ছুৰা আল-ক্বাৰিআহ

bismillah

اَلْقَارِعَةُ ١

1. ভীতিপ্ৰদ মহা বিপদ।




مَا الْقَارِعَةُ ٢

2. ভীতিপ্ৰদ মহা বিপদ কি?




وَمَاۤ اَدْرٰىكَ مَا الْقَارِعَةُ ٣

3. ভীতিপ্ৰদ মহা বিপদ সম্পৰ্কে তুমি কি জানা?




یَوْمَ یَكُوْنُ النَّاسُ كَالْفَرَاشِ الْمَبْثُوْثِ ٤

4. সেইদিনা মানুহ হ’ব বিক্ষিপ্ত কীট-পতঙ্গৰ দৰে।




وَتَكُوْنُ الْجِبَالُ كَالْعِهْنِ الْمَنْفُوْشِ ٥

5. আৰু পৰ্বতসমূহ হ’ব ধূনা ৰঙীন ঊণৰ দৰে।




فَاَمَّا مَنْ ثَقُلَتْ مَوَازِیْنُهٗ ٦

6. এতেকে যাৰ (ছোৱাবৰ) তুলাচনী গধুৰ হ’ব,




فَهُوَفِیْ عِیْشَةٍ رَّاضِیَةٍ ٧

7. তেওঁ থাকিব সন্তোষজনক জীৱনত;




وَاَمَّا مَنْ خَفَّتْ مَوَازِیْنُهٗ ٨

8. আৰু যাৰ পাল্লা পাতল হ’ব,




فَاُمُّهٗ هَاوِیَةٌ ٩

9. তাৰ ঠিকনা হ’ব ‘হা-ৱিয়াহ’।




وَمَاۤ اَدْرٰىكَ مَا هِیَهْ ١٠

10. আৰু তুমি কি জানা সেইটোনো কি?




نَارٌ حَامِیَةٌ ١١

11. এইটো হৈছে এটা অত্যন্ত উত্তপ্ত অগ্নিকুণ্ড।