ছুৰা আলে-ইমৰাণ
قُلْ اِنْ كُنْتُمْ تُحِبُّوْنَ اللّٰهَ فَاتَّبِعُوْنِیْ یُحْبِبْكُمُ اللّٰهُ وَیَغْفِرْ لَكُمْ ذُنُوْبَكُمْ ؕ وَاللّٰهُ غَفُوْرٌ رَّحِیْمٌ ٣١
31. কোৱা, ‘তোমালোকে যদি আল্লাহক ভাল পোৱা তেন্তে মোক অনুসৰণ কৰা, আল্লাহে তোমালোকক ভাল পাব আৰু তোমালোকৰ অপৰাধসমূহ ক্ষমা কৰিব। আল্লাহ অত্যন্ত ক্ষমাশীল, পৰম দয়ালু’।
قُلْ اَطِیْعُوا اللّٰهَ وَالرَّسُوْلَ ۚ فَاِنْ تَوَلَّوْا فَاِنَّ اللّٰهَ لَا یُحِبُّ الْكٰفِرِیْنَ ٣٢
32. কোৱা, ‘তোমালোকে আল্লাহ আৰু ৰাছুলৰ আনুগত্য কৰা’। তাৰ পিছতো যদি সিহঁতে মুখ ঘূৰাই লয়, তেন্তে (জানি থোৱা) আল্লাহে নিশ্চয় কাফিৰসকলক পছন্দ নকৰে।
اِنَّ اللّٰهَ اصْطَفٰۤی اٰدَمَ وَنُوْحًا وَاٰلَ اِبْرٰهِیْمَ وَاٰلَ عِمْرٰنَ عَلَی الْعٰلَمِیْنَ ٣٣
33. নিশ্চয় আল্লাহে আদম, নুহ, ইব্ৰাহীমৰ বংশধৰ আৰু ইমৰাণৰ বংশধৰক সমগ্ৰ সৃষ্টিজগতৰ ওপৰত মনোনীত কৰিছে।
ذُرِّیَّةًۢ بَعْضُهَا مِنْۢ بَعْضٍ ؕ وَاللّٰهُ سَمِیْعٌ عَلِیْمٌ ٣٤
34. তেওঁলোক হৈছে ইজনে সিজনৰ বংশধৰ; আৰু আল্লাহ সৰ্বশ্ৰোতা, সৰ্বজ্ঞ।
اِذْ قَالَتِ امْرَاَتُ عِمْرٰنَ رَبِّ اِنِّیْ نَذَرْتُ لَكَ مَا فِیْ بَطْنِیْ مُحَرَّرًا فَتَقَبَّلْ مِنِّیْ ۚ اِنَّكَ اَنْتَ السَّمِیْعُ الْعَلِیْمُ ٣٥
35. স্মৰণ কৰা, যেতিয়া ইমৰাণৰ স্ত্ৰীয়ে কৈছিল, ‘হে মোৰ প্ৰতিপালক! মোৰ গৰ্ভত যি আছে নিশ্চয় মই সেয়া একান্ত মনে তোমাৰ বাবে মান্নত কৰিলোঁ। সেয়ে তুমি মোৰ পৰা এইটো কবুল কৰা, নিশ্চয় তুমি সৰ্বশ্ৰোতা, সৰ্বজ্ঞ’।
فَلَمَّا وَضَعَتْهَا قَالَتْ رَبِّ اِنِّیْ وَضَعْتُهَاۤ اُنْثٰی ؕ وَاللّٰهُ اَعْلَمُ بِمَا وَضَعَتْ ؕ وَلَیْسَ الذَّكَرُ كَالْاُنْثٰی ۚ وَاِنِّیْ سَمَّیْتُهَا مَرْیَمَ وَاِنِّیْۤ اُعِیْذُهَا بِكَ وَذُرِّیَّتَهَا مِنَ الشَّیْطٰنِ الرَّجِیْمِ ٣٦
36. তাৰ পিছত যেতিয়া তেওঁ (ইমৰাণৰ স্ত্ৰীয়ে) সেই সন্তান প্ৰসৱ কৰিলে, তেতিয়া তেওঁ ক’লে, ‘হে মোৰ প্ৰতিপালক! নিশ্চয় মই কন্যা সন্তানহে প্ৰসৱ কৰিছোঁ। প্ৰকৃততে তেওঁ যি প্ৰসৱ কৰিছে সেই সম্পৰ্কে আল্লাহ সম্যক অৱগত; আৰু পুত্ৰ সন্তান কন্যা সন্তানৰ দৰে নহয়; (যিকিনহওক) মই ইয়াৰ নাম ৰাখিছোঁ মাৰয়াম লগতে অভিশপ্ত চয়তানৰ পৰা তেওঁক আৰু তেওঁৰ বংশধৰসকলক তোমাৰ আশ্ৰয়ত দিছোঁ।
فَتَقَبَّلَهَا رَبُّهَا بِقَبُوْلٍ حَسَنٍ وَّاَنْۢبَتَهَا نَبَاتًا حَسَنًا ۙ وَكَفَّلَهَا زَكَرِیَّا ؕۚ كُلَّمَا دَخَلَ عَلَیْهَا زَكَرِیَّا الْمِحْرَابَ ۙ وَجَدَ عِنْدَهَا رِزْقًا ۚ قَالَ یٰمَرْیَمُ اَنّٰی لَكِ هٰذَا ؕ قَالَتْ هُوَمِنْ عِنْدِ اللّٰهِ ؕ اِنَّ اللّٰهَ یَرْزُقُ مَنْ یَّشَآءُ بِغَیْرِ حِسَابٍ ٣٧
37. এতেকে তেওঁৰ প্ৰতিপালকে তেওঁক আগ্ৰহেৰে কবুল কৰিলে আৰু তেওঁক উত্তমৰূপে লালন-পালন কৰিলে আৰু যাকাৰিয়্যাৰ তত্ত্বাৱধানত ৰাখিলে। যেতিয়াই যাকাৰিয়্যাহ তেওঁৰ কোঠাত প্ৰৱেশ কৰিছিল, তেতিয়াই তেওঁৰ ওচৰত খাদ্য সামগ্ৰী দেখিবলৈ পাইছিল। তেওঁ কৈছিল, ‘হে মাৰয়াম! এইবোৰ তুমি ক’ত পালা? তেওঁ (মাৰয়ামে) কৈছিল, ‘এইবোৰ আল্লাহৰ তৰফৰ পৰা (অহা)’। নিশ্চয় আল্লাহে যাক ইচ্ছা কৰে অপৰিমিত জীৱিকা দান কৰে।
هُنَالِكَ دَعَا زَكَرِیَّا رَبَّهٗ ۚ قَالَ رَبِّ هَبْ لِیْ مِنْ لَّدُنْكَ ذُرِّیَّةً طَیِّبَةً ۚ اِنَّكَ سَمِیْعُ الدُّعَآءِ ٣٨
38. সেই ঠাইতে যাকাৰিয়্যাই তেওঁৰ প্ৰতিপালকৰ ওচৰত প্ৰাৰ্থনা কৰি ক’লে, ‘হে মোৰ প্ৰতিপালক! তুমি মোক তোমাৰ ফালৰ পৰা উত্তম বংশধৰ দান কৰা। নিশ্চয় তুমি প্ৰাৰ্থনা শ্ৰৱণকাৰী’।
فَنَادَتْهُ الْمَلٰٓىِٕكَةُ وَهُوَقَآىِٕمٌ یُّصَلِّیْ فِی الْمِحْرَابِ ۙ اَنَّ اللّٰهَ یُبَشِّرُكَ بِیَحْیٰی مُصَدِّقًۢا بِكَلِمَةٍ مِّنَ اللّٰهِ وَسَیِّدًا وَّحَصُوْرًا وَّنَبِیًّا مِّنَ الصّٰلِحِیْنَ ٣٩
39. তাৰ পিছত যাকাৰিয়্যা যেতিয়া ইবাদত কক্ষত ছালাতত থিয় হ’ল, তেতিয়া ফিৰিস্তাসকলে তেওঁক আহ্বান কৰি ক’লে, ‘নিশ্চয় আল্লাহে আপোনালৈ ইয়াহয়াৰ সুসংবাদ দিছে, তেওঁ হ’ব আল্লাহৰ তৰফৰ পৰা আগমনকৃত এটা কলিমা (ঈছা)ৰ সত্যায়নকাৰী, লগতে তেওঁ হ’ব এজন নেতা, ভোগ-আসক্তিমুক্ত আৰু পূণ্যৱানসকলৰ অন্তৰ্ভুক্ত এজন নবী’।
قَالَ رَبِّ اَنّٰی یَكُوْنُ لِیْ غُلٰمٌ وَقَدْ بَلَغَنِیَ الْكِبَرُ وَامْرَاَتِیْ عَاقِرٌ ؕ قَالَ كَذٰلِكَ اللّٰهُ یَفْعَلُ مَا یَشَآءُ ٤٠
40. তেওঁ ক’লে, ‘হে মোৰ প্ৰতিপালক! মোৰ সন্তান কেনেকৈ হ’ব? অথচ মোৰ বাৰ্ধক্য আহি পৰিছে আৰু মোৰ স্ত্ৰীও হৈছে বন্ধ্যা’। তেওঁ (আল্লাহে) ক’লে, ‘এইদৰেই’। আল্লাহে যিটো ইচ্ছা সেইটোৱে কৰে।
قَالَ رَبِّ اجْعَلْ لِّیْۤ اٰیَةً ؕ قَالَ اٰیَتُكَ اَلَّا تُكَلِّمَ النَّاسَ ثَلٰثَةَ اَیَّامٍ اِلَّا رَمْزًا ؕ وَاذْكُرْ رَّبَّكَ كَثِیْرًا وَّسَبِّحْ بِالْعَشِیِّ وَالْاِبْكَارِ ٤١
41. তেওঁ ক’লে, ‘হে মোৰ প্ৰতিপালক! মোক এটা নিদৰ্শন দিয়া’। তেওঁ ক’লে, ‘তোমাৰ নিদৰ্শন এইটোৱে যে, তিনি দিনলৈকে তুমি আকাৰ-ইঙ্গিতৰ বাহিৰে মানুহৰ লগত কথা ক’ব নোৱাৰিবা। এতেকে তুমি তোমাৰ প্ৰতিপালকক অধিক স্মৰণ কৰা আৰু পুৱা-গধূলি তেওঁৰ পৱিত্ৰতা-মহিমা ঘোষণা কৰা’।
وَاِذْ قَالَتِ الْمَلٰٓىِٕكَةُ یٰمَرْیَمُ اِنَّ اللّٰهَ اصْطَفٰىكِ وَطَهَّرَكِ وَاصْطَفٰىكِ عَلٰی نِسَآءِ الْعٰلَمِیْنَ ٤٢
42. আৰু স্মৰণ কৰা, যেতিয়া ফিৰিস্তাসকলে কৈছিল, ‘হে মাৰয়াম! নিশ্চয় আল্লাহে তোমাক মনোনীত কৰিছে আৰু পৱিত্ৰ কৰিছে লগতে বিশ্বজগতৰ নাৰীসকলৰ ওপৰত তোমাক মনোনীত কৰিছে’।
یٰمَرْیَمُ اقْنُتِیْ لِرَبِّكِ وَاسْجُدِیْ وَارْكَعِیْ مَعَ الرّٰكِعِیْنَ ٤٣
43. হে মাৰয়াম! তুমি তোমাৰ প্ৰতিপালকৰ অনুগত হোৱা, লগতে (তেওঁক) ছাজদা কৰা আৰু ৰুকুকাৰীসকলৰ লগত ৰুকু কৰা’।
ذٰلِكَ مِنْ اَنْۢبَآءِ الْغَیْبِ نُوْحِیْهِ اِلَیْكَ ؕ وَمَا كُنْتَ لَدَیْهِمْ اِذْ یُلْقُوْنَ اَقْلَامَهُمْ اَیُّهُمْ یَكْفُلُ مَرْیَمَ وَمَا كُنْتَ لَدَیْهِمْ اِذْ یَخْتَصِمُوْنَ ٤٤
44. এইটো অদৃশ্য সংবাদসমূহৰ অন্তৰ্ভুক্ত, যিটো আমি তোমাক অহীৰ দ্বাৰা অৱহিত কৰিছোঁ; আৰু মাৰয়ামৰ তত্ত্বাৱধানৰ দায়িত্ব সিহঁতৰ মাজৰ কোনে গ্ৰহণ কৰিব তাৰ বাবে যেতিয়া সিহঁতে সিহঁতৰ কলম নিক্ষেপ কৰিছিল তেতিয়া তুমি সিহঁতৰ ওচৰত উপস্থিত নাছিলা আৰু সিহঁতে যেতিয়া (এই বিষয়ে) বাদানুবাদ কৰি আছিল তেতিয়াও তুমি তাত উপস্থিত নাছিলা।
اِذْ قَالَتِ الْمَلٰٓىِٕكَةُ یٰمَرْیَمُ اِنَّ اللّٰهَ یُبَشِّرُكِ بِكَلِمَةٍ مِّنْهُ ۖۗ اسْمُهُ الْمَسِیْحُ عِیْسَی ابْنُ مَرْیَمَ وَجِیْهًا فِی الدُّنْیَا وَالْاٰخِرَةِ وَمِنَ الْمُقَرَّبِیْنَ ٤٥
45. স্মৰণ কৰা, যেতিয়া ফিৰিস্তাসকলে কৈছিল, ‘হে মাৰয়াম! নিশ্চয় আল্লাহে তোমাক তেওঁৰ তৰফৰ পৰা এটা কালিমাৰ (দ্বাৰা সৃষ্টি হ’বলগীয়া সন্তানৰ) সুসংবাদ দিছে। যাৰ নাম হ’ব মছীহ, মাৰয়ামৰ পুত্ৰ ঈছা, তেওঁ পৃথিৱী আৰু পৰকালত সন্মানিত আৰু সান্নিধ্যপ্ৰাপ্তসকলৰ অন্যতম হ’ব।
وَیُكَلِّمُ النَّاسَ فِی الْمَهْدِ وَكَهْلًا وَمِنَ الصّٰلِحِیْنَ ٤٦
46. তেওঁ কেঁচুৱা অৱস্থাত (দোলনাত) আৰু পূৰ্ণ বয়সতো মানুহৰ লগত কথা ক’ব আৰু তেওঁ পূণ্যৱানসকলৰ অন্তৰ্ভুক্ত হ’ব।
قَالَتْ رَبِّ اَنّٰی یَكُوْنُ لِیْ وَلَدٌ وَلَمْ یَمْسَسْنِیْ بَشَرٌ ؕ قَالَ كَذٰلِكِ اللّٰهُ یَخْلُقُ مَا یَشَآءُ ؕ اِذَا قَضٰۤی اَمْرًا فَاِنَّمَا یَقُوْلُ لَهٗ كُنْ فَیَكُوْنُ ٤٧
47. তেওঁ (মাৰয়ামে) ক’লে, ‘হে মোৰ প্ৰতিপালক! কেনেকৈ মোৰ সন্তান হ’ব? অথচ কোনো পুৰুষেই মোক স্পৰ্শ কৰা নাই’। তেওঁ (আল্লাহে) ক’লে, ‘এনেকৈয়ে’, আল্লাহে যি ইচ্ছা কৰে সৃষ্টি কৰে। তেওঁ যেতিয়া কোনো বিষয়ে সিদ্ধান্ত লয় তেতিয়া কেৱল তেওঁ কয়, ‘হ’, ফলত সেইটো তৎক্ষণাত হৈ যায়।
وَیُعَلِّمُهُ الْكِتٰبَ وَالْحِكْمَةَ وَالتَّوْرٰىةَ وَالْاِنْجِیْلَ ٤٨
48. আৰু তেওঁ তাক কিতাব, হিকমত, তাওৰাত আৰু ইঞ্জীলৰ শিক্ষা দিব’।
وَرَسُوْلًا اِلٰی بَنِیْۤ اِسْرَآءِیْلَ ۙ۬ اَنِّیْ قَدْ جِئْتُكُمْ بِاٰیَةٍ مِّنْ رَّبِّكُمْ ۙ اَنِّیْۤ اَخْلُقُ لَكُمْ مِّنَ الطِّیْنِ كَهَیْـَٔةِ الطَّیْرِ فَاَنْفُخُ فِیْهِ فَیَكُوْنُ طَیْرًۢا بِاِذْنِ اللّٰهِ ۚ وَاُبْرِئُ الْاَكْمَهَ وَالْاَبْرَصَ وَاُحْیِ الْمَوْتٰی بِاِذْنِ اللّٰهِ ۚ وَاُنَبِّئُكُمْ بِمَا تَاْكُلُوْنَ وَمَا تَدَّخِرُوْنَ ۙ فِیْ بُیُوْتِكُمْ ؕ اِنَّ فِیْ ذٰلِكَ لَاٰیَةً لَّكُمْ اِنْ كُنْتُمْ مُّؤْمِنِیْنَ ٤٩
49. আৰু তেওঁক বনী ইছৰাঈলৰ বাবে ৰাছুল হিচাপে (প্ৰেৰণ কৰিব,) (তেওঁ ক’ব) ‘নিশ্চয় মই তোমালোকৰ প্ৰতিপালকৰ তৰফৰ পৰা তোমালোকৰ ওচৰলৈ নিদৰ্শন লৈ আহিছো যে, নিশ্চয় মই তোমালোকৰ বাবে বোকা মাটিৰ দ্বাৰা এটা চৰাই সদৃশ আকৃতি গঠণ কৰিম; তাৰ পিছত তাত মই ফুঁ দিম; ফলত আল্লাহৰ আদেশত সেইটো চৰাই হৈ যাব; লগতে মই আল্লাহৰ আদেশত জন্মান্ধ আৰু কুষ্ঠ ব্যাধিগ্ৰস্থ লোকক নিৰাময় কৰিম আৰু মৃত ব্যক্তিকো জীৱিত কৰি দেখুৱাম। তোমালোকে নিজৰ ঘৰত যি খোৱা আৰু যি সঞ্চয় কৰা সেয়াও মই তোমালোকক জনাই দিম। নিশ্চয় ইয়াত তোমালোকৰ বাবে নিদৰ্শন আছে যদি তোমালোকে মুমিন হোৱা’।
وَمُصَدِّقًا لِّمَا بَیْنَ یَدَیَّ مِنَ التَّوْرٰىةِ وَلِاُحِلَّ لَكُمْ بَعْضَ الَّذِیْ حُرِّمَ عَلَیْكُمْ وَجِئْتُكُمْ بِاٰیَةٍ مِّنْ رَّبِّكُمْ فَاتَّقُوا اللّٰهَ وَاَطِیْعُوْنِ ٥٠
50. ‘আৰু (মই আহিছোঁ) মোৰ সন্মুখত থকা তাওৰাতৰ (বাণীক) সত্যায়নকাৰীৰূপে আৰু তোমালোকৰ বাবে যিবোৰ হাৰাম আছিল তাৰে কিছুমান হালাল কৰিবলৈ আৰু মই তোমালোকৰ প্ৰতিপালকৰ পৰা তোমালোকৰ বাবে নিদৰ্শন লৈ আহিছোঁ। গতিকে তোমালোকে আল্লাহৰ তাক্বৱা অৱলম্বন কৰা আৰু মোৰ আনুগত্য কৰা’।
اِنَّ اللّٰهَ رَبِّیْ وَرَبُّكُمْ فَاعْبُدُوْهُ ؕ هٰذَا صِرَاطٌ مُّسْتَقِیْمٌ ٥١
51. ‘নিশ্চয় আল্লাহেই হৈছে মোৰ আৰু তোমালোকৰ প্ৰতিপালক, এতেকে তোমালোকে তেওঁৰেই ইবাদত কৰা। এইটোৱেই হৈছে সৰল পথ’।
فَلَمَّاۤ اَحَسَّ عِیْسٰی مِنْهُمُ الْكُفْرَ قَالَ مَنْ اَنْصَارِیْۤ اِلَی اللّٰهِ ؕ قَالَ الْحَوَارِیُّوْنَ نَحْنُ اَنْصَارُ اللّٰهِ ۚ اٰمَنَّا بِاللّٰهِ ۚ وَاشْهَدْ بِاَنَّا مُسْلِمُوْنَ ٥٢
52. তাৰ পিছত যেতিয়া ঈছাই সিহঁতৰ অবাধ্যতাৰ কথা উপলব্ধি কৰিলে তেতিয়া তেওঁ ক’লে, ‘আল্লাহৰ পথত কোনে মোক সহায় কৰিবা? হাওৱাৰী (শিষ্য)সকলে ক’লে, ‘আমি সকলোৱে আল্লাহৰ (পথত) সহায় কৰিম। আমি আল্লাহৰ প্ৰতি ঈমান আনিছোঁ আৰু আপুনি সাক্ষী থাকক যে, নিশ্চয় আমি মুছলিম।
رَبَّنَاۤ اٰمَنَّا بِمَاۤ اَنْزَلْتَ وَاتَّبَعْنَا الرَّسُوْلَ فَاكْتُبْنَا مَعَ الشّٰهِدِیْنَ ٥٣
53. ‘হে আমাৰ প্ৰতিপালক! তুমি যি অৱতীৰ্ণ কৰিছা তাৰ প্ৰতি আমি ঈমান আনিছোঁ আৰু আমি ৰাছুলৰ অনুসৰণ কৰিছোঁ। এতেকে আমাক সাক্ষ্যদানকাৰীসকলৰ তালিকাভুক্ত কৰি লোৱা’।
وَمَكَرُوْا وَمَكَرَ اللّٰهُ ؕ وَاللّٰهُ خَیْرُ الْمٰكِرِیْنَ ٥٤
54. আৰু সিহঁতে ষড়যন্ত্ৰ ৰচিছিল আৰু আল্লাহেও কৌশল কৰিছিল; আৰু আল্লাহ উত্তম কৌশলকাৰী।
اِذْ قَالَ اللّٰهُ یٰعِیْسٰۤی اِنِّیْ مُتَوَفِّیْكَ وَرَافِعُكَ اِلَیَّ وَمُطَهِّرُكَ مِنَ الَّذِیْنَ كَفَرُوْا وَجَاعِلُ الَّذِیْنَ اتَّبَعُوْكَ فَوْقَ الَّذِیْنَ كَفَرُوْۤا اِلٰی یَوْمِ الْقِیٰمَةِ ۚ ثُمَّ اِلَیَّ مَرْجِعُكُمْ فَاَحْكُمُ بَیْنَكُمْ فِیْمَا كُنْتُمْ فِیْهِ تَخْتَلِفُوْنَ ٥٥
55. স্মৰণ কৰা, যেতিয়া আল্লাহে কৈছিল, ‘হে ঈছা! নিশ্চয় মই তোমাক পৰিগ্ৰহণ কৰিম, আৰু তোমাক মোৰ ওচৰলৈ উঠাই আনিম আৰু যিসকলে কুফুৰী কৰিছে সিহঁতৰ পৰা তোমাক পৱিত্ৰ কৰিম আৰু তোমাৰ অনুসাৰীসকলক ক্বিয়ামত পৰ্যন্ত কাফিৰসকলৰ ওপৰত প্ৰাধান্য দিম, তাৰ পিছত তোমালোকে মোৰ ওচৰতেই উভতি আহিবা’। তেতিয়া মই তোমালোকৰ মাজত মীমাংসা কৰি দিম যিবোৰ বিষয়কলৈ তোমালোকে মতানৈক্য কৰিছিলা।
فَاَمَّا الَّذِیْنَ كَفَرُوْا فَاُعَذِّبُهُمْ عَذَابًا شَدِیْدًا فِی الدُّنْیَا وَالْاٰخِرَةِ ؗ وَمَا لَهُمْ مِّنْ نّٰصِرِیْنَ ٥٦
56. এতেকে যিসকলে কুফৰী কৰিছে মই সিহঁতক পৃথিৱী আৰু আখিৰাতত কঠোৰ শাস্তি প্ৰদান কৰিম আৰু সিহঁতৰ কোনো সহায়কাৰীও নাথাকিব।
وَاَمَّا الَّذِیْنَ اٰمَنُوْا وَعَمِلُوا الصّٰلِحٰتِ فَیُوَفِّیْهِمْ اُجُوْرَهُمْ ؕ وَاللّٰهُ لَا یُحِبُّ الظّٰلِمِیْنَ ٥٧
57. আৰু যিসকলে ঈমান আনিছে আৰু নেক আমল কৰিছে তেওঁ সিহঁতক সিহঁতৰ প্ৰতিফল পৰিপূৰ্ণভাৱে প্ৰদান কৰিব; আৰু আল্লাহে যালিমসকলক পছন্দ নকৰে।
ذٰلِكَ نَتْلُوْهُ عَلَیْكَ مِنَ الْاٰیٰتِ وَالذِّكْرِ الْحَكِیْمِ ٥٨
58. এইবোৰ আমি তোমাৰ ওপৰত আয়াত আৰু হিকমত ভৰা (প্ৰজ্ঞাপূৰ্ণ) উপদেশৰ পৰা তিলাৱত কৰি আছোঁ।
اِنَّ مَثَلَ عِیْسٰی عِنْدَ اللّٰهِ كَمَثَلِ اٰدَمَ ؕ خَلَقَهٗ مِنْ تُرَابٍ ثُمَّ قَالَ لَهٗ كُنْ فَیَكُوْنُ ٥٩
59. নিশ্চয় আল্লাহৰ ওচৰত ঈছাৰ উদাহৰণ আদমৰ দৰে, তেখেতে তেওঁক মাটিৰ পৰা সৃষ্টি কৰিছিল। তাৰ পিছত তেওঁক কৈছিল, ‘হ’, ফলত তেওঁ হৈ গ’ল।
اَلْحَقُّ مِنْ رَّبِّكَ فَلَا تَكُنْ مِّنَ الْمُمْتَرِیْنَ ٦٠
60. সত্য তোমাৰ প্ৰতিপালকৰ পৰা প্ৰেৰিত। গতিকে তুমি কেতিয়াও সন্দেহ পোষণকাৰীসকলৰ অন্তৰ্ভুক্ত নহ’বা।