ছুৰা আল-ইনফিতাৰ
اِذَا السَّمَآءُ انْفَطَرَتْ ١
1. যেতিয়া আকাশখন বিদীৰ্ণ হ’ব,
وَاِذَا الْكَوَاكِبُ انْتَثَرَتْ ٢
2. আৰু যেতিয়া নক্ষত্ৰসমূহ বিক্ষিপ্তভাৱে খহি পৰিব,
وَاِذَا الْبِحَارُ فُجِّرَتْ ٣
3. আৰু যেতিয়া সাগৰসমূহক বিস্ফোৰিত কৰা হ’ব,
وَاِذَا الْقُبُوْرُ بُعْثِرَتْ ٤
4. আৰু যেতিয়া কবৰসমূহক উন্মোচিত কৰা হ’ব,
عَلِمَتْ نَفْسٌ مَّا قَدَّمَتْ وَاَخَّرَتْ ٥
5. তেতিয়া প্ৰত্যেকেই জানিব, সি আগলৈ কি প্ৰেৰণ কৰিছে আৰু পিছফালে কি থৈ আহিছে।
یٰۤاَیُّهَا الْاِنْسَانُ مَا غَرَّكَ بِرَبِّكَ الْكَرِیْمِ ٦
6. হে মানৱ! কিহে তোমাক তোমাৰ প্ৰতিপালক সম্পৰ্কে বিভ্ৰান্ত কৰিছে?
الَّذِیْ خَلَقَكَ فَسَوّٰىكَ فَعَدَلَكَ ٧
7. যিজনে তোমাক সৃষ্টি কৰিছে, তাৰ পিছত তোমাক সুঠাম কৰিছে আৰু সুসামঞ্জস্য কৰিছে,
فِیْۤ اَیِّ صُوْرَةٍ مَّا شَآءَ رَكَّبَكَ ٨
8. আৰু যি আকৃতিত বিচাৰিছে, তেওঁ তোমাক (সেই আকৃতিতে) গঠন কৰিছে।
كَلَّا بَلْ تُكَذِّبُوْنَ بِالدِّیْنِ ٩
9. কেতিয়াও নহয়, বৰং তোমালোকে প্ৰতিদান দিৱসক অস্বীকাৰ কৰা;
وَاِنَّ عَلَیْكُمْ لَحٰفِظِیْنَ ١٠
10. আৰু নিশ্চয় তোমালোকৰ ওপৰত নিয়োজিত আছে সংৰক্ষকদল;
كِرَامًا كَاتِبِیْنَ ١١
11. সন্মানিত লেখক বৃন্দ;
یَعْلَمُوْنَ مَا تَفْعَلُوْنَ ١٢
12. তোমালোকে যি কৰা সেয়া তেওঁলোকে জানে।
اِنَّ الْاَبْرَارَ لَفِیْ نَعِیْمٍ ١٣
13. নিশ্চয় সৎকৰ্মপৰায়ণসকল থাকিব পৰম সুখ-শান্তিত।
وَاِنَّ الْفُجَّارَ لَفِیْ جَحِیْمٍ ١٤
14. আৰু নিশ্চয় পাপীসকল থাকিব জাহান্নামত।
یَّصْلَوْنَهَا یَوْمَ الدِّیْنِ ١٥
15. সিহঁতে প্ৰতিদান দিৱসত তাত প্ৰৱেশ কৰিব;
وَمَا هُمْ عَنْهَا بِغَآىِٕبِیْنَ ١٦
16. আৰু সিহঁতে তাৰ পৰা অনুপস্থিত থাকিব নোৱাৰিব।
وَمَاۤ اَدْرٰىكَ مَا یَوْمُ الدِّیْنِ ١٧
17. আৰু তোমাক কিহে জনাব যে, প্ৰতিদান দিৱস কি?
ثُمَّ مَاۤ اَدْرٰىكَ مَا یَوْمُ الدِّیْنِ ١٨
18. আকৌ কৈছোঁ, কিহে তোমাক জনাব প্ৰতিদান দিৱস কি?
یَوْمَ لَا تَمْلِكُ نَفْسٌ لِّنَفْسٍ شَیْـًٔا ؕ وَالْاَمْرُ یَوْمَىِٕذٍ لِّلّٰهِ ١٩
19. সেইদিনা কোনেও কাৰো বাবে একো কৰাৰ ক্ষমতা নাৰাখিব; আৰু সেইদিনা সকলো বিষয়ৰ কৰ্তৃত্ব হ’ব আল্লাহৰ।