ছুৰা আলে-ইমৰাণ

سَنُلْقِیْ فِیْ قُلُوْبِ الَّذِیْنَ كَفَرُوا الرُّعْبَ بِمَاۤ اَشْرَكُوْا بِاللّٰهِ مَا لَمْ یُنَزِّلْ بِهٖ سُلْطٰنًا ۚ وَمَاْوٰىهُمُ النَّارُ ؕ وَبِئْسَ مَثْوَی الظّٰلِمِیْنَ ١٥١

151. অনতিপলমে আমি কাফিৰসকলৰ হৃদয়ত ভীতিৰ সঞ্চাৰ কৰিম, যিহেতু সিহঁতে আল্লাহৰ লগত অংশীদাৰ স্থাপন কৰিছে, যাৰ সপক্ষে আল্লাহে কোনো প্ৰমাণ অৱতীৰ্ণ কৰা নাই; সিহঁতৰ আবাস হৈছে জাহান্নাম, আৰু যালিমসকলৰ আবাস কিমান যে নিকৃষ্ট!




وَلَقَدْ صَدَقَكُمُ اللّٰهُ وَعْدَهٗۤ اِذْ تَحُسُّوْنَهُمْ بِاِذْنِهٖ ۚ حَتّٰۤی اِذَا فَشِلْتُمْ وَتَنَازَعْتُمْ فِی الْاَمْرِ وَعَصَیْتُمْ مِّنْۢ بَعْدِ مَاۤ اَرٰىكُمْ مَّا تُحِبُّوْنَ ؕ مِنْكُمْ مَّنْ یُّرِیْدُ الدُّنْیَا وَمِنْكُمْ مَّنْ یُّرِیْدُ الْاٰخِرَةَ ۚ ثُمَّ صَرَفَكُمْ عَنْهُمْ لِیَبْتَلِیَكُمْ ۚ وَلَقَدْ عَفَا عَنْكُمْ ؕ وَاللّٰهُ ذُوْ فَضْلٍ عَلَی الْمُؤْمِنِیْنَ ١٥٢

152. নিশ্চয় আল্লাহে তোমালোকৰ লগত তেওঁৰ প্ৰতিশ্ৰুতি পূৰণ কৰিছিল যেতিয়া তোমালোকে আল্লাহৰ অনুমতিক্ৰমে সিহঁতক বিনাশ কৰিছিলা, কিন্তু যেতিয়া তোমালোকে সাহস হেৰুৱাইছিলা আৰু (ৰাছুলৰ) নিৰ্দেশ সম্পৰ্কে মতভেদ সৃষ্টি কৰিছিলা আৰু যি তোমালোকে ভালপোৱা (বিজয়) সেয়া দেখুৱাৰ পিছত তোমালোকে অবাধ্য হৈছিলা। কাৰণ, তোমালোকৰ কিছুমানে পাৰ্থিৱ সম্পদৰ অভিলাষী আছিল আৰু কিছুমান আছিল আখিৰাতৰ অভিলাষী। তেতিয়া তেওঁ তোমালোকক পৰীক্ষা কৰাৰ বাবে সিহঁতৰ (তোমালোকৰ শত্ৰুসকলৰ) পৰা পশ্চাদবৰ্তী কৰালে। তথাপিও (কিন্তু) তেওঁ তোমালোকক ক্ষমা কৰি দিছে। কাৰণ আল্লাহ মুমিনসকলৰ প্ৰতি অনুগ্ৰহশীল।




اِذْ تُصْعِدُوْنَ وَلَا تَلْوٗنَ عَلٰۤی اَحَدٍ وَّالرَّسُوْلُ یَدْعُوْكُمْ فِیْۤ اُخْرٰىكُمْ فَاَثَابَكُمْ غَمًّۢا بِغَمٍّ لِّكَیْلَا تَحْزَنُوْا عَلٰی مَا فَاتَكُمْ وَلَا مَاۤ اَصَابَكُمْ ؕ وَاللّٰهُ خَبِیْرٌۢ بِمَا تَعْمَلُوْنَ ١٥٣

153. স্মৰণ কৰা, যেতিয়া তোমালোকে পাহাৰ বগাই আছিলা আৰু কাৰো ফালে ঘূৰি চোৱা নাছিলা, আৰু ৰাছুলে তোমালোকক পিছফালৰ পৰা মাতি আছিল। ফলত তেওঁ (আল্লাহে) তোমালোকক বিপদৰ ওপৰত বিপদ দিছিল, যাতে তোমালোকে যি হেৰুৱাইছা আৰু যি বিপদ তোমালোকৰ ওপৰত আহিছে তাৰ বাবে তোমালোকে দুঃখিত নোহোৱা; আৰু তোমালোকে যি কৰা সেই বিষয়ে আল্লাহ সবিশেষ অৱগত।




ثُمَّ اَنْزَلَ عَلَیْكُمْ مِّنْۢ بَعْدِ الْغَمِّ اَمَنَةً نُّعَاسًا یَّغْشٰی طَآىِٕفَةً مِّنْكُمْ ۙ وَطَآىِٕفَةٌ قَدْ اَهَمَّتْهُمْ اَنْفُسُهُمْ یَظُنُّوْنَ بِاللّٰهِ غَیْرَ الْحَقِّ ظَنَّ الْجَاهِلِیَّةِ ؕ یَقُوْلُوْنَ هَلْ لَّنَا مِنَ الْاَمْرِ مِنْ شَیْءٍ ؕ قُلْ اِنَّ الْاَمْرَ كُلَّهٗ لِلّٰهِ ؕ یُخْفُوْنَ فِیْۤ اَنْفُسِهِمْ مَّا لَا یُبْدُوْنَ لَكَ ؕ یَقُوْلُوْنَ لَوْ كَانَ لَنَا مِنَ الْاَمْرِ شَیْءٌ مَّا قُتِلْنَا هٰهُنَا ؕ قُلْ لَّوْ كُنْتُمْ فِیْ بُیُوْتِكُمْ لَبَرَزَ الَّذِیْنَ كُتِبَ عَلَیْهِمُ الْقَتْلُ اِلٰی مَضَاجِعِهِمْ ۚ وَلِیَبْتَلِیَ اللّٰهُ مَا فِیْ صُدُوْرِكُمْ وَلِیُمَحِّصَ مَا فِیْ قُلُوْبِكُمْ ؕ وَاللّٰهُ عَلِیْمٌۢ بِذَاتِ الصُّدُوْرِ ١٥٤

154. দুখৰ পিছত তেওঁ তোমালোকক তন্দ্ৰাৰূপে প্ৰশান্তি প্ৰদান কৰিলে, যিটো তোমালোকৰ এটা দলক আচ্ছন্ন কৰিছিল আৰু এটা দলে অজ্ঞতা যুগৰ অজ্ঞতাৰ দৰে আল্লাহ সম্পৰ্কে অবাস্তৱ ধাৰণা কৰি নিজেই নিজকে উদ্বিগ্ন কৰিছিল এই কথা কৈ যে, ‘আমাৰো কিবা অধিকাৰ আছেনে? কোৱা, ‘সকলো বিষয় আল্লাহৰেই ইখতিয়াৰত’। সিহঁতে নিজৰ অন্তৰত এনেকুৱা কিছুমান বিষয় গোপন ৰাখে যিবোৰ তোমাৰ ওচৰত প্ৰকাশ নকৰে। সিহঁতে কয়, ‘এই বিষয়ে আমাৰ কিবা অধিকাৰ থাকিলে আমি ইয়াত এইদৰে নিহত নহ’লোহেঁতেন’। কোৱা, ‘যদি তোমালোকে নিজ ঘৰতো অৱস্থান কৰিলাহেঁতেন তথাপিও নিহত হোৱা যিসকলৰ বাবে অৱধাৰিত আছিল সিহঁতে নিজৰ মৃত্যুস্থানত ওলাই আহিলহেঁতেন’। এইটো এইবাবে যে, তোমালোকৰ অন্তৰত যি আছে সেয়া যাতে আল্লাহে পৰীক্ষা কৰে আৰু তোমালোকৰ মনত যি আছে সেয়া পৰিশোধন কৰে; আৰু অন্তৰত যি আছে সেই সম্পৰ্কে আল্লাহ সবিশেষ অৱগত।




اِنَّ الَّذِیْنَ تَوَلَّوْا مِنْكُمْ یَوْمَ الْتَقَی الْجَمْعٰنِ ۙ اِنَّمَا اسْتَزَلَّهُمُ الشَّیْطٰنُ بِبَعْضِ مَا كَسَبُوْا ۚ وَلَقَدْ عَفَا اللّٰهُ عَنْهُمْ ؕ اِنَّ اللّٰهَ غَفُوْرٌ حَلِیْمٌ ١٥٥

155. যিদিনা দুয়ো দল পৰস্পৰৰ সন্মুখীন হৈছিল সেইদিনা তোমালোকৰ মাজৰ পৰা যিসকলে পৃষ্ঠ প্ৰদৰ্শন কৰিছিল, সিহঁতৰ কিছুমান কৃতকৰ্মৰ ফলতে চয়তানে সিহঁতৰ পদস্খলন ঘটাইছিল। নিশ্চয় আল্লাহে সিহঁতক ক্ষমা কৰিছে। নিঃসন্দেহে আল্লাহ ক্ষমাপৰায়ণ আৰু পৰম সহনশীল।




یٰۤاَیُّهَا الَّذِیْنَ اٰمَنُوْا لَا تَكُوْنُوْا كَالَّذِیْنَ كَفَرُوْا وَقَالُوْا لِاِخْوَانِهِمْ اِذَا ضَرَبُوْا فِی الْاَرْضِ اَوْ كَانُوْا غُزًّی لَّوْ كَانُوْا عِنْدَنَا مَا مَاتُوْا وَمَا قُتِلُوْا ۚ لِیَجْعَلَ اللّٰهُ ذٰلِكَ حَسْرَةً فِیْ قُلُوْبِهِمْ ؕ وَاللّٰهُ یُحْیٖ وَیُمِیْتُ ؕ وَاللّٰهُ بِمَا تَعْمَلُوْنَ بَصِیْرٌ ١٥٦

156. হে মুমিনসকল! তোমালোকে সিহঁতৰ দৰে নহ’বা যিসকলে কুফুৰী কৰে আৰু সিহঁতৰ ভাতৃসকলে যেতিয়া দেশ-বিদেশলৈ ভ্ৰমণ কৰে বা যুদ্ধত লিপ্ত হয় তেতিয়া সিহঁতৰ বিষয়ে কয়, ‘সিহঁত যদি আমাৰ লগত থাকিলহেঁতেন তেন্তে সিহঁত নমৰিলহেঁতেন আৰু নিহত নহ’লহেঁতেন’। ফলত আল্লাহে এই বিষয়টোক সিহঁতৰ মনত দুখ আৰু চিন্তা সৃষ্টিৰ কাৰণত পৰিণত কৰিলে; দৰাচলতে আল্লাহেই জীৱন দান কৰে আৰু মৃত্যু ঘটায়, আৰু তোমালোকে যি কৰা সেই সম্পৰ্কে আল্লাহ সম্যক দ্ৰষ্টা।




وَلَىِٕنْ قُتِلْتُمْ فِیْ سَبِیْلِ اللّٰهِ اَوْ مُتُّمْ لَمَغْفِرَةٌ مِّنَ اللّٰهِ وَرَحْمَةٌ خَیْرٌ مِّمَّا یَجْمَعُوْنَ ١٥٧

157. যদি তোমালোকে আল্লাহৰ পথত নিহত হোৱা অথবা তোমালোকে মৃত্যুবৰণ কৰা, (তেন্তে জানি থোৱা) আল্লাহৰ ক্ষমা আৰু দয়া সিহঁতে সঞ্চয় কৰা সম্পদতকৈও উত্তম।




وَلَىِٕنْ مُّتُّمْ اَوْ قُتِلْتُمْ لَاۡاِلَی اللّٰهِ تُحْشَرُوْنَ ١٥٨

158. আৰু যদি তোমালোকে মৃত্যুবৰণ কৰা অথবা তোমালোকক হত্যা কৰা হয় তেন্তে তোমালোকক আল্লাহৰ ওচৰতেই সমবেত কৰা হ’ব।




فَبِمَا رَحْمَةٍ مِّنَ اللّٰهِ لِنْتَ لَهُمْ ۚ وَلَوْ كُنْتَ فَظًّا غَلِیْظَ الْقَلْبِ لَا نْفَضُّوْا مِنْ حَوْلِكَ فَاعْفُ عَنْهُمْ وَاسْتَغْفِرْ لَهُمْ وَشَاوِرْهُمْ فِی الْاَمْرِ ۚ فَاِذَا عَزَمْتَ فَتَوَكَّلْ عَلَی اللّٰهِ ؕ اِنَّ اللّٰهَ یُحِبُّ الْمُتَوَكِّلِیْنَ ١٥٩

159. এতেকে আল্লাহৰ কৃপাত তুমি সিহঁতৰ প্ৰতি কোমল-হৃদয় হৈছিলা; যদি তুমি ৰূঢ় আৰু কঠোৰচিত্ত হ’লাহেঁতেন তেন্তে সিহঁত নিশ্চয় তোমাৰ সঙ্গ ত্যাগ কৰিলেহেঁতেন। এতেকে তুমি সিহঁতক ক্ষমা কৰি দিয়া আৰু সিহঁতৰ বাবে ক্ষমা প্ৰাৰ্থনা কৰা আৰু কাম-কাজৰ বাবে সিহঁতৰ লগত পৰামৰ্শ কৰা, তাৰ পিছত তুমি কোনো সংকল্প কৰিলে আল্লাহৰ ওপৰত নিৰ্ভৰ কৰা; নিশ্চয় আল্লাহে (তেওঁৰ ওপৰত) নিৰ্ভৰকাৰীসকলক ভালপায়।




اِنْ یَّنْصُرْكُمُ اللّٰهُ فَلَا غَالِبَ لَكُمْ ۚ وَاِنْ یَّخْذُلْكُمْ فَمَنْ ذَا الَّذِیْ یَنْصُرُكُمْ مِّنْۢ بَعْدِهٖ ؕ وَعَلَی اللّٰهِ فَلْیَتَوَكَّلِ الْمُؤْمِنُوْنَ ١٦٠

160. আল্লাহে তোমালোকক সহায় কৰিলে তোমালোকৰ ওপৰত কোনেও জয়ী হ’ব নোৱাৰিব; আনহাতে তেওঁ তোমালোকক সহায় নকৰিলে, তেওঁৰ বাহিৰে কোন আছে, যিয়ে তোমালোকক সহায় কৰিব? এতেকে মুমিনসকলে আল্লাহৰ ওপৰতেই নিৰ্ভৰ কৰা উচিত।




وَمَا كَانَ لِنَبِیٍّ اَنْ یَّغُلَّ ؕ وَمَنْ یَّغْلُلْ یَاْتِ بِمَا غَلَّ یَوْمَ الْقِیٰمَةِ ۚ ثُمَّ تُوَفّٰی كُلُّ نَفْسٍ مَّا كَسَبَتْ وَهُمْ لَا یُظْلَمُوْنَ ١٦١

161. আৰু কোনো নবীৰ বাবে উচিত নহয় যে, তেওঁ ‘গলুল’ (অন্যায়ভাৱে কোনো বস্তু গোপন বা আত্মসাৎ) কৰিব, এইটো অসম্ভৱ। যিয়ে অন্যায়ভাৱে কিবা গোপন কৰিব, কিয়ামতৰ দিনা সি সেই অন্যায়ভাৱে গোপন কৰা বস্তু লগত লৈ উপস্থিত হ’ব। তাৰ পিছত প্ৰত্যেককে নিজে যি উপাৰ্জন কৰিছে তাৰ প্ৰতিফল পূৰ্ণ মাত্ৰাত প্ৰদান কৰা হ’ব। সিহঁতৰ প্ৰতি কোনো অন্যায় কৰা নহ’ব।




اَفَمَنِ اتَّبَعَ رِضْوَانَ اللّٰهِ كَمَنْۢ بَآءَ بِسَخَطٍ مِّنَ اللّٰهِ وَمَاْوٰىهُ جَهَنَّمُ ؕ وَبِئْسَ الْمَصِیْرُ ١٦٢

162. যিয়ে আল্লাহৰ সন্তুষ্টিৰ অনুসৰণ কৰিছে, তেওঁ সেই ব্যক্তিৰ দৰে হ’ব পাৰে নেকি যিয়ে আল্লাহৰ ক্ৰোধৰ পাত্ৰ হৈছে আৰু জাহান্নামেই যাৰ আবাস? সেইটো কিমান যে নিকৃষ্ট প্ৰত্যাৱৰ্তনস্থল!




هُمْ دَرَجٰتٌ عِنْدَ اللّٰهِ ؕ وَاللّٰهُ بَصِیْرٌۢ بِمَا یَعْمَلُوْنَ ١٦٣

163. আল্লাহৰ ওচৰত তেওঁলোক বিভিন্ন স্তৰৰ; তেওঁলোকে যি কৰে সেই বিষয়ে আল্লাহ সম্যক দ্ৰষ্টা।




لَقَدْ مَنَّ اللّٰهُ عَلَی الْمُؤْمِنِیْنَ اِذْ بَعَثَ فِیْهِمْ رَسُوْلًا مِّنْ اَنْفُسِهِمْ یَتْلُوْا عَلَیْهِمْ اٰیٰتِهٖ وَیُزَكِّیْهِمْ وَیُعَلِّمُهُمُ الْكِتٰبَ وَالْحِكْمَةَ ۚ وَاِنْ كَانُوْا مِنْ قَبْلُ لَفِیْ ضَلٰلٍ مُّبِیْنٍ ١٦٤

164. নিশ্চয় আল্লাহে মুমিনসকলৰ প্ৰতি অনুগ্ৰহ কৰিছে যে, তেওঁ সিহঁতৰ মাজৰ পৰাই সিহঁতৰ ওচৰলৈ এজন ৰাছুল পঠিয়াইছে, যিজনে তেওঁৰ আয়াতসমূহ সিহঁতৰ ওচৰত তিলাৱত কৰে, সিহঁতক পৰিশুদ্ধ কৰে লগতে সিহঁতক কিতাব আৰু হিকমতৰ শিক্ষা দিয়ে, যদিও সিহঁত আগতে স্পষ্ট বিভ্ৰান্তিত আছিল।




اَوَلَمَّاۤ اَصَابَتْكُمْ مُّصِیْبَةٌ قَدْ اَصَبْتُمْ مِّثْلَیْهَا ۙ قُلْتُمْ اَنّٰی هٰذَا ؕ قُلْ هُوَمِنْ عِنْدِ اَنْفُسِكُمْ ؕ اِنَّ اللّٰهَ عَلٰی كُلِّ شَیْءٍ قَدِیْرٌ ١٦٥

165. কি হ’ল তোমালোকৰ! যেতিয়া তোমালোকৰ ওপৰত বিপদ আহিছিল (উহুদৰ যুদ্ধত) তেতিয়া তোমালোকে কৈছিলা, ‘এইটো ক’ৰ পৰা আহিল’? অথচ তোমালোকে (বদৰৰ যুদ্ধত) সিহঁতৰ ওপৰত দ্বিগুণ বিপদ আনিছিলা। কোৱা, ‘এইটো তোমালোকৰ নিজৰ (দোষৰ) কাৰণেই আহিছে’; নিশ্চয় আল্লাহ সকলো বস্তুৰ ওপৰত পূৰ্ণ ক্ষমতাৱান।




وَمَاۤ اَصَابَكُمْ یَوْمَ الْتَقَی الْجَمْعٰنِ فَبِاِذْنِ اللّٰهِ وَلِیَعْلَمَ الْمُؤْمِنِیْنَ ١٦٦

166. আৰু যিদিনা দুয়ো দল পৰস্পৰ সন্মুখীন হৈছিল, সেইদিনা তোমালোকৰ ওপৰত যি বিপৰ্যয় ঘটিছিল সেয়া আল্লাহৰ অনুমতিক্ৰমেই হৈছিল; যাতে তেওঁ প্ৰকাশ কৰে, কোন তোমালোকৰ মাজত প্ৰকৃত মুমিন।




وَلِیَعْلَمَ الَّذِیْنَ نَافَقُوْا ۖۚ وَقِیْلَ لَهُمْ تَعَالَوْا قَاتِلُوْا فِیْ سَبِیْلِ اللّٰهِ اَوِ ادْفَعُوْا ؕ قَالُوْا لَوْ نَعْلَمُ قِتَالًا لَّا تَّبَعْنٰكُمْ ؕ هُمْ لِلْكُفْرِ یَوْمَىِٕذٍ اَقْرَبُ مِنْهُمْ لِلْاِیْمَانِ ۚ یَقُوْلُوْنَ بِاَفْوَاهِهِمْ مَّا لَیْسَ فِیْ قُلُوْبِهِمْ ؕ وَاللّٰهُ اَعْلَمُ بِمَا یَكْتُمُوْنَ ١٦٧

167. আৰু মুনাফিকসকলক প্ৰকাশ কৰাৰ বাবে; আৰু সিহঁতক কোৱা হৈছিল, ‘আহা, তোমালোকে আল্লাহৰ পথত যুদ্ধ কৰিবা অথবা প্ৰতিৰক্ষা কৰিবা’। সিহঁতে কৈছিল, ‘যদি যুদ্ধ হ’ব বুলি জানিলোহেঁতেন তেন্তে আমি তোমালোকৰ অনুসৰণ কৰিলোহেঁতেন’। সেইদিনা সিহঁত ঈমানতকৈ কুফৰীৰ বেছি ওচৰত আছিল। সিহঁতে মুখেৰে যিবোৰ কয় আচলতে সেয়া সিহঁতৰ অন্তৰত নাই আৰু সিহঁতে যিবোৰ গোপন কৰি ৰাখে, সেই বিষয়ে আল্লাহ অধিক অৱগত।




اَلَّذِیْنَ قَالُوْا لِاِخْوَانِهِمْ وَقَعَدُوْا لَوْ اَطَاعُوْنَا مَا قُتِلُوْا ؕ قُلْ فَادْرَءُوْا عَنْ اَنْفُسِكُمُ الْمَوْتَ اِنْ كُنْتُمْ صٰدِقِیْنَ ١٦٨

168. যিসকলে ঘৰতে বহি নিজ ভাতৃসকলৰ বিষয়ে কৈছিল যে, ‘যদি সিহঁত আমাৰ অনুসৰণ কৰিলেহেঁতেন তেন্তে নিশ্চয় সিহঁত নিহত নহ’লহেঁতেন’। সিহঁতক কোৱা, ‘যদি তোমালোকে সত্যবাদী হোৱা তেন্তে নিজকে মৃত্যুৰ পৰা ৰক্ষা কৰাচোন’।




وَلَا تَحْسَبَنَّ الَّذِیْنَ قُتِلُوْا فِیْ سَبِیْلِ اللّٰهِ اَمْوَاتًا ؕ بَلْ اَحْیَآءٌ عِنْدَ رَبِّهِمْ یُرْزَقُوْنَ ١٦٩

169. যিসকলে আল্লাহৰ পথত নিহত হৈছে তেওঁলোকক কেতিয়াও মৃত বুলি ধাৰণা নকৰিবা; বৰং তেওঁলোক নিজ প্ৰতিপালকৰ ওচৰত জীৱিত আছে আৰু তেওঁলোকক জীৱিকাও দিয়া হয়।




فَرِحِیْنَ بِمَاۤ اٰتٰىهُمُ اللّٰهُ مِنْ فَضْلِهٖ ۙ وَیَسْتَبْشِرُوْنَ بِالَّذِیْنَ لَمْ یَلْحَقُوْا بِهِمْ مِّنْ خَلْفِهِمْ ۙ اَلَّا خَوْفٌ عَلَیْهِمْ وَلَا هُمْ یَحْزَنُوْنَ ١٧٠

170. আল্লাহে নিজ অনুগ্ৰহত তেওঁলোকক যি প্ৰদান কৰিছে তাকলৈ তেওঁলোক আনন্দিত আৰু (যুদ্ধৰ সময়ত) তেওঁলোকৰ পিছত যিসকলে এতিয়াও তেওঁলোকৰ লগত মিলিত হোৱা নাই তেওঁলোকৰ বাবেও আনন্দ প্ৰকাশ কৰে যে, তেওঁলোকৰ কোনো ভয় নাই আৰু তেওঁলোক চিন্তিতও নহ’ব।




یَسْتَبْشِرُوْنَ بِنِعْمَةٍ مِّنَ اللّٰهِ وَفَضْلٍ ۙ وَاَنَّ اللّٰهَ لَا یُضِیْعُ اَجْرَ الْمُؤْمِنِیْنَ ١٧١

171. তেওঁলোকে আল্লাহৰ নিয়ামত আৰু অনুগ্ৰহ পাই আনন্দ প্ৰকাশ কৰে। নিশ্চয় আল্লাহে মুমিনসকলৰ শ্ৰমফল বিনষ্ট নকৰে।




اَلَّذِیْنَ اسْتَجَابُوْا لِلّٰهِ وَالرَّسُوْلِ مِنْۢ بَعْدِ مَاۤ اَصَابَهُمُ الْقَرْحُ ۛؕ لِلَّذِیْنَ اَحْسَنُوْا مِنْهُمْ وَاتَّقَوْا اَجْرٌ عَظِیْمٌ ١٧٢

172. যিসকলে আহত হোৱাৰ পিছতো আল্লাহ আৰু ৰাছুলৰ আহ্বানত সঁহাৰি দিছিল। তেওঁলোকৰ মাজৰ যিসকলে সৎকৰ্ম কৰিছে আৰু তাক্বৱা অৱলম্বন কৰিছে, তেওঁলোকৰ বাবে আছে মহাপুৰস্কাৰ।




اَلَّذِیْنَ قَالَ لَهُمُ النَّاسُ اِنَّ النَّاسَ قَدْ جَمَعُوْا لَكُمْ فَاخْشَوْهُمْ فَزَادَهُمْ اِیْمَانًا ۖۗ وَقَالُوْا حَسْبُنَا اللّٰهُ وَنِعْمَ الْوَكِیْلُ ١٧٣

173. তেওঁলোকক মানুহে কৈছিল, ‘তোমালোকৰ বিৰুদ্ধে সৈন্যবাহিনী সমবেত হৈছে, গতিকে তোমালোকে সিহঁতক ভয় কৰা উচিত’, কিন্তু এই কথাই তেওঁলোকৰ ঈমান আৰু অধিক বৃদ্ধিহে কৰিলে লগতে তেওঁলোকে ক’লে, ‘আল্লাহেই আমাৰ বাবে যথেষ্ট আৰু তেওঁ কিমান যে উত্তম কৰ্মবিধায়ক’!




فَانْقَلَبُوْا بِنِعْمَةٍ مِّنَ اللّٰهِ وَفَضْلٍ لَّمْ یَمْسَسْهُمْ سُوْٓءٌ ۙ وَاتَّبَعُوْا رِضْوَانَ اللّٰهِ ؕ وَاللّٰهُ ذُوْ فَضْلٍ عَظِیْمٍ ١٧٤

174. তাৰ পিছত তেওঁলোক আল্লাহৰ নিয়ামত আৰু অনুগ্ৰহসহ উভতি আহিছিল, কোনো অনিষ্টই তেওঁলোকক স্পৰ্শ কৰা নাছিল আৰু তেওঁলোকে আল্লাহৰ সন্তুষ্টিৰ অনুসৰণ কৰিছিল; (জানি থোৱা) আল্লাহ মহা অনুগ্ৰহশীল।




اِنَّمَا ذٰلِكُمُ الشَّیْطٰنُ یُخَوِّفُ اَوْلِیَآءَهٗ فَلَا تَخَافُوْهُمْ وَخَافُوْنِ اِنْ كُنْتُمْ مُّؤْمِنِیْنَ ١٧٥

175. দৰাচলতে সেই (ভয় দেখুৱা ব্যক্তি)জন আছিল চয়তান। যিয়ে তোমালোকক তাৰ (কাফিৰ) বন্ধুসকলৰ ভয় দেখুৱায়; এতেকে যদি তোমালোকে মুমিন হোৱা, তেন্তে সিহঁতক কেতিয়াও ভয় নকৰিবা, কেৱল মোকেই ভয় কৰা।




وَلَا یَحْزُنْكَ الَّذِیْنَ یُسَارِعُوْنَ فِی الْكُفْرِ ۚ اِنَّهُمْ لَنْ یَّضُرُّوا اللّٰهَ شَیْـًٔا ؕ یُرِیْدُ اللّٰهُ اَلَّا یَجْعَلَ لَهُمْ حَظًّا فِی الْاٰخِرَةِ ۚ وَلَهُمْ عَذَابٌ عَظِیْمٌ ١٧٦

176. যিসকলে কুফুৰীৰ ফালে দ্ৰুতগামী, সিহঁতৰ আচৰণে যেন তোমাক দুশ্চিন্তাগ্ৰস্ত নকৰে। সিহঁতে কেতিয়াও আল্লাহৰ ক্ষতি কৰিব নোৱাৰিব। আল্লাহে আখিৰাতত সিহঁতক কোনো অংশ দিব নিবিচাৰে; আৰু সিহঁতৰ বাবে আছে মহা শাস্তি।




اِنَّ الَّذِیْنَ اشْتَرَوُا الْكُفْرَ بِالْاِیْمَانِ لَنْ یَّضُرُّوا اللّٰهَ شَیْـًٔا ۚ وَلَهُمْ عَذَابٌ اَلِیْمٌ ١٧٧

177. নিশ্চয় যিসকলে ঈমানৰ বিনিময়ত কুফুৰী কিনি লৈছে সিহঁতে কেতিয়াও আল্লাহৰ কোনো ক্ষতি কৰিব নোৱাৰিব। সিহঁতৰ বাবে আছে যন্ত্ৰণাদায়ক শাস্তি।




وَلَا یَحْسَبَنَّ الَّذِیْنَ كَفَرُوْۤا اَنَّمَا نُمْلِیْ لَهُمْ خَیْرٌ لِّاَنْفُسِهِمْ ؕ اِنَّمَا نُمْلِیْ لَهُمْ لِیَزْدَادُوْۤا اِثْمًا ۚ وَلَهُمْ عَذَابٌ مُّهِیْنٌ ١٧٨

178. কাফিৰসকলে যেন কদাপিও এইটো ধাৰণা নকৰে যে, আমি সিহঁতক যিটো অৱকাশ দিওঁ সেয়া সিহঁতৰ বাবে মঙ্গলজনক; বৰং আমি সিহঁতক এইকাৰণে অৱকাশ দিওঁ যাতে সিহঁতৰ পাপ বৃদ্ধি হয়। কাৰণ সিহঁতৰ বাবে আছে লাঞ্ছনাদায়ক শাস্তি।




مَا كَانَ اللّٰهُ لِیَذَرَ الْمُؤْمِنِیْنَ عَلٰی مَاۤ اَنْتُمْ عَلَیْهِ حَتّٰی یَمِیْزَ الْخَبِیْثَ مِنَ الطَّیِّبِ ؕ وَمَا كَانَ اللّٰهُ لِیُطْلِعَكُمْ عَلَی الْغَیْبِ وَلٰكِنَّ اللّٰهَ یَجْتَبِیْ مِنْ رُّسُلِهٖ مَنْ یَّشَآءُ فَاٰمِنُوْا بِاللّٰهِ وَرُسُلِهٖ ۚ وَاِنْ تُؤْمِنُوْا وَتَتَّقُوْا فَلَكُمْ اَجْرٌ عَظِیْمٌ ١٧٩

179. পৱিত্ৰক (মুমিনক) অপৱিত্ৰৰ (মুনাফিকৰ) পৰা পৃথক নকৰালৈকে তোমালোকে যি অৱস্থাত আছা সেই অৱস্থাত আল্লাহে মুমিনসকলক এৰি দিব নোৱাৰে। এইদৰে গায়েব (অদৃশ্য) সম্পৰ্কে তোমালোকক অৱহিত কৰাটোও আল্লাহৰ নিয়ম নহয়; কিন্তু (এইক্ষেত্ৰত) আল্লাহে তেওঁৰ ৰাছুলসকলৰ মাজৰ পৰা যাক ইচ্ছা মনোনীত কৰে। গতিকে তোমালোকে আল্লাহ আৰু তেওঁৰ ৰাছুলসকলৰ ওপৰত ঈমান পোষণ কৰা। যদি তোমালোকে ঈমান পোষণ কৰা আৰু তাক্বৱা অৱলম্বন কৰা তেন্তে তোমালোকৰ বাবে আছে মহা পুৰস্কাৰ।




وَلَا یَحْسَبَنَّ الَّذِیْنَ یَبْخَلُوْنَ بِمَاۤ اٰتٰىهُمُ اللّٰهُ مِنْ فَضْلِهٖ هُوَخَیْرًا لَّهُمْ ؕ بَلْ هُوَشَرٌّ لَّهُمْ ؕ سَیُطَوَّقُوْنَ مَا بَخِلُوْا بِهٖ یَوْمَ الْقِیٰمَةِ ؕ وَلِلّٰهِ مِیْرَاثُ السَّمٰوٰتِ وَالْاَرْضِ ؕ وَاللّٰهُ بِمَا تَعْمَلُوْنَ خَبِیْرٌ ١٨٠

180. আৰু আল্লাহে নিজ অনুগ্ৰহৰ পৰা সিহঁতক যি দান কৰিছে তাকলৈ যিসকলে কৃপণতা কৰে সিহঁতে যেন এই ধাৰণা নকৰে যে, সিহঁতৰ বাবে এইটো কল্যাণকৰ। বৰং এই (কৃপণতা) সিহঁতৰ বাবে অমঙ্গল। সিহঁতে যি সম্পত্তিকলৈ কৃপণতা কৰি আছে কিয়ামতৰ দিনা সেইটোৱে সিহঁতৰ গলাৱদ্ধ কৰি দিয়া হ’ব। আকাশমণ্ডল আৰু পৃথিৱীৰ স্বত্বাধিকাৰ একমাত্ৰ আল্লাহৰেই। তোমালোকে যি কৰা সেই সম্পৰ্কে আল্লাহ সবিশেষ অৱগত।