ছুৰা আল-হা-ক্বাহ

bismillah

اَلْحَآقَّةُ ١

1. সেই অৱশ্যম্ভাৱী ঘটনা, (ক্বিয়ামত)




مَا الْحَآقَّةُ ٢

2. কি সেই অৱশ্যম্ভাৱী ঘটনা?




وَمَاۤ اَدْرٰىكَ مَا الْحَآقَّةُ ٣

3. আৰু তুমি কেনেকৈ গম পাবা সেই অৱশ্যম্ভাৱী ঘটনাটোনো কি?




كَذَّبَتْ ثَمُوْدُ وَعَادٌۢ بِالْقَارِعَةِ ٤

4. ছামুদ আৰু আদ সম্প্ৰদায়ে মিথ্যাৰোপ কৰিছিল ভীতিপ্ৰদ মহাবিপদক।




فَاَمَّا ثَمُوْدُ فَاُهْلِكُوْا بِالطَّاغِیَةِ ٥

5. সেয়ে ছামুদ সম্প্ৰদায়ক ধ্বংস কৰা হৈছিল এটা প্ৰলয়ংকৰ বিপৰ্যয়কাৰী প্ৰচণ্ড শব্দৰ দ্বাৰা।




وَاَمَّا عَادٌ فَاُهْلِكُوْا بِرِیْحٍ صَرْصَرٍ عَاتِیَةٍ ٦

6. আৰু আদ সম্প্ৰদায়ক ধ্বংস কৰা হৈছিল প্ৰচণ্ড ঠাণ্ডা ধুমুহা বতাহৰ দ্বাৰা,




سَخَّرَهَا عَلَیْهِمْ سَبْعَ لَیَالٍ وَّثَمٰنِیَةَ اَیَّامٍ ۙ حُسُوْمًا ۙ فَتَرَی الْقَوْمَ فِیْهَا صَرْعٰی ۙ كَاَنَّهُمْ اَعْجَازُ نَخْلٍ خَاوِیَةٍ ٧

7. ইয়াক তেওঁ সাত ৰাতি আৰু আঠ দিনলৈকে অবিৰামভাৱে সিহঁতৰ ওপৰত প্ৰবাহিত কৰিছিল; ফলত তুমি উক্ত সম্প্ৰদায়ক দেখিবলৈ পালাহেঁতেন---যে সিহঁত এনেকৈ সিঁচৰতি হৈ পৰি আছে যেনিবা সাৰশূন্য খেজুৰ গছৰ কাণ্ডহে।




فَهَلْ تَرٰی لَهُمْ مِّنْۢ بَاقِیَةٍ ٨

8. এতেকে সিহঁতৰ মাজৰ কাৰোবাক তুমি অৱশিষ্ট দেখিবলৈ পোৱানে?




وَجَآءَ فِرْعَوْنُ وَمَنْ قَبْلَهٗ وَالْمُؤْتَفِكٰتُ بِالْخَاطِئَةِ ٩

9. লগতে ফিৰআউন, তাৰ পূৰ্বৱৰ্তীসকলে আৰু ওলোটাই দিয়া জনপদবাসীয়েও জঘন্য পাপ কামত লিপ্ত আছিল।




فَعَصَوْا رَسُوْلَ رَبِّهِمْ فَاَخَذَهُمْ اَخْذَةً رَّابِیَةً ١٠

10. আৰু সিহঁতে নিজ প্ৰতিপালকৰ ৰাছুলক অমান্য কৰিছিল, ফলত তেওঁ সিহঁতক অত্যন্ত কঠোৰভাৱে কৰায়ত্ত কৰিছে।




اِنَّا لَمَّا طَغَا الْمَآءُ حَمَلْنٰكُمْ فِی الْجَارِیَةِ ١١

11. যেতিয়া বানপানী বিপদৰ সীমা চেৰাই গৈছিল, তেতিয়া নিশ্চয় আমি তোমালোকক নাৱত আৰোহণ কৰাইছিলোঁ।




لِنَجْعَلَهَا لَكُمْ تَذْكِرَةً وَّتَعِیَهَاۤ اُذُنٌ وَّاعِیَةٌ ١٢

12. আমি এইটো কৰিছিলোঁ তোমালোকক এটা স্মৰণীয় শিক্ষা দিয়াৰ বাবে আৰু এইকাৰণে যে, যাতে শ্ৰুতিধৰ কাণে ইয়াক সংৰক্ষণ কৰি ৰাখিব পাৰে।




فَاِذَا نُفِخَ فِی الصُّوْرِ نَفْخَةٌ وَّاحِدَةٌ ١٣

13. এতেকে যেতিয়া শিঙাত ফুঁ দিয়া হ’ব—কেৱল এটা ফুঁ।




وَحُمِلَتِ الْاَرْضُ وَالْجِبَالُ فَدُكَّتَا دَكَّةً وَّاحِدَةً ١٤

14. আৰু পৃথিৱীসহ পৰ্বতসমূহক উঠাই নিয়া হ’ব আৰু মাত্ৰ এটা আঘাতত এইবোৰ চূৰ্ণ-বিচূৰ্ণ হৈ যাব।




فَیَوْمَىِٕذٍ وَّقَعَتِ الْوَاقِعَةُ ١٥

15. ফলত সেইদিনা মহাঘটনা সংঘটিত হ’ব।




وَانْشَقَّتِ السَّمَآءُ فَهِیَ یَوْمَىِٕذٍ وَّاهِیَةٌ ١٦

16. আৰু আকাশ বিদীৰ্ণ হৈ যাব, ফলত সেইদিনা ই দুৰ্বল-বিক্ষিপ্ত হৈ পৰিব।




وَالْمَلَكُ عَلٰۤی اَرْجَآىِٕهَا ؕ وَیَحْمِلُ عَرْشَ رَبِّكَ فَوْقَهُمْ یَوْمَىِٕذٍ ثَمٰنِیَةٌ ١٧

17. আৰু ফিৰিস্তাসকল আকাশৰ বিভিন্ন প্ৰান্তত থাকিব। সেইদিনা আঠজন ফিৰিস্তাই তোমাৰ প্ৰতিপালকৰ আৰছক বহন কৰিব।




یَوْمَىِٕذٍ تُعْرَضُوْنَ لَا تَخْفٰی مِنْكُمْ خَافِیَةٌ ١٨

18. সেইদিনা তোমালোকক উপস্থিত কৰোৱা হ’ব, লগতে তোমালোকৰ কোনো গোপনীয়তাই আৰু গোপন নাথাকিব।




فَاَمَّا مَنْ اُوْتِیَ كِتٰبَهٗ بِیَمِیْنِهٖ ۙ فَیَقُوْلُ هَآؤُمُ اقْرَءُوْا كِتٰبِیَهْ ١٩

19. তেতিয়া যাৰ আমলনামা তাৰ সোঁ হাতত দিয়া হ’ব সি (আনন্দত বেলেগক) ক’ব, ‘এয়া লোৱা, মোৰ আমলনামা পঢ়ি চোৱা’।




اِنِّیْ ظَنَنْتُ اَنِّیْ مُلٰقٍ حِسَابِیَهْ ٢٠

20. ‘মোৰ দৃঢ় বিশ্বাস আছিল যে, মই মোৰ হিচাপৰ সন্মুখীন হম’।




فَهُوَفِیْ عِیْشَةٍ رَّاضِیَةٍ ٢١

21. তেওঁ থাকিব সন্তোষজনক জীৱনত;




فِیْ جَنَّةٍ عَالِیَةٍ ٢٢

22. সুউচ্চ জান্নাতত,




قُطُوْفُهَا دَانِیَةٌ ٢٣

23. যাৰ ফলমূল ওলমি থাকিব নিচেই ওচৰত।




كُلُوْا وَاشْرَبُوْا هَنِیْٓـًٔۢا بِمَاۤ اَسْلَفْتُمْ فِی الْاَیَّامِ الْخَالِیَةِ ٢٤

24. (কোৱা হ’ব) ‘বিগত দিনসমূহত তোমালোকে আগলৈ যি প্ৰেৰণ কৰিছিলা তাৰ বিনিময়ত তোমালোকে তৃপ্তি সহকাৰে খোৱা আৰু পান কৰা’।




وَاَمَّا مَنْ اُوْتِیَ كِتٰبَهٗ بِشِمَالِهٖ ۙ۬ فَیَقُوْلُ یٰلَیْتَنِیْ لَمْ اُوْتَ كِتٰبِیَهْ ٢٥

25. কিন্তু যাৰ আমলনামা তাৰ বাওঁ হাতত দিয়া হ’ব, সি ক’ব, ‘হায়, মোক যদি মোৰ আমলনামা দিয়া নহ’লহেঁতেন’!




وَلَمْ اَدْرِ مَا حِسَابِیَهْ ٢٦

26. ‘আৰু মই যদি মোৰ হিচাপ সম্পৰ্কে গমেই নাপালোঁহেঁতেন!




یٰلَیْتَهَا كَانَتِ الْقَاضِیَةَ ٢٧

27. ‘হায়, মোৰ মৃত্যুৱেই যদি মোৰ বাবে শেষ চূড়ান্ত ফয়চালা হ’লহেঁতেন!




مَاۤ اَغْنٰی عَنِّیْ مَالِیَهْ ٢٨

28. ‘মোৰ ধন-সম্পদ মোৰ কোনো কামতে নাহিল।




هَلَكَ عَنِّیْ سُلْطٰنِیَهْ ٢٩

29. ‘মোৰ ক্ষমতা শক্তিও বিনষ্ট হৈছে’।




خُذُوْهُ فَغُلُّوْهُ ٣٠

30. (ফিৰিস্তাসকলক কোৱা হ’ব) ‘ধৰা তাক আৰু গলত পঘা লগাই দিয়া’।




ثُمَّ الْجَحِیْمَ صَلُّوْهُ ٣١

31. ‘তাৰ পিছত তাক জাহান্নামত নিক্ষেপ কৰা’।




ثُمَّ فِیْ سِلْسِلَةٍ ذَرْعُهَا سَبْعُوْنَ ذِرَاعًا فَاسْلُكُوْهُ ٣٢

32. তাৰ পিছত তাক বান্ধি থোৱা, এনে এডাল শিকলিৰে যাৰ দৈৰ্ঘ সত্তৰ হাত।




اِنَّهٗ كَانَ لَا یُؤْمِنُ بِاللّٰهِ الْعَظِیْمِ ٣٣

33. নিশ্চয় সি মহান আল্লাহৰ প্ৰতি ঈমান পোষণ কৰা নাছিল,




وَلَا یَحُضُّ عَلٰی طَعَامِ الْمِسْكِیْنِ ٣٤

34. আৰু মিছকিনক খাদ্যদানতো উৎসাহিত কৰা নাছিল।




فَلَیْسَ لَهُ الْیَوْمَ هٰهُنَا حَمِیْمٌ ٣٥

35. এতেকে আজি ইয়াত তাৰ কোনো অন্তৰঙ্গ বন্ধু নাথাকিব।




وَلَا طَعَامٌ اِلَّا مِنْ غِسْلِیْنٍ ٣٦

36. আৰু ক্ষত-নিঃসৃত পুঁজৰ বাহিৰে আন কোনো খাদ্যও নাথাকিব,




لَّا یَاْكُلُهٗۤ اِلَّا الْخَاطِـُٔوْنَ ٣٧

37. যিটো অপৰাধীসকলৰ বাহিৰে আন কোনেও নাখাব।




فَلَاۤ اُقْسِمُ بِمَا تُبْصِرُوْنَ ٣٨

38. এতেকে মই শপত কৰোঁ সেইবোৰ বস্তুৰ, যিবোৰক তোমালোকে দেখা পোৱা,




وَمَا لَا تُبْصِرُوْنَ ٣٩

39. লগতে যিবোৰক তোমালোকে দেখা নোপোৱা;




اِنَّهٗ لَقَوْلُ رَسُوْلٍ كَرِیْمٍ ٤٠

40. নিশ্চয় এয়া (কোৰআন) এক সন্মানিত ৰাছুলৰ (বাহিত) বাণী।




وَمَا هُوَبِقَوْلِ شَاعِرٍ ؕ قَلِیْلًا مَّا تُؤْمِنُوْنَ ٤١

41. আৰু এয়া কোনো কবিৰ কথা নহয়; (আফচোচ!) তোমালোকে খুবেই কম ঈমান পোষণ কৰা।




وَلَا بِقَوْلِ كَاهِنٍ ؕ قَلِیْلًا مَّا تَذَكَّرُوْنَ ٤٢

42. আৰু এয়া কোনো গণকৰ কথাও নহয়; তোমালোকে খুবেই কম উপদেশ গ্ৰহণ কৰা।




تَنْزِیْلٌ مِّنْ رَّبِّ الْعٰلَمِیْنَ ٤٣

43. এয়া বিশ্বজগতৰ প্ৰতিপালকৰ তৰফৰ পৰা নাযিলকৃত।




وَلَوْ تَقَوَّلَ عَلَیْنَا بَعْضَ الْاَقَاوِیْلِ ٤٤

44. তেওঁ যদি আমাৰ নামত কোনো মিছা ৰচনা কৰিলেহেঁতেন,




لَاَخَذْنَا مِنْهُ بِالْیَمِیْنِ ٤٥

45. তেন্তে নিশ্চয় আমি তাক সোঁহাতেৰে ধৰিলোঁহেঁতেন,




ثُمَّ لَقَطَعْنَا مِنْهُ الْوَتِیْنَ ٤٦

46. তাৰ পিছত আমি তাৰ হৃদপিণ্ডৰ সিৰা (মহাধমনী) কাটি দিলোঁহেঁতেন,




فَمَا مِنْكُمْ مِّنْ اَحَدٍ عَنْهُ حٰجِزِیْنَ ٤٧

47. এতেকে তোমালোকৰ মাজত এনেকুৱা কোনো নাই, যিয়ে তেওঁক ৰক্ষা কৰিব পাৰিব।




وَاِنَّهٗ لَتَذْكِرَةٌ لِّلْمُتَّقِیْنَ ٤٨

48. আৰু এয়া (কোৰআন) মুত্তাক্বীসকলৰ বাবে নিশ্চিত এটা উপদেশ।




وَاِنَّا لَنَعْلَمُ اَنَّ مِنْكُمْ مُّكَذِّبِیْنَ ٤٩

49. আৰু আমি নিশ্চয় জানো যে, তোমালোকৰ মাজত কিছুমান মিথ্যাৰোপকাৰী আছে।




وَاِنَّهٗ لَحَسْرَةٌ عَلَی الْكٰفِرِیْنَ ٥٠

50. আৰু নিশ্চয় এই (কোৰআন)খন কাফিৰসকলৰ বাবে এক নিশ্চিত অনুশোচনাৰ কাৰণ হ’ব।




وَاِنَّهٗ لَحَقُّ الْیَقِیْنِ ٥١

51. আৰু নিশ্চয় এইখন সুনিশ্চিত সত্য।




فَسَبِّحْ بِاسْمِ رَبِّكَ الْعَظِیْمِ ٥٢

52. এতেকে তুমি তোমাৰ মহান প্ৰতিপালকৰ নামত তছবীহ পাঠ কৰা।