1. (আৰম্ভ কৰিছোঁ) পৰম কৰুণাময় পৰম দয়ালু আল্লাহৰ নামত।
এই ছুৰাটোৰ নাম ৰখা হৈছে “আল-ফাতিহা”, কাৰণ, ই কোৰআন মাজীদৰ আৰম্ভণিতে স্থান পাইছে, ইয়াৰ দ্বাৰাই আল-কোৰআনুল আজীমৰ পাতনি হয়, (আল-মুয়াচ্ছাৰ)। ছুৰা “আল-ফাতিহা” কোৰআন মাজীদৰ সৰ্বপ্ৰথম ছুৰা যিটো পূৰ্ণাঙ্গ ছুৰা হিচাপে ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ প্ৰতি অৱতীৰ্ণ হৈছে, (তাবাৰী, কাশ্শাফ)। কাৰণ ইয়াৰ আগত পূৰ্ণাঙ্গ কোনো ছুৰা অৱতীৰ্ণ হোৱা নাছিল।
ছুৰা আল-ফাতিহাৰ কেইবাটাও নাম আছে,
(১) ‘ফাতিহাতুল কিতাব’ কোৰআনৰ চাবি-কাঠি।
(২) ‘উম্মুল কিতাব’ আৰবী ভাষাত ‘উম্ম’ কোৱা হয় কেন্দ্ৰীয় মৰ্যাদাসম্পন্ন বস্তুক। ইমাম বুখাৰীয়ে কিতাবুত তাফছীৰৰ আৰম্ভণিতে লিখিছেঃ ইয়াৰ নাম ‘উম্মুল কিতাব’ এইবাবেই কোৱা হৈছে যে, কোৰআন লিখোতে আৰু পঢ়োতে এইটোৱেই প্ৰথম, আৰু চালাতৰ কেৰাআততো ইয়াক প্ৰথমে পাঠ কৰা হয়।
(৩) ‘ছুৰাতুচ চালাত’ বা চালাতৰ ছুৰা। যিহেতু সকলো চালাতৰ সকলো ৰাকাআততেই ইয়াক পাঠ কৰা হয় সেই বাবেই এই নামেৰে নামকৰণ কৰা হৈছে।
(৪) ‘আচ-ছাবউল মাছানী’ বাৰে বাৰে পাঠ কৰা সাতটা আয়াত। কাৰণ ছুৰা আল-ফাতিহাৰ সাতটা আয়াত আছে আৰু প্ৰত্যেক চালাতৰ প্ৰত্যেক ৰাকাআততেই ইয়াক পাঠ কৰা হয়। (আল-মুয়াচ্ছাৰ, তফছীৰ ইবনে কাছীৰ, আল-ইতকান, আত-তাফছীৰ আচ-ছাহীহ)
আয়াত সংখ্যাঃ এই বিষয়ে কাৰো দ্বিমত নাই যে, ছুৰা ফাতিহাত মুঠ সাতটা আয়াত আছে। এই বাবেই হাদীছত ইয়াক সাতটা পুনৰাবৃত্তিমূলক আয়াতৰ ছুৰা (আচ-ছাবউল মাছানী) বুলি কোৱা হৈছে। (বুখাৰীঃ ৪৭০৩) কোৰআনতো ইয়াক এই নামেৰে উল্লেখ কৰা হৈছে। (ছুৰা আল-হিজৰঃ ৮৭) কিন্তু বিছমিল্লাহ সম্পৰ্কে মতানৈক্য আছে যে, বিছমিল্লাহিৰ ৰহমানিৰ ৰাহীম এই ছুৰাৰ আয়াত হয় নে নহয়? এই বিষয়ে ক’ব পাৰি যে, কোনো কোনো চাহাবীয়ে ইয়াক ছুৰা ফাতিহাৰ আয়াত বুলি গণ্য কৰিছে। আনহাতে আন কিছুমান চাহাবীৰ মতে এইটো ছুৰা ফাতিহাৰ অংশ নহয়। কিন্তু মদীনা মুনাওৰাত সংৰক্ষিত কোৰআনত ইয়াক ছুৰা ফাতিহাৰ অংশ হিচাপে গণ্য কৰা হৈছে। আৰু যিসকলে ইয়াক ছুৰা ফাতিহাৰ আয়াত বুলি গণ্য নকৰে তেওঁলোকৰ মতে صِرَٰطَ ٱلَّذِينَ أَنۡعَمۡتَ عَلَيۡهِمۡ পৰ্যন্ত এটা আয়াত আৰু غَيۡرِ ٱلۡمَغۡضُوبِ عَلَيۡهِمۡ وَلَا ٱلضَّآلِّينَ লৈকে আন এটা আয়াত। (বাগভী)
অৱতীৰ্ণ কালঃ সঠিক আৰু গ্ৰহণযোগ্য মত হৈছে যে, ছুৰা আল-ফাতিহা মক্কাত অৱতীৰ্ণ। কাৰণ ছুৰা আল-হিজৰ সৰ্বসন্মতভাৱে মক্কী। ইয়াৰ ৮৭ নং আয়াতত কোৱা হৈছেঃ “আমি তোমাক সাতটা পুনৰাবৃত্তিমূলক আয়াত আৰু কোৰআনুল আজীম প্ৰদান কৰিছো”। ইয়াত সাতটা পুনৰাবৃত্তিমূলক আয়াতেই হৈছে ছুৰা আল-ফাতিহা। (বাগভী)
মাক্কী আৰু মাদানীঃ কোৰআন মাজীদৰ গোটেই ছুৰাসমূহক অৱতীৰ্ণ কাল হিচাপে ভাগ কৰা হৈছে। মক্কী বুলি সেই ছুৰাক কোৱা হয় যিটো হিজৰতৰ আগত অৱতীৰ্ণ হৈছে। যদিও সেই ছুৰা মক্কাতেই অৱতীৰ্ণ হওঁক অথবা তাৰ আশে-পাশে আন কোনোবা ঠাইত। আৰু মাদানী বুলি সেই ছুৰাক কোৱা হয় যিটো হিজৰতৰ পিছত অৱতীৰ্ণ হৈছে। যদিও সেই ছুৰা মদীনাত অৱতীৰ্ণ হওঁক অথবা তাৰ আশে-পাশে কোনো ঠাইত নাইবা দুৰৱৰ্তী আন কোনো ঠাইত। আনকি মক্কা আৰু তাৰ আশে-পাশে অৱতীৰ্ণ হ’লেও সেইটো মাদানী ছুৰা বুলি কোৱা হয়।
ছুৰা ফাতিহাৰ ফজিলতঃ ছুৰা ফাতিহাৰ ফজিলত সম্পৰ্কে অসংখ্য হাদীছ বৰ্ণিত হৈছে। যেনে- হাদীছে কুদছিত আহিছে, ৰাছুলুল্লাল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ আল্লাহ তা‘আলাই কৈছেঃ ‘মোৰ আৰু মোৰ বান্দাৰ মাজত চালাতক দুভাগত বিভক্ত কৰি দিছো, আৰু বান্দাৰ বাবে সেইটোৱে আছে যিটো সি বিচাৰে’। বান্দাই যেতিয়া কয় ٱلۡحَمۡدُ لِلَّهِ رَبِّ ٱلۡعَٰلَمِينَ তেতিয়া আল্লাহ তা‘আলাই কয়, ‘মোৰ বান্দাই মোৰ প্ৰশংসা কৰিছে’। আৰু যেতিয়া সি কয়, ٱلرَّحۡمَٰنِ ٱلرَّحِيمِ তেতিয়া আল্লাহ তা‘আলাই কয়, ‘মোৰ বান্দাই মোৰ গুণ গাই আছে’। আৰু যেতিয়া সি কয়, مَٰلِكِ يَوۡمِ ٱلدِّينِ তেতিয়া আল্লাহ তা‘আলাই কয়, ‘মোৰ বান্দাই মোক সন্মানেৰে ভূষিত কৰিছে’। আৰু যেতিয়া সি কয়,إِيَّاكَ نَعۡبُدُ وَإِيَّاكَ نَسۡتَعِينُ তেতিয়া আল্লাহ তা‘আলাই কয়, ‘এইটো মোৰ আৰু মোৰ বান্দাৰ মাজত, আৰু বান্দাৰ বাবে সেইটোৱে আছে যিটো সি বিচাৰে’। আৰু যেতিয়া সি কয় ٱهۡدِنَا ٱلصِّرَٰطَ ٱلۡمُسۡتَقِيمَ . صِرَٰطَ ٱلَّذِينَ أَنۡعَمۡتَ عَلَيۡهِمۡ غَيۡرِ ٱلۡمَغۡضُوبِ عَلَيۡهِمۡ وَلَا ٱلضَّآلِّينَ তেতিয়া আল্লাহ তা‘আলাই কয়, ‘এইটো কেৱল মোৰ বান্দাৰ বাবে, আৰু বান্দাৰ বাবে সেইটোৱে আছে যিটো সি বিচাৰে’। (মুছলিম ৩৯৫) আন এটা বৰ্ণনাত আহিছে। ৰাছুলুল্লাল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ ‘আল্লাহ তা‘আলাই ছুৰা ফাতিহাৰ দৰে কোনো ছুৰা তাওৰাত আৰু ইঞ্জিলতো অৱতীৰ্ণ কৰা নাই। আৰু সেইটো হৈছে, বাৰে বাৰে পাঠ কৰা পূনৰাবৃত্তিমূলক সাতটা আয়াত, যিটো আল্লাহ আৰু বান্দাৰ মাজত দুভাগত বিভক্ত’। (নাছায়ী ৯১৩, তিৰমিজী ৩১২৫) এতেকে এই ছুৰাৰ ফজিলত সম্পৰ্কে বৰ্ণিত হোৱা গোটেই হাদীছ পৰ্যালোচনা কৰিলে বুজা যায় যে, এই ছুৰাটো আটাইতকৈ মহান ছুৰা।
এই ছুৰাটোৰ ধৰণ আৰু গাঁথনি প্ৰাৰ্থনামূলক। মানুহে আল্লাহৰ ওচৰত কেনেকৈ প্ৰাৰ্থনা কৰিব আৰু সেই প্ৰাৰ্থনাৰ নিয়ম আৰু প্ৰণালী কেনেকুৱা হোৱা উচিত, আল্লাহৰ সন্মুখত মানুহৰ প্ৰকৃত স্থান ক’ত, আৰু মানুহৰ আক্বীদা বিশ্বাস কেনেকুৱা হোৱা উচিত, ইয়াৰ বাবে বিশুদ্ধ দ্বীন কোনটো হ’ব পাৰে, এই পৃথিৱীৰ অসংখ্য পথৰ মাজত হিদায়তৰ পথ বা আল্লাহৰ সন্তোষ লাভৰ পথ কোনটো, আৰু কেনেকুৱা পথ অৱলম্বন কৰিলে তেওঁৰ অভিশাপ নাযিল হয়, এই গোটেইবোৰ কথা এই ছুৰাৰ দ্বাৰা বিশ্ব মানৱৰ সন্মুখত দাঙি ধৰা হৈছে। আল্লাহৰ বিশেষ পৰিচয় আৰু গুণাৱলীৰ অনিবাৰ্য পৰিণতি হিচাপে কিয়ামত-বিচাৰৰ দিন আৰু ৰিছালত ও নবুওৱাতৰ উল্লেখ কৰা হৈছে। এইবোৰ কথা সন্মুখত ৰাখি এই ছুৰাক কোৰআনৰ ভূমিকা বুলি ক’ব পাৰি। আন কথাত ক’ব পাৰি যে, গোটেই কোৰআন এই সৰু ছুৰাটোৰে বিস্তাৰিত ব্যাখ্যা।
[1] কোৰআনে কাৰীম তিলাৱাৎ কৰাৰ আগত বিছমিল্লাহ পঢ়ি আল্লাহ তা‘আলাৰ সহায় বিচৰা হয়। “আল্লাহ” শব্দটো আল্লাহ তা‘আলাৰ নিজা বিশেষ নাম। আল্লাহৰ বাহিৰে আন কাৰো বাবে এই নাম ব্যৱহাৰ কৰা বৈধ নহয়। আল্লাহ শব্দৰ অৰ্থ (المعبود بحق دون سواه) অৰ্থাৎ তেওঁৰ বাহিৰে আন কোনোৱেই ইবাদতৰ উপযুক্ত নহয়। (মুয়াচ্ছাৰ)
ৰহমান আৰু ৰাহীম আল্লাহৰ গুণবাচক নাম। ‘ৰহম’ শব্দৰ অৰ্থ হৈছেঃ দয়া, অনুগ্ৰহ। এই ৰহম ধাতুৰ পৰাই গঠিত হৈছে ‘ৰহমান’ আৰু ‘ৰাহীম’। ৰহমান শব্দটো আল্লাহ তা‘আলাৰ এনে এটা গুণবাচক নাম যিটো আন কাৰো বাবে ব্যৱহাৰ কৰা বৈধ নহয়। (তাবাৰী) আনহাতে ‘ৰাহীম’ শব্দটো আল্লাহৰ গুণ হোৱাৰ লগতে আনৰো গুণ হ’ব পাৰে। কিন্তু আল্লাহৰ গুণ আৰু সৃষ্টিজগতৰ আন কাৰো গুণ কেতিয়াও এক হ’ব নোৱাৰে। ইয়াত একে ঠাইতে দুটা গুণবাচক নাম উল্লেখ কৰাৰ বিশেষ তাৎপৰ্য আছে। কোনো কোনো তফছীৰবিদৰ মতে, ‘ৰহমান’ যাৰ দয়া, অনুগ্ৰহ সৰ্বসাধাৰণ, সকলো সৃষ্টিজগতৰ বাবে সমান। আৰু ‘ৰাহীম’ বিশেষভাবে কেৱল মুমিনসকলৰ বাবে। (মুয়াচ্ছাৰ) পৃথিৱীৰ ক্ষেত্ৰত তেওঁ ৰহমান (তেওঁৰ অনুগ্ৰহ সকলো সৃষ্টিজগতৰ বাবে সমান) আৰু আখিৰাতৰ ক্ষেত্ৰত তেওঁ ৰাহীম (তেওঁৰ অনুগ্ৰহ বিশেষভাবে কেৱল মুমিনসকলৰ বাবে) (বাগভী)