ছুৰা আল-ৱাক্বিয়াহ
وَمَآءٍ مَّسْكُوْبٍ ٣١
31. আৰু সদায় প্ৰবাহমান পানী,
وَفَاكِهَةٍ كَثِیْرَةٍ ٣٢
32. আৰু প্ৰচুৰ ফল-মূল,
لَّا مَقْطُوْعَةٍ وَّلَا مَمْنُوْعَةٍ ٣٣
33. যিবোৰ শেষ নহ'ব আৰু নিষিদ্ধও নহ’ব।
وَفُرُشٍ مَّرْفُوْعَةٍ ٣٤
34. লগতে (তেওঁলোক থাকিব) সুউচ্চ শয্যাসমূহত;
اِنَّاۤ اَنْشَاْنٰهُنَّ اِنْشَآءً ٣٥
35. নিশ্চয় আমি সিহঁতক (হুৰসকলক) সৃষ্টি কৰিছোঁ বিশেষৰূপত---
فَجَعَلْنٰهُنَّ اَبْكَارًا ٣٦
36. তাৰ পিছত সিহঁতক কুমাৰী বনাইছোঁ,
عُرُبًا اَتْرَابًا ٣٧
37. নিজ স্বামীৰ প্ৰতি আসক্ত আৰু সমবয়সীয়া,
لِّاَصْحٰبِ الْیَمِیْنِ ٣٨
38. সোঁফালৰ লোকসকলৰ বাবে।
ثُلَّةٌ مِّنَ الْاَوَّلِیْنَ ٣٩
39. বহুসংখ্যক হ’ব পূৰ্বৱৰ্তীসকলৰ মাজৰ পৰা;
وَثُلَّةٌ مِّنَ الْاٰخِرِیْنَ ٤٠
40. আৰু বহুসংখ্যক হ'ব পৰবৰ্তীসকলৰ মাজৰ পৰা।
وَاَصْحٰبُ الشِّمَالِ ۙ۬ مَاۤ اَصْحٰبُ الشِّمَالِ ٤١
41. আনহাতে বাওঁফালৰ দল, কিমান যে দুৰ্ভগীয়া বাওঁফালৰ দলটো!
فِیْ سَمُوْمٍ وَّحَمِیْمٍ ٤٢
42. সিহঁত থাকিব অত্যন্ত উষ্ণ বায়ু আৰু উত্তপ্ত উতলা পানীত,
وَظِلٍّ مِّنْ یَّحْمُوْمٍ ٤٣
43. আৰু অতি ক'লা ধোঁৱাৰ ছাঁত,
لَّا بَارِدٍ وَّلَا كَرِیْمٍ ٤٤
44. যিটো শীতলো নহয় আৰু আৰামদায়কো নহয়।
اِنَّهُمْ كَانُوْا قَبْلَ ذٰلِكَ مُتْرَفِیْنَ ٤٥
45. নিশ্চয় সিহঁত ইতিপূৰ্বে ভোগ-বিলাসত মগ্ন আছিল,
وَكَانُوْا یُصِرُّوْنَ عَلَی الْحِنْثِ الْعَظِیْمِ ٤٦
46. আৰু সিহঁত অবিৰামভাৱে লিপ্ত আছিল জঘন্য পাপ কামত।
وَكَانُوْا یَقُوْلُوْنَ ۙ۬ اَىِٕذَا مِتْنَا وَكُنَّا تُرَابًا وَّعِظَامًا ءَاِنَّا لَمَبْعُوْثُوْنَ ٤٧
47. আৰু সিহঁতে কৈছিল, ‘আমি যেতিয়া মৃত্যু হৈ মাটি আৰু হাড়ত পৰিণত হ'ম তেতিয়াও আমাক পুনৰুত্থিত কৰা হ’বনে’?
اَوَاٰبَآؤُنَا الْاَوَّلُوْنَ ٤٨
48. ‘আৰু আমাৰ পিতৃ-পুৰুষ সকলোকো’?
قُلْ اِنَّ الْاَوَّلِیْنَ وَالْاٰخِرِیْنَ ٤٩
49. কোৱা, ‘নিশ্চয় পূৰ্বৱৰ্তীসকলকো আৰু পৰবৰ্তীসকলকো--
لَمَجْمُوْعُوْنَ ۙ۬ اِلٰی مِیْقَاتِ یَوْمٍ مَّعْلُوْمٍ ٥٠
50. সকলোকে একত্ৰিত কৰা হ’ব এটা নিৰ্ধাৰিত দিনৰ নিৰ্দিষ্ট সময়ত’।
ثُمَّ اِنَّكُمْ اَیُّهَا الضَّآلُّوْنَ الْمُكَذِّبُوْنَ ٥١
51. তাৰ পিছত, হে বিভ্ৰান্ত অস্বীকাৰকাৰীসকল!
لَاٰكِلُوْنَ مِنْ شَجَرٍ مِّنْ زَقُّوْمٍ ٥٢
52. নিশ্চয় (তোমালোকে) আহাৰ কৰিবা যাক্কুম গছৰ পৰা,
فَمَالِـُٔوْنَ مِنْهَا الْبُطُوْنَ ٥٣
53. সেইটোৰেই তোমালোকে পেট ভৰাবা,
فَشٰرِبُوْنَ عَلَیْهِ مِنَ الْحَمِیْمِ ٥٤
54. তদুপৰি তাৰ ওপৰত পান কৰিবা উত্তপ্ত উতলা পানী---
فَشٰرِبُوْنَ شُرْبَ الْهِیْمِ ٥٥
55. তোমালোকে তৃষ্ণাতুৰ উটৰ দৰে সেই পানী পান কৰিবা।
هٰذَا نُزُلُهُمْ یَوْمَ الدِّیْنِ ٥٦
56. প্ৰতিফল দিৱসত এইটোৱে হ’ব সিহঁতৰ আপ্যায়ন।
نَحْنُ خَلَقْنٰكُمْ فَلَوْ لَا تُصَدِّقُوْنَ ٥٧
57. আমিয়েই তোমালোকক সৃষ্টি কৰিছোঁ; তেনেহ’লে কিয় তোমালোকে বিশ্বাস নকৰা?
اَفَرَءَیْتُمْ مَّا تُمْنُوْنَ ٥٨
58. তোমালোকে ভাবি চাইছানে তোমালোকৰ বীৰ্যপাত সম্পৰ্কে?
ءَاَنْتُمْ تَخْلُقُوْنَهٗۤ اَمْ نَحْنُ الْخٰلِقُوْنَ ٥٩
59. সেইটো তোমালোকে সৃষ্টি কৰা, নে আমি সৃষ্টি কৰোঁ?
نَحْنُ قَدَّرْنَا بَیْنَكُمُ الْمَوْتَ وَمَا نَحْنُ بِمَسْبُوْقِیْنَ ٦٠
60. আমিয়েই তোমালোকৰ মাজত মৃত্যু নিৰ্ধাৰণ কৰিছোঁ আৰু আমি অক্ষম নহওঁ--