ছুৰা আল-ৱাক্বিয়াহ
عَلٰۤی اَنْ نُّبَدِّلَ اَمْثَالَكُمْ وَنُنْشِئَكُمْ فِیْ مَا لَا تَعْلَمُوْنَ ٦١
61. তোমালোকৰ স্থানত তোমালোকৰ সদৃশ আনিবলৈ আৰু তোমালোকক এনে এটা আকৃতিত সৃষ্টি কৰিবলৈ যিটো তোমালোকে নাজানা।
وَلَقَدْ عَلِمْتُمُ النَّشْاَةَ الْاُوْلٰی فَلَوْ لَا تَذَكَّرُوْنَ ٦٢
62. আৰু নিশ্চয় তোমালোকে অৱগত হৈছা প্ৰথম সৃষ্টি সম্পৰ্কে, তেন্তে কিয় তোমালোকে উপদেশ গ্ৰহণ নকৰা?
اَفَرَءَیْتُمْ مَّا تَحْرُثُوْنَ ٦٣
63. তোমালোকে যি বীজ সিঁচা সেই বিষয়ে তোমালোকে ভাবি চাইছানে?
ءَاَنْتُمْ تَزْرَعُوْنَهٗۤ اَمْ نَحْنُ الزّٰرِعُوْنَ ٦٤
64. সেইটো তোমালোকে অংকুৰিত কৰা, নে আমি অংকুৰিত কৰোঁ?
لَوْ نَشَآءُ لَجَعَلْنٰهُ حُطَامًا فَظَلْتُمْ تَفَكَّهُوْنَ ٦٥
65. আমি ইচ্ছা কৰিলে ইয়াক খেৰ-কুটাত পৰিণত কৰিব পাৰোঁ, তেতিয়া তোমালোকে হতাশ হৈ পৰিবা;
اِنَّا لَمُغْرَمُوْنَ ٦٦
66. (আৰু এই বুলি ক’বা যে) ‘নিশ্চয় আমি ঋণগ্ৰস্ত হৈ পৰিলোঁ’,
بَلْ نَحْنُ مَحْرُوْمُوْنَ ٦٧
67. ‘বৰং আমি বঞ্চিত’।
اَفَرَءَیْتُمُ الْمَآءَ الَّذِیْ تَشْرَبُوْنَ ٦٨
68. তোমালোকে যি পানী সেৱন কৰা সেই সম্পৰ্কে ভাবিছানে?
ءَاَنْتُمْ اَنْزَلْتُمُوْهُ مِنَ الْمُزْنِ اَمْ نَحْنُ الْمُنْزِلُوْنَ ٦٩
69. মেঘৰ পৰা সেই পানী তোমালোকে নমাই আনা, নে আমি বৰ্ষণ কৰোঁ?
لَوْ نَشَآءُ جَعَلْنٰهُ اُجَاجًا فَلَوْ لَا تَشْكُرُوْنَ ٧٠
70. আমি ইচ্ছা কৰিলে সেইটো লুণীয়া কৰি দিব পাৰোঁ। তথাপিও তোমালোকে কৃতজ্ঞতা প্ৰকাশ নকৰা কিয়?
اَفَرَءَیْتُمُ النَّارَ الَّتِیْ تُوْرُوْنَ ٧١
71. তোমালোকে যি জুই জ্বলোৱা সেই বিষয়ে চিন্তা কৰিছানে?
ءَاَنْتُمْ اَنْشَاْتُمْ شَجَرَتَهَاۤ اَمْ نَحْنُ الْمُنْشِـُٔوْنَ ٧٢
72. তোমালোকে ইয়াৰ গছ সৃষ্টি কৰা, নে আমি সৃষ্টি কৰোঁ?
نَحْنُ جَعَلْنٰهَا تَذْكِرَةً وَّمَتَاعًا لِّلْمُقْوِیْنَ ٧٣
73. ইয়াক আমি কৰিছোঁ এটা স্মাৰক আৰু মৰুভুমিতবাস কৰা লোকৰ বাবে প্ৰয়োজনীয় বস্তু।
فَسَبِّحْ بِاسْمِ رَبِّكَ الْعَظِیْمِ ٧٤
74. এতেকে তুমি তোমাৰ মহান প্ৰতিপালকৰ নামত তছবীহ পাঠ কৰা।
فَلَاۤ اُقْسِمُ بِمَوٰقِعِ النُّجُوْمِ ٧٥
75. এতেকে মই শপত কৰিছোঁ নক্ষত্ৰৰাজিৰ অস্তাচলৰ,
وَاِنَّهٗ لَقَسَمٌ لَّوْ تَعْلَمُوْنَ عَظِیْمٌ ٧٦
76. আৰু নিশ্চয় এইটো এটা মহা শপত, যদি তোমালোকে জানিলাহেঁতেন--
اِنَّهٗ لَقُرْاٰنٌ كَرِیْمٌ ٧٧
77. নিশ্চয় এইখন মহিমান্বিত কোৰআন,
فِیْ كِتٰبٍ مَّكْنُوْنٍ ٧٨
78. যিখন আছে সুৰক্ষিত কিতাবত (লিপিবদ্ধ)।
لَّا یَمَسُّهٗۤ اِلَّا الْمُطَهَّرُوْنَ ٧٩
79. পৱিত্ৰসকলৰ বাহিৰে আন কোনোৱে ইয়াক স্পৰ্শ কৰিব নোৱাৰে।
تَنْزِیْلٌ مِّنْ رَّبِّ الْعٰلَمِیْنَ ٨٠
80. এইখন বিশ্বজগতৰ প্ৰতিপালকৰ তৰফৰ পৰা নাযিলকৃত।
اَفَبِهٰذَا الْحَدِیْثِ اَنْتُمْ مُّدْهِنُوْنَ ٨١
81. তথাপিও তোমালোকে এই বাণীক তুচ্ছ বুলি ভাবিছা নেকি?
وَتَجْعَلُوْنَ رِزْقَكُمْ اَنَّكُمْ تُكَذِّبُوْنَ ٨٢
82. আৰু তোমালোকে অস্বীকাৰ কৰাকেই তোমালোকৰ জীৱিকা কৰি লৈছা নেকি!
فَلَوْ لَاۤ اِذَا بَلَغَتِ الْحُلْقُوْمَ ٨٣
83. এতেকে কিয় নহয়—প্ৰাণ যেতিয়া কন্ঠাগত হয়,
وَاَنْتُمْ حِیْنَىِٕذٍ تَنْظُرُوْنَ ٨٤
84. আৰু তেতিয়া তোমালোকে (অসহায় হৈ) চাই থাকা,
وَنَحْنُ اَقْرَبُ اِلَیْهِ مِنْكُمْ وَلٰكِنْ لَّا تُبْصِرُوْنَ ٨٥
85. আৰু আমি তোমালোকতকৈও তাৰ বেছি ওচৰত থাকোঁ, কিন্তু তোমালোকে দেখা নোপোৱা।
فَلَوْ لَاۤ اِنْ كُنْتُمْ غَیْرَ مَدِیْنِیْنَ ٨٦
86. এতেকে যদি তোমালোকে হিচাপ-নিকাচ আৰু প্ৰতিফলৰ সন্মুখীন নোহোৱা,
تَرْجِعُوْنَهَاۤ اِنْ كُنْتُمْ صٰدِقِیْنَ ٨٧
87. তেনেহ'লে তোমালোকে সেইটো (আত্মাটো) ঘূৰাই নানা কিয়? যদি তোমালোকে সত্যবাদী!
فَاَمَّاۤ اِنْ كَانَ مِنَ الْمُقَرَّبِیْنَ ٨٨
88. তাৰ পিছত সি যদি নৈকট্যপ্ৰাপ্তসকলৰ এজন হয়,
فَرَوْحٌ وَّرَیْحَانٌ ۙ۬ وَّجَنَّتُ نَعِیْمٍ ٨٩
89. তেন্তে তাৰ বাবে থাকিব বিশ্ৰাম, উত্তম জীৱনোপকৰণ আৰু সুখময় জান্নাত।
وَاَمَّاۤ اِنْ كَانَ مِنْ اَصْحٰبِ الْیَمِیْنِ ٩٠
90. আৰু সি যদি হয় সোঁফালৰ দলৰ এজন,
فَسَلٰمٌ لَّكَ مِنْ اَصْحٰبِ الْیَمِیْنِ ٩١
91. তেন্তে (তাক কোৱা হ’ব) ‘তোমাৰ প্ৰতি ছালাম’, যিহেতু তুমি সোঁফালৰ এজন।
وَاَمَّاۤ اِنْ كَانَ مِنَ الْمُكَذِّبِیْنَ الضَّآلِّیْنَ ٩٢
92. কিন্তু সি যদি হয় অস্বীকাৰকাৰী, বিভ্ৰান্তসকলৰ এজন,
فَنُزُلٌ مِّنْ حَمِیْمٍ ٩٣
93. তেন্তে তাৰ আতিথ্য কৰা হ’ব উতলা পানীৰ দ্বাৰা,
وَتَصْلِیَةُ جَحِیْمٍ ٩٤
94. আৰু জাহান্নামৰ দহনেৰে;
اِنَّ هٰذَا لَهُوَحَقُّ الْیَقِیْنِ ٩٥
95. নিশ্চয় এইটো সুনিশ্চিত সত্য।
فَسَبِّحْ بِاسْمِ رَبِّكَ الْعَظِیْمِ ٩٦
96. এতেকে তুমি তোমাৰ মহান প্ৰতিপালকৰ নামত তছবীহ পাঠ কৰা।