ কৰা হৈছে আৰু যি তোমাৰ পূৰ্বে অৱতীৰ্ণ কৰা হৈছিল আৰু আখিৰাতৰ প্ৰতি তেওঁলোক পূৰ্ণ বিশ্বাসী।

যিসকলে গায়েব (অদৃশ্য)ৰ প্ৰতি বিশ্বাস স্থাপন কৰে। গায়েবৰ দ্বাৰা সেইসকল বস্তুক বুজোৱা হৈছে, যিবোৰ আমাৰ ইন্দ্ৰিয়ৰে গমি চোৱা অসম্ভৱ। কিন্তু সেই বিষয়ে আল্লাহ আৰু তেওঁৰ ৰাছুলে আমাক জনাইছে। যেনে- আখিৰাত দিৱস। তেওঁলোকেই ( অৰ্থাৎ সেই বিশ্বাস স্থাপনকাৰী সকলে) আল্লাহে দেখুৱাই দিয়া নিয়মানুসাৰে চৰ্ত, আৰকান, ৱাজিবাত আৰু ছুন্নতসমূহৰ সৈতে ছালাত প্ৰতিষ্ঠা কৰে। তেওঁলোকেই আল্লাহে দিয়া সম্পদ ছোৱাবৰ উদ্দেশ্যে (আল্লাহৰ পথত) ব্যয় কৰে। যেনে- যাকাত, নফল চাদাক্বা। হে নবী! তেওঁলোকেই তোমাৰ ওপৰত আৰু তোমাৰ পূৰ্বৱৰ্তী সকলো নবীৰ ওপৰত অৱতীৰ্ণ হোৱা অহীৰ প্ৰতি বিনা ভেদভাৱ বিশ্বাস কৰে। তেওঁলোকেই আখিৰাত আৰু ইয়াৰ প্ৰতিদান ও শাস্তিৰ প্ৰতি দৃঢ় বিশ্বাস পোষণ কৰে।


اُولٰٓىِٕكَ عَلٰی هُدًی مِّنْ رَّبِّهِمْ ۗ وَاُولٰٓىِٕكَ هُمُ الْمُفْلِحُوْنَ ٥

5. তেওঁলোকেই নিজ প্ৰতিপালকৰ নিৰ্দেশিত হিদায়তৰ ওপৰত আছে আৰু তেওঁলোকেই সাফল্যমণ্ডিত।

এইবোৰ বৈশিষ্টৰ ব্যক্তিসকলেই হিদায়তৰ পথত পৰিচালিত আৰু এওঁলোকেই পৃথিৱী আৰু আখিৰাতত সাফল্যমণ্ডিত। তেওঁলোকে নিজৰ আকাংক্ষিত বস্তুসমূহ লাভ কৰিব আৰু যিটোৰ পৰা তেওঁলোকে ভয় কৰিছিল তাৰ পৰা মুক্তি লাভ কৰিব।

উক্ত আয়াতসমূহৰ পৰা কেইটামান শিক্ষণীয় বিষয়:
• সন্দেহৰ পৰা পৱিত্ৰতাৰ পূৰ্ণ ভৰষাই এই কথা প্ৰমাণ কৰে যে, কোৰআন আল্লাহৰ কিতাপ। কিয়নো কোনো সৃষ্টিৰ পক্ষে নিজৰ কালাম সম্পৰ্কে এনেকুৱা ডাঙৰ দাবী কৰা কেতিয়াও সম্ভৱ নহয়।
• কোৰআনৰ মহান হিদায়তসমূহৰ পৰা কেৱল সেই সকল লোকেই লাভৱান হয় যিসকলে আল্লাহক ভয় কৰে আৰু তেওঁক সন্মান কৰে।
• গায়েবৰ প্ৰতি বিশ্বাস স্থাপন হৈছে উচ্চ পৰ্যায়ৰ ঈমান। কিয়নো এয়া আল্লাহ তাআলাৰ গায়েব সম্পৰ্কীয় জ্ঞান আৰু এই বিষয়ে ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে প্ৰদান কৰা দিক নিৰ্দেশনাৰ প্ৰতি আত্মসমৰ্পনৰ অন্তৰ্ভূক্ত।
• আল্লাহ তাআলাই অধিকাংশ ঠাইত ছালাত আৰু যাকাতক একেলগে উল্লেখ কৰিছে। কিয়নো ছালাত হৈছে নিষ্ঠাৰ সৈতে কৰা আল্লাহৰ ইবাদত। আৰু যাকাত হৈছে বান্দাৰ প্ৰতি কৰা উপকাৰ। আৰু এই দুটা বস্তুৱেই সৌভাগ্য আৰু মুক্তিৰ শিৰোনাম।
• আল্লাহৰ প্ৰতি ঈমান আৰু নেক আমলে মানুহক পাৰ্থিৱ জীৱনত হিদায়ত আৰু তাওফীকৰ লগতে আখিৰাতত সফলতা আৰু কল্যাণৰ অধিকাৰী বনায়।


اِنَّ الَّذِیْنَ كَفَرُوْا سَوَآءٌ عَلَیْهِمْ ءَاَنْذَرْتَهُمْ اَمْ لَمْ تُنْذِرْهُمْ لَا یُؤْمِنُوْنَ ٦

6. নিশ্চয় যিসকলে কুফৰী কৰিছে, তুমি সিহঁতক সতৰ্ক কৰা বা নকৰা একেই কথা, সিহঁতে ঈমান পোষণ নকৰিব।

ঈমান পোষণ নকৰাকৈ বিভ্ৰান্তিত অব্যাহত থকাৰ কাৰণে তথা সিহঁতৰ স্বৈৰাচাৰিতাৰ কাৰণে যিসকলৰ ওপৰত আল্লাহৰ বাণী সাব্যস্ত হৈছে, সিহঁতৰ ক্ষেত্ৰত আপোনাৰ এই সতৰ্কবাণীৰ কোনো মূল্য নাই। আপুনি সিহঁতক সতৰ্ক কৰক বা নকৰক, সিহঁতৰ ওপৰত কোনো প্ৰভাৱ নপৰে।


خَتَمَ اللّٰهُ عَلٰی قُلُوْبِهِمْ وَعَلٰی سَمْعِهِمْ ؕ وَعَلٰۤی اَبْصَارِهِمْ غِشَاوَةٌ ؗ وَّلَهُمْ عَذَابٌ عَظِیْمٌ ٧

7. আল্লাহে সিহঁতৰ হৃদয়সমূহ আৰু সিহঁতৰ শ্ৰৱণশক্তিৰ ওপৰত মোহৰ মাৰি দিছে আৰু সিহঁতৰ দৃষ্টিৰ ওপৰত আছে আৱৰণ। লগতে সিহঁতৰ বাবে আছে মহাশাস্তি।

কাৰণ আল্লাহে সিহঁতৰ অন্তৰত মোহৰ মাৰি দিছে। আৰু সিহঁতৰ অন্তৰত থকা বাতিল ধাৰণাসহ সিহঁতৰ অন্তৰ বন্ধ কৰি দিছে। সিহঁতৰ কাণত মোহৰ মাৰি দিছে, সেয়ে সিহঁতে সত্য গ্ৰহণ তথা অনুসৰণৰ উদ্দেশ্যে শুনিব নোৱাৰে। আৰু সিহঁতৰ চকুৰ ওপৰত দিয়া আছে আৱৰণ, এতেকে সত্য স্পষ্ট হোৱাৰ পিছতো সিহঁতে সেয়া দেখিব নোৱাৰে; আৰু সিহঁতৰ বাবে আখিৰাতত আছে কষ্টদায়ক মহাশাস্তি।


وَمِنَ النَّاسِ مَنْ یَّقُوْلُ اٰمَنَّا بِاللّٰهِ وَبِالْیَوْمِ الْاٰخِرِ وَمَا هُمْ بِمُؤْمِنِیْنَ ٨

8. আৰু মানুহৰ মাজত এনেকুৱা কিছুমান মানুহো আছে যিসকলে কয়, ‘আমি আল্লাহ আৰু শেষ দিৱসৰ প্ৰতি ঈমান আনিছোঁ’, অথচ সিহঁত মুমিন নহয়।

মানুহৰ ভিতৰত এনেকুৱা এটা দল আছে যিসকলে নিজকে মুমিন বুলি দাবী কৰে। প্ৰকৃততে প্ৰাণ আৰু সম্পদৰ ভয়ত কেৱল এইটো মৌখিক দাবী মাত্ৰ। দৰাচলতে আভ্যন্তৰীণভাৱে সিহঁত কাফিৰ।


یُخٰدِعُوْنَ اللّٰهَ وَالَّذِیْنَ اٰمَنُوْا ۚ وَمَا یَخْدَعُوْنَ اِلَّاۤ اَنْفُسَهُمْ وَمَا یَشْعُرُوْنَ ٩

9. সিহঁতে আল্লাহ আৰু মুমিনসকলক প্ৰতাৰিত কৰিব বিচাৰে, প্ৰকৃততে সিহঁত নিজেই নিজকে প্ৰতাৰিত কৰি আছে, অথচ সিহঁতে সেয়া অনুধাৱন কৰিব নোৱাৰে।

ইহঁতৰ অজ্ঞানতাৰ কাৰণে ইহঁতে ভাবে যে, ইহঁতে ঈমান দেখুৱাই আৰু কুফৰ গোপন কৰি আল্লাহ আৰু মুমিনসকলক প্ৰতাৰিত কৰি আছে। অথচ সিহঁতে সেয়া অনুধাৱন নকৰে। কিয়নো আল্লাহে প্ৰকাশ্য অপ্ৰকাশ্য সকলো বিষয়েই জানে ফলত আল্লাহে মুমিনসকলক সিহঁতৰ আচৰণ আৰু অৱস্থা সম্পৰ্কে অৱগত কৰাই দিছে।


فِیْ قُلُوْبِهِمْ مَّرَضٌ ۙ فَزَادَهُمُ اللّٰهُ مَرَضًا ۚ وَلَهُمْ عَذَابٌ اَلِیْمٌۢ ۙ۬ بِمَا كَانُوْا یَكْذِبُوْنَ ١٠

10. সিহঁতৰ অন্তৰসমূহত আছে ব্যাধি। এতেকে আল্লাহে সিহঁতৰ ব্যাধি আৰু বৃদ্ধি কৰি দিছে, আৰু সিহঁতৰ বাবে আছে কষ্টদায়ক শাস্তি, কাৰণ সিহঁত মিছলীয়া।

কাৰণ সিহঁতৰ অন্তৰত আছে সন্দেহ। ফলত আল্লাহে সিহঁতৰ সন্দেহ আৰু বৃদ্ধি কৰি দিছে। কিয়নো প্ৰতিদান কৰ্মৰ অনুৰূপ বস্তুৰে দিয়া হয়। সিহঁতক জাহান্নামৰ আটাইতকৈ নিম্ন স্থানত নিক্ষেপ কৰি কষ্টদায়ক শাস্তি দিয়া হব। কিয়নো সিহঁতে আল্লাহৰ লগত আৰু মনুহৰ লগত মিছা কৈছিল (মুমিন বুলি বহিঃপ্ৰকাশ কৰিছিল কিন্তু সিহঁত ঈমান অনা নাছিল)। লগতে মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামে লৈ অহা জীৱন ব্যৱস্থাকো অস্বীকাৰ কৰিছিল।


وَاِذَا قِیْلَ لَهُمْ لَا تُفْسِدُوْا فِی الْاَرْضِ ۙ قَالُوْۤا اِنَّمَا نَحْنُ مُصْلِحُوْنَ ١١

11. আৰু যেতিয়া সিহঁতক কোৱা হয়, 'তোমালোকে পৃথিৱীত ফাছাদ (বিপৰ্যয়) সৃষ্টি নকৰিবা', সিহঁতে কয়, 'আমি কেৱল সংশোধনকাৰীহে'।




اَلَاۤ اِنَّهُمْ هُمُ الْمُفْسِدُوْنَ وَلٰكِنْ لَّا یَشْعُرُوْنَ ١٢

12. সাৱধান! ইহঁতেই ফাছাদ সৃষ্টিকাৰী, কিন্তু সিহঁতে সেয়া অনুধাৱন নকৰে।




وَاِذَا قِیْلَ لَهُمْ اٰمِنُوْا كَمَاۤ اٰمَنَ النَّاسُ قَالُوْۤا اَنُؤْمِنُ كَمَاۤ اٰمَنَ السُّفَهَآءُ ؕ اَلَاۤ اِنَّهُمْ هُمُ السُّفَهَآءُ وَلٰكِنْ لَّا یَعْلَمُوْنَ ١٣

13. আৰু যেতিয়া সিহঁতক কোৱা হয়, 'তোমালোকে ঈমান পোষণ কৰা, যেনেকৈ লোকসকলে ঈমান পোষণ কৰিছে', সিহঁতে কয়, 'আমিও তেনেকৈ ঈমান আনিম নেকি যেনেকৈ নিৰ্বোধ লোকসকলে ঈমান আনিছে'? সাৱধান! নিশ্চয় সিহঁতেই নিৰ্বোধ, কিন্তু সিহঁতে নাজানে।




وَاِذَا لَقُوا الَّذِیْنَ اٰمَنُوْا قَالُوْۤا اٰمَنَّا ۖۚ وَاِذَا خَلَوْا اِلٰی شَیٰطِیْنِهِمْ ۙ قَالُوْۤا اِنَّا مَعَكُمْ ۙ اِنَّمَا نَحْنُ مُسْتَهْزِءُوْنَ ١٤

14. আৰু যেতিয়া সিহঁতে মুমিনসকলৰ লগত সাক্ষাৎ কৰে, তেতিয়া সিহঁতে কয়, ‘আমি ঈমান আনিছোঁ’, আৰু যেতিয়া সিহঁতে অকলশৰীয়াকৈ সিহঁতৰ চয়তানসকলৰ লগত একত্ৰিত হয়, তেতিয়া কয়, ‘নিশ্চয় আমি তোমালোকৰ লগতেই আছোঁ’। আমি কেৱল উপহাসহে কৰোঁ'।




اَللّٰهُ یَسْتَهْزِئُ بِهِمْ وَیَمُدُّهُمْ فِیْ طُغْیَانِهِمْ یَعْمَهُوْنَ ١٥

15. আল্লাহেও সিহঁতৰ সৈতে উপহাসহে কৰে আৰু সিহঁতক সিহঁতৰ অবাধ্যতাৰ মাজত বিভ্ৰান্তৰ দৰে ঘূৰি ফুৰাৰ অৱকাশ দিয়ে।




اُولٰٓىِٕكَ الَّذِیْنَ اشْتَرَوُا الضَّلٰلَةَ بِالْهُدٰی فَمَا رَبِحَتْ تِّجَارَتُهُمْ وَمَا كَانُوْا مُهْتَدِیْنَ ١٦

16. ইহঁতেই সেইসকল লোক, যিসকলে হিদায়তৰ বিনিময়ত ভ্ৰষ্টতা কিনি লৈছে। কিন্তু সিহঁতৰ ব্যৱসায় লাভজনক হোৱা নাই, আৰু সিহঁত হিদায়তপ্ৰাপ্তও নহয়।




مَثَلُهُمْ كَمَثَلِ الَّذِی اسْتَوْقَدَ نَارًا ۚ فَلَمَّاۤ اَضَآءَتْ مَا حَوْلَهٗ ذَهَبَ اللّٰهُ بِنُوْرِهِمْ وَتَرَكَهُمْ فِیْ ظُلُمٰتٍ لَّا یُبْصِرُوْنَ ١٧

17. সিহঁতৰ উদাহৰণ সেই ব্যক্তিৰ দৰে, যিয়ে জুই জ্বলালে। তাৰপিছত যেতিয়া সেই জুয়ে তাৰ চাৰিওফালে আলোকিত কৰিলে, তেতিয়া আল্লাহে সিহঁতৰ জ্যোতি অপসাৰণ কৰি ল’লে আৰু সিহঁতক এনেকুৱা অন্ধকাৰত এৰি দিলে যে, সিহঁত দেখিবলৈ নোপোৱা হ’ল।




صُمٌّۢ بُكْمٌ عُمْیٌ فَهُمْ لَا یَرْجِعُوْنَ ١٨

18. সিহঁত কলা, বোবা, অন্ধ। সেয়ে সিহঁত আৰু উভতি নাহিব।




اَوْ كَصَیِّبٍ مِّنَ السَّمَآءِ فِیْهِ ظُلُمٰتٌ وَّرَعْدٌ وَّبَرْقٌ ۚ یَجْعَلُوْنَ اَصَابِعَهُمْ فِیْۤ اٰذَانِهِمْ مِّنَ الصَّوَاعِقِ حَذَرَ الْمَوْتِ ؕ وَاللّٰهُ مُحِیْطٌۢ بِالْكٰفِرِیْنَ ١٩

19. অথবা (সিহঁতৰ উদাহৰণ) ধাৰাসাৰ বৰষুণৰ দৰে, য'ত আছে ঘোৰ অন্ধকাৰ, বজ্ৰধ্বনি আৰু বিদ্যুতৰ চমক। সিহঁতে বজ্ৰধ্বনিৰ সময়ত মৃত্যুৰ ভয়ত আঙুলিৰে কাণত সোপা দিয়ে, আৰু আল্লাহে কাফিৰসকলক চাৰিওফালৰ পৰা আগুৰি আছে।




یَكَادُ الْبَرْقُ یَخْطَفُ اَبْصَارَهُمْ ؕ كُلَّمَاۤ اَضَآءَ لَهُمْ مَّشَوْا فِیْهِ ۙۗ وَاِذَاۤ اَظْلَمَ عَلَیْهِمْ قَامُوْا ؕ وَلَوْ شَآءَ اللّٰهُ لَذَهَبَ بِسَمْعِهِمْ وَاَبْصَارِهِمْ ؕ اِنَّ اللّٰهَ عَلٰی كُلِّ شَیْءٍ قَدِیْرٌ ٢٠

20. এনে লাগে যেন বিজুলীৰ চমকনিয়ে সিহঁতৰ দৃষ্টিশক্তি হৰণ কৰি নিবহি। যেতিয়াই অলপ সিহঁতৰ বাবে পোহৰ হয় তেতিয়াই সিহঁত আগবাঢ়ি যায় আৰু যেতিয়াই অন্ধকাৰ হয় তেতিয়াই সিহঁত থমকি ৰয়। আল্লাহে ইচ্ছা কৰিলে সিহঁতৰ শ্ৰৱণশক্তি আৰু দৃষ্টিশক্তি হৰণ কৰিব পাৰিলেহেঁতেন। নিশ্চয় আল্লাহ সকলো বস্তুৰ ওপৰত ক্ষমতাৱান।




یٰۤاَیُّهَا النَّاسُ اعْبُدُوْا رَبَّكُمُ الَّذِیْ خَلَقَكُمْ وَالَّذِیْنَ مِنْ قَبْلِكُمْ لَعَلَّكُمْ تَتَّقُوْنَ ٢١

21. হে মানৱ সম্প্ৰদায়! তোমালোকে তোমালোকৰ সেই ৰব (প্ৰতিপালক)ৰ ইবাদত কৰা, যিজনে তোমালোকক আৰু তোমালোকৰ পূৰ্বৱৰ্তীসকলক সৃষ্টি কৰিছে, যাতে তোমালোকে তাক্বৱাৰ অধিকাৰী হ’ব পাৰা।




الَّذِیْ جَعَلَ لَكُمُ الْاَرْضَ فِرَاشًا وَّالسَّمَآءَ بِنَآءً وَّاَنْزَلَ مِنَ السَّمَآءِ مَآءً فَاَخْرَجَ بِهٖ مِنَ الثَّمَرٰتِ رِزْقًا لَّكُمْ ۚ فَلَا تَجْعَلُوْا لِلّٰهِ اَنْدَادًا وَّاَنْتُمْ تَعْلَمُوْنَ ٢٢

22. যিজনে তোমালোকৰ বাবে পৃথিৱীখনক বিছনা কৰি দিছে আৰু আকাশখনক কৰি দিছে চাল, আৰু আকাশৰ পৰা পানী অৱতীৰ্ণ কৰি তাৰ দ্বাৰা তোমালোকৰ জীৱিকাৰ বাবে ফলমূল উৎপাদন কৰিছে। গতিকে তোমালোকে জানি-শুনি কাকো আল্লাহৰ সমকক্ষ থিৰ নকৰিবা।




وَاِنْ كُنْتُمْ فِیْ رَیْبٍ مِّمَّا نَزَّلْنَا عَلٰی عَبْدِنَا فَاْتُوْا بِسُوْرَةٍ مِّنْ مِّثْلِهٖ وَادْعُوْا شُهَدَآءَكُمْ مِّنْ دُوْنِ اللّٰهِ اِنْ كُنْتُمْ صٰدِقِیْنَ ٢٣

23. আমি আমাৰ বান্দাৰ ওপৰত যি অৱতীৰ্ণ কৰিছোঁ তাত যদি তোমালোকৰ কোনো সন্দেহ থাকে তেন্তে ইয়াৰ অনুৰূপ কোনো এটা ছুৰা ৰচনা কৰি আনা আৰু আল্লাহৰ বাহিৰে তোমালোকৰ সকলো সাক্ষী-সহায়কাৰীক আহ্বান কৰা, যদিহে তোমালোকে সত্যবাদী হোৱা।




فَاِنْ لَّمْ تَفْعَلُوْا وَلَنْ تَفْعَلُوْا فَاتَّقُوا النَّارَ الَّتِیْ وَقُوْدُهَا النَّاسُ وَالْحِجَارَةُ ۖۚ اُعِدَّتْ لِلْكٰفِرِیْنَ ٢٤

24. এতেকে যদি তোমালোকে এনে নকৰা- আৰু তোমালোকে এইটো কেতিয়াও কৰিব নোৱাৰিবা, তেনেহ’লে সেই জুইৰ পৰা বাচিবলৈ ব্যৱস্থা কৰা যাৰ ইন্ধন হ’ব মানুহ আৰু শিল, যিটো প্ৰস্তুত কৰা হৈছে কাফিৰসকলৰ বাবে।




وَبَشِّرِ الَّذِیْنَ اٰمَنُوْا وَعَمِلُوا الصّٰلِحٰتِ اَنَّ لَهُمْ جَنّٰتٍ تَجْرِیْ مِنْ تَحْتِهَا الْاَنْهٰرُ ؕ كُلَّمَا رُزِقُوْا مِنْهَا مِنْ ثَمَرَةٍ رِّزْقًا ۙ قَالُوْا هٰذَا الَّذِیْ رُزِقْنَا مِنْ قَبْلُ ۙ وَاُتُوْا بِهٖ مُتَشَابِهًا ؕ وَلَهُمْ فِیْهَاۤ اَزْوَاجٌ مُّطَهَّرَةٌ ۙۗ وَّهُمْ فِیْهَا خٰلِدُوْنَ ٢٥

25. আৰু যিসকলে ঈমান আনিছে আৰু সৎকৰ্ম কৰিছে তেওঁলোকক সুসংবাদ দিয়ক যে, তেওলোকৰ বাবে আছে জান্নাত, যাৰ তলেদি নদী প্ৰবাহিত হয়, যেতিয়াই তেওঁলোকক তাৰ পৰা কোনো ফল খাবলৈ দিয়া হ’ব, তেতিয়াই তেওঁলোকে ক’ব, ইতিপুৰ্বে আমাক এই ধৰণৰ ফল খাবলৈ দিয়া হৈছিল, কাৰণ তেওঁলোকক ফলমূল সাদৃশ্যপূৰ্ণ কৰি দিয়া হ’ব আৰু তেওঁলোকৰ বাবে তাত থাকিব পৱিত্ৰা-সঙ্গিনী, আৰু তাত তেওঁলোক চিৰকাল থাকিব।




اِنَّ اللّٰهَ لَا یَسْتَحْیٖۤ اَنْ یَّضْرِبَ مَثَلًا مَّا بَعُوْضَةً فَمَا فَوْقَهَا ؕ فَاَمَّا الَّذِیْنَ اٰمَنُوْا فَیَعْلَمُوْنَ اَنَّهُ الْحَقُّ مِنْ رَّبِّهِمْ ۚ وَاَمَّا الَّذِیْنَ كَفَرُوْا فَیَقُوْلُوْنَ مَا ذَاۤ اَرَادَ اللّٰهُ بِهٰذَا مَثَلًا ۘ یُضِلُّ بِهٖ كَثِیْرًا ۙ وَّیَهْدِیْ بِهٖ كَثِیْرًا ؕ وَمَا یُضِلُّ بِهٖۤ اِلَّا الْفٰسِقِیْنَ ٢٦

26. নিশ্চয় আল্লাহে মহ অথবা তাতোকৈ ক্ষুদ্ৰ কোনো বস্তুৰ উপমা দিওঁতে সংকোচবোধ নকৰে। এতেকে যিসকলে ঈমান আনিছে তেওঁলোকে জানে যে, নিশ্চয় এইটো তেওঁলোকৰ প্ৰতিপালকৰ তৰফৰ পৰা সত্য; আৰু যিসকলে কুফৰী কৰিছে সিহঁতে কয় যে, 'আল্লাহে এই উপমাৰ দ্বাৰা কি বুজাব বিচাৰিছে'? তেওঁ ইয়াৰ দ্বাৰা বহুতকে বিভ্ৰান্ত কৰে আৰু বহুতকে হিদায়ত দিয়ে। আৰু তেওঁ ফাছিকসকলৰ বাহিৰে আন কাকো ইয়াৰ দ্বাৰা বিভ্ৰান্ত নকৰে।




الَّذِیْنَ یَنْقُضُوْنَ عَهْدَ اللّٰهِ مِنْۢ بَعْدِ مِیْثَاقِهٖ وَیَقْطَعُوْنَ مَاۤ اَمَرَ اللّٰهُ بِهٖۤ اَنْ یُّوْصَلَ وَیُفْسِدُوْنَ فِی الْاَرْضِ ؕ اُولٰٓىِٕكَ هُمُ الْخٰسِرُوْنَ ٢٧

27. যিসকলে আল্লাহৰ লগত দৃঢ় অংগীকাৰত আৱদ্ধ হোৱাৰ পিছত সেইটো ভংগ কৰে, আল্লাহে যি সম্পৰ্ক অটুট ৰাখিবলৈ নিৰ্দেশ দিছে সেইটো বিচ্ছিন্ন কৰে আৰু পৃথিৱীত বিপৰ্যয় সৃষ্টি কৰি ফুৰে, সিহঁতেই ক্ষতিগ্ৰস্থ।




كَیْفَ تَكْفُرُوْنَ بِاللّٰهِ وَكُنْتُمْ اَمْوَاتًا فَاَحْیَاكُمْ ۚ ثُمَّ یُمِیْتُكُمْ ثُمَّ یُحْیِیْكُمْ ثُمَّ اِلَیْهِ تُرْجَعُوْنَ ٢٨

28. তোমালোকে কেনেকৈ আল্লাহৰ লগত কুফৰী কৰা? অথচ তোমালোক প্ৰাণহীন আছিলা। তাৰ পিছত তেৱেঁই তোমালোকক জীৱিত কৰিছে আকৌ তেৱেঁই তোমালোকৰ মৃত্যু ঘটাব, তাৰ পিছত পুনৰ জীৱিত কৰিব আৰু তাৰ পিছত তোমালোকক তেওঁৰ ওচৰলৈকেই ওভতাই নিয়া হ’ব।




هُوَالَّذِیْ خَلَقَ لَكُمْ مَّا فِی الْاَرْضِ جَمِیْعًا ۗ ثُمَّ اسْتَوٰۤی اِلَی السَّمَآءِ فَسَوّٰىهُنَّ سَبْعَ سَمٰوٰتٍ ؕ وَهُوَبِكُلِّ شَیْءٍ عَلِیْمٌ ٢٩

29. তেৱেঁই পৃথিৱীৰ সকলো বস্তু তোমালোকৰ বাবে সৃষ্টি কৰিছে। তাৰ পিছত তেওঁ আকাশৰ পিনে মনোনিবেশ কৰি সেইটোক সাতখন আকাশত বিন্যস্ত কৰিছে; আৰু তেওঁ সকলো বস্তু সম্পৰ্কে সবিশেষ অৱগত।




وَاِذْ قَالَ رَبُّكَ لِلْمَلٰٓىِٕكَةِ اِنِّیْ جَاعِلٌ فِی الْاَرْضِ خَلِیْفَةً ؕ قَالُوْۤا اَتَجْعَلُ فِیْهَا مَنْ یُّفْسِدُ فِیْهَا وَیَسْفِكُ الدِّمَآءَ ۚ وَنَحْنُ نُسَبِّحُ بِحَمْدِكَ وَنُقَدِّسُ لَكَ ؕ قَالَ اِنِّیْۤ اَعْلَمُ مَا لَا تَعْلَمُوْنَ ٣٠

30. আৰু স্মৰণ কৰা, যেতিয়া তোমাৰ প্ৰতিপালকে ফিৰিস্তাসকলক ক’লে, নিশ্চয় মই পৃথিৱীত খলিফা সৃষ্টি কৰিবলৈ থিৰ কৰিছোঁ। তেওঁলোকে ক’লে, তুমি পৃথিৱীত এনে এটা জীৱ সৃষ্টি কৰিব বিচৰা নেকি, যিয়ে পৃথিৱীত বিপৰ্যয় সৃষ্টি কৰিব আৰু তেজ প্ৰবাহিত কৰিব? আৰু আমিতো তোমাৰ হাম্দসহ তছবীহ পাঠ কৰোৱেঁই লগতে তোমাৰ পৱিত্ৰতাও ঘোষণা কৰোঁ। তেওঁ ক’লে, নিশ্চয় মই যিটো জানো তোমালোকে সেইটো নাজানা।