ছুৰা আলে-ইমৰাণ
لَقَدْ سَمِعَ اللّٰهُ قَوْلَ الَّذِیْنَ قَالُوْۤا اِنَّ اللّٰهَ فَقِیْرٌ وَّنَحْنُ اَغْنِیَآءُ ۘ سَنَكْتُبُ مَا قَالُوْا وَقَتْلَهُمُ الْاَنْۢبِیَآءَ بِغَیْرِ حَقٍّ ۙ وَنَقُوْلُ ذُوْقُوْا عَذَابَ الْحَرِیْقِ ١٨١
181. নিশ্চয় আল্লাহে সিহঁতৰ কথা শুনিছে যিসকলে কয়, ‘নিশ্চয় আল্লাহ অভাৱগ্ৰস্ত আৰু আমিহে অভাৱমুক্ত’। নিশ্চয় আমি লিখি ৰাখিম সিহঁতৰ এই কথা আৰু নবীসকলক অন্যায়ভাৱে হত্যাৰ বিষয়টোও; আৰু আমি ক’ম, ‘তোমালোকে দহন যন্ত্ৰণাৰ সোৱাদ লোৱা’।
ذٰلِكَ بِمَا قَدَّمَتْ اَیْدِیْكُمْ وَاَنَّ اللّٰهَ لَیْسَ بِظَلَّامٍ لِّلْعَبِیْدِ ١٨٢
182. এয়াই হৈছে তোমালোকৰ কৃতকৰ্মৰ ফল আৰু নিশ্চয় আল্লাহ বান্দাহসকলৰ প্ৰতি অন্যায়কাৰী নহয়।
اَلَّذِیْنَ قَالُوْۤا اِنَّ اللّٰهَ عَهِدَ اِلَیْنَاۤ اَلَّا نُؤْمِنَ لِرَسُوْلٍ حَتّٰی یَاْتِیَنَا بِقُرْبَانٍ تَاْكُلُهُ النَّارُ ؕ قُلْ قَدْ جَآءَكُمْ رُسُلٌ مِّنْ قَبْلِیْ بِالْبَیِّنٰتِ وَبِالَّذِیْ قُلْتُمْ فَلِمَ قَتَلْتُمُوْهُمْ اِنْ كُنْتُمْ صٰدِقِیْنَ ١٨٣
183. যিসকলে কয়, ‘নিশ্চয় আল্লাহে আমাক অংগীকাৰ দিছিল যে, আমি যাতে কোনো ৰাছুলৰ প্ৰতি ঈমান পোষণ নকৰোঁ, যেতিয়ালৈকে তেওঁ আমাৰ ওচৰত এনেকুৱা কুৰবানী নকৰিব যিটোক অগ্নি শিখাই খাই পেলাব’। সিহঁতক কোৱা, ‘মোৰ আগত বহুতো ৰাছুল স্পষ্ট নিদৰ্শনলৈ আৰু তোমালোকে যি কৈ আছা সেইটোসহ তোমালোকৰ ওচৰলৈ আহিছিল, যদি তোমালোকে সত্যবাদী হোৱা তেন্তে কিয় তোমালোকে তেওঁলোকক হত্যা কৰিছিলা’।
فَاِنْ كَذَّبُوْكَ فَقَدْ كُذِّبَ رُسُلٌ مِّنْ قَبْلِكَ جَآءُوْ بِالْبَیِّنٰتِ وَالزُّبُرِ وَالْكِتٰبِ الْمُنِیْرِ ١٨٤
184. এতেকে যদি সিহঁতে তোমাৰ প্ৰতি মিথ্যাৰোপ কৰে, তেন্তে (জানি থোৱা) তোমাৰ আগত যিসকল ৰাছুল স্পষ্ট নিদৰ্শনলৈ, আচমানী ছহীফা আৰু দিপ্তিমান কিতাবলৈ আহিছিল তেওঁলোকৰ প্ৰতিও মিথ্যাৰোপ কৰা হৈছিল।
كُلُّ نَفْسٍ ذَآىِٕقَةُ الْمَوْتِ ؕ وَاِنَّمَا تُوَفَّوْنَ اُجُوْرَكُمْ یَوْمَ الْقِیٰمَةِ ؕ فَمَنْ زُحْزِحَ عَنِ النَّارِ وَاُدْخِلَ الْجَنَّةَ فَقَدْ فَازَ ؕ وَمَا الْحَیٰوةُ الدُّنْیَاۤ اِلَّا مَتَاعُ الْغُرُوْرِ ١٨٥
185. প্ৰতিটো প্ৰাণীয়েই মৃত্যুৰ সোৱাদ গ্ৰহণ কৰিব; আৰু কিয়ামতৰ দিনা তোমালোকৰ কৰ্মফল পৰিপূৰ্ণভাৱে প্ৰদান কৰা হ’ব। এতেকে যাক জুইৰ পৰা আঁতৰত ৰখা হ’ব আৰু জান্নাতত প্ৰৱেশ কৰোৱা হ’ব তেৱেঁই সফল। পাৰ্থিৱ জীৱনটো ছলনাময় ভোগৰ বাহিৰে আন একো নহয়।
لَتُبْلَوُنَّ فِیْۤ اَمْوَالِكُمْ وَاَنْفُسِكُمْ وَلَتَسْمَعُنَّ مِنَ الَّذِیْنَ اُوْتُوا الْكِتٰبَ مِنْ قَبْلِكُمْ وَمِنَ الَّذِیْنَ اَشْرَكُوْۤا اَذًی كَثِیْرًا ؕ وَاِنْ تَصْبِرُوْا وَتَتَّقُوْا فَاِنَّ ذٰلِكَ مِنْ عَزْمِ الْاُمُوْرِ ١٨٦
186. নিশ্চয় তোমালোকক তোমালোকৰ ধন-সম্পদ আৰু নিজৰ জীৱন সম্পৰ্কে পৰীক্ষা কৰা হ’ব। তোমালোকৰ পূৰ্বে যিসকলক কিতাব প্ৰদান কৰা হৈছিল সিহঁতৰ পৰা আৰু মুশ্বৰিকসকলৰ পৰা তোমালোকে বহুতো কষ্টদায়ক কথা শুনিবলৈ পাবা। যদি তোমালোকে ধৈৰ্য্য ধাৰণ কৰা আৰু তাক্বৱা অৱলম্বন কৰা তেন্তে নিশ্চয় সেয়া হ’ব দৃঢ় সংকল্পৰ কাম।
وَاِذْ اَخَذَ اللّٰهُ مِیْثَاقَ الَّذِیْنَ اُوْتُوا الْكِتٰبَ لَتُبَیِّنُنَّهٗ لِلنَّاسِ وَلَا تَكْتُمُوْنَهٗ ؗ فَنَبَذُوْهُ وَرَآءَ ظُهُوْرِهِمْ وَاشْتَرَوْا بِهٖ ثَمَنًا قَلِیْلًا ؕ فَبِئْسَ مَا یَشْتَرُوْنَ ١٨٧
187. স্মৰণ কৰা, যেতিয়া আল্লাহে কিতাবীসকলৰ পৰা প্ৰতিশ্ৰুতি লৈছিল যে, ‘নিশ্চয় তোমালোকে ইয়াক মানুহৰ ওচৰত স্পষ্টভাৱে প্ৰকাশ কৰিবা আৰু ইয়াক গোপন নকৰিবা’। ইয়াৰ পিছতো সিহঁতে ইয়াক (অগ্ৰাহ্য কৰি) সিহঁতৰ পিছফালে পেলাই দিছিল আৰু তুচ্ছ মুল্যত বিক্ৰী কৰিছিল, গতিকে সিহঁতে যিটো ক্ৰয় কৰে সেয়া কিমান যে নিকৃষ্ট!
لَا تَحْسَبَنَّ الَّذِیْنَ یَفْرَحُوْنَ بِمَاۤ اَتَوْا وَیُحِبُّوْنَ اَنْ یُّحْمَدُوْا بِمَا لَمْ یَفْعَلُوْا فَلَا تَحْسَبَنَّهُمْ بِمَفَازَةٍ مِّنَ الْعَذَابِ ۚ وَلَهُمْ عَذَابٌ اَلِیْمٌ ١٨٨
188. যিসকলে নিজৰ কৃতকৰ্মকলৈ আনন্দ প্ৰকাশ কৰে আৰু যিটো কাম নিজে কৰা নাই তেনেকুৱা কামৰ বাবেও প্ৰশংসিত হ’বলৈ ভালপায়, তুমি কেতিয়াও ধাৰণা নকৰিবা যে, সিহঁতে শাস্তিৰ পৰা মুক্তি পাব; সিহঁতৰ বাবে আছে যন্ত্ৰণাদায়ক শাস্তি।
وَلِلّٰهِ مُلْكُ السَّمٰوٰتِ وَالْاَرْضِ ؕ وَاللّٰهُ عَلٰی كُلِّ شَیْءٍ قَدِیْرٌ ١٨٩
189. আকাশমণ্ডল আৰু পৃথিৱীৰ সাৰ্বভৌম ৰাজত্ব একমাত্ৰ আল্লাহৰেই; আৰু আল্লাহ সকলো বস্তুৰ ওপৰত ক্ষমতাৱান।
اِنَّ فِیْ خَلْقِ السَّمٰوٰتِ وَالْاَرْضِ وَاخْتِلَافِ الَّیْلِ وَالنَّهَارِ لَاٰیٰتٍ لِّاُولِی الْاَلْبَابِ ١٩٠
190. নিশ্চয় আকাশসমূহ আৰু পৃথিৱীৰ সৃষ্টিত, লগতে ৰাতি আৰু দিনৰ বিৱৰ্তনৰ মাজত বিবেকসম্পন্ন লোকসকলৰ বাবে বহুতো নিদৰ্শনাৱলী আছে।
الَّذِیْنَ یَذْكُرُوْنَ اللّٰهَ قِیٰمًا وَّقُعُوْدًا وَّعَلٰی جُنُوْبِهِمْ وَیَتَفَكَّرُوْنَ فِیْ خَلْقِ السَّمٰوٰتِ وَالْاَرْضِ ۚ رَبَّنَا مَا خَلَقْتَ هٰذَا بَاطِلًا ۚ سُبْحٰنَكَ فَقِنَا عَذَابَ النَّارِ ١٩١
191. যিসকলে থিয় হৈ, বহি আৰু শুই শুই আল্লাহক স্মৰণ কৰে আৰু আকাশসমূহ আৰু পৃথিৱীৰ সৃষ্টি সম্পৰ্কে চিন্তা কৰে, লগতে কয়, ‘হে আমাৰ প্ৰতিপালক! তুমি এইবোৰ অনৰ্থক সৃষ্টি কৰা নাই, তুমি অত্যন্ত পৱিত্ৰ, এতেকে তুমি আমাক জুইৰ শাস্তিৰ পৰা ৰক্ষা কৰা’।
رَبَّنَاۤ اِنَّكَ مَنْ تُدْخِلِ النَّارَ فَقَدْ اَخْزَیْتَهٗ ؕ وَمَا لِلظّٰلِمِیْنَ مِنْ اَنْصَارٍ ١٩٢
192. হে আমাৰ প্ৰতিপালক! ‘তুমি যাক জুইত নিক্ষেপ কৰিবা, নিশ্চয় তুমি তাক অপমান কৰিবা; আৰু যালিমসকলৰ বাবে কোনো সহায়কাৰী নাই’।
رَبَّنَاۤ اِنَّنَا سَمِعْنَا مُنَادِیًا یُّنَادِیْ لِلْاِیْمَانِ اَنْ اٰمِنُوْا بِرَبِّكُمْ فَاٰمَنَّا ۖۗ رَبَّنَا فَاغْفِرْ لَنَا ذُنُوْبَنَا وَكَفِّرْ عَنَّا سَیِّاٰتِنَا وَتَوَفَّنَا مَعَ الْاَبْرَارِ ١٩٣
193. হে আমাৰ প্ৰতিপালক! ‘আমি এজন আহ্বায়কক ঈমানৰ পিনে আহ্বান কৰা শুনিছোঁ যে, ‘তোমালোকে তোমালোকৰ প্ৰতিপালকৰ প্ৰতি ঈমান পোষণ কৰা’। সেয়ে আমি ঈমান আনিছোঁ। হে আমাৰ প্ৰতিপালক! ‘তুমি আমাৰ পাপসমূহ ক্ষমা কৰি দিয়া, আৰু আমাৰ ত্ৰুটি-বিচ্যুতিসমূহ দূৰ কৰা, লগতে আমাক সৎকৰ্মপৰায়ণ লোকসকলৰ সহগামী কৰি মৃত্যু প্ৰদান কৰা’।
رَبَّنَا وَاٰتِنَا مَا وَعَدْتَّنَا عَلٰی رُسُلِكَ وَلَا تُخْزِنَا یَوْمَ الْقِیٰمَةِ ؕ اِنَّكَ لَا تُخْلِفُ الْمِیْعَادَ ١٩٤
194. হে আমাৰ প্ৰতিপালক! ‘তোমাৰ ৰাছুলসকলৰ মাধ্যমত আমাক যিটো দিবলৈ প্ৰতিশ্ৰুতি দিছা সেয়া আমাক দান কৰা আৰু কিয়ামতৰ দিনা আমাক অপমান নকৰিবা। নিশ্চয় তুমি প্ৰতিশ্ৰুতিৰ ব্যতিক্ৰম নকৰা’।
فَاسْتَجَابَ لَهُمْ رَبُّهُمْ اَنِّیْ لَاۤ اُضِیْعُ عَمَلَ عَامِلٍ مِّنْكُمْ مِّنْ ذَكَرٍ اَوْ اُنْثٰی ۚ بَعْضُكُمْ مِّنْۢ بَعْضٍ ۚ فَالَّذِیْنَ هَاجَرُوْا وَاُخْرِجُوْا مِنْ دِیَارِهِمْ وَاُوْذُوْا فِیْ سَبِیْلِیْ وَقٰتَلُوْا وَقُتِلُوْا لَاُكَفِّرَنَّ عَنْهُمْ سَیِّاٰتِهِمْ وَلَاُدْخِلَنَّهُمْ جَنّٰتٍ تَجْرِیْ مِنْ تَحْتِهَا الْاَنْهٰرُ ۚ ثَوَابًا مِّنْ عِنْدِ اللّٰهِ ؕ وَاللّٰهُ عِنْدَهٗ حُسْنُ الثَّوَابِ ١٩٥
195. তাৰ পিছত সিহঁতৰ প্ৰতিপালকে সিহঁতৰ আহ্বানত সঁহাৰি দি ক’লে, ‘নিশ্চয় মই তোমালোকৰ মাজৰ আমলকাৰী কোনো নৰ বা নাৰীৰ আমল বিনষ্ট নকৰোঁ তোমালোকে ইজনে সিজনৰ অংশ। এতেকে যিসকলে হিজৰত কৰিছে, নিজ ঘৰৰ পৰা উৎখাত হৈছে, আৰু মোৰ পথত নিৰ্যাতিত হৈছে তথা যুদ্ধ কৰিছে লগতে নিহতও হৈছে, নিশ্চয় মই সিহঁতৰ পাপসমূহ মোচন কৰি দিম আৰু সিহঁতক জান্নাতত প্ৰৱেশ কৰাম, যাৰ তলত নদীসমূহ প্ৰবাহিত থাকিব। এইটোৱে হৈছে আল্লাহৰ তৰফৰ পৰা পুৰস্কাৰ; আৰু উত্তম পুৰস্কাৰ আল্লাহৰ ওচৰতেই আছে’।
لَا یَغُرَّنَّكَ تَقَلُّبُ الَّذِیْنَ كَفَرُوْا فِی الْبِلَادِ ١٩٦
196. যিসকলে কুফুৰী কৰিছে, দেশ-বিদেশলৈ সিহঁতৰ অবাধ বিচৰণে যেন তোমাক বিচলিত নকৰে।
مَتَاعٌ قَلِیْلٌ ثُمَّ مَاْوٰىهُمْ جَهَنَّمُ ؕ وَبِئْسَ الْمِهَادُ ١٩٧
197. এইবোৰ হৈছে সামান্য ভোগ-বিলাস মাত্ৰ। ইয়াৰ পিছত জাহান্নামেই হৈছে সিহঁতৰ আবাস; আৰু সেইটো কিমান যে নিকৃষ্ট বিশ্ৰামস্থল!
لٰكِنِ الَّذِیْنَ اتَّقَوْا رَبَّهُمْ لَهُمْ جَنّٰتٌ تَجْرِیْ مِنْ تَحْتِهَا الْاَنْهٰرُ خٰلِدِیْنَ فِیْهَا نُزُلًا مِّنْ عِنْدِ اللّٰهِ ؕ وَمَا عِنْدَ اللّٰهِ خَیْرٌ لِّلْاَبْرَارِ ١٩٨
198. কিন্তু যিসকলে নিজ প্ৰতিপালকক ভয় কৰে তেওঁলোকৰ বাবে আছে জান্নাত, যাৰ তলত নদীসমূহ প্ৰবাহিত থাকিব, তাত তেওঁলোক স্থায়ী হ’ব। এয়া হৈছে আল্লাহৰ তৰফৰ পৰা আতিথ্য; আৰু আল্লাহৰ ওচৰত যি আছে সেয়া সৎকৰ্মপৰায়ণসকলৰ বাবে অতি উত্তম।
وَاِنَّ مِنْ اَهْلِ الْكِتٰبِ لَمَنْ یُّؤْمِنُ بِاللّٰهِ وَمَاۤ اُنْزِلَ اِلَیْكُمْ وَمَاۤ اُنْزِلَ اِلَیْهِمْ خٰشِعِیْنَ لِلّٰهِ ۙ لَا یَشْتَرُوْنَ بِاٰیٰتِ اللّٰهِ ثَمَنًا قَلِیْلًا ؕ اُولٰٓىِٕكَ لَهُمْ اَجْرُهُمْ عِنْدَ رَبِّهِمْ ؕ اِنَّ اللّٰهَ سَرِیْعُ الْحِسَابِ ١٩٩
199. আৰু নিশ্চয় কিতাবীসকলৰ মাজত এনেকুৱা লোকো আছে যিসকলে আল্লাহৰ প্ৰতি বিনয়াৱনত হৈ তেওঁৰ প্ৰতি ঈমান পোষণ কৰে আৰু তেওঁ যি তোমালোকৰ আৰু তেওঁলোকৰ প্ৰতি অৱতীৰ্ণ কৰিছে তাৰ প্ৰতিও ঈমান আনে। তেওঁলোকে আল্লাহৰ আয়াতসমূহক তুচ্ছ মূল্যত বিক্ৰী নকৰে। তেওঁলোকৰ বাবেই আছে আল্লাহৰ ওচৰত পুৰস্কাৰ। নিশ্চয় আল্লাহ দ্ৰুত হিচাপ গ্ৰহণকাৰী।
یٰۤاَیُّهَا الَّذِیْنَ اٰمَنُوا اصْبِرُوْا وَصَابِرُوْا وَرَابِطُوْا وَاتَّقُوا اللّٰهَ لَعَلَّكُمْ تُفْلِحُوْنَ ٢٠٠
200. হে মুমিনসকল! তোমালোকে ধৈৰ্য্য ধাৰণ কৰা আৰু ধৈৰ্য্য ধাৰণত প্ৰতিযোগিতা কৰা, লগতে সদায় যুদ্ধৰ বাবে প্ৰস্তুত থাকিবা। আল্লাহৰ তাক্বৱা অৱলম্বন কৰা যাতে সফল হ’ব পাৰা।