وَالْفَجْرِ ١
1. ফজৰৰ সময়ৰ শপত,
وَلَیَالٍ عَشْرٍ ٢
2. শপত দহ ৰাতিৰ,
وَالشَّفْعِ وَالْوَتْرِ ٣
3. শপত যোৰ আৰু বিযোৰৰ,
وَالَّیْلِ اِذَا یَسْرِ ٤
4. আৰু ৰাতিৰ শপত যেতিয়া ই বিদায় লয়,
هَلْ فِیْ ذٰلِكَ قَسَمٌ لِّذِیْ حِجْرٍ ٥
5. ইয়াৰ মাজত বোধসম্পন্ন ব্যক্তিৰ বাবে দৃঢ় প্ৰমাণ নাইনে?
اَلَمْ تَرَ كَیْفَ فَعَلَ رَبُّكَ بِعَادٍ ٦
6. তুমি দেখা নাইনে, তোমাৰ প্ৰতিপালকে আদ সম্প্ৰদায়ৰ লগত কি আচৰণ কৰিছিল?
اِرَمَ ذَاتِ الْعِمَادِ ٧
7. ইৰাম গোত্ৰৰ লগত, যিসকল আছিল সুউচ্চ প্ৰাসাদৰ অধিকাৰী?
الَّتِیْ لَمْ یُخْلَقْ مِثْلُهَا فِی الْبِلَادِ ٨
8. যাৰ সমতুল্য (জাতি) কোনো দেশতে সৃষ্টি কৰা হোৱা নাই;
وَثَمُوْدَ الَّذِیْنَ جَابُوا الصَّخْرَ بِالْوَادِ ٩
9. আৰু ছামূদ সম্প্ৰদায়ৰ লগত (কি আচৰণ কৰিছিল) যিসকলে ভৈয়ামত শিল কাটি ঘৰ নিৰ্মাণ কৰিছিল;
وَفِرْعَوْنَ ذِی الْاَوْتَادِ ١٠
10. আৰু শূলদণ্ডৰ অধিকাৰী ফিৰআউনৰ লগত (কি আচৰণ কৰিছিল)
الَّذِیْنَ طَغَوْا فِی الْبِلَادِ ١١
11. যিসকলে দেশত সীমালংঘন কৰিছিল,
فَاَكْثَرُوْا فِیْهَا الْفَسَادَ ١٢
12. তাৰ পিছত তাত অশান্তি বৃদ্ধি কৰিছিল।
فَصَبَّ عَلَیْهِمْ رَبُّكَ سَوْطَ عَذَابٍ ١٣
13. ফলত তোমাৰ প্ৰতিপালকে সিহঁতৰ ওপৰত শাস্তিৰ চাবুক মাৰিছিল।
اِنَّ رَبَّكَ لَبِالْمِرْصَادِ ١٤
14. নিশ্চয় তোমাৰ প্ৰতিপালকে সতৰ্ক দৃষ্টি ৰাখে।
فَاَمَّا الْاِنْسَانُ اِذَا مَا ابْتَلٰىهُ رَبُّهٗ فَاَكْرَمَهٗ وَنَعَّمَهٗ ۙ۬ فَیَقُوْلُ رَبِّیْۤ اَكْرَمَنِ ١٥
15. আৰু মানুহৰ প্ৰকৃতি এনেকুৱা যে, যেতিয়া তাৰ প্ৰতিপালকে তাক সন্মান আৰু অনুগ্ৰহ প্ৰদান কৰি পৰীক্ষা কৰে, তেতিয়া সি কয়, ‘মোৰ প্ৰতিপালকে মোক সন্মানিত কৰিছে’।
وَاَمَّاۤ اِذَا مَا ابْتَلٰىهُ فَقَدَرَ عَلَیْهِ رِزْقَهٗ ۙ۬ فَیَقُوْلُ رَبِّیْۤ اَهَانَنِ ١٦
16. আৰু যেতিয়া তাক পৰীক্ষা কৰিবলৈ তাৰ জীৱিকা সংকুচিত কৰি দিয়ে, তেতিয়া সি কয়, ‘মোৰ প্ৰতিপালকে মোক লাঞ্ছিত কৰিছে
كَلَّا بَلْ لَّا تُكْرِمُوْنَ الْیَتِیْمَ ١٧
17. কেতিয়াও নহয়, বৰং তোমালোকে এতীমক সমাদৰ নকৰা,
وَلَا تَحٰٓضُّوْنَ عَلٰی طَعَامِ الْمِسْكِیْنِ ١٨
18. আৰু তোমালোকে মিচকিনক খাদ্য প্ৰদান কৰিবলৈ পৰস্পৰে পৰস্পৰক উৎসাহিত নকৰা,
وَتَاْكُلُوْنَ التُّرَاثَ اَكْلًا لَّمًّا ١٩
19. আৰু তোমালোকে উত্তৰাধিকাৰৰ সম্পদ সম্পূৰ্ণৰূপে গ্ৰাস কৰি পেলোৱা,
وَتُحِبُّوْنَ الْمَالَ حُبًّا جَمًّا ٢٠
20. আৰু তোমালোকে ধন-সম্পদক অতিকৈ ভালপোৱা;
كَلَّاۤ اِذَا دُكَّتِ الْاَرْضُ دَكًّا دَكًّا ٢١
21. কেতিয়াও নহয়। যেতিয়া পৃথিৱীখনক চূৰ্ণ-বিচূৰ্ণ কৰা হ’ব,
وَجَآءَ رَبُّكَ وَالْمَلَكُ صَفًّا صَفًّا ٢٢
22. আৰু যেতিয়া তোমাৰ প্ৰতিপালকে আগমন কৰিব আৰু ফিৰিস্তাসকলে শাৰীবদ্ধভাৱে উপস্থিত হ’ব,
وَجِایْٓءَ یَوْمَىِٕذٍۭ بِجَهَنَّمَ ۙ۬ یَوْمَىِٕذٍ یَّتَذَكَّرُ الْاِنْسَانُ وَاَنّٰی لَهُ الذِّكْرٰی ٢٣
23. আৰু সেইদিনা জাহান্নামক উপস্থিত কৰা হ’ব, সেইদিনা মানুহে স্মৰণ কৰিব, কিন্তু এই স্মৰণ তাৰ কেনেকৈ কামত আহিব?
یَقُوْلُ یٰلَیْتَنِیْ قَدَّمْتُ لِحَیَاتِیْ ٢٤
24. (তেতিয়া) সি ক’ব, ‘হায়! এই জীৱনৰ বাবে মই যদি কিবা অগ্ৰিম পঠালোঁহেঁতেন,
فَیَوْمَىِٕذٍ لَّا یُعَذِّبُ عَذَابَهٗۤ اَحَدٌ ٢٥
25. সেইদিনা তেওঁৰ শাস্তিৰ দৰে শাস্তি কোনেও দিব নোৱাৰিব।
وَلَا یُوْثِقُ وَثَاقَهٗۤ اَحَدٌ ٢٦
26. আৰু তেওঁৰ বান্ধোনৰ দৰে বান্ধোন আন কোনেও দিব নোৱাৰিব।
یٰۤاَیَّتُهَا النَّفْسُ الْمُطْمَىِٕنَّةُ ٢٧
27. হে প্ৰশান্ত আত্মা!
ارْجِعِیْۤ اِلٰی رَبِّكِ رَاضِیَةً مَّرْضِیَّةً ٢٨
28. তুমি তোমাৰ প্ৰতিপালকৰ ওচৰলৈ উভতি আহা সন্তুষ্ট আৰু সন্তোষভাজন হৈ,
فَادْخُلِیْ فِیْ عِبٰدِیْ ٢٩
29. লগতে মোৰ বান্দাসকলৰ অন্তৰ্ভুক্ত হৈ যোৱা,
وَادْخُلِیْ جَنَّتِیْ ٣٠
30. আৰু মোৰ জান্নাতত প্ৰৱেশ কৰা।