ছুৰা আল-মুতাফ্ফিফীন

bismillah

وَیْلٌ لِّلْمُطَفِّفِیْنَ ١

1. ধ্বংস সিহঁতৰ বাবে যিসকলে জোখ-মাখত কম দিয়ে,




الَّذِیْنَ اِذَا اكْتَالُوْا عَلَی النَّاسِ یَسْتَوْفُوْنَ ٢

2. যিসকলে আনৰ পৰা মাপি লওঁতে পূৰ্ণমাত্ৰাত গ্ৰহণ কৰে,




وَاِذَا كَالُوْهُمْ اَوْ وَزَنُوْهُمْ یُخْسِرُوْنَ ٣

3. আৰু যেতিয়া সিহঁতে মাপি দিয়ে অথবা ওজন কৰি দিয়ে, তেতিয়া কম দিয়ে।




اَلَا یَظُنُّ اُولٰٓىِٕكَ اَنَّهُمْ مَّبْعُوْثُوْنَ ٤

4. সিহঁতে বিশ্বাস নকৰে নেকি যে, সিহঁত পুৰনৰুত্থিত হ’ব?




لِیَوْمٍ عَظِیْمٍ ٥

5. মহাদিৱসত।




یَّوْمَ یَقُوْمُ النَّاسُ لِرَبِّ الْعٰلَمِیْنَ ٦

6. যিদিনা সকলো মানুহে বিশ্বজগতৰ প্ৰতিপালকৰ সন্মুখত থিয় হ’ব।




كَلَّاۤ اِنَّ كِتٰبَ الْفُجَّارِ لَفِیْ سِجِّیْنٍ ٧

7. কেতিয়াও নহয়, নিশ্চয় পাপীসকলৰ আমলনামা ছিজ্জিনত আছে।




وَمَاۤ اَدْرٰىكَ مَا سِجِّیْنٌ ٨

8. আৰু তোমাক কিহে জনাব যে, ছিজ্জীন কি?




كِتٰبٌ مَّرْقُوْمٌ ٩

9. চিহ্নিত আমলনামা।




وَیْلٌ یَّوْمَىِٕذٍ لِّلْمُكَذِّبِیْنَ ١٠

10. সেইদিনা ধ্বংস অনিবাৰ্য অস্বীকাৰকাৰীসকলৰ বাবে,




الَّذِیْنَ یُكَذِّبُوْنَ بِیَوْمِ الدِّیْنِ ١١

11. যিসকলে প্ৰতিদান দিৱসক অস্বীকাৰ কৰে।




وَمَا یُكَذِّبُ بِهٖۤ اِلَّا كُلُّ مُعْتَدٍ اَثِیْمٍ ١٢

12. আৰু প্ৰত্যেক পাপিষ্ঠ সীমালংঘনকাৰীৰ বাহিৰে আন কোনেও ইয়াক অস্বীকাৰ নকৰে।




اِذَا تُتْلٰی عَلَیْهِ اٰیٰتُنَا قَالَ اَسَاطِیْرُ الْاَوَّلِیْنَ ١٣

13. আৰু যেতিয়া আমাৰ আয়াতসমূহ তাৰ ওচৰত তিলাৱত কৰা হয় তেতিয়া সি কয়, (এয়া হৈছে) ‘পুৰ্বৱৰ্তীসকলৰ উপকথা’।




كَلَّا بَلْ ٚ رَانَ عَلٰی قُلُوْبِهِمْ مَّا كَانُوْا یَكْسِبُوْنَ ١٤

14. কেতিয়াও নহয়, সিহঁতৰ কৰ্মৰ ফলত সিহঁতৰ অন্তৰত মামৰে ধৰিছে।




كَلَّاۤ اِنَّهُمْ عَنْ رَّبِّهِمْ یَوْمَىِٕذٍ لَّمَحْجُوْبُوْنَ ١٥

15. কেতিয়াও নহয়, নিশ্চয় সিহঁত সেইদিনা নিজ প্ৰতিপালকৰ পৰা পৰ্দাৰ আঁৰত থাকিব।




ثُمَّ اِنَّهُمْ لَصَالُوا الْجَحِیْمِ ١٦

16. তাৰ পিছত নিশ্চয় সিহঁতে প্ৰজ্জ্বলিত জাহান্নামত প্ৰৱেশ কৰিব;




ثُمَّ یُقَالُ هٰذَا الَّذِیْ كُنْتُمْ بِهٖ تُكَذِّبُوْنَ ١٧

17. তাৰ পিছত কোৱা হ’ব, ‘এইটোৱে সেইটো, যাক তোমালোকে অস্বীকাৰ কৰিছিলা’।




كَلَّاۤ اِنَّ كِتٰبَ الْاَبْرَارِ لَفِیْ عِلِّیِّیْنَ ١٨

18. কেতিয়াও নহয়, নিশ্চয় পূণ্যৱানসকলৰ আমলনামা ইল্লিয়্যীনত আছে।




وَمَاۤ اَدْرٰىكَ مَا عِلِّیُّوْنَ ١٩

19. আৰু তোমাক কিহে জনাব যে, ইল্লিয়্যীন কি?




كِتٰبٌ مَّرْقُوْمٌ ٢٠

20. চিহ্নিত আমলনামা।




یَّشْهَدُهُ الْمُقَرَّبُوْنَ ٢١

21. সান্নিধ্যপ্ৰাপ্তসকলেই ইয়াক অবলোকন কৰে।




اِنَّ الْاَبْرَارَ لَفِیْ نَعِیْمٍ ٢٢

22. নিশ্চয় সৎকৰ্মপৰায়ণসকল থাকিব পৰম সুখ-শান্তিত।




عَلَی الْاَرَآىِٕكِ یَنْظُرُوْنَ ٢٣

23. সুসজ্জিত আসনত বহি দৰ্শন কৰিব।




تَعْرِفُ فِیْ وُجُوْهِهِمْ نَضْرَةَ النَّعِیْمِ ٢٤

24. তুমি সিহঁতৰ মুখমণ্ডলত সুখ-শান্তিৰ উজ্জলতা দেখিবলৈ পাবা,




یُسْقَوْنَ مِنْ رَّحِیْقٍ مَّخْتُوْمٍ ٢٥

25. সিহঁতক মোহৰ মাৰি থোৱা বিশুদ্ধ পানীয় পান কৰোৱা হ’ব;




خِتٰمُهٗ مِسْكٌ ؕ وَفِیْ ذٰلِكَ فَلْیَتَنَافَسِ الْمُتَنَافِسُوْنَ ٢٦

26. আৰু যাৰ মোহৰ হ'ব মিছকৰ, সেয়ে এই বিষয়ে প্ৰতিযোগীসকলে প্ৰতিযোগিতা কৰা উচিত।




وَمِزَاجُهٗ مِنْ تَسْنِیْمٍ ٢٧

27. আৰু ইয়াৰ মিশ্ৰণ হ’ব তাছনীমৰ দ্বাৰা,




عَیْنًا یَّشْرَبُ بِهَا الْمُقَرَّبُوْنَ ٢٨

28. (সেইটো) এটা নিজৰা, যাৰ পৰা সান্নিধ্যসকলে পান কৰিব।




اِنَّ الَّذِیْنَ اَجْرَمُوْا كَانُوْا مِنَ الَّذِیْنَ اٰمَنُوْا یَضْحَكُوْنَؗ ٢٩

29. নিশ্চয় যিসকলে অপৰাধ কৰিছে সিহঁতে মুমিনসকলক উপহাস কৰিছিল,




وَاِذَا مَرُّوْا بِهِمْ یَتَغَامَزُوْنَ ٣٠

30. আৰু যেতিয়া সিহঁতে মুমিনসকলৰ ওচৰেদি গৈছিল তেতিয়া সিহঁতে চকু টিপি বিদ্ৰূপ কৰিছিল।




وَاِذَا انْقَلَبُوْۤا اِلٰۤی اَهْلِهِمُ انْقَلَبُوْا فَكِهِیْنَ ٣١

31. আৰু যেতিয়া সিহঁতে আপোনজনৰ ওচৰলৈ উভতি আহিছিল তেতিয়া উৎফুল্লিত হৈ উভতিছিল,




وَاِذَا رَاَوْهُمْ قَالُوْۤا اِنَّ هٰۤؤُلَآءِ لَضَآلُّوْنَ ٣٢

32. আৰু সিহঁতে যেতিয়া মুমিনসকলক দেখিছিল তেতিয়া কৈছিল, ‘নিশ্চয় ইহঁত পথভ্ৰষ্ট’।




وَمَاۤ اُرْسِلُوْا عَلَیْهِمْ حٰفِظِیْنَ ٣٣

33. অথচ সিহঁতক মুমিনসকলৰ তত্ত্বাৱধায়ক হিচাপে পঠোৱা হোৱা নাই।




فَالْیَوْمَ الَّذِیْنَ اٰمَنُوْا مِنَ الْكُفَّارِ یَضْحَكُوْنَ ٣٤

34. এতেকে আজি মুমিনসকলে উপহাস কৰিব কাফিৰসকলক।




عَلَی الْاَرَآىِٕكِ ۙ یَنْظُرُوْن ٣٥

35. সুসজ্জিত আসনত বহি দৰ্শন কৰিব।




هَلْ ثُوِّبَ الْكُفَّارُ مَا كَانُوْا یَفْعَلُوْنَ ٣٦

36. কাফিৰসকলে সিহঁতৰ কৃতকৰ্মৰ ফল পালেনে?