ছুৰা আল-মুদ্দাচ্ছিৰ

bismillah

یٰۤاَیُّهَا الْمُدَّثِّرُ ١

1. হে বস্ত্ৰাবৃত!




قُمْ فَاَنْذِرْ ٢

2. উঠা, আৰু সতৰ্ক কৰা,




وَرَبَّكَ فَكَبِّرْ ٣

3. আৰু তোমাৰ প্ৰতিপালকৰ শ্ৰেষ্ঠত্ব ঘোষণা কৰা।




وَثِیَابَكَ فَطَهِّرْ ٤

4. আৰু তোমাৰ পোছাক-পৰিচ্ছদ পৱিত্ৰ ৰাখিবা,




وَالرُّجْزَ فَاهْجُرْ ٥

5. আৰু অপৱিত্ৰতা (শ্বিৰ্ক) পৰিহাৰ কৰা,




وَلَا تَمْنُنْ تَسْتَكْثِرُ ٦

6. আৰু অধিক পোৱাৰ আশাত কাকো অনুগ্ৰহ নকৰিবা।




وَلِرَبِّكَ فَاصْبِرْ ٧

7. আৰু তোমাৰ প্ৰতিপালকৰ বাবেই ধৈৰ্য্য ধাৰণ কৰা।




فَاِذَا نُقِرَ فِی النَّاقُوْرِ ٨

8. এতেকে যেতিয়া শিঙাত ফুঁ দিয়া হ’ব,




فَذٰلِكَ یَوْمَىِٕذٍ یَّوْمٌ عَسِیْرٌ ٩

9. সেই দিনটো হ’ব এটা সংকটৰ দিন-




عَلَی الْكٰفِرِیْنَ غَیْرُ یَسِیْرٍ ١٠

10. যিটো কাফিৰসকলৰ বাবে সহজ নহয়।




ذَرْنِیْ وَمَنْ خَلَقْتُ وَحِیْدًا ١١

11. যাক মই অকলশৰীয়াকৈ সৃষ্টি কৰিছোঁ তাক মোলৈ এৰি দিয়া।




وَجَعَلْتُ لَهٗ مَالًا مَّمْدُوْدًا ١٢

12. আৰু যাক মই প্ৰদান কৰিছোঁ বিপুল ধন-সম্পদ,




وَبَنِیْنَ شُهُوْدًا ١٣

13. আৰু (প্ৰদান কৰিছোঁ) নিত্যসঙ্গী পুত্ৰসকল।




وَمَهَّدْتُّ لَهٗ تَمْهِیْدًا ١٤

14. আৰু তাক প্ৰদান কৰিছোঁ স্বাচ্ছন্দ জীৱনৰ প্ৰচুৰ উপকৰণ-




ثُمَّ یَطْمَعُ اَنْ اَزِیْدَ ١٥

15. তথাপিও সি কামনা কৰে যে, মই যেন তাক আৰু অধিক দিওঁ!




كَلَّا ؕ اِنَّهٗ كَانَ لِاٰیٰتِنَا عَنِیْدًا ١٦

16. কেতিয়াও নহয়, সি আমাৰ নিদৰ্শনসমূহৰ বিৰুদ্ধাচাৰী।




سَاُرْهِقُهٗ صَعُوْدًا ١٧

17. অনতিপলমে মই তাক (জাহান্নামৰ পিচল শিলত) আৰোহণ কৰিবলৈ বাধ্য কৰাম।




اِنَّهٗ فَكَّرَ وَقَدَّرَ ١٨

18. নিশ্চয় সি চিন্তা কৰিলে আৰু সিদ্ধান্ত গ্ৰহণ কৰিলে।




فَقُتِلَ كَیْفَ قَدَّرَ ١٩

19. এতেকে সি ধ্বংস হওক! কেনেকৈ সি (এই) সিদ্ধান্ত গ্ৰহণ কৰিলে?




ثُمَّ قُتِلَ كَیْفَ قَدَّرَ ٢٠

20. আকৌ সি ধ্বংস হওক! কেনেকৈ সি (এই) সিদ্ধান্ত গ্ৰহণ কৰিলে?




ثُمَّ نَظَرَ ٢١

21. তাৰ পিছত সি লক্ষ্য কৰিলে।




ثُمَّ عَبَسَ وَبَسَرَ ٢٢

22. তাৰ পিছত সি ভ্ৰুঁ কোচ খোৱালে আৰু মুখ বিকৃত কৰিলে।




ثُمَّ اَدْبَرَ وَاسْتَكْبَرَ ٢٣

23. তাৰ পিছত সি উভতিলে আৰু অহংকাৰ কৰিলে।




فَقَالَ اِنْ هٰذَاۤ اِلَّا سِحْرٌ یُّؤْثَرُ ٢٤

24. তাৰ পিছত সি ক’লে, ‘এয়া পূৰ্বৰে পৰা চলি অহা যাদুৰ বাহিৰে আন একো নহয়’,




اِنْ هٰذَاۤ اِلَّا قَوْلُ الْبَشَرِ ٢٥

25. ‘এয়াতো মানুহৰেই কথা’।




سَاُصْلِیْهِ سَقَرَ ٢٦

26. অনতিপলমে মই তাক ছাক্বাৰত (জাহান্নামত) প্ৰৱেশ কৰাম।




وَمَاۤ اَدْرٰىكَ مَا سَقَرُ ٢٧

27. আৰু কিহে তোমাক জনাব ছাক্বাৰ কি?




لَا تُبْقِیْ وَلَا تَذَرُ ٢٨

28. ই তাক (জীৱিত থাকিবলৈও) অৱকাশ নিদিব আৰু (মৃত্যু হ’বলৈও) এৰি নিদিব।




لَوَّاحَةٌ لِّلْبَشَرِ ٢٩

29. ই শৰীৰৰ ছাল জ্বলাই ক'লা কৰি দিব।




عَلَیْهَا تِسْعَةَ عَشَرَ ٣٠

30. ছাক্বাৰৰ তত্ত্বাৱধানত আছে ঊনৈশজন (প্ৰহৰী)।




وَمَا جَعَلْنَاۤ اَصْحٰبَ النَّارِ اِلَّا مَلٰٓىِٕكَةً وَمَا جَعَلْنَا عِدَّتَهُمْ اِلَّا فِتْنَةً لِّلَّذِیْنَ كَفَرُوْا ۙ لِیَسْتَیْقِنَ الَّذِیْنَ اُوْتُوا الْكِتٰبَ وَیَزْدَادَ الَّذِیْنَ اٰمَنُوْۤا اِیْمَانًا وَّلَا یَرْتَابَ الَّذِیْنَ اُوْتُوا الْكِتٰبَ وَالْمُؤْمِنُوْنَ ۙ وَلِیَقُوْلَ الَّذِیْنَ فِیْ قُلُوْبِهِمْ مَّرَضٌ وَالْكٰفِرُوْنَ مَا ذَاۤ اَرَادَ اللّٰهُ بِهٰذَا مَثَلًا ؕ كَذٰلِكَ یُضِلُّ اللّٰهُ مَنْ یَّشَآءُ وَیَهْدِیْ مَنْ یَّشَآءُ ؕ وَمَا یَعْلَمُ جُنُوْدَ رَبِّكَ اِلَّا هُوَؕ وَمَا هِیَ اِلَّا ذِكْرٰی لِلْبَشَرِ ٣١

31. আৰু আমি কেৱল ফিৰিস্তাসকলকেই জাহান্নামৰ তত্ত্বাৱধায়ক বনাইছোঁ; আৰু কাফিৰসকলৰ পৰীক্ষাস্বৰূপেই আমি সিহঁতৰ সংখ্যা উল্লেখ কৰিছোঁ, যাতে কিতাবপ্ৰাপ্তসকলে দৃঢ় বিশ্বাস কৰে, আৰু মুমিনসকলৰ ঈমান বৃদ্ধি পায়, আৰু যাতে মুমিনসকলে সন্দেহ পোষণ নকৰে; তথা যাতে ইয়াৰ ফলত যিসকলৰ অন্তৰত ব্যাধি আছে সিহঁতে আৰু কাফিৰসকলে কয়, আল্লাহে এই (সংখ্যাৰ) উদাহৰণ দি কি বুজাব বিচাৰিছে? এনেকৈ আল্লাহে যাক ইচ্ছা কৰে পথভ্ৰষ্ট কৰে আৰু যাক ইচ্ছা কৰে তাকেই হিদায়ত প্ৰদান কৰে; আৰু তোমাৰ প্ৰতিপালকৰ সৈন্যবাহিনী সম্পৰ্কে তেওঁৰ বাহিৰে আন কোনোৱে নাজানে; আৰু জাহান্নামৰ এই উদাহৰণ মানুহৰ বাবে এটা উপদেশ মাত্ৰ।




كَلَّا وَالْقَمَرِ ٣٢

32. কেতিয়াও নহয়, চন্দ্ৰৰ শপত,




وَالَّیْلِ اِذْ اَدْبَرَ ٣٣

33. শপত ৰাতিৰ, যেতিয়া ইয়াৰ অৱসান ঘটে,




وَالصُّبْحِ اِذَاۤ اَسْفَرَ ٣٤

34. প্ৰভাতৰ শপত, যেতিয়া ই আলোকোজ্জ্বল হয়-




اِنَّهَا لَاِحْدَی الْكُبَرِ ٣٥

35. নিশ্চয় জাহান্নাম হৈছে মহাবিপদসমূহৰ অন্যতম,




نَذِیْرًا لِّلْبَشَرِ ٣٦

36. মানুহৰ বাবে সতৰ্ককাৰী-




لِمَنْ شَآءَ مِنْكُمْ اَنْ یَّتَقَدَّمَ اَوْ یَتَاَخَّرَ ٣٧

37. তোমালোকৰ মাজৰ যিয়ে অগ্ৰসৰ হ’ব বিচাৰে অথবা পিছমুৱা হ’ব বিচাৰে তাৰ বাবে।




كُلُّ نَفْسٍۭ بِمَا كَسَبَتْ رَهِیْنَةٌ ٣٨

38. প্ৰত্যেক ব্যক্তি নিজৰ কৃতকৰ্মৰ বাবে দায়বদ্ধ,




اِلَّاۤ اَصْحٰبَ الْیَمِیْنِ ٣٩

39. কিন্তু সোঁপন্থী লোকসকলৰ বাহিৰে,




فِیْ جَنّٰتٍ ۛؕ۫ یَتَسَآءَلُوْنَ ٤٠

40. জান্নাতত তেওঁলোকে ইজনে সিজনক সুধিব,




عَنِ الْمُجْرِمِیْنَ ٤١

41. অপৰাধীবিলাকৰ বিষয়ে,




مَا سَلَكَكُمْ فِیْ سَقَرَ ٤٢

42. কিহে তোমালোকক ছাক্বাৰত (জাহান্নামত) নিক্ষেপ কৰিছে?




قَالُوْا لَمْ نَكُ مِنَ الْمُصَلِّیْنَ ٤٣

43. সিহঁতে ক’ব, ‘আমি ছালাত আদায়কাৰীসকলৰ অন্তৰ্ভুক্ত নাছিলোঁ,




وَلَمْ نَكُ نُطْعِمُ الْمِسْكِیْنَ ٤٤

44. ‘আৰু আমি দুখীয়াক খাদ্য দান কৰা নাছিলোঁ,




وَكُنَّا نَخُوْضُ مَعَ الْخَآىِٕضِیْنَ ٤٥

45. লগতে আমি অনৰ্থক আলোচনাকাৰীসকলৰ লগত বেহুদা আলচ কৰাত মগ্ন আছিলোঁ।




وَكُنَّا نُكَذِّبُ بِیَوْمِ الدِّیْنِ ٤٦

46. আৰু আমি প্ৰতিদান দিৱসক অস্বীকাৰ কৰিছিলোঁ,




حَتّٰۤی اَتٰىنَا الْیَقِیْنُ ٤٧

47. অৱশেষত আমাৰ ওচৰত মৃত্যু আহি পালে’।




فَمَا تَنْفَعُهُمْ شَفَاعَةُ الشّٰفِعِیْنَ ٤٨

48. এতেকে চুপাৰিছকাৰীসকলৰ চুপাৰিছে সিহঁতৰ কোনো উপকাৰ নকৰিব।




فَمَا لَهُمْ عَنِ التَّذْكِرَةِ مُعْرِضِیْنَ ٤٩

49. এতেকে সিহঁতৰ কি হৈছে, কিয় সিহঁতে উপদেশ বাণীৰ পৰা বিমুখ হৈছে?




كَاَنَّهُمْ حُمُرٌ مُّسْتَنْفِرَةٌ ٥٠

50. সিহঁতে যেন ভীত-সন্ত্ৰস্ত হৈ পলায়নৰত বনৰীয়া গাধ।




فَرَّتْ مِنْ قَسْوَرَةٍ ٥١

51. যিবোৰে সিংহৰ ভয়ত পলায়ন কৰিছে।




بَلْ یُرِیْدُ كُلُّ امْرِئٍ مِّنْهُمْ اَنْ یُّؤْتٰی صُحُفًا مُّنَشَّرَةً ٥٢

52. বৰং সিহঁতৰ মাজৰ প্ৰত্যেক ব্যক্তিয়েই কামনা কৰে যে তাক উন্মুক্ত গ্ৰন্থ প্ৰদান কৰা হওক।




كَلَّا ؕ بَلْ لَّا یَخَافُوْنَ الْاٰخِرَةَ ٥٣

53. কেতিয়াও নহয়, বৰং সিহঁতে আখিৰাতক ভয় নকৰে।




كَلَّاۤ اِنَّهٗ تَذْكِرَةٌ ٥٤

54. কেতিয়াও নহয়, নিশ্চয় এই কোৰআন সকলোৰে বাবে উপদেশবাণী।




فَمَنْ شَآءَ ذَكَرَهٗ ٥٥

55. গতিকে যিয়ে ইচ্ছা কৰিব সি উপদেশ গ্ৰহণ কৰিব,




وَمَا یَذْكُرُوْنَ اِلَّاۤ اَنْ یَّشَآءَ اللّٰهُ ؕ هُوَاَهْلُ التَّقْوٰی وَاَهْلُ الْمَغْفِرَةِ ٥٦

56. আৰু আল্লাহৰ ইচ্ছা অবিহনে কোনোৱেই উপদেশ গ্ৰহণ কৰিব নোৱাৰে, একমাত্ৰ তেৱেঁই ভয়ৰ যোগ্য, কেৱল তেওঁৰেই তাক্বৱা অৱলম্বন কৰা, আৰু তেৱেঁই ক্ষমা কৰাৰ অধিকাৰী।