ছুৰা আল-মাছাদ

bismillah

تَبَّتْ یَدَاۤ اَبِیْ لَهَبٍ وَّتَبَّ ١

1. ধ্বংস হওক আবু লাহাবৰ দুয়ো হাত আৰু সি নিজেও ধ্বংস হওক।




مَاۤ اَغْنٰی عَنْهُ مَالُهٗ وَمَا كَسَبَ ٢

2. তাৰ ধন-সম্পদ আৰু তাৰ উপাৰ্জন তাৰ কোনো কামত নাহিল।




سَیَصْلٰی نَارًا ذَاتَ لَهَبٍ ٣

3. অতিশীঘ্ৰেই সি লেলিহান জুইত পতিত হ’ব।




وَامْرَاَتُهٗ ؕ حَمَّالَةَ الْحَطَبِ ٤

4. আৰু তাৰ স্ত্ৰীও- যিজনীয়ে ইন্ধন বহন কৰে,




فِیْ جِیْدِهَا حَبْلٌ مِّنْ مَّسَدٍ ٥

5. তাইৰ ডিঙিত থাকিব পকোৱা টান ৰছী।