ছুৰা আল-ক্বিয়ামাহ

bismillah

لَاۤ اُقْسِمُ بِیَوْمِ الْقِیٰمَةِ ١

1. মই শপত কৰিছোঁ ক্বিয়ামতৰ দিৱসৰ,




وَلَاۤ اُقْسِمُ بِالنَّفْسِ اللَّوَّامَةِ ٢

2. মই আৰু শপত কৰিছোঁ আত্মনিন্দাকাৰী আত্মাৰ,




اَیَحْسَبُ الْاِنْسَانُ اَلَّنْ نَّجْمَعَ عِظَامَهٗ ٣

3. মানুহে ভাবে নেকি যে, আমি কেতিয়াও তাৰ অস্থিসমূহ একত্ৰিত কৰিব নোৱাৰিম?




بَلٰى قٰدِرِیْنَ عَلٰۤی اَنْ نُّسَوِّیَ بَنَانَهٗ ٤

4. কিয় নোৱাৰিম, আমি তাৰ আঙুলিৰ অগ্ৰভাগসমূহকো (পাববোৰকো) পুনৰ্বিন্যস্ত কৰিবলৈ সক্ষম।




بَلْ یُرِیْدُ الْاِنْسَانُ لِیَفْجُرَ اَمَامَهٗ ٥

5. বৰং মানুহে ভৱিষ্যতেও পাপকৰ্ম কৰিবলৈ ইচ্ছুক।




یَسْـَٔلُ اَیَّانَ یَوْمُ الْقِیٰمَةِ ٦

6. সি প্ৰশ্ন কৰে, ক্বিয়ামতৰ দিৱস কেতিয়া আহিব?




فَاِذَا بَرِقَ الْبَصَرُ ٧

7. এতেকে যেতিয়া চকু স্থিৰ হৈ যাব,




وَخَسَفَ الْقَمَرُ ٨

8. আৰু চন্দ্ৰ জ্যোতিবিহীন হৈ পৰিব,




وَجُمِعَ الشَّمْسُ وَالْقَمَرُ ٩

9. আৰু যেতিয়া সূৰ্য আৰু চন্দ্ৰক একত্ৰিত কৰা হ’ব-




یَقُوْلُ الْاِنْسَانُ یَوْمَىِٕذٍ اَیْنَ الْمَفَرُّ ١٠

10. সেইদিনা মানুহে ক’ব, ‘আজি পলাবলৈ স্থান ক’ত’?




كَلَّا لَا وَزَرَ ١١

11. কেতিয়াও নহয়, কোনো আশ্ৰয়স্থল নাই।




اِلٰى رَبِّكَ یَوْمَىِٕذِ لْمُسْتَقَرُّ ١٢

12. সেইদিনা ঠাই হ’ব কেৱল তোমাৰ প্ৰতিপালকৰ ওচৰত।




یُنَبَّؤُا الْاِنْسَانُ یَوْمَىِٕذٍۭ بِمَا قَدَّمَ وَاَخَّرَ ١٣

13. সেইদিনা মানুহক অৱহিত কৰোৱা হ’ব, সি আগলৈ কি পঠিয়াইছিল আৰু পিছফালে কি থৈ আহিছে।




بَلِ الْاِنْسَانُ عَلٰى نَفْسِهٖ بَصِیْرَةٌ ١٤

14. বৰং মানুহে নিজেই নিজৰ বিষয়ে সম্যক অৱগত,




وَلَوْ اَلْقٰى مَعَاذِیْرَهٗ ١٥

15. যদিও সি নানা অজুহাত দেখুৱায়।




لَا تُحَرِّكْ بِهٖ لِسَانَكَ لِتَعْجَلَ بِهٖ ١٦

16. ততাতৈয়াকৈ অহী আয়ত্ত্ব কৰাৰ বাবে তুমি তোমাৰ জিভাক দ্ৰুত সঞ্চালন নকৰিবা।




اِنَّ عَلَیْنَا جَمْعَهٗ وَقُرْاٰنَهٗ ١٧

17. নিশ্চয় ইয়াৰ সংৰক্ষণ আৰু পাঠ কৰোৱাৰ দায়িত্ব আমাৰেই।




فَاِذَا قَرَاْنٰهُ فَاتَّبِعْ قُرْاٰنَهٗ ١٨

18. এতেকে আমি যেতিয়া (জিব্ৰীলৰ মাধ্যমত) ইয়াক পাঠ কৰোঁ তুমি তেতিয়া সেই পাঠৰ অনুসৰণ কৰিবা,




ثُمَّ اِنَّ عَلَیْنَا بَیَانَهٗ ١٩

19. তাৰ পিছত ইয়াৰ বৰ্ণনাৰ দায়িত্বও নিশ্চিতভাৱে আমাৰেই।




كَلَّا بَلْ تُحِبُّوْنَ الْعَاجِلَةَ ٢٠

20. কেতিয়াও নহয়, বৰং তোমালোকে পৃথিৱীৰ জীৱনকহে ভাল পোৱা;




وَتَذَرُوْنَ الْاٰخِرَةَ ٢١

21. আৰু তোমালোকে আখিৰাতক অৱহেলা কৰা।




وُجُوْهٌ یَّوْمَىِٕذٍ نَّاضِرَةٌ ٢٢

22. সেইদিনা কিছুমান মুখমণ্ডল উজ্জ্বল হ’ব,




اِلٰى رَبِّهَا نَاظِرَةٌ ٢٣

23. সিহঁত নিজ প্ৰতিপালকৰ প্ৰতি চাই থাকিব।




وَوُجُوْهٌ یَّوْمَىِٕذٍۭ بَاسِرَةٌ ٢٤

24. আৰু সেইদিনা কিছুমান মুখমণ্ডল বিবৰ্ণ হৈ পৰিব,




تَظُنُّ اَنْ یُّفْعَلَ بِهَا فَاقِرَةٌ ٢٥

25. সিহঁতে ধাৰণা কৰিব যে, এটা ধ্বংসকাৰী বিপৰ্যয় সিহঁতৰ ওপৰত আপতিত হ’ব।




كَلَّاۤ اِذَا بَلَغَتِ التَّرَاقِیَ ٢٦

26. নিশ্চয়, যেতিয়া প্ৰাণ কণ্ঠাগত হ’ব,




وَقِیْلَ مَنْ ٚ رَاقٍ ٢٧

27. আৰু কোৱা হ’ব, ‘কোনে তাক ৰক্ষা কৰিব’?




وَظَنَّ اَنَّهُ الْفِرَاقُ ٢٨

28. তেতিয়া তাৰ প্ৰত্যেয় হ’ব যে, এইটোৱে বিদায়ক্ষণ।




وَالْتَفَّتِ السَّاقُ بِالسَّاقِ ٢٩

29. আৰু ভৰিৰ লগত ভৰি জোঁট খাই যাব।




اِلٰى رَبِّكَ یَوْمَىِٕذِ لْمَسَاقُ ٣٠

30. সেইদিনা তোমাৰ প্ৰতিপালকৰ ওচৰতেই সকলোকে খেদি নিয়া হ’ব।




فَلَا صَدَّقَ وَلَا صَلّٰى ٣١

31. কাৰণ সি বিশ্বাস কৰা নাই আৰু ছালাতো আদায় কৰা নাই।




وَلٰكِنْ كَذَّبَ وَتَوَلّٰى ٣٢

32. বৰং সি সত্য প্ৰত্যাখ্যান কৰিছিল আৰু মুখ ঘূৰাই লৈছিল।




ثُمَّ ذَهَبَ اِلٰۤی اَهْلِهٖ یَتَمَطّٰى ٣٣

33. তাৰ পিছত সি অহংকাৰ কৰি নিজ পৰিয়ালৰ ওচৰলৈ উভতি গৈছিল,




اَوْلٰى لَكَ فَاَوْلٰى ٣٤

34. দুৰ্ভোগ তোমাৰ বাবে অতি দুৰ্ভোগ!




ثُمَّ اَوْلٰى لَكَ فَاَوْلٰى ٣٥

35. আকৌ দুৰ্ভোগ তোমাৰ বাবে অতি দুৰ্ভোগ!




اَیَحْسَبُ الْاِنْسَانُ اَنْ یُّتْرَكَ سُدًی ٣٦

36. মানুহে ভাবে নেকি যে, তাক এনেই এৰি দিয়া হ’ব?




اَلَمْ یَكُ نُطْفَةً مِّنْ مَّنِیٍّ یُّمْنٰى ٣٧

37. সি বীৰ্যৰ শুক্ৰবিন্দু নাছিলনে, যিটো স্খলিত হয়?




ثُمَّ كَانَ عَلَقَةً فَخَلَقَ فَسَوّٰى ٣٨

38. তাৰ পিছত সেইটো ‘আলাক্বাত’ পৰিণত হয়। তাৰ পিছত আল্লাহে তাক সৃষ্টি কৰে আৰু সুঠাম কৰে।




فَجَعَلَ مِنْهُ الزَّوْجَیْنِ الذَّكَرَ وَالْاُنْثٰى ٣٩

39. তাৰ পিছত তেওঁ তাৰ পৰাই সৃষ্টি কৰে যোৰ যোৰকৈ নৰ-নাৰী।




اَلَیْسَ ذٰلِكَ بِقٰدِرٍ عَلٰۤی اَنْ یُّحْیِ َۧ الْمَوْتٰى ٤٠

40. সেইজন স্ৰষ্টা মৃতক পুনৰ্জীৱিত কৰিবলৈ সক্ষম নহয়নে বাৰু?