ছুৰা আল-ইনশ্বিক্বাক্ব
اِذَا السَّمَآءُ انْشَقَّتْ ١
1. যেতিয়া আকাশখন ভাগি পৰিব,
وَاَذِنَتْ لِرَبِّهَا وَحُقَّتْ ٢
2. আৰু তাৰ প্ৰতিপালকৰ আদেশ পালন কৰিব আৰু এইটোৱে তাৰ কৰ্তব্য।
وَاِذَا الْاَرْضُ مُدَّتْ ٣
3. আৰু যেতিয়া পৃথিৱীক সম্প্ৰসাৰিত কৰা হ’ব।
وَاَلْقَتْ مَا فِیْهَا وَتَخَلَّتْ ٤
4. আৰু পৃথিৱীয়ে তাৰ ভিতৰত থকা সকলোবোৰ বাহিৰলৈ নিক্ষেপ কৰিব আৰু ই গৰ্ভশূন্য হৈ পৰিব।
وَاَذِنَتْ لِرَبِّهَا وَحُقَّتْ ٥
5. আৰু তাৰ প্ৰতিপালকৰ আদেশ পালন কৰিব আৰু এইটোৱে তাৰ কৰ্তব্য।
یٰۤاَیُّهَا الْاِنْسَانُ اِنَّكَ كَادِحٌ اِلٰی رَبِّكَ كَدْحًا فَمُلٰقِیْهِ ٦
6. হে মানৱ! তুমি তোমাৰ প্ৰতিপালকৰ ওচৰলৈ যোৱাৰ আগলৈকে কঠোৰ পৰিশ্ৰম কৰিব লাগিব, তাৰ পিছতহে তেওঁৰ সাক্ষাৎ লাভ কৰিবা।
فَاَمَّا مَنْ اُوْتِیَ كِتٰبَهٗ بِیَمِیْنِهٖ ٧
7. এতেকে যাৰ আমলনামা তাৰ সোঁহাতত দিয়া হ’ব;
فَسَوْفَ یُحَاسَبُ حِسَابًا یَّسِیْرًا ٨
8. অত্যন্ত সহজভাৱে তাৰ হিচাপ-নিকাচ লোৱা হ’ব।
وَیَنْقَلِبُ اِلٰۤی اَهْلِهٖ مَسْرُوْرًا ٩
9. আৰু তেওঁ তাৰ আপোনজনৰ ওচৰলৈ প্ৰফুল্লচিত্তে উভতি যাব;
وَاَمَّا مَنْ اُوْتِیَ كِتٰبَهٗ وَرَآءَ ظَهْرِهٖ ١٠
10. আৰু যাৰ আমলনামা পিছফালৰ পৰা দিয়া হ’ব,
فَسَوْفَ یَدْعُوْا ثُبُوْرًا ١١
11. সি নিজৰ বাবে ধ্বংস মাতিব;
وَیَصْلٰی سَعِیْرًا ١٢
12. আৰু সি জ্বলন্ত জুইত প্ৰৱেশ কৰিব;
اِنَّهٗ كَانَ فِیْۤ اَهْلِهٖ مَسْرُوْرًا ١٣
13. নিশ্চয় সি নিজৰ পৰিয়াল বৰ্গৰ মাজত আনন্দ ফুৰ্তিত আছিল,
اِنَّهٗ ظَنَّ اَنْ لَّنْ یَّحُوْرَ ١٤
14. নিশ্চয় সি ভাবিছিল যে, সি কেতিয়াও উভতি নাযাব;
بَلٰۤی ۛۚ اِنَّ رَبَّهٗ كَانَ بِهٖ بَصِیْرًا ١٥
15. কিয় নাযাব, নিশ্চয় তাৰ প্ৰতিপালক তাৰ ওপৰত সম্যক দৃষ্টি দানকাৰী।
فَلَاۤ اُقْسِمُ بِالشَّفَقِ ١٦
16. এতেকে মই শপত কৰিছোঁ পশ্চিম আকাশৰ ৰঙা কিৰণৰ,
وَالَّیْلِ وَمَا وَسَقَ ١٧
17. ৰাতিৰ শপত আৰু ই যিবোৰৰ সমাবেশ ঘটায়,
وَالْقَمَرِ اِذَا اتَّسَقَ ١٨
18. আৰু চন্দ্ৰৰ শপত, যেতিয়া ই পূৰ্ণতা লাভ কৰে;
لَتَرْكَبُنَّ طَبَقًا عَنْ طَبَقٍ ١٩
19. নিশ্চয় তোমালোকে এটা স্তৰৰ পৰা আন এটা স্তৰলৈ আৰোহণ কৰিবা।
فَمَا لَهُمْ لَا یُؤْمِنُوْنَ ٢٠
20. কিন্তু সিহঁতৰ কি হ’ল, সিহঁতে ঈমান পোষণ নকৰে কিয়?
وَاِذَا قُرِئَ عَلَیْهِمُ الْقُرْاٰنُ لَا یَسْجُدُوْنَ ٢١
21. আৰু যেতিয়া সিহঁতৰ ওচৰত কোৰআন তিলাৱাত কৰা হয় তেতিয়া সিহঁতে ছাজদা নকৰে কিয়?
بَلِ الَّذِیْنَ كَفَرُوْا یُكَذِّبُوْنَ ٢٢
22. বৰং কাফিৰসকলে অস্বীকাৰ কৰে।
وَاللّٰهُ اَعْلَمُ بِمَا یُوْعُوْنَ ٢٣
23. আৰু সিহঁতে (অন্তৰত) যি পোষণ কৰে আল্লাহে সেই বিষয়ে সবিশেষ অৱগত।
فَبَشِّرْهُمْ بِعَذَابٍ اَلِیْمٍ ٢٤
24. সেয়ে তুমি সিহঁতক যন্ত্ৰণাদায়ক শাস্তিৰ সুসংবাদ দিয়া;
اِلَّا الَّذِیْنَ اٰمَنُوْا وَعَمِلُوا الصّٰلِحٰتِ لَهُمْ اَجْرٌ غَیْرُ مَمْنُوْنٍ ٢٥
25. কিন্তু যিসকলে ঈমান আনিছে আৰু সৎকৰ্ম কৰিছে তেওঁলোকৰ বাবে আছে নিৰৱচ্ছিন্ন প্ৰতিদান।