ছুৰা আল-লাইল
وَالَّیْلِ اِذَا یَغْشٰی ١
1. শপত ৰাতিৰ, যেতিয়া ই আচ্ছন্ন কৰে,
وَالنَّهَارِ اِذَا تَجَلّٰی ٢
2. শপত দিনৰ, যেতিয়া ই উজ্জ্বল হয়,
وَمَا خَلَقَ الذَّكَرَ وَالْاُنْثٰۤی ٣
3. আৰু শপত সেই সত্ত্বাৰ, যিজনে নৰ আৰু নাৰীক সৃষ্টি কৰিছে।
اِنَّ سَعْیَكُمْ لَشَتّٰی ٤
4. নিশ্চয় তোমালোকৰ কৰ্মপ্ৰচেষ্টা বিভিন্ন প্ৰকৃতিৰ।
فَاَمَّا مَنْ اَعْطٰی وَاتَّقٰی ٥
5. এতেকে যিয়ে দান কৰে আৰু তাক্বৱা অৱলম্বন কৰে,
وَصَدَّقَ بِالْحُسْنٰی ٦
6. লগতে যি উত্তম তাক সত্য বুলি গ্ৰহণ কৰে,
فَسَنُیَسِّرُهٗ لِلْیُسْرٰی ٧
7. শীঘ্ৰেই আমি তাৰ বাবে সুগম কৰি দিম (জান্নাতৰ) সহজ পথ।
وَاَمَّا مَنْۢ بَخِلَ وَاسْتَغْنٰی ٨
8. আনহাতে যিয়ে কৃপণালি কৰে আৰু নিজকে স্বয়ংসম্পূৰ্ণ বুলি ভাবে,
وَكَذَّبَ بِالْحُسْنٰی ٩
9. লগতে যি উত্তম তাক অস্বীকাৰ কৰে,
فَسَنُیَسِّرُهٗ لِلْعُسْرٰی ١٠
10. শীঘ্ৰেই আমি তাৰ বাবে সুগম কৰি দিম (জাহান্নামৰ) কঠিন পৰিণামৰ পথ।
وَمَا یُغْنِیْ عَنْهُ مَالُهٗۤ اِذَا تَرَدّٰی ١١
11. যেতিয়া সি ধ্বংস হ’ব, তেতিয়া তাৰ সম্পদ কোনো কামত নাহিব।
اِنَّ عَلَیْنَا لَلْهُدٰی ١٢
12. নিশ্চয় পথপ্ৰদৰ্শন কৰাটোৱে হৈছে আমাৰ কৰ্তব্য।
وَاِنَّ لَنَا لَلْاٰخِرَةَ وَالْاُوْلٰی ١٣
13. নিশ্চয় আমিয়েই পৰকাল আৰু ইহকালৰ মালিক।
فَاَنْذَرْتُكُمْ نَارًا تَلَظّٰی ١٤
14. এতেকে আমি তোমালোকক লেলিহান জুই সম্পৰ্কে সতৰ্ক কৰি দিছোঁ।
لَا یَصْلٰىهَاۤ اِلَّا الْاَشْقَی ١٥
15. তাত প্ৰৱেশ কৰিব কেৱল সেই ব্যক্তি, যিজন হ’ব চৰম দুৰ্ভগীয়া,
الَّذِیْ كَذَّبَ وَتَوَلّٰی ١٦
16. যিয়ে অস্বীকাৰ কৰিছে আৰু মুখ ঘূৰাই লৈছে।
وَسَیُجَنَّبُهَا الْاَتْقَی ١٧
17. আৰু ইয়াৰ পৰা দুৰৈত ৰখা হ’ব পৰম মুত্তাক্বী ব্যক্তিক,
الَّذِیْ یُؤْتِیْ مَالَهٗ یَتَزَكّٰی ١٨
18. যিয়ে আত্মশুদ্ধিৰ বাবে নিজৰ সম্পদ দান কৰে,
وَمَا لِاَحَدٍ عِنْدَهٗ مِنْ نِّعْمَةٍ تُجْزٰۤی ١٩
19. আৰু তাৰ প্ৰতি কাৰো এনে অনুগ্ৰহ নাই যাৰ প্ৰতিদান দিব লাগিব,
اِلَّا ابْتِغَآءَ وَجْهِ رَبِّهِ الْاَعْلٰی ٢٠
20. কেৱল তাৰ মহান প্ৰতিপালকৰ সন্তুষ্টিৰ প্ৰত্যাশাত;
وَلَسَوْفَ یَرْضٰی ٢١
21. আৰু অনতিপলমে তেওঁ সন্তুষ্টি লাভ কৰিব।