اَلَمْ تَرَ كَیْفَ فَعَلَ رَبُّكَ بِاَصْحٰبِ الْفِیْلِ ١
1. তুমি দেখা নাইনে, তোমাৰ প্ৰতিপালকে হাতীৰ অধিপতিসকলৰ লগত কেনেকুৱা (আচৰণ) কৰিছিল?
اَلَمْ یَجْعَلْ كَیْدَهُمْ فِیْ تَضْلِیْلٍ ٢
2. তেওঁ সিহঁতৰ ষঢ়যন্ত্ৰক ব্যৰ্থতাত পৰ্যবসিত কৰা নাছিলনে?
وَاَرْسَلَ عَلَیْهِمْ طَیْرًا اَبَابِیْلَ ٣
3. আৰু সিহঁতৰ বিৰুদ্ধে তেওঁ জাকে জাকে চৰাই পঠিওৱা নাছিলনে?
تَرْمِیْهِمْ بِحِجَارَةٍ مِّنْ سِجِّیْلٍ ٤
4. যিবোৰে সিহঁতৰ ওপৰত পকা টান মাটিৰ শিলগুটি নিক্ষেপ কৰিছিল।
فَجَعَلَهُمْ كَعَصْفٍ مَّاْكُوْلٍ ٥
5. ফলত তেওঁ সিহঁতক ভক্ষিত তৃণ-সদৃশ কৰিছিল।