ছুৰা আল-মাঊন

bismillah

اَرَءَیْتَ الَّذِیْ یُكَذِّبُ بِالدِّیْنِ ١

1. তুমি তাক দেখিছানে, যিয়ে (আখিৰাতৰ) কৰ্মফলক অস্বীকাৰ কৰে?




فَذٰلِكَ الَّذِیْ یَدُعُّ الْیَتِیْمَ ٢

2. সিয়েই হৈছে সেইজন, যিয়ে অনাথক কঠোৰভাৱে খেদি পঠিয়ায়,




وَلَا یَحُضُّ عَلٰی طَعَامِ الْمِسْكِیْنِ ٣

3. আৰু সি দুখিয়াক খানা খুৱাবলৈ উৎসাহ নিদিয়ে।




فَوَیْلٌ لِّلْمُصَلِّیْنَ ٤

4. এতেকে ধ্বংস সেইসকল ছালাত আদায়কাৰীৰ বাবে,




الَّذِیْنَ هُمْ عَنْ صَلَاتِهِمْ سَاهُوْنَ ٥

5. যিসকলে নিজৰ ছালাতত অমনোযোগী,




الَّذِیْنَ هُمْ یُرَآءُوْنَ ٦

6. যিসকলে আনক দেখুৱাবলৈহে (সৎকৰ্ম) কৰে,




وَیَمْنَعُوْنَ الْمَاعُوْنَ ٧

7. আৰু সৰু-সুৰা গৃহসামগ্ৰী প্ৰদানত বাধা দিয়ে।