ছুৰা আন-নাবা

bismillah

عَمَّ یَتَسَآءَلُوْنَ ١

1. সিহঁতে কি বিষয়ে পৰস্পৰে সোধ-পোচ কৰি আছে?




عَنِ النَّبَاِ الْعَظِیْمِ ٢

2. মহা সংবাদটোৰ বিষয়ে (নেকি?),




الَّذِیْ هُمْ فِیْهِ مُخْتَلِفُوْنَ ٣

3. যি বিষয়ে সিহঁতে মতানৈক্য কৰিছে।




كَلَّا سَیَعْلَمُوْنَ ٤

4. কেতিয়াও নহয়, সিহঁতে অতিশীঘ্ৰেই জানিবলৈ পাব।




ثُمَّ كَلَّا سَیَعْلَمُوْنَ ٥

5. তাৰ পিছত, কেতিয়াও নহয়, সিহঁতে অতিশীঘ্ৰেই জানিবলৈ পাব।




اَلَمْ نَجْعَلِ الْاَرْضَ مِهٰدًا ٦

6. আমি পৃথিৱীখনক শয্যা বনোৱা নাইনে?




وَالْجِبَالَ اَوْتَادًا ٧

7. আৰু পৰ্বতসমূহক পেৰেক?




وَخَلَقْنٰكُمْ اَزْوَاجًا ٨

8. আৰু আমি তোমালোকক সৃষ্টি কৰিছো যোৰা-যোৰা।




وَجَعَلْنَا نَوْمَكُمْ سُبَاتًا ٩

9. আৰু তোমালোকৰ টোপনিক কৰি দিছোঁ বিশ্ৰাম।




وَجَعَلْنَا الَّیْلَ لِبَاسًا ١٠

10. আৰু ৰাতিক কৰি দিছোঁ আৱৰণ।




وَجَعَلْنَا النَّهَارَ مَعَاشًا ١١

11. আৰু দিনক কৰি দিছোঁ জীৱিকা উপাৰ্জনৰ উপযোগী।




وَبَنَیْنَا فَوْقَكُمْ سَبْعًا شِدَادًا ١٢

12. আৰু আমি তোমালোকৰ ওপৰত নিৰ্মান কৰিছোঁ সুদৃঢ় সাতখন আকাশ।




وَجَعَلْنَا سِرَاجًا وَّهَّاجًا ١٣

13. আৰু আমি সৃষ্টি কৰিছোঁ এটি উজ্জল প্ৰদীপ।




وَاَنْزَلْنَا مِنَ الْمُعْصِرٰتِ مَآءً ثَجَّاجًا ١٤

14. আৰু আমি বৰ্ষণ কৰিছোঁ মেঘমালাৰ পৰা প্ৰচুৰ পানী।




لِّنُخْرِجَ بِهٖ حَبًا وَّنَبَاتًا ١٥

15. যাতে তাৰ দ্বাৰা আমি উৎপন্ন কৰিব পাৰোঁ শস্য আৰু উদ্ভিদ।




وَجَنّٰتٍ اَلْفَافًا ١٦

16. লগতে ঘন সন্নিবিষ্ট উদ্যান।




اِنَّ یَوْمَ الْفَصْلِ كَانَ مِیْقَاتًا ١٧

17. নিশ্চয় নিৰ্ধাৰিত আছে বিচাৰৰ দিন।




یَّوْمَ یُنْفَخُ فِی الصُّوْرِ فَتَاْتُوْنَ اَفْوَاجًا ١٨

18. সেইদিনা শিঙাত ফুঁ দিয়া হ’ব তেতিয়া তোমালোকে দলে দলে আহিবা।




وَفُتِحَتِ السَّمَآءُ فَكَانَتْ اَبْوَابًا ١٩

19. আৰু আকাশখন খুলি দিয়া হ’ব, ফলত ই হ’ব বহু দুৱাৰবিশিষ্ট।




وَسُیِّرَتِ الْجِبَالُ فَكَانَتْ سَرَابًا ٢٠

20. আৰু পৰ্বতসমূহক চালিত কৰা হ’ব, ফলত সেইবোৰ হৈ যাব বালিময় মৰীচিকাৰ দৰে।




اِنَّ جَهَنَّمَ كَانَتْ مِرْصَادًا ٢١

21. নিশ্চয় জাহান্নাম খাপ পাতি ৰৈ আছে।




لِّلطَّاغِیْنَ مَاٰبًا ٢٢

22. সীমালংঘনকাৰীসকলৰ বাবে প্ৰত্যাৱৰ্তনস্থল হিচাপে।




لّٰبِثِیْنَ فِیْهَاۤ اَحْقَابًا ٢٣

23. তাত সিহঁতে যুগ যুগ ধৰি অৱস্থান কৰিব।




لَا یَذُوْقُوْنَ فِیْهَا بَرْدًا وَّلَا شَرَابًا ٢٤

24. তাত সিহঁতে শীতল (বস্তুৰ) সোৱাদ গ্ৰহণ কৰিব নোৱাৰিব, লগতে উপযুক্ত পানীও নাপাব।




اِلَّا حَمِیْمًا وَّغَسَّاقًا ٢٥

25. উতলা পানী আৰু দুৰ্গন্ধময় পুঁজৰ বাহিৰে।




جَزَآءً وِّفَاقًا ٢٦

26. এইটোৱেই (সিহঁতৰ) উপযুক্ত প্ৰতিফল।




اِنَّهُمْ كَانُوْا لَا یَرْجُوْنَ حِسَابًا ٢٧

27. নিশ্চয় সিহঁতে কেতিয়াও হিচাব-নিকাচৰ আশা কৰা নাছিল।




وَكَذَّبُوْا بِاٰیٰتِنَا كِذَّابًا ٢٨

28. আৰু সিহঁতে আমাৰ নিদৰ্শনাৱলীক কঠোৰভাৱে মিথ্যাৰোপ কৰিছিল।




وَكُلَّ شَیْءٍ اَحْصَیْنٰهُ كِتٰبًا ٢٩

29. আৰু আমি প্ৰতিটো বস্তু লিখিতভাৱে সংৰক্ষণ কৰি ৰাখিছোঁ।




فَذُوْقُوْا فَلَنْ نَّزِیْدَكُمْ اِلَّا عَذَابًا ٣٠

30. এতেকে ভোগ কৰা, আমি তোমালোকৰ বাবে শাস্তিৰ বাহিৰে আন একো বৃদ্ধি নকৰোঁ।




اِنَّ لِلْمُتَّقِیْنَ مَفَازًا ٣١

31. নিশ্চয় মুত্তাক্বীসকলৰ বাবে আছে সফলতা।




حَدَآىِٕقَ وَاَعْنَابًا ٣٢

32. উদ্যানসমূহ আৰু নানা ধৰণৰ আঙুৰ।




وَكَوَاعِبَ اَتْرَابًا ٣٣

33. আৰু সমবয়সীয়া উদ্ভিন্ন নৱ-যুৱতী তৰুণী।




وَكَاْسًا دِهَاقًا ٣٤

34. আৰু পৰিপূৰ্ণ পানপাত্ৰ।




لَا یَسْمَعُوْنَ فِیْهَا لَغْوًا وَلَا كِذّٰبًا ٣٥

35. তাত তেওঁলোকে কোনো অনৰ্থক কথা আৰু মিছা বাক্যও শুনা নাপাব।




جَزَآءً مِّنْ رَّبِّكَ عَطَآءً حِسَابًا ٣٦

36. (এয়া হ’ব তেওঁলোকৰ বাবে) আপোনাৰ প্ৰতিপালকৰ ফালৰ পৰা পুৰস্কাৰ, যথোচিত দান।




رَّبِّ السَّمٰوٰتِ وَالْاَرْضِ وَمَا بَیْنَهُمَا الرَّحْمٰنِ لَا یَمْلِكُوْنَ مِنْهُ خِطَابًا ٣٧

37. যিজন আকাশসমূহ আৰু পৃথিৱী তথা এই দুয়োৰে মাজত থকা সকলোৰে প্ৰতিপালক, পৰম কৰুণাময়, তেওঁৰ ওচৰত আবেদন-নিবেদন কৰিব পৰা শক্তি সিহঁতৰ কাৰো নাথাকিব।




یَوْمَ یَقُوْمُ الرُّوْحُ وَالْمَلٰٓىِٕكَةُ صَفًّا ۙۗؕ لَّا یَتَكَلَّمُوْنَ اِلَّا مَنْ اَذِنَ لَهُ الرَّحْمٰنُ وَقَالَ صَوَابًا ٣٨

38. সেইদিনা ৰূহ আৰু ফিৰিস্তাসকলে শাৰীবদ্ধভাৱে থিয় হ’ব; ৰহমানে যাক অনুমতি দিব তাৰ বাহিৰে কোনেও কথা ক’ব নোৱাৰিব, আৰু তেওঁ সঠিক কথাহে ক’ব।




ذٰلِكَ الْیَوْمُ الْحَقُّ ۚ فَمَنْ شَآءَ اتَّخَذَ اِلٰی رَبِّهٖ مَاٰبًا ٣٩

39. এই দিৱসটো সত্য, এতেকে যাৰ ইচ্ছা সি তাৰ প্ৰতিপালকৰ ওচৰত আশ্ৰয় গ্ৰহণ কৰক।




اِنَّاۤ اَنْذَرْنٰكُمْ عَذَابًا قَرِیْبًا ۖۚ۬ یَّوْمَ یَنْظُرُ الْمَرْءُ مَا قَدَّمَتْ یَدٰهُ وَیَقُوْلُ الْكٰفِرُ یٰلَیْتَنِیْ كُنْتُ تُرٰبًا ٤٠

40. নিশ্চয় আমি তোমালোকক অতি নিকটৱৰ্তী শাস্তি সম্পৰ্কে সতৰ্ক কৰিলোঁ। যিদিনা মানুহে নিজৰ কৃতকৰ্ম দেখিবলৈ পাব আৰু কাফিৰে ক’ব, হায়! মই যদি মাটিত পৰিণত হ'লোঁহেঁতেন।