ছুৰা আল-মুৰছালাত

bismillah

وَالْمُرْسَلٰتِ عُرْفًا ١

1. শপত কল্যাণস্বৰূপ প্ৰেৰিত বতাহৰ,




فَالْعٰصِفٰتِ عَصْفًا ٢

2. তাৰ পিছত প্ৰচণ্ড বেগত প্ৰবাহিত ধুমুহাৰ,




وَالنّٰشِرٰتِ نَشْرًا ٣

3. শপত প্ৰচণ্ডভাৱে (মেঘপূঞ্জ) সঞ্চালনকাৰীৰ,




فَالْفٰرِقٰتِ فَرْقًا ٤

4. তাৰ পিছত সুস্পষ্টৰূপে পাৰ্থক্যকাৰীৰ,




فَالْمُلْقِیٰتِ ذِكْرًا ٥

5. তাৰ পিছত সিহঁতৰ, যিসকলে মানুহৰ অন্তৰত উপদেশ পৌঁচাই দিয়ে--




عُذْرًا اَوْ نُذْرًا ٦

6. ওজৰ-আপত্তি দূৰ কৰিবলৈ অথবা সতৰ্ক কৰিবলৈ,




اِنَّمَا تُوْعَدُوْنَ لَوَاقِعٌ ٧

7. নিশ্চয় তোমালোকক যি প্ৰতিশ্ৰুতি দিয়া হৈছে সেইটো অৱশ্যে সংঘটিত হ’ব।




فَاِذَا النُّجُوْمُ طُمِسَتْ ٨

8. যেতিয়া নক্ষত্ৰৰাজি আলোহীন হ’ব,




وَاِذَا السَّمَآءُ فُرِجَتْ ٩

9. আৰু যেতিয়া আকাশখন বিদীৰ্ণ হ’ব,




وَاِذَا الْجِبَالُ نُسِفَتْ ١٠

10. আৰু যেতিয়া পৰ্বতসমূহক চূৰ্ণ-বিচূৰ্ণ কৰা হ’ব,




وَاِذَا الرُّسُلُ اُقِّتَتْ ١١

11. আৰু যেতিয়া ৰাছুলসকলক নিৰ্ধাৰিত সময়ত উপস্থিত কৰা হ’ব,




لِاَیِّ یَوْمٍ اُجِّلَتْ ١٢

12. কোনটো দিৱসৰ বাবে এইবোৰ স্থগিত ৰখা হৈছে?




لِیَوْمِ الْفَصْلِ ١٣

13. বিচাৰ দিৱসৰ বাবে।




وَمَاۤ اَدْرٰىكَ مَا یَوْمُ الْفَصْلِ ١٤

14. আৰু কিহে তোমাক জনাব বিচাৰ দিৱস কি?




وَیْلٌ یَّوْمَىِٕذٍ لِّلْمُكَذِّبِیْنَ ١٥

15. সেইদিনা ধ্বংস অনিবাৰ্য অস্বীকাৰকাৰীসকলৰ বাবে,




اَلَمْ نُهْلِكِ الْاَوَّلِیْنَ ١٦

16. আমি পূৰ্বৱৰ্তীসকলক ধ্বংস কৰা নাইনে?




ثُمَّ نُتْبِعُهُمُ الْاٰخِرِیْنَ ١٧

17. তাৰ পিছত পৰবৰ্তীসকলকো সিহঁতৰ অনুগামী বনাম।




كَذٰلِكَ نَفْعَلُ بِالْمُجْرِمِیْنَ ١٨

18. অপৰাধীবিলাকৰ লগত আমি এনেকুৱা আচৰণেই কৰোঁ।




وَیْلٌ یَّوْمَىِٕذٍ لِّلْمُكَذِّبِیْنَ ١٩

19. সেইদিনা ধ্বংস অনিবাৰ্য অস্বীকাৰকাৰীসকলৰ বাবে,




اَلَمْ نَخْلُقْكُّمْ مِّنْ مَّآءٍ مَّهِیْنٍ ٢٠

20. আমি তোমালোকক তুচ্ছ পানীৰ পৰা সৃষ্টি কৰা নাইনে?




فَجَعَلْنٰهُ فِیْ قَرَارٍ مَّكِیْنٍ ٢١

21. তাৰ পিছত আমি ইয়াক নিৰাপদ স্থানত সুৰক্ষিত কৰি ৰাখিছোঁ,




اِلٰی قَدَرٍ مَّعْلُوْمٍ ٢٢

22. এটা নিৰ্দিষ্ট সময়লৈকে,




فَقَدَرْنَا ۖۗ فَنِعْمَ الْقٰدِرُوْنَ ٢٣

23. তাৰ পিছত আমি পৰিমাপ কৰিছোঁ, এতেকে আমি কিমান নিপুণ পৰিমাপকাৰী!




وَیْلٌ یَّوْمَىِٕذٍ لِّلْمُكَذِّبِیْنَ ٢٤

24. সেইদিনা ধ্বংস অনিবাৰ্য অস্বীকাৰকাৰীসকলৰ বাবে,




اَلَمْ نَجْعَلِ الْاَرْضَ كِفَاتًا ٢٥

25. আমি পৃথিৱীখনক ধাৰণকাৰীৰূপে সৃষ্টি কৰা নাইনে?




اَحْیَآءً وَّاَمْوَاتًا ٢٦

26. জীৱিত আৰু মৃতসকলৰ বাবে?




وَجَعَلْنَا فِیْهَا رَوَاسِیَ شٰمِخٰتٍ وَّاَسْقَیْنٰكُمْ مَّآءً فُرَاتًا ٢٧

27. আৰু আমি তাত স্থাপন কৰিছোঁ সুদৃঢ় আৰু সুউচ্চ পৰ্বতসমূহ আৰু তোমালোকক পান কৰাইছোঁ তৃ়ষ্ণা নিবাৰণকাৰী মিঠা উপযোগী পানী।




وَیْلٌ یَّوْمَىِٕذٍ لِّلْمُكَذِّبِیْنَ ٢٨

28. সেইদিনা ধ্বংস অনিবাৰ্য অস্বীকাৰকাৰীসকলৰ বাবে,




اِنْطَلِقُوْۤا اِلٰی مَا كُنْتُمْ بِهٖ تُكَذِّبُوْنَ ٢٩

29. (সিহঁতক কোৱা হ’ব) তোমালোকে যাক অস্বীকাৰ কৰিছিলা, এতিয়া গতি কৰা তাৰফালে।




اِنْطَلِقُوْۤا اِلٰی ظِلٍّ ذِیْ ثَلٰثِ شُعَبٍ ٣٠

30. যোৱা তিনিটা শাখা বিশিষ্ট জুইৰ ছাঁৰ পিনে,




لَّا ظَلِیْلٍ وَّلَا یُغْنِیْ مِنَ اللَّهَبِ ٣١

31. যিটো ছাঁ শীতলো নহয় আৰু ই অগ্নিশিখাৰ পৰা ৰক্ষাও নকৰিব,




اِنَّهَا تَرْمِیْ بِشَرَرٍ كَالْقَصْرِ ٣٢

32. নিশ্চয় জাহান্নামে উৎক্ষেপন কৰিব বৃহৎ অট্ৰালিকা সদৃশ ফিৰিঙতি,




كَاَنَّهٗ جِمٰلَتٌ صُفْرٌ ٣٣

33. যেনিবা হালধীয়া উটৰ শ্ৰেণী,




وَیْلٌ یَّوْمَىِٕذٍ لِّلْمُكَذِّبِیْنَ ٣٤

34. সেইদিনা ধ্বংস অনিবাৰ্য অস্বীকাৰকাৰীসকলৰ বাবে,




هٰذَا یَوْمُ لَا یَنْطِقُوْنَ ٣٥

35. এইটো এনেকুৱা এটা দিৱস যিদিনা সিহঁতে কথা ক’ব নোৱাৰিব,




وَلَا یُؤْذَنُ لَهُمْ فَیَعْتَذِرُوْنَ ٣٦

36. আৰু সিহঁতক অজুহাত পেচ কৰাৰ অনুমতিও দিয়া নহ’ব।




وَیْلٌ یَّوْمَىِٕذٍ لِّلْمُكَذِّبِیْنَ ٣٧

37. সেইদিনা ধ্বংস অনিবাৰ্য অস্বীকাৰকাৰীসকলৰ বাবে,




هٰذَا یَوْمُ الْفَصْلِ ۚ جَمَعْنٰكُمْ وَالْاَوَّلِیْنَ ٣٨

38. ‘এইটো হৈছে ফয়চালাৰ দিন, আমি একত্ৰিত কৰিছোঁ তোমালোকক আৰু পূৰ্বৱৰ্তীসকলক’।




فَاِنْ كَانَ لَكُمْ كَیْدٌ فَكِیْدُوْنِ ٣٩

39. এতেকে যদি তোমালোকৰ কোনো কৌশল আছে তেন্তে প্ৰয়োগ কৰা মোৰ বিৰুদ্ধে।




وَیْلٌ یَّوْمَىِٕذٍ لِّلْمُكَذِّبِیْنَ ٤٠

40. সেইদিনা ধ্বংস অনিবাৰ্য অস্বীকাৰকাৰীসকলৰ বাবে,




اِنَّ الْمُتَّقِیْنَ فِیْ ظِلٰلٍ وَّعُیُوْنٍ ٤١

41. নিশ্চয় মুত্তাক্বীসকল থাকিব ছাঁৰ তলত আৰু নিজৰা বহুল স্থানত,




وَفَوَاكِهَ مِمَّا یَشْتَهُوْنَ ٤٢

42. লগতে তেওঁলোকৰ হেঁপাহ অনুযায়ী ফলমূলৰ মাজত।




كُلُوْا وَاشْرَبُوْا هَنِیْٓـًٔۢا بِمَا كُنْتُمْ تَعْمَلُوْنَ ٤٣

43. (তেওঁলোকক কোৱা হ'ব) তোমালোকে যি আমল কৰিছিলা তাৰ প্ৰতিদানস্বৰূপে তৃপ্তিৰ সৈতে পানাহাৰ কৰা;




اِنَّا كَذٰلِكَ نَجْزِی الْمُحْسِنِیْنَ ٤٤

44. সৎকৰ্মশীলসকলক আমি এনেকৈয়ে প্ৰতিদান দি থাকোঁ।




وَیْلٌ یَّوْمَىِٕذٍ لِّلْمُكَذِّبِیْنَ ٤٥

45. সেইদিনা ধ্বংস অনিবাৰ্য অস্বীকাৰকাৰীসকলৰ বাবে,




كُلُوْا وَتَمَتَّعُوْا قَلِیْلًا اِنَّكُمْ مُّجْرِمُوْنَ ٤٦

46. (হে কাফিৰসকল!) তোমালোকে আহাৰ কৰা আৰু ভোগ কৰা খন্তেকৰ বাবে; নিশ্চয় তোমালোক অপৰাধী।




وَیْلٌ یَّوْمَىِٕذٍ لِّلْمُكَذِّبِیْنَ ٤٧

47. সেইদিনা ধ্বংস অনিবাৰ্য অস্বীকাৰকাৰীসকলৰ বাবে,




وَاِذَا قِیْلَ لَهُمُ ارْكَعُوْا لَا یَرْكَعُوْنَ ٤٨

48. যেতিয়া সিহঁতক কোৱা হয়, ‘ৰুকু’ কৰা (ছালাত আদায় কৰা), (তেতিয়া) সিহঁতে ৰুকু’ নকৰে (ছালাত আদায় নকৰে)’।




وَیْلٌ یَّوْمَىِٕذٍ لِّلْمُكَذِّبِیْنَ ٤٩

49. সেইদিনা ধ্বংস অনিবাৰ্য অস্বীকাৰকাৰীসকলৰ বাবে,




فَبِاَیِّ حَدِیْثٍۭ بَعْدَهٗ یُؤْمِنُوْنَ ٥٠

50. এতেকে কোৰআনৰ পৰিবৰ্তে সিহঁতে আৰু কোন বাণীৰ প্ৰতি ঈমান আনিব?