ছুৰা আল-মায়িদাহ

فَبَعَثَ اللّٰهُ غُرَابًا یَّبْحَثُ فِی الْاَرْضِ لِیُرِیَهٗ كَیْفَ یُوَارِیْ سَوْءَةَ اَخِیْهِ ؕ قَالَ یٰوَیْلَتٰۤی اَعَجَزْتُ اَنْ اَكُوْنَ مِثْلَ هٰذَا الْغُرَابِ فَاُوَارِیَ سَوْءَةَ اَخِیْۚ فَاَصْبَحَ مِنَ النّٰدِمِیْنَ ٣١

31. তাৰ পিছত আল্লাহে এটা কাউৰী পঠালে, যিটোৱে তাৰ ভায়েকৰ মৃতদেহ কেনেকৈ গোপন কৰিব লাগে সেইটো দেখুওৱাবলৈ মাটি খুচৰিবলৈ ধৰিলে। (এই দেখি) সি ক’লে, ‘হায়! মই এই কাউৰীটোৰ দৰেও হ’ব নোৱাৰিলোনে যে মোৰ ভাতৃৰ মৃতদেহটো ঢাকিব পাৰোঁ? ফলত সি অনুতপ্ত হ’ল।




مِنْ اَجْلِ ذٰلِكَ ؔۛۚ كَتَبْنَا عَلٰی بَنِیْۤ اِسْرَآءِیْلَ اَنَّهٗ مَنْ قَتَلَ نَفْسًۢا بِغَیْرِ نَفْسٍ اَوْ فَسَادٍ فِی الْاَرْضِ فَكَاَنَّمَا قَتَلَ النَّاسَ جَمِیْعًا ؕ وَمَنْ اَحْیَاهَا فَكَاَنَّمَاۤ اَحْیَا النَّاسَ جَمِیْعًا ؕ وَلَقَدْ جَآءَتْهُمْ رُسُلُنَا بِالْبَیِّنٰتِ ؗ ثُمَّ اِنَّ كَثِیْرًا مِّنْهُمْ بَعْدَ ذٰلِكَ فِی الْاَرْضِ لَمُسْرِفُوْنَ ٣٢

32. এই কাৰণেই বনী ইছৰাঈলৰ বাবে এই বিধান দিছিলোঁ যে, হত্যাৰ পৰিবৰ্তে নাইবা পৃথিৱীত অশান্তি সৃষ্টি ৰোধ কৰাৰ বাহিৰে যদি কোনোবাই কাৰোবাক হত্যা কৰে সি যেনিবা সমগ্ৰ মানৱ জাতিকহে হত্যা কৰিলে আৰু যিয়ে কাৰোবাৰ প্ৰাণ ৰক্ষা কৰিলে সি যেনিবা সমগ্ৰ মানুহৰ প্ৰাণ ৰক্ষা কৰিলে। নিশ্চয় সিহঁতৰ ওচৰলৈ আমাৰ ৰাছুলসকলে স্পষ্ট প্ৰমাণাদি লৈ আহিছিল, ইয়াৰ পিছতো সিহঁতৰ অধিকাংশই পৃথিৱীত সীমালংঘন কৰিছিল।




اِنَّمَا جَزٰٓؤُا الَّذِیْنَ یُحَارِبُوْنَ اللّٰهَ وَرَسُوْلَهٗ وَیَسْعَوْنَ فِی الْاَرْضِ فَسَادًا اَنْ یُّقَتَّلُوْۤا اَوْ یُصَلَّبُوْۤا اَوْ تُقَطَّعَ اَیْدِیْهِمْ وَاَرْجُلُهُمْ مِّنْ خِلَافٍ اَوْ یُنْفَوْا مِنَ الْاَرْضِ ؕ ذٰلِكَ لَهُمْ خِزْیٌ فِی الدُّنْیَا وَلَهُمْ فِی الْاٰخِرَةِ عَذَابٌ عَظِیْمٌ ٣٣

33. যিসকলে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ বিৰুদ্ধে যুদ্ধ কৰে আৰু পৃথিৱীত ধ্বংসাত্মক কাম কৰি ফুৰে, সিহঁতৰ শাস্তি কেৱল এইটোৱেই যে, সিহঁতক হত্যা কৰা হ’ব অথবা ক্ৰুছবিদ্ধ কৰা হ’ব নাইবা বিপৰীত দিশৰ পৰা হাত ভৰি কাটি পেলোৱা হ’ব বা সিহঁতক দেশৰ পৰা নিৰ্বাসিত কৰা হ’ব। পৃথিৱীত এইটোৱেই সিহঁতৰ লাঞ্ছনা আৰু আখিৰাতত সিহঁতৰ বাবে আছে মহা শাস্তি।




اِلَّا الَّذِیْنَ تَابُوْا مِنْ قَبْلِ اَنْ تَقْدِرُوْا عَلَیْهِمْ ۚ فَاعْلَمُوْۤا اَنَّ اللّٰهَ غَفُوْرٌ رَّحِیْمٌ ٣٤

34. কিন্তু সিহঁতৰ বাহিৰে, যিসকলে তোমালোকৰ আয়ত্তাধীনত অহাৰ পূৰ্বেই তাওবা কৰিছে। এতেকে জানি থোৱা যে, নিশ্চয় আল্লাহ ক্ষমাশীল, পৰম দয়ালু।




یٰۤاَیُّهَا الَّذِیْنَ اٰمَنُوا اتَّقُوا اللّٰهَ وَابْتَغُوْۤا اِلَیْهِ الْوَسِیْلَةَ وَجَاهِدُوْا فِیْ سَبِیْلِهٖ لَعَلَّكُمْ تُفْلِحُوْنَ ٣٥

35. হে ঈমান্দাৰসকল! তোমালোকে আল্লাহৰ তাক্বৱা অৱলম্বন কৰা আৰু তেওঁৰ নৈকট্য লাভৰ উপায় অন্বেষণ কৰা লগতে তেওঁৰ পথত জিহাদ কৰা, যাতে তোমালোকে সফল হ’ব পাৰা।




اِنَّ الَّذِیْنَ كَفَرُوْا لَوْ اَنَّ لَهُمْ مَّا فِی الْاَرْضِ جَمِیْعًا وَّمِثْلَهٗ مَعَهٗ لِیَفْتَدُوْا بِهٖ مِنْ عَذَابِ یَوْمِ الْقِیٰمَةِ مَا تُقُبِّلَ مِنْهُمْ ۚ وَلَهُمْ عَذَابٌ اَلِیْمٌ ٣٦

36. নিশ্চয় যিসকলে কুফুৰী কৰিছে, পৃথিৱীত যি আছে সেই সকলো যদি সিহঁতৰ হয় লগতে ইয়াৰ সমপৰিমাণ আৰু থাকে, যাতে সিহঁতে ইয়াৰ মাধ্যমত ক্বিয়ামতৰ দিনা শাস্তিৰ পৰা ৰক্ষা পাবলৈ মুক্তিপণ হিচাপে দিব পাৰে, তথাপিও সিহঁতৰ পৰা সেয়া গ্ৰহণ কৰা নহ’ব আৰু সিহঁতৰ বাবে আছে কষ্টদায়ক শাস্তি।




یُرِیْدُوْنَ اَنْ یَّخْرُجُوْا مِنَ النَّارِ وَمَا هُمْ بِخٰرِجِیْنَ مِنْهَا ؗ وَلَهُمْ عَذَابٌ مُّقِیْمٌ ٣٧

37. সিহঁতে জুইৰ পৰা ওলাব খুজিব, কিন্তু সিহঁতে তাৰ পৰা ওলাব নোৱাৰিব আৰু সিহঁতৰ বাবে আছে চিৰস্থায়ী শাস্তি।




وَالسَّارِقُ وَالسَّارِقَةُ فَاقْطَعُوْۤا اَیْدِیَهُمَا جَزَآءًۢ بِمَا كَسَبَا نَكَالًا مِّنَ اللّٰهِ ؕ وَاللّٰهُ عَزِیْزٌ حَكِیْمٌ ٣٨

38. চোৰ পুৰুষ আৰু চোৰ নাৰী উভয়ৰে হাত কাটি দিয়া, এয়া সিহঁতৰ কৃতকৰ্মৰ ফল আৰু আল্লাহৰ তৰফৰ পৰা শিক্ষণীয় শাস্তি; (জানি থোৱা) আল্লাহ মহা পৰাক্ৰমশালী, প্ৰজ্ঞাময়।




فَمَنْ تَابَ مِنْۢ بَعْدِ ظُلْمِهٖ وَاَصْلَحَ فَاِنَّ اللّٰهَ یَتُوْبُ عَلَیْهِ ؕ اِنَّ اللّٰهَ غَفُوْرٌ رَّحِیْمٌ ٣٩

39. এতেকে সীমালংঘন কৰাৰ পিছত যদি কোনোবাই তাওবা কৰে আৰু নিজকে সংশোধন কৰে তেন্তে নিশ্চয় আল্লাহে তাৰ তাওবা কবুল কৰিব; নিশ্চয় আল্লাহ ক্ষমাশীল, পৰম দয়ালু।




اَلَمْ تَعْلَمْ اَنَّ اللّٰهَ لَهٗ مُلْكُ السَّمٰوٰتِ وَالْاَرْضِ ؕ یُعَذِّبُ مَنْ یَّشَآءُ وَیَغْفِرُ لِمَنْ یَّشَآءُ ؕ وَاللّٰهُ عَلٰی كُلِّ شَیْءٍ قَدِیْرٌ ٤٠

40. তুমি নাজানা নেকি যে, আকাশসমূহ আৰু পৃথিৱীৰ সাৰ্বভৌমত্ব কেৱল আল্লাহৰেই? তেওঁ যাক ইচ্ছা কৰে শাস্তি দিয়ে আৰু যাক ইচ্ছা কৰে ক্ষমা কৰি দিয়ে আৰু আল্লাহ সকলো বস্তুৰ ওপৰত ক্ষমতাৱান।




یٰۤاَیُّهَا الرَّسُوْلُ لَا یَحْزُنْكَ الَّذِیْنَ یُسَارِعُوْنَ فِی الْكُفْرِ مِنَ الَّذِیْنَ قَالُوْۤا اٰمَنَّا بِاَفْوَاهِهِمْ وَلَمْ تُؤْمِنْ قُلُوْبُهُمْ ۛۚ وَمِنَ الَّذِیْنَ هَادُوْا ۛۚ سَمّٰعُوْنَ لِلْكَذِبِ سَمّٰعُوْنَ لِقَوْمٍ اٰخَرِیْنَ ۙ لَمْ یَاْتُوْكَ ؕ یُحَرِّفُوْنَ الْكَلِمَ مِنْۢ بَعْدِ مَوَاضِعِهٖ ۚ یَقُوْلُوْنَ اِنْ اُوْتِیْتُمْ هٰذَا فَخُذُوْهُ وَاِنْ لَّمْ تُؤْتَوْهُ فَاحْذَرُوْا ؕ وَمَنْ یُّرِدِ اللّٰهُ فِتْنَتَهٗ فَلَنْ تَمْلِكَ لَهٗ مِنَ اللّٰهِ شَیْـًٔا ؕ اُولٰٓىِٕكَ الَّذِیْنَ لَمْ یُرِدِ اللّٰهُ اَنْ یُّطَهِّرَ قُلُوْبَهُمْ ؕ لَهُمْ فِی الدُّنْیَا خِزْیٌ ۖۚ وَلَهُمْ فِی الْاٰخِرَةِ عَذَابٌ عَظِیْمٌ ٤١

41. হে ৰাছুল! তুমি সিহঁতৰ বাবে চিন্তিত নহ’বা যিসকলে কুফুৰীৰ ফালে দ্ৰুত গতিত আগুৱাই যায়—যিসকলে মুখেৰে কয়, ‘ঈমান আনিছোঁ’, অথচ সিহঁতৰ অন্তৰে ঈমান আনা নাই- আৰু যিসকলে ইয়াহুদী হৈছে, সিহঁত (সকলোৱেই) মিছা কথা শুনিবলৈ (আৰু অনুসৰণ কৰিবলৈ) অধিক তৎপৰ, অন্যান্য যিবোৰ সম্প্ৰদায় তোমাৰ ওচৰলৈ অহা নাই ইহঁতে সেইসকল লোকৰ বাবে (তোমাৰ কথাত) কাণ পাতি (চোৰাংচোৱাগিৰি কৰি) থাকে। (তাওৰাতৰ) শব্দসমূহ যথাযথ সুবিন্যস্ত থকাৰ পিছতো সিহঁতে সেইবোৰৰ অৰ্থ বিকৃত কৰে। সিহঁতে কয়, ‘যদি তোমালোকক এনেকুৱা বিধান দিয়ে তেনেহ’লে গ্ৰহণ কৰিবা আৰু যদি এনেকুৱা বিধান নিদিয়ে তেনেহ’লে বৰ্জন কৰিবা’। আল্লাহে যাক ফিতনাত পেলাব বিচাৰে তাৰ বাবে আল্লাহৰ ওচৰত তোমাৰ কৰিবলৈ একো নাই। ইহঁতেই হৈছে সেইসকল লোক যিসকলৰ হৃদয়ক আল্লাহে বিশুদ্ধ কৰিব নিবিচাৰে; সিহঁতৰ বাবে আছে পৃথিৱীত লাঞ্ছনা আৰু আখিৰাতত আছে মহাশাস্তি।




سَمّٰعُوْنَ لِلْكَذِبِ اَكّٰلُوْنَ لِلسُّحْتِ ؕ فَاِنْ جَآءُوْكَ فَاحْكُمْ بَیْنَهُمْ اَوْ اَعْرِضْ عَنْهُمْ ۚ وَاِنْ تُعْرِضْ عَنْهُمْ فَلَنْ یَّضُرُّوْكَ شَیْـًٔا ؕ وَاِنْ حَكَمْتَ فَاحْكُمْ بَیْنَهُمْ بِالْقِسْطِ ؕ اِنَّ اللّٰهَ یُحِبُّ الْمُقْسِطِیْنَ ٤٢

42. সিহঁতে মিছা শুনিবলৈ বৰ আগ্ৰহশীল আৰু অবৈধ সম্পদ খাবলৈ অত্যন্ত আসক্ত; এতেকে সিহঁতে যদি তোমাৰ ওচৰলৈ আহে তেন্তে সিহঁতৰ বিচাৰ মীমাংসা কৰিবা অথবা সিহঁতক উপেক্ষা কৰিবা। তুমি যদি সিহঁতক উপেক্ষা কৰা তেন্তে সিহঁতে তোমাৰ একো ক্ষতি কৰিব নোৱাৰিব আৰু তুমি যদি সিহঁতৰ বিচাৰ নিষ্পত্তি কৰা তেন্তে সিহঁতৰ মাজত ন্যায় বিচাৰ কৰিবা; নিশ্চয় আল্লাহে ন্যায়পৰায়ণকাৰীসকলক ভালপায়।




وَكَیْفَ یُحَكِّمُوْنَكَ وَعِنْدَهُمُ التَّوْرٰىةُ فِیْهَا حُكْمُ اللّٰهِ ثُمَّ یَتَوَلَّوْنَ مِنْۢ بَعْدِ ذٰلِكَ ؕ وَمَاۤ اُولٰٓىِٕكَ بِالْمُؤْمِنِیْنَ ٤٣

43. আৰু সিহঁতে কেনেকৈ তোমাক ফয়চালাকাৰী বনায়? অথচ সিহঁতৰ ওচৰত আছে তাওৰাত, য’ত আছে আল্লাহৰ বিধান, তথাপিও সিহঁতে মুখ ঘূৰাই লয় আৰু সিহঁত মুমিনো নহয়।




اِنَّاۤ اَنْزَلْنَا التَّوْرٰىةَ فِیْهَا هُدًی وَنُوْرٌ ۚ یَحْكُمُ بِهَا النَّبِیُّوْنَ الَّذِیْنَ اَسْلَمُوْا لِلَّذِیْنَ هَادُوْا وَالرَّبّٰنِیُّوْنَ وَالْاَحْبَارُ بِمَا اسْتُحْفِظُوْا مِنْ كِتٰبِ اللّٰهِ وَكَانُوْا عَلَیْهِ شُهَدَآءَ ۚ فَلَا تَخْشَوُا النَّاسَ وَاخْشَوْنِ وَلَا تَشْتَرُوْا بِاٰیٰتِیْ ثَمَنًا قَلِیْلًا ؕ وَمَنْ لَّمْ یَحْكُمْ بِمَاۤ اَنْزَلَ اللّٰهُ فَاُولٰٓىِٕكَ هُمُ الْكٰفِرُوْنَ ٤٤

44. নিশ্চয় আমিয়েই তাওৰাত অৱতীৰ্ণ কৰিছিলোঁ, তাত আছিল হিদায়ত আৰু জ্যোতি, ইয়াৰ মাধ্যমত ইয়াহুদিসকলৰ বাবে ফয়চালা প্ৰদান কৰিছিল অনুগত নবীসকলে আৰু ৰাব্বানীসকলে লগতে বিদ্বানসকলেও। কাৰণ তেওঁলোকক আল্লাহৰ কিতাবৰ ৰক্ষক হিচাপে দায়িত্ব দিয়া হৈছিল আৰু তেওঁলোক আছিল ইয়াৰ (সত্যতাৰ) সাক্ষী। সেয়ে তোমালোকে মানুহক ভয় নকৰিবা কেৱল মোকেই ভয় কৰা, আৰু মোৰ আয়াতসমূহৰ বিনিময়ত তুচ্ছ মূল্য কিনি নল’বা। আল্লাহে যি অৱতীৰ্ণ কৰিছে সেই অনুযায়ী যিসকলে বিধান নিদিয়ে সিহঁতেই হৈছে কাফিৰ।




وَكَتَبْنَا عَلَیْهِمْ فِیْهَاۤ اَنَّ النَّفْسَ بِالنَّفْسِ ۙ وَالْعَیْنَ بِالْعَیْنِ وَالْاَنْفَ بِالْاَنْفِ وَالْاُذُنَ بِالْاُذُنِ وَالسِّنَّ بِالسِّنِّ ۙ وَالْجُرُوْحَ قِصَاصٌ ؕ فَمَنْ تَصَدَّقَ بِهٖ فَهُوَكَفَّارَةٌ لَّهٗ ؕ وَمَنْ لَّمْ یَحْكُمْ بِمَاۤ اَنْزَلَ اللّٰهُ فَاُولٰٓىِٕكَ هُمُ الظّٰلِمُوْنَ ٤٥

45. আৰু তাত (তাওৰাতত) আমি সিহঁতৰ বাবে (এই বিধান) অত্যাৱশ্যক কৰি দিছিলোঁ যে, প্ৰাণৰ পৰিবৰ্তে প্ৰাণ, চকুৰ পৰিবৰ্তে চকু, নাকৰ পৰিবৰ্তে নাক, কাণৰ পৰিবৰ্তে কাণ, দাঁতৰ পৰিবৰ্তে দাঁত আৰু আঘাতৰ পৰিবৰ্তে অনুৰূপ আঘাত। এতেকে কোনোবাই ক্ষমা কৰিলে তাৰ বাবে সেইটো কাফফাৰা হ’ব। আৰু আল্লাহে যি অৱতীৰ্ণ কৰিছে সেই অনুযায়ী যিসকলে বিধান নিদিয়ে সিহঁতেই হৈছে যালিম।




وَقَفَّیْنَا عَلٰۤی اٰثَارِهِمْ بِعِیْسَی ابْنِ مَرْیَمَ مُصَدِّقًا لِّمَا بَیْنَ یَدَیْهِ مِنَ التَّوْرٰىةِ وَاٰتَیْنٰهُ الْاِنْجِیْلَ فِیْهِ هُدًی وَنُوْرٌ ۙ وَمُصَدِّقًا لِّمَا بَیْنَ یَدَیْهِ مِنَ التَّوْرٰىةِ وَهُدًی وَمَوْعِظَةً لِّلْمُتَّقِیْنَ ٤٦

46. আৰু আমি তেওঁলোকৰ পিছতেই মাৰয়ামৰ পুত্ৰ ঈছাক প্ৰেৰণ কৰিছিলোঁ, তেওঁৰ পূৰ্বে অৱতীৰ্ণ হোৱা তাওৰাতৰ সমৰ্থক হিচাপে। আমি তেওঁক ইঞ্জীল প্ৰদান কৰিছিলোঁ, তাত আছিল হিদায়ত আৰু জ্যোতি, আৰু এইখনেও তাৰ পূৰ্বে অৱতীৰ্ণ হোৱা তাওৰাতৰ সত্যতাৰ সমৰ্থনকাৰী আছিল, লগতে তাত আছিল মুত্তাক্বীসকলৰ বাবে হিদায়ত আৰু উপদেশ।




وَلْیَحْكُمْ اَهْلُ الْاِنْجِیْلِ بِمَاۤ اَنْزَلَ اللّٰهُ فِیْهِ ؕ وَمَنْ لَّمْ یَحْكُمْ بِمَاۤ اَنْزَلَ اللّٰهُ فَاُولٰٓىِٕكَ هُمُ الْفٰسِقُوْنَ ٤٧

47. ইঞ্জীলৰ অনুসাৰীসকলে সেই অনুসাৰেই ফয়চালা কৰা উচিত, যিবোৰ বিধান আল্লাহে তাত অৱতীৰ্ণ কৰিছে। কাৰণ আল্লাহে যিবোৰ বিধান অৱতীৰ্ণ কৰিছে সেই অনুযায়ী যিসকলে ফয়চালা নকৰে সিহঁতেই হৈছে ফাছিক্ব।




وَاَنْزَلْنَاۤ اِلَیْكَ الْكِتٰبَ بِالْحَقِّ مُصَدِّقًا لِّمَا بَیْنَ یَدَیْهِ مِنَ الْكِتٰبِ وَمُهَیْمِنًا عَلَیْهِ فَاحْكُمْ بَیْنَهُمْ بِمَاۤ اَنْزَلَ اللّٰهُ وَلَا تَتَّبِعْ اَهْوَآءَهُمْ عَمَّا جَآءَكَ مِنَ الْحَقِّ ؕ لِكُلٍّ جَعَلْنَا مِنْكُمْ شِرْعَةً وَّمِنْهَاجًا ؕ وَلَوْ شَآءَ اللّٰهُ لَجَعَلَكُمْ اُمَّةً وَّاحِدَةً وَّلٰكِنْ لِّیَبْلُوَكُمْ فِیْ مَاۤ اٰتٰىكُمْ فَاسْتَبِقُوا الْخَیْرٰتِ ؕ اِلَی اللّٰهِ مَرْجِعُكُمْ جَمِیْعًا فَیُنَبِّئُكُمْ بِمَا كُنْتُمْ فِیْهِ تَخْتَلِفُوْنَ ٤٨

48. আৰু আমি তোমাৰ প্ৰতি সত্যসহ কিতাব অৱতীৰ্ণ কৰিছোঁ, ইয়াৰ পূৰ্বে অৱতীৰ্ণ হোৱা কিতাবসমূহৰ সত্যতাৰ সমৰ্থনকাৰী আৰু সেইবোৰৰ তদাৰককাৰীৰূপে। এতেকে আল্লাহে যি অৱতীৰ্ণ কৰিছে সেই অনুযায়ী তুমি সিহঁতৰ বিচাৰ নিষ্পত্তি কৰা আৰু যি সত্য তোমাৰ ওচৰলৈ আহিছে সেইটো এৰি সিহঁতৰ প্ৰবৃত্তিৰ অনুসৰণ নকৰিবা। তোমালোকৰ প্ৰত্যেকৰে বাবে আমি একোটাকৈ চৰীয়ত আৰু স্পষ্ট পথ নিৰ্ধাৰণ কৰি দিছোঁ। আল্লাহে ইচ্ছা কৰিলে তোমালোকক এটা উম্মত কৰিব পাৰিলেহেঁতেন, কিন্তু তেওঁ তোমালোকক যি প্ৰদান কৰিছে তাৰ দ্বাৰা তোমালোকক পৰীক্ষা কৰিব বিচাৰে। সেয়ে তোমালোকে সৎকৰ্মত প্ৰতিযোগিতা কৰা। আল্লাহৰ পিনেই তোমালোক সকলোৱে প্ৰত্যাৱৰ্তন কৰিব লাগিব। এতেকে তোমালোকে যি বিষয়ত মতভেদ কৰিছিলা, সেই বিষয়ে তেওঁ তোমালোকক অৱগত কৰাব।




وَاَنِ احْكُمْ بَیْنَهُمْ بِمَاۤ اَنْزَلَ اللّٰهُ وَلَا تَتَّبِعْ اَهْوَآءَهُمْ وَاحْذَرْهُمْ اَنْ یَّفْتِنُوْكَ عَنْۢ بَعْضِ مَاۤ اَنْزَلَ اللّٰهُ اِلَیْكَ ؕ فَاِنْ تَوَلَّوْا فَاعْلَمْ اَنَّمَا یُرِیْدُ اللّٰهُ اَنْ یُّصِیْبَهُمْ بِبَعْضِ ذُنُوْبِهِمْ ؕ وَاِنَّ كَثِیْرًا مِّنَ النَّاسِ لَفٰسِقُوْنَ ٤٩

49. (আকৌ কৈছোঁ) আল্লাহে যি অৱতীৰ্ণ কৰিছে সেই অনুযায়ী তুমি সিহঁতৰ মাজত বিচাৰ নিষ্পত্তি কৰা, আৰু সিহঁতৰ প্ৰবৃত্তিৰ অনুসৰণ নকৰিবা, লগতে সিহঁতৰ বিষয়ে সতৰ্ক থাকিবা, কাৰণ আল্লাহে তোমাৰ প্ৰতি যি অৱতীৰ্ণ কৰিছে সিহঁতে যাতে ইয়াৰ কোনো বিষয়ৰ পৰা তোমাক বিচ্যুত কৰিব নোৱাৰে। যদি সিহঁতে মুখ ঘূৰাই লয় তেন্তে জানি থোৱা যে, আল্লাহে সিহঁতক কেৱল সিহঁতৰ কিছুমান গুণাহৰ বাবে শাস্তি দিব বিচাৰে। নিশ্চয় মানুহৰ মাজৰ বহুতেই হৈছে ফাছিক্ব।




اَفَحُكْمَ الْجَاهِلِیَّةِ یَبْغُوْنَ ؕ وَمَنْ اَحْسَنُ مِنَ اللّٰهِ حُكْمًا لِّقَوْمٍ یُّوْقِنُوْنَ ٥٠

50. সিহঁতে জাহিলিয়্যাত যুগৰ বিচাৰ-ব্যৱস্থা কামনা কৰে নেকি? দৃঢ় বিশ্বাসী সম্প্ৰদায়ৰ বাবে বিচাৰ-ব্যৱস্থা প্ৰদানত আল্লাহতকৈ শ্ৰেষ্ঠ আৰু কোন হ’ব পাৰে?




یٰۤاَیُّهَا الَّذِیْنَ اٰمَنُوْا لَا تَتَّخِذُوا الْیَهُوْدَ وَالنَّصٰرٰۤی اَوْلِیَآءَ ؔۘ بَعْضُهُمْ اَوْلِیَآءُ بَعْضٍ ؕ وَمَنْ یَّتَوَلَّهُمْ مِّنْكُمْ فَاِنَّهٗ مِنْهُمْ ؕ اِنَّ اللّٰهَ لَا یَهْدِی الْقَوْمَ الظّٰلِمِیْنَ ٥١

51. হে মুমিনসকল! তোমালোকে ইয়াহুদী আৰু নাছাৰাসকলক বন্ধুৰূপে গ্ৰহণ নকৰিবা, সিহঁত হৈছে পৰস্পৰে পৰস্পৰৰ বন্ধু। তোমালোকৰ মাজৰ কোনোবাই সিহঁতক বন্ধুৰূপে গ্ৰহণ কৰিলে সি নিশ্চয় সিহঁতৰেই এজন বুলি গণ্য হ’ব। নিশ্চয় আল্লাহে অত্যাচাৰী সম্প্ৰদায়ক হিদায়ত নিদিয়ে।




فَتَرَی الَّذِیْنَ فِیْ قُلُوْبِهِمْ مَّرَضٌ یُّسَارِعُوْنَ فِیْهِمْ یَقُوْلُوْنَ نَخْشٰۤی اَنْ تُصِیْبَنَا دَآىِٕرَةٌ ؕ فَعَسَی اللّٰهُ اَنْ یَّاْتِیَ بِالْفَتْحِ اَوْ اَمْرٍ مِّنْ عِنْدِهٖ فَیُصْبِحُوْا عَلٰی مَاۤ اَسَرُّوْا فِیْۤ اَنْفُسِهِمْ نٰدِمِیْنَ ٥٢

52. এতেকে যিসকলৰ অন্তৰত ব্যাধি আছে সিহঁতক তুমি অতিসোনকালে সিহঁতৰ সৈতে মিলিত হোৱা দেখিবলৈ পাবা। সিহঁতে কয়, ‘আমি আশংকা কৰিছোঁ যে, কোনো এটা বিপদে আমাক আক্ৰান্ত কৰিব’। তাৰ পিছত এনেকুৱাও হ’ব পাৰে যে, আল্লাহে (তোমালোকক) বিজয় দান কৰিব অথবা তেওঁৰ পৰা এনেকুৱা কিবা প্ৰদান কৰিব যাতে সিহঁতে সিহঁতৰ অন্তৰত যি গোপন ৰাখিছিল সেই বাবে লজ্জিত হয়।




وَیَقُوْلُ الَّذِیْنَ اٰمَنُوْۤا اَهٰۤؤُلَآءِ الَّذِیْنَ اَقْسَمُوْا بِاللّٰهِ جَهْدَ اَیْمَانِهِمْ ۙ اِنَّهُمْ لَمَعَكُمْ ؕ حَبِطَتْ اَعْمَالُهُمْ فَاَصْبَحُوْا خٰسِرِیْنَ ٥٣

53. আৰু মুমিনসকলে ক’ব, ‘ইহঁতেই আল্লাহৰ নামত দৃঢ়ভাৱে শপত কৰিছিল নেকি যে, নিশ্চয় সিহঁতে তোমালোকৰ লগত আছে’? সিহঁতৰ আমলসমূহ নিষ্ফল হৈছে, ফলত সিহঁত ক্ষতিগ্ৰস্ত হৈছে।




یٰۤاَیُّهَا الَّذِیْنَ اٰمَنُوْا مَنْ یَّرْتَدَّ مِنْكُمْ عَنْ دِیْنِهٖ فَسَوْفَ یَاْتِی اللّٰهُ بِقَوْمٍ یُّحِبُّهُمْ وَیُحِبُّوْنَهٗۤ ۙ اَذِلَّةٍ عَلَی الْمُؤْمِنِیْنَ اَعِزَّةٍ عَلَی الْكٰفِرِیْنَ ؗ یُجَاهِدُوْنَ فِیْ سَبِیْلِ اللّٰهِ وَلَا یَخَافُوْنَ لَوْمَةَ لَآىِٕمٍ ؕ ذٰلِكَ فَضْلُ اللّٰهِ یُؤْتِیْهِ مَنْ یَّشَآءُ ؕ وَاللّٰهُ وَاسِعٌ عَلِیْمٌ ٥٤

54. হে মুমিনসকল! তোমালোকৰ মাজৰ কোনোবাই যদি দ্বীনৰ পৰা উভতি যায় (তেন্তে জানি থোৱা) নিশ্চয় আল্লাহে এনেকুৱা এটা সম্প্ৰদায় আনিব যিসকলক তেওঁ ভালপায় আৰু তেওঁলোকেও তেওঁক ভাল পাব; তেওঁলোক মুমিনসকলৰ প্ৰতি কোমল আৰু কাফিৰসকলৰ প্ৰতি অতি কঠোৰ হ’ব; তেওঁলোকে আল্লাহৰ পথত জিহাদ কৰিব আৰু কোনো ভৰ্ৎসনাকাৰীৰ ভৰ্ৎসনালৈ ভ্ৰূক্ষেপ নকৰিব। এইটো আল্লাহৰ অনুগ্ৰহ, তেওঁ যাক ইচ্ছা কৰে তাকেই দান কৰে। (জানি থোৱা) আল্লাহ প্ৰাচুৰ্যময়, সৰ্বজ্ঞ।




اِنَّمَا وَلِیُّكُمُ اللّٰهُ وَرَسُوْلُهٗ وَالَّذِیْنَ اٰمَنُوا الَّذِیْنَ یُقِیْمُوْنَ الصَّلٰوةَ وَیُؤْتُوْنَ الزَّكٰوةَ وَهُمْ رٰكِعُوْنَ ٥٥

55. (জানি থোৱা) তোমালোকৰ (প্ৰকৃত) বন্ধু হৈছে কেৱল আল্লাহ আৰু তেওঁৰ ৰাছুল আৰু মুমিনসকল- যিসকলে বিনীত হৈ ছালাত কায়েম কৰে আৰু যাকাত প্ৰদান কৰে।




وَمَنْ یَّتَوَلَّ اللّٰهَ وَرَسُوْلَهٗ وَالَّذِیْنَ اٰمَنُوْا فَاِنَّ حِزْبَ اللّٰهِ هُمُ الْغٰلِبُوْنَ ٥٦

56. এতেকে যিয়ে আল্লাহক আৰু তেওঁৰ ৰাছুলক লগতে মুমিনসকলক বন্ধুৰূপে গ্ৰহণ কৰিব (তেৱেঁই হ’ব আল্লাহৰ দলভুক্ত)। (জানি থোৱা) নিশ্চয় আল্লাহৰ দলেই জয়যুক্ত হ’ব।




یٰۤاَیُّهَا الَّذِیْنَ اٰمَنُوْا لَا تَتَّخِذُوا الَّذِیْنَ اتَّخَذُوْا دِیْنَكُمْ هُزُوًا وَلَعِبًا مِّنَ الَّذِیْنَ اُوْتُوا الْكِتٰبَ مِنْ قَبْلِكُمْ وَالْكُفَّارَ اَوْلِیَآءَ ۚ وَاتَّقُوا اللّٰهَ اِنْ كُنْتُمْ مُّؤْمِنِیْنَ ٥٧

57. হে মুমিনসকল! তোমালোকৰ পূৰ্বে যিসকলক কিতাব দিয়া হৈছিল সিহঁতৰ মাজৰ যিসকলে তোমালোকৰ দ্বীনক উপহাস আৰু খেল-ধেমালিৰ বস্তুৰূপে গ্ৰহণ কৰে সিহঁতক আৰু কাফিৰসকলক তোমালোকে কেতিয়াও বন্ধুৰূপে গ্ৰহণ নকৰিবা আৰু তোমালোকে আল্লাহৰ তাক্বৱা অৱলম্বন কৰা, যদি তোমালোকে প্ৰকৃত মুমিন হোৱা।




وَاِذَا نَادَیْتُمْ اِلَی الصَّلٰوةِ اتَّخَذُوْهَا هُزُوًا وَلَعِبًا ؕ ذٰلِكَ بِاَنَّهُمْ قَوْمٌ لَّا یَعْقِلُوْنَ ٥٨

58. আৰু যেতিয়া তোমালোকে ছালাতৰ প্ৰতি আহ্বান কৰা তেতিয়া সিহঁতে ইয়াক উপহাস আৰু খেল-ধেমালিৰ বস্তুৰূপে গ্ৰহণ কৰে- এইটো এইবাবে যে, সিহঁত হৈছে এনেকুৱা এটা সম্প্ৰদায় যিসকলে একোৱে নবুজে।




قُلْ یٰۤاَهْلَ الْكِتٰبِ هَلْ تَنْقِمُوْنَ مِنَّاۤ اِلَّاۤ اَنْ اٰمَنَّا بِاللّٰهِ وَمَاۤ اُنْزِلَ اِلَیْنَا وَمَاۤ اُنْزِلَ مِنْ قَبْلُ ۙ وَاَنَّ اَكْثَرَكُمْ فٰسِقُوْنَ ٥٩

59. কোৱা, ‘হে কিতাবীসকল! তোমালোকে আমাৰ সৈতে এইকাৰণে শত্ৰুতা পোষণ কৰা নেকি যে, আমি আল্লাহৰ প্ৰতি ঈমান আনিছোঁ আৰু আমাৰ প্ৰতি যি অৱতীৰ্ণ হৈছে তথা যি আমাৰ পূৰ্বে অৱতীৰ্ণ হৈছিল সেইবোৰক আমি বিশ্বাস কৰোঁ। নিশ্চয় তোমালোকৰ অধিকাংশই হৈছা ফাছিক্ব’।




قُلْ هَلْ اُنَبِّئُكُمْ بِشَرٍّ مِّنْ ذٰلِكَ مَثُوْبَةً عِنْدَ اللّٰهِ ؕ مَنْ لَّعَنَهُ اللّٰهُ وَغَضِبَ عَلَیْهِ وَجَعَلَ مِنْهُمُ الْقِرَدَةَ وَالْخَنَازِیْرَ وَعَبَدَ الطَّاغُوْتَ ؕ اُولٰٓىِٕكَ شَرٌّ مَّكَانًا وَّاَضَلُّ عَنْ سَوَآءِ السَّبِیْلِ ٦٠

60. কোৱা, ‘মই তোমালোকক ইয়াতকৈও নিকৃষ্ট পৰিণামৰ সংবাদ দিমনে যিটো আল্লাহৰ ওচৰত আছে? যাৰ ওপৰত আল্লাহে অভিসম্পাত কৰিছে আৰু যাৰ ওপৰত তেওঁ ক্ৰোধান্বিত হৈছে। যিসকলৰ মাজৰ পৰা কিছুমানক বান্দৰ আৰু কিছুমানক গাহৰি বনাইছিল আৰু (সিহঁতৰ কিছুমানে) তাগুতৰ উপাসনা কৰিছিল। সিহঁতেই অৱস্থানৰ দিশৰ পৰা নিকৃষ্ট আৰু সৰল পথৰ পৰা আটাইতকৈ বেছি বিচ্যুত’।