ছুৰা মাআৰিজ

bismillah

سَاَلَ سَآىِٕلٌۢ بِعَذَابٍ وَّاقِعٍ ١

1. আবেদনকাৰীয়ে আবেদন কৰিলে, সংঘটিত হওক অৱধাৰিত শাস্তি-




لِّلْكٰفِرِیْنَ لَیْسَ لَهٗ دَافِعٌ ٢

2. কাফিৰসকলৰ ওপৰত, যাৰ কোনো প্ৰতিৰোধকাৰী নাই।




مِّنَ اللّٰهِ ذِی الْمَعَارِجِ ٣

3. এইটো আহিব আল্লাহৰ তৰফৰ পৰা, যিজন ঊৰ্ধ্বাৰোহণৰ খটখটীবোৰৰ (জখলা) অধিকাৰী,




تَعْرُجُ الْمَلٰٓىِٕكَةُ وَالرُّوْحُ اِلَیْهِ فِیْ یَوْمٍ كَانَ مِقْدَارُهٗ خَمْسِیْنَ اَلْفَ سَنَةٍ ٤

4. ফিৰিস্তাসকল আৰু ৰূহ এনে এটা দিনত আল্লাহৰ দিশে ঊৰ্দ্ধগামী হয়, যাৰ পৰিমাণ পঞ্চাশ হাজাৰ বছৰ।




فَاصْبِرْ صَبْرًا جَمِیْلًا ٥

5. এতেকে তুমি ধৈৰ্য্য ধাৰণ কৰা পৰম ধৈৰ্য্য।




اِنَّهُمْ یَرَوْنَهٗ بَعِیْدًا ٦

6. নিশ্চয় সিহঁতে এই দিৱসটোক বহু দূৰত থকা বুলি ভাবে।




وَنَرٰىهُ قَرِیْبًا ٧

7. আৰু আমি ইয়াক নিচেই ওচৰত দেখি আছোঁ।




یَوْمَ تَكُوْنُ السَّمَآءُ كَالْمُهْلِ ٨

8. সেইদিনা আকাশ হৈ যাব গলিত ধাতুৰ দৰে,




وَتَكُوْنُ الْجِبَالُ كَالْعِهْنِ ٩

9. আৰু পৰ্বতসমূহ হৈ যাব ৰঙ-বিৰঙৰ ঊণৰ দৰে,




وَلَا یَسْـَٔلُ حَمِیْمٌ حَمِیْمًا ١٠

10. আৰু কোনো অন্তৰঙ্গ বন্ধুৱেও অন্তৰঙ্গ বন্ধুৰ খা-খবৰ নুসুধিব,




یُّبَصَّرُوْنَهُمْ ؕ یَوَدُّ الْمُجْرِمُ لَوْ یَفْتَدِیْ مِنْ عَذَابِ یَوْمِىِٕذٍۭ بِبَنِیْهِ ١١

11. (যদিও) সিহঁতক পৰস্পৰৰ দৃষ্টিগোচৰ কৰোৱা হ’ব। অপৰাধীয়ে সেইদিৱসৰ শাস্তিৰ বিনিময়ত দিব বিচাৰিব তাৰ সন্তান-সন্ততিক,




وَصَاحِبَتِهٖ وَاَخِیْهِ ١٢

12. আৰু তাৰ স্ত্ৰী আৰু ভাতৃক,




وَفَصِیْلَتِهِ الَّتِیْ تُـْٔوِیْهِ ١٣

13. আৰু তাৰ জাতি-গোষ্ঠিক, যিসকলে তাক আশ্ৰয় দিছিল,




وَمَنْ فِی الْاَرْضِ جَمِیْعًا ۙ ثُمَّ یُنْجِیْهِ ١٤

14. লগতে পৃথিৱীৰ সকলোকে (দিব বিচাৰিব), যাতে ইয়াৰ বিনিময়ত তাক মুক্তি দিয়া হয়।




كَلَّا ؕ اِنَّهَا لَظٰی ١٥

15. কেতিয়াও নহয়, নিশ্চয় এইটো হৈছে লেলিহান জুই,




نَزَّاعَةً لِّلشَّوٰی ١٦

16. যিয়ে (তাৰ) মূৰৰ ছাল খহাই পেলাব।




تَدْعُوْا مَنْ اَدْبَرَ وَتَوَلّٰی ١٧

17. জাহান্নামে সেই ব্যক্তিক মাতিব, যিয়ে (সত্যৰ প্ৰতি) পৃষ্ঠ প্ৰদৰ্শন কৰিছিল আৰু মুখ ঘূৰাই লৈছিল।




وَجَمَعَ فَاَوْعٰی ١٨

18. আৰু সি সম্পদ সঞ্চয় কৰিছিল, লগতে সংৰক্ষণ কৰি ৰাখিছিল।




اِنَّ الْاِنْسَانَ خُلِقَ هَلُوْعًا ١٩

19. নিশ্চয় মানুহক সৃষ্টি কৰা হৈছে অতিশয় ধৈৰ্য্যহীন অস্থিৰচিত্তৰূপে।




اِذَا مَسَّهُ الشَّرُّ جَزُوْعًا ٢٠

20. যেতিয়া তাক বিপদে স্পৰ্শ কৰে, তেতিয়া সি অতিমাত্ৰা উৎকণ্ঠিত হৈ পৰে।




وَاِذَا مَسَّهُ الْخَیْرُ مَنُوْعًا ٢١

21. আৰু যেতিয়া তাক কল্যাণে স্পৰ্শ কৰে, তেতিয়া সি অতিশয় কৃপণ হৈ পৰে।




اِلَّا الْمُصَلِّیْنَ ٢٢

22. কিন্তু ছালাত প্ৰতিষ্ঠাকাৰীসকলৰ বাহিৰে,




الَّذِیْنَ هُمْ عَلٰی صَلَاتِهِمْ دَآىِٕمُوْنَ ٢٣

23. যিসকলে নিজৰ ছালাতৰ ক্ষেত্ৰত সদায় প্ৰতিষ্ঠিত,




وَالَّذِیْنَ فِیْۤ اَمْوَالِهِمْ حَقٌّ مَّعْلُوْمٌ ٢٤

24. আৰু যিসকলৰ ধন-সম্পদত আছে নিৰ্ধাৰিত হক্ব (প্ৰাপ্য),




لِّلسَّآىِٕلِ وَالْمَحْرُوْمِ ٢٥

25. খোজনীয়া-মগনীয়া আৰু বঞ্চিতসকলৰ বাবে,




وَالَّذِیْنَ یُصَدِّقُوْنَ بِیَوْمِ الدِّیْنِ ٢٦

26. আৰু যিসকলে প্ৰতিফল দিৱসক সত্য বুলি বিশ্বাস কৰে।




وَالَّذِیْنَ هُمْ مِّنْ عَذَابِ رَبِّهِمْ مُّشْفِقُوْنَ ٢٧

27. আৰু যিসকলে নিজ প্ৰতিপালকৰ শাস্তি সম্পৰ্কে ভীত-সন্ত্ৰস্ত--




اِنَّ عَذَابَ رَبِّهِمْ غَیْرُ مَاْمُوْنٍ ٢٨

28. নিশ্চয় তেওঁলোকৰ প্ৰতিপালকৰ শাস্তিৰ পৰা নিৰাপদ হৈ থকা নাযায়;




وَالَّذِیْنَ هُمْ لِفُرُوْجِهِمْ حٰفِظُوْنَ ٢٩

29. আৰু যিসকলে নিজৰ যৌনাঙ্গৰ হিফাজত কৰে,




اِلَّا عَلٰۤی اَزْوَاجِهِمْ اَوْ مَا مَلَكَتْ اَیْمَانُهُمْ فَاِنَّهُمْ غَیْرُ مَلُوْمِیْنَ ٣٠

30. কিন্তু সিহঁতৰ পত্নী অথবা অধিকাৰভুক্ত দাসীৰ বাহিৰে, এনে ক্ষেত্ৰত সিহঁত নিন্দনীয় নহ’ব--




فَمَنِ ابْتَغٰی وَرَآءَ ذٰلِكَ فَاُولٰٓىِٕكَ هُمُ الْعٰدُوْنَ ٣١

31. কিন্তু যিসকলে এওঁলোকৰ বাহিৰে আনক কামনা কৰে, সিহঁতেই সীমালংঘনকাৰী।




وَالَّذِیْنَ هُمْ لِاَمٰنٰتِهِمْ وَعَهْدِهِمْ رٰعُوْنَ ٣٢

32. আৰু যিসকলে নিজৰ আমানত আৰু প্ৰতিশ্ৰুতি ৰক্ষা কৰে,




وَالَّذِیْنَ هُمْ بِشَهٰدٰتِهِمْ قَآىِٕمُوْنَ ٣٣

33. আৰু যিসকলে সাক্ষ্যদানত অটল,




وَالَّذِیْنَ هُمْ عَلٰی صَلَاتِهِمْ یُحَافِظُوْنَ ٣٤

34. আৰু যিসকলে নিজৰ ছালাতৰ হিফাজত কৰে,




اُولٰٓىِٕكَ فِیْ جَنّٰتٍ مُّكْرَمُوْنَ ٣٥

35. তেওঁলোকেই জান্নাতসমূহত সন্মানিত হ’ব।




فَمَالِ الَّذِیْنَ كَفَرُوْا قِبَلَكَ مُهْطِعِیْنَ ٣٦

36. কাফিৰসকলৰ কি হ’ল, সিহঁতে দেখোন তোমাৰ ফালে ঢপলীয়াই আহি আছে?




عَنِ الْیَمِیْنِ وَعَنِ الشِّمَالِ عِزِیْنَ ٣٧

37. সোঁফালৰ পৰা আৰু বাওঁফালৰ পৰা, দলে দলে।




اَیَطْمَعُ كُلُّ امْرِئٍ مِّنْهُمْ اَنْ یُّدْخَلَ جَنَّةَ نَعِیْمٍ ٣٨

38. সিহঁতৰ প্ৰত্যেকেই এইটো আশা কৰে নেকি যে, তাক প্ৰাচুৰ্যময় জান্নাতত প্ৰৱেশ কৰোৱা হ’ব?




كَلَّا ؕ اِنَّا خَلَقْنٰهُمْ مِّمَّا یَعْلَمُوْنَ ٣٩

39. কেতিয়াও নহয়, নিশ্চয় আমি সিহঁতক যিটোৰে সৃষ্টি কৰিছোঁ, সেয়া সিহঁতে জানে।




فَلَاۤ اُقْسِمُ بِرَبِّ الْمَشٰرِقِ وَالْمَغٰرِبِ اِنَّا لَقٰدِرُوْنَ ٤٠

40. এতেকে মই শপত কৰিছোঁ উদয়াচল আৰু অস্তাচলসমূহৰ প্ৰতিপালকৰ, নিশ্চয় আমি সক্ষম,




عَلٰۤی اَنْ نُّبَدِّلَ خَیْرًا مِّنْهُمْ ۙ وَمَا نَحْنُ بِمَسْبُوْقِیْنَ ٤١

41. সিহঁততকৈ উৎকৃষ্টসকলক সিহঁতৰ স্থলৱৰ্তী কৰিবলৈ, আৰু এনে কৰাত আমি অক্ষম নহয়।




فَذَرْهُمْ یَخُوْضُوْا وَیَلْعَبُوْا حَتّٰی یُلٰقُوْا یَوْمَهُمُ الَّذِیْ یُوْعَدُوْنَ ٤٢

42. এতেকে সিহঁতক নিৰৰ্থক কথা-বতৰা আৰু খেল-ধেমালিত মত্ত হৈ থাকিবলৈ দিয়া-- যিটো দিৱসৰ প্ৰতিশ্ৰুতি সিহঁতক দিয়া হৈছে সেই দিৱসৰ সন্মুখীন নোহোৱা পৰ্যন্ত।




یَوْمَ یَخْرُجُوْنَ مِنَ الْاَجْدَاثِ سِرَاعًا كَاَنَّهُمْ اِلٰی نُصُبٍ یُّوْفِضُوْنَ ٤٣

43. সেইদিনা সিহঁত কবৰৰ পৰা দ্ৰুতবেগত ওলাই আহিব, এনে লাগিব যেনিবা সিহঁতে কোনো লক্ষ্যস্থলৰ ফালে ধাৱিত হৈছে,




خَاشِعَةً اَبْصَارُهُمْ تَرْهَقُهُمْ ذِلَّةٌ ؕ ذٰلِكَ الْیَوْمُ الَّذِیْ كَانُوْا یُوْعَدُوْنَ ٤٤

44. সিহঁতৰ দৃষ্টিসমূহ অৱনত অৱস্থাত থাকিব, অপমানে সিহঁতক আচ্ছন্ন কৰিব। এইটোৱে সেইদিৱস যাৰ বিষয়ে সিহঁতক সতৰ্ক কৰা হৈছিল।