قُلْ اَعُوْذُ بِرَبِّ النَّاسِ ١
1. কোৱা- মই মানুহৰ প্ৰতিপালকৰ আশ্ৰয় প্ৰাৰ্থনা কৰিছোঁ
مَلِكِ النَّاسِ ٢
2. মানুহৰ অধিপতিৰ,
اِلٰهِ النَّاسِ ٣
3. মানুহৰ ইলাহৰ ওচৰত,
مِنْ شَرِّ الْوَسْوَاسِ ۙ۬ الْخَنَّاسِ ٤
4. আত্মগোপনকাৰী কুমন্ত্ৰণাদাতাৰ অনিষ্টৰ পৰা,
الَّذِیْ یُوَسْوِسُ فِیْ صُدُوْرِ النَّاسِ ٥
5. যিয়ে মানুহৰ মনত কুমন্ত্ৰণা দিয়ে,
مِنَ الْجِنَّةِ وَالنَّاسِ ٦
6. জিনৰ মাজৰ পৰা আৰু মানুহৰ মাজৰ পৰা।