وَالسَّمَآءِ ذَاتِ الْبُرُوْجِ ١
1. শপত বুৰূজবিশিষ্ট আকাশৰ,
وَالْیَوْمِ الْمَوْعُوْدِ ٢
2. শপত প্ৰতিশ্ৰুতিকৃত দিৱসৰ,
وَشَاهِدٍ وَّمَشْهُوْدٍ ٣
3. শপত দ্ৰষ্টা আৰু দৃষ্টৰ,
قُتِلَ اَصْحٰبُ الْاُخْدُوْدِ ٤
4. অভিশপ্ত হৈছিল অগ্নিকুণ্ডৰ অধিপতিসকল,
النَّارِ ذَاتِ الْوَقُوْدِ ٥
5. য’ত আছিল ইন্ধনপূৰ্ণ জুই।
اِذْ هُمْ عَلَیْهَا قُعُوْدٌ ٦
6. যেতিয়া সিহঁত ইয়াৰ কাষত উপবিষ্ট আছিল;
وَهُمْ عَلٰی مَا یَفْعَلُوْنَ بِالْمُؤْمِنِیْنَ شُهُوْدٌ ٧
7. আৰু সিহঁতে মুমিনসকলৰ লগত যি কৰিছিল সেয়া প্ৰত্যক্ষ কৰিছিল।
وَمَا نَقَمُوْا مِنْهُمْ اِلَّاۤ اَنْ یُّؤْمِنُوْا بِاللّٰهِ الْعَزِیْزِ الْحَمِیْدِ ٨
8. আৰু সিহঁতে তেওঁলোকক নিৰ্যাতন কৰিছিল কেৱল এই কাৰণে যে, তেওঁলোকে ঈমান আনিছিল পৰাক্ৰমশালী আৰু প্ৰশংসাৰযোগ্য আল্লাহৰ ওপৰত
الَّذِیْ لَهٗ مُلْكُ السَّمٰوٰتِ وَالْاَرْضِ ؕ وَاللّٰهُ عَلٰی كُلِّ شَیْءٍ شَهِیْدٌ ٩
9. যাৰ অধিকাৰত আছে আকাশ আৰু পৃথিৱীৰ সাৰ্বভৌম কৰ্তৃত্ব; আৰু আল্লাহ সকলো বস্তুৰ প্ৰত্যক্ষদৰ্শী।
اِنَّ الَّذِیْنَ فَتَنُوا الْمُؤْمِنِیْنَ وَالْمُؤْمِنٰتِ ثُمَّ لَمْ یَتُوْبُوْا فَلَهُمْ عَذَابُ جَهَنَّمَ وَلَهُمْ عَذَابُ الْحَرِیْقِ ١٠
10. নিশ্চয় যিসকলে মুমিন পুৰুষ আৰু মুমিনা নাৰীসকলক বিপদাপন্ন কৰিছে তাৰ পিছত তাওবা কৰা নাই, সিহঁতৰ বাবে আছে জাহান্নামৰ শাস্তি, লগতে সিহঁতৰ বাবে আছে দহন যন্ত্ৰণা।
اِنَّ الَّذِیْنَ اٰمَنُوْا وَعَمِلُوا الصّٰلِحٰتِ لَهُمْ جَنّٰتٌ تَجْرِیْ مِنْ تَحْتِهَا الْاَنْهٰرُ ؔؕ۬ ذٰلِكَ الْفَوْزُ الْكَبِیْرُ ١١
11. নিশ্চয় যিসকলে ঈমান আনিছে আৰু সৎকৰ্ম কৰিছে তেওঁলোকৰ বাবে আছে জান্নাত, যাৰ তলত নদীমালা প্ৰবাহিত; এইটোৱে হৈছে মহাসফলতা
اِنَّ بَطْشَ رَبِّكَ لَشَدِیْدٌ ١٢
12. নিশ্চয় তোমাৰ প্ৰতিপালকৰ গ্ৰেপ্তাৰী অতি কঠোৰ।
اِنَّهٗ هُوَیُبْدِئُ وَیُعِیْدُ ١٣
13. তেৱেঁই অস্তিত্ব প্ৰদান কৰে আৰু তেৱেঁই পুনৰাৱৰ্তন ঘটায়,
وَهُوَالْغَفُوْرُ الْوَدُوْدُ ١٤
14. নিশ্চয় তেওঁ ক্ষমাশীল, অতি স্নেহশীল।
ذُو الْعَرْشِ الْمَجِیْدُ ١٥
15. আৰছৰ অধিপতি, সন্মানিত।
فَعَّالٌ لِّمَا یُرِیْدُ ١٦
16. তেওঁ যি বিচাৰে সেইটোৱে কৰে।
هَلْ اَتٰىكَ حَدِیْثُ الْجُنُوْدِ ١٧
17. তোমাৰ ওচৰলৈ সৈন্যবাহিনীৰ বৃত্তান্ত আহি পাইছেনে?
فِرْعَوْنَ وَثَمُوْدَ ١٨
18. ফিৰআউনৰ আৰু ছামূদৰ।
بَلِ الَّذِیْنَ كَفَرُوْا فِیْ تَكْذِیْبٍ ١٩
19. তথাপিও কাফিৰসকল মিথ্যাৰোপ কৰাত লিপ্ত;
وَاللّٰهُ مِنْ وَّرَآىِٕهِمْ مُّحِیْطٌ ٢٠
20. আৰু আল্লাহে সিহঁতক কেউফালৰ পৰা পৰিবেষ্টন কৰি আছে।
بَلْ هُوَقُرْاٰنٌ مَّجِیْدٌ ٢١
21. প্ৰকৃততে এইখন হৈছে সন্মানিত কোৰআন,
فِیْ لَوْحٍ مَّحْفُوْظٍ ٢٢
22. সুৰক্ষিত ফলকত লিপিবদ্ধ।