ছুৰা আল-হুমাঝাহ

bismillah

وَیْلٌ لِّكُلِّ هُمَزَةٍ لُّمَزَةِ ١

1. দুৰ্ভোগ প্ৰত্যেক সেই ব্যক্তিৰ বাবে, যিয়ে সন্মুখত আৰু অনুপস্থিতিত পৰনিন্দা কৰে।




الَّذِیْ جَمَعَ مَالًا وَعَدَّدَهٗ ٢

2. যিয়ে সম্পদ জমা কৰে আৰু বাৰে বাৰে গণনা কৰে।




یَحْسَبُ اَنَّ مَالَهٗۤ اَخْلَدَهٗ ٣

3. সি ধাৰণা কৰে যে, তাৰ সম্পদে তাক চিৰজীৱী কৰি ৰাখিব।




كَلَّا لَیُنْۢبَذَنَّ فِی الْحُطَمَةِ ٤

4. কেতিয়াও নহয়, নিশ্চয় সি হুতামাত নিক্ষিপ্ত হ’ব।




وَمَاۤ اَدْرٰىكَ مَا الْحُطَمَةُ ٥

5. আৰু তুমি জানানে, হুতামা কি?




نَارُ اللّٰهِ الْمُوْقَدَةُ ٦

6. ই আল্লাহৰ প্ৰজ্বলিত জুই।




الَّتِیْ تَطَّلِعُ عَلَی الْاَفْـِٕدَةِ ٧

7. যিয়ে হৃদপিণ্ডক গ্ৰাস কৰিব।




اِنَّهَا عَلَیْهِمْ مُّؤْصَدَةٌ ٨

8. নিশ্চয় ই সিহঁতক আৱদ্ধ কৰি ৰাখিব।




فِیْ عَمَدٍ مُّمَدَّدَةٍ ٩

9. ওখ ওখ স্তম্ভসমূহত।