ছুৰা আল-ৱাক্বিয়াহ
اِذَا وَقَعَتِ الْوَاقِعَةُ ١
1. যেতিয়া কিয়ামত সংঘটিত হ’ব,
لَیْسَ لِوَقْعَتِهَا كَاذِبَةٌ ٢
2. (তেতিয়া) ইয়াৰ সংঘটনক অস্বীকাৰকাৰী কোনো নাথাকিব।
خَافِضَةٌ رَّافِعَةٌ ٣
3. ই কাৰোবাক অধঃপতন কৰিব, কাৰোবাক সমুন্নত কৰিব;
اِذَا رُجَّتِ الْاَرْضُ رَجًّا ٤
4. যেতিয়া পৃথিৱী প্ৰবল প্ৰকম্পনেৰে প্ৰকম্পিত হ’ব,
وَبُسَّتِ الْجِبَالُ بَسًّا ٥
5. আৰু পৰ্বতসমূহ চূৰ্ণ-বিচূৰ্ণ হৈ পৰিব,
فَكَانَتْ هَبَآءً مُّنْۢبَثًّا ٦
6. ফলত সেইবোৰ বিক্ষিপ্ত ধূলিকণাত পৰিণত হ’ব;
وَكُنْتُمْ اَزْوَاجًا ثَلٰثَةً ٧
7. আৰু তোমালোক বিভক্ত হৈ পৰিবা তিনিটা দলত----
فَاَصْحٰبُ الْمَیْمَنَةِ ۙ۬ مَاۤ اَصْحٰبُ الْمَیْمَنَةِ ٨
8. এতেকে সোঁফালৰ দল; আৰু সোঁফালৰ দলটো কিমান যে সৌভাগ্যৱান!
وَاَصْحٰبُ الْمَشْـَٔمَةِ ۙ۬ مَاۤ اَصْحٰبُ الْمَشْـَٔمَةِ ٩
9. আৰু বাওঁফালৰ দল; আৰু বাওঁফালৰ দলটো কিমান যে দুৰ্ভগীয়া!
وَالسّٰبِقُوْنَ السّٰبِقُوْنَ ١٠
10. আৰু অগ্ৰগামীসকলেই অগ্ৰগামী,
اُولٰٓىِٕكَ الْمُقَرَّبُوْنَ ١١
11. তেওঁলোকেই সান্নিধ্যপ্ৰাপ্ত--
فِیْ جَنّٰتِ النَّعِیْمِ ١٢
12. (তেওঁলোক থাকিব) নিয়ামতেৰে ভৰা জান্নাতত,
ثُلَّةٌ مِّنَ الْاَوَّلِیْنَ ١٣
13. বহুসংখ্যক হ’ব পূৰ্বৱৰ্তীসকলৰ মাজৰ পৰা;
وَقَلِیْلٌ مِّنَ الْاٰخِرِیْنَ ١٤
14. আৰু কম সংখ্যক হ’ব পৰবৰ্তীসকলৰ মাজৰ পৰা।
عَلٰی سُرُرٍ مَّوْضُوْنَةٍ ١٥
15. সোণেৰে নিৰ্মিত আসনমূহত,
مُّتَّكِـِٕیْنَ عَلَیْهَا مُتَقٰبِلِیْنَ ١٦
16. তেওঁলোকে পৰস্পৰে মুখামুখিকৈ আউজি বহিব।
یَطُوْفُ عَلَیْهِمْ وِلْدَانٌ مُّخَلَّدُوْنَ ١٧
17. তেওঁলোকৰ আশে-পাশে ঘূৰি-ফুৰিব চিৰ কিশোৰসকল,
بِاَكْوَابٍ وَّاَبَارِیْقَ ۙ۬ وَكَاْسٍ مِّنْ مَّعِیْنٍ ١٨
18. প্ৰবাহিত নিজৰাৰ সুৰাপূৰ্ণ পানপাত্ৰ আৰু পিয়লাবোৰ লৈ,
لَّا یُصَدَّعُوْنَ عَنْهَا وَلَا یُنْزِفُوْنَ ١٩
19. সেই সুৰা সেৱন কৰিলে তেওঁলোকৰ মূৰ নুঘুৰায় আৰু তেওঁলোক জ্ঞানহাৰাও নহ’ব--
وَفَاكِهَةٍ مِّمَّا یَتَخَیَّرُوْنَ ٢٠
20. আৰু (ঘূৰি ফুৰিব) তেওঁলোকৰ পছন্দনীয় ফল-মূল লৈ,
وَلَحْمِ طَیْرٍ مِّمَّا یَشْتَهُوْنَ ٢١
21. আৰু তেওঁলোকৰ ৰুচি অনুযায়ী চৰাইৰ মাংস লৈ।
وَحُوْرٌ عِیْنٌ ٢٢
22. আৰু তেওঁলোকৰ বাবে থাকিব মৃগনয়নী (ডাঙৰ চকুবিশিষ্টা) হুৰ,
كَاَمْثَالِ اللُّؤْلُؤِ الْمَكْنُوْنِ ٢٣
23. যেনিবা সিহঁত সুৰক্ষিত মুকুতাহে,
جَزَآءًۢ بِمَا كَانُوْا یَعْمَلُوْنَ ٢٤
24. তেওঁলোকে যি আমল কৰিছিল তাৰ পুৰস্কাৰস্বৰূপে।
لَا یَسْمَعُوْنَ فِیْهَا لَغْوًا وَلَا تَاْثِیْمًا ٢٥
25. তাত তেওঁলোকে কোনো অলাগতীয়াল কথা আৰু কোনো পাপবাক্য শুনিবলৈ নাপাব,
اِلَّا قِیْلًا سَلٰمًا سَلٰمًا ٢٦
26. শুনিব কেৱল ছালাম আৰু ছালাম (শান্তি বাক্য)।
وَاَصْحٰبُ الْیَمِیْنِ ۙ۬ مَاۤ اَصْحٰبُ الْیَمِیْنِ ٢٧
27. আৰু সোঁফালৰ দল; কিমান যে ভাগ্যৱান সোঁফালৰ দলটো!
فِیْ سِدْرٍ مَّخْضُوْدٍ ٢٨
28. তেওঁলোকে থাকিব এনে উদ্যানত, য’ত আছে কাঁইটবিহীন বগৰী গছ,
وَطَلْحٍ مَّنْضُوْدٍ ٢٩
29. আৰু থোকেৰে ভৰা কল গছ,
وَظِلٍّ مَّمْدُوْدٍ ٣٠
30. আৰু সম্প্ৰসাৰিত ছাঁ,