ছুৰা আলে-ইমৰাণ
اِنَّ الَّذِیْنَ كَفَرُوْا وَمَاتُوْا وَهُمْ كُفَّارٌ فَلَنْ یُّقْبَلَ مِنْ اَحَدِهِمْ مِّلْءُ الْاَرْضِ ذَهَبًا وَّلَوِ افْتَدٰی بِهٖ ؕ اُولٰٓىِٕكَ لَهُمْ عَذَابٌ اَلِیْمٌ وَمَا لَهُمْ مِّنْ نّٰصِرِیْنَ ٩١
91. নিশ্চয় যিসকলে কুফুৰী কৰিছে আৰু কাফিৰ অৱস্থাতেই মৃত্যুবৰণ কৰিছে, সিহঁতৰ কোনোবাই পৃথিৱী ভৰা সোণ বিনিময় হিচাপে প্ৰদান কৰিলেও সেইটো কেতিয়াও গ্ৰহণ কৰা নহ’ব। ইহঁতেই সেইসকল লোক, যিসকলৰ বাবে আছে যন্ত্ৰণাদায়ক শাস্তি আৰু সিহঁতৰ বাবে কোনো সহায়কাৰীও নাই।
لَنْ تَنَالُوا الْبِرَّ حَتّٰی تُنْفِقُوْا مِمَّا تُحِبُّوْنَ ؕ۬ وَمَا تُنْفِقُوْا مِنْ شَیْءٍ فَاِنَّ اللّٰهَ بِهٖ عَلِیْمٌ ٩٢
92. তোমালোকে যি ভালপোৱা তাৰ পৰা ব্যয় (দান) নকৰালৈকে তোমালোকে কেতিয়াও ছোৱাব অৰ্জন কৰিব নোৱাৰিবা; আৰু তোমালোকে যি ব্যয় (দান) কৰা, নিশ্চয় আল্লাহ সেই সম্পৰ্কে সবিশেষ অৱগত।
كُلُّ الطَّعَامِ كَانَ حِلًّا لِّبَنِیْۤ اِسْرَآءِیْلَ اِلَّا مَا حَرَّمَ اِسْرَآءِیْلُ عَلٰی نَفْسِهٖ مِنْ قَبْلِ اَنْ تُنَزَّلَ التَّوْرٰىةُ ؕ قُلْ فَاْتُوْا بِالتَّوْرٰىةِ فَاتْلُوْهَاۤ اِنْ كُنْتُمْ صٰدِقِیْنَ ٩٣
93. তাওৰাত অৱতীৰ্ণ হোৱাৰ আগতে ইছৰাঈলে নিজৰ ওপৰত যি হাৰাম কৰিছিল তাৰ বাহিৰে বনী ইছৰাঈলৰ বাবে যাৱতীয় খাদ্য হালাল আছিল। কোৱা, ‘যদি তোমালোকে সত্যবাদী হোৱা তেনেহ’লে তাওৰাত লৈ আহা আৰু সেয়া পাঠ কৰা’।
فَمَنِ افْتَرٰی عَلَی اللّٰهِ الْكَذِبَ مِنْۢ بَعْدِ ذٰلِكَ فَاُولٰٓىِٕكَ هُمُ الظّٰلِمُوْنَ ٩٤
94. এতেকে ইয়াৰ পিছতো যিসকলে আল্লাহৰ ওপৰত মিছা ৰটনা কৰে সিহঁতেই হৈছে যালিম।
قُلْ صَدَقَ اللّٰهُ فَاتَّبِعُوْا مِلَّةَ اِبْرٰهِیْمَ حَنِیْفًا ؕ وَمَا كَانَ مِنَ الْمُشْرِكِیْنَ ٩٥
95. কোৱা, ‘আল্লাহে সত্য কৈছে। সেয়ে তোমালোকে একনিষ্ঠভাৱে ইব্ৰাহীমৰ মিল্লাতৰ অনুসৰণ কৰা, আৰু তেওঁ মুশ্বৰিকসকলৰ অন্তৰ্ভুক্ত নাছিল’।
اِنَّ اَوَّلَ بَیْتٍ وُّضِعَ لِلنَّاسِ لَلَّذِیْ بِبَكَّةَ مُبٰرَكًا وَهُدًی لِّلْعٰلَمِیْنَ ٩٦
96. নিশ্চয় মানৱজাতিৰ বাবে সৰ্বপ্ৰথম যি ঘৰ প্ৰতিষ্ঠিত হৈছিল সেয়া মক্কাত অৱস্থিত, সেইখন হৈছে বৰকতময় আৰু বিশ্ববাসীৰ বাবে হিদায়ত।
فِیْهِ اٰیٰتٌۢ بَیِّنٰتٌ مَّقَامُ اِبْرٰهِیْمَ ۚ۬ وَمَنْ دَخَلَهٗ كَانَ اٰمِنًا ؕ وَلِلّٰهِ عَلَی النَّاسِ حِجُّ الْبَیْتِ مَنِ اسْتَطَاعَ اِلَیْهِ سَبِیْلًا ؕ وَمَنْ كَفَرَ فَاِنَّ اللّٰهَ غَنِیٌّ عَنِ الْعٰلَمِیْنَ ٩٧
97. তাত বহুতো সুস্পষ্ট নিদৰ্শন আছে, যেনে মাকামে ইব্ৰাহীম (শিলৰ ওপৰত ইব্ৰাহীমৰ পদচিহ্ন); যিয়ে তাত প্ৰৱেশ কৰিব সি নিৰাপত্তা লাভ কৰিব; আৰু মানুহৰ মাজৰ পৰা তাত যাবলৈ যাৰ সামৰ্থ আছে, আল্লাহৰ উদ্দেশ্যে সেই ঘৰৰ হজ্জ কৰা তাৰ বাবে অৱশ্য কৰ্তব্য (অনিবাৰ্য); আৰু যিয়ে কুফুৰী কৰিব সি জানি থোৱা উচিত, নিশ্চয় আল্লাহ সৃষ্টিজগতৰ মুখাপেক্ষী নহয়।
قُلْ یٰۤاَهْلَ الْكِتٰبِ لِمَ تَكْفُرُوْنَ بِاٰیٰتِ اللّٰهِ ۖۗ وَاللّٰهُ شَهِیْدٌ عَلٰی مَا تَعْمَلُوْنَ ٩٨
98. কোৱা, ‘হে আহলে কিতাব! তোমালোকে আল্লাহৰ আয়াতসমূহক (নিদৰ্শনসমূহক) কিয় অস্বীকাৰ কৰা? আৰু তোমালোকে যি কৰা সেই বিষয়ে আল্লাহেই সাক্ষী’।
قُلْ یٰۤاَهْلَ الْكِتٰبِ لِمَ تَصُدُّوْنَ عَنْ سَبِیْلِ اللّٰهِ مَنْ اٰمَنَ تَبْغُوْنَهَا عِوَجًا وَّاَنْتُمْ شُهَدَآءُ ؕ وَمَا اللّٰهُ بِغَافِلٍ عَمَّا تَعْمَلُوْنَ ٩٩
99. কোৱা, ‘হে আহলে কিতাব! যিজন ব্যক্তিয়ে ঈমান আনিছে তোমালোকে বক্ৰতা অনুসন্ধান কৰি আল্লাহৰ পথত তেওঁক কিয় বাধা দিয়া? অথচ তোমালোকেই (এই বিষয়ে) সাক্ষী; (জানি থোৱা) তোমালোকে যি কৰা সেই সম্পৰ্কে আল্লাহ অমনোযোগী নহয়’।
یٰۤاَیُّهَا الَّذِیْنَ اٰمَنُوْۤا اِنْ تُطِیْعُوْا فَرِیْقًا مِّنَ الَّذِیْنَ اُوْتُوا الْكِتٰبَ یَرُدُّوْكُمْ بَعْدَ اِیْمَانِكُمْ كٰفِرِیْنَ ١٠٠
100. হে মুমিনসকল! যিসকলক কিতাব প্ৰদান কৰা হৈছে, তোমালোকে যদি সিহঁতৰ এটা দলৰ আনুগত্য কৰা, তেন্তে সিহঁতে তোমালোকক ঈমান আনাৰ পিছত আকৌ কাফিৰ অৱস্থাত ওভতাই লৈহে এৰিব।
وَكَیْفَ تَكْفُرُوْنَ وَاَنْتُمْ تُتْلٰی عَلَیْكُمْ اٰیٰتُ اللّٰهِ وَفِیْكُمْ رَسُوْلُهٗ ؕ وَمَنْ یَّعْتَصِمْ بِاللّٰهِ فَقَدْ هُدِیَ اِلٰی صِرَاطٍ مُّسْتَقِیْمٍ ١٠١
101. আৰু কেনেকৈ তোমালোকে কুফুৰী কৰা অথচ আল্লাহৰ আয়াতসমূহ তোমালোকৰ ওচৰত তিলাৱত কৰা হয় আৰু তোমালোকৰ মাজত তেওঁৰ ৰাছুলো উপস্থিত আছে? আৰু যি ব্যক্তিয়ে আল্লাহক দৃঢ়ভাৱে অৱলম্বন কৰিব, সি নিশ্চয় সৰল পথৰ হিদায়ত লাভ কৰিব।
یٰۤاَیُّهَا الَّذِیْنَ اٰمَنُوا اتَّقُوا اللّٰهَ حَقَّ تُقٰتِهٖ وَلَا تَمُوْتُنَّ اِلَّا وَاَنْتُمْ مُّسْلِمُوْنَ ١٠٢
102. হে ঈমান্দাৰসকল! তোমালোকে যথাৰ্থভাৱে আল্লাহৰ তাক্বৱা অৱলম্বন কৰা আৰু তোমালোকে মুছলিম (পৰিপূৰ্ণ আত্মসমৰ্পণকাৰী) নোহোৱালৈকে মৃত্যুবৰণ নকৰিবা।
وَاعْتَصِمُوْا بِحَبْلِ اللّٰهِ جَمِیْعًا وَّلَا تَفَرَّقُوْا وَاذْكُرُوْا نِعْمَتَ اللّٰهِ عَلَیْكُمْ اِذْ كُنْتُمْ اَعْدَآءً فَاَلَّفَ بَیْنَ قُلُوْبِكُمْ فَاَصْبَحْتُمْ بِنِعْمَتِهٖۤ اِخْوَانًا ۚ وَكُنْتُمْ عَلٰی شَفَا حُفْرَةٍ مِّنَ النَّارِ فَاَنْقَذَكُمْ مِّنْهَا ؕ كَذٰلِكَ یُبَیِّنُ اللّٰهُ لَكُمْ اٰیٰتِهٖ لَعَلَّكُمْ تَهْتَدُوْنَ ١٠٣
103. আৰু তোমালোক সকলোৱে আল্লাহৰ ৰছীক দৃঢ়ভাৱে ধাৰণ কৰা আৰু পৰস্পৰে বিচ্ছিন্ন নহ’বা; লগতে তোমালোকৰ প্ৰতি আল্লাহে কৰা অনুগ্ৰহ স্মৰণ কৰা, যেতিয়া তোমালোকে পৰস্পৰে শত্ৰু আছিলা। তাৰ পিছত তেৱেঁই তোমালোকৰ হৃদয়ত প্ৰীতিৰ সঞ্চাৰ কৰিছে, ফলত তেওঁৰ অনুগ্ৰহত তোমালোকে পৰস্পৰ ভাই-ভাই হৈ গৈছা। তোমালোক আছিলা অগ্নিগৰ্তৰ দুৱাৰত, তেৱেঁই তোমালোকক তাৰ পৰা ৰক্ষা কৰিছে। এইদৰে আল্লাহে তোমালোকৰ বাবে তেওঁৰ আয়াতসমূহ স্পষ্টভাৱে বিবৃত কৰে যাতে তোমালোকে হিদায়ত পোৱা।
وَلْتَكُنْ مِّنْكُمْ اُمَّةٌ یَّدْعُوْنَ اِلَی الْخَیْرِ وَیَاْمُرُوْنَ بِالْمَعْرُوْفِ وَیَنْهَوْنَ عَنِ الْمُنْكَرِ ؕ وَاُولٰٓىِٕكَ هُمُ الْمُفْلِحُوْنَ ١٠٤
104. আৰু তোমালোকৰ মাজত এনেকুৱা এটা দল হোৱা উচিত, যিসকলে কল্যাণৰ ফালে (মানুহক) আহ্বান কৰিব আৰু সৎকৰ্মৰ নিৰ্দেশ দিব আৰু অসৎকৰ্মৰ পৰা নিষেধ কৰিব; আৰু তেওঁলোকেই হ’ব সাফল্যমণ্ডিত।
وَلَا تَكُوْنُوْا كَالَّذِیْنَ تَفَرَّقُوْا وَاخْتَلَفُوْا مِنْۢ بَعْدِ مَا جَآءَهُمُ الْبَیِّنٰتُ ؕ وَاُولٰٓىِٕكَ لَهُمْ عَذَابٌ عَظِیْمٌ ١٠٥
105. তোমালোকে সিহঁতৰ দৰে নহ’বা, যিসকলে স্পষ্ট নিদৰ্শনসমূহ অহাৰ পিছতো (বিভিন্ন দলত) বিভক্ত হৈছে আৰু নিজৰ মাজতেই মতানৈক্য সৃষ্টি কৰিছে; আৰু সিহঁতৰ বাবেই আছে মহাশাস্তি।
یَّوْمَ تَبْیَضُّ وُجُوْهٌ وَتَسْوَدُّ وُجُوْهٌ ۚ فَاَمَّا الَّذِیْنَ اسْوَدَّتْ وُجُوْهُهُمْ اَكَفَرْتُمْ بَعْدَ اِیْمَانِكُمْ فَذُوْقُوا الْعَذَابَ بِمَا كُنْتُمْ تَكْفُرُوْنَ ١٠٦
106. সেইদিনা কিছুমান মুখমণ্ডল উজ্জল হ’ব আৰু কিছুমান মুখ ক'লা পৰিব; যিহঁতৰ মুখ ক'লা পৰিব (সিহঁতক কোৱা হ’ব), ‘তোমালোকে ঈমান আনাৰ পিছত আকৌ কুফুৰী কৰিছিলা নেকি? এতেকে তোমালোকে শাস্তি ভোগ কৰা, যিহেতু তোমালোকে কুফুৰী কৰিছিলা’।
وَاَمَّا الَّذِیْنَ ابْیَضَّتْ وُجُوْهُهُمْ فَفِیْ رَحْمَةِ اللّٰهِ ؕ هُمْ فِیْهَا خٰلِدُوْنَ ١٠٧
107. আৰু যিসকলৰ মুখ উজ্জল হ’ব তেওঁলোকে আল্লাহৰ অনুগ্ৰহত থাকিব, তাত তেওঁলোক চিৰস্থায়ী হ’ব।
تِلْكَ اٰیٰتُ اللّٰهِ نَتْلُوْهَا عَلَیْكَ بِالْحَقِّ ؕ وَمَا اللّٰهُ یُرِیْدُ ظُلْمًا لِّلْعٰلَمِیْنَ ١٠٨
108. এইবোৰ হৈছে আল্লাহৰ আয়াত (নিদৰ্শন), যিবোৰ আমি তোমাৰ ওচৰত যথাযথভাৱে তিলাৱত কৰিছোঁ; আৰু আল্লাহে সৃষ্টিজগতৰ প্ৰতি অন্যায়-অবিচাৰ কৰিব নিবিচাৰে।
وَلِلّٰهِ مَا فِی السَّمٰوٰتِ وَمَا فِی الْاَرْضِ ؕ وَاِلَی اللّٰهِ تُرْجَعُ الْاُمُوْرُ ١٠٩
109. আকাশমণ্ডলত যি আছে আৰু পৃথিৱীত যি আছে সেই সকলো আল্লাহৰেই, আৰু আল্লাহৰ ওচৰতেই সকলো প্ৰত্যাৱৰ্তিত হ’ব।
كُنْتُمْ خَیْرَ اُمَّةٍ اُخْرِجَتْ لِلنَّاسِ تَاْمُرُوْنَ بِالْمَعْرُوْفِ وَتَنْهَوْنَ عَنِ الْمُنْكَرِ وَتُؤْمِنُوْنَ بِاللّٰهِ ؕ وَلَوْ اٰمَنَ اَهْلُ الْكِتٰبِ لَكَانَ خَیْرًا لَّهُمْ ؕ مِنْهُمُ الْمُؤْمِنُوْنَ وَاَكْثَرُهُمُ الْفٰسِقُوْنَ ١١٠
110. তোমালোকেই শ্ৰেষ্ঠ উম্মত, মানৱজাতিৰ (হিদায়তৰ) বাবে (তোমালোকক) উলিওৱা হৈছে, (কাৰণ) তোমালোকে সৎকৰ্মৰ আদেশ দিয়া আৰু অসৎকৰ্মৰ পৰা নিষেধ কৰা লগতে আল্লাহৰ প্ৰতি বিশ্বাস স্থাপন কৰা। আহলে কিতাবসকলে যদি ঈমান আনিলেহেঁতেন তেন্তে সিহঁতৰ বাবে এয়া ভাল হ’লহেঁতেন। সিহঁতৰ মাজত কিছুমান মুমিনো আছে; কিন্তু সিহঁতৰ অধিকাংশই হৈছে ফাছিক্ব।
لَنْ یَّضُرُّوْكُمْ اِلَّاۤ اَذًی ؕ وَاِنْ یُّقَاتِلُوْكُمْ یُوَلُّوْكُمُ الْاَدْبَارَ ثُمَّ لَا یُنْصَرُوْنَ ١١١
111. সামান্য কষ্ট দিয়াৰ বাহিৰে সিহঁতে তোমালোকৰ কোনো ক্ষতি কৰিব নোৱাৰিব আৰু যদি সিহঁতে তোমালোকৰ লগত যুদ্ধ কৰে তেন্তে সিহঁতে পৃষ্ঠ প্ৰদৰ্শন কৰিব, তাৰ পিছত সিহঁতক সহায় কৰা নহ’ব।
ضُرِبَتْ عَلَیْهِمُ الذِّلَّةُ اَیْنَ مَا ثُقِفُوْۤا اِلَّا بِحَبْلٍ مِّنَ اللّٰهِ وَحَبْلٍ مِّنَ النَّاسِ وَبَآءُوْ بِغَضَبٍ مِّنَ اللّٰهِ وَضُرِبَتْ عَلَیْهِمُ الْمَسْكَنَةُ ؕ ذٰلِكَ بِاَنَّهُمْ كَانُوْا یَكْفُرُوْنَ بِاٰیٰتِ اللّٰهِ وَیَقْتُلُوْنَ الْاَنْۢبِیَآءَ بِغَیْرِ حَقٍّ ؕ ذٰلِكَ بِمَا عَصَوْا وَكَانُوْا یَعْتَدُوْنَ ١١٢
112. আল্লাহ আৰু মানুহৰ আশ্ৰয়ৰ বাহিৰে সিহঁতে য’তেই অৱস্থান নকৰক কিয়, তাতেই সিহঁতৰ বাবে লাঞ্ছনা নিৰ্ধাৰণ কৰা হৈছে, সিহঁত আল্লাহৰ ক্ৰোধৰ পাত্ৰ হৈছে লগতে সিহঁতৰ ওপৰত দাৰিদ্ৰতা নিৰ্ধাৰণ কৰি দিয়া হৈছে; এইকাৰণে যে, সিহঁতে আল্লাহৰ আয়াতসমূহক অস্বীকাৰ কৰিছিল আৰু অন্যায়ভাৱে নবীসকলক হত্যা কৰিছিল; লগতে এইকাৰণেও যে, সিহঁত অবাধ্য হৈছিল আৰু সীমালংঘন কৰিছিল।
لَیْسُوْا سَوَآءً ؕ مِنْ اَهْلِ الْكِتٰبِ اُمَّةٌ قَآىِٕمَةٌ یَّتْلُوْنَ اٰیٰتِ اللّٰهِ اٰنَآءَ الَّیْلِ وَهُمْ یَسْجُدُوْنَ ١١٣
113. সিহঁত সকলো সমান নহয়। কিতাবীসকলৰ মাজত অবিচলিত এটা দলো আছে; সিহঁতে ৰাতি আল্লাহৰ আয়াতসমূহ তিলাৱত কৰে আৰু সিহঁতে ছাজদা কৰে।
یُؤْمِنُوْنَ بِاللّٰهِ وَالْیَوْمِ الْاٰخِرِ وَیَاْمُرُوْنَ بِالْمَعْرُوْفِ وَیَنْهَوْنَ عَنِ الْمُنْكَرِ وَیُسَارِعُوْنَ فِی الْخَیْرٰتِ ؕ وَاُولٰٓىِٕكَ مِنَ الصّٰلِحِیْنَ ١١٤
114. সিহঁতে আল্লাহ আৰু শেষ দিৱসৰ প্ৰতি ঈমান পোষণ কৰে, সৎকৰ্মৰ নিৰ্দেশ দিয়ে অসৎকৰ্মৰ পৰা নিষেধ কৰে, লগতে সিহঁতে কল্যাণকৰ কামত প্ৰতিযোগিতা কৰে; আৰু এওঁলোকেই হৈছে পূণ্যৱানসকলৰ অন্তৰ্ভুক্ত।
وَمَا یَفْعَلُوْا مِنْ خَیْرٍ فَلَنْ یُّكْفَرُوْهُ ؕ وَاللّٰهُ عَلِیْمٌۢ بِالْمُتَّقِیْنَ ١١٥
115. সিহঁতে যি ভাল কাম কৰিছে, তাৰ পৰা সিহঁতক কেতিয়াও বঞ্চিত কৰা নহ’ব; আৰু আল্লাহ মুত্তাক্বীসকলৰ বিষয়ে সবিশেষ অৱগত।
اِنَّ الَّذِیْنَ كَفَرُوْا لَنْ تُغْنِیَ عَنْهُمْ اَمْوَالُهُمْ وَلَاۤ اَوْلَادُهُمْ مِّنَ اللّٰهِ شَیْـًٔا ؕ وَاُولٰٓىِٕكَ اَصْحٰبُ النَّارِ ۚ هُمْ فِیْهَا خٰلِدُوْنَ ١١٦
116. নিশ্চয় যিসকলে কুফুৰী কৰিছে, আল্লাহৰ ওচৰত সিহঁতৰ ধন-সম্পদ আৰু সন্তান-সন্ততি কোনো কামত নাহিব। সিহঁতেই হৈছে জাহান্নামৰ অধিবাসী, আৰু তাত সিহঁত চিৰকাল থাকিব।
مَثَلُ مَا یُنْفِقُوْنَ فِیْ هٰذِهِ الْحَیٰوةِ الدُّنْیَا كَمَثَلِ رِیْحٍ فِیْهَا صِرٌّ اَصَابَتْ حَرْثَ قَوْمٍ ظَلَمُوْۤا اَنْفُسَهُمْ فَاَهْلَكَتْهُ ؕ وَمَا ظَلَمَهُمُ اللّٰهُ وَلٰكِنْ اَنْفُسَهُمْ یَظْلِمُوْنَ ١١٧
117. এই পাৰ্থিৱ জীৱনত সিহঁতে যি ব্যয় কৰে তাৰ উদাহৰণ হিম-শীতল বতাহৰ দৰে, যিটোৱে অন্যায়কাৰী সম্প্ৰদায়ৰ শস্য খেতিত আঘাত কৰে; আৰু তাক ধ্বংস কৰি দিয়ে। প্ৰকৃততে আল্লাহে সিহঁতৰ প্ৰতি কোনো অন্যায় কৰা নাই, সিহঁত নিজেই নিজৰ প্ৰতি অন্যায় কৰিছে।
یٰۤاَیُّهَا الَّذِیْنَ اٰمَنُوْا لَا تَتَّخِذُوْا بِطَانَةً مِّنْ دُوْنِكُمْ لَا یَاْلُوْنَكُمْ خَبَالًا ؕ وَدُّوْا مَا عَنِتُّمْ ۚ قَدْ بَدَتِ الْبَغْضَآءُ مِنْ اَفْوَاهِهِمْ ۖۚ وَمَا تُخْفِیْ صُدُوْرُهُمْ اَكْبَرُ ؕ قَدْ بَیَّنَّا لَكُمُ الْاٰیٰتِ اِنْ كُنْتُمْ تَعْقِلُوْنَ ١١٨
118. হে মুমিনসকল! তোমালোকে নিজৰ বাহিৰে আন (অবিশ্বাসী) কাৰোবাক অন্তৰঙ্গ বন্ধুৰূপে গ্ৰহণ নকৰিবা। সিহঁতে তোমালোকক অনিষ্ট কৰিবলৈ ত্ৰুটি নকৰিব; সিহঁতে তোমালোকৰ মাৰাত্মক ক্ষতিৰ কামনা কৰে। নিশ্চয় সিহঁতৰ মুখৰ পৰা শত্ৰুতা প্ৰকাশ পাইছে আৰু সিহঁতৰ অন্তৰে যিটো গোপন কৰে সেয়া আৰু অধিক ভয়াৱহ। নিশ্চয় তোমালোকৰ বাবে আয়াতসমূহ বিশদভাৱে বিবৃত কৰিছোঁ, যদি তোমালোকে অনুধাৱন কৰা।
هٰۤاَنْتُمْ اُولَآءِ تُحِبُّوْنَهُمْ وَلَا یُحِبُّوْنَكُمْ وَتُؤْمِنُوْنَ بِالْكِتٰبِ كُلِّهٖ ۚ وَاِذَا لَقُوْكُمْ قَالُوْۤا اٰمَنَّا ۖۗۚ وَاِذَا خَلَوْا عَضُّوْا عَلَیْكُمُ الْاَنَامِلَ مِنَ الْغَیْظِ ؕ قُلْ مُوْتُوْا بِغَیْظِكُمْ ؕ اِنَّ اللّٰهَ عَلِیْمٌۢ بِذَاتِ الصُّدُوْرِ ١١٩
119. চোৱা, তোমালোকেই সিহঁতক ভালপোৱা, সিহঁতে কিন্তু তোমালোকক ভাল নাপায়, আনহাতে তোমালোকে সকলো ঐশীগ্ৰন্থক বিশ্বাস কৰা (কিন্তু সিহঁতে তোমালোকৰ গ্ৰন্থক বিশ্বাস নকৰে)। লগতে সিহঁতে যেতিয়া তোমালোকৰ সংস্পৰ্শত আহে তেতিয়া কয়, ‘আমি ঈমান আনিছোঁ’, কিন্তু যেতিয়া অকলশৰীয়াকৈ (পৰস্পৰে) মিলিত হয় তেতিয়া তোমালোকৰ প্ৰতি আক্ৰোশত সিহঁতে নিজৰ আঙুলিৰ অগ্ৰভাগ কামুৰিবলৈ ধৰে। কোৱা, ‘তোমালোকৰ ক্ৰোধত তোমালোকেই মৰা’। নিশ্চয় অন্তৰত যি আছে সেই বিষয়ে আল্লাহ সবিশেষ অৱগত।
اِنْ تَمْسَسْكُمْ حَسَنَةٌ تَسُؤْهُمْ ؗ وَاِنْ تُصِبْكُمْ سَیِّئَةٌ یَّفْرَحُوْا بِهَا ؕ وَاِنْ تَصْبِرُوْا وَتَتَّقُوْا لَا یَضُرُّكُمْ كَیْدُهُمْ شَیْـًٔا ؕ اِنَّ اللّٰهَ بِمَا یَعْمَلُوْنَ مُحِیْطٌ ١٢٠
120. তোমালোকৰ মঙ্গল হ’লে সিহঁতে কষ্ট অনুভৱ কৰে আৰু তোমালোকৰ অমঙ্গল হ’লে সিহঁতে আনন্দিত হয়। তোমালোকে যদি ধৈৰ্য্যশীল হোৱা আৰু মুত্তাক্বী হোৱা তেন্তে সিহঁতৰ ষড়যন্ত্ৰই তোমালোকক একো ক্ষতি কৰিব নোৱাৰিব। সিহঁতে যি কৰে নিশ্চয় আল্লাহে সেয়া পৰিবেষ্টন কৰি আছে।